Assamese Abridged Explanation of the Quran — Nisa' 4:1 – Enam 6:165
Contents
- Nisa' 4:1
- Nisa' 4:2
- Nisa' 4:3
- Nisa' 4:4
- Nisa' 4:5
- Nisa' 4:6
- Nisa' 4:7
- Nisa' 4:8
- Nisa' 4:9
- Nisa' 4:10
- Nisa' 4:11
- Nisa' 4:12
- Nisa' 4:13
- Nisa' 4:14
- Nisa' 4:15
- Nisa' 4:16
- Nisa' 4:17
- Nisa' 4:18
- Nisa' 4:19
- Nisa' 4:20
- Nisa' 4:21
- Nisa' 4:22
- Nisa' 4:23
- Nisa' 4:24
- Nisa' 4:25
- Nisa' 4:26
- Nisa' 4:27
- Nisa' 4:28
- Nisa' 4:29
- Nisa' 4:30
- Nisa' 4:31
- Nisa' 4:32
- Nisa' 4:33
- Nisa' 4:34
- Nisa' 4:35
- Nisa' 4:36
- Nisa' 4:37
- Nisa' 4:38
- Nisa' 4:39
- Nisa' 4:40
- Nisa' 4:41
- Nisa' 4:42
- Nisa' 4:43
- Nisa' 4:44
- Nisa' 4:45
- Nisa' 4:46
- Nisa' 4:47
- Nisa' 4:48
- Nisa' 4:49
- Nisa' 4:50
- Nisa' 4:51
- Nisa' 4:52
- Nisa' 4:53
- Nisa' 4:54
- Nisa' 4:55
- Nisa' 4:56
- Nisa' 4:57
- Nisa' 4:58
- Nisa' 4:59
- Nisa' 4:60
- Nisa' 4:61
- Nisa' 4:62
- Nisa' 4:63
- Nisa' 4:64
- Nisa' 4:65
- Nisa' 4:66
- Nisa' 4:67
- Nisa' 4:68
- Nisa' 4:69
- Nisa' 4:70
- Nisa' 4:71
- Nisa' 4:72
- Nisa' 4:73
- Nisa' 4:74
- Nisa' 4:75
- Nisa' 4:76
- Nisa' 4:77
- Nisa' 4:78
- Nisa' 4:79
- Nisa' 4:80
- Nisa' 4:81
- Nisa' 4:82
- Nisa' 4:83
- Nisa' 4:84
- Nisa' 4:85
- Nisa' 4:86
- Nisa' 4:87
- Nisa' 4:88
- Nisa' 4:89
- Nisa' 4:90
- Nisa' 4:91
- Nisa' 4:92
- Nisa' 4:93
- Nisa' 4:94
- Nisa' 4:95
- Nisa' 4:96
- Nisa' 4:97
- Nisa' 4:98
- Nisa' 4:99
- Nisa' 4:100
- Nisa' 4:101
- Nisa' 4:102
- Nisa' 4:103
- Nisa' 4:104
- Nisa' 4:105
- Nisa' 4:106
- Nisa' 4:107
- Nisa' 4:108
- Nisa' 4:109
- Nisa' 4:110
- Nisa' 4:111
- Nisa' 4:112
- Nisa' 4:113
- Nisa' 4:114
- Nisa' 4:115
- Nisa' 4:116
- Nisa' 4:117
- Nisa' 4:118
- Nisa' 4:119
- Nisa' 4:120
- Nisa' 4:121
- Nisa' 4:122
- Nisa' 4:123
- Nisa' 4:124
- Nisa' 4:125
- Nisa' 4:126
- Nisa' 4:127
- Nisa' 4:128
- Nisa' 4:129
- Nisa' 4:130
- Nisa' 4:131
- Nisa' 4:132
- Nisa' 4:133
- Nisa' 4:134
- Nisa' 4:135
- Nisa' 4:136
- Nisa' 4:137
- Nisa' 4:138
- Nisa' 4:139
- Nisa' 4:140
- Nisa' 4:141
- Nisa' 4:142
- Nisa' 4:143
- Nisa' 4:144
- Nisa' 4:145
- Nisa' 4:146
- Nisa' 4:147
- Nisa' 4:148
- Nisa' 4:149
- Nisa' 4:150
- Nisa' 4:151
- Nisa' 4:152
- Nisa' 4:153
- Nisa' 4:154
- Nisa' 4:155
- Nisa' 4:156
- Nisa' 4:157
- Nisa' 4:158
- Nisa' 4:159
- Nisa' 4:160
- Nisa' 4:161
- Nisa' 4:162
- Nisa' 4:163
- Nisa' 4:164
- Nisa' 4:165
- Nisa' 4:166
- Nisa' 4:167
- Nisa' 4:168
- Nisa' 4:169
- Nisa' 4:170
- Nisa' 4:171
- Nisa' 4:172
- Nisa' 4:173
- Nisa' 4:174
- Nisa' 4:175
- Nisa' 4:176
- Maide 5:1
- Maide 5:2
- Maide 5:3
- Maide 5:4
- Maide 5:5
- Maide 5:6
- Maide 5:7
- Maide 5:8
- Maide 5:9
- Maide 5:10
- Maide 5:11
- Maide 5:12
- Maide 5:13
- Maide 5:14
- Maide 5:15
- Maide 5:16
- Maide 5:17
- Maide 5:18
- Maide 5:19
- Maide 5:20
- Maide 5:21
- Maide 5:22
- Maide 5:23
- Maide 5:24
- Maide 5:25
- Maide 5:26
- Maide 5:27
- Maide 5:28
- Maide 5:29
- Maide 5:30
- Maide 5:31
- Maide 5:32
- Maide 5:33
- Maide 5:34
- Maide 5:35
- Maide 5:36
- Maide 5:37
- Maide 5:38
- Maide 5:39
- Maide 5:40
- Maide 5:41
- Maide 5:42
- Maide 5:43
- Maide 5:44
- Maide 5:45
- Maide 5:46
- Maide 5:47
- Maide 5:48
- Maide 5:49
- Maide 5:50
- Maide 5:51
- Maide 5:52
- Maide 5:53
- Maide 5:54
- Maide 5:55
- Maide 5:56
- Maide 5:57
- Maide 5:58
- Maide 5:59
- Maide 5:60
- Maide 5:61
- Maide 5:62
- Maide 5:63
- Maide 5:64
- Maide 5:65
- Maide 5:66
- Maide 5:67
- Maide 5:68
- Maide 5:69
- Maide 5:70
- Maide 5:71
- Maide 5:72
- Maide 5:73
- Maide 5:74
- Maide 5:75
- Maide 5:76
- Maide 5:77
- Maide 5:78
- Maide 5:79
- Maide 5:80
- Maide 5:81
- Maide 5:82
- Maide 5:83
- Maide 5:84
- Maide 5:85
- Maide 5:86
- Maide 5:87
- Maide 5:88
- Maide 5:89
- Maide 5:90
- Maide 5:91
- Maide 5:92
- Maide 5:93
- Maide 5:94
- Maide 5:95
- Maide 5:96
- Maide 5:97
- Maide 5:98
- Maide 5:99
- Maide 5:100
- Maide 5:101
- Maide 5:102
- Maide 5:103
- Maide 5:104
- Maide 5:105
- Maide 5:106
- Maide 5:107
- Maide 5:108
- Maide 5:109
- Maide 5:110
- Maide 5:111
- Maide 5:112
- Maide 5:113
- Maide 5:114
- Maide 5:115
- Maide 5:116
- Maide 5:117
- Maide 5:118
- Maide 5:119
- Maide 5:120
- Enam 6:1
- Enam 6:2
- Enam 6:3
- Enam 6:4
- Enam 6:5
- Enam 6:6
- Enam 6:7
- Enam 6:8
- Enam 6:9
- Enam 6:10
- Enam 6:11
- Enam 6:12
- Enam 6:13
- Enam 6:14
- Enam 6:15
- Enam 6:16
- Enam 6:17
- Enam 6:18
- Enam 6:19
- Enam 6:20
- Enam 6:21
- Enam 6:22
- Enam 6:23
- Enam 6:24
- Enam 6:25
- Enam 6:26
- Enam 6:27
- Enam 6:28
- Enam 6:29
- Enam 6:30
- Enam 6:31
- Enam 6:32
- Enam 6:33
- Enam 6:34
- Enam 6:35
- Enam 6:36
- Enam 6:37
- Enam 6:38
- Enam 6:39
- Enam 6:40
- Enam 6:41
- Enam 6:42
- Enam 6:43
- Enam 6:44
- Enam 6:45
- Enam 6:46
- Enam 6:47
- Enam 6:48
- Enam 6:49
- Enam 6:50
- Enam 6:51
- Enam 6:52
- Enam 6:53
- Enam 6:54
- Enam 6:55
- Enam 6:56
- Enam 6:57
- Enam 6:58
- Enam 6:59
- Enam 6:60
- Enam 6:61
- Enam 6:62
- Enam 6:63
- Enam 6:64
- Enam 6:65
- Enam 6:66
- Enam 6:67
- Enam 6:68
- Enam 6:69
- Enam 6:70
- Enam 6:71
- Enam 6:72
- Enam 6:73
- Enam 6:74
- Enam 6:75
- Enam 6:76
- Enam 6:77
- Enam 6:78
- Enam 6:79
- Enam 6:80
- Enam 6:81
- Enam 6:82
- Enam 6:83
- Enam 6:84
- Enam 6:85
- Enam 6:86
- Enam 6:87
- Enam 6:88
- Enam 6:89
- Enam 6:90
- Enam 6:91
- Enam 6:92
- Enam 6:93
- Enam 6:94
- Enam 6:95
- Enam 6:96
- Enam 6:97
- Enam 6:98
- Enam 6:99
- Enam 6:100
- Enam 6:101
- Enam 6:102
- Enam 6:103
- Enam 6:104
- Enam 6:105
- Enam 6:106
- Enam 6:107
- Enam 6:108
- Enam 6:109
- Enam 6:110
- Enam 6:111
- Enam 6:112
- Enam 6:113
- Enam 6:114
- Enam 6:115
- Enam 6:116
- Enam 6:117
- Enam 6:118
- Enam 6:119
- Enam 6:120
- Enam 6:121
- Enam 6:122
- Enam 6:123
- Enam 6:124
- Enam 6:125
- Enam 6:126
- Enam 6:127
- Enam 6:128
- Enam 6:129
- Enam 6:130
- Enam 6:131
- Enam 6:132
- Enam 6:133
- Enam 6:134
- Enam 6:135
- Enam 6:136
- Enam 6:137
- Enam 6:138
- Enam 6:139
- Enam 6:140
- Enam 6:141
- Enam 6:142
- Enam 6:143
- Enam 6:144
- Enam 6:145
- Enam 6:146
- Enam 6:147
- Enam 6:148
- Enam 6:149
- Enam 6:150
- Enam 6:151
- Enam 6:152
- Enam 6:153
- Enam 6:154
- Enam 6:155
- Enam 6:156
- Enam 6:157
- Enam 6:158
- Enam 6:159
- Enam 6:160
- Enam 6:161
- Enam 6:162
- Enam 6:163
- Enam 6:164
- Enam 6:165
Nisa' 4:1
হে মানৱজাতি! নিজ প্ৰতিপালকক ভয় কৰা। তেৱেঁই তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে অৰ্থাৎ তোমালোকৰ আদি পিতা আদম আলাইহিচ ছালামৰ পৰা। আৰু আদমৰ পৰা সৃষ্টি কৰিছে তেওঁৰ পত্নী আৰু তোমালোকৰ মাতৃ হাওৱা আলাইহাচ ছালামক। তাৰ পিছত তেওঁলোক দুজনৰ পৰা পৃথিৱীৰ বুকুত নৰ আৰু নাৰী হিচাপে মানৱজাতি বিস্তাৰ কৰিলে। এতেকে তোমালোকে সেই আল্লাহক ভয় কৰা যাৰ দুহাই দি তোমালোকে ইজনে সিজনৰ পৰা বিচৰা। যেনে তোমালোকে কোৱাঃ মই আল্লাহৰ নামত তোমাৰ ওচৰত নিবেদন কৰো, তুমি এনেকৈ কৰা। আৰু তোমালোকে সম্পৰ্ক বিচ্ছেদ নকৰিবা, যি বন্ধনে তোমালোকক পৰস্পৰে সংযুক্ত কৰি আছে। নিশ্চয় আল্লাহ তোমালোকৰ পৰ্যবেক্ষক। এতেকে তেওঁৰ দৃষ্টিৰ পৰা তোমালোকৰ কোনো আমল গোপন নহয়। বৰং তেওঁ সেয়া গণি ৰাখে আৰু তোমালোকক ইয়াৰ প্ৰতিদানো দিব।
Nisa' 4:2
হে সংৰক্ষকসকল! তোমালোকে অনাথসকলক (যিসকলৰ পিতৃ সিহঁতক শিশু অৱস্থাত থৈ মৃত্যুবৰণ কৰিছে) সিহঁতৰ ধন সেই সময়ত পৰিপূৰ্ণ ৰূপে আদায় কৰি দিয়া, যেতিয়া সিহঁত বিবেকৱান আৰু যৌৱন অৱস্থাত ভৰি দিয়ে। আৰু হালালৰ পৰিবৰ্তে তোমালোকে এইদৰে হাৰাম নলবা যে, অনাথৰ উত্কৃষ্ট সম্পদ তোমালোকে লবা আৰু ইয়াৰ পৰিবৰ্তে তোমালোকৰ নিকৃষ্ট সম্পদ সিহঁতক দিবা। লগতে অনাথৰ সম্পদ তোমালোকৰ সম্পদৰ লগত মিশ্ৰিত কৰি আত্মসাৎ নকৰিবা। নিশ্চয় এয়া আল্লাহৰ দৃষ্টিত বৰ ডাঙৰ পাপ।
Nisa' 4:3
যদি তোমালোকৰ আশংকা হয় যে, তোমালোকৰ অধীনত থকা অনাথ ছোৱালীক বিবাহ কৰালে তোমালোকে ন্যায় কৰিব নোৱাৰিবা, অথবা সিহঁতৰ নিৰ্দিষ্ট মোহৰ কম হোৱাৰ আশংকা হলে নাইবা সিহঁতৰ লগত দুৰ্ব্যৱহাৰ হোৱাৰ আশংকা হয়, যদি পৰিস্থিতি এনেকুৱা হয় তেন্তে তোমালোকে সিহঁতক এৰি বেলেগ পৱিত্ৰ নাৰীক বিবাহ কৰোৱা। যদি তোমালোকে ইচ্ছা কৰা দুই অথবা তিনি নাইবা চাৰিজনী লৈকে বিবাহ কৰিব পাৰা। কিন্তু যদি আশংকা হয় যে, তোমালোকে সিহঁতৰ মাজত ন্যায় প্ৰতিষ্ঠা কৰিব নোৱাৰিবা তেন্তে এজনীতেই সীমিত থাকা, লগতে যিসকল দাসী তোমালোকৰ অধীনত আছে সেইসকলৰ দ্বাৰা উপকৃত হোৱা। কিয়নো পত্নীৰ বাবে যিবিলাক অধিকাৰ অনিবাৰ্য সেইবোৰ অধিকাৰ সিহঁতৰ নাই। এতেকে অনাথৰ বিষয়ে তথা এজনী স্ত্ৰী ৰখা সম্পৰ্কে লগতে দাসীৰ দ্বাৰা উপকৃত হোৱাৰ যিটো বিষয় এই আয়াতত উল্লেখ কৰা হৈছে, এয়া এই কাৰণে যে, যাতে তোমালোকে অন্যায়-অত্যাচাৰ নকৰা আৰু সঠিক পথৰ পৰা দূৰ নোহোৱা।
Nisa' 4:4
আৰু স্ত্ৰীসকলক সিহঁতৰ মোহৰ এটা আৱশ্যক উপহাৰ হিচাপে আদায় কৰা। যদি সিহঁতে কোনো ধৰণৰ বাধ্যবাধকতা নোহোৱাকৈ নিজ ইচ্ছাতে তোমালোকৰ বাবে মোহৰ কিছু অংশ ক্ষমা কৰি দিয়ে, তেন্তে সেয়া আনন্দচিত্তে ভক্ষণ কৰা, ইয়াত কোনো অসুবিধা নাই।
Nisa' 4:5
আৰু হে সংৰক্ষকসকল! এনেকুৱা লোকৰ হাতত সিহঁতৰ ধন অৰ্পন নকৰিবা, যিয়ে তাৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰে। কিয়নো এই ধন আল্লাহে বান্দাৰ সুবিধাৰ্থে আৰু সিহঁতৰ জীৱিকাৰ মাধ্যম বনাইছে। সেয়ে এনেকুৱা লোকৰ দ্বাৰা ধনৰ সঠিক ব্যৱহাৰ আৰু ইয়াৰ হিফাজত সম্ভৱ নহয়। এতেকে এই সম্পদ সিহঁতৰ ওপৰত ব্যয় কৰা আৰু সিহঁতৰ প্ৰয়োজনীয় অভাৱ পূৰণ কৰা লগতে সিহঁতৰ লগত উত্তমভাৱে কথা কোৱা। আৰু সিহঁতক উত্তম প্ৰতিশ্ৰুতি দিয়া যে, যেতিয়া সিহঁত পৰিপক্ক হৈ যাব আৰু সম্পদৰ সঠিক ব্যৱহাৰ শিকিব, তেতিয়া সিহঁতৰ সম্পদ সিহঁতক দি দিবা।
Nisa' 4:6
হে সংৰক্ষকসকল! অনাথ শিশু যেতিয়া যৌৱনত ভৰি দিয়ে, তেতিয়া সিহঁতৰ অলপ সম্পদ সিহঁতক প্ৰদান কৰা ব্যয় কৰিবলৈ। যদি সিহঁতে ইয়াৰ সদ্ব্যৱহাৰ কৰে আৰু সিহঁতৰ পৰিপক্কতা তোমালোকৰ দৃষ্টি গোচৰ হয় তেন্তে সিহঁতৰ সম্পূৰ্ণ সম্পদ সিহঁতক অৰ্পন কৰ। আৰু সিহঁতৰ সম্পদ অন্যায়ভাৱে ভক্ষণ নকৰিবা বৰং প্ৰয়োজনত সেইখিনি ভক্ষণ কৰিবা যিখিনি খাবলৈ আল্লাহে অনুমতি দিছে। আৰু এই ভয়তো দ্ৰুত ভক্ষণ নকৰিবা যে, সিহঁত ডাঙৰ হলে সিহঁতৰ সম্পদ ঘূৰাই লব। আৰু যাৰ ওচৰত ইমানখিনি সম্পদ আছে যে, সি সেইটোৰে চলিব পাৰিব, তেনেকুৱা ব্যক্তিয়ে এতীমৰ সম্পদ খোৱাৰ পৰা বিৰত থকা উচিত। কিন্তু দুখীয়া নিচলা ব্যক্তিয়ে প্ৰয়োজন অনুপাতে এতীমৰ সম্পদ খাব পাৰে। এতেকে সিহঁত পৰিপক্ক আৰু যৌৱনত ভৰি দিয়াৰ পিছত যেতিয়া তোমালোকে সিহঁতৰ সম্পদ চমজাই দিবা তেতিয়া অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ বাবে আৰু মতভেদৰ দুৱাৰ বন্ধ কৰিবলৈ সাক্ষী ৰাখিবা। যদিও ইয়াৰ সাক্ষী আৰু নিজ বান্দাসকলৰ হিচাপ গ্ৰহণৰ বাবে আল্লাহেই যথেষ্ট।
Nisa' 4:7
পুৰষসকলৰ বাবে সেই সম্পত্তিত অংশ আছে, যিটো পিতৃ-মাতৃ তথা নিকটাত্মীয় যেনে- ভাই আৰু খুৰাসকলে মৃত্যুৰ পিছত এৰি থৈ যায়। সেই সম্পত্তি কম হওঁক অথবা অধিক। এইদৰে এওঁলোকে এৰি থৈ যোৱা সম্পত্তিত নাৰীসকলৰো অংশ আছে। এই বিধান অজ্ঞতা যুগৰ সেই পৰাম্পৰাৰ পৰিপন্থী, য’ত নাৰী আৰু শিশুসকলক উত্তৰাধিকাৰীৰ পৰা বঞ্চিত ৰখা হৈছিল। এই অংশ এটা অধিকাৰ, যাৰ পৰিমাণ আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত।
Nisa' 4:8
নিকটাত্মীয়, অনাথ আৰু দৰিদ্ৰসকলৰ মাজৰ যিসকল মীৰাছৰ অংশীদাৰ নহয়, মীৰাছ বন্টনৰ সময়ত সিহঁত উপস্থিত থাকিলে, সম্পত্তি বন্টনৰ পূৰ্বে নিজ ইচ্ছাই সিহঁতক কিবা দিয়াটো মুস্তাহাব। কাৰণ সিহঁতেও এই বন্টন দেখি আছে। আৰু এই ধন তোমালোকৰ ওচৰত বিনা কষ্টে আহিছে। আৰু সিহঁতৰ লগত উত্তম কথা কোৱা, বেয়া ব্যৱহাৰ নকৰিবা।
Nisa' 4:9
সিহঁতে ভয় কৰা উচিত যে, যদি সিহঁতে সৰু সৰু দুৰ্বল সন্তান থৈ মৃত্যুবৰণ কৰিলেহেঁতেন তেন্তে সিহঁতে সিহঁতৰ বিষয়ে বিনষ্ট হোৱাৰ কেনেকুৱা আশংকা কৰিলেহেঁতেন। এতেকে সিহঁতে আল্লাহক ভয় কৰি সেইসকল অনাথৰ লগত অন্যায় কৰিব নালাগে, যিসকল সিহঁতৰ অধীনত আছে। যাতে আল্লাহে সিহঁতৰ মৃত্যুৰ পিছত এনেকুৱা লোকৰ ব্যৱস্থা কৰি দিয়ে, যিয়ে সিহঁতৰ সন্তানৰ লগত ভাল ব্যৱহাৰ কৰিব, যিদৰে সিহঁতে এইসকল অনাথৰ লগত কৰিছে। আৰু যিসকল লোক তেওঁৰ অছিয়তৰ সময়ত উপস্থিত আছিল, তেওঁলোকৰ সন্তানৰ লগতো ভাল ব্যৱহাৰ কৰা উচিত। অৰ্থাৎ সিহঁতৰ লগত সঠিক আৰু উত্তম কথা কোৱা উচিত যে, সি অছিয়তৰ ক্ষেত্ৰত তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰীসকলৰ অধিকাৰ সম্পৰ্কে কোনো অন্যায় নকৰিব আৰু অছিয়ত এৰি নিজকে কল্যাণৰ পৰা বঞ্চিত নকৰিব।
Nisa' 4:10
প্ৰকৃততে যিসকলে অনাথৰ সম্পদ আত্মসাৎ কৰি খায় লগতে অন্যায় তথা সীমালংঘন কৰি ব্যৱহাৰ কৰে, সিহঁতে দৰাচলতে নিজৰ উদৰত প্ৰজ্জ্বলিত জুই ভৰ্তি কৰে। অনতিপলমে এই জুয়ে কিয়ামতৰ দিনা সিহঁতক পুৰি ছাই কৰিব।
Nisa' 4:11
আল্লাহে তোমালোকক তোমালোকৰ সন্তানৰ মীৰাছ সম্পৰ্কে আদেশ দিছে, সিহঁতৰ মাজত মীৰাছ বন্টন এইদৰে কৰা হব যে, পুত্ৰ সন্তানে দুজনী কন্যা সন্তানৰ সমান অংশ লাভ কৰিব। মৃত ব্যক্তিৰ কেৱল যদি কন্যা সন্তানেই থাকে আৰু পুত্ৰ সন্তান নাথাকে তেন্তে দুজনী তথা অধিক কন্যা সন্তানে মীৰাছৰ দুই তৃতীয়াংশ সম্পদ লাভ কৰিব। আৰু যদি মৃত ব্যক্তিৰ কেৱল এজনীয়ে ছোৱালী থাকে তেন্তে তাই মীৰাছৰ আধা অংশ লাভ কৰিব। আনহাতে মৃত ব্যক্তিৰ পিতৃ-মাতৃৰ প্ৰত্যেকে মীৰাছৰ ষষ্ঠাংশ লাভ কৰিব যদি মৃত ব্যক্তিৰ কোনো সন্তান থাকে, সন্তান নাৰী হওঁক অথবা পুৰুষ। আৰু যদি মৃত ব্যক্তিৰ কোনো সন্তান নাথাকে লগতে পিতৃ-মাতৃৰ বাহিৰে আন কোনো ওৱাৰিছো নাথাকে তেন্তে এনে পৰিস্থিতিত তাৰ মাকে এক তৃতীয়াংশ লাভ কৰিব আৰু অৱশিষ্ট সম্পদ পিতৃয়ে লাভ কৰিব। আনহাতে মৃতকৰ যদি দুজন বা তাতোকৈ অধিক ভাই ভনি থাকে, সহোদৰ হওঁক বা নহওঁক, তেন্তে মাকে ষষ্ঠাংশ লাভ কৰিব আৰু অৱশিষ্ট সম্পদ পিতৃয়ে লাভ কৰিব, ভাই ভনিসকলে একো নাপাব। মীৰাছৰ এই বন্টন মৃত ব্যক্তিৰ অছিয়ত পূৰণ কৰাৰ পিছতহে হব। উল্লেখযোগ্য যে, অছিয়তৰ পৰিমাণ এক তৃতীয়াংশতকৈ বেছি হব নালাগে, লগতে প্ৰথমে মৃত ব্যক্তিৰ ঋণ পৰিশোধ কৰিব লাগিব। আল্লাহে মীৰাছ বন্টনৰ এইটোৱে পদ্ধতি নিৰ্ধাৰণ কৰিছে। কিয়নো তোমালোকে এইটো নাজানা যে, তোমালোকৰ পিতা আৰু সন্তানসকলৰ মাজত পৃথিৱী আৰু আখিৰাতত তোমালোকৰ বাবে কোন অধিক উপকাৰী হব। কেতিয়াবা মৃত ব্যক্তিয়ে কোনো এজন ওৱাৰিছৰ প্ৰতি সন্তুষ্ট হৈ তাক সম্পূৰ্ণ সম্পদ প্ৰদান কৰে অথবা কাৰো প্ৰতি অসন্তুষ্ট হৈ তাক মীৰাছৰ পৰা বঞ্চিত কৰে, অথচ বিষয়টো তেওঁ ভৱাৰ দৰে নহবও পাৰে। এইবোৰ বিষয়ৰ সম্যক জ্ঞান কেৱল আল্লাহৰ ওচৰত, যাৰ পৰা কোনো বস্তু গোপন নহয়। সেয়ে তেওঁ মীৰাছৰ বৰ্ণনা এইদৰে কৰিছে। লগতে ইয়াক তেওঁৰ বান্দাসকলৰ বাবে জৰুৰী ঘোষণা কৰিছে। নিঃসন্দেহে আল্লাহেই সৰ্বজ্ঞ আৰু বান্দাৰ কোনো কল্যাণ তেওঁৰ পৰা গোপন নহয়। তেওঁ চৰীয়ত প্ৰস্তুত কৰণত আৰু পৰিচালনাত প্ৰজ্ঞাৱান।
Nisa' 4:12
হে পতিসকল! তোমালোকে তোমালোকৰ পত্নীসকলৰ পৰিত্যক্ত সম্পত্তিৰ অৰ্ধাংশ পাবা, যদি সিহঁতৰ কোনো সন্তান নাথাকে (লৰা হওঁক বা ছোৱালী) তোমালোকৰ পৰা হওঁক অথবা আন কাৰোবাৰ পৰা। যদি সিহঁতৰ কোনো থাকে (লৰাই হওঁক বা ছোৱালী), তেন্তে সিহঁতৰ পৰিত্যক্ত সম্পত্তিৰ চতুৰ্থাংশ লাভ কৰিবা। ইয়াৰ বিতৰণ তাইৰ অছীয়ত পূৰণ তথা ঋণ পৰিশোধ কৰাৰ পিছতহে কৰা হব। আনহাতে হে পতিসকল! তোমালোকৰ স্ত্ৰীসকলে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ চতুৰ্থাংশ লাভ কৰিব, যদিহে তোমালোকৰ কোনো সন্তান নাথাকে (লৰাই হওঁক বা ছোৱালী) তাইৰ পৰা হওঁক নাইবা আন কোনো স্ত্ৰীৰ পৰা। আনহাতে যদি তোমালোকৰ কোনো সন্তান থাকে (লৰাই হওঁক বা ছোৱালী) তেন্তে এনে অৱস্থা সিহঁতে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ আঠ ভাগৰ এভাগ পাব। আৰু এই বিতৰণ অছিয়ত পূৰণ কৰা পিছত তথা ঋণ পৰিশোধ কৰাৰ পিছতহে কৰা হব। যদি কোনো এনেকুৱা ব্যক্তিৰ মৃত্যু হয় যাৰ পিতৃও জীৱিত নাই আৰু সন্তানো নাই অথবা এনেকুৱা কোনো নাৰীৰ মৃত্যু হয় যাৰ পিতৃও জীৱিত নাই আৰু কোনো সন্তানো নাই, কিন্তু মৃতকৰ মাকৰ ফালৰ কোনো ভাই আছে অথবা ভনী আছে তেন্তে সেই ভাই অথবা ভনীয়ে ছয় ভাগৰ এভাগ অংশ লাভ কৰিব। আৰু যদি মাকৰ ফালৰ পৰা ভাই অথবা ভনী একাধিক থাকে তেন্তে সেই সকলোৱে মিলি এক তৃতীয়াংশ লাভ কৰিব, য’ত সকলোৱে অংশীদাৰ হব। এই ক্ষেত্ৰত নাৰী আৰু পুৰুষ সকলো সমান। সিহঁতে নিজৰ অংশ মৃতকৰ অছিয়ত তথা ঋণ পুৰণৰ পিছতহে লাভ কৰিব। কিন্তু চৰ্ত হল মৃত ব্যক্তিৰ অছিয়তে যেন ওৱাৰিছসকলৰ কোনো ক্ষতি সাধন নকৰে। উদাহৰণ স্বৰূপে অছিয়ত যাতে এক তৃতীয়ংশতকৈ বেছি নহয়। এই আয়াতত যি আদেশ দিয়া হৈছে, সেয়া আল্লাহৰ ফালৰ পৰা তোমালোকৰ বাবে এটা প্ৰতিশ্ৰুতি, যিটো পালন কৰা তোমালোকৰ বাবে অনিবাৰ্য। নিশ্চয় আল্লাহে ভালকৈ জানে দুনিয়া আৰু আখিৰাতত বান্দাৰ বাবে কোনটো উপকাৰী। তেওঁ বৰ সহনশীল, পাপিষ্ট ব্যক্তিক শাস্তি দিয়াৰ ক্ষেত্ৰত তেওঁ খৰখেদা নকৰে।
Nisa' 4:13
উপৰোক্ত বিধানসমূহ যিবোৰ এতীম আৰু অন্যান্যসকলৰ বিষয়ে আহিছে, সেয়া আল্লাহৰ চৰীয়তৰ আদেশ, যিটো আল্লাহে তেওঁৰ বান্দাসকলৰ বাবে প্ৰস্তুত কৰিছে, যাতে সিহঁতে ইয়াৰ ওপৰত আমল কৰে। যি ব্যক্তিয়ে আল্লাহৰ আৰু আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা দুৰৈত থাকি, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, আল্লাহে তাক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ অট্টালিকাসমূহৰ তলদেশত নিজৰাসমূহ প্ৰবাহিত। তাত তেওঁলোক অৱস্থান য’ত তেওঁলোকৰ বাবে মৃত্যু নাই। আল্লাহৰ এই প্ৰতিদানেই হৈছে সেই মহান সফলতা, যাৰ তুলনা আন কোনো সফলতাৰ সৈতে কৰিব নোৱাৰি।
Nisa' 4:14
যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিধান অস্বীকাৰ কৰি তথা তাৰ ওপৰত আমল কৰা পৰিত্যাগ কৰি অথবা সন্দেহ পোষণ কৰি নাইবা আল্লাহৰ নিৰ্ধাৰিত সীমা উলংঘা কৰি, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অবাধ্যতা কৰিব, আল্লাহে তাক জাহান্নামত প্ৰৱেশ কৰাব, তাত সি চিৰস্থায়ী হব, আৰু তাত তাৰ বাবে থাকিব অপমানজনক শাস্তি।
Nisa' 4:15
তোমালোকৰ যিসকল মহিলাই ব্যভিচাৰ কৰিব, তাই বিবাহিত হওঁক অথবা অবিবাহিত, সিহঁতৰ বিপক্ষে চাৰিজন পুৰুষ সাক্ষী উপস্থিত কৰা, যিসকল মুছলিম তথা সত্যবাদী হব লাগিব। যদি তেওঁলোকে সিহঁতৰ বিৰুদ্ধে সাক্ষ্য দিয়ে, তেন্তে সিহঁতৰ শাস্তি স্বৰূপে ঘৰত বন্দী কৰি থোৱা, অৱশেষত যাতে মৃত্যুৱে সিহঁতৰ জীৱন ধ্বংশ কৰে নাইবা আল্লাহে সিহঁতৰ বাবে শাস্তিৰ আন কোনো উপায় নিৰ্ধাৰণ কৰি দিব। জানি থোৱা উচিত যে, আল্লাহে ইয়াৰ বিকল্প উপায় নিৰ্ধাৰণ কৰি দিছে। এতেকে এতিয়া যদি অবিবাহিত নাৰীয়ে ব্যভিচাৰ কৰে তেন্তে তাইৰ শাস্তি হৈছে এশ টা বেত্ৰাঘাত আৰু এবছৰৰ বাবে দেশান্তৰ। আনহাতে বিবাহিত হলে শিল দলিয়াই মৃত্যু প্ৰদানৰ শাস্তি নিৰ্ধাৰণ কৰা হৈছে।
Nisa' 4:16
ব্যভিচাৰ কৰা দুয়ো ব্যক্তি (বিবাহিত হওঁক অথবা অবিবাহিত) সিহঁতক মুখেৰে আৰু হাতেৰে এনেকুৱা শাস্তি দিয়া, য’ত অপমান আৰু দণ্ড আছে। তাৰ পিছত যদি সিহঁত উভয়ে তাওবা কৰি লয় আৰু নিজৰ ব্যৱহাৰ ঠিক কৰি লয় তেন্তে সিহঁতক কষ্ট নিদিবা। কিয়নো গুনাহৰ পৰা তাওবাকাৰী গুনাহ মুক্ত হৈ যায়। আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে। জানি থোৱা উচিত যে, এই ধৰণৰ শাস্তি প্ৰথম অৱস্থাত আছিল। কিন্তু পিছত এই আদেশ ৰহিত কৰি অবিবাহিতৰ বাবে এশ টা বেত্ৰাঘাত আৰু এবছৰৰ বাবে দেশান্তৰ আনহাতে বিবাহিতক শিল দলিয়াই মৃত্যু প্ৰদানৰ আদেশ দিয়া হৈছে।
Nisa' 4:17
আল্লাহে কেৱল সেইসকল লোকৰ তাওবা কবূল কৰে, যিসকলে পাপকৰ্ম আৰু অবাধ্যতাৰ পৰিণাম সম্পৰ্কে নজনাকৈ অজ্ঞতাবশতঃ তাত লিপ্ত হয়, (দৰাচলতে প্ৰত্যেক গুনাহকাৰী ব্যক্তিৰ বাবেই এই অৱস্থা, সি জানি বুজি কৰক নাইবা অজানিতে) তাৰ পিছত সি নিজ চকুৰে মৃত্যু দেখাৰ পূৰ্বেই নিজ প্ৰতিপালকৰ পিনে প্ৰত্যাৱৰ্তন কৰে (তাওবা কৰে), আল্লাহে এনেকুৱা লোকৰেই তাওবা কবূল কৰে, আৰু তেওঁলোকৰ গুনাহসমূহক আওকাণ কৰে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ অৱস্থা সম্পৰ্কে সম্যক অৱগত, তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।
Nisa' 4:18
আল্লাহে সেইসকল লোকৰ তাওবা কবূল নকৰে, যিসকলে ধৃষ্টতাৰে গুনাহ কৰি যায়, আৰু তাওবা কৰিবলৈও প্ৰস্তুত নহয়, অৱশেষত যেতিয়া মৃত্যুৰ সন্মুখীন হয়, তেতিয়া কয়ঃ “মই কৰা গুনাহৰ পৰা এতিয়া মই তাওবা কৰোঁ”। এইদৰে তেওঁ সেইসকল লোকৰো তাওবা কবূল নকৰে, যিসকলে কুফৰ অৱস্থাত মৃত্যুবৰণ কৰে। গুনাহৰ ওপৰত অটল থকা লোকসকলৰ বাবে আৰু কুফৰ অৱস্থাত মৃত্যুবৰণকাৰীসকলৰ বাবে আমি কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছোঁ।
Nisa' 4:19
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! নিজ পিতৃৰ সম্পত্তিৰ দৰে তেওঁৰ স্ত্ৰীসকলক আৰু কোনো নিকটাত্মীয়ৰ স্ত্ৰীসকলক মিৰাছ হিচাপে গ্ৰহণ কৰা তোমালোকৰ বাবে বৈধ নহয়, আৰু নিজৰ ইচ্ছানুযায়ী তেওঁলোকক বিবাহ কৰা তথা নিজ ইচ্ছানুযায়ী আনৰ ওচৰত বিবাহ দিয়া অথবা তেওঁলোকক বিবাহৰ পৰা বঞ্চিত কৰাটোও তোমালোকৰ বাবে বৈধ নহয়। আৰু তোমালোকৰ বাবে এইটোও বৈধ নহয় যে, নিজৰ যিসকল স্ত্ৰীক তোমালোকে পছন্দ নকৰা সেইসকলক কষ্ট দিবলৈ নিজৰ ওচৰত থাকিবলৈ বাধ্য কৰোৱা। যাতে সিহঁতে বাধ্য হৈ তোমালোকৰ মোহৰ আদি তোমালোকে যি দিছিলা সেয়া ওভোতাই দিয়ে। কিন্তু যদি সিহঁতে কোনো স্পষ্ট গুৰুতৰ অপৰাধ কৰি বহে যেনে- ব্যভিচাৰ, তেন্তে সেয়া সুকীয়া কথা। এনেকুৱা কোনো অপাৰাধ কৰিলে তেন্তে তোমালোকৰ বাবে বৈধ যে, সিহঁতক বাধ্য কৰাই সিহঁতৰ পৰা তোমালোকে দিয়া বস্তুখিনি ঘূৰাই লৈ সিহঁত যাতে অব্যাহতি লয়। এতেকে তোমালোকে নিজৰ স্ত্ৰীসকলৰ লগত উত্তম ব্যৱহাৰ কৰা, সিহঁতক কষ্ট নিদিবা, সিহঁতক সুখ-সুবিধা প্ৰদান কৰিবা। যদি সিহঁতৰ দুনিয়াবী কোনো কৰ্ম তোমালোকৰ পছন্দ নহয়, তেন্তে ধৈৰ্য্য ধাৰণ কৰিবা। এনেকুৱাও হ'ব পাৰে যে, সিহঁতৰ যিটো কৰ্ম তোমালোকে অপছন্দ কৰা সেইটোত পৃথিৱী আৰু আখিৰাতৰ অসংখ্য কল্যাণ নিহিত হৈ আছে।
Nisa' 4:20
হে পতিসকল! যদি তোমালোকে কোনো পত্নীক তালাক দিব বিচৰা আৰু তাইৰ ঠাইত আন কোনো স্ত্ৰী আনিব খোজা, তেন্তে ইয়াত একো অসুবিধা নাই। তোমালোকে যিজনী পত্নীক তালাক দিব বিচৰা, তাইক যদি মোহৰ হিচাপে বহু পৰিমাণে টকা পইচা দিছিলা, তেন্তে তাৰ পৰা একো ওভোতাই লব নোৱাৰিবা। কিয়নো তাইক দিয়া ধনৰ কিবা ওভোতাই লোৱাটো স্পষ্ট আৰোপ তথা স্পষ্ট পাপ বুলি গণ্য হ'ব।
Nisa' 4:21
সিহঁতক দিয়া মোহৰ তোমালোকে কেনেকৈ ওভোতাই লবা, অথচ তোমালোকৰ মাজত এটা সম্পৰ্ক স্থাপন হৈছিল, প্ৰেম গঢ়ি উঠিছিল, তোমালোকে ইজনে সিজনৰ পৰা উপকৃত হৈছিলা লগতে পৰস্পৰৰ গোপনীয়তা সম্পৰ্কে অৱগত হৈছা। এইবোৰৰ বিনিময়ত সিহঁতে যি সম্পদ পাইছে, তাৰ প্ৰতি লোভ কৰাটো বৰ বেয়া তথা নিকৃষ্ট ৰুচি। অথচ সিহঁতে তোমালোকৰ পৰা বৰ মজবুত অঙ্গীকাৰ লৈছিল। সেয়া হৈছে, আল্লাহৰ শব্দ আৰু তেওঁৰ চৰীয়তৰ আধাৰত সিহঁতক তোমালোকৰ বাবে হালাল কৰা হৈছিল।
Nisa' 4:22
আৰু সেইসকল নাৰীকো বিবাহ নকৰিবা, যাক তোমাৰ পিতৃয়ে নিকাহ কৰিছে, কিয়নো এয়া হাৰাম। আনহাতে যদি ইছলামপূৰ্বে কোনোবাই এনেকুৱা কৰ্মত লিপ্ত হৈছিল তেন্তে এই বিষয়ে তাৰ কোনো হিচাপ নহব। হাৰাম হোৱাৰ কাৰণটো হৈছে, পিতৃৰ পত্নীক পুত্ৰই বিবাহ কৰাটো এটা নিকৃষ্ট কৰ্ম। এনেকুৱা ব্যক্তিৰ ওপৰত আল্লাহৰ ক্ৰোধ অৱতীৰ্ণ হয়, এনেকুৱা পথত পৰিচালিত ব্যক্তি বৰ বেয়া পথৰ পথিক।
Nisa' 4:23
আল্লাহে তোমালোকৰ বাবে তোমালোকৰ মাতৃক বিবাহ কৰা হাৰাম কৰিছে, যদিও ওপৰৰ হওঁক, অৰ্থাৎ দাদী, নানী আৰু এই দুয়োৰ মাতৃকো। আৰু কন্যা সন্তানক, যদিও সেয়া তলৰ নহওঁক কিয়, যেনে- নাতিনী, নাতিনীৰ ছোৱালী ইত্যাদি, এইদৰে পুত্ৰৰ ঘৰৰ ছোৱালী আৰু সেই ছোৱালীৰ ছোৱালী। আৰু তোমালোকৰ পিতৃৰ ফালৰ পৰা অথবা মাকৰ ফালৰ পৰা ভনিকো হাৰাম কৰিছে, লগতে হাৰাম কৰিছে তোমালোকৰ পেহীক, এইদৰে তোমালোকৰ পিতৃৰ আৰু মাতৃৰ পেহীকো হাৰাম কৰিছে, ওপৰলৈ যিমান দূৰ পায়গৈ। এইদৰে হাৰাম কৰিছে তোমালোকৰ মাহীক, লগতে তোমালোকৰ পিতৃ আৰু মাতৃ মাহীকো হাৰাম কৰিছে, এই সম্পৰ্ক ওপৰলৈ যিমানদুৰ যায়। এইদৰে ভাগিনী আৰু ভতিজীৰ লগতো বিবাহ হাৰাম কৰিছে আৰু সিহঁতৰ ছোৱালীকো হাৰাম কৰিছে। আৰু তোমালোকৰ সেই মাতৃসকলকো হাৰাম কৰিছে যিসকলে তোমালোকক গাখীৰ খোৱাইছে, এই সম্পৰ্কীয় ভনিসকলকো হাৰাম কৰিছে। লগতে হাৰাম কৰিছে তোমালোকৰ স্ত্ৰীসকলৰ মাতৃকো, যদিও মিলন হওঁক বা নহওঁক। লগতে তোমালোকৰ পত্নীৰ সেইসকল ছোৱালীকো হাৰাম কৰিছে যিসকল তোমালোকৰ ফালৰ পৰা নহয়, যিসকল তোমালোকৰ ঘৰতেই বেছি ভাগ ডাঙৰ দীঘল হয় আৰু তোমালোকে সিহঁতৰ মাতৃৰ লগত সহবাস কৰিছা। আনহাতে যদি সিহঁত তোমালোকৰ ঘৰত ডাঙৰ দীঘল হোৱা নাই, আৰু সিহঁতৰ মাতৃক বিবাহ কৰাৰ পিছত সহবাস কৰা নাই তেন্তে সিহঁতৰ ছোৱালীক বিবাহ কৰাত কোনো অসুবিধা নাই। এইদৰে তোমালোকৰ বাবে তোমালোকৰ পুত্ৰ বধুক বিবাহ কৰাও হাৰাম কৰা হৈছে, যদিও সহবাস কৰা নাই। গাখীৰ সম্পৰ্কীয় পুত্ৰ বধুও এই বিধানৰ অন্তৰ্ভুক্ত। এইদৰে দুজনী সহোদৰা ভনি তথা গাখীৰ সম্পৰ্কীয় ভনিক একত্ৰিত বিবাহ কৰাও হাৰাম। অজ্ঞতা যুগত যি হৈছে, হৈছে। আল্লাহে সেয়া ক্ষমা কৰি দিব। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰিব। তেওঁলোকক দয়া কৰিব। এইদৰে হাদীছৰ দ্বাৰা প্ৰমাণিত যে, পেহী আৰু ভতিজীক লগতে মাহী আৰু ভাগিনীক এজন স্বামীৰ অধীনত ৰখা বৈধ নহয়।
Nisa' 4:24
বিবাহিত নাৰীক বিবাহ কৰা তোমালোকৰ বাবে হাৰাম কৰা হৈছে। কিন্তু আল্লাহৰ পথত যুদ্ধ কৰা অৱস্থাত বন্দী হৈ অহা নাৰীসকল এটা হায়েজ পাৰ কৰাৰ পিছত যদি স্পষ্ট হয় যে, তাই গৰ্ভৱতী নহয় তেন্তে তাইৰ লগত সহবাস কৰা তোমালোকৰ বাবে হালাল। এইটো তোমালোকৰ ওপৰত ফৰজ। আল্লাহে ইয়াৰ বাহিৰেও তোমালোকৰ বাবে আন আন নাৰীসকলক বৈধ কৰিছে, যদি তোমালোকে নিজৰ সম্পদ ব্যয় কৰি, হালাল পদ্ধতিৰে, ব্যভিচাৰৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে নিজৰ সন্মান ৰক্ষা কৰিব বিচৰা। কিন্তু যিসকলক নাৰীক বিবাহ কৰি উপকৃত হব বিচৰা, সিহঁতক সিহঁতৰ মোহৰ আদায় দিয়া যিটো তোমালোকৰ ওপৰত ফৰজ কৰিছে। কিন্তু যদি ওৱাজীব মোহৰ নিৰ্ধাৰণ কৰাৰ পিছত পৰস্পৰৰ সন্মতিত তাত কোনো কম বেছি কৰা হয় তেন্তে তাত কোনো গুনাহ নাই। নিশ্চয় আল্লাহ সৃষ্টি সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা সিহঁতৰ কোনো বিষয় গোপন নহয়। তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত মহাপ্ৰজ্ঞৱান।
Nisa' 4:25
হে পুৰুষ সমাজ! তোমালোকৰ মাজৰ যিয়ে আৰ্থিক দুৰ্বলতাৰ কাৰণে স্বাধীন নাৰীক বিবাহ কৰিবলৈ সক্ষম নহয়, সি আনৰ অধীনত থকা দাসীক বিবাহ কৰিব পাৰে যদি সেই দাসী প্ৰকাশ্যভাৱে মুমিনা হয়। আনহাতে প্ৰকৃত ঈমান সম্পৰ্কে আৰু আভ্যন্তৰীণ অৱস্থা সম্পৰ্কে আল্লাহেই ভালকৈ জানে। তোমালোক আৰু সিহঁত, ধৰ্ম আৰু মানৱতাৰ ক্ষেত্ৰত সমান, সেয়ে সিহঁতক বিবাহ কৰিবলৈ লাজ নকৰিবা। সিহঁতৰ লগত সিহঁতৰ মালিকৰ অনুমতি লৈ বিবাহ কৰিবা, লগতে সিহঁতক সিহঁতৰ মোহৰ আদায় দিয়া, তাত একো হ্ৰাস নকৰিবা আৰু আদায় দিয়াত অৱহেলা নকৰিবা। কিন্তু এই বিধান তেতিয়া জাৰি হব, যেতিয়া সিহঁত প্ৰকাশ্য ব্যভিচাৰিণী আৰু অবৈধ সম্পৰ্কৰ বাবে গোপনে প্ৰেম-প্ৰীতিত জড়িত নাথাকিব। আনহাতে যদি সিহঁত বিবাহৰ পিছত ব্যভিচাৰত লিপ্ত হয় তেন্তে সিহঁতক স্বাধীন নাৰীৰ অৰ্দ্ধেক দণ্ড প্ৰদান কৰা হব। অৰ্থাৎ পঞ্চাচটা বেত্ৰাঘাত কৰা হব। স্বাধীন নাৰীসকলৰ দৰে সিহঁতক ৰজম (শিল দলিয়াই মৃত্যু প্ৰদান) কৰা নহব। সজচৰিত্ৰ মুছলিম দাসীক বিবাহ কৰাৰ এই অনুমতি সেই ব্যক্তিৰ বাবে, যাৰ ব্যভিচাৰত লিপ্ত হোৱাৰ আশংকা হয় আৰু স্বাধীন নাৰীক বিবাহ কৰাৰ ক্ষমতা নাই। অথচ দাসীক বিবাহ কৰাতকৈ ধৈৰ্য ধাৰণ কৰা উত্তম, যাতে সন্তান দাসত্বৰ পৰা সুৰক্ষিত থাকে। নিশ্চয় আল্লাহ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে। এইটো তেওঁৰ দয়াৰেই বহিঃপ্ৰকাশ যে, স্বাধীন নাৰীক বিবাহ কৰাৰ ক্ষমতা নথকা অৱস্থাত, যদি ব্যভিচাৰত লিপ্ত হোৱাৰ আশংকা হয়, তেন্তে দাসীক বিবাহ কৰাৰ অনুমতি প্ৰদান কৰিছে।
Nisa' 4:26
এইবোৰ চৰীয়তি আদেশৰ দ্বাৰা আল্লাহৰ উদ্দেশ্য এই যে, তেওঁ যাতে তোমালোকৰ বাবে তেওঁৰ চৰীয়ত তথা ধৰ্মৰ নিদৰ্শনসমূহ আৰু পৃথিৱী ও আখিৰাতৰ কল্যাণবোৰ তোমালোকৰ বাবে বৰ্ণনা কৰে। আল্লাহে এইটোও বিচাৰে যে, তেওঁ যাতে তোমালোকৰ বাবে অতীত হোৱা নবীসকলৰ হালাল-হাৰামৰ নিয়ম-নীতিসমূহ, তেওঁলোকৰ সদ্ব্যৱহাৰ আৰু প্ৰশংসনীয় চৰিত্ৰৰ পথ দেখুৱায়, যাতে তোমালোকেও সেই পথত পৰিচালিত হোৱা। আল্লাহে এইটোও বিচাৰে যে, তেওঁ তোমালোকক যাতে গুনাহৰ পৰা আনুগত্যৰ পিনে ঘূৰাই আনে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কল্যাণ সম্পৰ্কে অৱগত। সেয়ে তেওঁ সেই অনুসাৰেই আদেশ দিয়ে। তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু মানুহৰ কৰ্ম পৰিচালনাত অতি প্ৰজ্ঞাৱান।
Nisa' 4:27
আল্লাহে তোমালোকৰ তাওবা কবূল কৰিব বিচাৰে আৰু তোমালোকক ক্ষমা কৰিব বিচাৰে, আনহাতে প্ৰবৃত্তিৰ অনুসাৰীসকলে বিচাৰে যে, তোমালোকে হিদায়তৰ পথৰ পৰা বহু দূৰ আঁতৰি যোৱা।
Nisa' 4:28
আল্লাহে তেওঁৰ চৰীয়তক তোমালোকৰ বাবে সহজ কৰিব বিচাৰে। সেয়ে তেওঁ তোমালোকক এনেকুৱা কোনো আদেশ নিদিয়ে যিটো তোমালোকৰ সাধ্যাতীত। কিয়নো তেওঁ জানে যে, মানুহ সৃষ্টি আৰু ব্যৱহাৰৰ ফালৰ পৰা অতি দুৰ্বল।
Nisa' 4:29
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী সকল! তোমালোকে ইজনে সিজনৰ সম্পদ অবৈধভাৱে নলবা। যেনে- জবৰদস্তি কাঢ়ি লোৱা, চুৰি আৰু উৎকোচ আদি। আনহাতে যদি ব্যৱসা-বানিজ্যত পৰস্পৰৰ সন্মতিত এনেকুৱা হয় তেন্তে সেয়া ভক্ষণ কৰা আৰু ব্যয় কৰাত কোনো অসুবিধা নাই। এইদৰে তোমালোকে ইজনে সিজনক হত্যা নকৰিবা আৰু আত্মহত্যাও নকৰিবা লগতে নিজকে ধ্বংসৰ পথত ঠেলি নিদিবা। নিশ্চয় আল্লাহ তোমালোকৰ প্ৰতি অতি দয়ালু। এইটো তেওঁৰেই কৃপা যে, তেওঁ তোমালোকৰ প্ৰাণ, ধন আৰু সন্মানৰ প্ৰতি অত্যাচাৰ হাৰাম কৰি দিছে।
Nisa' 4:30
যিয়ে মোৰ এই নিষেধকৃত কৰ্মসমূহ কৰিব, অৰ্থাৎ যিয়ে আনৰ ধন অবৈধভাৱে ভক্ষণ কৰিব অথবা কাকো হত্যা কৰিব জানি বুজি, অজানিতে বা ভুলবশতঃ নহয় তেন্তে কিয়ামতৰ দিনা আল্লাহে তাক মহা অগ্নিত নিক্ষেপ কৰিব। সি সেই অগ্নিৰ উষ্ণতাত ককবকাই থাকিব আৰু তাৰ শাস্তি ভোগ কৰিব। এইটো আল্লাহৰ বাবে তেনেই উজু। কিয়নো তেওঁ সকলো বিষয়ত ক্ষমতাৱান, তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে।
