Assamese Abridged Explanation of the Quran — Nur 24:1 – Kasas 28:88
Contents
- Nur 24:1
- Nur 24:2
- Nur 24:3
- Nur 24:4
- Nur 24:5
- Nur 24:6
- Nur 24:7
- Nur 24:8
- Nur 24:9
- Nur 24:10
- Nur 24:11
- Nur 24:12
- Nur 24:13
- Nur 24:14
- Nur 24:15
- Nur 24:16
- Nur 24:17
- Nur 24:18
- Nur 24:19
- Nur 24:20
- Nur 24:21
- Nur 24:22
- Nur 24:23
- Nur 24:24
- Nur 24:25
- Nur 24:26
- Nur 24:27
- Nur 24:28
- Nur 24:29
- Nur 24:30
- Nur 24:31
- Nur 24:32
- Nur 24:33
- Nur 24:34
- Nur 24:35
- Nur 24:36
- Nur 24:37
- Nur 24:38
- Nur 24:39
- Nur 24:40
- Nur 24:41
- Nur 24:42
- Nur 24:43
- Nur 24:44
- Nur 24:45
- Nur 24:46
- Nur 24:47
- Nur 24:48
- Nur 24:49
- Nur 24:50
- Nur 24:51
- Nur 24:52
- Nur 24:53
- Nur 24:54
- Nur 24:55
- Nur 24:56
- Nur 24:57
- Nur 24:58
- Nur 24:59
- Nur 24:60
- Nur 24:61
- Nur 24:62
- Nur 24:63
- Nur 24:64
- Furkan 25:1
- Furkan 25:2
- Furkan 25:3
- Furkan 25:4
- Furkan 25:5
- Furkan 25:6
- Furkan 25:7
- Furkan 25:8
- Furkan 25:9
- Furkan 25:10
- Furkan 25:11
- Furkan 25:12
- Furkan 25:13
- Furkan 25:14
- Furkan 25:15
- Furkan 25:16
- Furkan 25:17
- Furkan 25:18
- Furkan 25:19
- Furkan 25:20
- Furkan 25:21
- Furkan 25:22
- Furkan 25:23
- Furkan 25:24
- Furkan 25:25
- Furkan 25:26
- Furkan 25:27
- Furkan 25:28
- Furkan 25:29
- Furkan 25:30
- Furkan 25:31
- Furkan 25:32
- Furkan 25:33
- Furkan 25:34
- Furkan 25:35
- Furkan 25:36
- Furkan 25:37
- Furkan 25:38
- Furkan 25:39
- Furkan 25:40
- Furkan 25:41
- Furkan 25:42
- Furkan 25:43
- Furkan 25:44
- Furkan 25:45
- Furkan 25:46
- Furkan 25:47
- Furkan 25:48
- Furkan 25:49
- Furkan 25:50
- Furkan 25:51
- Furkan 25:52
- Furkan 25:53
- Furkan 25:54
- Furkan 25:55
- Furkan 25:56
- Furkan 25:57
- Furkan 25:58
- Furkan 25:59
- Furkan 25:60
- Furkan 25:61
- Furkan 25:62
- Furkan 25:63
- Furkan 25:64
- Furkan 25:65
- Furkan 25:66
- Furkan 25:67
- Furkan 25:68
- Furkan 25:69
- Furkan 25:70
- Furkan 25:71
- Furkan 25:72
- Furkan 25:73
- Furkan 25:74
- Furkan 25:75
- Furkan 25:76
- Furkan 25:77
- Şuara 26:1
- Şuara 26:2
- Şuara 26:3
- Şuara 26:4
- Şuara 26:5
- Şuara 26:6
- Şuara 26:7
- Şuara 26:8
- Şuara 26:9
- Şuara 26:10
- Şuara 26:11
- Şuara 26:12
- Şuara 26:13
- Şuara 26:14
- Şuara 26:15
- Şuara 26:16
- Şuara 26:17
- Şuara 26:18
- Şuara 26:19
- Şuara 26:20
- Şuara 26:21
- Şuara 26:22
- Şuara 26:23
- Şuara 26:24
- Şuara 26:25
- Şuara 26:26
- Şuara 26:27
- Şuara 26:28
- Şuara 26:29
- Şuara 26:30
- Şuara 26:31
- Şuara 26:32
- Şuara 26:33
- Şuara 26:34
- Şuara 26:35
- Şuara 26:36
- Şuara 26:37
- Şuara 26:38
- Şuara 26:39
- Şuara 26:40
- Şuara 26:41
- Şuara 26:42
- Şuara 26:43
- Şuara 26:44
- Şuara 26:45
- Şuara 26:46
- Şuara 26:47
- Şuara 26:48
- Şuara 26:49
- Şuara 26:50
- Şuara 26:51
- Şuara 26:52
- Şuara 26:53
- Şuara 26:54
- Şuara 26:55
- Şuara 26:56
- Şuara 26:57
- Şuara 26:58
- Şuara 26:59
- Şuara 26:60
- Şuara 26:61
- Şuara 26:62
- Şuara 26:63
- Şuara 26:64
- Şuara 26:65
- Şuara 26:66
- Şuara 26:67
- Şuara 26:68
- Şuara 26:69
- Şuara 26:70
- Şuara 26:71
- Şuara 26:72
- Şuara 26:73
- Şuara 26:74
- Şuara 26:75
- Şuara 26:76
- Şuara 26:77
- Şuara 26:78
- Şuara 26:79
- Şuara 26:80
- Şuara 26:81
- Şuara 26:82
- Şuara 26:83
- Şuara 26:84
- Şuara 26:85
- Şuara 26:86
- Şuara 26:87
- Şuara 26:88
- Şuara 26:89
- Şuara 26:90
- Şuara 26:91
- Şuara 26:92
- Şuara 26:93
- Şuara 26:94
- Şuara 26:95
- Şuara 26:96
- Şuara 26:97
- Şuara 26:98
- Şuara 26:99
- Şuara 26:100
- Şuara 26:101
- Şuara 26:102
- Şuara 26:103
- Şuara 26:104
- Şuara 26:105
- Şuara 26:106
- Şuara 26:107
- Şuara 26:108
- Şuara 26:109
- Şuara 26:110
- Şuara 26:111
- Şuara 26:112
- Şuara 26:113
- Şuara 26:114
- Şuara 26:115
- Şuara 26:116
- Şuara 26:117
- Şuara 26:118
- Şuara 26:119
- Şuara 26:120
- Şuara 26:121
- Şuara 26:122
- Şuara 26:123
- Şuara 26:124
- Şuara 26:125
- Şuara 26:126
- Şuara 26:127
- Şuara 26:128
- Şuara 26:129
- Şuara 26:130
- Şuara 26:131
- Şuara 26:132
- Şuara 26:133
- Şuara 26:134
- Şuara 26:135
- Şuara 26:136
- Şuara 26:137
- Şuara 26:138
- Şuara 26:139
- Şuara 26:140
- Şuara 26:141
- Şuara 26:142
- Şuara 26:143
- Şuara 26:144
- Şuara 26:145
- Şuara 26:146
- Şuara 26:147
- Şuara 26:148
- Şuara 26:149
- Şuara 26:150
- Şuara 26:151
- Şuara 26:152
- Şuara 26:153
- Şuara 26:154
- Şuara 26:155
- Şuara 26:156
- Şuara 26:157
- Şuara 26:158
- Şuara 26:159
- Şuara 26:160
- Şuara 26:161
- Şuara 26:162
- Şuara 26:163
- Şuara 26:164
- Şuara 26:165
- Şuara 26:166
- Şuara 26:167
- Şuara 26:168
- Şuara 26:169
- Şuara 26:170
- Şuara 26:171
- Şuara 26:172
- Şuara 26:173
- Şuara 26:174
- Şuara 26:175
- Şuara 26:176
- Şuara 26:177
- Şuara 26:178
- Şuara 26:179
- Şuara 26:180
- Şuara 26:181
- Şuara 26:182
- Şuara 26:183
- Şuara 26:184
- Şuara 26:185
- Şuara 26:186
- Şuara 26:187
- Şuara 26:188
- Şuara 26:189
- Şuara 26:190
- Şuara 26:191
- Şuara 26:192
- Şuara 26:193
- Şuara 26:194
- Şuara 26:195
- Şuara 26:196
- Şuara 26:197
- Şuara 26:198
- Şuara 26:199
- Şuara 26:200
- Şuara 26:201
- Şuara 26:202
- Şuara 26:203
- Şuara 26:204
- Şuara 26:205
- Şuara 26:206
- Şuara 26:207
- Şuara 26:208
- Şuara 26:209
- Şuara 26:210
- Şuara 26:211
- Şuara 26:212
- Şuara 26:213
- Şuara 26:214
- Şuara 26:215
- Şuara 26:216
- Şuara 26:217
- Şuara 26:218
- Şuara 26:219
- Şuara 26:220
- Şuara 26:221
- Şuara 26:222
- Şuara 26:223
- Şuara 26:224
- Şuara 26:225
- Şuara 26:226
- Şuara 26:227
- Neml 27:1
- Neml 27:2
- Neml 27:3
- Neml 27:4
- Neml 27:5
- Neml 27:6
- Neml 27:7
- Neml 27:8
- Neml 27:9
- Neml 27:10
- Neml 27:11
- Neml 27:12
- Neml 27:13
- Neml 27:14
- Neml 27:15
- Neml 27:16
- Neml 27:17
- Neml 27:18
- Neml 27:19
- Neml 27:20
- Neml 27:21
- Neml 27:22
- Neml 27:23
- Neml 27:24
- Neml 27:25
- Neml 27:26
- Neml 27:27
- Neml 27:28
- Neml 27:29
- Neml 27:30
- Neml 27:31
- Neml 27:32
- Neml 27:33
- Neml 27:34
- Neml 27:35
- Neml 27:36
- Neml 27:37
- Neml 27:38
- Neml 27:39
- Neml 27:40
- Neml 27:41
- Neml 27:42
- Neml 27:43
- Neml 27:44
- Neml 27:45
- Neml 27:46
- Neml 27:47
- Neml 27:48
- Neml 27:49
- Neml 27:50
- Neml 27:51
- Neml 27:52
- Neml 27:53
- Neml 27:54
- Neml 27:55
- Neml 27:56
- Neml 27:57
- Neml 27:58
- Neml 27:59
- Neml 27:60
- Neml 27:61
- Neml 27:62
- Neml 27:63
- Neml 27:64
- Neml 27:65
- Neml 27:66
- Neml 27:67
- Neml 27:68
- Neml 27:69
- Neml 27:70
- Neml 27:71
- Neml 27:72
- Neml 27:73
- Neml 27:74
- Neml 27:75
- Neml 27:76
- Neml 27:77
- Neml 27:78
- Neml 27:79
- Neml 27:80
- Neml 27:81
- Neml 27:82
- Neml 27:83
- Neml 27:84
- Neml 27:85
- Neml 27:86
- Neml 27:87
- Neml 27:88
- Neml 27:89
- Neml 27:90
- Neml 27:91
- Neml 27:92
- Neml 27:93
- Kasas 28:1
- Kasas 28:2
- Kasas 28:3
- Kasas 28:4
- Kasas 28:5
- Kasas 28:6
- Kasas 28:7
- Kasas 28:8
- Kasas 28:9
- Kasas 28:10
- Kasas 28:11
- Kasas 28:12
- Kasas 28:13
- Kasas 28:14
- Kasas 28:15
- Kasas 28:16
- Kasas 28:17
- Kasas 28:18
- Kasas 28:19
- Kasas 28:20
- Kasas 28:21
- Kasas 28:22
- Kasas 28:23
- Kasas 28:24
- Kasas 28:25
- Kasas 28:26
- Kasas 28:27
- Kasas 28:28
- Kasas 28:29
- Kasas 28:30
- Kasas 28:31
- Kasas 28:32
- Kasas 28:33
- Kasas 28:34
- Kasas 28:35
- Kasas 28:36
- Kasas 28:37
- Kasas 28:38
- Kasas 28:39
- Kasas 28:40
- Kasas 28:41
- Kasas 28:42
- Kasas 28:43
- Kasas 28:44
- Kasas 28:45
- Kasas 28:46
- Kasas 28:47
- Kasas 28:48
- Kasas 28:49
- Kasas 28:50
- Kasas 28:51
- Kasas 28:52
- Kasas 28:53
- Kasas 28:54
- Kasas 28:55
- Kasas 28:56
- Kasas 28:57
- Kasas 28:58
- Kasas 28:59
- Kasas 28:60
- Kasas 28:61
- Kasas 28:62
- Kasas 28:63
- Kasas 28:64
- Kasas 28:65
- Kasas 28:66
- Kasas 28:67
- Kasas 28:68
- Kasas 28:69
- Kasas 28:70
- Kasas 28:71
- Kasas 28:72
- Kasas 28:73
- Kasas 28:74
- Kasas 28:75
- Kasas 28:76
- Kasas 28:77
- Kasas 28:78
- Kasas 28:79
- Kasas 28:80
- Kasas 28:81
- Kasas 28:82
- Kasas 28:83
- Kasas 28:84
- Kasas 28:85
- Kasas 28:86
- Kasas 28:87
- Kasas 28:88
Nur 24:1
এইটো এটা ছুৰা যিটোক আমি অৱতীৰ্ণ কৰিছোঁ, আৰু ইয়াৰ আদেশৰ প্ৰতি আমল কৰিবলৈ অনিবাৰ্য কৰিছোঁ। লগতে ইয়াত স্পষ্ট আয়াত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু সেইমতে আমল কৰা।
Nur 24:2
অবিবাহিত ব্যাভিচাৰী আৰু ব্যাভিচাৰিণী উভয়কে এশ এশ বেত্ৰাঘাত কৰা। সঁচাকৈ যদি তোমালোকে আল্লাহৰ প্ৰতি আৰু অন্তিম দিৱসৰ প্ৰতি ঈমান পোষণ কৰিছা তেন্তে সিহঁতৰ প্ৰতি অকণো সহানুভূতি নেদেখুৱাবা আৰু দয়া নকৰিবা, কাৰণ এনে কৰিলে হয়তো তোমালোকে সিহঁতক শাস্তি দিয়াৰ পৰা বিৰত থাকিবা অথবা শাস্তি লাঘৱ কৰিবা। শাস্তি বিহাৰ সময়ত মুমিনসকলৰ এটা দল তাত উপস্থিত থকা উচিত, যাতে শাস্তিৰ খবৰ বেছিকৈ প্ৰচাৰ হয় আৰু তেওঁলোক আৰু অন্যান্য লোকসকলেও যাতে এনেকুৱা অশ্লীলতাৰ পৰা দূৰৈত থাকে।
Nur 24:3
ব্যাভিচাৰৰ জঘণ্যতা স্পষ্ট কৰিবলৈ আল্লাহে উল্লেখ কৰিছে যে, যি ব্যক্তিয়ে ব্যাভিচাৰক অভ্যাসত পৰিণত কৰিছে, সি নিজৰ দৰেই কোনো ব্যাভিচাৰিণী নাৰীক অথবা কোনো মুশ্বৰিকা নাৰীক বিবাহ কৰিব, যিয়ে ব্যাভিচাৰৰ পৰা নিজকে বচাই নাৰাখে। যদিও মুশ্বৰিকা নাৰীক বিবাহ কৰা বৈধ নহয়। আনহাতে যি নাৰীয়ে ব্যাভিচাৰক নিজৰ অভ্যাসত পৰিণত কৰিছে, তাই নিজৰ দৰেই ব্যাভিচাৰী পুৰুষক নাইবা মুশ্বৰিক পুৰুষক বিবাহ কৰিব, যিয়ে ব্যাভিচাৰৰ পৰা নিজকে বচাই নাৰাখে। যদিও মুশ্বৰিক পুৰুষক বিবাহ কৰা হাৰাম। লগতে ব্যাভিচাৰিণী নাৰীক বিবাহ কৰা আৰু ব্যাভিচাৰী পুৰুষক বিবাহ কৰোৱা দুয়োটাই মুমিনসকলৰ বাবে হাৰাম।
Nur 24:4
যিসকলে পৱিত্ৰ নাৰীসকলৰ প্ৰতি (পৱিত্ৰ পুৰুষসকলো ইয়াৰ অন্তৰ্ভুক্ত) ব্যাভিচাৰৰ আৰোপ লগায়, আৰু এই দাবীৰ সপক্ষে চাৰিজন সাক্ষী উপস্থিত কৰিব নোৱাৰে, হে প্ৰশাসনৰ লোকসকল! তেনেকুৱা ব্যক্তিক আশীটা বেত্ৰাঘাতেৰে দণ্ডিত কৰা, লগতে এনেকুৱা ব্যক্তিৰ সাক্ষ্যদান আজীবন স্বীকাৰ নকৰিবা। পৱিত্ৰ নাৰীসকলৰ প্ৰতি মিছা আৰোপ কৰা এই লোকসকল আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত।
Nur 24:5
কিন্তু যিসকলে এনেকুৱা মিথ্যাৰোপ কৰাৰ পিছত তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে, তেন্তে সেইসকল লোকৰ তাওবা আল্লাহে কবূল কৰিব আৰু তেওঁলোকৰ সাক্ষ্যও গ্ৰহণযোগ্য হ'ব। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি দয়ালু।
Nur 24:6
যদি কোনো পুৰুষে নিজৰ স্ত্ৰীৰ প্ৰতি ব্যাভিচাৰৰ আৰোপ লগায় আৰু সেই আৰোপক সত্য প্ৰমাণিত কৰিবলৈ নিজৰ বাহিৰে আন কোনো সাক্ষী নাথাকে, তেন্তে পুৰুষজনে নিজেই চাৰিবাৰ আল্লাহৰ শপত খাই সাক্ষ্য দিব যে, তেওঁ নিজৰ পত্নীৰ প্ৰতি ব্যাভিচাৰৰ যি আৰোপ লগাইছে সেয়া সত্য।
Nur 24:7
ইয়াৰ পিছত পঞ্চমবাৰ তেওঁ নিজৰ প্ৰতি বদ্দুআ কৰি ক'ব যে, যদি মই মোৰ স্ত্ৰীৰ প্ৰতি মিছা আৰোপ কৰিছোঁ তেন্তে মই আল্লাহৰ অভিসম্পাতৰ উপযুক্ত।
Nur 24:8
এই শপত বাক্যৰ পিছত স্ত্ৰীজনী ব্যাভিচাৰৰ শাস্তিৰ উপযুক্ত বুলি গণ্য হ'ব। কিন্তু তাইৰ এই শাস্তি তেতিয়া উঠাই লোৱা হ'ব, যেতিয়া তাই নিজেও চাৰিবাৰ আল্লাহৰ শপত খাই ক'ব যে, তাইৰ স্বামীয়ে তাইৰ প্ৰতি যি আৰোপ লগাইছে সেইটো নিঃসন্দেহে মিছা।
Nur 24:9
আৰু পঞ্চমবাৰ নিজৰ ওপৰত বদ্দুআ কৰি ক'ব, যদি মোৰ স্বামীয়ে কৰা আৰোপ সত্য হয় তেন্তে মোৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক।
Nur 24:10
হে মানৱজাতি! যদি তোমালোকৰ ওপৰত আল্লাহৰ কৃপা আৰু দয়া নহ’লহেঁতেন আৰু তেওঁ যদি তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল নহ’লহেঁতেন, লগতে পৰিচালনা আৰু চৰীয়ত প্ৰণয়নত যদি প্ৰজ্ঞাৱান নহ’লহেঁতেন তেন্তে তোমালোকৰ গুনাহৰ বাবে তোমালোকক শাস্তি প্ৰদানত খৰখেদা কৰিলেহেঁতেন, আৰু তোমালোকে অপমানৰ সন্মুখীন হ’লাহেঁতেন।
Nur 24:11
নিশ্চয় যিসকল লোকে এই অপবাদ ৰচনা কৰিছে (অৰ্থাৎ উম্মুল মুমিনীন আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ ওপৰত ব্যাভিচাৰৰ আৰোপ লগাইছে), সিহঁত দৰাচলতে হে মুমিনসকল তোমালোকৰ মাজৰেই এটা দল। সিহঁতে যিটো মিছা অপবাদ ৰচনা কৰিছে, সেইটোক তোমালোকে নিজৰ বাবে অকল্যাণ বুলি নাভাৱিবা। বৰং সেইটো তোমালোকৰ বাবে একপ্ৰকাৰ কল্যাণকৰ। কাৰণ তাত মুমিনসকলৰ বাবে ছোৱাব আছে আৰু তেওঁলোকৰ সত্যতা নিৰূপণ কৰা হৈছে, লগতে উম্মুল মুমিনীন আইশ্বা ৰাদ্বিয়াল্লাহু আনহাক এনেকুৱা ধৰণৰ নিকৃষ্ট কামৰ পৰা পৱিত্ৰ ঘোষণা কৰা হৈছে। এই অশ্লীল অপবাদ বিয়পোৱাত যিয়েই অংশ লৈছে, সি সেই অনুপাতেই গুনাহ অৰ্জন কৰিব। আনহাতে যিয়ে এই ষড়যন্ত্ৰ ৰচনা কৰি জুই জ্বলোৱাত আগভাগ লৈছে, তাৰ বাবে আছে মহাশাস্তি। ইয়াৰ দ্বাৰা মুনাফিকসকলৰ প্ৰমুখ নেতা আব্দুল্লাহ বিন উবাই বিন ছলুলক বুজোৱা হৈছে।
Nur 24:12
যেতিয়া মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলে এই মহা অপবাদটো শুনা পাইছিল, তেতিয়া তেওঁলোকে নিজৰ মুমিন ভাইসকলৰ প্ৰতি এনেকুৱা মিছা অপবাদ শুনি তেওঁলোকে কিয় বিশ্বাস পোষণ নকৰিলে যে, ইয়াৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই, তথা এইটো এটা স্পষ্ট মিছা অপবাদ?
Nur 24:13
উম্মুল মুমিনীন আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ প্ৰতি মিছা অপবাদ জাপি দিয়া লোকসকলে সিহঁতৰ এই মহা অপবাদৰ সপক্ষে চাৰিজন সাক্ষী কিয় উপস্থিত নকৰিলে, যিসকলে সিহঁতৰ সপক্ষে সাক্ষ্য প্ৰদান কৰিলেহেঁতেন। যদি সিহঁতে চাৰিজন সাক্ষী উপস্থিত কৰিব নোৱাৰে (সিহঁতে কদাপিও নোৱাৰিব) তেন্তে আল্লাহৰ আদেশ মুতাবিক সিহঁত হৈছে মিছলীয়া।
Nur 24:14
হে মুমিনসকল! তোমালোকৰ প্ৰতি আল্লাহৰ যদি অনুগ্ৰহ আৰু কৃপা নাথাকিলহেঁতেন, তেন্তে এই মিছা ষড়যন্ত্ৰ আৰু আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ প্ৰতি কৰা মিছা আৰোপৰ ফলত তোমালোক মহাশাস্তিত পতিত হ’লাহেঁতেন। (তোমালোকৰ প্ৰতি তেওঁৰ দয়া আৰু অনুগ্ৰহ আছে কাৰণেই) তেওঁ তোমালোকক শাস্তি প্ৰদানত খৰধৰ কৰা নাই, আৰু তোমালোকৰ মাজৰ তাওবাকাৰীসকলৰ তাওবা কবূল কৰিছে।
Nur 24:15
যেতিয়া তোমালোকে এই অপবাদটোক ইজনে সিজনৰ ওচৰত বৰ্ণনা কৰিছিলা, সঠিক তথ্য নোহোৱাকৈ নিজ মুখেৰে আনলৈ প্ৰচাৰ কৰিছিলা, তোমালোকে বিষয়টোক খুবেই সহজ বুলি ভাৱিছিলা, কিন্তু আল্লাহৰ ওচৰত বিষয়টো আছিল বৰ ডাঙৰ। কাৰণ ঘটনাটো পৰিপূৰ্ণৰূপে মিছা তথা নিৰ্দোষী ব্যক্তিক অপৰাধী সজোৱাৰ কুঃচক্ৰান্ত।
Nur 24:16
যেতিয়া তোমালোকে এই অপবাদটোৰ বিষয়ে শুনিছিলা, তেতিয়া তোমালোকে এই কথাষাৰ কিয় নক’লা যে, এনেকুৱা নিকৃষ্ট কথা আমাৰ মুখেৰে উচ্চাৰণ কৰাটো কেতিয়াও ঠিক নহয়। হে আমাৰ প্ৰতিপালক! আমি তোমাৰ পৱিত্ৰতা ঘোষণা কৰোঁ। মুমিনসকলৰ মাতৃৰ প্ৰতি আৰোপ কৰা বিষয়টো এটা মহা মিছা অপবাদ।
Nur 24:17
আল্লাহে তোমালোকক উপদেশ দিয়ে আৰু নিৰ্দেশ দিয়ে যে, এনেকুৱা অপবাদ প্ৰচাৰ ভৱিষ্যতে কেতিয়াও নকৰিবা, আৰু কোনো পৱিত্ৰ ব্যক্তিৰ প্ৰতি কেতিয়াও ব্যাভিচাৰৰ অপবাদ আৰোপ নকৰিবা, যদিহে তোমালোকে আল্লাহৰ প্ৰতি সঁচাই ঈমান পোষণ কৰিছা।
Nur 24:18
আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰে, যিবোৰৰ মাজত আছে তেওঁৰ বিধি-বিধান আৰু উপদেশ। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব। তেওঁ পৰিচালনা আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
Nur 24:19
নিশ্চয় যিসকলে মুমিনসকলৰ মাজত অশ্লীলতা প্ৰচাৰ হোৱাটো ভালপায়, (ব্যাভিচাৰৰ অপবাদ দিয়াটোও ইয়াৰ অন্তৰ্ভুক্ত) সিহঁতৰ বাবে পৃথিৱীত আছে কষ্টদায়ক শাস্তি। অৰ্থাৎ পৃথিৱীত সিহঁতক অপবাদ লগোৱাৰ অপৰাধত শাস্তি বিহা হ'ব। আৰু আখিৰাতত সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি। সিহঁতৰ মিছা কথা সম্পৰ্কে আল্লাহ সম্যক অৱগত। তথা বান্দাসকলৰ শেষ পৰিণতি সম্পৰ্কেও তেওঁ অৱগত। বান্দাৰ হিত সম্পৰ্কে তেৱেঁই ভালদৰে জানে। তোমালোকে একোৱেই নাজানা।
Nur 24:20
হে মিছা অপবাদ প্ৰচাৰত লিপ্ত লোকসকল! তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ আৰু তেওঁৰ দয়া যদি নাথাকিলহেঁতেন, আনহাতে আল্লাহ যদি পৰম কৰুণাময় আৰু পৰম দয়ালু নহ’লহেঁতেন তেন্তে তোমালোকক অতি সোনকালে শাস্তি বিহিলেহেঁতেন।
Nur 24:21
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! বাতিলক শোভনীয় কৰিবলৈ চয়তানৰ পথ অৱলম্বন নকৰিবা। যিয়ে চয়তানৰ পথ অৱলম্বন কৰে, চয়তানে তাক বেয়া কথা আৰু বেয়া কৰ্মৰ আদেশ দিয়ে, যিবোৰ কথা আৰু কৰ্ম চৰীয়তত নিষিদ্ধ। হে মুমিনসকল! যদি তোমালোকৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ নাথাকিলহেঁতেন তেন্তে তোমালোক কেতিয়াও তাওবা কৰি পৱিত্ৰ হ'ব নোৱাৰিলাহেঁতেন। কিন্তু আল্লাহে যাক ইচ্ছা কৰে তাৰ তাওবা কবূল কৰি তাক পৱিত্ৰ কৰে। নিশ্চয় আল্লাহ তোমালোকৰ সকলো কথা শ্ৰৱণকাৰী আৰু তোমালোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নাথাকে। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
Nur 24:22
দ্বীনৰ ক্ষেত্ৰত মৰ্যাদাৱান আৰু আৰ্থিক দিশত মজবুত লোকসকলে, কোনো অপৰাধৰ পৰিপ্ৰেক্ষিতত নিজৰ আত্মীয়-স্বজনক যিসকলে আল্লাহৰ পথত হিজৰত কৰিছে তথা যিসকলক দানৰ প্ৰয়োজন, এনেকুৱা লোকসকলক একো নিদিয়াৰ শপত খোৱা উচিত নহয়। বৰং এনেকুৱা আত্মীয়-স্বজনক ক্ষমা কৰি দিয়া উচিত তথা তেওঁলোকৰ প্ৰতি সদয় হোৱা উচিত। তোমালোকে নিবিচৰা নেকি যে, আল্লাহে তোমালোকক তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিয়ক, যদি তোমালোকে সিহঁতক ক্ষমা কৰি দিয়া আৰু সিহঁতক মাফ কৰি দিয়া। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰি দিয়ে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে। গতিকে বান্দাসকলেও তেওঁক আদৰ্শ হিচাপে লৈ ক্ষমা কৰি দিয়া উচিত। এই আয়াতটো আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৰ সন্দৰ্ভত অৱতীৰ্ণ হৈছে। আইশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ প্ৰতি অপবাদ নিক্ষেপত মিছতাহ ৰাদ্বিয়াল্লাহু আনহু জৰিত থকাৰ কাৰণে আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁৰ খৰচ বহন নকৰাৰ শপত খাইছিল।
Nur 24:23
নিশ্চয় যিসকল লোকে সচ্চৰিত্ৰা, অশ্লীলতাৰ পৰা বহু দূৰত অৱস্থান কৰা সহজ-সৰল নিৰ্মলচিত্ত মুমিনা নাৰীৰ প্ৰতি মিছা অভিযোগ উত্থাপন কৰে, সিহঁতক পৃথিৱী আৰু আখিৰাতত আল্লাহৰ ৰহমতৰ পৰা আঁতৰ কৰি দিয়া হৈছে। তথা সিহঁতৰ বাবে আখিৰাতত আছে মহাশাস্তি।
Nur 24:24
এই শাস্তি কিয়ামতৰ দিনা সিহঁতক দিয়া হ'ব, যিদিনা সিহঁতৰ জিভাই সিহঁতৰ বাতিল মন্তব্যৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব, তথা সিহঁতৰ হাত আৰু ভৰি সিহঁতৰ সেইসমূহ কৰ্মৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব যিবোৰ সিহঁতে কৰিছিল।
Nur 24:25
সেইদিনা আল্লাহে সিহঁতক ন্যায়পূৰ্বক প্ৰতিদান দিব, আৰু সিহঁতে ভালদৰে জানি ল'ব যে, আল্লাহেই সত্য। এতেকে তেওঁ যি খবৰেই দিয়ে অথবা প্ৰতিশ্ৰুতি নাইবা সতৰ্ক কৰে, সেই সকলো সত্য তথা স্পষ্ট। তাত কোনো ধৰণৰ সন্দেহ নাই।
Nur 24:26
প্ৰত্যেক অপৱিত্ৰ পুৰুষ আৰু অপৱিত্ৰ নাৰী, তথা অপৱিত্ৰ কথা আৰু কৰ্ম, সেই ব্যক্তিৰ বাবে অনুকূল, যিয়ে নিজেই অপৱিত্ৰ। তথা এইবোৰৰ মাজৰ সকলো পৱিত্ৰ বস্তু, সেই ব্যক্তিৰ বাবে অনুকূল, যিয়ে নিজেই পৱিত্ৰ। এইসকল পৱিত্ৰ পুৰুষ আৰু পৱিত্ৰা নাৰী সেইসমূহ বিষয়ৰ পৰা দোষমুক্ত, যিবোৰ বিষয় অপৱিত্ৰ নাৰী-পুৰুষসকলে প্ৰচাৰ কৰে। আল্লাহৰ ফালৰ পৰা তেওঁলোকৰ বাবে আছে মাগফিৰাত, আল্লাহে তেওঁলোকৰ গুনাহসমূহ ক্ষমা কৰি দিব। তথা তেওঁলোকৰ বাবে আছে সন্মানিত জীৱিকা অৰ্থাৎ জান্নাত।
Nur 24:27
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰী লোকসকল! তোমালোকে নিজৰ ঘৰৰ বাহিৰে আনৰ ঘৰত তেওঁলোকৰ অনুমতি নোলোৱালৈকে আৰু তেওঁলোকক ছালাম নকৰালৈকে তেওঁলোকৰ ঘৰত প্ৰৱেশ নকৰিবা। ছালাম আৰু অনুমতি লোৱাৰ সময়ত এনেকৈ ক'বাঃ "আচ্ছালামু আলাইকুম, মই ঘৰত প্ৰৱেশ কৰিব পাৰিমনে"?, হঠাৎ প্ৰৱেশ কৰাতকৈ অনুমতিলৈ প্ৰৱেশ কৰাটো তোমালোকৰ বাবে উত্তম, যিটো তোমালোকক আদেশ দিয়া হৈছে। আশা কৰিব পাৰি তোমালোকে এই নিৰ্দেশ মনত ৰাখিবা আৰু সেইমতে আমল কৰিবা।
Nur 24:28
যদি ঘৰত কোনো ব্যক্তি নাথাকে তেন্তে ঘৰৰ মালিকে অনুমতি নিদিয়ালৈকে সেই ঘৰত প্ৰৱেশ নকৰিবা। আৰু যদি ঘৰৰ মালিকে উভতি যাবলৈ কয় তেন্তে উভতি যাবা প্ৰৱেশ নকৰিবা। আল্লাহৰ ওচৰত এইটোৱে তোমালোকৰ বাবে অধিক পৱিত্ৰ। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ, তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
Nur 24:29
সাৰ্বজনিক ঘৰত বিনা অনুমতিত প্ৰৱেশ কৰাত তোমালোকৰ কোনো গুনাহ নহয়, এনেকুৱা ঘৰ যিটো কাৰো বাবে বিশেষ নহয়। যেনেঃ পুথিভঁৰাল, ব্যৱসায়িক প্ৰতিষ্ঠান আদি। তোমালোকে যিবোৰ কৰ্ম আৰু পৰিস্থিতি গোপন কৰা তথা প্ৰকাশ কৰা, সেইবোৰৰ বিষয়ে আল্লাহে ভালদৰেই অৱগত। একোৱেই তেওঁৰ পৰা গোপন নহয়, তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
Nur 24:30
হে ৰাছুল! আপুনি মুমিনসকলক জনাই দিয়ক, তেওঁলোকে যেন পৰ নাৰীক দেখাৰ পৰা আৰু পৰ্দাকৃত বস্তু চোৱাৰ পৰা নিজৰ দৃষ্টিক সংযত ৰাখে, লগতে তেওঁলোকে যেন হাৰাম কৰ্মৰ পৰা বিৰত থাকি নিজৰ লজ্জাস্থানক হিফাজত কৰে, তথা মানুহৰ আগত যাতে নিজৰ লজ্জাস্থান উন্মুক্ত নকৰে। লজ্জাস্থানৰ হিফাজত কৰা আৰু আল্লাহে হাৰাম কৰা বস্তু নেদেখাটোৱে হৈছে আল্লাহৰ ওচৰত তেওঁলোকৰ বাবে অধিক পৱিত্ৰ। নিশ্চয় আল্লাহ তেওঁলোকৰ সকলো কৰ্ম সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়, তেৱেঁই তেওঁলোকক ইয়াৰ প্ৰতিদান দিব।
Nur 24:31
মুমিনা নাৰীসকলক কৈ দিয়ক, তেওঁলোকে যেন সেইবোৰ বস্তুৰ পৰা নিজৰ দৃষ্টি সংযত ৰাখে, যিবোৰৰ প্ৰতি দৃষ্টিপাত কৰা হাৰাম। লগতে তেওঁলোকে নিজৰ লজ্জাস্থান হিফাজত কৰা উচিত আৰু ব্যভিচাৰৰ পৰা দূৰত্ব অৱলম্বন কৰি নিজৰ লজ্জাস্থান পৰ্দাত ৰখা উচিত। তথা নিজৰ সৌন্দৰ্য বেলেগৰ সন্মুখত প্ৰকাশ কৰা অনুচিত, কিন্তু যিবোৰ সাধাৰণতে প্ৰকাশ পায়, নাইবা যিবোৰক গোপন ৰখা অসম্ভৱ যেনে পোছাক-পৰিচ্ছদ আদি (সেইবোৰৰ বিষয়টো সুকীয়া)। তেওঁলোকে মূৰত ওৰণি ব্যৱহাৰ কৰা উচিত, যাতে মূৰৰ চুলি, মুখমণ্ডল আৰু ঘাৰ আৰু বক্ষস্থল ঢাকি থাকে। নিজৰ গোপন সৌন্দৰ্য আনৰ ওচৰত প্ৰকাশ কৰা উচিত নহয়, স্বামী, পিতা, শশুৰ, নিজৰ পুত্ৰ, স্বামীৰ পুত্ৰ, ভাতৃ, ভাতৃৰ পুত্ৰ, বাই-ভনীৰ পুত্ৰ, লগতে লগৰীয়া বিশ্বাসী তিৰোতাসকলৰ বাহিৰে, মুছলিমেই হওক অথবা কাফিৰ। তথা সেইবোৰ দাস-দাসীৰ বাহিৰে যিবোৰৰ স্বয়ং তেওঁলোক মালিক। নাইবা যৌন কামনাবোধ নকৰা অধীনস্থ পুৰুষসকলৰ বাহিৰে, লগতে নাৰীসকলৰ গোপন অংগ সম্পৰ্কে অজ্ঞ শিশুসকলৰ বাহিৰে। তথা তেওঁলোকে যেন নিজৰ গোপন সৌন্দৰ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে মাটিত সজোৰে খোজ নাকাঢ়ে। হে মুমিনসকল! তোমালোক আটায়ে দৃষ্টি আদিৰ গুনাহৰ পৰা আল্লাহৰ ওচৰত তাওবা কৰা। যাতে তোমালোকে উদ্দেশ্যত সফল হ’ব পাৰা, আৰু ভয়-ভীতিৰ পৰা ৰক্ষা পোৱা।
Nur 24:32
হে মুমিনসকল! নিজৰ দায়িত্ববোধেৰে সেইসকল লোকক বিবাহ কৰোৱা যিসকলৰ স্ত্ৰী নাই। আৰু সেইসকল স্বাধীন নাৰীকো বিবাহ দিয়া যিসকলৰ স্বামী নাই। তথা তোমালোকৰ অধীনস্থ মুমিন দাস-দাসীসকলকো বিবাহ কৰোৱাই দিয়া। যদি তেওঁলোক দৰিদ্ৰ, তেন্তে নিশ্চয় আল্লাহে তেওঁৰ বিশাল অনুগ্ৰহেৰে তেওঁলোকৰ প্ৰয়োজন পূৰণ কৰিব। নিশ্চয় আল্লাহ প্ৰশস্ত জীৱিকা প্ৰদানকাৰী। কাৰোবাক ধন প্ৰদান কৰিলেও তেওঁৰ জীৱিকা ভাণ্ডাৰত কোনো ক্ষতি নহয়। তেওঁ বান্দাসকলৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ।
Nur 24:33
দৰিদ্ৰ হোৱাৰ কাৰণে যিসকলৰ বিবাহ কৰাৰ সামৰ্থ নাই, তেওঁলোকে ব্যভিচাৰৰ পৰা নিজকে পৱিত্ৰ ৰখা উচিত, যেতিয়ালৈকে আল্লাহে তেওঁলোকক তেওঁৰ বিশাল অনুগ্ৰহৰে সম্পদ প্ৰদান নকৰে। যিসকল দাসে নিজৰ মালিকৰ পৰা ধনৰ বিনিময়ত স্বাধীনতা বিচাৰে, যদি তেওঁলোকে সেইসকল দাসৰ মাজত বিনিময় আদায় কৰাৰ সামৰ্থ দেখা পায় আৰু ধৰ্মৰ ক্ষেত্ৰত যদি সঠিক জ্ঞান থাকে তেন্তে তেওঁলোকে এই আবেদন স্বীকাৰ কৰা উচিত। তেওঁলোকৰ প্ৰতি এইটোও জৰুৰী যে, আল্লাহে তেওঁলোকক যি সম্পদ দান কৰিছে, তাৰ পৰা সিহঁতকো অলপ প্ৰদান কৰা উচিত। তথা লিখাৰ সময়ত যিটো বিনিময়ৰ ধন নিৰ্ধাৰিত হৈছিল, তাৰে কিছু অংশ মাফ কৰি দিয়া উচিত। ধনৰ লোভত পৰি নিজৰ দাসীসকলক ব্যভিচাৰত লিপ্ত কৰিবলৈ বাধ্য নকৰিবা, তথা ইয়াৰ জৰিয়তে উপাৰ্জিত ধন ভক্ষণ নকৰিবা। যিদৰে আব্দুল্লাহ বিন উবায়ে (সি আছিল এজন মুনাফিক) তাৰ দুই দাসীক ব্যভিচাৰ কৰিবলৈ বাধ্য কৰিছিল, অথচ দাসী দুজনীয়ে ব্যভিচাৰৰ পৰা আঁতৰত থাকি নিজকে পৱিত্ৰ ৰাখিব বিচাৰিছিল। আনহাতে যি ব্যক্তিয়ে নিজৰ দাসীসকলক এনেকুৱা কাম কৰিবলৈ বাধ্য কৰাব তেন্তে আল্লাহে নিশ্চয় সেইসকল দাসীৰ গুনাহসমূহ ক্ষমা কৰি দিব তথা তেওঁলোকৰ প্ৰতি দয়া কৰিব। কিয়নো সিহঁতক বাধ্য কৰোৱা হৈছে। গতিকে যিয়ে বাধ্য কৰাইছে সি হ'ব প্ৰকৃত গুনাহগাৰ।
