Assamca Meal — Rafîkul İslâm Habîburrahmân — Maide 5:1 – Enfal 8:75
Contents
- Maide 5:1
- Maide 5:2
- Maide 5:3
- Maide 5:4
- Maide 5:5
- Maide 5:6
- Maide 5:7
- Maide 5:8
- Maide 5:9
- Maide 5:10
- Maide 5:11
- Maide 5:12
- Maide 5:13
- Maide 5:14
- Maide 5:15
- Maide 5:16
- Maide 5:17
- Maide 5:18
- Maide 5:19
- Maide 5:20
- Maide 5:21
- Maide 5:22
- Maide 5:23
- Maide 5:24
- Maide 5:25
- Maide 5:26
- Maide 5:27
- Maide 5:28
- Maide 5:29
- Maide 5:30
- Maide 5:31
- Maide 5:32
- Maide 5:33
- Maide 5:34
- Maide 5:35
- Maide 5:36
- Maide 5:37
- Maide 5:38
- Maide 5:39
- Maide 5:40
- Maide 5:41
- Maide 5:42
- Maide 5:43
- Maide 5:44
- Maide 5:45
- Maide 5:46
- Maide 5:47
- Maide 5:48
- Maide 5:49
- Maide 5:50
- Maide 5:51
- Maide 5:52
- Maide 5:53
- Maide 5:54
- Maide 5:55
- Maide 5:56
- Maide 5:57
- Maide 5:58
- Maide 5:59
- Maide 5:60
- Maide 5:61
- Maide 5:62
- Maide 5:63
- Maide 5:64
- Maide 5:65
- Maide 5:66
- Maide 5:67
- Maide 5:68
- Maide 5:69
- Maide 5:70
- Maide 5:71
- Maide 5:72
- Maide 5:73
- Maide 5:74
- Maide 5:75
- Maide 5:76
- Maide 5:77
- Maide 5:78
- Maide 5:79
- Maide 5:80
- Maide 5:81
- Maide 5:82
- Maide 5:83
- Maide 5:84
- Maide 5:85
- Maide 5:86
- Maide 5:87
- Maide 5:88
- Maide 5:89
- Maide 5:90
- Maide 5:91
- Maide 5:92
- Maide 5:93
- Maide 5:94
- Maide 5:95
- Maide 5:96
- Maide 5:97
- Maide 5:98
- Maide 5:99
- Maide 5:100
- Maide 5:101
- Maide 5:102
- Maide 5:103
- Maide 5:104
- Maide 5:105
- Maide 5:106
- Maide 5:107
- Maide 5:108
- Maide 5:109
- Maide 5:110
- Maide 5:111
- Maide 5:112
- Maide 5:113
- Maide 5:114
- Maide 5:115
- Maide 5:116
- Maide 5:117
- Maide 5:118
- Maide 5:119
- Maide 5:120
- Enam 6:1
- Enam 6:2
- Enam 6:3
- Enam 6:4
- Enam 6:5
- Enam 6:6
- Enam 6:7
- Enam 6:8
- Enam 6:9
- Enam 6:10
- Enam 6:11
- Enam 6:12
- Enam 6:13
- Enam 6:14
- Enam 6:15
- Enam 6:16
- Enam 6:17
- Enam 6:18
- Enam 6:19
- Enam 6:20
- Enam 6:21
- Enam 6:22
- Enam 6:23
- Enam 6:24
- Enam 6:25
- Enam 6:26
- Enam 6:27
- Enam 6:28
- Enam 6:29
- Enam 6:30
- Enam 6:31
- Enam 6:32
- Enam 6:33
- Enam 6:34
- Enam 6:35
- Enam 6:36
- Enam 6:37
- Enam 6:38
- Enam 6:39
- Enam 6:40
- Enam 6:41
- Enam 6:42
- Enam 6:43
- Enam 6:44
- Enam 6:45
- Enam 6:46
- Enam 6:47
- Enam 6:48
- Enam 6:49
- Enam 6:50
- Enam 6:51
- Enam 6:52
- Enam 6:53
- Enam 6:54
- Enam 6:55
- Enam 6:56
- Enam 6:57
- Enam 6:58
- Enam 6:59
- Enam 6:60
- Enam 6:61
- Enam 6:62
- Enam 6:63
- Enam 6:64
- Enam 6:65
- Enam 6:66
- Enam 6:67
- Enam 6:68
- Enam 6:69
- Enam 6:70
- Enam 6:71
- Enam 6:72
- Enam 6:73
- Enam 6:74
- Enam 6:75
- Enam 6:76
- Enam 6:77
- Enam 6:78
- Enam 6:79
- Enam 6:80
- Enam 6:81
- Enam 6:82
- Enam 6:83
- Enam 6:84
- Enam 6:85
- Enam 6:86
- Enam 6:87
- Enam 6:88
- Enam 6:89
- Enam 6:90
- Enam 6:91
- Enam 6:92
- Enam 6:93
- Enam 6:94
- Enam 6:95
- Enam 6:96
- Enam 6:97
- Enam 6:98
- Enam 6:99
- Enam 6:100
- Enam 6:101
- Enam 6:102
- Enam 6:103
- Enam 6:104
- Enam 6:105
- Enam 6:106
- Enam 6:107
- Enam 6:108
- Enam 6:109
- Enam 6:110
- Enam 6:111
- Enam 6:112
- Enam 6:113
- Enam 6:114
- Enam 6:115
- Enam 6:116
- Enam 6:117
- Enam 6:118
- Enam 6:119
- Enam 6:120
- Enam 6:121
- Enam 6:122
- Enam 6:123
- Enam 6:124
- Enam 6:125
- Enam 6:126
- Enam 6:127
- Enam 6:128
- Enam 6:129
- Enam 6:130
- Enam 6:131
- Enam 6:132
- Enam 6:133
- Enam 6:134
- Enam 6:135
- Enam 6:136
- Enam 6:137
- Enam 6:138
- Enam 6:139
- Enam 6:140
- Enam 6:141
- Enam 6:142
- Enam 6:143
- Enam 6:144
- Enam 6:145
- Enam 6:146
- Enam 6:147
- Enam 6:148
- Enam 6:149
- Enam 6:150
- Enam 6:151
- Enam 6:152
- Enam 6:153
- Enam 6:154
- Enam 6:155
- Enam 6:156
- Enam 6:157
- Enam 6:158
- Enam 6:159
- Enam 6:160
- Enam 6:161
- Enam 6:162
- Enam 6:163
- Enam 6:164
- Enam 6:165
- A'raf 7:1
- A'raf 7:2
- A'raf 7:3
- A'raf 7:4
- A'raf 7:5
- A'raf 7:6
- A'raf 7:7
- A'raf 7:8
- A'raf 7:9
- A'raf 7:10
- A'raf 7:11
- A'raf 7:12
- A'raf 7:13
- A'raf 7:14
- A'raf 7:15
- A'raf 7:16
- A'raf 7:17
- A'raf 7:18
- A'raf 7:19
- A'raf 7:20
- A'raf 7:21
- A'raf 7:22
- A'raf 7:23
- A'raf 7:24
- A'raf 7:25
- A'raf 7:26
- A'raf 7:27
- A'raf 7:28
- A'raf 7:29
- A'raf 7:30
- A'raf 7:31
- A'raf 7:32
- A'raf 7:33
- A'raf 7:34
- A'raf 7:35
- A'raf 7:36
- A'raf 7:37
- A'raf 7:38
- A'raf 7:39
- A'raf 7:40
- A'raf 7:41
- A'raf 7:42
- A'raf 7:43
- A'raf 7:44
- A'raf 7:45
- A'raf 7:46
- A'raf 7:47
- A'raf 7:48
- A'raf 7:49
- A'raf 7:50
- A'raf 7:51
- A'raf 7:52
- A'raf 7:53
- A'raf 7:54
- A'raf 7:55
- A'raf 7:56
- A'raf 7:57
- A'raf 7:58
- A'raf 7:59
- A'raf 7:60
- A'raf 7:61
- A'raf 7:62
- A'raf 7:63
- A'raf 7:64
- A'raf 7:65
- A'raf 7:66
- A'raf 7:67
- A'raf 7:68
- A'raf 7:69
- A'raf 7:70
- A'raf 7:71
- A'raf 7:72
- A'raf 7:73
- A'raf 7:74
- A'raf 7:75
- A'raf 7:76
- A'raf 7:77
- A'raf 7:78
- A'raf 7:79
- A'raf 7:80
- A'raf 7:81
- A'raf 7:82
- A'raf 7:83
- A'raf 7:84
- A'raf 7:85
- A'raf 7:86
- A'raf 7:87
- A'raf 7:88
- A'raf 7:89
- A'raf 7:90
- A'raf 7:91
- A'raf 7:92
- A'raf 7:93
- A'raf 7:94
- A'raf 7:95
- A'raf 7:96
- A'raf 7:97
- A'raf 7:98
- A'raf 7:99
- A'raf 7:100
- A'raf 7:101
- A'raf 7:102
- A'raf 7:103
- A'raf 7:104
- A'raf 7:105
- A'raf 7:106
- A'raf 7:107
- A'raf 7:108
- A'raf 7:109
- A'raf 7:110
- A'raf 7:111
- A'raf 7:112
- A'raf 7:113
- A'raf 7:114
- A'raf 7:115
- A'raf 7:116
- A'raf 7:117
- A'raf 7:118
- A'raf 7:119
- A'raf 7:120
- A'raf 7:121
- A'raf 7:122
- A'raf 7:123
- A'raf 7:124
- A'raf 7:125
- A'raf 7:126
- A'raf 7:127
- A'raf 7:128
- A'raf 7:129
- A'raf 7:130
- A'raf 7:131
- A'raf 7:132
- A'raf 7:133
- A'raf 7:134
- A'raf 7:135
- A'raf 7:136
- A'raf 7:137
- A'raf 7:138
- A'raf 7:139
- A'raf 7:140
- A'raf 7:141
- A'raf 7:142
- A'raf 7:143
- A'raf 7:144
- A'raf 7:145
- A'raf 7:146
- A'raf 7:147
- A'raf 7:148
- A'raf 7:149
- A'raf 7:150
- A'raf 7:151
- A'raf 7:152
- A'raf 7:153
- A'raf 7:154
- A'raf 7:155
- A'raf 7:156
- A'raf 7:157
- A'raf 7:158
- A'raf 7:159
- A'raf 7:160
- A'raf 7:161
- A'raf 7:162
- A'raf 7:163
- A'raf 7:164
- A'raf 7:165
- A'raf 7:166
- A'raf 7:167
- A'raf 7:168
- A'raf 7:169
- A'raf 7:170
- A'raf 7:171
- A'raf 7:172
- A'raf 7:173
- A'raf 7:174
- A'raf 7:175
- A'raf 7:176
- A'raf 7:177
- A'raf 7:178
- A'raf 7:179
- A'raf 7:180
- A'raf 7:181
- A'raf 7:182
- A'raf 7:183
- A'raf 7:184
- A'raf 7:185
- A'raf 7:186
- A'raf 7:187
- A'raf 7:188
- A'raf 7:189
- A'raf 7:190
- A'raf 7:191
- A'raf 7:192
- A'raf 7:193
- A'raf 7:194
- A'raf 7:195
- A'raf 7:196
- A'raf 7:197
- A'raf 7:198
- A'raf 7:199
- A'raf 7:200
- A'raf 7:201
- A'raf 7:202
- A'raf 7:203
- A'raf 7:204
- A'raf 7:205
- A'raf 7:206
- Enfal 8:1
- Enfal 8:2
- Enfal 8:3
- Enfal 8:4
- Enfal 8:5
- Enfal 8:6
- Enfal 8:7
- Enfal 8:8
- Enfal 8:9
- Enfal 8:10
- Enfal 8:11
- Enfal 8:12
- Enfal 8:13
- Enfal 8:14
- Enfal 8:15
- Enfal 8:16
- Enfal 8:17
- Enfal 8:18
- Enfal 8:19
- Enfal 8:20
- Enfal 8:21
- Enfal 8:22
- Enfal 8:23
- Enfal 8:24
- Enfal 8:25
- Enfal 8:26
- Enfal 8:27
- Enfal 8:28
- Enfal 8:29
- Enfal 8:30
- Enfal 8:31
- Enfal 8:32
- Enfal 8:33
- Enfal 8:34
- Enfal 8:35
- Enfal 8:36
- Enfal 8:37
- Enfal 8:38
- Enfal 8:39
- Enfal 8:40
- Enfal 8:41
- Enfal 8:42
- Enfal 8:43
- Enfal 8:44
- Enfal 8:45
- Enfal 8:46
- Enfal 8:47
- Enfal 8:48
- Enfal 8:49
- Enfal 8:50
- Enfal 8:51
- Enfal 8:52
- Enfal 8:53
- Enfal 8:54
- Enfal 8:55
- Enfal 8:56
- Enfal 8:57
- Enfal 8:58
- Enfal 8:59
- Enfal 8:60
- Enfal 8:61
- Enfal 8:62
- Enfal 8:63
- Enfal 8:64
- Enfal 8:65
- Enfal 8:66
- Enfal 8:67
- Enfal 8:68
- Enfal 8:69
- Enfal 8:70
- Enfal 8:71
- Enfal 8:72
- Enfal 8:73
- Enfal 8:74
- Enfal 8:75
Maide 5:1
হে মুমিনসকল! তোমালোকে অঙ্গীকাৰসমূহ (আৰু চুক্তিসমূহ) পূৰণ কৰা। যিবোৰ (জন্তুৰ কথা) তোমালোকৰ ওচৰত পাঠ কৰা হৈছে সেইবোৰৰ বাহিৰে তোমালোকৰ বাবে ঘৰচীয়া চতুষ্পদ জন্তু হালাল কৰা হৈছে, কিন্তু ইহৰাম অৱস্থাত চিকাৰ কৰাক বৈধ বুলি নাভাবিবা। নিশ্চয় আল্লাহে যি বিচাৰে আদেশ দিয়ে।
Maide 5:2
হে মুমিনসকল! তোমালোকে আল্লাহৰ নিদৰ্শনসমূহক, পৱিত্ৰ মাহক, কুৰবানীৰ বাবে কা’বালৈ প্ৰেৰণ কৰা পশুক, ডিঙিত পৰিধান কৰোৱা চিহ্নবিশিষ্ট পশুক আৰু নিজ প্ৰতিপালকৰ অনুগ্ৰহক লগতে সন্তুষ্টিৰ অনুসন্ধানত পৱিত্ৰ ঘৰৰ অভিমুখে ৰাৱানা হোৱা যাত্ৰীসকলক অপমান নকৰিবা। আৰু যেতিয়া তোমালোকে ইহৰামমুক্ত হোৱা তেতিয়া চিকাৰ কৰিব পাৰা। তোমালোকক মছজিদুল হাৰামত প্ৰৱেশ কৰিবলৈ নিষেধ কৰাৰ কাৰণে কোনো সম্প্ৰদায়ৰ প্ৰতি থকা শত্ৰুতাই তোমালোকক যাতে কেতিয়াও সীমালংঘনত প্ৰৰোচিত নকৰে। সৎকৰ্ম আৰু তাক্বৱাৰ বিষয়ত তোমালোকে পৰস্পৰে পৰস্পৰক সহায়-সহযোগিতা কৰিবা, আনহাতে পাপকৰ্ম আৰু সীমালংঘনত এজনে আনজনক সহায়-সহযোগিতা নকৰিবা, আৰু আল্লাহৰ তাক্বৱা আৱলম্বন কৰা। নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।
Maide 5:3
তোমালোকৰ বাবে হাৰাম কৰা হৈছে মৃত জন্তু, তেজ, গাহৰিৰ মাংস, আল্লাহৰ বাহিৰে আনৰ নামত জবেহ কৰা পশু, ডিঙি চেপি বধ কৰা জন্তু, প্ৰহাৰ কৰি বধ কৰা জন্তু, ওপৰৰ পৰা পৰি মৰা পশু, অন্য প্ৰাণীৰ শিঙৰ আঘাতত মৰা জন্তু আৰু হিংস্ৰ পশুৱে ভক্ষণ কৰা জন্তু কিন্তু যিটোক তোমালোকে জবেহ কৰিব পাৰিছা সেইটোৰ বাহিৰে, আৰু সেইটোও হাৰাম কৰা হৈছে যিটো মূৰ্তি পূজাৰ বেদীত বলি দিয়া হয়। তীৰ খেলৰ জুৱাৰে ভাগ্য নিৰ্ণয় কৰাও নিষিদ্ধ কৰা হৈছে। এই সকলোবোৰ মহাপাপ। আজি কাফিৰসকল তোমালোকৰ বিৰুদ্ধাচৰণত হতাশ হৈছে, সেয়ে সিহঁতক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা। আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক পৰিপূৰ্ণ কৰিলোঁ আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলোঁ, আৰু তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলোঁ। এতেকে যিয়ে পাপকৰ্মৰ ফালে ধাৱিত নহৈ কেৱল ভোকৰ তাড়নাত বাধ্য হৈ (ভক্ষণ কৰিছে) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Maide 5:4
মানুহে তোমাক প্ৰশ্ন কৰে, সিহঁতৰ বাবে কি কি হালাল কৰা হৈছে? কোৱা, ‘তোমালোকৰ বাবে সকলো ধৰণৰ পৱিত্ৰ বস্তু হালাল কৰা হৈছে, আৰু চিকাৰী জীৱ-জন্তু যিবোৰক তোমালোকে চিকাৰ প্ৰশিক্ষণ দিছা, তোমালোকে সেইবোৰক সেই শিক্ষাই দিছা, যি শিক্ষা আল্লাহে তোমালোকক শিকাইছে। এতেকে এনেকুৱা (চিকাৰী) জীৱ-জন্তুৱে তোমালোকৰ বাবে যি ধৰি আনে সেইবোৰ তোমালোকে খোৱা, অৱশ্যে তাৰ ওপৰত (অৰ্থাৎ এৰি দিয়াৰ সময়ত) আল্লাহৰ নাম ল’বা, আৰু (শুনা) তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ অতি দ্ৰুত হিচাপ গ্ৰহণকাৰী।
Maide 5:5
আজি তোমালোকৰ বাবে সকলো ধৰণৰ পৱিত্ৰ বস্তু হালাল কৰা হ’ল আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছে সিহঁতৰ খাদ্যদ্ৰৱ্যও তোমালোকৰ বাবে হালাল কৰা হৈছে আৰু তোমালোকৰ খাদ্যদ্ৰৱ্যও সিহঁতৰ বাবে হালাল কৰা হৈছে। মুমিনা সচ্চৰিত্ৰা নাৰী আৰু তোমালোকৰ আগত যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতৰ সচ্চৰিত্ৰা নাৰীসকলক তোমালোকৰ বাবে বৈধ কৰা হৈছে, যদিহে তোমালোকে বিবাহৰ বাবত মোহৰ প্ৰদান কৰা, প্ৰকাশ্য ব্যভিচাৰ বা গোপন যৌনসঙ্গীনী হিচাপে নহয়। (জানি থোৱা) যিয়ে ঈমানৰ সৈতে কুফৰী কৰিব, নিশ্চয় তাৰ আমল নিষ্ফল হৈ যাব, আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ব।
Maide 5:6
হে মুমিনসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হ’ব বিচৰা তেতিয়া তোমালোকে নিজৰ মুখমণ্ডল ধুই ল’বা লগতে কিলাকুটিলৈকে হাত ধুই ল’বা, তোমালোকৰ মূৰ মছেহ কৰিবা আৰু সৰুগাঁঠিলৈকে ভৰি ধুই ল’বা, আনহাতে যদি তোমালোকে জুনুবী অৱস্থাত থাকা তেনেহ’লে বিশেষভাৱে পৱিত্ৰতা অৰ্জন কৰি ল’বা। যদি তোমালোকে অসুস্থ হোৱা অথবা ভ্ৰমণত থাকা নাইবা তোমালোকৰ মাজৰ যিয়ে মল-মুত্ৰ ত্যাগ কৰি আহিছে অথবা স্ত্ৰীৰ লগত সহবাস কৰিছে আৰু (পৱিত্ৰ হ’বলৈ) পানী পোৱা নাই তেন্তে (তেনে সময়ত) পৱিত্ৰ মাটিৰ দ্বাৰা তায়াম্মুম কৰি ল’বা, অৰ্থাৎ তাৰ দ্বাৰা মুখমণ্ডল আৰু হাত (ৰ সৰুগাঁঠিলৈকে) মছেহ কৰিবা। আল্লাহে তোমালোকৰ ওপৰত কোনো ধৰণৰ সংকীৰ্ণতা জাপি দিব নিবিচাৰে; বৰং তেওঁ তোমালোকক পৱিত্ৰ কৰিব বিচাৰে আৰু তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত সম্পূৰ্ণ কৰিব বিচাৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।
Maide 5:7
আৰু স্মৰণ কৰা, তোমালোকৰ ওপৰত থকা আল্লাহৰ নিয়ামতবোৰৰ কথা আৰু সেই অঙ্গীকাৰৰ কথা যিটো তেওঁ তোমালোকৰ পৰা লৈছিল, যেতিয়া তোমালোকে কৈছিলা, ‘আমি শুনিলোঁ আৰু মানি ল’লোঁ’, গতিকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় অন্তৰত যি আছে সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।
Maide 5:8
হে মুমিনসকল! আল্লাহৰ উদ্দেশ্যে ন্যায় সাক্ষ্যদানত তোমালোকে অবিচল থাকিবা, কোনো সম্প্ৰদায়ৰ প্ৰতি থকা শত্ৰুতাই তোমালোকক যাতে সুবিচাৰ বৰ্জনত প্ৰৰোচিত নকৰে। তোমালোকে সুবিচাৰ কৰিবা, এইটোৱেই তাক্বৱাৰ অধিক নিকটৱৰ্তী। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় তোমালোকে যি কৰা আল্লাহ সেই বিষয়ে সম্যক অৱহিত।
Maide 5:9
যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আল্লাহে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে যে, তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহাপুৰস্কাৰ।
Maide 5:10
আৰু যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁত হৈছে প্ৰজ্বলিত জুইৰ আধিবাসী।
Maide 5:11
হে মুমিনসকল! তোমালোকৰ প্ৰতি আল্লাহে কৰা নিয়ামত স্মৰণ কৰা যেতিয়া এটা সম্প্ৰদায়ে তোমালোকৰ বিৰুদ্ধে সিহঁতৰ হাত প্ৰসাৰিত কৰিবলৈ মনস্থ কৰিছিল, তাৰ পিছত আল্লাহেই সিহঁতৰ হাত তোমালোকৰ পৰা নিবৃত ৰাখিছিল। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু আল্লাহৰ ওপৰতেই মুমিনসকলে ভৰসা কৰা উচিত।
Maide 5:12
আৰু নিশ্চয় আল্লাহে বনী ইছৰাঈলৰ পৰা অঙ্গীকাৰ গ্ৰহণ কৰিছিল, আৰু সিহঁতৰ মাজৰ পৰা বাৰজন লোকক আমি দলপতি নিযুক্ত কৰি প্ৰেৰণ কৰিছিলোঁ। আল্লাহে কৈছিল, ‘নিশ্চয় আমি তোমালোকৰ লগত আছোঁ, যদি তোমালোকে ছালাত কায়েম কৰা, যাকাত প্ৰদান কৰা, আৰু আমাৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা, তেওঁলোকক সন্মান কৰা তথা সহায়-সহযোগিতা কৰা আৰু আল্লাহক উত্তম ঋণ প্ৰদান কৰা, তেন্তে নিশ্চয় আমি তোমালোকৰ পাপসমূহ মোচন কৰিম আৰু তোমালোকক অৱশ্যে জান্নাতত প্ৰৱেশ কৰাম যাৰ তলদেশত নদীসমূহ প্ৰবাহিত’। ইয়াৰ পিছতো যিয়ে কুফুৰী কৰিব সি নিশ্চিতভাৱে সৰল পথৰ পৰা আঁতৰি যাব।
Maide 5:13
তাৰ পিছত সিহঁতে অঙ্গীকাৰ ভংগ কৰাৰ কাৰণে সিহঁতক আমি অভিসম্পাত কৰিছোঁ আৰু সিহঁতৰ হৃদয়ক কঠিন কৰি দিছোঁ, সিহঁতে শব্দবোৰক স্ব-স্থানৰ পৰা বিকৃত কৰে আৰু সিহঁতক যি উপদেশ দিয়া হৈছিল তাৰে একাংশ সিহঁতে পাহৰি গৈছে। তুমি সদায় সিহঁতৰ কিছুসংখ্যকৰ বাহিৰে অধিকাংশকেই বিশ্বাসঘাতকতা কৰোঁতে দেখিবলৈ পাবা, সেয়ে সিহঁতক ক্ষমা কৰা আৰু উপেক্ষা কৰা। নিশ্চয় আল্লাহে সৎকৰ্মপৰায়ণকাৰীসকলক ভালপায়।
Maide 5:14
আৰু যিসকলে কয়, ‘আমি নাছাৰা’, সিহঁতৰো আমি অঙ্গীকাৰ গ্ৰহণ কৰিছিলোঁ; তাৰ পিছত সিহঁতক যি উপদেশ দিয়া হৈছিল তাৰে একাংশ সিহঁতে পাহৰি গৈছিল। ফলত আমি সিহঁতৰ মাজত কিয়ামত পৰ্যন্ত স্থায়ী শত্ৰুতা আৰু বিদ্বেষ সক্ৰিয় কৰি ৰাখিছোঁ। সিহঁতে যি কৰিছিল সেয়া আল্লাহে অচিৰেই সিহঁতক জনাই দিব।
Maide 5:15
হে কিতাবীসকল! নিশ্চয় তোমালোকৰ ওচৰলৈ আমাৰ ৰাছুল আহি পাইছে, তোমালোকে কিতাবৰ পৰা যি গোপন কৰিছিলা তাৰে বেছি ভাগ তেওঁ তোমালোকৰ ওচৰত প্ৰকাশ কৰিছে আৰু বহুখিনি এৰি দিছে। নিশ্চয় আল্লাহৰ তৰফৰ পৰা এটা জ্যোতি তথা স্পষ্ট কিতাব তোমালোকৰ ওচৰলৈ আহিছে।
Maide 5:16
যিসকলে আল্লাহৰ সন্তুষ্টিৰ অনুসৰণ কৰে, ইয়াৰ মাধ্যমত তেওঁ সিহঁতক শান্তিৰ পথত পৰিচালিত কৰে আৰু সিহঁতক নিজ অনুমতিক্ৰমে অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই আনে লগতে সিহঁতক সৰল পথৰ হিদায়ত দিয়ে।
Maide 5:17
নিশ্চয় সিহঁতে কুফুৰী কৰিছে যিসকলে কয় যে, ‘মাৰয়ামৰ পুত্ৰ মছীহেই হৈছে আল্লাহ’। কোৱা, ‘যদি আল্লাহে মছীহ ইবনে মাৰয়ামক আৰু তেওঁৰ মাকক লগতে পৃথিৱীত থকা সকলোকে ধ্বংস কৰিব বিচাৰে তেন্তে তেওঁক বাধা দিবলৈ কাৰ শক্তি আছে’? আকাশমণ্ডল আৰু পৃথিৱী আৰু এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই। তেওঁ যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে, আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
Maide 5:18
ইয়াহূদী আৰু নাছাৰাসকলে কয়, ‘আমি আল্লাহৰ পুত্ৰ আৰু তেওঁৰ প্ৰিয়পাত্ৰ’। কোৱা, ‘তেন্তে কিয় তেওঁ তোমালোকক তোমালোকৰ গুণাহৰ কাৰণে শাস্তি দিব? বৰং তোমালোকেও সিহঁতৰ দৰেই মানুহ, যিসকলক তেওঁ সৃষ্টি কৰিছে। যাক ইচ্ছা কৰে তেওঁ ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা কৰে তেওঁ শাস্তি দিয়ে, আকাশসমূহ আৰু পৃথিৱীত লগতে এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰৰ সাৰ্বভৌমত্ব আল্লাহৰেই, আৰু তেওঁৰ ওচৰলৈকেই উভতি যাব লাগিব।
Maide 5:19
হে কিতাবীসকল! ৰাছুল প্ৰেৰণৰ এটা (দীৰ্ঘ) বিৰতিৰ পিছত তোমালোকৰ ওচৰলৈ আমাৰ ৰাছুল (মুহাম্মদ) আহিছে। তেওঁ তোমালোকৰ ওচৰত স্পষ্টভাৱে (চৰীয়ত) ব্যাখ্যা কৰিছে, যাতে তোমালোকে এইটো ক’ব নোৱাৰা যে, ‘আমাৰ ওচৰলৈ কোনো সুসংবাদবাহী আৰু সাৱধানকাৰী অহা নাছিল’। এতেকে (জানি থোৱা) নিশ্চয় এতিয়া তোমালোকৰ ওচৰলৈ সুসংবাদদাতা আৰু সাৱধানকাৰী আহিছে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
Maide 5:20
আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে তোমালোকৰ ওপৰত থকা আল্লাহৰ অনুগ্ৰহবোৰ স্মৰণ কৰা যেতিয়া তেওঁ তোমালোকৰ মাজৰ পৰাই নবী বনাইছিল আৰু তোমালোকক ৰজা-বাদশ্বাহ বনাইছিল। লগতে তোমালোকক সেইটো প্ৰদান কৰিছিল যিটো সৃষ্টিজগতৰ কাকো দান কৰা নাছিল’।
Maide 5:21
‘হে মোৰ সম্প্ৰদায়! আল্লাহে তোমালোকৰ বাবে যিটো পৱিত্ৰ ভূমি লিখি দিছে তাত তোমালোকে প্ৰৱেশ কৰা আৰু পশ্চাদপসৰণ নকৰিবা, এনে কৰিলে তোমালোকে ক্ষতিগ্ৰস্ত হৈ প্ৰত্যাৱৰ্তন কৰিবা’।
Maide 5:22
সিহঁতে ক’লে, ‘হে মুছা! নিশ্চয় তাত এটা শক্তিশালী সম্প্ৰদায় আছে আৰু সিহঁত তাৰ পৰা ওলাই নোযোৱালৈকে আমি কেতিয়াও তাত প্ৰৱেশ নকৰোঁ। এতেকে সিহঁত তাৰ পৰা ওলাই গ'লে নিশ্চয় আমি তাত প্ৰৱেশ কৰিম’।
Maide 5:23
যিসকলে ভয় কৰিছিল সিহঁতৰ মাজৰ দুজনে, যি দুজনৰ প্ৰতি আল্লাহে অনুগ্ৰহ কৰিছিল, সিহঁতে ক’লে, ‘তোমালোকে সিহঁতৰ মুকাবিলা কৰি নগৰদ্বাৰত প্ৰৱেশ কৰা, প্ৰৱেশ কৰিলেই তোমালোকে জয়লাভ কৰিবা আৰু যদি তোমালোকে মুমিন হোৱা, তেনেহ’লে আল্লাহৰ ওপৰতেই ভৰসা কৰা’।
Maide 5:24
সিহঁতে ক’লে, ‘হে মুছা! সিহঁত যেতিয়ালৈকে তাত থাকিব আমি কেতিয়াও তাত প্ৰৱেশ নকৰোঁ, এতেকে তুমি আৰু তোমাৰ প্ৰতিপালকে গৈ যুদ্ধ কৰাগৈ। নিশ্চয় আমি ইয়াতেই বহি থাকিম’।
Maide 5:25
তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! মোৰ আৰু মোৰ ভাতৃৰ বাহিৰে আন কাৰো ওপৰতে মোৰ কোনো আধিপত্য নাই, গতিকে তুমি আমাৰ আৰু ফাছিক্ব সম্প্ৰদায়ৰ মাজত বিচ্ছেদ কৰি দিয়া’।
Maide 5:26
আল্লাহে ক’লে, ‘তেনেহ’লে ইয়াক (এই ভূমিক) সিহঁতৰ ওপৰত চল্লিশ বছৰলৈকে নিষিদ্ধ কৰা হ’ল, সিহঁতে পৃথিৱীত উদ্ভ্ৰান্ত হৈ ঘূৰি ফুৰিব, গতিকে তুমি ফাছিক্ব সম্প্ৰদায়ৰ বাবে দুখ নকৰিবা’।
Maide 5:27
আৰু তুমি আদমৰ দুই পুত্ৰৰ (হাবীল আৰু কাবীলৰ) ঘটনাটো সিহঁতক যথাযথভাৱে বৰ্ণনা কৰি শুনোৱা। যেতিয়া সিহঁত উভয়ে কুৰবানী কৰিছিল, ফলত এজনৰ পৰা (কুৰবানী) কবুল কৰা হৈছিল আৰু আনজনৰ পৰা কবুল কৰা হোৱা নাছিল।(যাৰ কুৰবানী কবূল হোৱা নাছিল) সি ক’লে, ‘নিশ্চয় মই তোমাক হত্যা কৰিম’। আনজনে ক’লে, ‘নিশ্চয় আল্লাহে কেৱল মুত্তাক্বীসকলৰ পৰাই (কুৰবানী) কবুল কৰে’।
Maide 5:28
‘মোক হত্যা কৰিবলৈ তুমি মোৰ প্ৰতি তোমাৰ হাত প্ৰসাৰিত কৰিলেও, তোমাক হত্যা কৰিবলৈ মই কিন্তু তোমাৰ প্ৰতি মোৰ হাত প্ৰসাৰিত নকৰোঁ; নিশ্চয় মই আল্লাহক ভয় কৰোঁ, তেৱেঁই সৃষ্টিজগতৰ প্ৰতিপালক’।
Maide 5:29
‘নিশ্চয় মই বিচাৰোঁ তুমি মোৰ আৰু তোমাৰ পাপ লৈ উভতি যোৱা, ইয়াৰ ফলত তুমি জাহান্নামৰ অধিবাসী হ’বা, আৰু এইটোৱেই হৈছে যালিমসকলৰ প্ৰতিদান’।
Maide 5:30
তথাপিও তাৰ ভায়েকক হত্যা কৰিবলৈ তাৰ নফছে (প্ৰবৃত্তিয়ে) তাক উচটনি দিলে। ফলত সি তাক হত্যা কৰিলে আৰু এইদৰে সি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’ল।
Maide 5:31
তাৰ পিছত আল্লাহে এটা কাউৰী পঠালে, যিটোৱে তাৰ ভায়েকৰ মৃতদেহ কেনেকৈ গোপন কৰিব লাগে সেইটো দেখুওৱাবলৈ মাটি খুচৰিবলৈ ধৰিলে। (এই দেখি) সি ক’লে, ‘হায়! মই এই কাউৰীটোৰ দৰেও হ’ব নোৱাৰিলোনে যে মোৰ ভাতৃৰ মৃতদেহটো ঢাকিব পাৰোঁ? ফলত সি অনুতপ্ত হ’ল।
Maide 5:32
এই কাৰণেই বনী ইছৰাঈলৰ বাবে এই বিধান দিছিলোঁ যে, হত্যাৰ পৰিবৰ্তে নাইবা পৃথিৱীত অশান্তি সৃষ্টি ৰোধ কৰাৰ বাহিৰে যদি কোনোবাই কাৰোবাক হত্যা কৰে সি যেনিবা সমগ্ৰ মানৱ জাতিকহে হত্যা কৰিলে আৰু যিয়ে কাৰোবাৰ প্ৰাণ ৰক্ষা কৰিলে সি যেনিবা সমগ্ৰ মানুহৰ প্ৰাণ ৰক্ষা কৰিলে। নিশ্চয় সিহঁতৰ ওচৰলৈ আমাৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণাদি লৈ আহিছিল, ইয়াৰ পিছতো সিহঁতৰ অধিকাংশই পৃথিৱীত সীমালংঘন কৰিছিল।
Maide 5:33
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধে যুদ্ধ কৰে আৰু পৃথিৱীত ধ্বংসাত্মক কাম কৰি ফুৰে সিহঁতৰ শাস্তি কেৱল এইটোৱেই যে, সিহঁতক হত্যা কৰা হ’ব অথবা ক্ৰুছবিদ্ধ কৰা হ’ব নাইবা বিপৰীত দিশৰ পৰা হাত ভৰি কাটি পেলোৱা হ’ব বা সিহঁতক দেশৰ পৰা নিৰ্বাসিত কৰা হ’ব। পৃথিৱীত এইটোৱেই হৈছে সিহঁতৰ লাঞ্ছনা আৰু আখিৰাতত সিহঁতৰ বাবে আছে মহা শাস্তি।
Maide 5:34
কিন্তু সিহঁতৰ বাহিৰে, যিসকলে তোমালোকৰ আয়ত্তাধীনত অহাৰ পূৰ্বেই তাওবা কৰিছে। এতেকে জানি থোৱা যে, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Maide 5:35
হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু তেওঁৰ নৈকট্য লাভৰ উপায় অন্বেষণ কৰা লগতে তেওঁৰ পথত জিহাদ কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।
Maide 5:36
নিশ্চয় যিসকলে কুফুৰী কৰিছে, পৃথিৱীত যি আছে সেই সকলো যদি সিহঁতৰ হয় লগতে ইয়াৰ সমপৰিমাণ আৰু থাকে, যাতে সিহঁতে ইয়াৰ মাধ্যমত ক্বিয়ামতৰ দিনা শাস্তিৰ পৰা ৰক্ষা পাবলৈ মুক্তিপণ হিচাপে দিব পাৰে, তথাপিও সিহঁতৰ পৰা সেয়া গ্ৰহণ কৰা নহ’ব আৰু সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।
Maide 5:37
সিহঁতে জুইৰ পৰা ওলাব খুজিব, কিন্তু সিহঁতে তাৰ পৰা ওলাব নোৱাৰিব আৰু সিহঁতৰ বাবে আছে চিৰস্থায়ী শাস্তি।
Maide 5:38
চোৰ পুৰুষ আৰু চোৰ নাৰী উভয়ৰে হাত কাটি দিয়া, এয়া সিহঁতৰ কৃতকৰ্মৰ ফল আৰু আল্লাহৰ তৰফৰ পৰা শিক্ষণীয় শাস্তি; (জানি থোৱা) আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Maide 5:39
এতেকে সীমালংঘন কৰাৰ পিছত যদি কোনোবাই তাওবা কৰে আৰু নিজকে সংশোধন কৰে তেন্তে নিশ্চয় আল্লাহে তাৰ তাওবা কবুল কৰিব; নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Maide 5:40
তুমি নাজানা নেকি যে, আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্ব কেৱল আল্লাহৰেই? তেওঁ যাক ইচ্ছা কৰে শাস্তি দিয়ে আৰু যাক ইচ্ছা কৰে ক্ষমা কৰি দিয়ে আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
Maide 5:41
হে ৰাছুল! তুমি সিহঁতৰ বাবে চিন্তিত নহ’বা যিসকলে কুফুৰীৰ ফালে দ্ৰুত গতিত আগুৱাই যায়—যিসকলে মুখেৰে কয়, ‘ঈমান আনিছোঁ’, অথচ সিহঁতৰ অন্তৰে ঈমান আনা নাই- আৰু যিসকলে ইয়াহুদী হৈছে, সিহঁত (সকলোৱেই) মিছা কথা শুনিবলৈ (আৰু অনুসৰণ কৰিবলৈ) অধিক তৎপৰ, অন্যান্য যিবোৰ সম্প্ৰদায় তোমাৰ ওচৰলৈ অহা নাই ইহঁতে সেইসকল লোকৰ বাবে (তোমাৰ কথাত) কাণ পাতি (চোৰাংচোৱাগিৰি কৰি) থাকে। (তাওৰাতৰ) শব্দসমূহ যথাযথ সুবিন্যস্ত থকাৰ পিছতো সিহঁতে সেইবোৰৰ অৰ্থ বিকৃত কৰে। সিহঁতে কয়, ‘যদি তোমালোকক এনেকুৱা বিধান দিয়ে তেনেহ’লে গ্ৰহণ কৰিবা আৰু যদি এনেকুৱা বিধান নিদিয়ে তেনেহ’লে বৰ্জন কৰিবা’। আল্লাহে যাক ফিতনাত পেলাব বিচাৰে তাৰ বাবে আল্লাহৰ ওচৰত তোমাৰ কৰিবলৈ একো নাই। ইহঁতেই হৈছে সেইসকল লোক যিসকলৰ হৃদয়ক আল্লাহে বিশুদ্ধ কৰিব নিবিচাৰে; সিহঁতৰ বাবে আছে পৃথিৱীত লাঞ্ছনা আৰু আখিৰাতত আছে মহাশাস্তি।
Maide 5:42
সিহঁতে মিছা শুনিবলৈ বৰ আগ্ৰহশীল আৰু অবৈধ সম্পদ খাবলৈ অত্যন্ত আসক্ত; এতেকে সিহঁতে যদি তোমাৰ ওচৰলৈ আহে তেন্তে সিহঁতৰ বিচাৰ মীমাংসা কৰিবা অথবা সিহঁতক উপেক্ষা কৰিবা। তুমি যদি সিহঁতক উপেক্ষা কৰা তেন্তে সিহঁতে তোমাৰ একো ক্ষতি কৰিব নোৱাৰিব আৰু তুমি যদি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা তেন্তে সিহঁতৰ মাজত ন্যায় বিচাৰ কৰিবা; নিশ্চয় আল্লাহে ন্যায়পৰায়ণকাৰীসকলক ভালপায়।
Maide 5:43
আৰু সিহঁতে কেনেকৈ তোমাক ফয়চালাকাৰী বনায়? অথচ সিহঁতৰ ওচৰত আছে তাওৰাত, য’ত আছে আল্লাহৰ বিধান, তথাপিও সিহঁতে মুখ ঘূৰাই লয় আৰু সিহঁত মুমিনো নহয়।
Maide 5:44
নিশ্চয় আমিয়েই তাওৰাত অৱতীৰ্ণ কৰিছিলোঁ, তাত আছিল হিদায়ত আৰু জ্যোতি, ইয়াৰ মাধ্যমত ইয়াহুদিসকলৰ বাবে ফয়চালা প্ৰদান কৰিছিল অনুগত নবীসকলে আৰু ৰাব্বানীসকলে লগতে বিদ্বানসকলেও। কাৰণ তেওঁলোকক আল্লাহৰ কিতাবৰ ৰক্ষক হিচাপে দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোক আছিল ইয়াৰ (সত্যতাৰ) সাক্ষী। সেয়ে তোমালোকে মানুহক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা, আৰু মোৰ আয়াতসমূহৰ বিনিময়ত তুচ্ছ মূল্য কিনি নল’বা। আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই হৈছে কাফিৰ।
Maide 5:45
আৰু তাত (তাওৰাতত) আমি সিহঁতৰ বাবে (এই বিধান) অত্যাৱশ্যক কৰি দিছিলোঁ যে, প্ৰাণৰ পৰিবৰ্তে প্ৰাণ, চকুৰ পৰিবৰ্তে চকু, নাকৰ পৰিবৰ্তে নাক, কাণৰ পৰিবৰ্তে কাণ, দাঁতৰ পৰিবৰ্তে দাঁত আৰু আঘাতৰ পৰিবৰ্তে অনুৰূপ আঘাত। এতেকে কোনোবাই ক্ষমা কৰিলে তাৰ বাবে সেইটো কাফফাৰা হ’ব। আৰু আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই হৈছে যালিম।
Maide 5:46
আৰু আমি তেওঁলোকৰ পিছতেই মাৰয়ামৰ পুত্ৰ ঈছাক প্ৰেৰণ কৰিছিলোঁ, তেওঁৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতৰ সমৰ্থক হিচাপে। আমি তেওঁক ইঞ্জীল প্ৰদান কৰিছিলোঁ, তাত আছিল হিদায়ত আৰু জ্যোতি, আৰু এইখনেও তাৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতৰ সত্যতাৰ সমৰ্থনকাৰী আছিল, লগতে তাত আছিল মুত্তাক্বীসকলৰ বাবে হিদায়ত আৰু উপদেশ।
Maide 5:47
ইঞ্জীলৰ অনুসাৰীসকলে সেই অনুসাৰেই ফয়চালা কৰা উচিত, যিবোৰ বিধান আল্লাহে তাত অৱতীৰ্ণ কৰিছে। কাৰণ আল্লাহে যিবোৰ বিধান অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে ফয়চালা নকৰে সিহঁতেই হৈছে ফাছিক্ব।
Maide 5:48
আৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাব অৱতীৰ্ণ কৰিছোঁ, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাবসমূহৰ সত্যতাৰ সমৰ্থনকাৰী আৰু সেইবোৰৰ তদাৰককাৰীৰূপে। এতেকে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা আৰু যি সত্য তোমাৰ ওচৰলৈ আহিছে সেইটো এৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। তোমালোকৰ প্ৰত্যেকৰে বাবে আমি একোটাকৈ চৰীয়ত আৰু স্পষ্ট পথ নিৰ্ধাৰণ কৰি দিছোঁ। আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰিব বিচাৰে। সেয়ে তোমালোকে সৎকৰ্মত প্ৰতিযোগিতা কৰা। আল্লাহৰ পিনেই তোমালোক সকলোৱে প্ৰত্যাৱৰ্তন কৰিব লাগিব। এতেকে তোমালোকে যি বিষয়ত মতভেদ কৰিছিলা, সেই বিষয়ে তেওঁ তোমালোকক অৱগত কৰাব।
Maide 5:49
(আকৌ কৈছোঁ) আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ মাজত বিচাৰ নিষ্পত্তি কৰা, আৰু সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, লগতে সিহঁতৰ বিষয়ে সতৰ্ক থাকিবা, কাৰণ আল্লাহে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে সিহঁতে যাতে ইয়াৰ কোনো বিষয়ৰ পৰা তোমাক বিচ্যুত কৰিব নোৱাৰে। যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা যে, আল্লাহে সিহঁতক কেৱল সিহঁতৰ কিছুমান গুণাহৰ বাবে শাস্তি দিব বিচাৰে। নিশ্চয় মানুহৰ মাজৰ বহুতেই হৈছে ফাছিক্ব।
Maide 5:50
সিহঁতে জাহিলিয়্যাত যুগৰ বিচাৰ-ব্যৱস্থা কামনা কৰে নেকি? দৃঢ় বিশ্বাসী সম্প্ৰদায়ৰ বাবে বিচাৰ-ব্যৱস্থা প্ৰদানত আল্লাহতকৈ শ্ৰেষ্ঠ আৰু কোন হ’ব পাৰে?