Nisa' 4:31
হে মুমিনসকল! যদি তোমালোকে ডাঙৰ ডাঙৰ গুনাহৰ পৰা বিৰত থাকা, যেনে- আল্লাহৰ লগত শ্বিৰ্ক কৰা, পিতৃ-মাতৃৰ অবাধ্যতা কৰা, কাৰোবাক হত্যা কৰা, সুতৰ লেনদেন কৰা, তেন্তে আমি তোমালোকৰ সৰু সৰু গুনাহসমূহ ক্ষমা কৰি দিম আৰু তোমালোকক সন্মানিত ঠাইত (জান্নাতত) প্ৰৱেশ কৰাম।
Nisa' 4:32
হে মুমিনসকল! আল্লাহে তোমালোকৰ মাজৰ এজনক আনজনৰ তুলনাত যি অধিক প্ৰদান কৰিছে, সেয়া কামনা নকৰিবা। যাতে অসন্তুষ্টি আৰু ঈৰ্ষা ভাৱ সৃষ্টি নহয়। এতেকে আল্লাহে পুৰুষসকলক যি বিশেষত্ব প্ৰদান কৰিছে, নাৰীসকলে সেইবোৰৰ আশা কৰা উচিত নহয়। কাৰণ প্ৰত্যেক বৰ্গৰ বাবে সিহঁতৰ যোগ্যতা অনুসাৰে বেলেগ বেলেগ প্ৰতিফল প্ৰদান কৰা হৈছে, আৰু প্ৰত্যেকেই নিজ নিজ কৰ্মৰ অংশ লাভ কৰিব। নিশ্চয় আল্লাহ সকলো বিষয়ত সৰ্বজ্ঞ, সেয়ে তেওঁ সকলো বৰ্গকে সিহঁতৰ সক্ষমতা অনুযায়ী কৰ্ম প্ৰদান কৰিছে।
Nisa' 4:33
আমি তোমালোকৰ প্ৰত্যেককে ওৱাৰিছ বনাইছো, সিহঁতে পিতৃ-মাতৃ আৰু নিকটৱৰ্তী আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিৰ ওৱাৰিছ হব। আৰু যিসকলৰ লগত তোমালোকে শপত খাই সহায় সহযোগীতা কৰাৰ প্ৰতিশ্ৰুতি দিছিলা, সিহঁতকো মীৰাছত সিহঁতৰ অংশ প্ৰদান কৰা। নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে অৱগত, সেয়ে তেওঁ তোমালোকৰ এই শপত আৰু প্ৰতিশ্ৰুতি সম্পৰ্কেও অৱগত। জানি থোৱা উচিত যে, শপত বাক্যৰ দ্বাৰা মীৰাছৰ অধিকাৰী হোৱাৰ এই বিধানটো ইছলামৰ প্ৰাৰম্ভিক অৱস্থাত আছিল, যিটো পিছলৈ মনছুখ (ৰহিত) হৈছে।
Nisa' 4:34
পুৰুষে স্ত্ৰীসকলক সুৰক্ষা প্ৰদান কৰে আৰু সিহঁতক ৰক্ষণাবেক্ষন দিয়ে। কিয়নো আল্লাহে পুৰুষসকলক নাৰীসকলৰ ওপৰত বিশেষ প্ৰাধান্য প্ৰদান কৰিছে লগতে সিহঁতৰ প্ৰয়োজন পুৰণ কৰা তথা সিহঁতৰ ওপৰত ব্যয় কৰা পুৰুষসকলৰ ওপৰত ওৱাজীব। পূণ্যৱতী স্ত্ৰীসকল নিজ প্ৰতিপালকৰ আনুগত্য কৰে, স্বামীৰ কথা পালন কৰে লগতে আল্লাহৰ তাওফীকত স্বামীৰ অনুপস্থিতিত তেওঁৰ অধিকাৰসমূহ হিফাজত কৰে। হে স্বামীসকল! যিসকল স্ত্ৰী সম্পৰ্কে কথা বা কৰ্মৰ দ্বাৰা স্বামীৰ আনুগত্যৰ পৰা বাহিৰ হোৱাৰ আশংকা হয়, সিহঁতক প্ৰথমে ভালদৰে বুজোৱা আৰু আল্লাহৰ ভয় দেখুৱাই সঠিক পথত আনিবলৈ চেষ্টা কৰা। যদি সিহঁতে নামানে তেন্তে বিছনা পৃথক কৰি দিয়া, যেনে- শুৱাৰ সময়ত তাইৰ পিনে পিঠি দিবা আৰু তাইৰ লগত সহবাস নকৰিবা। এনেকুৱা কৰাৰ পিছতো যদি সঠিক পথত ওভোতি নাহে তেন্তে আঘাত নোহোৱাকৈ অলপ মাৰিবা। ইয়াৰ পিছত যদি সংশোধন হয় তেন্তে সিহঁতৰ ওপৰত অত্যাচাৰ নকৰিবা আৰু সিহঁতক শাস্তিও নিদিবা। আল্লাহ সবাতোকৈ উচ্চ লগতে তেওঁ সত্ত্বাগত আৰু বৈশিষ্ট্যৰ ক্ষেত্ৰত অতি মহান, সেয়ে তেওঁক ভয় কৰা।
Nisa' 4:35
হে স্বামী স্ত্ৰীৰ অভিভাৱকসকল! যদি তোমালোকৰ আশংকা হয় যে, সিহঁত দুজনৰ মতানৈক্য, শত্ৰুতা আৰু পৃথকতাৰ সীমা পাব, তেন্তে স্বামীৰ ফালৰ পৰা এজন ন্যায়প্ৰিয় ব্যক্তি আৰু স্ত্ৰীৰ ফালৰ পৰা এজন ন্যায়প্ৰিয় ব্যক্তি প্ৰেৰণ কৰা, যাতে স্বামী স্ত্ৰীৰ মঙ্গল কামনাৰ্থে সিহঁতৰ মাজত বিবাহ বিচ্ছেদ ঘটায় নাইবা বিষয়টো মিলাপ্ৰীতিৰ মাজেৰে মীমাংসা কৰি দিয়ে। মনত ৰখা উচিত যে, স্বামী স্ত্ৰীৰ যুগ্ম জীৱন বাহাল ৰাখি মিলাপ্ৰীতিৰে সমাধান কৰাটোৱে উত্তম। যদি উভয় পক্ষৰ মধ্যস্থতাকাৰীয়ে যুগ্ম জীৱন বাহাল ৰাখিবলৈ প্ৰয়াস কৰে তেন্তে আল্লাহে স্বামী স্ত্ৰীক, ইজনক সিজনৰ নিকটৱৰ্তী কৰি দিব আৰু সিহঁতৰ মতভেদ সমাপ্ত হব। নিশ্চয় বান্দাৰ কোনো বস্তু আল্লাহৰ পৰা গোপন নহয় লগতে তেওঁ সিহঁতৰ অন্তৰৰ বিষয় সম্পৰ্কেও সম্যক অৱগত।
Nisa' 4:36
আল্লাহৰ আদেশ পালন কৰি তেওঁৰ ইবাদত কৰা, তেওঁৰ সৈতে আন কাৰো উপাসনা নকৰিবা। পিতৃ-মাতৃক সন্মান কৰিবা আৰু তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰিবা। আত্মীয়ৰ লগত, এতীমৰ লগত আৰু অভাৱী লোকৰ লগত ভাল ব্যৱহাৰ কৰিবা। আত্মীয় প্ৰতিবেশী তথা অনাত্মীয় প্ৰতিবেশীৰ লগত ভাল ব্যৱহাৰ কৰিবা। লগত থকা সঙ্গীৰ সৈতে ভাল ব্যৱহাৰ কৰিবা। ঘৰ পৰিয়ালৰ পৰা দূৰত থকা অপৰিচিত যাত্ৰীৰ লগতো ভাল ব্যৱহাৰ কৰিবা। তোমালোকৰ অধীনত থকা দাস-দাসীৰ প্ৰতিও ভাল ব্যৱহাৰ কৰিবা। নিশ্চয় আল্লাহে এনেকুৱা ব্যক্তিক পছন্দ নকৰে, যিয়ে আত্ম গৌৰৱী, মানুহৰ প্ৰতি অহংকাৰী লগতে যিয়ে মানুহৰ সন্মুখত অহংকাৰ কৰি নিজৰ প্ৰশংসা কৰে।
Nisa' 4:37
আল্লাহে সেইসকল লোকক পছন্দ নকৰে, যিসকলে আল্লাহে দিয়া ধনক সেই ঠাইতো ব্যয় নকৰে যত ব্যয় কৰা সিহঁতৰ ওপৰত অনিবাৰ্য, লগতে নিজৰ কথা আৰু কৰ্মৰ দ্বাৰা আনকো ইয়াৰ উপদেশ নিদিয়ে। আল্লাহে প্ৰদান কৰা নিয়ামত যেনে- জীৱিকা তথা ইল্ম মানুহৰ সন্মুখত প্ৰকাশ কৰাৰ বিপৰীতে সেয়া গোপন কৰে আৰু অসত্যটো প্ৰকাশ কৰে। এইটো দৰাচলতে কাফিৰসকলৰ স্বভাৱ। নিশ্চয় আমি কাফিৰসকলৰ বাবে অপমানকাৰী শাস্তি প্ৰস্তুত কৰি ৰাখিছো।
Nisa' 4:38
এইদৰে আমি সিহঁতৰ বাবে শাস্তি প্ৰস্তুত কৰি ৰাখিছো, যিসকলে নিজৰ সম্পদ কেৱল এই কাৰণে ব্যয় কৰে যাতে মানুহে দেখি তাৰ প্ৰশংসা কৰে। সিহঁতে আল্লাহ আৰু ক্বিয়ামতৰ প্ৰতি বিশ্বাস পোষণ নকৰে। আমি সিহঁতৰ বাবেও সেই অপমানকাৰী শাস্তি তৈয়াৰ কৰি থৈছো। সিহঁতক চয়তানৰ অনুসৰণেই বিভ্ৰান্ত কৰিছে। এতেকে চয়তান যাৰ সঙ্গী হৈছে, সি জানি থোৱা উচিত, চয়তান বৰ বেয়া সঙ্গী।
Nisa' 4:39
সিহঁতৰ কি ক্ষতি হ'লহেঁতেন, যদি সিহঁতে প্ৰকৃততে আল্লাহ আৰু ক্বিয়ামতৰ প্ৰতি ঈমান পোষণ কৰিলেহেঁতেন আৰু আল্লাহে সিহঁতক যি সম্পদ দান কৰিছে সেইবোৰ যদি আল্লাহৰ পছন্দনীয় শিতানত তথা তেওঁৰ সন্তুষ্টি অৰ্জনাৰ্থে ব্যয় কৰিলেহেঁতেন? বৰং ইয়াত আছিল কল্যাণেই কল্যাণ। আল্লাহে সিহঁতক ভালদৰে জানে। সিহঁতৰ কোনো অৱস্থাই তেওঁৰ পৰা গোপন নহয় আৰু তেওঁ সিহঁতৰ প্ৰত্যেককে সিহঁতৰ আমলৰ প্ৰতিদান দিব।
Nisa' 4:40
নিশ্চয় আল্লাহ ন্যায়পৰায়ণ, তেওঁৰ বান্দাসকলৰ প্ৰতি অকণো অন্যায় নকৰে, সিহঁতৰ নেকীৰ পৰা পৰুৱাৰ সমান নেকীও হ্ৰাস নকৰে আৰু গুনাহো বৃদ্ধি নকৰে। আনহাতে যদি মাকৈ দানা পৰিমাণো নেকী থাকে, তেন্তে তাৰ ছোৱাব তেওঁৰ কৃপাত কেই গুণ বৃদ্ধি কৰি, নিজৰ ফালৰ পৰা ডাঙৰ প্ৰতিদান প্ৰদান কৰে।
Nisa' 4:41
এতেকে সেই সময়ত কি অৱস্থা হব, যেতিয়া আমি ক্বিয়মাতৰ দিনা প্ৰত্যেক সম্প্ৰদায়ৰ নবীক সিহঁতৰ কৰ্মৰ সাক্ষী হিচাপে উপস্থিত কৰিম, আৰু হে নবী! আমি আপোনাক আপোনাৰ উম্মতৰ বিপক্ষে সাক্ষী হিচাপে উপস্থিত কৰিম।
Nisa' 4:42
সেই মহান দিনটোত আল্লাহক অস্বীকাৰকাৰী সকল আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰী সকল কামনা কৰিব যে, হায়! যদি মাটিত মিশ্ৰিত হৈ সমতল হৈ গলোহেঁতেন। সেইদিনা কোনেও আল্লাহৰ পৰা নিজৰ কৰ্ম গোপন কৰিব নোৱাৰিব। কিয়নো আল্লাহে সিহঁতৰ জিভাত তলা ওলোমাই দিব, ফলত সিহঁতে কথা কব নোৱাৰিব। আৰু সিহঁতৰ অংঙ্গ প্ৰতঙ্গই আল্লাহৰ আদেশত সিহঁতৰ বিপক্ষে সিহঁতৰ কৰ্মৰ সাক্ষী প্ৰদান কৰিব।
Nisa' 4:43
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! তোমালোকে নিচাগ্ৰস্ত অৱস্থাত ছালাত আদায় নকৰিবা, যেতিয়ালৈকে মাদকতা আঁতৰি নাযায়, যাতে তোমালোকে ধৰিব পাৰা যে তোমালোকে কি কৈ আছা। দৰাচলতে এই বিধান মাদক দ্ৰৱ্য সম্পূৰ্ণৰূপে হাৰাম হোৱাৰ পূৰ্বে আছিল। এইদৰে জুনুবী অৱস্থাতো ছালাত আদায় নকৰিবা আৰু মছজিদত প্ৰৱেশ নকৰিবা যেতিয়ালৈকে গুছল নকৰা, আনহাতে অৱস্থান নকৰাকৈ মছজিদৰ ভিতৰেদি খোজকাঢ়ি যোৱাত কোনো অসুবিধা নাই। যদি তোমালোকৰ কোনোবাই এনেকুৱা বেমাৰত আক্ৰান্ত হয়, যি বেমাৰত পানী ব্যৱহাৰ কৰা সম্ভৱ নহয়, অথবা তোমালোক ভ্ৰমণ অৱস্থাত থাকা নাইবা তোমালোকৰ অজু ভঙ্গ হলে অথবা স্ত্ৰীৰ লগত সহবাস কৰাৰ পিছত পানী নাপালে, পৱিত্ৰ মাটিৰে তায়াম্মুম কৰা অৰ্থাৎ নিজৰ দুয়ো হাতেৰে মুখমণ্ডল আৰু হাত দুখন মছেহ কৰা। নিশ্চয় আল্লাহে তোমালোকৰ ভুল-ত্ৰুটি মাৰ্জনা কৰিব আৰু তোমালোকৰ প্ৰতি তেওঁ অতি ক্ষমাশীল।
Nisa' 4:44
হে ৰাছুল! আপুনি ইয়াহুদীসকলৰ অৱস্থা সম্পৰ্কে অৱগত নহয় নেকি, যিসকলক আল্লাহে তাওৰাতৰ জ্ঞানৰ কিছু অংশ প্ৰদান কৰিছিল, সিহঁতে হিদায়তৰ পৰিবৰ্তে ভ্ৰষ্টতা ক্ৰয় কৰি আছে? হে মুমিনসকল! সিহঁতে তোমালোকক ৰাছুলে দেখুৱাই দিয়া পোন পথৰ পৰা বিভ্ৰান্ত কৰি বিচাৰে, যাতে তোমালোকেও সিহঁতৰ বক্ৰ পথত পৰিচালিত হোৱা।
Nisa' 4:45
হে মুমিনসকল! তোমালোকৰ শত্ৰুক তোমালোকতকৈ অধিক আল্লাহে ভালদৰে জানে। সেয়ে তোমালোকক সিহঁতৰ বিষয়ে জনাইছে আৰু সিহঁতৰ শত্ৰুতা সম্পৰ্কে অৱগত কৰাইছে। দৰাচলতে সিহঁতৰ শক্তিৰ বিপক্ষে তোমালোকৰ সুৰক্ষাৰ বাবে আল্লাহেই যথেষ্ট। লগতে সহায়ক হিচাপে আল্লাহেই তোমালোকৰ বাবে যথেষ্ট, তেওঁ তোমালোকক সিহঁতৰ চক্ৰান্ত আৰু নিৰ্যাতনৰ পৰা সুৰক্ষা প্ৰদান কৰিব আৰু সিহঁতৰ বিপক্ষে তোমালোকক সহায় কৰিব।
Nisa' 4:46
ইয়াহুদীসকলৰ মাজত কিছুমান নিকৃষ্ট লোক আছে, যিসকলে আল্লাহৰ বাণীক বিকৃত কৰে। সিহঁতে আল্লাহে অৱতীৰ্ণ কৰা বাণীৰ বিকৃত অৰ্থ প্ৰকাশ কৰে। যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সিহঁতক কোনো আদেশ দিয়ে, তেতিয়া সিহঁতে কয়ঃ আমি আপোনাৰ কথা শুনিছো কিন্তু আপোনাৰ কথা অস্বীকাৰ কৰিলো। লগতে ব্যঙ্গাতমক ভাৱে কয়ঃ আপুনি আমাৰ কথা শুনক, আপুনি যেন শুনা নাপায়! তথা সিহঁতে “ৰা-ঈনা” বুলি কৈ ইয়াৰ মূল অৰ্থ (আপুনি আমাৰ প্ৰতি মন কৰক) বুজাব খোজে কিন্তু সিহঁতৰ উদ্দেশ্যে বেলেগ, সিহঁতে ইয়াৰ দ্বাৰা “নিৰ্বোধ” বুজাব খোজে। সিহঁতে ইয়াক উচ্চাৰণ কৰাৰ সময়ত জিভাৰ দ্বাৰা বিকৃত কৰিছিল। সিহঁতৰ উদ্দেশ্য আছিল আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক বদ দুআ কৰা তথা ইছলামক নিন্দা কৰা আৰু ভুল-ত্ৰুটি সন্ধান কৰা। যদি সিহঁতে “আমি আপোনাৰ কথা শুনিছো কিন্তু আপোনাৰ কথা অস্বীকাৰ কৰিলো” এই কথাৰ ঠাইত এই কথা কলেহেঁতেন যে, “আমি আপোনাৰ কথা শুনিছো আৰু আপোনাৰ কথা মানি ললো”। লগতে “আপুনি যেন শুনা নাপায়!” এই কথাৰ পৰিবৰ্তে যদি কলেহেঁতেন, “আপুনি আমাৰ কথা শুনক!” আনহাতে “ৰা-ঈনা”ৰ পৰিবৰ্তে যদি কলেহেঁতেন “অলপ প্ৰতীক্ষা কৰক যাতে আমি আপোনাৰ কথা বুজি লওঁ”, তেন্তে সিহঁতৰ বাবে এয়া উত্তম আৰু ন্যায়সংগত হলেহেঁতেন। কিয়নো ইয়াত আছে আদব তথা সন্মান, যিটো নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যদাৰ উপযুক্ত। কিন্তু আল্লাহে সিহঁতৰ ওপৰত অভিসম্পাত কৰিছে, আৰু সিহঁতৰ কুফৰৰ কাৰণে সিহঁতক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই দিছে। সেয়ে সিহঁতে এনেকুৱা ঈমান পোষণ নকৰিব যিটো সিহঁতৰ বাবে লাভদায়ক।
Nisa' 4:47
হে পুথিপ্ৰাপ্ত ইয়াহুদী আৰু খৃষ্টানসকল! আমি তোমালোকৰ মুখমণ্ডলত থকা জ্ঞান ইন্দ্ৰীয়সমূহ নিঃশেষ কৰাৰ আগতে তথা তোমালোকৰ মুখমণ্ডল পিছফালে ঘূৰাই দিয়াৰ পূৰ্বে সেইটোৰ প্ৰতি ঈমান পোষণ কৰা যিটো আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কৰিছো, যিটো তোমালোকৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলৰ সত্যায়ন কৰিবলৈ আহিছে। অথবা আল্লাহৰ ৰহমতৰ পৰা দূৰ কৰাৰ পূৰ্বেই ঈমান পোষণ কৰা, যিদৰে আমি শনিবাৰীয়া লোকক সকলক দূৰ কৰিছিলো, যিসকলে নিষিদ্ধ হোৱাৰ পিছতো শনিবাৰে চিকাৰ কৰিছিল। ফলত আল্লাহে সিহঁতক বান্দৰ বনাই দিছিল। আল্লাহৰ আদেশ আৰু তেওঁৰ ফয়চালা নিশ্চিত ভাৱে বাস্তবায়িত হয়।
Nisa' 4:48
নিশ্চয় আল্লাহে তেওঁৰ সৃষ্টিৰ পৰা কাৰোবাক তেওঁৰ অংশীদাৰ গণ্য কৰা গুনাহক কেতিয়াও ক্ষমা নকৰিব। কিন্তু শ্বিৰ্ক আৰু কুফৰৰ বাহিৰে আন আন গুনাহসমূহ যিটো ইচ্ছা কৰিব, নিজ অনুগ্ৰহত ক্ষমা কৰিব অথবা যাক ইচ্ছা কৰিব ন্যায় অনুসাৰে শাস্তি প্ৰদান কৰিব। যিয়ে আল্লাহৰ লগত অংশীদাৰ (শ্বিৰ্ক) স্থাপন কৰিব, সি ইমান ডাঙৰ পাপ কৰ্ম কৰিছে যে, তাওবা অবিহনে মৃত্যুবৰণ কৰিলে কেতিয়াও ক্ষমাৰ যোগ্য নহয়।
Nisa' 4:49
হে ৰাছুল! আপুনি সেই সকল লোকৰ বিষয়ে নাজানে নেকি, যিসকলে নিজৰ আৰু নিজ কৰ্মৰ পৱিত্ৰতাৰ গুণগান কৰি ফুৰে? অথচ এই অধিকাৰ কেৱল আল্লাহৰ যে, তেওঁ নিজ বান্দাসকলৰ যাক ইচ্ছা প্ৰশংসা কৰে আৰু পৱিত্ৰ কৰে, কাৰণ তেৱেঁই অন্তৰৰ গোপন তথ্য সম্পৰ্কে অৱগত। তথা সিহঁতৰ ছোৱাব অকণো হ্ৰাস কৰা নহব, আনকি খেজুৰৰ গুটিৰ ওপৰত থকা আৱৰণ পৰিমাণ ছোৱাবো হ্ৰাস কৰা নহব।
Nisa' 4:50
হে ৰাছুল! চাওঁক এইসকল লোকে কেনেকৈ নিজৰ প্ৰশংসা কৰি আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰি আছে? ইহঁতৰ ভ্ৰষ্টতা স্পষ্ট কৰিবলৈ এই গুনাহেই যথেষ্ট।
Nisa' 4:51
হে ৰাছুল! আপুনি ইয়াহুদীসকলৰ অৱস্থা সম্পৰ্কে অৱগত নহয় নেকি, যিসকলক জ্ঞানৰ কিছু অংশ প্ৰদান কৰা হৈছিল। লগতে আপুনি এই কথাত আচৰিত নহয় নেকি যে, সিহঁতে আল্লাহৰ বাহিৰে নিজে বনোৱা উপাস্যৰ প্ৰতি ঈমান পোষণ কৰে আৰু সিহঁতে মুশ্বৰিকসকলৰ কথাত হয় ভৰ দি কয়, মুশ্বৰিকসকল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছাহাবাসকলতকৈ অধিক হিদায়তৰ ওপৰত আছে।
Nisa' 4:52
এই সকলেই বিকৃত আক্বীদাৰ অধিকাৰী, যিসকলক আল্লাহে তেওঁৰ ৰহমতৰ পৰা দূৰ কৰি দিছে। এতেকে যাক আল্লাহে নিজ ৰহমতৰ পৰা দূৰ কৰি দিয়ে, আপুনি কেতিয়াও তাৰ সহায়ক বিচাৰি নাপাব, যিয়ে তাৰ সহায় কৰিব পাৰিব।
Nisa' 4:53
সিহঁতৰ ওচৰত কোনো ৰাজত্ব নাই। যদি থাকিলেহেঁতেন, তেন্তে মানুহক তাৰ পৰা একো নিদিলেহেঁতেন। যদিও খেজুৰ গুটিৰ ওপৰৰ আৱৰণৰ সমানেই নহওঁক কিয়।
Nisa' 4:54
বৰং সিহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ ছাহাবাসকলৰ লগত এই কাৰণে বিদ্বেষ পোষণ কৰে যে, আল্লাহে তেওঁলোকক নবুওৱত, ঈমান আৰু পৃথিৱীত ৰাজত্ব প্ৰদান কৰিছে। সিহঁতে কিয় তেওঁলোকৰ লগত বিদ্বেষ পোষণ কৰে অথচ আমি ইয়াৰ পূৰ্বে ইব্ৰাহীমৰ বংশধৰসকলক ঐশী পুথি দান কৰিছিলো লগতে পুথিৰ বাহিৰেও বিভিন্ন আদেশ প্ৰদান কৰা হৈছিল আৰু মানুহৰ ওপৰত বিশাল ৰাজত্ব প্ৰদান কৰিছিলো।
Nisa' 4:55
আহলে কিতাবসকলৰ কিছুমানে ইব্ৰাহীম আলাইহিছ ছালাম আৰু তেওঁৰ বংশধৰ নবীসকলৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু কিছুমানে ঈমানৰ পৰা আঁতৰি গৈছে। আৰু আজিও সিহঁতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তৰ লগতো সেই আচৰণেই কৰি আছে। সিহঁতৰ মাজৰ কাফিৰসকলৰ বাবে জাহান্নামৰ শাস্তিয়েই যথেষ্ট।
Nisa' 4:56
নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আমি সিহঁতক ক্বিয়ামতৰ দিনা জাহান্নামত প্ৰৱেশ কৰাম, যিটো সিহঁতক চাৰিও ফালৰ পৰা পৰিবেষ্টন কৰি ৰাখিব। যেতিয়াই সিহঁতৰ ছাল গেলি পচি যাব তেতিয়াই আমি সিহঁতক নতুন ছালেৰে আৱৰণ দিম, যাতে শাস্তি অব্যাহত থাকে। নিশ্চয় আল্লাহ মহা পৰাক্ৰমশালী, তেওঁক কোনেও অপাৰগ কৰাৰ ক্ষমতা নাৰাখে, তেওঁ সিদ্ধান্ত আৰু ফয়চালাত মহা প্ৰজ্ঞাৱান।
Nisa' 4:57
যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু ৰাছুলৰ আনুসৰণ কৰিছে আৰু সত্কৰ্ম কৰিছে, আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম যাৰ অট্টালিকাসমূহৰ তলত নদীসমূহ প্ৰবাহিত। তাত তেওঁলোক চিৰস্থায়ী হব। তেওঁলোকৰ বাবে এই জান্নাতত থাকিব সকলো ধৰণৰ আৱৰ্জনা মুক্ত পৱিত্ৰ স্ত্ৰীসকল। আমি তেওঁলোকক ঘন ছাঁৰ তলত ৰাখিম যিটো দীৰ্ঘ প্ৰসাৰিত হব। য’ত গৰম ঠাণ্ডা একোৱে অনুভৱ নহব।
Nisa' 4:58
আল্লাহে তোমালোকক আদেশ দিয়ে যে, তোমালোকৰ ওচৰত থকা আমানতৰ প্ৰতিটো বস্তু আমানতৰ গৰাকীক ওভোতাই দিয়া। লগতে তোমালোকক এই আদেশ দিয়ে যে, যেতিয়া তোমালোকে মানুহৰ মাজত বিচাৰ মীমাংসা কৰিবা তেতিয়া ন্যায়সংগত ভাৱে কৰিবা। ফয়চালা কৰাৰ সময়ত পক্ষপাত অথবা অন্যায় নকৰিবা। আল্লাহে প্ৰত্যেক পৰিস্থিতিৰ বাবে উত্তম শিক্ষা আৰু নিৰ্দেশ দিয়ে। নিশ্চয় আল্লাহে তোমালোকৰ কথা শ্ৰৱণ কৰে আৰু তোমালোকৰ কৰ্ম দেখে।
Nisa' 4:59
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী সকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন কৰি আৰু তেওঁলোকে নিষেধ কৰা বস্তুৰ পৰা বিৰত থাকি তেওঁলোকৰ আনুগত্য কৰা। তথা শাসকৰ কথা মানি চলা যেতিয়া লৈকে সিহঁতে গুনাহৰ নিৰ্দেশ নিদিয়ে। ইয়াৰ পিছত যদি কোনো বিষয়ত তোমালোকৰ মতবিৰোধ হয় তেন্তে সেই বিষয়ে আল্লাহৰ কিতাপ আৰু ৰাছুলৰ ছুন্নতৰ পিনে শৰণাপন্ন হোৱা, যদি তোমালোকে আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস কৰা। কোৰআন ছুন্নতৰ প্ৰতি প্ৰত্যাৱৰ্তন কৰাটো মতভেদত লিপ্ত থকা তথা কোনো ব্যক্তিগত উক্তিৰ অনুসৰণ কৰাতকৈ উত্তম। লগতে পৰিণামৰ ক্ষেত্ৰতো এয়া উত্তম।
Nisa' 4:60
হে ৰাছুল! আপুনি ইয়াহুদী মুনাফিকসকলৰ দ্বিতীয় চৰিত্ৰ দেখা নাইনে, যিসকলে মিছা দাবী কৰে যে, আপোনাৰ প্ৰতি তথা আপোনাৰ পূৰ্বে ৰাছুলসকলৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান পোষণ কৰে। কিন্তু মতবিৰোধৰ সময়ত ফয়চালাৰ বাবে, আল্লাহৰ চৰীয়ত এৰি মানৱ ৰচিত বিধানৰ দ্বাৰা ফয়চালা পছন্দ কৰে। অথচ সিহঁতক এইবোৰ অস্বীকাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। দৰাচলতে চয়তানে বিচাৰে যে, সিহঁত সত্যৰ পৰা ইমান দূৰ আঁতৰি যাওঁক যাতে উভতি অহা অসম্ভৱ হৈ পৰে।
Nisa' 4:61
যেতিয়া এইসকল মুনাফিকক কোৱা হয় যে, আল্লাহে নিজৰ পুথিত যি বিধান অৱতীৰ্ণ কৰিছে সেই পিনে আহা আৰু ৰাছুলৰ ওচৰলৈ আহা, যাতে তোমালোকৰ পৰস্পৰ মতভেদৰ মীমাংসা কৰি দিয়ে। হে ৰাছুল! তেতিয়া আপুনি সিহঁতক দেখিবলৈ পাব যে, সিহঁত আপোনাৰ পৰা সম্পূৰ্ণৰূপে বিমূখ হৈ আনৰ ওচৰত মীমাংসাৰ বাবে গুচি যায়।
Nisa' 4:62
সেই সময়ত মুনাফিকসকলৰ কি অৱস্থা হব, যেতিয়া সিহঁতৰ গুনাহৰ কাৰণে সিহঁতৰ ওপৰত কোনো বিপদ আহি পৰিব। হে ৰাছুল! তেতিয়া সিহঁত আপোনাৰ ওচৰত ক্ষমা বিচাৰি আহি আল্লাহৰ শপত খাই কব যে, আপোনাক এৰি আনৰ ওচৰত ফয়চালাৰ বাবে যোৱাৰ আমাৰ কেৱল এই উদ্দেশ্য আছিল যাতে উপকাৰ কৰে আৰু মতানৈক্যকাৰী সকলৰ মাজত মিলাপ্ৰীতি সৃষ্টি কৰি দিয়ে। অথচ সিহঁতৰ এইটো মিছা দাবী। কিয়নো মানুহৰ মাজত মীমাংসা কৰিবলৈ কেৱল আল্লাহৰ চৰীয়তৰ শৰণাপন্ন হোৱাতেই আছে কল্যাণ।
Nisa' 4:63
এইসকল লোকৰ অন্তৰত গোপন থকা নিফাক আৰু বেয়া মনোভাৱ সম্পৰ্কেও আল্লাহ অৱগত। এতেকে হে ৰাছুল! সিহঁতক সিহঁতৰ অৱস্থাত এৰি দিয়ক, লগতে সিহঁতৰ প্ৰতি মনোযোগ নিদিব। সিহঁতক প্ৰেৰণা প্ৰদান কৰি আৰু সতৰ্ক কৰি আল্লাহৰ আদেশ বৰ্ণনা কৰক লগতে এনেকুৱা কথা কওঁক যিটো সিহঁতৰ অন্তৰ চুই যাব।
Nisa' 4:64
আমি ৰাছুল এই কাৰণে প্ৰেৰণ কৰো যাতে মানুহে আল্লাহৰ ইচ্ছাত তেওঁলোকৰ অনুসৰণ কৰে। এতেকে হে ৰাছুল! যদি সিহঁতে কোনো পাপ কৰ্ম কৰাৰ পিছত আপুনি জীৱিত থকা অৱস্থাত আপোনাৰ ওচৰত আহিলেহেঁতে আৰু নিজৰ গুনাহ স্বীকাৰ কৰিলেহেঁতেন লগতে অনুতপ্ত হৈ তাওবা কৰিলেহেঁতেন আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন লগতে আপুনিও যদি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিলেহেঁতেন তেন্তে অৱশ্যে সিহঁতে আল্লাহক তাওবা কবূলকাৰী আৰু দয়ালু হিচাপে পালেহেঁতেন।
Nisa' 4:65
দৰাচলতে বিষয়টো তেনেকুৱা নহয়, যিদৰে মুনাফিকসকলে ধাৰণা কৰে। বৰং আল্লাহে নিজৰ শপত খাই কৈছে যে, সিহঁত প্ৰকৃত মুমিন হবই নোৱাৰে, যেতিয়া লৈকে সিহঁতে নিজৰ মাজত উত্পন্ন হোৱা সকলো মতানৈক্যত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক তেওঁৰ জীৱন কালত আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ চৰীয়তক মীমাংসাকাৰী হিচাপে মানি নলব। ইয়াৰ পিছত সিহঁতৰ অন্তৰত আপোনাৰ ফয়চালা সম্পৰ্কে কোনো সংকোচবোধ তথা সংশয় থাকিব নালাগে লগতে আভ্যন্তৰীণ আৰু বাহ্যিক ভাৱে পৰিপূৰ্ণৰূপে আপোনাৰ আদেশ মানি লোৱা উচিত।
Nisa' 4:66
যদি আমি সিহঁতক এই আদেশ দিলোহেঁতেন যে, পৰস্পৰে পৰস্পৰক হত্যা কৰা অথবা নিজৰ ঘৰৰ পৰা ওলাই য়োৱা, তেন্তে সিহঁতৰ মাজৰ কিছু সংখ্যক লোকৰ বাহিৰে আন কোনেও আমাৰ এই আদেশ নামানিলেহেঁতেন। সিহঁতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত যে, তেওঁ এনেকুৱা কোনো কৰ্মৰ আদেশ দিয়া নাই, যাৰ ওপৰত আমল কৰা কঠিন। আনহাতে সিহঁতক আনুগত্যৰ প্ৰতি যি উপদেশ দিয়া হয়, তাৰ ওপৰত যদি সিহঁতে আমল কৰিলেহেঁতেন তেন্তে এয়া বিৰোধিতাতকৈ উত্তম হলেহেঁতেন। ফলত সিহঁতৰ ঈমান অধিক মজবুত হলেহেঁতেন আৰু আমি নিজৰ ফালৰ পৰা সিহঁতক বৰ ডাঙৰ ছোৱাব প্ৰদান কৰিলোহেঁতেন লগতে আল্লাহ তথা তেওঁৰ জান্নাতৰ পিনে লৈ যোৱা পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান কৰিলোহেঁতেন।
Nisa' 4:67
যদি আমি সিহঁতক এই আদেশ দিলোহেঁতেন যে, পৰস্পৰে পৰস্পৰক হত্যা কৰা অথবা নিজৰ ঘৰৰ পৰা ওলাই য়োৱা, তেন্তে সিহঁতৰ মাজৰ কিছু সংখ্যক লোকৰ বাহিৰে আন কোনেও আমাৰ এই আদেশ নামানিলেহেঁতেন। সিহঁতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত যে, তেওঁ এনেকুৱা কোনো কৰ্মৰ আদেশ দিয়া নাই, যাৰ ওপৰত আমল কৰা কঠিন। আনহাতে সিহঁতক আনুগত্যৰ প্ৰতি যি উপদেশ দিয়া হয়, তাৰ ওপৰত যদি সিহঁতে আমল কৰিলেহেঁতেন তেন্তে এয়া বিৰোধিতাতকৈ উত্তম হলেহেঁতেন। ফলত সিহঁতৰ ঈমান অধিক মজবুত হলেহেঁতেন আৰু আমি নিজৰ ফালৰ পৰা সিহঁতক বৰ ডাঙৰ ছোৱাব প্ৰদান কৰিলোহেঁতেন লগতে আল্লাহ তথা তেওঁৰ জান্নাতৰ পিনে লৈ যোৱা পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান কৰিলোহেঁতেন।
Nisa' 4:68
যদি আমি সিহঁতক এই আদেশ দিলোহেঁতেন যে, পৰস্পৰে পৰস্পৰক হত্যা কৰা অথবা নিজৰ ঘৰৰ পৰা ওলাই য়োৱা, তেন্তে সিহঁতৰ মাজৰ কিছু সংখ্যক লোকৰ বাহিৰে আন কোনেও আমাৰ এই আদেশ নামানিলেহেঁতেন। সিহঁতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত যে, তেওঁ এনেকুৱা কোনো কৰ্মৰ আদেশ দিয়া নাই, যাৰ ওপৰত আমল কৰা কঠিন। আনহাতে সিহঁতক আনুগত্যৰ প্ৰতি যি উপদেশ দিয়া হয়, তাৰ ওপৰত যদি সিহঁতে আমল কৰিলেহেঁতেন তেন্তে এয়া বিৰোধিতাতকৈ উত্তম হলেহেঁতেন। ফলত সিহঁতৰ ঈমান অধিক মজবুত হলেহেঁতেন আৰু আমি নিজৰ ফালৰ পৰা সিহঁতক বৰ ডাঙৰ ছোৱাব প্ৰদান কৰিলোহেঁতেন লগতে আল্লাহ তথা তেওঁৰ জান্নাতৰ পিনে লৈ যোৱা পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান কৰিলোহেঁতেন।
Nisa' 4:69
যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, তেওঁ সেই সকল লোকৰ লগত থাকিব, যিসকলক আল্লাহে জান্নাতত প্ৰৱেশৰ নিয়ামতেৰে পুৰষ্কৃত কৰিছে। যেনে- নবীসকল, সত্যবাদী লোকসকল, যিসকলে ৰাছুলে লৈ অহা চৰীয়তক পৰিপূৰ্ণৰূপে বিশ্বাস কৰিছিল আৰু তাৰ ওপৰত আমল কৰিছিল; আৰু শ্বহীদসকল, যিসকলে আল্লাহৰ পথত মৃত্যুবৰণ কৰিছে; লগতে পূণ্যৱান লোকসকল যিসকলৰ ভিতৰ বাহিৰ সংশোধিত, ফলত তেওঁলোকৰ আমলো বিশুদ্ধ। জান্নাতত কিমান যে উত্তম সঙ্গী এওঁলোক।
Nisa' 4:70
উক্ত ছোৱাব আল্লাহৰ তৰফৰ পৰা তেওঁৰ বান্দাসকলৰ প্ৰতি অনুগ্ৰহ আৰু কৃপা আৰু তেওঁলোকৰ সংৰক্ষণ কৰিবলৈ আল্লাহৰ জ্ঞানেই যথেষ্ট। তেওঁ প্ৰত্যেককে নিজ নিজ আমলৰ প্ৰতিদান প্ৰদান কৰিব।
Nisa' 4:71
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী সকল! নিজৰ শত্ৰুসকলৰ পৰা সাৱধানতা অৱলম্বন কৰি সিহঁতৰ লগত যুদ্ধ কৰিবলৈ অস্ত্ৰ প্ৰস্তুত ৰাখিবা। লগতে দলে দলে ওলাই আহা অথবা সকলো একেলগে ওলাই আহা। এই সকলোবোৰ নিজৰ স্বাৰ্থ আৰু শত্ৰুক পৰাজিত কৰাৰ উপায়সমূহ সন্মুখত ৰাখি কৰা উচিত।
Nisa' 4:72
হে মুছলিমসকল! তোমালোকৰ মাজত কিছুমান এনেকুৱা মানুহো আছে, যিসকলে কাপুৰুষতাৰ কাৰণে শত্ৰুৰ লগত যুদ্ধ কৰিবলৈ ওলাই নাযাব আৰু আন আন লোক সকলকো বাধা প্ৰদান কৰিব। দৰাচলতে ইহঁত মুনাফিক আৰু দুৰ্বল ঈমানৰ অধিকাৰী ব্যক্তি। আৰু যদি তোমালোক নিহত হোৱা অথবা তোমালোকে পৰাজয় বৰণ কৰা তেন্তে সিহঁতে উত্ফুল্লিত হৈ কব, এয়া আল্লাহৰ অনুগ্ৰহ যে, মই যুদ্ধত অংশগ্ৰহণ কৰা নাছিলো, অন্যথা আজি মোৰো সেই অৱস্থা হলেহেঁতেন, যিটো এওঁলোকৰ হৈছে।
Nisa' 4:73
হে মুছলিমসকল! যদি তোমালোকে বিজয় অথবা যুদ্ধলব্ধ সম্পদ হিচাপে আল্লাহৰ অনুগ্ৰহ লাভ কৰা, তেন্তে যুদ্ধৰ পৰা আঁতৰি থকা এই ব্যক্তিয়েই কব, যদি ময়ো এওঁলোকৰ লগত যুদ্ধত অংশগ্ৰহণ কৰিলোহেঁতেন তেন্তে ময়ো এওঁলোকৰ দৰে বৰ ডাঙৰ সফলতা অৰ্জন কৰিলোহেঁতেন। তাৰ এই ব্যৱহাৰে এইটো প্ৰকাশ কৰে যেনিবা সি তোমালোকৰ অন্তৰ্ভুক্তই নাছিল তথা তাৰ আৰু তোমালোকৰ মাজত কোনো সম্পৰ্কই নাছিল।
Nisa' 4:74
এতেকে প্ৰকৃত মুমিনসকলে নিজৰ পাৰ্থিৱ জীৱনৰ মোহ এৰি ইয়াৰ বিনিময়ত আখিৰাতক ক্ৰয় কৰিছে, তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰা উচিত, যাতে আল্লাহৰ দ্বীন সদায় উচ্চ থাকে। যিয়ে আল্লাহৰ দ্বীন সুউচ্চ কৰিবলৈ আল্লাহৰ পথত যুদ্ধ কৰি শ্বহীদ হব, অথবা শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব, আল্লাহে তাক ডাঙৰ ছোৱাব প্ৰদান কৰিব অৰ্থাৎ সি জান্নাত আৰু আল্লাহৰ সন্তুষ্টি লাভ কৰিব।
Nisa' 4:75
হে মুমিনসকল! আল্লাহৰ দ্বীন সুউচ্চ কৰাৰ বাবে আৰু অসহায় পুৰুষ মহিলা আৰু শিশুসকলক নিৰ্যাতন মুক্ত কৰাৰ বাবে আল্লাহৰ পথত জিহাদ কৰিবলৈ কিহে তোমালোকক বাধা দিয়ে, যিসকলে সদায় আল্লাহৰ ওচৰত এই বুলি প্ৰাৰ্থনা কৰেঃ হে আমাৰ প্ৰতিপালক! আমাক মক্কাৰ পৰা ওলাই লৈ যোৱা, ইয়াৰ অধিবাসীসকলে আল্লাহৰ লগত শ্বিৰ্ক কৰে আৰু তেওঁৰ বান্দাসকলৰ ওপৰত অত্যাচাৰ কৰে। এতেকে তুমি আমাৰ বাবে এজন অভিভাৱক নিৰ্ধাৰণ কৰি দিয়া, যিয়ে আমাক সুৰক্ষা প্ৰদান কৰিব, আৰু এনেকুৱা সহায়ক নিৰ্ধাৰণ কৰি দিয়া, যিয়ে আমাক সকলো প্ৰকাৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব।
Nisa' 4:76
প্ৰকৃত মুমিনে আল্লাহৰ পথত তেওঁৰ দ্বীনৰ প্ৰসাৰতাৰ বাবে যুদ্ধ কৰে, আনহাতে কাফিৰসকলে নিজৰ অসত্য উপাস্যসকলৰ পথত যুদ্ধ কৰে। এতেকে তোমালোকে চয়তানৰ সহায়কসকলৰ লগত যুদ্ধ কৰা, কিয়নো যদি তোমালোকে সিহঁতৰ লগত যুদ্ধ কৰা তেন্তে তোমালোকে বিজয় প্ৰাপ্ত হবা। কিয়নো চয়তানৰ চক্ৰান্ত অতি দুৰ্বল। সি আল্লাহৰ প্ৰতি ভৰসাকাৰী সকলৰ একো ক্ষতি কৰিব নোৱাৰে।
Nisa' 4:77
হে ৰাছুল! আপুনি আপোনাৰ সেইসকল সঙ্গী সম্পৰ্কে অৱগত নহয়নে, যিসকলে জিহাদ ফৰজ হোৱাৰ আবেদন জনাইছিল। তেতিয়া তেওঁলোকক কোৱা হৈছিল, এতিয়া যুদ্ধৰ পৰা বিৰত থাকা, ছালাত প্ৰতিষ্ঠা কৰা আৰু যাকাত আদায় দিয়া। দৰাচলতে এয়া জিহাদ ফৰজ হোৱাৰ আগৰ কথা। কিন্তু যেতিয়া তেওঁলোকে মদীনালৈ হিজৰত কৰিলে, আৰু ইছলাম মজবুত হল আৰু তেওঁলোকৰ ওপৰত জিহাদ ফৰজ কৰা হল, তেতিয়া তেওঁলোকৰ মাজৰ কিছুমান লোকৰ ওপৰত এই আদেশ বৰ কঠিন অনুভৱ হল আৰু তেওঁলোকে মানুহক এনেকুৱা ভয় কৰিবলৈ ধৰিলে যিদৰে আল্লাহক ভয় কৰা উচিত অথবা তাতোকৈ অধিক। কবলৈ ধৰিলেঃ হে আমাৰ প্ৰতিপালক! আমাৰ ওপৰত জিহাদ কিয় অনিবাৰ্য কৰিলা, ইয়াক অলপ দিন কিয় পিছুৱাই নিদিলা যাতে আমি পৃথিৱীৰ পৰা অলপ উপকৃত হলোহেঁতেন। হে ৰাছুল! কৈ দিয়ক যে, পাৰ্থিৱ সম্পত্তি যিমানেই লাভ নকৰা কিয়, সেয়া কম আৰু ধ্বংসশীল। আনহাতে আল্লাহক ভয়কাৰী সকলৰ বাবে আখিৰাত অতি উত্তম, কিয়নো তেওঁৰ নিয়ামত চিৰস্থায়ী। আৰু তোমালোকক প্ৰতিদান দিয়াৰ সময়ত খেজুৰ গুটিৰ ওপৰত থকা আৱৰণৰ সমানো তোমালোকৰ আমল হ্ৰাস কৰা নহব।
Nisa' 4:78
তোমালোক যতেই নাথাকা কিয়, যেতিয়া নিৰ্দিষ্ট সময় আহি পৰিব, তেতিয়া তোমালোকৰ মৃত্যু হবই, যদিও তোমালোক যুদ্ধৰ ময়দানৰ পৰা দূৰৈত মজবুত দুৰ্গত আত্ম গোপন নকৰা কিয়। এই মুনাফিকসকলৰ স্বভাৱ এনেকুৱা যে, যদি সিহঁতে সন্তান আৰু সম্পদ আদিৰ দৰে কোনো বস্তু পায় তেন্তে কয়ঃ এয়া আল্লাহৰ ফালৰ পৰা। আনহাতে সন্তান আৰু সম্পত্তিত কোনো অনিষ্ট সাধন হলে, সেয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অমঙ্গল বুলি দাবী কৰি কয়ঃ এই ক্ষতি আপোনাৰ কাৰণে হৈছে। হে ৰাছুল! আপুনি ইয়াৰ খণ্ডন কৰি কওঁক, ভাল আৰু বেয়া সকলো আল্লাহৰ ফয়চালা আৰু তেওঁ নিৰ্ধাৰণৰ (তাক্বদীৰৰ) অধীনত হয়। এই ধৰণে কথা কোৱা ব্যক্তিসকলৰ আচলতে হৈছে কি, সিহঁতে আপোনাৰ কথা বুজি নাপায় কিয়।
Nisa' 4:79
হে আদম সন্তান! তোমালোকে জীৱিকা আৰু সন্তান আদিৰ দৰে যি আনন্দদায়ক বস্তু লাভ কৰা, সেই সকলো আল্লাহৰ ফালৰ পৰা তথা তেৱেঁই তোমালোকক প্ৰদান কৰে। আনহাতে জীৱিকা তথা সন্তানৰ ক্ষেত্ৰত তোমালোকে যি আপদ বিপদৰ সন্মুখীন হোৱা, সেই সকলো তোমালোকৰ নিজৰ ফালৰ পৰা তথা তোমালোকৰ গুনাহৰ কাৰণে হয়। হে নবী! আমি আপোনাক গোটেই মানৱ জাতিৰ প্ৰতি ৰাছুল হিচাপে প্ৰেৰণ কৰিছো, যাতে আপুনি নিজ প্ৰতিপালকৰ বাৰ্তা পৌঁচাই দিয়ে। আপুনি আল্লাহৰ ফালৰ পৰা মানুহৰ ওচৰত যি উপস্থাপন কৰে, তাৰ সত্যতাৰ বাবে আল্লাহৰ সাক্ষ্য তথা তেওঁ প্ৰদান কৰা প্ৰমাণ আৰু দলীলেই যথেষ্ট।
Nisa' 4:80
যিয়ে ৰাছুলৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা দূৰৈত থাকি তেওঁৰ আনুগত্য কৰিব, সি দৰাচলতে আল্লাহৰ আদেশ পালন কৰিলে। আনহাতে হে ৰাছুল! যিয়ে আপোনাৰ আনুগত্যৰ পৰা মুখ ঘূৰাই লয়, তাৰ প্ৰতি আপুনি চিন্তিত নহব। কিয়নো আমি আপোনাক প্ৰহৰী বনাই প্ৰেৰণ কৰা নাই যে, আপুনি সিহঁতৰ আমল সংৰক্ষণ কৰিব। সিহঁতৰ আমলৰ গণনা আৰু হিচাপ লোৱাৰ দায়িত্ব কেৱল আমাৰ।
Nisa' 4:81
মুনাফিকসকলে কেৱল মুখেৰে কয় যে, আমি আপোনাৰ আদেশ পালন কৰিম আৰু তাত কোনো অৱহেলা নকৰো। কিন্তু যেতিয়া আপোনাৰ পৰা গুচি যায় তেতিয়া সিহঁতৰ এটা দলে গোপনে আপোনাৰ সন্মুখত ব্যক্ত কৰা বক্তব্যৰ বিপৰীতে চক্ৰান্ত ৰচনা কৰে। অথচ আল্লাহ সিহঁতৰ চক্ৰান্ত সম্পৰ্কে অৱগত আৰু তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব। এতেকে আপুনি সিহঁতৰ প্ৰতি মনোযোগ নিদিব, সিহঁতে আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰে। আপোনাৰ সকলো বিষয় আল্লাহৰ ওপৰত এৰি দিয়ক আৰু তেওঁৰ ওপৰত ভৰসা কৰক, সংৰক্ষক হিচাপে আল্লাহেই যথেষ্ট।
Nisa' 4:82
ইহঁতে কোৰআনৰ ওপৰত গৱেষণা কিয় নকৰে আৰু ইয়াক মনোযোগ সহকাৰে পাঠ কিয় নকৰে। যাতে এই কথা প্ৰমাণ হৈ যায় যে, কোৰআনৰ ভিতৰত কোনো মতানৈক্য অথবা পাৰস্পাৰিক অমিল নাই লগতে যাতে আপুনি লৈ অহা দ্বীনৰ সত্যতাৰ প্ৰতিও সিহঁত পতিয়ন যায়। যদি কোৰআন আল্লাহৰ বাহিৰে আন কাৰোবাৰ ফালৰ পৰা হলেহেঁতেন তেন্তে ইয়াৰ বিধানত পাৰস্পাৰিক অমিল থাকিলেহেঁতেন আৰু ইয়াৰ অৰ্থত বহুত বেমেজালি পোৱা গলহেঁতেন।
Nisa' 4:83
যেতিয়া এই মুনাফিকসকলৰ ওচৰত মুছলিমসকলৰ শান্তি তথা আনন্দ অথবা ভয় আশংকা তথা দুখ কষ্টৰ কোনো বাৰ্তা আহে তেতিয়া সিহঁতে প্ৰচাৰ কৰি ফুৰে। যদি সিহঁতে অলপ প্ৰতীক্ষা কৰাহেঁতেন আৰু বিষয়টো ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম তথা বিবেকৱান, জ্ঞানী আৰু শুভচিন্তিত লোকৰ ওচৰলৈ লৈ গ'লহেঁতেন, তেন্তে তেওঁলোকে বিষয়টো চালি জাৰি চাই সিদ্ধান্ত গ্ৰহণ কৰিলেহেঁতেন যে, এইটো প্ৰচাৰ কৰা ঠিক হ'বনে, গোপনে ৰখা ঠিক হ'ব। হে মুমিনসকল! যদি আল্লাহৰ অনুগ্ৰহ আৰু তেওঁৰ ৰহমত তোমালোকৰ ওপৰত নাথাকিলহেঁতেন আৰু এইসকল মুনাফিকে যি ৰোগত আক্ৰান্ত হৈছে তাৰ পৰা ৰক্ষা নকৰিলেহেঁতেন তেন্তে তোমালোকৰ কিছু সংখ্যকৰ বাহিৰে বাকী সকলোৱে চয়তানৰ কুমন্ত্ৰণাত পতিত হ'লহেঁতেন।
Nisa' 4:84
হে ৰাছুল! আপুনি আল্লাহৰ পথত তেওঁৰ দ্বীন সুউচ্চ কৰাৰ বাবে যুদ্ধ কৰক। আপোনাক আনৰ বিষয়ে সোধ-পোচ কৰা নহব আৰু বাধ্যও কৰা নহব। কিয়নো আপুনি কেৱল নিজকেই যুদ্ধৰ বাবে বাধ্য কৰিব পাৰে। লগতে মুমিনসকলক যুদ্ধৰ প্ৰেৰণা দিয়ক আৰু তেওঁলোকক প্ৰস্তুত কৰক। আশা কৰা যায় আল্লাহে আপোনালোকৰ যুদ্ধৰ দ্বাৰা কাফিৰসকলৰ শক্তি দমন কৰিব। নিশ্চয় আল্লাহ অধিক শক্তিশালী আৰু কঠোৰ শাস্তি প্ৰদানকাৰী।
Nisa' 4:85
যিয়ে আনৰ লগত ভাল ব্যৱহাৰ কৰিব, ফলত সি ছোৱাবৰ অংশীদাৰ হব আৰু যিয়ে আনৰ ক্ষতি সাধন কৰাৰ প্ৰয়াস কৰিব, ফলত সি গুনাহৰ অংশীদাৰ হব। আল্লাহে মানুহৰ সকলো কৰ্ম চাই আছে, তেওঁ মানুহক ইয়াৰ প্ৰতিদান দিব। এতেকে তোমালোকৰ মাজৰ যিয়ে কল্যাণ লাভৰ মাধ্যম হব, সি তাৰ অংশ অৰ্জন কৰিব, আনহাতে যিয়ে অকল্যাণ লাভৰ মাধ্যম হব, সিও নিজৰ ভাগ পাব।