Nur 24:34
হে মানৱজাতি! আমি তোমালোকৰ প্ৰতি স্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছোঁ। যিবোৰে সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য কৰে। আমি তোমালোকৰ বাবে তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা মুমিন আৰু কাফিৰসকলৰ উদাহৰণো দাঙি ধৰিছোঁ। তথা তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ উপদেশ; উপদেশ সেই ব্যক্তিয়েই গ্ৰহণ কৰে যিয়ে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে।
Nur 24:35
আল্লাহ হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ নূৰ, তথা উভয়ৰ মাজত থকা সকলোৰে পথপ্ৰদৰ্শক। মুমিনৰ অন্তৰত আল্লাহৰ নূৰৰ উপমা হৈছে এনেকুৱা, যেনিবা দেৱালত ওলমি থকা এটি দিপাধাৰ, যাৰ মাজত আছে এটা প্ৰদীপ। প্ৰদীপটো এটা কাঁচৰ আৱৰণৰ মাজত স্থাপিত, যেনিবা উজ্জ্বল নক্ষত্ৰ। যিটো প্ৰদীপ প্ৰজ্বলিত হয় বৰকতময় গছৰ তেলৰ দ্বাৰা, অৰ্থাৎ যাইতুন গছৰ তেলৰ দ্বাৰা। সেই গছজোপা সূৰ্যৰ তাপৰ পৰা কেতিয়াও বঞ্চিত নহয়, পুৱাৰ ভাগতো নহয় আবেলিও নহয়। সেই তেল ইমান পৰিস্কাৰ যে, জুই নোহোৱাকৈ যেনিবা পোহৰ বিয়পায়। তেন্তে ভাৱি চোৱা! জুই স্পৰ্শ কৰিলে কি অৱস্থা হ’ব। এফালে প্ৰদীপৰ নূৰ, আনফালে কাঁচৰ পোহৰ। এইটোৱেই হৈছে মুমিনৰ অন্তৰৰ পৰিৱেশ, যেতিয়া তাত হিদায়তৰ নূৰ প্ৰৱেশ কৰে। আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে কোৰআন-হাদীছ অনুসৰণ কৰাৰ তাওফীক প্ৰদান কৰে। আল্লাহে উদাহৰণৰ জৰিয়তে বিষয়বোৰ স্পষ্ট কৰে। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ, একোৱেই তেওঁৰ পৰা গোপন নহয়।
Nur 24:36
এই প্ৰদীপটো মছজিদত প্ৰজ্জ্বলিত কৰা হয়, যাৰ ভিত্তি আৰু মৰ্যাদা সমন্নুত কৰাৰ নিৰ্দেশ আল্লাহে প্ৰদান কৰিছে। সেই মছজিদসমূহত আজান, জিকৰ আৰু চালাতৰ জৰিয়তে তেওঁক স্মৰণ কৰা হয়। লগতে তেওঁৰ সন্তুষ্টি অৰ্জন কৰিবলৈ পুৱা-গধূলি চালাত আদায় কৰা হয়।
Nur 24:37
তেওঁলোক হৈছে এনেকুৱা লোক, যিসকলক ব্যৱসায়-বাণিজ্যই কেতিয়াও আল্লাহৰ স্মৰণৰ পৰা আৰু সম্পূৰ্ণৰূপে চালাত আদায়ৰ পৰা, লগতে উপযুক্ত শিতানত যাকাত আদায়ৰ পৰা অমনোযোগী নকৰে। তেওঁলোকে কিয়ামত দিৱসক ভয় কৰে। সেইদিনা মানুহৰ অন্তৰ মুক্তি লাভৰ আশাত আৰু শাস্তিৰ ভয়ত কম্পমান থাকিব। লগতে সিহঁতে ইপিনে সিপিনে চাই থাকিব যে, ক’লৈ যাব আজি।
Nur 24:38
তেওঁলোকে এইবোৰ কৰ্ম এইকাৰণে কৰিছে, যাতে আল্লাহে তেওঁলোকক ইয়াৰ উত্তম প্ৰতিদান দিয়ে, লগতে তেওঁ যাতে নিজ অনুগ্ৰহত আৰু অধিক বৃদ্ধি কৰি দিয়ে। আল্লাহে যাক ইচ্ছা কৰে তাৰ কৰ্ম অনুসাৰে প্ৰচুৰ জীৱিকা প্ৰদান কৰে। আনকি তাৰ কৰ্মতকৈও কেইগুণ অধিক প্ৰদান কৰে।
Nur 24:39
যিসকলে আল্লাহক অস্বীকাৰ কৰিছে, সিহঁতৰ সৎকৰ্মৰ কোনো প্ৰতিদান নাই। বৰং সেই সৎকৰ্মৰ উদাহৰণ হৈছে বালিৰ প্ৰান্তত থকা মৰীচিকাৰ দৰে, যিটোক পানী বুলি ভাৱি তৃষ্ণাতুৰ ব্যক্তিয়ে হেঁপাহত আগুৱাই যায়। অৱশেষত যেতিয়া তাৰ ওচৰ পায়গৈ, তেতিয়া তাত কোনো পানী নাপায়। ঠিক সেইটোৱেই হৈছে কাফিৰসকলৰ অৱস্থা। সিহঁতে ভাৱে সিহঁতৰ সৎকৰ্ম সিহঁতৰ বাবে লাভদায়ক হ'ব, কিন্তু যেতিয়া মৃত্যুবৰণ কৰিব আৰু তাৰ পিছত পুনৰুত্থিত হ'ব, তেতিয়া সিহঁতে সেই সৎকৰ্মৰ কোনো প্ৰতিফল নাপাব। কিন্তু সন্মুখীন হ'ব তেওঁৰ প্ৰতিপালকৰ, যিয়ে পৰিপূৰ্ণৰূপে সিহঁতৰ কৰ্মৰ হিচাপ গ্ৰহণ কৰিব। নিশ্চয় তেওঁ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
Nur 24:40
অথবা সিহঁতৰ সৎকৰ্মৰ উদাহৰণ হৈছে গভীৰ সাগৰত থকা অন্ধকাৰৰ দৰে। যাৰ ওপৰি ভাগত আছে প্ৰচণ্ড ঢৌৰ ওপৰত ঢৌ, আৰু আকাশত আছে মেঘপুঞ্জ, যি মেঘে আকাশত থকা তৰাবোৰকো ঢাকি পেলাইছে। গতিকে অন্ধকাৰৰ ওপৰত অন্ধকাৰে বিৰাজ কৰিছে। এনেকুৱা অন্ধকাৰত থকা ব্যক্তিয়ে যদি নিজৰ হাতখনকো উলিয়ায়, তথাপিও সি ঘন অন্ধকাৰৰ ফলত সেই হাতখন দেখা নাপাব। এইটোৱেই হৈছে কাফিৰৰ অৱস্থা। সিহঁতক অজ্ঞতা, সন্দেহ, দোমোজা আৰু হৃদয়ত মাৰি দিয়া মোহৰ আদিৰ অন্ধকাৰৰ ওপৰত অন্ধকাৰে আৱৰি আছে। যাক আল্লাহে পথভ্ৰষ্টতাৰ পৰা উলিয়াই সঠিক পথৰ হিদায়ত প্ৰদান নকৰিব তথা তেওঁৰ গ্ৰন্থৰ সঠিক জ্ঞান দান নকৰিব, সি কেতিয়াও সঠিক পথত পৰিচালিত হ'ব নোৱাৰে আৰু পোহৰ বিচাৰি কোনো কিতাপৰো সন্ধান নাপাব।
Nur 24:41
হে ৰাছুল! আপুনি গ'ম পোৱা নাইনে, আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱে আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰে। আৰু চৰাই-চিৰিকটিয়েও শূন্যত পাখি মেলি তেওঁৰ গুণগান কৰে। যিবোৰ সৃষ্টিয়ে চালাত আদায় কৰে, আল্লাহ তেওঁলোকৰ চালাত সম্পৰ্কে অৱগত, যেনেঃ মানুহে চালাত আদায় কৰে। আৰু যিবোৰে তেওঁৰ গুণগান কৰে যেনেঃ চৰাই-চিৰিকটি, সেই সম্পৰ্কেও তেওঁ অৱগত। সিহঁতে যি যি কৰে, সেই সকলো বিষয় সম্পৰ্কে আল্লাহ সৰ্বজ্ঞ। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
Nur 24:42
আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰ হাতত। আৰু কিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে প্ৰত্যাৱৰ্তন কৰিব লাগিব।
Nur 24:43
হে ৰাছুল! আপুনি লক্ষ্য কৰা নাইনে যে, আল্লাহে মেঘপুঞ্জক সঞ্চালিত কৰে। আৰু ইয়াৰ বিভিন্ন খণ্ডক ইটোৰ লগত সিটোক মিলাই দিয়ে। তথা সেইবোৰক খাপে-খাপে ৰাখি পঞ্জীভূত কৰে। ফলত আপুনি মেঘৰ ভিতৰৰ পৰা বৰষুণৰ টোপাল ওলাই অহা দেখিবলৈ পায়। আৰু তেৱেঁই পৰ্বত সদৃশ ঘন মেঘমালাৰ পৰা শিলাবৃষ্টি বৰ্ষণ কৰে, তেওঁ নিজ বান্দাসকলৰ মাজৰ পৰা নিজ ইচ্ছানুসাৰে কিছুমানৰ ওপৰত বৰ্ষণ কৰে আৰু তেওঁ যাক ইচ্ছা কৰে সেই শিলাবৃষ্টিৰ পৰা আঁতৰাই ৰাখে। মেঘৰ চমকনি ইমান প্ৰচণ্ড যে, দৃষ্টিশক্তি কাঢ়ি লোৱাৰ উপক্ৰম হয়।
Nur 24:44
আল্লাহেই দিন ৰাতিৰ আৱৰ্তন ঘটায় আৰু ইয়াক সৰু-ডাঙৰ কৰে। নিশ্চয় আল্লাহৰ প্ৰভূত্ব প্ৰমাণ কৰা এই নিদৰ্শনবোৰৰ মাজত সেইসকল লোকৰ বাবে আছে শিক্ষা তথা পাঠ, যিসকলে আল্লাহৰ ক্ষমতা আৰু তেওঁৰ একত্ব সম্পৰ্কে জ্ঞান ৰাখে।
Nur 24:45
পৃথিৱীত চলাচল কৰা প্ৰত্যেক জীৱকে আল্লাহে বীৰ্যৰ পৰা সৃষ্টি কৰিছে। সেইবোৰৰ কিছুমানে পেটত ভৰ দি চুঁচৰি চলাচল কৰে, যেনেঃ সাপ। আৰু কিছুমানে দুই ভৰিৰে খোজকাঢ়ে, যেনেঃ মানুহ আৰু হাঁহ, কুকুৰা, চৰাই-চিৰিকটি। আৰু কিছুমানে চলাচল কৰে চাৰি ঠেঙেৰে, যেনেঃ চতুষ্পদ জন্তু। আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে, যিটো বৰ্ণনা হৈছে সেইটোও আৰু যিটো বৰ্ণনা হোৱা নাই সেইটোও। নিশ্চয় আল্লাহ সকলো ক্ষেত্ৰতে সকলো বিষয়তে ক্ষমতাৱান। তেওঁক একোৱেই পৰাজিত কৰিব নোৱাৰে।
Nur 24:46
নিশ্চয় আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি স্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছোঁ, যিবোৰে সত্যৰ পথ দেখুৱায়। আল্লাহে যাক ইচ্ছা কৰে সঠিক পথত পৰিচালিত কৰে, যি পথত কোনো ধৰণৰ বক্ৰতা নাই। সেই পথে জান্নাতলৈ লৈ যায়।
Nur 24:47
মুনাফিকসকলে কয়ঃ আমি আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছোঁ, তথা আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্যশীল হৈ গৈছোঁ। ইয়াৰ পিছত সিহঁতৰ মাজৰ এটা দল বিমুখ হৈ যায়। এতেকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান ৰখাৰ আৰু তেওঁলোকৰ আনুগত্য কৰা বুলি দাবী কৰাৰ পিছতো সিহঁতে জিহাদ ফি ছাবিলিল্লাহৰ আদেশ পালন নকৰে। আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্যৰ পৰা বিমুখ হোৱা এই লোকসকল কেতিয়াও মুমিন হ'ব নোৱাৰে, যদিও সিহঁতে নিজকে মুমিন বুলি দাবী কৰে।
Nur 24:48
যেতিয়া এই মুনাফিকসকলক আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি আহ্বান কৰা হয়, যাতে ৰাছুলে সিহঁতৰ বিবাদৰ মীমাংসা কৰি দিয়ে, তেতিয়া সিহঁতে নিফাকৰ কাৰণে ৰাছুলৰ মীমাংসাৰ পৰা আঁতৰি থাকে।
Nur 24:49
কিন্তু যদি সিহঁতে গম পায় যে, মীমাংসা সিহঁতৰ পক্ষত থাকিব আৰু ৰাছুলে সিহঁতৰ সপক্ষত ফয়চালা দিব, তেতিয়া সিহঁতে বিনীত হৈ শিৰ নত কৰি আগুৱাই আহে।
Nur 24:50
সিহঁতৰ অন্তৰত ব্যাধি আছে নেকি, যিটো অৱসান হোৱাৰ নামেই নলয়। নে সিহঁতে আপোনাক ৰাছুল হোৱাত সন্দেহ পোষণ কৰে? অথবা সিহঁতে ভয় কৰে নেকি যে, আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতৰ বিৰুদ্ধে ফয়চালা দিব বা সিহঁতৰ লগত অন্যায় কৰিব? এইবোৰৰ এটাও সত্য নহয়। বৰং আল্লাহৰ আদেশ নমনাৰ কাৰণে বা অৱহেলা কৰাৰ কাৰণে সিহঁতৰ অন্তৰত ব্যাধিৰ সৃষ্টি হৈছে।
Nur 24:51
মুমিনসকলক যদি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালে মীমাংসাৰ বাবে আহ্বান কৰা হয়, তেতিয়া তেওঁলোকৰ মুখৰ পৰা এই কথা ওলোৱা উচিত যে, আমি তেওঁৰ কথা শুনিলোঁ আৰু তেওঁৰ আদেশ পালন কৰিলোঁ। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই প্ৰকৃততে পৃথিৱী আৰু আখিৰাতত সাফল্যমণ্ডিত।
Nur 24:52
যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন কৰিব তথা তেওঁলোকৰ মীমাংসা মানি ল'ব, লগতে গুনাহৰ পৰিণামক ভয় কৰিব, আৰু আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ শাস্তিক ভয় কৰিব, প্ৰকৃততে সেইসকল লোকেই হৈছে পৃথিৱী আৰু আখিৰাতত কল্যাণ লাভকাৰী সফল লোক।
Nur 24:53
মুনাফিকসকলে দৃঢ়ভাৱে আল্লাহৰ শপত খায় যে, যদি আপুনি সিহঁতক জিহাদৰ বাবে ওলাবলৈ আহ্বান কৰে তেন্তে সিহঁত অৱশ্যে ওলাব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকে শপত নাখাবা, কাৰণ তোমালোকৰ মিছা কথা সম্পৰ্কে ভালদৰেই জানো, আনহাতে তোমালোকৰ তথাকথিত আনুগত্যৰ অৱস্থাও ভালদৰেই জ্ঞাত। তোমালোকে যি যি কৰি আছা, সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়, যিমানেই সৰু নহওক কিয়।
Nur 24:54
হে ৰাছুল! আপুনি এই মুনাফিকসকলক কৈ দিয়ক, তোমালোকে বাহ্যিক আভ্যন্তৰীণ সৰ্বতোপ্ৰকাৰে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্যৰ পৰা বিমুখ হোৱা, যিটো পালন কৰিবলৈ তোমালোকক আদেশ দিয়া হৈছে, তেন্তে জানি থোৱা! ৰাছুলৰ কৰ্তব্য হৈছে কেৱল ধৰ্ম প্ৰচাৰ কৰা, যিটো দায়িত্ব তেওঁক অৰ্পন কৰা হৈছে। আনহাতে তোমালোকৰ দায়িত্ব হৈছে আনুগত্য কৰা, আৰু ৰাছুলে লৈ অহা চৰীয়ত মুতাবিক জীৱন-যাপন কৰা। যদি তোমালোকে তেওঁৰ আনুগত্য কৰি তেওঁৰ আদেশ পালন কৰা, আৰু তেওঁ নিষেধ কৰা বিষয়ৰ পৰা বিৰত থাকা, তেন্তে অৱশ্যে তোমালোকে সত্যৰ পথ লাভ কৰিবা। ৰাছুলৰ দায়িত্ব হৈছে কেৱল স্পষ্টভাৱে দ্বীন প্ৰচাৰ কৰা। এতেকে তেওঁৰ কৰ্তব্য হৈছে তোমালোকক সঠিক পথ দেখুৱাই দিয়া, তোমালোকক সেই পথত চলিবলৈ বাধ্য কৰোৱাটো তেওঁৰ দায়িত্ব নহয়।
Nur 24:55
তোমালোকৰ মাজৰ যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক আল্লাহে প্ৰতিশ্ৰুতি দিছে যে, তেওঁলোকক আল্লাহে শত্ৰুৰ বিৰুদ্ধে সহায় কৰিব, তথা তেওঁলোকক পৃথিৱীত প্ৰতিনিধি বনাব, যিদৰে তেওঁলোকৰ পূৰ্বে মুমিনসকলৰ মাজৰ কিছুমানক প্ৰতিনিধি বনাইছিল। লগতে এই প্ৰতিশ্ৰুতিও দিছে যে, তেওঁলোকৰ বাবে মনোনীত আৰু পছন্দনীয় ধৰ্ম ইছলামক পৃথিৱীত শক্তিশালী কৰিব। তথা তেওঁলোকক এই কথাও দিছে যে, তেওঁলোকক ভয়-ভীতিৰ পিছত শান্তি আৰু নিৰাপত্তা প্ৰদান কৰিব। কিন্তু তেওঁলোকে কেৱলমাত্ৰ মোৰেই ইবাদত কৰিব লাগিব আৰু মোৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰিব নোৱাৰিব। যিয়ে এইবোৰ নিয়ামতৰ পিছতো অকৃতজ্ঞ হ'ব, প্ৰকৃততে সেইসকল লোকেই হৈছে আল্লাহৰ আনুগত্যৰ উলংঘাকাৰী।
Nur 24:56
পৰিপূৰ্ণভাৱে চালাত আদায় কৰা, নিজৰ সম্পত্তিৰ যাকাত প্ৰদান কৰা। লগতে ৰাছুলৰ আদেশ পালন কৰি আৰু তেওঁ নিষেধ কৰা বিষয়ৰ পৰা বিৰত থাকি, তেওঁৰ আনুগত্য কৰা। যাতে তোমালোকে আল্লাহৰ ৰহমত লাভ কৰিব পাৰা।
Nur 24:57
হে ৰাছুল! যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে, আপুনি এইটো নাভাৱিব যে, সিহঁতে মোৰ শাস্তিৰ পৰা পলায়ন কৰিব পাৰিব, যেতিয়া আমি সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিম। কিয়ামতৰ দিনা সিহঁতৰ ঠিকনা হ'ব জাহান্নাম। সেইসকল লোকৰ ঠিকনা কিমান যে নিকৃষ্ট, যিসকলে জাহান্নামত অৱস্থান কৰিব।
Nur 24:58
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকৰ দাস-দাসী আৰু তোমালোকৰ ল’ৰা-ছোৱালী যিবোৰ অপ্ৰাপ্তবয়স্ক, সিহঁতে তিনিটা সময়ত তোমালোকৰ কোঠাত প্ৰৱেশ কৰাৰ পূৰ্বে তোমালোকৰ পৰা অনুমতি লোৱা বাঞ্চনীয়। ফজৰৰ সময়ৰ পূৰ্বে, যেতিয়া ৰাতিৰ পোছাক সলাই দিনৰ পোছাক পৰিধান কৰা হয়। আৰু দুপুৰীয়াৰ সময়ত, যেতিয়া তোমালোকে কাপোৰ খুলি কিছু সময় বিশ্ৰাম কৰা। লগতে ঈশ্বাৰ চালাতৰ পিছত, যেতিয়া তোমালোকে দিনৰ কাপোৰ সলাই ৰাতিৰ কাপোৰ পৰিধান কৰা। এই তিনিটা সময় হৈছে তোমালোকৰ বাবে পৰ্দা কৰাৰ সময়। এই তিনিটা সময়ত সিহঁতে তোমালোকৰ অনুমতি নোলোৱাকৈ প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু ইয়াৰ বাহিৰে বেলেগ সময়ত সিহঁতে অনুমতি নোলোৱাকৈ আহিব পাৰে, ইয়াৰ ফলত তোমালোকৰো গুনাহ নহ'ব আৰু সিহঁতৰো গুনাহ নহ'ব। কাৰণ তোমালোকে ইজনে সিজনৰ ওচৰত সদায় অহা-যোৱা কৰা, সেয়ে সিহঁতৰ অহা-যোৱাটো স্বাভাৱিক। গতিকে সদায় অনুমতি লৈ প্ৰৱেশ কৰাটো এটা কঠিন কাম। যিদৰে আল্লাহে তোমালোকৰ বাবে অনুমতি লোৱাৰ নিয়ম-নীতি স্পষ্টভাৱে বৰ্ণনা কৰিছে, ঠিক সেইদৰে আল্লাহে তোমালোকৰ বাবে সেইসমূহ আয়াতকো স্পষ্টভাৱে বৰ্ণনা কৰিছে যিবোৰত তেওঁৰ অন্যান্য আদেশ-নিষেধসমূহ বৰ্ণিত হৈছে। আল্লাহে তেওঁৰ বান্দাসকলৰ কল্যাণ সম্পৰ্কে ভালকৈ অৱগত। তেওঁলোকৰ বাবে বিধান জাৰি কৰাৰ ক্ষেত্ৰত তেওঁ মহাপ্ৰজ্ঞাৱান।
Nur 24:59
যেতিয়া তোমালোকৰ শিশুসকল প্ৰাপ্তবয়স্কত উপনীত হ'ব, তেতিয়া তেওঁলোকে সকলো সময়তে ঘৰত প্ৰৱেশ কৰিবলৈ অনুমতি লোৱা উচিত। যেনেকৈ ইতিপূৰ্বে ডাঙৰসকলৰ বিষয়ে ঘৰত প্ৰৱেশ কৰাৰ নিয়ম-নীতি বৰ্ণনা কৰা হৈছে। যিদৰে আল্লাহে তোমালোকৰ বাবে অনুমতি লোৱাৰ বিধান স্পষ্ট কৰিছে, ঠিক সেইদৰে তেওঁ তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্টৰূপে বৰ্ণনা কৰিছে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ হিত সম্পৰ্কে সম্যক অৱগত। তেওঁ বান্দাসকলৰ বাবে চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
Nur 24:60
বৃদ্ধবয়সৰ কাৰণে যিসকল মহিলাৰ মাহেকীয়া নহয় আৰু গৰ্ভৱতীও নহয়, আনকি তেওঁলোকৰ বিবাহৰো কোনো আশা নাই, তেনেকুৱা মহিলাই যদি কিছু কাপোৰ খুলি ৰাখে, যেনেঃ চাদৰ আৰু ওৰণি আদি তেন্তে তেওঁলোকৰ কোনো গুনাহ নহ’ব। কিন্তু চৰ্ত হ’ল যিবোৰ সৌন্দৰ্য গোপন ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে সেইবোৰ যাতে প্ৰকাশ নাপায়। কিন্তু সেইবোৰ কাপোৰ খুলি নৰখাই তেওঁলোকৰ বাবে অধিক উত্তম, যাতে পৰ্দা আৰু পাক-পৱিত্ৰতাৰ প্ৰতি অধিক মনোযোগ থাকে। নিশ্চয় আল্লাহ তোমালোকৰ সকলো কথা শ্ৰৱণকাৰী আৰু তোমালোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
Nur 24:61
অন্ধৰ বাবে গুনাহ নহয়, যিয়ে দৃষ্টিশক্তি হেৰাই পেলাইছে। খোৰাৰ বাবেও কোনো গুনাহ নহয় আৰু ৰুগীয়া ব্যক্তিৰ বাবেও কোনো গুনাহ নহয়, যদি তেওঁলোকে চৰীয়তৰ এনেকুৱা কোনো কাম এৰি দিয়ে, যিটো কৰা তেওঁলোকৰ পক্ষে সম্ভৱ নহয়। যেনেঃ আল্লাহৰ পথত জিহাদ কৰা। হে মুমিনসকল! তোমালোকৰ নিজৰ ঘৰত আহাৰ কৰাত তোমালোকৰ কোনো গুনাহ নহয়, আৰু তোমালোকৰ পুত্ৰৰ ঘৰত খালেও গুনাহ নহয়, আনকি তোমালোকৰ পিতৃৰ ঘৰত, মাকৰ ঘৰত, ভাতৃৰ ঘৰত, ভগ্নীৰ ঘৰত, খুৰাৰ ঘৰত, মাহীৰ ঘৰত, পেহী-জেঠাইসকলৰ ঘৰত, মোমাইসকলৰ ঘৰত, মাহীসকলৰ ঘৰত, অথবা সেইবোৰ ঘৰৰ পৰা যিবোৰ ঘৰৰ চাবি তোমালোকৰ হাতত থাকে, যেনেঃ বাগানৰ চকীদাৰ। আনকি তোমালোকৰ বন্ধুবৰ্গৰ ঘৰৰ পৰা খোৱাতো কোনো গুনাহ নহয়, কিয়নো ইয়াৰ দ্বাৰা আন্তৰিক সুখ লাভ হয়। তোমালোকে একেলগে মিলি খোৱা অথবা অকলশৰীয়াকৈ খোৱা তাত তোমালোকৰ কোনো গুনাহ নহয়। যেতিয়া তোমালোকে উক্ত ঘৰসমূহত অথবা ইয়াৰ বাহিৰে আন কোনো ঘৰত প্ৰৱেশ কৰিবা, তেতিয়া তোমালোকে এইদৰে ছালাম কৰিবাঃ “আচ্ছালামু আলাইকুম”। যদি ঘৰত কোনোৱে নাথাকে তেন্তে নিজকেই ছালাম কৰি এইদৰে ক'বাঃ “আচ্ছালামু আলাইনা ওৱা আলা ইবাদিল্লা-হিচ্ছালিহীন”। এইটো আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰিত ছালাম। যিটো প্ৰচাৰ কৰিবলৈ তোমালোকক আদেশ দিয়া হৈছে। এইটো বৰকতময় ছালাম। কিয়নো ইয়াৰ দ্বাৰা তোমালোকৰ মাজত মুহাব্বত বৃদ্ধি পায়। লগতে এইটো এটা পৱিত্ৰ বাক্য, যিটো শুনাৰ ফলত শ্ৰৱণকাৰীয়ে আন্তৰিক তৃপ্তি লাভ কৰে। এই ছুৰাত উল্লিখিত বৰ্ণনাৰ দৰেই আল্লাহে তেওঁৰ আয়াতসমূহক স্পষ্টৰূপে বৰ্ণনা কৰে, যাতে তোমালোকে বুজি পোৱা আৰু সেইমতে আমল কৰা।
Nur 24:62
প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছে। তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে যেতিয়া কোনো গুৰুত্বপূৰ্ণ কামত অংশ লয়, যি কামত মুছলিমসকলৰ কল্যাণ নিহিত আছে, তেতিয়া তেওঁলোকে অনুমতি নোলোৱালৈকে কেতিয়াও উভতি নাহে। হে ৰাছুল! যিসকল লোকে ওভোতাৰ সময়ত আপোনাৰ পৰা অনুমতি বিচাৰে, তেওঁলোকেই হৈছে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি প্ৰকৃত ঈমান পোষণকাৰী। এতেকে তেওঁলোকে যদি কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে অনুমতি বিচাৰে, তেন্তে তেওঁলোকৰ মাজৰ যাক ইচ্ছা আপুনি অনুমতি দিব পাৰে। তেওঁলোকৰ বাবে তেওঁলোকৰ গুনাহৰ মাগফিৰাত কামনা কৰক। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল তথা তেওঁলোকৰ প্ৰতি দয়ালু।
Nur 24:63
হে মুমিনসকল! আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক সন্মান কৰা। তেওঁক যদি মাতিবলগীয়া হয়, তেতিয়া তেওঁক নাম ধৰি নামাতিবা, যেনেঃ হে মুহাম্মদ। অথবা তেওঁৰ পিতৃৰ নাম ধৰিও নামাতিবা যিদৰে তোমালোকে ইজনে সিজনক মাতা, উদাহৰণস্বৰূপেঃ হে আব্দুল্লাহৰ তনয়। বৰং তোমালোকে এনেকৈ মাতিবাঃ “হে আল্লাহৰ ৰাছুল”, নাইবা “হে আল্লাহৰ নবী”। তেওঁ যদি তোমালোকক কোনো সাধাৰণ কামৰ বাবেও মাতে, তথাপিও তোমালোকে সেই আহ্বানক তোমালোকৰ নিজৰ মাজৰ অনৰ্থক আহ্বানৰ দৰে নাভাৱিবা। বৰং সেই আহ্বানত শীঘ্ৰেই সঁহাৰি দিবা। জানি থোৱা! তোমালোকৰ মাজৰ যিসকলে অনুমতি নোলোৱাকৈ গোপনে পলায়ন কৰে, আল্লাহে সেইসকল লোকক ভালদৰেই জানে। এতেকে যিসকল লোকে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশ অমান্য কৰে সিহঁতে ভয় কৰা উচিত, কাৰণ সিহঁত কোনো বিপদ-আপদত গ্ৰেপ্তাৰ হ'ব পাৰে অথবা কষ্টদায়ক শাস্তিয়ে সিহঁতক স্পৰ্শ কৰিব পাৰে। যিটোক সিহঁতে সহ্য কৰিব নোৱাৰিব।
Nur 24:64
জানি থোৱা! আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰৰ সৃষ্টিকৰ্তা, মালিক আৰু সঞ্চালনকৰ্তা একমাত্ৰ আল্লাহ তাআলা। হে মানৱজাতি! তোমালোকে যি অৱস্থাতেই নাথাকা কিয়, সেই অৱস্থা সম্পৰ্কে তেওঁ অৱগত। তোমালোকৰ কোনো অৱস্থাই তেওঁৰ পৰা গোপন নহয়। কিয়ামতৰ দিনা যেতিয়া সিহঁত পুনৰ্জীৱিত হৈ উঠিব, তেতিয়া সিহঁতক আল্লাহে সেই সকলো কৰ্ম সম্পৰ্কে অৱগত কৰিব যিবোৰ সিহঁতে পৃথিৱীত কৰিছে। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। আকাশমণ্ডল আৰু পৃথিৱীৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।
Furkan 25:1
আল্লাহ মহামহীম, অসংখ্য অগণন কল্যাণৰ অধিকাৰী, যিজনে তেওঁৰ বান্দা আৰু ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য কৰিব পৰা এখন গ্ৰন্থ অৱতীৰ্ণ কৰিছে, যাতে তেওঁ জ্বিন আৰু মানৱৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰিত হয় আৰু সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱায়।
Furkan 25:2
আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব কেৱল তেওঁৰেই হাতত। তেওঁ কোনো সন্তান গ্ৰহণ কৰা নাই। লগতে তেওঁৰ ৰাজত্বতো কোনো অংশীদাৰ নাই। তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে। তেৱেঁই নিজৰ জ্ঞান আৰু হিকমতৰ দ্বাৰা সেইবোৰক ইমান পৰিপাটিকৈ সঠিক পৰিমাপত সৃষ্টি কৰিছে, যিটো পৰিমাণ সিহঁতৰ বাবে উপযুক্ত।
Furkan 25:3
মুশ্বৰিকসকলে আল্লাহক এৰি এনেকুৱা কিছুমানক নিজৰ উপাস্য কৰি লৈছে, যিবোৰে সৰু বৰ একোৱেই সৃষ্টি কৰিব নোৱাৰে। বৰং সিহঁত নিজেই আনৰ দ্বাৰা সৃষ্ট। আল্লাহেই সেইবোৰক অস্তিত্ব প্ৰদান কৰিছে। সেইবোৰে নিজকে কোনো ক্ষতিৰ পৰাও ৰক্ষা কৰিব নোৱাৰে আৰু নিজৰ কোনো উপকাৰো কৰিব নোৱাৰে। কোনো জীৱিত ব্যক্তিক মৃত্যু প্ৰদান কৰিব নোৱাৰে আৰু কোনো মৃত ব্যক্তিক জীৱিত কৰিবও নোৱাৰে। আনকি মৃত ব্যক্তিসকলক সিহঁতৰ কবৰৰ পৰা পুনৰুত্থিত কৰিবলৈও সক্ষম নহয়।
Furkan 25:4
আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰকাৰীসকলে কয়ঃ “এই কোৰআনখন হৈছে মিছা, যিখনক মুহাম্মদে নিজে ৰচনা কৰি মিছাতে আল্লাহৰ লগত সম্পৃক্ত কৰিছে। ইয়াক ৰচনা কৰোঁতে আন আন লোকসকলেও সহায় কৰিছে।” নিশ্চয় এই কাফিৰসকলেই অসত্য মন্তব্য কৰিছে। কাৰণ কোৰআন হৈছে আল্লাহৰ বাণী। মানৱ আৰু জ্বিনৰ কোনোৱেই এনেকুৱা বাণী আনিবলৈ সক্ষম নহয়।
Furkan 25:5
কোৰআনক অস্বীকাৰকাৰী লোকসকলে আৰু কয়ঃ কোৰআন হৈছে পূৰ্বৱৰ্তী লোকসকলৰ কাহিনীমূলক পুথি, আৰু তাত লিখা সকলো তথ্যই ভিত্তিহীন। মুহাম্মদে সেইবোৰ কাৰোবাৰ পৰা লিখোৱাই লৈছে, সেইবোৰকে তেওঁৰ ওচৰত পুৱা-গধূলি পাঠ কৰা হয়।
Furkan 25:6
হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰীসকলক কৈ দিয়ক, কোৰআন আল্লাহে অৱতীৰ্ণ কৰিছে, যিজন আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বিষয় সম্পৰ্কে অৱগত। কোৰআন কেতিয়াও মানৱ ৰচিত হ'ব নোৱাৰে, যিদৰে তোমালোকে ধাৰণা কৰা। ইয়াৰ পিছত তেওঁ সিহঁতক তাওবাৰ প্ৰতি উৎসাহিত কৰি কৈছেঃ নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল তথা তেওঁলোকৰ প্ৰতি কৃপাশীল।
Furkan 25:7
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰকাৰী মুশ্বৰিকসকলে কয়ঃ এইজন কেনেকুৱা ৰাছুল, যিজনে নিজকে আল্লাহৰ ৰাছুল বুলিও দাবী কৰে, পক্ষান্তৰে মানুহৰ দৰে আহাৰো কৰে আৰু জীৱিকা সন্ধানৰ বাবে বজাৰতো চলাফুৰা কৰে? আল্লাহে তেওঁৰ সৈতে কোনো ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নাই, যিজন সদায় তেওঁৰ লগত থাকিলহেঁতেন আৰু তেওঁক সমৰ্থন কৰিলেহেঁতেন তথা তেওঁক সহায় কৰিলেহেঁতেন?
Furkan 25:8
অথবা আকাশৰ পৰা তেওঁৰ ওচৰত কোনো ধন-ভাণ্ডাৰ অৱতীৰ্ণ কৰা নহ'ল কিয়, নাইবা তেওঁৰ ওচৰত এখন বাগান থাকিব লাগিছিল, যাৰ ফল-মূল তেওঁ ভক্ষণ কৰিলেহেঁতেন। ফলত তেওঁ বজাৰত চলাফুৰাৰ পৰা আৰু জীৱিকাৰ সন্ধানৰ পৰা ৰক্ষা পালেহেঁতেন। সেই যালিমসকলে এই কথাও কৈছিল যে, হে মুমিনসকল! তোমালোকে কোনো ৰাছুলৰ অনুসৰণ কৰা নাই, বৰং এনেকুৱা এজন ব্যক্তিৰ অনুসৰণ কৰি আছা, যাদুৰ প্ৰভাৱত যিয়ে বিবেকহীন হৈ পৰিছে।
Furkan 25:9
হে ৰাছুল! সিহঁতৰ এই আশ্চৰ্যজনক ব্যৱহাৰটো চাওক, কিদৰে সিহঁতে আপোনাৰ প্ৰতি মিছা আৰু ভিত্তিহীন আৰোপ লগাই আছে। সিহঁতে কেতিয়াবা আপোনাক যাদুকৰ বুলি কয়, আকৌ কেতিয়াবা যাদুগ্ৰস্ত ব্যক্তি বুলি কয়। আনহাতে কেতিয়াবা উন্মাদ বুলিও কয়। এইকাৰণেই সিহঁতে সত্যৰ পৰা পথভ্ৰষ্ট হৈছে। গতিকে এতিয়া সিহঁতৰ পক্ষে সত্যৰ পথ বিচাৰি পোৱা সম্ভৱ নহয়। আনকি আপোনাৰ সত্যবাদিতা আৰু আমনদাৰিতাৰ ওপৰত আঘাত কৰাৰো কোনো পথ বিচাৰি নাপাব।
Furkan 25:10
আল্লাহ মহা বৰকতময়, তেওঁ যদি ইচ্ছা কৰে আপোনাক ইয়াতকৈও উত্তম বস্তু প্ৰদান কৰিব পাৰে, আপোনাৰ বাবে সিহঁতে যিবোৰ প্ৰস্তাৱ কৰিছে। তেওঁ পৃথিৱীতেই আপোনাৰ বাবে এনেকুৱা বাগান বনাই দিব পাৰে, যাৰ মাজত থকা অট্টালিকা আৰু গছ-গছনিৰ তলেদেশত প্ৰবাহিত থাকিব নিজৰা, আৰু সেই বাগানৰ ফল-মূল আপুনি ভক্ষণ কৰিব পাৰিব। আপোনাৰ বাবে এনেকুৱা অট্টালিকাও নিৰ্মাণ কৰি দিব পাৰে, য’ত আপুনি সুখ-সুবিধাৰ সৈতে জীৱন-যাপন কৰিব পাৰে।
Furkan 25:11
সিহঁতে এইবোৰ প্ৰস্তাৱ সত্যৰ সন্ধানত তথা সত্য গ্ৰহণ কৰাৰ উদ্দেশ্যে আগবঢ়োৱা নাই। দৰাচলতে সিহঁতে কিয়ামতক অস্বীকাৰ কৰিছে। জানি থোৱা, যিয়ে কিয়ামতক অস্বীকাৰ কৰিব, আমি তাৰ বাবে প্ৰস্তুত কৰি ৰাখিছোঁ মহা অগ্নিকুণ্ড।
Furkan 25:12
জাহান্নামে যেতিয়া কাফিৰসকলক প্ৰত্যক্ষ কৰিব, সিহঁতক জাহান্নামৰ পিনে বহু দূৰৰ পৰা খেদি লৈ অহা হ'ব, তেতিয়া কাফিৰসকলে ইয়াৰ প্ৰচণ্ড হুংকাৰ শুনিবলৈ পাব, তথা ক্ৰুদ্ধ তৰ্জন-গৰ্জনৰ ভয়াৱহ ধ্বনি শুনিবলৈ পাব।
Furkan 25:13
যেতিয়া এই কাফিৰসকলক শিকলিৰে সিহঁতৰ হাত ডিঙিত মেৰিয়াই জাহান্নামৰ সংকীৰ্ণ স্থানত নিক্ষেপ কৰা হ'ব, তেতিয়া সিহঁতে তাৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে ধ্বংস কামনা কৰিব।
Furkan 25:14
হে কাফিৰসকল! আজি তোমালোকে এটা ধ্বংসক নামাতিবা, বৰং অসংখ্য ধ্বংসক আহ্বান কৰা। কিন্তু তথাপিও তোমালোকৰ আবেদন গৃহীত নহ'ব, বৰং তোমালোকে এই কষ্টদায়ক শাস্তিত চিৰকাল অৱস্থান কৰিবা।
Furkan 25:15
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, উক্ত শাস্তি তোমালোকৰ বাবে উত্তম, নে সেই জান্নাত উত্তম, যিখনৰ নিয়ামতসমূহ সদায় উপলব্ধ থাকিব, কেতিয়াও শেষ নহ'ব? এইখনেই সেই জান্নাত, যিখনক আল্লাহে তেওঁৰ মুমিন বান্দাসকলৰ মাজৰ মুত্তাক্বী বান্দাসকলক প্ৰতিদানস্বৰূপে প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে, আৰু কিয়ামতৰ দিনা এইখনেই হ'ব তেওঁলোকৰ প্ৰত্যাৱৰ্তনস্থল।
Furkan 25:16
এই জান্নাতত তেওঁলোকৰ বাবে সেই সকলো নিয়ামত উপলব্ধ থাকিব, যিবোৰ তেওঁলোকে বিচাৰিব। এইটো আল্লাহৰ প্ৰতি এনেকুৱা এটা বচন, যিটো মুত্তাক্বী বান্দাসকলে তেওঁৰ ওচৰত আবেদন কৰিব। আল্লাহৰ প্ৰতিশ্ৰুতি অৱশ্যে পূৰণ হ'ব, তেওঁ কেতিয়াও নিজৰ প্ৰতিশ্ৰুতি ভঙ্গ নকৰে।
Furkan 25:17
যিদিনা আল্লাহে এই অস্বীকাৰকাৰী মুশ্বৰিকসকলক আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰিছিল সেইবোৰক একত্ৰিত কৰিব। সেইদিনা আল্লাহে উপাস্যবোৰক ভৰ্ৎসনা কৰি ক'বঃ তোমালোকে মোৰ বান্দাসকলক তোমালোকৰ উপাসনা কৰিবলৈ আদেশ প্ৰদান কৰি পথভ্ৰষ্ট কৰিছিলা নেকি, নে সিহঁত নিজে নিজেই পথভ্ৰষ্ট হৈছে?