Maide 5:51
হে মুমিনসকল! তোমালোকে ইয়াহুদী আৰু নাছাৰাসকলক বন্ধুৰূপে গ্ৰহণ নকৰিবা, সিহঁত হৈছে পৰস্পৰে পৰস্পৰৰ বন্ধু। তোমালোকৰ মাজৰ কোনোবাই সিহঁতক বন্ধুৰূপে গ্ৰহণ কৰিলে সি নিশ্চয় সিহঁতৰেই এজন বুলি গণ্য হ’ব। নিশ্চয় আল্লাহে অত্যাচাৰী সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
Maide 5:52
এতেকে যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতক তুমি অতিসোনকালে সিহঁতৰ সৈতে মিলিত হোৱা দেখিবলৈ পাবা। সিহঁতে কয়, ‘আমি আশংকা কৰিছোঁ যে, কোনো এটা বিপদে আমাক আক্ৰান্ত কৰিব’। এতেকে এনেকুৱাও হ’ব পাৰে যে, আল্লাহে (তোমালোকক) বিজয় দান কৰিব অথবা তেওঁৰ ফালৰ পৰা এনেকুৱা কিবা প্ৰদান কৰিব যাতে সিহঁতে সিহঁতৰ অন্তৰত যি গোপন ৰাখিছিল সেই বাবে লজ্জিত হয়।
Maide 5:53
আৰু মুমিনসকলে ক’ব, ‘ইহঁতেই সেইসকল লোক নেকি যিসকলে আল্লাহৰ নামত দৃঢ়ভাৱে শপত কৰিছিল যে, নিশ্চয় সিহঁত তোমালোকৰ লগত আছে’? সিহঁতৰ আমলসমূহ নিষ্ফল হৈছে, ফলত সিহঁত ক্ষতিগ্ৰস্ত হৈছে।
Maide 5:54
হে মুমিনসকল! তোমালোকৰ মাজৰ কোনোবাই যদি দ্বীনৰ পৰা উভতি যায় (তেন্তে জানি থোৱা) নিশ্চয় আল্লাহে এনেকুৱা এটা সম্প্ৰদায় আনিব যিসকলক তেওঁ ভালপায় আৰু তেওঁলোকেও তেওঁক ভাল পাব; তেওঁলোক মুমিনসকলৰ প্ৰতি কোমল আৰু কাফিৰসকলৰ প্ৰতি অতি কঠোৰ হ’ব; তেওঁলোকে আল্লাহৰ পথত জিহাদ কৰিব আৰু কোনো ভৰ্ৎসনাকাৰীৰ ভৰ্ৎসনালৈ ভ্ৰূক্ষেপ নকৰিব। এইটো আল্লাহৰ অনুগ্ৰহ, তেওঁ যাক ইচ্ছা কৰে তাকেই দান কৰে। (জানি থোৱা) আল্লাহ প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।
Maide 5:55
(জানি থোৱা) তোমালোকৰ (প্ৰকৃত) বন্ধু হৈছে কেৱল আল্লাহ আৰু তেওঁৰ ৰাছুল আৰু মুমিনসকল- যিসকলে বিনীত হৈ ছালাত কায়েম কৰে আৰু যাকাত প্ৰদান কৰে।
Maide 5:56
এতেকে যিয়ে আল্লাহক আৰু তেওঁৰ ৰাছুলক লগতে মুমিনসকলক বন্ধুৰূপে গ্ৰহণ কৰিব (তেৱেঁই হ’ব আল্লাহৰ দলভুক্ত)। (জানি থোৱা) নিশ্চয় আল্লাহৰ দলেই জয়যুক্ত হ’ব।
Maide 5:57
হে মুমিনসকল! তোমালোকৰ পূৰ্বে যিসকলক কিতাব দিয়া হৈছিল সিহঁতৰ মাজৰ যিসকলে তোমালোকৰ দ্বীনক উপহাস আৰু খেল-ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে সিহঁতক আৰু কাফিৰসকলক তোমালোকে কেতিয়াও বন্ধুৰূপে গ্ৰহণ নকৰিবা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যদি তোমালোকে প্ৰকৃত মুমিন হোৱা।
Maide 5:58
আৰু যেতিয়া তোমালোকে ছালাতৰ প্ৰতি আহ্বান কৰা তেতিয়া সিহঁতে ইয়াক উপহাস আৰু খেল-ধেমালিৰ বস্তুৰূপে গ্ৰহণ কৰে- এইটো এইকাৰণে যে, সিহঁত হৈছে এনেকুৱা এটা সম্প্ৰদায় যিসকলে একোৱে নবুজে।
Maide 5:59
কোৱা, ‘হে কিতাবীসকল! তোমালোকে আমাৰ সৈতে এইকাৰণে শত্ৰুতা পোষণ কৰা নেকি যে, আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ আৰু আমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তথা যি আমাৰ পূৰ্বে অৱতীৰ্ণ হৈছিল সেইবোৰক আমি বিশ্বাস কৰোঁ। নিশ্চয় তোমালোকৰ অধিকাংশই হৈছা ফাছিক্ব’।
Maide 5:60
কোৱা, ‘মই তোমালোকক ইয়াতকৈও নিকৃষ্ট পৰিণামৰ সংবাদ দিমনে যিটো আল্লাহৰ ওচৰত আছে? যাৰ ওপৰত আল্লাহে অভিসম্পাত কৰিছে আৰু যাৰ ওপৰত তেওঁ ক্ৰোধান্বিত হৈছে। যিসকলৰ মাজৰ পৰা কিছুমানক বান্দৰ আৰু কিছুমানক গাহৰি বনাইছিল আৰু (সিহঁতৰ কিছুমানে) তাগুতৰ উপাসনা কৰিছিল। সিহঁতেই অৱস্থানৰ দিশৰ পৰা নিকৃষ্ট আৰু সৰল পথৰ পৰা আটাইতকৈ বেছি বিচ্যুত’।
Maide 5:61
আৰু সিহঁতে যেতিয়া তোমালোকৰ ওচৰলৈ আহে তেতিয়া কয়, আমি ঈমান আনিছোঁ, অথচ সিহঁত কুফুৰী লৈ প্ৰৱেশ কৰিছে আৰু এইটো লৈয়ে ওলাই গৈছে। আৰু সিহঁতে যি গোপন কৰে, সেই সম্পৰ্কে আল্লাহে ভালদৰেই জানে।
Maide 5:62
সিহঁতৰ মাজৰ বহুতকে তুমি দেখিবলৈ পাবা পাপকৰ্মত, সীমালংঘনত আৰু অবৈধ ভক্ষণৰ ক্ষেত্ৰত তৎপৰ; সিহঁতে যি কৰে সেয়া কিমান যে নিকৃষ্ট!
Maide 5:63
ৰাব্বানীসকলে আৰু পণ্ডিতসকলে সিহঁতক বেয়া কথা কোৱাৰ পৰা আৰু অবৈধ ভক্ষণৰ পৰা কিয় নিষেধ নকৰে? ইহঁতে যি কৰি আছে নিশ্চয় এয়া কিমান যে নিকৃষ্ট!
Maide 5:64
আৰু ইয়াহুদীসকলে কয়, ‘আল্লাহৰ হাত ৰুদ্ধ’। বৰং ৰুদ্ধ হওক সিহঁতৰ হাত আৰু সিহঁতে যি কয় সেইকাৰণে সিহঁত অভিশপ্ত হওক, জানি থোৱা আল্লাহৰ উভয় হাতেই প্ৰসাৰিত; তেওঁ যেনেকৈ ইচ্ছা তেনেকৈ দান কৰে। তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া নিশ্চয় সিহঁতৰ বহুতৰে অবাধ্যতা আৰু কুফুৰী বৃদ্ধি কৰিব। আমি সিহঁতৰ মাজত ক্বিয়ামত পৰ্যন্ত স্থায়ী শত্ৰুতা আৰু বিদ্বেষ ঢালি দিছোঁ। যেতিয়াই সিহঁতে যুদ্ধৰ জুই লগায় তেতিয়াই আল্লাহে সেয়া নুমাই দিয়ে আৰু সিহঁতে পৃথিৱীত বিপৰ্যয় কৰি ফুৰে; আৰু আল্লাহে বিপৰ্যয়কাৰীসকলক ভাল নাপায়।
Maide 5:65
আৰু যদি কিতাবীসকলে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন তেনেহ’লে নিশ্চয় আমি সিহঁতৰ পাপসমূহ মচি দিলোহেঁতেন আৰু সিহঁতক সুখময় জান্নাতত প্ৰৱেশ কৰালোঁহেঁতেন।
Maide 5:66
আৰু সিহঁতে যদি তাওৰাত, ইঞ্জীল আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া প্ৰতিষ্ঠিত কৰিলেহেঁতেন, তেনেহ’লে সিহঁতে নিশ্চিতভাৱে সিহঁতৰ ওপৰৰ পৰা আৰু ভৰিৰ তলৰ পৰা খাদ্য লাভ কৰিলেহেঁতেন। সিহঁতৰ মাজৰ এটা দল আছে মধ্যপন্থী, কিন্তু সিহঁতৰ মাজৰ অধিকাংশই অতি নিকৃষ্ট কাম কৰে!
Maide 5:67
হে ৰাছুল! তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া প্ৰচাৰ কৰা; আৰু যদি তুমি এনে নকৰা তেন্তে তুমি তেওঁৰ বাৰ্তা প্ৰচাৰ নকৰিলা। (জানি থোৱা) আল্লাহেই তোমাক মানুহৰ পৰা ৰক্ষা কৰিব। নিশ্চয় আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।
Maide 5:68
কোৱা, ‘হে কিতাবীসকল! তাওৰাত, ইঞ্জীল আৰু তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া প্ৰতিষ্ঠা নকৰালৈকে তোমালোকৰ কোনো ভিত্তি নাই। আনহাতে তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা (হে মুহাম্মদ) তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে সেয়া সিহঁতৰ বহুতৰে অবাধ্যতা আৰু কুফুৰীহে বৃদ্ধি কৰিব। গতিকে তুমি কাফিৰ সম্প্ৰদায়কলৈ দুখ নকৰিবা’।
Maide 5:69
নিশ্চয় যিসকলে ঈমান আনিছে, এইদৰে ইয়াহুদী আৰু ছাবেয়ী লগতে নাছাৰাসকলৰ মাজৰ যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।
Maide 5:70
নিশ্চয় আমি বনী ইছৰাঈলৰ পৰা অঙ্গীকাৰ লৈছিলোঁ আৰু সিহঁতৰ ওচৰলৈ বহুতো ৰাছুল প্ৰেৰণ কৰিছিলোঁ। যেতিয়াই কোনো ৰাছুলে সিহঁতৰ ওচৰলৈ এনেকুৱা কোনো বিধান লৈ আহিছিল যিটো সিহঁতৰ প্ৰবৃত্তিৰ বিপৰীত আছিল, তেতিয়াই সিহঁতে কিছুমান ৰাছুলক মিথ্যাৰোপ কৰিছিল আৰু কিছুমানক হত্যা কৰিছিল।
Maide 5:71
আৰু সিহঁতে ভাবিছিল যে, সিহঁতৰ কোনো শাস্তি নহ’ব, ফলত সিহঁত অন্ধ আৰু বধিৰ হৈ পৰিছিল। তাৰ পিছতো আল্লাহে সিহঁতৰ তাওবা কবুল কৰিছিল। ইয়াৰ পিছতো সিহঁতৰ বহুতেই অন্ধ আৰু বধিৰ হৈছিল। সিহঁতে যি আমল কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।
Maide 5:72
যিসকলে কয়, ‘মছীহ ইবনে মাৰয়ামেই হৈছে আল্লাহ’, নিশ্চয় সিহঁতে কুফুৰী কৰিছে। অথচ মছীহে কৈছে, ‘হে ইছৰাঈলৰ সন্তানসকল! তোমালোকে সেই আল্লাহৰ ইবাদত কৰা যিজন মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক’। নিশ্চয় যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিব আল্লাহে তাৰ ওপৰত জান্নাত হাৰাম কৰি দিছে আৰু তাৰ ঠিকনা হ’ব জাহান্নাম; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই।
Maide 5:73
সিহঁতেও নিশ্চিতভাৱে কুফুৰী কৰিছে- যিসকলে কয়, ‘আল্লাহ হৈছে তিনিজনৰ এজন’, অথচ এক আল্লাহৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই; আৰু সিহঁতে যি কয় তাৰ পৰা সিহঁতে বিৰত নাথাকিলে সিহঁতৰ মাজত যিসকলে কুফুৰী কৰিছে, নিশ্চয় সিহঁতৰ ওপৰত কষ্টদায়ক শাস্তি আপতিত হ’ব।
Maide 5:74
সিহঁতে আল্লাহৰ ফালে উভতি নাহিব নেকি আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা নকৰিবনে? (জানি থোৱা) আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Maide 5:75
মাৰয়ামৰ পুত্ৰ মছীহ হৈছে কেৱল এজন ৰাছুল। তেওঁৰ পূৰ্বে বহুতো ৰাছুল অতীত হৈছে আৰু তেওঁৰ মাক আছিল অত্যন্ত সত্যবাদী। তেওঁলোক দুজনেই খোৱা-বোৱা কৰিছিল। চোৱা, আমি সিহঁতৰ বাবে আয়াতসমূহ কেনেকৈ বিস্তাৰিতভাৱে বৰ্ণনা কৰোঁ, তথাপিও চোৱা, সিহঁত কেনেকৈ সত্যবিমুখ হয়।
Maide 5:76
কোৱা, তোমালোকে আল্লাহৰ বাহিৰে এনে বস্তুৰ ইবাদত কৰা নেকি যিয়ে তোমালোকৰ কোনো ক্ষতি বা উপকাৰ কৰাৰ ক্ষমতা নাৰাখে? আৰু আল্লাহেই সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Maide 5:77
কোৱা, ‘হে কিতাবীসকল! তোমালোকে সত্যৰ বাহিৰে তোমালোকৰ ধৰ্মীয় ক্ষেত্ৰত সীমালংঘন নকৰিবা আৰু ইয়াৰ পূৰ্বে যিবোৰ সম্প্ৰদায়ে নিজে পথভ্ৰষ্ট হৈছে আৰু আন বহুতকে পথভ্ৰষ্ট কৰিছে, লগতে সৰল পথৰ পৰা বিচ্যুত হৈছে, সিহঁতৰ প্ৰবৃত্তিৰো অনুসৰণ নকৰিবা’।
Maide 5:78
বনী ইছৰাঈলৰ মাজৰ যিসকলে কুফুৰী কৰিছিল সিহঁত দাঊদ আৰু মাৰয়ামৰ পুত্ৰ ঈছাৰ মুখেৰে অভিশপ্ত হৈছিল। এইকাৰণে যে, সিহঁতে অবাধ্যতা কৰিছিল আৰু সিহঁতে সীমালংঘন কৰিছিল।
Maide 5:79
সিহঁতে যিবোৰ গৰ্হিত কাম কৰিছিল সেইবোৰৰ পৰা সিহঁতে ইজনে সিজনক নিষেধ কৰা নাছিল। সিহঁতে কৰা কামবোৰ কিমান যে নিকৃষ্ট!
Maide 5:80
সিহঁতৰ মাজৰ বহুতকে তুমি কাফিৰসকলৰ লগত বন্ধুত্ব কৰা দেখিবলৈ পাবা। সিহঁতৰ অন্তৰে সিহঁতৰ বাবে যি পেচ কৰিছে (সিহঁতৰ কৃতকৰ্ম) সেয়া কিমান যে নিকৃষ্ট! সেই কাৰণে আল্লাহে সিহঁতৰ ওপৰত ক্ৰোধান্বিত হৈছে আৰু সিহঁত চিৰকাল শাস্তিতেই থাকিব।
Maide 5:81
সিহঁতে যদি আল্লাহৰ প্ৰতি ঈমান আনিলেহেঁতেন আৰু নবীৰ প্ৰতি লগতে তেওঁৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ প্ৰতি ঈমান আনিলেহেঁতেন তেন্তে কাফিৰসকলক (কেতিয়াও) বন্ধুৰূপে গ্ৰহণ নকৰিলেহেঁতেন, কিন্তু সিহঁতৰ বেছিভাগেই হৈছে ফাছিক্ব।
Maide 5:82
মুমিনসকলৰ সৈতে শত্ৰুতাৰ ক্ষেত্ৰত মানুহৰ মাজৰ পৰা ইয়াহুদী আৰু মুশ্বৰিকসকলকেই তুমি অধিক উগ্ৰ দেখিবলৈ পাবা। আনহাতে মুমিনসকলৰ বাবে বন্ধুত্বৰ দিশত আটাইতকৈ নিকটৱৰ্তী পাবা সেইসকল লোকক যিসকলে কয়, ‘আমি নাছাৰা’,। কাৰণ সিহঁতৰ মাজত বহুতো পণ্ডিত আৰু সংসাৰবিৰাগী আছে, যিসকলে অহংকাৰ নকৰে।
Maide 5:83
আৰু ৰাছুলৰ প্ৰতি অৱতীৰ্ণ হোৱা বাণী যেতিয়া সিহঁতে শুনে, তেতিয়া সিহঁতে যি সত্য উপলব্ধি কৰে তাৰ ফলত তুমি সিহঁতৰ চকু অশ্ৰুসিক্ত দেখিবলৈ পাবা। সিহঁতে কয়, ‘হে আমাৰ প্ৰতিপালক! আমি ঈমান আনিছোঁ, এতেকে তুমি আমাক সাক্ষ্য দানকাৰীসকলৰ তালিকাভুক্ত কৰা’।
Maide 5:84
‘আৰু আমাৰ কি হৈছে, আমি কিয় আল্লাহৰ প্ৰতি আৰু যি সত্য আমাৰ ওচৰলৈ আহিছে তাৰ প্ৰতি বিশ্বাস স্থাপন নকৰিম? যিহেতু আমি প্ৰত্যাশা কৰোঁ যে, আমাৰ প্ৰতিপালকে আমাক পূণ্যৱান সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত কৰিব’।
Maide 5:85
ফলত সিহঁতৰ এই কথাৰ কাৰণে আল্লাহে সিহঁতৰ বাবে পুৰস্কাৰ নিৰ্ধাৰণ কৰিছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত সিহঁত স্থায়ী হ’ব; আৰু এইটো হৈছে সৎকৰ্মশীলসকলৰ পুৰস্কাৰ।
Maide 5:86
আনহাতে যিসকলে কুফৰী কৰিছে আৰু আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰিছে, সিহঁতেই হৈছে জাহান্নামী।
Maide 5:87
হে মুমিনসকল! আল্লাহে তোমালোকৰ বাবে উৎকৃষ্ট যিবোৰ বস্তু হালাল কৰিছে সেইবোৰক তোমালোকে হাৰাম নকৰিবা আৰু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহে সীমালংঘনকাৰীসকলক পছন্দ নকৰে।
Maide 5:88
আৰু আল্লাহে তোমালোকক যিবোৰ জীৱিকা প্ৰদান কৰিছে তাৰ পৰা তোমালোকে হালাল আৰু উৎকৃষ্ট বস্তুবোৰ খোৱা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাৰ প্ৰতি তোমালোকে বিশ্বাস স্থাপন কৰিছা।
Maide 5:89
তোমালোকৰ অনৰ্থক শপতৰ বাবে আল্লাহে তোমালোকৰ দায়-দোষ নধৰিব, কিন্তু যিবোৰ শপত তোমালোকে ইচ্ছাকৃতভাৱে কৰা সেইবোৰৰ বাবে তেওঁ তোমালোকৰ দোষ ধৰিব। এতেকে ইয়াৰ কাফফাৰা হৈছে, দহজন মিছকীনক মধ্যম ধৰণৰ খাদ্য প্ৰদান কৰা, যিবোৰ খাদ্য তোমালোকে নিজ পৰিয়ালক খুওৱা, অথবা সিহঁতক বস্ত্ৰ দান কৰিবা নাইবা এজন দাস মুক্ত কৰিবা। যাৰ সামৰ্থ নাই সি তিনি দিন ছিয়াম পালন কৰিব। তোমালোকে শপত কৰিলে এইটোৱে তোমালোকৰ শপতৰ কাফফাৰা। তোমালোকে নিজৰ শপত ৰক্ষা কৰিবা। এইদৰে আল্লাহে তোমালোকৰ বাবে তেওঁৰ আয়াতসমূহ বৰ্ণনা কৰে, যাতে তোমালোকে কৃতজ্ঞতা জ্ঞাপন কৰা।
Maide 5:90
হে মুমিনসকল! মদ, জুৱা, মূৰ্তিপূজাৰ বেদী আৰু ভাগ্য নিৰ্ণয় কৰা তীৰ এইবোৰ হৈছে কেৱল ঘৃণাৰ বস্তু তথা চয়তানৰ কাম। সেয়ে তোমালোকে এইবোৰ বৰ্জন কৰা, যাতে তোমালোকে সফল হ’ব পাৰা।
Maide 5:91
চয়তানে তোমালোকৰ মাজত মদ আৰু জুৱাৰ দ্বাৰা শত্ৰুতা তথা বিদ্বেষ সঞ্চাৰ কৰিব বিচাৰে আৰু তোমালোকক আল্লাহৰ স্মৰণত লগতে ছালাতত বাধা প্ৰদান কৰিব বিচাৰে। তথাপিও তোমালোকে বিৰত নেথাকিবানে?
Maide 5:92
আৰু তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে সাৱধানতা অৱলম্বন কৰা; তথাপিও যদি তোমালোকে বিমুখ হোৱা তেন্তে জানি থোৱা যে, আমাৰ ৰাছুলৰ দায়িত্ব হৈছে কেৱল সুস্পষ্টভাৱে প্ৰচাৰ কৰা।
Maide 5:93
যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকে ইয়াৰ আগতে যিবোৰ পানাহাৰ কৰিছে তাৰ বাবে তেওঁলোকৰ কোনো গুণাহ নহ'ব, যদি তেওঁলোকে তাক্বৱা অৱলম্বন কৰে, ঈমান আনে আৰু সৎকৰ্ম কৰে। তাৰ পিছত তেওঁলোকে তাক্বৱা অৱলম্বন কৰে আৰু ঈমান আনে। তাৰ পিছত তেওঁলোকে তাক্বৱা অৱলম্বন কৰে আৰু ইহছান কৰে। তেন্তে (জানি থোৱা) আল্লাহে মুহছীনসকলক পছন্দ কৰে।
Maide 5:94
হে ঈমান্দাৰসকল! আল্লাহে তোমালোকক নিশ্চয় পৰীক্ষা কৰিব চিকাৰৰ এনেকুৱা বস্তুৰ দ্বাৰা যিবোৰ তোমালোকৰ হাতৰ আৰু বল্লমৰ আওতাত থাকে, যাতে আল্লাহে প্ৰকাশ কৰি দিয়ে যে, কোনে তেওঁক নেদেখাকৈয়ে ভয় পায়। গতিকে ইয়াৰ পিছতো কোনোবাই সীমালংঘন কৰিলে তাৰ বাবে কষ্টদায়ক শাস্তি আছে।
Maide 5:95
হে ঈমান্দাৰসকল! তোমালোকে ইহৰামত থকা অৱস্থাত চিকাৰ (জন্তু হত্যা) নকৰিবা, আৰু যদি তোমালোকৰ মাজত কোনোবাই সেয়া ইচ্ছাকৃতভাৱে হত্যা কৰে তেন্তে সি যিটো হত্যা কৰিছে তাৰ বিনিময় হৈছে অনুৰূপ গৃহপালিত জন্তু, যাৰ ফয়চালা কৰিব তোমালোকৰ মাজৰ দুজন ন্যায়বিচাৰক লোকে- কুৰবানীৰ জন্তু হিচাপে কা’বালৈ পৌঁচাব লাগিব নাইবা ইয়াৰ কাফফাৰা হ’ব দৰিদ্ৰক খাদ্য দান কৰা অথবা সেই অনুপাতে ছিয়াম পালন কৰা, যাতে সি নিজৰ কৃতকৰ্মৰ ফল ভোগ কৰিব পাৰে। আগতে যি হৈছে আল্লাহে সেয়া ক্ষমা কৰিছে। কিন্তু কোনোবাই যদি পুনৰ কৰে তেন্তে আল্লাহে তাৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিব আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।
Maide 5:96
তোমালোকৰ বাবে সাগৰৰ পৰা চিকাৰ কৰা আৰু সেয়া ভক্ষণ কৰাটো হালাল কৰা হৈছে, তোমালোকৰ আৰু পৰ্যটকসকলৰ ভোগৰ বাবে। তোমালোকে যেতিয়ালৈকে ইহৰামত থাকিবা তেতিয়ালৈকে তোমালোকৰ বাবে স্থলৰ চিকাৰ কৰা হাৰাম; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, যাৰ ওচৰত তোমালোকক একত্ৰিত কৰা হ’ব।
Maide 5:97
আল্লাহে পৱিত্ৰ কাবা ঘৰক, পৱিত্ৰ মাহক, হাদয়ি আৰু গলাৱদ্ধ জন্তুকো মানুহৰ কল্যাণৰ বাবে নিৰ্ধাৰিত কৰিছে। এইটো এইবাবে যে, যাতে তোমালোকে জানিব পাৰা, নিশ্চয় আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে আল্লাহে সেয়া জানে আৰু নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত।
Maide 5:98
জানি থোৱা, নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ, আৰু আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু।
Maide 5:99
ৰাছুলৰ দায়িত্ব হৈছে কেৱল প্ৰচাৰ কৰা; আৰু তোমালোকে যি প্ৰকাশ কৰা আৰু যি গোপন কৰা সেয়া আল্লাহে জানে।
Maide 5:100
কোৱা, অপৱিত্ৰ আৰু পৱিত্ৰ সমান নহয়, যদিও অপৱিত্ৰৰ আধিক্যই তোমাক মুগ্ধ কৰে। সেয়ে, হে বোধসম্পন্ন ব্যক্তিসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যাতে তোমালোকে সফল হ’ব পাৰা।
Maide 5:101
হে মুমিনসকল! তোমালোকে এনে কোনো বিষয় সম্পৰ্কে প্ৰশ্ন নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰকাশ কৰা হ’লে তোমালোকে কষ্ট পাবা। কোৰআন অৱতীৰ্ণ হোৱাৰ সময়ত তোমালোকে যদি তেনেকুৱা কোনো প্ৰশ্ন কৰা তেন্তে তোমালোকৰ ওচৰত প্ৰকাশ কৰি দিয়া হ’ব। (আগতে যি হৈছে) আল্লাহে সেইবোৰ ক্ষমা কৰিছে আৰু আল্লাহ ক্ষমাশীল, সহনশীল।
Maide 5:102
তোমালোকৰ আগতেও এটা সম্প্ৰদায়ে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছিল; তাৰ পিছত সিহঁতে ইয়াৰ কাৰণে কাফিৰ হৈ গৈছিল।
Maide 5:103
বাহীৰাহ, ছায়েবাহ, অছীলাহ আৰু হাম (এইবোৰ বিধান) আল্লাহে প্ৰৱৰ্তন কৰা নাই; কিন্তু কাফিৰসকলে (এইবোৰ প্ৰণয়ন কৰি) আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰিছে। সিহঁতৰ অধিকাংশই নুবুজে।
Maide 5:104
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে সেইপিনে আৰু ৰাছুলৰ পিনে আহা’, তেতিয়া সিহঁতে কয়, ‘আমি আমাৰ পূৰ্বপুৰুষসকলক যিটোত পাইছোঁ সেইটোৱেই আমাৰ বাবে যথেষ্ট’। যদিও সিহঁতৰ পূৰ্বপুৰুষসকলে একো জনা নাছিল আৰু সৎপথ প্ৰাপ্তও নাছিল, (তথাপিও সিহঁতৰ অনুসৰণ কৰিবনে?)