Nisa' 4:86
যেতিয়া কোনোবাই তোমালোকক ছালাম দিয়ে তেতিয়া তোমালোকে তাক ছালামৰ তাতোকৈ উত্তম উত্তৰ দিবা অথবা অনুৰূপ উত্তৰ দিবা। যদিও উত্তম উত্তৰ দিয়াটোৱে ভাল। নিশ্চয় আল্লাহ তোমালোকৰ সকলো কৰ্মৰ সংৰক্ষণকাৰী, তেওঁ তোমালোকৰ প্ৰত্যেককে নিজ নিজ কৰ্মৰ প্ৰতিদান দিব।
Nisa' 4:87
আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ তোমালোকৰ পূৰ্বৰ আৰু তোমালোকৰ পিছৰ সকলো মানুহকে একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই। যাতে তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিয়ে। আল্লাহতকৈ অধিক সত্যবাদী আন কোনো নাই।
Nisa' 4:88
হে মুমিনসকল! তোমালোকৰ কি হৈছে, মুনাফিকসকলৰ লগত ব্যৱহাৰৰ ক্ষেত্ৰত তোমালোক দুটা ভাগত বিভক্ত হলা? এটা দলে কয়ঃ সিহঁতে কুফৰ কৰিছে, গতিকে সিহঁতৰ লগত যুদ্ধ কৰা উচিত। আনহাতে দ্বিতীয় দলে কয়ঃ যিহেতু সিহঁত মুমিন, সেয়ে সিহঁতৰ লগত যুদ্ধ কৰা উচিত নহয়। তোমালোকে কিয় সিহঁতৰ বিষয়ে মতানৈক্য কৰিবলৈ ধৰিলা, অথচ আল্লাহে সিহঁতৰ বেয়া কৰ্মৰ কাৰণে সিহঁতক কুফৰ আৰু ভ্ৰষ্টতাৰ পিনে ওভোতাই দিছে? তোমালোকে সিহঁতক সঠিক পথত আনিব বিচৰা নেকি যাক আল্লাহে সত্য স্বীকাৰ কৰাৰ তাওফীক দিয়া নাই? আল্লাহে যাক পথভ্ৰষ্ট কৰে তাক হিদায়ত দিবলৈ তুমি কোনো পথ সন্ধান কৰি নাপাবা।
Nisa' 4:89
মুনাফিকসকলে কামনা কৰে যে, তোমালোকেও সিহঁতৰ দৰে সেইটোক অস্বীকাৰ কৰা যিটো তোমালোকৰ প্ৰতি অৱতীৰ্ণ হৈছে। যাতে কুফৰৰ ক্ষেত্ৰত তোমালোক সমান হোৱা। সিহঁতৰ এই শত্ৰুতাৰ কাৰণে সিহঁতক বন্ধু হিচাপে গ্ৰহণ নকৰিবা, যেতিয়া লৈকে সিহঁতে আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে শ্বিৰ্কৰ নগৰৰ পৰা ইছলাম নগৰলৈ হিজৰত নকৰিব, যাতে সিহঁতৰ ঈমানৰ প্ৰমাণ পোৱা যায়। যদি সিহঁতে এইটো নকৰে আৰু নিজৰ স্থিতিত অটল থাকে তেন্তে সিহঁতক গ্ৰেপ্তাৰ কৰা আৰু য’তে পোৱা ত’তে হত্যা কৰা। আৰু সিহঁতৰ মাজৰ কাকো চোৱা চিতা কৰাৰ বাবে সংৰক্ষক নবনাবা লগতে শত্ৰুৰ বিৰুদ্ধে সহায়কাৰী হিচাপেও গ্ৰহণ নকৰিবা।
Nisa' 4:90
কিন্তু সিহঁতৰ মাজৰ যিসকলে এনেকুৱা সম্প্ৰদায়ৰ ওচৰত গৈ উপস্থিত হয়, যি সম্প্ৰদায়ৰ লগত তোমালোকৰ যুদ্ধবিৰামৰ সন্ধি আছে, অথবা সিহঁত নিজেই যদি তোমালোকৰ ওচৰত এই অৱস্থাত আহে যে, সিহঁতৰ অন্তৰ সংকীৰ্ণ হৈ পৰিছে, সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰিব নিবিচাৰে আৰু নিজৰ সম্প্ৰদায়ৰ লগতো নহয়। আনহাতে আল্লাহে ইচ্ছা কৰিলে সিহঁতক তোমালোকতকৈ অধিক শক্তিশালী কৰিলেহেঁতেন, ফলত সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰিলেহেঁতেন। এতেকে আল্লাহে প্ৰদান কৰা শান্তিময় পৰিৱেশ স্বীকাৰ কৰা আৰু সিহঁতক হত্যা তথা গ্ৰেপ্তাৰ কৰাৰ পৰা বিৰত থাকা। যদি সিহঁতে তোমালোকৰ পৰা পৃথক হৈ থাকে, আৰু তোমালোকৰ লগত যুদ্ধ নকৰি সন্ধি কৰিব বিচাৰে তেন্তে আল্লাহে সিহঁতক হত্যা অথবা বন্দী বনোৱাৰ কোনো পথ উন্মুক্ত ৰখা নাই।
Nisa' 4:91
হে মুমিনসকল! তোমালোকে মুনাফিকসকলৰ আন এটা দল পাবা, যিসকলে তোমালোকৰ ওচৰত প্ৰকাশ কৰে যে, সিহঁত মুমিন; যাতে সিহঁত নিৰাপদে থাকিব পাৰে। কিন্তু যেতিয়া নিজৰ কাফিৰ সম্প্ৰদায়ৰ ওচৰত যায় তেতিয়া কয় যে, আমি কাফিৰ, যাতে সিহঁতৰ পৰাও নিৰাপদে থাকিব পাৰে। সিহঁতক যেতিয়াই আল্লাহৰ লগত কুফুৰী কৰাৰ বাবে আৰু শ্বিৰ্ক কৰাৰ বাবে আহ্বান কৰা হয় তেতিয়াই সিহঁত আন্তৰিকতাৰে সেইটো কৰে। এনেকুৱা স্বভাৱৰ ব্যক্তিসকলে যদি তোমালোকৰ লগত যুদ্ধ কৰা বন্ধ নকৰে আৰু সন্ধিৰ বাবে আগুৱাই নাহে আৰু হাত সামৰি নাথাকে তেন্তে সিহঁতক য’তেই পাবা ত’তেই হত্যা কৰা। এইসমূহ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰাৰ আৰু হত্যা কৰাৰ আমি তোমালোকক স্পষ্ট প্ৰমাণ দিছো। কাৰণ সিহঁতে প্ৰতাৰণা কৰিছে আৰু যড়যন্ত্ৰ কৰিছে।
Nisa' 4:92
কোনো মুমিনে আন কোনো মুমিনক হত্যা কৰা উচিত নহয়, ভুলবশতঃ হলে সেয়া সুকীয়া কথা। কিন্তু যিয়ে ভুলবশতঃ কোনো মুমিনক হত্যা কৰিব, সি কাফফাৰা হিচাপে এজন মুমিন দাস মুক্ত কৰিব লাগিব, আৰু হত্যাকাৰীৰ আত্মীয়সকলে নিহত ব্যক্তিৰ আত্মীয়সকলক ৰক্তপণ আদায় দিব লাগিব। আৰু যদি নিহত ব্যক্তিৰ আত্মীয়সকলে ৰক্তপণ ক্ষমা কৰি দিয়ে তেন্তে আদায় দিব নালাগিব। আৰু যদি নিহত ব্যক্তি শত্ৰু পক্ষৰ হয় কিন্তু নিহত ব্যক্তি মুমিন হয়, তেনে ক্ষেত্ৰত হত্যাকাৰীয়ে এজন মুমিন দাস আজাদ কৰিব, ৰক্তপণ দিয়াৰ আৱশ্যকতা নাই। আনহাতে নিহত ব্যক্তি যদি অমুছলিম হয় আৰু সিহঁতৰ লগত যদি তোমালোকৰ কোনো অঙ্গীকাৰ থাকে, যেনে জিম্মীসকল, তেন্তে হত্যাকাৰীৰ আত্মীয়সকলে নিহত ব্যক্তিৰ আত্মীয়সকলক ৰক্তপণ আদায় দিয়াৰ লগতে এজন মুমিন দাস মুক্ত কৰিব লাগিব। যদি দাস নাপায় অথবা দাস মুক্ত কৰাৰ সামৰ্থ নাথাকে তেন্তে একেলেঠাৰীয়ে দুমাহ চওম (ৰোজা) পালন কৰিব লাগিব। এই ধৰণৰ আদেশ এই কাৰণে দিয়া হৈছে, যাতে আল্লাহে তাক ক্ষমা কৰি দিয়ে। আল্লাহ তেওঁৰ বান্দাৰ কৰ্ম আৰু তাৰ নিয়ত সম্পৰ্কে অৱগত। চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত তেওঁ মহাপ্ৰজ্ঞাৱান।
Nisa' 4:93
যিয়ে জানি বুজি কোনো মুমিন ব্যক্তিক অন্যায়ভাৱে হত্যা কৰিব, তাৰ পৰিণাম হৈছে জাহান্নাম, আৰু তাত সি চিৰকাল থাকিব। আৰু তাৰ ওপৰত থাকিব আল্লাহৰ ক্ৰোধ আৰু সি তেওঁৰ ৰহমতৰ পৰা আঁতৰ হ'ব। এই ডাঙৰ গুনাহৰ কাৰণেই আল্লাহে তাৰ বাবে মহা শাস্তি প্ৰস্তুত কৰি ৰাখিছে।
Nisa' 4:94
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী সকল! যেতিয়া তোমালোকে আল্লাহৰ পথত জিহাদ কৰিবলৈ যোৱা তেতিয়া অনুসন্ধান কৰি লবা কাৰ লগত তোমালোকে যুদ্ধ কৰি আছা, আৰু যিয়ে কোনো কৰ্মৰ দ্বাৰা নিজৰ ইছলাম প্ৰকাশ কৰে তাক এই বুলি নকবা যে, তুমি মুমিন নহয় আৰু তুমি ভয়তে নিজৰ জান মাল ৰক্ষা কৰিবলৈ ইছলাম প্ৰকাশ কৰি আছা। এতেকে যুদ্ধলব্ধ সম্পদ তথা পাৰ্থিৱ জীৱনৰ তুচ্ছ সামগ্ৰীৰ লোভত পৰি তাক হত্যা নকৰিবা। শুনা! আল্লাহৰ ওচৰত অসংখ্য সম্পদ আছে, সেইবোৰ ইয়াতকৈ উত্তম আৰু ডাঙৰ। ইতিপূৰ্বে তোমালোকেও সেই ব্যক্তিৰ দৰেই আছিলা, যিয়ে নিজ সম্প্ৰদায়ৰ পৰা নিজৰ ঈমান গোপন কৰি ৰাখিছে। আল্লাহে তোমালোকক ইছলাম প্ৰদান কৰি অনুগ্ৰহ কৰিছে আৰু তোমালোকৰ তেজ সুৰক্ষিত কৰিছে। সেয়ে অনুসন্ধান কৰি লবা। নিশ্চয় তোমালোকৰ সৰুতকৈ সৰু আমলো আল্লাহৰ পৰা গোপন নহয় আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
Nisa' 4:95
আল্লাহৰ পথত জিহাদ কৰাৰ পৰা পিছুৱাই থকা মুমিন, যাৰ ওচৰত কোনো গ্ৰহণযোগ্য কাৰণো নাই, যেনে- বেমাৰ অথবা দৃষ্টি শক্তি নথকা আদি, সেই ব্যক্তিৰ সমান হব নোৱাৰে যিয়ে আল্লাহৰ পথত নিজৰ জান মালৰ সৈতে জিহাদ কৰে। আল্লাহে ঘৰত বহি থকা লোক সকলৰ ওপৰত সেইসকল লোকৰ মৰ্যদা বৃদ্ধি কৰিছে যিসকলে ধন-প্ৰাণৰ সৈতে আল্লাহৰ পথত জিহাদ কৰে। আনহাতে কাৰণবশতঃ ঘৰত বহি থকা লোকসকলৰ বাবে আৰু মুজাহিদ সকলৰ বাবে উচিত ছোৱাবৰ ব্যৱস্থা আছে। আনহাতে বহি থকা লোকসকলতকৈ মুজাহিদ সকলক আল্লাহে নিজৰ ফালৰ পৰা ডাঙৰ ছোৱাব প্ৰদান কৰিব।
Nisa' 4:96
এই ছোৱাবৰ কেইবাটাও শ্ৰেণী আছে। লগতে তেওঁলোকৰ বাবে আছে গুনাহৰ পৰা মাৰ্জনা আৰু আল্লাহৰ দয়া। নিশ্চয় আল্লাহ বান্দাৰ প্ৰতি ক্ষমাশীল আৰু অতি দয়ালু।
Nisa' 4:97
কুফৰী নগৰৰ পৰা হিজৰত নকৰি যিসকলে নিজৰ ওপৰত অন্যায় কৰিছে, ফিৰিস্তাসকলে সিহঁতৰ প্ৰাণ হৰণ কৰাৰ সময়ত সিহঁতক ধমক দি কয়ঃ তোমালোকে কি অৱস্থাত আছিলা, আৰু মুশ্বৰিক আৰু তোমালোকৰ মাজত কি পাৰ্থক্য আছিল? তেতিয়া সিহঁতে কাৰণ দৰ্শাই কয়ঃ আমি দুৰ্বল আছিলো, শক্তিহীন আছিলো আৰু নিজকে ৰক্ষা কৰাৰ কোনো উপায় নাছিল। তেতিয়া ফিৰিস্তাসকলে ধমক দি কয়ঃ আল্লাহৰ পৃথিৱী প্ৰশস্ত নাছিল নে যে, তোমালোকে তাৰ পৰা আঁতৰি গৈ নিজৰ দ্বীন আৰু প্ৰাণ, অপমান আৰু অত্যাচাৰৰ পৰা ৰক্ষা কৰিলাহেঁতেন। দৰাচলতে হিজৰতৰ পৰা আঁতৰি থকা এইসকল লোকেই জাহান্নামত বাস কৰিব আৰু এইটো সিহঁতৰ বাবে বৰ বেয়া আৰু নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল।
Nisa' 4:98
কিন্তু শাস্তিৰ এই ধমকৰ ভিতৰত সেই সকল দুৰ্বল আৰু নিঃসহায় পুৰুষ, মহিলা আৰু শিশু অন্তৰ্ভুক্ত নহয়, যিসকলৰ ওচৰত অন্যায় অত্যাচাৰৰ পৰা ৰক্ষা পোৱাৰ কোনো উপায় নাছিল আৰু ইয়াৰ পৰা মুক্তি পোৱাৰো কোনো পথ নাছিল। এনেকুৱা লোকক আল্লাহে নিজ ৰহমতেৰে ক্ষমা কৰিব। নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলক মাৰ্জনা কৰে আৰু তাওবাকাৰী সকলক ক্ষমা কৰে।
Nisa' 4:99
কিন্তু শাস্তিৰ এই ধমকৰ ভিতৰত সেই সকল দুৰ্বল আৰু নিঃসহায় পুৰুষ, মহিলা আৰু শিশু অন্তৰ্ভুক্ত নহয়, যিসকলৰ ওচৰত অন্যায় অত্যাচাৰৰ পৰা ৰক্ষা পোৱাৰ কোনো উপায় নাছিল আৰু ইয়াৰ পৰা মুক্তি পোৱাৰো কোনো পথ নাছিল। এনেকুৱা লোকক আল্লাহে নিজ ৰহমতেৰে ক্ষমা কৰিব। নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলক মাৰ্জনা কৰে আৰু তাওবাকাৰী সকলক ক্ষমা কৰে।
Nisa' 4:100
যিয়ে কুফৰী নগৰৰ পৰা ইছলামী নগৰৰ পিনে আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে হিজৰত কৰিব, সি অৱস্থান কৰাৰ বাবে নতুন স্থান পাব, যত সি সন্মান আৰু প্ৰচুৰ পৰিমাণে জীৱিকা লাভ কৰিব। যিয়ে নিজ ঘৰৰ পৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পিনে হিজৰত কৰাৰ উদ্দেশ্যে ওলাই গল, কিন্তু লক্ষ্যস্থান পোৱাৰ আগতে তাৰ মৃত্যু হল, এনে ক্ষেত্ৰত আল্লাহৰ ওচৰত তাৰ ছোৱাব নিশ্চিত। যদিও সি লক্ষ্যস্থান পোৱা নাই তথাপিও কোনো অসুবিধা নাই। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে।
Nisa' 4:101
যেতিয়া তোমালোকে পৃথিৱীত ভ্ৰমণ কৰা তেতিয়া যদি কাফিৰসকলৰ ফালৰ পৰা কোনো কষ্ট পোৱাৰ ভয় থাকে তেন্তে চাৰি ৰাকাআত বিশিষ্ট ছালাতসমূহ দুই ৰাকাতকৈ আদায় কৰাত তোমালোকৰ কোনো গুনাহ নহয়। নিশ্চয় তোমালোকৰ লগত কাফিৰসকলৰ শত্ৰুতা স্পষ্ট প্ৰকাশ্য। আনহাতে শান্তি বিৰাজ কৰা অৱস্থাতো ভ্ৰমণ কালত ছালাত কচৰ কৰাৰ বিষয়টো ছহীহ ছুন্নাহৰ দ্বাৰা প্ৰমাণিত।
Nisa' 4:102
হে ৰাছুল! শত্ৰুৰ লগত যুদ্ধৰ সময়ত যেতিয়া আপুনি সৈনিকৰ লগত থাকে তেতিয়া তেওঁলোকক ছালাত পঢ়াবলৈ হলে তেওঁলোকক দুটা ভাগত বিভক্ত কৰিব। তেওঁলোকৰ এটা দলে আপোনাৰ লগত ছালাত আদায় কৰিব আৰু ছালাত অৱস্থাতো যাতে তেওঁলোক অস্ত্ৰ লগত ৰাখে। আৰু আনটো দলে যাতে পহৰা দিয়ে। যেতিয়া প্ৰথম দলে ইমামৰ লগত এক ৰাকাআত পঢ়ি লব, তাৰ পিছত বাকী থকা ৰাকাআত নিজে নিজেই সম্পন্ন কৰিব। তেওঁলোকৰ ছালাত আদায় সম্পন্ন হলে, তেওঁলোকে শত্ৰুৰ পিনে আহি পহৰাত থিয় দিব। আনহাতে পহৰাত থকা আগৰ দলটোৱে আহি এতিয়া ইমামৰ লগত এক ৰাকাআত পঢ়ি লব। ইমামে ছালাম ফিৰোৱাৰ পিছত তেওঁলোকে বাকী থকা ৰাকাআত সম্পন্ন কৰিব আৰু শত্ৰুৰ পৰা সতৰ্কতা অৱলম্বন কৰি নিজৰ লগত অস্ত্ৰ ৰাখিব। কাফিৰসকলে বিচাৰে যে, তোমালোকে ছালাতৰ সময়ত নিজৰ অস্ত্ৰ আৰু বয়-বস্তুৰ পৰা অমনোযোগী হোৱাৰ লগে লগে সিহঁতে তোমালোকৰ ওপৰত হঠাৎ আক্ৰমণ কৰিব আৰু এই অমনোযোগী অৱস্থাতেই তোমালোকক গ্ৰেপ্তাৰ কৰিব। কিন্তু যদি বৰষুণৰ বাবে তোমালোকৰ কষ্ট হয় অথবা অসুস্থ অৱস্থাত থাকা তেন্তে এনে অৱস্থাত অস্ত্ৰ ৰাখি থোৱাত কোনো গুনাহ নহয়। কিন্তু সক্ষম অনুযায়ী শত্ৰুৰ পৰা সতৰ্ক থাকিবা। নিশ্চয় আল্লাহে কাফিৰসকলৰ বাবে যন্ত্ৰণাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছে।
Nisa' 4:103
হে মুমিনসকল! ছালাত শেষ হোৱাৰ পিছত তোমালোকে থিয়, বহি আৰু শুই থকা অৱস্থাত বৰং প্ৰত্যেক অৱস্থাতেই তছবীহ, তাহমীদ আৰু তাহলীলৰ মাধ্যমত আল্লাহক স্মৰণ কৰিবা। এতেকে যেতিয়া ভয়-ভীতি আঁতৰ হব আৰু শান্তি প্ৰতিষ্ঠা হব তেতিয়া আৰকান, ওৱাজীবসমূহ আৰু মুস্তাহাবসমূহৰ সৈতে ছালাত সেই দৰে আদায় কৰা যিদৰে আদায় কৰাৰ আদেশ দিয়া হৈছে। নিশ্চয় মুমিনসকলৰ ওপৰত ছালাত নিৰ্ধাৰিত সময়ত আদায় কৰা ফৰজ কৰা হৈছে। কোনো কাৰণ অবিহনে সময়তকৈ পলম কৰা বৈধ নহয়। এই বিধান কেৱল মুক্বীম অৱস্থাৰ বাবে অন্যথা ভ্ৰমণ অৱস্থাত দুই ছালাত একত্ৰিত কৰাৰ তথা চাৰি ৰাকাআত বিশিষ্ট ছালাতক দুই দুই ৰাকাআতকৈ পঢ়াৰ বিধান আছে।
Nisa' 4:104
হে মুমিনসকল! কাফিৰ শত্ৰুৰ চোঁচা লওঁতে দুৰ্বলতা আৰু অৱহেলা নকৰিবা। যদি তোমালোকে হত্যা আৰু আঘাতৰ ফলত কষ্ট পাই আছা, তেন্তে সিহঁতেও তোমালোকৰ দৰেই কষ্ট পাইছে। গতিকে এনে পৰিস্থিতিত সিহঁতৰ ধৈৰ্য তোমালোকৰ ধৈৰ্যতকৈ বেছি হোৱা উচিত নহয়। কিয়নো তোমালোকে আল্লাহৰ ওচৰত যি ছোৱাব, সহায় আৰু সমৰ্থন আশা কৰা, সেইটো সিহঁতে আশা নকৰে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাৰ অৱস্থা সম্পৰ্কে অৱগত। তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।
Nisa' 4:105
হে ৰাছুল! আমি আপোনাৰ প্ৰতি সত্যৰ আধাৰত কোৰআন অৱতীৰ্ণ কৰিছো, যাতে আপুনি মানুহৰ সকলো বিষয় আল্লাহ প্ৰদত্ব জ্ঞানৰ দ্বাৰা ফয়চালা কৰিব পাৰে, নিজৰ আকাংখা তথা প্ৰবৃত্তিৰ চাহিদা অনুযায়ী নহয়। লগতে যিসকলে নিজৰ প্ৰতি আৰু আমানতৰ প্ৰতি বিশ্বাসঘাতকতা কৰে আপুনি সেইসকল লোকৰ পক্ষ লৈ সিহঁতৰ পৰা অধিকাৰ প্ৰাপ্তসকলক আঁতৰ নকৰিব।
Nisa' 4:106
আল্লাহৰ ওচৰত ক্ষমা আৰু মাৰ্জনা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে।
Nisa' 4:107
কোনো এনেকুৱা ব্যক্তিৰ পক্ষ নলব, যিয়ে বিশ্বাসঘাতকতা কৰে আৰু নিজৰ বিশ্বাসঘাতকতা গোপন কৰাৰ বাবে সৰ্বতো প্ৰকাৰ প্ৰয়াস কৰে। আল্লাহে এনেকুৱা অত্যধিক বিশ্বাসঘাতকতা কৰা তথা পাপ কাম কৰা ব্যক্তিক পছন্দ নকৰে।
Nisa' 4:108
সিহঁতে ভয় আৰু লাজৰ কাৰণে মানুহৰ অন্তৰালত গুনাহ কৰে, কিন্তু আল্লাহৰ পৰা গোপন নকৰে। অথচ আল্লাহে নিজ জ্ঞানেৰে সিহঁতক পৰিবেষ্টন কৰি আছে। সিহঁতৰ কোনো বিষয় তেওঁৰ পৰা গোপন নহয়, লগতে ৰাতিৰ অন্ধকাৰত সিহঁতে গোপনে কৰা চক্ৰান্তও তেওঁৰ পৰা গোপন নহয় যিটোক আল্লাহে পছন্দ কৰে। যেনে- পাপিষ্ঠ ব্যক্তিৰ পক্ষ লোৱা আৰু নিৰ্দোষী ব্যক্তিক দোষাৰোপ কৰা আদি। নিশ্চয় আল্লাহ তোমালোকৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো বিষয় সম্পৰ্কে অৱগত। তেওঁৰ পৰা একো গোপন নহয় আৰু তেওঁ মানুহক সিহঁতৰ আমলৰ প্ৰতিদান দিব।
Nisa' 4:109
হে অপৰাধীসকলৰ শুভাকাংক্ষী সকল! এই পাৰ্থিৱ জীৱনত তোমালোকে ইহঁতক নিৰপৰাধ প্ৰমাণ কৰিবলৈ আৰু শাস্তিৰ পৰা বচাবলৈ যিমান পাৰা চেষ্টা কৰিলা কিন্তু কিয়ামতৰ দিনা ইহঁতৰ ফালৰ পৰা আল্লাহৰ লগত কোনে বাদানুবাদ কৰিব, যেতিয়া ইহঁতৰ প্ৰকৃত চৰিত্ৰ ওলাই পৰিব? সেইদিনা ইহঁতৰ প্ৰতিনিধি কোন হব? ইয়াত কোনো সন্দেহ নাই যে, এইটো কোনেও কৰিব নোৱাৰিব।
Nisa' 4:110
যিয়ে অসৎ কৰ্ম কৰিব অথবা গুনাহত লিপ্ত হৈ নিজৰ ওপৰত অন্যায় কৰিব। তাৰ পিছত যিয়ে নিজৰ গুনাহ স্বীকাৰ কৰি অনুতপ্ত হৈ গুনাহৰ পৰা দূৰৈত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰি আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব। সি নিশ্চয় আল্লাহক তাৰ গুনাহ ক্ষমাকাৰী হিচাপে আৰু তাৰ প্ৰতি দয়াৱান হিচাপে পাব।
Nisa' 4:111
যিয়ে কোনো গুনাহ কৰিব, সৰু হওঁক বা ডাঙৰ, তাৰ শাস্তি সি নিজেই ভোগ কৰিব লাগিব, আন কোনোবাই নহয়। অৱশ্যে আল্লাহ বান্দাসকলৰ আমল সম্পৰ্কে সৰ্বজ্ঞ। তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।
Nisa' 4:112
যিয়ে অজানিতে কোনো গুনাহ কৰে অথবা জানি বুজি কোনো গুনাহ কৰে আৰু তাৰ পিছত কোনো নিৰ্দোষী ব্যক্তিৰ ওপৰত তাৰ দোষ চপাই দিয়ে, সি এই নিকৃষ্ট কৰ্মৰ জৰিয়তে স্পষ্ট মিছা আৰু প্ৰকাশ্য গুনাহৰ বোজা নিজৰ ওপৰত বহন কৰে।
Nisa' 4:113
হে ৰাছুল! যদি আল্লাহে আপোনাক নিজ অনুগ্ৰহৰ দ্বাৰা নবচালেহেঁতেন তেন্তে নিজৰ প্ৰতি বিশ্বাসঘাতকতা কৰা এটা দলে আপোনাক সত্যৰ পৰা দূৰ কৰাৰ নিৰ্ণয় কৰিয়ে পেলাইছিল, যাতে আপুনি ফয়চালা কৰাৰ সময়ত ন্যায় ফয়চালা কৰিব নোৱাৰে। প্ৰকৃততে সিহঁতে নিজকে পথভ্ৰষ্ট কৰি আছে। কিয়নো সিহঁতৰ এই পথভ্ৰষ্ট কৰাৰ প্ৰয়াসৰ পৰিণাম সিহঁত নিজেই ভোগ কৰিব লাগিব। যিহেতু আল্লাহে আপোনাক সুৰক্ষা প্ৰদান কৰিছে, গতিকে সিহঁতে আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে। আল্লাহে আপোনাৰ ওপৰত কোৰআন আৰু ছুন্নত অৱতীৰ্ণ কৰিছে লগতে হিদায়ত আৰু নুৰৰ এনেকুৱা জ্ঞান প্ৰদান কৰিছে যিটো পূৰ্বে আপোনাৰ ওচৰত নাছিল। দৰাচলতে আল্লাহে নবুওৱত আৰু সংৰক্ষণৰ জৰিয়তে আপোনাৰ প্ৰতি বৰ ডাঙৰ অনুগ্ৰহ কৰিছে।
Nisa' 4:114
এনেকুৱা বহুতো অযথা কথাত কোনো কল্যাণ নাই, যিবোৰ মানুহে গোপনে কৰে। আনহাতে যদি সিহঁতৰ সেই কথাত কোনো দানৰ আদেশ থাকে, অথবা কোনো ভাল কামৰ প্ৰতি প্ৰেৰণা থাকে যিটো চৰীয়ত তথা বিবেকৰ দৃষ্টিত ভাল বুলি বিবেচিত হয় নাইবা দুজন ব্যক্তিৰ মাজত শান্তি স্থাপনৰ যদি কোনো আহ্বান থাকে তেন্তে সেয়া সুকীয়া কথা। যিয়ে আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে এনেকুৱা কৰিব, আমি অনতিপলমে তাক বৰ ডাঙৰ ছোৱাব প্ৰদান কৰিম।
Nisa' 4:115
সত্য স্পষ্ট হোৱাৰ পিছতো যিয়ে ৰাছুলৰ লগত শত্ৰুতা পোষণ কৰিব, তেওঁ লৈ অহা চৰীয়তৰ বিৰোধিতা কৰিব লগতে মুমিনসকলৰ পথৰ বাহিৰে আন কোনো পথ অৱলম্বন কৰিব, আমি তাক সেই পথৰে পথিক বনাই দিম যিটো সি নিজৰ বাবে পছন্দ কৰিছে। আৰু জানি বুজি সত্যৰ পৰা বিমুখ হোৱাৰ কাৰণে, আমি তাক সত্যৰ পথত আহিবলৈ তাওফীক প্ৰদান নকৰিম। আমি তাক জাহান্নামত প্ৰৱেশ কৰাম, য’ত সি প্ৰচণ্ড গৰম অনুভৱ কৰিব আৰু এইটো ইয়াৰ অধিবাসীসকলৰ বাবে বৰ নিকৃষ্ট ঠাই।
Nisa' 4:116
নিশ্চয় আল্লাহে তেওঁৰ লগত কৰা শ্বিৰ্কক কেতিয়াও ক্ষমা নকৰে, বৰং মুশ্বৰিক ব্যক্তিক চিৰকাল জাহান্নামত ৰাখিব। শ্বিৰ্কৰ বাহিৰে আন যিকোনো গুনাহ তেওঁ ইচ্ছা কৰিলে নিজ কৃপা আৰু অনুগ্ৰহত ক্ষমা কৰি দিব। যিয়ে আল্লাহৰ আন কাকো অংশী স্থাপন কৰিব, সি সত্য পথৰ পৰা বহু দূৰ আঁতৰি যাব। কিয়নো সি সৃষ্টিক স্ৰষ্টাৰ সমকক্ষ কৰিছে।
Nisa' 4:117
এইসকল মুশ্বৰিকে আল্লাহৰ লগত এনেকুৱা উপাস্যৰ উপাসনা কৰে আৰু আহ্বান কৰে, যিসকলৰ নাম মহিলাৰ নামেৰে জনাজাত, যেনে লাত উজ্জা। যিসকলে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে। সিহঁতে দৰাচলতে চয়তানৰ উপাসনা কৰে যাক আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কাৰ কৰা হৈছে, তাৰ মাজত কোনো কল্যাণ নাই। কিয়নো সিয়েই মানুহক মুৰ্তি পূজাৰ আদেশ দিছে।
Nisa' 4:118
এই কাৰণেই আল্লাহে তাক তেওঁৰ ৰহমতৰ পৰা বহিষ্কাৰ কৰিছে, আৰু এই চয়তানেই শপত খাই আল্লাহ তাআলাক কৈছিলঃ মই তোমাৰ বান্দাসকলৰ এটা ভাগক নিজৰ কৰি লৈ সত্যৰ পৰা নিশ্চয় আঁতৰ কৰিম।
Nisa' 4:119
মই নিশ্চয় সিহঁতক তোমাৰ পোন পথৰ পৰা বিৰত ৰাখিম, মিছা প্ৰতিশ্ৰুতি দি সিহঁতক আশা প্ৰদান কৰিম, যাৰ ফলত ভ্ৰষ্টতাও সুন্দৰ লাগিব। সিহঁতক এই আদেশও দিম যে তোমালোকে জীৱ-জন্তুৰ কাণ ফালি দিয়া, যাতে আল্লাহে হালাল কৰা জন্তু হাৰাম হৈ যায়। মই আল্লাহৰ সৃষ্টিক পৰিবৰ্তন ও বিকৃত কৰাৰো আদেশ প্ৰদান কৰিম। এতেকে যিয়ে চয়তানক অভিভাৱক বনাব আৰু তাৰ লগত বন্ধুত্ব কৰিব আৰু তাৰ কথা মানিব, সি বহিষ্কৃত চয়তানৰ লগত বন্ধুত্ব কৰাৰ কাৰণে স্পষ্ট ক্ষতিগ্ৰস্ততাত পতিত হব।
Nisa' 4:120
চয়তানে সিহঁতক মিছা প্ৰতিশ্ৰুতি দিয়ে আৰু অসত্যৰ আশা দিয়ে। অথচ তাৰ প্ৰতিশ্ৰুতি বাতিল আৰু বাস্তৱিকতাৰ পৰা বহু দূৰৈত।
Nisa' 4:121
চয়তানৰ পথত পৰিচালিত ব্যক্তি আৰু তাৰ কুমন্ত্ৰণাৰ অনুসৰণ কৰা ব্যক্তিৰ ঠিকনা হৈছে জাহান্নাম, তাৰ পৰা পলায়ন কৰি আশ্ৰয় লোৱাৰ কোনো ঠাই বিচাৰি নাপাব।
Nisa' 4:122
যিসকলে ঈমান আনিছে আৰু আল্লাহৰ নৈকট্যকাৰী নেক আমল কৰিছে, আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম যাৰ অট্টালিকাসমূহৰ তলত নদীসমূহ প্ৰবাহিত। তেওঁলোক তাত চিৰস্থায়ী হব। এইটো আল্লাহৰ প্ৰতিশ্ৰুতি আৰু তেওঁৰ প্ৰতিশ্ৰুতি চিৰসত্য। তেওঁ কেতিয়াও প্ৰতিশ্ৰুতি ভঙ্গ নকৰে আৰু তেওঁতকৈ অধিক সত্যবাদী আন কোনো নাই।
Nisa' 4:123
হে মুছলিমসকল! মুক্তি আৰু সফলতাৰ বিষয়টো তোমালোকৰ আশাৰ ওপৰত নিৰ্ভৰশীল নহয় আৰু আহলে কিতাবসকলৰ আশাৰ ওপৰতো নহয়। বৰং বিষয়টো কৰ্মৰ ওপৰত নিৰ্ভৰশীল। এতেকে তোমালোকৰ মাজত যিয়ে বেয়া কৰ্ম কৰিব সি কিয়ামতৰ দিনা তাৰ প্ৰতিদান পাব। সি আল্লাহৰ বাহিৰে এনে কোনো সংৰক্ষক নাপাব যিয়ে তাক উপকাৰ কৰিব। আৰু কোনো সহায়কো নাপাব যিয়ে তাক ক্ষতিৰ পৰা ৰক্ষা কৰিব।
Nisa' 4:124
নাৰী হওঁক বা পুৰুষ, আল্লাহৰ প্ৰতি ঈমান পোষণ কৰি যিয়ে নেক কৰ্ম কৰিব, তেওঁলোকে জান্নাতত প্ৰৱেশ কৰিব। তেওঁলোকৰ আমলৰ ছোৱাবত একো হ্ৰাস কৰা নহব। আনকি খেজুৰ গুটিৰ ওপৰত থকা আৱৰণ পৰিমাণো হ্ৰাস কৰা নহব।
Nisa' 4:125
সেই ব্যক্তিতকৈ অধিক দ্বীনদাৰ আন কোনো হব নোৱাৰে, যিয়ে অন্তৰৰ লগতে প্ৰকাশ্য ভাৱেও আত্মসমৰ্পণকাৰী। আৰু এই কৰ্মত তেওঁ নিৰ্ভেজাল নিয়্যতৰ অধিকাৰী। লগতে চৰীয়ত মুতাবিক উত্তম আমলকাৰী। শ্বিৰ্ক আৰু কুফৰৰ পৰা বিৰত ৰাখি তাওহীদ আৰু ঈমানৰ পিনে পথ দেখুৱা দ্বীনে ইব্ৰাহীমৰ অনুসাৰী, আৰু এইটোৱে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দ্বীনৰ মূল ভিত্তি। আল্লাহে তেওঁৰ নবী ইব্ৰাহীম আলাইহিছ ছালামক সকলো সৃষ্টিৰ মাজৰ পৰা নিৰ্বাচিত কৰি তেওঁৰ পৰিপূৰ্ণ মুহাব্বতৰ অধিকাৰী বনাইছিল।
Nisa' 4:126
আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুৰ একমাত্ৰ মালিক আল্লাহ তাআলা। আৰু আল্লাহে তেওঁৰ জ্ঞান, ক্ষমতা আৰু কৌশলৰ জৰীয়তে সকলো সৃষ্টিক পৰিবেষ্টন কৰি আছে।
Nisa' 4:127
হে ৰাছুল! মানুহে আপোনাক স্ত্ৰীসকলৰ বিষয়ে প্ৰশ্ন কৰে যে, সিহঁতৰ অধিকাৰ আৰু কৰ্তব্য কি কি? তেওঁলোকক কৈ দিয়ক! আল্লাহে তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিয়ে লগতে তোমালোকক পাঠ কৰি শুনোৱা কোৰআনৰ আয়াতেও বৰ্ণনা কৰে যে, সেইসকল অনাথ নাৰী, যিসকলৰ অভিভাৱক স্বয়ং তোমালোক নিজেই, যিসকলক তোমালোকে মোহৰ তথা মীৰাছৰ দৰে অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা, সিহঁতক তোমালোকে নিজেও বিবাহ কৰাৰ ইচ্ছা নকৰা আৰু সম্পদৰ লোভত পৰি আনৰ ওচৰত বিবাহ পাশত বহাৰো অনুমতি নিদিয়া। কোৰআনৰ আয়াতসমূহে তোমালোকক দুৰ্বল শিশুসকলৰ অধিকাৰ সম্পৰ্কেও বৰ্ণনা কৰিছে যে, সিহঁতক মীৰাছৰ অধিকাৰৰ পৰা বঞ্চিত নকৰিবা আৰু সিহঁতৰ সম্পদৰ ওপৰত ক্ষমতা দেখুৱাই আত্মসাৎ নকৰিবা। তথা তোমালোকক আৰু কয় যে, অনাথৰ লগত এনেকুৱা ব্যৱহাৰ কৰা যিটো সিহঁতৰ বাবে পৃথিৱী আৰু আখিৰাতৰ বাবে কল্যাণকৰ। তোমালোকে অনাথৰ লগত আৰু আন আন লোকসকলৰ লগত যি সদ্ব্যৱহাৰ কৰিবা, নিশ্চয় আল্লাহ সেই সম্পৰ্কে সৰ্বজ্ঞ আৰু তেওঁ ইয়াৰ প্ৰতিদান দিব।
Nisa' 4:128
যদি কোনো স্ত্ৰীয়ে এই আশংকা কৰে যে, তাইৰ প্ৰতি তাইৰ স্বামীৰ চাহিদা নাইকীয়া হৈছে, এতেকে এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি তাই যদি নিজৰ কিছুমান অধিকাৰ, যেনে- ভৰণ পোষণ আৰু একেলগে ৰাতি যাপন কৰা আদি লাঘৱ কৰি লয় আৰু উভয়ে যদি বুজা পৰাৰ মাধ্যমত সন্মত হয় তেন্তে কোনো গুনাহ নহয়। এনে ক্ষেত্ৰত পৰস্পৰৰ সন্মতিয়ে হৈছে তালাকতকৈ উত্তম। যদিও লোভ আৰু কৃপণতা হৈছে মানুহৰ স্বভাৱগত বস্তু। সেয়ে স্ত্ৰীয়ে সহজে নিজৰ অধিকাৰ হ্ৰাস কৰিবলৈ টান পায়। গতিকে স্বামী স্ত্ৰী উভয়ে ক্ষমা আৰু উপকাৰ কৰাৰ স্বভাৱ অৱলম্বন কৰি এই মানৱ প্ৰকৃতিৰ উপকাৰ কৰা উচিত। যদি তোমালোকে নিজৰ সকলো বিষয়ত উপকাৰৰ পন্থা অৱলম্বন কৰা লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
Nisa' 4:129
হে পতিসকল! তোমালোকে ইচ্ছা থকা সত্তেও আন্তৰিকতাৰ ক্ষেত্ৰত স্ত্ৰীসকলৰ মাজত পূৰ্ণ ন্যায় কৰিব নোৱাৰিবা। ইয়াৰ কিছুমান কাৰণ তোমালোকৰ ইচ্ছাৰ বাহিৰত। এতেকে যি গৰাকী স্ত্ৰী তোমাৰ পছন্দ নহয়, তাইৰ লগত ওলোমাই থোৱাৰ দৰে ব্যৱহাৰ নকৰিবা যে, তাই যাতে বিবাহিত মহিলাৰ অধিকাৰো নাপায় আৰু অবিবাহিত নাৰীৰ দৰে বিবাহৰ ইচ্ছাও কৰিব নোৱাৰে। যদি তোমালোকে নিজৰ মাজৰ ব্যৱহাৰ ঠিক ৰাখা আৰু অনিচ্ছা সত্ত্বেও স্ত্ৰীৰ অধিকাৰসমূহ পূৰণ কৰা লগতে স্ত্ৰী বিষয়ত আল্লাহক ভয় কৰা তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, তেওঁ তোমালোকৰ প্ৰতি কৃপা কৰিব।
Nisa' 4:130
যদি তালাক তথা খোলাৰ (স্ত্ৰীৰ ফালৰ পৰা বিবাহ বিচ্ছেদৰ) জৰীয়তে পতি-পত্নীয়ে ইজনে সিজনৰ পৰা পৃথক হৈ যায়, তেন্তে আল্লাহে উভয়কে তেওঁৰ অসীম অনুগ্ৰহৰ দ্বাৰা ইজনক সিজনৰ পৰা অমুখাপেক্ষী কৰি দিব। আল্লাহ অসীম অনুগ্ৰহ আৰু কৃপাৰ অধিকাৰী, তেওঁ পৰিচালনা আৰু নিৰ্ধাৰণৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।
Nisa' 4:131
আকাশমণ্ডল আৰু পৃথিৱীৰ মাজৰ সকলো বস্তুৰ একমাত্ৰ মালিক কেৱল আল্লাহ তাআলা। আমি আহলে কিতাব অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানসকলক আদেশ দিছিলো আৰু স্বয়ং তোমালোককো আদেশ দিছিলো যে, আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকা। যদি তোমালোকে এই আদেশ অমান্য কৰা, তেন্তে তোমালোকৰ নিজৰ বাহিৰে আন কাৰো ক্ষতি নহব। কিয়নো আল্লাহ তোমালোকৰ ইবাদতৰ মুখাপেক্ষী নহয়। তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুৰে মালিক, তেওঁ সকলো সৃষ্টিৰ পৰা অমুখাপেক্ষী আৰু তেওঁ নিজৰ সকলো গুণাৱলী আৰু কৰ্মৰ কাৰণে মহাপ্ৰশংসিত।
Nisa' 4:132
আকাশমণ্ডল আৰু পৃথিৱীৰ মাজৰ সকলো বস্তুৰ একমাত্ৰ মালিক কেৱল আল্লাহ তাআলা। একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। মখলুকৰ সকলো বিষয়ৰ পৰিচালনা তেৱেঁই কৰে, অভিভাৱক হিচাপে আল্লাহেই যথেষ্ট।
Nisa' 4:133
হে মানৱজাতি! তেওঁ ইচ্ছা কৰিলে তোমালোকক ধ্বংস কৰি আন সম্প্ৰদায়ক তোমালোকৰ স্থলাভিষিক্ত কৰিব পাৰে, যিসকলে আল্লাহৰ আনুগত্য কৰিব আৰু তেওঁৰ বিৰুদ্ধাচাৰণ নকৰিব। আৰু এনেকুৱা কৰিবলৈ আল্লাহ ক্ষমতাশীল।
Nisa' 4:134
হে মানৱজাতি! তোমালোকৰ মাজৰ যিয়ে নেক কৰ্মৰ বিনিময়ত কেৱল পাৰ্থিৱ সফলতা বিচাৰে, সি জানি থোৱা উচিত যে, আল্লাহৰ ওচৰত পাৰ্থিৱ তথা আখিৰাত উভয় প্ৰকাৰৰ প্ৰতিদান আছে। এতেকে তেওঁৰ পৰা উভয় প্ৰতিদান বিচৰা উচিত। আল্লাহে তোমালোকৰ কথা শুনে আৰু তোমালোকৰ কৰ্ম দেখে আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব।
Nisa' 4:135
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! সকলো অৱস্থাতে ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত থাকা, সকলোৰে ক্ষেত্ৰত সঠিক সাক্ষ্য দান কৰা। যদিও তোমাৰ নিজৰ বিৰুদ্ধে অথবা তোমাৰ পিতৃ-মাতৃৰ বিৰুদ্ধে নাইবা নিকটাত্মীয়ৰ বিৰুদ্ধেই নহওঁক কিয়। তোমালোকে কাৰোবাৰ দৰিদ্ৰতা অথবা সম্পত্তি দেখি সাক্ষ্য দিয়া নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ নকৰিবা। কিয়নো সেই দৰিদ্ৰ তথা ধনী ব্যক্তিতকৈ আল্লাহৰ অধিকাৰ ওপৰত, আৰু আল্লাহে সিহঁত উভয়ৰ কল্যাণ সম্পৰ্কে সৰ্বজ্ঞ। সেয়ে সাক্ষ্য প্ৰদানৰ ক্ষেত্ৰত নিজৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা, অন্যথা সত্যৰ পৰা আঁতৰি যাবা। যদি তোমালোকে মিছা সাক্ষ্য দিয়া আৰু সত্য সাক্ষী দিয়াৰ পৰা বিৰত থাকা, তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত।
Nisa' 4:136
হে মুমিনসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি মজবুত ঈমান পোষণ কৰা আৰু তাৰ ওপৰত অটল থাকা। লগতে আল্লাহৰ তৰফৰ পৰা তেওঁৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কোৰআন আৰু তেওঁৰ পূৰ্বে আন আন ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা পুথিসমূহৰ প্ৰতি পূৰ্ণ বিশ্বাস পোষণ কৰা। যিয়ে আল্লাহক, তেওঁৰ ফিৰিস্তাসকলক, তেওঁৰ পুথিসমূহক, তেওঁৰ ৰাছুলসকলক আৰু কিয়ামত দিৱসক অস্বীকাৰ কৰিব তেন্তে সি পোন পথৰ পৰা বহু দূৰ আঁতৰি যাব।
Nisa' 4:137
যিসকলে ঈমান পোষণ কৰা পিছত বাৰে বাৰে কুফৰীলৈ উভতি গৈছে, অৰ্থাৎ ঈমান আনিছে আকৌ কুফৰী কৰিছে, আকৌ ঈমান আনিছে তাৰ পিছত আকৌ কুফৰী কৰিছে আৰু কুফৰৰ ওপৰত অটল থাকি সেই অৱস্থাতেই মৃত্যুবৰণ কৰিছে। আল্লাহে সিহঁতৰ গুনাহ কেতিয়াও ক্ষমা নকৰিব আৰু সিহঁতক আল্লাহৰ পিনে লৈ যোৱা পোন পথৰ তাওফীকো প্ৰদান নকৰিব।
Nisa' 4:138
হে ৰাছুল! মুনাফিকসকলক জনাই দিয়ক, যিসকলে প্ৰকাশ্যভাৱে ঈমান্দাৰৰ ভাও ধৰে কিন্তু অন্তৰত কুফৰ গোপন ৰাখে, সিহঁতৰ বাবে ক্বিয়ামতৰ দিনা আল্লাহৰ ওচৰত কষ্টদায়ক শাস্তি আছে।
Nisa' 4:139
সিহঁত এই শাস্তিৰ অধিকাৰী এই কাৰণেই যে, সিহঁতে মুমিনসকলক এৰি কাফিৰসকলক সহায়ক আৰু সঙ্গী কৰি লৈছে। সিহঁতৰ এই বন্ধুত্ব বৰ আশ্চৰ্যজনক। সিহঁতে কাফিৰসকলৰ পৰা শক্তি আৰু বল প্ৰাপ্ত হৈ নিজৰ মৰ্যদা বৃদ্ধি কৰিব বিচাৰে নেকি? যদি এইটোৱে সিহঁতৰ মনোভাৱ তেন্তে সিহঁতে মনত ৰখা উচিত যে, সকলো ধৰণৰ শক্তি আৰু বলৰ একমাত্ৰ অধিকাৰী আল্লাহ তাআলা।
Nisa' 4:140
হে মুমিনসকল! আল্লাহে তোমালোকৰ বাবে কোৰআনত এই আদেশ অৱতীৰ্ণ কৰিছে যে, যেতিয়া তোমালোকে কোনো বৈঠকত বহি থকা আৰু তাত কোনো ব্যক্তিয়ে যদি আল্লাহৰ কোনো আয়াত অস্বীকাৰ কৰে তথা তাৰ উপহাস কৰে তেন্তে তাৰ পৰা উঠি যোৱা। যেতিয়ালৈকে সিহঁতে আল্লাহৰ আয়াতৰ উপহাস তথা অস্বীকাৰ এৰি আন কোনো বিষয়ত লিপ্ত নহয়। এতেকে যদি তোমালোকে এনেকুৱা নকৰা আৰু সকলো শুনাৰ পিছতো তাত বহি থকা তেন্তে তোমালোকেও সেই অস্বীকাৰকাৰী সকলৰ দৰে বিৰুদ্ধাচাৰণত গণ্য হবা। কিয়নো তোমালোকে তাত বহি আল্লাহৰ আদেশ অমান্য কৰিছা, ঠিক সেইদৰে যিদৰে সিহঁতে কুফৰ কৰি আল্লাহক অমান্য কৰিছে। নিশ্চয় আল্লাহে ইছলাম দাবীদাৰ মুনাফিকসকলক কাফিৰসকলৰ সৈতে জাহান্নামত একত্ৰিত কৰিব।
Nisa' 4:141
যিসকলে তোমালোকৰ কল্যাণ অথবা অকল্যাণৰ অপেক্ষাত থাকে, এতেকে যদি তোমালোকে আল্লাহৰ সহায় প্ৰাপ্ত হোৱা আৰু যুদ্ধলব্ধ সম্পদ পোৱা তেন্তে অংশ পাবলৈ সিহঁতে কয়ঃ আমি তোমালোকৰ লগত নাছিলোনে? আৰু যুদ্ধত অংশ লোৱা নাছিলোনে? আনহাতে যদি কাফিৰসকলে কোনো অংশ পায় তেতিয়া সিহঁতক কয়ঃ আমি তোমালোকৰ কামত সহায় কৰা নাছিলোনে, মুমিনসকলৰ পৰা বচাবলৈ আমি তোমালোকক চাৰিওফালৰ পৰা চোৱাচিতা কৰা নাছিলোনে? এতেকে কিয়ামতৰ দিনা আল্লাহে তোমালোকৰ মাজত ফয়চালা কৰিব। মুমিনসকলক প্ৰতিদানস্বৰূপে জান্নাতত প্ৰৱেশ কৰাব আৰু মুনাফিকসকলক জাহান্নামৰ তলদেশত নিক্ষেপ কৰিব। আল্লাহে তেওঁৰ অনুগ্ৰহেৰে মুমিনসকলৰ ওপৰত কাফিৰসকলৰ আধিপত্য প্ৰতিষ্ঠা হ'বলৈ নিদিব। বৰং শেষৰ উত্তম ফলাফল কেৱল মুমিনসকলৰ বাবেই নিৰ্দিষ্ট, যেতিয়ালৈকে তেওঁলোকে সত্য ঈমানৰ সৈতে চৰীয়তৰ ওপৰত আমল কৰি থাকিব।
Nisa' 4:142
মুনাফিকসকলে অন্তৰত কুফৰী থকাৰ পিছতো মুছলিম বুলি দাবী কৰি আল্লাহক প্ৰতাৰণা কৰিব বিচাৰে, অথচ আল্লাহেই সিহঁতক প্ৰতাৰণাত লিপ্ত কৰিছে। কিয়নো সিহঁতৰ কুফৰ সম্পৰ্কে জনাৰ পিছতো সিহঁতৰ সম্পত্তি আৰু প্ৰাণ সুৰক্ষিত কৰি ৰাখিছে আৰু আখিৰাতত সিহঁতৰ বাবে কঠোৰ শাস্তি প্ৰস্তুত কৰি ৰাখিছে। যেতিয়া সিহঁতে ছালাতৰ বাবে থিয় হয়, তেতিয়া অলসতাৰ ভাৱ লৈ অনিচ্ছাকৃত ভাৱে থিয় হয়, সিহঁতে কেৱল মানুহক দেখুৱাবলৈ তথা সিহঁতৰ সন্মানাৰ্থে চালাত আদায় কৰে, আল্লাহৰ প্ৰতি সিহঁতৰ কোনো নিষ্ঠা নাই। আৰু সিহঁতে আল্লাহক কেৱল সেই সময়তেই স্মৰণ কৰে যেতিয়া মুমিনসকলক দেখা পায়।
Nisa' 4:143
এইসকল মুনাফিক দোদুল্যমান অৱস্থাত পৰি আছে। বাহ্যিক আৰু আভ্যন্তৰীণ ভাৱে এইসকল মুনাফিক মুছলিমসকল লগতো নহয় আৰু কাফিৰসকলৰ লগতো নহয়। বৰং প্ৰকাশ্যভাৱে দেখুৱায় যে, সিহঁত মুছলিমসকলৰ লগত, কিন্তু আভ্যন্তৰীণ ভাৱে সিহঁত কাফিৰসকলৰ লগত। দৰাচলতে আল্লাহে যাক পথভ্ৰষ্ট কৰে –হে ৰাছুল- আপুনি তাক ভ্ৰষ্টতাৰ পৰা উলিয়াই আনিবলৈ কোনো পথ বিচাৰি নাপাব।
Nisa' 4:144
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰীসকল! মুমিনসকলক এৰি কাফিৰসকলক নিজৰ অন্তৰঙ্গ বন্ধু বনাই নলবা। তোমালোকে এই কৰ্মৰ দ্বাৰা আল্লাহক, তোমালোকৰ শাস্তিৰ হকদাৰ হোৱাৰ প্ৰমাণ দিব বিচৰা নেকি?