Furkan 25:18
তেতিয়া সেই উপাস্যবোৰে ক'বঃ হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি পৱিত্ৰ, তোমাৰ কোনো অংশীদাৰ নাই। আমাৰ দ্বাৰা এইটো কেতিয়াও সম্ভৱ নহয় যে, আমি তোমাক এৰি আনক অভিভাৱক বনাই তাৰ সংৰক্ষণত গুচি যাম। তেনেস্থলত কেনেকৈ আমি তোমাৰ বান্দাসকলক তোমাৰ ইবাদত এৰি আমাৰ ইবাদত কৰিবলৈ আহ্বান কৰিম? প্ৰকৃততে তুমি এই কাফিৰসকলক পৃথিৱীত অতিমাত্ৰা সুখ-সুবিধা তথা ভোগ-সামগ্ৰী প্ৰদান কৰিছিলা, তথা সিহঁতৰ পিতৃপুৰুষসকলকো উপভোগ কৰিবলৈ অৱকাশ দিছিলা, ফলত সিহঁতে তোমাক পাহৰি গৈছিল, লগতে তোমাৰ সৈতে আনৰো উপাসনা কৰিছিল। দৰাচলতে সিহঁতে নিজৰ কৃতকৰ্মৰ বাবেই ধ্বংস হ'বলগীয়া সম্প্ৰদায় আছিল।
Furkan 25:19
হে মুশ্বৰিকসকল! তোমালোকে আল্লাহৰ বাহিৰে যিসকলৰ উপাসনা কৰিছিলা, আজি সেইসকলেই তোমালোকৰ দাবীক মিছা প্ৰমাণিত কৰিলে, যিটো দাবী তোমালোকে কৰি আহিছিলা। গতিকে তোমালোকে নিজৰ শাস্তিকো প্ৰতিৰোধ কৰিব নোৱাৰিবা আৰু নিজক সহায়ও কৰিব নোৱাৰিবা, কাৰণ তোমালোক হৈছা অপাৰগ তথা বিৱশ। হে মুমিনসকল! তোমালোকৰ মাজৰো যিসকলে আল্লাহৰ লগত শ্বিৰ্ক কৰি অন্যায় কৰিব, আমি তাক মহাশাস্তি ভোগ কৰাম, যিদৰে আমি সেইসকল লোকক ভোগ কৰাইছো, যাৰ বৰ্ণনা ওপৰত কৰা হৈছে।
Furkan 25:20
হে ৰাছুল! আপোনাৰ পূৰ্বে আমি যিমান ৰাছুল প্ৰেৰণ কৰিছিলোঁ, সেই সকলোৱে আছিল মানৱ। তেওঁলোকেও পানাহাৰ কৰিছিল আৰু বজাৰত চলাফুৰা কৰিছিল। গতিকে এই ক্ষেত্ৰত আপুনি কোনো নতুন ৰাছুল নহয়। হে মানৱ! আমি তোমালোকৰ মাজৰ কিছুমানক ধনী আৰু কিছুমানক দুখীয়া, কিছুমানক সুস্বাস্থ্যৰ অধিকাৰী আৰু কিছুমান ৰুগীয়া কৰি ইজনক সিজনৰ বাবে পৰীক্ষাস্বৰূপ বনাই দিছোঁ। এতেকে তোমালোকে যি অৱস্থাত আছা, আল্লাহৰ ছোৱাব লাভ কৰাৰ বাবে সেই অৱস্থাত ধৈৰ্য ধাৰণ কৰিবানে? তোমালোকৰ প্ৰতিপালকে দেখি আছে, তোমালোকৰ মাজৰ কোনে ধৈৰ্য ধাৰণ কৰে আৰু কোনে নকৰে। কোনে তেওঁৰ আনুগত্য কৰে আৰু কোনে তেওঁৰ অবাধ্যতা কৰে।
Furkan 25:21
যিসকল কাফিৰে আমাৰ সাক্ষাৎ কামনা নকৰে আৰু আমাৰ শাস্তিৰ পৰাও ভয় নকৰে, সিহঁতে কয়ঃ “আল্লাহে আমাৰ ওচৰলৈ ফিৰিস্তা কিয় অৱতীৰ্ণ নকৰিলে, যিয়ে আমাক মুহাম্মদৰ সত্যতা সম্পৰ্কে জনালেহেঁতেন। অথবা আমি আমাৰ প্ৰতিপালকক প্ৰত্যক্ষভাৱে দেখা নাপাওঁ কিয়, তেৱেঁই এই বিষয়ে বিতংভাৱে আমাক জনালেহেঁতেন?” দৰাচলতে সিহঁতৰ অন্তৰত আছে বৰ অহংকাৰ, সেই অহংকাৰেই সিহঁতক ঈমানৰ পৰা বিৰত ৰাখিছে। সিহঁতে এনেকুৱা মন্তব্য কৰি কুফৰ আৰু স্বৈৰাচাৰিতাৰ সীমা চেৰাই গৈছে।
Furkan 25:22
যিদিনা কাফিৰসকলে ফিৰিস্তাসকলক দেখা পাব, অৰ্থাৎ সিহঁতৰ মৃত্যুৰ দিনা, বাৰঝাখ জীৱনত তথা পুনৰুত্থানৰ দিনা আৰু যিদিনা সিহঁতক হিচাপ-নিকাচৰ বাবে খেদি লৈ যোৱা হ’ব, আৰু যেতিয়া সিহঁতক জাহান্নামত নিক্ষেপ কৰা হ’ব। এই সকলো পৰিস্থিতিত সিহঁতৰ বাবে কোনো ধৰণৰ সুসংবাদ নাথাকিব। পক্ষান্তৰে মুমিনসকলৰ অৱস্থা ইয়াৰ বিপৰীত হ’ব। ফিৰিস্তাসকলে সেই অপৰাধীবিলাকক ক’বঃ “আল্লাহৰ ফালৰ পৰা তোমালোকে কোনো ধৰণৰ সুসংবাদ পোৱাৰ যোগ্য নহয়। বৰং তোমালোকৰ প্ৰতি সুসংবাদ হাৰাম কৰা হৈছে”।
Furkan 25:23
ইয়াৰ পিছত আমি সেই কাফিৰসকলৰ ভাল-বেয়া আমলৰ প্ৰতি অগ্ৰসৰ হ'ম, যিবোৰ সিহঁতে পৃথিৱীত কৰিছিল, সেইবোৰক আমি সিহঁতৰ কুফৰীৰ কাৰণে নাকচ কৰি এনেকুৱা ধূলিকণাত পৰিণত কৰিম, যি ধূলিকণা প্ৰত্যক্ষকাৰীয়ে খিৰিকীৰে পাৰ হৈ অহা সূৰ্যৰ কিৰণত দেখিবলৈ পায়।
Furkan 25:24
এই কাফিৰসকলৰ পাৰ্থিৱ সুখ-শান্তিৰ তুলনাত সেইদিনা জান্নাতবাসী মুমিনসকল উৎকৃষ্ট স্থান আৰু উত্তম বিশ্ৰামস্থলত থাকিব। কাৰণ সিহঁতে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু সৎকৰ্ম কৰিছিল।
Furkan 25:25
হে ৰাছুল! সেই দিৱসটোক স্মৰণ কৰক, যিদিনা শুকুলা পাতল মেঘপুঞ্জৰ দ্বাৰা আকাশত ফাট মেলিব, ফিৰিস্তাসকল অধিক সংখ্যাত পৃথিৱীলৈ একত্ৰিত হোৱাৰ ঠাইত অৱতৰণ কৰিব।
Furkan 25:26
কিয়ামতৰ দিনা ৰাজত্বৰ চূড়ান্ত কৰ্তৃত্ব হ’ব একমাত্ৰ ৰহমানৰ হাতত, সেই দিনটো হ’ব কাফিৰসকলৰ বাবে মহা কঠিন দিন। আনহাতে মুমিনসকলৰ অৱস্থা হ’ব ইয়াৰ বিপৰীত। তেওঁলোকৰ বাবে সকলো পৰিস্থিতি সহজ হ’ব।
Furkan 25:27
হে ৰাছুল! সেই দিনটো স্মৰণ কৰক, যিদিনা অত্যাচাৰীসকলে ৰাছুলৰ অনুসৰণ ত্যাগ কৰাৰ কাৰণে অনুতপ্ত হৈ নিজৰ দুয়ো হাত কামুৰি ক’বঃ “হায় আফচোচ! ৰাছুলে নিজ প্ৰতিপালকৰ তৰফৰ পৰা যি লৈ আহিছিল, সেয়া যদি মই মানি ল'লোহেঁতেন তথা মুক্তিৰ পথ যদি অৱলম্বন কৰিলোহেঁতেন”।
Furkan 25:28
লগতে শোকত ভাগি পৰি নিজকে অভিশাপ কৰি ক’বঃ “হায় মোৰ বিনাশ! যদি মই অমুকক মোৰ বন্ধু হিচাপে গ্ৰহণ নকৰিলোহেঁতেন!”
Furkan 25:29
মোৰ এই কাফিৰ বন্ধুজনে মোক কোৰআন সম্পৰ্কে বিভ্ৰান্ত কৰিছিল, অথচ ৰাছুলৰ দ্বাৰা সেইখন মোৰ ওচৰলৈ আহিছিল। নিশ্চয় চয়তানে মানুহক অধিক প্ৰৱঞ্চনা কৰে। যেতিয়াই কোনো বিপদ-আপদ আহে তেতিয়াই সম্পৰ্কচ্ছেদ কৰি পলায়ন কৰে।
Furkan 25:30
সেইদিনা ৰাছুলে তেওঁৰ সম্প্ৰদায়ৰ অৱস্থা সম্পৰ্কে অভিযোগ কৰি ক'বঃ হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ সম্প্ৰদায়ে অৰ্থাৎ যিসকলৰ প্ৰতি তুমি মোক প্ৰেৰণ কৰিছিলা, সিহঁতে এই কোৰআনক পৰিত্যাগ কৰিছিল আৰু ইয়াৰ পৰা বিমুখ হৈছিল।
Furkan 25:31
হে ৰাছুল! যিদৰে আপোনাৰ সম্প্ৰদায়ে আপোনাক নিৰ্যাতন কৰিছে আৰু আপোনাৰ পথৰ পৰা মানুহক বিৰত ৰাখিছে, ঠিক সেইদৰে আপোনাৰ পূৰ্বেও প্ৰত্যেক নবীৰ বাবে তেওঁলোকৰ সম্প্ৰদায়ৰ কিছুমানক তেওঁলোকৰ শত্ৰু বনাইছিলোঁ। জানি থওক, সত্যৰ পথ দেখুৱাবলৈ আপোনাৰ প্ৰতিপালকেই যথেষ্ট, আৰু আপোনাক আপোনাৰ শত্ৰুৰ বিপক্ষে সহায় কৰিবলৈও তেৱেঁই যথেষ্ট।
Furkan 25:32
আল্লাহক অস্বীকাৰকাৰীসকলে কয়ঃ ৰাছুলৰ ওপৰত এবাৰতেই কোৰআনখন কিয় অৱতীৰ্ণ কৰা নহ’ল? এনেকৈ অলপ অলপকৈ কিয় অৱতীৰ্ণ কৰা হ’ল? (আল্লাহে উত্তৰ প্ৰদান কৰি কৈছেঃ) হে ৰাছুল! আমি আপোনাৰ প্ৰতি কোৰআনখনক অলপ অলপকৈ এইকাৰণে অৱতীৰ্ণ কৰিছোঁ, যাতে এইদৰে অৱতীৰ্ণ কৰি আপোনাৰ অন্তৰক দৃঢ়তা প্ৰদান কৰিব পাৰোঁ। লগতে এইকাৰণে অলপ অলপকৈ অৱতীৰ্ণ কৰিছোঁ, যাতে মুখস্থ কৰা আৰু বুজাত সহজ হয়।
Furkan 25:33
হে ৰাছুল! মুশ্বৰিকসকলে আপোনাৰ ওচৰলৈ যি অভিযোগেই লৈ নাহক কিয়, আমি তাৰ সত্য আৰু সঠিক প্ৰত্যুত্তৰ লৈ আহিম, লগতে আপোনাৰ সন্মুখত তাতোকৈ উত্তম ব্যাখ্যা লৈ আহিম।
Furkan 25:34
কিয়ামতৰ দিনা যিসকলক উবৰি খুৱাই চোঁচৰি জাহান্নামৰ পিনে একত্ৰিত কৰা হ’ব। সিহঁতেই নিকৃষ্ট স্থানত অৱস্থান কৰিব, কাৰণ সিহঁতৰ ঠিকনা হ’ব জাহান্নাম। কিয়নো সিহঁত সত্যৰ পৰা বহু দূৰ আঁতৰি আছিল। সিহঁতৰ পথ আছিল কুফৰী আৰু বিভ্ৰান্তিমূলক।
Furkan 25:35
নিশ্চয় আমি মূছা –আলাইহিচ্ছালামক- তাওৰাত প্ৰদান কৰিছিলোঁ। তথা তেওঁৰ সৈতে তেওঁৰ ভাতৃ হাৰূণক ৰাছুল বনাইছিলোঁ, যাতে তেওঁ তেওঁৰ সহায়ক হৈ কাম কৰে।
Furkan 25:36
ইয়াৰ পিছত আমি দুয়োকে (মূছা আৰু হাৰূণক) নিৰ্দেশ দিলোঁ যে, আপোনালোকে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ওচৰলৈ যাওক, যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে। এতেকে তেওঁলোক উভয়ে মোৰ আদেশ পালন কৰিলে আৰু সিহঁতৰ ওচৰলৈ গৈ উপস্থিত হ’ল। আৰু সিহঁতক এক আল্লাহৰ প্ৰতি ঈমান আনিবলৈ আহ্বান কৰিলে। কিন্তু সিহঁতে তেওঁলোক দুয়োজনৰ কথা মানিবলৈ অস্বীকাৰ কৰিলে, ফলত আমি সিহঁতক পৰিপূৰ্ণৰূপে ধ্বংস কৰি দিলোঁ।
Furkan 25:37
নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়ে যেতিয়া নূহক অস্বীকাৰ কৰি গোটেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল, তেতিয়া আমি সিহঁতক পানীত ডুবাই ধ্বংস কৰিছিলোঁ। লগতে আমি সিহঁতৰ সেই বিনাশক নিদৰ্শন বনাইছিলোঁ যে, আমি যালিমসকলক এইদৰেই নিৰ্মূল কৰিবলৈ সক্ষম। লগতে আমি এই অত্যাচাৰীসকলৰ বাবে কিয়ামতৰ দিনা কষ্টদায়ক তথা দুখদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।
Furkan 25:38
হূদৰ সম্প্ৰদায় আদকো আমি ধ্বংস কৰিছোঁ, চলেহৰ সম্প্ৰদায় ছামূদক আৰু কুঁৱাৰ অধিবাসীসকলকো আমিয়েই ধ্বংস কৰিছোঁ। লগতে এই তিনিওটাৰ মধ্যৱৰ্তী সময়ছোৱাত আমি বহুতো উম্মতক ধ্বংস কৰিছোঁ।
Furkan 25:39
আমি এইবোৰ সম্প্ৰদায়ৰ প্ৰত্যেকৰে সন্মুখত ধ্বংস হোৱা সম্প্ৰদায়সমূহৰ উদাহৰণ দাঙি ধৰিছিলোঁ, লগতে সিহঁতৰ ধ্বংস হোৱাৰ কাৰণবোৰো উল্লেখ কৰিছিলোঁ, যাতে সিহঁতে শিক্ষা গ্ৰহণ কৰে। (কিন্তু সিহঁতে তেনেকুৱা কৰা নাছিল। সেয়ে) উপৰোক্ত প্ৰত্যেক সম্প্ৰদায়কে সিহঁতৰ কুফৰী আৰু স্বৈৰাচাৰীতাৰ কাৰণে সিহঁতক সম্পূৰ্ণৰূপে ধ্বংস কৰিছিলোঁ।
Furkan 25:40
(হে নবী) আপোনাৰ সম্প্ৰদায়ৰ এই অস্বীকাৰকাৰী লোকসকলে ছিৰিয়ালৈ যোৱাৰ সময়ত লূত আলাইহিচ্ছালামৰ জনবসতিক অতিক্ৰম কৰি যায়, যি জনবসতিক সিহঁতৰ প্ৰকাশ্য অশ্লীলতাৰ ফলত শিলাবৃষ্টিৰ জৰিয়তে ধ্বংস কৰা হৈছিল, সিহঁতে ইয়াৰ পৰা শিক্ষা লোৱা উচিত। সিহঁতে এই ধ্বংসস্তুপত পৰিণত হোৱা জনবসতিটোক প্ৰত্যক্ষ কৰা নাইনে? নে সিহঁত অন্ধ হৈ পৰিছিল? নহয়, এনেকুৱা নহয় যে সিহঁত অন্ধ হৈ পৰিছিল, বৰং সিহঁতে পুনৰুত্থানৰ পিছত হিচাপ-নিকাচ সম্পৰ্কে বিশ্বাস পোষণ নকৰে।
Furkan 25:41
হে ৰাছুল! যেতিয়া এই অস্বীকাৰকাৰীসকলে আপোনাক দেখা পায়, তেতিয়া সিহঁতে আপোনাক উপহাস কৰে, তথা বিদ্ৰূপাত্মকভাৱে আৰু অস্বীকাৰৰ সুৰত কয়ঃ এইজনেই নেকি সেইজন, যিজনক আল্লাহে আমাৰ পিনে ৰাছুল হিচাপে প্ৰেৰণ কৰিছে?!
Furkan 25:42
“এওঁ দেখোন আমাক আমাৰ উপাস্যবোৰৰ উপাসনাৰ পৰা আঁতৰাই দিব, যদি আমি আমাৰ উপাস্যবোৰৰ উপাসনাত দৃঢ়ভাৱে অটল নাথাকো, তেন্তে এওঁ যুক্তি আৰু দলিলৰ দ্বাৰা আমাক নিশ্চয় আঁতৰাই নিব”। কিন্তু সিহঁতে যেতিয়া কবৰত আৰু কিয়ামতৰ দিনা শাস্তি প্ৰত্যক্ষ কৰিব, তেতিয়া সিহঁতে গম পাব কোন পথভ্ৰষ্ট আছিল? সিহঁত নে ৰাছুল। লগতে এই কথাও জানি লব যে, কোন সৰ্বাধিক পথভ্ৰষ্ট আছিল।
Furkan 25:43
হে ৰাছুল! ভাৱি চাওকচোন, যিয়ে নিজৰ প্ৰবৃত্তিক উপাস্য বনাই লৈছে, তথা নিজৰ কামনা-বাসনাৰ উপাসনাও কৰে, আপুনি তেনেকুৱা ব্যক্তিৰ সংৰক্ষক হ’বনে? সেই ব্যক্তিক আপুনি ঈমানৰ পিনে ওভোতাই আনিব পাৰিবনে? তথা কুফৰীৰ পৰা তাক প্ৰতিৰোধ কৰিব পাৰিবনে?
Furkan 25:44
হে ৰাছুল! আপুনি ভাৱে নেকি যে, যিসকল লোকক আপুনি আল্লাহৰ তাওহীদৰ পিনে আৰু তেওঁৰ আনুগত্যৰ পিনে আহ্বান কৰি আছে সিহঁতে আপোনাৰ কথা মানিবলৈ শুনে তথা সিহঁতে যুক্তি আৰু দলিলবোৰ বুজি পায়? কদাপিও নহয়। সিহঁত শ্ৰৱণৰ ক্ষেত্ৰত আৰু বুজাৰ ক্ষেত্ৰত চতুষ্পদ জন্তুতকৈও অধম, বৰং তাতোকৈ নিকৃষ্ট।
Furkan 25:45
হে ৰাছুল! আপুনি আল্লাহৰ সৃষ্টিৰ নিদৰ্শনবোৰ দেখা পোৱা নাইনে, যেতিয়া তেওঁ কোনো বস্তুৰ ছাঁক মাটিত প্ৰসাৰিত কৰে, তেওঁ ইচ্ছা কৰিলে ইয়াক স্থিৰ কৰিব পাৰিলেহেঁতেন। (কিন্তু তেওঁ এনেকুৱা কৰা নাই) ইয়াৰ পিছত আমি সূৰ্যক ইয়াৰ কাৰক বনাইছোঁ, যাৰ ফলত ছাঁ সৰু হয় আৰু ডাঙৰ হয়।
Furkan 25:46
ইয়াৰ পিছত লাহে লাহে যিদৰে সূৰ্য ওপৰলৈ উঠে, আমিও লাহে লাহে ছাঁটোক সৰু কৰি পেলাওঁ।
Furkan 25:47
আল্লাহেই তোমালোকৰ বাবে ৰাতিক বস্ত্ৰ সদৃশ বনাইছে, যিটোৱে তোমালোকক আৰু আন আন বস্তুক ঢাকি ৰাখে। তেৱেঁই তোমালোকৰ বাবে টোপনিক বিশ্ৰাম বনাইছে, তোমালোকে গোটেই দিন কৰ্মৰ অন্তত ক্লান্তহৈ সেইটোৰ দ্বাৰা বিশ্ৰাম কৰা। তেৱেঁই তোমালোকৰ বাবে দিন বনাইছে, তেতিয়া তোমালোকে কৰ্মস্থানলৈ গতি কৰা।
Furkan 25:48
তেৱেঁই বতাহক বৰষুণৰ পূৰ্বে সুসংবাদৰূপে প্ৰেৰণ কৰে, যিটো দৰাচলতে আল্লাহৰ ফালৰ পৰা তেওঁৰ বান্দাসকলৰ বাবে বিশেষ ৰহমত। আকাশৰ পৰা আমি পৱিত্ৰ পানী বৰ্ষণ কৰোঁ, সেইটোৰ দ্বাৰা মানুহে পৱিত্ৰতা অৰ্জন কৰে।
Furkan 25:49
যাতে আমি সেই পানীৰে বিভিন্ন প্ৰকাৰৰ গছ-পুলি উৎপন্ন কৰি মৃত ভূমিক সেউজীয়া কৰি জীৱন প্ৰদান কৰিব পাৰোঁ। ইয়াৰ লগতে যাতে সেই পানী অসংখ্য জীৱ-জন্তু আৰু মানুহক খোৱাব পাৰোঁ।
Furkan 25:50
নিশ্চয় আমি কোৰআনত বিভিন্ন প্ৰকাৰৰ যুক্তি আৰু প্ৰমাণ সবিস্তাৰে বৰ্ণনা কৰিছোঁ, যাতে সিহঁতে শিক্ষা গ্ৰহণ কৰে। কিন্তু অধিকাংশ লোকেই সত্যক অস্বীকাৰ কৰাৰ আৰু তাৰ পৰা বিমুখ হোৱাৰ নীতি অৱলম্বন কৰিছে।
Furkan 25:51
আমি ইচ্ছা কৰিলে প্ৰত্যেক জনবসতিলৈ একোজনকৈ ৰাছুল প্ৰেৰণ কৰিব পাৰিলোহেঁতেন, যিজন ৰাছুলে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিলেহেঁতেন, তথা সিহঁতক ভয় দেখুৱালেহেঁতেন। কিন্তু আমি তেনেকুৱা বিচৰা নাছিলোঁ। বৰং মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক গোটেই মানৱজাতিৰ বাবে ৰাছুল বনাই প্ৰেৰণ কৰিছোঁ।
Furkan 25:52
এতেকে আপুনি কাফিৰসকলৰ তোষামোদ মূলক আবেদন আৰু সিহঁতৰ আন আন প্ৰস্তাৱসমূহ মানি নলব। আপুনি আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনৰ জৰিয়তে সিহঁতৰ নিৰ্যাতনত ধৈৰ্য ধাৰণ কৰি আৰু বিভিন্ন কষ্ট সহ্য কৰি সিহঁতৰ লগত সংগ্ৰাম কৰক।
Furkan 25:53
তেৱেঁই পৱিত্ৰ আল্লাহ, যিজনে দুটা সাগৰক একেলগে প্ৰবাহিত কৰিছে। এটাৰ পানী সুস্বাদু, মিঠা, আনটো নিমখীয়া। তথা দুয়ো সাগৰৰ মাজত ৰাখিছে এটা অন্তৰায়, যিটোৱে দুয়ো সাগৰৰ পানীক মিশ্ৰিত হোৱাত বাধা প্ৰদান কৰে।
Furkan 25:54
তেৱেঁই পুৰুষ আৰু নাৰীৰ বীৰ্যৰ দ্বাৰা মানুহ সৃষ্টি কৰিছে। যিজনে মানৱ সৃষ্টি কৰিছে, তেৱেঁই আত্মীয়তাৰ বন্ধন আৰু বৈবাহিক সম্পৰ্ক বনাই দিছে। হে ৰাছুল! আপোনাৰ প্ৰতিপালক অতি ক্ষমতাশীল, তেওঁক কোনেও বিৱশ কৰিব নোৱাৰে। তেওঁৰ ক্ষমতাৰ এইটোও এটা নিদৰ্শন যে, তেওঁ পুৰুষ আৰু নাৰীৰ বীৰ্যৰে মানুহ সৃষ্টি কৰিছে।
Furkan 25:55
কাফিসকলে আল্লাহক এৰি যিবোৰ মূৰ্তিৰ উপাসনা কৰে, সিহঁতে যদি সেইবোৰৰ আনুগত্যও কৰে, তথাপিও সেইবোৰে সিহঁতক একো উপকাৰ কৰিব নোৱাৰিব। আনহাতে যদি সিহঁতে সেইবোৰৰ অবাধ্যতা কৰে, তথাপিও সেইবোৰে সিহঁতক একো ক্ষতি কৰিব নোৱাৰে। বৰং কাফিৰসকলে এনেকুৱা কৰ্মৰ দ্বাৰা চয়তানৰ আজ্ঞা পালন কৰে, যিবোৰে আল্লাহক ক্ৰোধান্বিত কৰে।
Furkan 25:56
হে ৰাছুল! আমি আপোনাক সেইসকল লোকৰ বাবে সুসংবাদকাৰী হিচাপে প্ৰেৰণ কৰিছোঁ, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰি তেওঁৰ আনুগত্য কৰে আৰু সৎকৰ্ম কৰে। আনহাতে সেইসকল লোকৰ বাবে সতৰ্ককাৰী হিচাপে প্ৰেৰণ কৰিছোঁ, যিসকলে কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে তেওঁৰ অবাধ্যতা কৰে।
Furkan 25:57
হে ৰাছুল! আপুনি স্পষ্টভাৱে কৈ দিয়ক যে, আল্লাহৰ বাৰ্তা পৌঁচাই দিবলৈ মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ। আনহাতে তোমালোকৰ মাজৰ পৰা কোনোবাই যদি নিজৰ কিছু ধন ব্যয় কৰি আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিব বিচাৰে, তেন্তে তেওঁ অৱশ্যে কৰিব পাৰে।
Furkan 25:58
হে ৰাছুল! আপুনি সকলো কৰ্মতে সেই চিৰজীৱী সত্ত্বাৰ ওপৰত ভৰসা কৰক, যিজন কেতিয়াও মৃত্যুবৰণ নকৰিব। লগতে তেওঁৰ প্ৰশংসা কৰক আৰু তেওঁক সকলো ধৰণৰ দোষ-ত্ৰুটিৰ পৰা মুক্ত ঘোষণা কৰি তেওঁৰ পৱিত্ৰতা বৰ্ণনা কৰক। বান্দাৰ গুনাহৰ খবৰ ৰাখিবলৈ তেৱেঁই যথেষ্ট। তেওঁৰ পৰা একোৱেই গোপন নহয়, তেওঁ অচিৰেই সিহঁতক ইয়াৰ প্ৰতিফল দিব।
Furkan 25:59
তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱী, তথা এই দুয়োৰ মাজত থকা সকলো বস্তু ছয় দিনত সৃষ্টি কৰিছে। ইয়াৰ পিছত তেওঁ তেওঁৰ মহিমা অনুসাৰে আৰশ্বৰ ওপৰত অধিৰোহণ কৰিছে। তেৱেঁই ৰহমান (অতি দয়ালু), হে ৰাছুল! তেওঁৰ মহিমা সম্পৰ্কে তেওঁৰ বিষয়ে জনা কোনো জ্ঞানী ব্যক্তিক আপুনি সুধি চাব পাৰে। তেৱেঁই আল্লাহ, যিজন সকলো বিষয়ে অৱগত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।
Furkan 25:60
এতেকে, যেতিয়া কাফিৰসকলক কোৱা হয় যে, ৰহমানক ছাজদাহ কৰা, তেতিয়া সিহঁতে কয়ঃ “আমি ৰহমানক ছাজদাহ নকৰোঁ”। লগতে কয়ঃ “ৰহমান কোন? আমি তেওঁক চিনিও নাপাওঁ আৰু তেওঁক স্বীকাৰো নকৰো। তুমি আমাক এনেকুৱা সত্ত্বাক ছাজদাহ কৰিবলৈ কৈ আছা নেকি, যাক আমি চিনিয়ে নাপাওঁ?” ছাজদাৰ এই আদেশে সিহঁতক আল্লাহৰ প্ৰতি ঈমানৰ পৰা আৰু অধিক আঁতৰ কৰিলে।
Furkan 25:61
তেওঁ মহা বৰকতময়, যিজনে আকাশত গ্ৰহ নক্ষত্ৰৰ বাবে গতিপথ তৈয়াৰ কৰিছে। তথা আকাশত এনেকুৱা সূৰ্য প্ৰতিষ্ঠা কৰিছে, যিটোৱে পোহৰ বিলায়। লগতে তাত স্থাপন কৰিছে এটা চন্দ্ৰ, যিটোৱে সূৰ্যৰ ৰশ্মিৰ সহায়ত পৃথিৱীত আলো বিকিৰণ কৰে।
Furkan 25:62
আল্লাহেই দিন আৰু ৰাতিৰ বাবে আহ্নিক গতি নিৰ্ধাৰণ কৰিছে, ফলত এটাৰ পিছত এটা আহি থাকে। সেইসকল লোকৰ বাবে যিসকলে আল্লাহৰ নিদৰ্শনবোৰৰ দ্বাৰা হিদায়ত গ্ৰহণ কৰিব বিচাৰে, আৰু তেওঁৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰে।
Furkan 25:63
ৰহমানৰ মুমিন বান্দাসকল হৈছে সেইসকল লোক, যিসকলে পৃথিৱীত বিনম্ৰতাৰ সৈতে শিষ্টতা অনুসাৰে চলাফুৰা কৰে। তথা যেতিয়া কোনো মুৰ্খ আৰু শিষ্টাচাৰহীন লোক তেওঁলোকৰ লগত বিতৰ্ক কৰে, তেতিয়া সিহঁতৰ লগত সিহঁতৰ দৰে ব্যৱহাৰ নকৰে। বৰং সিহঁতৰ সৈতে ভাল ব্যৱহাৰ কৰে।
Furkan 25:64
তেওঁলোকে শিৰ নত কৰি ছাজদাৱনত হৈ ৰাতি অতিবাহিত কৰে, তথা আল্লাহৰ সন্মুখত থিয় হৈ চালাত আদায় কৰি ৰাতি পাৰ কৰে।
Furkan 25:65
তেওঁলোকে দুআ কৰাৰ সময়ত নিজ প্ৰতিপালকক কয়ঃ হে আমাৰ প্ৰতিপালক! আমাৰ পৰা জাহান্নামৰ শাস্তি দূৰ কৰি দিয়া। কিয়নো যিয়ে কাফিৰ হৈ মৃত্যুবৰণ কৰিব, জাহান্নামৰ শাস্তি নিশ্চিতভাৱে তাৰ সৈতে চিৰকাল সম্পৃক্ত হৈ থাকিব।
Furkan 25:66
নিশ্চিতভাৱে জাহান্নাম হৈছে বেয়া ঠাই, তাত অৱস্থানকাৰী লোকসকলৰ বাবে। তথা সেইটো হৈছে আটাইতকৈ নিকৃষ্ট স্থান সেইসকল লোকৰ বাবে, যিসকলে তাত বসবাস কৰিব।
Furkan 25:67
তেওঁলোকে যেতিয়া ধন-সম্পদ ব্যয় কৰে, তেতিয়া অপব্যয় নকৰে। আনহাতে যিসকলৰ ভৰণ-পোষণৰ দায়িত্ব তেওঁলোকৰ ওপৰত আছে, তেওঁলোকৰ প্ৰতি ব্যয় কৰাৰ ক্ষেত্ৰতো কৃপণালী নকৰে। বৰং ব্যয় কৰাৰ ক্ষেত্ৰত তেওঁলোকে অপব্যয় আৰু কৃপণালীৰ মধ্যৱৰ্তী ন্যায়ৰ পথ অৱলম্বন কৰে।
Furkan 25:68
তেওঁলোকে আল্লাহৰ সৈতে আন কোনো উপাস্যক আহ্বান নকৰে। লগতে তেওঁলোকে কোনো নিৰপৰাধ ব্যক্তিক হত্যা নকৰে। কিন্তু সেইসকল লোকৰ বাহিৰে যিসকলক হত্যা কৰিবলৈ আল্লাহে অনুমতি প্ৰদান কৰিছে যেনেঃ কোনো হত্যাকাৰী, মুৰতাদ বা ধৰ্ম ত্যাগী, বিবাহিত ব্যভিচাৰী আদি। তেওঁলোকে কেতিয়াও ব্যভিচাৰ নকৰে। এতেকে যিয়ে এই মহাপাপসমূহৰ কোনোবা এটা কৰিব, সি কিয়ামতৰ দিনা তাৰ শাস্তি ভোগ কৰিব।
Furkan 25:69
কিয়ামতৰ দিনা তাৰ শাস্তি দ্বিগুণ কৰি দিয়া হ’ব, আৰু সি সেই শাস্তিত লাঞ্ছিত অপমানিত হৈ চিৰকাল অৱস্থান কৰিব।
Furkan 25:70
কিন্তু যিয়ে আল্লাহৰ প্ৰতি তাওবা কৰি উভতি আহিব তথা ঈমান পোষণ কৰিব, লগতে সৎকৰ্ম কৰিব, অৰ্থাৎ অন্তৰৰ পৰা সত্য তাওবা কৰিব, তেন্তে এনেকুৱা লোকৰ গুনাহক আল্লাহে ছোৱাবলৈ ৰূপান্তৰিত কৰি দিব। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ গুনাহসমূহ ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে।
Furkan 25:71
এতেকে যিয়ে আল্লাহৰ ওচৰত তাওবা কৰিব আৰু সেই তাওবাৰ সত্যতাৰ পৰিচায়ক হিচাপে সৎকৰ্ম কৰিব আৰু গুনাহৰ পৰা বিৰত থাকিব তেন্তে নিশ্চিতৰূপে তাৰ তাওবা গ্ৰহণযোগ্য হ’ব।
Furkan 25:72
তেওঁলোকে বাতিল (অসত্য তথা গুনাহৰ) কৰ্মত অংশ গ্ৰহণ নকৰে। উদাহৰণস্বৰূপে হাৰাম খেল-ধেমালি আদি। আৰু যেতিয়া তেওঁলোকে কোনো অযথা অলাগতীয়াল কথা-কৰ্মৰ সন্মুখীন হয়, তেতিয়া তেওঁলোকে নিজকে সেইবোৰ কৰ্মৰ পৰা আঁতৰাই ৰাখে আৰু সজ্জনতাপূৰ্বকভাৱে তাৰ পৰা আঁতৰি যায়।
Furkan 25:73
তেওঁলোকক যেতিয়া দৰ্শনমূলক আৰু শ্ৰৱণমূলক আল্লাহৰ কোনো নিদৰ্শনৰ দ্বাৰা শিক্ষা দিয়া হয়, তেতিয়া তেওঁলোকে শ্ৰৱণমূলক আয়াতৰ পৰা শিক্ষা লোৱাৰ ক্ষেত্ৰত নুশুনাৰ ভাও নধৰে, আৰু দৰ্শনমূলক নিদৰ্শনৰ পৰাও চকু মুদি নাথাকে।
Furkan 25:74
তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰাৰ সময়ত কয়ঃ হে আমাৰ প্ৰতিপালক! তুমি আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি প্ৰদান কৰা, যাৰ তাক্বৱা আৰু সত্যৰ ওপৰত থকা দৃঢ়তা দেখি আমাৰ চকু শীতল হয়। তথা আমাক মুত্ত্বাক্বীসকলৰ প্ৰতিনিধি বনাই দিয়া, যাতে সত্যৰ পথত তেওঁলোকে আমাক অনুসৰণ কৰে।
Furkan 25:75
এইসমূহ বৈশিষ্ট্যৰ অধিকাৰী লোকসকলক আল্লাহৰ আনুগত্যত অবিচল থকাৰ কাৰণে জান্নাতুল ফিৰদাউচত সুউচ্চ ভৱন প্ৰদান কৰা হ’ব। লগতে তেওঁলোকে তাত ফিৰিস্তাসকলৰ পৰা দুআ-ছালাম লাভ কৰিব। তথা তাত তেওঁলোক সকলো প্ৰকাৰৰ বিপদ-আপদৰ পৰা সুৰক্ষিত থাকিব।
Furkan 25:76
তেওঁলোকে তাত চিৰকাল অৱস্থান কৰিব। কিমান উৎকৃষ্ট বাসস্থান, য’ত তেওঁলোকে বসবাস কৰিব! তথা সেইটো সৰ্বোৎকৃষ্ট ঠাই, য’ত তেওঁলোকে অৱস্থান কৰিব।
Furkan 25:77
হে ৰাছুল! কুফৰৰ ওপৰত অটল থকা কাফিৰসকলক কৈ দিয়ক, তোমালোকৰ আনুগত্যই মোৰ প্ৰতিপালকক কোনো ধৰণৰ উপকাৰ সাধন নকৰে, বৰং তেওঁ সেইটোৰ প্ৰতি ভ্ৰূক্ষেপো নকৰে। শুনা! যদি তেওঁৰ এনেকুৱা কিছুমান বান্দা নাথাকিলহেঁতেন যিসকলে তেওঁৰ ওচৰত দুআ কৰে, ইবাদতৰ দুআ হওক অথবা কিবা বিচাৰিবলৈ কৰা দুআই হওক, তেন্তে তেওঁ তোমালোকৰ কেতিয়াও ভ্ৰূক্ষেপ নকৰিলেহেঁতেন। কিয়নো তোমালোকৰ ওচৰত ৰাছুলে নিজ প্ৰতিপালকৰ ফালৰ পৰা যি বাৰ্তা লৈ আহিছে সেইটোক তোমালোকে অস্বীকাৰ কৰিছা। এতেকে এই অস্বীকাৰৰ প্ৰতিফল তোমালোকে অৱশ্যে নিশ্চিতভাৱে লাভ কৰিবা।
Şuara 26:1
(ত্ব-ছীন-মীম) ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত এইবোৰ আখৰৰ বিষয়ে আলোচনা কৰা হৈছে।
Şuara 26:2
এইবোৰ হৈছে স্পষ্ট কোৰআনৰ আয়াত, যিবোৰে সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য কৰে।
Şuara 26:3
হে ৰাছুল! আপুনি সিহঁতৰ হিদায়তপ্ৰাপ্তিৰ বাবে ইমান আগ্ৰহী যে, এনেকুৱা লাগে যেনিবা সিহঁতৰ হিদায়তৰ আগ্ৰহত আৰু হিদায়ত নোপোৱাৰ শোকত আপুনি নিজকে ধ্বংস কৰি পেলাব।
Şuara 26:4
আমি সিহঁতৰ ওপৰত (সিহঁতৰ ইচ্ছানুসাৰে) আকাশৰ পৰা কোনো নিদৰ্শন অৱতীৰ্ণ কৰিব বিচাৰিলে, অৱশ্যে অৱতীৰ্ণ কৰিলোহেঁতেন; তেতিয়া অপমান আৰু লাঞ্ছনাত সিহঁতে শিৰনত কৰিলেহেঁতেন। কিন্তু আমি সিহঁতক পৰীক্ষা কৰাৰ উদ্দেশ্যে এইটো কৰা নাছিলোঁ। চাওঁ সিহঁতে গায়েবৰ প্ৰতি ঈমান পোষণ কৰে নে নকৰে?
Şuara 26:5
যেতিয়াই এই মুশ্বৰিকসকলৰ ওচৰলৈ ৰহমানৰ ফালৰ পৰা কোনো নতুন উপদেশ আহে, যিটোৱে তেওঁৰ তাওহীদৰ প্ৰমাণ বহন কৰে তথা তেওঁৰ নবীৰ সত্যতা স্পষ্ট কৰে, তেতিয়াই সিহঁতে সেইটো শুনাৰ পৰা আৰু সেইটোক সমৰ্থন কৰাৰ পৰা বিমুখ হৈ পৰে।
Şuara 26:6
সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে যি বাৰ্তা লৈ আহিছিল, সেইটোক সিহঁতে অস্বীকাৰ কৰিছে। এতেকে এতিয়া অতিশীঘ্ৰেই সিহঁতৰ ওচৰলৈ সেই বাৰ্তাৰ বাস্তৱতা আহি পৰিব যিটোকলৈ সিহঁতে উপহাস কৰিছিল। তথা সিহঁতৰ ওপৰত শাস্তি নামি আহিব।
Şuara 26:7
এই মুশ্বৰিকসকল এতিয়াও কুফৰীত অটল আছেনে, সিহঁতে পৃথিৱীত চকু মেলি নাচায় নেকি যে, আমি তাত বিভিন্ন প্ৰকাৰৰ অতি সুন্দৰ আৰু লাভদায়ক গছ-গছনি তথা উদ্ভিদ উৎপন্ন কৰিছোঁ?!
Şuara 26:8
পৃথিৱীত বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰি সেউজীয়া কৰাৰ মাজত এই কথাৰ স্পষ্ট প্ৰমাণ পোৱা যায় যে, তেওঁ নিশ্চিতভাৱে মৃতসকলক জীৱিত কৰিবলৈ সক্ষম। কিন্তু ইয়াৰ পিছতো সিহঁতৰ মাজৰ অধিকাংশই ঈমান পোষণ নকৰে।
Şuara 26:9
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক ইমান শক্তিশালী যে, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে তথা তেওঁ বান্দাসকলৰ প্ৰতি অতি দয়ালু।
Şuara 26:10
হে ৰাছুল! স্মৰণ কৰক, যেতিয়া আপোনাৰ প্ৰতিপালকে মুছাক অত্যাচাৰী সম্প্ৰদায়ৰ ওচৰলৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল। যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল আৰু মুছাৰ সম্প্ৰদায়ক দাসত পৰিণত কৰি ৰাখিছিল।
Şuara 26:11
সেই সম্প্ৰদায়ৰ দ্বাৰা ফিৰআউন সম্প্ৰদায়ক বুজোৱা হৈছে। তাতগৈ সিহঁতক আদেশ দিয়ক যে, সিহঁতে যেন আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে তথা তেওঁক ভয় কৰে।
Şuara 26:12
মুছা আলাইহিচ্ছালামে ক’লেঃ মই আপোনাৰ ফালৰ পৰা যি আদেশ সিহঁতক পৌঁচাবলৈ গৈ আছোঁ, মোৰ আশংকা হয় সিহঁতে সেইটোক অস্বীকাৰ কৰিব।
Şuara 26:13
সিহঁতে মোক অস্বীকাৰ কৰিব বুলি মোৰ বুকু সংকুচিত হৈ আছে, তথা মই স্বাভাৱিকভাৱে কথাও ক’ব পৰা নাই। এতেকে জিব্ৰীলৰ দ্বাৰা মোৰ ভাতৃৰ ওচৰলৈও অহী প্ৰেৰণ কৰা, যাতে তেওঁ মোৰ সহায়ক হয়।
Şuara 26:14
আনহাতে সিহঁতৰ মাজৰ এজন কিবতীক মই হত্যা কৰিছিলোঁ, ফলত মই সিহঁতৰ ওচৰত অপৰাধী। গতিকে মোৰ আশংকা হয়, সিহঁতে মোক হত্যা কৰিব।
Şuara 26:15
আল্লাহে মুছা আলাইহিচ্ছালামক ক'লেঃ নহয়, এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। কেতিয়াও সিহঁতে আপোনাক হত্যা কৰিব নোৱাৰে। এতেকে আপুনি আৰু আপোনাৰ ভাই হাৰূন দুয়ো মিলি আমাৰ নিদৰ্শনসমূহ লৈ যাওক, যিবোৰে আপোনালোকৰ সত্যতা প্ৰমাণ কৰিব। নিশ্চয় আমি আপোনালোক দুয়োকে সহায়-সমৰ্থন কৰিম। আপোনালোকে সিহঁতক আৰু সিহঁতে আপোনালোকক যি যি ক’ব, সেইবোৰ মই শুনিম। একোৱেই আমাৰ পৰা এৰি নাযাব।
Şuara 26:16
আপোনালোক দুয়ো ফিৰআউনৰ ওচৰলৈ যাওক, আৰু কওকঃ নিশ্চয় আমি দুয়ো গোটেই সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ ওচৰলৈ প্ৰেৰিত হৈছোঁ।
Şuara 26:17
এতেকে তুমি আমাৰ সৈতে বনী ইছৰাঈলক যাবলৈ দিয়া।
Şuara 26:18
ফিৰআউনে মুছা আলাইহিচ্ছালামক ক’লেঃ হে মুছা! আমি তোমাক বাল্যকালত আমাৰ ইয়াত লালন-পালন কৰা নাছিলোনে? তুমি আমাৰ মাজত জীৱনৰ কেইবাটাও বছৰ অতিবাহিত কৰা নাছিলানে, তেন্তে কি ভিত্তিত তুমি নবুওৱতৰ দাবীদাৰ হৈ পৰিলা?