Maide 5:105
হে মুমিনসকল! তোমালোকৰ দায়িত্ব তোমালোকৰ ওপৰতেই। তোমালোকে যদি সৎপথত পৰিচালিত হোৱা তেন্তে যিয়ে পথভ্ৰষ্ট হৈছে সি তোমালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব। আল্লাহৰ পিনেই তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন হ'ব, তাৰ পিছত তোমালোকে যি কৰিছিলা সেই সম্বন্ধে তেওঁ তোমালোকক অৱহিত কৰিব।
Maide 5:106
হে মুমিনসকল! তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যু উপস্থিত হয় তেতিয়া অছিয়ত কৰাৰ সময়ত তোমালোকৰ মাজৰ দুজন ন্যায়পৰায়ণ লোকক সাক্ষী ৰাখিবা; অথবা যদি তোমালোক ভ্ৰমণত থাকোঁতে তোমালোকক মৃত্যুৰ বিপদে আহি ধৰে তেন্তে আন মানুহৰ (অমুছলিমসকলৰ) পৰা হ'লেও দুজন মানুহক সাক্ষী মনোনীত কৰিবা। যদি তোমালোকৰ সন্দেহ হয় তেন্তে উভয়কে ছালাতৰ পিছত অপেক্ষাত ৰাখিবা। তাৰ পিছত সিহঁতে আল্লাহৰ নামত শপত কৰি ক’ব, ‘আমি ইয়াৰ বিনিময়ত কোনো মূল্য গ্ৰহণ নকৰোঁ যদিও সি আমাৰ কোনো আত্মীয়ই নহওক কিয় আৰু আমি আল্লাহৰ সাক্ষী গোপন নকৰোঁ, (যদি আমি এনেকুৱা কৰোঁ তেন্তে) নিশ্চয় আমি পাপিষ্ঠসকলৰ অন্তৰ্ভুক্ত হম’।
Maide 5:107
কিন্তু যদি এইটো প্ৰকাশ হয় যে, সিহঁত দুজন অপৰাধত লিপ্ত হৈছে তেন্তে যিসকলৰ স্বাৰ্থহানী হৈছে সিহঁতৰ মাজৰ পৰা (মৃত ব্যক্তিৰ) নিকটতম দুজন ব্যক্তি সিহঁত দুজনৰ স্থলাভিষিক্ত হ’ব আৰু আল্লাহৰ নামত শপত কৰি ক’ব, ‘আমাৰ সাক্ষ্য নিশ্চয় সিহঁতৰ সাক্ষ্যৰ পৰা অধিক সত্য আৰু আমি সীমালংঘন কৰা নাই, (আৰু যদি আমি এনেকুৱা কৰি থাকোঁ তেন্তে) নিশ্চয় আমি যালিমসকলৰ অন্তৰ্ভুক্ত হম’।
Maide 5:108
এই পদ্ধতিয়েই হৈছে অতি নিকটতম যে, সিহঁতে সাক্ষ্য সঠিকভাৱে উপস্থাপন কৰিব অথবা সিহঁতে (মিছা সাক্ষ্য প্ৰদানকাৰীসকলে) ভয় কৰিব যে, সিহঁতৰ (নিকটাত্মীসকলৰ) শপতৰ পিছত (পূৰ্বোক্ত) শপত প্ৰত্যাখ্যান কৰা হ’ব। তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু শুনা, আল্লাহে ফাছিক সম্প্ৰদায়ক হিদায়ত নকৰে।
Maide 5:109
(স্মৰণ কৰা) যিদিনা আল্লাহে ৰাছুলসকলক একত্ৰিত কৰিব আৰু সুধিব, ‘(উম্মতৰ ফালৰ পৰা) তোমালোকক কি উত্তৰ দিয়া হৈছিল’? তেওঁলোকে ক’ব, ‘এই বিষয়ে আমাৰ কোনো জ্ঞান নাই, নিশ্চয় গায়েব সম্পৰ্কে তুমিয়েই সৰ্বজ্ঞানী’।
Maide 5:110
স্মৰণ কৰা, যেতিয়া আল্লাহে ক’ব, ‘হে মাৰয়ামৰ পুত্ৰ ঈছা! তোমাৰ প্ৰতি আৰু তোমাৰ মাকৰ প্ৰতি মোৰ নিয়ামত স্মৰণ কৰা, যেতিয়া ৰুহুল কুদুছ প্ৰদান কৰি মই তোমাক শক্তিশালী কৰিছিলোঁ আৰু তুমি দোলনাত থকা অৱস্থাত লগতে পৰিণত বয়সতো মানুহৰ লগত কথা ক’ব পাৰিছিলা, তোমাক কিতাব, হিকমত, তাওৰাত আৰু ইঞ্জীল শিক্ষা দিছিলোঁ, তুমি বোকা মাটিৰে মোৰ অনুমতিক্ৰমে চৰাইৰ দৰে আকৃতি গঠণ কৰিছিলা আৰু তাত ফুঁ মাৰিছিলা, ফলত মোৰ অনুমতিক্ৰমে সেইটো চৰাই হৈ গৈছিল, জন্মান্ধ আৰু কুষ্ঠ ৰোগীসকলক তুমি মোৰ অনুমতিক্ৰমে নিৰাময় কৰিব পাৰিছিলা আৰু তুমি মোৰ অনুমতিক্ৰমে মৃতক জীৱিত কৰিব পাৰিছিলা, আৰু স্মৰণ কৰা, যেতিয়া মই তোমাৰ পৰা বনী ইছৰাঈলক বিৰত ৰাখিছিলোঁ, যেতিয়া তুমি সিহঁতৰ ওচৰলৈ স্পষ্ট নিদৰ্শন আনিছিলা তেতিয়া সিহঁতৰ মাজৰ যিসকলে কুফুৰী কৰিছিল সিহঁতে কৈছিল, ‘এয়া স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়’।
Maide 5:111
আৰু স্মৰণ কৰা, যেতিয়া মই হাৱাৰীসকলৰ মনত ইলহাম কৰিছিলোঁ যে, ‘তোমালোকে মোৰ প্ৰতি আৰু মোৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা’, সিহঁতে কৈছিল, ‘আমি ঈমান আনিলোঁ আৰু তুমি সাক্ষী থাকা যে, নিশ্চয় আমি মুছলিম’।
Maide 5:112
স্মৰণ কৰা, যেতিয়া হাৱাৰীসকলে কৈছিল, ‘হে মাৰয়ামৰ পুত্ৰ ঈছা! তোমাৰ প্ৰতিপালকে আমালৈ আকাশৰ পৰা খাদ্য বস্তুৰে ভৰা পাটী (ডাইনিং টেবুল) প্ৰেৰণ কৰিবলৈ সক্ষমনে? তেওঁ কৈছিল, ‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা যদি তোমালোকে মুমিন হোৱা’।
Maide 5:113
সিহঁতে কৈছিল, ‘আমি তাৰ পৰা খাব বিচাৰোঁ যাতে আমাৰ হৃদয়ে প্ৰশান্তি লাভ কৰিব, আৰু যাতে আমি জানিব পাৰোঁ যে, তুমি কোৱা কথাবোৰ সত্য আৰু আমি এই বিষয়ে সাক্ষী হ’ব বিচাৰোঁ’।
Maide 5:114
মাৰয়ামৰ পুত্ৰ ঈছাই ক’লে, ‘হে আল্লাহ (তুমি) আমাৰ প্ৰতিপালক! আমাৰ বাবে আকাশৰ পৰা দস্তৰখান (খাদ্য ভৰা পাটী) অৱতীৰ্ণ কৰা; এইটো আমাৰ আৰু আমাৰ পূৰ্বৱৰ্তী লগতে পৰৱৰ্তী সকলোৰে বাবে হ’ব আনন্দোৎসৱ স্বৰূপ আৰু এয়া হ'ব তোমাৰ ফালৰ পৰা এটা নিদৰ্শন। আমাক জীৱিকা দান কৰা, তুমিয়েইতো শ্ৰেষ্ঠ জীৱিকাদাতা’।
Maide 5:115
আল্লাহে ক’লে, ‘নিশ্চয় মই তোমালোকৰ ওপৰত সেয়া অৱতীৰ্ণ কৰিম, কিন্তু ইয়াৰ পিছত তোমালোকৰ মাজৰ পৰা কোনোবাই কুফুৰী কৰিলে তাক মই এনেকুৱা শাস্তি বিহিম যিটো শাস্তি সৃষ্টিজগতৰ আন কাকো নিদিওঁ’।
Maide 5:116
আৰু স্মৰণ কৰা, আল্লাহে যেতিয়া ক’ব, ‘হে মাৰয়ামৰ পুত্ৰ ঈছা! তুমি মানুহক এই কথা কৈছিলা নেকি যে, তোমালোকে আল্লাহৰ বাহিৰে মোক আৰু মোৰ মাকক উপাস্যৰূপে গ্ৰহণ কৰা? তেওঁ ক’ব, ‘তুমি মহিমান্বিত! যিটো কোৱাৰ অধিকাৰ মোৰ নাই সেইটো কোৱা মোৰ পক্ষে কেতিয়াও শোভনীয় নহয়। যদি মই এনেকৈ ক’লোহেঁতেন তেন্তে তুমিতো সেয়া জানিলাহেঁতেন। মোৰ অন্তৰৰ কথাতো তুমি জানাই, কিন্তু তোমাৰ অন্তৰৰ কথা মই নাজানো, নিশ্চয় তুমি অদৃশ্য সম্পৰ্কে সৰ্বজ্ঞানী’।
Maide 5:117
‘তুমি মোক যি আদেশ কৰিছিলা তাৰ বাহিৰে মই সিহঁতক একো কোৱা নাছিলোঁ, সেইটো আছিল এই যে, তোমালোকে আল্লাহৰ ইবাদত কৰা যিজন মোৰো প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক; আৰু যিমান দিনলৈকে মই সিহঁতৰ মাজত আছিলোঁ সিমান দিনলৈকে মই সিহঁতৰ কাৰ্যকৰ্মৰ সাক্ষী আছিলোঁ, কিন্তু যেতিয়া তুমি মোক উঠাই আনিলা তেতিয়া তুমিয়েইতো আছিলা সিহঁতৰ কৃতকৰ্মৰ তত্ত্বাৱধায়ক আৰু তুমিয়েই সকলো বস্তুৰ পৰ্যবেক্ষক।
Maide 5:118
যদি তুমি সিহঁতক শাস্তি দিয়া তেন্তে সিহঁততো তোমাৰেই বান্দা, আৰু যদি সিহঁতক ক্ষমা কৰি দিয়া তেন্তে নিশ্চয় তুমি মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Maide 5:119
আল্লাহে ক’ব, ‘এইটোৱে হৈছে সেই দিন, যিদিনা সত্যবাদীসকলৰ সত্যবাদীতাই তেওঁলোকক উপকৃত কৰিব, তেওঁলোকৰ বাবে আছে জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত। তেওঁলোকে তাত চিৰস্থায়ী হ’ব, আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হ’ব আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট হ’ব, এইটোৱেই হৈছে মহাসফলতা।
Maide 5:120
আকাশমণ্ডল আৰু পৃথিৱী লগতে এই দুয়োৰে মাজত যি আছে সেই সকলোবোৰৰ ৰাজত্ব আল্লাহৰেই আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
Enam 6:1
সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰেই যিজনে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, আৰু সৃষ্টি কৰিছে অন্ধকাৰ আৰু জ্যোতি। ইয়াৰ পিছতো কাফিৰসকলে সিহঁতৰ প্ৰতিপালকৰ সমকক্ষ স্থিৰ কৰে।
Enam 6:2
তেৱেঁই তোমালোকক বোকা মাটিৰে সৃষ্টি কৰিছে, তাৰ পিছত এটা সময় নিৰ্দিষ্ট কৰিছে আৰু আন এটা নিৰ্ধাৰিত সময় আছে যিটো কেৱল তেৱেঁই জানে, ইয়াৰ পিছতো তোমালোকে সন্দেহ কৰা।
Enam 6:3
আকাশমণ্ডল আৰু পৃথিৱীত কেৱল তেৱেঁই আল্লাহ, তোমালোকৰ গোপন আৰু প্ৰকাশ্য সকলো তেওঁ জানে আৰু তোমালোকে যি অৰ্জন কৰা সেয়াও তেওঁ জানে।
Enam 6:4
আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহিলেই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।
Enam 6:5
এতেকে সিহঁতৰ ওচৰলৈ যেতিয়াই সত্য আহিছে, তেতিয়াই সিহঁতে তাক অস্বীকাৰ কৰিছে। গতিকে যি বিষয়ে সিহঁতে উপহাস কৰিছিল তাৰ (পৰিণামৰ) যথাৰ্থ সংবাদ অনতিপলমে সিহঁতৰ ওচৰলৈ আহি পাব।
Enam 6:6
সিহঁতে চোৱা নাইনে যে, আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্মক বিনাশ কৰিছোঁ? সিহঁতক পৃথিৱীত এনেকৈ প্ৰতিষ্ঠিত কৰিছিলোঁ যে, তেনেকৈ প্ৰতিষ্ঠিত তোমালোককো কৰা নাই আৰু সিহঁতৰ ওপৰত ধাৰাষাৰ বৰষুণ বৰ্ষাইছিলোঁ, আৰু সৃষ্টি কৰিছিলোঁ নদীসমূহ যিবোৰ সিহঁতৰ তলত প্ৰবাহিত আছিল, তাৰ পিছত সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক বিনাশ কৰিছোঁ আৰু সিহঁতৰ পিছত আন প্ৰজন্মক সৃষ্টি কৰিছোঁ।
Enam 6:7
আৰু আমি যদি তোমাৰ প্ৰতি কাগজত লিখিত গ্ৰন্থও অৱতীৰ্ণ কৰিলোহেঁতেন, ফলত সিহঁতে যদি সেইখনক হাতেৰে স্পৰ্শও কৰিলেহেঁতেন তথাপিও কাফিৰসকলে ক’লেহেঁতেন যে, ‘এইখন স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়’।
Enam 6:8
আৰু সিহঁতে কয়, ‘তেওঁৰ ওচৰলৈ কোনো ফিৰিস্তা কিয় অৱতীৰ্ণ কৰা নহয়?’ আৰু যদি আমি ফিৰিস্তা অৱতীৰ্ণ কৰিলোঁহেঁতেন, তেন্তে বিষয়টোৰ চুড়ান্ত ফয়চালাই হৈ গ’লহেঁতেন, তাৰ পিছত সিহঁতক আৰু কোনো অৱকাশ দিয়া নহ’লহেঁতেন।
Enam 6:9
আৰু যদি তেওঁক ফিৰিস্তা বনালোঁহেঁতেন তেন্তে তেওঁক পুৰুষ মানুহৰ আকৃতিতেই পঠিয়ালোঁহেঁতেন, আৰু সিহঁতক তেনেকুৱা বিভ্ৰমতেই ৰাখিলোঁহেঁতেন যেনেকুৱা বিভ্ৰমত সিহঁত এতিয়া আছে।
Enam 6:10
আৰু তোমাৰ পূৰ্বেও বহুতো ৰাছুলক উপহাস কৰা হৈছিল। ফলত যিসকলে তেওঁলোকৰ লগত উপহাস কৰিছিল সিহঁতক সিহঁতৰ উপহাসেই পৰিবেষ্টন কৰি লৈছিল।
Enam 6:11
কোৱা, ‘তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰা, তাৰ পিছত চোৱা, যিসকলে মিথ্যাৰোপ কৰিছিল সিহঁতৰ পৰিণাম কি হৈছিল’!
Enam 6:12
কোৱা, ‘আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেয়া কাৰ’? কোৱা, ‘আল্লাহৰেই’, তেওঁ নিজৰ ওপৰত 'দয়াক' কৰ্তব্য হিচাপে লিখি লৈছে। ক্বিয়ামতৰ দিনা তেওঁ নিশ্চয় তোমালোকক একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই। যিসকলে নিজেই নিজৰ ক্ষতি কৰিছে সিহঁতে ঈমান পোষণ নকৰিব।
Enam 6:13
ৰাতি আৰু দিনত যি যি অৱস্থান কৰে সেই সকলোবোৰ তেওঁৰেই, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Enam 6:14
কোৱা, ‘আকাশমণ্ডল আৰু পৃথিৱীৰ স্ৰষ্টা আল্লাহক এৰি মই আনক অভিভাৱকৰূপে গ্ৰহণ কৰিম নেকি? তেৱেঁই আহাৰ প্ৰদান কৰে কিন্তু তেওঁক আহাৰ প্ৰদান কৰা নহয়’। কোৱা, ‘নিশ্চয় মোক আদেশ কৰা হৈছে যে, যিসকলে ইছলাম গ্ৰহণ কৰিছে ময়েই যেন সিহঁতৰ মাজত প্ৰথম হওঁ, (মোক আৰু আদেশ কৰা হৈছে যে) তুমি কেতিয়াও মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহ’বা’।
Enam 6:15
কোৱা, ‘মই যদি মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰোঁ, তেন্তে নিশ্চয় মই ভয় কৰোঁ যে, মহা দিৱসৰ শাস্তি মোৰ ওপৰত আপতিত হ’ব’।
Enam 6:16
‘সেই দিনা যাৰ পৰা এই শাস্তি আঁতৰাই লোৱা হ’ব, তাৰ প্ৰতিহে আল্লাহে দয়া কৰিব, আৰু এইটোৱেই হৈছে স্পষ্ট সফলতা’।
Enam 6:17
আৰু আল্লাহে যদি তোমাক কোনো বিপদৰ দ্বাৰা স্পৰ্শ কৰে, তেন্তে তেওঁৰ বাহিৰে আন কোনেও সেয়া দূৰ কৰিব নোৱাৰিব, আৰু যদি তেওঁ তোমাক কোনো কল্যাণৰ দ্বাৰা স্পৰ্শ কৰে, তেন্তে (জানি থোৱা) তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
Enam 6:18
আৰু তেৱেঁই নিজ বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণকাৰী, আৰু তেওঁ প্ৰজ্ঞাময়, সম্যক অৱহিত।
Enam 6:19
কোৱা, ‘কোনটো বস্তু আটাইতকৈ ডাঙৰ সাক্ষী’? তুমি কোৱা, ‘আল্লাহ, (তেৱেঁই) মোৰ আৰু তোমালোকৰ মাজত (শ্ৰেষ্ঠ) সাক্ষী, আৰু এই কোৰআন মোৰ ওচৰলৈ অহী কৰা হৈছে যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰোঁ। তোমালোকে এই সাক্ষ্য বহন কৰা নেকি যে, আল্লাহৰ লগত আন কোনোবা ইলাহ (উপাস্য) আছে’? কোৱা, ‘মই এই সাক্ষ্য নিদিওঁ’। কোৱা, ‘তেৱেঁই হৈছে একমাত্ৰ প্ৰকৃত ইলাহ আৰু তোমালোকে যি অংশীদাৰ স্থাপন কৰা তাৰ লগত নিশ্চয় মোৰ কোনো সম্পৰ্ক নাই’।
Enam 6:20
আমি যিসকলক কিতাব প্ৰদান কৰিছোঁ সিহঁতে তেওঁক এনেকৈ চিনি পায় যেনেকৈ সিহঁতে নিজ সন্তানক চিনি পায়। যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে সিহঁতে ঈমান পোষণ নকৰিব।
Enam 6:21
যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথবা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰে, সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় যালিমসকলে সফলতা লাভ কৰিব নোৱাৰিব।
Enam 6:22
আৰু যিদিনা আমি সিহঁত আটাইকে একত্ৰিত কৰিম, তাৰ পিছত যিসকলে শ্বিৰ্ক কৰিছে সিহঁতক সুধিম, ‘যিসকলক তোমালোকে মোৰ লগত অংশী স্থাপন কৰিছিলা সিহঁত এতিয়া ক’ত’?
Enam 6:23
তেতিয়া সিহঁতৰ ওচৰত এই কথাৰ বাহিৰে আন কোনো অজুহাত নাথাকিব যে, ‘আমাৰ প্ৰতিপালক আল্লাহৰ শপত! আমি মুশ্বৰিক নাছিলোঁ’।
Enam 6:24
চোৱা, সিহঁতে কেনেকৈ নিজেই নিজকে মিছা প্ৰমাণিত কৰি আছে, লগতে (চোৱা) সিহঁতে যি মিছা ৰচনা কৰিছিল সেয়া কেনেকৈ সিহঁতৰ পৰা হেৰাই গ’ল।
Enam 6:25
আৰু সিহঁতৰ মাজৰ কিছুমানে তোমাৰ কথা কাণ পাতি শুনে, কিন্তু আমি সিহঁতৰ অন্তৰত আৱৰণ কৰি দিছোঁ যাতে সিহঁতে সেয়া উপলব্ধি কৰিব নোৱাৰে, আৰু সিহঁতৰ কাণত আছে বধিৰতা। যদি সিহঁতে যাৱতীয় নিদৰ্শন প্ৰত্যক্ষ কৰে তথাপিও সিহঁতে ঈমান পোষণ নকৰিব। আনকি সিহঁতে যেতিয়া তোমাৰ ওচৰত আহি উপস্থিত হয়, তেতিয়া সিহঁতে তোমাৰ লগত বিৰ্কত লিপ্ত হয়, যিসকলে কুফুৰী কৰিছে সিহঁতে কয়, ‘এয়া দেখোন আগৰ দিনৰ উপকথাৰ বাহিৰে আন একো নহয়’।
Enam 6:26
আৰু সিহঁতে আনক এইবোৰ শুনাৰ পৰা বিৰত ৰাখে আৰু নিজেও এইবোৰ শুনাৰ পৰা দূৰত থাকে। সিহঁত নিজেই নিজকে ধ্বংস কৰে, অথচ সিহঁতে উপলব্ধি নকৰে।
Enam 6:27
তুমি যদি দেখিলাহেঁতেন যেতিয়া সিহঁতক জুইৰ ওপৰত থিয় কৰোৱা হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায়’! যদি আমাক (পৃথিৱীলৈ) ওভতাই দিয়া হ’লহেঁতেন, তেন্তে আমি আমাৰ প্ৰতিপালকৰ আয়াতসমূহক (দুনাই) অস্বীকাৰ নকৰিলোঁ হয় আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ’লোঁ হয়।
Enam 6:28
বৰং পূৰ্বে সিহঁতে যি গোপন কৰিছিল সেয়া এতিয়া সিহঁতৰ ওচৰত প্ৰকাশ পাইছে; আৰু সিহঁতক আকৌ (দুনাই পৃথিৱীলৈ) পঠোৱা হ’লেও সিহঁতক যি কৰিবলৈ নিষেধ কৰা হৈছিল আকৌ সিহঁতে সেইটোকে কৰিলে হয়; আৰু নিশ্চয় সিহঁত মিছলীয়া।
Enam 6:29
আৰু সিহঁতে কয়, ‘আমাৰ পাৰ্থিৱ জীৱনেই হৈছে একমাত্ৰ জীৱন, আৰু আমাক পুনৰুত্থিত কৰা নহ’ব’।
Enam 6:30
আৰু যদি তুমি দেখিলাহেঁতেন, যেতিয়া সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ’ব, তেওঁ ক’ব, ‘এইটো প্ৰকৃত সত্য নহয় জানো’? সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় এয়া সত্য’। তেওঁ ক’ব, ‘তেন্তে তোমালোকে যি কুফুৰী কৰিছিলা তাৰ বাবে তোমালোকে এতিয়া শাস্তি ভোগ কৰা’।
Enam 6:31
যিসকলে আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰিছে, নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত হৈছে, আনকি সিহঁতৰ ওচৰলৈ যেতিয়া হঠাৎ কিয়ামত আহি উপস্থিত হ’ব তেতিয়া সিহঁতে ক’ব, ‘হায় আফচোচ! ইয়াক আমি কিমান যে অৱহেলা কৰিছিলোঁ’। সিহঁতে সিহঁতৰ পাপসমূহ নিজৰ পিঠিত বহন কৰিব। সাৱধান! সিহঁতে যি বহন কৰিব সেয়া অতি নিকৃষ্ট!
Enam 6:32
আৰু পাৰ্থিৱ জীৱন কেৱল খেল-ধেমালিৰ বাহিৰে আন একো নহয় আৰু যিসকলে তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তথাপিও তোমালোকে নুবুজানে?
Enam 6:33
আমি নিশ্চয় জানো যে, সিহঁতে যি কয় সেয়া তোমাক কষ্ট দিয়ে; কিন্তু সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ নকৰে, বৰং যালিমসকলে আল্লাহৰ আয়াতসমূহকহে অস্বীকাৰ কৰে।
Enam 6:34
নিশ্চয় তোমাৰ পূৰ্বেও বহুতো ৰাছুলৰ ওপৰত মিথ্যাৰোপ কৰা হৈছিল, কিন্তু তেওঁলোকক মিথ্যাৰোপ কৰাৰ পিছতো আৰু কষ্ট দিয়াৰ পিছতো তেওঁলোকে ধৈৰ্য্য ধাৰণ কৰিছিল, অৱশেষত তেওঁলোকৰ ওচৰলৈ আমাৰ সহায় আহিছিল। (জানি থোৱা) আল্লাহৰ (প্ৰতিশ্ৰুত) বাণীসমূহক পৰিৱৰ্তন কৰিব পৰা কোনো নাই। নিশ্চয় ৰাছুলসকলৰ কিছু সংবাদ তোমাৰ ওচৰলৈকেও আহিছে।
Enam 6:35
আৰু যদি সিহঁতৰ উপেক্ষা (অনাগ্ৰহ) তোমাৰ বাবে কষ্টকৰ হয় তেন্তে পাৰিলে ভূগৰ্ভত সুৰংগ অথবা আকাশত জখলা অন্বেষণ কৰি সিহঁতৰ বাবে কোনো নিদৰ্শন লৈ আহা। (জানি থোৱা) যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁত আটাইকে নিশ্চয় সৎপথত একত্ৰিত কৰিলেহেঁতেন। সেয়ে তুমি মূৰ্খসকলৰ অন্তৰ্ভুক্ত নহ’বা।
Enam 6:36
যিসকলে শুনা পায় কেৱল তেওঁলোকেই আহ্বানত সঁহাৰি দিয়ে। মৃতসকলক আল্লাহেই পুনৰ জীৱিত কৰিব; তাৰ পিছত সিহঁতক তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।
Enam 6:37
আৰু সিহঁতে কয়, ‘তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰলৈ নিদৰ্শন কিয় নাহে’? কোৱা, ‘নিদৰ্শন অৱতীৰ্ণ কৰিবলৈ আল্লাহ নিশ্চয় সক্ষম’, কিন্তু সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।
Enam 6:38
আৰু পৃথিৱীত বিচৰণশীল প্ৰতিটো প্ৰাণী আৰু (বায়ুমণ্ডলত) দুই ডেউকাৰে উৰা প্ৰতিটো চৰাই, তোমালোকৰ দৰেই একো একোটা উম্মত। এই কিতাবত (লাওহে মাহফুজত) আমি একো এৰি দিয়া নাই; তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰতিপালকৰ পিনেই একত্ৰিত কৰা হ’ব।
Enam 6:39
আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে, সিহঁত হৈছে কলা আৰু বোবা, অন্ধকাৰত আছে। আল্লাহে যাক ইচ্ছা কৰে বিপথগামী কৰে আৰু যাক ইচ্ছা কৰে তেওঁ সৰল পথত স্থাপন কৰে।
Enam 6:40
কোৱা, ‘তোমালোকে কি বিবেচনা কৰা, যদি তোমালোকৰ ওপৰত আল্লাহৰ শাস্তি আপতিত হয় অথবা তোমালোকৰ ওচৰলৈ ক্বিয়ামত আহি পৰে, তথাপিও তোমালোকে আল্লাহৰ বাহিৰে আন কাৰোবাক মাতিবানে? যদি তোমালোকে সত্যবাদী হোৱা (তেন্তে কোৱা)।
Enam 6:41
(নহয়) বৰং তোমালোকে কেৱল তেওঁকেই মাতিবা। এতেকে তোমালোকে যি উদ্দেশ্যে তেওঁক মাতিবা তেওঁ ইচ্ছা কৰিলে তোমালোকৰ সেই উদ্দেশ্য পূৰণ কৰিব আৰু তোমালোকে যিবোৰক তেওঁৰ অংশী কৰিছিলা সেইবোৰক পাহৰি যাবা।
Enam 6:42
নিশ্চয় আমি তোমাৰ পূৰ্বে বহুতো জাতিৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছোঁ, কিন্তু (ৰাছুলসকলক অস্বীকাৰ কৰাৰ কাৰণে) সিহঁতক অৰ্থসংকট আৰু দুখ-কষ্টত পতিত কৰিছিলোঁ, যাতে সিহঁত বিনীত হয়।
Enam 6:43
এতেকে যেতিয়া আমাৰ শাস্তি আহি সিহঁতৰ ওপৰত আপতিত হ’ল, তেতিয়া সিহঁতে কিয় বিনীত হোৱা নাছিল? কাৰণ সিহঁতৰ হৃদয় নিষ্ঠুৰ হৈছিল আৰু সিহঁতে যি কৰিছিল সেইবোৰক চয়তানে সিহঁতৰ বাবে শোভনীয় কৰি দিছিল।
Enam 6:44
সিহঁতক যি উপদেশ দিয়া হৈছিল সেয়া যেতিয়া সিহঁতে পাহৰি গ’ল, তেতিয়া আমি সিহঁতৰ বাবে সকলো বস্তুৰ দুৱাৰ মুকলি কৰি দিলোঁ; অৱশেষত সিহঁতক যি প্ৰদান কৰা হৈছিল যেতিয়া সিহঁতে সেইবোৰকলৈ উৎফুল্লিত হ’ল তেতিয়া হঠাৎ সিহঁতক আটক কৰিলোঁ, ফলত তেতিয়াই সিহঁত নিৰাশ হৈ পৰিল।
Enam 6:45
ফলত যালিম সম্প্ৰদায়ক মূলোচ্ছেদ কৰা হ'ল, আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ বাবেই।
Enam 6:46
কোৱা, ‘তোমালোকে ভাৱি চোৱা নাইনে, আল্লাহে যদি তোমালোকৰ শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি হৰণ কৰি লয় আৰু তোমালোকৰ হৃদয়ত মোহৰ মাৰি দিয়ে তেন্তে আল্লাহৰ বাহিৰে তোমালোকৰ কোন উপাস্য আছে যিয়ে এইবোৰ ওভতাই আনি দিব’? চোৱা, কেনেকৈ আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰোঁ, ইয়াৰ পিছতো সিহঁতে মুখ ঘূৰাই লয়।
Enam 6:47
কোৱা, ‘তোমালোকে কোৱাচোন যদি আল্লাহৰ শাস্তি হঠাৎ অথবা প্ৰকাশ্যভাৱে তোমালোকৰ ওপৰত আহি পৰে তেন্তে যালিম সম্প্ৰদায়ৰ বাহিৰে আন কোনোবাক ধ্বংস কৰা হ’বনে’?
Enam 6:48
আৰু আমি ৰাছুলসকলক কেৱল সুসংবাদবাহী আৰু সতৰ্ককাৰীৰূপেই প্ৰেৰণ কৰোঁ। এতেকে যিসকলে ঈমান আনিব আৰু নিজকে সংশোধন কৰিব, তেওঁলোকৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্ততও নহ’ব।
Enam 6:49
আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতক শাস্তিয়ে স্পৰ্শ কৰিব, কাৰণ সিহঁতে অবাধ্যতা কৰিছিল।
Enam 6:50
কোৱা, ‘মই তোমালোকক এইটো নকওঁ যে, মোৰ ওচৰত আল্লাহৰ ধন-ভাণ্ডাৰ আছে, আৰু মই গায়েবও নাজানো আৰু তোমালোকক এইটোও নকওঁ যে, মই এজন ফিৰিস্তা, মোৰ প্ৰতি যি অহীৰূপে প্ৰেৰণ কৰা হয়, মই কেৱল সেইটোকেই অনুসৰণ কৰোঁ’। কোৱা, ‘অন্ধ আৰু দৃষ্টিৱান ব্যক্তি উভয়ে সমান হ’ব পাৰেনে? তোমালোকে চিন্তা নকৰা নেকি’?
Enam 6:51
আৰু ইয়াৰ দ্বাৰা তুমি সেইসকল লোকক সতৰ্ক কৰা, যিসকলে ভয় কৰে যে, সিহঁতক সিহঁতৰ প্ৰতিপালকৰ ওচৰলৈ এনেকুৱা অৱস্থাত একত্ৰিত কৰা হ’ব যে, তেওঁৰ বাহিৰে সিহঁতৰ বাবে কোনো অভিভাৱক আৰু কোনো চুপাৰিছকাৰী নাথাকিব। যাতে সিহঁতে তাক্বৱাৰ অধিকাৰী হয়।
Enam 6:52
আৰু যিসকলে নিজ প্ৰতিপালকক পুৱা-গধূলি তেওঁৰ সন্তুষ্টি লাভৰ বাবে প্ৰাৰ্থনা কৰে তেওঁলোকক তুমি আঁতৰাই নিদিবা। তেওঁলোকৰ কৰ্মৰ জবাবদিহিতাৰ দায়িত্ব তোমাৰ ওপৰত নহয় আৰু তোমাৰ কোনো কৰ্মৰ জবাবদিহিতাৰ দায়িত্বও তেওঁলোকৰ ওপৰত নহয়, যাৰ বাবে তুমি তেওঁলোকক আঁতৰাই দিবা, এনে কৰিলে তুমি যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা।
Enam 6:53
এইদৰে আমি সিহঁতৰ কিছুমানৰ দ্বাৰা আন কিছুমানক পৰীক্ষা কৰিছোঁ, যাতে সিহঁতে কয়, ‘আমাৰ মাজৰ পৰা আল্লাহে ইহঁতৰ ওপৰতেই অনুগ্ৰহ কৰিলেনে’? (কোৱাচোন) আল্লাহ কৃতজ্ঞসকলৰ বিষয়ে সবিশেষ অৱগত নহয়নে বাৰু?