Nisa' 4:145
নিশ্চয় আল্লাহে ক্বিয়ামতৰ দিনা মুনাফিকসকলক জাহান্নামৰ সৰ্বনিম্ন স্থানত ঠাই দিব আৰু তুমি সিহঁতৰ বাবে কোনো সহায়ক নাপাবা যিয়ে সিহঁতৰ শাস্তি দূৰ কৰিব পাৰিব।
Nisa' 4:146
কিন্তু যিসকলে নিফাকৰ পৰা তাওবা কৰি আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰিছে, আৰু নিজৰ অন্তৰক সংশোধন কৰিছে, আৰু আল্লাহৰ প্ৰতিশ্ৰুতিক মজবুত ভাৱে ধাৰণ কৰিছে লগতে নিজৰ আমল লোকক দেখুৱাবলৈ নকৰি একমাত্ৰ আল্লাহৰ উদ্দেশ্যে বিশুদ্ধচিত্তে কৰিছে, এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই পৃথিৱী আৰু আখিৰাতত মুমিনসকলৰ লগত থাকিব। আৰু আল্লাহে অনতিপলমে মুমিনসকলক বৰ ডাঙৰ প্ৰতিদান দান কৰিব।
Nisa' 4:147
যদি তোমালোকে আল্লাহৰ কৃতজ্ঞ হোৱা আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰা তেন্তে তোমালোকক শাস্তি দিয়াৰ কোনো প্ৰশ্নই নুঠে। নিশ্চয় আল্লাহ উপকাৰকাৰী আৰু অতি দয়ালু। তেওঁ তোমালোকক কেৱল গুনাহৰ কাৰণেহে শাস্তি প্ৰদান কৰিব। যদি তোমালোকে আমল সংশোধন কৰা আৰু তেওঁৰ নিয়ামতৰ কৃতজ্ঞতা আদায় কৰা লগতে প্ৰকাশ্য অপ্ৰকাশ্য উভয়ভাৱে ঈমান পোষণ কৰা তেন্তে তেওঁ কেতিয়াও তোমালোকক শাস্তি নিদিব। নিশ্চয় আল্লাহে সেইসকল লোকক মৰ্যদা প্ৰদান কৰিব যিসকলে তেওঁৰ অনুগ্ৰহ স্বীকাৰ কৰে আৰু তেওঁলোকক ইয়াৰ প্ৰতিদানো দিব। তেওঁ নিজ বান্দাসকলৰ ঈমান সম্পৰ্কে অৱগত আৰু প্ৰত্যেককে তেওঁ সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব।
Nisa' 4:148
প্ৰকাশ্যভাৱে বেয়া কথা কোৱা আল্লাহে পছন্দ নকৰে, বৰং তেওঁৰ ইয়াৰ ফলত ক্ৰোধান্বিত হয় আৰু শাস্তিৰ ভয় দেখুৱায়। কিন্তু কোনোবাই অত্যাচাৰিত হলে, তাৰ বাবে বৈধ কৰিছে অন্যায়ৰ বিৰুদ্ধে মাত মতা, বদ দুআ কৰা লগতে সেই অনুৰূপ বাক্য ব্যৱহাৰ কৰা। কিন্তু ধৈৰ্য ধাৰণ কৰাটো উত্তম। নিশ্চয় আল্লাহে তোমালোকৰ কথা শুনে আৰু তোমালোকৰ নিয়্যত সম্পৰ্কে অৱগত। এতেকে তোমালোকে বেয়া কথা আৰু বেয়া সংকল্পৰ পৰা বিৰত থাকা।
Nisa' 4:149
যিকোনো ভাল কথা অথবা কৰ্ম যদি তোমালোকে প্ৰকাশ কৰা নাইবা গোপন কৰা লগতে বেয়া ব্যৱহাৰকাৰীক ক্ষমা কৰি দিয়া তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ অতি ক্ষমাশীল আৰু সৰ্বশক্তিমান। এতেকে ক্ষমা কৰা গুণটো তোমালোকৰ চৰিত্ৰ হোৱা উচিত, যাতে আল্লাহেও তোমালোকক ক্ষমা কৰি দিয়ে।
Nisa' 4:150
যিসকলে আল্লাহৰ লগত কুফৰী কৰে, লগতে তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰে, তথা আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে, এনেকৈ যে, আল্লাহৰ প্ৰতি সিহঁতে ঈমান পোষণ কৰে কিন্তু ৰাছুলসকলক অস্বীকাৰ কৰে আৰু কয়ঃ আমি কিছুমান ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰোঁ আৰু আন কিছুমানক অস্বীকাৰ কৰোঁ। এইদৰে সিহঁতে কুফৰ আৰু ঈমানৰ মাজত এটা পথ উলিয়াব বিচাৰে আৰু সিহঁতে ভাৱে যে, এইটোৱে সিহঁতক মুক্তি প্ৰদান কৰিব।
Nisa' 4:151
যিসকলে এই পথ অৱলম্বন কৰে সিহঁতে প্ৰকৃত কাফিৰ। কিয়নো যিয়ে সকলো ৰাছুল অথবা কিছুমান ৰাছুলক অস্বীকাৰ কৰিছে, সি দৰাচলতে আল্লাহ আৰু তেওঁৰ সকলো ৰাছুলকেই অস্বীকাৰ কৰিছে। এতেকে আমি অস্বীকাৰকাৰী সকলৰ বাবে কিয়ামতৰ দিনা লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো। এইটো সিহঁতৰ সেই অহংকাৰৰ শাস্তি যাৰ ফলত সিহঁতে আল্লাহ তথা তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা নাছিল।
Nisa' 4:152
আনহাতে যিসকলে ঈমান আনিছে আৰু আল্লাহক একক বুলি স্বীকাৰ কৰিছে আৰু তেওঁৰ লগত আন কাকো অংশী স্থাপন কৰা নাই, লগতে তেওঁৰ সকলো ৰাছুলৰ প্ৰতিও ঈমান পোষণ কৰিছে, আৰু কাফিৰসকলৰ দৰে তেওঁলোকৰ মাজত পাৰ্থক্য কৰা নাই, আল্লাহে এইসকল লোকক তেওঁলোকৰ ঈমান আৰু নেক কৰ্মৰ বৰ ডাঙৰ প্ৰতিদান দান কৰিব। আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি কৃপাশীল।
Nisa' 4:153
হে ৰাছুল! ইয়াহুদীসকলে আপোনাৰ পৰা মুছা আলাইহিচ ছালামৰ দৰে আকাশৰ পৰা এবাৰতেই এখন পুথি অনাৰ দাবী কৰে, যিটো আপোনাৰ প্ৰকৃত নবী হোৱাৰ প্ৰমাণ হব। এনে দাবীত আপুনি বিচলিত নহব, কিয়নো সিহঁতৰ পূৰ্বপুৰুষ সকলে মুছাৰ পৰা ইয়াতকৈও ডাঙৰ দাবী কৰিছিল, সিহঁতে কৈছিলঃ আমাক প্ৰকাশ্যভাৱে আল্লাহক দেখুৱা। ফলত সিহঁতক শাস্তিস্বৰূপে তত নোহোৱা কৰি দিয়া হৈছিল। পিছত আল্লাহে সিহঁতক আকৌ জীৱন দান কৰিছিল, তথাপিও সিহঁতে আল্লাহক এৰি গৰু পোৱালীৰ উপাসনাত লিপ্ত হৈছিল। অথচ সিহঁতৰ ওচৰত স্পষ্ট নিদৰ্শন আহিছিল যে, আল্লাহেই একমাত্ৰ প্ৰতিপালক আৰু কেৱল তেৱেঁই একমাত্ৰ ইবাদতৰ যোগ্য। তাৰ পিছতো আমি সিহঁতক ক্ষমা কৰিছিলো আৰু মুছা আলাইহিচ ছালামক তেওঁৰ সম্প্ৰদায়ৰ বিৰুদ্ধে স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলো।
Nisa' 4:154
দৃঢ় প্ৰতিশ্ৰুতি লোৱাৰ উদ্দেশ্যে আমি সিহঁতৰ ওপৰত পৰ্বত উত্তোলন কৰিছিলো, যাতে সিহঁতে ভয় কৰে আৰু প্ৰতিশ্ৰুতি অনুসাৰে কৰ্ম কৰে। তাৰ পিছত আমি সিহঁতক কৈছিলোঃ ছাজদা কৰি শিৰ নত কৰা অৱস্থাত বাইতুল মাকদিছৰ দুৱাৰেৰে প্ৰৱেশ কৰা। কিন্তু সিহঁতে নিজৰ নিতম্ব চোঁচৰাই প্ৰৱেশ কৰিলে। আমি সিহঁতক আৰু কৈছিলোঃ শনিবাৰে মাছ মাৰি আমাৰ আদেশ উলংঘা নকৰিবা। কিন্তু সিহঁতে মান্য কৰা নাছিল। আৰু সিহঁতে মাছ মাৰিছিল। আমি সিহঁতৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিলো কিন্তু সিহঁতে অঙ্গীকাৰৰ মান ৰক্ষা কৰা নাছিল, আৰু অঙ্গীকাৰ ভঙ্গ কৰিছিল।
Nisa' 4:155
ফলত আমি সিহঁতক আমাৰ কৃপাৰ পৰা আঁতৰ কৰি দিছিলোঁ, কাৰণ সিহঁতে সেই দৃঢ় অঙ্গীকাৰ ভঙ্গ কৰিছিল, যিটো সিহঁতৰ পৰা লোৱা হৈছিল। লগতে আল্লাহৰ নিদৰ্শনসমূহ অস্বীকাৰ কৰিছিল, আনকি নবীসকলকো হত্যা কৰাৰ সাহস কৰিছিল, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক সিহঁতে কোৱা এই কথাষাৰৰ কাৰণেও যে, আমাৰ অন্তৰত আৱৰণ আছে, সেয়ে আপোনাৰ কথা আমি বুজি নাপাওঁ। দৰাচলতে বিষয়টো সিহঁতে ভবাৰ দৰে নহয়। বৰং আল্লাহে সিহঁতৰ কুফৰীৰ ফলত সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, ফলত কল্যাণকৰ কথা সিহঁতৰ অন্তৰত ঢুকি নাপায়। সেয়ে সিহঁতে বহুত কম ঈমান পোষণ কৰে যিটো সিহঁতৰ কোনো কামত নাহিব।
Nisa' 4:156
আৰু আমি সিহঁতক আমাৰ কৃপাৰ পৰা দূৰ কৰিছিলো, কিয়নো সিহঁতে কুফুৰী কৰিছিল আৰু মৰিয়ম আলাইহাছ ছালামৰ প্ৰতি ব্যভিচাৰৰ মিছা আৰোপ লগাইছিল।
Nisa' 4:157
আমি সিহঁতৰ ওপৰত অভিসম্পাত কৰিছো, কিয়নো সিহঁতে গৌৰৱ কৰি কয় যে, আমি আল্লাহৰ ৰাছুল, মৰিয়ম পুত্ৰ ঈছা মছীহক হত্যা কৰিছো। সিহঁতে দাবী কৰাৰ দৰে সিহঁতে হত্যাও কৰা নাই আৰু ক্ৰুছবিদ্ধও কৰা নাই। বৰং সিহঁতে এনেকুৱা এজন ব্যক্তিক হত্যা কৰিছিল আৰু ক্ৰুছবিদ্ধ কৰিছিল যাক আল্লাহে ঈছা আলাইহিছ ছালামৰ আকৃতি প্ৰদান কৰিছিল। ফলত সিহঁতে ধাৰণা কৰিছে যে, সিহঁতে ঈছা আলাইহিছ ছালামকেই হত্যা কৰিছে। যিসকল ইয়াহুদীয়ে ঈছা আলাইহিছ ছালামক হত্যা কৰা বুলি দাবী কৰিছে আৰু যিসকল খৃষ্টানে তেওঁক ইয়াহুদীসকলৰ হাতত অৰ্পন কৰিছিল, উভয় পক্ষই এই সন্দৰ্ভত সন্দেহ তথা সংশয়ত পতিত হৈছে। সিহঁতৰ ওচৰত এই বিষয়ে কোনো জ্ঞান নাই। সিহঁতে কেৱল অনুমানত কথা কয়, আৰু অনুমানৰ দ্বাৰা সত্য উদ্ঘাটন কৰা সম্ভৱ নহয়। প্ৰকৃত সত্য এইটোৱেই যে, সিহঁতে ঈছা আলাইহিছ ছালামক হত্যাও কৰিব পৰা নাই আৰু ক্ৰুছবিদ্ধও কৰিব পৰা নাই।
Nisa' 4:158
বৰং আল্লাহে ঈছা আলাইহিছ ছালামক সিহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিছে। লগতে তেওঁক সশৰীৰে আত্মাৰ সৈতে নিজৰ পিনে উঠাই লৈছে। আল্লাহ ক্ষমতাত মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে, তেওঁ পৰিচালনাত, ফয়চালা কৰণত আৰু বিধান প্ৰস্তুত কৰণত মহাপ্ৰজ্ঞাৱান।
Nisa' 4:159
অন্তিম যুগত, ঈছা আলাইহিচ ছালাম অৱতৰণ কৰাৰ পিছত তথা তেওঁৰ মৃত্যুৰ পূৰ্বে, সকলো ইয়াহুদী আৰু প্ৰত্যেক খৃষ্টানেই তেওঁৰ প্ৰতি ঈমান পোষণ কৰিব, আৰু কিয়ামতৰ দিনা ঈছা আলাইহিচ ছালামে সিহঁতৰ কৰ্ম সম্পৰ্কে সাক্ষ্য প্ৰদান কৰিব যে, কোনটো কৰ্ম চৰীয়তৰ (বিধানৰ) অনুকূল আৰু কোনটো পৰিপন্থী।
Nisa' 4:160
এতেকে ইয়াহুদীসকলৰ অত্যাচাৰৰ কাৰণেই আমি সিহঁতৰ ওপৰত এনেকুৱা কিছুমান বস্তু হাৰাম কৰিছো, যিবোৰ সিহঁতৰ ওপৰত হালাল আছিল। যেনে- আমি সিহঁতৰ ওপৰত প্ৰত্যেক নখ থকা প্ৰাণী হাৰাম কৰছিলো লগতে গৰু ছাগলীৰ পিঠিৰ চৰ্বী ব্যতীত সকলো চৰ্বী হাৰাম কৰিছিলো। ইয়াৰ আৰু এটা কাৰণ আছিল এই যে, সিহঁতে নিজকেও আৰু আনকো আল্লাহৰ পথৰ পৰা বিৰত ৰাখিছিল। আনকি কল্যাণৰ পৰা বাধা দিয়া সিহঁতৰ স্বভাৱত পৰিণত হৈছিল।
Nisa' 4:161
আৰু এই কাৰণেও যে, সিহঁতে সুতৰ লেনদেন কৰিছিল, অথচ আল্লাহে সিহঁতক সুত খোৱাৰ পৰা নিষেধ কৰিছিল, আৰু এটা কাৰণ এই যে, সিহঁতে মানুহৰ সম্পদ অন্যায়ভাৱে আত্মসাত কৰিছিল। আমি সিহঁতৰ মাজৰ কাফিৰসকলৰ বাবে কষ্টদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো।
Nisa' 4:162
কিন্তু হে ৰাছুল! ইয়াহুদীসকলৰ মাজৰ যিসকলে পৰিপক্ক জ্ঞানৰ অধিকাৰী তথা মুমিন, তেওঁলোকে আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনক সত্য বুলি মানে, লগতে সেইসমূহ পুথিকো সত্য বুলি মানে যিবোৰ আপোনাৰ পূৰ্বে ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হৈছিল, যেনে- তাওৰাত আৰু ইঞ্জীল। তেওঁলোকে ছালাত আদায় কৰে, যাকাত প্ৰদান কৰে, লগতে এই কথাও স্বীকাৰ কৰে যে, আল্লাহ একক, তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁলোকে কিয়ামতকো বিশ্বাস কৰে। এইসমূহ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিকেই আমি মহা প্ৰতিদান দান কৰিম।
Nisa' 4:163
হে ৰাছুল! আমি আপোনাৰ প্ৰতি সেইদৰেই অহী প্ৰেৰণ কৰিছোঁ যিদৰে আমি আপোনাৰ পূৰ্বে নবীসকলৰ প্ৰতি প্ৰেৰণ কৰিছিলোঁ। আপুনি কোনো নতুন ৰাছুল নহয়। আমি নূহ তথা তেওঁৰ পিছত অহা নবীসকলৰ প্ৰতিও অহী প্ৰেৰণ কৰিছিলোঁ। এইদৰে অহী প্ৰেৰণ কৰিছিলোঁ ইব্ৰাহীমৰ প্ৰতি লগতে তেওঁৰ পুত্ৰদ্বয় ইছমাঈল আৰু ইছহাক্বৰ প্ৰতি, লগতে ইয়াকূব ইবনে ইছহাক্ব আৰু আছবাতৰ প্ৰতি, আছবাত হৈছে সেইসকল নবী যিসকলক ইয়াকূব আলাহিচ্ছালামৰ বংশধৰৰ পৰা বনী ইছৰাঈলৰ ১২ টা গোত্ৰলৈ প্ৰেৰণ কৰা হৈছিল। লগতে আমি অহী প্ৰেৰণ কৰিছিলোঁ ঈছা, আইয়্যুব, ইউনুছ, হাৰূন আৰু ছুলাইমানৰ প্ৰতি; আৰু দাউদ আলাইহিচ্ছালামক প্ৰদান কৰিছিলোঁ গ্ৰন্থ, সেইখন হৈছে যাবূৰ।
Nisa' 4:164
আৰু আমি কিছুমান এনেকুৱা ৰাছুল প্ৰেৰণ কৰিছো যিসকলৰ বৰ্ণনা আমি কোৰআনত উল্লেখ কৰিছো, আনহাতে কিছুমান ৰাছুল এনেকুৱা প্ৰেৰণ কৰিছো যিসকলৰ বৰ্ণনা আমি আপোনাৰ ওচৰত কৰা নাই, বিশেষ হিকমত থকাৰ বাবেই কোৰআনত উল্লেখ কৰা নাই। আৰু মূছা আলাইহিছ ছালামক নুবুওৱত প্ৰদান কৰি আল্লাহে কোনো মাধ্যমত নোহোৱাকৈ প্ৰত্যক্ষভাৱে কথা কৈছিল যিদৰে তেওঁ কথা কব লাগে সেইদৰে কথা কৈছিল। দৰাচলতে এইটো আছিল মূছা আলাইহিছ ছালামে পোৱা এবিধ সন্মান।
Nisa' 4:165
আমি তেওঁক সেইসকল লোকক ছোৱাবৰ সসংবাদ প্ৰদানৰ বাবে প্ৰেৰণ কৰিছো যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে। আনহাতে সেইসকল লোকৰ প্ৰতি কষ্টদায়ক শাস্তিৰ পৰা ভয় দেখুৱাবলৈ প্ৰেৰণ কৰিছো যিসকলে কুফৰী কৰিছে। যাতে ৰাছুল অহাৰ পিছত মানুহৰ ওচৰত ওজৰ আপত্তিৰ কোনো অৱকাশ নাথাকে, যিটো সিহঁতে আল্লাহৰ ওচৰত দাঙি ধৰিব। নিশ্চয় আল্লাহ ক্ষমতাত মহাপৰাক্ৰমশালী, সিদ্ধান্ত গ্ৰহণত মহাপ্ৰজ্ঞাৱান।
Nisa' 4:166
হে ৰাছুল! যদিও ইয়াহুদীসকলে আপোনাক অস্বীকাৰ কৰে কিন্তু আপোনাৰ প্ৰতি যি পুথি অৱতীৰ্ণ হৈছে সেইখনক স্বয়ং আল্লাহে সমৰ্থন কৰে। আল্লাহে তাত নিজৰ এনেকুৱা জ্ঞান অৱতীৰ্ণ কৰিছে, যি জ্ঞান সম্পৰ্কে আল্লাহে বান্দাসকলক অৱগত কৰিব বিচাৰে, যেনে- তেওঁ কি কি ভালপায় আৰু পছন্দ কৰে, আৰু কি কি বস্তু তেওঁৰ অপছন্দ আৰু অপ্ৰিয়। আল্লাহৰ লগতে ফিৰিস্তাসকলেও আপোনাৰ চৰীয়তক সমৰ্থন কৰে। এতেকে সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। ইয়াৰ পিছত আন কোনো সাক্ষ্যৰ প্ৰয়োজন নাই।
Nisa' 4:167
যিসকলে আপোনাৰ নবুওৱতক অস্বীকাৰ কৰিছে আৰু মানুহক ইছলামৰ পৰা বিৰত ৰাখিছে, সিহঁত সত্যৰ পৰা বহু দূৰ আঁতৰি গৈছে।
Nisa' 4:168
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, আৰু এই কুফৰৰ ওপৰত অটল থাকি নিজৰ ওপৰত অন্যায় কৰিছে, এতেকে সিহঁতে অটল থকা এই কুফৰক আল্লাহে কেতিয়াও ক্ষমা নকৰিব, লগতে সিহঁতক এনেকুৱা কোনো পথো নেদেখুৱাব যি পথে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব।
Nisa' 4:169
বৰং আল্লাহে সিহঁতক এনেকুৱা পথ দেখুৱাব, যি পথে সিহঁতক জাহান্নামত লৈ যাব আৰু তাত সিহঁত চিৰস্থায়ী হব। এই কাম আল্লাহৰ বাবে অতি সহজ, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে।
Nisa' 4:170
হে মানৱজাতি! ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকৰ ওচৰত আল্লাহৰ তৰফৰ পৰা হিদায়ত তথা সত্য দ্বীন লৈ আহিছে। এতেকে তেওঁ যি লৈ আহিছে তাৰ প্ৰতি ঈমান পোষণ কৰা, ইয়াৰ ফলতে তোমালোকে পৃথিৱী আৰু আখিৰাতত কল্যাণ পাবা। আনহাতে যদি তোমালোকে আল্লাহৰ লগত কুফৰী কৰা, তেন্তে জানি থোৱা তোমালোকৰ ঈমানৰ আল্লাহৰ কোনো প্ৰয়োজন নাই, আৰু তোমালোকৰ কুফৰীয়েও তেওঁৰ কোনো ক্ষতি কৰিব নোৱাৰে। আকাশমণ্ডল, পৃথিৱী আৰু এই উভয়ৰ মাজত যি আছে, সেই সকলোৰে মালিক কেৱল তেৱেঁই। এতেকে আল্লাহে ভালদৰেই জানে কোনে হিদায়তৰ বেছি হকদাৰ, সেয়ে তেওঁ তাক হিদায়তৰ বাট সুগম কৰি দিয়ে। আনহাতে যিয়ে ইয়াৰ হকদাৰ নহয়, তাক তেওঁ তাৰ পৰা আঁতৰ কৰি দিয়ে। তেওঁ কথা, কৰ্ম, বিধান প্ৰস্তুত কৰাত আৰু সিদ্ধান্ত গ্ৰহণত মহাপ্ৰজ্ঞাৱান।
Nisa' 4:171
হে ৰাছুল! আপুনি ইঞ্জীল ধাৰী ইয়াহুদীসকলক কৈ দিয়ক, নিজ ধৰ্ম সংক্ৰান্তত সীমা অতিক্ৰম নকৰিবা, আৰু আল্লাহৰ প্ৰতি মিছা আৰোপ নকৰিবা লগতে ঈছা আলাইহিচ ছালাম সম্পৰ্কে সত্যৰ বাহিৰে আন একো নকবা। মৰিয়ম পুত্ৰ ঈছা আলাইহিচ ছালাম আল্লাহৰ ৰাছুল, তেওঁক আল্লাহে সত্য সহকাৰে প্ৰেৰণ কৰিছিল। আল্লাহে তেওঁক এটা শব্দৰ দ্বাৰা সৃষ্টি কৰিছে, যিটো আল্লাহে জিব্ৰীলৰ জৰিয়তে মৰিয়মৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। আৰু সেই শব্দটো আছিল “কুন” অৰ্থাৎ হৈ যা, ফলত হৈ গল। দৰাচলতে এয়া আল্লাহৰ ফালৰ পৰা এটা ফুঁ আছিল, যিটো জিব্ৰীলে আল্লাহৰ আদেশত ফুৱাইছিল। এতেকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সকলৰ ওপৰত কোনো ধৰণৰ ভেদাভেদ নকৰি ঈমান পোষণ কৰা। আৰু উপাস্য তিনিজন বুলি নকবা। এনেকুৱা মিছা আৰু নিকৃষ্ট কথাৰ পৰা বিৰত থাকা, তেতিয়াহে পৃথিৱী আৰু আখিৰাতত কল্যাণ পাবা। কেৱল আল্লাহেই একমাত্ৰ উপাস্য, তেওঁ পুত্ৰ তথা অংশীদাৰৰ পৰা পৱিত্ৰ। তেওঁৰ কোনো বস্তুৰ প্ৰয়োজন নাই। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই অধীন। তথা আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিষ্ঠা আৰু পৰিচালনাৰ বাবে একমাত্ৰ আল্লাহেই যথেষ্ট।
Nisa' 4:172
ঈছা ইবনে মৰিয়মে আল্লাহৰ বান্দা হোৱাত কোনো আপত্তি বা তাচ্ছিল্যবোধ নকৰে, লগতে আল্লাহৰ নিকটৱৰ্তী তথা সন্মানিত ফিৰিস্তাসকলেও আল্লাহৰ বান্দা হোৱাত কোনো আপত্তি নকৰে। তেন্তে তোমালোকে কেনেকৈ ঈছা আলাইহিচ ছালামক উপাস্যৰূপে গ্ৰহণ কৰা? আৰু কেনেকৈ মুশ্বৰিকসকলে ফিৰিস্তাসকলক উপাস্যৰূপে গ্ৰহণ কৰে? যদি কোনোবাই আল্লাহৰ ইবাদতৰ পৰা বিমুখ হয় তেন্তে জানি লোৱা উচিত যে, আল্লাহে কিয়ামতৰ দিনা সকলোকে তেওঁৰ ওচৰত একত্ৰিত কৰিব আৰু প্ৰত্যেককে এনেকুৱা বিনিময় দিব যিটো সিহঁতৰ বাবে উপযুক্ত।
Nisa' 4:173
এতেকে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ ৰাছুলক স্বীকাৰ কৰিছে তথা নিৰ্ভেজালভাৱে আল্লাহৰ বাবে তেওঁৰ চৰীয়ত অনুযায়ী সত্কৰ্ম কৰিছে, আল্লাহে তেওঁলোকক পৰিপূৰ্ণ প্ৰতিদান দান কৰিব, আনকি তেওঁৰ দয়া আৰু অসীম কৃপাত তাতোকৈ অধিক দান কৰিব। কিন্তু যিসকলে আল্লাহৰ ইবাদত আৰু তেওঁৰ আনুগত্য নকৰে তথা অহংকাৰ কৰে, সিহঁতক কষ্টদায়ক শাস্তি প্ৰদান কৰিব। আৰু সিহঁতে আল্লাহৰ বাহিৰে আন কাকো নাপাব, যিয়ে সিহঁতৰ ৰক্ষক হৈ উপকাৰ কৰিব আৰু সহায়ক হৈ ক্ষতিৰ পৰা ৰক্ষা কৰিব।
Nisa' 4:174
হে মানৱজাতি! তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ আহি পৰিছে, ইয়াৰ পিছত কোনো আপত্তিও থাকিব নোৱাৰে আৰু কোনো সংশয় থকাৰো অৱকাশ নাই। সেয়া হৈছে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছো, সেয়া হৈছে আল-কোৰআন।
Nisa' 4:175
এতেকে যিসকলে ঈমান আনিছে আৰু তেওঁলোকৰ নবীৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনক মজবুতভাৱে ধাৰণ কৰিছে, তেওঁলোকৰ প্ৰতি আল্লাহে কৃপা কৰিব আৰু তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব। লগতে তেওঁলোকৰ ছোৱাব বৃদ্ধি কৰিব আৰু তেওঁলোকৰ মৰ্যদা সুউচ্চ কৰিব, তথা তেওঁলোকক পোন পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান কৰিব, যত কোনো বক্ৰতা নাই। আৰু এইটোৱেই চিৰস্থায়ী জান্নাতত লৈ যোৱাৰ পথ।
Nisa' 4:176
হে ৰাছুল! মানুহে আপোনাৰ পৰা কালালাহৰ মীৰাছ সম্পৰ্কে জানিব বিচাৰে। জানি থোৱা উচিত যে, কালালাহ সেই ব্যক্তিক কোৱা হয়, যাৰ মৃত্যুৰ পিছত (অংশীদাৰিত্ব পাবলৈ) তাৰ কোনো সন্তান তথা পিতৃ জীৱিত নাথাকে। আপুনি কৈ দিয়ক, আল্লাহে ইয়াৰ বিধান বৰ্ণনা কৰিছে যে, যদি কোনো এনেকুৱা ব্যক্তিৰ মৃত্যু হয় যাৰ পিতৃও জীৱিত নাই আৰু কোনো সন্তানো নাই, কিন্তু তাৰ যদি কোনো সহোদৰ ভনীয়েক অথবা পিতৃৰ ফালৰ পৰা কোনো ভনী থাকে, তেন্তে তাই পৰিত্যক্ত সম্পত্তিৰ (নিৰ্দিষ্ট ভাগৰ) অৰ্ধাংশ পাব। আৰু মৃত ব্যক্তিৰ সহোদৰ ভাই অথবা পিতৃ ফালৰ পৰা ভাতৃয়ে আচাবা (যাৰ ভাগ সুনিচ্চিত নহয়) হিচাপে পৰিত্যক্ত সম্পত্তিৰ অংশীদাৰ হব, যদিহে তাৰ লগত কোনো নিৰ্দিষ্ট অংশীদাৰ নাথাকে। আনহাতে যদি তাৰ লগত কোনো নিৰ্দিষ্টি অংশ পোৱা ব্যক্তি থাকে তেন্তে সেই অংশ দিয়াৰ পিছতহে তেওঁ বাকী থকা সম্পত্তিৰ ওৱাৰিছ হব। আৰু সহোদৰ ভনী অথবা পিতৃৰ ফালৰ পৰা ভনী একাধিক থাকে তেন্তে তেওঁলোকে নিৰ্দিষ্ট অংশ হিচাপে এক তৃতীয়াংশ পাব। তথা যদি সহোদৰ আৰু পিতৃ ফালৰ পৰা ভাই ভনী উভয় থাকে, তেন্তে এজন পুৰুষৰ অংশ দুজনী নাৰীৰ অংশৰ সমান হব। আল্লাহে তোমালোকৰ কল্যাণ কামনাৰে কালালাহ তথা মীৰাছৰ বিধান প্ৰস্তুত কৰিছে, যাতে তোমালোকে পথভ্ৰষ্ট নোহোৱা। তেওঁ সকলো বস্তু সম্পৰ্কে সবিশেষ অৱগত, তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।
Maide 5:1
হে ঈমান্দাৰসকল! তোমালোকে সেই সকলো প্ৰতিশ্ৰুতি পুৰণ কৰা যিবোৰ তোমালোকে স্ৰষ্টাৰ লগত কৰিছা আৰু যিবোৰ মানুহৰ লগত কৰিছা। আৰু আল্লাহে তোমালোকৰ প্ৰতি কৃপা কৰি তোমালোকৰ বাবে চতুষ্পদ জন্তু হালাল কৰিছে (উট, গৰু, ছাগলী ইত্যাদি) কিন্তু কিছুমান জন্তু হাৰাম, যাৰ বৰ্ণনা আগলৈ কৰা হব। হজ্জ তথা উমৰাৰ ইহৰামৰ পিছত স্থলৰ জন্তু চিকাৰ কৰাও হাৰাম কৰা হৈছে। আল্লাহে তেওঁৰ হিকমত অনুসাৰে হালাল তথা হাৰামৰ আদেশ জাৰি কৰে। তেওঁক কোনেও বাধ্য কৰাব নোৱাৰে আৰু তেওঁৰ আদেশৰ প্ৰতি কোনোবাই আপত্তিও কৰিব নোৱাৰে।
Maide 5:2
হে ঈমান্দাৰসকল! আল্লাহে যিবোৰ বস্তুক সন্মান প্ৰদান কৰিছে, আৰু সন্মান কৰাৰ আদেশ দিছে, সেইবোৰৰ অনাদৰ নকৰিবা। আৰু ইহৰাম অৱস্থাত যিবোৰ বস্তু অবৈধ, সেইবোৰৰ পৰা বিৰত থাকা, যেনে চিলাই কৰা কাপোৰ পৰিধান কৰা। হৰমত (কাবা ঘৰৰ আশে পাশে থকা স্থানত) যিবোৰ কাম কৰা অবৈধ (যেনে- চিকাৰ কৰা) তেনে কৰ্মৰ পৰা দূৰৈত থাকিবা। সন্মানিত মাহবোৰত (যেনে- জুল-কাদাহ, জুলহিজ্জা, মুহাৰ্ৰম আৰু ৰজব মাহত) যুদ্ধ কৰা বৈধ বুলি নাভাবিবা। যিবোৰ জন্তু আল্লাহৰ ওৱাস্তে জবেহ কৰাৰ বাবে হৰমলৈ প্ৰেৰণ কৰা হয়, সেইবোৰক যাবলৈ বাধা প্ৰদান কৰি অথবা লুন্ঠণ কৰি সেইবোৰক অনাদৰ নকৰিবা। লগতে সেইবোৰ জন্তুকো অপমান নকৰিবা যিবোৰক হজ্জত কুৰবানী কৰাৰ বাবে প্ৰতীক হিচাপে ডিঙিত মালা পিন্ধাই দিয়া হৈছে। সেইসকল লোককো ক্ষতি নকৰিবা যিসকলে আল্লাহৰ সন্তুষ্টি তথা ব্যৱসায়-বাণিজ্যত লাভ কৰাৰ উদ্দেশ্যে কাবা ঘৰলৈ আহিছে। আৰু যেতিয়া তোমালোকে হজ্জ তথা উমৰাৰ কাম সম্পন্ন কৰি ইহৰাম খুলি পেলোৱা আৰু হৰমৰ পৰা ওলাই যোৱা, তেতিয়া ইচ্ছা কৰিলে চিকাৰ কৰিব পাৰা। যদি তোমালোকক কোনোবাই সন্মানিত মছজিদলৈ যাওঁতে বাধা প্ৰদান কৰে, তেন্তে সিহঁতৰ লগত শত্ৰুতা থকাৰ কাৰণে সিহঁতৰ ওপৰত অন্যায় অত্যাচাৰ নকৰিবা। হে মুমিনসকল! আল্লাহৰ আদেশ পালন কৰাত আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাৰ ক্ষেত্ৰত ইজনে সিজনক সহায় কৰিবা। লগতে পাপকাম তথা গুনাহৰ ক্ষেত্ৰত কাকো সহায় নকৰিবা আৰু কোনো মানুহৰ ধন-সম্পত্তি, ৰক্ত আৰু সন্মানৰ ক্ষেত্ৰত শত্ৰুতা পোষণ কৰাত কেতিয়াও কাকো সহযোগিতা নকৰিবা। তথা আল্লাহৰ আদেশ পৰিপূৰ্ণৰূপে পালন কৰি আৰু তেওঁৰ অবাধ্যতাৰ পৰা দূৰৈত থাকি তেওঁক ভয় কৰা। নিশ্চয় আল্লাহে অবাধ্যতাকাৰী সকলক অতি কষ্টদায়ক শাস্তি প্ৰদান কৰিব, সেয়ে তেওঁৰ শাস্তিৰ পৰা সাৱধান থাকিবা।
Maide 5:3
চৰীয়তি পদ্ধতি অবিহনে মৃত্যুবৰণ কৰা জন্তু, প্ৰবাহিত তেজ, গাহৰিৰ মাংস, সেই জন্তু যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ বাহিৰে আন কাৰোবাৰ নাম লোৱা হৈছে, শ্বাসৰূদ্ধ হৈ মৃত্যুবৰণ কৰা জন্তু, আঘাত প্ৰাপ্ত হৈ মৃত্যুবৰণ কৰা জন্তু, ওখ স্থানৰ পৰা পৰি মৃত্যু হোৱা আৰু অন্য জন্তুৱে শিঙেৰে আঘাত কৰাৰ ফলত মৃত্যুবৰণ কৰা জন্তু, বাঘ- সিংহ- আৰু কুকুৰ-নেচীয়াই চিকাৰ কৰাৰ ফলত মৃত্যুবৰণ কৰা জন্তু, এই সকলোবোৰ জন্তু হাৰাম। কিন্তু এইবোৰৰ মাজৰ পৰা জীৱিত অৱস্থাত থকা জন্তু যিটো জবেহ কৰিব পৰা যাব সেইটো তোমালোকৰ বাবে হালাল। আৰু মুৰ্তিৰ বাবে জবেহ কৰা জন্তুও তোমালোকৰ বাবে হাৰাম। তীৰৰ জৰিয়তে ভাগ্য নিৰ্ণয় কৰাও হাৰাম। ইয়াৰ দ্বাৰা এনেকুৱা শিল তথা তীৰ বুজোৱা হৈছে, য'ত লিখা থাকে (কৰা), বা (নকৰিবা) ইয়াৰ পিছত যিটো তীৰ ওলায়, সেই মতেই কাম কৰে। উল্লেখিত কৰ্মসমূহৰ যিকোনো কৰ্ম কৰাটোৱে আল্লাহৰ আদেশ উলংঘা কৰা বুজায়। ইছলামৰ মজবুতি দেখি তোমালোকৰ ধৰ্ম ত্যাগ সম্পৰ্কে কাফিৰসকলে আজি নিৰাশ হৈ পৰিছে। এতেকে তোমালোকে সিহঁতক ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা। আজি আমি তোমালোকৰ বাবে তোমালোকৰ ধৰ্ম ইছলামক পৰিপূৰ্ণ কৰি দিলোঁ, লগতে তোমালোকৰ ওপৰত মোৰ প্ৰকাশ্য আৰু অপ্ৰকাশ্য সকলো অনুগ্ৰহ পৰিপূৰ্ণ কৰিলোঁ। আৰু ইছলামক তোমালোকৰ বাবে মনোনীত দ্বীন হিচাপে গ্ৰহণ কৰিলোঁ। ইয়াৰ বাহিৰে আন কোনো দ্বীন গ্ৰহণ নকৰোঁ। কিন্তু যদি কোনোবাই ভোকৰ তাড়নাত মৃত জন্তুৰ মাংস ভক্ষণ কৰিবলৈ বাধ্য হয়, গুনাহৰ ইচ্ছা যদি নাথাকে তেন্তে তাৰ কোনো গুনাহ নহয়। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
Maide 5:4
হে ৰাছুল! আপোনাৰ চাহাবাসকলে আপোনাক সোধে যে, আল্লাহে তেওঁলোকৰ বাবে কি কি বস্তু খোৱা হালাল কৰিছে, আপুনি কৈ দিয়কঃ আল্লাহে স্বচ্ছ তথা পৱিত্ৰ বস্তু তোমালোকৰ বাবে হালাল কৰিছে আৰু প্ৰশিক্ষণ প্ৰাপ্ত জন্তুৰ দ্বাৰা চিকাৰ বস্তু হালাল কৰিছে। চোকা দাঁত বিশিষ্ট যেনে- কুকুৰ আৰু চিতা। নখ বিশিষ্ট যেনে- বাজ, যিবোৰক তোমালোকে আল্লাহে প্ৰদান কৰা জ্ঞানৰ দ্বাৰা চিকাৰ কৰাৰ পদ্ধতি শিকোৱা, অৱশেষত সিহঁত এনেকুৱা হৈ পৰে যে, তোমালোকে যিটো আদেশ দিয়া সেইবোৰে সেইটোৱে কৰে। যেতিয়া তোমালোকে ধমক দিয়া সিহঁতে মানি লয়। এতেকে সেইবোৰে তোমালোকৰ বাবে যি চিকাৰ কৰি আনে, সেয়া তোমালোকে খাব পাৰা, যদিও সিহঁতে সেয়া মাৰি পেলায়। এই চিকাৰ জন্তুবোৰ এৰি দিয়াৰ সময়ত আল্লাহৰ নাম লৈ এৰিবা। আল্লাহক ভয় কৰি তেওঁৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকা। নিশ্চয় আল্লাহে অতি শীঘ্ৰে আমলৰ হিচাপ গ্ৰহণ কৰিব।
Maide 5:5
আজি আল্লাহে তোমালোকৰ বাবে স্বচ্ছ খোৱা বস্তু লগতে ইয়াহুদী আৰু খৃষ্টানসকলে জবেহ কৰা জন্তুৰ মাংসও হালাল কৰি দিছে। আৰু তোমালোকে জবেহ কৰা জন্তুও সিহঁতৰ বাবে হালাল। লগতে স্বাধীন পৱিত্ৰ মুমিনা নাৰী আৰু তোমালোকৰ পূৰ্বে পুথি প্ৰাপ্ত ইয়াহুদী আৰু খৃষ্টানসকলৰ নাৰীক তোমালোকৰ বাবে বিবাহ কৰা হালাল কৰা হৈছে, কিন্তু চৰ্ত হৈছে মোহৰ (বিবাহৰ সময়ত কইনাক দিবলগীয়া ধন) আদায় দিব লাগিব, আৰু তোমালোকৰ উদ্দেশ্য হব লাগিব অসৎ কৰ্মৰ পৰা ৰক্ষা পোৱা, আনহাতে ব্যভিচাৰ কৰাৰ বাবে প্ৰেমিকা বনোৱাৰ উদ্দেশ্যে যাতে নহয়। এতেকে যিয়ে বান্দাৰ প্ৰতি দিয়া আল্লাহৰ বিধানক অস্বীকাৰ কৰিব, তাৰ সকলো আমল বিনষ্ট হৈ যাব চৰ্ত পুৰণ নোহোৱাৰ কাৰণে, আৰু সেই চৰ্তটো হৈছে ঈমান। তথা কিয়ামতৰ দিনা সি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ জাহান্নামত প্ৰৱেশ কৰিব, তাত সি চিৰকাল অৱস্থান কৰিব।
Maide 5:6
হে ঈমান্দাৰসকল! যেতিয়া তোমালোকে ছালাতৰ বাবে থিয় হব বিচৰা, আৰু তেতিয়া যদি তোমালোকে হাদাছে আচগৰ (অজুবিহীন) অৱস্থাত থাকা তেন্তে অজু কৰি লোৱা, (প্ৰথমে) নিজৰ মুখমণ্ডল ধুই লবা আৰু তাৰ পিছত কিলাকুটি লৈকে হাত ধুই লবা, আৰু মূৰ মছেহ কৰিবা আৰু ভৰি ধুই লবা সৰু গাঠি লৈকে। আনহাতে যদি তোমালোকে হাদাছে আকবৰ (যিবোৰ কাৰণত গোছল কৰা জৰুৰী) অৱস্থাত থাকা তেন্তে গোছল কৰিবা। আৰু যদি তোমালোকে অসুস্থ অৱস্থাত থাকা আৰু পানী ব্যৱহাৰৰ ফলত যদি বেমাৰ বেছি হোৱাৰ অথবা সুস্থ হোৱাত পলম হোৱাৰ আশংকা হয়, নাইবা যদি তোমালোক সুস্থ অৱস্থাতে ভ্ৰমণত থাকা অথবা যদি তোমালোক হাদাছে আচগৰ যেনে- মল-মুত্ৰ ত্যাগ কৰাৰ ফলত অজুবিহীন অৱস্থাত থাকা নাইবা হাদাছে আকবৰ যেনে- স্ত্ৰী সহবাস কৰাৰ পিছৰ অৱস্থাত থাকা আৰু যদি পৱিত্ৰতা অৰ্জন কৰিবলৈ পানী বিচাৰি নোপোৱা তেন্তে মাটিৰ দ্বাৰা পৱিত্ৰতা অৰ্জন কৰিবা, নিজৰ দুয়ো হাত মাটিত স্পৰ্শ কৰি মুখমণ্ডল আৰু দুয়ো হাত মছেহ কৰিবা। আল্লাহে তেওঁৰ বিধানৰ জৰিয়তে তোমালোকৰ ক্ষতি সাধন কৰিব নিবিচাৰে, সেই কাৰণে তেওঁ তোমালোকক ক্ষতি হোৱা অৱস্থাত পানী ব্যৱহাৰৰ নিৰ্দেশ দিয়া নাই। এতেকে পানী ব্যৱহাৰত ক্ষতি হোৱাৰ আশংকা থাকিলে নাইবা পানী বিচাৰি নাপালে, ইয়াৰ বিকল্প ব্যৱস্থাও কৰি দিছে, যাতে তোমালোকৰ ওপৰত তেওঁৰ নিয়ামত পৰিপূৰ্ণ হয় আৰু তোমালোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা তথা যাতে অকৃতজ্ঞ নোহোৱা।
Maide 5:7
আৰু আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা যে, তেওঁ তোমালোকক ইছলামৰ পথ দেখুৱাইছে, লগতে স্মৰণ কৰা তোমালোকৰ সেই প্ৰতিশ্ৰুতি যিটো তোমালোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত বাইআত কৰাৰ সময়ত কৰিছিলা, তোমালোকে কৈছিলাঃ আমি সৰ্বাৱস্থাতে আপোনাৰ কথা মানিম আৰু আপোনাৰ কথাৰ ওপৰত আমল কৰিম, যদিও সেই আদেশ আমাৰ ইচ্ছা অনুকূল হওঁক বা নহওঁক। এতেকে তোমালোকে আল্লাহৰ আদেশ (প্ৰতিশ্ৰুতিও তেওঁৰ আদেশৰ অন্তৰ্ভুক্ত) পালন কৰি তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। নিশ্চয় আল্লাহ অন্তৰৰ গোপন বিষয় সম্পৰ্কেও অৱগত, একোৱেই তেওঁৰ পৰা গোপন নহয়।
Maide 5:8
হেৰা যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছা! আল্লাহৰ সন্তুষ্টি লাভ কৰিবলৈ তেওঁৰ অধিকাৰসমূহ আদায় কৰা আৰু ন্যায়ৰ সপক্ষে সাক্ষী দান কৰা অন্যায়ৰ সপক্ষে নহয়। কোনো গোত্ৰৰ শত্ৰুতাই যাতে তোমালোকক অন্যায় কৰিবলৈ প্ৰৰোচিত নকৰে, কিয়নো ন্যায় বন্ধু আৰু শত্ৰু উভয়ৰ লগতে কৰা উচিত। সেয়ে সিহঁতৰ লগত ন্যায় কৰা। ন্যায় হৈছে আল্লাহৰ প্ৰতি ভয়ৰ অতি নিকটৱৰ্তী। আনহাতে অন্যায় হৈছে আল্লাহৰ সন্মুখত দুসাহস কৰাৰ অতি নিকটৱৰ্তী। এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। তোমালোকে যি কৰা সেই বিষয়ে নিশ্চয় আল্লাহ অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দান কৰিব।
Maide 5:9
আল্লাহে (যিয়ে কেতিয়া প্ৰতিশ্ৰুতি ভঙ্গ নকৰে) সেইসকল লোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে যে, তেওঁ তেওঁলোকৰ গুনাহসমূহ ক্ষমা কৰি দিব লগতে তেওঁলোকক মহান ছোৱাব তথা জান্নাতত প্ৰৱেশ কৰাব।
Maide 5:10
যিসকলে আল্লাহৰ লগত কুফুৰী কৰিছে তথা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সেইসকল লোকেই জাহান্নামৰ অধিবাসী, সিহঁতক সিহঁতৰ কুফুৰী আৰু মিথ্যাচাৰৰ বাবে শাস্তিস্বৰূপে তাত প্ৰৱেশ কৰোৱা হব। তাত সিহঁত চিৰস্থায়ী হব।
Maide 5:11
হে ঈমান্দাৰসকল! অন্তৰ আৰু জিভাৰ জৰিয়তে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা, তেৱেঁই তোমালোকক শান্তি ও নিৰাপত্তা প্ৰদান কৰিছে, আৰু যেতিয়া তোমালোকৰ শত্ৰুৱে তোমালোকৰ পিনে হাত বঢ়াব বিচাৰিছিল আৰু তোমালোকক ধৰি শাস্তি দিব বিচাৰিছিল, তেতিয়া আল্লাহেই সিহঁতৰ অন্তৰত ভয় সৃষ্টি কৰি দিছিল আৰু তোমালোকক সিহঁতৰ পৰা ৰক্ষা কৰিছিল। এতেকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। তথা মুমিনসকলে তেওঁলোকৰ নিজৰ ধাৰ্মিক তথা পাৰ্থিৱ উপকাৰ অৰ্জন কৰিবলৈ কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰা উচিত।
Maide 5:12
অৱশ্যে আল্লাহে বনী ইছৰাঈলৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লৈছিল, যাৰ বৰ্ণনা আগত আহি আছে, আৰু সিহঁতৰ মাজত বাৰ জন প্ৰধান নিযুক্ত কৰিছিল, যিসকলে নিজৰ অধীনত থকা লোকৰ পৰ্যবেক্ষণ কৰিছিল, তথা আল্লাহে বনী ইছৰাঈলক কৈছিলঃ মই তোমালোকৰ সহায় তথা সমৰ্থনৰ বাবে তোমালোকৰ লগত আছো, যদিহে তোমালোকে ভালদৰে ছালাত আদায় কৰা, যাকাত প্ৰদান কৰা, মোৰ সকলো ৰাছুলৰ প্ৰতি কোনো ভেদাভেদ নকৰাকৈ যদি ঈমান পোষণ কৰা, তেওঁলোকক সন্মান কৰা, আৰু তেওঁলোকক সহায় কৰা লগতে সৎ পথত ব্যয় কৰা। যদি তোমালোকে এইবোৰ কৰ্ম কৰা তেন্তে মই তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিম আৰু ক্বিয়ামতৰ দিনা এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ অট্টালিকাসমূহৰ তলত নদীসমূহ প্ৰবাহিত। ইমান দৃঢ় বচন লোৱাৰ পিছতো যিয়ে কুফৰী কৰিব, সি দৰাচলতে জানি বুজি সত্যৰ পথ ত্যাগ কৰিলে।