Şuara 26:19
লগতে তুমি তোমাৰ সম্প্ৰদায়ৰ এজনক সহায় কৰিবলৈ গৈ এজন কিবতীক হত্যা কৰি মহা অপৰাধ কৰিছিলা। গতিকে তুমি আমাৰ অনুগ্ৰহৰ এজন অকৃতজ্ঞ ব্যক্তি।
Şuara 26:20
মুছা আলাইহিচ্ছালামে সেই অপৰাধ স্বীকাৰ কৰি ক’লেঃ মই সেই ব্যক্তিজনক সেই সময়ত হত্যা কৰিছিলোঁ যেতিয়া মই অজ্ঞ আছিলোঁ আৰু মোৰ ওচৰত অহী অহা নাছিল।
Şuara 26:21
তাৰ পিছত মই যেতিয়া আশংকা কৰিলোঁ যে, তোমালোকে মোক হত্যাৰ অপৰাধত হত্যা কৰিবা, তেতিয়া মই মাদিয়ানৰ পিনে পলায়ন কৰিছিলোঁ। তাতেই মোৰ প্ৰতিপালকে মোক জ্ঞান দান কৰিছে। তথা মোক সেইসকল ৰাছুলৰ অন্তৰ্ভুক্ত কৰিছে, যিসকলক তেওঁ মানুহৰ ওচৰলৈ প্ৰেৰণ কৰে।
Şuara 26:22
এইটো সত্য যে, তুমি মোক বনী ইছৰাঈলৰ দৰে দাস বনোৱাৰ পৰিবৰ্তে যত্ন সহকাৰে লালন-পালন কৰিছিলা। এই উপকাৰৰ বিষয়ে গাই ফুৰাটো তোমাৰ পক্ষে ঠিকেই আছে। কিন্তু মই তোমাক আল্লাহৰ পিনে আহ্বান কৰিব নোৱাৰিম বুলি এইটোৱে প্ৰমাণ বহন নকৰে।
Şuara 26:23
ফিৰআউনে মুছাক উভতি ধৰি ক'লেঃ কোন এইজন বিশ্বজগতৰ ৰব্ব, যাৰ ফালৰ পৰা তুমি নিজকে ৰাছুল বুলি দাবী কৰি আছা?!
Şuara 26:24
মুছাই ফিৰআউনক উত্তৰ দি ক’লেঃ বিশ্বজগতৰ ৰব্ব হৈছে সেই সত্ত্বা, যিজন আকাশমণ্ডল আৰু পৃথিৱীৰ ৰব্ব, তথা এই দুয়োৰে মাজত থকা সকলো বস্তুৰে ৰব্ব। এতেকে যদি তুমি বিশ্বাস কৰা যে, তেওঁ সকলোৰে ৰব্ব, তেন্তে তুমি একমাত্ৰ তেওঁৰেই ইবাদত কৰা।
Şuara 26:25
ফিৰআউনে তাৰ ওচৰে পাঁজৰে থকা নেতাসকলক উদ্দেশ্য কৰি ক’লেঃ তোমালোকে মুছাৰ উত্তৰৰ পিনে লক্ষ্য কৰিছানে, তেওঁ কিদৰে মিছা দাবী কৰি আছে?!
Şuara 26:26
মুছাই সিহঁতক ক’লেঃ আল্লাহ কেৱল তোমালোকৰেই ৰব্ব নহয়, বৰং তোমালোকৰ পিতৃপুৰুষ সকলৰো ৰব্ব।
Şuara 26:27
ফিৰআউনে ক'লেঃ যিয়ে তোমালোকৰ পিনে ৰাছুল হৈ অহা বুলি দাবী কৰি আছে, সি হৈছে এজন উন্মাদ। সি এইটোও নাজানে যে, কেনেকৈ উত্তৰ দিব লাগে। আনকি সি নিজে যি কয়, সেইটো সি নিজেই বুজি নাপায়।
Şuara 26:28
মুছাই ক'লেঃ মই যি আল্লাহৰ প্ৰতি তোমালোকক আহ্বান কৰি আছোঁ, তেওঁ পূৱ, পশ্চিম আৰু এই দুয়োৰে মাজত থকা সকলোৰে ৰব্ব। যদি তোমালোকৰ বিবেক আছে, ভাৱি চোৱা।
Şuara 26:29
মুছা আলাইহিচ্ছালামৰ যুক্তি খণ্ডন কৰিব নোৱাৰি ফিৰআউনে ক'লেঃ যদি তুমি মোৰ বাহিৰে আন কোনো উপাস্যৰ উপাসনা কৰা, তেন্তে মই তোমাক কাৰাবন্দী কৰিম।
Şuara 26:30
মুছা আলাইহিচ্ছালামে ফিৰআউনক ক’লেঃ শুনা! মই যদি তোমাৰ ওচৰলৈ এনেকুৱা এটা বস্তু লৈ আহোঁ, যিটোৱে মই আল্লাহৰ ফালৰ পৰা তোমাৰ ওচৰলৈ লৈ অহা বিষয়টোৰ সত্যতা প্ৰমাণ কৰিব, তথাপিও তুমি মোক কাৰাৰুদ্ধ কৰিবানে?!
Şuara 26:31
তেতিয়া সি ক’লেঃ যদি তুমি তোমাৰ দাবীত সত্যবাদী তেন্তে আনাগৈ, কি আনিবা তোমাৰ সত্যতা প্ৰমাণ কৰিবলৈ।
Şuara 26:32
তেতিয়া মুছা আলাইহিচ্ছালামে তেওঁৰ লাখুটিডাল মাটিত নিক্ষেপ কৰিলে, হঠাৎ সেইডাল অজগৰ সাপত পৰিণত হ’ল, যিটোক প্ৰকাশ্যভাৱে দেখা পোৱা গৈছিল।
Şuara 26:33
তেওঁ নিজৰ হাতখন কাষলতিত সোমাই দিলে, কিন্তু তাৰ পৰা যেতিয়া উলিয়াই আনিলে তেতিয়া তেওঁৰ হাতখন শুভ্ৰ উজ্জ্বল হৈ জিলিকিবলৈ ধৰিলে। এইটো কোনো বেমাৰৰ কাৰণে হোৱা নাছিল। কিন্তু প্ৰত্যক্ষদৰ্শীসকলে তেনেকুৱাই দেখি আছিল।
Şuara 26:34
ফিৰআউনে তাৰ ওচৰে পাঁজৰে থকা নেতাসকলক ক'লেঃ এওঁ দেখোন দক্ষ যাদুকৰ। যাদুৰ সম্পৰ্কে পাকৈত।
Şuara 26:35
দৰাচলতে এওঁ যাদুৰ জৰিয়তে তোমালোকক তোমালোকৰ জন্মভূমিৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে। গতিকে এই বিষয়ে তোমালোকৰ মন্তব্য কি? এই বিষয়ে কি সিদ্ধান্ত লোৱা উচিত?
Şuara 26:36
সিহঁতে ফিৰআউনক ক’লেঃ মুছা আৰু তেওঁৰ ভাতৃক কিছুসময় অৱকাশ দিয়া যাওক। তেওঁলোকক শাস্তি প্ৰদান কৰিবলৈ খৰধৰ কৰা উচিত নহ’ব। ইপিনে মিচৰৰ বিভিন্ন চহৰলৈ বাৰ্তাবাহক প্ৰেৰণ কৰক, সিহঁতে যাতে সুদক্ষ যাদুকৰসকলক একত্ৰিত কৰে।
Şuara 26:37
সিহঁতে আপোনাৰ ওচৰলৈ সুদক্ষ, পৰিপক্ক, নিপুণ আৰু পাৰদৰ্শী যাদুকৰবিলাকক লৈ আহিব।
Şuara 26:38
ইপিনে ফিৰআউনে তাৰ যাদুকৰবিলাকক মুছাৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ এটা নিৰ্ধাৰিত সময়ত নিৰ্দিষ্ট ঠাইত একত্ৰিত কৰিলে।
Şuara 26:39
তথা মানুহৰ মাজতো ঘোষণা কৰি দিয়া হ’ল যে, তোমালোকেও একত্ৰিত হ’বা, যাতে তোমালোকেও চাব পাৰা, কোনে বিজয় লাভ কৰে, মুছা নে যাদুকৰসকল?
Şuara 26:40
এই আশাত যে, যদি যাদুকৰবিলাকে মুছাক পৰাজিত কৰিব পাৰে, তেন্তে আমি সেই যাদুকৰবিলাকৰ অনুসৰণ কৰিম।
Şuara 26:41
যেতিয়া যাদুকৰসকলে মুছাক পৰাজিত কৰিবলৈ ফিৰআউনৰ ওচৰত আহি উপস্থিত হ’ল, তেতিয়া সিহঁতে তাক ক’লেঃ যদি আমি মুছাক পৰাজিত কৰিবলৈ সক্ষম হওঁ, তেন্তে আমাক আৰ্থিক অথবা নৈতিকভাৱে কোনো পুৰস্কাৰ দিয়া হ’বনে?
Şuara 26:42
ফিৰআউনে সিহঁতক ক’লেঃ নিশ্চয় তোমালোকে পুৰস্কাৰ লাভ কৰিবা। তোমালোকে বিজয় লাভ কৰাৰ লগে লগে মোৰ নিকটৱৰ্তীসকলৰ অন্তৰ্ভুক্ত হৈ যাবা আৰু মই তোমালোকক উচ্চ পদত অধিষ্ঠিত কৰিম।
Şuara 26:43
প্ৰথমেই মুছা আলাইহিচ্ছালামে আল্লাহৰ প্ৰতি পূৰ্ণ বিশ্বাস ৰাখি এই কথা স্পষ্ট কৰিলে যে, তেওঁৰ ওচৰত যি আছে সেইবোৰ যাদু নহয়। তাৰ পিছত তেওঁ যাদুকৰবিলাকক ক’লেঃ তোমালোকৰ ৰছী আৰু লাখুটি, যি যি আছে নিক্ষেপ কৰা।
Şuara 26:44
ইয়াৰ পিছত সিহঁতে ফিৰআউনৰ প্ৰভুত্বৰ শপত খাই নিজৰ লাখুটি আৰু ৰছীবোৰ নিক্ষেপ কৰিলে আৰু ক’লেঃ নিশ্চয় আমি বিজয়ী হ’ম, তথা মুছা হ’ব পৰাজিত।
Şuara 26:45
তাৰ পিছত মুছা আলাইহিচ্ছালামে নিজৰ লাখুটিডাল নিক্ষেপ কৰিলে, তথা চাওঁতে চাওঁতে সেইডাল প্ৰকাণ্ড অজগৰ সাপত পৰিণত হ’ল, আৰু সিহঁতে যাদুৰ জৰিয়তে মানুহক ঠগিবলৈ যি বনাইছিল, সেইবোৰক গিলি খাবলৈ আৰম্ভ কৰিলে।
Şuara 26:46
যাদুকৰসকলে যেতিয়া মুছা আলাইহিচ্ছালামৰ লাখুটিডালক অজগৰ সাপ হৈ সিহঁতৰ যাদুৰ প্ৰভাৱত সৃষ্টি হোৱা বস্তুবোৰক গিলি খোৱা দেখিলে, তেতিয়া সিহঁত সকলোৱে ছাজদাৱনত হ'ল।
Şuara 26:47
সিহঁতে ক’লেঃ আমি সৃষ্টিজগতৰ ৰব্ব আল্লাহৰ প্ৰতি ঈমান আনিছোঁ।
Şuara 26:48
যিজন মুছা আৰু হাৰূনৰ ৰব্ব।
Şuara 26:49
ফিৰআউনে যাদুকৰসকলৰ ঈমানক অস্বীকাৰ কৰি ক'লেঃ মই অনুমতি দিয়াৰ পূৰ্বেই তোমালোকে মুছাৰ প্ৰতি ঈমান পোষণ কেনেকৈ কৰিলা, নিশ্চয় মুছাই হৈছে তোমালোকৰ গুৰু, তেৱেঁই তোমালোকক যাদুবিদ্যা শিকাইছে। নিশ্চয় তোমালোক আটায়ে মিলি মিচৰৰ অধিবাসীসকলক সিহঁতৰ জন্মভূমিৰ পৰা বহিষ্কাৰ কৰাৰ ষড়যন্ত্ৰ ৰচিছা। তোমালোকে অচিৰেই গম পাবা, ইয়াৰ শাস্তি কি হ'ব পাৰে। নিশ্চিতভাৱে মই তোমালোকৰ হাত ভৰি বিপৰীত দিশৰ পৰা কাটিম আৰু তোমালোক আটাইকে খেজুৰ গছত ফাঁচি দিম, এজনকো এৰি নিদিওঁ।
Şuara 26:50
যাদুকৰসকলে ফিৰআউনক ক’লেঃ পাৰ্থিৱ জীৱনত তুমি আমাৰ হাত-ভৰি কাটি পেলোৱাৰ আৰু আমাক ফাঁচি দিয়াৰ যি ধমকি দি আছা, সেইটোক আমি অকণো ভ্ৰূক্ষেপ নকৰোঁ। এই শাস্তি অচিৰেই সমাপ্ত হ’ব। কাৰণ আমি আমাৰ প্ৰতিপালকৰ পিনে প্ৰত্যাৱৰ্তন কৰি আছোঁ। তেওঁ অতিশীঘ্ৰে আমাক তেওঁৰ চিৰস্থায়ী কৃপাত প্ৰৱেশ কৰাব।
Şuara 26:51
নিশ্চয় আল্লাহে আমাৰ পূৰ্বৱৰ্তী গুনাহসমূহ ক্ষমা কৰি দিব। কাৰণ আমিয়ে সৰ্বপ্ৰথম মুছাৰ প্ৰতি ঈমান আনিছোঁ আৰু তেওঁক সত্য বুলি স্বীকাৰ কৰিছোঁ।
Şuara 26:52
তথা আমি মুছাক অহী কৰিছিলোঁ যে, তুমি ৰাতিৰ ভিতৰতেই বনী ইছৰাঈলক লগত লৈ ইয়াৰ পৰা গুচি যোৱা। আৰু ইপিনে ফিৰআউন আৰু তাৰ সঙ্গীসকলে তেওঁলোকক ওভোতাই আনিবলৈ চোঁচা ল’ব।
Şuara 26:53
যেতিয়া ফিৰআউনে গম পালে যে, বনী ইছৰাঈল মিছৰৰ পৰা পলায়ন কৰিছে, তেতিয়া সি কিছুমান লোকৰ জৰিয়তে নগৰসমূহত সেনাবাহিনী একত্ৰিত কৰাৰ নিৰ্দেশ দি পঠিয়ালে। যাতে সিহঁতে বনী ইছৰাঈলক ওভোতাই আনিব পাৰে।
Şuara 26:54
ফিৰআউনে বনী ইছৰাঈলক তুচ্ছ বুলি ভাৱি ক’লেঃ নিশ্চয় সিহঁত সংখ্যালঘু।
Şuara 26:55
তথাপিও সিহঁতে এনেকুৱা কাম কৰে, যাৰ ফলত সিহঁতৰ প্ৰতি আমাৰ ক্ৰোধ বৃদ্ধি পায়।
Şuara 26:56
নিশ্চয় আমি সিহঁতৰ বিষয়ে সদায় প্ৰস্তুত তথা সাৱধান থকা লোক।
Şuara 26:57
এইদৰেই আমি ফিৰআউন আৰু তাৰ সম্প্ৰদায়ক ঘন বাগান থকা আৰু প্ৰবাহিত নিজৰা থকা মিছৰৰ পৰা বহিষ্কাৰ কৰিছিলোঁ।
Şuara 26:58
তথা সেই ভূমিৰ পৰা, য’ত আছিল ধন ভাণ্ডাৰ আৰু সৌন্দৰ্যময় বাসস্থান।
Şuara 26:59
যিদৰে আমি এই নিয়ামতসমূহৰ পৰা ফিৰআউন তথা তাৰ সম্প্ৰদায়ক বহিষ্কাৰ কৰি বঞ্চিত কৰিছিলোঁ, ঠিক তেনেকুৱা নিয়ামত আমি বনী ইছৰাঈলক শ্বাম (ছিৰিয়া) দেশত প্ৰদান কৰিছিলোঁ।
Şuara 26:60
এতেকে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ লোকসকলে বনী ইছৰাঈলক কৰায়ত্ত্ব কৰিবলৈ সূৰ্যোদয়ৰ সময়ত ওলাই পৰিল।
Şuara 26:61
এতেকে যেতিয়া ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে মুছা আৰু তেওঁৰ সম্প্ৰদায়ৰ মুখামুখি হ'ল, তথা দুয়ো দলে ইজনে সিজনক প্ৰত্যক্ষ কৰিছিল। তেতিয়া মুছা আলাইহিচ্ছালামৰ সঙ্গীসকলে ক'লেঃ নিশ্চয় ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে আজি আমাক কৰায়ত্ত্ব কৰিবই, আজি ৰক্ষা পোৱাৰ কোনো অৱকাশ নাই।
Şuara 26:62
মুছা আলাইহিচ্ছালামে নিজ সম্প্ৰদায়ক ক'লেঃ তোমালোকে যিদৰে ভাৱি আছা, তেনেকুৱা কেতিয়াও নহয়। মোৰ প্ৰতিপালকে মোক সহায় আৰু সমৰ্থন কৰিবলৈ নিশ্চিতভাৱে সদায় তৎপৰ। নিশ্চয় তেওঁ মোক পথ দেখুৱাব তথা মুক্তিৰ ৰাস্তা দেখুৱাই দিব।
Şuara 26:63
ইপিনে আমি এই আদেশ প্ৰদান কৰি মুছালৈ অহী কৰিলোঁ যে, আপুনি আপোনাৰ লাখুটিডালেৰে সাগৰত আঘাত কৰক। এতেকে তেওঁ যেতিয়া সাগৰত বেত্ৰাঘাত কৰিলে, ইয়াৰ ফলত সাগৰত ফাট মেলি বনী ইছৰাঈলৰ গোত্ৰৰ সংখ্যা অনুসাৰে বাৰটা পথ তৈয়াৰ হ’ল। প্ৰত্যেক পথৰ দুয়োটা অংশ পৰ্বতৰ দৰে মজবুত আৰু বিশাল আছিল। এটোপাল পানীও তাৰ পৰা নিৰ্গত হোৱা নাছিল।
Şuara 26:64
ইয়াৰ পিছত ফিৰআউন আৰু তাৰ সম্প্ৰদায়ক আমি তেওঁলোকৰ ওচৰ চপাই দিলোঁ, অৱশেষত সিহঁতেও সেই সাগৰীয় পথত প্ৰৱেশ কৰিলে, তথা ভাৱিলে যে, পথটোৰে সাগৰ অতিক্ৰম কৰিব পাৰি।
Şuara 26:65
ইপিনে আমি মুছা আৰু তেওঁৰ লগত থকা বনী ইছৰাঈলৰ সকলো লোককে ৰক্ষা কৰিছিলোঁ, তেওঁলোকৰ কোনেও ধ্বংস হোৱা নাছিল।
Şuara 26:66
আনহাতে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ক সাগৰত ডুবাই ধ্বংস কৰিছিলোঁ।
Şuara 26:67
মুছা আলাইহিচ্ছালামৰ বাবে সাগৰত পথ তৈয়াৰ হোৱা, তাৰ পৰা ৰক্ষা পোৱা, লগতে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ধ্বংসৰ মাজত আছে এনেকুৱা নিদৰ্শন, যিবোৰে মুছা আলাইহিচ্ছালামৰ সত্যতা প্ৰমাণ কৰে। ফিৰআউনৰ লগত থকা অধিকাংশই মুমিন নাছিল।
Şuara 26:68
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক মহাপৰাক্ৰমশালী, তেওঁ শত্ৰুসকলৰ পৰা প্ৰতিশোধ লয়, কিন্তু সিহঁতৰ মাজৰ যিসকলে তাওবা কৰে, তেওঁলোকৰ প্ৰতি তেওঁ অতি দয়াশীল।
Şuara 26:69
হে ৰাছুল! আপুনি সিহঁতক ইব্ৰাহীমৰ ঘটনা বৰ্ণনা কৰি শুনাওক।
Şuara 26:70
যেতিয়া তেওঁ নিজৰ পিতা আঝৰ আৰু তেওঁৰ সম্প্ৰদায়ক কৈছিলঃ আপোনালোকে আল্লাহৰ বাহিৰে কাৰ উপাসনা কৰে?
Şuara 26:71
তেতিয়া তেওঁৰ সম্প্ৰদায়ে কৈছিলঃ আমি মূৰ্তিবোৰৰ উপাসনা কৰোঁ। তথা সিহঁতৰেই বন্দনা কৰি থাকোঁ আৰু এই কৰ্মতেই জৰিত থাকোঁ।
Şuara 26:72
ইব্ৰাহীমে সিহঁতক সুধিলেঃ আচ্ছা কোৱাচোন, তোমালোকে যেতিয়া সিহঁতৰ ওচৰত প্ৰাৰ্থনা কৰা, তেতিয়া সিহঁতে শুনা পায়নে?
Şuara 26:73
অথবা যেতিয়া তোমালোকে সিহঁতৰ আজ্ঞাপালন কৰা, তেতিয়া সিহঁতে তোমালোকৰ কোনো উপকাৰ কৰিব পাৰেনে? আনহাতে যদি তোমালোকে সিহঁতৰ অবাধ্যতা কৰা তেতিয়া সিহঁতে তোমালোকক ক্ষতি কৰিব পাৰেনে?
Şuara 26:74
সিহঁতে উত্তৰ দি ক’লেঃ এইটো কথা সঁচা যে, যেতিয়া আমি সিহঁতৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তেতিয়া সিহঁতে শুনা নাপায়; আৰু আমি যদি সিহঁতৰ আজ্ঞাপালন কৰোঁ, তেতিয়াও সিহঁতে আমাক কোনো উপকাৰ কৰিব নোৱাৰে; আনকি আমি যদি সিহঁতৰ অবাধ্যতা কৰোঁ, তথাপিও সিহঁতে আমাৰ একো ক্ষতি কৰিব নোৱাৰে। দৰাচলতে আমি আমাৰ পিতৃপুৰুষসকলক এনেকুৱাই কৰা দেখিছোঁ, আৰু আমিও তেওঁলোককেই অনুসৰণ কৰি আছোঁ।
Şuara 26:75
ইব্ৰাহীমে ক’লেঃ তোমালোকে আল্লাহৰ বাহিৰে যিবোৰ মূৰ্তিৰ উপাসনা কৰা, সেইবোৰৰ বিষয়ে কেতিয়াবা সুস্থ মস্তিষ্কৰে চিন্তা-চৰ্চা কৰিছানে?
Şuara 26:76
যিবোৰক তোমালোকৰ পিতৃপুৰুষসকলে পূজা-পাঠ কৰিছিল।
Şuara 26:77
নিঃসন্দেহে সেইবোৰ আটায়ে মোৰ শত্ৰু। কাৰণ সেইবোৰ হৈছে অসত্য। একমাত্ৰ আল্লাহৰ বাহিৰে, কিয়নো তেওঁ গোটেই সৃষ্টিজগতৰ প্ৰতিপালক।
Şuara 26:78
তেৱেঁই মোক সৃষ্টি কৰিছে, তেৱেঁই মোক পৃথিৱী আৰু আখিৰাতৰ কল্যাণৰ পিনে পথপ্ৰদৰ্শন কৰায়।
Şuara 26:79
মোৰ যেতিয়া ভোক লাগে, একমাত্ৰ তেৱেঁই মোক পানাহাৰ কৰায়। আৰু যেতিয়া মোৰ পিয়াহ লাগে, তেতিয়া তেৱেঁই মোক পানী খুৱায়।
Şuara 26:80
যেতিয়া মই অসুস্থ হওঁ, কেৱল তেৱেঁই মোক আৰোগ্য প্ৰদান কৰে। তেওঁৰ বাহিৰে আন কোনো আৰোগ্য প্ৰদানকাৰী নাই।
Şuara 26:81
যেতিয়া মোৰ আয়ু শেষ হ’ব, কেৱল তেৱেঁই মোক মৃত্যু প্ৰদান কৰিব। তথা মোৰ মৃত্যুৰ পিছত তেৱেঁই মোক পুনৰ্জীৱিত কৰিব।
Şuara 26:82
কেৱল তেওঁৰ ওচৰতেই মই আশাবাদী যে, তেওঁ প্ৰতিদান দিৱসত মোৰ গুনাহসমূহ ক্ষমা কৰি দিব।
Şuara 26:83
ইব্ৰাহীম আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি কৈছিলঃ হে মোৰ প্ৰতিপালক! তুমি মোক দ্বীনৰ সঠিক জ্ঞান দান কৰা। লগতে মোক পূৰ্বে অতিবাহিত হোৱা পূণ্যৱান নবীসকলৰ অন্তৰ্ভুক্ত কৰা, যাতে তেওঁলোকৰ সৈতে জান্নাতত প্ৰৱেশ কৰাৰ সৌভাগ্য লাভ কৰিব পাৰোঁ।
Şuara 26:84
তথা পৰবৰ্তী প্ৰজন্মৰ মাজত মোৰ ভাল চৰ্চা আৰু প্ৰশংসা অব্যাহত ৰাখিবা।
Şuara 26:85
লগতে মোক জান্নাতৰ সেইসমূহ অট্টালিকাৰ উত্তৰাধিকাৰী বনাই দিয়া, যিবোৰত বসবাস কৰি তোমাৰ মুমিন বান্দাসকলে বিভিন্ন নিয়ামত উপভোগ কৰিব। তথা সেইবোৰৰ অধিবাসী বনাই দিয়া।
Şuara 26:86
তথা মোৰ পিতৃক ক্ষমা কৰি দিয়া, তেওঁ শ্বিৰ্ক কৰাৰ কাৰণে সত্যৰ পৰা আঁতৰি পথভ্ৰষ্টসকলৰ অন্তৰ্ভুক্ত হৈছে। নিজৰ পিতৃৰ বাবে ইব্ৰাহীম আলাইহিচ্ছালামে এই দুআ সেই সময়ত কৰিছিল যেতিয়া তেওঁ জনা নাছিল যে, তেওঁৰ পিতৃ এজন জাহান্নামী। এতেকে যেতিয়া তেওঁ এই বিষয়টো স্পষ্টৰূপে গম পালে, তেতিয়া তেওঁ ইয়াৰ পৰা নিজকে বিৰত ৰাখিলে, তথা তেওঁৰ পিতৃৰ বাবে দুআ কৰা বন্ধ কৰিলে।
Şuara 26:87
তথা মোক সেইদিনা শাস্তি প্ৰদান কৰি অপমানিত নকৰিবা, যিদিনা মানুহক হিচাপ-নিকাচৰ বাবে পুনৰুত্থিত কৰা হ’ব।
Şuara 26:88
যিদিনা কোনো সম্পদ কামত নাহিব, যিবোৰ সম্পদ মানুহে পৃথিৱীত সঞ্চয় কৰিছিল। আনহাতে সন্তান-সন্ততিয়েও কোনো উপকাৰ কৰিব নোৱাৰিব, পৃথিৱীত যিসকলে সিহঁতক সহায় কৰিছিল।
Şuara 26:89
কিন্তু সেই ব্যক্তিৰ বাহিৰে যিয়ে আল্লাহৰ ওচৰত পৱিত্ৰ অন্তৰলৈ আহিব। যি অন্তৰত শ্বিৰ্ক, নিফাক, লোকপ্ৰদৰ্শন, তথা অহংকাৰ আদিৰ কোনো স্থান নাই। তেনেকুৱা ব্যক্তিয়ে নিজৰ ধন-সম্পদৰ দ্বাৰা উপকৃত হ'ব, যি সম্পদ তেওঁ আল্লাহৰ পথত ব্যয় কৰিছিল, লগতে তেওঁ নিজৰ সন্তান-সন্ততিৰ দ্বাৰাও উপকৃত হ'ব, যিসকলে তেওঁৰ বাবে দুআ কৰিব।
Şuara 26:90
জান্নাতক মুত্ত্বাক্বীসকলৰ নিকটৱৰ্তী কৰা হ’ব, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰিছিল আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকিছিল।
Şuara 26:91
হাচৰৰ ময়দানত পথভ্ৰষ্টসকলৰ বাবে জাহান্নাম প্ৰকাশ কৰা হ'ব, যিসকলে সঠিক ধৰ্মৰ পৰা পথভ্ৰষ্ট হৈছিল।
Şuara 26:92
সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’ব, তোমালোকে পূজা-পাঠ কৰা সেই মূৰ্তিবোৰ আজি ক’ত?
Şuara 26:93
আল্লাহক এৰি তোমালোকে যিবোৰৰ উপাসনা কৰিছিলা? সেইবোৰে তোমালোকক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰি সহায় কৰিব পাৰিবনে? নাইবা সেইবোৰে নিজৰেই কিবা উপকাৰ সাধিব পাৰিব নেকি?
Şuara 26:94
ইয়াৰ পিছত সিহঁতক জাহান্নামত ইজনৰ ওপৰত সিজনক নিক্ষেপ কৰা হ’ব, লগতে সিহঁতকো নিক্ষেপ কৰা হ’ব, যিসকলে সিহঁতক পথভ্ৰষ্ট কৰিছিল।
Şuara 26:95
লগতে ইবলীছৰ গোটেই চয়তান সঙ্গীসকলকো জাহান্নামত নিক্ষেপ কৰা হ’ব। সিহঁতৰ কোনেও সাৰি যাব নোৱাৰিব।
Şuara 26:96
মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে যিবোৰক উপাসনা কৰিছিল, তথা যিবোৰক আল্লাহৰ সমকক্ষ স্থিৰ কৰিছিল, সিহঁতৰ লগত সেইদিনা সিহঁতে বাদানুবাদ কৰি ক’বঃ
Şuara 26:97
আল্লাহৰ শপত! নিশ্চিতভাৱে আমি সত্যৰ পৰা স্পষ্টৰূপে পথভ্ৰষ্ট আছিলোঁ।
Şuara 26:98
যেতিয়া আমি তোমালোকক বিশ্বজগতৰ প্ৰতিপালকৰ সমকক্ষ স্থিৰ কৰি লৈছিলোঁ। তেতিয়া তেওঁৰ দৰেই আমি তোমালোকৰো উপাসনা কৰিছিলোঁ।
Şuara 26:99
অপৰাধীসকলেই আমাক সত্যৰ পথৰ পৰা বিভ্ৰান্ত কৰিছিল, যিসকলে আমাক আল্লাহৰ বাহিৰে আনৰ ইবাদতৰ পিনে আহ্বান কৰিছিল।
Şuara 26:100
গতিকে আজি আমাৰ মধ্যস্থতা কৰিবলৈ কোনো নাই। যিয়ে আল্লাহৰ ওচৰত আমাৰ বাবে মধ্যস্থতা কৰি তেওঁৰ শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব।
Şuara 26:101
লগতে আজি আমাৰ কোনো অন্তৰঙ্গ বন্ধুও নাই, যিয়ে আমাৰ হৈ প্ৰতিৰক্ষা কৰিব তথা আমাৰ বাবে মধ্যস্থতা কৰিব।
Şuara 26:102
এতেকে যদি আমাৰ বাবে পুনৰ পৃথিৱীলৈ উভতি যোৱাৰ সুবিধা থাকিলহেঁতেন তেন্তে আমি অৱশ্যে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিলোহেঁতেন।
Şuara 26:103
নিশ্চয় ইব্ৰাহীম আলাইহিচ্ছালামৰ এই ঘটনা তথা অস্বীকাৰকাৰীসকলৰ পৰিণামৰ মাজত সেইসকল লোকৰ বাবে আছে শিক্ষামূলক পাঠ, যিসকলে শিক্ষা গ্ৰহণ কৰিব বিচাৰে। সিহঁতৰ মাজৰ অধিকাংশৰে ঈমান পোষণ কৰাৰ মানসিকতা নাছিল।
Şuara 26:104
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক মহাপৰাক্ৰমশালী, তেওঁ শত্ৰুসকলৰ পৰা প্ৰতিশোধ লয়, কিন্তু সিহঁতৰ মাজৰ যিসকলে তাওবা কৰে, তেওঁলোকৰ প্ৰতি তেওঁ অতি দয়াশীল।
Şuara 26:105
নূহ আলাইহিচ্ছালামক অস্বীকাৰ কৰি তেওঁৰ সম্প্ৰদায়ে গোটেই ৰাছুলসকলকেই অস্বীকাৰ কৰিছিল।
Şuara 26:106
স্মৰণ কৰা সেই সময়ছোৱাক, যেতিয়া সিহঁতৰ বংশীয় ভাই নূহ আলাইহিচ্ছালামে সিহঁতক কৈছিলঃ তোমালোকে আল্লাহক ভয় নকৰা নেকি? তেওঁৰ ভয়ত আনৰ উপাসনা কৰা এৰি নিদিয়া কিয়?!
Şuara 26:107
নিশ্চয় মই তোমালোকৰ ৰাছুল। আল্লাহে মোক তোমালোকৰ পিনে প্ৰেৰণ কৰিছে। মই এজন আমানতদাৰ ব্যক্তি। আল্লাহে মোলৈ যি অহী প্ৰেৰণ কৰে, তাত মই অকণো কম-বেছি নকৰোঁ।
Şuara 26:108
এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা মই তোমালোকক যিবোৰ আদেশ দিওঁ, সেইবোৰ মানি চলা; আৰু মই তোমালোকক যিবোৰ বস্তুৰ পৰা নিষেধ কৰোঁ, সেইবোৰৰ পৰা বিৰত থকা।
Şuara 26:109
মই তোমালোকক মোৰ প্ৰতিপালকৰ পৰা লৈ অহা যি শিক্ষা দি আছোঁ, তাৰ পৰিবৰ্তে তোমালোকৰ পৰা মই কোনো পাৰিশ্ৰমিক বিচৰা নাই। মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব আল্লাহ তাআলাইহে প্ৰদান কৰিব, তেওঁৰ বাহিৰে আন কোনেও নহয়।
Şuara 26:110
এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা মই তোমালোকক যিবোৰ আদেশ দিওঁ, সেইবোৰ মানি চলা; আৰু মই তোমালোকক যিবোৰ বস্তুৰ পৰা নিষেধ কৰোঁ, সেইবোৰৰ পৰা বিৰত থকা।
Şuara 26:111
তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে ক’লেঃ হে নূহ! আমি তোমাৰ দৰে লোকৰ প্ৰতি ঈমান আনিম নেকি? তথা তুমি যি লৈ আহিছা সেইটো অনুসৰণ কৰিম নেকি আৰু সেইমতে আমল কৰিম নেকি? অথচ তোমাক যিসকল লোকে অনুসৰণ কৰে সেই সকলোৱে হৈছে নিম্নশ্ৰেণীৰ লোক আৰু অতি তুচ্ছ। সিহঁতৰ মাজত এজনো প্ৰতিষ্ঠিত তথা নেতৃস্থানীয় ব্যক্তি নাই।
Şuara 26:112
নূহ আলাইহিচ্ছালামে সিহঁতক ক’লেঃ মই কি জানো এই মুমিনসকলে কি কাম কৰিছে? মইতো সিহঁতৰ সংৰক্ষক নহয় যে, সিহঁতৰ সকলো কৰ্ম গণনা কৰি ৰাখিম?!
Şuara 26:113
তেওঁলোকৰ হিচাপ-নিকাচ আল্লাহৰ দায়িত্বত, তেৱেঁই তেওঁলোকৰ প্ৰকাশ্য-অপ্ৰকাশ্য সকলো কৰ্ম সম্পৰ্কে জানে। এইটো মোৰ দায়িত্ব নহয়। আফচোচ! তোমালোকে যদি উপলব্ধি কৰিব পাৰিলাহেঁতেন যে, তোমালোকে কিমান ডাঙৰ কথা কৈছা!
Şuara 26:114
তোমালোকে ঈমান আনিবা বুলি কৈ মোক যি প্ৰস্তাৱ দি আছা, সেই প্ৰস্তাৱ স্বীকাৰ কৰি মই কেতিয়াও মোৰ বৈঠকৰ পৰা মুমিনসকলক আঁতৰাই দিব নোৱাৰোঁ।
Şuara 26:115
মই এজন প্ৰকাশ্য সতৰ্ককাৰী। তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰোঁ।
Şuara 26:116
তেওঁক তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে ক’লেঃ তুমি আমাক যি ধৰ্মৰ পিনে আহ্বান কৰি আছা, যদি তুমি ইয়াৰ পৰা বিৰত নাথাকা তেন্তে নিশ্চয় তোমাক লাঞ্ছিত অপমানিত কৰি শিল দলিয়াই মৃত্যুদণ্ড প্ৰদান কৰা হ’ব।
Şuara 26:117
নূহ আলাইহিচ্ছালামে তেওঁৰ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক’লেঃ হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ সম্প্ৰদায়ে মোক অস্বীকাৰ কৰিছে। তথা তোমাৰ ফালৰ পৰা মই যি লৈ আহিছোঁ, সেয়া সিহঁতে বিশ্বাস কৰা নাই।
Şuara 26:118
এতেকে তুমি, মোৰ আৰু সিহঁতৰ মাজত মীমাংসা কৰি দিয়া, এনেকুৱা মীমাংসা কৰিবা যাতে সিহঁতে অসত্যৰ ওপৰত অটল থকাৰ কাৰণে ধ্বংস হৈ যায়। লগতে মোক আৰু মোৰ সম্প্ৰদায়ৰ মুমিনসকলক সেই শাস্তিৰ পৰা ৰক্ষা কৰা, যি শাস্তিৰ জৰিয়তে তুমি মোৰ সম্প্ৰদায়ৰ কাফিৰসকলক ধ্বংস কৰিবা।
Şuara 26:119
এতেকে আমি তেওঁৰ প্ৰাৰ্থনা কবূল কৰিলোঁ, লগতে তেওঁক আৰু তেওঁৰ লগত থকা মুমিনসকলক ৰক্ষা কৰি সেই নাঁৱত আৰোহণ কৰালোঁ, যিখন নাও মানুহ আৰু জীৱ-জন্তুৰে ভৰা আছিল।
Şuara 26:120
তাৰ পিছত আমি তেওঁৰ সম্প্ৰদায়ৰ বাকী লোকসকলক ধ্বংস কৰিলোঁ।
Şuara 26:121
নূহ আৰু তেওঁৰ সম্প্ৰদায়ৰ এই ঘটনাত তথা নূহ আৰু তেওঁৰ লগত থকা মুমিনসকলৰ নাজাতৰ মাজত, লগতে কাফিৰসকলৰ ধ্বংসৰ মাজত সেইসকল লোকৰ বাবে ডাঙৰ শিক্ষা আছে, যিসকলে শিক্ষা গ্ৰহণ কৰিব বিচাৰে। তথাপিও অধিকাংশ লোকে ঈমান পোষণ কৰা নাছিল।
Şuara 26:122
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক মহাপৰাক্ৰমশালী, তেওঁ শত্ৰুসকলৰ পৰা প্ৰতিশোধ লয়, কিন্তু সিহঁতৰ মাজৰ যিসকলে তাওবা কৰে, তেওঁলোকৰ প্ৰতি তেওঁ অতি দয়ালু।
Şuara 26:123
এইদৰে আদ সম্প্ৰদায়েও সিহঁতৰ ৰাছুল হূদক অস্বীকাৰ কৰি, গোটেই ৰাছুলসকলকেই অস্বীকাৰ কৰিছে।
Şuara 26:124
স্মৰণ কৰা সেই সময়ছোৱাক, যেতিয়া সিহঁতৰ বংশীয় ভাই হূদ আলাইহিচ্ছালামে সিহঁতক কৈছিলঃ তোমালোকে আল্লাহক ভয় নকৰা নেকি? তেওঁৰ ভয়ত আনৰ উপাসনা কৰা এৰি নিদিয়া কিয়?!
Şuara 26:125
নিশ্চয় মই তোমালোকৰ ৰাছুল। আল্লাহে মোক তোমালোকৰ পিনে প্ৰেৰণ কৰিছে। মই এজন বিশ্বস্ত ব্যক্তি। আল্লাহে মোক যি প্ৰচাৰ কৰিবলৈ আদেশ দিছে, তাত মই অকণো কম-বেছি নকৰোঁ।
Şuara 26:126
এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা মই তোমালোকক যিবোৰ আদেশ দিওঁ, সেইবোৰ মানি চলা; আৰু মই তোমালোকক যিবোৰ বস্তুৰ পৰা নিষেধ কৰোঁ, সেইবোৰৰ পৰা বিৰত থকা।
Şuara 26:127
মই তোমালোকক মোৰ প্ৰতিপালকৰ পৰা লৈ অহা যি শিক্ষা দি আছোঁ, তাৰ পৰিবৰ্তে তোমালোকৰ পৰা মই কোনো পাৰিশ্ৰমিক বিচৰা নাই। মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব আল্লাহ তাআলাইহে প্ৰদান কৰিব, তেওঁৰ বাহিৰে আন কোনেও নহয়।
Şuara 26:128
তোমালোকে প্ৰত্যেক উচ্চ স্থানত অলাগতীয়াল স্মাৰক কিয় বনোৱা, অথচ পৃথিৱী আৰু আখিৰাতত সেইবোৰে তোমালোকৰ একো উপকাৰ সাধন কৰিব নোৱাৰে?!
Şuara 26:129
তোমালোকে এনেকুৱা দুৰ্গ আৰু অট্টালিকা নিৰ্মাণ কৰা, এনেকুৱা লাগে যেনিবা তোমালোকে এই পৃথিৱীত অমৰ হৈ থাকিবা, ইয়াৰ পৰা কেতিয়াও বিদায় নল’বা!
Şuara 26:130
লগতে তোমালোকে যেতিয়া কাৰোবাক হত্যা কৰিবলৈ অথবা আঘাত কৰিবলৈ আক্ৰমণ কৰা, তেতিয়া নিৰ্দয় আৰু নিষ্ঠুৰ হৈ আক্ৰমণ কৰা পৰিলক্ষিত হয়।
Şuara 26:131
এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা মই তোমালোকক যিবোৰ আদেশ দিওঁ,সেইবোৰ মানি চলা; আৰু মই তোমালোকক যিবোৰ বস্তুৰ পৰা নিষেধ কৰোঁ, সেইবোৰৰ পৰা বিৰত থকা।
Şuara 26:132
তোমালোকে আল্লাহৰ ক্ৰোধক ভয় কৰা উচিত, তেৱেঁই তোমালোকক এইবোৰ নিয়ামত প্ৰদান কৰিছে, যিবোৰ প্ৰতিভা তোমালোকৰ মাজত আছে।
Şuara 26:133
তেৱেঁই তোমালোকক চতুষ্পদ জন্তু প্ৰদান কৰিছে, তথা তোমালোকক সন্তান-সন্ততি দান কৰিছে।
Şuara 26:134
তোমালোকক প্ৰদান কৰিছে বিভিন্ন বাগান, আৰু প্ৰবাহিত নিজৰা।
Şuara 26:135
হে মোৰ জাতিৰ লোকসকল! মই তোমালোকৰ বিষয়ে এটা ভয়ঙ্গকৰ দিৱসৰ শাস্তিকলৈ ভীত-সন্ত্ৰস্ত। সেই দিৱসটো হৈছে কিয়ামত দিৱস।
Şuara 26:136
তেওঁৰ জাতিৰ লোকসকলে ক’লেঃ তুমি আমাক সদোপদেশ দিয়া নিদিয়া দুয়োটাই সমান। আমি কদাপিও তোমাৰ প্ৰতি ঈমান পোষণ নকৰোঁ। আনহাতে আমি যিটোক অনুসৰণ কৰোঁ, সেইটোক কেতিয়াও বৰ্জন নকৰোঁ।
Şuara 26:137
এইটো দৰাচলতে পূৰ্বৱৰ্তী লোকসকলৰ ধৰ্ম, সিহঁতৰ স্বভাৱ তথা আচৰণৰ বাহিৰে আন একো নহয়।
Şuara 26:138
আমাক কেতিয়াও শাস্তি প্ৰদান কৰা নহ’ব।
Şuara 26:139
এতেকে সিহঁতে সিহঁতৰ নবী হূদক অস্বীকাৰ কৰাত ব্যস্ত থাকিল। ফলত অস্বীকাৰ কৰাৰ কাৰণে আমি সিহঁতক প্ৰচণ্ড ধুমুহাৰ দ্বাৰা ধ্বংস কৰিলোঁ। নিশ্চয় এই বিনাশত শিক্ষা গ্ৰহণকাৰীসকলৰ বাবে আছে শিক্ষা। কিন্তু তথাপিও সিহঁতৰ মাজৰ অধিকাংশই ঈমান পোষণ কৰা নাছিল।
Şuara 26:140
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক মহাপৰাক্ৰমশালী, তেওঁ শত্ৰুসকলৰ পৰা প্ৰতিশোধ লয়, কিন্তু তেওঁৰ বান্দাসকলৰ মাজৰ যিসকলে তাওবা কৰে, তেওঁলোকৰ প্ৰতি তেওঁ অতি দয়াশীল।
Şuara 26:141
ছামূদ জাতিয়েও গোটেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল, কাৰণ সিহঁতে সিহঁতৰ নবী ছলেহক অস্বীকাৰ কৰিছিল।
Şuara 26:142
স্মৰণ কৰা সেই সময়ছোৱাক, যেতিয়া সিহঁতৰ বংশীয় ভাই ছলেহ আলাইহিচ্ছালামে সিহঁতক কৈছিলঃ তোমালোকে আল্লাহক ভয় নকৰা নেকি? তেওঁৰ ভয়ত আনৰ উপাসনা কৰা এৰি নিদিয়া কিয়?!