Enam 6:54
আৰু যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ কৰে, তেওঁলোকে যেতিয়া তোমাৰ ওচৰলৈ আহে তেতিয়া তুমি তেওঁলোকক কোৱা, ‘তোমালোকৰ প্ৰতি শান্তি বৰ্ষিত হওক’, তোমালোকৰ প্ৰতিপালকে তেওঁৰ নিজৰ ওপৰত দয়া ধাৰ্য্য কৰি লৈছে। তোমালোকৰ মাজৰ কোনোবাই যদি অজ্ঞতাবশতঃ অসৎকৰ্ম কৰে, তাৰ পিছত তাওবা কৰে আৰু নিজকে সংশোধন কৰে, তেন্তে নিশ্চয় তেওঁ (আল্লাহ) ক্ষমাশীল, পৰম দয়ালু।
Enam 6:55
আৰু এনেকৈয়ে আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰোঁ; যাতে অপৰাধীসকলৰ পথ স্পষ্টভাৱে প্ৰকাশ পায়।
Enam 6:56
কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিসকলক আহ্বান কৰা, সিহঁতৰ ইবাদত কৰিবলৈ মোক নিষেধ কৰা হৈছে’। কোৱা, ‘মই তোমালোকৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰোঁ, কৰিলে মই বিপথগামী হম আৰু সৎপথপ্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত হ’ব নোৱাৰিম’।
Enam 6:57
কোৱা, ‘নিশ্চয় মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত; অথচ তোমালোকে ইয়াক অস্বীকাৰ কৰিছা। তোমালোকে যিটো ততালিকে পাব বিচৰা সেইটো মোৰ ওচৰত নাই। কৰ্তৃত্ব একমাত্ৰ আল্লাহৰেই, তেওঁ সত্য বৰ্ণনা কৰে আৰু ফয়চালাকাৰী-সকলৰ মাজত তেৱেঁই শ্ৰেষ্ঠ’।
Enam 6:58
কোৱা, ‘তোমালোকে যিটো ততালিকে পাব বিচৰা সেইটো যদি মোৰ ওচৰত থাকিলহেঁতেন, তেন্তে মোৰ আৰু তোমালোকৰ মাজত ফয়চালাই হৈ গ’লহেঁতেন, (জানি থোৱা) আল্লাহ যালিমসকলৰ বিষয়ে অধিক অৱগত’।
Enam 6:59
আৰু তেওঁৰ ওচৰতেই আছে গায়েবৰ চাবি-কাঠি, তেওঁৰ বাহিৰে কোনেও সেয়া নাজানে। স্থল আৰু সাগৰৰ অন্ধকাৰসমূহত যি আছে সেয়া কেৱল তেৱেঁই অৱগত, তেওঁৰ অজানিতে গছৰ এটা পাতো নসৰে। মাটিৰ অন্ধকাৰত এনে কোনো শস্যকণাও অংকুৰিত নহয় অথবা ৰসযুক্ত নাইবা শুকান এনে কোনো বস্তু নাই যিটো স্পষ্ট কিতাবত উল্লেখ নাই।
Enam 6:60
তেৱেঁই ৰাতিত তোমালোকৰ মৃত্যু ঘটায় আৰু দিনত তোমালোকে যি উপাৰ্জন কৰা সেয়া তেওঁ জানে। তাৰ পিছত নিৰ্ধাৰিত সময় পূৰ্ণ কৰাৰ কাৰণে দিনত তেওঁ তোমালোকক আকৌ জীৱিত কৰে। তাৰ পিছত তেওঁৰ পিনেই তোমালোকৰ প্ৰত্যাৱৰ্তন হ’ব। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তেওঁ তোমালোকক অৱহিত কৰিব।
Enam 6:61
আৰু তেওঁ নিজ বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণাধিকাৰী আৰু তেৱেঁই তোমালোকৰ ওপৰত হিফাযতকাৰীসকলক প্ৰেৰণ কৰে। অৱশেষত তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যুকাল উপস্থিত হয় তেতিয়া আমাৰ প্ৰেৰিত দূতসকলে (ফিৰিস্তাসকলে) তাৰ মৃত্যু ঘটায় আৰু তেওঁলোকে (নিজৰ কৰ্তব্যত) কোনো ত্ৰুটি নকৰে।
Enam 6:62
তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰকৃত প্ৰতিপালক আল্লাহৰ ফালে প্ৰত্যাৱৰ্তিত কৰা হ’ব। জানি থোৱা, হুকুম (কৰ্তৃত্ব) কেৱল তেওঁৰেই আৰু তেওঁ আটাইতকৈ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
Enam 6:63
কোৱা, ‘স্থলভাগৰ আৰু সাগৰৰ অন্ধকাৰৰ পৰা কোনে তোমালোকক নাজাত দিয়ে? যেতিয়া তোমালোকে অনুনয় বিনয় কৰি আৰু গোপনভাৱে তেওঁকেই প্ৰাৰ্থনা কৰা যে, আমাক ইয়াৰ পৰা ৰক্ষা কৰিলে আমি নিশ্চয় কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হম’।
Enam 6:64
কোৱা, ‘আল্লাহেই তোমালোকক তাৰ পৰা আৰু সকলো দুখ-কষ্টৰ পৰা মুক্তি দিয়ে। ইয়াৰ পিছতো তোমালোকে শ্বিৰ্ক কৰা’।
Enam 6:65
কোৱা, ‘তেওঁ তোমালোকৰ ওপৰৰ পৰা বা তলৰ পৰা শাস্তি পঠাবলৈ, নাইবা তোমালোকক বিভিন্ন (সন্দেহপূৰ্ণ) দলত বিভক্ত কৰিবলৈ অথবা এটা দলক আন এটা দলৰ সংঘৰ্ষৰ সোৱাদ গ্ৰহণ কৰাবলৈ পূৰ্ণ সক্ষম’। চোৱা, আমি কেনেকৈ বিভিন্ন ধৰণে আয়াতসমূহ বিবৃত কৰোঁ যাতে সিহঁতে ভালকৈ বুজিব পাৰে।
Enam 6:66
আৰু তোমাৰ সম্প্ৰদায়ে ইয়াক মিছা বুলি কৈছে অথচ এইটো সত্য। কোৱা, ‘মই তোমালোকৰ কাৰ্যনিৰ্বাহক নহয়’।
Enam 6:67
প্ৰত্যেক সংবাদৰ বাবে এটা নিৰ্ধাৰিত সময় আছে আৰু অনতিপলমে তোমালোকে জানিবলৈ পাবা।
Enam 6:68
আৰু তুমি যেতিয়া সিহঁতক দেখিবলৈ পাবা, যিসকলে আমাৰ আয়াতসমূহকলৈ উপহাসমূলক আলোচনাত মগ্ন হয়, তেতিয়া তুমি সিহঁতৰ পৰা মূখ ঘূৰাই ল’বা, যেতিয়ালৈকে সিহঁতে আন কোনো প্ৰসংগ আৰম্ভ নকৰিব; আৰু যদি চয়তানে তোমাক পাহৰাই দিয়ে তেন্তে স্মৰণ হোৱাৰ পিছত যালিম সম্প্ৰদায়ৰ লগত নবহিবা।
Enam 6:69
আৰু সিহঁতৰ আমলৰ জবাবদিহিৰ দায়িত্ব মুত্তাক্বীসকলৰ ওপৰত নহয়। কিন্তু উপদেশ দিয়াটো তেওঁলোকৰ কৰ্তব্য, যাতে সিহঁতেও তাক্বৱা অৱলম্বন কৰে।
Enam 6:70
আৰু যিসকলে নিজৰ ধৰ্মক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছে, লগতে পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছে তুমি সিহঁতক পৰিত্যাগ কৰা। তুমি এই কোৰআনৰ দ্বাৰা সিহঁতক উপদেশ দিয়া, যাতে সেই সময়ত কোনোবাই নিজ কৃতকৰ্মৰ বাবে ধ্বংস নহয় যেতিয়া আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱক আৰু চুপাৰিছকাৰী নাথাকিব আৰু বিনিময়ত সকলো বস্তু দিলেও সেয়া গ্ৰহণ কৰা নহ’ব। সিহঁতেই নিজ কৃতকৰ্মৰ বাবে ধ্বংস হৈছে; কুফুৰী কৰাৰ কাৰণে সিহঁতক সেৱন কৰোৱা হ’ব অতি উত্তপ্ত পানী তথা বিহা হ’ব কষ্টদায়ক শাস্তি।
Enam 6:71
কোৱা, ‘আল্লাহৰ বাহিৰে আমি এনে কাৰোবাক আহ্বান কৰিম নেকি, যিয়ে আমাৰ কোনো উপকাৰ অথবা অপকাৰ একোৱেই কৰিব নোৱাৰে? আৰু আল্লাহে আমাক হিদায়ত দিয়াৰ পিছত আমি আকৌ সেই ব্যক্তিৰ দৰে পূৰ্বাৱস্থালৈ উভতি যামনে, যাক চয়তানে পৃথিৱীত এনেকৈ লম্ভিছে যে সি পথ হেৰুৱাই উৱাদিহ নোপোৱা হৈছে? তাৰ আছে কিছুমান (ঈমান্দাৰ) সহচৰবৃন্দ, তেওঁলোকে তাক হিদায়তৰ প্ৰতি আহ্বান কৰি কয়, ‘আহা আমাৰ ফালে আহা’। কোৱা, ‘আল্লাহৰ হিদায়তেই হৈছে সঠিক হিদায়ত আৰু আমাক সৃষ্টিজগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আদেশ দিয়া হৈছে’।
Enam 6:72
‘লগতে (আদেশ কৰা হৈছে) ছালাত প্ৰতিষ্ঠা কৰিবলৈ আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰিবলৈ। তেৱেঁই হৈছে সেই সত্বা, যাৰ ওচৰলৈ তোমালোকক একত্ৰিত কৰা হ’ব’।
Enam 6:73
তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। (সেই দিৱসক স্মৰণ কৰা) যিদিনা তেওঁ কেৱল ক’ব, ‘হ’, তেতিয়াই সেয়া হৈ যাব। তেওঁৰ কথাই সত্য। যিদিনা শিঙাত ফুঁ দিয়া হ’ব সেইদিনাৰ কৰ্তৃত্ব কেৱল তেওঁৰেই। অদৃশ্য আৰু প্ৰকাশ্য বিষয়ে তেৱেঁই পৰিজ্ঞাত, আৰু তেওঁ প্ৰজ্ঞাময়, সবিশেষ অৱগত।
Enam 6:74
আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে তেওঁৰ পিতা আঝৰক কৈছিল, ‘আপুনি মূৰ্তিবোৰক ইলাহৰূপে গ্ৰহণ কৰে নেকি? মই আপোনাক আৰু আপোনাৰ সম্প্ৰদায়ক স্পষ্ট ভ্ৰষ্টতাৰ মাজত দেখি আছোঁ’।
Enam 6:75
এইদৰে আমি ইব্ৰাহীমক আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব দেখুৱাইছোঁ, যাতে তেওঁ দৃঢ় বিশ্বাসীসকলৰ অন্তৰ্ভুক্ত হয়।
Enam 6:76
তাৰ পিছত ৰাতিৰ অন্ধকাৰে যেতিয়া তেওঁক আচ্ছন্ন কৰিলে তেতিয়া তেওঁ তৰা এটা দেখি ক’লে, ‘এইটো চাগে মোৰ প্ৰতিপালক’। তাৰ পিছত যেতিয়া সেইটো অস্তমিত হ’ল তেতিয়া তেওঁ ক’লে, ‘অস্তমিত যোৱা বস্তুক মই ভাল নাপাওঁ’।
Enam 6:77
তাৰ পিছত যেতিয়া তেওঁ চন্দ্ৰক সমুজ্জলৰূপে উদয় হোৱা দেখিলে তেতিয়া ক’লে, ‘এইটো চাগে মোৰ প্ৰতিপালক’। যেতিয়া সেইটোও অস্তমিত গ’ল, তেতিয়া তেওঁ ক’লে, ‘মোক মোৰ প্ৰতিপালকে হিদায়ত নকৰিলে মই নিশ্চয় পথভ্ৰষ্ট সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত হম’।
Enam 6:78
তাৰ পিছত যেতিয়া তেওঁ সূৰ্যক দীপ্তিমানৰূপে উদয় হোৱা দেখিলে তেতিয়া ক’লে, ‘এইটোৱে হৈছে মোৰ প্ৰতিপালক, এইটো আটাইতকৈ ডাঙৰ’। যেতিয়া সেইটোও অস্ত গ’ল তেতিয়া তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে যাক আল্লাহৰ লগত অংশী কৰা তাৰ লগত মোৰ কোনো সম্পৰ্ক নাই (তাৰ পৰা মই মুক্ত)’।
Enam 6:79
মই একনিষ্ঠভাৱে তেওঁৰ ফালে মুখ কৰিছোঁ যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়।
Enam 6:80
(এই শুনি) তেওঁৰ সম্প্ৰদায়ে তেওঁৰ লগত বিতৰ্কত লিপ্ত হ’ল। তেওঁ ক’লে, ‘তোমালোকে মোৰ লগত আল্লাহ সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছা? অথচ তেৱেঁই মোক হিদায়ত দিছে। তোমালোকে তেওঁৰ লগত যাক অংশীদাৰ স্থাপন কৰি আছা মই তাক (কেতিয়াও) ভয় নকৰোঁ কিন্তু মোৰ প্ৰতিপালকে যদি কিবা কৰে (সেয়া সুকীয়া কথা)। মোৰ প্ৰতিপালকে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিব্যাপ্ত কৰি আছে। তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে’?
Enam 6:81
‘তোমালোকে যাক আল্লাহৰ লগত অংশী কৰি আছা মই তাক কিয় ভয় কৰিম? অথচ তোমালোকে আল্লাহৰ লগত এনেকুৱা বস্তুক অংশী কৰিবলৈ কোনো ভয় নকৰা, যাৰ সপক্ষে তেওঁ তোমালোকৰ ওচৰত কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। এতেকে যদি তোমালোকে জানা তেন্তে কোৱাচোন! দুই দলৰ মাজত কোনটো দল নিৰাপত্তা লাভৰ বেছি হকদাৰ’।
Enam 6:82
যিসকলে ঈমান আনিছে আৰু নিজৰ ঈমানক যুলুমৰ (শ্বিৰ্কৰ) দ্বাৰা কলুষিত কৰা নাই, নিৰাপত্তা কেৱল তেওঁলোকৰ বাবেই আৰু তেওঁলোকেই হৈছে হিদায়তপ্ৰাপ্ত।
Enam 6:83
আৰু এইটোৱেই হৈছে আমাৰ যুক্তি-প্ৰমাণ যিটো আমি ইব্ৰাহীমক দিছিলোঁ, তাৰ জাতিৰ লগত মোকাবিলা কৰিবলৈ, আমি যাক ইচ্ছা কৰোঁ উচ্চ মৰ্যাদা দান কৰোঁ। নিশ্চয় তোমাৰ প্ৰতিপালক প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
Enam 6:84
আৰু আমি তেওঁক দান কৰিছিলোঁ ইছহাক্ব আৰু ইয়াকূব, এওঁলোকৰ প্ৰত্যেককে আমি সৎপথত পৰিচালিত কৰিছিলোঁ; ইয়াৰ পূৰ্বে নুহকো আমি হিদায়ত দিছিলোঁ আৰু তেওঁৰ বংশধৰ দাউদ, ছুলাইমান, আইউব, ইউছুফ, মুছা আৰু হাৰূনকো; এইদৰেই আমি মুহছিনসকলক পুৰস্কৃত কৰোঁ;
Enam 6:85
আৰু যাকাৰিয়্যাহ, ইয়াহয়া, ঈছা আৰু ইলয়াছকো (আমি হিদায়ত দিছিলোঁ)। এওঁলোকৰ প্ৰত্যেকেই সৎকৰ্মপৰায়ণ আছিল;
Enam 6:86
লগতে ইছমাঈল, আল-য়াছা, ইউনুছ আৰু লূতকো (আমি হিদায়ত দিছিলোঁ); আৰু তেওঁলোকৰ প্ৰত্যেককে আমি সৃষ্টিজগতৰ ওপৰত শ্ৰেষ্ঠত্ব দান কৰিছিলোঁ।
Enam 6:87
আৰু (আমি হিদায়ত প্ৰদান কৰিছিলোঁ) তেওঁলোকৰ পিতৃপুৰুষ, বংশধৰ আৰু ভাতৃসকলৰ কিছুমানক; আৰু আমি তেওঁলোকক মনোনীত কৰিছিলোঁ আৰু সৰল পথত পৰিচালিত কৰিছিলোঁ।
Enam 6:88
এইটো হৈছে আল্লাহৰ হিদায়ত, ইয়াৰ দ্বাৰা তেওঁ নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে হিদায়ত প্ৰদান কৰে। কিন্তু যদি তেওঁলোকে শ্বিৰ্ক কৰিলেহেঁতেন তেন্তে তেওঁলোকৰ সকলো আমল নিষ্ফল হৈ গ’লহেঁতেন।
Enam 6:89
এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আমি কিতাব, কৰ্তৃত্ব আৰু নবুওৱত দান কৰিছিলোঁ, এতেকে যদি সিহঁতে (কাফিৰসকলে) ইয়াৰ লগত কুফুৰী কৰে, তেন্তে (জানি থোৱা) আমি ইয়াৰ দায়িত্বভাৰ এনে এটা সম্প্ৰদায়ক দিছোঁ যিসকলে ইয়াৰ লগত কুফুৰী নকৰিব।
Enam 6:90
এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আল্লাহে হিদায়ত কৰিছে, এতেকে তুমি তেওঁলোকৰ পথৰ অনুসৰণ কৰা। কোৱা, ‘ইয়াৰ বাবে আমি তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ, এইটো কেৱল সৃষ্টিজগতৰ বাবে উপদেশমাত্ৰ’।
Enam 6:91
আৰু সিহঁতে আল্লাহক তেওঁৰ যথাৰ্থ মৰ্যাদা প্ৰদান কৰা নাই, যেতিয়া সিহঁতে কৈছিল, ‘আল্লাহে কোনো মানুহৰ প্ৰতি একো অৱতীৰ্ণ কৰা নাই’। কোৱা, ‘কোনে অৱতীৰ্ণ কৰিছিল সেইখন কিতাব যিখন মুছাই আনিছিল, মানুহৰ বাবে আছিল জ্যোতি আৰু হিদায়তস্বৰূপ; যিখনক তোমালোকে বিভিন্ন পৃষ্ঠাত লিপিবদ্ধ কৰি কিছু কথা প্ৰকাশ কৰিছা আৰু বহুতখিনিকে গোপন কৰিছা, আৰু (সেই গ্ৰন্থৰ দ্বাৰা) তোমালোকক এনেকুৱা শিক্ষা দিয়া হৈছিল যিটো তোমালোকে আৰু তোমালোকৰ পিতৃ-পুৰুষসকলে জনা নাছিলা। কোৱা, (সেইখনক) ‘আল্লাহেই (অৱতীৰ্ণ কৰিছিল)’, এতেকে সিহঁতক সিহঁতৰ অবান্তৰ সমালোচনাৰ ওপৰত এৰি দিয়া, সিহঁতে খেলি থাকক।
Enam 6:92
আৰু এইখন হৈছে বৰকতময় কিতাব যিখনক আমি অৱতীৰ্ণ কৰিছোঁ, যিখন ইয়াৰ আগৰ সকলো গ্ৰন্থৰ সমৰ্থক আৰু যিখনৰ দ্বাৰা তুমি মক্কা আৰু ইয়াৰ চাৰিওফালে থকা মানুহক সতৰ্ক কৰা। যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকে ইয়াৰ প্ৰতিও ঈমান পোষণ কৰে, লগতে তেওঁলোক ছালাতৰ প্ৰতিও যত্নৱান।
Enam 6:93
আৰু সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? যিয়ে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, অথবা কয়, ‘মোৰ ওচৰলৈ অহী আহে’, অথচ তাৰ ওচৰলৈ একোৱেই অহী কৰা নহয়, আৰু যিয়ে কয়, ‘আল্লাহে যি অৱতীৰ্ণ কৰিছে ময়ো সিটোৰ দৰে অৱতীৰ্ণ কৰিব পাৰোঁ’; আৰু যদি তুমি দেখিলাহেঁতেন, যেতিয়া যালিমসকল মৃত্যু যন্ত্ৰণাত থাকিব আৰু ফিৰিস্তাসকলে হাত বঢ়াই ক’ব, ‘তোমালোকে নিজৰ প্ৰাণ উলিয়াই আনা। আজি তোমালোকক লাঞ্ছনাদায়ক শাস্তি দিয়া হ’ব, কাৰণ তোমালোকে আল্লাহৰ ওপৰত অসত্য কথা কৈছিলা আৰু তেওঁৰ আয়াতসমূহৰ প্ৰতি অহংকাৰ কৰিছিলা’।
Enam 6:94
নিশ্চয় (আজি) তোমালোকে আমাৰ ওচৰলৈ নিঃসঙ্গ অৱস্থাত আহিছা, যিদৰে আমি তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছিলোঁ, আৰু আমি তোমালোকক যি প্ৰদান কৰিছিলোঁ সেইবোৰ তোমালোকে নিজৰ পিছফালে এৰি থৈ আহিছা। তোমালোকে যিসকলক (আল্লাহৰ সৈতে) অংশী বুলি ভাৱিছিলা, সেই চুপাৰিছকাৰী বিলাকো দেখোন (আজি) তোমালোকৰ লগত নাই। নিশ্চয় তোমালোকৰ মাজৰ সম্পৰ্ক আজি বিচ্ছিন্ন হৈছে আৰু তোমালোকে যিটো ধাৰণা কৰিছিলা সেইটোও তোমালোকৰ পৰা হেৰাই গৈছে।
Enam 6:95
নিশ্চয় আল্লাহেই শস্য-বীজ আৰু গুটি আদিক অংকুৰিত কৰে, তেৱেঁই প্ৰাণহীনৰ পৰা জীৱন্তক উলিয়ায় আৰু জীৱন্তৰ পৰা প্ৰাণহীনক উলিয়ায়। তেৱেঁই আল্লাহ, এতেকে তোমালোক ক’লৈ উভতি যাবা?
Enam 6:96
তেৱেঁই প্ৰভাতৰ উদ্ভাসক, আৰু তেৱেঁই ৰাতিক প্ৰশান্তিৰ বাবে লগতে সূৰ্য আৰু চন্দ্ৰক সময়ৰ নিৰুপক বনাইছে, এইবোৰ পৰাক্ৰমশালী, মহাজ্ঞানী আল্লাহৰ নিৰ্ধাৰণ।
Enam 6:97
আৰু তেৱেঁই তোমালোকৰ বাবে তৰামণ্ডল সৃষ্টি কৰিছে যাতে ইয়াৰ দ্বাৰা তোমালোকে স্থলৰ আৰু সাগৰৰ অন্ধকাৰত পথ বিচাৰি পোৱা। নিশ্চয় আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰিছোঁ।
Enam 6:98
আৰু তেৱেঁই তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে, এতেকে (তোমালোকৰ বাবে) আছে স্থায়ী আৰু অস্থায়ী বাসস্থান। নিশ্চয় আমি অনুধাৱনকাৰী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰিছোঁ।
Enam 6:99
তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত ইয়াৰ দ্বাৰা আমি সকলো ধৰণৰ উদ্ভিদৰ পুলি উৎপন্ন কৰোঁ, আৰু উৎপন্ন কৰোঁ সেউজীয়া ডাল-পাত, যাৰ পৰা আমি ঘন সন্নিবিষ্ট শস্যদানা উৎপাদন কৰোঁ, আৰু খেজুৰ গছৰ মূৰৰ পৰা উলিয়াওঁ ওলমি থকা খেজুৰৰ থোক, আৰু উৎপাদন কৰোঁ আঙুৰ, যায়তুন লগতে ডালিমৰ বাগিছা। কিছুমান আছে সদৃশপূৰ্ণ আৰু আন কিছুমান আছে অমিল। চোৱা, সেই ফলবোৰৰ প্ৰতি যেতিয়া সেইবোৰ পুৰঠ হয় আৰু লক্ষ্য কৰা ইয়াৰ পকিব ধৰা অৱস্থাৰ প্ৰতি। নিশ্চয় মুমিন সম্প্ৰদায়ৰ বাবে আছে সেইবোৰৰ মাজত নিদৰ্শনাৱলী।
Enam 6:100
আৰু সিহঁতে জ্বিনক আল্লাহৰ সৈতে শ্বৰীক সাব্যস্ত কৰে, অথচ তেৱেঁই এইবোৰক সৃষ্টি কৰিছে; আৰু সিহঁতে অজ্ঞতাবশতঃ আল্লাহৰ প্ৰতি পুত্ৰ-কন্যা আৰোপ কৰে; তেওঁ পৱিত্ৰ মহিমান্বিত আৰু সিহঁতে যি কয় তেওঁ তাৰ পৰা বহু ঊৰ্দ্ধত।
Enam 6:101
তেৱেঁই আকাশসমূহ আৰু পৃথিৱীৰ স্ৰষ্টা, তেওঁৰ সন্তান হ’ব কেনেকৈ? অথচ তেওঁৰ কোনো সঙ্গিনীয়েই নাই! তেৱেঁই সকলো বস্তু সৃষ্টি কৰিছে আৰু প্ৰত্যেক বস্তু সম্পৰ্কে তেওঁ সবিশেষ অৱগত।
Enam 6:102
তেৱেঁই আল্লাহ, তোমালোকৰ প্ৰতিপালক; তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেৱেঁই সকলো বস্তুৰ স্ৰষ্টা; এতেকে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা; তেৱেঁই সকলো বস্তুৰ তত্বাৱধায়ক।
Enam 6:103
দৃষ্টিসমূহে তেওঁক আয়ত্ব কৰিব নোৱাৰে অথচ তেওঁ সকলো দৃষ্টিকে আয়ত্ব কৰে আৰু তেওঁ সূক্ষ্মদৰ্শী, সম্যক অৱহিত।
Enam 6:104
নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণাদি চাব পৰা মাধ্যম আহি পৰিছে। এতেকে যিয়ে সেইটোৰ দ্বাৰা প্ৰত্যক্ষ কৰিব সি নিজেই লাভৱান হ’ব, আৰু যিয়ে অন্ধ সাজিব তাত সি নিজেই ক্ষতিগ্ৰস্ত হ’ব। গতিকে মই তোমালোকৰ সংৰক্ষক নহয়।
Enam 6:105
এইদৰেই আমি নানা ধৰণে আয়াতসমূহ বিবৃত কৰোঁ। যাতে সিহঁতে কয় যে, ‘তুমি (পূৰ্বৱৰ্তী গ্ৰন্থৰ পৰা) শিকি লৈছা’, লগতে আমি ইয়াক সুস্পষ্টভাৱে বৰ্ণনা কৰোঁ জ্ঞানী সম্প্ৰদায়ৰ বাবে।
Enam 6:106
তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অহী হৈছে তুমি কেৱল সেইটোকে অনুসৰণ কৰা, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুশ্বৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা।
Enam 6:107
আল্লাহে ইচ্ছা কৰিলে সিহঁতে শ্বিৰ্ক নকৰিলেহেঁতেন। লগতে (জানি থোৱা) আমি তোমাক সিহঁতৰ বাবে সংৰক্ষক বনোৱা নাই আৰু তুমি সিহঁতৰ তত্বাৱধায়কো নহয়।
Enam 6:108
আল্লাহৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে সেইবোৰক তোমালোকে গালি-শপনি নাপাৰিবা। কিয়নো সিহঁতে সীমালংঘন কৰি অজ্ঞানতাবশতঃ আল্লাহকো গালি দিব পাৰে। এইদৰে আমি প্ৰত্যেক জাতিৰ দৃষ্টিতে সিহঁতৰ কাৰ্যকলাপ শোভনীয় কৰি দিছোঁ; তাৰ পিছত সিহঁতৰ প্ৰতিপালকৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন হ’ব। ইয়াৰ পিছত তেওঁ সিহঁতক সিহঁতৰ কাৰ্যকলাপ সম্পৰ্কে জনাই দিব।
Enam 6:109
আৰু সিহঁতে আল্লাহৰ নামত দৃঢ় শপত খাই কয়, সিহঁতৰ ওচৰত যদি কোনো নিদৰ্শন আহিলহেঁতেন তেন্তে নিশ্চয় সিহঁতে ইয়াৰ প্ৰতি ঈমান আনিলেহেঁতেন। কোৱা, ‘নিশ্চয় নিদৰ্শনসমূহ হৈছে আল্লাহৰ অধীনস্থ’। (হে ঈমান্দাৰসকল!) কিহে তোমালোকক উপলব্ধি কৰাব যে, যেতিয়া সেই (নিদৰ্শন) আহি পৰিব, তেতিয়াও সিহঁতে ঈমান পোষণ নকৰিব?
Enam 6:110
আৰু সিহঁতে যেনেকৈ প্ৰথমবাৰতে ইয়াৰ প্ৰতি ঈমান পোষণ কৰা নাই, ঠিক তেনেকৈ আমিও সিহঁতৰ অন্তৰসমূহ আৰু দৃষ্টিসমূহ ওলোটাই দিম আৰু আমি সিহঁতক সিহঁতৰ অবাধ্যতাত উদ্ভ্ৰান্তৰ দৰে ঘূৰপাক খোৱা অৱস্থাত এৰি দিম।
Enam 6:111
আৰু আমি সিহঁতৰ ওচৰলৈ ফিৰিস্তা প্ৰেৰণ কৰিলেও আৰু মৃতসকলে সিহঁতৰ লগত কথা পাতিলেও তথা সকলো বস্তুক সিহঁতৰ সন্মুখত সমবেত কৰিলেও আল্লাহৰ ইচ্ছা নহ’লে সিহঁতে কেতিয়াও ঈমান পোষণ নকৰিব; কিন্তু সিহঁতৰ অধিকাংশই হৈছে মূৰ্খ।
Enam 6:112
আৰু এইদৰে আমি মানৱ আৰু জ্বিনৰ মাজৰ পৰা চয়তানসকলক প্ৰত্যেক নবীৰ শত্ৰু বনাইছোঁ, প্ৰতাৰণাৰ উদ্দেশ্যে সিহঁতে ইজনে সিজনক চমকপ্ৰদ বাক্যৰ দ্বাৰা কুমন্ত্ৰণা দিয়ে। তোমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সিহঁতে এইবোৰ নকৰিলেহেঁতেন, গতিকে তুমি সিহঁতক আৰু সিহঁতৰ মিছা ৰটনাক পৰিত্যাগ কৰা।
Enam 6:113
আৰু সিহঁতে এইকাৰণে কুমন্ত্ৰণা দিয়ে যে, যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে সিহঁতৰ মন যাতে সেই চমকপ্ৰদ কথাৰ প্ৰতি অনুৰাগী হয় আৰু যাতে সিহঁতে পছন্দ কৰে; আৰু সিহঁতে যি অপকৰ্ম কৰে সেইটোৱেই যেন সিহঁতে কৰি থাকে।
Enam 6:114
(কোৱা) ‘মই আল্লাহৰ বাহিৰে আন কাৰোবাক ফয়চালাকাৰী হিচাপে অন্বেষণ কৰিম নেকি? অথচ তেৱেঁই তোমালোকৰ প্ৰতি বিস্তাৰিত কিতাব অৱতীৰ্ণ কৰিছে’! আৰু আমি যিসকলক কিতাব প্ৰদান কৰিছোঁ সিহঁতে জানে যে, নিশ্চয় এইখন তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা যথাযথভাৱে নাযিলকৃত। গতিকে তুমি সন্দেহ পোষণকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’বা।
Enam 6:115
সত্য আৰু ন্যায়ৰ ফালৰ পৰা তোমাৰ প্ৰতিপালকৰ বাণী পৰিপূৰ্ণ। তেওঁৰ বাক্যসমূহ পৰিবৰ্তন কৰিব পৰা কোনো নাই। তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Enam 6:116
আৰু যদি তুমি পৃথিৱীৰ অধিকাংশ লোকৰ কথামতে চলা, তেন্তে সিহঁতে তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব। সিহঁতে কেৱল ধাৰণাৰহে অনুসৰণ কৰে, আৰু কেৱল অনুমান ভিত্তিকহে কথা কয়।
Enam 6:117
নিশ্চয় তোমাৰ প্ৰতিপালক সেই ব্যক্তি সম্পৰ্কে অধিক অৱগত যিয়ে তেওঁৰ পথৰ পৰা বিপথগামী হয়। লগতে যিসকল সৎপথত আছে তেওঁলোকৰ বিষয়েও তেওঁ অধিক অৱগত।
Enam 6:118
যদি তোমালোকে তেওঁৰ আয়াতসমূহৰ প্ৰতি বিশ্বাসী হোৱা তেন্তে যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হৈছে সেইটো ভক্ষণ কৰা;
Enam 6:119
তোমালোকৰ কি হৈছে, যিটোৰ (জন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হৈছে তোমালোকে সেই জন্তুৰ (মাংস) কিয় ভক্ষণ নকৰিবা? তোমালোকৰ বাবে তেওঁ যিটো হাৰাম কৰিছে সেয়া তেওঁ তোমালোকৰ ওচৰত বিশদভাৱেই বৰ্ণনা কৰিছে, কিন্তু তোমালোকে নিৰুপায় হ’লে সেয়া সুকীয়া কথা। নিশ্চয় বহুতে অজ্ঞতাবশতঃ নিজৰ প্ৰবৃত্তিৰ দ্বাৰা আনক বিপথগামী কৰে; নিশ্চয় তোমাৰ প্ৰতিপালক সীমালংঘনকাৰীসকলৰ বিষয়ে অধিক অৱগত।
Enam 6:120
এতেকে তোমালোকে প্ৰকাশ্য আৰু গোপন উভয় প্ৰকাৰ পাপ বৰ্জন কৰা, নিশ্চয় যিসকলে পাপ অৰ্জন কৰে অনতিপলমে সিহঁতক সিহঁতৰ পাপ কৰ্মৰ প্ৰতিফল দিয়া হ’ব।
Enam 6:121
আৰু যিটোৰ (জন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হোৱা নাই, তাৰ (মাংসৰ) পৰা তোমালোকে একো নাখাবা; আৰু নিশ্চয় সেয়া গৰ্হিত। নিশ্চয় চয়তানসকলে সিহঁতৰ বন্ধুসকলক তোমালোকৰ সৈতে বিবাদ কৰিবলৈ প্ৰৰোচনা দিয়ে; আৰু যদি তোমালোকে সিহঁতৰ আনুগত্য কৰা, তেন্তে তোমালোকেও মুশ্বৰিক হৈ পৰিবা।
Enam 6:122
যি ব্যক্তি মৃত আছিল (অৰ্থাৎ যাৰ অস্তিত্ব নাছিল), যাক আমি পিছত জীৱিত কৰিছোঁ আৰু তাৰ বাবে নিৰ্ধাৰণ কৰিছোঁ জ্যোতি, যাৰ মাধ্যমত তেওঁ মানুহৰ ভিতৰত চলা-ফুৰা কৰে, সেইজন ব্যক্তি সেই ব্যক্তিৰ দৰে নেকি যিজন এনেকুৱা অন্ধকাৰত আছে য’ৰ পৰা সি কেতিয়াও ওলাব নোৱাৰিব? এইদৰেই কাফিৰসকলৰ কৃতকৰ্মক শোভনীয় কৰি দিয়া হৈছে।
Enam 6:123
আৰু এইদৰে আমি প্ৰতিটো জনপদৰ প্ৰধানক অপৰাধী হিচাপে এৰি দিছোঁ, যাতে সিহঁতে তাত চক্ৰান্ত কৰে; কিন্তু সিহঁতে কেৱল নিজৰ বিৰুদ্ধেহে চক্ৰান্ত কৰে, অথচ সিহঁতে উপলব্ধি নকৰে।
Enam 6:124
আৰু যেতিয়া সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহে তেতিয়া সিহঁতে কয়, ‘আল্লাহৰ ৰাছুলসকলক যি প্ৰদান কৰা হৈছিল সেয়া আমাক প্ৰদান নকৰালৈকে আমি কেতিয়াও ঈমান পোষণ নকৰোঁ’। আল্লাহে তেওঁৰ ৰিছালত ক’ত অৰ্পন কৰিব সেইটো তেৱেঁই ভালকৈ জানে। যিসকলে অপৰাধ কৰিছে, সিহঁতৰ চক্ৰান্তৰ কাৰণে আল্লাহৰ তৰফৰ পৰা লাঞ্ছনা আৰু কঠোৰ শাস্তি অনতিপলমে সিহঁতৰ ওপৰত আপতিত হ’ব।
Enam 6:125
এতেকে আল্লাহে কাৰোবাক সৎপথত পৰিচালিত কৰিব বিচাৰিলে তেওঁ তাৰ বুকু ইছলামৰ বাবে প্ৰশস্ত কৰি দিয়ে, আৰু কাৰোবাক বিপথগামী কৰিব বিচাৰিলে তেওঁ তাৰ বুকু অতি সংকীৰ্ণ কৰি দিয়ে, (ফলত সেই ব্যক্তিৰ বাবে ইছলামৰ অনুসৰণ) এনে লাগে যেনিবা সি বহু কষ্টৰে আকাশলৈ উঠি আছে। এইদৰেই আল্লাহে শাস্তি দিয়ে সিহঁতক, যিসকলে ঈমান পোষণ নকৰে।
Enam 6:126
আৰু এইটোৱেই তোমাৰ প্ৰতিপালকৰ নিৰ্দেশিত সৰল পথ। যিসকলে উপদেশ গ্ৰহণ কৰে আমি তেওঁলোকৰ বাবে নিদৰ্শনসমূহ বিশদভাৱে বৰ্ণনা কৰিছোঁ।
Enam 6:127
তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে শান্তিৰ আবাস আৰু তেওঁলোকে যি আমল কৰিছিল, তাৰ বাবে তেৱেঁই তেওঁলোকৰ অভিভাৱক।
Enam 6:128
আৰু যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব (আৰু ক’ব), ‘হে জ্বিন সম্প্ৰদায়! তোমালোকে বহুতো লোকক পথভ্ৰষ্ট কৰিছিলা’, আৰু মানুহৰ মাজৰ পৰা সিহঁতৰ বন্ধুসকলে ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমি ইজনে সিজনৰ পৰা উপকৃত হৈছিলোঁ আৰু তুমি আমাৰ বাবে যি সময় নিৰ্ধাৰণ কৰিছিলা এতিয়া আমি তাত উপনীত হৈছোঁ’। আল্লাহে ক’ব, ‘জাহান্নামেই হৈছে তোমালোকৰ বাসস্থান, তোমালোকে তাত চিৰকাল থাকিবা’, কিন্তু আল্লাহে (উলিওৱাৰ) ইচ্ছা কৰিলে সেয়া সুকীয়া কথা। নিশ্চয় তোমাৰ প্ৰতিপালক প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
Enam 6:129
আৰু এইদৰেই আমি যালিমসকলৰ কিছুমানক আন কিছুমানৰ লগত বন্ধুত্ব গঢ়াই দিওঁ, সিহঁতে যি অৰ্জন কৰিছিল তাৰ কাৰণে।
Enam 6:130
‘হে জ্বিন আৰু মানৱ সম্প্ৰদায়! তোমালোকৰ মাজৰ পৰাই তোমালোকৰ ওচৰলৈ ৰাছুলসকল অহা নাছিলনে? যিসকলে আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিৱৰণ দিছিল আৰু তোমালোকক এই দিৱসৰ সন্মুখীন হোৱা সম্পৰ্কে সতৰ্ক কৰিছিল? সিহঁতে ক’ব, ‘আমি আমাৰ নিজৰ বিৰুদ্ধেই সাক্ষী দিলোঁ’। প্ৰকৃততে পাৰ্থিৱ জীৱনেই সিহঁতক প্ৰতাৰিত কৰিছিল, আৰু সিহঁতে নিজৰ বিৰুদ্ধে এই সাক্ষীও দিব যে, সিহঁত কাফিৰ আছিল।
Enam 6:131
এইটো এইকাৰণে যে, অধিবাসীসকল (দ্বীন সম্পৰ্কে) উদাসীন থকা অৱস্থাত জনপদসমূহৰ অন্যায় আচৰণৰ কাৰণে সিহঁতক ধ্বংস কৰাটো তোমাৰ প্ৰতিপালকৰ কাম নহয়।
Enam 6:132
আৰু সিহঁতে যি আমল কৰে, সেই অনুসাৰে প্ৰত্যেকৰে মৰ্যাদা আছে আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে তোমাৰ প্ৰতিপালক অমনোযোগী নহয়।
Enam 6:133
আৰু তোমাৰ প্ৰতিপালক হৈছে অভাৱমুক্ত তথা দয়াশীল। তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰিব পাৰে আৰু তোমালোকৰ পিছত তেওঁ নিজৰ ইচ্ছামতে বেলেগক তোমালোকৰ স্থলাভিষিক্ত কৰিব পাৰে, যিদৰে তেওঁ তোমালোকক আন এটা সম্প্ৰদায়ৰ বংশৰ পৰা সৃষ্টি কৰিছে।
Enam 6:134
তোমালোকৰ লগত যিটো প্ৰতিশ্ৰুতি কৰা হৈছে সেইটো নিশ্চয় আহিব আৰু তোমালোকে তাক ব্যৰ্থ কৰিব নোৱাৰিবা।
Enam 6:135
কোৱা, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে তোমালোকৰ অৱস্থানত থাকি কাম কৰা, নিশ্চয় ময়ো মোৰ কাম কৰি আছোঁ। তোমালোকে অতি সোনকালে জানিব পাৰিবা, কাৰ পৰিণাম মঙ্গলময়। নিশ্চয় যালিমসকল সফল নহয়’।
Enam 6:136
আল্লাহে যি শস্য আৰু চতুষ্পদ জন্তু সৃষ্টি কৰিছে সেইবোৰৰ পৰা সিহঁতে আল্লাহৰ বাবে এটা অংশ নিৰ্দিষ্ট কৰে আৰু নিজৰ ধাৰণা অনুযায়ী কয়, ‘এইটো আল্লাহৰ বাবে আৰু এইটো আমাৰ শ্বৰীকসকলৰ বাবে’। এতেকে যিটো সিহঁতৰ শ্বৰীকসকলৰ অংশ সেয়া আল্লাহৰ ওচৰত গৈ নাপায় কিন্তু যিটো আল্লাহৰ অংশ সেয়া সিহঁতৰ শ্বৰীকসকলৰ ওচৰত পৌঁচি যায়, সিহঁতে যি ফয়চালা কৰে সেয়া কিমান যে নিকৃষ্ট!