Maide 5:13
সিহঁতে অঙ্গীকাৰ ভঙ্গ কৰাৰ কাৰণে আমি সিহঁতক নিজ কৃপাৰ পৰা আঁতৰ কৰি দিছো, আৰু সিহঁতৰ অন্তৰক এনেকুৱা কঠোৰ কৰি দিছো যে, সিহঁতৰ অন্তৰত কোনো ভাল কথা প্ৰৱেশ কৰিবই নোৱাৰে, আৰু কোনো উপদেশৰ দ্বাৰাও উপকৃত হব নোৱাৰে। সিহঁতে আল্লাহৰ বাণীক বাস্তৱ স্থানৰ পৰা বিকৃত কৰে, কেতিয়াবা শব্দ পৰিবৰ্তন কৰে আকৌ কেতিয়াবা নিজ ইচ্ছা অনুসাৰে অৰ্থ বিকৃত কৰে। তথা সিহঁতক যিবোৰ কথাৰ উপদেশ দিয়া হৈছিল সেইবোৰৰ কিছুমানৰ ওপৰত সিহঁতে আমল কৰা এৰি দিছে। আৰু হে ৰাছুল! আপুনি খবৰ পাই থাকিব যে, সিহঁতে আল্লাহ আৰু তেওঁৰ মুমিন বান্দাসকলৰ লগত অমুক অমুক বিশ্বাসঘাতকতা কৰিছে। কিন্তু সিহঁতৰ মাজত কিছুমান এনেকুৱা ব্যক্তিও আছে, যিসকলে অঙ্গীকাৰ পূৰণ কৰিছে। এতেকে সিহঁতক ক্ষমা কৰি দিয়ক আৰু সিহঁতক এৰি দিয়ক। কাৰণ এইটো উত্কৃষ্ট কাৰ্য, আৰু আল্লাহে উত্কৃষ্ট কৰ্মকাৰী সকলক ভাল পায়।
Maide 5:14
যিদৰে আমি ইয়াহুদীসকলৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিলো, সেইদৰে আমি সেইসকল লোকৰ পৰাও অঙ্গীকাৰ লৈছিলো, যিসকলে এই কথা কৈ নিজৰ পৱিত্ৰতা বৰ্ণনা কৰে যে আমি ঈছা আলাইহিছ ছালামৰ অনুসাৰী। আৰু সিহঁতেও নিজৰ পূৰ্বপুৰুষ ইয়াহুদীসকলৰ দৰেই সেইসমূহ বিধানৰ কিছুমানৰ ওপৰত আমল কৰা এৰি দিছিল যিবোৰ সিহঁতক আদেশ দিয়া হৈছিল। আৰু আমি ক্বিয়ামত পৰ্যন্ত সিহঁতৰ মাজত শত্ৰুতা আৰু ঘৃণা ঢালি দিছো। ফলত সিহঁতে ইজনে সিজনৰ লগত বিবাদত লিপ্ত হবলৈ ধৰিলে আৰু পৰস্পৰে পৰস্পৰক কাফিৰ কবলৈ ধৰিলে। আল্লাহে সিহঁতক অনতিপলমে সিহঁতৰ কাৰ্যকলাপ সম্পৰ্কে অৱগত কৰাব, যিবোৰ কৰ্ম সিহঁতে কৰিছে। আৰু ইয়াৰ প্ৰতিদানো দিব।
Maide 5:15
হে আহলে কিতাব, তাওৰাত ধাৰী ইয়াহুদীসকল আৰু ইঞ্জীল ধাৰী খৃষ্টানসকল! তোমালোকৰ ওচৰত আমাৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আহি গৈছে। তোমালোকে তোমালোকৰ ওপৰত অৱতীৰ্ণ হোৱা পুথিৰ যিবোৰ কথা গোপন কৰিছিলা, তাৰে বহুত কথা তেওঁ স্পষ্টভাৱে প্ৰকাশ কৰিব, আৰু বহু কথা আওকাণও কৰিব, যিবোৰত তোমালোকৰ অপমানৰ বাহিৰে আন একো নাই। তোমালোকৰ ওচৰত আল্লাহৰ ফালৰ পৰা কোৰআন আহিছে, ই হৈছে প্ৰদীপ, যাৰ পৰা জ্যোতি লোৱা হয়। আৰু এইটো এনে এখন পুথি, য’ত মানুহৰ বাবে পৃথিৱী আৰু আখিৰাত সম্পৰ্কীয় সেই সকলো বিষয়ৰ বিৱৰণ আছে যিবোৰ সিহঁতৰ বাবে অতি আৱশ্যক।
Maide 5:16
আল্লাহে এই পুথিৰ দ্বাৰা সেই সকল লোকক হিদায়ত প্ৰদান কৰে, যিসকলে আল্লাহক সন্তুষ্ট কৰিবলৈ ঈমান আনিছে আৰু নেক আমল কৰে, এনেকুৱা পথ দেখুৱায় যি পথে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰি জান্নাতৰ পিনে লৈ যায়। আৰু সিহঁতক কুফৰ আৰু গুনাহৰ অন্ধকাৰৰ পৰা উলিয়াই ঈমান আৰু আনুগত্যৰ পোহৰলৈ লৈ আহে। সিহঁতক পোন পথ তথা ইছলামৰ পথত পৰিচালিত হবলৈ তাওফীক প্ৰদান কৰে।
Maide 5:17
সেই সকল খৃষ্টানে কুফুৰী কৰিছে যিসকলে কয় যে, আল্লাহেই হৈছে ঈছা ইবনে মৰিয়ম। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, আল্লাহে যদি ঈছা ইবনে মৰিয়ম আৰু তেওঁৰ মাকক আৰু পৃথিৱীৰ বুকুত যি সেই সকলোকে ধ্বংস কৰিব বিচাৰে তেন্তে কোন আছে এনেকুৱা যিয়ে আল্লাহৰ এই কাৰ্যক বাধা প্ৰদান কৰিব পাৰিব? যদি কোনেও নোৱাৰে তেন্তে এই কথা প্ৰমাণিত যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। আৰু ঈছা ইবনে মৰিয়মৰ লগতে তেওঁ মাতৃ আৰু সকলোৱেই আল্লাহৰ সৃষ্টি। আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰ মাজত যি আছে, সেই সকলোবোৰেৰে মালিক আল্লাহ। তেওঁ যি ইচ্ছা কৰে সৃষ্টি কৰে। আৰু যিসকলক তেওঁ সৃষ্টি কৰিছে সেইসকলৰ মাজত এজন হৈছে ঈছা আলাইহিছ ছালাম। এতেকে তেওঁ আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। আৰু আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান।
Maide 5:18
ইয়াহুদী আৰু নাচাৰাসকলে দাবী কৰে যে, সিহঁতে আল্লাহৰ পুত্ৰ তথা প্ৰিয়পাত্ৰ। হে ৰাছুল! আপুনি সিহঁতৰ এই দাবী খণ্ডন কৰি কৈ দিয়কঃ তেনেহলে তেওঁ তোমালোকক তোমালোকৰ গুনাহৰ শাস্তি কিয় দিয়ে। তোমালোকৰ দাবী অনুসাৰে যদি সঁচাকৈয়ে তোমালোক আল্লাহৰ প্ৰিয়পাত্ৰ তেন্তে তেওঁ তোমালোকক পৃথিৱীত হত্যা তথা মুখমণ্ডল বিকৃত কৰাৰ দৰে শাস্তি আৰু আখিৰাতত জাহান্নামৰ শাস্তি নিদিলিহেঁতেন। কিয়নো তেওঁ নিজৰ প্ৰিয়পাত্ৰসকলক শাস্তি নিদিয়ে। প্ৰকৃততে তোমালোকেও আন আন মানুহৰ দৰেই মানুহ। যিয়ে ভাল কৰ্ম কৰিব, সি জান্নাত পাব। আৰু যিয়ে বেয়া কৰ্ম কৰিব, সি পাব জাহান্নাম। আল্লাহে যাক ইচ্ছা কৰে নিজ অনুগ্ৰহেৰে ক্ষমা কৰি দিয়ে, আৰু যাক ইচ্ছা কৰে ন্যায়ৰ জৰিয়তে শাস্তি দিয়ে। আকাশমণ্ডল আৰু পৃথিৱী তথা এই উভয়ৰ মাজৰ সকলো তেওঁৰেই অধীন। আৰু তেওঁৰ ফালেই সকলোৱে প্ৰত্যাৱৰ্তন কৰিব।
Maide 5:19
হে কিতাপ ধাৰী ইয়াহুদী আৰু নাছাৰাসকল! তোমালোকৰ ওচৰত আমাৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আহিছে। তেওঁ এনেকুৱা সময়ত আহিছে যেতিয়া ৰাছুলসকলৰ আগমণ অস্থায়ী ভাৱে বন্ধ আছিল তথা ৰাছুল অহাটো বৰ আৱশ্যক আছিল। যাতে তোমালোকে এইটো ক'ব নোৱাৰা যে, আমাৰ ওচৰলৈ আল্লাহৰ প্ৰতিদানৰ সুসংবাদ দিবলৈ আৰু তেওঁৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ ৰাছুল অহা নাছিল। কিয়নো তোমালোকৰ ওচৰত সুসংবাদ দাতা তথা সতৰ্ককাৰী হিচাপে আমাৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আহি পৰিছে। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁৰ ক্ষমতাৰ এটা বহিঃপ্ৰকাশ হৈছে ৰাছুল প্ৰেৰণ। আৰু ৰাছুল প্ৰেৰণৰ এই ধাৰাবাহিকতা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ জৰিয়তে শেষ কৰিছে।
Maide 5:20
হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া মুছা আলাইহিছ ছালামে নিজ সম্প্ৰদায় বনী ইছৰাঈলক কৈছিলঃ হে মোৰ জাতি ভাইসকল! তোমালোকে অন্তৰেৰে আৰু মুখেৰে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা যে, আল্লাহে তোমালোকৰ মাজৰ পৰাই কিছুমানক নবী বনাইছিল, যিসকলে তোমালোকক সত্যৰ পিনে আহ্বান কৰিছিল, আৰু তোমালোকক স্বাধীন কৰিছিল অথচ তোমালোক দাস হৈ আছিলা, আৰু তোমালোকক এনেকুৱা অনুগ্ৰহ প্ৰদান কৰিছিল, যিবোৰ অনুগ্ৰহ তোমালোকৰ যুগত আন কাকো দিয়া নাছিল।
Maide 5:21
মুছা আলাইহিছ ছালামে কৈছিলঃ হে মোৰ জাতি ভাইসকল! সেই পৱিত্ৰ ভূমিত (বাইতুল মাকদিছ তথা ইয়াৰ চাৰিওফালে থকা অঞ্চলত) প্ৰৱেশ কৰা, যত প্ৰৱেশ কৰাৰ আৰু তাত থকা কাফিৰসকলৰ লগত যুদ্ধ কৰাৰ বাবে আল্লাহে তোমালোকৰ পৰা অঙ্গীকাৰ লৈছে, আৰু দাম্ভিকসকলৰ সন্মুখত হাৰ নামানিবা, অন্যথা পৃথিৱী আৰু আখিৰাতত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাবা।
Maide 5:22
তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক কৈছিলঃ হে মুছা! সেই পৱিত্ৰ ভূমি বৰ শক্তিশালী লোকসকলে বাস কৰে। সেয়ে আমি তাত প্ৰৱেশ কৰিব নোৱাৰিম, যেতিয়ালৈকে সিহঁত তাত থাকিব। কিয়নো সিহঁতৰ লগত যুদ্ধ কৰাৰ ক্ষমতা আমাৰ ওচৰত নাই। কিন্তু যদি সিহঁত তাৰ পৰা ওলাই যায় তেন্তে আমি অৱশ্যে তাত প্ৰৱেশ কৰিম।
Maide 5:23
মুছা আলাইহিছ ছালামৰ সঙ্গীসকলৰ মাজত দুজন এনেকুৱা সঙ্গী আছিল যিসকলে আল্লাহক ভয় কৰিছিল তথা তেওঁৰ শাস্তিক ভয় কৰিছিল। আল্লাহে তেওঁলোকক আনুগত্য কৰিবলৈ তাওফীক তথা প্ৰেৰণা প্ৰদান কৰিছিল। তেওঁলোক উভয়ে নিজ জাতিক মুছা আলাইহিছ ছালামৰ কথা মানিবলৈ প্ৰেৰণা প্ৰদান কৰি কৈছিল, নগৰৰ দুৱাৰ মুখেৰে প্ৰৱেশ কৰি এই শক্তিশালী লোকৰ মুখামুখী হোৱা। নিশ্চয় তোমালোকে সিহঁতক পৰাজিত কৰিব পাৰিবা। কিয়নো যদি আল্লাহৰ প্ৰতি ঈমান থাকে তথা সাধনা ব্যৱহাৰ কৰা হয় তেন্তে আল্লাহে নিশ্চিত ভাৱে সহায় কৰে। আৰু যদি তোমালোক প্ৰকৃত মুমিন হোৱা তেন্তে কেৱল আল্লাহৰ প্ৰতি ভৰসা কৰা। কিয়নো ঈমানে আল্লাহৰ প্ৰতি ভৰসা কৰাৰ প্ৰেৰণা প্ৰদান কৰে।
Maide 5:24
মুছা আলাইহিছ ছালামৰ সম্প্ৰদায়ে সিহঁতৰ নবী মুছাৰ কথা অৱমাননা কৰি আৰু তাত অটল হৈ কৈছিলঃ আমি চহৰত তেতিয়া লৈকে প্ৰৱেশ নকৰো, যেতিয়া লৈকে এই শক্তিশালী লোকসকল তাত থাকিব। এতেকে হে মুছা! আপুনি আৰু আপোনাৰ প্ৰতিপালক যাওক, আৰু শক্তিশালী লোকসকলৰ লগত যুদ্ধত কৰকগৈ। আমি আপোনাৰ পৰা পৃথক হৈ ইয়াতে বহি থাকিম।
Maide 5:25
মুছা আলাইহিছ ছালামে নিজ প্ৰতিপালকক কলেঃ হে মোৰ প্ৰতিপালক! মোৰ আৰু মোৰ ভাতৃৰ বাহিৰে আন কাৰো ওপৰত মোৰ শক্তি নচলে। এতেকে মোৰ আৰু এই জাতিৰ মাজত নিৰ্ণয় কৰি দিয়ক, যি জাতিয়ে আপোনাৰ ৰাছুলৰ আদেশ উলংঘা কৰে।
Maide 5:26
আল্লাহে নবী মুছা আলাইহিছ ছালামক কলে যে, আল্লাহে বনী ইছৰাঈলৰ বাবে চল্লিশ বছৰলৈকে সেই পৱিত্ৰ ভূমিত প্ৰৱেশ নিষিদ্ধ কৰিছে। এই সময়ছোৱাত সিহঁতে মৰুভূমিৰ মাজতে ঘূৰি ফুৰিব লাগিব। এতেকে হে মুছা! আল্লাহৰ আনুগত্যৰ পৰা ওলাই যোৱা লোকসকলৰ বাবে আপুনি অনুতপ্ত নহ'ব। কিয়নো সিহঁতে যি শাস্তি পাইছে সেয়া সিহঁতৰ কৰ্মৰ বাবেহে পাইছে।
Maide 5:27
হে ৰাছুল! এই যালিম তথা ঈৰ্ষা পোষণকাৰী ইয়াহুদীসকলক আদমৰ দুয়ো সন্তান হাবীল আৰু কাবীলৰ সংবাদ সঠিক ভাৱে শুনাওক। যেতিয়া উভয়ে আল্লাহৰ নৈকট্য অৰ্জন কৰিবলৈ আল্লাহৰ দৰবাৰত কুৰবানী পেচ কৰিছিল, তেতিয়া আল্লাহে হাবীলৰ কুৰবানী কবূল কৰিছিল। কিয়নো তেওঁ আছিল তাক্বৱাৰ অধিকাৰী। আনহাতে কাবীলৰ কুৰবানী কবূল নকৰিলে, কাৰণ সি তাক্বৱাৰ অধিকাৰী নাছিল। সেয়ে কাবীলৰ মনত ঈৰ্ষা উপজিল আৰু ক'লেঃ হে হাবীল! মই তোমাক হত্যা কৰিম। তেতিয়া হাবীলে কলেঃ আল্লাহে কেৱল তাক্বৱাৰ অধিকাৰীসকলৰ কুৰবানীহে কবূল কৰে, যিসকলে তেওঁৰ আদেশ পালন কৰে তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।
Maide 5:28
তুমি যদি হত্যা কৰাৰ উদ্দেশ্যে মোৰ পিনে হাত প্ৰসাৰিত কৰা, তেন্তে মই ইয়াৰ পৰিবৰ্তে তোমাৰ দৰে কাৰ্য নকৰো। আৰু এইটো মোৰ দুৰ্বলতা নহয়, বৰং মই আল্লাহক ভয় কৰো, যিজন গোটেই সৃষ্টিজগতৰ প্ৰতিপালক।
Maide 5:29
হাবীলে কাবিলক ভয় দেখুৱাই কলেঃ মই বিচাৰো তুমি তোমাৰ পূৰ্বৱৰ্তী পাপসমূহৰ লগতে মোক অন্যায়ভাৱে কৰা হত্যাৰ গুনাহো লগত লৈ প্ৰত্যাৱৰ্তন কৰাগৈ। আৰু সেই সকল জাহান্নামীৰ অন্তৰ্ভুক্ত হোৱা যিসকলে ক্বিয়ামতৰ দিনা প্ৰৱেশ কৰিব। অন্যায়কাৰী সকলৰ এইটোৱেই প্ৰতিদান, আৰু মই তোমাক হত্যা কৰি সেই সকলৰ অন্তৰ্ভুক্ত হ'ব নিবিচাৰো।
Maide 5:30
কাবিলৰ বেয়া আদেশ প্ৰদানকাৰী আত্মাই তাক নিজৰ ভাতৃক হত্যা কৰিবলৈ উদ্বুদ্ধ কৰিলে, ফলত সি তেওঁক হত্যা কৰিলে। ইয়াৰ ফলত সি এনেকুৱা লোকৰ অন্তৰ্ভুক্ত হৈ গ'ল, যিসকলৰ পৃথিৱী আৰু আখিৰাতত নিজৰ প্ৰাপ্য তেনেই নগন্য।
Maide 5:31
তাৰ পিছত আল্লাহে এটা কাউৰী প্ৰেৰণ কৰিলে, যিয়ে তাৰ সন্মুখত মাটি খান্দিবলৈ ধৰিলে, যাতে তাত মৃত আন এটা কাউৰীক দাফন কৰিব পাৰে। লগতে যাতে ইয়াৰ দ্বাৰা তাক বুজাই দিব পাৰে যে, সি কেনেকৈ নিজৰ ভাতৃৰ মৃতদেহ দাফন কৰিব। এই দেখি হত্যাকাৰী ভাতৃয়ে অনুতপ্ত হৈ ক'লেঃ হায় আফচোচ! মই এই কাউৰীটোৰ দৰেও হ'ব নোৱাৰিলোঁনে যে, মোৰ ভাতৃৰ মৃতদেহটো ঢাকিব পাৰোঁ, যিদৰে এই কাউৰীটোৱে এটা মৰা কাউৰীক দাফন কৰিলে। ফলত এই দেখি সি অনুতপ্ত হ'ল।
Maide 5:32
কাবীলৰ হাতত ভাতৃ হত্যাৰ কাৰণে আমি বনী ইছৰাঈলক জনাই দিছিলো যে, যদি কোনোবাই কাৰণবিহীন কাৰোবাক হত্যা কৰে, যেনে কিচাচ অথবা কুফৰ আৰু বিদ্ৰোহৰ দ্বাৰা পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা আদি, তেন্তে সি যেনিবা গোটেই মানৱ জাতিক হত্যা কৰিলে। কিয়নো তাৰ ওচৰত দোষী আৰু নিৰ্দোষীৰ মাজত কোনো পাৰ্থক্য নাই। আনহাতে যদি কোনোবাই এই বুলি প্ৰাণ নাশৰ পৰা বিৰত থাকে যে, আল্লাহে ইয়াক হাৰাম কৰিছে তেন্তে সি যেনিবা গোটেই মানৱ জাতিক জীৱন দান কৰিলে। কিয়নো তাৰ এই ব্যৱহাৰত সকলো মানুহৰেই নিৰাপত্তা আছে। আৰু আমাৰ ৰাছুল বনী ইছৰাঈলৰ ওচৰত স্পষ্ট প্ৰমাণ আৰু প্ৰকাশ্য নিদৰ্শন লৈ আহিছিল কিন্তু ইয়াৰ পিছতো সিহঁতৰ মাজৰ বহুতে গুনাহ তথা ৰাছুলসকলৰ বিৰুদ্ধাচাৰণ কৰি আল্লাহৰ আদেশ অমান্য কৰিছিল।
Maide 5:33
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত যুদ্ধ কৰে, লগতে তেওঁলোকৰ লগত প্ৰকাশ্য শত্ৰুতা পোষণ কৰি পৃথিৱীত হত্যা তথা লুন্ঠনৰ দ্বাৰা বিপৰ্যয় সৃষ্টি কৰে, সিহঁতৰ শাস্তি হৈছে এই যে, সিহঁতক হত্যা কৰা হব অথবা ফাচী কাঠত ওলোমাই দিয়া হ'ব নাইবা সোঁ হাত আৰু বাওঁ ভৰি কৰ্তন কৰা হব, ইয়াৰ পিছত আকৌ যদি এনেকুৱা কৰ্ম কৰে তেন্তে বাওঁ হাত আৰু সোঁ ভৰি কৰ্তন কৰা হ'ব নাইবা দেশৰ পৰা বহিষ্কাৰ কৰা হব। পৃথিৱীত সিহঁতৰ বাবে এই শাস্তি কেৱল অপমানৰ বাবে, আৰু আখিৰাতত আছে সিহঁতৰ মহা শাস্তি।
Maide 5:34
হে প্ৰশাসনিক বিষয়াসকল! এই বিদ্ৰোহীসকলৰ মাজৰ যিয়ে তোমালোকে গ্ৰেপ্তাৰ কৰাৰ আগতে তাওবা কৰিব, তেন্তে জানি থোৱা! আল্লাহে সিহঁতক ক্ষমা কৰিব আৰু সিহঁতৰ প্ৰতি কৃপা কৰিব। আৰু এই কৃপা ফলতেই সিহঁতৰ পৰা শাস্তি আঁতৰাই দিব।
Maide 5:35
হে মুমিনসকল! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। তেওঁ যি আদেশ কৰিছে সেয়া পালন কৰি তেওঁৰ নৈকট্য অৱলম্বন কৰা, আৰু তেওঁ যি নিষেধ কৰিছে তাৰ পৰা বিৰত থাকা। তেওঁৰ সন্তুষ্টি অৰ্জনৰ বাবে কাফিৰসকলৰ লগত (যিসকলে তোমালোকক আল্লাহৰ দ্বীন পালনত বাধা দিয়ে আৰু তোমালোকৰ ওপৰত নিৰ্যাতন কৰে) যুদ্ধ কৰা। এনেকুৱা কৰিলে হয়তো তোমালোকে সেইটো পাবা যিটো তোমালোকে বিচৰা আৰু সেইটোৰ পৰা বচাই লোৱা হ'ব যিটোক তোমালোকে ভয় কৰা।
Maide 5:36
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰে, সিহঁত যদি পৃথিৱীৰ সকলো বস্তুৰ মালিক হয়, লগতে ইয়াৰ বাহিৰেও যদি সিহঁতৰ ওচৰত সম্পত্তি থাকে আৰু সেই সকলোবোৰ সম্পত্তি যদি সিহঁতে ক্বিয়ামতৰ দিনা শাস্তিৰ পৰা মুক্তি লাভৰ উদ্দেশ্যে দিব বিচাৰে, তথাপিও সিহঁতৰ পৰা সেয়া গ্ৰহণ কৰা নহ'ব। সিহঁতক কষ্টকৰ শাস্তি প্ৰদান কৰা হ'ব।
Maide 5:37
জাহান্নামত প্ৰৱেশ কৰাৰ পিছত সিহঁত ওলাব বিচাৰিব, কিন্তু এয়া কেনেকৈ সম্ভৱ? সিহঁত তাৰ পৰা কেতিয়াও ওলাব নোৱাৰিব, আৰু সিহঁতৰ বাবে তাত আছে স্থায়ী শাস্তি।
Maide 5:38
হে প্ৰশাসনিক বিষয়াসকল! চোৰ পুৰুষ হওঁক অথবা নাৰী, সিহঁতৰ সোঁ হাত কাটি দিয়া। এইটো হৈছে মানুহৰ সম্পদ অন্যায়ভাৱে ভক্ষণ কৰাৰ পৰিণাম, যিটো আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰিত। আৰু এই শাস্তি সিহঁতৰ লগতে আন আন সকলৰ বাবে সতৰ্কবাণী। নিশ্চয় আল্লাহ মহাপ্ৰভাৱশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ আদেশ-নিৰ্দেশ তথা ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।
Maide 5:39
যিয়ে চুৰি কাৰ্যৰ পৰা তাওবা কৰিব আৰু নিজকে সংশোধন কৰিব, তেন্তে আল্লাহে নিজ অনুগ্ৰহত তাৰ তাওবা কবূল কৰিব। কিয়নো আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰি দিয়ে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে। কিন্তু বিষয়টো যদি প্ৰশাসনৰ ওচৰত গৈ পায় তেন্তে তাওবা কৰিলেও শাস্তিৰ পৰা মুক্তি নাপাব।
Maide 5:40
হে ৰাছুল! নিশ্চয় আপুনি জানে আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰ। এই উভয় তেওঁৰেই নিয়ন্ত্ৰণাধীন। তেওঁ যাক ইচ্ছা কৰে নিজ অনুগ্ৰহেৰে ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা কৰে তেওঁৰ ন্যায় অনুযায়ী দণ্ড দিয়ে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান। তথা তেওঁক কোনেওঁ অপাৰগ কৰিব নোৱাৰে।
Maide 5:41
হে ৰাছুল! অন্তৰত কুফৰ গোপন কৰি, ঈমানৰ ভাও ধৰা মুনাফিকসকলে যাতে আপোনাক উদাসীন কৰিব নোৱাৰে, যিসকলে আপোনাক ক্ৰোধিত কৰিবলৈ কুফুৰী কাৰ্যত খৰখেদা কৰে। এইদৰে সেইসকল ইয়াহুদীয়েও যাতে আপোনাক উদাসীন কৰিব নোৱাৰে যিসকলে নিজৰ নেতাৰ মিছা কথা শুনিবলৈ কাণ লগাই থাকে, তথা সেইবোৰ মানিও লয়। এইদৰে সিহঁতে সেইসকল নেতাৰ অনুসৰণ কৰে, যিসকলে আপোনাৰ লগত বিদ্বেষ থকাৰ কাৰণে আপোনাৰ ওচৰত আহা নাই। সিহঁতে তাওৰাতত থকা আল্লাহৰ বাণীক নিজ ইচ্ছা মতে বিকৃত কৰে। নিজৰ অনুসাৰীসকলক কয়ঃ মুহাম্মদে যদি তোমালোকৰ ইচ্ছা অনুসাৰে ফয়চালা কৰে তেন্তে মানি লবা, অন্যথা তেওঁক এৰাই চলিবা। দৰাচলতে আল্লাহে মানুহৰ মাজত যাক পথভ্ৰষ্ট কৰিব বিচাৰে, হে ৰাছুল! আপুনি তাৰ বাবে এনেকুৱা কোনো ব্যক্তি বিচাৰি নাপাব যিয়ে তাক পথভ্ৰষ্টতাৰ পৰা বচাব পাৰিব আৰু সত্য পথত উভতাই আনিব পাৰিব। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ইয়াহুদী আৰু মুনাফিক সকলৰ অন্তৰকেই আল্লাহে কুফৰৰ পৰা পৱিত্ৰ কৰিব বিচৰা নাই। পৃথিৱীত সিহঁতৰ বাবে আছে অপমান আৰু লাঞ্ছনা, আৰু আখিৰাতত আছে মহা শাস্তি, সেয়া জাহান্নামৰ শাস্তি।
Maide 5:42
এইসকল ইয়াহুদী হৈছে অধিক মিছা কথা শ্ৰৱণকাৰী, হাৰাম সম্পদ যেনে সুত আদি অধিক ভক্ষণকাৰী। এতেকে হে ৰাছুল! যদি সিহঁতে আপোনাৰ ওচৰত কোনো বিষয় লৈ মীমাংসা বিচাৰি আহে তেন্তে আপুনি ইচ্ছা কৰিলে সিহঁতৰ মাজত মীমাংসা কৰি দিব পাৰে অথবা ইচ্ছা কৰিলে মীমাংসা নকৰিবও পাৰে। এই ক্ষেত্ৰত আপোনাৰ ইচ্ছা। আপুনি যদি সিহঁতৰ বিচাৰ নকৰে তেন্তে সিহঁতে আপোনাক কোনো ক্ষতি কৰিব নোৱাৰে। আনহাতে যদি আপুনি সিহঁতৰ মাজত বিচাৰ কৰে তেন্তে ন্যায়ৰ সৈতে বিচাৰ কৰিব। যদিও সিহঁত অত্যাচাৰী তথা শত্ৰুৱে নহওঁক কিয়। নিশ্চয় আল্লাহে সেই সকল লোকক ভাল পায় যিসকলে ন্যায়ৰ সৈতে ফয়চালা কৰে। যদিও মীমাংসা বিচৰাসকল মীমাংসাকাৰী শত্ৰুৱে নহওঁক কিয়।
Maide 5:43
ইহঁতৰ বিষয়টোও বৰ আশ্চৰ্যজনক। আপোনাক অস্বীকাৰ কৰে কিন্তু আপোনাৰ ওচৰতে আকৌ মীমাংসা বিচাৰি আহে, এই আশাত যে, আপুনি সিহঁতৰ আকাংক্ষা অনুযায়ী মীমাংসা কৰিব, অথচ সিহঁতৰ ওচৰত তাওৰাত আছে, যিটোৰ প্ৰতি সিহঁতে ঈমান পোষণ কৰে আৰু যত আছে আল্লাহৰ আদেশ। কিন্তু আপোনাৰ মীমাংসা যদি সিহঁতৰ ইচ্ছা অনুসাৰে নহয় তেন্তে সিহঁত মুখ ঘূৰাই লয়। এইদৰে সিহঁতে নিজৰ কিতাপৰ আদেশো অমান্য কৰে আৰু আপোনাৰ ফয়চালাৰ পৰাও বিমুখ হয়। ইহঁতৰ এই ব্যৱহাৰ মুমিনসকলৰ ব্যৱহাৰ নহয়। এতেকে ইহঁত আপোনাৰ প্ৰতি তথা আপুনি লৈ অহা চৰীয়তৰ প্ৰতিও বিশ্বাসী নহয়।
Maide 5:44
নিশ্চয় আমি মুছাৰ ওপৰত তাওৰাত অৱতীৰ্ণ কৰিছো, যত আছে কল্যাণৰ প্ৰতি পথপ্ৰদৰ্শন আৰু নূৰ। এই পুথি অনুযায়ী বনী ইছৰাঈলৰ নবীসকলে বিচাৰ ফয়চালা কৰিছিল, তেওঁলোক আছিল আল্লাহৰ আনুগত্যকাৰী। লগতে মানুহক সংশোধনকাৰী উলামা আৰু ফুকাহা সকলেও (ধৰ্মীয় জ্ঞানত পাকৈত সকলেও) সেই অনুসাৰেই বিচাৰ ফয়চালা কৰিছিল। কিয়নো আল্লাহে সিহঁতক তেওঁৰ পুথিৰ সংৰক্ষক নিৰ্ধাৰণ কৰিছিল, যাতে সিহঁতে ইয়াক পৰিৱৰ্তন তথা পৰিবৰ্ধনৰ পৰা ৰক্ষা কৰে। সিহঁতে এই কথাৰো সাক্ষী যে, এই পুথি সত্য। আৰু মানুহেও এই পুথি সম্পৰ্কীয় প্ৰশ্ন সিহঁতকেই সোধে। এতেকে হে ইয়াহুদীসকল! মানুহক ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা। সেয়ে ফয়চালা কৰাৰ সময়ত ধন-সম্পদ, সন্মান অথবা পদৰ লোভত আল্লাহৰ বিধান বিকৃত নকৰিবা। যিসকলে আল্লাহৰ বিধান অনুসাৰে মীমাংসা নকৰে লগতে এনেকুৱা কাৰ্যক বৈধ বুলি ভাৱে, অথবা আন কোনো বিধানক আল্লাহৰ বিধানতকৈ উত্তম বা সমপৰ্যায়ৰ বুলি ভাৱে, প্ৰকৃততে সিহঁতেই কাফিৰ।
Maide 5:45
আমি তাওৰাতত ইয়াহুদীসকলৰ বাবে এই বিধান জাৰি কৰিছিলো যে, যিয়ে জানি-বুজি কোনো ব্যক্তিক অন্যায়ভাৱে হত্যা কৰিব, ইয়াৰ বিপৰীতে তাক হত্যা কৰা হব। যিয়ে জানি-বুজি কাৰোবাৰ চকু বিনষ্ট কৰিব, বিপৰীতে তাৰ চকু বিনাশ কৰা হব। যিয়ে জানি-বুজি কাৰোবাৰ নাক কাটিব, বিপৰীতে তাৰো নাক কৰ্তন কৰা হব। যিয়ে জানি-বুজি কাৰোবাৰ কাণ কাটিব, বিপৰীতে তাৰো কাণ কৰ্তন কৰা হব। আৰু যিয়ে জানি-বুজি কাৰোবাৰ দাঁত ভাঙিব, বিপৰীতে তাৰো দাঁত ভাঙি দিয়া হব। লগতে আমি এই আদেশো প্ৰদান কৰিছিলো যে, আঘাতৰ ক্ষেত্ৰত অপৰাধীক তাৰ অপাৰধ অনুপাতেই শাস্তি দিয়া হব। আনহাতে যিয়ে অপৰাধীক ক্ষমা কৰি দিব, আল্লাহে সেই ব্যক্তিৰ গুনাহ ক্ষমা কৰিব। কিয়নো তেওঁ অপৰাধীক ক্ষমা কৰিছে। এতেকে যিয়ে কিচাচ তথা আন আন বিষয়ত আল্লাহৰ বিধান অনুসাৰে মীমাংসা নকৰে, সি দৰাচলতে আল্লাহৰ সীমা উলংঘনকাৰী।
Maide 5:46
আৰু আমি বনী ইছৰাঈলৰ নবীসকলৰ পিছতেই মৰিয়মৰ পুত্ৰ ঈছাক প্ৰেৰণ কৰিছিলোঁ। তেওঁ তাওৰাত বিশ্বাসী আছিল, আৰু সেই অনুসাৰেই বিচাৰ মীমাংসা কৰিছিল। আৰু আমি তেওঁক প্ৰদান কৰিছিলোঁ ইঞ্জীল, যিটোৱে সত্যৰ পথ দেখুৱাইছিল, আৰু তাত আছিল সংশয় নিৰসনৰ প্ৰমাণ, লগতে আছিল সমস্যা সমাধানৰ বহুতো বিধান, আৰু কিছুমান ৰহিত বিধানৰ বাহিৰে ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতক পুৰ্ণ সমৰ্থন কৰিছিল। আৰু আমি ইঞ্জীলক হিদায়তৰ মাধ্যম বনাইছিলোঁ, ইয়াৰ দ্বাৰা হিদায়ত পাইছিল। লগতে বনাইছিলোঁ সতৰ্ককাৰী, যাতে সিহঁতে হাৰাম কাৰ্যত লিপ্ত নহয়।
Maide 5:47
আল্লাহে ইঞ্জীলত অৱতীৰ্ণ কৰা বিধানসমূহৰ ওপৰত খৃষ্টানসকলে ঈমান ৰখা উচিত, তথা (নবী চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰেৰিত হোৱাৰ পূৰ্বে সিহঁতৰ মাজত যি সত্য শিক্ষা আছিল) সেই মতে মীমাংসা কৰা উচিত। আনহাতে যিসকলে আল্লাহৰ বিধান অনুযায়ী মীমাংসা নকৰে, সেই সকলেই আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত, সত্য পৰিত্যাগকাৰী আৰু বাতিলৰ পিনে ধাবিত।
Maide 5:48
হে ৰাছুল! আমি সত্য সহকাৰে আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো, এইটো যে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, ইয়াত কোনো সন্দেহ নাই। ই পূৰ্বৱৰ্তী সকলো ঐশী পুথিক সমৰ্থন কৰে তথা সেইবোৰৰ সংৰক্ষক। যিটো ইয়াৰ অনুকূল হব সেইটো সত্য আৰু যিটো ইয়াৰ বিৰুদ্ধে যাব সেইটো অসত্য। এতেকে আপুনি মানুহৰ মাজত ইয়াৰ মাজত থকা বিধান অনুযায়ী ফয়চালা কৰক। সন্দেহৰ অৱকাশ নথকা যি সত্য আপোনাৰ ওচৰলৈ আহিছে, সেইটো ত্যাগ কৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিব। আমি প্ৰত্যেক উম্মতৰ বাবে এটা এটাকৈ বিধান বনাইছো, আমল কৰাৰ বাবে কিছুমান বিধি-বিধান আৰু এটা স্পষ্ট পথ, যি পথত সিহঁত চলা উচিত। আল্লাহে ইচ্ছা কৰিলে সকলো চৰীয়তকে এক কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ এনে কৰা নাই বৰং প্ৰত্যেক উম্মতৰ বাবে এটাকৈ চৰীয়ত বনাইছে। যাতে সকলো মানুহকে পৰীক্ষা কৰিব পাৰে আৰু এইটো স্পষ্ট হয় যে, কোন আনুগত্যকাৰী আৰু কোন অৱজ্ঞাকাৰী। এতেকে তোমালোকে ভাল কৰ্ম কৰিবলৈ আৰু অসত্কৰ্ম পৰিত্যাগ কৰিবলৈ অগ্ৰসৰ হোৱা। কাৰণ ক্বিয়ামতৰ দিনা তোমালোক সকলোৱে আল্লাহৰ পিনেই উভতি যাব লাগিব। তেতিয়া তেওঁ তোমালোক সেই সকলো বিষয় সম্পৰ্কে অৱগত কৰিব, যিবোৰ বিষয়ে তোমালোকে মতভেদ কৰিছিলা আৰু তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।
Maide 5:49
হে ৰাছুল! আপোনাৰ ওপৰত আল্লাহে অৱতীৰ্ণ কৰা বিধান অনুযায়ী আপুনি সিহঁতৰ মাজত ফয়চালা কৰিব, আৰু সেই সকল ব্যক্তিৰ কথা মতে নচলিবা যিসকলে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে। সিহঁতক এৰাই চলক, অন্যথা সিহঁতে আপোনাক কিছুমান বিধানৰ পৰা আঁতৰাই লৈ যাব, আৰু এই কামত সিহঁত যথোচিত চেষ্টা কৰিব। যদি সিহঁতে আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰা আল্লাহৰ বিধান অনুযায়ী কৰা ফয়চালাক স্বীকাৰ নকৰে, তেন্তে জানি থওঁক যে, আল্লাহে পৃথিৱীতেই সিহঁতক সিহঁতৰ কিছুমান গুনাহৰ শাস্তি দিব বিচাৰে। আনহাতে বাকী গুনাহৰ শাস্তি আখিৰাতত প্ৰদান কৰিব। দৰাচলতে অধিকাংশ লোক আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছে।
Maide 5:50
সিহঁতে আপোনাৰ বিচাৰ এৰি জাহিলিয়্যাতৰ (অজ্ঞতা যুগৰ) মীমাংসা বিচাৰে নেকি, যিসকলে মূৰ্তি পূজা কৰিছিল আৰু নিজৰ প্ৰবৃত্তি অনুসাৰে ফয়চালা কৰিছিল? এতেকে যিসকলে আল্লাহৰ সেইসমূহ বাণীৰ প্ৰতি বিশ্বাস পোষণ কৰে, যিবোৰ তেওঁ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কৰিছে, তথা সেইবোৰ বুজিও পায়, তেওঁলোকৰ দৃষ্টিত আল্লাহৰ ফয়চালাতকৈ আন কোনো ফয়চালা উত্তম হ'বই নোৱাৰে। কিন্তু যিসকল মুৰ্খ তথা নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে, সিহঁতে কেৱল সেইটোৰেই অনুসৰণ কৰে যিটো সিহঁতৰ প্ৰবৃত্তিৰ অনুকূল, যদিও সেয়া বাতিলেই নহওঁক কিয়।
Maide 5:51
হে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰীসকল! ইয়াহুদী তথা খৃষ্টানসকলক সহযোগী আৰু অন্তৰঙ্গ বন্ধু বনাই সিহঁতৰ লগত আন্তৰিক মিত্ৰতা নকৰিবা, কিয়নো ইয়াহুদীসকলে নিজ ধৰ্মালম্বীসকলৰ লগত আৰু খৃষ্টানসকলেও নিজ ধৰ্মালম্বী সকলৰ লগতহে মিত্ৰতা ৰাখে, আনহাতে দুয়োটা সম্প্ৰদায়ে তোমালোকৰ লগত শত্ৰুতাৰ ক্ষেত্ৰত একত্ৰিত হোৱাটো স্বাভাৱিক। এতেকে তোমালোকৰ মাজৰ যিয়ে সিহঁতৰ লগত মিত্ৰতা কৰিব, সি সিহঁতৰেই অন্তৰ্ভুক্ত হব। নিশ্চয় আল্লাহে কাফিৰসকলৰ লগত বন্ধুত্ব কৰি নিজৰ ওপৰত অন্যায় কৰা সকলক পোন পথৰ হিদায়ত নিদিয়ে।
Maide 5:52
এতেকে হে ৰাছুল! আপুনি দেখিবলৈ পাব মুনাফিকসকলে (যিসকল দৰাচলতে দুৰ্বল ঈমানৰ অধিকাৰী) ইয়াহুদী আৰু খৃষ্টানসকলৰ লগত বন্ধুত্ব কৰিবলৈ অগ্ৰসৰ হব আৰু কবঃ “এওঁলোকৰ বিজয়ত আমাৰ ভয় লাগে, এওঁলোকৰ ৰাষ্ট্ৰ প্ৰতিষ্ঠা হলে আমাক ক্ষতি কৰিব পাৰে”। তেন্তে জানি থোৱা! অৱশ্যে আল্লাহে তেওঁৰ ৰাছুলক আৰু মুমিনসকলক সফল কৰিব অথবা তেওঁৰ ফালৰ পৰা এনেকুৱা কোনো বিষয় আহিব, যাৰ দ্বাৰা ইয়াহুদী আৰু সিহঁতৰ সহযোগীসকলৰ অভিযোগ নিঃশেষ হব। তাৰ পিছত সিহঁতৰ লগত বন্ধুত্ব কৰিবলৈ আগভাগ লোৱা মুনাফিকসকলৰ আশাত পানী বৈ যোৱাৰ পিছত সিহঁতৰ অন্তৰত থকা গোপন নিফাকৰ কাৰণে অনুতপ্ত হ'বলৈ বাধ্য হ'ব।
Maide 5:53
মুমিনসকলে সেইসকল মুনাফিকৰ অৱস্থাৰ প্ৰতি আশ্চৰ্য প্ৰকাশ কৰি ক'বঃ এই সকলেই দেখুন নিজৰ ঈমানৰ দৃঢ়তাৰ শপত খাই কৈছিল যে, সিহঁত ঈমান, সহায়-সহযোগিতা তথা বন্ধুত্বৰ ক্ষেত্ৰত তোমালোকৰ লগত আছে (হে মুমিনসকল)! সিহঁতৰ আমল বিনষ্ট হৈছে। উদ্দেশ্যত সফল নোহোৱাৰ বাবে আৰু শাস্তিৰ সন্মুখীন হোৱাৰ বাবে সিহঁত ক্ষতিগ্ৰস্ত হৈ গ'ল।
Maide 5:54
হে মুমিনসকল! তোমালোকৰ মাজৰ যিয়ে নিজৰ দ্বীন এৰি কুফুৰীৰ পিনে উভতি যাব, (সি জানি থোৱা উচিত যে, আল্লাহে সিহঁতৰ পৰিবৰ্তে) এনেকুৱা লোকক সৃষ্টি কৰিব, যিসকলক তেওঁ ভাল পাব, তথা তেওঁলোকেও তেওঁক ভাল পাব হিদায়তৰ পথত অটল থকাৰ কাৰণে। তেওঁলোক মুমিনসকলৰ প্ৰতি নম্ৰ হব আৰু কাফিৰসকলৰ প্ৰতি কঠোৰ হব। আল্লাহৰ পথত নিজৰ প্ৰাণ আৰু ধন-সম্পদৰ সৈতে যুদ্ধ কৰিব, যাতে আল্লাহৰ শব্দ উচ্চ হয়। আৰু কোনো ভৰ্ত্সনাকাৰীৰ ভৰ্ত্সনালৈ ভ্ৰুক্ষেপ নকৰিব। কিয়নো তেওঁলোকৰ দৃষ্টিত সৃষ্টিৰ সন্তুষ্টিতকৈ স্ৰষ্টাৰ সন্তুষ্টি ডাঙৰ। এয়া আল্লাহৰ দান, তেওঁ যাক ইচ্ছা কৰে দান কৰে। আল্লাহ অসীম অনু্গ্ৰহ তথা উপকাৰৰ অধিকাৰী। তেওঁ ভালকৈ জানে কোন তেওঁৰ অনুগ্ৰহ পোৱাৰ বেছি হকদাৰ, তেওঁ তাকেই প্ৰদান কৰে। আৰু কোন উপযুক্ত নহয়, তাক বঞ্চিত কৰে।
Maide 5:55
ইয়াহুদী, খৃষ্টান তথা আন আন কাফিৰসকলৰ তোমালোকৰ বন্ধু নহয়, বৰং তোমালোকৰ বন্ধু আৰু সহায়ক হৈছে আল্লাহ, তেওঁৰ ৰাছুল আৰু মুমিনসকল, যিসকলে পৰিপূৰ্ণৰূপে ছালাত আদায় কৰে আৰু নিজৰ সম্পত্তিৰ যাকাত দিয়ে। তেওঁলোকেই আল্লাহৰ প্ৰতি বিনীত।
Maide 5:56
যিয়ে আল্লাহ, তেওঁৰ ৰাছুল তথা মুমিনসকলৰ লগত বন্ধুত্ব কৰিব, আৰু তেওঁলোকক সহায় কৰিব, তেওঁ আল্লাহৰ দলৰ সদস্য হ'ব। আৰু আল্লাহৰ দলেই বিজয় প্ৰাপ্ত। কিয়নো তেওঁলোক আল্লাহৰ সহায় প্ৰাপ্ত।
Maide 5:57
হে ঈমান্দাৰসকল! তোমালোকৰ পূৰ্বে পুথিপ্ৰাপ্ত ইয়াহুদী, খৃষ্টান আৰু মুশ্বৰিকসকলক সহায়ক আৰু অন্তৰঙ্গ বন্ধু বনাই নলবা, যিসকলে তোমালোকৰ ধৰ্মক উপহাস কৰে আৰু ধেমালি কৰে। যদিহে তোমালোকে প্ৰকৃততে আল্লাহৰ প্ৰতি আৰু তেওঁ অৱতীৰ্ণ কৰা বিধানৰ প্ৰতি ঈমান পোষণ কৰা, তেন্তে তেওঁ যিসকলৰ লগত বন্ধুত্ব কৰিবলৈ নিষেধ কৰিছে, সিহঁতৰ পৰা পৃথক হৈ কেৱল তেওঁকেই ভয় কৰা।
Maide 5:58
আৰু এইদৰে যেতিয়া তোমালোকে ছালাতৰ বাবে আহ্বান কৰা, যিটো হৈছে মহান উপাসনা, সিহঁতে এইটোক লৈয়ো উপহাস কৰে তথা ধেমালি কৰে। এইটো এই কাৰণে যে, সিহঁতে আল্লাহৰ ইবাদতৰ অৰ্থ আৰু তেওঁৰ ফালৰ পৰা মানুহৰ প্ৰতি অৱতীৰ্ণ কৰা চৰীয়তক বুজিয়ে পোৱা নাই।
Maide 5:59
হে ৰাছুল! উপহাসকাৰী আহলে কিতাবক আপুনি কৈ দিয়কঃ এইটোৱে আমাৰ দোষ নেকি যে, আমি আল্লাহৰ ওপৰত ঈমান আনিছো, লগতে আল্লাহে আমাৰ প্ৰতি আৰু আমাৰ পূৰ্বে যি অৱতীৰ্ণ কৰিছে তাৰ ওপৰত ঈমান আনিছো, লগতে এই কথাৰ প্ৰতিও আমি ঈমান পোষণ কৰিছো যে, তোমালোকৰ মাজৰ অধিকাংশ লোকে আল্লাহক অস্বীকাৰ কৰি আৰু তেওঁৰ আদেশক অমান্য কৰি তেওঁৰ সীমালংঘন কৰিব। এতেকে তোমালোকে যিটোক আমাৰ দোষ বুলি ভৱা, সেয়া দৰাচলতে আমাৰ উপলব্ধি তথা প্ৰশংসনীয় কাৰ্য্য।
Maide 5:60
হে ৰাছুল! আপুনি কওক, মই তোমালোকক সংবাদ দিমনে ইহঁততকৈ অধিক নিন্দা আৰু শাস্তিৰ হকদাৰ কোন হ'ব পাৰে? দৰাচলতে সিহঁত হৈছে ইহঁতৰ পূৰ্বপূৰুষসকল, যিসকলক আল্লাহে তেওঁৰ কৃপাৰ পৰা দূৰ কৰিছিল, আৰু সিহঁতৰ ওপৰত তেওঁৰ ক্ৰোধ অৱতীৰ্ণ কৰিছিল আৰু সিহঁতৰ মুখমণ্ডল বিকৃত কৰি গাহৰি তথা বান্দৰ বনাই দিছিল আৰু সিহঁতৰ মাজৰ কিছুমানক তাগুতৰ পূজাৰী বনাই দিছিল। আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয় আৰু এই উপাসনাত সন্তুষ্ট হোৱা উপাস্যকেই তাগুত বুলি কোৱা হয়। উল্লেখিত লোক সকলেই ক্বিয়ামতৰ দিনা সৱাতোকৈ নিকৃষ্ট অৱস্থাত থাকিব তথা পোন পথৰ পৰা অধিক পথভ্ৰষ্ট হ'ব।
Maide 5:61
হে মুমিনসকল! মুনাফিকসকল যেতিয়া তোমালোকৰ ওচৰত আহে, তেতিয়া সিহঁতে তোমালোকৰ ওচৰত ঈমান অনা বুলি প্ৰকাশ কৰে। এইটো হৈছে সিহঁতৰ নিফাক। দৰাচলতে সিহঁতে কুফৰ সহ প্ৰৱেশ কৰে আৰু কুফৰ সহ ওলাই যায়। কুফৰ সিহঁতৰ পৰা দূৰেই নহয়। সিহঁতে নিজৰ অন্তৰত যি কুফুৰী গোপন কৰি ৰাখে, সেয়া আল্লাহে ভালদৰেই জানে, তথা অনতিপলমে সিহঁতক ইয়াৰ প্ৰতিদান দিব।