Şuara 26:143
নিশ্চয় মই তোমালোকৰ ৰাছুল। আল্লাহে মোক তোমালোকৰ পিনে প্ৰেৰণ কৰিছে। আল্লাহে মোক যি প্ৰচাৰ কৰিবলৈ আদেশ দিছে সেই ক্ষেত্ৰত মই এজন বিশ্বস্ত ব্যক্তি, তাত মই অকণো কম-বেছি নকৰোঁ।
Şuara 26:144
এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা মই তোমালোকক যিবোৰ আদেশ দিওঁ, সেইবোৰ মানি চলা; আৰু মই তোমালোকক যিবোৰ বস্তুৰ পৰা নিষেধ কৰোঁ, সেইবোৰৰ পৰা বিৰত থকা।
Şuara 26:145
মই তোমালোকক মোৰ প্ৰতিপালকৰ পৰা লৈ অহা যি শিক্ষা দি আছোঁ, তাৰ পৰিবৰ্তে তোমালোকৰ পৰা মই কোনো পাৰিশ্ৰমিক বিচৰা নাই। মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব আল্লাহ তাআলাইহে প্ৰদান কৰিব, তেওঁৰ বাহিৰে আন কোনেও নহয়।
Şuara 26:146
তোমালোকে এইটো বিচৰা নেকি যে, তোমালোকক এই সুখ-সুবিধা আৰু নিয়ামতৰ মাজত নিৰাপদে এৰি দিয়া হ’ব? তোমালোকে ভয় নোপোৱানে?
Şuara 26:147
উদ্যানসমূহত আৰু জলপ্ৰপাতসমূহৰ মাজত।
Şuara 26:148
খেতি-বাতি আৰু খেজুৰ বাগানৰ মাজত, যিবোৰৰ ফল পকি নৰম হৈছে।
Şuara 26:149
তোমালোকে পৰ্বত কাটি বসবাসযোগ্য ঘৰ নিৰ্মাণ কৰা, লগতে তোমালোক পৰ্বত খননত অতি পাকৈত।
Şuara 26:150
এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা মই তোমালোকক যিবোৰ আদেশ দিওঁ, সেইবোৰ মানি চলা; আৰু মই তোমালোকক যিবোৰ বস্তুৰ পৰা নিষেধ কৰোঁ, সেইবোৰৰ পৰা বিৰত থকা।
Şuara 26:151
তথা সেইসকল লোকৰ অনুসৰণ নকৰিবা, যিসকলে গুনাহত লিপ্ত হৈ নিজৰে অন্যায় কৰে।
Şuara 26:152
যিসকলে পৃথিৱীত পাপকৰ্ম প্ৰচাৰ কৰি উপদ্ৰৱ সৃষ্টি কৰে। তথা আল্লাহৰ আনুগত্য কৰি নিজৰ সংশোধন কৰিব নিবিচাৰে।
Şuara 26:153
তেওঁৰ জাতিৰ লোকসকলে তেওঁক ক’লেঃ তুমি হৈছা সেইসকল লোকৰ মাজৰ এজন, যাক বাৰে বাৰে যাদু কৰা হৈছে; অৱশেষত সেই যাদু মস্তিষ্কত প্ৰভাৱ পেলাইছে, যাৰ ফলত বিবেক নিষ্ক্ৰিয় হৈছে।
Şuara 26:154
তুমি আমাৰ দৰেই এজন মানৱ। আমাতকৈ ভিন্ন তোমাৰ মাজত এনেকুৱা কোনো গুণ নাই, যাৰ ফলত তুমি ৰাছুল হোৱাৰ যোগ্য হ'ব পাৰিবা। যদি তুমি সঁচাই ৰাছুল, তথা যদি তুমি তোমাৰ এই দাবীত সত্যবাদী, তেন্তে নিদৰ্শন (প্ৰতীক) লৈ আহা; যি নিদৰ্শনে প্ৰমাণ কৰিব যে, তুমি আল্লাহৰ ৰাছুল।
Şuara 26:155
আল্লাহে যেতিয়া তেওঁক প্ৰতীক হিচাপে উট প্ৰদান কৰিলে, যিটোক আল্লাহে প্ৰকাণ্ড শিলৰ পৰা উলিয়াইছিল, তেতিয়া ছলেহ আলাইহিচ্ছালামে সিহঁতক ক’লেঃ এইটো উট (হৈছে মোৰ প্ৰতীক), যিটোক তোমালোকে প্ৰকাশ্য চাবও পাৰা আৰু চুবও পাৰা। শুনা! পানী পান কৰাৰ বাবে ইয়াৰ এটা নিৰ্ধাৰিত দিন থাকিব, তথা তোমালোকৰ বাবেও থাকিব নিৰ্ধাৰিত দিন। কিন্তু যিদিনা তোমালোকৰ পাল থাকিব, সেইদিনা এই উট পানী পান কৰিবলৈ নাযাব। আনহাতে যিদিনা এই উটৰ পাল থাকিব, সেইদিনা কিন্তু তোমালোকেও পানী পান কৰিবলৈ যাব নোৱাৰিবা।
Şuara 26:156
লগতে জানি থোৱা, ইয়াক হত্যা অথবা আঘাত কৰা আদি বেয়া উদ্দেশ্যেৰে কেতিয়াও স্পৰ্শ নকৰিবা, অন্যথা ইয়াৰ ফলত আল্লাহৰ এনেকুৱা শাস্তিয়ে তোমালোকক কৰায়ত্ত্ব কৰিব, যি শাস্তিয়ে তোমালোকক বিনাশ কৰিব। সেইদিনটো হ’ব এটা ভয়াৱহ দিন, যিদিনা তোমালোকৰ ওপৰত ঘোৰ প্ৰকোপ অৱতীৰ্ণ হ’ব।
Şuara 26:157
তথাপিও সিহঁতে সেই উটক বধ কৰিবলৈ সকলোৱে একমত হ'ল, আৰু সিহঁতৰ মাজৰ এজন অতি দুৰ্ভগীয়া ব্যক্তিয়ে উটজনীক হত্যা কৰিলে। কিন্তু যেতিয়া সিহঁতে গম পালে যে, সিহঁতৰ এই কৰ্মৰ ফলত নিশ্চিতভাৱে আল্লাহৰ শাস্তি আহিবই, তেতিয়া সিহঁতে আফচোচ কৰিবলৈ ধৰিলে আৰু অনুতপ্ত হ'ল। কিন্তু শাস্তি প্ৰত্যক্ষ কৰাৰ পিছত আফচোচ কৰাৰ কোনো ফল পোৱা নাযায়।
Şuara 26:158
অৱশেষত সেই শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে, যি শাস্তিৰ পৰা সিহঁতক সতৰ্ক কৰা হৈছিল। শাস্তিটো আছিল ভয়াৱহ ভূমিকম্প আৰু প্ৰচণ্ড চিয়ঁৰ। ছলেহ আলাইহিচ্ছালাম আৰু তেওঁৰ জাতিৰ এই ঘটনাৰ মাজত শিক্ষা গ্ৰহণকাৰীসকলৰ বাবে আছে শিক্ষা। তথাপিও সিহঁতৰ মাজৰ অধিকাংশই ঈমান পোষণ কৰা নাছিল।
Şuara 26:159
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক মহাপৰাক্ৰমশালী, তেওঁ শত্ৰুসকলৰ পৰা প্ৰতিশোধ লয়, কিন্তু তেওঁৰ বান্দাসকলৰ মাজৰ যিসকলে তাওবা কৰে, তেওঁলোকৰ প্ৰতি তেওঁ অতি দয়াশীল।
Şuara 26:160
লূত সম্প্ৰদায়েও গোটেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল, কাৰণ সিহঁতে সিহঁতৰ নবী লূতক অস্বীকাৰ কৰিছিল।
Şuara 26:161
স্মৰণ কৰা সেই সময়ছোৱাক, যেতিয়া সিহঁতৰ বংশীয় ভাই লূত আলাইহিচ্ছালামে সিহঁতক কৈছিলঃ তোমালোকে আল্লাহক ভয় নকৰা নেকি? তেওঁক ভয় কৰি শ্বিৰ্ক কৰ্ম এৰি নিদিয়া কিয়?!
Şuara 26:162
নিশ্চয় মই তোমালোকৰ ৰাছুল। আল্লাহে মোক তোমালোকৰ পিনে প্ৰেৰণ কৰিছে। আল্লাহে মোক যি প্ৰচাৰ কৰিবলৈ আদেশ দিছে সেই ক্ষেত্ৰত মই এজন বিশ্বস্ত ব্যক্তি, তাত মই অকণো কম-বেছি নকৰোঁ।
Şuara 26:163
এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা মই তোমালোকক যিবোৰ আদেশ দিওঁ, সেইবোৰ মানি চলা; আৰু মই তোমালোকক যিবোৰ বস্তুৰ পৰা নিষেধ কৰোঁ, সেইবোৰৰ পৰা বিৰত থকা।
Şuara 26:164
মই তোমালোকক মোৰ প্ৰতিপালকৰ পৰা লৈ অহা যি শিক্ষা দি আছোঁ, তাৰ পৰিবৰ্তে তোমালোকৰ পৰা মই কোনো পাৰিশ্ৰমিক বিচৰা নাই। মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব আল্লাহ তাআলাইহে প্ৰদান কৰিব, তেওঁৰ বাহিৰে আন কোনেও নহয়।
Şuara 26:165
তোমালোকে পুৰুষসকলৰ পিছফালৰ লজ্জাস্থানত কিয় উপগত হোৱা?
Şuara 26:166
ইপিনে নিজৰ পত্নীৰ সন্মুখৰ লজ্জাস্থান বৰ্জন কৰা, যিটোক আল্লাহে তোমালোকৰ কামভাৱ পূৰণৰ বাবে সৃষ্টি কৰিছে। বৰং তোমালোকে সেই অশ্লীল কৰ্মত লিপ্ত হৈ আল্লাহৰ সীমা ৰেখা উলঙ্ঘা কৰিছা।
Şuara 26:167
তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক’লেঃ হে লূত! যদি তুমি আমাৰ এই কৰ্মক নিষেধ কৰাৰ পৰা আৰু ইয়াক নিন্দা কৰাৰ পৰা বিৰত নাথাকা, তেন্তে আমি তোমাক আৰু তোমাৰ সৈতে যিসকল আছে, সিহঁত আটাইকে আমাৰ সমাজৰ পৰা বহিষ্কৃত কৰিম।
Şuara 26:168
লূত আলাইহিচ্ছালামে সিহঁতক কলেঃ নিশ্চয় মই তোমালোকৰ এই কৰ্মক অপছন্দ কৰোঁ তথা ঘৃণা কৰোঁ।
Şuara 26:169
তেওঁ নিজ প্ৰতিপালকক প্ৰাৰ্থনা কৰি ক’লেঃ হে মোৰ প্ৰতিপালক! তুমি মোক আৰু মোৰ পৰিয়ালবৰ্গক সেই শাস্তিৰ পৰা ৰক্ষা কৰা, যি শাস্তি ইহঁতৰ এই অশ্লীল কৰ্মকাণ্ডৰ কাৰণে ইহঁতলোকৰ ওপৰত অৱতীৰ্ণ হ’ব।
Şuara 26:170
এতেকে আমি তেওঁৰ প্ৰাৰ্থনা স্বীকাৰ কৰিলোঁ আৰু তেওঁৰ গোটেই পৰিয়ালবৰ্গক ৰক্ষা কৰিলোঁ।
Şuara 26:171
কিন্তু তেওঁৰ পত্নীৰ বাহিৰে। কাৰণ তাই কাফিৰ আছিল। গতিকে তায়ো ধ্বংস আৰু বিনাশ হোৱা লোকসকলৰ অন্তৰ্ভুক্ত হৈছিল।
Şuara 26:172
ইয়াৰ পিছত লূত আলাইহিচ্ছালাম আৰু তেওঁৰ পৰিয়ালবৰ্গ যেতিয়া (ছাদুম) জনবসতিৰ পৰা ওলাই গৈছিল, তেতিয়া আমি অৱশিষ্ট লোকসকলক পৰিপূৰ্ণৰূপে ধ্বংস তথা বিনাশ কৰিছিলোঁ।
Şuara 26:173
আমি সিহঁতৰ ওপৰত বৰষুণৰ দৰে শিল বৰ্ষণ কৰিছিলোঁ। সেই বৰষুণ কিমান নিকৃষ্ট আছিল, যিটোৰ পৰা লূত আলাইহিচ্ছালামে সিহঁতক সতৰ্ক কৰিছিল আৰু আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱাইছিল যে, যদি সিহঁতে এই নিকৃষ্ট অশ্লীল কৰ্মৰ পৰা বিৰত নাথাকে তেন্তে সিহঁতে আল্লাহৰ শাস্তিৰ সন্মুখীন হ’ব।
Şuara 26:174
লূত আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ ওপৰত নামি অহা এই শাস্তিৰ মাজত, শিক্ষাগ্ৰহণকাৰী সকলৰ বাবে আছে ডাঙৰ শিক্ষা, যিটো সিহঁতৰ প্ৰকাশ্য অশ্লীলতাৰ কাৰণে অৱতীৰ্ণ হৈছিল। তথাপিও সিহঁতৰ মাজৰ অধিকাংশই ঈমান পোষণ কৰা নাছিল।
Şuara 26:175
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক মহাপৰাক্ৰমশালী, তেওঁ শত্ৰুসকলৰ পৰা প্ৰতিশোধ লয়, কিন্তু তেওঁৰ বান্দাসকলৰ মাজৰ যিসকলে তাওবা কৰে, তেওঁলোকৰ প্ৰতি তেওঁ অতি দয়াশীল।
Şuara 26:176
ঘন গছ-গছনি থকা (আইকাহ নামক) গাওঁবাসীসকলেও ৰাছুলসকলক অস্বীকাৰ কৰিছিল, যেতিয়া সিহঁতে সিহঁতৰ নবী শ্বুআইবক অস্বীকাৰ কৰিছিল।
Şuara 26:177
স্মৰণ কৰা সেই সময়ছোৱাক, যেতিয়া সিহঁতৰ নবী শ্বুআইব আলাইহিচ্ছালামে সিহঁতক কৈছিলঃ তোমালোকে আল্লাহক ভয় নকৰা নেকি? তেওঁৰ ভয়ত আনৰ উপাসনা কৰা এৰি নিদিয়া কিয়?!
Şuara 26:178
নিশ্চয় মই তোমালোকৰ প্ৰতি প্ৰেৰিত ৰাছুল। আল্লাহে মোক তোমালোকৰ পিনে প্ৰেৰণ কৰিছে। মই যি প্ৰচাৰ কৰি আছোঁ সেই ক্ষেত্ৰত মই এজন বিশ্বস্ত ব্যক্তি, মোক প্ৰচাৰ কৰিবলৈ যি আদেশ দিয়া হৈছে তাত মই অকণো কম-বেছি নকৰোঁ।
Şuara 26:179
এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা মই তোমালোকক যিবোৰ আদেশ দিওঁ, সেইবোৰ মানি চলা; আৰু মই তোমালোকক যিবোৰ বস্তুৰ পৰা নিষেধ কৰোঁ, সেইবোৰৰ পৰা বিৰত থকা।
Şuara 26:180
মই তোমালোকক মোৰ প্ৰতিপালকৰ পৰা লৈ অহা যি শিক্ষা দি আছোঁ, তাৰ পৰিবৰ্তে তোমালোকৰ পৰা মই কোনো পাৰিশ্ৰমিক বিচৰা নাই। মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব আল্লাহ তাআলাইহে প্ৰদান কৰিব, তেওঁৰ বাহিৰে আন কোনেও নহয়।
Şuara 26:181
শুনা! বিক্ৰীৰ কৰাৰ সময়ত মানুহক পৰিপূৰ্ণৰূপে ওজন কৰি দিবা। সেইসকল লোকৰ অন্তৰ্ভুক্ত নহ’বা, যিসকলে কিবা বিক্ৰী কৰিলে মানুহক ওজনত ক'ম দিয়ে।
Şuara 26:182
তথা মানুহক ওজন কৰি দিয়াৰ সময়ত সঠিক তৰ্জুৰে ওজন কৰি দিবা।
Şuara 26:183
মানুহক সিহঁতৰ অধিকাৰৰ পৰা বঞ্চিত নকৰিবা। লগতে অধিক পাপ কৰ্ম কৰি পৃথিৱীত উপদ্ৰৱ নকৰিবা।
Şuara 26:184
সেই সত্ত্বাৰ তাক্বৱা অৱলম্বন কৰা, যিজনে তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকৰ পূৰ্বৱৰ্তী উম্মতসমূহক সৃষ্টি কৰিছে; লগতে তেওঁক ভয় কৰা, যাতে তেওঁ তোমালোকৰ ওপৰত শাস্তি অৱতীৰ্ণ নকৰে।
Şuara 26:185
শ্বুআইব আলাইহিচ্ছালামৰ সম্প্ৰদায়ে তেওঁক ক’লেঃ দৰাচলতে তুমি সেইসকল লোকৰ অন্তৰ্ভুক্ত, যাক বাৰে বাৰে যাদু কৰা হৈছে, অৱশেষত যাদুৰ প্ৰভাৱত তুমি বিবেকহীন হৈ পৰিছা, তথা বোধশক্তি হেৰাইছে।
Şuara 26:186
তুমি দেখোন আমাৰ দৰেই এজন সাধাৰণ মানৱ। আমাতকৈ ভিন্ন তোমাৰ মাজত কোনো বিশেষত্ব নাই। তেনেস্থলত তুমি কেনেকৈ ৰাছুল হ’ব পাৰা? তুমি নিজকে ৰাছুল হোৱাৰ যি দাবী কৰি আছা, এই ক্ষেত্ৰত আমি তোমাক মিছলীয়া বুলি ভাৱোঁ।
Şuara 26:187
যদি তুমি নিজৰ এই দাবীত সত্যবাদী, তেন্তে তুমি আমাৰ ওপৰত আকাশৰ এটা টুকুৰা পেলাই দেখুৱাচোন।
Şuara 26:188
শ্বুআইব আলাইহিচ্ছালামে সিহঁতক ক’লেঃ তোমালোকে যিবোৰ শ্বিৰ্ক আৰু পাপ কৰ্ম কৰি আছা, মোৰ প্ৰতিপালক সেইবোৰৰ বিষয়ে ভালকৈয়ে অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
Şuara 26:189
তথাপিও সিহঁতে শ্বুআইব আলাইহিচ্ছালামক অস্বীকাৰ কৰা কাৰ্যত ব্ৰতী থাকিল। ফলত ভয়ঙ্কৰ শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে। প্ৰচণ্ড গৰমৰ দিনা, ক’লা মেঘে আকাশ ছানি ধৰাৰ পিছত জুই বৰ্ষণ হ’বলৈ ধৰিলে আৰু সিহঁত সেই জুইত ভস্মীভূত হ’ল।
Şuara 26:190
নিশ্চয় শ্বুআইব আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ ধ্বংসৰ মাজত, শিক্ষাগ্ৰহণকাৰী সকলৰ বাবে আছে ডাঙৰ শিক্ষা। তথাপিও সিহঁতৰ মাজৰ অধিকাংশই ঈমান পোষণ কৰা নাছিল।
Şuara 26:191
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক মহাপৰাক্ৰমশালী, তেওঁ শত্ৰুসকলৰ পৰা প্ৰতিশোধ লয়, কিন্তু তেওঁৰ বান্দাসকলৰ মাজৰ যিসকলে তাওবা কৰে, তেওঁলোকৰ প্ৰতি তেওঁ অতি দয়াশীল।
Şuara 26:192
নিঃসন্দেহে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই কোৰআন, বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ কৰা হৈছে।
Şuara 26:193
বিশ্বস্ত ফিৰিস্তা জিব্ৰীল আলাইহিচ্ছালামে ইয়াকলৈ অৱতৰণ কৰিছে।
Şuara 26:194
হে ৰাছুল! তেৱেঁই এই কোৰআনৰ বাণীলৈ আপোনাৰ অন্তৰত অৱতৰণ কৰিছে, যাতে আপুনি সেইসকল ৰাছুলৰ অন্তৰ্ভুক্ত হয়, যিসকলে মানুহক সতৰ্ক কৰে তথা যিসকলে আল্লাহৰ শাস্তিৰ পৰা মানুহক ভয় দেখুৱায়।
Şuara 26:195
বিশুদ্ধ আৰু স্পষ্ট আৰবী ভাষাত ইয়াক অৱতীৰ্ণ কৰিছে।
Şuara 26:196
এই কোৰআন সম্পৰ্কে পূৰ্বৱৰ্তী গ্ৰন্থসমূহতো বৰ্ণনা আহিছে। গতিকে ইয়াৰ বিষয়ে বিগত ঐশী গ্ৰন্থসমূহতো সুসংবাদ দিয়া হৈছে।
Şuara 26:197
এই অস্বীকাৰকাৰীসকলৰ বাবে এইটো আপোনাৰ সত্যতাৰ প্ৰতীক নহয়নে যে, আব্দুল্লাহ বিন ছালামৰ দৰে বনী ইছৰাঈলৰ বিদ্যানসকলেও আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা এই কোৰআনৰ বাস্তৱিকতা সম্পৰ্কে সুপৰিচিত?!
Şuara 26:198
যদি আমি এই কোৰআনখনক কোনো আজমী (অৰ্থাৎ অনাৰব) ব্যক্তিৰ ওপৰত অৱতীৰ্ণ কৰিলোহেঁতেন, যিয়ে আৰবীত কথা ক’ব নোৱাৰে।
Şuara 26:199
তেওঁ যদি সিহঁতৰ সন্মুখত এই কোৰআনখন তিলাৱত কৰিলেহেঁতেন, তথাপিও সিহঁতে ঈমান পোষণ নকৰিলেহেঁতেন। তেতিয়া সিহঁতে এই যুক্তি প্ৰক্ষেপ কৰিলেহেঁতেন যে, আমি এইখন বুজি নাপাওঁ। গতিকে সিহঁতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত যে, কোৰআনখন সিহঁতৰ নিজৰ ভাষাত অৱতীৰ্ণ কৰা হৈছে।
Şuara 26:200
এইদৰেই আমি অস্বীকাৰ আৰু কুফৰীৰ প্ৰবৃত্তি অপৰাধীসকলৰ অন্তৰত সোমাই দিছোঁ।
Şuara 26:201
সিহঁতে যি কুফৰীত লিপ্ত হৈ আছে, সিহঁতৰ সেই অৱস্থা কেতিয়াও পৰিবৰ্তন নহ’ব, যেতিয়ালৈকে সিহঁতে কষ্টদায়ক শাস্তি প্ৰত্যক্ষ নকৰিব।
Şuara 26:202
সিহঁতৰ ওপৰত এই শাস্তি আকস্মিক আহিব। এই শাস্তি যেতিয়া আহিব সিহঁতে গমেই নাপাব।
Şuara 26:203
যেতিয়া সিহঁতৰ ওপৰত আকস্মিক শাস্তি নামি আহিব তেতিয়া সিহঁতে প্ৰচুৰ অনুতাপ কৰি ক'বঃ আমি কিছু সময়ৰ বাবে হলেও অৱকাশ পামনে, যাতে আল্লাহৰ ওচৰত তাওবা কৰিব পাৰোঁ?!
Şuara 26:204
এই কাফিৰসকলে আমাৰ শাস্তিৰ বাবে ইমান খৰধৰ কিয় কৰি আছে, সিহঁতে কয়ঃ আমি তোমাৰ প্ৰতি কেতিয়াও ঈমান পোষণ নকৰোঁ, যেতিয়ালৈকে তুমি ভৱা অনুযায়ী আমাৰ ওপৰত আকাশৰ কোনো টুকুৰা ভাঙি নপৰে।
Şuara 26:205
হে ৰাছুল! আপুনি কওকচোন, আপুনি যি লৈ আহিছে সেইটোৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা বিমুখ হোৱা এই কাফিৰসকলক যদি আমি দীৰ্ঘ সময়লৈকে নিয়ামত উপভোগ কৰাৰ সুযোগ দিওঁ,
Şuara 26:206
এতেকে নিয়ামত উপভোগ কৰা এই সময়ছোৱা শেষ হোৱাৰ পিছত, যদি সেই শাস্তি আহি পৰে, যি শাস্তিৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছে।
Şuara 26:207
পৃথিৱীত সিহঁতে যিবোৰ নিয়ামত উপভোগ কৰিলে, সেইবোৰে সিহঁতক কিবা উপকাৰ কৰিবনে? সেইবোৰ নিয়ামতৰ কেতিয়াবাই সমাপ্তি ঘটিছে, একোৱেই উপকাৰ সাধন কৰিব পৰা নাই।
Şuara 26:208
আমি বিগত যিমানবোৰ উম্মতক ধ্বংস কৰিছোঁ, সেইবোৰৰ মাজত প্ৰথমে ৰাছুল প্ৰেৰণ কৰি আৰু কিতাব অৱতীৰ্ণ কৰি সিহঁতৰ অজুহাত দেখুৱাৰ দুৱাৰ বন্ধ কৰিছোঁ।
Şuara 26:209
সিহঁতক সুপথ দেখুৱাবলৈ আৰু উপদেশ প্ৰদান কৰিবলৈ। যিহেতু পূৰ্বেই আমি সিহঁতৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰি আৰু কিতাব অৱতীৰ্ণ কৰি সিহঁতক সুযোগ প্ৰদান কৰিছিলোঁ, গতিকে ইয়াৰ পিছত সিহঁতক শাস্তি দিয়াটো কোনো অন্যায় নাছিল।
Şuara 26:210
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্তৰত এই কোৰআনখন কোনো চয়তানে অৱতীৰ্ণ কৰা নাই।
Şuara 26:211
এইটো কেতিয়াও সম্ভৱ নহয় যে, সি আপোনাৰ অন্তৰত অৱতৰণ কৰিব, এই শক্তি চয়তানৰ ওচৰত নাই।
Şuara 26:212
সিহঁতে এইটো কেতিয়াও কৰিব নোৱাৰে, কাৰণ আকাশৰ সেই স্থানৰ পৰাও সিহঁতক বিতাৰিত কৰা হৈছে। গতিকে তেনেস্থলত সি কেনেকৈ তালৈ যাব পাৰে আৰু সেই বাণীলৈ অৱতৰণ কৰিব পাৰে?
Şuara 26:213
গতিকে আপুনি আল্লাহৰ সৈতে আন কোনো উপাস্যৰ উপাসনা নকৰিব। অন্যথা আপুনিও ইয়াৰ ফলত শাস্তি ভোগ কৰিব লাগিব।
Şuara 26:214
হে ৰাছুল! আপুনি আপোনাৰ সম্প্ৰদায়ৰ যিজন যিমান নিকটৱৰ্তী, তাক সিমান সোনকালে সতৰ্ক কৰক, কাৰণ যদি সিহঁত শ্বিৰ্কত লিপ্ত থাকে তেন্তে আল্লাহৰ শাস্তিয়ে সিহঁতক স্পৰ্শ কৰিব।
Şuara 26:215
লগতে মুমিনসকলৰ মাজৰ যিসকলে আপোনাক অনুসৰণ কৰে তেওঁলোকৰ বাবে দয়া আৰু কোমলতাৰ সৈতে আপুনি আপোনাৰ বাহু অৱনত কৰক।
Şuara 26:216
যদি সিহঁতে আপোনাক অৱজ্ঞা কৰে, লগতে আল্লাহৰ তাওহীদ আৰু তেওঁৰ আনুগত্যৰ প্ৰতি জনোৱা আপোনাৰ আহ্বানত যদি সঁহাৰি নিদিয়ে তেন্তে আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকে যিবোৰ শ্বিৰ্ক আৰু পাপ কৰ্ম কৰা, সেইবোৰৰ লগত মোৰ কোনো সম্পৰ্ক নাই।
Şuara 26:217
আপুনি আপোনাৰ সকলো কৰ্মত সেই সত্ত্বাৰ ওপৰত ভৰসা কৰক, যিজন মহাপৰাক্ৰমশালী তথা নিজৰ শত্ৰুৰ পৰা প্ৰতিশোধ গ্ৰহণকাৰী। কিন্তু তেওঁৰ ওচৰলৈ যিসকলে প্ৰত্যাৱৰ্তন কৰে, তেওঁলোকৰ প্ৰতি তেওঁ অতি দয়ালু।
Şuara 26:218
যেতিয়া আপুনি চালাতত থিয় হয়, তেতিয়াও তেওঁ আপোনাৰ গতি-বিধি লক্ষ্য কৰে।
Şuara 26:219
চালাতত থকা অৱস্থাত আপুনি যেতিয়া এটা অৱস্থাৰ পৰা আনটো অৱস্থালৈ যায়, তেতিয়াও পৱিত্ৰ আল্লাহে আপোনাক লক্ষ্য কৰে। তেওঁৰ পৰা আপোনাৰ তথা আন কোনো লোকৰ কোনো কৰ্মই গোপন নহয়।
Şuara 26:220
চালাতত আপুনি কোৰআনৰ পৰা যি তিলাৱত কৰে আৰু যিবোৰ দুআ পাঠ কৰে, সেই সকলোবোৰ তেওঁ শুনে। লগতে আপোনাৰ নিয়্যত সম্পৰ্কেও তেওঁ অৱগত।
Şuara 26:221
তোমালোকে যে ধাৰণা কৰা এই কোৰআনখনক চয়তানে অৱতীৰ্ণ কৰিছে। শুনা! মই তোমালোকক জনামনে চয়তান কাৰ ওপৰত অৱতৰণ কৰে?
Şuara 26:222
চয়তান অৱতৰণ কৰে প্ৰত্যেক মহাপাপী, মিছলীয়া জ্যোতিষীৰ ওপৰত।
Şuara 26:223
চয়তানে গোপনে ফিৰিস্তাসকলৰ কথা শুনে, তাৰ পিছত সেই কথা সিহঁতৰ জ্যোতিষী বন্ধুক জনাই দিয়ে। অধিকাংশ জ্যোতিষীয়েই হৈছে মিছলীয়া। যদি সিহঁতৰ এটা কথা সঁচা হয় তেন্তে তাৰ সৈতে আৰু এশটা মিছা কথা মিশ্ৰিত কৰে।
Şuara 26:224
আনহাতে তোমালোকে যে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কবি বুলি ধাৰণা কৰা, তোমালোকে নাজানা নেকি যে, কবিসকলক কেৱল সঠিক পথৰ পৰা বিভ্ৰান্ত লোকেহে অনুসৰণ কৰে, যিসকলে সিহঁতে গোৱা কবিতাবোৰক প্ৰাধান্য দিয়ে।
Şuara 26:225
হে ৰাছুল! আপুনি লক্ষ্য কৰা নাইনে, সিহঁতৰ পথভ্ৰষ্টতাৰ নিদৰ্শনৰ অন্যতম এটা হৈছে এই যে, সিহঁতে উদ্ভ্ৰান্ত হৈ যিকোনো উপত্যকাত ঘূৰি ফুৰে। কেতিয়াবা প্ৰশংসাৰ উপত্যকাত বাহৰ পাতে, আকৌ কেতিয়াবা নিন্দা তিৰস্কাৰৰ উপত্যকাত ফুটনি মাৰি ফুৰে। আকৌ কেতিয়াবা এই দুয়োটাৰ বাহিৰে বেলেগ কোনো বিষয়ত লাগি থাকে।
Şuara 26:226
নিশ্চয় সিহঁত মিছলীয়া। সিহঁতে কয়ঃ আমি ইটো কৰিছোঁ, সিটো কৰিছোঁ, দৰাচলতে একো কৰা নাই।
Şuara 26:227
কিন্তু যিসকল কবিয়ে ঈমান পোষণ কৰিছে; আৰু সৎকৰ্ম কৰিছে তথা আল্লাহক বেছি বেছি স্মৰণ কৰিছে, লগতে শত্ৰুৰ নিৰ্যাতন সহ্য কৰাৰ পিছত প্ৰতিশোধ লৈছে, তেওঁলোকৰ বিষয়টো সুকীয়া। যেনেঃ হাচ্ছান বিন ছাবিত ৰাদ্বিয়াল্লাহু আনহু। আনহাতে যিসকলে আল্লাহৰ লগত শ্বিৰ্ক কৰি অন্যায় কৰিছে তথা তেওঁৰ বান্দাসকলৰ লগত দুৰ্ব্যৱহাৰ কৰি অত্যাচাৰ কৰিছে, সিহঁতে অতিশীঘ্ৰে গম পাব যে, সিহঁতৰ পৰিণাম কেনেকুৱা হ’ব? নিশ্চিতভাৱে সিহঁতে এটা কঠিন সন্ধিক্ষণৰ আৰু পুংখানুপুংখ হিচাপ-নিকাচৰ সন্মুখীন হ’ব।
Neml 27:1
(ত্ব-ছীন) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই আয়াতবোৰ স্পষ্ট গ্ৰন্থ তথা কোৰআনৰ আয়াত, যিবোৰৰ মাজত কোনো ধৰণৰ বেমেজালি নাই। যিয়েই ইয়াকলৈ গৱেষণা কৰিব, তেৱেঁই গম পাব যে, নিশ্চিতভাৱে এইখন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ।
Neml 27:2
এই আয়াতবোৰ হৈছে সত্যৰ পথপ্ৰদৰ্শক আৰু সত্যৰ সহযাত্ৰী। লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা মুমিনসকলৰ বাবে সুসংবাদবাহক।
Neml 27:3
যিসকলে পৰিপূৰ্ণৰূপে চালাত আদায় কৰে, নিজৰ ধন-সম্পদৰ উপযুক্ত শিতানত যাকাত প্ৰদান কৰে। লগতে তেওঁলোকে আখিৰাতৰ ছোৱাব আৰু শাস্তিক মনে প্ৰাণে বিশ্বাস কৰে।
Neml 27:4
যিসকল কাফিৰে আখিৰাতক, লগতে ইয়াৰ ছোৱাব আৰু শাস্তিক বিশ্বাস নকৰে, নিশ্চিতভাৱে সিহঁতৰ কুকৰ্মবোৰক সিহঁতৰ বাবে সুন্দৰ কৰি দিয়া হৈছে। গতিকে সিহঁত সেইবোৰৰ মাজতে ব্যস্ত থাকে। সেয়ে সিহঁত উদ্ভ্ৰান্ত হৈ সেইবোৰৰ মাজতে ঘূৰি ফুৰি থাকিব, কেতিয়াও হিদায়ত তথা সুপথ বিচাৰি নাপাব।
Neml 27:5
উক্ত বৈশিষ্ট্যৰ অধিকাৰী লোকসকলৰ বাবেই পৃথিৱীত আছে হত্যা আৰু বন্দীত্বৰ দৰে বেয়া শাস্তি। তথা সিহঁতেই আখাৰিতত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব। কাৰণ সিহঁতে কিয়ামতৰ দিনা নিজকে আৰু নিজৰ পৰিয়ালক জাহান্নামৰ অধিবাসী কৰি ক্ষতিৰ সন্মুখীন হ’ব।
Neml 27:6
হে ৰাছুল! নিশ্চিতভাৱে আপোনাৰ প্ৰতি অৱতীৰ্ণ এই কোৰআন সেই সত্ত্বাৰ পৰা প্ৰাপ্ত, যিজন সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনাত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। তেওঁ সৰ্বজ্ঞ, বান্দাসকলৰ লাভদায়ক কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
Neml 27:7
হে ৰাছুল! স্মৰণ কৰক, যেতিয়া মুছা আলাইহিচ্ছালামে তেওঁৰ পৰিয়ালবৰ্গক কৈছিলঃ মই জুই দেখা পাইছোঁ, নিশ্চয় মই সেই জুই জ্বলোৱা ব্যক্তিৰ পৰা পথ সম্পৰ্কে খা-খবৰ লৈ আহিম, নাইবা তাৰ পৰা একুৰা জুই লৈ আহিম, যাতে তোমালোকে শীতৰ পৰা অলপ ৰক্ষা পোৱা।
Neml 27:8
যেতিয়া তেওঁ প্ৰত্যক্ষ কৰা সেই জুইকুৰাৰ ওচৰ পালেগৈ, তেতিয়া আল্লাহে তেওঁক আহ্বান কৰি ক'লেঃ পৱিত্ৰ সেই সত্ত্বা যিজন ইয়াৰ মাজত আছে, তথা সেইসকল ফিৰিস্তা যিসকল ইয়াৰ ওচৰে পাঁজৰে আছে। নিশ্চিতভাৱে বিশ্বজগতৰ প্ৰতিপালক মহাপৱিত্ৰ, তেওঁ সেইসকলো দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ, যিবোৰ তেওঁৰ বাবে অনুপযুক্ত। তথাপিও বহুতো বিভ্ৰান্ত লোকে সেইবোৰ দোষ-ত্ৰুটিৰে তেওঁক বিশেষিত কৰে।
Neml 27:9
আল্লাহে তেওঁক ক’লেঃ হে মুছা! ময়ে আল্লাহ, মহাপৰাক্ৰমশালী। মোক কোনেও পৰাজিত কৰিব নোৱাৰে। নিশ্চয় মই সৃষ্টি কৰাৰ ক্ষেত্ৰত, পৰিচালনাত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
Neml 27:10
(আদেশ হ'ল) আপুনি আপোনাৰ লাখুটিডাল নিক্ষেপ কৰক। এতেকে মুছাই সেই আদেশ পালন কৰি তেওঁৰ লাখুটিডাল নিক্ষেপ কৰিলে। কিন্তু যেতিয়া তেওঁ ইয়াক প্ৰকাণ্ড সাপৰ দৰে লৰচৰ কৰা দেখিলে তেতিয়া পিচমোৱা হৈ দৌৰিবলৈ ধৰিলে, আনকি পিছলৈয়ো ঘূৰি নাচালে। তেতিয়া আল্লাহে তেওঁক ক'লেঃ ইয়াক দেখি ভয় নাখাবা। কিয়নো আমাৰ ৰাছুলসকলে কেতিয়াও সাপ আদিক দেখি ভয় নকৰে।
Neml 27:11
কিন্তু যিয়ে গুনাহ কৰি নিজৰ ওপৰত অন্যায় কৰিছে, তাৰ পিছত যদি সি তাওবা কৰে তেন্তে নিশ্চয় মই তাক ক্ষমা কৰিম আৰু তাৰ প্ৰতি মই অতি দয়ালু।
Neml 27:12
আপুনি আপোনাৰ হাতখন কাষলতিত সোমাই দিয়ক, চাব আপোনাৰ হাত কোনো ৰোগ নোহোৱাকৈ বৰফৰ দৰে বগা হৈ ওলাই আহিব। এইটো সেই নটা নিদৰ্শনৰ এটা, যিবোৰে আপোনাৰ সত্যতা বহন কৰে। সেইবোৰ হৈছে যেনেঃ লাখুটি, (উজ্জ্বল) হাত, দুৰ্ভিক্ষ, ফল-মূলৰ নাটনি, প্ৰবল ধুমুহা, কাকতি ফৰিং, ওকণি, ভেকুলী আৰু তেজ। এইবোৰ লৈ আপুনি ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ওচৰলৈ যাওক। নিশ্চয় ইহঁত কুফৰীৰ জৰিয়তে আল্লাহৰ আনুগত্যৰ পৰা ওলাই যোৱা লোক।
Neml 27:13
এতেকে যেতিয়া সিহঁতৰ ওচৰত আমাৰ এই স্পষ্ট আৰু প্ৰত্যক্ষ নিদৰ্শনবোৰ আহিল, যিবোৰৰ দ্বাৰা আমি মুছাক সহায় সমৰ্থন কৰিছিলোঁ। তেতিয়া সিহঁতে ক’লেঃ মুছাই লৈ অহা এই নিদৰ্শনবোৰ হৈছে প্ৰকাশ্য যাদু।
Neml 27:14
সিহঁতে এই স্পষ্ট নিদৰ্শনবোৰ মানিবলৈ অস্বীকাৰ কৰিলে, তথা সেইবোৰৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নিদিলে। যদিও সিহঁতৰ অন্তৰে স্পষ্টৰূপে এই কথা স্বীকাৰ কৰিছিল যে, এইবোৰ আল্লাহৰ ফালৰ পৰা আহিছে। কিন্তু সিহঁতে অন্যায় অত্যাচাৰ আৰু অহংকাৰৰ বশৱৰ্তী হৈ সত্য প্ৰকাশ কৰা নাছিল। হে ৰাছুল! আপুনি ভাৱি চাওকচোন! পৃথিৱীত কুফৰী আৰু পাপ কৰ্মৰ জৰিয়তে উপদ্ৰৱ সৃষ্টি কৰা লোকসকলৰ যুগে যুগে কি পৰিণাম হৈছিল! নিশ্চিতভাৱে আমি সিহঁতক ধ্বংস কৰিছিলোঁ তথা আটাইকে বিনাশ কৰিছিলোঁ।
Neml 27:15
নিশ্চয় আমি দাউদ আৰু তেওঁৰ পুত্ৰ ছুলাইমানক জ্ঞান দান কৰিছিলোঁ। যেনেঃ চৰাই-চিৰিকটিৰ কথা বুজাৰ জ্ঞান। দাউদ আৰু ছুলাইমান উভয়েই প্ৰভুত্বশালী মহান আল্লাহৰ কৃতজ্ঞতা স্বীকাৰ কৰি কৈছিলঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিজনে আমাক বিশেষ জ্ঞান আৰু নবুওৱত প্ৰদান কৰি তেওঁৰ বহুতো বান্দাৰ ওপৰত আমাক প্ৰাধান্য দিছে।
Neml 27:16
ছুলাইমান আলাইহিচ্ছালামে তেওঁৰ পিতা দাউদৰ পৰা নবুওৱত, জ্ঞান আৰু ৰাজত্বৰ উত্তৰাধিকাৰী হৈছিল। আল্লাহে তেওঁলোক দুয়োকে যিবোৰ নিয়ামত প্ৰদান কৰিছিল, তেওঁ সেইবোৰৰ বিষয়ে বিৱৰণ দি কৈছেঃ হে মানৱজাতি! আল্লাহে আমাক চৰাই-চিৰিকটিৰ ভাষা শিকাইছে, তথা আমাক সেই সকলো বস্তু প্ৰদান কৰিছে, যিবোৰ নবীসকলক আৰু ৰজাসকলক প্ৰদান কৰা হয়। আল্লাহে আমাক যিবোৰ বস্তু দান কৰিছে, দৰাচলতে সেইবোৰ হৈছে স্পষ্ট তথা প্ৰকাশ্য অনুগ্ৰহ।
Neml 27:17
মানৱ, জ্বিন আৰু চৰাই-চিৰিকটিৰ সেনাবাহিনীক ছুলাইমান আলাইহিচ্ছালামৰ সন্মুখত একত্ৰিত কৰা হ’ল। তাৰ পিছত শৃঙ্খলাবদ্ধ হিচাপে সেইবোৰক অভিযানত লৈ যোৱাৰ বাবে প্ৰস্তুতি লোৱা হ’ল।
Neml 27:18
তেওঁলোকে যাত্ৰা অব্যাহত ৰাখিলে, অৱশেষত যেতিয়া তেওঁলোকে পৰুৱা অধ্যূষিত উপত্যকাত আহি পালে (এইটো ছিৰিয়াত অৱস্থিত এডোখৰ ঠাই), তেতিয়া এটা পৰুৱাই চিঞৰি ক’লেঃ হে পৰুৱাৰ দল! তোমালোকে নিজৰ নিজৰ ঘৰত প্ৰৱেশ কৰা, যাতে ছুলাইমান আৰু তেওঁৰ সেনাবাহিনীয়ে তোমালোকক অজানিতে গচকি নামাৰে। কাৰণ যদি তেওঁলোকে গম পায় তেন্তে এই ভুল তেওঁলোকে কেতিয়াও নকৰিব, অৰ্থাৎ কেতিয়াও তোমালোকক গচকি নামাৰিব।
Neml 27:19
ছুলাইমান আলাইহিচ্ছালামে পৰুৱাৰ এই কথা শুনি মিচিকিয়াঁ হাঁহিলে, আৰু পৱিত্ৰ আল্লাহৰ ওচৰত দুআ কৰি ক’লেঃ হে মোৰ প্ৰতিপালক! তুমি মোক সামৰ্থ দিয়া, যাতে মই তোমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ, সেইবোৰ নিয়ামতৰ বাবে যিবোৰ নিয়ামত তুমি মোক আৰু মোৰ পিতৃ-মাতৃক দান কৰিছা। লগতে মোক তাওফীক দিয়া, যাতে মই তোমাক সন্তুষ্ট কৰিব পৰা সৎকৰ্ম কৰিব পাৰোঁ। তথা তোমাৰ অশেষ অনুগ্ৰহৰ দ্বাৰা মোক তোমাৰ সৎকৰ্মশীল বান্দাসকলৰ তালিকাভুক্ত কৰা।
Neml 27:20
ইয়াৰ পিছত ছুলাইমান আলাইহিচ্ছালামে চৰাইবোৰক নিৰীক্ষণ কৰিলে, কিন্তু তাত হুদহুদ চৰাইক দেখা নাপালে। সেয়ে তেওঁ ক’লেঃ কি হ’ল, হুদহুদক দেখা নাই যে? কিবা অসুবিধাৰ কাৰণে মই তাক দেখা পোৱা নাই নেকি? নে সি আজি অনুপস্থিত?