Enam 6:137
আৰু এইদৰে বহুতো মুশ্বৰিকৰ দৃষ্টিত সিহঁতৰ শ্বৰীকসকলে সিহঁতৰ সন্তানসকলক হত্যা কৰা শোভনীয় কৰি দিছে, যাতে সিহঁতক ধ্বংস কৰিব পাৰে আৰু সিহঁতৰ ধৰ্ম সম্পৰ্কে সিহঁতৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে; আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতে এইবোৰ নকৰিলেহেঁতেন। গতিকে সিহঁতক সিহঁতৰ মিছা ৰটনা লৈয়ে থাকিব দিয়া।
Enam 6:138
আৰু সিহঁতে সিহঁতৰ ধাৰণা অনুযায়ী কয়, ‘এইবোৰ চতুষ্পদ জন্তু আৰু শস্যক্ষেত্ৰ নিষিদ্ধ, আমি যাক ইচ্ছা কৰোঁ তাৰ বাহিৰে কোনেও এইবোৰ খাব নোৱাৰিব’, এইদৰে কিছুসংখ্যক চতুষ্পদ জন্তুৰ পিঠিত আৰোহণ নিষিদ্ধ কৰা হৈছে আৰু কিছুসংখ্যক জন্তুক জবেহ কৰাৰ সময়ত সিহঁতে আল্লাহৰ নাম নলয়। এইবোৰ দৰাচলতে সিহঁতে আল্লাহ সম্পৰ্কে মিছা ৰটনাৰ উদ্দেশ্যে কৈ ফুৰে; সিহঁতৰ এই মিছা ৰটনাৰ প্ৰতিফল তেওঁ অচিৰেই সিহঁতক প্ৰদান কৰিব।
Enam 6:139
সিহঁতে আৰু কয়, ‘এইবোৰ চতুষ্পদ জন্তুৰ পেটত যি আছে সেয়া আমাৰ মাজৰ পুৰুষসকলৰ বাবে নিৰ্দিষ্ট আৰু এইটো আমাৰ স্ত্ৰীসকলৰ বাবে অবৈধ, আৰু সেইটো যদি মৃত হয় তেন্তে (নাৰী-পুৰুষ) সকলোৱে ইয়াৰ অংশীদাৰ’। সিহঁতৰ এইদৰে কোৱাৰ প্ৰতিফল অনতিপলমে তেওঁ সিহঁতক প্ৰদান কৰিব; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
Enam 6:140
নিশ্চয় সিহঁতে ক্ষতিগ্ৰস্ত হৈছে যিসকলে নিৰ্বুদ্ধিতাৰ বাবে আৰু অজ্ঞতাবশতঃ নিজৰ সন্তানসকলক হত্যা কৰিছে আৰু আল্লাহৰ ওপৰত মিছা ৰটনা কৰি আল্লাহে প্ৰদান কৰা জীৱিকাক নিষিদ্ধ গণ্য কৰিছে। নিশ্চয় সিহঁত বিপথগামী হৈছে আৰু সিহঁত হিদায়তপ্ৰাপ্তও নাছিল।
Enam 6:141
আৰু তেৱেঁই সৃষ্টি কৰিছে এনেকুৱা বাগিছাসমূহ যিবোৰৰ কিছুমান চাং নিৰ্ভৰশীল আৰু আন কিছুমান চাং নিৰ্ভৰশীল নহয় লগতে খেজুৰ গছ আৰু শস্য, যাৰ সোৱাদ বিভিন্ন ধৰণৰ, যায়তুন আৰু ডালিম, এইবোৰৰ কিছুমান সদৃশ আৰু কিছুমান ভিন্ন। যেতিয়া সেইবোৰ পকিব তেতিয়া তাৰ পৰা খোৱা আৰু ফচল চপোৱাৰ দিনা সেইবোৰৰ হক প্ৰদান কৰিবা। অপচয় নকৰিবা, নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে।
Enam 6:142
আৰু (তেৱেঁই) চতুষ্পদ জন্তুৰ মাজত কিছুমানক ভাৰ বহনকাৰী আৰু কিছুমানক ক্ষুদ্ৰাকাৰ পশু হিচাপে সৃষ্টি কৰিছে। আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা খোৱা আৰু চয়তানৰ পদাংক অনুসৰণ নকৰিবা; নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।
Enam 6:143
(তেৱেঁই সৃষ্টি কৰিছে) মতা-মাইকী আঠ যোৰ, ভেৰাৰ দুটা আৰু ছাগলীৰ দুটা; কোৱা, ‘তেওঁ মতা দুটাক নিষিদ্ধ কৰিছে নে মাইকী দুজনীক, নে মাইকী দুজনীৰ গৰ্ভত যি আছে সেয়া নিষিদ্ধ কৰিছে’? যদি তোমালোকে সত্যবাদী হোৱা তেন্তে প্ৰমাণসহ মোক অৱহিত কৰা;
Enam 6:144
লগতে উটৰ দুটা আৰু গৰুৰ দুটা। কোৱা, ‘তেওঁ মতা দুটাক নিষিদ্ধ কৰিছে নে মাইকী দুজনীক, নে মাইকী দুজনীৰ গৰ্ভত যি আছে সেয়া নিষিদ্ধ কৰিছে’? অথবা আল্লাহে যেতিয়া তোমালোকক এইবোৰৰ নিৰ্দেশ দিছিল তেতিয়া তোমালোক তাত উপস্থিত আছিলানে? গতিকে যি ব্যক্তিয়ে জ্ঞান নোহোৱাকৈ মানুহক বিভ্ৰান্ত কৰাৰ বাবে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে তাতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? নিশ্চয় আল্লাহে যালিম সম্প্ৰদায়ক হিদায়ত নকৰে।
Enam 6:145
কোৱা, ‘মোৰ প্ৰতি যি অহী হৈছে তাত, মানুহে যি খায় তাৰ মাজত মই একোৱেই হাৰাম পোৱা নাই, কিন্তু মৰা শ, প্ৰবাহিত তেজ আৰু গাহৰিৰ মাংসৰ বাহিৰে। কিয়নো নিশ্চিতভাৱে এইবোৰ হৈছে অপৱিত্ৰ। অথবা (জবেহ কৰাৰ সময়ত) আল্লাহৰ বাহিৰে আনৰ নাম লোৱাৰ কাৰণে যিবোৰ অবৈধ’। কিন্তু যদি কোনোবাই অবাধ্যতা নকৰি আৰু সীমালংঘন নকৰি নিৰুপায় অৱস্থাত সেয়া গ্ৰহণ কৰিবলৈ বাধ্য হয় (সেয়া বেলেগ কথা), তেন্তে নিশ্চয় তোমাৰ প্ৰতিপালক ক্ষমাশীল, পৰম দয়ালু।
Enam 6:146
আৰু আমি ইয়াহুদিসকলৰ ওপৰত নখযুক্ত সকলো জন্তুকেই হাৰাম কৰিছিলোঁ আৰু গৰু ছাগলীৰ চৰ্বিও সিহঁতৰ বাবে হাৰাম কৰিছিলোঁ, কিন্তু এইবোৰৰ পিঠিত থকা নাইবা নাড়ী-ভুৰুত থকা অথবা অস্থিসংলগ্ন চৰ্বিৰ বাহিৰে, সিহঁতৰ অবাধ্যতাৰ কাৰণে সিহঁতক এই প্ৰতিফল দিছিলোঁ। নিশ্চয় আমি সত্যবাদী।
Enam 6:147
এতেকে সিহঁতে যদি তোমাৰ ওপৰত মিথ্যাৰোপ কৰে, তেন্তে কোৱা, ‘তোমালোকৰ প্ৰতিপালক সৰ্বব্যাপী দয়াৰ অধিকাৰী আৰু অপৰাধী সম্প্ৰদায়ৰ পৰা তেওঁৰ শাস্তি ৰদ নহয়’।
Enam 6:148
যিসকলে শ্বিৰ্ক কৰিছে অতিশীঘ্ৰে সিহঁতে ক’ব, ‘আল্লাহে যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে আমি আৰু আমাৰ পুৰ্বপুৰুষসকলে শ্বিৰ্ক নকৰিলোঁহেঁতেন আৰু একোৱেই হাৰাম নকৰিলোঁহেঁতেন’। এইদৰে সিহঁতৰ পূৰ্বৱৰ্তীসকলেও মিথ্যাৰোপ কৰিছিল, অৱশেষত সিহঁতে আমাৰ শাস্তি ভোগ কৰিছিল। কোৱা, ‘তোমালোকৰ ওচৰত কোনো জ্ঞান আছেনে? থাকিলে আমাৰ ওচৰত প্ৰকাশ কৰা। তোমালোকে কেৱল ধাৰণাৰহে অনুসৰণ কৰা আৰু কেৱল মনেসজা কথাহে কোৱা’।
Enam 6:149
কোৱা, ‘চূড়ান্ত প্ৰমাণ কেৱল আল্লাহৰেই, এতেকে তেওঁ যদি ইচ্ছা কৰিলেহেঁতেন, তেন্তে তোমালোক আটাইকে নিশ্চয় হিদায়ত দিলেহেঁতেন’।
Enam 6:150
কোৱা, ‘তোমালোকৰ সাক্ষীসকলক লৈ আহা, যিসকলে এই সাক্ষী দিব যে, আল্লাহে এইটো হাৰাম কৰিছে’। সিহঁতে সাক্ষী দিলেও তুমি সিহঁতৰ লগত সাক্ষী নিদিবা। তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, যিসকলে আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰে আৰু যিসকলে আখিৰাতত বিশ্বাস স্থাপন নকৰে। সিহঁতেই নিজ প্ৰতিপালকৰ সমকক্ষ নিৰ্ধাৰণ কৰে।
Enam 6:151
কোৱা, ‘আহা, তোমালোকৰ ওপৰত তোমালোকৰ প্ৰতিপালকে যি হাৰাম কৰিছে সেয়া তিলাৱত কৰি শুনাওঁ। সেয়া হৈছে এই যে, ‘তোমালোকে তেওঁৰ লগত কাকো অংশীদাৰ স্থাপন নকৰিবা, পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰিবা, দৰিদ্ৰতাৰ ভয়ত তোমালোকে নিজৰ সন্তানক হত্যা নকৰিবা, আমিয়েই তোমালোকক আৰু সিহঁতক জীৱিকা দান কৰোঁ। প্ৰকাশ্য হওক অথবা গোপনেই হওক, অশ্লীল কৰ্মৰ ওচৰলৈকেও নাযাবা। আল্লাহে হাৰাম কৰা কোনো নফছক যথাৰ্থ কাৰণবিহীন তোমালোকে তাক হত্যা নকৰিবা’। তেওঁ তোমালোকক এই নিৰ্দেশ দিছে যাতে তোমালোকে বুজিব পাৰা।
Enam 6:152
আৰু এতীম শিশু প্ৰাপ্তবয়স্ক নোহোৱালৈকে উত্তম ব্যৱস্থাৰ বাহিৰে তোমালোকে তাৰ সম্পত্তিৰ নিকটৱৰ্তী নহ’বা আৰু পৰিমাপ তথা ওজন ন্যায়ভাৱে পৰিপূৰ্ণৰূপে প্ৰদান কৰিবা। আমি কোনো নফছক তাৰ ক্ষমতাতকৈ অধিক ভাৰ অৰ্পণ নকৰোঁ। লগতে যেতিয়া তোমালোকে কথা ক’বা তেতিয়া ইনচাফপূৰ্ণ কথা ক’বা, যদিও সেইজন তোমাৰ ঘনিষ্ট আত্মীয় নহওক কিয়, আৰু আল্লাহক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবা। এইদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰে যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।
Enam 6:153
নিশ্চয় এইটোৱেই হৈছে মোৰ সৰল পথ। এতেকে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু বিভিন্ন পথৰ অনুসৰণ নকৰিবা, অন্যথা সেইবোৰে তোমালোকক ইয়াৰ পৰা বিচ্ছিন্ন কৰিব। এইদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰে, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হোৱা।
Enam 6:154
এতেকে আমি মুছাক প্ৰদান কৰিছিলোঁ কিতাব, যিয়ে সৎকৰ্ম কৰিছে তাৰ বাবে পৰিপূৰ্ণতাস্বৰূপ, প্ৰতিটো বস্তুৰ বিশদ বিৱৰণ, হিদায়ত আৰু ৰহমতস্বৰূপ—যাতে সিহঁতে সিহঁতৰ প্ৰতিপালকৰ সাক্ষাৎ সম্বন্ধে ঈমান পোষণ কৰে।
Enam 6:155
আৰু এইখন কিতাব, যিখন আমি অৱতীৰ্ণ কৰিছোঁ – বৰকতময়ৰূপে। সেয়ে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোকে ৰহমতপ্ৰাপ্ত হোৱা।
Enam 6:156
যাতে তোমালোকে এইটো ক’ব নোৱাৰা যে, কিতাব কেৱল আমাৰ পূৰ্বে দুটা সম্প্ৰদায়ৰ প্ৰতিহে অৱতীৰ্ণ হৈছিল; আৰু আমি সিহঁতৰ অধ্যয়ন সম্পৰ্কে গাফিল আছিলোঁ’,
Enam 6:157
অথবা তোমালোকে যেন এইটো ক’ব নোৱাৰা যে, ‘যদি আমাৰ প্ৰতি কিতাব অৱতীৰ্ণ হ’লহেঁতেন, তেন্তে আমি সিহঁততকৈ বেছি হিদায়তপ্ৰাপ্ত হ’লোঁহেঁতেন’। এতেকে নিশ্চয় তোমালোকৰ ওচৰলৈ তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ, হিদায়ত আৰু ৰহমত আহিছে। ইয়াৰ পিছতো যিয়ে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিব আৰু তাৰ পৰা মুখ ঘূৰাই লব, তাতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে? যিসকলে আমাৰ আয়াতসমূহৰ পৰা মুখ ঘূৰাই লয়, সত্য বিমুখতাৰ বাবে শীঘ্ৰেই আমি সিহঁতক নিকৃষ্ট শাস্তি প্ৰদান কৰিম।
Enam 6:158
সিহঁতে কেৱল এইটোৰ প্ৰতীক্ষাত আছে নেকি যে, সিহঁতৰ ওচৰলৈ ফিৰিস্তা আহিব, অথবা তোমাৰ প্ৰতিপালক স্বয়ং অৱতৰণ কৰিব, নাইবা তোমাৰ প্ৰতিপালকৰ কোনো নিদৰ্শন আহিব? (জানি থোৱা) যিদিনা তোমাৰ প্ৰতিপালকৰ কোনো নিদৰ্শন আহিব সেইদিনা যিয়ে পূৰ্বে ঈমান পোষণ কৰা নাছিল তাৰ ঈমান কোনো কামত নাহিব, অথবা যি ব্যক্তিয়ে ঈমানৰ মাধ্যমত কল্যাণ লাভ কৰা নাছিল (তাৰ ঈমানো কোনো কামত নাহিব)। কোৱা, ‘তোমালোকে প্ৰতীক্ষা কৰা, আমিও প্ৰতীক্ষাত থাকিলোঁ’।
Enam 6:159
নিশ্চয় যিসকলে নিজৰ দ্বীনক বিচ্ছিন্ন কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে, সিহঁতৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই; সিহঁতৰ বিষয়টো আল্লাহৰ অধীনস্থ, তাৰ পিছত তেৱেঁই সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে সিহঁতক অৱগত কৰাব।
Enam 6:160
যিয়ে সৎকৰ্ম লৈ আহিব তেওঁ তাৰ দহগুণ (ছোৱাব) লাভ কৰিব, আৰু যিয়ে অসৎকৰ্ম লৈ আহিব তাক কেৱল তাৰ সমপৰিমাণ প্ৰতিদানহে দিয়া হ’ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।
Enam 6:161
কোৱা, ‘মোৰ প্ৰতিপালকে মোক সৎপথত পৰিচালিত কৰিছে। এইটোৱে সুপ্ৰতিষ্ঠিত দ্বীন, ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ), তেওঁ একনিষ্ঠ আছিল, আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল’।
Enam 6:162
কোৱা, ‘নিশ্চয় মোৰ ছালাত, মোৰ কুৰবানী, মোৰ জীৱন আৰু মোৰ মৰণ, বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবেই’।
Enam 6:163
‘তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মোক ইয়াৰেই নিৰ্দেশ দিয়া হৈছে, আৰু মুছলিম (আত্মসমৰ্পণকাৰী) সকলৰ মাজত ময়েই প্ৰথম’।
Enam 6:164
কোৱা, ‘মই আল্লাহৰ বাহিৰে আন কোনো প্ৰতিপালক অনুসন্ধান কৰিম নেকি? অথচ তেৱেঁই সকলো বস্তুৰ প্ৰতিপালক’। প্ৰত্যেকেই নিজ নিজ কৃতকৰ্মৰ বাবে দায়ী হ’ব আৰু কোনোৱেই আনৰ বোজা বহন নকৰিব। তাৰ পিছত তোমালোকৰ প্ৰত্যাৱৰ্তন তোমালোকৰ প্ৰতিপালকৰ ওচৰতেই হ’ব, এতেকে যি বিষয়ে তোমালোকে মতানৈক্য কৰিছিলা, সেয়া তেওঁ তোমালোকক অৱহিত কৰাব।
Enam 6:165
তেৱেঁই তোমালোকক পৃথিৱীত খলিফা (প্ৰতিনিধি) নিযুক্ত কৰিছে আৰু তেওঁ তোমালোকক যি প্ৰদান কৰিছে সেই বিষয়ে পৰীক্ষাৰ উদ্দেশ্যে তোমালোকৰ কিছুমানক আন কিছুমানৰ ওপৰত মৰ্যাদা প্ৰদান কৰিছে। নিশ্চয় তোমাৰ প্ৰতিপালক দ্ৰুত শাস্তি প্ৰদানকাৰী আৰু নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।
A'raf 7:1
আলিফ-লাম-মীম-চাদ। [1]
———
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
A'raf 7:2
এইখন কিতাব তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে, যাতে এই সম্পৰ্কে তোমাৰ মনত কোনো সংকীৰ্ণতা নাথাকে, লগতে যাতে তুমি ইয়াৰ দ্বাৰা (মানুহক) সতৰ্ক কৰিব পাৰা। মুমিনসকলৰ বাবে এইখন হৈছে উপদেশ।
A'raf 7:3
তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ যি অৱতীৰ্ণ কৰা হৈছে, তোমালোকে তাৰ অনুসৰণ কৰা আৰু তেওঁৰ বাহিৰে আন কাকো অভিভাৱকৰূপে অনুসৰণ নকৰিবা। তোমালোকে খুব কমেই উপদেশ গ্ৰহণ কৰা।
A'raf 7:4
আৰু এনেকুৱা বহুতো জনবসতি আমি ধ্বংস কৰিছোঁ। সিহঁতৰ ওপৰত আমাৰ শাস্তি আপতিত হৈছিল কেতিয়াবা ৰাতিত অথবা দিনদুপুৰতে, যেতিয়া সিহঁত বিশ্ৰামৰত অৱস্থাত আছিল।
A'raf 7:5
এতেকে যেতিয়া আমাৰ শাস্তি সিহঁতৰ ওপৰত আপতিত হৈছিল, তেতিয়া সিহঁতৰ কথা কেৱল এইটোৱে আছিল যে, সিহঁতে কৈছিল, ‘নিশ্চয় আমি যালিম আছিলোঁ’।
A'raf 7:6
এতেকে যিসকলৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰা হৈছিল নিশ্চয় আমি সিহঁতক সোধ-পোচ কৰিম আৰু ৰাছুল সকলোকো প্ৰশ্ন কৰিম।
A'raf 7:7
তাৰ পিছত নিশ্চয় আমি সিহঁতৰ ওচৰত পূৰ্ণ জ্ঞানৰ সৈতে সিহঁতৰ কৰ্মসমূহ বিবৃত কৰিম, (জানি থোৱা) আমি অনুপস্থিত নাছিলোঁ।
A'raf 7:8
আৰু সেই দিনা পৰিমাপ হ’ব যথাযথভাৱে। এতেকে যিসকলৰ তুলাচনী গধুৰ হ’ব তেওঁলোকেই সফলতা অৰ্জন কৰিব।
A'raf 7:9
আনহাতে যিসকলৰ তুলাচনী পাতল হ’ব, সিহঁতেই হৈছে সেইসকল লোক, যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে, যিহেতু সিহঁতে আমাৰ আয়াতসমূহৰ প্ৰতি অন্যায় কৰিছিল।
A'raf 7:10
নিশ্চয় আমিয়েই তোমালোকক পৃথিৱীত প্ৰতিষ্ঠিত কৰিছোঁ আৰু তাত তোমালোকৰ বাবে জীৱিকাৰ ব্যৱস্থাও কৰি দিছোঁ; (তথাপিও) তোমালোকে খুবেই কম কৃতজ্ঞতা জ্ঞাপন কৰা।
A'raf 7:11
নিশ্চয় আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ, তাৰ পিছত আমিয়েই তোমালোকক আকৃতি প্ৰদান কৰিছোঁ, তাৰ পিছত আমি ফিৰিস্তাসকলক কৈছিলোঁ, ‘আদমক ছাজদা কৰা’। ফলত ইবলীছৰ বাহিৰে সকলোৱে ছাজদা কৰিছিল, সি ছাজদাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’ল।
A'raf 7:12
তেওঁ ক’লে, ‘মই যেতিয়া তোমাক আদেশ দিলোঁ, তেতিয়া কিহে তোমাক বাধা দিলে যে, তুমি ছাজদা নকৰিলা’? সি ক’লে, ‘মই এওঁতকৈ (আদমতকৈ) শ্ৰেষ্ঠ, তুমি মোক জুয়েৰে সৃষ্টি কৰিছা আৰু তাক সৃষ্টি কৰিছা বোকা মাটিৰে’।
A'raf 7:13
তেওঁ ক’লে, ‘তেন্তে তুমি ইয়াৰ পৰা নামি যোৱা, ইয়াত থাকি তুমি অহংকাৰ কৰিবা এইটো কেতিয়াও হ’ব নোৱাৰে। এতেকে তুমি ওলাই যোৱা, নিশ্চয় তুমি লাঞ্ছিতবোৰৰ অন্তৰ্ভুক্ত’।
A'raf 7:14
সি ক’লে, ‘মোক তুমি সেই দিৱসলৈকে অৱকাশ দিয়া, যিদিনা সিহঁত পুনৰুত্থিত হ’ব’।
A'raf 7:15
তেওঁ ক’লে, ‘নিশ্চয় তুমি অৱকাশ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত’।
A'raf 7:16
সি ক’লে, ‘তুমি মোক যি কাৰণে পথভ্ৰষ্ট কৰিছা, মই সিহঁতৰ বাবে তোমাৰ সৰল পথত খাপ পাতি বহি থাকিম’।
A'raf 7:17
‘তাৰ পিছত নিশ্চয় মই সিহঁতৰ ওচৰলৈ আহিম সিহঁতৰ সন্মুখৰ পৰা আৰু সিহঁতৰ পিছফালৰ পৰা, সিহঁতৰ সোঁফালৰ পৰা আৰু সিহঁতৰ বাওঁফালৰ পৰা, আৰু তুমি সিহঁতৰ অধিকাংশকেই কৃতজ্ঞৰূপে নাপাবা’।
A'raf 7:18
তেওঁ ক’লে, ‘ইয়াৰ পৰা লাঞ্ছিত অপমানিত হৈ ওলাই যা, মানুহৰ মাজত যিয়ে তোৰ অনুসৰণ কৰিব, নিশ্চয় মই তহঁত আটায়েৰে জাহান্নাম পূৰণ কৰিম’।
A'raf 7:19
আৰু হে আদম! ‘তুমি আৰু তোমাৰ স্ত্ৰীয়ে জান্নাতত বসবাস কৰা, আৰু যি ঠাইৰ পৰা ইচ্ছা আহাৰ কৰা কিন্তু এই গছজোপাৰ ওচৰলৈকে নাযাবা, অন্যথা তোমালোক উভয়ে যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা’।
A'raf 7:20
তাৰ পিছত তেওঁলোকৰ লজ্জাস্থান, যিটোক তেওঁলোকৰ ওচৰত গোপন ৰখা হৈছিল সেইটোক তেওঁলোকৰ ওচৰত প্ৰকাশ কৰাৰ বাবে চয়তানে তেওঁলোকক কুমন্ত্ৰণা দিলে আৰু ক’লে, ‘তোমালোকৰ প্ৰতিপালকে তোমালোকক এই গছজোপাৰ পৰা এইকাৰণেই নিষেধ কৰিছে যে, (এই গছজোপাৰ ফল খালে) তোমালোক উভয়ে ফিৰিস্তা হৈ যাবা অথবা তোমালোক স্থায়ীসকলৰ অন্তৰ্ভুক্ত হৈ যাবা’।
A'raf 7:21
আৰু তেওঁলোক উভয়ৰে ওচৰত সি শপত খাই ক’লে, ‘নিশ্চয় মই তোমালোকৰ শুভাকাংক্ষীসকলৰ এজন’।
A'raf 7:22
ফলত সি তেওঁলোকক প্ৰবঞ্চনাৰ দ্বাৰা পদস্খলিত কৰিলে। ইয়াৰ পিছত যেতিয়া তেওঁলোকে সেই গছজোপাৰ ফল খালে, তেতিয়া তেওঁলোকৰ লজ্জাস্থান তেওঁলোকৰ ওচৰত দৃশ্যমান হৈ পৰিল, আৰু তেওঁলোকে জান্নাতৰ পাতেৰে নিজকে আবৃত কৰিবলৈ ধৰিলে। তেতিয়া তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক মাতি ক’লে, ‘মই তোমালোকক এই গছজোপাৰ পৰা নিষেধ কৰা নাছিলোঁনে? আৰু মই তোমালোকক কোৱা নাছিলোঁনে যে, নিশ্চয় চয়তান হৈছে তোমালোক দুয়োৰে প্ৰকাশ্য শত্ৰু?
A'raf 7:23
তেওঁলোকে ক’লে, ‘হে আমাৰ প্ৰতিপালক! আমি নিজৰে প্ৰতি অন্যায় কৰিছোঁ, আৰু যদি তুমি আমাক ক্ষমা কৰি নিদিয়া আৰু আমাৰ প্ৰতি দয়া নকৰা, তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ম’।
A'raf 7:24
তেওঁ ক’লে, ‘তোমালোকে নামি যোৱা, তোমালোকে ইজনে সিজনৰ শত্ৰু আৰু পৃথিৱীত আছে তোমালোকৰ বাবে ক্ষণস্থায়ী বসবাস আৰু জীৱিকা’।
A'raf 7:25
তেওঁ ক’লে, ‘তোমালোকে তাতেই জীৱন-যাপন কৰিবা আৰু তাতেই তোমালোক মৃত্যুবৰণ কৰিবা, আৰু তাৰ পৰাই তোমালোকক উলিয়াই আনা হ’ব’।
A'raf 7:26
হে আদম সন্তান! নিশ্চয় মই তোমালোকৰ বাবে পোছাক অৱতীৰ্ণ কৰিছোঁ, তোমালোকৰ লজ্জাস্থান আবৃত কৰাৰ বাবে আৰু সৌন্দৰ্যৰ বাবে। কিন্তু তাক্বৱাৰ পোছাকেই হৈছে সৰ্বোত্তম। এইটো আল্লাহৰ নিদৰ্শনসমূহৰ অন্যতম, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
A'raf 7:27
হে আদম সন্তান! চয়তানে যেন তোমালোকক কোনো মতেই প্ৰলুব্ধ কৰিব নোৱাৰে—যিদৰে সি তোমালোকৰ পিতৃ-মাতৃক (প্ৰলুব্ধ কৰি) জান্নাতৰ পৰা উলিয়াইছিল, সি তেওঁলোকক তেওঁলোকৰ লজ্জাস্থান দেখুৱাৰ বাবে বিবস্ত্ৰ কৰিছিল। নিশ্চয় সি নিজে আৰু তাৰ দলে তোমালোকক দেখা পায় কিন্তু তোমালোকে সিহঁতক দেখিব নোৱাৰা। নিশ্চয় আমি চয়তানক সেইসকল লোকৰ অভিভাৱক কৰি দিছোঁ যিসকলে ঈমান পোষণ নকৰে।
A'raf 7:28
আৰু যেতিয়া সিহঁতে কোনো অশ্লীল আচৰণ কৰে তেতিয়া কয়, ‘আমি আমাৰ পূৰ্বপুৰুষসকলক এইদৰেই কৰা পাইছোঁ, আৰু আল্লাহেও আমাক এইটোৱেই কৰাৰ নিৰ্দেশ দিছে’। কোৱা, ‘আল্লাহে কেতিয়াও অশ্লীলতাৰ নিৰ্দেশ নিদিয়ে। তোমালোকে আল্লাহৰ বিষয়ে এনে কথা কোৱা নেকি যিটো তোমালোকে নাজানা’?