Maide 5:62
হে ৰাছুল! আপুনি বহুতো ইয়াহুদী আৰু মুনাফিকক দেখিবলৈ পাব যে, সিহঁত গুনাহৰ কৰ্মত আগভাগ লয়, যেনেঃ মিছা কথা কোৱা, আনৰ ওপৰত অত্যাচাৰ কৰা আৰু মানুহৰ সম্পদ অবৈধ ভাৱে ভক্ষণ কৰা। সিহঁতৰ কৰ্ম অত্যন্ত নিকৃষ্ট।
Maide 5:63
ইহঁতৰ পথপ্ৰদৰ্শক তথা ধৰ্মগুৰুসকলে মিছা কথা কোৱাৰ পৰা, মিছা সাক্ষ্য দিয়াৰ পৰা তথা অবৈধ ভাৱে মানুহৰ সম্পদ ভক্ষণৰ পৰা কিয় নিষেধ নকৰে? অৱশ্যে ইহঁতৰ নেতাসকলৰ আৰু ধৰ্মগুৰু সকলৰ কৰ্ম অত্যন্ত নিকৃষ্ট, যিসকলে সিহঁতক বেয়া কৰ্মৰ পৰা বাৰণ নকৰে।
Maide 5:64
ইয়াহুদীসকলক যেতিয়া অনাবৃষ্টি তথা বিপদে পালে, তেতিয়া কবলৈ ধৰিলে যে, আল্লাহৰ হাত দানৰ পৰা তথা কল্যাণৰ পৰা বঞ্চিত, এই কাৰণেই তেওঁ নিজৰ ধন ভাণ্ডাৰৰ পৰা আমাক বঞ্চিত কৰিছে। জানি থোৱা! প্ৰকৃততে সিহঁতৰেই হাত বন্ধা অৱস্থাত আছে, ফলত সিহঁতে কোনো ভাল কাম নকৰে আৰু দানো নকৰে। সিহঁতক সিহঁতৰ এই কথাৰ কাৰণে আল্লাহৰ কৃপাৰ পৰা বঞ্চিত কৰি দিয়া হৈছে। বৰং আল্লাহৰ দুয়ো হাত উন্মুক্ত, তেওঁ যিদৰে ইচ্ছা কৰে দান কৰে তথা ব্যয় কৰে। কেতিয়াবা অধিক, কেতিয়াবা কম। তেওঁক প্ৰতিৰোধকাৰীও কোনো নাই আৰু তেওঁক বাধ্য কৰিবলৈয়ো কোনো নাই। হে ৰাছুল! আপোনাৰ প্ৰতি যি অৱতীৰ্ণ কৰা হৈছে, ইয়াৰ ফলত ইয়াহুদীসকলৰ সীমালংঘন আৰু অস্বীকাৰ আৰু বৃদ্ধি পাব। কিয়নো সিহঁতৰ অন্তৰ ঈৰ্ষাৰে পৰিপূৰ্ণ। আমি ইয়াহুদীসকলৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত শত্ৰুতা তথা ঘৃণা সৃষ্টি কৰি দিছো। যেতিয়া সিহঁত যুদ্ধৰ বাবে একত্ৰিত হয় বা ইয়াৰ বাবে প্ৰস্তুতি লয় অথবা যুদ্ধক অগ্নিগৰ্ভা কৰিবলৈ চক্ৰান্ত ৰচে, তেতিয়া আল্লাহে সিহঁতক ছিন্ন-ভিন্ন কৰি দিয়ে, আৰু সিহঁতৰ সকলো শক্তি বিনাশ কৰি দিয়ে। সিহঁতে নিজৰ স্বভাৱ অনুযায়ী ইছলামৰ ভাৱমূৰ্ত্তি ম্লান কৰিবলৈ আৰু ইয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ এনেকুৱা কৰ্ম কৰিব, যাৰ ফলত পৃথিৱীত বিপৰ্যয় সৃষ্টি হব। নিশ্চয় আল্লাহে বিপৰ্যয় সৃষ্টিকাৰী সকলক পছন্দ নকৰে।
Maide 5:65
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যি লৈ আহিছে, ইয়াহুদী তথা খৃষ্টানসকলে যদি তাৰ ওপৰত ঈমান আনিলেহেঁতেন আৰু গুনাহৰ পৰা বিৰত থাকি আল্লাহক ভয় কৰিলেহেঁতেন, তেন্তে আমি সিহঁতৰ গুনাহসমূহ ক্ষমা কৰি দিলোহেঁতেন, যদিও সেয়া অসংখ্য নহওঁক কিয়। তথা ক্বিয়ামতৰ দিনা আমি সিহঁতক এনেকুৱা নিয়ামতপূৰ্ণ জান্নাতত প্ৰৱেশ কৰালোহেঁতেন, যাৰ নিয়ামতসমূহ কেতিয়াও শেষ নহ'ব।
Maide 5:66
যদি ইয়াহুদীসকলে তাওৰাত অনুসাৰে আৰু খৃষ্টানসকলে ইঞ্জীল অনুসাৰে কৰ্ম কৰিলেহেঁতেন আৰু উভয়ে কোৰআন অনুসাৰে আমল কৰিলেহেঁতেন, তেন্তে মই সিহঁতৰ বাবে বৰষুণ আৰু অন্ন উত্পাদনৰ জীৱিকাৰ মাধ্যম যোগান ধৰিলোহেঁতেন। আহলে কিতাবসকলৰ মাজত কিছুমান ন্যায় তথা সত্যৰ ওপৰত প্ৰতিষ্ঠিত। অথচ সিহঁতৰ মাজৰ অধিকাংশ লোক ঈমানৰ পৰা বঞ্চিত হোৱাৰ কাৰণে অসত্কৰ্মত লিপ্ত হৈ আছে।
Maide 5:67
হে ৰাছুল! আল্লাহে আপোনাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে, সেয়া পৰিপূৰ্ণৰূপে পৌঁচাই দিয়ক। একো গোপন নকৰিব, যদি আপুনি কিবা গোপন কৰে তেন্তে আপুনি আপোনাৰ প্ৰতিপালকৰ বাৰ্তা পৌঁচাই দিয়াসকলৰ অন্তৰ্ভুক্ত নহ'ব। (এই কথাত কোনো সন্দেহ নাই যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰত্যেক সেই বিধান পৌঁচাই দিছে, যিটো পৌঁচাই দিয়াৰ আদেশ আপোনাক দিয়া হৈছিল। যিয়ে ইয়াৰ বিপৰীতে কল্পনা কৰিব, সি আল্লাহৰ ওপৰত ডাঙৰ মিছা আৰোপ লগোৱা সকলৰ অন্তৰ্ভুক্ত হব) আৰু আজিৰ পৰা আল্লাহে আপোনাক মানুহৰ পৰা ৰক্ষা কৰিব। সিহঁতে আপোনাৰ একো ক্ষতি কৰিব নোৱাৰে। আপোনাৰ দায়িত্ব হৈছে কেৱল পৌঁচাই দিয়া। আল্লাহে সেই সকল কাফিৰক কেতিয়াও পোন পথৰ তাওফীক নিদিয়ে, যিসকলে নিজেই পোন পথ পাব নিবিচাৰে।
Maide 5:68
হে ৰাছুল! আপুনি কৈ দিয়কঃ হে ইয়াহুদী আৰু খৃষ্টানসকল! তোমালোকে তেতিয়া লৈকে কোনো ধৰ্মালম্বী হব নোৱাৰা যেতিয়া লৈকে তাওৰাত আৰু ইঞ্জীলৰ শিক্ষাৰ ওপৰত আমল নকৰিবা আৰু যেতিয়ালৈকে কোৰআনৰ ওপৰত আমল নকৰিবা, ইয়াৰ ওপৰত ঈমান পোষণ নকৰাকৈ আৰু ইয়াৰ ওপৰত আমল নকৰাকৈ তোমালোকৰ ঈমান সঠিক হ'বই নোৱাৰে। আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা আপোনাৰ ওচৰলৈ যি পুথি আহিছে, ইয়াৰ ফলত কিতাবীসকলৰ বহুতৰেই কুফৰ তথা সীমালংঘন বৃদ্ধি পাব। কাৰণ সিহঁত ঈৰ্ষাত জ্বলি আছে। এতেকে আপুনি এইসকল কাফিৰক লৈ আক্ষেপ নকৰিব। আপোনাৰ লগত থকা মুমিনসকলেই আপোনাৰ বাবে যথেষ্ট।
Maide 5:69
মুমিনসকল, ইয়াহুদীসকল তথা ছাবেয়ীসকল (কোনোবা এজন নবীৰ উম্মত) আৰু খৃষ্টানসকল, এওঁলোকৰ মাজৰ যিসকলে আল্লাহ তথা অন্তিম দিনৰ প্ৰতি ঈমান পোষণ কৰিব আৰু সত্কৰ্ম কৰিব, এনেকুৱা লোকে কোনো চিন্তাৰ সন্মুখীন নহ'ব, আৰু এওঁলোকে পৃথিৱীৰ কোনো বস্তু নোপোৱাৰ বাবেও দুখ কৰিব।
Maide 5:70
আমি বনী ইছৰাঈলৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লৈছিলোঁ অনুসৰণ কৰাৰ বাবে, আৰু সিহঁতৰ ওচৰলৈ ৰাছুল প্ৰেৰণ কৰিছিলোঁ আল্লাহৰ চৰীয়ত প্ৰচাৰ কৰিবলৈ। কিন্তু সিহঁতে প্ৰতিশ্ৰুতি ভঙ্গ কৰিছিল। ফলত সিহঁতে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰি ৰাছুলে লৈ অহা বিধানৰ পৰা বিমূখ হৈছিল। তেওঁলোকৰ মাজৰ কিছুমানক অস্বীকাৰ কৰিছিল আৰু কিছুমানক হত্যা কৰিছিল।
Maide 5:71
সিহঁতে ধাৰণা কৰিছিল যে, অঙ্গীকাৰ ভঙ্গ কৰিলে, নবীসকলক অস্বীকাৰ কৰিলে তথা তেওঁলোকক হত্যা কৰিলে সিহঁতৰ কোনো ক্ষতি নহব, কিন্তু সিহঁতৰ ক্ষতি সাধন হল, যিটো সিহঁতে ভৱা নাছিল। এনেকুৱা অন্ধ হৈছিল যে, সত্য সিহঁতে দেখা পোৱা নাছিল আৰু এনেকুৱা কলা হৈছিল যে, সত্য স্বীকাৰ কৰিব পৰা নাছিল। তাৰ পিছত আল্লাহে নিজ অনুগ্ৰহত সিহঁতৰ তাওবা কবূল কৰিলে। তাৰ পিছতো সিহঁতৰ মাজৰ বহু সংখ্যক লোক অন্ধ আৰু কলা হৈ গল, আৰু সত্যৰ পৰা আঁতৰি গল। সিহঁতে যি কৰি আছে সেয়া আল্লাহে প্ৰত্যক্ষ কৰি আছে। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। তথা আল্লাহে সিহঁতক ইয়াৰ প্ৰতিদানো দিব।
Maide 5:72
নিঃসন্দেহে সেইসকল খৃষ্টানে কুফুৰী কৰিছে, যিসকলে কৈছেঃ ঈছা ইবনে মৰিয়মেই হৈছে আল্লাহ। কিয়নো সিহঁতে আল্লাহৰ বাহিৰে আনক উপাস্য কৰি লৈছে। অথচ স্বয়ং ঈছা ইবনে মৰিয়মে কৈছিলঃ হে বনী ইছৰাঈলৰ লোক সকল! কেৱল আল্লাহৰ ইবাদত কৰা। তেৱেঁই মোৰ আৰু তোমালোকৰ প্ৰতিপালক। আমি তেওঁৰ একে পৰ্যায়ৰ বান্দা। কিয়নো যিয়ে আল্লাহৰ লগত আনক অংশীদাৰ কৰিব, আল্লাহে তাক জান্নাত নচীব নকৰিব আৰু তাৰ ঠিকনা হব জাহান্নাম। আল্লাহৰ সন্মুখত সিহঁতৰ কোনো সহায়ক নাথাকিব আৰু কোনো সহানুভূতিশীলো নাপাব। আৰু কোনেও তাক শাস্তিৰ পৰা ৰক্ষাও কৰিব নোৱাৰে।
Maide 5:73
সেই সকল খৃষ্টানেও কুফুৰী কৰিছে, যিসকলে কয়ঃ আল্লাহ হৈছে তিনি সত্ত্বাৰ সমূহ। পিতা, পুত্ৰ আৰু পৱিত্ৰ আত্মা। আল্লাহ সিহঁতৰ এইবোৰ কথাৰ পৰা অতি উচ্চ। আল্লাহ অনেক নহয় বৰং তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। সিহঁতে যদি এইবোৰ নিকৃষ্ট কথাৰ পৰা বিৰত নাথাকে তেন্তে সিহঁতে নিশ্চয় কষ্টদায়ক শাস্তি পাব।
Maide 5:74
সিহঁতে নিজৰ এইবোৰ কথা এৰি আল্লাহৰ ওচৰত তাওবা নকৰিবনে আৰু শ্বিৰ্কৰ পৰা ক্ষমা নিবিচাৰিব নে? অথচ আল্লাহে তাওবাকাৰীৰ গুনাহ ক্ষমা কৰি দিয়ে। গুনাহ যিমানেই ডাঙৰ নহওঁক কিয়, আনকি তেওঁৰ লগত কৰা কুফৰেই নহওঁক কিয় (ক্ষমা কৰি দিয়ে)। তেওঁ মুমিনসকলৰ প্ৰতি বৰ কৃপাশীল।
Maide 5:75
মৰিয়মৰ পুত্ৰ ঈছা মছীহ কেৱল এজন ৰাছুল। আন আন নবীসকলৰ দৰেই তেৱোঁ মৃত্যুবৰণ কৰিব। আৰু তেওঁৰ মা মৰিয়ম আলাইহাচ ছালাম বহুত সত্যবাদী তথা আল্লাহৰ বিধান সমৰ্থনকাৰী আছিল। তেওঁলোক উভয়ে পানাহাৰ কৰিছিল, কাৰণ এইটো তেওঁলোকৰ প্ৰয়োজনীয় আছিল। তেন্তে কেনেকৈ তেওঁলোক উপাস্য হব পাৰে? হে ৰাছুল আপুনি অলপ গভীৰভাৱে চিন্তা কৰি চাওঁকচোন! আমি কিমান স্পষ্ট ভাৱে ইহঁতৰ সন্মুখত এই কথাৰ নিদৰ্শনসমূহ বৰ্ণনা কৰিছো যে, আল্লাহ একক। আনহাতে সিহঁতে আনক উপাস্য বনোৱাৰ যি অভ্যাস পুহি ৰাখিছে, সেয়া যে ভ্ৰান্ত মতবাদ সেইটোও খণ্ডন কৰিছো। কিন্তু ইয়াৰ পিছতো সিহঁতে এইবোৰ নিদৰ্শনক অস্বীকাৰ কৰে। আপুনি গভীৰভাৱে চাওঁক, আল্লাহ যে একক, ইয়াৰ স্পষ্ট নিদৰ্শনসমূহ পোৱাৰ পিছতো সিহঁতে সত্যৰ পৰা আঁতৰি গৈ আছে।
Maide 5:76
হে ৰাছুল! সিহঁতে যে আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰে, ইয়াৰ বিপক্ষে প্ৰমাণ প্ৰদান কৰি আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকে এনেকুৱা বস্তুৰ উপাসনা কৰানে, যিয়ে তোমালোকক উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে? সেইবোৰ হৈছে অক্ষম। নিশ্চয় আল্লাহ এই দোষৰ পৰা পৱিত্ৰ। আল্লাহেই তোমালোকৰ কথা শুনে, কোনো কথাই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত, একোৱেই তেওঁৰ অগোচৰ নহয়। আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব।
Maide 5:77
হে ৰাছুল! আপুনি খৃষ্টানসকলক কৈ দিয়ক যে, তোমালোকক যি সত্য অনুসৰণ কৰিবলৈ আদেশ দিয়া হৈছে, সেই বিষয়ে সীমালংঘন নকৰিবা, আৰু যাক সন্মান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে (যেনে নবীসকল) তেওঁলোকৰ সন্মানৰ ক্ষেত্ৰত সীমা অতিক্ৰম নকৰিবা। তেওঁলোকক উপাস্য বনাই নলবা, যিদৰে তোমালোকে ঈছা ইবনে মৰিয়মৰ ক্ষেত্ৰত কৰিছা। তোমালোকে তোমালোকৰ সেই সকল পথভ্ৰষ্ট পুৰ্বপুৰুষ সকলৰ অনুসৰণ কৰিহে এনেকুৱা কৰিছা, যিসকলে অসংখ্য লোকক পোন পথৰ পৰা আঁতৰাইছিল, আৰু সিহঁত নিজেও পথভ্ৰষ্ট হৈছিল।
Maide 5:78
আল্লাহে জনাইছে যে, তেওঁ নবী ইছৰাঈলৰ কাফিৰসকলক তেওঁৰ কৃপাৰ পৰা বঞ্চিত কৰিছিল। ইয়াৰ বিৱৰণ যাবূৰ পুথিত আছে, যিটো দাঊদ আলাইহিচ ছালামৰ ওপৰত অৱতীৰ্ণ হৈছিল আৰু ইঞ্জীলতো আছে, যিটো ঈছা আলাইহিচ ছালামৰ ওপৰত অৱতীৰ্ণ হৈছিল। সিহঁতক কৃপাৰ পৰা এই কাৰণে বঞ্চিত কৰা হৈছিল যে, সিহঁতে পাপ কৰিছিল আৰু আল্লাহৰ হাৰাম বস্তুৰ ওচৰলৈ যাওঁতে দ্বিধাবোধ কৰা নাছিল।
Maide 5:79
সিহঁতে পৰস্পৰে পৰস্পৰক পাপ কৰ্মৰ পৰা নিষেধ কৰা নাছিল। বৰং সিহঁতৰ মাজৰ পাপিষ্ঠ সকলে প্ৰকাশ্যভাৱে গুনাহৰ কৰ্ম কৰিছিল। কাৰণ সিহঁতক নিষেধ কৰিবলৈ কোনো নাছিল। পাপ কৰ্মৰ পৰা নিষেধ নকৰা সিহঁতৰ এই আচৰণ আছিল অতি নিকৃষ্ট।
Maide 5:80
হে ৰাছুল! এই ইয়াহুদীসকলৰ মাজৰ কাফিৰসকলক আপুনি দেখিবলৈ পাব যে, সিহঁতে আন আন কাফিৰসকলক ভালপায় তথা সিহঁতে পিনে ধাবিত হয়। লগতে আপোনাৰ লগত আৰু তাওহীদপন্থী সকলৰ লগত শত্ৰুতা পোষণ কৰে। কাফিৰসকলৰ লগত থকা সিহঁতৰ এই বন্ধুত্ব তেনেই নিকৃষ্ট। কাৰণ এইটো আল্লাহৰ ক্ৰোধৰ কাৰণ। এই কাৰণে আল্লাহে সিহঁতক জাহান্নামত নিক্ষেপ কৰিব, য’ত সিহঁত চিৰকাল থাকিব, কেতিয়াও ওলাব নোৱাৰিব।
Maide 5:81
এই ইয়াহুদীসকলে যদি প্ৰকৃততে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিলেহেঁতেন, তেন্তে মুমিনসকলক এৰি কেতিয়াও মুশ্বৰিকসকলক বন্ধু নবনালেহেঁতেন। কিয়নো সিহঁতক এনেকুৱা কৰিবলৈ নিষেধ কৰা হৈছিল। কিন্তু অধিকাংশ ইয়াহুদীসকল আল্লাহৰ আনুগত্য, তেওঁৰ মুহাব্বত আৰু মুমিনসকলৰ মুহাব্বতৰ পৰা ওলাই গৈছে।
Maide 5:82
হে ৰাছুল! আপুনি দেখিবলৈ পাব যে, মুমিনসকলৰ আৰু আপুনি যি লৈ আহিছে সেইটোৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে ইয়াহুদীসকল। কাৰণ সিহঁতৰ মাজত বিদ্বেষ, ঈৰ্ষা আৰু অহংকাৰৰ মাত্ৰা বেছি। লগতে মুৰ্ত্তি পূজকসকল তথা আন আন মুশ্বৰিকসকলকো আপুনি অধিক শত্ৰুতা পোষণ কৰা দেখিবলৈ পাব। আনহাতে ইছলামী চৰীয়ত তথা মুমিনসকলৰ লগত বন্ধুত্বৰ ক্ষেত্ৰত সেইসকল লোকক আগভাগ লোৱা দেখিবলৈ পাব, যিসকলে নিজকে ঈছাই (খৃষ্টান) বুলি দাবী কৰে। কাৰণ সিহঁতৰ মাজত আছে আলিম আৰু আবিদসকল। তেওঁলোক হৈছে বিনীত, অহংকাৰী নহয়। কাৰণ অহংকাৰীৰ অন্তৰত কল্যাণ প্ৰৱেশ নকৰে।
Maide 5:83
এওঁলোকৰ (যেনে নাজ্জাশ্বী আৰু তেওঁৰ সঙ্গীসকলৰ) অন্তৰ বৰ কোমল। এই কাৰণেই যেতিয়া সিহঁতে কোৰআন তিলাৱত শুনে আৰু যেতিয়া বুজিবলৈ পায় যে, এয়া সত্য তেতিয়া বিনীত হৈ কান্দিবলৈ ধৰে। কিয়নো তেওঁলোকে ঈছা আলাইহিছ ছালামে লৈ অহা চৰীয়ত সম্পৰ্কে পৰিচিত। তেওঁলোকে কয়ঃ হে আমাৰ প্ৰতিপালক! তুমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত যি অৱতীৰ্ণ কৰিছা, আমি তাৰ ওপৰত ঈমান আনিছো। এতেকে হে আমাৰ ৰব্ব! আমাক মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ অন্তৰ্ভুক্ত কৰা, যিসকলে কিয়ামতৰ দিনা মানুহৰ সন্মুখত সাক্ষী হৈ উপস্থিত হব।
Maide 5:84
আমাৰ আৰু আল্লাহৰ প্ৰতি ঈমানৰ মাজত তথা সেই সত্যৰ প্ৰতি যিটো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ আহিছে তাৰ মাজত কোনটো বস্তু ব্যৱধান হব পাৰে, আৰু আমি নবীসকল তথা তেওঁলোকৰ অনুগামীসকলৰ সৈতে, যিসকলে আল্লাহৰ আনুগত্য কৰে আৰু তেওঁৰ শাস্তিক ভয় কৰে, জান্নাতত প্ৰৱেশ কৰাৰ আশা পোষণ কৰো।
Maide 5:85
তেওঁলোকৰ ঈমান তথা সত্য স্বীকাৰ কৰাৰ বিনিময়ত আল্লাহে তেওঁলোকক জান্নাত প্ৰদান কৰিছে, যাৰ অট্টালিকা তথা গছ গছনিৰ তলেৰে নিজৰা প্ৰবাহিত। তাত তেওঁলোক চিৰস্থায়ী হব। আৰু এইটোৱেই পূণ্যৱানসকলৰ প্ৰতিফল, যিসকলে সত্য অনুসৰণ কৰাৰ ক্ষেত্ৰত তথা আনুগত্যৰ ক্ষেত্ৰত কোনো চৰ্তাৰোপ নকৰে।
Maide 5:86
আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফৰী কৰিছে, তথা আল্লাহৰ সেইসমূহ নিদৰ্শনক অস্বীকাৰ কৰিছে, যিবোৰ আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কৰিছে। এইসকল লোকেই প্ৰজ্জ্বলিত জুইৰ অধিবাসী। তাৰ পৰা সিহঁত কেতিয়াও ওলাব নোৱাৰিব।
Maide 5:87
হে ঈমান্দাৰসকল! মনোমোহা তথা বৈধ বস্তুবোৰক বৰ্জন নকৰিবা, সেয়া খাদ্য বস্তু তথা পানীয় বস্তু হওঁক অথবা বিবাহ সম্পৰ্কীয় কোনো বস্তু, আৰু এই কৰ্মক ইবাদত তথা জুহুদ বুলি নাভাৱিবা। আৰু আল্লাহে যিবোৰ বস্তুক হাৰাম কৰিছে, তাৰ সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহে সীমালংঘনকাৰী সকলক পছন্দ নকৰে, বৰং সিহঁতক ঘৃণা কৰে।
Maide 5:88
যিবোৰ হালাল তথা পৱিত্ৰ জীৱিকা আল্লাহে তোমালোকলৈ যোগান ধৰিছে, তাৰ পৰা আহাৰ কৰা, আৰু হাৰাম বস্তু ভক্ষণ নকৰিবা, যেনে আত্মসাৎ কৰা বস্তু অথবা অপৱিত্ৰ বস্তু। এতেকে আল্লাহৰ বিধি-বিধান পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। কাৰণ তোমালোকে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা, আৰু এইটোৱেই তোমালোকৰ ঈমানৰ দাবী যে, তোমালোকে কেৱল তেওঁকেই ভয় কৰা।
Maide 5:89
হে মুমিনসকল! আল্লাহে তোমালোকৰ সেই সমূহ শপতৰ কোনো হিচাপ নলব, যিবোৰ তোমালোকৰ মুখত অনায়েসে আহি পৰে। তেওঁ তোমালোকৰ সেই সমূহ শপতৰ হিচাপ লব, যিবোৰ তোমালোকে জানি বুজি খোৱা, আৰু ভঙ্গ কৰা। যদি তোমালোকে এনেকুৱা শপত ভঙ্গ কৰা তেন্তে তিনিটা বস্তুৰ যিকোনো এটাৰ দ্বাৰা তোমালোকে পাপ মুক্তি পাবা। তোমালোকৰ নিজ চহৰৰ মাধ্যমিক খাদ্যৰ পৰা দহ জন মিছকিনক খাদ্য খোৱাব লাগিব। প্ৰত্যক মিছকিনক দিব লাগিব আধা ছা পৰিমাণ খাদ্য দ্ৰৱ্য। অথবা কাপোৰ পৰিধান কৰাব লাগিব নাইবা এজন মুমিন দাস মুক্ত কৰাব লাগিব। শপত ভঙ্গকাৰীয়ে যদি এই তিনিটাৰ এটাও কৰিব নোৱাৰে তেন্তে তিনি দিন চওম পালন কৰিব লাগিব। হে মুমিনসকল! এয়া হৈছে তোমালোকৰ শপত ভঙ্গৰ কাফ্ফাৰা। এতেকে তোমালোকে নিজৰ শপত ৰক্ষা কৰা। আৰু আল্লাহৰ মিছা শপত নাখাবা, লগতে অধিক শপত খোৱাৰ পৰা বিৰত থাকা, আৰু ভঙ্গ নকৰিবা। কিন্তু যদি ভঙ্গ কৰাত কল্যাণ থাকে তেন্তে ভঙ্গ কৰা। কল্যাণ কৰ্মত আগভাগ লোৱা, আৰু ভঙ্গ শপতৰ কাফ্ফাৰা দিয়া। যিদৰে আল্লাহে তোমালোকক শপত সম্পৰ্কে বিৱৰণ দিছে, সেই দৰেই তেওঁ তোমালোকৰ বাবে হালাল আৰু হাৰামৰ বিধান স্পষ্ট ভাৱে বৰ্ণনা কৰিছে। যাতে তোমালোকে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা যে, তেওঁ তোমালোকক সেই সমূহ বিষয়ৰ জ্ঞান প্ৰদান কৰিছে, যিবোৰ তোমালোকে জনা নাছিলা।
Maide 5:90
হে ঈমান্দাৰসকল! নিছাযুক্ত বস্তু, যাৰ দ্বাৰা জ্ঞান শূন্য হৈ যায়, আৰু জুৱা, য'ত দুয়ো পক্ষৰ পৰা ধন বিনিয়োগ কৰা হয়, সেই শীল, যাৰ ওচৰত মুশ্বৰিকসকলে সেই শীলৰ সন্মানাৰ্থে জৱেহ কৰে, অথবা যি শীলক পূজা-পাঠ কৰাৰ বাবে স্থাপন কৰে, অথবা এনেকুৱা তীৰ, যাৰ দ্বাৰা অদৃশ্য ভাগ্য নিৰ্ণয় কৰাৰ প্ৰয়াস কৰিছিল। এই সকলোবোৰ পাপ কৰ্ম, যিবোৰক চয়তানে সৌন্দৰ্যময় কৰি দেখুৱায়। এতেকে তোমালোকে ইয়াৰ পৰা বিৰত থাকা, যাতে তোমালোকে পৃথিৱীত উত্তম জীৱন পোৱা তথা আখিৰাতত জান্নাতত প্ৰৱেশ কৰা।
Maide 5:91
মাদক দ্ৰৱ্য তথা জুৱাক সৌন্দৰ্যময় কৰি দেখুৱাই চয়তানে তোমালোকৰ অন্তৰত শত্ৰুতা তথা ঘৃণা উপজাব খুজে, লগতে তোমালোকক আল্লাহৰ স্মৰণ তথা ছালাতৰ পৰা আঁতৰাব বিচাৰে। এতেকে হে মুমিনসকল! তথাপিও তোমালোকে এই অপকৰ্মসমূহ এৰি নিদিবা নে? নিশ্চয় তোমালোকে এইবোৰ এৰি দিয়া উচিত।
Maide 5:92
চৰীয়তৰ বিধি-বিধান পালন কৰি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। লগতে তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকা, আৰু বিৰুদ্ধাচৰণ নকৰিবা। যদি তোমালোকে বিমুখ হোৱা তেন্তে জানি থোৱা! আমাৰ ৰাছুলৰ দায়িত্ব হৈছে কেৱল পৌঁচাই দিয়া, যিটো আল্লাহে তেওঁক পৌঁচাবলৈ আদেশ কৰিছে। আৰু এই দায়িত্ব তেখেতে পৰিপূৰ্ণৰূপে পালন কৰিছে। যদি তোমালোক হিদায়ত প্ৰাপ্ত হোৱা তেন্তে এয়া তোমালোকৰ বাবেই কল্যাণকৰ। আনহাতে যদি বেয়া কৰ্ম কৰা তেন্তে তোমালোকৰেই ক্ষতি।
Maide 5:93
যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছিল, তথা তেওঁৰ নৈকট্য লাভ কৰাৰ বাবে সত্কৰ্ম কৰিছিল, তেন্তে মাদক দ্ৰৱ্য হাৰাম হোৱাৰ পূৰ্বে সিহঁতে যি পান কৰিছিল, ইয়াৰ বাবে সিহঁতৰ কোনো গুনাহ নহ'ব। যদি তেওঁলোকে অবৈধ বস্তুৰ পৰা তথা আল্লাহৰ ক্ৰোধৰ পৰা দূৰত্ব অৱলম্বন কৰে, আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰি নেক কৰ্মত ব্ৰতী থাকে, আনকি আল্লাহৰ ইবাদতত ইমান মগ্ন হৈ যায় যে, যেনিবা আল্লাহক দেখি আছে। আৰু আল্লাহে এইদৰে ইবাদত কৰা ব্যক্তিক ভালপায়। কিয়নো এনেকুৱা ব্যক্তিয়ে সদায় আল্লাহৰ ইবাদত কৰে। আৰু এই স্বভাৱেই মুমিন ব্যক্তিক নিষ্ঠাৰ সৈতে সত্কৰ্ম কৰিবলৈ অৰিহনা যোগায়।
Maide 5:94
হে মুমিনসকল! যেতিয়া তোমালোকে ইহৰাম অৱস্থাত থাকিবা, নিশ্চয় আল্লাহে এনেকুৱা কিছুমান চিকাৰ কৰা জীৱ-জন্তু প্ৰেৰণ কৰি তোমালোকৰ পৰীক্ষা লব, সেইবোৰৰ মাজত কিছুমান থাকিব সৰু, যিবোৰক তোমালোকে নিজ হাতেৰে ধৰিব পাৰিবা। আৰু কিছুমান থাকিব ডাঙৰ, যিবোৰক তোমালোকে বল্লমৰ জৰিয়তে চিকাৰ কৰিব পাৰিবা। এই পৰীক্ষা এই কাৰণে যে, যাতে আল্লাহে স্পষ্ট কৰি দিয়ে যে, কোনে আল্লাহৰ জ্ঞানৰ প্ৰতি পৰিপূৰ্ণ ঈমান পোষণ কৰি তেওঁক নেদেখাকৈ তেওঁক ভয় কৰে। ফলত সেই স্ৰষ্টাৰ ভয়ত চিকাৰ নকৰে, যাৰ দৃষ্টিত তাৰ কোনো কৰ্ম গোপন নহয়। এতেকে যিয়ে সীমালংঘন কৰিব, তথা হজ্জ অথবা ওমৰাৰ ইহৰাম অৱস্থাত চিকাৰ কৰিব, আখিৰাতত তাৰ বাবে আছে কষ্টদায়ক শাস্তি, কিয়নো সি আল্লাহৰ নিষেধাজ্ঞাৰ অপমান কৰিছে।
Maide 5:95
হে ঈমান্দাৰসকল! হজ্জ তথা ওমৰাৰ ইহৰাম অৱস্থাত চিকাৰ নকৰিবা। জানি বুজি যিয়ে এই কাম কৰিব, সি উট, গৰু, তথা ছাগলীৰ মাজৰ পৰা চিকাৰ কৰা পশু অনুসৰি এটা জন্তু বিনিময় স্বৰূপ দিব লাগিব। যিটো নিৰ্ণয় কৰিব মুছলিমসকলৰ দুজন ন্যায়পৰায়ণ ব্যক্তিয়ে। আৰু যি পশু তেওঁলোকে নিৰ্ধাৰণ কৰিব, সেই পশুকো তেনেকুৱাই কৰা হ'ব যেনেকুৱা হজ্জত কৰা কুৰবানীৰ লগত কৰা হয়। সেই পশুক মক্কাত প্ৰেৰণ কৰা হ'ব তথা হৰমত জৱেহ কৰা হ'ব, নাইবা চিকাৰ কৰা ব্যক্তিয়ে সেই পশুৰ মূল্য খাদ্য পদাৰ্থ ৰূপত আদায় দিব লাগিব, যিবোৰ হৰমত থকা মিছকিনৰ মাজত বিতৰণ কৰা হ'ব। প্ৰত্যেক মিছকিনক আধা ছা (৩০০০ মিলি. লি. আয়াতনৰ এটা পাত্ৰক এক ছা পৰিমাণ বোলা হয়) আদায় দিব লাগিব। নাইবা প্ৰত্যেক আধা ছা-ৰ পৰিৱৰ্তে চওঁম পালন কৰিব লাগিব। এইটো হৈছে সি অবৈধ ভাৱে চিকাৰ কৰাৰ পৰিণাম। পূৰ্বৰ বিষয়বোৰ আল্লাহে ক্ষমা কৰিছে, হৰমত চিকাৰ কৰাৰ বিষয় হওঁক অথবা ইহৰাম অৱস্থাত স্থলত থকা পশু চিকাৰৰ বিষয়। কিন্তু নিষিদ্ধ ঘোষিত হোৱাৰ পিছতো যিয়ে এনেকুৱা কৰ্ম কৰিব, আল্লাহে ইয়াৰ প্ৰতিশোধ লব, আৰু তাক তাৰ কৰ্মৰ শাস্তি দিব। আল্লাহ মহাশক্তিশালী, তেওঁৰ শক্তিৰ এটা দিশ এই যে, তেওঁ যদি কোনো অবাধ্য ব্যক্তিৰ পৰা প্ৰতিশোধ লব বিচাৰে, তেন্তে তেওঁক প্ৰতিৰোধকাৰী কোনো নাই।
Maide 5:96
আল্লাহে তোমালোকৰ বাবে জলচৰ প্ৰাণী তথা সেইবোৰ জন্তু চিকাৰ কৰা হালাল ঘোষণা কৰিছে, যিবোৰ তোমালোকে সাগৰৰ পৰা জীৱিত অথবা মৃত অৱস্থাত সংগ্ৰহ কৰা। এই চিকাৰৰ জৰিয়তে ঘৰত থকা ব্যক্তিয়ে লাভান্বিত হ'ব তথা ভ্ৰমণকাৰীৰ ব্যক্তিৰ বাবেও আহাৰৰ যোগান হ'ব। আনহাতে হজ্জ তথা ওমৰাৰ এহৰামত থকা অৱস্থাত তোমালোকৰ ওপৰত স্থলৰ প্ৰাণী চিকাৰ কৰিবলৈ হাৰাম কৰা হৈছে। এতেকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। কিয়নো ক্বিয়ামতৰ দিনা কেৱল তেওঁৰ পিনেই তোমালোকৰ প্ৰত্যাৱৰ্তন। আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।
Maide 5:97
আল্লাহে সন্মানিত কা'বা ঘৰক মানুহৰ বাবে (দ্বীন আৰু দুনিয়াৰ) স্থাপনাৰ সাধন বনাইছে, ইয়াৰ দ্বাৰাই তেওঁলোকৰ ধৰ্মীয় বিধি-বিধান, যেনে- ছালাত, চওম, হজ্জ তথা ওমৰা আদি পালন কৰা হয়। ইয়াৰ দ্বাৰা তেওঁলোকৰ পাৰ্থিৱ সহায়ও হয়, হৰমত তেওঁলোকে নিৰাপত্তা পায়, তথা সকলো ধৰণৰ ফল তেওঁলোকে তাত উপলব্ধ পায়, আনহাতে সন্মানিত মাহবোৰক (জুল কাদা, জুল-হিজ্জা, মুহাৰ্ৰম তথা ৰজব) তেওঁলোকৰ পাৰ্থিৱ জীৱন স্থাপনৰ মাধ্যম বনাইছে, এইবোৰ মাহৰ মাজত কোনেও তেওঁলোকৰ লগত যুদ্ধ নকৰে, তথা তেওঁলোকে এইবোৰ মাহৰ মাজত সুৰক্ষিত থাকে, লগতে হজ্জত কুৰবানী কৰা জন্তুবোৰক তথা সিহঁতৰ ডিঙিত বান্ধি দিয়া চিহ্নকো স্থাপনাৰ মাধ্যম বনাইছে, এই চিহ্নই বুজাই যে, এইবোৰ জন্তু হৰমলৈ প্ৰেৰণ কৰা হৈছে, যাতে কোনেও সেইবোৰক বিৰক্ত নকৰে। আল্লাহে তোমালোকৰ প্ৰতি এই অনুগ্ৰহ এই কাৰণে কৰিছে, যাতে তোমালোকে জানিব পাৰা যে, আকাশমণ্ডল আৰু পৃথিৱীত যি আছে, সেই সকলোবোৰ আল্লাহে জানে, লগতে আল্লাহ সকলো বস্তু সম্পৰ্কে অৱগত। ইয়াৰ প্ৰমাণ এই যে, তেওঁ তোমালোকৰ বাবে তোমালোকৰ লাগতীয়াল বস্তুবোৰ উপলব্ধ কৰিছে, আনহাতে ক্ষতিকাৰক বস্তুবোৰক আহি পোৱাৰ আগতেই নিষ্কৃয় কৰিছে, কাৰণ তেওঁ জানে কোনটো বস্তুৰ মাজত বান্দাৰ কল্যাণ নিহিত হৈ আছে।
Maide 5:98
হে মানৱজাতি! জানি থোৱা, নিশ্চয় আল্লাহে পাপীসকলক অত্যন্ত কঠোৰ শাস্তি প্ৰদান কৰিব, আনহাতে তাওবাকাৰী সকলক ক্ষমা কৰি দিয়ে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।
Maide 5:99
ৰাছুলৰ দায়িত্ব হৈছে কেৱল সেই উপদেশ পৌঁচাই দিয়া, যিটো পৌঁচাই দিয়াৰ আদেশ তেওঁক দিয়া হৈছে। মানুহক হিদায়তৰ তাওফীক দিয়াৰ দায়িত্ব তেওঁৰ নাই, কিয়নো এইটো কেৱল আল্লাহৰ হাতত। তোমালোকে হিদায়ত আৰু পথভ্ৰষ্টতা প্ৰকাশ কৰা নাইবা গোপন কৰা, আল্লাহ সেই সম্পৰ্কে অৱগত, আৰু আল্লাহে তোমালোকক ইয়াৰ প্ৰতিদান দিব।
Maide 5:100
হে ৰাছুল! আপুনি কৈ দিয়ক যে, কোনো পৱিত্ৰ বস্তু আৰু কোনো অপৱিত্ৰ বস্তু সমান হ'ব নোৱাৰে, যদিও অপৱিত্ৰ বস্তুৱে তোমাক আকৰ্ষিত নকৰক কিয়। কিয়নো কোনো বস্তুৰ প্ৰচুৰতাই সেইটোৰ শ্ৰেষ্ঠতাৰ প্ৰমাণ নহয়। এতেকে হে মুমিনসকল! আল্লাহক ভয় কৰা, অপৱিত্ৰ বস্তু ত্যাগ কৰা আৰু পৱিত্ৰ বস্তুক আকোঁৱালি লোৱা, যাতে তোমালোকে জান্নাত লাভ কৰিব পাৰা।
Maide 5:101
হে মুমিনসকল! ৰাছুলক তোমালোকে এনেকুৱা বস্তু সম্পৰ্কে প্ৰশ্ন নকৰিবা, যিবোৰ তোমালোকৰ প্ৰয়োজনীয় নহয়, আনকি কোনো ধৰ্মীয় বিষয়তো সেয়া কোনো সহায়ক নহয়। আনহাতে সেই বিষয়ে তোমালোকক জনোৱা হ'লে তোমালোকৰ অন্তৰেই কষ্ট পাব। কাৰণ তাত কষ্ট আছে। লগতে অহী অৱতৰণৰ সময়ত তোমালোকে এনেকুৱা প্ৰশ্ন কৰিলে, সেই বিষয়ে জনাই দিয়া হ'ব, আৰু এয়া আল্লাহৰ বাবে তেনেই উজু। কিছুমান বিষয় আল্লাহে ক্ষমা কৰিছে, সেয়ে কোৰআনেও সেই সম্পৰ্কে মৌনতা অৱলম্বন কৰিছে। সেয়ে এনেকুৱা বিষয় সম্পৰ্কে প্ৰশ্ন নকৰিবা, অন্যথা তোমালোকক সেইবোৰ বিধানৰ ওপৰত আমল কৰিবলৈ বাধ্য কৰোৱা হ'ব। নিশ্চয় আল্লাহ ক্ষমাশীল, যদি বান্দাই তাওবা কৰে তেন্তে তেওঁ ক্ষমা কৰি দিয়ে; লগতে তেওঁ সহনশীল, শাস্তি প্ৰদানত খৰধৰ নকৰে।
Maide 5:102
তোমালোকৰ পূৰ্বেও কিছুমানে এনেকুৱা প্ৰশ্ন কৰিছিল, কিন্তু যেতিয়া সিহঁতক সেই বিষয়ে আদেশ দিয়া হৈছিল, তেতিয়া সিহঁতে সেই আদেশ পালন কৰা নাছিল, ফলত সিহঁত কাফিৰত পৰিণত হৈছিল।
Maide 5:103
আল্লাহে চতুষ্পদ জন্তু হালাল কৰিছে। মুশ্বৰিকসকলে যিবোৰ জন্তু সিহঁতৰ দেৱ-দেৱীসকলৰ নামত নিজৰ বাবে হাৰাম কৰিছে, সেইবোৰক আল্লাহে হাৰাম কৰা নাই। যেনে, বাহীৰা। এইটো দৰাচলতে সেই মাইকী উটক কোৱা হয়, যিটোৰ নিৰ্দিষ্ট সংখ্যক পোৱালি হোৱাৰ পিছত কাণ কাটি দিয়া হয়। লগতে ছায়েবা সেই উটক কোৱা হয়, যিটোক এটা নিৰ্দিষ্ট বয়সত দেৱতাৰ নামত এৰি দিয়া হয়। আনহাতে অছীলা, সেইজনী মাইকী উটক কোৱা হয়, যিয়ে ধাৰাবাহিক ভাৱে দুটা মাইকী পোৱালি জন্ম দিয়ে। তথা হামী সেই মতা উটক কোৱা হয়, যাৰ দ্বাৰা কেইবাটাও উটৰ জন্ম হৈছে। আল্লাহে এইবোৰক হাৰাম কৰা নাই, কিন্তু কাফিৰসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি কয় যে, তেওঁ এইবোৰ হাৰাম কৰিছে। এতেকে অধিকাংশ কাফিৰে সত্য তথা অসত্য আৰু হালাল তথা হাৰামৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে।
Maide 5:104
কিছুমান জন্তুক আল্লাহে হাৰাম কৰা বুলি মিছা আৰোপ কৰা ব্যক্তিসকলক যেতিয়া কোৱা হয় যে, কোৰআনৰ পিনে আহা, যিটোক আল্লাহে অৱতীৰ্ণ কৰিছে, তথা ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ পিনে আহা, যাতে তোমালোকে হালাল আৰু হাৰামৰ মাজত পাৰ্থক্য কৰিব পাৰা। তেতিয়া সিহঁতে কয়ঃ আমি আমাৰ পূৰ্বপুৰুষ সকলৰ পৰা পোৱা বিশ্বাস, কথা আৰু কৰ্মই আমাৰ বাবে যথেষ্ট। এইবোৰ সিহঁতৰ বাবে কেনেকৈ যথেষ্ট হব পাৰে, অথচ সিহঁতৰ পুৰ্বপুৰুষ সকলে একোৱেই জনা নাছিল, আৰু সত্যৰ হিদায়তো পোৱা নাছিল। সিহঁতৰ অনুসৰণ কেৱল সেই ব্যক্তিয়ে কৰিব যিজন সিহঁততকৈও অধিক পথভ্ৰষ্ট তথা মুৰ্খ। সিহঁত সকলোৱে পথভ্ৰষ্ট তথা মুৰ্খ।
Maide 5:105
হে মুমিনসকল! তোমালোকে নিজৰ চিন্তা কৰা। এনেকুৱা কৰ্ম কৰা যিটো তোমালোকৰ বাবে উপকাৰী। যিসকল পথভ্ৰষ্ট হৈছে তথা তোমালোকৰ কথা শুনা নাই, সিহঁতে তোমালোকৰ একোৱে ক্ষতি কৰিব নোৱাৰে, যদি তোমালোকে সঠিক পথত থাকা। আৰু সঠিক পথৰ পৰিচয় হৈছে, সত্কৰ্মৰ আদেশ দিয়া আৰু অসত্কৰ্মৰ পৰা নিষেধ কৰা। কেৱল আল্লাহৰ পিনেই তোমালোকে উভতি যাব লাগিব, তেতিয়া তেওঁ তোমালোকক জনাই দিব যে, তোমালোকে পৃথিৱীত কি কি কৰিছিলা। আৰু তেওঁ তোমালোকক প্ৰতিদানো দিব।
Maide 5:106
হে মুমিনসকল! ভ্ৰমণ অৱস্থাত যতি তোমালোকৰ কাৰোবাৰ মৃত্যু সন্নিকট হয়, আৰু মৃত্যু প্ৰভাৱ প্ৰকট হয়, আৰু তেওঁ যদি অছীয়ত কৰিব বিচাৰে, এনে অৱস্থাত তেওঁ দুজন ন্যায়পৰায়ণ মুছলিমক সাক্ষী কৰা উচিত। আনহাতে যদি কোনো মুছলিম নাথাকে তেন্তে দুজন কাফিৰকেই যেন সাক্ষী কৰি লয়। এতেকে সিহঁতৰ সাক্ষীত যদি তোমালোকৰ সন্দেহ হয় তেন্তে কোনো এক ছালাতৰ পিছত সিহঁতক থিয় কৰাই দিয়া, তেতিয়া সিহঁতে শপত খাই ক'ব যে, আমি আমাৰ শপতৰ বিনিময়ত কোনো ধৰণৰ মূল্য গ্ৰহণ নকৰিম। লগতে কোনো আত্মীয়ৰ পক্ষপাতীও নহম। লগতে আল্লাহৰ বাবে দিয়া কোনো সাক্ষীও গোপন নকৰিম। এতেকে যদি আমি এনেকুৱা কিবা কৰো তেন্তে আমি পাপিষ্ঠ গুনাহগাৰ সকলৰ অন্তৰ্ভুক্ত হৈ যাম।
Maide 5:107
শপত বাক্য পাঠ কৰোৱাৰ পিছত, যদি উমান পোৱা যায় যে, সিহঁতে শপত খোৱাত তথা সাক্ষী প্ৰদানত মিছাৰ আশ্ৰয় লৈছে অথবা বিশ্বাসঘাতকতা কৰিছে, তেন্তে সিহঁতৰ স্থানত মৃত ব্যক্তিৰ দুজন আত্মীয় থিয় হৈ সত্য সাক্ষী দিব যে, সত্যতা তথা আমানতৰ ক্ষেত্ৰত সিহঁতৰ সাক্ষ্যতকৈ আমাৰ সাক্ষ্য অধিক সত্য। আৰু আমি কোনো মিছা শপত খোৱা নাই। অন্যথা আমি অন্যায়কাৰী তথা আল্লাহৰ সীমালংঘনকাৰী সকলৰ অন্তৰ্ভুক্ত হৈ যাম।
Maide 5:108
সাক্ষ্য প্ৰদানত সন্দেহ হোৱাৰ পৰিপ্ৰেক্ষিতত দুয়োজন সাক্ষীক ছালাতৰ পিছত শপত বাক্য পাঠ কৰোৱা তথা সিহঁতৰ সাক্ষ্য দান নাকচ হ'ব বুলি, এই কথাৰ আগ্ৰহ বেছি বৃদ্ধি পাব যে, সাক্ষ্য চৰীয়ত অনুসাৰে দিব লাগিব। গতিকে সাক্ষ্য দানৰ ক্ষেত্ৰত পৰিৱৰ্তন, পৰিবৰ্ধন, বিকৃত তথা বিশ্বাসঘাতকতাৰ পৰা বিৰত থকা উচিত। লগতে সাক্ষীসকলে এই কথাও মনত ৰখা উচিত যে, সিহঁতৰ সাক্ষ্য প্ৰদানক উত্তৰাধিকাৰী সকলে চেলেঞ্জ কৰিব পাৰে, ফলত সাক্ষী সকল অপমানিত হ'ব। গতিকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰি সাক্ষ্য দানত তথা শপত বাক্য পাঠ কৰাত যাতে কোনো ধৰণৰ মিছাৰ আশ্ৰয় বা বিশ্বাসঘাতকতা কৰা নহয়, তাৰ পৰা বিৰত থকা উচিত। এতেকে তোমালোকক যিটোৰ আদেশ দিয়া হৈছে, সেইটো শুনা আৰু স্বীকাৰ কৰা আৰু আল্লাহে অৱজ্ঞাকাৰী সকলক তাওফীক নিদিয়ে।
Maide 5:109
হে মানৱজাতি! ক্বিয়ামতৰ দিনক স্মৰণ কৰা, যেতিয়া আল্লাহে সকলো ৰাছুলক একত্ৰিত কৰিব, আৰু তেওঁলোকক সুধিব যে, যি জাতিৰ ওচৰলৈ আপোনালোকক প্ৰেৰণ কৰা হৈছিল, সিহঁতে আপোনালোকক কেনেকুৱা সঁহাৰি দিছিল? তেওঁলোকে উত্তৰত ক'বঃ আমি একো নাজানো, হে ৰব্ব! প্ৰকৃত জ্ঞান তোমাৰেই ওচৰত। অদৃশ্য বিষয় সম্পৰ্কে কেৱল মাত্ৰ তুমিহে জানা।
Maide 5:110