Neml 27:21
যেতিয়া তেওঁৰ ওচৰত এই কথা স্পষ্ট হ’ল যে, সি আজি অনুপস্থিত, তেতিয়া তেওঁ ক’লেঃ অনুপস্থিত থকাৰ উপযুক্ত কাৰণ দৰ্শাব নোৱাৰিলে আজি মই তাক কঠোৰ শাস্তি বিহিম, নাইবা তাক হত্যা কৰিম। এনেকুৱা উপযুক্ত কাৰণ দৰ্শাব লাগিব, যাৰ দ্বাৰা অনুপস্থিত থকাৰ সঠিক উদ্দেশ্য প্ৰকাশ পাব।
Neml 27:22
কিছু সময় পিছতেই হুদহুদ আহি উপস্থিত হ’ল। তথা ছুলাইমান আলাইহিচ্ছালামক উদ্দেশ্যি ক’লেঃ মই এনেকুৱা এটা বিষয় সম্পৰ্কে অৱগত হৈছোঁ, যিটো বিষয় আপুনি নাজানে। মই ছাবাবাসীৰ বিষয়ে এনেকুৱা এটা সত্য সংবাদ লৈ আহিছোঁ, য’ত কোনো ধৰণৰ সন্দেহ নাই।
Neml 27:23
নিশ্চয় মই সিহঁতৰ ওপৰত এজনী নাৰীক শাসন কৰা দেখিছোঁ। সেই নাৰীক সকলো প্ৰকাৰ শক্তি সামৰ্থ তথা ৰাজত্বৰ সাধন প্ৰদান কৰা হৈছে। লগতে তাইৰ আছে এখন বিশাল সিংহাসন। যিখনত বহি তাই ৰাজ্যৰ সকলো বিষয় পৰিচালনা কৰে।
Neml 27:24
সেই নাৰী আৰু তাইৰ সম্প্ৰদায়ক মই দেখিছোঁ সিহঁতে আল্লাহক এৰি সূৰ্য্যক ছাজদাহ কৰে। চয়তানে সিহঁতৰ শ্বিৰ্কীয়া আৰু পাপকৰ্মবোৰক শোভনীয় কৰি দিছে। তথা সিহঁতক সত্যৰ পৰা আঁতৰাই ৰাখিছে। সেই কাৰণেই সিহঁতে হিদায়ত লাভ কৰা নাই।
Neml 27:25
চয়তানে সিহঁতৰ শ্বিৰ্কীয়া আৰু পাপকৰ্মবোৰক শোভনীয় কৰি দিছে, যাতে সিহঁতে এক আল্লাহক ছাজদাহ কৰিব নোৱাৰে, যিজনে আকাশৰ পৰা পানী বৰ্ষণ কৰে আৰু মাটিৰ পৰা উদ্ভিদ উলিয়ায়। তোমালোকৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো আমল সম্পৰ্কে তেওঁ অৱগত। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।
Neml 27:26
আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেৱেঁই মহাসিংহাসনৰ প্ৰতিপালক।
Neml 27:27
ছুলাইমান আলাইহিচ্ছালামে হুদহুদক ক'লেঃ নিশ্চয় আমি তোমাক পৰীক্ষা কৰি চাম, তুমি নিজৰ দাবীত সত্যবাদী নে মিছলীয়া?
Neml 27:28
ছুলাইমান আলাইহিচ্ছালামে এখন পত্ৰ লিখিলে আৰু সেইখন হুদহুদক অৰ্পন কৰি ক'লেঃ মোৰ এই পত্ৰখন লৈ যোৱা আৰু ছাবাবাসীৰ ওচৰলৈ পৌঁচাই দিয়া, তথা সিহঁতৰ পৰা অলপ আঁতৰত থাকি লক্ষ্য কৰিবা যে, সিহঁতে এই বিষয়ে কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
Neml 27:29
ৰাণীয়ে পত্ৰ পাই মন্ত্ৰী সভাক মাতি ক'লেঃ হে মন্ত্ৰীমণ্ডল! মোলৈ এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰা হৈছে।
Neml 27:30
ছুলাইমানৰ ফালৰ পৰা প্ৰেৰিত এই পত্ৰখন বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীমৰ দ্বাৰা আৰম্ভ কৰা হৈছে, (অৰ্থাৎ আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত), তথা তাত লিখা আছেঃ
Neml 27:31
তোমালোকে অহংকাৰ নকৰিবা, লগতে তোমালোকে যি শ্বিৰ্কত লিপ্ত হৈ আছা, সেইবোৰ ত্যাগ কৰি মই আহ্বান কৰা আল্লাহৰ তাওহীদ স্বীকাৰ কৰি আনুগত্যশীল হৈ বিনীতভাৱে মোৰ ওচৰলৈ গুচি আহা।
Neml 27:32
ৰাণীয়ে ক’লেঃ হে মন্ত্ৰীমণ্ডল আৰু প্ৰতিনিধিসকল! এই বিষয়ে মোক আপোনালোকে সঠিক পৰামৰ্শ দিয়ক। মই আপোনালোকৰ উপস্থিতি তথা আপোনালোকৰ দৃষ্টিকোণ নজনাকৈ কেতিয়াও কোনো বিষয়ত সিদ্ধান্ত লোৱা নাই।
Neml 27:33
তেওঁৰ সম্প্ৰদায়ৰ প্ৰমুখসকলে আৰু নেতাসকলে ক’লেঃ নিশ্চয় আমি বহুত শক্তিশালী, তথা কঠোৰ যুদ্ধা। কিন্তু চূড়ান্ত সিদ্ধান্ত আপুনিহে ল’ব লাগিব। আপুনি যি আদেশেই নিদিয়ক কিয়, আমি সেইটো মানিবলৈ সম্পূৰ্ণ সক্ষম।
Neml 27:34
ৰাণীয়ে ক’লেঃ ৰজাসকলে যেতিয়া কোনো জনবসতিপূৰ্ণ অঞ্চলক অধীনস্থ কৰিবলৈ প্ৰৱেশ কৰে, তেতিয়া তাত হত্যা লুণ্ঠন আদিৰে বিপৰ্যস্ত কৰি পেলায়, লগতে তাত বসবাস কৰা সন্মানীয় ব্যক্তিসকলক অপদস্থ কৰে। ৰজাসকলে যেতিয়াই কোনো জনবসতিক পৰাজিত কৰে, তেতিয়াই এনেকুৱা নীতি অৱলম্বন কৰে। যাতে তাত বসবাস কৰা লোকসকলৰ অন্তৰত ভয়-ভীতি সোমাই পৰে।
Neml 27:35
মই এই পত্ৰ প্ৰেৰণকাৰীলৈ তথা তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ এটা উপহাৰ প্ৰেৰণ কৰিব বিচাৰোঁ। এই উপহাৰ প্ৰেৰণ কৰাৰ পিছত, মই চাব বিচাৰোঁ কটকীয়ে কি সংবাদ লৈ আহে।
Neml 27:36
যেতিয়া ৰাণীৰ কটকী আৰু তাৰ সহায়কসকলে উপহাৰ লৈ ছুলাইমানৰ ওচৰত আহি উপস্থিত হ’ল, ছুলাইমানে সিহঁতৰ উপহাৰ প্ৰেৰণৰ বিষয়টোক অপছন্দ কৰি ক’লেঃ তোমালোকে ধনৰ জৰিয়তে মোক উৎকোচ দিব বিচাৰিছা নেকি, যাতে মই তোমালোকৰ বিপক্ষে কোনো ধৰণৰ পদক্ষেপ হাতত নলওঁ? শুনা! আল্লাহে মোক যি দান কৰিছে অৰ্থাৎ নবুওৱত, ৰাজত্ব আৰু ধন-সম্পত্তি, এইবোৰ তোমালোকক যি প্ৰদান কৰা হৈছে সেইবোৰতকৈও উত্তম। বৰং এইবোৰ পাৰ্থিৱ উপহাৰ দেখি তোমালোকেহে আনন্দিত হোৱা।
Neml 27:37
ছুলাইমান আলাইহিচ্ছালামে ৰাণীৰ কটকীক ক’লেঃ তোমালোকে যি উপহাৰ লৈ আহিছা, সেইবোৰলৈ তোমালোকে উভতি যোৱা। যদি তেওঁ মোৰ ওচৰত আহি আত্মসমৰ্পন নকৰে, তেনেহ’লে আমি ৰাণী আৰু তেওঁৰ দেশবাসীৰ ওপৰত এনেকুৱা সৈন্যবাহিনী লৈ আক্ৰমণ কৰিম, যাৰ মোকাবিলা সিহঁতে কেতিয়াও কৰিবলৈ সক্ষম নহয়। যদি সিহঁতে আনুগত্যশীল হৈ আত্মসমৰ্পন নকৰে তেন্তে নিশ্চয় আমি সিহঁতক অপদস্থ কৰি ছাবাৰ পৰা বহিষ্কাৰ কৰিম, সন্মানীয় জীৱন-যাপনৰ পিছত তেতিয়া কিন্তু সিহঁতে তুচ্ছ জীৱন-যাপন কৰিব লাগিব।
Neml 27:38
ছুলাইমান আলাইহিচ্ছালামে তেওঁৰ ৰাজত্বৰ লোকসকলক সম্বোধন কৰি ক’লেঃ হে প্ৰমূখসকল! ৰাণীয়ে আত্মসমৰ্পন কৰি অহাৰ পূৰ্বেই তোমালোকৰ মাজৰ কোনে তেওঁৰ সিংহাসন লৈ আহিব পাৰিবা?
Neml 27:39
এজন দুৰ্বৃত্ত তথা শক্তিশালী জ্বিনে ক’লেঃ আপুনি এই বৈঠকৰ পৰা উঠাৰ আগতেই মই সেই সিংহাসন আনিব পাৰিম। সেইখন বহন কৰিবলৈ নিশ্চয় মোৰ পূৰ্ণ সামৰ্থ আছে। তথা তাত যিবোৰ বস্তু আছে সেইবোৰৰ ক্ষেত্ৰতো মই এজন বিশ্বস্ত। তাত কোনো ধৰণৰ ক্ষয়-ক্ষতি নকৰোঁ।
Neml 27:40
ছুলাইমানৰ ওচৰত উপস্থিত এজন জ্ঞানী সদাচাৰী ব্যক্তি, যাৰ ওচৰত আছিল ঐশী গ্ৰন্থৰ জ্ঞান, লগতে আছিল আল্লাহৰ মহান নামসমূহৰ জ্ঞান অৰ্থাৎ ইছমে আজমৰ জ্ঞান, যিবোৰৰ দ্বাৰা দুআ কৰিলে দুআ কবূল হয়, তেওঁ ক’লেঃ মই নিমিষতে তেওঁৰ সিংহাসন আনিব পাৰিম। মই আল্লাহৰ ওচৰত দুআ কৰিম, তেৱেঁই ইয়াত উপস্থিত কৰি দিব। ইয়াৰ পিছত তেওঁ আল্লাহৰ ওচৰত দুআ কৰিলে, আৰু তৎক্ষণাত সেই সিংহাসন আল্লাহে উপস্থিত কৰি দিলে। ছুলাইমান আলাইহিচ্ছালামে যেতিয়া তেওঁৰ সিংহাসন সন্মুখত দেখা পালে তেতিয়া ক’লেঃ এয়া মোৰ প্ৰতিপালকৰ অনুগ্ৰহ। তেওঁ মোক পৰীক্ষা কৰিব বিচাৰিছে, মই তেওঁৰ কৃতজ্ঞ হওঁ নে অকৃতজ্ঞ? যিয়ে তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰিব, সেই কৃতজ্ঞতাৰ প্ৰতিফল তেওঁ নিজেই লাভ কৰিব। নিশ্চয় আল্লাহ অমুখাপেক্ষী, বান্দাৰ কৃতজ্ঞতাই তেওঁৰ কোনো মৰ্যাদা বৃদ্ধি নকৰে। আনহাতে যিয়ে আল্লাহৰ নিয়ামতৰ অনাদৰ কৰি অকৃতজ্ঞতা কৰিব, তেন্তে জানি থোৱা! নিশ্চিতভাৱে তেনেকুৱা ব্যক্তিৰ কৃতজ্ঞতাৰ পৰা মোৰ প্ৰতিপালক অমুখাপেক্ষী, তেওঁ অতি মহান। তথা এইটো তেওঁৰ মহান কৃপা যে, তেওঁ অকৃতজ্ঞ ব্যক্তিকো নিয়ামত প্ৰদান কৰে।
Neml 27:41
ছুলাইমান আলাইহিচ্ছালামে ক’লেঃ তেওঁৰ ৰাজ-সিংহাসনখনৰ গঠনক অলপ পৰিবৰ্তন কৰি দিয়া। চাওঁ, তেওঁ নিজৰ সিংহাসনখনক চিনি পায় নে নাই? নে তেৱোঁ সেইসকল লোকৰ অন্তৰ্ভুক্ত হয়, যিসকলে নিজৰ বস্তুকে চিনি নাপায়।
Neml 27:42
এতেকে যেতিয়া ছাবাৰ ৰাণী ছুলাইমানৰ ওচৰত আহি উপস্থিত হ'ল, তেতিয়া ছুলাইমান আলাইহিচ্ছালামে তাইক পৰীক্ষা কৰিবলৈ সুধিলেঃ এইখন আপোনাৰ সিংহাসনৰ দৰেই নে, তাই উত্তৰ দি ক'লেঃ এনেকুৱা লাগিছে যেনিবা সেইখনেই। ছুলাইমান আলাইহিচ্ছালামে ক'লেঃ আল্লাহে আমাক ইতিপূৰ্বেই জ্ঞান দান কৰিছে যে, তেওঁ এনেকুৱা কৰ্ম সম্পাদন কৰিবলৈ পূৰ্ণ সামৰ্থৱান। সেইকাৰণেই আমি আল্লাহৰ ওচৰত আত্মসমৰ্পনকাৰী তথা তেওঁৰ আনুগত্যশীল।
Neml 27:43
তাইক আল্লাহৰ তাওহীদৰ পৰা বিৰত ৰাখিছিল সেইসমূহ উপাস্যই, যিবোৰক তাই নিজৰ জাতিৰ অনুকৰণত আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। দৰাচলতে তাই আল্লাহক অস্বীকাৰ কৰা জাতিৰ অন্তৰ্ভুক্ত আছিল, সেইকাৰণে তায়ো নিজ জাতিৰ ৰীতি-নীতি অৱলম্বন কৰিছিল।
Neml 27:44
তাইক কোৱা হ’ল যে, ভৱনত প্ৰৱেশ কৰক; আৰু সেই ভৱনখন ছাদৰ দৰে সমতল আছিল। যেতিয়া তাই ভৱনৰ পিনে লক্ষ্য কৰিলে, ভাৱিলে এইটো কোনোবা এটা জলাশয়, আৰু তাত নামিবলৈ ভৰিৰ কাপোৰ কলাফুলিলৈকে উন্মুক্ত কৰিলে। এই দেখি ছুলাইমান আলাইহিচ্ছালামে ক’লেঃ এইখন কাচেৰে নিৰ্মিত এখন স্বচ্চ ভৱন। তাৰ পিছত তেওঁ তাইক ইছলামলৈ নিমন্ত্ৰণ জনালে। ফলত তাই এই বুলি ইছলাম গ্ৰহণ কৰিলেঃ হে মোৰ প্ৰতিপালক! মই তোমাৰ ইবাদতত আনক অংশীদাৰ কৰি নিশ্চয় মোৰ ওপৰত অন্যায় কৰিছিলোঁ, আৰু এতিয়া ছুলাইমানৰ সৈতে বিশ্বজগতৰ ৰব্ব হে আল্লাহ তোমাৰ ওচৰত আত্মসমৰ্পন কৰিলোঁ।
Neml 27:45
নিশ্চয় আমি ছামূদ জাতিৰ প্ৰতি সিহঁতৰ বংশগত ভাই ছলেহ আলাইহিচ্ছালামক ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলোঁ, যাতে সিহঁতে একমাত্ৰ আল্লাহৰ ইবাদত কৰে। কিন্তু সিহঁতক (তাওহীদৰ পিনে) নিমন্ত্ৰণ জনোৱাৰ পিছতেই সিহঁত দুটা দলত বিভক্ত হৈ গ’ল। এটা দল আছিল মুমিনসকলৰ আৰু আনটো আছিল কাফিৰসকলৰ। দুয়ো দল এই বিষয়ে মতানৈক্য কৰিছিল যে, সিহঁতৰ মাজৰ কোনটো দল সত্যবাদী।
Neml 27:46
ছলেহ আলাইহিচ্ছালামে সিহঁতক ক’লেঃ তোমালোকে ৰহমতৰ পূৰ্বেই শাস্তিক কিয় ইমান ক্ষীপ্ৰতাৰে বিচাৰি আছা? তোমালোকে নিজৰ গুনাহৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কিয় নকৰা, যাতে তেওঁ তোমালোকৰ প্ৰতি দয়া কৰে?
Neml 27:47
তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে সত্যৰ প্ৰতি অহংকাৰ কৰি ক’লেঃ আমি তোমাক আৰু তোমাৰ লগত থকা মুমিনসকলক অমঙ্গলৰ প্ৰতীক বুলি ভাৱোঁ। তেতিয়া ছলেহ আলাইহিচ্ছালামে সিহঁতক ক’লেঃ তোমালোকে চৰাই উৰাই যি ভাগ্য নিৰ্ণয় কৰা তথা অনিষ্টৰ পৰা ৰক্ষা পাব বিচৰা, সেইটোৰ বাস্তৱিকতা সম্পৰ্কে আল্লাহেই ভালদৰে জানে, তেওঁৰ পৰা কোনো বিষয়েই গোপন নহয়। বৰং তোমালোকক যিদৰে অধিক মাত্ৰাত জীৱিকা প্ৰশস্ত কৰি দিয়া হৈছে, তথা যিদৰে তোমালোক গুনাহত লিপ্ত হৈছা, এইবোৰ দৰাচলতে তোমালোকৰ বাবে এটা পৰীক্ষা।
Neml 27:48
ইপিনে হিজৰ নামৰ নগৰখনত ন জনীয়া এটা দল আছিল। যিসকলে পৃথিৱীত কুফৰ আৰু পাপকৰ্মৰ জৰিয়তে উপদ্ৰৱ কৰিছিল। ঈমান তথা সৎকৰ্মৰ দ্বাৰা সিহঁতে সংশোধন হোৱাও নাছিল আৰু কৰাও নাছিল।
Neml 27:49
সিহঁতে পৰস্পৰে ক’লেঃ আমাৰ মাজৰ প্ৰত্যেকে শপত খোৱা উচিত যে, আজি ৰাতি এওঁৰ ঘৰত প্ৰৱেশ কৰি এওঁক আৰু এওঁৰ পৰিয়ালক হত্যা কৰিম। তথা এওঁৰ উত্তৰাধিকাৰীসকলক কম যে, ছলেহ আৰু তেওঁৰ পৰিয়ালবৰ্গক হত্যাৰ সময়ত আমি ইয়াত উপস্থিত নাছিলোঁ, বিশ্বাস কৰক আমি আমাৰ কথাত সত্যবাদী।
Neml 27:50
সিহঁতে ছলেহ আলাইহিচ্ছালামক আৰু তেওঁৰ অনুসাৰী মুমিনসকলক বিনাশ কৰিবলৈ গোপন ষড়যন্ত্ৰ ৰচিছিল। ইপিনে আমিও তেওঁক ৰক্ষা কৰিবলৈ আৰু তেওঁক সহায় কৰিবলৈ, লগতে কাফিৰসকলক ধ্বংস কৰিবলৈ কৌশল অৱলম্বন কৰিছিলোঁ। এই বিষয়ে সিহঁতৰ একো জ্ঞান নাছিল।
Neml 27:51
হে ৰাছুল! ভাৱি চাওকচোন, সিহঁতৰ ষড়যন্ত্ৰ আৰু চক্ৰান্তৰ পৰিণাম কেনেকুৱা আছিল? নিশ্চিতভাৱে আমি আমাৰ শাস্তিৰ জৰিয়তে সিহঁত সকলোকে বিনাশ কৰিছিলোঁ তথা সিহঁতৰ গুৰি নিপাত কৰিছিলোঁ।
Neml 27:52
এইবোৰ হৈছে সিহঁতৰ ঘৰ দুৱাৰ, যিবোৰ বিধ্বস্ত অৱস্থাত পৰি আছে, নাই কোনো ইয়াৰ অধিবাসী, কাৰণ সিহঁত অন্যায়-অত্যাচাৰত লিপ্ত আছিল। সিহঁতে অন্যায়-অত্যাচাৰৰ ফলত যি শাস্তিত পতিত হৈছিল, তাৰ মাজত আছে মুমিনসকলৰ বাবে শিক্ষা। কিয়নো তেওঁলোকেই নিদৰ্শনৰ পৰা শিক্ষা গ্ৰহণ কৰে।
Neml 27:53
ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ যিসকল লোকে আল্লাহৰ প্ৰতি ঈমান আনিছিল, তথা তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল, আমি তেওঁলোকক উদ্ধাৰ কৰিছিলোঁ তথা ৰক্ষা কৰিছিলোঁ।
Neml 27:54
হে ৰাছুল! স্মৰণ কৰক নবী লূত আলাইহিচ্ছালামক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক ভৰ্ৎসনা কৰি আৰু সিহঁতৰ কৰ্মকাণ্ডক নসাৎ কৰি কৈছিলঃ তোমালোকে অনুষ্ঠান পাতি প্ৰকাশ্যভাৱে সমকামিতাৰ দৰে অশ্লীল কৰ্ম কৰাটো অতি জঘন্য তথা নিকৃষ্ট কৰ্ম নহয়নে?
Neml 27:55
তোমালোকে নিজৰ কামভাৱ পূৰণৰ বাবে, নিজৰ স্ত্ৰীক এৰি পুৰুষৰ ওচৰলৈ কিয় যোৱা? দৰাচলতে তোমালোকৰ সন্মানৰ প্ৰতিও কোনো ভ্ৰূক্ষেপ নাই আৰু সন্তান-সন্ততিৰ প্ৰতিও নাই। বৰং তোমালোকৰ একমাত্ৰ উদ্দেশ্য হৈছে পশুৰ দৰে যৌনতাৰ চাহিদা পূৰণ কৰা। প্ৰকৃততে তোমালোক ঈমান, পৱিত্ৰতা তথা পাপকৰ্মৰ পৰা বিৰত থকা বিষয়বোৰৰ পৰা অনভিজ্ঞ।
Neml 27:56
উত্তৰত তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে কেৱল এইখিনিয়ে ক’লেঃ “লূত পৰিয়ালক এই জনবসতিৰ পৰা বহিষ্কাৰ কৰি দিয়া হওক। কিয়নো তেওঁলোকে নিজকে ময়লা-আৱৰ্জনা আৰু অশ্লীলতাৰ পৰা পৱিত্ৰ বুলি ভাৱে”। দৰাচলতে সিহঁতে লূত পৰিয়ালক বিদ্ৰূপাত্মকভাৱে এনেকৈ কৈছিল। কাৰণ তেওঁলোকে সিহঁতৰ অশ্লীল কৰ্মত অংশ গ্ৰহণ কৰা নাছিল, তথা সিহঁতৰ এনেকুৱা কৰ্মক সদায় ভৰ্ৎসনা কৰিছিল।
Neml 27:57
এতেকে আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক সুৰক্ষিত অৱস্থাত ৰক্ষা কৰিছিলোঁ; কিন্তু তেওঁৰ পত্নীৰ বাহিৰে। তাইৰ বিষয়ে আমাৰ সিদ্ধান্ত এইটো আছিল যে, তাই অৱশিষ্ট লোকৰ অন্তৰ্ভুক্ত হৈ শাস্তিত পতিত হ’ব, যাতে বিনাশ হোৱা লোকৰ তালিকাভুক্ত হয়।
Neml 27:58
আমি সিহঁতৰ ওপৰত আকাশৰ পৰা শিলাবৃষ্টি বৰ্ষণ কৰিছিলোঁ। এইটো আছিল সেইসকল লোকৰ বাবে অতি ভীষণ বিনাশকাৰী বৰষুণ, যিসকলক শাস্তিৰ বিষয়ে সতৰ্ক কৰা হৈছিল কিন্তু সিহঁতে মানা নাছিল।
Neml 27:59
হে ৰাছুল! আপুনি কৈ দিয়ক, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে। কাৰণ তেওঁ বিভিন্ন নিয়ামত দান কৰিছে, লগতে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবাসকলক লূত আৰু ছলেহ আলাইহিমাচ্ছালামৰ উম্মতৰ দৰে শাস্তিৰ পৰা সুৰক্ষা তথা নিৰাপত্তা প্ৰদান কৰিছে। (এতেকে কোৱাচোন) প্ৰকৃত উপাস্য কোন, সেই আল্লাহ যিজনৰ হাতত আছে সকলো ধৰণৰ কল্যাণ, নে মুশ্বৰিকসকলে উপাসনা কৰা সেই অসত্য উপাস্যবোৰ, যিবোৰে উপকাৰ বা অপকাৰ একোৱে কৰিব নোৱাৰে।
Neml 27:60
বৰং (প্ৰকৃত সত্য উপাস্য হৈছে) যিজনে পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈয়ে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে। হে মানৱজাতি! তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে। তাৰ পিছত সেই পানীৰ দ্বাৰা আমি তোমালোকৰ বাবে মনোৰম উদ্যান সৃষ্টি কৰোঁ। সেই উদ্যানবোৰৰ গছ-গছনি তোমালোকৰ পক্ষে উৎপন্ন কৰা অসম্ভৱ, কাৰণ সেইবোৰ উৎপন্ন কৰাৰ ক্ষমতা তোমালোকৰ হাতত নাই। সেইবোৰক আল্লাহেই উৎপন্ন কৰে। কোৱাচোন! এইবোৰ কাম কৰাৰ সময়ত আল্লাহৰ লগত আন কোনো উপাস্যই সহযোগ কৰিছিল নেকি? নহয়, কদাপিও নহয়। বৰং এই মুশ্বৰিকসকলে সত্যৰ পৰা আঁতৰি গৈ সৃষ্টিকৰ্তাক অন্যায়ভাৱে সৃষ্টিৰ সমকক্ষ কৰি আছে।
Neml 27:61
বৰং (প্ৰকৃত উপাস্য হৈছে তেওঁ) যিজনে পৃথিৱীক স্থিৰ তথা বসবাস উপযোগী বনাইছে, যাতে পৃথিৱীয়ে ইয়াৰ ওপৰত থকা বস্তুবোৰকলৈ হালি-জালি নাথাকে। তথা ইয়াৰ মাজত প্ৰবাহিত কৰিছে নদ-নদী আৰু প্ৰতিষ্ঠা কৰিছে পৰ্বতমালা। লগতে তেৱেঁই দুই সাগৰ একেলগে প্ৰবাহিত কৰিছে আৰু দুয়োৰে মাজত ৰাখিছে এটা অন্তৰায়। যিটোৱে মিঠা পানীক লুণীয়া পানীৰ লগত মিশ্ৰিত হ’বলৈ নিদিয়ে, যাতে সোৱাদ বিনষ্ট নহয়; অন্যথা খোৱাৰ উপযোগী হৈ নাথাকিব। কোৱাচোন! কোনোবা উপাস্য আছে নেকি, যিয়ে আল্লাহৰ সৈতে এইবোৰ কাম কৰে? নাই, কোনোৱেই নাই। বৰং সিহঁতৰ মাজৰ অধিকাংশই এই সত্য সম্পৰ্কে অৱগত নহয়। যদি সিহঁতে এই সত্য সম্পৰ্কে অৱগত থাকিলহেঁতেন, তেন্তে সিহঁতে কেতিয়াও আল্লাহৰ লগত তেওঁৰ সৃষ্টিক অংশীদাৰ স্থাপন নকৰিলেহেঁতেন।
Neml 27:62
বৰং (প্ৰকৃত উপাস্য হৈছে তেওঁ) যিজনে বিপদগ্ৰস্ত তথা কঠিন পৰিস্থিতিৰ সন্মুখীন হৈ নিৰুপায় অৱস্থাত দুআ কৰা ব্যক্তিৰ দুআত সঁহাৰি দিয়ে। লগতে মানুহে যেতিয়া বেমাৰ-আজাৰ আৰু অভাৱগ্ৰস্ত হয়, তেতিয়া সিহঁতক তেৱেঁই তাৰ পৰা ৰক্ষা কৰে। তেৱেঁই তোমালোকক পৃথিৱীৰ উত্তৰাধিকাৰী বনায়, যাতে তোমালোকে পীড়িৰ পিছত পীড়ি উত্তৰাধিকাৰী হৈ থাকিব পাৰা। কোৱাচোন! আছে নেকি কোনোবা উপাস্য, যিয়ে আল্লাহৰ সৈতে এইবোৰ কাম কৰে? নাই, কোনো নাই। বৰং তোমালোক খুবেই কম উপদেশ গ্ৰহণ কৰা তথা শিক্ষা গ্ৰহণ কৰা।
Neml 27:63
বৰং (তেৱেঁই প্ৰকৃত উপাস্য) যিজনে তোমালোকক জল আৰু স্থলৰ অন্ধকাৰত বিভিন্ন প্ৰতীক আৰু নক্ষত্ৰৰ দ্বাৰা পথ দেখুৱায়। যিজনে বতাহক বৰষুণৰ পূৰ্বে সুসংবাদবাহীৰূপে প্ৰেৰণ কৰে, যাৰ দ্বাৰা তেওঁ বান্দাসকলৰ প্ৰতি দয়া কৰে। কোৱাচোন! আছে নেকি কোনোবা উপাস্য, যিয়ে আল্লাহৰ সৈতে এইবোৰ কাম কৰে? নাই, কোনো নাই। আল্লাহ অতি পৱিত্ৰ। সৃষ্টিক তেওঁৰ লগত অংশীদাৰৰ পৰা তেওঁ মহাপৱিত্ৰ।
Neml 27:64
বৰং (প্ৰকৃত উপাস্য হৈছে তেওঁ) যিজনে পৰ্যায়ক্ৰমে সৃষ্টিৰ আৰম্ভণি কৰে। তেৱেঁই মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰিব। কোৱাচোন! আকাশৰ পৰা পানী বৰ্ষণ কৰি কোনে তোমালোকক জীৱিকা দান কৰে, আৰু পৃথিৱীৰ বিভিন্ন উদ্ভিদ উৎপন্ন কৰি তোমালোকক জীৱিকা প্ৰদান কৰে? আছে নেকি কোনোবা উপাস্য, যিয়ে আল্লাহৰ সৈতে এইবোৰ কাম কৰে? হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়কঃ তোমালোকে যি শ্বিৰ্কত লিপ্ত আছা, তাৰ সপক্ষে কোনো প্ৰমাণ লৈ আহাচোন। যদি তোমালোকে নিজৰ দাবীত সত্যবাদী তথা তোমালোক সত্যৰ ওপৰত প্ৰতিষ্ঠিত তেন্তে প্ৰমাণ লৈ আহা।
Neml 27:65
হে ৰাছুল! আপুনি কৈ দিয়ক, আকাশত থকা ফিৰিস্তাসকল আৰু পৃথিৱীত থকা মানৱজাতিৰ কোনোৱেই গায়েব সম্পৰ্কে অৱগত নহয়। গায়েব সম্পৰ্কে একমাত্ৰ আল্লাহেই জানে। আল্লাহৰ বাহিৰে আকাশমণ্ডল আৰু পৃথিৱীত থকা কোনেও নাজানে যে সিহঁতক কেতিয়া প্ৰতিদানৰ বাবে পুনৰুত্থিত কৰা হ'ব।
Neml 27:66
আখিৰাত সম্পৰ্কে সিহঁতে ধাৰাবাহিকভাৱে খবৰ পাই আছে নেকি, যাৰ ফলত সিহঁত আশ্বস্ত হৈ আছে? নহয়, কদাপিও নহয়। বৰং সিহঁত আখিৰাত সম্পৰ্কে সন্দেহ তথা সংশয়ত পৰি আছে। বৰং সিহঁতে বোধশক্তি হেৰাই পেলাইছে।
Neml 27:67
কাফিৰসকলে আশ্চৰ্য প্ৰকাশ কৰি কয়ঃ যেতিয়া আমি মৃত্যুবৰণ কৰিম তথা মাটিত পৰিণত হ’ম, তাৰ পিছতো আমাক জীয়াই তোলাটো সম্ভৱনে?
Neml 27:68
নিশ্চয় এই প্ৰতিশ্ৰুতি যিটো আমাক দিয়া হৈছে, এইটো আমাৰ পূৰ্বৱৰ্তী লোকসকলকো দিয়া হৈছিল যে, আমাক সকলোকে পুনৰ্জীৱিত কৰা হ’ব। কিন্তু এই প্ৰতিশ্ৰুতি এতিয়ালৈকে পুৰণ হোৱা নেদেখিলোঁ। দৰাচলতে আমাক দিয়া এই প্ৰতিশ্ৰুতি হৈছে পূৰ্বৱৰ্তী লোকসকলৰ মিছা বাণী, যিবোৰ সিহঁতে নিজৰ পুথিত লিপিবদ্ধ কৰি থৈ গৈছে।
Neml 27:69
হে ৰাছুল! পুনৰুত্থানক অস্বীকাৰকাৰী এই লোকসকলক কৈ দিয়ক, তোমালোকে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘূৰি পকি চোৱা, লগতে খা-খবৰ লৈ চোৱা পুনৰুত্থানক অস্বীকাৰ কৰা লোকসকলৰ পৰিণাম কেনেকুৱা আছিল। সিহঁতৰ কুঃচৰিত্ৰৰ কাৰণে আমি সিহঁতক ধ্বংস কৰিছিলোঁ।
Neml 27:70
মুশ্বৰিসকলে আপোনাৰ নিমন্ত্ৰণৰ পৰা বিমুখ হোৱাৰ কাৰণে আপুনি কেতিয়াও আক্ষেপ নকৰিব। লগতে সিহঁতৰ ষড়যন্ত্ৰৰ বাবে আপুনি কেতিয়াও সংকীৰ্ণতা অনুভৱ নকৰিব। নিশ্চয় আল্লাহে সিহঁতৰ বিৰুদ্ধে আপোনাক সহায় কৰিব।
Neml 27:71
পুনৰুত্থানক অস্বীকাৰ কৰা আপোনাৰ উম্মতৰ কাফিৰসকলে প্ৰশ্ন কৰে যে, আপুনি আৰু মুমিনসকলে আমাক যি শাস্তিৰ পৰা ভয় দেখুৱায় তথা সতৰ্ক কৰে, সেই শাস্তি কেতিয়া বাস্তৱায়িত হ’ব? যদি আপুনি আপোনাৰ দাবীত সত্যবাদী (তেন্তে আমাক ইয়াৰ নিৰ্দিষ্ট সময় সম্পৰ্কে অৱগত কৰক)।
Neml 27:72
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকে যি শাস্তিৰ বাবে খৰধৰ কৰি আছা, সম্ভৱতঃ সেই শাস্তিৰ কিয়দাংশ অতি নিকটৱৰ্তী হৈছে।
Neml 27:73
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক মানুহৰ প্ৰতি অতি দয়ালু, কিয়নো তেওঁ মানুহৰ পাপকৰ্ম আৰু কুফৰীৰ কাৰণে সিহঁতক শাস্তি প্ৰদানত খৰধৰ নকৰে। তথাপিও অধিকাংশ লোকে আল্লাহৰ নিয়ামতৰ বাবে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন নকৰে।
Neml 27:74
বান্দাৰ অন্তৰে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, নিশ্চয় আপোনাৰ প্ৰতিপালক সেই বিষয়ে ভালদৰেই জানে। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। অতিশীঘ্ৰে তেওঁ সিহঁতক ইয়াৰ প্ৰতিফল দান কৰিব।
Neml 27:75
মানুহৰ দৃষ্টিৰ অন্তৰালত থকা আকাশৰ প্ৰত্যেক বস্তু তথা পৃথিৱীত থকা সকলো বস্তু সম্পৰ্কে এখন স্পষ্ট গ্ৰন্থত অৰ্থাৎ লওহে মাহফুজত লিপিবদ্ধ আছে।
Neml 27:76
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই কোৰআনত বনী ইছৰাঈলৰ অধিকাংশ মতানৈক্য সম্পৰ্কে আলোচনা কৰা হৈছে, তথা সিহঁতৰ পথভ্ৰষ্টতাৰ পৰ্দা উন্মুক্ত কৰা হৈছে।
Neml 27:77
প্ৰকৃততে এই গ্ৰন্থখন মুমিনসকলৰ বাবে তথা ইয়াৰ শিক্ষা মতে আমল কৰা লোকসকলৰ বাবে হৈছে হিদায়ত আৰু কৃপা।
Neml 27:78
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে কিয়ামতৰ দিনা মুমিন আৰু কাফিৰ, সকলোৰে মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিব। এতেকে তেওঁ মুমিনসকলৰ প্ৰতি দয়া কৰিব আৰু কাফিৰসকলক শাস্তি প্ৰদান কৰিব। তেওঁ মহা পৰাক্ৰমশালী, তেওঁ নিজ শত্ৰুৰ পৰা প্ৰতিশোধ লয়। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৰ্বজ্ঞ, সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য কৰাটো তেওঁৰ বাবে একো জটিল নহয়।
Neml 27:79
এতেকে আপুনি আল্লাহৰ ওপৰত ভৰসা কৰক, লগতে আপোনাৰ যাৱতীয় কৰ্ম সম্পাদনৰ ক্ষেত্ৰত তেওঁৰ ওপৰতে নিৰ্ভৰ কৰক তথা বিশ্বাস কৰক। নিশ্চয় আপুনি স্পষ্ট সত্যৰ ওপৰত প্ৰতিষ্ঠিত।
Neml 27:80
হে ৰাছুল! আপুনি সেইসকল মৃত ব্যক্তিক শুনাব নোৱাৰিব, যিসকলৰ অন্তৰ আল্লাহৰ লগত কুফৰী কৰাৰ কাৰণে মৃত্যুবৰণ কৰিছে। এইদৰে আপুনি সেইসকল লোককো সত্য শুনাব নোৱাৰিব,যিসকলে আপোনাৰ নিমন্ত্ৰণক অৱজ্ঞা কৰি গুচি যায়। কাৰণ সত্য শুনিব পৰা সিহঁতৰ শ্ৰৱণশক্তি আল্লাহে হৰণ কৰিছে।
Neml 27:81
আপুনি সিহঁতক কেতিয়াও সত্যৰ পথ দেখুৱাব নোৱাৰিব, যিসকলে সত্যক চোৱাৰ যোগ্যতা হেৰুৱাইছে। এতেকে আপুনি সিহঁতকলৈ আক্ষেপ নকৰিব, তথা নিজকে ক্লান্ত নকৰিব। আপুনি কেৱল সেইসকল লোককেই বুজাব পাৰিব, যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস পোষণ কৰে, তথা আল্লাহৰ আদেশ পালন কৰে।
Neml 27:82
পাপকৰ্ম আৰু কুফৰীত অটল থকাৰ কাৰণে যেতিয়া সিহঁতৰ ওপৰত শাস্তি অত্যাৱশ্যক হৈ পৰিব, তথা কেৱল নিকৃষ্ট লোকসকল অৱশিষ্ট থাকিব, তেতিয়া আমি সিহঁতৰ বাবে কিয়ামতৰ আগমূহুৰ্তত কিয়ামতৰ এটা ডাঙৰ নিদৰ্শন প্ৰকাশ কৰিম। অৰ্থাৎ পৃথিৱীত এটা জন্তু ওলাব, যিয়ে মানুহৰ সৈতে কথা পাতিব, আৰু মানুহে তাৰ কথা বুজিও পাব। (সেই জন্তুটোৱে ক’ব) মানুহে আমাৰ নবীৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহক বিশ্বাস কৰা নাছিল।
Neml 27:83
হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া আমি প্ৰত্যেক উম্মতৰ প্ৰমূখসকলৰ এটা এটা দল একত্ৰিত কৰিম, যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। প্ৰথমৰ পৰা শেষলৈকে প্ৰত্যেককে প্ৰস্তুত কৰা হ’ব, তাৰ পিছত সিহঁতক হিচাপ-নিকাচৰ বাবে খেদি লৈ যোৱা হ’ব।
Neml 27:84
সিহঁতক খেদি লৈ যোৱা হ’ব, অৱশেষত সিহঁতে যেতিয়া হিচাপ-নিকাচৰ স্থানত গৈ উপস্থিত হ’ব, তেতিয়া আল্লাহে সিহঁতক ভৰ্ৎসনা কৰি ক’বঃ তোমালোকে মোৰ আয়াতসমূহক কিয় অস্বীকাৰ কৰিছিলা, যিবোৰে মোৰ তাওহীদ প্ৰমাণ কৰিছিল আৰু সেইবোৰ মোৰ চৰীয়তৰ অন্তৰ্ভুক্ত আছিল। আনকি তোমালোকে সেইবোৰৰ বিষয়ে কোনো পৰীক্ষা নিৰীক্ষাও কৰা নাছিলা যে, যাৰ ভিত্তিত তোমালোকে সেইবোৰক অস্বীকাৰ কৰাটো উচিত বুলি ক’ব পাৰিবা; কোৱাচোন, প্ৰকৃততে তোমালোকে সেইবোৰক অস্বীকাৰ কৰিবলৈ আৰু বিশ্বাস কৰিবলৈ কিহৰ ওপৰত ভিত্তি কৰিছিলা?