A'raf 7:29
কোৱা, ‘মোৰ প্ৰতিপালকে ন্যায় বিচাৰৰ নিৰ্দেশ দিছে’। আৰু তোমালোকে প্ৰত্যেক ছাজদাৰ সময়ত বা ইবাদতত তোমালোকৰ লক্ষ্য কেৱল আল্লাহকেই নিৰ্ধাৰণ কৰা আৰু তেওঁৰেই আনুগত্যত বিশুদ্ধচিত্ত হৈ একনিষ্ঠভাৱে তেওঁৰ ওচৰতেই প্ৰাৰ্থনা কৰা। তেওঁ তোমালোকক যেনেকৈ প্ৰথমবাৰ সৃষ্টি কৰিছে তোমালোকে সেইদৰেই উভতি আহিবা।
A'raf 7:30
এটা দলক তেওঁ হিদায়ত দিছে, আৰু সঙ্গত কাৰণতেই আন এটা দলৰ ওপৰত পথভ্ৰষ্টতা সাব্যস্ত হৈছে। নিশ্চয় সিহঁতে আল্লাহক এৰি চয়তানক সিহঁতৰ অভিভাৱক-ৰূপে গ্ৰহণ কৰিছিল আৰু ধাৰণা কৰিছিল যে সিহঁতেই হিদায়তপ্ৰাপ্ত।
A'raf 7:31
হে আদম সন্তান! প্ৰত্যেক ছালাতৰ সময়ত তোমালোকে সুন্দৰ পোছাক পৰিধান কৰা। পানাহাৰ কৰা কিন্তু অপচয় নকৰিবা। নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে।
A'raf 7:32
কোৱা, ‘আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে যিবোৰ শোভা-সৌন্দৰ্যৰ বস্তু আৰু বিশুদ্ধ জীৱিকা সৃষ্টি কৰিছে সেইবোৰক কোনে নিষিদ্ধ কৰিছে’? কোৱা, ‘পাৰ্থিৱ জীৱনত আৰু বিশেষকৈ ক্বিয়ামতৰ দিনা এইবোৰ হৈছে তেওঁলোকৰ বাবে, যিসকলে ঈমান আনিছে’। এইদৰে আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰোঁ।
A'raf 7:33
কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে প্ৰকাশ্য আৰু গোপন উভয় প্ৰকাৰ অশ্লীলতাক হাৰাম কৰিছে, আৰু (হাৰাম কৰিছে) পাপ আৰু অন্যায়ভাৱে সীমালংঘন আৰু কোনো বস্তুক আল্লাহৰ অংশীদাৰ স্থাপন কৰাক—যাৰ কোনো দলীল- প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই; আৰু আল্লাহ সম্পৰ্কে এনে কোনো কথা কোৱাটোও (হাৰাম) যিটো তোমালোকে নাজানা’।
A'raf 7:34
আৰু প্ৰত্যেক জাতিৰ বাবে এটা নিৰ্দিষ্ট সময় আছে। এতেকে যেতিয়া সিহঁতৰ নিৰ্দিষ্ট সময় আহি পৰিব তেতিয়া সিহঁতে এক পল সময় পলমো কৰিব নোৱাৰিব আৰু এটা মুহূৰ্ত আগুৱাইও আনিব নোৱাৰিব।
A'raf 7:35
হে আদম সন্তান! যেতিয়া তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই ৰাছুলসকল আহি আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিবৃত কৰিব, তেতিয়া যিসকলে তাক্বৱা অৱলম্বন কৰিব আৰু নিজকে সংশোধন কৰিব, তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু তেওঁলোক চিন্তিতও নহ’ব।
A'raf 7:36
আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু এই বিষয়ত অহংকাৰ কৰিছে, সিহঁতেই অগ্নিবাসী, তাত সিহঁত চিৰকাল থাকিব।
A'raf 7:37
এতেকে যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথবা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰে সেইজনতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? সিহঁতৰ ভাগ্যত লিখিত অংশ সিহঁতে পাবই। অৱশেষত যেতিয়া আমাৰ ফিৰিস্তাসকল সিহঁতৰ ওচৰলৈ সিহঁতৰ প্ৰাণ হৰণ কৰাৰ বাবে আহিব, তেতিয়া তেওঁলোকে সুধিব, ‘আল্লাহৰ বাহিৰে যিসকলক তোমালোকে আহ্বান কৰিছিলা সিহঁত এতিয়া ক’ত’? সিহঁতে ক’ব, ‘সিহঁত আমাৰ পৰা উধাও হৈছে’, আৰু সিহঁতে নিজেই নিজৰ বিপক্ষে সাক্ষী দিব যে, নিশ্চয় সিহঁত কাফিৰ আছিল।
A'raf 7:38
আল্লাহে ক’ব, ‘তোমালোকৰ পূৰ্বে যিসকল জ্বিন আৰু মানৱদল পাৰ হৈছে সিহঁতৰ সৈতে তোমালোকেও জুইত প্ৰৱেশ কৰা’। যেতিয়াই কোনো দল তাত প্ৰৱেশ কৰিব তেতিয়াই আন দলক সিহঁতে অভিসম্পাত কৰিব। অৱশেষত যেতিয়া সিহঁত সকলোৱে তাত একত্ৰিত হ’ব, তেতিয়া সিহঁতৰ পৰবৰ্তীসকলে পূৰ্বৱৰ্তীসকলৰ বিষয়ে ক’ব, ‘হে আমাৰ প্ৰতিপালক! ইহঁতেই আমাক বিভ্ৰান্ত কৰিছিল; গতিকে ইহঁতক তুমি দ্বিগুণ জুইৰ শাস্তি দিয়া’। আল্লাহে ক’ব, ‘প্ৰত্যেকৰে বাবে আছে দ্বিগুণ শাস্তি কিন্তু তোমালোকে নাজানা’।
A'raf 7:39
আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলে পৰবৰ্তীসকলক ক’ব, আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব নাই, গতিকে তোমালোকে যি অৰ্জন কৰিছিলা তাৰ বাবে এতিয়া শাস্তি ভোগ কৰা’।
A'raf 7:40
নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু এই বিষয়ত অহংকাৰ কৰিছে, সিহঁতৰ বাবে আকাশৰ দুৱাৰ খোলা নহ’ব আৰু সিহঁতে জান্নাততো প্ৰৱেশ কৰিব নোৱাৰিব যেতিয়ালৈকে উট বেজীৰ জলাৰে নোসোমাব। এইদৰেই আমি অপৰাধীসকলক প্ৰতিফল দিওঁ।
A'raf 7:41
সিহঁতৰ শয্যা হ’ব জাহান্নাম আৰু সিহঁতৰ ওপৰতো থাকিব জুইৰ আৱৰণ; আৰু এইদৰেই আমি যালিমসকলক প্ৰতিদান দিওঁ।
A'raf 7:42
আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আমি কাৰো ওপৰত তাৰ ক্ষমতাৰ অতিৰিক্ত বোজা অৰ্পন নকৰোঁ- তেওঁলোকেই জান্নাতবাসী, তাত তেওঁলোক স্থায়ী হ’ব।
A'raf 7:43
আৰু আমি তেওঁলোকৰ অন্তৰৰ পৰা ঈৰ্ষা দূৰ কৰিম, তেওঁলোকৰ তলত নদীসমূহ প্ৰবাহিত হ’ব। তেওঁলোকে ক’ব, ‘যাৱতীয় প্ৰশংসা আল্লাহৰ বাবে যিজনে আমাক এই পথৰ হিদায়ত কৰিছে। আল্লাহে আমাক হিদায়ত নকৰিলে, আমি কেতিয়াও হিদায়ত নাপালোঁহেঁতেন। নিশ্চয় আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে সত্য লৈ আহিছিল’। তেওঁলোকক সম্বোধন কৰি কোৱা হ’ব, ‘তোমালোকে যি কৰিছিলা তাৰ বাবেই তোমালোকক এই জান্নাতৰ উত্তৰাধিকাৰী কৰা হৈছে’।
A'raf 7:44
আৰু জান্নাতীসকলে জাহান্নামীসকলক সম্বোধন কৰি ক’ব, ‘আমাৰ প্ৰতিপালকে আমাৰ লগত যি প্ৰতিশ্ৰুতি কৰিছিল সেয়া আমি সঁচাকৈয়ে পাইছোঁ। কিন্তু তোমালোকৰ প্ৰতিপালকে তোমালোকক যি প্ৰতিশ্ৰুতি দিছিল সেয়া তোমালোকে সঁচাকৈয়ে পাইছানে? সিহঁতে ক’ব, ‘হয়’। তাৰ পিছত এজন ঘোষণাকাৰীয়ে সিহঁতৰ মাজত ঘোষণা কৰি ক’ব, ‘যালিমসকলৰ ওপৰত আল্লাহৰ লানত--
A'raf 7:45
‘যিসকলে আল্লাহৰ পথত (মানুহক) বাধা প্ৰদান কৰিছিল আৰু সেই পথত বক্ৰতা অনুসন্ধান কৰি ফুৰিছিল; আৰু সিহঁত আছিল আখিৰাতক অস্বীকাৰকাৰী’।
A'raf 7:46
আৰু সিহঁত উভয়ৰে মাজত থাকিব পৰ্দা, লগতে আ’ৰাফৰ মাজত থাকিব কিছুমান লোক, যিসকলে প্ৰত্যেককে তাৰ লক্ষণৰ দ্বাৰা চিনি পাব। তেওঁলোকে জান্নাতীসকলক সম্বোধন কৰি ক’ব, ‘ছালাম বৰ্ষিত হওক আপোনালোকৰ ওপৰত’। তেওঁলোক তেতিয়ালৈকে জান্নাতত প্ৰৱেশ কৰা নাই কিন্তু প্ৰৱেশৰ আকাংক্ষাত আছে।
A'raf 7:47
আৰু যেতিয়া তেওঁলোকৰ দৃষ্টি জাহান্নামীসকলৰ ফালে ঘূৰাই দিয়া হ’ব, তেতিয়া তেওঁলোকে ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমাক কেতিয়াও যালিম সম্প্ৰদায়ৰ সঙ্গী নকৰিবা’।
A'raf 7:48
আৰু আ’ৰাফৰ অধিবাসীসকলে এনেকুৱা কিছুমান লোকক মাতিব, যিসকলক তেওঁলোকে সিহঁতৰ লক্ষণৰ দ্বাৰা চিনি পাব। তেওঁলোকে ক’ব, ‘তোমালোকৰ দল আৰু তোমালোকৰ অহংকাৰ কোনো কামত নাহিল’।
A'raf 7:49
চোৱাচোন! এওঁলোকেই সেইসকল লোকনে? যিসকলৰ বিষয়ে তোমালোকে শপত খাই কৈছিলা যে, ‘আল্লাহে তেওঁলোকক ৰহমত নকৰিব’; (এওঁলোককেই কোৱা হ’ব) ‘তোমালোকে জান্নাতত প্ৰৱেশ কৰা, তোমালোকৰ কোনো ভয় নাই আৰু তোমালোকে চিন্তিতও নহ’বা’।
A'raf 7:50
জাহান্নামীসকলে জান্নাতীসকলক সম্বোধন কৰি ক’ব, ‘আমাৰ ওপৰত অকণমান পানী ঢালি দিয়া, নাইবা আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা অলপ দিয়া’। তেওঁলোকে ক’ব, ‘নিশ্চয় আল্লাহে কাফিৰসকলৰ বাবে এই দুটা হাৰাম কৰিছে’।
A'raf 7:51
যিসকলে নিজৰ ধৰ্মক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছিল, আৰু পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছিল। এতেকে আজি আমি সিহঁতক (জাহান্নামত) এৰি দিম, যেনেকৈ সিহঁতে সিহঁতৰ এই দিৱসৰ সাক্ষাতৰ বাবে আমল কৰা এৰি দিছিল, আৰু (যেনেকৈ) সিহঁতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল।
A'raf 7:52
নিশ্চয় আমি সিহঁতৰ ওচৰলৈ এনেকুৱা এখন কিতাব আনিছোঁ, যিখনক আমি জ্ঞানৰ দ্বাৰা বিশদভাৱে ব্যাখ্যা কৰিছোঁ, আৰু সেইখন হৈছে মুমিন সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ।
A'raf 7:53
সিহঁতে কেৱল সেই পৰিণামৰ (সংবাদ-সত্যতা বা কিয়ামতৰ) অপেক্ষাত আছে নেকি? যিদিনাখন সেই পৰিণাম প্ৰকাশ পাব, সেইদিনা যিসকলে আগতে ইয়াৰ কথা পাহৰি গৈছিল, সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে সত্য বাণী লৈ আহিছিল, আমাৰ বাবে এনে কোনো চুপাৰিছকাৰী আছে নেকি যিয়ে আমাৰ বাবে চুপাৰিছ কৰিব অথবা আমাক আকৌ উভতি যোৱাৰ অৱকাশ দিয়া হ’বনে—যাতে আমি আগতে যি কৰিছোঁ তাতকৈ বেলেগ কিবা কৰিব পাৰোঁ’? নিশ্চয় সিহঁতে নিজেই নিজৰ ক্ষতি সাধন কৰিছে আৰু সিহঁতে যি মিছা ৰচনা কৰিছিল, সেয়া সিহঁতৰ পৰা বিলুপ্ত হৈ গৈছে।
A'raf 7:54
নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেৱেঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে। সেইবোৰৰ এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। (লগতে তেৱেঁই সৃষ্টি কৰিছে) সূৰ্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহক, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি থোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। বিশ্বজগতৰ প্ৰতিপালক আল্লাহ মহা বৰকতময়!
A'raf 7:55
তোমালোকে বিনীতভাৱে আৰু গোপনে নিজ প্ৰতিপালকক আহ্বান কৰা; নিশ্চয় তেওঁ সীমালংঘনকাৰীসকলক পছন্দ নকৰে।
A'raf 7:56
আৰু পৃথিৱীত শান্তি স্থাপনৰ পিছত তোমালোকে তাত বিপৰ্যয় সৃষ্টি নকৰিবা; আৰু আল্লাহক ভয় আৰু আশাৰ সৈতে প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহৰ অনুগ্ৰহ সৎকৰ্মশীলসকলৰ অতি নিকটৱৰ্তী।
A'raf 7:57
আৰু তেৱেঁই সেই সত্ত্বা, যিজনে তেওঁৰ ৰহমতৰ (বৰষুণৰ) আগত বতাহক সুসংবাদৰূপে প্ৰবাহিত কৰে, অৱশেষত যেতিয়া সেই বতাহে গধুৰ মেঘ বহন কৰি লৈ আহে, তেতিয়া আমি সেইটোক মৃত জনপদ (মৃত ভূ-খণ্ড)ৰ ফালে প্ৰেৰিত কৰোঁ, তাৰ পিছত আমি তাৰ পৰাই পানী বৰ্ষণ কৰোঁ, আৰু তাৰ দ্বাৰাই আমি বিভিন্ন ধৰণৰ ফলমূল উৎপাদন কৰোঁ। এইদৰেই আমি মৃতসকলক জীৱিত কৰোঁ, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰিব পাৰা।
A'raf 7:58
আৰু উৎকৃষ্ট ভূমি- ইয়াৰ ফচল তাৰ প্ৰতিপালকৰ আদেশত উৎপন্ন হয়। আনহাতে যিটো নিকৃষ্ট, তাত কঠোৰ পৰিশ্ৰম নকৰালৈকে একোৱে নজন্মে। এইদৰে আমি কৃতজ্ঞ সম্প্ৰদায়ৰ বাবে নিদৰ্শনসমূহ বিভিন্নভাৱে বিৱৰণ কৰোঁ।
A'raf 7:59
নিশ্চয় আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। তাৰ পিছত তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো (সত্য) ইলাহ নাই। নিশ্চয় মই তোমালোকৰ ওপৰত মহাদিৱসৰ শাস্তিৰ আশংকা কৰি আছোঁ’।
A'raf 7:60
তেওঁৰ সম্প্ৰদায়ৰ প্ৰধানসকলে কৈছিল, ‘আমি তোমাক স্পষ্ট ভ্ৰষ্টতাৰ মাজত নিপতিত দেখি আছোঁ’।
A'raf 7:61
তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! মোৰ মাজত কোনো ভ্ৰষ্টতা নাই, বৰং মই হৈছোঁ বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (প্ৰেৰিত) এজন ৰাছুলহে’।
A'raf 7:62
‘মই মোৰ প্ৰতিপালকৰ ৰিছালত (যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে সেয়া) তোমালোকক পৌঁচাই আছোঁ, লগতে মই তোমালোকৰ কল্যাণ কামনা কৰোঁ, আৰু তোমালোকে যিবোৰ নাজানা সেয়া মই আল্লাহৰ পৰা জানো’।
A'raf 7:63
তোমালোকে আশ্চৰ্যবোধ কৰি আছা নেকি যে, তোমালোকৰেই এজনৰ মাধ্যমত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ উপদেশ আহিছে, যাতে তেওঁ তোমালোকক সতৰ্ক কৰিব পাৰে আৰু তোমালোকে তাক্বৱা অৱলম্বন কৰিব পাৰা আৰু যাতে তোমালোকে ৰহমতপ্ৰাপ্ত হোৱা?
A'raf 7:64
তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল। ফলত তেওঁক আৰু তেওঁৰ সৈতে যিসকলে নাৱঁত আৰোহণ কৰিছিল আমি তেওঁলোকক উদ্ধাৰ কৰিছিলোঁ আৰু যিসকলে আমাৰ আয়াতসমূহক মিছা প্ৰতিপন্ন কৰিছিল সিহঁতক আমি ডুবাই মাৰিছিলোঁ। নিশ্চয় সিহঁত আছিল এটা অন্ধ সম্প্ৰদায়।
A'raf 7:65
আৰু ‘আদ জাতিৰ ওচৰলৈ সিহঁতৰ ভাই হূদক প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। (তথাপিও) তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
A'raf 7:66
তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতৃবৃন্দই কৈছিল, ‘আমাৰ দৃষ্টিত তুমি হৈছা এজন নিৰ্বোধ মানুহ আৰু আমি তোমাক মিছলীয়াসকলৰ অন্তৰ্ভুক্ত বুলি গণ্য কৰোঁ’।
A'raf 7:67
তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! মোৰ মাজত কোনো নিৰ্বুদ্ধিতা নাই, বৰং মই হৈছোঁ বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা (প্ৰেৰিত) এজন ৰাছুল’।
A'raf 7:68
‘মই মোৰ প্ৰতিপালকৰ ৰিছালত (যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে সেয়া) তোমালোকৰ ওচৰলৈ পৌঁচাই আছোঁ, লগতে মই হৈছোঁ তোমালোকৰ এজন বিশ্বস্ত হিতাকাংক্ষী।
A'raf 7:69
‘তোমালোকে বিস্মিত হৈছা নেকি যে, তোমালোকৰ ওচৰলৈ তোমালোকৰেই এজনৰ মাধ্যমত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকক সতৰ্ক কৰাৰ বাবে উপদেশ আহিছে? আৰু স্মৰণ কৰা যে, আল্লাহে তোমালোকক নূহৰ সম্প্ৰদায়ৰ (ধ্বংসৰ) পিছত (তোমালোকৰ আগৰ লোকসকলৰ) স্থলাভিষিক্ত কৰিছে আৰু সৃষ্টিত (দৈহিক গঠনত) তোমালোকক বেছি পৰিমাণে হৃষ্টপুষ্ট- বলিষ্ঠ কৰিছে। গতিকে তোমালোকে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা, যাতে তোমালোকে সফল হ’ব পাৰা’।
A'raf 7:70
সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰলৈ এই উদ্দেশ্যত আহিছা নেকি যে, আমি যাতে কেৱল এক আল্লাহৰ ইবাদত কৰোঁ আৰু আমাৰ পিতৃপুৰুষসকলে যিবোৰৰ ইবাদত কৰিছিল সেইবোৰক এৰি দিওঁ? গতিকে যদি তুমি সত্যবাদী হোৱা তেন্তে সেই (শাস্তি)টো লৈ আহা যিটোৰ পৰা তুমি আমাক ভয় দেখুৱাই আছা’।
A'raf 7:71
তেওঁ ক’লে, ‘তোমালোকৰ প্ৰতিপালকৰ শাস্তি আৰু ক্ৰোধ তোমালোকৰ ওপৰত নিৰ্ধাৰিত হৈয়ে আছে; কিন্তু তোমালোকে মোৰ লগত বিতৰ্কত লিপ্ত হ’ব বিচৰা নেকি এনেকুৱা কিছুমান নামকলৈ যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে ৰাখিছা, যি বিষয়ে আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই? গতিকে তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছোঁ।
A'raf 7:72
তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ সঙ্গীসকলক আমাৰ অনুগ্ৰহত উদ্ধাৰ কৰিছিলোঁ; আৰু আমাৰ আয়াতসমূহক যিসকলে অস্বীকাৰ কৰিছিল আৰু যিসকলে মুমিন নাছিল সিহঁতক নিৰ্মূল কৰিছিলোঁ।
A'raf 7:73
আৰু ছামূদ জাতিৰ ওচৰলৈ সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। নিশ্চয় তোমালোকৰ ওচৰলৈ তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট নিদৰ্শন আহি পৰিছে। এইজনী আল্লাহৰ উট, তোমালোকৰ বাবে এটা নিদৰ্শন। এতেকে তোমালোকে ইয়াক আল্লাহৰ পৃথিৱীত চৰি ফুৰি খাবলৈ দিয়া আৰু তাইক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা যন্ত্ৰণাদায়ক শাস্তিয়ে তোমালোকক আগুৰি ধৰিব’।
A'raf 7:74
‘আৰু স্মৰণ কৰা, আদ জাতিৰ (ধ্বংসৰ) পিছত তেৱেঁই তোমালোকক (তোমালোকৰ আগৰ লোকসকলৰ ঠাইত) স্থলাভিষিক্ত কৰিছে, আৰু তেৱেঁই তোমালোকক পৃথিৱীত এনেকৈ প্ৰতিষ্ঠিত কৰিছে যে, তোমালোকে সমতল ভূমিত প্ৰাসাদ নিৰ্মাণ কৰিব পাৰা আৰু পাহাৰ কাটি বাসগৃহ তৈয়াৰ কৰিব পাৰা। গতিকে তোমালোকে আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।
A'raf 7:75
তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে সেই সম্প্ৰদায়ৰ যিসকলে ঈমান আনিছিল- যিসকলক দুৰ্বল বুলি ভৱা হৈছিল তেওঁলোকক ক’লে, ‘তোমালোকে জানানে যে, ছলেহ তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত? তেওঁলোকে (উত্তৰত) ক’লে, ‘নিশ্চয় তেওঁ যি লৈ প্ৰেৰিত হৈছে, আমি তাৰ ওপৰত বিশ্বাসী’।
A'raf 7:76
অহংকাৰীসকলে ক’লে, ‘নিশ্চয় তোমালোকে যিবোৰ বিশ্বাস কৰিছা আমি সেইবোৰ অবিশ্বাস কৰোঁ’।
A'raf 7:77
তাৰ পিছত সিহঁতে সেই উটজনীক হত্যা কৰিলে আৰু আল্লাহৰ আদেশ অমান্য কৰিলে আৰু ক’লে, ‘হে ছলেহ! যদি তুমি (সঁচাই) ৰাছুলসকলৰ অন্তৰ্ভুক্ত তেন্তে তুমি আমাক যিটোৰ ভয় দেখুৱাইছা সেয়া লৈ আহা’।
A'raf 7:78
তাৰ পিছত ভূমিকম্পই সিহঁতক কৰায়ত্ব কৰিলে, ফলত সিহঁতে নিজ নিজ ঘৰতে উবুৰি খাই পৰি (মৰি) থাকিল।
A'raf 7:79
ইয়াৰ পিছত তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই লৈ ক’লে, ‘হে মোৰ সম্প্ৰদায়! মই মোৰ প্ৰতিপালকৰ ৰিছালত (যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে সেয়া) তোমালোকৰ ওচৰলৈ পৌঁচাই দিছিলোঁ আৰু তোমালোকৰ কল্যাণ কামনা কৰিছিলোঁ, কিন্তু তোমালোকেহে কল্যানকামীসকলক পছন্দ নকৰা’।
A'raf 7:80
আৰু (আমিয়েই) লূতক প্ৰেৰণ কৰিছিলোঁ। তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে এনেকুৱা জঘন্য অশ্লীল কাম কৰি আছানে? যিটো তোমালোকৰ পূৰ্বে সৃষ্টিজগতৰ কোনেও কৰা নাই’।
A'raf 7:81
‘নিশ্চয় তোমালোকে যৌন কামনা-তৃপ্তিৰ বাবে নাৰীসকলৰ পৰিবৰ্তে পুৰুষসকলৰ ওচৰলৈ যোৱা, বৰং তোমালোক হৈছা সীমালংঘনকাৰী সম্প্ৰদায়’।
A'raf 7:82
উত্তৰত তেওঁৰ সম্প্ৰদায়ে কেৱল এই বুলি ক’লে, ‘এওঁলোকক তোমালোকৰ জনপদৰ পৰা উলিয়াই দিয়া, নিশ্চয় এওঁলোক হৈছে এনেকুৱা লোক, যিসকলে অতি পৱিত্ৰ হ’ব বিচাৰে’।
A'raf 7:83
তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক উদ্ধাৰ কৰিছিলোঁ কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, তাই আছিল পিছত অৱস্থানকাৰীসকলৰ অন্তৰ্ভুক্ত।
A'raf 7:84
আৰু আমি সিহঁতৰ ওপৰত প্ৰবল ধাৰাষাৰ বৰষুণ বৰ্ষাইছিলোঁ। এতেকে চোৱা, অপৰাধীসকলৰ পৰিণাম কেনেকুৱা আছিল।
A'raf 7:85
আৰু মাদইয়ানবাসীসকলৰ ওচৰলৈ সিহঁতৰ ভাতৃ শ্বুআইবক (প্ৰেৰণ কৰিছিলোঁ)। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো (সত্য) ইলাহ নাই। নিশ্চয় তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণ আহি পাইছে। গতিকে তোমালোকে জোখ-মাপত ওজন পৰিপূৰ্ণৰূপে প্ৰদান কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা, লগতে পৃথিৱীত শান্তি স্থাপনৰ পিছত বিপৰ্যয় সৃষ্টি নকৰিবা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে মুমিন হোৱা’।
A'raf 7:86
‘লগতে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে তেওঁলোকক ভয় দেখুৱাবলৈ আৰু আল্লাহৰ পথত তেওঁলোকক বাধা প্ৰদান কৰিবলৈ তথা তাত বক্ৰতা (দোষ-ত্ৰুটি) অনুসন্ধান কৰিবলৈ তোমালোকে প্ৰতিটো পথত বহি নাথাকিবা। স্মৰণ কৰা, তোমালোকে যেতিয়া সংখ্যাত কম আছিলা, তেতিয়া তেৱেঁই তোমালোকৰ সংখ্যা বৃদ্ধি কৰিছিল। লগতে লক্ষ্য কৰি চোৱাচোন, বিপৰ্যয় সৃষ্টিকাৰীসকলৰ পৰিণাম কেনেকুৱা আছিল’।
A'raf 7:87
মই যি লৈ প্ৰেৰিত হৈছোঁ তাত যদি তোমালোকৰ কোনো এটা দলে ঈমান পোষণ কৰে আৰু আনটো দলে ঈমান পোষণ নকৰে, তেন্তে আল্লাহে আমাৰ মাজত ফয়চালা নকৰালৈকে ধৈৰ্য্য ধাৰণ কৰা, আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী।
A'raf 7:88
তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে ক’লে, ‘হে শ্বুআইব! নিশ্চয় আমি তোমাক আৰু তোমাৰ লগত যিসকলে ঈমান আনিছে সিহঁতক আমাৰ জনপদৰ পৰা উলিয়াই দিম নাইবা তোমালোকে আমাৰ ধৰ্মলৈ ধৰ্মান্তৰিত হ’বই লাগিব’। তেওঁ ক’লে, ‘যদিও আমি সেইটোক ঘৃণা কৰোঁ তথাপিও (বাধ্য কৰাবানে)’?
A'raf 7:89
‘তোমালোকৰ ধৰ্মাদৰ্শৰ পৰা আল্লাহে আমাক উদ্ধাৰ কৰাৰ পিছত, যদি আমি তাত আকৌ উভতি যাওঁ তেন্তে আমি আল্লাহৰ ওপৰত মিছা কথা আৰোপ কৰা হ’ব। আমাৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰিলে তাত উভতি যোৱা আমাৰ বাবে সমীচীন নহয়। আমাৰ প্ৰতিপালকে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিব্যপ্ত কৰি আছে, আমি আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰোঁ। হে আমাৰ প্ৰতিপালক! আমাৰ আৰু আমাৰ সম্প্ৰদায়ৰ মাজত ন্যায়ভাৱে ফয়চালা কৰি দিয়া আৰু তুমিয়েই শ্ৰেষ্ঠ ফয়চালাকাৰী’।
A'raf 7:90
আৰু তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘তোমালোকে যদি শ্বুআইবক অনুসৰণ কৰা তেন্তে নিশ্চয় তোমালোকে ক্ষতিগ্ৰস্ত হ’বা’।
A'raf 7:91
তাৰ পিছত ভূমিকম্পই সিহঁতক আক্ৰান্ত কৰিলে, ফলত সিহঁতে নিজ নিজ ঘৰতে উবুৰি খাই পৰি (মৰি) থাকিল।
A'raf 7:92
শ্বুআইবক যিসকলে মিছলীয়া বুলি কৈছিল, এনে লাগিল যেনিবা সিহঁতে তাত বসবাসেই কৰা নাছিল। শ্বুআইবক যিসকলে মিছলীয়া বুলি কৈছিল সিহঁতেই ক্ষতিগ্ৰস্ত হৈছিল।
A'raf 7:93
তাৰ পিছত তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই ল’লে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! মোৰ প্ৰতিপালকৰ ৰিছালত (প্ৰাপ্ত বাণী) মই তোমালোকৰ ওচৰলৈ পৌঁচাই দিছোঁ আৰু তোমালোকৰ কল্যাণ কামনা কৰিছোঁ। এতেকে মই কাফিৰ সম্প্ৰদায়ৰ বাবে কেনেকৈ আক্ষেপ কৰিম’!
A'raf 7:94
আৰু আমি যি ঠাইতেই নবী প্ৰেৰণ কৰিছোঁ সেই ঠাইৰ অধিবাসীসকলক অৰ্থ-সংকট আৰু দুখ-কষ্টৰ দ্বাৰা আক্ৰান্ত কৰিছোঁ, যাতে সিহঁতে কাকূতি-মিনতি কৰে।
A'raf 7:95
তাৰ পিছত আমি (সিহঁতৰ) বেয়া অৱস্থাক ভাল অৱস্থাৰে পৰিবৰ্তন কৰি দিওঁ। অৱশেষত সিহঁতে প্ৰাচুৰ্যৰ অধিকাৰী হয় আৰু কয়, ‘আমাৰ পূৰ্বপুৰুষসকলেও সুখ-দুখ ভোগ কৰিছে’। তাৰ পিছত আমি হঠাৎ সিহঁতক এনেকৈ ধৰি পেলাওঁ যে, সিহঁতে উপলব্ধিও কৰিব নোৱাৰে।
A'raf 7:96
আৰু যদি সেইবোৰ জনপদৰ অধিবাসীসকলে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন তেন্তে নিশ্চয় আমি সিহঁতৰ বাবে আকাশ আৰু পৃথিৱীৰ বৰকতসমূহ উন্মুক্ত কৰি দিলোঁহেঁতেন, কিন্তু সিহঁতে মিছা প্ৰতিপন্ন কৰিছিল; সেয়ে আমি সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতক কৰায়ত্ব কৰিছোঁ।
A'raf 7:97
জনপদৰ অধিবাসীবিলাকে ৰাতিৰ ভাগত সিহঁতৰ ওচৰলৈ আমাৰ শাস্তি নাহিব বুলি নিৰাপদ হৈছে নেকি, যেতিয়া সিহঁত টোপনিত থাকিব?
A'raf 7:98
নে জনপদৰ অধিবাসীবিলাকে দিনৰ ভগত আমাৰ শাস্তি নাহিব বুলি নিশ্চিন্ত হৈছে, যেতিয়া সিহঁতে খেল-ধেমালিত মগ্ন থাকিব?
A'raf 7:99
সিহঁতে আল্লাহৰ কৌশলৰ পৰাও নিৰাপদ হৈছেনে? প্ৰকৃততে ক্ষতিগ্ৰস্ত সম্প্ৰদায়ৰ বাহিৰে কোনেও আল্লাহৰ কৌশলৰ পৰা (নিজকে) নিৰাপদ বুলি নাভাৱে।
A'raf 7:100
কোনো দেশৰ জনগণৰ (ধ্বংসৰ) পিছত যিসকলে সেই দেশৰ উত্তৰাধিকাৰী হয় সিহঁতৰ ওচৰত এইটো প্ৰতীয়মান হোৱা নাইনে যে, আমি ইচ্ছা কৰিলে সিহঁতৰ পাপকৰ্মৰ ফলত সিহঁতক শাস্তি দিব পাৰোঁ? আৰু আমি সিহঁতৰ হৃদয়ত মোহৰ মাৰি দিম, ফলত সিহঁতে একো শুনা নাপাব।
A'raf 7:101
সেইবোৰ জনপদৰ কিছু বিৱৰণ আমি তোমাৰ ওচৰত বৰ্ণনা কৰি আছোঁ, সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণসহ আহিছিল; কিন্তু পূৰ্বে সিহঁতে যিটোক মিছা বুলি অগ্ৰাহ্য কৰিছিল সেইটোক দুনাই বিশ্বাস কৰিবলৈ সিহঁতে মান্তি নহয়। এইদৰেই আল্লাহে কাফিৰসকলৰ অন্তৰত মোহৰ মাৰি দিয়ে।
A'raf 7:102
আৰু আমি সিহঁতৰ অধিকাংশকেই প্ৰতিশ্ৰুতি ৰক্ষাকাৰী পোৱা নাই, বৰং আমি সিহঁতৰ অধিকাংশকেই ফাছিক্ব পাইছোঁ।
A'raf 7:103
সিহঁতৰ পিছত আমি মুছাক আমাৰ নিদৰ্শনসহ ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ; কিন্তু সিহঁতে সেইবোৰৰ লগত অত্যাচাৰ কৰিছিল। এতেকে বিপৰ্যয় সৃষ্টিকাৰীসকলৰ কি পৰিণাম হৈছিল সেয়া লক্ষ্য কৰি চোৱা।
A'raf 7:104
মুছাই ক’লে, ‘হে ফিৰআউন! নিশ্চয় মই হৈছোঁ বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত এজন ৰাছুল’।
A'raf 7:105
‘এইটো স্থিৰ নিশ্চিত যে, মই আল্লাহ সম্বন্ধে সত্যৰ বাহিৰে একো নকওঁ। তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট নিদৰ্শন লৈ মই তোমালোকৰ ওচৰলৈ আহিছোঁ, সেয়ে বনী ইছৰাঈলক তুমি মোৰ লগত যাবলৈ দিয়া’।
A'raf 7:106
সি (ফিৰআউনে) ক’লে, ‘যদি তুমি কোনো নিদৰ্শন লৈ আহিছা, তেন্তে সেয়া উপস্থাপন কৰা, যদিহে তুমি সত্যবাদী’।
A'raf 7:107
তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেয়া এডাল অজগৰ সাপত পৰিণত হ’ল।
A'raf 7:108
আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ দৃষ্টিত শুভ্ৰ উজ্জ্বল দেখা গ’ল।
A'raf 7:109
ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’,
A'raf 7:110
‘এওঁ তোমালোকক নিজ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে, এতিয়া তোমালোকে কি পৰামৰ্শ দিয়া’?
A'raf 7:111
সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক অলপ অৱকাশ দিয়ক, আৰু চহৰে-নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক’,
A'raf 7:112
‘যাতে সিহঁতে আপোনাৰ ওচৰলৈ প্ৰতিজন সুদক্ষ যাদুকৰক উপস্থিত কৰে’।
A'raf 7:113
যাদুকৰসকলে ফিৰআউনৰ ওচৰত আহি ক’লে, ‘আমি যদি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰস্কাৰ থাকিব নে নাই’?
A'raf 7:114
সি ক’লে, ‘হয়, নিশ্চয় তোমালোক মোৰ ঘনিষ্টসকলৰ অন্তৰ্ভুক্ত হ’বা’।
A'raf 7:115
সিহঁতে ক’লে, ‘হে মুছা! তুমি (আগতে) নিক্ষেপ কৰিবা নে আমি (আগতে) নিক্ষেপ কৰিম’?
A'raf 7:116
তেওঁ (মুছাই) ক’লে, ‘তোমালোকেই (আগতে) নিক্ষেপ কৰা’। যেতিয়া সিহঁতে নিক্ষেপ কৰিলে, তেতিয়া সিহঁতে মানুহৰ চকুত যাদু কৰিলে, সিহঁতক আতংকিত কৰিলে আৰু এটা ডাঙৰ যাদু প্ৰদৰ্শন কৰিলে।
A'raf 7:117
আৰু আমি মুছাৰ প্ৰতি অহী কৰিলোঁ যে, ‘তুমিও তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। লগে লগে সেই লাখুটিডালে (অজগৰ সাপত পৰিণত হৈ) সিহঁতে যি অলীক বস্তু বনাইছিল সেইবোৰক গিলি পেলাবলৈ ধৰিলে;
A'raf 7:118
ফলত সত্য প্ৰতিষ্ঠিত হ’ল আৰু সিহঁতে যি কৰিছিল সেয়া বাতিল বুলি প্ৰতিপন্ন হ’ল।
A'raf 7:119
এতেকে সিহঁতে তাত পৰাজিত হ’ল আৰু লাঞ্ছিত হৈ উভতি গ’ল,
A'raf 7:120
আৰু যাদুকৰবিলাক ছাজদাৱনত হ’ল।
A'raf 7:121
তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলোঁ বিশ্বজগতৰ প্ৰতিপালকৰ প্ৰতি’।
A'raf 7:122
‘মুছা আৰু হাৰুনৰ প্ৰতিপালকৰ প্ৰতি’।
A'raf 7:123
ফিৰআউনে ক’লে, ‘কি! মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে ইয়াৰ ওপৰত ঈমান আনিলা? নিশ্চয় এইটো এটা চক্ৰান্ত; তোমালোকে নগৰবাসীসকলক ইয়াৰ পৰা উলিয়াই দিয়াৰ বাবে এই চক্ৰান্ত কৰিছা। এতেকে তোমালোকে অতিশীঘ্ৰে ইয়াৰ পৰিণাম জানিব পাৰিবা’।
A'raf 7:124
‘নিশ্চয় মই তোমালোকৰ হাত-ভৰি বিপৰীত ফালৰ পৰা কাটি টুকুৰা-টুকুৰ কৰি দিম; তাৰ পিছত নিশ্চয় মই তোমালোক আটাইকে শূলত দিম’।
A'raf 7:125
তেওঁলোকে ক’লে, ‘নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ওচৰলৈকেহে উভতি যাম;
A'raf 7:126
‘আৰু তুমি আমাক শাস্তি দিবলৈ ওলাইছা কেৱল এইকাৰণে যে, আমি আমাৰ প্ৰতিপালকৰ নিদৰ্শনৰ ওপৰত ঈমান আনিছোঁ যেতিয়া সেয়া আমাৰ ওচৰলৈ আহি পাইছে। হে আমাৰ প্ৰতিপালক! আমাক পৰিপূৰ্ণৰূপে ধৈৰ্য্য দান কৰা, লগতে মুছলিমৰূপে আমাক মৃত্যু দান কৰা’।
A'raf 7:127
আৰু ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে ক’লে, ‘আপুনি মুছাক আৰু তেওঁৰ সম্প্ৰদায়ক পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবলৈ আৰু আপোনাক লগতে আপোনাৰ উপাস্যসমূহক বৰ্জন কৰিবলৈ এৰি দিব নেকি? সি ক’লে, ‘শীঘ্ৰেই আমি সিহঁতৰ পুত্ৰসকলক হত্যা কৰিম আৰু সিহঁতৰ নাৰীসকলক জীৱিত ৰাখিম। নিশ্চয় আমি সিহঁতৰ ওপৰত শক্তিধৰ’।
A'raf 7:128
মুছাই তেওঁৰ সম্প্ৰদায়ক ক’লে, ‘আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা আৰু ধৈৰ্য্য ধাৰণ কৰা; নিশ্চয় পৃথিৱী আল্লাহৰেই। তেৱেঁই নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে ইয়াৰ উত্তৰাধিকাৰী বনায়। আৰু শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবেই’।
A'raf 7:129
সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰলৈ অহাৰ আগতেও আমি নিৰ্যাতিত হৈছোঁ আৰু তুমি অহাৰ পিছতো’। তেওঁ ক’লে, ‘অতি সোনকালে তোমালোকৰ প্ৰতিপালকে তোমালোকৰ শত্ৰুক ধ্বংস কৰিব আৰু তেওঁ তোমালোকক পৃথিৱীত স্থলাভিষিক্ত কৰিব, তাৰ পিছত তোমালোকে কি কৰা সেয়া তেওঁ লক্ষ্য কৰিব’।
A'raf 7:130
আৰু নিশ্চয় আমি ফিৰআউনৰ অনুসাৰীসকলক দুৰ্ভিক্ষ আৰু ফচলৰ ক্ষতিৰ দ্বাৰা আক্ৰান্ত কৰিছিলোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
A'raf 7:131
এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ কোনো কল্যাণ আহিছিল, তেতিয়া সিহঁতে কৈছিল, ‘এইটো আমাৰ প্ৰাপ্য’। আনহাতে যেতিয়া কোনো অকল্যাণে স্পৰ্শ কৰিছিল তেতিয়া সিহঁতে মুছা আৰু তেওঁৰ সঙ্গীসকলক অমঙ্গল বুলি গণ্য কৰিছিল। সাৱধান! সিহঁতৰ অকল্যাণ কেৱল আল্লাহৰ নিয়ন্ত্ৰণাধীন, কিন্তু সিহঁতৰ বহুতেই সেয়া নাজানে।
A'raf 7:132
আৰু সিহঁতে কৈছিল, ‘আমাক যাদু কৰিবলৈ তুমি যিকোনো নিদৰ্শনেই আমাৰ ওচৰলৈ লৈ নাহা কিয়, আমি তোমাৰ ওপৰত কেতিয়াও বিশ্বাস স্থাপন নকৰোঁ’।
A'raf 7:133
তাৰ পিছত আমি সিহঁতৰ ওপৰত বিস্তাৰিত নিদৰ্শন হিচাপে প্লাৱন, কাকতি ফৰিং, ওকণি, ভেকুলী আৰু তেজ প্ৰেৰণ কৰিছিলোঁ। ইয়াৰ পিছতো সিহঁতে অহংকাৰ কৰিছিল; আৰু সিহঁত আছিল এটা অপৰাধী সম্প্ৰদায়।
A'raf 7:134
আৰু যেতিয়াই সিহঁতৰ ওপৰত শাস্তি আহিছিল তেতিয়াই সিহঁতে কৈছিল, ‘হে মুছা! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে প্ৰাৰ্থনা কৰা তোমাৰ লগত তেওঁ যি অঙ্গীকাৰ কৰিছে সেই অনুযায়ী; যদি তুমি আমাৰ পৰা শাস্তি দূৰ কৰি দিব পাৰা তেন্তে আমি নিশ্চয় তোমাৰ ওপৰত ঈমান আনিম আৰু নিশ্চয় বনী ইছৰাঈলক তোমাৰ লগত যাবলৈ দিম’।
A'raf 7:135
এতেকে যেতিয়াই আমি সিহঁতৰ পৰা এটা নিৰ্দিষ্ট সময়ৰ বাবে শাস্তি দূৰ কৰি দিছিলোঁ যিটো সিহঁতৰ বাবে নিৰ্ধাৰিত আছিল, তেতিয়াই সিহঁতে সিহঁতৰ অঙ্গীকাৰ ভংগ কৰিছিল।
A'raf 7:136
সেয়ে আমি সিহঁতৰ পৰা প্ৰতিশোধ লৈছিলোঁ আৰু সিহঁতক অতল সাগৰত ডুবাই দিছিলোঁ। কাৰণ সিহঁতে আমাৰ নিদৰ্শনক অস্বীকাৰ কৰিছিল আৰু এই সম্বন্ধে সিহঁত আছিল অমনোযোগী।
A'raf 7:137
আৰু যি সম্প্ৰদায়ক দুৰ্বল বুলি গণ্য কৰা হৈছিল তেওঁলোকক আমি আমাৰ কল্যাণপ্ৰাপ্ত ৰাজ্যৰ পূৱ আৰু পশ্চিমৰ উত্তৰাধিকাৰী কৰিছিলোঁ; আৰু বনী ইছৰাঈল সম্পৰ্কে তোমাৰ প্ৰতিপালকৰ শুভ বাণী সত্যত পৰিণত হৈছিল, যিহেতু তেওঁলোকে ধৈৰ্য্য ধৰিছিল; লগতে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ শিল্প আৰু যিবোৰ প্ৰাসাদ সিহঁতে নিৰ্মাণ কৰিছিল সেয়া ধ্বংস কৰিছিলোঁ।
A'raf 7:138
আৰু বনী ইছৰাঈলক আমিয়েই সাগৰ পাৰ কৰাই দিছিলোঁ, তাৰ পিছত সিহঁতে মূৰ্তিপূজাত আসক্ত এটা জাতিৰ ওচৰত উপস্থিত হৈছিল। সিহঁতে কৈছিল, ‘হে মুছা! এওঁলোকৰ উপাস্যৰ দৰে আমাৰ বাবেও এজন উপাস্য স্থিৰ কৰি দিয়ক’। তেওঁ ক’লে, ‘নিশ্চয় তোমালোক এটা মূৰ্খ সম্প্ৰদায়’।
A'raf 7:139
‘নিশ্চয় এইসকল লোক য’ত লিপ্ত হৈ আছে সেইবোৰ হৈছে ধ্বংসশীল আৰু সিহঁতে যি কৰি আছে সেইবোৰো অমূলক’।
A'raf 7:140
তেওঁ আৰু ক’লে, ‘মই আল্লাহৰ বাহিৰে তোমালোকৰ বাবে আন কোনোবা ইলাহ (উপাস্য) সন্ধান কৰিম নেকি অথচ তেৱেঁই তোমালোকক বিশ্বজগতৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে’?