তথা স্মৰণ কৰা, যেতিয়া আল্লাহে ঈছা আলাইহিছ ছালামক সম্বোধন কৰি কৈছিলঃ হে মৰিয়ম পুত্ৰ ঈছা! মোৰ অনুগ্ৰহসমূহ মনত পেলোৱা, মই তোমাক পিতৃ নোহোৱাকৈ জন্ম দিছিলো, লগতে তোমাৰ মাতৃ মাৰইয়ামৰ প্ৰতি মোৰ অনুগ্ৰহবোৰ মনত পেলোৱা, যেতিয়া মই তেওঁক তেওঁৰ যুগৰ মহিলাসকলৰ মাজৰ পৰা মনোনীত কৰিছিলো। লগতে মোৰ সেই অনুগ্ৰহকো মনত পেলোৱা, যেতিয়া মই তোমাক জিব্ৰীলৰ দ্বাৰা শক্তি প্ৰদান কৰিছিলো, আৰু কোলাত থকা অৱস্থাতেই তুমি কথা ক'ব পাৰিছিলা আৰু সিহঁতক আল্লাহৰ পিনে আহ্বান কৰিছিলা, লগতে বৃদ্ধা অৱস্থা লৈকে তুমি সিহঁতক আল্লাহৰ প্ৰতি আহ্বান কৰিছিলা। মই তোমাক আৰু এটা অনুগ্ৰহ কৰিছিলো এই যে, মই তোমাক লিখা শিকাইছিলো, লগতে তাওৰাতৰ জ্ঞান দিছিলো যিটো মুছা আলাইহিছ ছালামৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছিল আৰু ইঞ্জীলৰ শিক্ষা দিছিলো যিটো স্বয়ং তোমাৰ ওপৰত অৱতীৰ্ণ হৈছে, লগতে মই তোমাক চৰীয়তৰ ৰহস্য, উপকাৰিতা তথা হিকমত শিকাইছিলো। তোমাৰ ওপৰত কৰা অনুগ্ৰহসমূহ অন্যতম এটা অনুগ্ৰহ হৈছে এই যে, তুমি বোকা মাটিৰে চৰাইৰ আকৃতি বনাই তাত ফুঁ মাৰিছিলা আৰু সেইটো বাস্তৱত চৰাই হৈ গৈছিল। জন্মান্ধ তথা কুষ্ঠ ৰোগীসকলক তুমি সুস্থ কৰিছিলা, লগতে (আল্লাহৰ ওচৰত) দুআ কৰি তুমি মৃত ব্যক্তিকো জীৱিত কৰিছিলা। এই সকলোবোৰ মোৰ অনুমতিক্ৰমেই সম্ভৱ হৈছিল। মই তোমাৰ ওপৰত আৰু এটা অনুগ্ৰহ কৰিছিলো যে, যেতিয়া তুমি বনী ইছৰাঈলৰ ওচৰত স্পষ্ট নিদৰ্শন লৈ আহিছিলা, তেতিয়া সিহঁতে সেইটো অস্বীকাৰ কৰিছিল আৰু তোমাক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল আৰু কৈছিল যে এয়া স্পষ্ট যাদু, তেতিয়া ময়েই তোমাক সিহঁতৰ পৰা ৰক্ষা কৰিছিলো।
Maide 5:111
তোমাৰ ওপৰত কৰা মোৰ অনুগ্ৰহবোৰ স্মৰণ কৰা, মই তোমাক কেইজনমান সঙ্গী প্ৰদান কৰিছিলো, আৰু তেওঁলোকৰ অন্তৰত এই কথা জগাইছিলো যে, তেওঁলোকে যেন মোৰ ওপৰত আৰু তোমাৰ ওপৰত ঈমান পোষণ কৰে, তেওঁলোকে বিষয়টোৰ প্ৰতি সঁহাৰি দি কলেঃ আমি ঈমান আনিলো হে আমাৰ প্ৰতিপালক! তুমি সাক্ষী থাকা যে, আমি তোমাৰ আদেশৰ প্ৰতি শিৰ নত কৰিম তথা আমি তোমাৰ প্ৰতি আত্মসমৰ্পণকাৰী।
Maide 5:112
সেই সময়ক স্মৰণ কৰা, যেতিয়া হাৱাৰীসকলে কৈছিল যে, আপুনি দুআ কৰিলে আপোনাৰ প্ৰতিপালকে আমালৈ খাদ্য বস্তুৰে ভৰা দস্তৰখান প্ৰেৰণ কৰিব পাৰিব নে? তেতিয়া ঈছা আলাইহিছ ছালামে উত্তৰ দি কলেঃ আল্লাহক ভয় কৰা, আৰু এনেকুৱা বস্তুৰ প্ৰত্যাশা নকৰিবা, কাৰণ হয়তো ইয়াৰ দ্বাৰা তোমালোকৰ পৰীক্ষা হ'ব পাৰে। লগতে সিহঁতক ক'লেঃ যদি তোমালোক প্ৰকৃত মুমিন হোৱা তেন্তে জীৱিকা সন্ধানৰ ক্ষেত্ৰত নিজ প্ৰতিপালকৰ ওপৰত ভৰসা কৰা।
Maide 5:113
হাৱাৰীসকলে ঈছা আলাইহিছ ছালামক কলেঃ আমি সেই দস্তৰখানৰ পৰা খাব বিচাৰো, যাতে আমি বিশ্বাস কৰিব পাৰো যে, আল্লাহে সকলো কৰিব পাৰে, আৰু আপুনি তেওঁৰ ৰাছুল। লগতে আমি যেন পতিয়ন যাব পাৰো যে, আপুনি আমাৰ ওচৰলৈ আল্লাহৰ পৰা সত্য বাণী লৈ আহিছে, লগতে আমি যাতে সেই সকল লোকৰ বাবে সাক্ষী হব পাৰো যিসকল বৰ্তমান উপস্থিত নাই।
Maide 5:114
ফলত ঈছা আলাইহিচ্ছালামে সিহঁতৰ কথা মতে আল্লাহৰ ওচৰত দুআ কৰিলেঃ হে আমাৰ প্ৰতিপালক! আমালৈ এখন দস্তৰখান অৱতীৰ্ণ কৰা, আমি আৰু আমাৰ পৰবৰ্তীসকলে এই অৱতীৰ্ণ হোৱা দিনটোক উৎসৱ হিচাপে পালন কৰি সেইদিনা তোমাৰ কৃতজ্ঞতা আদায় কৰিম, আৰু এইটো তোমাৰ অদ্বিতীয়তাৰ প্ৰমাণ তথা মোৰ প্ৰকৃত নবী হোৱাৰ প্ৰতীক হৈ ৰ'ব। লগতে আমাক এনেকুৱা জীৱিকা প্ৰদান কৰা যিটো তোমাৰ ইবাদত কৰিবলৈ সহায়ক হ'ব। হে আমাৰ প্ৰতিপালক! কেৱল তুমিয়েই উত্তম জীৱিকা প্ৰদানকাৰী।
Maide 5:115
আল্লাহে ঈছা আলাইহিছ ছালামক উত্তৰ দি ক'লেঃ তোমালোকে বিচৰা এই দস্তৰখান মই অৱতীৰ্ণ কৰিম কিন্তু ইয়াৰ পিছত যিয়ে কুফুৰী কৰিব, সি নিজেই নিজকে দোষী সাব্যস্ত কৰিব। কিয়নো মই তাক এনেকুৱা কঠোৰ শাস্তি প্ৰদান কৰিম যিটো আন কাকো দিয়া নহ'ব। কাৰণ সি স্পষ্ট নিদৰ্শন দেখিছে, সেয়ে তাৰ কুফুৰী হৈছে গোড়ামী। ফলত আল্লাহে প্ৰতিশ্ৰুতি ৰক্ষা কৰি সিহঁতৰ ওপৰত এটা দস্তৰখান অৱতীৰ্ণ কৰিলে।
Maide 5:116
স্মৰণ কৰা, ক্বিয়ামতৰ দিনা যেতিয়া আল্লাহে ঈছা আলাইহিছ ছালামক সম্বোধন কৰি ক'ব, হে ঈছা ইবনে মৰিয়ম! তুমি মানুহক কৈছিলা নেকি যে, আল্লাহক এৰি মোক আৰু মোৰ মাতৃক উপাস্য কৰি লোৱা, তেতিয়া ঈছা আলাইহিছ ছালামে আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰি ক'ব, সত্যৰ বাহিৰে এনেকুৱা কথা কোৱা মোৰ বাবে উচিত নহয়। ধৰি লোৱা হওঁক যদি মই কৈছো, তেন্তে তুমি সেই বিষয়ে নিশ্চিত ভাৱে জানা, কিয়নো কোনো বস্তু তোমাৰ পৰা গোপন নহয়। মোৰ অন্তৰৰ গোপন বিষয় সম্পৰ্কেও তুমি অৱগত। কিন্তু তোমাৰ অন্তৰত কি আছে সেয়া মই নাজানো। কেৱল তুমিয়ে প্ৰত্যেক অদৃশ্য, প্ৰকাশ্য, অপ্ৰকাশ্য বিষয় সম্পৰ্কে জানা।
Maide 5:117
ঈছা আলাইহিছ ছালামে নিজ প্ৰতিপালকক ক'লেঃ মই সিহঁতক সেইটোৱে কৈছো যিটো ক'বলৈ তুমি মোক আদেশ কৰিছিলা যে, সিহঁতে যেন কেৱল তোমাৰেই ইবাদত কৰে, আৰু মই যিমান দিন সিহঁতৰ মাজত আছিলো সিহঁতৰ তত্বাৱধায়ক আছিলো। কিন্তু যেতিয়া মোৰ অৱস্থান সময় শেষ হ'ল আৰু তুমি মোক জীৱিত অৱস্থাত আকাশলৈ উঠাই আনিলা, তাৰ পিছত হে মোৰ ৰব্ব! তুমিয়ে সিহঁতৰ কৰ্মৰ ৰক্ষক আছিলা। তুমি প্ৰত্যেক বস্তু সম্পৰ্কে অৱগত। কোনো বস্তু তোমাৰ পৰা গোপন নহয়, মই সিহঁতক কি কৈছিলো, আৰু মোৰ পিছত সিহঁতে কি কৈছে, সেই সকলোবোৰ তুমি জানা।
Maide 5:118
(হে মোৰ ৰব্ব) যদি তুমি সিহঁতক শাস্তি দিয়া তেন্তে সিহঁত তোমাৰেই বান্দা। তুমি সিহঁতৰ লগত যিটো ইচ্ছা সেইটোৱে কৰিব পাৰা। আনহাতে সিহঁতৰ মাজৰ মুমিনসকলক যদি তুমি দয়া কৰি ক্ষমা কৰি দিয়া তেন্তে কোনেও তোমাক প্ৰতিৰোধ কৰিব নোৱাৰে। তুমি মহাপৰাক্ৰমশালী, তোমাক কোনেও পৰাজিত কৰিব নোৱাৰে তথা নিজ কৰ্মত প্ৰজ্ঞাৱান।
Maide 5:119
আল্লাহে ঈছা আলাইহিছ ছালামক ক'বঃ এইটো সেইদিন, যিদিনা সত্য নিয়ত পোষণকাৰীয়ে, সত্কৰ্মকাৰীয়ে তথা সত্যবাদীসকলৰ সত্যতাই উপকাৰ কৰিব। তেওঁলোকৰ বাবে এনেকুৱা জান্নাত থাকিব, যাৰ অট্টালিকা তথা গছ-গছনিবোৰৰ তলেদি নদী প্ৰবাহিত হ'ব। তাত তেওঁলোক চিৰস্থায়ী হ'ব। তাত তেওঁলোকৰ কেতিয়াও মৃত্যু নহ'ব। আল্লাহ তেওঁলোকৰ ওপৰত সন্তুষ্ট থাকিব, কেতিয়াও অসন্তুষ্ট নহ'ব তথা তেওঁলোকেও চিৰস্থায়ী নিয়ামতবোৰ পাই আল্লাহৰ ওপৰত সন্তুষ্ট হ'ব। এইটোৱেই মহাসফলতা, কোনো সফলতাই ইয়াৰ সমান নহয়।
Maide 5:120
আকাশমণ্ডল তথা পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰ, তেৱেঁই ইয়াৰ সৃষ্টিকৰ্তা আৰু তেৱেঁই পৰিচালক। ইয়াৰ মাজত থকা সকলো সৃষ্টিৰ কেৱল তেৱেঁই গৰাকী। তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান, তেওঁক কোনেও বিবশ কৰিব নোৱাৰে।
Enam 6:1
পূৰ্ণ সম্পুৰ্ণতা আৰু মুহাব্বতৰ সৈতে উচ্চ শ্ৰেণীৰ সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে নিৰ্দিষ্ট, যিজনে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছে, লগতে দিন ৰাতি সৃষ্টি কৰিছে, উভয়ে আৱৰ্তনশীল। তেৱেঁই ৰাতিক অন্ধকাৰাচ্ছন্ন কৰিছে আৰু দিনক কৰিছে আলোকিত। ইয়াৰ পিছতো যিসকল কাফিৰ হৈ গৈছে, সিহঁতে আনক আল্লাহৰ সমান কৰি লৈছে, আৰু তেওঁৰ সমকক্ষ বনাই লৈছে।
Enam 6:2
তেৱেঁই তোমালোকক মাটিৰে সৃষ্টি কৰিছে, যেতিয়া তোমালোকৰ আদি পিতা আদম আলাইহিছ ছালামক মাটিৰে সৃষ্টি কৰিছে। তাৰ পিছত তেৱেঁই তোমালোকৰ বাবে পাৰ্থিৱ জীৱনৰ সময় নিৰ্ধাৰিত কৰিছে, আৰু তেৱেঁই তোমালোকৰ বাবে আৰু এটা সময় নিৰ্ধাৰিত কৰিছে ক্বিয়ামতৰ বাবে যিটো তেওঁৰ বাহিৰে আন কোনেও নাজানে। তথাপিও তোমালোকে আল্লাহৰ পুনৰুত্থানৰ ক্ষমতাৰ প্ৰতি সন্দেহ পোষণ কৰা।
Enam 6:3
আকাশমণ্ডল আৰু পৃথিৱীত কেৱল তেৱেঁই সত্য উপাস্য, কোনো বস্তু তেওঁৰ পৰা গোপন নহয়। তোমালোকৰ প্ৰকাশ্য অপ্ৰকাশ্য কৰ্ম, কথা তথা নিয়্যত সম্পৰ্কে তেওঁ জ্ঞাত। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব।
Enam 6:4
মুশ্বৰিকসকলৰ ওচৰত সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰমাণেই আহিছে সেইটোকেই সিহঁতে কোনো গুৰুত্ব নিদি পৰিত্যাগ কৰিছে। এতেকে সিহঁতৰ ওচৰত তাওহীদ তথা ৰাছুলৰ সত্যতাৰ প্ৰকাশ্য তথা স্পষ্ট দলীল প্ৰমাণ আহিছে, তথাপিও সিহঁতে ইয়াৰ পৰা মুখ ঘূৰাই লয়।
Enam 6:5
যদি সিহঁতে এই স্পষ্ট প্ৰমাণবোৰৰ পৰা মুখ ঘূৰাই লয়, (তেন্তে এয়া কোনো আচৰিত কথা নহয়) কিয়নো সিহঁতে ইয়াতকৈয়ো স্পষ্ট বিষয়ৰ পৰাও মুখ ঘূৰাই লৈছে। সিহঁতে কোৰআনক অস্বীকাৰ কৰিছে, যিটো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ আহিছে। কিন্তু ক্বিয়ামতৰ দিনা যেতিয়া সিহঁতে শাস্তি দেখিবলৈ পাব, তেতিয়া সিহঁতৰ মনত পৰিব যে, সিহঁতে যিটোক উপহাস কৰিছিল সেইটোৱেই সত্য।
Enam 6:6
কাফিৰসকলে আল্লাহৰ এই নীতি নাজানে নেকি যে, তেওঁ অত্যাচাৰী জাতিক ধ্বংস কৰে। ইহঁতৰ পূৰ্বে আল্লাহে অসংখ্য জাতিক নাশ কৰিছে, সিহঁতক তেওঁ এনেকুৱা শক্তি তথা পৃথিৱীত প্ৰতিষ্ঠিত হ'বলৈ এনেকুৱা মাধ্যম প্ৰদান কৰিছিল, যিবোৰ এইসকল কাফিৰক দিয়া হোৱা নাই। সিহঁতৰ ওপৰত ধাৰাসাৰ বৰষুণ দিছিল আৰু সিহঁতৰ আবাসস্থলৰ তলেদি নদী প্ৰবাহিত কৰিছিল, তথাপিও সিহঁতে আল্লাহক অৱজ্ঞা কৰিছিল। ফলত আল্লাহে সিহঁতৰ পাপকৰ্মৰ কাৰণে সিহঁতক ধ্বংস কৰিছিল, আৰু সিহঁতৰ পিছত অন্য জাতিক সৃষ্টি কৰিলে।
Enam 6:7
(হে ৰাছুল) যদি মই কাগজত লিখা পুথি অৱতীৰ্ণ কৰোঁ, আৰু সেয়া যদি সিহঁতে নিজ চকুৰে দেখা পায় তথা নিজ হাতেৰে চুই দেখে, তথাপিও সিহঁতে নিজৰ অবাধ্যতাৰ কাৰণে ইয়াক অস্বীকাৰ কৰিব আৰু ঈমান পোষণ নকৰিব। লগতে ক'ব, আপুনি যি লৈ আহিছে এয়া স্পষ্ট যাদু। এতেকে ইয়াৰ প্ৰতি আমি ঈমান পোষণ নকৰোঁ।
Enam 6:8
কাফিৰসকলে কয়ঃ আল্লাহে যদি মুহাম্মদৰ সৈতে এজন ফিৰিস্তা অৱতীৰ্ণ কৰিলেহেঁতেন, যিজনে সাক্ষী হৈ ক'লেহেঁতেন যে, এওঁ ৰাছুল, তেন্তে আমি ঈমান আনিলোহেঁতেন। আমি যদি সিহঁতৰ মনোকামনা অনুসাৰে ফিৰিস্তা অৱতীৰ্ণ কৰিলোহেঁতেন, আৰু যদি সিহঁতে ইয়াৰ পিছতো ঈমান পোষণ নকৰিলেহেঁতেন, তেন্তে আমি সিহঁতক তাওবাৰ অৱকাশ নিদিয়াকৈয়ে ধ্বংস কৰিলোহেঁতেন।
Enam 6:9
যদি আমি কোনো ফিৰিস্তাক নবী বনালোহেঁতেন, তেন্তে তেওঁকো কোনো পুৰুষ ৰূপতে বনালোহেঁতেন, যাতে তেওঁ সিহঁতৰ কথা শুনিব পাৰে আৰু শিকিব পাৰে। কিয়নো যদি ফিৰিস্তাক বাস্তৱৰূপে প্ৰেৰণ কৰিলেহেঁতেন তেন্তে এনেকুৱা কৰিব নোৱাৰিলেহেঁতেন। আনহাতে যদি কোনো মানৱ ৰূপে প্ৰেৰণ কৰিলোহেঁতেন, তেন্তে তেওঁৰ বিষয়টো তোমালোকৰ বাবে কষ্টকৰ হৈ পৰিলেহেঁতেন।
Enam 6:10
যদি ইহঁতে আপোনাৰ লগত উপহাস কৰি আপোনাৰ প্ৰতি ফিৰিস্তা অৱতীৰ্ণ হোৱাৰ আবেদন কৰে, তেন্তে জানি থওঁক, ইহতৰ পূৰ্বৰ জাতি সকলেও নিজ ৰাছুলৰ লগত উপহাস কৰিছিল। ফলত সিহঁতক সেই শাস্তিয়ে পৰিবেষ্টন কৰিলে যিটোক সিহঁতে অস্বীকাৰ কৰিছিল। সিহঁতক যেতিয়া এই শাস্তিৰ পৰা ভয় দেখুৱা হৈছিল, সিহঁতে তেতিয়া উপহাস কৰিছিল।
Enam 6:11
হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰী তথা উপহাসকাৰী সকলক কৈ দিয়ক যে, পৃথিৱীত ঘূৰি পকি চোৱা, আল্লাহৰ ৰাছুলসকলক অস্বীকাৰ কৰা ব্যক্তি বিলাকৰ কি পৰিণাম হৈছিল। সিহঁত শক্তিশালী হোৱাৰ পিছতো আল্লাহে সিহঁতক শাস্তি প্ৰদান কৰিছে।
Enam 6:12
হে ৰাছুল! আপুনি সিহঁতক সোধক যে, আকাশ, পৃথিৱী আৰু এই দুয়োৰ মাজত যি যি আছে সেই সকলোবোৰ কাৰ অধীনস্থ? আপুনি কৈ দিয়ক, সেই সকলোবোৰ আল্লাহৰ অধীনস্থ। তেওঁ বান্দাসকলৰ প্ৰতি অনুগ্ৰহ কৰি, দয়া কৰাটো নিজৰ ওপৰত অনিবাৰ্য কৰি লৈছে। সেয়ে তেওঁ সিহঁতক শীঘ্ৰে শাস্তি প্ৰদান নকৰে। কিন্তু যদি সিহঁতে তাওবা নকৰে (তেন্তে সিহঁতে জানি থোৱা উচিত যে) আল্লাহে সিহঁত সকলোকে ক্বিয়ামতৰ দিনা একত্ৰিত কৰিব। যি দিন সম্পৰ্কে কোনো সন্দেহ নাই। যিসকলে আল্লাহক অস্বীকাৰ কৰি নিজৰে ক্ষতি সাধন কৰিছে, সেই সকলেই ঈমান পোষণ নকৰে, (ঈমান পোষণ কৰিলে) নিজকে ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰিলেহেঁতেন।
Enam 6:13
দিন আৰু ৰাতিৰ মাজত যি আছে সেই সকলো একমাত্ৰ আল্লাহৰেই। আৰু তেওঁ সিহঁতৰ কথা শ্ৰৱণকাৰী, সিহঁতৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত তথা তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান প্ৰদান কৰিব।
Enam 6:14
হে ৰাছুল! আপুনি সেইসকল মুশ্বৰিকক কৈ দিয়ক, যিসকলে আল্লাহৰ লগতে মূৰ্তি আদিৰো পূজা-পাঠ কৰে, এইটো বিবেক সন্মত হ'ব পাৰেনে যে, মই আল্লাহৰ বাহিৰে আনক সহায়ক হিচাপে মানি লম অথবা তাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিম, অথচ আল্লাহেই আকাশ আৰু পৃথিৱী সৃষ্টি কৰিছে পূৰ্বৰ কোনো উপমা নোহোৱাকৈ। তেৱেঁই বান্দাসকলৰ মাজত যাক ইচ্ছা কৰে জীৱিকা প্ৰদান কৰে। কিন্তু কোনো বান্দাই তেওঁক জীৱিকা প্ৰদান নকৰে। তেওঁ বান্দাসকলৰ পৰা অমুখাপেক্ষী। কিন্তু সকলোৱে তেওঁৰ মুখাপেক্ষী। হে ৰাছুল! আপুনি কৈ দিয়ক যে, আল্লাহে মোক আদেশ কৰিছে, মই যেন এই উম্মতৰ মাজত সৰ্বপ্ৰথম আত্মসমৰ্পনকাৰী হৈ যাওঁ। লগতে মোক সেই সকল লোকৰ অন্তৰ্ভুক্ত হ'বলৈ নিষেধ কৰিছে, যিসকলে তেওঁৰ সৈতে আনক অংশীদাৰ কৰে।
Enam 6:15
হে ৰাছুল! আপুনি কৈ দিয়ক যে, যদি মই শ্বিৰ্ক তথা আন আন হাৰাম কৰ্মৰ দ্বাৰা আল্লাহৰ অবাধ্যতা কৰো অথবা ঈমান তথা আন কোনো সত্কৰ্ম নকৰো, যিবোৰ কৰাৰ তেওঁ মোক আদেশ প্ৰদান কৰিছে, তেন্তে তেওঁ ক্বিয়ামতৰ দিনা মোক মহাশাস্তি প্ৰদান কৰিব।
Enam 6:16
ক্বিয়ামতৰ দিনা আল্লাহে যাক শাস্তিৰ পৰা ৰক্ষা কৰিব, তেওঁ আল্লাহৰ অনুগ্ৰহত সাফল্যমণ্ডিত হ'ব। শাস্তিৰ পৰা মুক্তি পোৱাটোৱে আটাইতকৈ ডাঙৰ আৰু স্পষ্ট সফলতা।
Enam 6:17
হে আদম সন্তান! যদি আল্লাহৰ ফালৰ পৰা তোমালোকৰ ওপৰত কোনো বিপদ আহি পৰে, তেন্তে আল্লাহৰ বাহিৰে কোনেও সেই বিপদ দূৰ কৰিব নোৱাৰে। আনহাতে যদি কোনো কল্যাণ লাভ হয়, তেন্তে তেওঁৰ অনুগ্ৰহক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান, একোৱেই তেওঁক অপাৰগ কৰিব নোৱাৰে।
Enam 6:18
তেওঁ বান্দাসকলৰ ওপৰত প্ৰভূত্বশীল আৰু প্ৰভাৱশালী। সকলো ফালৰ পৰা তেওঁ সৰ্বোচ্চ। তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে, তেওঁৰ ওপৰত কোনেও শক্তি প্ৰয়োগ কৰিব নোৱাৰে। সকলোৱে তেওঁৰ ওচৰত বিনীত। তেওঁ নিজৰ মৰ্যাদানুসাৰে বান্দাসকলৰ ওপৰত বিৰাজমান। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। সকলো বিষয়ে সম্যক অৱগত, তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।
Enam 6:19
হে ৰাছুল! সেই সকল মুশ্বৰিকক কৈ দিয়ক, যিসকলে আপোনাক অস্বীকাৰ কৰেঃ মোৰ সত্যতাৰ আটাইতকৈ ডাঙৰ সাক্ষ্যজন কোন জানানে, আপুনিয়ে কৈ দিয়ক যে, তোমালোকৰ আৰু মোৰ মাজত আটাইতকৈ ডাঙৰ সাক্ষ্যজন হৈছে আল্লাহ তাআলা। মই তোমালোকৰ ওচৰত কি লৈ আহিছো সেয়া তেওঁ জানে, আৰু তোমালোকে কি দৰে সঁহাৰি জনাবা সেইটোও তেওঁ জানে। আল্লাহে অহীৰ দ্বাৰা মোক এই কোৰআন প্ৰদান কৰিছে, যাতে মই ইয়াৰ দ্বাৰা তোমালোকক আৰু সেই সকলো মানৱ আৰু জিনক সতৰ্ক কৰি দিব পাৰো, যাৰ ওচৰত এই কোৰআন গৈ পাব। হে মুশ্বৰিকসকল! তোমালোকে বিশ্বাস পোষণ কৰা নেকি যে, আল্লাহৰ বাহিৰেও কোনোবা উপাস্য আছে? হে ৰাছুল! আপুনি কৈ দিয়ক, তোমালোকে যিটো বিশ্বাস কৰা সেইটোক মই বিশ্বাস নকৰো, কাৰণ সেয়া হৈছে বাতিল। উপাস্য একমাত্ৰ আল্লাহ, তেওঁৰ কোনো অংশীদাৰ নাই। লগতে মই সেই সকলোবোৰ প্ৰত্যাখ্যান কৰো যিবোৰক তোমালোকে তেওঁৰ লগত অংশী কৰা।
Enam 6:20
ইয়াহুদী যিসকলক তাওৰাত প্ৰদান কৰিছিলো, তথা ঈছায়ী যিসকলক আমি ইঞ্জীল প্ৰদান কৰিছিলো, সিহঁতে ভালদৰেই জানে যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ নবী। যিদৰে সিহঁতে অন্য লোকৰ সন্তানসকলৰ মাজত নিজৰ সন্তান বাচি উলিয়াই। সিহঁতে নিজকে জাহান্নামত নিক্ষেপ কৰি নিজৰে ক্ষতি সাধন কৰিছে। সিহঁতে কদাপিও ঈমান পোষণ নকৰিব।
Enam 6:21
যিসকলে আল্লাহৰ লগত আনক অংশীদাৰ স্থাপন কৰি তাৰ উপাসনা কৰে অথবা আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে, যিবোৰ তেওঁ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কৰিছে, তাতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো নাই। এনেকুৱা অন্যায়কাৰীয়ে যদি তাওবা নকৰে তেন্তে কদাপিও সফল হ'ব নোৱাৰিব।
Enam 6:22
ক্বিয়ামতৰ দিনটোক স্মৰণ কৰা, যেতিয়া আমি সকলোকে একত্ৰিত কৰিম, কাকো নেৰিম, তাৰ পিছত শ্বিৰ্ককাৰী সকলক ভৰ্ত্সনা কৰি কমঃ তোমালোকৰ সেই মিছলীয়া অংশীদাৰ বিলাক ক’ত? যিবোৰক তোমালোকে আহ্বান কৰিছিলা?
Enam 6:23
এই পৰীক্ষাৰ পিছত সিহঁতে সিহঁতৰ উপাস্যবিলাকক পৰিত্যাগ কৰাৰ বাহিৰে আন কোনো উপায় নাথাকিব, তেতিয়া সিহঁতে মিছাতে ক'বঃ আমাৰ ৰব্ব আল্লাহৰ শপত! আমি তোমাৰ সৈতে শ্বিৰ্ক কৰা নাছিলো বৰং তোমাৰ প্ৰতি ঈমান আনিছিলো। অকল তোমাৰেই ইবাদত কৰিছিলো।
Enam 6:24
হে মুহাম্মদ! চাওঁক ইহঁতে কেনেকৈ মিছা মাতি আছে, আৰু শ্বিৰ্ক কৰা নাই বুলি কৈ আছে। পৃথিৱীত যিবোৰক ইহঁতে অংশীদাৰ সাব্যস্ত কৰিছিল সেইবোৰ তেতিয়া গোপন হৈ যাব।
Enam 6:25
হে ৰাছুল! যেতিয়া আপুনি কোৰআন তিলাৱত কৰে, তেতিয়া কিছুমান মুশ্বৰিকে সেয়া মনোযোগ সহকাৰে শুনে, কিন্তু সিহঁতে শুনিও উপকৃত নহয়। কিয়নো আমি সিহঁতৰ অন্তৰত সিহঁতৰ অৱজ্ঞা তথা অহংকাৰৰ কাৰণে আৱৰণ কৰি দিছো, যাতে সিহঁতে কোৰআন বুজিব নোৱাৰে লগতে আমি সিহঁতক এনেকুৱা কলা কৰি দিছো যে, সিহঁতে শুনাৰ পিছতো উপকৃত হ'ব নোৱাৰে। সিহঁতে যিমানেই স্পষ্ট প্ৰমাণ নাচাওঁক কিয়, সেইবোৰৰ প্ৰতি ঈমান পোষণ নকৰিব, আনকি সিহঁতে আপোনাৰ ওচৰত আহি আপোনাৰ লগত অসত্যৰ ভিত্তিত সত্যৰ বিপক্ষে বাদানুবাদ কৰে। সিহঁতে কয়ঃ আপুনি যি লৈ আহিছে, সেয়া পূৰ্বৱৰ্তী লোক সকলৰ পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে।
Enam 6:26
আৰু সিহঁতে মানুহক ৰাছুলৰ প্ৰতি ঈমান আনিবলৈ নিষেধ কৰে লগতে নিজেও আঁতৰি থাকে। এতেকে নিজেও উপকৃত নহয় আৰু আনকো উপকৃত হ'বলৈ নিদিয়ে। এইদৰে সিহঁতে নিজৰে ক্ষতি সাধন কৰি আছে। সিহঁতে যি কৰি আছে সেয়া যে ধ্বংসৰ কাৰণ সিহঁতে নিজেই নাজানে।
Enam 6:27
হে ৰাছুল! আপুনি যদি সিহঁতক দেখিলেহেঁতেন, যেতিয়া ক্বিয়ামতৰ দিনা সিহঁতক জাহান্নামৰ সন্মুখত অনা হ'ব, তেতিয়া সিহঁতে পৰিতাপ কৰি ক'ব, হায়! যদি আমাক দুনাই পৃথিৱীলৈ প্ৰেৰণ কৰা হলেহেঁতেন, আমি কেতিয়াও আল্লাহৰ আয়াতসমূহক অস্বীকাৰ নকৰিলোহেঁতেন বৰং আমি আল্লাহৰ প্ৰতি বিশ্বাস কৰিলোহেঁতেন, তেতিয়া আপুনি সিহঁতৰ নিকৃষ্ট অৱস্থা দেখিবলৈ পালেহেঁতেন।
Enam 6:28
বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে কৈ আছে যে, সিহঁতক ওভোতাই পঠালে সিহঁতে ঈমান পোষণ কৰিব, বৰং যি কথাটো সিহঁতে গোপন কৰি কৈ আছিল যে, আমাৰ প্ৰতিপালক আল্লাহৰ শপত! আমি মুশ্বৰিক নাছিলোঁ, যেতিয়া সিহঁতৰ নিজৰ শৰীৰৰ অংগই সিহঁতৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব, তেতিয়া সিহঁতৰ সেই মিছা কথাৰ ৰহস্যভেদ হ'ব। ধৰি লোৱা হ'ল যদিও সিহঁতক পৃথিৱীলৈ ওভোতাই পঠোৱা হয়, তথাপিও সিহঁতে সেই কুফৰ আৰু শ্বিৰ্কৰ পিনেই উভতি যাব, যিটোৰ পৰা সিহঁতক বিৰত ৰখা হৈছিল। সিহঁতৰ এই প্ৰতিশ্ৰুতি মিছা।
Enam 6:29
এই মুশ্বৰিকসকলে কয়ঃ এই জীৱনৰ বাহিৰে আন কোনো জীৱন নাই, আৰু আমাক হিচাপ-নিকাচৰ বাবে পুনৰ্জীৱিত কৰা নহ'ব।
Enam 6:30
হে ৰাছুল! যদি আপুনি সেই সময়ৰ দৃশ্য দেখিলেহেঁতেন, যেতিয়া পুনৰুত্থানক অস্বীকাৰকাৰী বিলাকক আল্লাহৰ সন্মুখত থিয় কৰোৱা হ'ব, সিহঁতৰ দুৰাৱস্থা দেখি আপুনি হতভম্ব হলেহেঁতেন, যেতিয়া আল্লাহে সিহঁতক ক'বঃ কোৱাচোন এই পুনৰ্জীৱন সঁচা নহয়নে, ইয়াৰ মাজত কোনো সন্দেহ তথা সংশয় আছেনে? তেতিয়া সিহঁতে ক'বঃ সেই প্ৰতিপালকৰ শপত যিয়ে আমাক সৃষ্টি কৰিছে, এয়া সত্য, ইয়াৰ মাজত কোনো সন্দেহ নাই। তেতিয়া আল্লাহে সিহঁতক ক'বঃ তোমালোকে পৃথিৱীত এই দিনটোক অস্বীকাৰ কৰিছিলা আৰু মিছা বুলি কৈছিলা, এতেকে আজি শাস্তি ভোগ কৰা।
Enam 6:31
নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত, যিসকলে পৰকালৰ জীৱনক অস্বীকাৰ কৰিছে, আৰু আল্লাহৰ সন্মুখত থিয় হোৱাটক অসম্ভৱ বুলি ভাবিছে। আনকি যেতিয়া ক্বিয়ামত হঠাতে সংঘটিত হ'ব তেতিয়া সিহঁতে অনুতপ্ত হৈ ক'বঃ হায় পৰিতাপ! আমি বৰ ডাঙৰ ভুল কৰিছো যে, আল্লাহৰ লগত কুফৰী কৰিছো আৰু কিয়ামতৰ বাবে প্ৰস্তুতি লোৱা নাছিলো। সিহঁতে নিজৰ পিঠিত পাপৰ বোজা উঠাব। সেইবোৰ যে কিমান নিকৃষ্ট গুনাহ যিবোৰ সিহঁতে বহন কৰিব।
Enam 6:32
পাৰ্থিৱ জীৱন, যিটোৰ প্ৰতি তোমালোকৰ লোভ আছে, এইটো সেই ব্যক্তিৰ বাবে খেল-ধেমালি আৰু প্ৰৱঞ্চনাৰ বাহিৰে আন একো নহয়, যিয়ে আল্লাহক সন্তুষ্ট কৰিবলৈ কোনো সত্কৰ্ম নকৰে। আখিৰাতৰ জীৱন সেইসকল লোকৰ বাবে উত্তম, যিসকলে তাক্বৱা অৱলম্বন কৰে, ঈমান পোষণ কৰে আৰু আল্লাহৰ আদেশ পালন কৰে যিটো কৰিবলৈ তেওঁলোকক আদেশ কৰা হৈছে। লগতে শ্বিৰ্ক তথা অবাধ্যতাৰ পৰা দূৰৈত থাকে, যিটোৰ পৰা তেওঁলোকক বিৰত ৰখা হৈছে। হে মুশ্বৰিকসকল! তোমালোকে এই বিষয়টো বুজি নোপোৱানে? যাতে তোমালোকে ঈমান পোষণ কৰা আৰু সত্কৰ্ম কৰা।
Enam 6:33
হে ৰাছুল! আমি জানো সিহঁতৰ প্ৰকাশ্য অবাধ্যতাৰ ফলত আপোনাৰ অন্তৰত দুখ লাগে। আপুনি জানি থওঁক! সিহঁতে আপোনাক অন্তৰেৰে মিছা প্ৰতিপন্ন নকৰে, কিয়নো সিহঁতে আপোনাৰ সত্যতা তথা আমানত সম্পৰ্কে জানে। কিন্তু সিহঁত হৈছে অন্যায়কাৰী, প্ৰকাশ্যভাৱে সিহঁতে আপোনাক মিছা প্ৰতিপন্ন কৰে কিন্তু অন্তৰেৰে আপোনাক সত্য বুলি মানি লয়।
Enam 6:34
আপুনি এইটো নাভাবিব যে, আপুনি যি লৈ আহিছে কেৱল সেইটোকেই মিছা প্ৰতিপন্ন কৰা হৈছে, বৰং আপোনাৰ পূৰ্বেও বহুতো ৰাছুলক মিছা প্ৰতিপন্ন কৰা হৈছিল তথা তেওঁলোকৰ সম্প্ৰদায়ৰ ফালৰ পৰাও নিৰ্যাতন কৰা হৈছিল, তথাপিও তেওঁলোকে আল্লাহৰ পিনে আহ্বান কৰা কাৰ্যত আৰু তেওঁৰ পথত জিহাদ কৰা কাৰ্যত অটল আছিল। অৱশেষত তেওঁলোকৰ ওচৰত আল্লাহৰ সহায় আহি পাইছিল। আল্লাহে ৰাছুলসকলৰ বাবে যি সহায় ধাৰ্য কৰিছে আৰু ৰাছুলসকলক যি প্ৰতিশ্ৰুতি দিছে, সেইটোক কোনেও পৰিবৰ্তন কৰিব নোৱাৰে। হে ৰাছুল! নিশ্চয় আপোনাৰ ওচৰত পূৰ্বৱৰ্তী ৰাছুলসকলৰ সংবাদ আহি পৰিছে যে, তেওঁলোকক তেওঁলোকৰ জাতিয়ে কি ধৰণে নিৰ্যাতন কৰিছিল আৰু আল্লাহে কিদৰে তেওঁলোকক সহায় কৰিছিল তথা কিদৰে তেওঁলোকৰ শত্ৰুক দমন কৰিছিল।
Enam 6:35
হে ৰাছুল! যদি এই কথাই আপোনাক কষ্ট দিয়ে যে, সিহঁতে আপোনাক অস্বীকাৰ কৰিছে আৰু আপুনি লৈ অহা সত্যৰ পৰা বিমুখ হৈছে, তেন্তে যদি আপুনি পৃথিৱীৰ ভিতৰত কোনো সুৰঙ্গ পায় অথবা আকাশলৈ যোৱাৰ বাবে কোনো জখলা পায় আৰু আপোনাক দিয়া প্ৰমাণসমূহৰ বাহিৰে আন কোনো প্ৰমাণ যদি তাৰ পৰা আনিব পাৰে তেন্তে আনক। আপুনি যি হিদায়ত লৈ আহিছে যদি আল্লাহে সিহঁতক ইয়াৰ ওপৰত একত্ৰিত কৰিব বিচাৰিলেহেঁতেন তেন্তে নিশ্চয় কৰিব পাৰিলেহেঁতেন, কিন্তু ডাঙৰ কিবা ৰহস্যৰ কাৰণে তেওঁ এনেকুৱা কৰা নাই। গতিকে এই বিষয়টো আপুনি পাহৰি নাযাব। লগতে সিহঁতে ঈমান পোষণ নকৰাৰ চিন্তাত আপুনি আপোনাৰ প্ৰাণ নাশ নকৰিব।
Enam 6:36
আপোনাৰ কথাত কেৱল তেওঁলোকে সঁহাৰি জনাব যিসকলে কথা মনোযোগ সহকাৰে শুনে তথা বুজে। আনহাতে কাফিৰসকল অৱস্থা হৈছে মৃত ব্যক্তিৰ দৰে, সিহঁতৰ অন্তৰ মৃত্যুবৰণ কৰিছে, এতেকে মৃতসকলক আল্লাহে ক্বিয়ামতৰ দিনা জীৱিত কৰিব আৰু তেওঁৰ পিনেই সকলোকে ওভোতাই নিয়া হ'ব, যাতে তেওঁ সিহঁতক প্ৰতিদান দিয়ে।
Enam 6:37
মুশ্বৰিকসকলে কঠোৰতা দেখুৱাই আৰু ঈমানৰ ক্ষেত্ৰত প্ৰৱঞ্চনা কৰি কয়ঃ মুহাম্মদক তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এনেকুৱা অলৌকিক নিদৰ্শন কিয় দিয়া হোৱা নাই যিটো তেওঁৰ সত্যতাৰ প্ৰমাণ বহন কৰে। হে ৰাছুল! আপুনি কৈ দিয়কঃ নিশ্চয় আল্লাহ তাআলা এনেকুৱা নিদৰ্শন প্ৰেৰণ কৰিবলৈ সক্ষম যিটো সিহঁতে বিচাৰে। সিহঁতৰ অধিকাংশই নিদৰ্শন বিচাৰে কিন্তু সিহঁতে নাজানে যে, আল্লাহে কেৱল হিকমত অনুসাৰেহে নিদৰ্শন অৱতীৰ্ণ কৰে, সিহঁতৰ ইচ্ছা অনুসাৰে নহয়। যদি আল্লাহে অৱতীৰ্ণ কৰিলেহেঁতেন আৰু তাৰ পিছত সিহঁতে যদি ঈমান পোষণ নকৰিলেহেঁতেন তেন্তে অৱশ্যে সিহঁতক বিনাশ কৰিলেহেঁতেন।
Enam 6:38
হে আদম সন্তান! পৃথিৱীত চলা-ফুৰা কৰা সকলো জীৱ-জন্তু লগতে আকাশত উৰি-ফুৰা সকলো চৰাই-চিৰকটি তোমালোকৰ দৰেই একো একোটা সম্প্ৰদায়। সেইবোৰকো সৃষ্টি কৰা হৈছে আৰু জীৱিকা প্ৰদান কৰা হৈছে। লওহে মাহফুজত সকলো লিখা আছে আৰু এই সকলো বিষয়ে আল্লাহ সম্যক অৱগত। ইয়াৰ পিছত ক্বিয়ামতৰ দিনা সকলোকে হিচাপ-নিকাচৰ বাবে আল্লাহৰ ওচৰতেই একত্ৰিত কৰা হব। তেওঁ সকলোকে নিজ নিজ কৰ্মৰ প্ৰতিফল প্ৰদান কৰিব।
Enam 6:39
যিসকলে আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে, সিহঁত হৈছে কলা ব্যক্তিৰ দৰে, যিসকলে শুনা নাপায়, লগতে বোবা ব্যক্তিৰ দৰে যিসকলে কথা ক'ব নোৱাৰে। লগতে সিহঁত অন্ধকাৰত পৰি আছে, সিহঁতে একোৱে দেখা নাপায়। এতেকে যি এনেকুৱা অৱস্থাত আছে সি হিদায়ত কেনেকৈ পাব? আল্লাহে যাক পথভ্ৰষ্ট কৰিব বিচাৰে তাক পথভ্ৰষ্ট কৰি দিয়ে। আৰু যাক হিদায়ত দিব বিচাৰে তাক পোন পথৰ হিদায়ত প্ৰদান কৰে, যি পথত কোনো বক্ৰতা নাই।
Enam 6:40
হে ৰাছুল! আপুনি এই মুশ্বৰিক বিলাকক কওকচোন যে, যদি তোমালোকৰ ওচৰত আল্লাহৰ ফালৰ পৰা শাস্তি আহে অথবা ক্বিয়ামত আহি পৰে, যিটো অৱশ্যাম্ভাৱী বুলি তোমালোকক প্ৰতিশ্ৰুতি দিয়া হৈছে, সেই সময়ত তোমালোকে আল্লাহৰ বাহিৰে আন কাৰোবাক আহ্বান কৰিবানে, যাতে সি তোমালোকক বিপদৰ পৰা ৰক্ষা কৰে? যদি তোমালোকৰ উপাস্য বিলাক সঁচাই উপকাৰ বা অপকাৰ কৰিবলৈ সক্ষম তেন্তে উত্তৰ দিয়াচোন।
Enam 6:41
সত্য এই যে, তোমালোকে সেই সময়ত, বিপদ আঁতৰাবলৈ আৰু মুচিবতৰ পৰা ৰক্ষা পাবলৈ আল্লাহৰ বাহিৰে আন কাকো আহ্বান নকৰা, তেৱেঁই তোমালোকৰ সৃষ্টিকৰ্তা। কাৰণ এইটো দূৰ কৰিবলৈ কেৱল আল্লাহেই সক্ষম, তেৱেঁই তোমালোকক বিপদৰ পৰা ৰক্ষা কৰে আৰু মুচিবত প্ৰতিৰোধ কৰে যদি তেওঁ ইচ্ছা কৰে। আনহাতে তোমালোকৰ উপাস্য বিলাক, যিবিলাকক তোমালোকে আল্লাহৰ সৈতে সমকক্ষ স্থিৰ কৰা, সেই বিলাকক তোমালোকে পৰিত্যাগ কৰিবা। কাৰণ তোমালোকে গম পাবা যে, সিহঁতে তোমালোকৰ উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে।
Enam 6:42
হে ৰাছুল! আপোনাৰ পূৰ্বেও আমি বহুতো সম্প্ৰদায়ৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছিলো, সিহঁতেও তেওঁলোকক অস্বীকাৰ কৰিছিল আৰু তেওঁলোকে যি লৈ আহিছিল তাৰ পৰা সিহঁতে বিমুখ হৈছিল, ফলত আমি সিহঁতক বিপদৰ সন্মুখীন কৰিছিলো, যেনে দৰিদ্ৰতা আৰু হানীকাৰক বেমাৰ, যাতে সিহঁতে নিজ প্ৰতিপালকৰ ওচৰত নত হয় আৰু বিনীত হয়।
Enam 6:43
যেতিয়া সিহঁতৰ ওপৰত আমাৰ শাস্তি আহি পৰিছিল, সেই সময়ত যদি সিহঁতে আল্লাহৰ ওচৰত নত হেলেহেঁতেন আৰু বিনীত হলেহেঁতেন, যাতে আল্লাহে সিহঁতৰ পৰা শাস্তি উঠাই লয়, তেন্তে আমি সিহঁতৰ প্ৰতি কৃপা কৰিলোহেঁতেন। কিন্তু সিহঁতে এনেকুৱা কৰা নাছিল, বৰং সিহঁতৰ অন্তৰ আৰু কঠিন হৈ পৰিছিল, সিহঁতে উপদেশ গ্ৰহণ নকৰিলে আৰু শিক্ষাও নললে। আৰু চয়তানে সিহঁতৰ পাপ কৰ্মবোৰক সৌন্দৰ্যময় কৰি তুলি ধৰিলে, ফলত সিহঁত নিজৰ সেই আচৰণতে অটল থাকিল।
Enam 6:44
দৰিদ্ৰতা আৰু বেমাৰৰ পিছতো যেতিয়া সিহঁতে উপদেশ গ্ৰহণ নকৰিলে লগতে আল্লাহৰ আদেশ পালন নকৰিলে, তেতিয়া আমি সিহঁতক অৱকাশ প্ৰদান কৰি সিহঁতৰ বাবে অধিক জীৱিকাৰ দুৱাৰ খুলি দিলো, সিহঁতক ঐশ্বৰ্যশীল কৰি দিলো লগতে সুস্বাস্থ্য প্ৰদান কৰিলো। কিন্তু যেতিয়া সিহঁতৰ মাজত অহংকাৰ আহি পৰিল আৰু গৌৰৱ কৰিবলৈ ধৰিলে, তেতিয়া হঠাৎ সিহঁতৰ ওপৰত আমাৰ শাস্তি আহি পৰিল আৰু সিহঁত হতভম্ব হৈ নিৰাশ হৈ পৰিল।
Enam 6:45
কাফিৰসকল ধ্বংস হ'ল, আৰু সিহঁত সকলোকে নাশ কৰা হ'ল, আনহাতে আল্লাহৰ ৰাছুলসকল সহায় প্ৰাপ্ত হ'ল। সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিজন বিশ্বজগতৰ সকলোৰে ৰব্ব, তেওঁ নিজৰ শত্ৰুসকলক ধ্বংস কৰিলে আৰু বন্ধুসকলক সহায় কৰিলে।
Enam 6:46
হে ৰাছুল! এই মুশ্বৰিকসকলক কওঁকচোন, যদি আল্লাহে তোমালোকৰ শ্ৰৱণশক্তি হৰণ কৰি কলা কৰি দিয়ে, তোমালোকৰ দৃষ্টশক্তি কাঢ়ি লৈ অন্ধ বনাই দিয়ে, আৰু তোমালোকৰ অন্তৰত মোহৰ লগাই দিয়ে ফলত তোমালোকে একোৱেই বুজি নোপোৱা, তেন্তে কোন আছে এনেকুৱা সত্য উপাস্য যিয়ে তোমালোকক এইবোৰ ওভোতাই আনি দিব? হে ৰাছুল! গমি চাওঁকচোন, আমি কিদৰে সিহঁতক প্ৰমাণসমূহ স্পষ্টভাৱে বৰ্ণনা কৰি আছো। তাৰ পিছতো সিহঁত বিমুখ হৈ আছে।
Enam 6:47
হে ৰাছুল! সিহঁতক কওঁকচোন, যদি তোমালোকৰ ওপৰত হঠাৎ আল্লাহৰ শাস্তি আহি পৰে অথবা প্ৰকাশ্যভাৱে আহে তেন্তে এই শাস্তিৰ চিকাৰ কেৱল সেইসকল লোক হব যিসকলে আল্লাহৰ লগত কুফুৰী কৰি তথা ৰাছুলসকলক অস্বীকাৰ কৰি নিজৰ ওপৰত অন্যায় কৰিছে।
Enam 6:48
আমি ৰাছুলসকল কেৱল এই কাৰণে প্ৰেৰণ কৰোঁ যাতে তেওঁলোকে ঈমান্দাৰসকলক তথা আনুগত্যকাৰী সকলক এনেকুৱা নিয়ামতৰ সুসংবাদ দিয়ে যিটো কেতিয়াও ধ্বংস নহ'ব। লগতে তেওঁলোকে যাতে কাফিৰ তথা পাপিষ্ঠসকলক আমাৰ কঠোৰ শাস্তিৰ পৰা সতৰ্ক কৰে। এতেকে যিসকলে ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰিব আৰু নিজৰ আমল সংশোধন কৰিব, তেওঁলোকৰ বাবে আখিৰাতত কোনো চিন্তা নাই আৰু পৃথিৱীত কোনো বস্তু নোপোৱাৰো কোনো দুখ নহ'ব।
Enam 6:49
যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতে আল্লাহৰ আনুগত্যৰ পৰা ওলাই যোৱাৰ কাৰণে শাস্তি ভোগ কৰিব।
Enam 6:50
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, মোৰ ওচৰত আল্লাহৰ জীৱিকাৰ ভাণ্ডাৰ নাই যাৰ পৰা মই যেনেকৈ ইচ্ছা খৰচ কৰিম, আৰু মই এইটোও নকওঁ যে মোৰ ওচৰত অদৃশ্যৰ জ্ঞান আছে। কিন্তু আল্লাহে অহীৰ জৰিয়তে মোক যিবোৰ বিষয়ে অৱগত কৰাইছে সেয়া সুকীয়া। আৰু মই তোমালোকক এইটোও নকওঁ যে মই এজন ফিৰিস্তা, বৰং মই এজন আল্লাহৰ ৰাছুল। মই কেৱল সেইটোৰে অনুসৰণ কৰো যিটো মোক অহী কৰা হয়। মোৰ ওচৰত যিটোৰ অধিকাৰ নাই, সেইটোৰ দাবী মই নকৰো। হে ৰাছুল! সিহঁতক কৈ দিয়ক যে, সেইসকল কাফিৰ যিসকলে দুৰদৰ্শিতা নোহোৱাৰ কাৰণে সত্যক বুজি পোৱা নাই, আৰু সেইসকল মুমিন যিসকলে সত্য বুজি পাই ঈমান আনিছে, এই দুয়ো পক্ষ সমান হ'ব পাৰেনে? হে মুশ্বৰিকসকল! তোমালোকৰ চাৰিওফালে থকা নিদৰ্শনবোৰ চাই তোমালোকে চিন্তা-চৰ্চা নকৰানে?!