Neml 27:85
আল্লাহৰ লগত কুফৰী কৰাৰ কাৰণে আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰি অন্যায় কৰাৰ কাৰণে সিহঁতৰ ওপৰত শাস্তি বাস্তৱায়ন কৰা হ’ব। সিহঁতে আত্মৰক্ষাৰ বাবেও কোনো কথা উত্থাপন কৰিব নোৱাৰিব। কিয়নো বিষয়টো হ’ব সিহঁতৰ সাধ্যাতীত, আনহাতে সিহঁতৰ যুক্তিও হ'ব অসত্য।
Neml 27:86
পুনৰুত্থানক অস্বীকাৰকাৰী এই লোকসকলে লক্ষ্য নকৰে নেকি যে, আমি সিহঁতৰ বাবে ৰাতি বনাইছোঁ, যাতে সিহঁতে টোপনিৰ জৰিয়তে বিশ্ৰাম ল'ব পাৰে। আনহাতে দিনক বনাইছোঁ আলোকিত, যাতে দেখিব পাৰে আৰু জীৱিকা অনুসন্ধান কৰিব পাৰে। বাৰে বাৰে অহা এই মৃত্যু তথা ইয়াৰ পিছত জীৱিত হোৱাৰ মাজত, নিশ্চিতভাৱে সেইসকল লোকৰ বাবে আছে স্পষ্ট নিদৰ্শন, যিসকলে ঈমান পোষণ কৰে।
Neml 27:87
হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া শিঙাত ফুঁ দিয়াৰ বাবে নিযুক্ত ফিৰিস্তাই দ্বিতীয়বাৰ শিঙাত ফুঁ মাৰিব; তেতিয়া আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলোৱে ভীষণ ভীত-সন্ত্ৰস্ত হৈ পৰিব, কিন্তু সেই ব্যক্তিৰ বাহিৰে যাক আল্লাহে অনুগ্ৰহ কৰি এই ভয়-ভীতিৰ পৰা ৰক্ষা কৰিব। সেইদিনা আল্লাহৰ প্ৰত্যেক সৃষ্টিয়েই আনুগত্যশীল আৰু বিনীত হৈ তেওঁৰ সন্মুখত উপস্থিত হ’ব।
Neml 27:88
সেইদিনা আপুনি পৰ্বতসমূহক দেখি অনুভৱ কৰিব যে, সেইবোৰ স্থিৰ হৈ আছে বা নিজৰ ঠাইতে অৱস্থিত আছে, কিন্তু প্ৰকৃততে সেইবোৰ মেঘৰ দৰে উৰি ফুৰিব। এয়া হৈছে আল্লাহৰ সৃষ্টি, তেৱেঁই সেইবোৰক গতি প্ৰদান কৰিব। নিশ্চয় তেওঁ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। অতিশীঘ্ৰেই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
Neml 27:89
যিসকলে কিয়ামতৰ দিনা ঈমান আৰু সৎকৰ্ম লৈ উপস্থিত হব, তেওঁলোকৰ বাবে আছে জান্নাত। লগতে তেওঁলোক থাকিব নিৰাপদ অৱস্থাত। কাৰণ আল্লাহে তেওঁলোকক কিয়ামতৰ ভয়-ভীতিৰ পৰা সুৰক্ষা প্ৰদান কৰিব।
Neml 27:90
কিন্তু যিসকলে কুফৰ আৰু পাপকৰ্ম লৈ উপস্থিত হ’ব, সিহঁতক অধোমুখে চোঁচৰাই জাহান্নামত নিক্ষেপ কৰা হ’ব। সিহঁতক ভৰ্ৎসনা কৰি আৰু অপমান কৰি কোৱা হ’ব যে, তোমালোকে পৃথিৱীত যি কুফৰী আৰু পাপ কৰ্ম কৰিছিলা, সেইটোৰে প্ৰতিফল আজি ভোগ কৰি আছা।
Neml 27:91
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, মোক আদেশ দিয়া হৈছে, মই যাতে মক্কাৰ প্ৰতিপালকৰ ইবাদত কৰোঁ, যিয়ে এই চহৰক সন্মানিত কৰিছে। গতিকে ইয়াত তেজ প্ৰবাহিত কৰা অনুচিত। কাৰো প্ৰতি অন্যায় কৰাও অবৈধ। ইয়াত চিকাৰ কৰাও নিষিদ্ধ। ইয়াত থকা গছ-গছনি আদি কাটি পেলোৱা নিষিদ্ধ। তেৱেঁই সকলো বস্তুৰ গৰাকী। লগতে মোক আদেশ দিয়া হৈছে, মই যাতে আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰোঁ তথা তেওঁৰ আনুগত্য কৰি আজ্ঞাকাৰীসকলৰ অন্তৰ্ভুক্ত হৈ যাওঁ।
Neml 27:92
লগতে মোক আৰু আদেশ দিয়া হৈছে, মই যাতে মানুহৰ সন্মুখত কোৰআন তিলাৱত কৰোঁ। গতিকে ইয়াৰ জৰিয়তে যিয়ে হিদায়ত লাভ কৰিব তথা সেইমতে আমল কৰিব, সেই সুপথ লাভ কৰাৰ প্ৰতিফল তেওঁ নিজেই ভোগ কৰিব। আনহাতে যিয়ে পথভ্ৰষ্ট হ’ব আৰু ইয়াৰ শিক্ষাৰ পৰা বিমুখ হ’ব, লগতে সেইমতে আমল নকৰিব, তেনেকুৱা লোকক আপুনি কৈ দিয়ক যে, “মই হৈছোঁ কেৱল এজন সতৰ্ককাৰী ব্যক্তি, গতিকে মই তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰোঁ। তোমালোকক হিদায়ত প্ৰদান কৰাটো মোৰ দায়িত্ব নহয়।”
Neml 27:93
হে ৰাছুল! আপুনি কৈ দিয়ক, সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, কাৰণ তেওঁ অসংখ্য অগণন নিয়ামত প্ৰদান কৰিছে। অচিৰেই আল্লাহে তোমালোকক তেওঁৰ নিদৰ্শনসমূহ দেখুৱাব, স্বয়ং তোমালোকৰ মাজত তথা আকাশ-পৃথিৱী আৰু জীৱিকাৰ মাজত। যিবোৰ নিদৰ্শন দেখিলে তোমালোকে অতি সহজেই চিনিব পাৰিবা আৰু সত্যক আঁকোৱালি লবলৈও সহজ হ’ব। তোমালোকে যিবোৰ কৰি আছা, এইবোৰৰ ক্ষেত্ৰত তোমালোকৰ প্ৰতিপালকক কেতিয়াও অমনোযোগী বুলি নাভাৱিবা। বৰং তেওঁ প্ৰতিটো বিষয় সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে। একোৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ অতিশীঘ্ৰে তোমালোকক ইয়াৰ প্ৰতিদান দিব।
Kasas 28:1
(ত্ব-ছীন-মীম) ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত এইবোৰ আখৰৰ বিষয়ে আলোচনা কৰা হৈছে।
Kasas 28:2
এইবোৰ হৈছে স্পষ্ট কোৰআনৰ আয়াত।
Kasas 28:3
আমি আপোনাক সত্য সহকাৰে মুছা আৰু ফিৰআউনৰ সংবাদ পাঠ কৰি শুনাই আছোঁ, য’ত কোনো ধৰণৰ সন্দেহ নাই; সেইসকল লোকৰ উদ্দেশ্যে যিসকলে ঈমান আনিছে। কাৰণ তেওঁলোকেই এনেকুৱা ঘটনাৰ দ্বাৰা উপকৃত হয়।
Kasas 28:4
নিশ্চয় ফিৰআউনে মিচৰৰ ভূমিত উপদ্ৰৱ সৃষ্টি কৰিছিল, তথা তাত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল। লগতে মিচৰৰ অধিবাসীসকলক বিভিন্ন গোটত বিভক্ত কৰিছিল। সেইবোৰৰ মাজৰ এটা গোটক অৰ্থাৎ বনী ইছৰাঈলক দুৰ্বল কৰি ৰাখিছিল। সিহঁতৰ মাজৰ পুৰুষসকলক হত্যা কৰিছিল আৰু নাৰীসকলক সিহঁতৰ সেৱা আগবঢ়োৱাৰ বাবে জীৱিত ৰাখিছিল, যাতে সেই গোত্ৰটোক অধিক অপমানিত কৰিব পৰা যায়। নিঃসন্দেহে ফিৰআউন আছিল এজন অত্যাচাৰী, বিদ্ৰূহী তথা অহংকাৰী ব্যক্তি, যিজনে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰিছিল।
Kasas 28:5
মিচৰৰ ভূমিত বনী ইছৰাঈলক দুৰ্বল কৰি ৰখা ফিৰআউনক ধ্বংস কৰি তথা বনী ইছৰাঈলৰ দুৰ্বলতা আঁতৰাই তেওঁলোকক সত্যৰ প্ৰতিনিধি বনাই, মই মোৰ দয়াৰ পাত্ৰ বনাব বিচাৰিছিলোঁ। লগতে আমি ফিৰআউনক ধ্বংস কৰাৰ পিছত তেওঁলোকক বৰকতময় শ্বাম (ছিৰিয়া) দেশৰ উত্তৰাধিকাৰী বনাব বিচাৰিছিলোঁ। যেনেঃ আল্লাহ তাআলাই কৈছেঃ ﴿وَأَوْرَثْنَا الْقَوْمَ الَّذِينَ كَانُوا يُسْتَضْعَفُونَ مَشَارِقَ الأَرْضِ وَمَغَارِبَهَا الَّتِي بَارَكْنَا فِيهَاۖ...﴾অৰ্থাৎ যি সম্প্ৰদায়ক দুৰ্বল বুলি ভৱা হৈছিল সিহঁতক আমি আমাৰ কল্যাণপ্ৰাপ্ত সাম্ৰাজ্যৰ পূৱ আৰু পশ্চিমৰ উত্তৰাধিকাৰী কৰিলোঁ।
Kasas 28:6
পৃথিৱীত আমি তেওঁলোকক ৰাজত্ব দান কৰি শাসনভাৰ প্ৰদান কৰিব বিচাৰিছিলোঁ। লগতে ফিৰআউনক আৰু তাৰ মন্ত্ৰী সভাত থকা আটাইতকৈ ডাঙৰ সহযোগী হামানক তথা সিহঁতৰ সৈন্যবাহিনীক যিসকলে সিহঁতক দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিছিল, এই সকলোকে আমি বনী ইছৰাঈলৰ এজন পুত্ৰ সন্তানৰ দ্বাৰা সিহঁতৰ ৰাজপাঠ হেৰুৱাৰ দৃশ্য দেখুৱাব বিচাৰিছিলোঁ, বনী ইছৰাঈলৰ যি সন্তানটোৰ বিষয়ে সিহঁতে সদায় শংকিত হৈ থাকিছিল।
Kasas 28:7
আমি মুছা আলাইহিচ্ছালামৰ মাতৃৰ অন্তৰত এই কথা ইলহাম কৰিছিলোঁ যে, আপুনি তাক পিয়াহ খুৱাই থাকক। কিন্তু যদি ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ফালৰ পৰা কোনো আশংকা হয় যে, সিহঁতে তেওঁক হত্যা কৰিব তেন্তে আপুনি তাক এটা বাকচত ভৰাই নীল নদীত উটুৱাই দিয়ক। তেওঁ ডুবি যাব বুলি অথবা ফিৰআউনে তেওঁক কিবা অনিষ্ট কৰিব বুলি আপুনি কেতিয়াও চিন্তিত নহ’ব। লগতে তেওঁৰ বিচ্ছেদকলৈও দুখী নহ’ব। নিশ্চয় আমি তেওঁক জীৱিত অৱস্থাত আপোনাৰ ওচৰলৈ ওভোতাই আনিম। লগতে তেওঁক সেইসকল ৰাছুলৰ অন্তৰ্ভুক্ত কৰিম, যিসকলক মানুহৰ ওচৰলৈ প্ৰেৰণ কৰা হয়।
Kasas 28:8
যেতিয়া তেওঁ আমাৰ আদেশ পালন কৰি মুছাক বাকচত ভৰাই নদীত উটুৱাই দিলে, তেতিয়া ফিৰআউন আৰু তাৰ সৈন্যবাহিনীয়ে বাকচটো দেখা পাই উঠাই ল’লে। যাতে আল্লাহৰ পৰিকল্পনা বাস্তৱত পৰিণত হয় যে, তেওঁ অচিৰেই মুছাক ফিৰআউনৰ শত্ৰুত পৰিণত হ’ব, আৰু তেওঁৰ জৰিয়তেই ফিৰআউনৰ ৰাজত্বৰ অৱসান ঘটিব। ফলত এইটো সিহঁতৰ চিন্তাৰ কাৰণ হৈ পৰিব। নিশ্চয় ফিৰআউন আৰু তাৰ মন্ত্ৰী হামান, লগতে সিহঁত দুজনৰ সহায়কসকল আছিল অতি পাপিষ্ঠ, কাৰণ সিহঁতে কুফৰী কৰিছিল আৰু অবাধ্যতাত লিপ্ত আছিল। তথা অন্যায়-অত্যাচাৰৰ জৰিয়তে সিহঁতে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰিছিল।
Kasas 28:9
ফিৰআউনে যেতিয়া তেওঁক হত্যা কৰিব বিচাৰিলে তেতিয়া ফিৰআউনৰ স্ত্ৰীয়ে ক’লে, ইয়াক এৰি দিয়ক, এই ল’ৰাটো মোৰ আৰু আপোনাৰ বাবে আনন্দৰ উৎস হৈ থাকিব। লগতে আমাৰ সেৱা কৰি আমাক উপকৃত কৰিব। নাইবা ইয়াক আমি পুত্ৰ বনাই লম। কিন্তু সিহঁতে জনা নাছিল যে, এটা সময়ত এই ল’ৰাটোৰ দ্বাৰা সিহঁতৰ ৰাজত্বৰ পতন ঘটিব।
Kasas 28:10
ইপিনে মুছা আলাইহিচ্ছালামৰ মাতৃৰ অৱস্থা এনেকুৱা হৈছিল যে, তেওঁ পৃথিৱীৰ সকলো বিষয় ত্যাগ কৰি অকল মুছাকলৈয়ে চিন্তিত আছিল। তেওঁ ধৈৰ্য্য ধাৰণত ব্যাকুল হৈ পৰিছিল। ইমান অস্থিৰ হৈ পৰিছিল যে, জানোচা কেতিয়া প্ৰকাশ কৰি দিয়ে “এওঁ মোৰেই সন্তান”। কিন্তু আমি তেওঁৰ অন্তৰ সুদৃঢ় কৰি ৰাখিছিলোঁ আৰু ধৈৰ্য্য ধাৰণ কৰাৰ সামৰ্থ প্ৰদান কৰিছিলোঁ। যাতে তেওঁ সেইসকল মুমিনৰ তালিকাভুক্ত হ’ব পাৰে, যিসকলে নিজ প্ৰতিপালকৰ ওপৰত ভৰসা কৰে তথা যিসকলে তেওঁৰ ফয়চালাত সন্তুষ্টি ব্যক্তি কৰে।
Kasas 28:11
মুছা আলাইহিচ্ছালামৰ মাতৃয়ে তেওঁক সাগৰত নিক্ষেপ কৰাৰ পিছত, মুছাৰ ভনীয়েকক নিৰ্দেশ দিলে যে, তুমি এই বাকচৰ পিছে পিছে যোৱাঁ। ইয়াৰ লগত কি সংঘটিত হয় সেই বিষয়ে যাতে সবিশেষ তথ্য জানিব পাৰা। এতেকে তাই সেই বাকচটোক দূৰৰ পৰাই লক্ষ্য ৰাখিছিল, যাতে ৰহস্য ফাদিল হৈ নাযায়। ইপিনে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ লোকসকলে গমেই নাপালে যে, এই ছোৱালীজনী মুছাৰ ভনী তথা তাই ইয়াৰ খবৰ সংগ্ৰহ কৰিবলৈ আহিছে।
Kasas 28:12
ইপিনে আল্লাহৰ পৰিকল্পনা মতে মুছা আলাইহিচ্ছামে কোনো নাৰীৰেই পিয়াহ খোৱা নাছিল, এই ঘটনা সংঘটিত হৈছিল মূছাক তেওঁৰ মাতৃৰ কোলাত ওভোতাই দিয়াৰ পূৰ্বে। যেতিয়া মুছা আলাইহিচ্ছালামৰ ভনীয়ে দেখিলে যে, সিহঁতে তেওঁক পিয়াহ খুৱাবলৈ ব্যাকুল হৈ আছে, তেতিয়া সিহঁতক ক’লেঃ আমি আপোনালোকক এনেকুৱা এটি পৰিয়ালৰ বিষয়ে সংবাদ দিব পাৰোঁনে, যি পৰিয়ালে ইয়াক পিয়াহ খুৱাব পাৰিব তথা ইয়াক ভালকৈ লালন-পালনো কৰিব পাৰিব, তথা তেওঁলোক ইয়াৰ শুভাকাংক্ষীও হ’ব?
Kasas 28:13
এইদৰেই আমি মুছাক তেওঁৰ মাতৃৰ ওচৰলৈ ওভোতাই দিছিলোঁ। যাতে তেওঁক ওচৰত পাই তেওঁৰ মাকৰ চকু শীতল হয়, লগতে তেওঁৰ বিচ্ছেদত যাতে শোকাগ্ৰস্ত নহয়। তথা এই কথাও যাতে গম পায় যে, মুছাক ওভোতাই দিয়াৰ আল্লাহৰ প্ৰতিশ্ৰুতিটো সত্য, য’ত কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই। কিন্তু অধিকাংশ লোকেই এই প্ৰতিশ্ৰুতি সম্পৰ্কে নাজানে, লগতে এইজনীয়েই যে মুছাৰ মাতৃ আছিল, এই কথাটো কোনোৱেই জনা নাছিল।
Kasas 28:14
যেতিয়া তেওঁ যৌৱনত উপনীত হ’ল আৰু শক্তিশালী হৈ গ’ল, তেতিয়া আমি তেওঁক নবুওৱত প্ৰদানৰ পূৰ্বেই বনী ইছৰাঈলৰ ধৰ্ম সম্পৰ্কে জ্ঞান আৰু বুদ্ধিমত্বা দান কৰিছিলোঁ। যিদৰে আমি মুছা আলাইহিচ্ছালামক আনুগত্যৰ কাৰণে প্ৰতিফল দান কৰিছিলোঁ, ঠিক সেইদৰে আমি প্ৰত্যেক যুগ আৰু প্ৰত্যেক স্থানতে সদাচাৰী লোকসকলক প্ৰতিফল দান কৰোঁ।
Kasas 28:15
এদিনাখন মুছা আলাইহিচ্ছালাম এনেকুৱা এটা সময়ত নগৰত প্ৰৱেশ কৰিলে, যেতিয়া মানুহে নিজ নিজ ঘৰত বিশ্ৰাম কৰি আছিল। তেওঁ দেখা পালে দুজন লোকে পৰস্পৰে কাজিয়া কৰি আছে তথা মাৰপিট কৰি আছে। সিহঁতৰ মাজৰ এজন আছিল মুছাৰ সম্প্ৰদায়ৰ অৰ্থাৎ বনী ইছৰাঈলৰ, আৰু আনজন আছিল কিবতী অৰ্থাৎ মুছা আলাইহিচ্ছালামৰ শত্ৰু ফিৰআউন সম্প্ৰদায়ৰ। এতেকে যিজন মুছাৰ সম্প্ৰদায়ৰ আছিল, সি মুছা আলাইহিচ্ছালামৰ পৰা নিজৰ শত্ৰু কিবতীৰ বিৰুদ্ধে সহায় কৰিবলৈ কাকুতি-মিনতি কৰিলে। ফলত মুছা আলাইহিচ্ছালামে কিবতীক এটা ঘোচা মাৰিলে, শক্তিশালী ঘোচাৰ ফলত মানুহজন নিহত হ’ল। এই দেখি মুছা আলাইহিচ্ছালামে ক’লেঃ নিশ্চয় এইটো চয়তানৰ শোভনীয় কৰ্ম তথা তাৰ প্ৰৱঞ্চনাৰ অন্তৰ্ভুক্ত। নিঃসন্দেহে চয়তানে তাৰ অনুসাৰীসকলক পথভ্ৰষ্ট কৰে আৰু সি হৈছে এজন প্ৰকাশ্য শত্ৰু। এতেকে মোৰ দ্বাৰা যি সংঘটিত হৈছে, সেইটো তাৰ শত্ৰুতাৰ কাৰণেই হৈছে। আনহাতে তাৰ কামেই হৈছে মানুহক পথভ্ৰষ্ট কৰা, গতিকে সি মোক পথভ্ৰষ্ট কৰিব বিচাৰিছে।
Kasas 28:16
মুছা আলাইহিচ্ছালামে তেওঁৰ দ্বাৰা সংঘটিত অপৰাধ স্বীকাৰ কৰি নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক’লেঃ হে মোৰ প্ৰতিপালক! এই কিবতীক হত্যা কৰি নিশ্চিতভাৱে মই নিজৰ ওপৰত অন্যায় কৰিছোঁ। গতিকে তুমি মোৰ এই অপৰাধ ক্ষমা কৰি দিয়া। এতেকে আল্লাহে আমাক এই কথাটো স্পষ্ট কৰি দিছে যে, তেওঁ মুছা আলাইহিচ্ছালামক ক্ষমা কৰিছিল। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি অতি দয়ালু।
Kasas 28:17
মুছা আলাইহিচ্ছালামে তেওঁৰ প্ৰাৰ্থনাত আৰু কৈছিলঃ হে মোৰ প্ৰতিপালক! যিহেতু তুমি মোক শক্তি, বুদ্ধিমত্বা আৰু জ্ঞান প্ৰদান কৰি উপকাৰ কৰিছা। গতিকে মই কেতিয়াও অপৰাধীৰ সহায়ক হ’ব নোৱাৰোঁ।
Kasas 28:18
তেওঁৰ দ্বাৰা কিবতী এজন হত্যা হোৱাৰ পিছত তেওঁ ভয় ভয় কৰি খা-খবৰ লোৱাৰ উদ্দেশ্যে নগৰত প্ৰৱেশ কৰিলে, যাতে এই বিষয়ে বিতং খবৰ সংগ্ৰহ কৰিব পাৰে যে, বৰ্তমান পৰিস্থিতি কেনেকুৱা। হঠাৎ তেওঁ দেখা পালে যে, যোৱাকালি যি ব্যক্তিয়ে তাৰ কিবতী শত্ৰুৰ বিৰুদ্ধে সহায় বিচাৰিছিল, সেইজনেই আজিও আন এজন কিবতীৰ লগত কাজিয়া কৰি আছে আৰু তাৰ বিৰুদ্ধে সহায় বিচাৰি আছে। এই দেখি মুছা আলাইহিচ্ছালামে ক’লেঃ নিশ্চয় তুমি এজন বিভ্ৰান্তি সৃষ্টিকাৰী তথা প্ৰকাশ্য পথভ্ৰষ্ট ব্যক্তি।
Kasas 28:19
যেতিয়া মুছা আলাইহিচ্ছালামে কিবতীক কৰায়ত্ব কৰিব বিচাৰিলে, যিজন মুছাৰ শত্ৰু আছিল তথা ইছৰাঈলী ব্যক্তিৰো শত্ৰু আছিল; তেতিয়া ইছৰাঈলী ব্যক্তিজনে ভাৱিলে যে, মুছা আলাইহিচ্ছালামে তাক কৰায়ত্ব কৰিবলৈ আহিছে, যিহেতু মুছা আলাইহিচ্ছালামে ইতিপূৰ্বে তাক কৈছিল, নিশ্চয় তুমি এজন বিভ্ৰান্ত সৃষ্টিকাৰী তথা প্ৰকাশ্য পথভ্ৰষ্ট; সেয়ে সি ধাৰণা কৰিছিল যে, মুছা আলাইহিচ্ছালামে তাকেই কৰায়ত্ব কৰিবলৈ আহিছে, গতিকে সি মুছা আলাইহিচ্ছালামক ক’লেঃ তুমি আজি মোকো হত্যা কৰিব বিচাৰিছা নেকি, যিদৰে যোৱাকালি তুমি এজন ব্যক্তিক হত্যা কৰিছিলা? নিশ্চয় তুমি পৃথিৱীত স্বেচ্ছাচাৰী দুৰাচাৰী হৈ মানুহক হত্যা কৰিব বিচৰা আৰু সিহঁতৰ ওপৰত অন্যায়-অত্যাচাৰ কৰিব বিচৰা। তুমি কেতিয়াও দুজন কাজিয়া কৰা লোকৰ মাজত মীমাংসা নিবিচৰা।
Kasas 28:20
যেতিয়া এই খবৰ চাৰিওফালে প্ৰচাৰ হৈ গ’ল, তেতিয়া নগৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি মুছাৰ শুভাকাংক্ষী হৈ তেওঁৰ ওচৰত দৌৰি আহিল, যাতে মুছা আলাইহিচ্ছালাম কোনো অনিষ্টৰ সন্মুখীন নহয়। সেই ব্যক্তিজন আহি ক’লেঃ হে মুছা! ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে আপোনাক প্ৰাণে মৰাৰ পৰামৰ্শ কৰি আছে। গতিকে আপুনি নগৰৰ পৰা আঁতৰি যাওক। নিশ্চয় মই আপোনাৰ শুভাকাংক্ষী। আপোনাক সিহঁতে কৰায়ত্ব কৰি যাতে হত্যা কৰিব নোৱাৰে সেইকাৰণেই মোৰ এই প্ৰয়াস।
Kasas 28:21
এতেকে মুছা আলাইহিচ্ছালামে সেই শুভাকাংক্ষীৰ কথা মানি ল’লে, আৰু নগৰৰ পৰা ভীত-সন্ত্ৰস্ত হৈ গোপনে ওলাই গ’ল। তেওঁ সদায় চিন্তিত হৈ আছিল, জানোচা কেতিয়া কি হয়। সেই সময়ত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি ক’লেঃ হে মোৰ প্ৰতিপালক! তুমি মোক এই অত্যাচাৰীসকলৰ পৰা ৰক্ষা কৰা। যাতে সিহঁতে মোক কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰে।
Kasas 28:22
যেতিয়া তেওঁ মাদিয়ান অভিমুখে যাত্ৰা আৰম্ভ কৰিলে, তেতিয়া তেওঁ ক’লেঃ আশা কৰোঁ মোৰ প্ৰতিপালকে মোক উত্তম পথ দেখুৱাব, যাতে পথ হেৰুৱাই নাযাওঁ।
Kasas 28:23
যেতিয়া তেওঁ মাদিয়ানৰ পানীৰ ঠাইত গৈ উপস্থিত হ’ল, তেতিয়া তেওঁ দেখা পালে কিছুসংখ্যক লোকে নিজৰ পোহনীয়া জন্তুবোৰক পানী খুওৱাই আছে। সিহঁতৰ পৰা কিছু নিলগত দুজনী ছোৱালীক দেখা পালে, তেওঁলোকে নিজৰ ছাগলীবোৰক আটক কৰি ৰাখিছে, মানুহবোৰ আঁতৰি যোৱাৰ পিচতহে তেওঁলোকে নিজৰ ছাগলীবোৰক পানী খুৱাব। মুছা আলাইহিচ্ছালামে তেওঁলোক দুয়োকে সুধিলেঃ তোমালোকৰ অসুবিধা কি, তোমালোকে নিজৰ জন্তুবোৰক সিহঁতৰ লগত পানী খুওৱা নাই কিয়? তেওঁলোকে ক’লেঃ আমাৰ অভ্যাস হৈছে যেতিয়ালৈকে ৰাখোৱালসকল গুচি নাযায় তেতিয়ালৈকে আমি আমাৰ জন্তুবোৰক পানী নুখুওৱাওঁ। যাতে সিহঁতৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকিব পাৰোঁ। আনহাতে আমাৰ পিতৃও অধিক বয়সস্থ। জন্তুবোৰক পানী খুৱাবলৈ তেওঁ নিজে আহিব নোৱাৰে। সেইকাৰণেই আমি আমাৰ ছাগলীবোৰক পানী খুৱাবলৈ অহাত বাধ্য।
Kasas 28:24
এই শুনি তেওঁলোকৰ প্ৰতি মুছা আলাইহিচ্ছালামৰ পুতৌ জন্মিল আৰু তেওঁলোকৰ ছাগলীবোৰক লৈ তেওঁ পানী খুৱাই আনিলে। ইয়াৰ পিছত তেওঁ গছৰ ছাঁত গৈ বিশ্ৰাম কৰিবলৈ ধৰিলে, লগতে নিজ প্ৰতিপালকৰ ওচৰত তেওঁৰ প্ৰয়োজনৰ কথা উল্লেখ কৰি দুআ কৰিলেঃ হে মোৰ প্ৰতিপালক! তুমি মোৰ ওপৰত যি কল্যাণেই নকৰা কিয়, সেইটোৱে এতিয়া মোৰ প্ৰয়োজন।
Kasas 28:25
দুয়োজনী ছোৱালীয়ে যেতিয়া নিজৰ ঘৰত উভতি গৈ পিতাৰ ওচৰত এই বিষয়টো বিতংভাৱে আলোচনা কৰিলে। তেতিয়া পিতায়ে এজনীক পঠিয়াই দিলে যে, তেওঁক মাতি আনাগৈ। ছোৱালীজনীয়ে মুছাৰ ওচৰত আহি লাজুকীয়াভাৱে ক’লেঃ আপোনাক মোৰ পিতাই মাতি পঠিয়াইছে। আপুনি আমাৰ জন্তুবোৰক পানী খুওৱাৰ বাবে পিতাই আপোনাক ইয়াৰ পাৰিশ্ৰমিক দিব বিচাৰিছে। যেতিয়া মুছা আলাইহিচ্ছালাম তেওঁলোকৰ পিতাৰ ওচৰত আহি উপস্থিত হ’ল, আৰু নিজৰ বিষয়ে বিস্তাৰিতভাৱে তেওঁক জনালে, তেতিয়া তেওঁ মুছা আলাইহিচ্ছালামক সান্তনা প্ৰদান কৰি ক’লেঃ চিন্তা নকৰিবা, নিশ্চয় তুমি ফিৰআউন আৰু তাৰ অত্যাচাৰী নেতাসকলৰ পৰা ৰক্ষা পাইছা। মাদিয়ানৰ ওপৰত সিহঁতৰ কোনো কৰ্তৃত্ব নাই। সিহঁতে তোমাক ইয়াত কোনো ধৰণৰ অনিষ্ট কৰিবলৈ আহিব নোৱাৰে।
Kasas 28:26
তেওঁৰ এজনী ছোৱালীয়ে ক’লেঃ হে মোৰ পিতা! আপুনি এওঁক আমাৰ ছাগলীবোৰ চৰাবলৈ সেৱক হিচাপে ৰাখক। নিশ্চয় এওঁ সেৱক হোৱাৰ উপযুক্ত। কাৰণ এওঁ শক্তিশালীও আছে তথা এজন বিশ্বস্ত ব্যক্তি। গতিকে শক্তিৰ দ্বাৰা এওঁ সুচাৰুৰূপে দায়িত্ব পালন কৰিব, আৰু বিশ্বস্ততাৰ জৰিয়তে এওঁ সা-সম্পদ সুৰক্ষিত ৰাখিব।
Kasas 28:27
তেওঁলোকৰ পিতৃয়ে মুছা আলাইহিচ্ছালামক সম্বোধন কৰি ক’লেঃ মই মোৰ দুজনী ছোৱালীৰ এজনীক তোমাৰ লগত বিবাহ দিব বিচাৰিছোঁ। কিন্তু চৰ্ত হৈছে এই বিবাহৰ মোহৰ আদায়ৰ বাবে তুমি আঠ বছৰলৈকে আমাৰ ছাগলীবোৰ চৰাব লাগিব। যদি দহ বছৰ সম্পূৰ্ণ কৰা তেন্তে এইটো তোমাৰ ফালৰ পৰা কৃপা বুলি গণ্য হ’ব, কিন্তু এইটো তোমাৰ বাবে অনিবাৰ্য নহয়। কাৰণ নিৰ্ধাৰিত থাকিব কেৱল আঠ বছৰ। ইয়াতকৈ অধিক হ’লে অতিৰিক্ত বুলি গণ্য হ’ব। মই তোমাৰ ওপৰত বোজা অৰ্পন কৰি তোমাক কষ্ট দিব বিচৰা নাই। ইন শ্বা আল্লাহ তুমি মোক সদাচাৰীসকলৰ অন্তৰ্ভুক্ত পাবা, যিসকলে প্ৰতিশ্ৰুতি পূৰণ কৰে আৰু কেতিয়াও প্ৰতিশ্ৰুতি ভঙ্গ নকৰে।
Kasas 28:28
মুছা আলাইহিচ্ছালামে ক’লেঃ ঠিক আছে, এইটোৱে মোৰ আৰু আপোনাৰ মাজত চুক্তিৰ চূড়ান্ত সিদ্ধান্ত। দুটা ম্যাদৰ (অৰ্থাৎ আঠ বছৰেই হওক অথবা দহ বছৰ) যিকোনো এটা সময়সীমা পূৰণ কৰিলেই মই মোৰ দায়িত্ব পূৰণ কৰা বুলি গণ্য হ'ম। কিন্তু ইয়াতকৈ অধিক সময়সীমা আপুনি বৃদ্ধি কৰিব নোৱাৰিব। আমাৰ মাজত যিটো চুক্তি চূড়ান্ত হ’ল, ইয়াৰ সাক্ষী তথা নিৰীক্ষক হৈছে আল্লাহ তাআলা।
Kasas 28:29
মুছা আলাইহিচ্ছালামে যেতিয়া অধিকতম ম্যাদ অৰ্থাৎ দহ বছৰ সম্পূৰ্ণ কৰি নিজ পৰিয়ালক লগত লৈ মাদিয়ানৰ পৰা মিচৰলৈ ৰাওনা হ’ল, তেতিয়া তেওঁ তুৰ পৰ্বতৰ প্ৰান্তত জুই দেখা পালে। সেয়ে তেওঁ নিজ পৰিয়ালক ক’লেঃ তোমালোকে ইয়াতে অৱস্থান কৰা, নিশ্চয় মই জুই দেখা পাইছোঁ। গতিকে সম্ভৱতঃ মই তাৰ পৰা তোমালোকৰ বাবে কোনো খবৰ লৈ আহিব পাৰিম নাইবা একুৰা জুই আনিম, যিটোৰ জৰিয়তে তোমালোকে জুই জ্বলাই শীতৰ পৰা ৰক্ষা পাব পাৰিবা।
Kasas 28:30
মুছা আলাইহিচ্ছালাম যেতিয়া তেওঁ দেখা পোৱা জুই কুৰাৰ ওচৰ পালেগৈ, তেতিয়া মহান তথা পৱিত্ৰ আল্লাহে উপত্যকাৰ সোঁফালৰ পৰা, অৰ্থাৎ সেই স্থানৰ পৰা যি স্থানক আল্লাহে মুছা আলাইহিচ্ছালামৰ লগত কথাপোকথনৰ বাবে বৰকতময় কৰি দিছিল, এজোপা গছৰ পৰা মাতি ক’লেঃ হে মুছা! ময়েই আল্লাহ, গোটেই সৃষ্টিজগতৰ প্ৰতিপালক।
Kasas 28:31
তথা তেওঁক আদেশ দিলে, তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা। মুছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি লাখুটিডাল নিক্ষেপ কৰিলে। কিন্তু যেতিয়া তেওঁ সেইডালক সাপৰ দৰে দ্ৰুত লৰচৰ আৰু চোঁচৰি গতি কৰা দেখিলে তেতিয়া তেওঁ ভয়তে দৌৰি পলায়ন কৰিবলৈ ধৰিলে, আনকি পিচফালেও ঘূৰি চোৱা নাছিল। এই দেখি আল্লাহে তেওঁক ক’লেঃ হে মুছা! ভয় নকৰিব, আগুৱাই যাওক। কাৰণ নিশ্চিতভাৱে আপোনাক সুৰক্ষিত কৰা হৈছে সেই সকলো বস্তুৰ পৰা যিবোৰক দেখি আপুনি ভয় পায়।
Kasas 28:32
আপুনি আপোনাৰ হাতখন কাষলতিত সোমাই দিয়ক, চাব হাতখন ওলাই আনিলে শুভ্ৰ উজ্জ্বল হৈ ওলাই আহিব, এইটো কোনো পখৰা ৰোগ নহয়। এতেকে মুছাই যেতিয়া নিজৰ হাতখন কাষলতিত সোমাই দিলে, সঁচাই হাতখন ওলাই অনাত বৰফৰ দৰে বগা হৈ ওলাই আহিল। এতিয়া আপুনি আপোনাৰ হাতখন বুকুত ৰাখি দিয়ক যাতে আপোনাৰ ভয়-ভীতি দূৰ হয়। এতেকে মুছা আলাইহিচ্ছালামে তেনেকুৱাই কৰিলে, ফলত তেওঁৰ ভয়-ভীতি দূৰ হৈ গ’ল। উক্ত দুয়োটা নিদৰ্শন -অৰ্থাৎ লাখুটি আৰু উজ্জ্বল হাত- ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ প্ৰতি প্ৰেৰণ কৰা অন্যতম দলিল। নিশ্চয় সিহঁত আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত সম্প্ৰদায়ৰ লোক আছিল, কাৰণ সিহঁতে কুফৰী কৰিছিল আৰু গুনাহৰ কৰ্মত লিপ্ত আছিল।
Kasas 28:33
মুছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ নিশ্চয় মই সিহঁতৰ মাজৰ এজনক হত্যা কৰিছিলোঁ। গতিকে মই যদি এই বাৰ্তা লৈ সিহঁতৰ ওচৰত গৈ উপস্থিত হওঁ, তেন্তে সিহঁতে মোক হত্যা কৰিব বুলি মই ভয় কৰি আছোঁ।
Kasas 28:34
মোৰ ভাই হাৰূন মোতকৈ অধিক ভাষাজ্ঞানত পাকৈত। গতিকে তেওঁক মোৰ সহায়ক হিচাপে প্ৰেৰণ কৰা। ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে যদি মোক অস্বীকাৰ কৰে তেতিয়া তেওঁ যাতে মোক সমৰ্থন কৰে। মই আশংকা কৰিছোঁ সিহঁতেও মোক সেইদৰেই অস্বীকাৰ কৰিব, যিদৰে মোৰ পূৰ্বৱৰ্তী ৰাছুলসকলক অন্যান্য জাতিয়ে অস্বীকাৰ কৰিছিল।
Kasas 28:35
আল্লাহে মুছা আলাইহিচ্ছালামৰ প্ৰাৰ্থনা স্বীকাৰ কৰি ক'লেঃ হে মুছা! অচিৰেই আমি আপোনাৰ ভাতৃক আপোনাৰ সহায়ক ৰাছুল বনাই আপোনাক শক্তিশালী কৰিম। লগতে আমি আপোনালোকক দলিল-প্ৰমাণ আৰু সমৰ্থন প্ৰদান কৰিম। এতেকে আমি আপোনালোকক যি বাৰ্তা প্ৰদান কৰি সিহঁতৰ ওচৰলৈ প্ৰেৰণ কৰি আছোঁ, এই বিষয়ক কেন্দ্ৰ কৰি সিহঁতে আপোনালোকৰ একো অনিষ্ট কৰিব নোৱাৰিব। নিশ্চিতভাৱে আপোনালোক দুয়ো আৰু আপোনালোকৰ অনুসাৰী মুমিনসকলেই বিজয়প্ৰাপ্ত হ’ব।
Kasas 28:36
যেতিয়া মুছা আলাইহিচ্ছালামে আমাৰ প্ৰকাশ্য আয়াতসমূহ লৈ সিহঁতৰ ওচৰত উপস্থিত হ'ল, তেতিয়া সিহঁতে ক'লেঃ এইবোৰ মিছা তথা এইবোৰ মুছা নিজেই ৰচনা কৰিছে। আমি আমাৰ পূৰ্বৱৰ্তী লোকসকলৰ ওচৰত এনেকুৱা বিষয় সম্পৰ্কে শুনা নাছিলোঁ।
Kasas 28:37
মুছা আলাইহিচ্ছালামে ফিৰআউনক সম্বোধন কৰি ক’লেঃ মোৰ প্ৰতিপালকে সেইজন সত্যবাদীক ভালকৈয়ে জানে, যিজনে তেওঁৰ ফালৰ পৰা হিদায়তলৈ আগমন কৰিছে। লগতে সেই ব্যক্তিকো ভালদৰে জানে, আখিৰাতত যাৰ পৰিণাম উত্তম হ’ব। নিশ্চিতভাৱে অন্যায়কাৰীসকলে কেতিয়াও নিজৰ উদ্দেশ্যত সফল হ’ব নোৱাৰিব, লগতে সিহঁতে ভয় কৰা বস্তুৰ পৰাও ৰক্ষা পাব নোৱাৰিব।
Kasas 28:38
তেতিয়া ফিৰআউনে তাৰ সম্প্ৰদায়ৰ প্ৰমুখ ব্যক্তিসকলক সম্বোধন কৰি ক’লেঃ হে প্ৰমুখসকল! মই মোৰ বাহিৰে তোমালোকৰ বাবে আন কোনো উপাস্যৰ বিষয়ে নাজানো। এতেকে হে হামান! তুমি মোৰ বাবে মাটি পুৰি ইট তৈয়াৰ কৰা, ইট প্ৰস্তুত হ’লে সেই ইটেৰে মোৰ বাবে এখন সুউচ্চ ভৱন নিৰ্মাণ কৰা, যাতে সেই ভৱনৰ ওপৰত থিয় হৈ মই মুছাৰ প্ৰতিপালকক চাব পাৰোঁ আৰু তেওঁৰ বিষয়ে জানিব পাৰোঁ। মই নিশ্চিত যে মুছা এইক্ষেত্ৰত এজন মিছলীয়া, কাৰণ সি মিছা দাবী কৰিছে যে, সি আল্লাহৰ ফালৰ পৰা মোৰ ওচৰলৈ তথা মোৰ সম্প্ৰদায়ৰ ওচৰলৈ ৰাছুল হিচাপে আগমন কৰিছে।
Kasas 28:39
ফিৰআউন আৰু তাৰ সেনাবাহিনীৰ অহংকাৰ বৃদ্ধি পাবলৈ ধৰিলে। ইপিনে সিহঁতে মিচৰৰ ভূমিত অন্যায়ভাৱে শাসন চলাইছিল। লগতে সিহঁতে মৃত্যুৰ পিছত হ’বলগীয়া পুনৰুত্থানকো অস্বীকাৰ কৰিছিল। লগতে সিহঁতে ধাৰণা পোষণ কৰিছিল যে, সিহঁতক কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে তথা শাস্তিৰ বাবে আমাৰ ওচৰলৈ ওভোতাই অনা নহ’ব।