A'raf 7:141
আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ অনুসাৰীসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিছিলোঁ, যিসকলে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল। সিহঁতে তোমালোকৰ পুত্ৰ সন্তানসকলক হত্যা কৰিছিল আৰু নাৰীসকলক জীৱিত ৰাখিছিল; ইয়াত আছিল তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহা পৰীক্ষা।
A'raf 7:142
আৰু মুছাক আমি ত্ৰিশ ৰাতিৰ প্ৰতিশ্ৰুতি দিছিলোঁ লগতে দহ যোগ কৰি সেয়া পূৰ্ণ কৰিছিলোঁ। এইদৰে তেওঁৰ প্ৰতিপালকৰ নিৰ্ধাৰিত সময় চল্লিশ ৰাতিত পূৰ্ণ হৈছিল। মুছাই তেওঁৰ ভাতৃ হাৰুনক কৈছিল, ‘মোৰ অনুপস্থিতিত মোৰ সম্প্ৰদায়ৰ মাজত তুমি মোৰ প্ৰতিনিধিত্ব কৰিবা, সংশোধন কৰিবা আৰু বিপৰ্যয় সৃষ্টিকাৰীসকলৰ পথ অনুসৰণ নকৰিবা’।
A'raf 7:143
আৰু মুছা যেতিয়া আমাৰ নিৰ্ধাৰিত সময়ত আহি উপস্থিত হ’ল আৰু তেওঁৰ প্ৰতিপালকে তেওঁৰ লগত কথা পাতিলে, তেতিয়া তেওঁ ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি মোক দৰ্শন দিয়া, মই তোমাক দেখিম’। তেওঁ ক’লে, ‘তুমি মোক দেখিব নোৱাৰিবা। তুমি বৰং পাহাৰৰ ফালেই চোৱাচোন, সেইখন যদি নিজৰ ঠাইতে স্থিৰ থাকে তেনেহ’লে তুমি মোক দেখিব পাৰিবা’। যেতিয়া তেওঁৰ প্ৰতিপালকে পাহাৰত জ্যোতি প্ৰকাশ কৰিলে তেতিয়া ই পাহাৰক চূৰ্ণ-বিচূৰ্ণ কৰিলে আৰু মুছা সংজ্ঞাহীন হৈ পৰিল। যেতিয়া তেওঁ জ্ঞান উভতি পালে তেতিয়া ক’লে, ‘মহিমাময় তুমি, মই অনুতপ্ত হৈ তোমাৰ ওচৰত তাওবা কৰিছোঁ আৰু মুমিনসকলৰ মাজত ময়েই প্ৰথম’।
A'raf 7:144
তেওঁ ক’লে, ‘হে মুছা! মই তোমাক মোৰ ৰিছালত আৰু বাক্যালাপৰ দ্বাৰা মানুহৰ ওপৰত নিৰ্বাচিত কৰিছোঁ; সেয়ে মই তোমাক যি প্ৰদান কৰিলোঁ সেয়া গ্ৰহণ কৰা আৰু কৃতজ্ঞতা জ্ঞাপনকাৰীসকলৰ অন্তৰ্ভু্ক্ত হোৱা’।
A'raf 7:145
আৰু আমি তাৰ বাবে ফলকসমূহত সৰ্ব বিষয়ে উপদেশ আৰু সকলো বিষয়ৰ স্পষ্ট ব্যাখ্যা লিখি দিছোঁ; গতিকে সেয়া দৃঢ়ভাৱে ধাৰণ কৰা আৰু তোমাৰ সম্প্ৰদায়ক ইয়াৰ মাজৰ যি উত্তম সেয়া গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া। মই অনতিপলমে ফাছিক্বসকলৰ বাসস্থান তোমালোকক দেখুৱাম।
A'raf 7:146
পৃথিৱীত যিসকলে অন্যায়ভাৱে অহংকাৰ কৰি ফুৰে সিহঁতক মই মোৰ নিদৰ্শনসমূহৰ পৰা নিশ্চয় আঁতৰত ৰাখিম। দৰাচলতে সিহঁতে প্ৰতিটো নিদৰ্শন দেখিলেও ঈমান পোষণ নকৰিব আৰু সিহঁতে সৎপথ দেখিলেও সেইটোক পথ বুলি গ্ৰহণ নকৰিব, কিন্তু সিহঁতে ভুল পথ দেখিলে সেইটোক পথ বুলি গ্ৰহণ কৰিব। এইটো এইকাৰণে যে, সিহঁতে আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে আৰু সেই সম্পৰ্কে সিহঁত আছিল অমনোযোগী।
A'raf 7:147
আৰু যিসকলে আমাৰ নিদৰ্শনসমূহক আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছে সিহঁতৰ কৃতকৰ্ম বিফল হৈছে। সিহঁতে যি কৰে সেই অনুপাতেই সিহঁতক প্ৰতিফল দিয়া হ’ব।
A'raf 7:148
আৰু (স্মৰণ কৰা) মুছাৰ সম্প্ৰদায়ে তেওঁৰ অনুপস্থিতিত নিজৰ অলংকাৰেৰে এটা দামুৰী সাজিছিল, এটা দেহ (ৰ দৰে প্ৰতিমা) যিটো (গৰুৰ দৰে) ‘হাম্বা’ শব্দ ওলাইছিল। সিহঁতে চোৱা নাই নেকি যে, এইটোৱে সিহঁতৰ লগত কথা ক’ব নোৱাৰে আৰু সিহঁতক কোনো পথৰ সন্ধানো দিব নোৱাৰে? (তথাপিও) সিহঁতে ইয়াকেই উপাস্যৰূপে গ্ৰহণ কৰিছিল আৰু সিহঁত আছিল যালিম।
A'raf 7:149
আৰু সিহঁতে যেতিয়া অনুতপ্ত হ’ল আৰু দেখিলে যে, সিহঁতে বিপথগামী হৈ গৈছে, তেতিয়া সিহঁতে ক’লে, ‘আমাৰ প্ৰতিপালকে যদি আমাৰ প্ৰতি দয়া নকৰে আৰু আমাক ক্ষমা কৰি নিদিয়ে তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।
A'raf 7:150
আৰু মুছাই যেতিয়া ক্ৰুদ্ধ আৰু বিক্ষুব্ধ হৈ নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি আহিল, তেতিয়া ক’লে, ‘মোৰ অনুপস্থিতিত তোমালোকে মোৰ কিমান নিকৃষ্ট প্ৰতিনিধিত্ব কৰিছা! তোমালোকৰ প্ৰতিপালকৰ আদেশৰ আগতেই তোমালোকে কিয় খৰখেদা কৰিলা’? এই বুলি তেওঁ ফলকসমূহ দলিয়াই পেলালে আৰু তেওঁৰ ভাতৃক চুলিত ধৰি নিজৰ পিনে টানি আনিব ধৰিলে। হাৰুনে ক’লে, ‘হে মোৰ সহোদৰ! মানুহে মোক দুৰ্বল বুলি ভাবিছিল আৰু মোক প্ৰায় হত্যা কৰাৰ উপক্ৰম হৈছিল। সেয়ে তুমি মোৰ লগত এনে আচৰণ নকৰিবা, যি আচৰণ কৰিলে শত্ৰুসকলে আনন্দিত হয়। লগতে মোক যালিমসকলৰ অন্তৰ্ভুক্ত বুলি নাভাবিবা’।
A'raf 7:151
মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক আৰু মোৰ ভাতৃক ক্ষমা কৰি দিয়া আৰু আমাক তোমাৰ ৰহমতৰ মাজত প্ৰৱেশ কৰোৱা; আৰু তুমিয়েই সৰ্বশ্ৰেষ্ঠ দয়ালু’।
A'raf 7:152
(আল্লাহে ক’লে) নিশ্চয় যিসকলে দামুৰীটোক (উপাস্যৰূপে) গ্ৰহণ কৰিছিল, শীঘ্ৰেই পাৰ্থিৱ জীৱনত সিহঁতৰ প্ৰতিপালকৰ ক্ৰোধ আৰু লাঞ্ছনা সিহঁতৰ ওপৰত আপতিত হ’ব। এইদৰেই আমি মিছা ৰটনাকাৰীসকলক প্ৰতিফল দি থাকোঁ।
A'raf 7:153
আনহাতে যিসকলে অসৎকৰ্ম কৰিছে, কিন্তু তাৰ পিছত (যদি) সিহঁতে তাওবা কৰিছে আৰু ঈমান আনিছে, তেন্তে নিশ্চয় তোমাৰ প্ৰতিপালক ইয়াৰ পিছতো পৰম ক্ষমাশীল, পৰম দয়ালু।
A'raf 7:154
আৰু যেতিয়া মুছাৰ খং প্ৰশমিত হ’ল, তেতিয়া তেওঁ ফলকসমূহ তুলি ল’লে। যিসকলে নিজ প্ৰতিপালকক ভয় কৰে সিহঁতৰ বাবে সেই ফলকসমূহত যি লিখা আছিল সেয়া আছিল হিদায়ত আৰু ৰহমত।
A'raf 7:155
আৰু মুছাই তেওঁৰ সম্প্ৰদায়ৰ পৰা সত্তৰজন লোকক আমাৰ নিৰ্ধাৰিত স্থানত একত্ৰিত হোৱাৰ বাবে মনোনীত কৰিলে। তাৰ পিছত সিহঁতে যেতিয়া ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হ’ল, তেতিয়া মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি ইচ্ছা কৰিলে আগতেই ইহঁতক আৰু মোকো ধ্বংস কৰিব পাৰিলাহেঁতেন, আমাৰ মাজৰ নিৰ্বোধসকলে যি কৰিছে তাৰকাৰণে তুমি আমাক ধ্বংস কৰিবানে? এইটো হৈছে কেৱল তোমাৰ পৰীক্ষা, যিটোৰ দ্বাৰা তুমি যাক ইচ্ছা কৰা বিপথগামী কৰা আৰু যাক ইচ্ছা কৰা তুমি সৎপথত পৰিচালিত কৰা। তুমিয়েই আমাৰ অভিভাৱক; সেয়ে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা। ক্ষমাশীলসকলৰ ভিতৰত তুমিয়েই শ্ৰেষ্ঠ’।
A'raf 7:156
‘লগতে তুমি আমাৰ বাবে এই পৃথিৱীত কল্যাণ লিখি দিয়া আৰু আখিৰাততো। নিশ্চয় আমি তোমাৰ ওচৰলৈ উভতি আহিছোঁ’। আল্লাহে ক’লে, ‘মোৰ শাস্তি মই যাক ইচ্ছা কৰোঁ তাকেই দিওঁ আৰু মোৰ দয়া- সেয়াতো প্ৰত্যেক বস্তুকেই আৱৰি আছে। গতিকে মই সেইটো লিখি দিম কেৱল সিহঁতৰ বাবে যিসকলে তাক্বৱা অৱলম্বন কৰে, যাকাত প্ৰদান কৰে আৰু আমাৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন কৰে’।
A'raf 7:157
যিসকলে অনুসৰণ কৰে ৰাছুলৰ, নিৰক্ষৰ নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎকৰ্মৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তুবোৰ হালাল কৰে আৰু অপৱিত্ৰ বস্তুবোৰ হাৰাম কৰে। যিয়ে সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে। এতেকে যিসকলে তেওঁৰ প্ৰতি ঈমান পোষণ কৰে, তেওঁক সন্মান কৰে, তেওঁক সহায় কৰে আৰু যি নূৰ তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে সেইটোৰ অনুসৰণ কৰে, তেওঁলোকেই হৈছে সাফল্যমণ্ডিত।
A'raf 7:158
কোৱা, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি আল্লাহৰ (প্ৰেৰিত) ৰাছুল, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। সেয়ে তোমালোকে ঈমান পোষণ কৰা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুল নিৰক্ষৰ নবীৰ প্ৰতি, যিজনে আল্লাহ আৰু তেওঁৰ বাণীসমূহৰ ওপৰত ঈমান পোষণ কৰে; আৰু তোমালোকে তেওঁৰ অনুসৰণ কৰা যাতে তোমালোকে হিদায়তপ্ৰাপ্ত হোৱা’।
A'raf 7:159
আৰু মুছাৰ সম্প্ৰদায়ৰ ভিতৰত এনেকুৱা এটা দলো আছে যিসকলে আনক ন্যায়ভাৱে পথ দেখুৱায় আৰু সেই অনুযায়ী (বিচাৰত) ইনচাফ কৰে।
A'raf 7:160
আৰু সিহঁতক আমি বাৰটা গোত্ৰত বিভক্ত কৰিছিলোঁ। মুছাৰ সম্প্ৰদায়ে যেতিয়া তেওঁৰ ওচৰত পানী বিচাৰিলে, তেতিয়া আমি তেওঁৰ প্ৰতি অহী প্ৰেৰণ কৰিলোঁ, ‘তোমাৰ লাখুটিডালেৰে শিলত আঘাত কৰা’; ফলত তাৰ পৰা বাৰটা ঝৰ্ণাৰ উৎপত্তি হ’ল। প্ৰত্যেক গোত্ৰই নিজৰ নিজৰ পানী খোৱা স্থান নিৰ্ণয় কৰি ল’লে। আমি মেঘৰ দ্বাৰা সিহঁতৰ ওপৰত ছাঁ কৰি দিছিলোঁ আৰু সিহঁতৰ ওপৰত আমি মান্না আৰু ছালৱা অৱতীৰ্ণ কৰিছিলোঁ। (কৈছিলোঁ) ‘তোমালোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা পৱিত্ৰ বস্তুবোৰ খোৱা’। সিহঁতে আমাৰ প্ৰতি কোনো অন্যায় কৰা নাছিল, বৰং সিহঁতে নিজেই নিজৰ ক্ষতি সাধন কৰিছিল।
A'raf 7:161
আৰু স্মৰণ কৰা, যেতিয়া সিহঁতক কোৱা হৈছিল, ‘তোমালোকে এই জনপদত বাস কৰা আৰু য’ৰ পৰা ইচ্ছা খোৱা লগতে কোৱা, ‘হিত্তাতুন’ (ক্ষমা বিচাৰোঁ) আৰু নতশিৰে দুৱাৰেৰে প্ৰৱেশ কৰিবা; আমি তোমালোকৰ অপৰাধসমূহ ক্ষমা কৰিম। নিশ্চয় আমি সৎকৰ্মশীলসকলক অধিক দান কৰিম’।
A'raf 7:162
তথাপিও সিহঁতৰ মাজৰ যিসকল যালিম আছিল সিহঁতক যি কোৱা হৈছিল, তাৰ পৰিবৰ্তে সিহঁতে অন্য কথা ক’লে। সেয়ে আমি আকাশৰ পৰা সিহঁতৰ প্ৰতি শাস্তি পঠালোঁ, কাৰণ সিহঁতে অন্যায় কৰিছিল।
A'raf 7:163
আৰু সিহঁতক সাগৰৰ সৈকতত বাস কৰা জনবসতিৰ বিষয়ে সোধাচোন, যেতিয়া সিহঁতে শনিবাৰে সীমালংঘন কৰিছিল, যেতিয়া শনিবাৰ পালনৰ দিনা মাছবোৰ পানীত ভাহি ভাহি সিহঁতৰ ওচৰলৈ আহিছিল। কিন্তু যিদিনা সিহঁতে শনিবাৰ পালন কৰা নাছিল সেইদিনা সেই মাছবোৰ সিহঁতৰ ওচৰলৈ অহা নাছিল। এইদৰে আমি সিহঁতক পৰীক্ষা কৰিছিলোঁ, কাৰণ সিহঁতে ফাছেক্বী কৰিছিল।
A'raf 7:164
আৰু স্মৰণ কৰা, যেতিয়া সিহঁতৰ দল এটাই কৈছিল, ‘আল্লাহে যিসকলক ধ্বংস কৰিব অথবা কঠোৰ শাস্তি দিব, তোমালোকে সিহঁতক কিয় সদুপদেশ দিয়া? সিহঁতে কৈছিল, ‘তোমালোকৰ প্ৰতিপালকৰ ওচৰত দায়িত্ব-মুক্তিৰ বাবে আৰু যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে সেইকাৰণে’।
A'raf 7:165
তাৰ পিছত যি উপদেশ সিহঁতক দিয়া হৈছিল, সিহঁতে যেতিয়া সেয়া পাহৰি গ’ল, তেতিয়া যিসকলে অসৎকৰ্মৰ পৰা নিষেধ কৰিছিল তেওঁলোকক আমি উদ্ধাৰ কৰিছিলোঁ, আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক আমি কঠোৰ শাস্তি বিহিছিলোঁ, কাৰণ সিহঁতে ফাছেক্বী কৰিছিল।
A'raf 7:166
ইয়াৰ পিছতো যেতিয়া সিহঁতে নিষিদ্ধ কামত সীমা চেৰাই গ'ল তেতিয়া আমি সিহঁতক ক’লোঁ, ‘তোমালোকে নিকৃষ্ট বান্দৰ হৈ যোৱা’!
A'raf 7:167
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ঘোষণা কৰিছিল যে, নিশ্চয় তেওঁ ক্বিয়ামত পৰ্যন্ত সিহঁতৰ ওপৰত এনেকুৱা কিছুমান লোকক (ক্ষমতা প্ৰদান কৰি) পঠাব, যিসকলে সিহঁতক কঠিন শাস্তি দি থাকিব। নিশ্চয় তোমাৰ প্ৰতিপালক শাস্তি দানত তৎপৰ আৰু নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।
A'raf 7:168
আৰু আমি সিহঁতক পৃথিৱীত বিভিন্ন দলত বিভক্ত কৰিছোঁ, সিহঁতৰ কিছুমান হৈছে সৎকৰ্মপৰায়ণ আৰু কিছুমান অন্য ধৰণৰ। আমি সিহঁতক মঙ্গল আৰু অমঙ্গলৰ দ্বাৰা পৰীক্ষা কৰিছোঁ, যাতে সিহঁতে প্ৰত্যাৱৰ্তন কৰে।
A'raf 7:169
সিহঁতৰ পিছত এনে কিছুমান অযোগ্য লোক এটাৰ পিছত এটাকৈ সিহঁতৰ স্থলাভিষিক্তৰূপে কিতাবৰ উত্তৰাধিকাৰী হৈছে, যিসকলে পৃথিৱীৰ এই তুচ্ছ অসাৰ সামগ্ৰী সঞ্চয়ত লিপ্ত থাকে, আৰু সিহঁতে কয়, ‘আমাক ক্ষমা কৰি দিয়া হ’ব’। কিন্তু এইবোৰৰ অনুৰূপ সামগ্ৰী সিহঁতৰ ওচৰলৈ আহিলে সেয়াও সিহঁতে গ্ৰহণ কৰিব; কিতাবৰ অঙ্গীকাৰ সিহঁতৰ পৰা লোৱা হোৱা নাছিলনে যে, সিহঁতে আল্লাহ সম্পৰ্কে সত্যৰ বাহিৰে আন একো নক’ব? অথচ সিহঁতে তাত যি আছে সেয়া অধ্যয়নো কৰে। কিন্তু যিসকলে তাক্বৱা অৱলম্বন কৰে সিহঁতৰ বাবে আখিৰাতৰ আবাসেই হৈছে উত্তম; তোমালোকে এয়া অনুধাৱন নকৰানে?
A'raf 7:170
যিসকলে কিতাবক দৃঢ়ভাৱে ধাৰণ কৰে আৰু ছালাত কায়েম কৰে; নিশ্চয় আমি সৎকৰ্মপৰায়ণসকলৰ শ্ৰমফল বিনষ্ট নকৰোঁ।
A'raf 7:171
আৰু স্মৰণ কৰা, যেতিয়া আমি পৰ্বতক সিহঁতৰ ওপৰত তুলি ধৰিছিলোঁ, আৰু সেয়া আছিল যেনিবা মেঘৰ এটা খণ্ড। সিহঁতে ভাবিছিল যে, সেয়া সিহঁতৰ ওপৰত পৰি যাব। (আমি ক’লোঁ) ‘আমি যি প্ৰদান কৰিছোঁ সেয়া দৃঢ়ভাৱে ধাৰণ কৰা আৰু তাত যি আছে সেয়া স্মৰণ কৰা, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হ’ব পাৰা’।
A'raf 7:172
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে আদম সন্তানৰ পিঠিৰ পৰা তাৰ বংশধৰক উলিয়াইছিল আৰু সিহঁতৰ নিজৰ বিষয়ে স্বীকাৰোক্তি গ্ৰহণ কৰিছিল আৰু কৈছিল, ‘মই তোমালোকৰ প্ৰতিপালক নহয়নে? সিহঁতে কৈছিল, ‘হয় নিশ্চয়, আমি সাক্ষী থাকিলোঁ’। এই স্বীকাৰোক্তি এইকাৰণে লোৱা হ'ল যে, যাতে তোমালোকে ক্বিয়ামতৰ দিনা ক’ব নোৱাৰা যে, আমি এই বিষয়ে জনাই নাছিলোঁ।
A'raf 7:173
অথবা তোমালোকে যাতে এইটো ক’ব নোৱাৰা যে, আমাৰ পিতৃপুৰুষসকলেও আমাৰ আগত শ্বিৰ্ক কৰিছিল, আৰু আমি আছিলোঁ তেওঁলোকৰ পৰবৰ্তী বংশধৰ; এতেকে (শ্বিৰ্কৰ মাধ্যমত) যিসকলে নিজৰ আমলক বাতিল কৰিছে সিহঁতৰ কৃতকৰ্মৰ বাবে তুমি আমাক ধ্বংস কৰিবানে?
A'raf 7:174
আৰু এইদৰেই আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰোঁ যাতে সিহঁতে উভতি আহে।
A'raf 7:175
আৰু সিহঁতক সেই ব্যক্তিৰ সংবাদ পাঠ কৰি শুনোৱা, যাক আমি নিদৰ্শনসমূহ প্ৰদান কৰিছিলোঁ, তাৰ পিছত সি তাৰ পৰা বিচ্ছিন্ন হৈ গৈছিল, আৰু চয়তানে তাৰ পিছ লৈছিল। ফলত সি বিপথগামীসকলৰ অন্তৰ্ভুক্ত হৈ গৈছিল।
A'raf 7:176
আৰু আমি ইচ্ছা কৰিলে ইয়াৰ দ্বাৰা তাক উচ্চ মৰ্যাদা দান কৰিলোঁহেঁতেন, কিন্তু সি দুনিয়াৰ প্ৰতিহে আকৃষ্ট হৈছে আৰু নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে। এতেকে তাৰ উপমা হৈছে কুকুৰৰ দৰে, তাৰ ওপৰত বোজা জাপি দিলে সি জিভা উলিয়াই হেঁপাই থাকে আৰু বোজা নিদিলেও সি জিভা উলিয়াই হেঁপাই থাকে। যি সম্প্ৰদায়ে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে সিহঁতৰ অৱস্থাও এইটোৱেই। এতেকে তুমি বৃত্তান্ত বৰ্ণনা কৰা যাতে সিহঁতে চিন্তা কৰে।
A'raf 7:177
সেই সম্প্ৰদায়ৰ উপমা কিমান যে নিকৃষ্ট! যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আৰু সিহঁতে নিজৰ প্ৰতিহে অন্যায় কৰিছিল।
A'raf 7:178
আল্লাহে যাক হিদায়ত দিয়ে সেইজনহে হিদায়তপ্ৰাপ্ত, আৰু তেওঁ যিসকলক বিপথগামী কৰে সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।
A'raf 7:179
নিশ্চয় আমি বহুতো জ্বিন আৰু মানৱক জাহান্নামৰ বাবে সৃষ্টি কৰিছোঁ, সিহঁতৰ হৃদয় আছে কিন্তু তাৰ দ্বাৰা সিহঁতে উপলব্ধি নকৰে, সিহঁতৰ চকু আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নেদেখে আৰু সিহঁতৰ কাণ আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নুশুনে, সিহঁত চতুষ্পদ জন্তুৰ দৰে, বৰং তাতোকৈ অধিক বিভ্ৰান্ত। সিহঁতেই হৈছে উদাসীন।
A'raf 7:180
আৰু আল্লাহৰ বাবে আছে সুন্দৰ সুন্দৰ নাম। এতেকে তোমালোকে তেওঁক সেইবোৰ নামেৰেই আহ্বান কৰা; আৰু যিসকলে তেওঁৰ নামসমূহক বিকৃত কৰে সিহঁতক বৰ্জন কৰা; সিহঁতৰ কৃতকৰ্মৰ ফল অনতিপলমে সিহঁতক দিয়া হ’ব।
A'raf 7:181
আৰু যিসকলক আমি সৃষ্টি কৰিছোঁ সিহঁতৰ মাজত এনেকুৱা এটা দল আছে যিসকলে ন্যায়ভাৱে পথ দেখুৱায় আৰু সেই অনুযায়ী (বিচাৰ মীমাংসাত) ইনচাফো কৰে।
A'raf 7:182
আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, অনতিপলমে আমি সিহঁতক এনেকৈ লাহে লাহে ধ্বংসৰ পিনে লৈ যাম যে, সিহঁতে গমেই নাপাব।
A'raf 7:183
আৰু মই সিহঁতক অৱকাশ দিম। নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।
A'raf 7:184
সিহঁতে কেতিয়াও চিন্তা নকৰে নেকি যে, সিহঁতৰ সহচৰজন কাহানিও উন্মাদ নহয়? তেওঁ হৈছে কেৱল এজন স্পষ্ট সতৰ্ককাৰী।
A'raf 7:185
সিহঁতে আকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব সম্পৰ্কে লগতে আল্লাহে যি সৃষ্টি কৰিছে সেই বিষয়ে চিন্তা-চৰ্চা কৰা নাইনে, আৰু এই বিষয়েও যে, সম্ভৱতঃ সিহঁতৰ নিৰ্ধাৰিত সময় অতি নিকটৱৰ্তী হৈছে; গতিকে ইয়াৰ পিছত সিহঁতে আৰু কোন কথাত ঈমান আনিব?
A'raf 7:186
আল্লাহে যাক বিপথগামী কৰে তাৰ কোনো পথপ্ৰদৰ্শক নাই; আৰু তেওঁ সিহঁতক সিহঁতৰ অবাধ্যতাত লক্ষ্যহীনৰ দৰে ঘূৰি ফুৰিবলৈ এৰি দিয়ে।
A'raf 7:187
সিহঁতে তোমাক ক্বিয়ামত সম্পৰ্কে প্ৰশ্ন কৰি কয়, ‘সেয়া কেতিয়া সংঘটিত হ’ব’? কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল মোৰ প্ৰতিপালকৰ ওচৰতহে আছে। কেৱল তেৱেঁই যথাসময়ত সেইটোৰ প্ৰকাশ ঘটাব। আকাশমণ্ডল আৰু পৃথিৱীত সেইটো হ’ব এটা ভয়ংকৰ ঘটনা। আকস্মিকভাৱে সেয়া তোমালোকৰ ওপৰত আহি পৰিব’। সিহঁতে তোমাক প্ৰশ্ন কৰিছে যেনিবা তুমি এই বিষয়ে সবিশেষ অৱহিত। কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে, কিন্তু অধিকাংশ মানুহেই (এই সত্যটো) নাজানে’।
A'raf 7:188
কোৱা, ‘আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ লাভ-লোকচানৰ ওপৰতো মোৰ কোনো অধিকাৰ নাই। গায়েব বা অদৃশ্যৰ জ্ঞান যদি মোৰ থাকিলহেঁতেন তেন্তে মই বহুতো কল্যাণ লাভ কৰিলোঁহেঁতেন আৰু কোনো ধৰণৰ অকল্যাণেই মোক স্পৰ্শ কৰিব নোৱাৰিলেহেঁতেন। মই কেৱল ঈমান্দাৰ সম্প্ৰদায়ৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতাৰ বাহিৰে আন একো নহয়’।
A'raf 7:189
তেৱেঁই তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰা তেওঁৰ স্ত্ৰীক সৃষ্টি কৰিছে, যাতে তেওঁ স্ত্ৰীৰ ওচৰত প্ৰশান্তি লাভ কৰে। তাৰ পিছত যেতিয়া তেওঁ স্ত্ৰীৰ সৈতে মিলিত হ’ল তেতিয়া স্ত্ৰীজনী এটি লঘু গৰ্ভধাৰণ কৰিলে আৰু এইটো লৈ অনায়াসে চলা-ফুৰা কৰিব ধৰিলে। অৱশেষত যেতিয়া গা-গধূৰ হ’ল, তেতিয়া তেওঁলোক উভয়ে তেওঁলোকৰ প্ৰতিপালক আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব ধৰিলে, ‘যদি তুমি আমাক এজন সুসন্তান দান কৰা তেন্তে নিশ্চয় আমি তোমাৰ প্ৰতি কৃতজ্ঞ থাকিম’।
A'raf 7:190
তাৰ পিছত যেতিয়া তেওঁ সিহঁতক এজন পূৰ্ণাঙ্গ সুসন্তান দান কৰে, তেতিয়া সিহঁতক তেওঁ যি প্ৰদান কৰিছে সেই বিষয়ে সিহঁতে বহুতো অংশীদাৰ (শ্বৰীক) নিৰ্ধাৰণ কৰে। প্ৰকৃততে সিহঁতে যিসকলক (তেওঁৰ লগত) অংশী স্থাপন কৰে, আল্লাহ সেইবোৰৰ পৰা বহু উৰ্দ্ধত।
A'raf 7:191
সিহঁতে এনেকুৱা বস্তুক অংশী কৰে নেকি যিসকলে একোৱেই সৃষ্টি কৰা নাই? বৰং সিহঁত নিজেই সৃষ্ট।
A'raf 7:192
এইবোৰে সিহঁতক কদাপিও সহায় কৰিব নোৱাৰে আনকি নিজৰো সহায় কৰিব নোৱাৰে।
A'raf 7:193
আৰু তোমালোকে সিহঁতক সৎপথৰ পিনে আহ্বান কৰিলেও সিহঁতে তোমালোকক অনুসৰণ নকৰিব; তোমালোকে সিহঁতক আহ্বান কৰা বা নিৰৱে থাকা, তোমালোকৰ বাবে উভয়েই সমান।
A'raf 7:194
আল্লাহৰ বাহিৰে তোমালোকে যিসকলক আহ্বান কৰা সিহঁত তোমালোকৰ দৰেই বান্দাহ, গতিকে যদি তোমালোকে সত্যবাদী হোৱা তেন্তে সিহঁতক আহ্বান কৰা, (চোৱাচোন) সিহঁতে তোমালোকৰ আহ্বানত সঁহাৰি দিয়েনে নাই।
A'raf 7:195
সিহঁতৰ ভৰি আছেনে যাৰ দ্বাৰা সিহঁতে খোজ কাঢ়ে? সিহঁতৰ হাত আছেনে যাৰ দ্বাৰা সিহঁতে ধৰিব পাৰে? সিহঁতৰ চকু আছেনে যাৰ দ্বাৰা সিহঁতে দেখে? সিহঁতৰ কাণ আছেনে যাৰ দ্বাৰা সিহঁতে শুনে? কোৱা, ‘তোমালোকে যিসকলক আল্লাহৰ লগত অংশী কৰিছা সিহঁতক মাতি লোৱা আৰু তাৰ পিছত মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা, আৰু মোক অকণো অৱকাশ নিদিবা’।
A'raf 7:196
‘নিশ্চয় মোৰ অভিভাৱক হৈছে কেৱল আল্লাহ, যিজনে কিতাব অৱতীৰ্ণ কৰিছে আৰু তেৱেঁই সৎকৰ্মপৰায়ণসকলৰ অভিভাৱকত্ব কৰে’।
A'raf 7:197
আৰু আল্লাহৰ বাহিৰে তোমালোকে যিসকলক আহ্বান কৰা সিহঁতে তোমালোকক কদাপিও সহায় কৰিব নোৱাৰে আনকি সিহঁতে নিজৰো সহায় কৰিব নোৱাৰে।
A'raf 7:198
তুমি যদি সিহঁতক সৎপথৰ পিনে আহ্বান কৰা তেন্তে সিহঁতে নুশুনিব আৰু তুমি দেখিবলৈ পাবা যে, বাহ্যিকভাৱে সিহঁতে তোমাৰ ফালে চাই আছে, অথচ সিহঁতে নেদেখে।
A'raf 7:199
মানুহৰ (চৰিত্ৰ আৰু কৰ্মৰ) উৎকৃষ্ট অংশ গ্ৰহণ কৰা, সৎকৰ্মৰ আদেশ দিয়া আৰু অজ্ঞসকলক এৰাই চলা।
A'raf 7:200
আৰু যদি চয়তানৰ কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে আল্লাহৰ আশ্ৰয় বিচাৰিবা। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
A'raf 7:201
নিশ্চয় যিসকলে তাক্বৱা অৱলম্বন কৰিছে, তেওঁলোকক চয়তানে যেতিয়া কুমন্ত্ৰণা দিয়ে তেতিয়া তেওঁলোকে আত্মসচেতন হয়, আৰু লগে লগে তেওঁলোকৰ দৃষ্টি প্ৰকট হয়।
A'raf 7:202
আৰু চয়তানৰ ভাতৃসকলে সিহঁতক ভ্ৰান্তিৰ পিনে টানি লৈ যায়। এই কামত সিহঁতে অকণো ত্ৰুটি নকৰে।
A'raf 7:203
তুমি যেতিয়া সিহঁতৰ ওচৰলৈ (সিহঁতে বিচৰা মতে) কোনো আয়াত লৈ নাহা, তেতিয়া সিহঁতে কয়, ‘তুমি নিজেই এটা আয়াত বনাই নোলোৱা কিয়’? কোৱা, ‘মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ প্ৰতি অহী হিচাপে যি প্ৰেৰণ কৰা হয়, মই কেৱল তাৰেই অনুসৰণ কৰোঁ। এই (কোৰআন)খন হৈছে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ; লগতে এইখন ঈমান্দাৰ সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমত’।
A'raf 7:204
আৰু যেতিয়া কোৰআন তিলাৱত কৰা হয় তেতিয়া তোমালোকে মনোযোগ সহকাৰে সেয়া শুনিবা আৰু নিৰৱ-নিস্তব্ধ হৈ থাকিবা, যাতে তোমালোকৰ প্ৰতি ৰহমত বৰ্ষণ হয়।
A'raf 7:205
আৰু তুমি তোমাৰ প্ৰতিপালকক পুৱা-গধূলি মনে মনে সবিনয়ে, সশংকচিত্তে আৰু অনুচ্চস্বৰে স্মৰণ কৰা। লগতে তুমি উদাসীনসকলৰ অন্তৰ্ভুক্ত নহ’বা।
A'raf 7:206
নিশ্চয় যিসকল তোমাৰ প্ৰতিপালকৰ সান্নিধ্যত আছে, তেওঁলোকে তেওঁৰ ইবাদতৰ পৰা অহংকাৰ নকৰে; আৰু তেওঁলোকে কেৱল তেওঁৰেই তাছবীহ পাঠ কৰে আৰু কেৱল তেওঁকেই ছাজদা কৰে। (ছাজদাহ নং ১)
Enfal 8:1
মানুহে তোমাক আনফাল (যুদ্ধলব্ধ সম্পদ) সম্পৰ্কে প্ৰশ্ন কৰে; কোৱা, ‘যুদ্ধলব্ধ সম্পদ আল্লাহ আৰু ৰাছুলৰ বাবে; এতেকে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু নিজৰ মাজত সদ্ভাৱ স্থাপন কৰা লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা, যদি তোমালোকে মুমিন হোৱা’।
Enfal 8:2
প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলৰ হৃদয় আল্লাহক স্মৰণ কৰাৰ সময়ত কম্পিত হয় আৰু যেতিয়া তেওঁলোকৰ সন্মুখত তেওঁৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া ই তেওঁলোকৰ ঈমান বৃদ্ধি কৰে, লগতে তেওঁলোকে কেৱল নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে।
Enfal 8:3
যিসকলে ছালাত কায়েম কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছোঁ তাৰ পৰা ব্যয় কৰে;
Enfal 8:4
তেওঁলোকেই হৈছে প্ৰকৃত মুমিন। তেওঁলোকৰ বাবে আছে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত উচ্চ মৰ্যাদা, ক্ষমা আৰু সন্মানজনক জীৱিকা।
Enfal 8:5
এইটো এনেকুৱা, যেনেকৈ তোমাৰ প্ৰতিপালকে ন্যায়ভাৱে তোমাক ঘৰৰ পৰা উলিয়াই আনিছিল অথচ মুমিনসকলৰ এটা দলে সেয়া অপছন্দ কৰিছিল।
Enfal 8:6
সত্য স্পষ্টভাৱে প্ৰকাশিত হোৱাৰ পিছতো সিহঁতে তোমাৰ লগত বিতৰ্ক কৰে। এনে লাগিছিল যেনিবা সিহঁতক মৃত্যুৰ ফালে খেদি লৈ যোৱা হৈছে আৰু সিহঁতে সেইটো দেখি আছে।
Enfal 8:7
আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল যে, দুই দলৰ যিকোনো এটা দল তোমালোকৰ আয়ত্তাধীন হ'ব, অথচ তোমালোকে বিচাৰিছিলা যে, অস্ত্ৰহীন দলটো তোমালোকৰ আয়ত্তাধীন হওক, কিন্তু আল্লাহে বিচাৰিছিল তেওঁ নিজৰ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰিব আৰু কাফিৰসকলক নিৰ্মূল কৰিব।
Enfal 8:8
যাতে তেওঁ সত্যক সত্যৰূপে আৰু বাতিলক বাতিলৰূপে প্ৰতিপন্ন কৰিব পাৰে, যদিও অপৰাধীসকলে এইটোক অপছন্দ কৰে।
Enfal 8:9
স্মৰণ কৰা, যেতিয়া তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ওচৰত উদ্ধাৰ প্ৰাৰ্থনা কৰিছিলা, ফলত তেওঁ তোমালোকৰ প্ৰাৰ্থনাত সহাঁৰি দিছিল যে, ‘নিশ্চয় আমি তোমালোকক সহায় কৰিম এহেজাৰ ফিৰিস্তাৰ দ্বাৰা, যিসকলে দলে দলে এটাৰ পিছত এটাকৈ আহিব’।
Enfal 8:10
আৰু আল্লাহে এইটো কৰিছে সুসংবাদস্বৰূপে লগতে এই উদ্দেশ্যে যাতে তোমালোকৰ অন্তৰসমূহে ইয়াৰ দ্বাৰা প্ৰশান্তি লাভ কৰে; সহায় কেৱল আল্লাহৰ পৰাই আহে; নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Enfal 8:11
স্মৰণ কৰা, যেতিয়া তেওঁ তেওঁৰ ফালৰ পৰা স্বস্তিৰ বাবে তোমালোকক তন্দ্ৰাচ্ছন্ন কৰিছিল আৰু আকাশৰ পৰা তোমালোকৰ বাবে পানী বৰ্ষণ কৰিছিল যাতে ইয়াৰ দ্বাৰা তেওঁ তোমালোকক পৱিত্ৰ কৰে, আৰু তোমালোকৰ পৰা চয়তানৰ কুমন্ত্ৰণা দূৰ কৰে, তোমালোকৰ হৃদয়সমূহ দৃঢ় ৰাখে আৰু ইয়াৰ মাধ্যমত তোমালোকৰ ভৰিসমূহ স্থিৰ ৰাখে।
Enfal 8:12
স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিল যে, ‘নিশ্চয় মই তোমালোকৰ লগত আছোঁ, এতেকে তোমালোকে মুমিনসকলক অবিচলিত ৰাখা’। যিসকলে কুফুৰী কৰিছে অচিৰেই মই সিহঁতৰ হৃদয়ত ভীতিৰ সঞ্চাৰ কৰিম; সেয়ে তোমালোকে সিহঁতৰ ডিঙিত আঘাত কৰা আৰু সিহঁতৰ প্ৰত্যেক গাঠিয়ে গাঠিয়ে আঘাত কৰা।
Enfal 8:13
এইটো এইকাৰণে যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিছে; আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব তেন্তে (জানি থোৱা) নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।
Enfal 8:14
এইটোৱে তোমালোকৰ শাস্তি, এতেকে তোমালোকে ইয়াৰ সোৱাদ লোৱা। নিশ্চয় কাফিৰসকলৰ বাবে আছে জাহান্নামৰ শাস্তি।
Enfal 8:15
হে মুমিনসকল! তোমালোকে যেতিয়া (যুদ্ধৰ সময়ত) কাফিৰ বাহিনীৰ সন্মুখীন হ’বা পৰস্পৰ নিকটৱৰ্তী অৱস্থাত, তেতিয়া তোমালোকে সিহঁতক পৃষ্ঠ প্ৰদৰ্শন (কৰি পলায়ন) নকৰিবা;
Enfal 8:16
আৰু সেইদিনা যুদ্ধৰ বাবে কৌশলগত দিশ পৰিবৰ্তন কৰিবলৈ অথবা নিজ দলত আশ্ৰয় গ্ৰহণৰ বাহিৰে কোনোবাই যদি পশ্চাদমুখী হয় তেন্তে সি আল্লাহৰ গজব লৈ উভতিব আৰু তাৰ আশ্ৰয়স্থল হ’ব জাহান্নাম, আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল!
Enfal 8:17
এতেকে তোমালোকে সিহঁতক হত্যা কৰা নাছিলা বৰং আল্লাহেই সিহঁতক হত্যা কৰিছিল। যেতিয়া তুমি নিক্ষেপ কৰিছিলা, তেতিয়া তুমি নিক্ষেপ কৰা নাছিলা বৰং আল্লাহেই নিক্ষেপ কৰিছিল। যাতে তেওঁ মুমিনসকলক নিজৰ তৰফৰ পৰা উত্তমৰূপে পৰীক্ষা (কৰি উচ্চ মৰ্যাদা প্ৰদান) কৰিব পাৰে, নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Enfal 8:18
এয়া আছিল তোমালোকৰ বাবে, আৰু নিশ্চয় আল্লাহে কাফিৰসকলৰ ষড়যন্ত্ৰ দুৰ্বল কৰি দিয়ে।
Enfal 8:19
যদি তোমালোকে বিজয় কামনা কৰিছা তেনেহ’লে সেয়া তোমালোকৰ ওচৰত আহি পাইছেহি; আৰু যদি তোমালোকে বিৰত হোৱা তেন্তে সেয়া হৈছে তোমালোকৰ বাবে কল্যাণকৰ; কিন্তু যদি তোমালোকে আকৌ যুদ্ধ কৰিবলৈ আহা তেন্তে আমিও আকৌ শাস্তি লৈ আহিম। তোমালোকৰ দল সংখ্যাগৰিষ্ঠ হ’লেও তথাপিও তোমালোকৰ কোনো কামত নাহিব। নিশ্চয় আল্লাহ মুমিনসকলৰ লগত আছে।
Enfal 8:20
হে মুমিনসকল! তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা আৰু তোমালোকে তেওঁৰ কথা শুনাৰ পিছত তাৰ পৰা মুখ ঘূৰাই নল’বা।
Enfal 8:21
আৰু তোমালোকে সিহঁতৰ দৰে নহ’বা, যিসকলে কয়, ‘আমি শুনিছোঁ’; আচলতে সিহঁতে নুশুনে।
Enfal 8:22
নিশ্চয় আল্লাহৰ ওচৰত বিচৰণশীল জীৱৰ মাজত অতি নিকৃষ্ট হৈছে সেইসকল কলা, বোবা, যিসকলে একোৱে নুবুজে।
Enfal 8:23
আল্লাহে যদি সিহঁতৰ মাজত কিবা ভাল গুণ দেখিলহেঁতেন তেন্তে নিশ্চয় সিহঁতক শুনিবলৈ (সুযোগ) দিলেহেঁতেন। কিন্তু তেওঁ সিহঁতক শুনালেও সিহঁতে উপেক্ষা কৰি মুখ ঘূৰাই ল’লেহেঁতেন।
Enfal 8:24
হে মুমিনসকল! ৰাছুলে যেতিয়া তোমালোকক এনেকুৱা কোনো বিষয়ৰ প্ৰতি আহ্বান কৰে যিটোৱে তোমালোকক জীৱন দান কৰিব, তেতিয়া তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আহ্বানত সঁহাৰি দিবা আৰু জানি থোৱা, নিশ্চয় মানুহৰ আৰু তাৰ হৃদয়ৰ মাজত আল্লাহ অন্তৰায় হৈ যায়। নিশ্চয় তেওঁৰ পিনেই তোমালোকক একত্ৰিত কৰা হ’ব।
Enfal 8:25
আৰু তোমালোকে ফিতনা-ফাছাদৰ পৰা আঁতৰত থাকিবা, (কিয়নো ইয়াৰ অশুভ পৰিণাম) কেৱল তোমালোকৰ মাজৰ যালিমসকলৰ মাজতেই বিশেষকৈ সীমাবদ্ধ নাথাকে। লগতে জানি থোৱা, নিশ্চয় আল্লাহ শাস্তি দানত অতি কঠোৰ।
Enfal 8:26
আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে সংখ্যাত অতি তাকৰ আছিলা, পৃথিৱীত তোমালোকক দুৰ্বল হিচাপে গণ্য কৰা হৈছিল। তোমালোকে আশংকা কৰিছিলা যে, মানুহে তোমালোকক অকস্মাৎ আহি অপহৰণ কৰিব। তাৰ পিছত তেৱেঁই (আল্লাহেই) তোমালোকক আশ্ৰয় দিছে, নিজৰ সহায়ৰ জৰিয়তে তোমালোকক শক্তিশালী কৰিছে আৰু তোমালোকক উত্তম বস্তুবোৰ জীৱিকা হিচাপে দান কৰিছে যাতে তোমালোকে কৃতজ্ঞ হোৱা।
Enfal 8:27
হে মুমিনসকল! তোমালোকে জানি-বুজি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে খিয়ানত (বিশ্বাসঘাতকতা) নকৰিবা আৰু তোমালোকৰ পৰস্পৰৰ আমানততো খিয়ানত নকৰিবা।
Enfal 8:28
আৰু জানি থোৱা, তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি হৈছে এটা পৰীক্ষা; আৰু (জানি থোৱা) নিশ্চয় আল্লাহৰ ওচৰতেই আছে মহাপুৰস্কাৰ।
Enfal 8:29
হে মুমিনসকল! যদি তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা তেন্তে তেওঁ তোমালোকক ফুৰকান তথা ন্যায়-অন্যায় পাৰ্থক্য কৰাৰ শক্তি প্ৰদান কৰিব, তোমালোকৰ পাপ মোচন কৰিব আৰু তোমালোকক ক্ষমা কৰিব আৰু আল্লাহ হৈছে মহা কল্যাণৰ অধিকাৰী।
Enfal 8:30
আৰু স্মৰণ কৰা, যেতিয়া কাফিৰসকলে তোমাক বন্দী কৰাৰ বাবে অথবা হত্যা কৰাৰ বাবে নাইবা নিৰ্বাসিত কৰাৰ বাবে ষড়যন্ত্ৰ কৰিছিল। সিহঁতে ষড়যন্ত্ৰ কৰিছিল ইপিনে আল্লাহেও (সিহঁতৰ ষড়যন্ত্ৰৰ বিপক্ষে) তাৰ প্ৰতিব্যৱস্থা কৰিছিল, আৰু আল্লাহ সৰ্বশ্ৰেষ্ঠ কৌশলী।
Enfal 8:31
আৰু যেতিয়া সিহঁতৰ ওচৰত আমাৰ আয়াতসমূহ পাঠ কৰা হয় তেতিয়া সিহঁতে কয়, ‘আমি শুনিলোঁ, ইচ্ছা কৰিলে আমিও এইদৰে ক’ব পাৰোঁ, এইবোৰ পুৰণি দিনৰ লোকসকলৰ উপকথাৰ বাহিৰে আন একো নহয়’।
Enfal 8:32
আৰু স্মৰণ কৰা, যেতিয়া সিহঁতে কৈছিল, ‘হে আল্লাহ! এইখন (কোৰআন) যদি তোমাৰ ফালৰ পৰা সঁচাই সত্য হয়, তেন্তে আমাৰ ওপৰত তুমি শিলা-বৃষ্টি বৰ্ষণ কৰা অথবা আমাৰ ওপৰত কোনো যন্ত্ৰণাদায়ক শাস্তি লৈ আহা’।
Enfal 8:33
আল্লাহ এনেকুৱা নহয় যে, তুমি সিহঁতৰ মাজত থকা অৱস্থাতে তেওঁ সিহঁতক শাস্তি দিব; লগতে আল্লাহৰ নীতি এইটোও নহয় যে, সিহঁতে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি থাকিব আৰু আল্লাহে সিহঁতক শাস্তি দিব।
Enfal 8:34
সিহঁতৰ মাজত এনেকুৱা কি (গুণ) আছে, আল্লাহে সিহঁতক কিয় শাস্তি নিদিব? অথচ সিহঁতে মানুহক মছজিদুল হাৰামৰ পৰা নিবৃত্ত কৰে; আনকি সিহঁত সেই মছজিদৰ অভিভাৱকো নহয়; ইয়াৰ অভিভাৱক হৈছে কেৱল মুত্তাক্বীসকল; কিন্তু সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।
Enfal 8:35
আৰু কাবা ঘৰৰ ওচৰত উৰুলি আৰু হাত তালিৰ বাহিৰে সিহঁতৰ আন একো উপাসনা নাছিল। গতিকে তোমালোকে শাস্তি ভোগ কৰা, কাৰণ তোমালোকে কুফুৰী কৰিছিলা।
Enfal 8:36
নিশ্চয় যিসকলে কুফৰী কৰিছে, সিহঁতে আল্লাহৰ পথৰ পৰা মানুহক নিবৃত্ত কৰিবলৈ সিহঁতৰ ধন-সম্পদ ব্যয় কৰে, এতেকে সিহঁতে এইদৰে ব্যয় কৰিয়ে থাকিব, অৱশেষত সেয়া সিহঁতৰ মনস্তাপৰ কাৰণ হ’ব; ইয়াৰ পিছত সিহঁতে পৰাভূত হ’ব; আৰু যিসকলে কুফৰী কৰিছে সিহঁতক জাহান্নামত একত্ৰিত কৰা হ’ব।
Enfal 8:37
যাতে আল্লাহে অপৱিত্ৰবোৰক পৱিত্ৰসকলৰ পৰা পৃথক কৰিব পাৰে। তেওঁ অপৱিত্ৰবোৰক এটাৰ পিছত আনটোক ৰাখি সকলোকে স্তূপত পৰিণত কৰিব, তাৰ পিছত সেই স্তূপক জাহান্নামত নিক্ষেপ কৰিব। সিহঁতেই হৈছে ক্ষতিগ্ৰস্ত।
Enfal 8:38
যিসকলে কুফুৰী কৰিছে সিহঁতক কোৱা, ‘যদি সিহঁতে (কুফুৰী) পৰিহাৰ কৰে তেন্তে অতীতত যি (পাপ) হৈছে সেয়া আল্লাহে ক্ষমা কৰিব; কিন্তু সিহঁতে যদি অন্যায়ৰ পুনৰাবৃত্তি কৰে তেন্তে পুৰ্বৱৰ্তীসকলৰ ৰীতিতো জানাই (সিহঁতৰ কি পৰিণতি হৈছিল)’।
Enfal 8:39
আৰু তোমালোকে ফিতনাৰ অৱসান নঘটালৈকে সিহঁতৰ বিৰুদ্ধে সংগ্ৰাম কৰি থাকিবা, লগতে দ্বীন পূৰ্ণৰূপে কেৱল আল্লাহৰ বাবে প্ৰতিষ্ঠা নোহোৱালৈকে (এই সংগ্ৰাম চলাই যাবা)। তাৰ পিছত যদি সিহঁতে বিৰত থাকে তেন্তে সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।
Enfal 8:40
আৰু যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা, আল্লাহেই তোমালোকৰ অভিভাৱক, তেওঁ কিমান যে উত্তম অভিভাৱক আৰু কিমান যে উত্তম সহায়কাৰী।
Enfal 8:41
আৰু জানি থোৱা, যুদ্ধ ক্ষেত্ৰত তোমালোকে গনিমত (যুদ্ধলব্ধ সম্পদ) হিচাপে যি লাভ কৰিছা, তাৰ এক-পঞ্চমাংশ হৈছে আল্লাহৰ, ৰাছুলৰ, ৰাছুলৰ নিকট আত্মীয়ৰ, ইয়াতীমসকলৰ, মিছকীনসকলৰ আৰু মুছাফিৰসকলৰ বাবে নিৰ্দিষ্ট, যদি তোমালোকে আল্লাহৰ প্ৰতি বিশ্বাস কৰা আৰু সেইটোৰ প্ৰতি বিশ্বাস কৰা যিটো আমি মীমাংসাৰ দিনা আমাৰ বান্দাৰ ওপৰত অৱতীৰ্ণ কৰিছিলোঁ, যিদিনা দুয়ো দলে পৰস্পৰৰ সন্মুখীন হৈছিল। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
Enfal 8:42
স্মৰণ কৰা, যেতিয়া তোমালোকে উপত্যকাৰ নিকটৱৰ্তী প্ৰান্তত আছিলা আৰু সিহঁত আছিল দূৰৱৰ্তী প্ৰান্তত আৰু আৰোহী দল আছিল তোমালোকৰ পৰা নিম্নভূমিত। যদি তোমালোকে পৰস্পৰে যুদ্ধ সম্পৰ্কে কোনো পূৰ্বসিদ্ধান্তত থাকিলাহেঁতেন তেন্তে এই সিদ্ধান্ত সম্পৰ্কে তোমালোকে নিশ্চয় মতভেদ কৰিলাহেঁতেন। কিন্তু যি ঘটিবলগীয়া আছিল, আল্লাহে সেয়া সম্পন্ন কৰিলে, যাতে যিয়ে ধ্বংস হ’ব সি যেন সুস্পষ্ট প্ৰমাণ পোৱাৰ পিছত ধ্বংস হয় আৰু যিয়ে জীৱিত থাকিব সি যেন সুস্পষ্ট প্ৰমাণ পোৱাৰ পিছত জীৱিত থাকে; আৰু নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Enfal 8:43
আৰু স্মৰণ কৰা, যেতিয়া আল্লাহে তোমাক সপোনত দেখুৱাইছিল যে, সিহঁত সংখ্যাত তাকৰ হ’ব; যদি তোমাক সিহঁতৰ সংখ্যা বেছি দেখুৱালেহেঁতেন তেন্তে নিশ্চয় তোমালোকে সাহস হেৰুৱালাহেঁতেন আৰু যুদ্ধৰ বিষয়ে নিজৰ মাজতে বিৰোধ সৃষ্টি কৰিলাহেঁতেন। কিন্তু আল্লাহে তোমালোকক ৰক্ষা কৰিছে। নিশ্চয় অন্তৰত যি আছে সেই বিষয়ে তেৱেঁই সবিশেষ অৱগত।
Enfal 8:44
আৰু স্মৰণ কৰা, যেতিয়া তোমালোকে পৰস্পৰৰ সন্মুখীন হৈছিলা তেতিয়া তেওঁ তোমালোকৰ দৃষ্টিত সিহঁতৰ সংখ্যা কম দেখুৱাইছিল আৰু সিহঁতৰ দৃষ্টিতো তোমালোকক সংখ্যাত কম দেখুৱাইছিল, যাতে আল্লাহে সেই কামটো সম্পন্ন কৰিব পাৰে যিটো ঘটিবলগীয়া আছিল। (জানি থোৱা) সকলো বিষয় আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হয়।
Enfal 8:45
হে মুমিনসকল! যেতিয়া তোমালোকে কোনো দলৰ সন্মুখীন হ’বা তেতিয়া অবিচল থাকিবা আৰু আল্লাহক বেছি পৰিমাণে স্মৰণ কৰিবা, যাতে তোমালোকে সফলতা লাভ কৰিব পাৰা।
Enfal 8:46
আৰু তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা, লগতে নিজৰ মাজতে বিবাদ নকৰিবা, এনে কৰিলে তোমালোকে সাহস হেৰুৱাবা আৰু তোমালোকৰ শক্তি-সামৰ্থ বিলুপ্ত হ’ব। তোমালোকে ধৈৰ্য্য ধাৰণ কৰা; নিশ্চয় আল্লাহ ধৈৰ্য্যশীলসকলৰ লগত আছে।
Enfal 8:47
আৰু তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে নিজ ঘৰৰ পৰা অহংকাৰ আৰু মানুহক দেখুৱাবলৈ ওলাইছিল আৰু সিহঁতে মানুহক আল্লাহৰ পথৰ পৰা নিবৃত্ত কৰে। কিন্তু সিহঁতে যি কৰে আল্লাহে সেয়া পৰিবেষ্টন কৰি আছে।
Enfal 8:48
আৰু স্মৰণ কৰা, যেতিয়া চয়তানে সিহঁতৰ বাবে সিহঁতৰ কাৰ্যাৱলীক শোভনীয় কৰিছিল আৰু কৈছিল, ‘আজি মানুহৰ মাজত কোনোৱেই তোমালোকৰ ওপৰত বিজয় লাভ কৰিব নোৱাৰে, আৰু নিশ্চয় মই তোমালোকৰ কাষতেই অৱস্থান কৰিম’। এতেকে যেতিয়া দুয়ো দল পৰস্পৰে দৃশ্যমান হ’ল তেতিয়া সি পিছ হোঁহোকিলে আৰু ক’লে, ‘নিশ্চয় তোমালোকৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই, নিশ্চয় মই এনেকুৱা কিবা দেখি আছোঁ যিটো তোমালোকে দেখা নোপোৱা। নিশ্চয় মই আল্লাহক ভয় কৰোঁ’, কাৰণ আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।
Enfal 8:49
স্মৰণ কৰা, যেতিয়া মুনাফিকসকলে আৰু যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে কৈছিল, ‘এওঁলোকৰ দ্বীনে এওঁলোকক বিভ্ৰান্ত কৰিছে’। প্ৰকৃততে যিয়ে আল্লাহৰ ওপৰত নিৰ্ভৰ কৰে (তেওঁহে জয়লাভ কৰে)। (জানি থোৱা) নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰান্ত, প্ৰজ্ঞাময়।
Enfal 8:50
আৰু যদি তুমি দেখিলাহেঁতেন যেতিয়া ফিৰিস্তাসকলে কাফিৰসকলৰ প্ৰাণ হৰণ কৰিছিল, তেতিয়া সিহঁতৰ মুখমণ্ডলত আৰু পিঠিত আঘাত কৰি কৈছিল, ‘তোমালোকে দহনযন্ত্ৰণা ভোগ কৰা’।
Enfal 8:51
এয়া হৈছে তোমালোকে পূৰ্বে নিজ হাতেৰে পঠোৱা কৰ্মৰ প্ৰতিফল। নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ ওপৰত কেতিয়াও অবিচাৰ নকৰে।
Enfal 8:52
ফিৰআউন বংশধৰ আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে, সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে; ফলত আল্লাহে সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক গ্ৰেপ্তাৰ কৰিছে। নিশ্চয় আল্লাহ সৰ্বশক্তিমান, শাস্তি দানত অতি কঠোৰ।
Enfal 8:53
এইটো এইকাৰণে যে, যদি কোনো সম্প্ৰদায়ে নিজৰ অৱস্থাৰ পৰিবৰ্তন নিজে নকৰে তেন্তে আল্লাহ এনে নহয় যে, তেওঁ সিহঁতক যি নিয়ামত দান কৰিছে তাত কোনো পৰিবৰ্তন আনিব; নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Enfal 8:54
ফিৰআউনৰ বংশধৰ আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ অভ্যাসৰ দৰে ইহঁতে নিজ প্ৰতিপালকৰ আয়াতসমূহক অস্বীকাৰ কৰে। ফলত সিহঁতৰ পাপকৰ্মৰ বাবে আমি সিহঁতক ধ্বংস কৰিছিলোঁ আৰু ফিৰআউনৰ বংশধৰসকলক ডুবাই মাৰিছিলোঁ; আৰু সিহঁত আটায়ে আছিল যালিম।
Enfal 8:55
নিশ্চয় বিচৰণকাৰী প্ৰাণীবোৰৰ মাজত আল্লাহৰ ওচৰত আটাইতকৈ নিকৃষ্ট প্ৰাণী হৈছে সেইসকল, যিসকলে কুফুৰী কৰিছে। সেয়ে সিহঁতে ঈমান পোষণ নকৰিব।
Enfal 8:56
সিহঁতৰ মাজৰ পৰা যিসকলৰ সৈতে তুমি চুক্তি কৰিছা, সিহঁতে বাৰে বাৰে সিহঁতৰ সেই চুক্তি ভংগ কৰে, আৰু সিহঁতে তাক্বৱা অৱলম্বন নকৰে।
Enfal 8:57
এতেকে যদি তুমি সিহঁতক যুদ্ধত নিজৰ আয়ত্তত ল’ব পাৰা তেন্তে সিহঁতক এনেকুৱা কঠোৰ শাস্তি প্ৰদান কৰিবা, যাতে সিহঁতৰ পিছফালে যিসকল আছে সিহঁত ছত্ৰভংগ দি পলায়ন কৰে, সম্ভৱতঃ সিহঁতে (ইয়াৰ পৰা) শিক্ষা লাভ কৰিব।
Enfal 8:58
আৰু যদি তুমি কোনো সম্প্ৰদায়ৰ চুক্তি ভংগৰ আশংকা কৰা তেন্তে সিহঁতৰ চুক্তি প্ৰকাশ্যভাৱে সিহঁতলৈ দলিয়াই দিবা, নিশ্চয় আল্লাহে বিশ্বাসঘাতকসকলক পছন্দ নকৰে।
Enfal 8:59
আৰু কাফিৰসকলে যেন এইটো কেতিয়াও নাভাবে যে, সিহঁত (আমাৰ) আয়ত্বৰ বাহিৰত গুচি গৈছে; নিশ্চয় সিহঁতে (আল্লাহক) অপাৰগ কৰিবলৈ সক্ষম নহয়।
Enfal 8:60
আৰু তোমালোকে সিহঁতৰ মুকাবিলাৰ বাবে যথাসাধ্য শক্তি-সামৰ্থ আৰু অশ্ব-বাহিনী প্ৰস্তুত কৰা, যিটোৰ দ্বাৰা তোমালোকে ভীত-সন্ত্ৰস্ত কৰিবা আল্লাহৰ শত্ৰুক আৰু তোমালোকৰ শত্ৰুক লগতে ইয়াৰ বাহিৰেও আন আন লোকসকলক যিসকলক তোমালোকে চিনি নোপোৱা, কিন্তু আল্লাহে সিহঁতক জানে। আল্লাহৰ পথত তোমালোকে যি ব্যয় কৰিবা তাৰ পূৰ্ণ প্ৰতিদান তোমালোকক প্ৰদান কৰা হ’ব আৰু তোমালোকৰ প্ৰতি অকণো অন্যায় কৰা নহ’ব।
Enfal 8:61
আৰু যদি সিহঁতে (শান্তি স্থাপনৰ বাবে) সন্ধিৰ পিনে ঢাল খায় তেন্তে তুমিও তাৰ বাবে আগ্ৰহী হ’বা আৰু আল্লাহৰ ওপৰত নিৰ্ভৰ কৰিবা; নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
Enfal 8:62
আনহাতে যদি সিহঁতে তোমাক প্ৰতাৰিত কৰিব বিচাৰে তেন্তে তোমাৰ বাবে আল্লাহেই যথেষ্ট, নিশ্চয় তেওঁ তোমাক নিজ সহায়ৰ দ্বাৰা আৰু মুমিনসকলৰ দ্বাৰা শক্তিশালী কৰিছে।
Enfal 8:63
আৰু তেৱেঁই সিহঁতৰ পৰস্পৰৰ হৃদয়ৰ মাজত প্ৰীতি স্থাপন কৰিছে। পৃথিৱীৰ যাৱতীয় সম্পদ ব্যয় কৰিলেও তুমি সিহঁতৰ হৃদয়ত প্ৰীতি স্থাপন কৰিব নোৱাৰিলাহেঁতেন; কিন্তু আল্লাহে সিহঁতৰ মাজত প্ৰীতি স্থাপন কৰিছে, নিশ্চয় তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Enfal 8:64
হে নবী! তোমাৰ বাবে আৰু তোমাৰ অনুসাৰীসকলৰ বাবে আল্লাহেই যথেষ্ট।
Enfal 8:65
হে নবী! তুমি মুমিনসকলক যুদ্ধৰ বাবে উদ্বুদ্ধ কৰা, তোমালোকৰ মাজৰ বিশজন ধৈৰ্য্যশীল ব্যক্তিয়ে দুশজনক পৰাস্ত কৰিব আৰু তোমালোকৰ মাজৰ এশজনে এহেজাৰ কাফিৰৰ ওপৰত বিজয়ী লাভ কৰিব। কাৰণ সিহঁত (কাফিৰসকল) হৈছে এনেকুৱা এটা সম্প্ৰদায় যিসকলৰ বোধশক্তি নাই।
Enfal 8:66
আল্লাহে এতিয়া তোমালোকৰ ভাৰ লাঘৱ কৰিছে আৰু তেওঁ অৱগত যে, তোমালোকৰ মাজত দুৰ্বলতা আছে, সেয়ে তোমালোকৰ মাজৰ এশজন ধৈৰ্য্যশীল ব্যক্তিয়ে দুশজনৰ ওপৰত বিজয়ী লাভ কৰিব, আৰু তোমালোকৰ মাজত এহেজাৰ থাকিলে আল্লাহৰ অনুজ্ঞাক্ৰমে সিহঁতে দুহেজাৰৰ ওপৰত বিজয়ী হ’ব। প্ৰকৃতে আল্লাহ ধৈৰ্য্যশীলসকলৰ লগত আছে।
Enfal 8:67
পৃথিৱীত সম্পূৰ্ণৰূপে শত্ৰুক উচ্ছন্ন নকৰালৈকে যুদ্ধবন্দী ৰখাটো কোনো নবীৰ বাবেই সংগত নহয়। তোমালোকে কামনা কৰা পাৰ্থিৱ সম্পদ কিন্তু আল্লাহে বিচাৰে আখিৰাত; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
Enfal 8:68
আল্লাহৰ পূৰ্ব বিধান (লিপিবদ্ধ) নাথাকিলে তোমালোকে যি গ্ৰহণ কৰিছা, তাৰকাৰণে তোমালোকৰ ওপৰত মহাশাস্তি আপতিত হ’লহেঁতেন।
Enfal 8:69
এতেকে তোমালোকে যি গনীমত লাভ কৰিছা সেয়া বৈধ আৰু উত্তম বুলি ভোগ কৰা আৰু আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Enfal 8:70
হে নবী! তোমালোকৰ কৰায়ত্ত যুদ্ধবন্দীসকলক কোৱা, ‘আল্লাহে যদি তোমালোকৰ হৃদয়ত ভাল কিবা দেখে তেন্তে তোমালোকৰ পৰা (মুক্তিপণ হিচাপে) যি লোৱা হৈছে তাতকৈও উত্তম কিবা তেওঁ তোমালোকক প্ৰদান কৰিব আৰু তোমালোকক ক্ষমা কৰিব, আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু’।
Enfal 8:71
আৰু সিহঁতে যদি তোমাৰ লগত বিশ্বাসঘাতকতা কৰে, তেন্তে (জানি থোৱা) ইতিপূৰ্বে সিহঁতে আল্লাহৰ লগতো বিশ্বাসঘাতকতা কৰিছে; তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত (তোমাক) শক্তিশালী কৰিছে; আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
Enfal 8:72
নিশ্চয় যিসকলে ঈমান আনিছে, হিজৰত কৰিছে, জীৱন আৰু সম্পদৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে, আৰু যিসকলে (মুমিনসকলক) আশ্ৰয় প্ৰদান কৰিছে আৰু সহায় কৰিছে, তেওঁলোকে পৰস্পৰে পৰস্পৰৰ বন্ধু। কিন্তু যিসকলে ঈমান আনিছে অথচ হিজৰত কৰা নাই, সিহঁতে হিজৰত নকৰালৈকে সিহঁতৰ অভিভাৱকত্বৰ দায়িত্ব তোমালোকৰ ওপৰত নাই; আৰু যদি সিহঁতে দ্বীন সম্পৰ্কে তোমালোকৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে তেতিয়া সিহঁতক সহায় কৰাটো তোমালোকৰ কৰ্তব্য, কিন্তু যি সম্প্ৰদায় আৰু তোমালোকৰ মাজত চুক্তি আছে সিহঁতৰ বিৰুদ্ধে নহয়। তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক দ্ৰষ্টা।
Enfal 8:73
আনহাতে যিসকলে কুফুৰী কৰিছে সিহঁতে পৰস্পৰে পৰস্পৰৰ বন্ধু, সেয়ে যদি তোমালোকে এনে নকৰা তেন্তে পৃথিৱীত ফিতনা আৰু মহাবিপৰ্যয়ে দেখা দিব।
Enfal 8:74
আৰু যিসকলে ঈমান আনিছে, হিজৰত কৰিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, আৰু যিসকলে (মুমিনসকলক) আশ্ৰয় প্ৰদান কৰিছে লগতে সহায় কৰিছে, তেওঁলোকেই হৈছে প্ৰকৃত মুমিন; তেওঁলোকৰ বাবেই আছে ক্ষমা আৰু সন্মানজনক জীৱিকা।
Enfal 8:75
আৰু যিসকলে পিছত ঈমান আনিছে, হিজৰত কৰিছে আৰু তোমালোকৰ লগত থাকি জিহাদ কৰিছে তেওঁলোকেও তোমালোকৰ অন্তৰ্ভুক্ত আৰু আল্লাহৰ বিধানত নিকটআত্মীয়সকল হৈছে (আনৰ তুলনাত) ইজনে সিজনৰ বেছি হক্বদাৰ। নিশ্চয় আল্লাহ সকলো বিষয়ে সম্যক অৱগত।