Kasas 28:40
ফলত আমি তাক আৰু তাৰ সেনাবাহিনীক কৰায়ত্ব কৰিলোঁ, তথা সিহঁতক সাগৰত ডুবাই মাৰিবলৈ নিক্ষেপ কৰিলোঁ, অৱশেষত সিহঁত সকলোৱে ধ্বংস হ’ল। এতেকে হে ৰাছুল! আপুনি চিন্তা কৰি চাওক, অন্যায়কাৰীসকলৰ পৰিণতি আৰু শেষ পৰিণাম কেনেকুৱা! নিশ্চিতভাৱে সিহঁতৰ অন্ত তথা শেষ পৰিণাম হৈছে ধ্বংস।
Kasas 28:41
আমি সিহঁতক পাষণ্ড দুৰাচাৰী লোকৰ নেতা বনাইছিলোঁ, সিহঁতে কুফৰী আৰু ভ্ৰান্ত মতবাদৰ দ্বাৰা মানুহক জাহান্নামৰ পিনে আহ্বান কৰিছিল। কিয়ামতৰ দিনা সিহঁতে শাস্তিৰ পৰা ৰক্ষা পাবলৈ কোনো ধৰণৰ সহায় বিচাৰি নাপাব। বৰং সিহঁতক দ্বিগুণ শাস্তি প্ৰদান কৰা হ’ব, কাৰণ সিহঁতে পাপকৰ্মৰ পৰম্পৰা সৃষ্টি কৰিছিল আৰু মানুহক বিভ্ৰান্ত মতবাদৰ পিনে আহ্বান কৰিছিল। সেইকাৰণে সিহঁতে নিজৰ আমলৰ শাস্তিও ভোগ কৰিব, লগতে সিহঁতৰ কথা মতে আমল কৰা লোকৰ পাপ কৰ্মৰ শাস্তিৰ অংশীদাৰো সিহঁতে হ’ব।
Kasas 28:42
সিহঁতৰ শাস্তি বৃদ্ধি কৰিবলৈ এই পৃথিৱীত আমি তিৰস্কাৰ আৰু ধিক্কাৰ সিহঁতৰ লগত সম্পৃক্ত কৰি দিছোঁ, তথা কিয়ামতৰ দিনা সিহঁত হ’ব লাঞ্ছিত আৰু অপমানিত। আল্লাহৰ ৰহমতৰ পৰা বহু দূৰৈত অৱস্থান কৰিব।
Kasas 28:43
পূৰ্বৱৰ্তী উম্মতসমূহৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰাৰ পিছত আমি মুছাক প্ৰদান কৰিছিলোঁ তাওৰাত, তথাপিও সিহঁতে তেওঁলোকক অস্বীকাৰ কৰিছিল। ফলত অস্বীকাৰ কৰাৰ কাৰণে আমি সিহঁতক ধ্বংস কৰিছিলোঁ। ইয়াৰ মাজত আছে মানুহৰ বাবে উপদেশ, অৰ্থাৎ কোনটো বিষয় সিহঁতৰ বাবে উপকাৰী যিটোৰ ওপৰত সিহঁতে আমল কৰা উচিত; আৰু কোনটো বিষয় সিহঁতৰ বাবে ক্ষতিকাৰক, যিটোক সিহঁতে পৰিত্যাগ কৰা উচিত। তথা ইয়াত আছে কল্যাণৰ পিনে লৈ যোৱা সঠিক দিশনিৰ্দেশনা। লগতে আছে দয়া আৰু কৃপা, যিটো পৃথিৱী আৰু আখিৰাতৰ বাবে অতি কল্যাণকৰ। যাতে সিহঁতে আল্লাহৰ নিয়ামতসমূহ স্মৰণ কৰি তাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰে আৰু ইয়াৰ প্ৰতি ঈমান পোষণ কৰিব পাৰে।
Kasas 28:44
যেতিয়া আমি মুছা আলাইহিচ্ছালামক এই সংবাদ দিছিলোঁ যে, আপোনাক ৰাছুল বনাই ফিৰআউন আৰু তাৰ প্ৰমুখ নেতাসকলৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব, তেতিয়া সেইসময়ত হে ৰাছুল! পৰ্বতৰ পশ্চিম প্ৰান্তত আপুনি উপস্থিত নাছিল। আনকি সেই সংবাদ সংগ্ৰহ কৰিবলৈও আপুনি তাত উপস্থিত নাছিল যে, সেইবোৰ আপুনি মানুহৰ ওচৰত বৰ্ণনা কৰিব। এতেকে আপুনি মানুহক যি সংবাদ দি আছে, সেইবোৰ হৈছে দৰাচলতে আল্লাহৰ ফালৰ পৰা আপোনাৰ প্ৰতি প্ৰেৰণ কৰা অহী।
Kasas 28:45
মুছাৰ পিছতো আমি বহুতো উম্মত সৃষ্টি কৰিছিলোঁ, যিসকলে দীৰ্ঘ সময় অতিবাহিত কৰিছিল। ফলত আল্লাহে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহক সিহঁতে পাহৰি গৈছিল। (হে ৰাছুল) আপুনি মাদিয়ানবাসীৰ মাজত অৱস্থান কৰা নাছিল যে, সিহঁতক আমাৰ আয়াতসমূহ পাঠ কৰি শুনোৱাব। কিন্তু আমিয়েই আপোনাক আমাৰ ফালৰ পৰা ৰাছুল হিচাপে প্ৰেৰণ কৰিছোঁ। তথা আপোনাক মুছাৰ সংবাদ আৰু মাদিয়ানত তেওঁৰ অৱস্থান কৰা পৰিস্থিতি সম্পৰ্কে অহীৰ দ্বাৰা অৱগত কৰাইছোঁ। গতিকে আল্লাহে আপোনাৰ প্ৰতি যি অহী কৰিছে সেইটোহে আপুনি মানুহক অৱগত কৰাই আছে।
Kasas 28:46
আৰু মুছাক যেতিয়া আমি আহ্বান কৰিছিলোঁ তথা তেওঁক আমি যি অহী কৰিছিলোঁ, তেতিয়াও আপুনি তাত উপস্থিত নাছিল যে, সেই সম্পৰ্কে আপুনি মানুহক অৱগত কৰিব। কিন্তু আমিয়েই আপোনাক মানুহৰ ওচৰলৈ ৰহমত হিচাপে প্ৰেৰণ কৰিছোঁ। তথা আপোনাৰ প্ৰতি সেই সকলো তথ্য অহী কৰিছোঁ, যাতে আপুনি এনেকুৱা এটা জাতিক সতৰ্ক কৰিব পাৰে, যি জাতিৰ ওচৰলৈ আপোনাৰ পূৰ্বে সতৰ্ককাৰী কোনো ৰাছুল আগমন কৰা নাছিল। যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে, তথা আপুনি আল্লাহৰ ফালৰ পৰা যি বাৰ্তা লৈ আহিছে তাৰ প্ৰতি ঈমান পোষণ কৰিব পাৰে।
Kasas 28:47
ৰাছুল প্ৰেৰণ নকৰাকৈ সিহঁতৰ কুফৰী আৰু গুনাহৰ কাৰণে যদি সিহঁতৰ ওপৰত কোনো শাস্তি আহি পৰিলহেঁতেন তেতিয়া সিহঁতে অৱশ্যে ক’লেহেঁতেনঃ (হে আমাৰ প্ৰতিপালক!) তুমি আমাৰ ওচৰলৈ ৰাছুল কিয় প্ৰেৰণ নকৰিলা, আমি তোমাৰ আয়াতসমূহৰ অনুসৰণ কৰিলোহেঁতেন আৰু সেইমতে আমল কৰিলোহেঁতেন। লগতে নিজ প্ৰতিপালকৰ আদেশ মতে আমল কৰা মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ গ’লোহেঁতেন? যদি এই অভিযোগ উত্থাপনৰ অৱকাশ নাথাকিলহেঁতেন তেন্তে অৱশ্যে আমি সিহঁতক শীঘ্ৰে শাস্তি প্ৰদান কৰিলোঁহেতেন। কিন্তু সেই শাস্তিটোক আমি পিছুৱাই ৰাখিছোঁ, যাতে ৰাছুল প্ৰেৰণ কৰি সিহঁতৰ এই অভিযোগ উত্থাপনৰ সুযোগটো নাইকীয়া কৰিব পাৰোঁ।
Kasas 28:48
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ প্ৰতিপালকৰ তৰফৰ পৰা ৰিছালত লৈ যেতিয়া কুৰাইশ্বৰ ওচৰলৈ আগমন কৰিলে, তেতিয়া সিহঁতে এই বিষয়ে ইয়াহুদীসকলক সুধিলে, আৰু ইয়াহুদীসকলে সিহঁতক বুজাই পৰাই দিলে, সেই শুনি সিহঁতে ক’লেঃ মুহাম্মদে নিজ প্ৰতিপালকৰ তৰফৰ পৰা মুছাৰ দৰে নিদৰ্শন লৈ কিয় নাহে? যেনেঃ শুভ্ৰোজ্জ্বল হাত, লাখুটি আদি। হে ৰাছুল! আপুনি সিহঁতক প্ৰত্যুত্তৰ দি কওক, ইতিপূৰ্বে মুছাক যিবোৰ নিদৰ্শন দিয়া হৈছিল ইয়াহুদীসকলে সেইবোৰক নাকচ কৰা নাছিলনে? সিহঁতে দেখোন তাওৰাত আৰু কোৰআন উভয়ৰ বিষয়ে কয়ঃ এই দুয়োটা হৈছে যাদু, তথা এটাই আনটোক সমৰ্থন কৰে। সিহঁতে এই কথাও কয় যে, আমি কোৰআন আৰু তাওৰাত দুয়োটাকেই অস্বীকাৰ কৰোঁ।
Kasas 28:49
হে ৰাছুল! আপুনি ইহঁতক কৈ দিয়ক, তোমালোকৰ দাবী অনুসৰি তাওৰাত আৰু কোৰআন যদি সঁচাই যাদু হয়, এতেকে তোমালোকে যদি নিজৰ এই দাবীত সত্যবাদী হোৱা তেন্তে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ এনেকুৱা এখন গ্ৰন্থ লৈ অহা, যি গ্ৰন্থই কোৰআন আৰু তাওৰাততকৈ অধিক সত্যৰ পথ দেখুৱাব। যদি তোমালোকে এনেকুৱা গ্ৰন্থ লৈ আহিব পাৰা তেন্তে ময়ো সেই গ্ৰন্থৰ অনুসৰণ কৰিম।
Kasas 28:50
এতেকে কুৰাইশ্বে যদি তাওৰাত আৰু কোৰআনতকৈ অধিক সঠিক গ্ৰন্থ লৈ অহাৰ এই আহ্বান স্বীকাৰ নকৰে তেন্তে আপুনি নিশ্চিতৰূপে জানি থওক যে, সিহঁতে এই দুখন গ্ৰন্থক নাকচ কৰাটো হৈছে ভিত্তিহীন। বৰং প্ৰবৃত্তিৰ অনুসৰণ কৰি সিহঁতে এনেকুৱা সংহতিহীন কথা কয়। সেই ব্যক্তিতকৈ অধিক পথভ্ৰষ্ট আন কোনেও হ’ব নোৱাৰে, যিয়ে আল্লাহৰ হিদায়ত অবিহনে নিজৰ মনৰ চাহিদাৰ অনুসৰণ কৰে। প্ৰকৃততে আল্লাহে সেইসকল লোকক কেতিয়াও সত্যৰ পথ নেদেখুৱায়, যিসকলে আল্লাহৰ লগত কুফৰী কৰি নিজৰেই অন্যায় কৰে।
Kasas 28:51
নিশ্চয় আমি মুশ্বৰিকসকলৰ ওচৰত পূৰ্বৱৰ্তী উম্মতসমূহৰ অৰ্থাৎ বনী ইছৰাঈলৰ মাজৰ ইয়াহুদীসকলৰ মাজত সংঘটিত হোৱা সকলো ঘটনা সম্পৰ্কীয় বিৱৰণ পৌঁচাই দিছোঁ, লগতে সিহঁতে আমাৰ ৰাছুলসকলক অস্বীকাৰ কৰাৰ ফলত যি শাস্তিৰ সন্মুখীন হৈছিল সেই বিষয়েও জনাই দিছোঁ। যাতে সিহঁতে এইবোৰৰ পৰা উপদেশ গ্ৰহণ কৰি ঈমান পোষণ কৰে। আৰু সিহঁতৰ ওপৰতো যাতে তেনেকুৱা শাস্তি নামি নাহে, যেনেকুৱা শাস্তি পূৰ্বৱৰ্তী উম্মতৰ ওপৰত আহিছিল।
Kasas 28:52
কোৰআন অৱতীৰ্ণ হোৱাৰ পূৰ্বে যিসকলে তাওৰাতৰ ওপৰত দৃঢ়ভাৱে ঈমান পোষণ কৰিছিল, সেইসকল লোকেই কোৰআনৰ ওপৰত ঈমান আনিছে। কাৰণ তেওঁলোকে নিজ গ্ৰন্থত কোৰআন সম্পৰ্কে সুসংবাদ তথা ইয়াৰ প্ৰশংসা পঢ়িবলৈ পাইছিল।
Kasas 28:53
যেতিয়া তেওঁলোকৰ ওচৰত কোৰআন তিলাৱত কৰা হয়, তেতিয়া তেওঁলোকে কয়ঃ আমি ইয়াৰ প্ৰতি ঈমান আনিছোঁ; নিশ্চিতভাৱে এইখন সত্য, ইয়াত কোনো সন্দেহ নাই। এইখন আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ। এই কোৰআন অৱতীৰ্ণ হোৱাৰ পূৰ্বৰে পৰা আমি মুছলিম, কাৰণ ইয়াৰ পূৰ্বে ৰাছুলসকলে যি লৈ আহিছিল, আমি সেইবোৰৰ প্ৰতিও ঈমান আনিছিলোঁ।
Kasas 28:54
উক্ত লোকসকলক আল্লাহে দ্বিগুণ ছোৱাব প্ৰদান কৰিব। কাৰণ তেওঁলোকে নিজৰ ধৰ্মগ্ৰন্থৰ ওপৰতো ধৈৰ্য্য সহকাৰে ঈমান পোষণ কৰিছিল, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম নবী হোৱাৰ পিছত তেওঁৰ প্ৰতিও ঈমান পোষণ কৰিছে। তেওঁলোকেই নেক আমলৰ ছোৱাবৰ জৰিয়তে গুনাহক প্ৰতিহত কৰে। লগতে আমি তেওঁলোকক যি ধন-সম্পদ প্ৰদান কৰিছোঁ, তেওঁলোকে সেইবোৰ নেকীৰ ৰাস্তাত ব্যয় কৰে।
Kasas 28:55
মুমিন বান্দাসকলে যেতিয়া আহলে কিতাবৰ অযথা কথা শুনা পায়, তেতিয়া তেওঁলোকে সেইবোৰক আওকাণ কৰি বেলেগ ফালে মনোযোগ দিয়ে। লগতে সিহঁতক সম্বোধন কৰি কয়ঃ শুনা! আমি আমাৰ কৰ্মৰ প্ৰতিদান পাম আৰু তোমালোকে তোমালোকৰ কৰ্মৰ প্ৰতিদান পাবা। আমাৰ ফালৰ পৰা তোমালোক সকলো ধৰণৰ গোৱাল-গালি আৰু অনিষ্টৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষিত। আমি মুৰ্খসকলৰ সংস্পৰ্শ নিবিচাৰোঁ, কাৰণ ইয়াৰ মাজত পৃথিৱী আৰু আখিৰাতত ক্ষয়-ক্ষতি আৰু শাস্তি নিহিত আছে।
Kasas 28:56
হে ৰাছুল! আপুনি যাকে ইচ্ছা তাকেই ঈমান পোষণ কৰাৰ ক্ষমতা প্ৰদান কৰিব নোৱাৰে। উদাহৰণস্বৰূপে আবু তালিব। কিন্তু একমাত্ৰ আল্লাহেই সেই সত্ত্বা, যিজনে যাক ইচ্ছা কৰে তাকেই হিদায়তৰ তাওফীক দিব পাৰে। কাৰণ তেৱেঁই ভালকৈ জানে, কোন ব্যক্তিয়ে হিদায়ত লাভ কৰি সঠিক পথৰ পথিক হ’ব পাৰিব।
Kasas 28:57
মক্কাৰ মুশ্বৰিকসকলে ইছলামৰ অনুসৰণ আৰু ইয়াৰ প্ৰতি ঈমান পোষণৰ পৰা বিৰত থকাৰ ইচ্ছাৰে অজুহাত দাঙি ধৰি কয়ঃ “যদি আমি আপুনি লৈ অহা ইছলাম গ্ৰহণ কৰোঁ, তেন্তে অতিশীঘ্ৰে আমাৰ শত্ৰুসকলে আমাক দেশৰ পৰা বহিষ্কাৰ কৰিব”। এই মুশ্বৰিকসকলৰ বাবে হৰমক আমি নিৰাপত্তাৰ ঠাই বনোৱা নাইনে? যি ঠাইত অন্যায়-অত্যাচাৰ আৰু তেজ প্ৰবাহিত কৰা নিষেধ। তাত সিহঁত শত্ৰুৰ আক্ৰমণৰ পৰাও সুৰক্ষিত। যি ঠাইত সকলো প্ৰকাৰৰ ফল-মূল জীৱিকা স্বৰূপে উপলব্ধ হয়। কিন্তু সিহঁতৰ মাজৰ অধিকাংশ লোকেই আল্লাহৰ নিয়ামতবোৰৰ বিষয়ে অৱগত নহয়। সেইকাৰণেই আল্লাহৰ কৃতজ্ঞতা নকৰে।
Kasas 28:58
বহুতো জনবসতি এনেকুৱা আছিল, যিসকলে আল্লাহৰ নিয়ামতৰ অকৃতজ্ঞতা কৰিছিল, তথা পাপকৰ্ম আৰু অবাধ্যতাত লিপ্ত হৈছিল। অৱশেষত আমি সিহঁতৰ ওপৰত শাস্তি প্ৰেৰণ কৰি সিহঁতক ধ্বংস কৰিছিলোঁ। চোৱা এইবোৰ হৈছে সিহঁতৰ জনশূন্য বাসস্থান, যিবোৰৰ ওচৰেৰে মানুহ অহা যোৱা কৰে। তাত কিছুমান পৰ্যটকৰ বাহিৰে আন কোনেও অৱস্থান নকৰে। প্ৰকৃততে আমিয়েই ইয়াৰ উত্তৰাধিকাৰী; আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে সেই সকলোবোৰৰ।
Kasas 28:59
হে ৰাছুল! আপোনাৰ প্ৰতিপালকে কেতিয়াও কোনো জনবসতিক এনেয়ে ধ্বংস নকৰে, যেতিয়ালৈকে সিহঁতৰ মাজৰ ডাঙৰ জনবসতিৰ মাজত কোনো ৰাছুল প্ৰেৰণ কৰি সিহঁতৰ অভিযোগ উত্থাপনৰ পথ বন্ধ নকৰে। যিদৰে আপোনাক উম্মুল কুৰালৈ (অৰ্থাৎ মক্কালৈ) প্ৰেৰণ কৰিছে। আনহাতে সেইসমূহ জনবসতিকো আমি ধ্বংস নকৰোঁ যিবোৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকে। বৰং আমি ধ্বংস কৰোঁ সেইসমূহ জনবসতিক, যিবোৰে কুফৰী আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰে।
Kasas 28:60
আল্লাহে তোমালোকক যিবোৰ সা-সামগ্ৰী দান কৰিছে, যিবোৰৰ দ্বাৰা তোমালোকে উপকৃত হোৱা তথা পাৰ্থিৱ জীৱনক সুসজ্জিত হিচাপে গঢ়ি তোলা, এটা সময়ত এইবোৰ নিঃশেষ হৈ যাব। পক্ষান্তৰে আখিৰাতত আল্লাহৰ ওচৰত যি মহান ছোৱাব আছে, সেয়া এই পাৰ্থিৱ জীৱনৰ সা-সামগ্ৰীতকৈ তথা শোভা বৃদ্ধি কৰা বস্তুতকৈ অধিক উত্তম আৰু চিৰস্থায়ী। তোমালোকে এইবোৰ বুজি নোপোৱা নেকি? যাতে ধ্বংসশীল বস্তুৰ ওপৰত চিৰস্থায়ী বস্তুক প্ৰধান্য দিব পাৰা।
Kasas 28:61
যি ব্যক্তিক আমি আখিৰাতত জান্নাত আৰু তাৰ মাজত থকা চিৰস্থায়ী নিয়ামত প্ৰদানৰ প্ৰতিশ্ৰুতি দিছোঁ, সেইবোৰ তেওঁ নিশ্চয় লাভ কৰিব; এই ব্যক্তিক কেতিয়াও সেই ব্যক্তিৰ লগত তুলনা কৰিব নোৱাৰি, যাক পাৰ্থিৱ জীৱনৰ ধন-সম্পদ আৰু শোভনীয় বস্তু প্ৰদান কৰা হৈছে, কাৰণ কিয়ামতৰ দিনা এনেকুৱা ব্যক্তি জাহান্নামৰ অগ্নিত নিক্ষিপ্তসকলৰ অন্তৰ্ভুক্ত হ’ব।
Kasas 28:62
যিদিনা সিহঁতৰ পৱিত্ৰ আৰু সৰ্বোচ্চ প্ৰতিপালক আল্লাহে সিহঁতক মাতি ক’বঃ মোৰ সেই অংশীদাৰবোৰ আজি ক’ত, মোক এৰি যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা, তথা সেইবোৰক মোৰ অংশীদাৰ বুলি ভাৱিছিলা?!
Kasas 28:63
কুফৰীৰ পিনে আহ্বানকাৰী যিসকল প্ৰচাৰকৰ ওপৰত আমাৰ শাস্তি অনিবাৰ্য হৈ পৰিছে সিহঁতে ক'বঃ হে আমাৰ প্ৰতিপালক! এই পথভ্ৰষ্ট লোকসকলক আমিয়েই পথভ্ৰষ্ট কৰিছিলোঁ, যিদৰে আমি নিজেই পথভ্ৰষ্ট হৈছিলোঁ, আৰু এতিয়া আমি তোমাৰ সন্মুখত সিহঁতৰ পৰা সম্পৰ্কচ্ছেদ কৰিলোঁ। সিহঁতে আমাৰ ইবাদত কৰা নাছিল, বৰং প্ৰকৃততে সিহঁতে চয়তানৰ অনুসৰণ কৰিছিল।
Kasas 28:64
তেতিয়া সিহঁতক কোৱা হ’ব, তোমালোকে অংশী স্থাপন কৰা লোকসকলক আহ্বান কৰা, যাতে সিহঁতে তোমালোকক এই তিৰস্কাৰৰ পৰা ৰক্ষা কৰিব পাৰে, যি তিৰস্কাৰত তোমালোকে লিপ্ত হৈ আছা। তেতিয়া সিহঁতে সেই অংশীদাৰসকলক মাতিব, কিন্তু সিহঁতে এই আহ্বানত কোনো সঁহাৰি নিদিব। সিহঁতে সিহঁতৰ বাবে প্ৰস্তুত কৰা শাস্তিবোৰ যেতিয়া দেখিব, তেতিয়া কামনা কৰিব যে, যদি সিহঁতে পৃথিৱীত সত্যৰ পথ অৱলম্বন কৰিলেহেঁতেন।
Kasas 28:65
সেইদিনা আল্লাহে সিহঁতক মাতি ক’বঃ তোমালোকে মোৰ সেই ৰাছুলসকলক কেনেকুৱা সঁহাৰি প্ৰদান কৰিছিলা, যিসকলক আমি তোমালোকৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ।
Kasas 28:66
তেতিয়া সিহঁতে কোনো ধৰণৰ উত্তৰ দিব নোৱাৰিব, তথা মৌন হৈ থাকিব। লগতে যিহেতু সিহঁতে ভালকৈ গম পাব যে, এতিয়া শাস্তিত পতিত হ'বই লাগিব, গতিকে সেই ভয়তে সিহঁতে ইজনে সিজনকো সোধ-পোচ কৰিবলৈও সাহস নকৰিব।
Kasas 28:67
কিন্তু এই মুশ্বৰিকসকলৰ মাজৰ যিসকলে নিজৰ কুফৰীৰ পৰা তাওবা কৰি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিব, তথা সৎকৰ্ম কৰিব তেন্তে আশা কৰা যায় সি উদ্দেশ্যত সফল হৈ সাফল্যমণ্ডিত লোকৰ অন্তৰ্ভুক্ত হ’ব। লগতে ভয়-ভীতিৰ পৰা ৰক্ষা পাব।
Kasas 28:68
হে ৰাছুল! আপোনাৰ প্ৰতিপালকে যিটো সৃষ্টি কৰিব বিচাৰে, সেইটোৱে সৃষ্টি কৰে। আনহাতে তেওঁ যাক ইচ্ছা কৰে, তেওঁৰ আনুগত্য আৰু নবুওৱতৰ বাবে নিৰ্বাচিত কৰি লয়। এই ক্ষেত্ৰত মুশ্বৰিকসকলৰ অভিযোগ উত্থাপন কৰাৰ কোনো অধিকাৰ নাই। নিশ্চয় আল্লাহ তাআলা মহা পৱিত্ৰ সেইসকলো অংশীদাৰৰ পৰা, যিবোৰক সিহঁতে অংশী কৰি তেওঁৰ সৈতে ইবাদত কৰে।
Kasas 28:69
সিহঁতৰ অন্তৰে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, সেই সকলোবোৰ আপোনাৰ প্ৰতিপালকে জানে। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ সিহঁতক এইবোৰৰ প্ৰতিদান দিব।
Kasas 28:70
তেৱেঁই পৱিত্ৰ আল্লাহ। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। পৃথিৱীত আছে কেৱল তেওঁৰেই প্ৰশংসা আৰু আখিৰাততো আছে কেৱল তেওঁৰেই প্ৰশংসা। সিদ্ধান্ত কেৱল তেওঁৰেই জাৰি হয়, যিটোক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। কিয়ামতৰ দিনা একমাত্ৰ তেওঁৰ ওচৰলৈকেই তোমালোকক হিচাপ-নিকাচৰ বাবে আৰু প্ৰতিদানৰ বাবে ওভোতাই নিয়া হ’ব।
Kasas 28:71
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক সোধক, কোৱাচোন তোমালোকে যদি আল্লাহে কিয়ামত পৰ্যন্ত নিৰবিচ্ছিন্নভাৱে কেৱল ৰাতিয়ে ৰাতি কৰি দিয়ে তেন্তে তোমালোকৰ এনেকুৱা কোনো উপাস্য আছে নেকি, যিয়ে দিনৰ দৰে পোহৰ আনি দিব পাৰিব? তোমালোকে এইবোৰ দলিল-প্ৰমাণৰ বিষয়ে শুনা পোৱা নাইনে? তথা তোমালোকে নাজানা নেকি যে, প্ৰকৃত উপাস্য আল্লাহৰ বাহিৰে আন কোনেও এই পোহৰ আনিবলৈ সক্ষম নহয়?
Kasas 28:72
হে ৰাছুল! আপুনি সিহঁতক কওক, কোৱাচোন আল্লাহে যদি কিয়ামত পৰ্যন্ত তোমালোকৰ বাবে দিনেই দিন কৰি দিয়ে তেন্তে আল্লাহৰ বাহিৰে তোমালোকৰ এনেকুৱা কোনো উপাস্য আছে নেকি, যিয়ে তোমালোকক ৰাতি আনি দিব পাৰিব, গোটেই দিন পৰিশ্ৰম কৰাৰ পিছত যি ৰাতিত তোমালোকে বিশ্ৰাম লোৱা? তোমালোকে এই নিদৰ্শনবোৰ নেদেখা নেকি? তথা তোমালোকে নাজানা নেকি যে, প্ৰকৃত উপাস্য আল্লাহৰ বাহিৰে আন কোনেও এইবোৰ আনিবলৈ সক্ষম নহয়?
Kasas 28:73
পৱিত্ৰ আল্লাহৰ অসীম কৃপা এই যে, তেওঁ তোমালোকৰ বাবে ৰাতিক অন্ধকাৰ বনাইছে, যাতে দিনৰ বিভিন্ন পৰিশ্ৰমৰ পিছত ৰাতিত বিশ্ৰাম কৰিব পাৰা। আনহাতে দিনক আলোকিত কৰিছে, যাতে জীৱিকা উপাৰ্জনৰ বাবে প্ৰয়াস কৰিব পাৰা। আশা কৰা যায় আল্লাহে তোমালোকৰ প্ৰতি কৰা নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰিবা আৰু সেইবোৰ ভোগ কৰি অকৃতজ্ঞ নহ’বা।
Kasas 28:74
যিদিনা সিহঁতক সিহঁতৰ সৰ্বোচ্চ পৱিত্ৰ প্ৰতিপালকে এই বুলি মাতিবঃ মোৰ সেই অংশীদাৰবোৰ আজি ক’ত, যিবোৰক তোমালোকে মোৰ বাহিৰে উপাসনা কৰিছিলা। তথা তোমালোকে ধাৰণা কৰিছিলা যে, সেইবোৰ হৈছে মোৰ অংশীদাৰ?
Kasas 28:75
আমি প্ৰত্যেক উম্মতৰ নবীসকলক উপস্থিত কৰিম, তেওঁলোকে সিহঁতৰ বিৰুদ্ধে সাক্ষী প্ৰদান কৰিব, কাৰণ সিহঁতে কুফৰী কৰিছিল আৰু নবীসকলক অস্বীকাৰ কৰিছিল। আমি সেই উম্মতসমূহৰ অস্বীকাৰকাৰী লোকসকলক সুধিমঃ তোমালোকে যি কুফৰী আৰু অস্বীকাৰ কৰাৰ পথত অটল আছিলা, তাৰ সপক্ষে তোমালোকৰ দলিল-প্ৰমাণবোৰ উপস্থাপন কৰাচোন। তেতিয়া সিহঁতৰ ওচৰত উত্তৰ দিবলৈ একো নাথাকিব। তেতিয়া সিহঁতে পৰিপূৰ্ণৰূপে বিশ্বাস পোষণ কৰিব যে, সন্দেহৰ পৰা ঊৰ্দ্ধত থকা সত্য হৈছে কেৱল একমাত্ৰ আল্লাহৰ সত্য। সিহঁতে পৱিত্ৰ আল্লাহৰ সৈতে যিবোৰ উপাস্যক অংশী কৰি লৈছিল সেই সকলোবোৰ তেতিয়া ভিত্তিহীন প্ৰমাণিত হ’ব।
Kasas 28:76
নিশ্চয় কাৰূণ আছিল মুছা আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ এজন লোক, কিন্তু সি তেওঁলোকৰ প্ৰতি অহংকাৰ কৰিছিল। আমি তাক ইমান ধন ভাণ্ডাৰ প্ৰদান কৰিছিলোঁ যে, সেইবোৰ ধন ভাণ্ডাৰৰ চাবি উঠাবলৈও এদল শক্তিশালী লোকৰ বাবেও কঠিন আছিল। এতেকে যেতিয়া তাক তাৰ সম্প্ৰদায়ৰ লোকসকলে ক'লেঃ তুমি উৎফুল্লিত হৈ অহংকাৰ নকৰিবা। নিশ্চয় আল্লাহে সীমা চেৰাই যোৱা আনন্দক ভাল নাপায়। বৰং তেনেকুৱা লোকৰ প্ৰতি অসন্তুষ্ট হয় আৰু সিহঁতক ইয়াৰ শাস্তি দিয়ে।
Kasas 28:77
তোমাক আল্লাহে যি ধন-সম্পদ দান কৰিছে, সেইবোৰক কল্যাণৰ পথত ব্যয় কৰি আখিৰাতৰ ছোৱাব অৰ্জন কৰা। আনহাতে তোমাৰ প্ৰাপ্যখিনিও পাহৰি নাযাবা, যেনেঃ পানাহাৰ, বস্ত্ৰ আদি নিয়ামত। কিন্তু এই ক্ষেত্ৰতো কোনো ধৰণৰ অপচয় আৰু কৃপণালী কৰা উচিত নহয়। লগতে তোমাৰ প্ৰতিপালকৰ আৰু তেওঁৰ বান্দাসকলৰ সৈতে সদাচৰণ কৰিবা, যিদৰে আল্লাহে তোমাৰ সৈতে ভাল ব্যৱহাৰ কৰিছে। তথা পাপকৰ্ম কৰি আৰু ইবাদত পৰিত্যাগ কৰি পৃথিৱীত উপদ্ৰৱ সৃষ্টি নকৰিবা। নিশ্চয় আল্লাহে পৃথিৱীত বিপৰ্যয় সৃষ্টিকাৰী লোকক পছন্দ নকৰে, বৰং সিহঁতক ঘৃণা কৰে।
Kasas 28:78
কাৰূনে ক’লেঃ “মোৰ এই ধন-সম্পত্তি মই নিজৰ জ্ঞান আৰু দক্ষতাৰ ফলত অৰ্জন কৰিছোঁ। তথা মই ইয়াৰ অধিকাৰী আছিলোঁ”। কাৰূনে নাজানে নেকি যে, আল্লাহে ইয়াৰ পূৰ্বে বহুতো জাতিক ধ্বংস কৰিছে, যিসকল তাতকৈও অধিক শক্তিশালী আছিল আৰু অধিক সম্পদ সঞ্চয়কাৰী আছিল? কিন্তু অৱশেষত সিহঁতৰ শক্তিয়েও একো উপকাৰ কৰিব পৰা নাছিল আৰু সিহঁতৰ সম্পদো কোনো কামত অহা নাছিল। কিয়ামতৰ দিনা আল্লাহে অপৰাধীসকলক সিহঁতৰ গুনাহ সম্পৰ্কে প্ৰশ্ন নকৰিব, কাৰণ আল্লাহ সেই বিষয়ে ভালকৈয়ে অৱগত। বৰং সিহঁতক ভৰ্ৎসনা আৰু লাঞ্ছনাৰ বাবে প্ৰশ্ন কৰা হ’ব।
Kasas 28:79
এতেকে এদিনাখন কাৰূন সুসজ্জিত হৈ নিজৰ জাকজমকতা দেখুৱাবলৈ বাহিৰ হ’ল। এই দেখি কাৰূনৰ সঙ্গীসকলৰ মাজৰ যিসকলে পাৰ্থিৱ সম্পদৰ লোভী আছিল সিহঁতে ইচ্ছা প্ৰকাশ কৰি ক’লে যে, হায়! কাৰূনৰ দৰে আমাকো যদি পাৰ্থিৱ জীৱনৰ শোভনীয় বস্তুবোৰ প্ৰদান কৰা হ’লহেঁতেন। নিশ্চয় কাৰূন হৈছে এজন মহা ভাগ্যশালী তথা সৌভাগ্যৱান ব্যক্তি।
Kasas 28:80
পক্ষান্তৰে যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে যেতিয়া কাৰূনক জাকজমকতাৰ মাজত দেখিলে আৰু তাৰ সঙ্গীসকলৰ আশা সম্পৰ্কে শুনিলে তেতিয়া তেওঁলোকে ক’লেঃ দুৰ্ভোগ তোমালোকৰ বাবে! কাৰণ আখিৰাতত থকা আল্লাহৰ প্ৰতিদান, যিবোৰ তেওঁ সেইসকল লোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে যিসকলে তেওঁৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, কাৰূনক প্ৰদান কৰা পাৰ্থিৱ জীৱনৰ এই জাকজমকতাৰ তুলনাত সেইবোৰ অতি উত্তম। এইবোৰ কেৱল সেইসকল লোকেই লাভ কৰিব যিসকলে ঈমান আনিছে আৰু সেইমতে আমল কৰাৰ ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰিছে। তেওঁলোকে সংযমৰ সৈতে আল্লাহৰ ওচৰত পাবলগীয়া প্ৰতিদানক পৃথিৱীৰ অস্থায়ী সা-সামগ্ৰীৰৰ ওপৰত প্ৰাধান্য দিয়ে।
Kasas 28:81
ফলত আমি তাৰ স্বৈৰাচাৰীতাৰ প্ৰতিশোধ স্বৰূপে তাক আৰু তাৰ ঘৰসহ, লগতে তাত থকা সা-সামগ্ৰীসহ মাটিৰ তলত বিলীন কৰি দিছিলোঁ। আল্লাহৰ বাহিৰে তাক সহায় কৰিবলৈ তাৰ ওচৰত কোনো জনবল নাছিল। আনকি সি নিজেও নিজৰ সহায় কৰিবলৈ সক্ষম নাছিল।
Kasas 28:82
ইপিনে কাৰূন ধ্বংস হোৱাৰ পূৰ্বে যিসকল লোকে তাৰ ধন-সম্পদ দেখি সেইবোৰ পোৱাৰ কামনা কৰিছিল, সেইসকল লোকে এই ধ্বংসলীলা দেখি অনুতপ্ত হৈ তথা শিক্ষা গ্ৰহণ কৰি ক'লেঃ নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে, আৰু যাক ইচ্ছা কৰে সংকীৰ্ণ কৰি দিয়ে। অন্যথা আমি যি অনুচিত কথা মুখেৰে প্ৰকাশ কৰিছিলোঁ, আমাৰ ওপৰত আল্লাহৰ অনুগ্ৰহ নাথাকিলে, আমিও কাৰূনৰ দৰে ধ্বংস হ’লোহেঁতেন। নিশ্চয় অকৃতজ্ঞ লোক কেতিয়াও সফল হ’ব নোৱাৰে। পৃথিৱীতো নোৱাৰে আৰু আখিৰাততো নোৱাৰে। বৰং উভয় স্থানতেই সিহঁতৰ বাবে আছে লোকচান আৰু ক্ষতিগ্ৰস্ততা।
Kasas 28:83
এইখন হৈছে আখিৰাতৰ ঘৰ, এইখনক আমি সেইসকল লোকৰ বাবে নিয়ামত আৰু সন্মানৰ ঘৰত পৰিণত কৰিম, যিসকলে পৃথিৱীত সত্যৰ প্ৰতি ঈমান আনিবলৈ আৰু তাৰ অনুসৰণ কৰিবলৈ অহংকাৰ নকৰে, লগতে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰি নুফুৰে। জান্নাতৰ নিয়ামত আৰু আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ প্ৰশংসনীয় পৰিণাম কেৱল সেইসকল লোকেই লাভ কৰিব যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁক ভয় কৰে, আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।
Kasas 28:84
কিয়ামতৰ দিনা যি ব্যক্তিয়ে চওম, চালাত আৰু যাকাত আদি সৎকৰ্মলৈ আগমন কৰিব, তেওঁক এই সৎকৰ্মৰ উত্তম প্ৰতিদান দিয়া হ’ব। কাৰণ প্ৰত্যেক সৎকৰ্মৰ প্ৰতিদান দহগুণ বৃদ্ধি কৰি দিয়া হ’ব। আনহাতে কিয়ামতৰ দিনা যি ব্যক্তিয়ে কুফৰী, সুত আদি ভক্ষণ কৰি আৰু ব্যভিচাৰ আদি গুনাহ কৰি উপস্থিত হ’ব, সেই ব্যক্তিক তাৰ গুনাহ অনুপাতেই প্ৰতিফল দিয়া হ’ব। একো বৃদ্ধি কৰা নহ’ব।
Kasas 28:85
যি সত্ত্বাই আপোনাৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে, তথা ইয়াৰ প্ৰচাৰ-প্ৰসাৰ আৰু ইয়াৰ বিধান মতে আমল কৰাৰ দায়িত্ব আপোনাৰ কান্ধত অৰ্পন কৰিছে; সেই সত্ত্বাই নিশ্চিতভাৱে আপোনাক বিজয় প্ৰদান কৰি মক্কালৈ ওভোতাই আনিব। হে ৰাছুল! আপুনি মুশ্বৰিকসকলক কৈ দিয়কঃ মোৰ প্ৰতিপালকে ভালকৈয়ে জানে কোনে সৎপথৰ নিৰ্দেশ লৈ আহিছে, আৰু কোনে সত্যৰ পৰা আঁতৰি স্পষ্ট বিভ্ৰান্তত পতিত হৈ আছে।
Kasas 28:86
হে ৰাছুল! আপুনি নবুওৱতৰ পূৰ্বে কেতিয়াও আশা কৰা নাছিল যে, আপোনাৰ প্ৰতি অহীৰ জৰিয়তে কোৰআন অৱতীৰ্ণ কৰা হ’ব। কিন্তু আল্লাহৰ অসীম কৃপাৰ ফলত আপুনি এই সৌভাগ্য লাভ কৰিছে। গতিকে কাফিৰসকল যি বিভ্ৰান্তিত লিপ্ত হৈ আছে, সেই ক্ষেত্ৰত সিহঁতক আপুনি সহায় নকৰিব।
Kasas 28:87
আপোনাৰ ওপৰত কোৰআন অৱতীৰ্ণ হোৱাৰ পিছত, আল্লাহৰ আয়াতসমূহৰ পৰা এই মুশ্বৰিকসকলে যাতে আপোনাক কেতিয়াও ইয়াৰ তিলাৱত আৰু প্ৰচাৰ-প্ৰসাৰৰ পৰা আঁতৰাই আনিব নোৱাৰে। বৰং আপুনি মানুহক আল্লাহৰ প্ৰতি আৰু তেওঁৰ তাওহীদৰ প্ৰতি ঈমান আনিবলৈ, লগতে তেওঁৰ চৰীয়ত মতে আমল কৰিবলৈ আহ্বান কৰক। আপুনি কেতিয়াও সেই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’ব, যিসকলে আল্লাহৰ সৈতে আনৰো উপাসনা কৰে। বৰং আপুনি সেইসকল তাওহীদপন্থী লোকৰ অন্তৰ্ভুক্ত হওক, যিসকলে একমাত্ৰ আল্লাহৰেই ইবাদত কৰে।
Kasas 28:88
আপুনি কেতিয়াও আল্লাহৰ সৈতে আন কোনো উপাস্যৰ উপাসনা নকৰিব। কাৰণ তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। পৱিত্ৰ আল্লাহৰ মুখমণ্ডলৰ বাহিৰে প্ৰত্যেক বস্তুৱেই হৈছে ধ্বংসশীল। আদেশ একমাত্ৰ তেওঁৰেই চলে। তেওঁ যি ইচ্ছা কৰে সেইটোৱেই আদেশ দিয়ে। কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে তোমালোকে কেৱল তেওঁৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰিব লাগিব।