Enam 6:51
হে ৰাছুল! আপুনি এই কোৰআনৰ জৰিয়তে সেইসকল ব্যক্তিক ভীতিপ্ৰদৰ্শন কৰক, যিসকলে ক্বিয়ামতৰ দিনা প্ৰতিপালকৰ ওচৰত একত্ৰিত হোৱাক ভয় কৰে। আল্লাহৰ বাহিৰে আন কোনো বন্ধু নাথাকিব যিয়ে তেওঁলোকৰ উপকাৰ সাধিব, লগতে কোনো ছুপাৰিছকাৰীও নাথাকিব যিয়ে তেওঁলোকক ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰিব। হয়তো সিহঁতে আল্লাহৰ আদেশ-নিষেধ পালন কৰি তাক্বৱা অৱলম্বন কৰিব পাৰে। এতেকে এইসকল লোকেই কোৰআনৰ দ্বাৰা উপকৃত হয়।
Enam 6:52
হে ৰাছুল! আপোনাৰ বৈঠকৰ পৰা সেই সকল দুখীয়া মুছলিমক আঁতৰাই নিদিব, যিসকলে সদায় পুৱা গধূলি আল্লাহৰ ইবাদত কৰে, আৰু ইখলাচৰ সৈতে তেওঁৰ ইবাদত কৰে। তেওঁলোকক এই উদ্দেশ্যে আঁতৰাই নিদিব যে, আপুনি মুশ্বৰিকসকলৰ ডাঙৰ ডাঙৰ নেতাসকলক আকৰ্ষিত কৰিব। এই দুখীয়াসকলৰ কোনো হিচাপ-নিকাচৰ দায়িত্ব আপোনাৰ ওপৰত নাই। বৰং তেওঁলোকৰ হিচাপ-নিকাচৰ দায়িত্ব আল্লাহৰ হাতত। আনহাতে আপোনাৰ হিচাপৰ দায়িত্বও তেওঁলোকৰ ওপৰত নহয়। যদি আপুনি তেওঁলোকক আপোনাৰ বৈঠকৰ পৰা আঁতৰাই দিয়ে তেন্তে আপুনি আল্লাহৰ সীমালংঘনকাৰী সকলৰ অন্তৰ্ভুক্ত হৈ যাব।
Enam 6:53
এইদৰে আমি কিছুমান লোকক আন কিছুমান লোকৰ দ্বাৰা পৰীক্ষা লৈছো। এতেকে পাৰ্থিৱ জীৱনৰ সূখ-শান্তিত আমি সিহঁতৰ মাজত কম বেছি কৰি দিছো। আমি ইয়াৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰো, যাতে ধনী কাফিৰসকলে দুখীয়া মুমিনসকলক দেখি কয়ঃ আল্লাহে আমাক এৰি এই দুখীয়া সকলৰ প্ৰতি কৃপা কৰি তেওঁলোকক সত্যৰ পথ দেখুৱাইছে নেকি? ঈমান পোষণ কৰাটো যদি কল্যাণকৰ হলেহেঁতেন তেন্তে ইহঁতে আমাতকৈ আগত ঈমান পোষণ কৰিব নোৱাৰিলেহেঁতেন। কিয়নো প্ৰত্যেক বিষয়ত আমিয়ে অগ্ৰগামী। (হেৰা কাফিৰসকল) আল্লাহে নাজানে নেকি যে, তেওঁ তাওফীক দিয়া লোক সকলে তেওঁৰ নিয়ামতৰ কৃতজ্ঞতা কৰিবনে নাই? আৰু কাফিৰসকলকো তেওঁ ভালদৰে জানে, সেই কাৰণেই সিহঁতক ঈমানৰ পৰা বঞ্চিত কৰিছে, ফলত সিহঁতে ঈমান পোষণ নকৰে। নিশ্চয় আল্লাহ সিহঁতৰ বিষয়ে সম্যক অৱগত।
Enam 6:54
হে ৰাছুল! যেতিয়া আপোনাৰ ওচৰত সেই সকল লোক আহে, যিসকলে আমাৰ সেই সমূহ আয়াতৰ প্ৰতি ঈমান পোষণ কৰে যিবোৰে আপুনি লৈ অহা বিধানৰ সত্যতাক সমৰ্থন কৰে, তেতিয়া তেওঁলোকৰ সন্মানাৰ্থে তেওঁলোকৰ ছালামৰ উত্তৰ দিয়ক, লগতে তেওঁলোকক আল্লাহৰ ৰহমতৰ প্ৰশস্তাৰ শুভসংবাদ দিয়ক। আল্লাহে নিজ অনুগ্ৰহত নিজৰ ওপৰত কৃপা কৰাক অনিবাৰ্য কৰি লৈছে। এতেকে যিয়ে অজানিতে কোনো পাপ কৰিব, তাৰ পিছত তাওবা কৰিব আৰু নিজৰ কৰ্মক সংশোধন কৰিব, আল্লাহে নিশ্চয় তেওঁক ক্ষমা কৰিব। কিয়নো আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।
Enam 6:55
উক্ত কথাবোৰ আমি যিদৰে বৰ্ণনা কৰিলো, ঠিক সেইদৰে আমি আপোনাক সেই সমূহ দলীল প্ৰমাণো অৱগত কৰাম যিবোৰে বাতিল পন্থীৰ যুক্তিক খণ্ডন কৰে। যাতে অপৰাধী বিলাকৰ মতাদৰ্শ আৰু সিহঁতৰ পথ স্পষ্ট হৈ পৰে তথা আপুনি সিহঁতৰ পৰা সতৰ্ক থাকিব পাৰে আৰু সচেতন থাকিব পাৰে।
Enam 6:56
হে ৰাছুল! আপুনি কৈ দিয়ক যে, তোমালোকে আল্লাহক এৰি যিবোৰ বস্তুৰ উপাসনা কৰা, আল্লাহে মোক সেইবোৰৰ উপাসনা কৰিবলৈ নিষেধ কৰিছে। হে ৰাছুল! আপুনি কৈ দিয়ক যে, মই তোমালোকৰ আকংক্ষা অনুযায়ী আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰিব নোৱাৰি। মই তোমালোকৰ প্ৰবৃত্তিৰ অনুসৰণ কৰিলে সত্য পথৰ পৰা আঁতৰি যাম, আৰু হিদায়ত নাপাওঁ। এই পৰিণতি প্ৰত্যেক সেই ব্যক্তিৰ হয়, যিয়ে আল্লাহৰ পৰা অহা কোনো প্ৰমাণ নোহোৱাকৈ নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে।
Enam 6:57
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, মই মোৰ প্ৰতিপালকৰ স্পষ্ট প্ৰমাণসমূহৰ ওপৰত প্ৰতিষ্ঠিত। মই প্ৰবৃত্তিৰ অনুসৰণ নকৰো। আৰু তোমালোকে এই প্ৰমাণক অৱজ্ঞা কৰিছা। যিবোৰ অলৌকিক নিদৰ্শন আৰু শাস্তি তোমালোকে বিচৰা, সেইবোৰ মোৰ অধীনত নহয়, বৰং সেইবোৰ আল্লাহৰ হাতত। সিদ্ধান্ত লোৱাৰ একমাত্ৰ অধিকাৰী আল্লাহ তাআলা। তেওঁ সত্য কথা কয় আৰু সেই অনুসাৰেই সিদ্ধান্ত লয়। তেওঁ সত্যবাদী তথা অসত্যবাদী সকলৰ মাজত যিদৰে পাৰ্থক্য কৰিছে, আন কোনেও কৰা নাই।
Enam 6:58
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকে যি শাস্তিৰ দাবী কৰিছা, সেইটো যদি মোৰ অধীনত থাকিলেহেঁতেন, তেন্তে নিশ্চয় মই তোমালোকক বিহিলোহেঁতেন। লগতে তোমালোকৰ আৰু মোৰ মাজত চূ়ড়ান্ত ফয়চালা হৈ গলেহেঁতেন। কিন্তু আল্লাহ অত্যাচাৰী সকলৰ বিষয়ে অধিক অৱগত। সিহঁতক কিমান সময় অৱকাশ দিয়া উচিত আৰু কেতিয়া শাস্তি দিয়া উচিত।
Enam 6:59
অদৃশ্যৰ ভাণ্ডাৰ কেৱল আল্লাহৰ ওচৰতেই। এই বিষয়ে তেওঁৰ বাহিৰে আন কোনেও নাজানে। স্থলত যিমান সৃষ্টি আছে যেনেঃ জীৱ-জন্তু, গছ-তৰুলতা, জড় পদাৰ্থ আদি, তেওঁ সেই সকলোবোৰ জানে। এইদৰে সাগৰৰ ভিতৰত যিবোৰ জীৱ-জন্তু আৰু তৃণলতা আছে, তেওঁ সেইবোৰো জানে। গছৰ এটা পাত সৰিলেও তেওঁ সেই বিষয়ে অৱগত। মাটিৰ ভিতৰত গোপন হৈ থকা এনেকুৱা কোনো দানা নাই অথবা ৰসযুক্ত নাইবা শুকান এনেকুৱা কোনো বস্তু নাই যিটো স্পষ্ট কিতাবত লিখা হোৱা নাই। সেই কিতাবটো হৈছে লওহে মাহফুজ।
Enam 6:60
আৰু টোপনিত অস্থায়ী ৰূপে আল্লাহেই তোমালোকৰ প্ৰাণবোৰক নিজৰ কব্জাত ৰাখে। তোমালোকে গোটেই দিন যি যি কৰ্ম কৰা সেই সকলোবোৰ তেওঁ জানে। তেৱেঁই তোমালোকক দিনত জগাই দিয়ে যাতে তোমালোকে নিজৰ কৰ্মবোৰ সুচাৰুৰূপে সম্পাদন কৰিব পাৰা। অৱশেষত আল্লাহৰ ওচৰত তোমালোকৰ যি সময় নিৰ্ধাৰিত আছে সেয়া শেষ হৈ যাব। তাৰ পিছত তোমালোকক ক্বিয়ামতৰ দিনা পুনৰ্জীৱিত কৰা হ'ব, আৰু তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰা হ'ব। তাৰ পিছত তেৱেঁই তোমালোকক অৱগত কৰাব তোমালোকে পৃথিৱীত কি কৰি আহিছা, লগতে তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।
Enam 6:61
আল্লাহৰ প্ৰভূত্ব তেওঁৰ সকলো বান্দাৰ ওপৰত প্ৰতিষ্ঠিত। সকলোৱে তেওঁৰ নিয়ন্ত্ৰণাধীন। তেওঁ সকলো ফালৰ পৰা সৰ্বোচ্চ। সকলোৱে তেওঁৰ ওচৰত মস্তকৱনত। তেওঁ নিজৰ মৰ্যদানুসাৰে বান্দাসকলৰ ওপৰত আছে। হে মানৱ! তেওঁ তোমালোকৰ ওচৰত সন্মানিত ফিৰিস্তাসকলক প্ৰেৰণ কৰে, যিসকলে তোমালোকৰ কৰ্মৰ হিচাপ ৰাখে। (এইদৰে অব্যাহত থাকিব) অৱশেষত তোমালোকৰ নিৰ্ধাৰিত সময় শেষ হ'ব আৰু মালাকুল মউত আৰু তেওঁৰ সঙ্গীসকল আহি তোমালোকৰ প্ৰাণ হৰণ কৰিব। তেওঁলোকে নিজৰ কৰ্মত অকণো অৱহেলা নকৰে।
Enam 6:62
তাৰ পিছত সকলো প্ৰাণক আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হ'ব যিজন তেওঁলোকৰ সত্য মালিক, যাতে তেওঁ সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব পাৰে। তেৱেঁই সিহঁতৰ মাজত চূড়ান্ত ফয়চালাকাৰী আৰু ন্যায় বিচাৰক। তেৱেঁই তোমালোকৰ আমলৰ দ্ৰুত হিচাপকাৰী আৰু গণনাকাৰী।
Enam 6:63
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, জল আৰু স্থলৰ বিপদ-আপদৰ পৰা তোমালোকক কোনে উদ্ধাৰ কৰে? তেতিয়া তোমালোকে দেখুন বিনীত হৈ প্ৰকাশ্য অপ্ৰকাশ্যভাৱে কেৱল তেওঁকেই আহ্বান কৰা, তেতিয়া তোমালোকে কোৱা যে, আমাৰ প্ৰতিপালকে যদি আমাক এই বিপদৰ পৰা ৰক্ষা কৰে তেন্তে আমি তেওঁৰ অনুগ্ৰহবোৰৰ কৃতজ্ঞতা আদায় কৰিম আৰু তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিম।
Enam 6:64
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, আল্লাহেই তোমালোকক সকলো প্ৰকাৰ বিপদৰ পৰা ৰক্ষা কৰে আৰু সকলো প্ৰকাৰ সংকটৰ পৰা মুক্তি দিয়ে। তথাপিও তোমালোকে সুখৰ সময়ত তেওঁৰ লগত অংশীদাৰ স্থাপন কৰা। ইয়াতকৈ ডাঙৰ অন্যায় আৰু কি হ'ব পাৰে?।
Enam 6:65
হে ৰাছুল! ইহঁতক কৈ দিয়ক যে, আল্লাহ তোমালোকৰ ওপৰত এনেকুৱা শাস্তি প্ৰেৰণ কৰিবলৈ সক্ষম যিটো ওপৰৰ পৰা আহিব যেনে, শীল, বিজুলী আৰু ধুমুহা আদি অথবা এনেকুৱা শাস্তি যিটো তলৰ পৰা আহিব যেনে, ভূমিকম্প, ভূমিস্খলন আদি, নাইবা তোমালোকৰ মাজত মতভেদ সৃষ্টি কৰি দিব আৰু সকলোৱে নিজৰ নিজৰ ইচ্ছানুসাৰে চলিব আৰু পৰস্পৰে কাজিয়াত লিপ্ত হ'ব। হে ৰাছুল! গমি চাওকচোন, কিদৰে আমি স্পষ্ট প্ৰমাণবোৰ সিহঁতৰ সন্মুখত দাঙি ধৰিছো, যাতে সিহঁতে বুজি পায় যে, আপুনি যি লৈ আহিছে সেয়া সত্য আৰু যিবোৰ সিহঁতৰ ওচৰত আছে সেয়া অসত্য।
Enam 6:66
এই কোৰআন সত্য আৰু নিশ্চিতৰূপে ই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, ইয়াত কোনো সন্দেহ নাই। তথাপিও আপোনাৰ সম্প্ৰদায়ে ইয়াক মিছা প্ৰতিপন্ন কৰিছে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, তোমালোকক চোৱা চিতা কৰাৰ দায়িত্ব মোক দিয়া হোৱা নাই। মই কেৱল তোমালোকক সন্মুখত থকা এটা শাস্তিৰ পৰা সতৰ্ককাৰীহে মাথোন।
Enam 6:67
সকলো সংবাদৰ এটা নিৰ্ধাৰিত সময় আছে, যেতিয়া সেইটো জাৰি হয়। ঠিক তেনেকুৱাই তোমালোকৰ অন্তিম সংবাদৰ ক্ষেত্ৰতো, যেতিয়া তোমালোকক ক্বিয়ামতৰ দিনা পুনৰুত্থিত কৰা হ'ব, তেতিয়া তোমালোকে বুজি পাবা।
Enam 6:68
হে ৰাছুল! যেতিয়া আপুনি মুশ্বৰিক সকলক আমাৰ আয়াতসমূহক লৈ উপহাস কৰা বা উপলুঙা কৰা দেখিব, তেতিয়া আপুনি সিহঁতৰ পৰা আঁতৰি থাকিব যেতিয়ালৈকে সিহঁতে আন কোনো প্ৰসঙ্গ আৰম্ভ নকৰে। আনহাতে যদি চয়তানে পাহৰাই দিয়ে আৰু অজানিতে আপুনি সিহঁতৰ লগত বহে তেন্তে মনত পৰাৰ লগে লগে সিহঁতৰ বৈঠক পৰিত্যাগ কৰক আৰু এনেকুৱা সীমালংঘনকাৰী সকলৰ সৈতে নবহিব।
Enam 6:69
আৰু যিসকলে আল্লাহক ভয় কৰে তথা তেওঁৰ আদেশ নিষেধ পালন কৰে, তেওঁলোকৰ পৰা এই অত্যাচাৰীসকলৰ কোনো হিচাপ লোৱা নহ'ব। তেওঁলোকৰ দায়িত্ব কেৱল এইখিনি যে, সিহঁতক পাপ কৰ্মৰ পৰা নিষেধ কৰা, যাতে সিহঁতৰ অন্তৰত আল্লাহৰ ভীতি সোমায় আৰু সিহঁতেও আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।
Enam 6:70
হে ৰাছুল! এই মুশ্বৰিকসকলক এৰি দিয়ক, যিসকলে ধৰ্মক খেল-ধেমালিৰ পাত্ৰ বনাইছে, আৰু ধৰ্মক উপহাস কৰে। ইহঁতে পাৰ্থিৱ জীৱনৰ প্ৰৱঞ্চনাত পৰিছে। হে নবী! মানুহক কোৰআনৰ দ্বাৰা উপদেশ দিয়ক, যাতে কোনো ব্যক্তিয়ে পাপ কৰ্মৰ কাৰণে সৰ্বনাশ নহয়, তেতিয়া আল্লাহৰ বাহিৰে আন কোনো সহায়ক নাথাকিব যাৰ পৰা সি সহায় বিচাৰিব। আৰু এনেকুৱা কোনো মধ্যস্ততাকাৰীও নাথাকিব যিয়ে ক্বিয়ামতৰ দিনা তাক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব। যিদিনা কোনেও কোনো মুক্তিপণৰ বিনিময়ত মুক্তি নাপাব। এইসকল লোকেই গুনাহত পতিত হৈ নিজকে ধ্বংস কৰিছে। ক্বিয়ামতৰ দিনা সিহঁতক সিহঁতৰ কুুফুৰীৰ কাৰণে অত্যন্ত গৰম পানীয় পান কৰোৱা হ'ব আৰু কষ্টদায়ক শাস্তি দিয়া হ'ব।
Enam 6:71
হে ৰাছুল! এই মুশ্বৰিকসকলক কৈ দিয়ক যে, আমি আল্লাহক এৰি এনেকুৱা মূৰ্তিবোৰৰ পূজা-পাঠ কৰিম নেকি, যিবোৰে ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে। আৰু আল্লাহে আমাক তাওফীক দিয়া ঈমানৰ পৰা উভতি যাম নেকি, আৰু সেই সকল লোকৰ দৰে হৈ যাম নেকি যিসকলক চয়তানে পথভ্ৰষ্ট কৰিছে। যিসকলক এনেকৈ দিশহাৰা কৰিছে যে, সিহঁতে পথ বিচাৰি পোৱা নাই। সিহঁতৰ কিছুমান সঙ্গী এনেকুৱা আছে যিসকলে সিহঁতক সত্য পথৰ পিনে আহ্বান কৰে কিন্তু সিহঁতে তেওঁলোকৰ কথা নুশুনে। হে ৰাছুল! সিহঁতক কৈ দিয়ক যে, আল্লাহৰ হিদায়তেই হৈছে সত্য হিদায়ত, আল্লাহে আমাক আদেশ প্ৰদান কৰিছে যে, আমি যেন তেওঁৰ সন্মুখত নত হৈ যাওঁ। আৰু কেৱল তেওঁৰেই ইবাদত কৰোঁ, কাৰণ তেৱেঁই সকলোৰে ৰব্ব।
Enam 6:72
আৰু তেওঁ আমাক সৰ্বোত্তমৰূপে ছালাত প্ৰতিষ্ঠা কৰাৰ তথা তেওঁৰ আদেশ-নিষেধ পালন কৰি তাক্বৱা অৱলম্বন কৰাৰ আদেশ দিছে। কাৰণ ক্বিয়ামতৰ দিনা সকলোকে তেওঁৰ ওচৰতেই একত্ৰিত কৰা হ'ব। যাতে সকলোকে সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব পাৰে।
Enam 6:73
তেৱেঁই সত্যৰ সৈতে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে। (সেই দিনটোক ভয় কৰা) যিদিনা আল্লাহে কোনো বস্তুক ক'ব, “হৈ যা” ফলত সেয়া হৈ যাব। ক্বিয়ামতৰ দিনা আল্লাহে যেতিয়া ক'বঃ উঠা, তেতিয়া সকলোৱে উঠিব। তেওঁৰ কথা চিৰসত্য, সেইটো বাস্তৱায়িত হ'বই হ'ব। ক্বিয়ামতৰ দিনা কেৱল তেওঁৰেই ৰাজত্ব চলিব, যেতিয়া ইছৰাফীলে শিঙাত দ্বিতীয় বাৰ ফুঁ দিব। তেওঁ প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়ে অৱগত। তেওঁ সৃষ্টি কৰাত আৰু নিয়ন্ত্ৰণত মহা প্ৰজ্ঞাৱান, তেওঁ সৰ্বজ্ঞ, তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। তেওঁৰ ওচৰত প্ৰকাশ্য আৰু অপ্ৰকাশ্যৰ মাজত কোনো পাৰ্থক্য নাই।
Enam 6:74
হে ৰাছুল! স্মৰণ কৰক, যেতিয়া ইব্ৰাহীম আলাইহিছ ছালামে তেওঁৰ মুশ্বৰিক পিতা আজাৰক কৈছিলঃ হে মোৰ পিতৃ! আপুনি আল্লাহক এৰি মূৰ্তিবোৰৰ পূজা-পাঠ কৰে, মই আপোনাক আৰু আপোনাৰ সম্প্ৰদায়ক যিসকলে মূৰ্তি পূজা কৰি আছে প্ৰকাশ্য ভ্ৰান্ত পথত দেখি আছো। এই পূজা পাঠৰ কাৰণেই সিহঁত সত্য পথৰ পৰা আঁতৰি আছে। সত্য উপাস্য একমাত্ৰ আল্লাহ তাআলা, তেওঁৰ বাহিৰে সকলো উপাস্য অসত্য।
Enam 6:75
যিদৰে আমি তেওঁক তেওঁৰ পিতা তথা তেওঁৰ জাতিৰ পথভ্ৰষ্টতা দেখুৱাইছো, ঠিক সেইদৰে আমি তেওঁক আকাশ তথা পৃথিৱীৰ বিশাল ৰাজত্ব দেখুৱাইছো, যাতে তেওঁ বুজি পায় যে, একমাত্ৰ আল্লাহেই ইবাদতৰ যোগ্য। লগতে যাতে পতিয়ন যায় যে, আল্লাহ একক, তেওঁৰ কোনো অংশীদাৰ নাই আৰু তেওঁ সকলো বস্তু ওপৰত ক্ষমতাৱান।
Enam 6:76
যেতিয়া ৰাতি হ'ল, তেওঁ এটা তৰা দেখি ক'লেঃ এইটোৱে মোৰ ৰব্ব, কিন্তু যেতিয়া তৰাটো অদৃশ্য হৈ গ'ল, তেতিয়া ক'লেঃ যিটো অদৃশ্য হৈ যায় সেইটোক মই পছন্দ নকৰো। কিয়নো সত্য উপাস্য কেতিয়াও অদৃশ্য নহয় বৰং সদায় উপস্থিত থাকে।
Enam 6:77
আকৌ যেতিয়া চন্দ্ৰ উদয় হোৱা দেখিলে, তেতিয়া ক'বলৈ ধৰিলেঃ এইটোৱে মোৰ ৰব্ব। কিন্তু এইটোও যেতিয়া অদৃশ্য হ'ল, তেতিয়া ক'লেঃ যদি আল্লাহে মোক একক ভাৱে তেওঁৰ ইবাদত কৰাৰ তাওফীক নিদিয়ে তেন্তে মই সেই সকল লোকৰ অন্তৰ্ভুক্ত হৈ যাম, যিসকল আল্লাহৰ সত্য দ্বীনৰ পৰা আঁতৰি আছে।
Enam 6:78
যেতিয়া সূৰ্য্য উদয় হোৱা দেখিলে, তেতিয়া ক'বলৈ ধৰিলেঃ এইটোৱে মোৰ ৰব্ব। এইটো তৰা আৰু চন্দ্ৰতকৈও ডাঙৰ। কিন্তু যেতিয়া সেইটোও অস্তমিত হ'ল, তেতিয়া ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! যিবোৰ বস্তুক তোমালোকে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰা, মই সেইবোৰৰ পৰা সম্পূৰ্ণ মুক্ত।
Enam 6:79
মই মোৰ দ্বীন সেই সত্তাৰ বাবে সমৰ্পিত কৰিছো, যিয়ে পূৰ্বৰ কোনো উপমা নোহোৱাকৈ আকাশমণ্ডল তথা পৃথিৱী সৃষ্টি কৰিছে, লগতে মই শ্বিৰ্কৰ পৰা মুক্ত হৈ নিৰ্ভেজাল তাওহীদৰ পিনে ধাবিত হৈছো। মই সেই সকল মুশ্বৰ্কিৰ অন্তৰ্ভুক্ত নহয়, যিসকলে আল্লাহৰ লগত আনক অংশী কৰে।
Enam 6:80
তেওঁৰ মুশ্বৰিক সম্প্ৰদায়ে আল্লাহৰ তাওহীদ সম্পৰ্কে তেওঁৰ লগত বাদানুবাদ কৰিবলৈ ধৰিলে আৰু সিহঁতৰ মূৰ্তিবোৰৰ দ্বাৰা তেওঁক ভয় দেখুৱালে। তেতিয়া ইব্ৰাহীম আলাইহিছ ছালামে সিহঁতক ক'লেঃ তোমালোকে মোৰ লগত এই কাৰণে বাদানুবাদ কৰি আছা নেকি যে, মই কেৱল আল্লাহৰ ইবাদত কৰো, অথচ আল্লাহেই মোক ইয়াৰ তাওফীক দান কৰিছে। মই তোমালোকৰ মূৰ্তিবোৰক ভয় নকৰো। কিয়নো আল্লাহে ইচ্ছা নকৰিলে সিহঁতে মোৰ ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে, আল্লাহে যিটো বিচাৰে সেইটোৱে হয়। প্ৰত্যেক বিষয়ে তেওঁ জ্ঞাত, আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো বস্তু তেওঁৰ পৰা গোপন নহয়। হে মোৰ সম্প্ৰদায়! তোমালোকে উপদেশ গ্ৰহণ নকৰা নেকি, আল্লাহৰ লগত কুফুৰী আৰু শ্বিৰ্ক নকৰি তেওঁৰ প্ৰতি ঈমান পোষণ কৰা।
Enam 6:81
এইটো কেনেকৈ সম্ভৱ যে মই আল্লাহৰ বাহিৰে তোমালোকৰ এই মূৰ্তিবোৰক ভয় কৰিম, অথচ তোমালোকে নিজেই কোনো প্ৰমাণ নোহোৱাকৈ আল্লাহৰ সৃষ্টিক আল্লাহৰ সমকক্ষ স্থিৰ কৰিবলৈ ভয় নকৰা? কোনটো দল মুক্তিৰ অধিক নিকটৱৰ্তী মুশ্বৰিকসকলৰটো নে তাওহীদপন্থী সকলৰটো? যদি তোমালোকে জানা যে, কোনটো দল উত্তম সেইটোৰে অনুসৰণ কৰা। নিঃসন্দেহে মুমিনসকল তথা তাওহীদ পন্থী সকলৰ দলটোৱে অতি উত্তম।
Enam 6:82
শান্তি আৰু নিৰাপত্তা কেৱল সেই সকল লোকৰ বাবে, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে তথা তেওঁৰ বিধানৰ অনুসৰণ কৰিছে আৰু ঈমানৰ লগত শ্বিৰ্ক মিশ্ৰিত কৰা নাই। এওঁলোকেই সেই সকল লোক, যিসকলক তেওঁলোকৰ প্ৰতিপালকে পোন পথত পৰিচালিত হোৱাৰ তাওফীক দান কৰিছে।
Enam 6:83
যি প্ৰমাণৰ দ্বাৰা ইব্ৰাহীমে তেওঁৰ সম্প্ৰদায়ক পৰাজিত কৰিছিল আনকি সিহঁতৰ ওচৰত কোনো প্ৰমাণেই নাছিল, সেই প্ৰমাণটো হৈছে আল্লাহৰ এই বাণীঃ (নিৰাপত্তাৰ ক্ষেত্ৰত কোনোটো দল অধিক সবল)। যিটো আমি তেওঁক তেওঁৰ সম্প্ৰদায়ৰ লগত তৰ্ক কৰাৰ বাবে প্ৰদান কৰিছিলো। পৃথিৱী আৰু আখিৰাতত আমি আমাৰ বান্দাসকলৰ মাজত যাক ইচ্ছা কৰো উচ্চ মৰ্যদা প্ৰদান কৰো। হে ৰাছুল! আপোনাৰ প্ৰতিপালক সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু নিয়ন্ত্ৰণত মহাপ্ৰজ্ঞাৱান তথা বান্দাসকলৰ বিষয়ে সৰ্বজ্ঞ।
Enam 6:84
আৰু আমি ইব্ৰাহীমক সন্তানৰূপে ইছহাক তথা নাতিৰূপে ইয়াকূব প্ৰদান কৰিছিলো আৰু উভয়কে পোন পথৰ তাওফীক প্ৰদান কৰিছিলো। তেওঁলোকৰ পূৰ্বে নূহক আৰু তেওঁৰ বংশধৰ দাঊদ, তেওঁৰ পুত্ৰ ছুলাইমান, আয়্যুব. ইউছুফ. মুছা তথা তেওঁৰ ভাতৃ হাৰূন আলাইহিমুছ ছালামকো পোন পথত চলাৰ তাওফীক প্ৰদান কৰিছিলো। যিদৰে আমি নবীসকলক তেওঁলোকৰ এহছানৰ বিনিময় দিছো, সেইদৰে আমি আন আন এহছানকাৰী সকলকো প্ৰতিদান প্ৰদান কৰিম।
Enam 6:85
এইদৰে যাকাৰিয়্যা, এহয়া, ঈছা আৰু ইলিয়াছ আলাইহিমুছ ছালামকো পোন পথত চলাৰ তাওফীক প্ৰদান কৰিছিলো। এই সকলো নবী আল্লাহৰ পূণ্যৱান বান্দা আছিল, যিসকলক আল্লাহে ৰাছুল হিচাপে নিৰ্বাচিত কৰিছিল।
Enam 6:86
এইদৰে ইছমাঈল, এছআ, ইউনুছ তথা লূত আলাইহিমুছ ছালামকো তাওফীক প্ৰদান কৰিছিলো। এই সকলো নবী, যিসকলৰ শিৰোমণি হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম, এওঁলোকক আমি সকলো লোকৰ ওপৰত প্ৰাধান্য প্ৰদান কৰিছিলো।
Enam 6:87
তেওঁলোকৰ পিতা, সন্তান তথা ভাতৃসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰিছো তাওফীক প্ৰদান কৰিছো আৰু নিৰ্বাচিত কৰিছো লগতে পোন পথত চলাৰ সামৰ্থ প্ৰদান কৰিছো, যিটো আল্লাহৰ তাওহীদ আৰু আনুগত্যৰ পথ।
Enam 6:88
এই যিটো তাওফীক তেওঁলোকে পাইছে, সেইটো আল্লাহৰ তাওফীক। তেওঁ নিজৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাওফীক প্ৰদান কৰে। তেওঁলোকেও যদি কাৰোবাক আল্লাহৰ অংশী কৰিলেহেঁতেন তেন্তে তেওঁলোকৰ সকলো আমল ব্যৰ্থ হৈ গলহেঁতেন। কাৰণ শ্বিৰ্কে পূণ্যক বিনষ্ট কৰি দিয়ে।
Enam 6:89
উক্ত নবীসকলক আমি পুথি প্ৰদান কৰিছিলো, হিকমত আৰু নুবুওৱত প্ৰদান কৰিছিলো। যদি আপোনাৰ সম্প্ৰদায়ে এইবোৰক অস্বীকাৰ কৰে তেন্তে আমি এনেকুৱা এটা জাতি প্ৰস্তুত কৰি ৰাখিছো যিসকলে এইবোৰক অস্বীকাৰ নকৰিব, বৰং ইয়াৰ ওপৰত ঈমান পোষণ কৰিব আৰু ইয়াক মজবুতভাৱে ধাৰণ কৰিব। তেওঁলোক হৈছে মুহাজিৰ আৰু আনচাৰসকল তথা সেই সকল লোক যিসকলে ক্বিয়ামত পৰ্যন্ত তেওঁলোকৰ উত্তমৰূপে অনুসৰণ কৰিব।
Enam 6:90
এইসকল নবী তথা তেওঁলোকৰ লগত উল্লেখিত তেওঁলোকৰ পিতৃ, সন্তান আৰু ভাতৃসকলেই প্ৰকৃত হিদায়ত প্ৰাপ্ত। এতেকে তেওঁলোকৰ অনুসৰণ কৰক আৰু তেওঁলোকক আদৰ্শ হিচাপে লওঁক। আৰু হে নবী! আপুনি আপোনাৰ সম্প্ৰদায়ক কৈ দিয়ক যে, কোৰআন পৌঁচাই দিয়াৰ বিনিময়ত মই তোমালোকৰ পৰা কোনো প্ৰতিদান নিবিচাৰো। কোৰআন হৈছে শিক্ষা সামগ্ৰী, পৃথিৱীত বসবাসকাৰী মানৱ আৰু জিন জাতিৰ বাবে, যাতে সিহঁতে ইয়াৰ দ্বাৰা পোন পথ আৰু সঠিক পথ লাভ কৰিব পাৰে।
Enam 6:91
মুশ্বৰিকসকলে যেতিয়া নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লে যে, আল্লাহে কোনো মানুহৰ প্ৰতি অহী প্ৰেৰণ কৰা নাই, এনেকুৱা কথাৰ ফলত সিহঁতে আল্লাহক যথাৰ্থ সন্মান কৰা নাই। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, মূছাৰ প্ৰতি কোনে তাওৰাত অৱতীৰ্ণ কৰিছিল, যিটো তেওঁৰ সম্প্ৰদায়ৰ বাবে হিদায়ত তথা জ্যোতি আছিল। যিটোক ইয়াহুদীসকলে নিজৰ বহীত লিখি ৰাখিছিল, আৰু যিটো সিহঁতৰ প্ৰবৃত্তিৰ অনুকূল হৈছিল সেইটো প্ৰকাশ কৰিছিল আৰু বাকী বাণীসমূহ গোপন কৰিছিল, যেনেঃ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিৱৰণ সম্পৰ্কে সিহঁতে এনেকুৱা কৰিছিল। আৰু হে আৰববাসীসকল! তোমালোকক কোৰআনৰ সেইসমূহ কথা বৰ্ণনা কৰা হৈছে যিবোৰ তোমালোকে তথা তোমালোকৰ পূৰ্বপুৰুষসকলে জনা নাছিলা। হে ৰাছুল! সিহঁতক কৈ দিয়ক যে, সেয়া আল্লাহে অৱতীৰ্ণ কৰিছিল। এতেকে তাৰ পিছত সিহঁতক সিহঁতৰ মুৰ্খতা আৰু পথভ্ৰষ্টতাত এৰি দিয়ক তথা সিহঁতক বিদ্ৰোহ আৰু উপহাস কৰিবলৈ এৰি দিয়ক, সিহঁতৰ মৃত্যু এই অৱস্থাতেই হ'ব।
Enam 6:92
হে নবী! এই কোৰআন এখন গ্ৰন্থ, যিখন আমি আপোনাৰ ওপৰত অৱতীৰ্ণ কৰিছোঁ। এইখন বৰকতময় গ্ৰন্থ, এইখনে পূৰ্বৱৰ্তী গ্ৰন্থসমূহক সমৰ্থন কৰে। (এই গ্ৰন্থখন আমি এই কাৰণে অৱতীৰ্ণ কৰিছোঁ) যাতে আপুনি মক্কাৰ অধিবাসীসকলক আৰু পূৱ তথা পশ্চিমৰ সকলো লোককে সতৰ্ক কৰিব পাৰে আৰু যাতে সিহঁতে হিদায়ত পায়। লগতে যাতে তেওঁলোককো সতৰ্ক কৰিব পাৰে যিসকলে আখিৰাত তথা এই কোৰআনৰ প্ৰতি ঈমান পোষণ কৰিছে, আৰু ইয়াৰ বিধানসমূহৰ প্ৰতি আমল কৰে, নিয়মিতভাৱে ছালাত আদায় কৰে, চৰীয়তৰ দ্বাৰা নিৰ্ধাৰিত সময়ত ছালাতৰ আৰকান, ফৰজসমূহ তথা মুস্তাহাবসমূহৰ লগতে উত্তমৰূপে ছালাত আদায় কৰে।
Enam 6:93
সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোনো নাই যিয়ে আল্লাহৰ প্ৰতি অপবাদ জাপি দি কয় যে, আল্লাহে মানুহৰ ওপৰত একোৱেই অৱতীৰ্ণ কৰা নাই। অথবা মিছাৰ আশ্ৰয় লৈ কয়ঃ আল্লাহে তাৰ প্ৰতি অহী কৰিছে, অথচ আল্লাহে তাৰ প্ৰতি কোনো অহী কৰা নাই। অথবা কয়ঃ যিদৰে আল্লাহে কোৰআন অৱতীৰ্ণ কৰিছে, সেইদৰে ময়ো অৱতীৰ্ণ কৰিব পাৰিম। (হে নবী!) যদি আপুনি সেই সময়ৰ দৃশ্য দেখিলেহেঁতেন, যেতিয়া এই যালিমসকল মৃত্যু যন্ত্ৰণাত ভোগিব আৰু ফিৰিস্তাসকলে সিহঁতক প্ৰহাৰ কৰি ক'বঃ তোমালোকৰ আত্মাসমূহ উলিয়াই আনা, আমি সেইবোৰ গ্ৰহণ কৰিম। আজি তোমালোকক এনেকুৱা শাস্তি বিহা হ'ব, যি শাস্তিয়ে তোমালোকক অপমানিত কৰিব, কাৰণ তোমালোকে আল্লাহৰ প্ৰতি মিছা আৰোপ লগাইছিলা, মিছা নবী হোৱাৰ দাবী কৰিছিলা লগতে কৈছিলাঃ আমিও আল্লাহৰ দৰে অৱতীৰ্ণ কৰিবলৈ সক্ষম, আৰু অহংকাৰ কৰি আল্লাহৰ নিদৰ্শনসমূহ আৰু ঈমানক অস্বীকাৰ কৰিছিলা। (হে নবী!) আপুনি এই দৃশ্য দেখিলে, সিহঁতৰ নিকৃষ্ট অৱস্থা দেখিবলৈ পালেহেঁতেন।
Enam 6:94
পুনৰুত্থানৰ দিনা সিহঁতক কোৱা হ'ব, আজি তোমালোকে আমাৰ ওচৰত অকলেই আহিছা। এতিয়া তোমালোকৰ ওচৰত কোনো সম্পদো নাই আৰু কোনো ৰাজত্বও নাই। খালি ভৰি, বস্ত্ৰহীন, খতনাবিহীন উপস্থিত হৈছা যিদৰে আমি তোমালোকক প্ৰথম সৃষ্টি কৰিছিলো। আমি তোমালোকক যি যি প্ৰদান কৰিছিলো, সেইবোৰ তোমালোকে ইচ্ছা থকা সত্তেও পৃথিৱীতে এৰি থৈ আহিছা। যিবোৰ উপাস্যক তোমালোকে ছুপাৰিছকাৰী বুলি ভাৱিছিলা আৰু যিবোৰক তোমালোকে আল্লাহৰ সমকক্ষ তথা ইবাদতৰ যোগ্য বুলি ভাৱিছিলা, আজি সেইবোৰও তোমালোকৰ লগত নাই। আনকি সিহঁতৰ লগত তোমালোকৰ সম্পৰ্কচ্ছেদ হৈছে, সিহঁতৰ বিষয়ে তোমালোকৰ যি যি বিশ্বাস আছিল সেই সকলোবোৰ নিঃশেষ হৈছে। (যেনেঃ সিহঁতে ছোপাৰিছ কৰিব, বা সিহঁত আল্লাহৰ অংশীদাৰ আদি)
Enam 6:95
নিশ্চয় আল্লাহেই বীজক বিদীৰ্ণ কৰে আৰু তাৰ পৰা পুলি গজায়। এইদৰে তেওঁ গুটি বিদীৰ্ণ কৰে আৰু তাৰ পৰা গছ উৎপন্ন হয়, যেনে- খেজুৰ গছ আৰু আঙুৰ আদি। তেওঁৱেই নিৰ্জীৱৰ পৰা সজীৱ উলিয়ায়। আনহাতে মানুহ তথা আন আন জীৱ-জন্তুক তেৱেঁই এটোপাল পানীৰ দ্বাৰা সৃষ্টি কৰে। এইদৰে নিৰ্জীৱক সজীৱৰ পৰা উলিয়ায়, যেনেঃ বীৰ্যক মানুহৰ পৰা আৰু কণীক মুৰ্গীৰ পৰা উলিয়ায়। যি সত্তাই এনেকুৱা কৰে তেৱেঁই আল্লাহ, যিজনে তোমালোকক সৃষ্টি কৰিছে। হে মুশ্বৰিকসকল! তথাপিও তোমালোকে আল্লাহৰ কলা-কৃষ্টি দেখাৰ পিছতো সত্যৰ পৰা পলায়ন কৰা কিয়?
Enam 6:96
আল্লাহৰ আদেশতেই ৰাতিৰ অন্ধকাৰ গুচি দিনৰ পোহৰ প্ৰস্ফুটিত হয়। তেৱেঁই মানুহৰ বাবে ৰাতিক বিশ্ৰামৰ মাধ্যম বনাইছে, ফলত মানুহে বিভিন্ন কাম-বন এৰি ৰাতিত দিনৰ ক্লান্তৰ পৰা আৰাম লাভ কৰে। তেওঁৰ নিৰ্দেশতেই চন্দ্ৰ তথা সূৰ্য এটা নিৰ্ধাৰিত সময় অনুসাৰে নিজৰ কক্ষপথত প্ৰদক্ষিণ কৰে। এই অদ্ভূদ ৰচনা সেই প্ৰভাৱশালী প্ৰতিপালকৰ যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি সম্পৰ্কে সম্যক অৱগত আৰু তেওঁ জানে সিহঁতৰ বাবে কোনটো কল্যাণকৰ।
Enam 6:97
হে আদম সন্তান! তেৱেঁই আকাশমণ্ডলক তৰাবোৰৰ জৰিয়তে সুসজ্জিত কৰিছে। যিবোৰৰ সহায়ত জল তথা স্থলৰ ভ্ৰমণত পথ হেৰাই গ'লে তোমালোকে পথ বিচাৰি পোৱা। আমি দলীল তথা প্ৰমাণৰ জৰিয়তে নিজৰ ক্ষমতা সাব্যস্ত কৰিছো কিন্তু ইয়াৰ দ্বাৰা কেৱল সেইসকল লোকেই উপকৃত হয় যিসকলে চিন্তা-চৰ্চা তথা গৱেষণা কৰে।
Enam 6:98
তেওঁ তোমালোকক এটা আত্মা অৰ্থাৎ তোমালোকৰ আদি পিতা আদমৰ আত্মাৰ পৰা সৃষ্টি কৰিছে, কিয়নো প্ৰথমে তোমালোকৰ পিতা আদমক মাটিৰে সৃষ্টি কৰিছে, তাৰ পিছত তোমালোকক তেওঁৰ পৰা সৃষ্টি কৰিছে। তোমালোকৰ বাবে অৱস্থান কৰাৰ ঠাই বনাইছে যেনেঃ মাকৰ গৰ্ভ, আৰু অস্থায়ী অৱস্থান আছিল পিতৃৰ পিঠি। আমি সেই সকল লোকৰ বাবে আমাৰ নিদৰ্শনসমূহ স্পষ্ট কৰি দিছো, যিসকলে আল্লাহৰ কালাম ভালদৰে বুজি পায়।
Enam 6:99
তেৱেঁই আকাশৰ পৰা পানী বৰ্ষায়, তাৰ দ্বাৰাই আমি বিভিন্ন প্ৰকাৰৰ গছ-পুলি উত্পন্ন কৰো, সেইবোৰ পুলিৰ পৰাই আমি ফচল তথা সেউজীয়া গছ-বৃক্ষ আদি উত্পন্ন কৰো। যিবোৰৰ পৰা দানা, বীজ আদি উলিয়াওঁ, যেনে ওপৰা ওপৰিকৈ লাগি থকা ফলৰ থোক। আৰু খেজুৰ গছৰ পৰা সৃষ্টি কৰোঁ ওলমি থকা খেজুৰৰ থোক, যিবোৰ থিয় হৈ অথবা বহিও সংগ্ৰহ কৰিব পাৰি। লগতে উত্পন্ন কৰো আঙুৰৰ বাগিচা। যায়তুন তথা ডালিম সৃষ্টি কৰো, যাৰ পাতবোৰ একেই কিন্তু ফল ভিন্ন। হে মানৱসমাজ! ইয়াৰ ফলবোৰৰ প্ৰতি লক্ষ্য কৰা যেতিয়া প্ৰথমবাৰ গছত ধৰে আৰু যেতিয়া পকি যায়। যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকৰ বাবে ইয়াৰ মাজত আছে স্পষ্ট প্ৰমাণ আৰু তেওঁলোকেই এই প্ৰমাণবোৰৰ পৰা উপকৃত হয়।
Enam 6:100
মুশ্বৰিকসকলে জিনবোৰক আল্লাহৰ অংশীদাৰ কৰি লৈছিল এই বিশ্বাস পোষণ কৰি যে, সিহঁতে উপকাৰ বা অপকাৰ কৰিব পাৰে। অথচ আল্লাহেই সিহঁতক সৃষ্টি কৰিছে। সেয়ে কেৱল তেৱেঁই ইবাদতৰ যোগ্য। সিহঁতে আল্লাহৰ পুত্ৰ আছে বুলি বিশ্বাস কৰিছিল, যিদৰে ইয়াহুদীসকলে উযাইৰক আৰু খৃষ্টানসকলে ঈছাক আল্লাহৰ পুত্ৰ বুলি ভাৱিছিল। আৰু কন্যা সন্তান আছে বুলিও সিহঁতে বিশ্বাস কৰিছিল, যিদৰে মুশ্বৰিকসকলে ফিৰিস্তাসকলক আল্লাহৰ কন্যা সন্তান বুলি অপবাদ দিছিল। বাতিল পন্থীয়ে দিয়া এই সকলো অপবাদৰ পৰা আল্লাহ তাআলা পৱিত্ৰ।
Enam 6:101
তেৱেঁই আকাশমণ্ডল তথা পৃথিৱীক পূৰ্বৰ কোনো নমুনা নোহোৱাকৈ সৃষ্টি কৰিছে। তেওঁৰ পত্নীয়ে নাই, সন্তান কেনেকৈ হব? তেৱেঁই সকলো সৃষ্টি কৰিছে আৰু তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়।
Enam 6:102
হে মানৱজাতি! এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী সত্তাই হৈছে তোমালোকৰ ৰব্ব। তেওঁৰ বাহিৰে তোমালোকৰ কোনো ৰব্ব নাই আৰু কোনো সত্য উপাস্যও নাই। তেৱেঁই সকলো বস্তুৰ সৃষ্টিকৰ্তা। এতেকে কেৱল তেওঁৰেই ইবাদত কৰা। কাৰণ তেৱেঁই ইবাদতৰ যোগ্য আৰু তেৱেঁই সকলো বস্তুৰ সংৰক্ষক।
Enam 6:103
দৃষ্টিসমূহে তেওঁক আয়ত্ত্ব কৰিব নোৱাৰে কিন্তু তেওঁ সকলোকে দেখি আছে আৰু সকলোকে পৰিবেষ্টন কৰি আছে। তেওঁ নেক বান্দাসকলৰ কল্যাণ সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে আৰু তেওঁলোকৰ বিষয়ে সম্যক অৱগত।
Enam 6:104
হে মানৱজাতি! তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ স্পষ্ট প্ৰমাণ আহি পৰিছে। যিয়ে সেয়া মানিব তেৱেঁই সফলতা পাব। যিয়ে আওকাণ কৰিব আৰু বুজিবলৈ যত্ন নকৰিব আৰু মানিবলৈও চেষ্টা নকৰিব, তাৰেই ক্ষতি হ'ব। মই তোমালোকৰ ৰক্ষক নহয় যে, তোমালোকৰ কৰ্মবোৰ গণি থাকিম। মই কেৱল মোৰ প্ৰতিপালকৰ তৰফৰ পৰা এজন ৰাছুল, তেৱেঁই তোমালোকৰ ৰক্ষক।
Enam 6:105
যিদৰে আমি বিভিন্ন প্ৰকাৰৰ প্ৰমাণৰ দ্বাৰা আল্লাহৰ ক্ষমতা সাব্যস্ত কৰিলো, সেইদৰে প্ৰতিশ্ৰুতি, সতৰ্ক তথা উপদেশ সম্পৰ্কীয় বিষয়ত বিভিন্ন ধৰণৰ আয়াত অৱতীৰ্ণ কৰিছো। মুশ্বৰিকসকলে ক'ব যে, এয়া কোনো অহী নহয়। বৰং তোমাৰ পূৰ্বে যিসকলক পুথি দিয়া হৈছিল, তাৰ পৰা তোমালোকে শিকি লৈছা। এই আয়াতবোৰৰ দ্বাৰা আমি মানুহৰ সন্মুখত সত্য স্পষ্ট কৰি দিব বিচাৰো আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতৰ যিসকল মুমিন ব্যক্তি আছে তেওঁলোকে যাতে এইবোৰ আয়াতৰ প্ৰতি ঈমান পোষণ কৰে। কাৰণ তেওঁলোকেই সত্য স্বীকাৰ কৰে আৰু ইয়াৰ অনুসৰণ কৰে।
Enam 6:106
হে নবী! সেই সত্যৰ অনুসৰণ কৰক, যি সত্যৰ অহী আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি কৰিছে। তেওঁ পৱিত্ৰ সত্ত্বা, তেওঁৰ বাহিৰে কোনো সত্য উপাস্য নাই। কাফিৰসকলৰ অবাধ্যতা তথা সীমালংঘনত আপুনি দুখী নহব। কাৰণ সিহঁতৰ বিষয়বোৰ আল্লাহৰ জীম্মাত।
Enam 6:107
আল্লাহে ইচ্ছা কৰিলে সিহঁতে কাকো অংশী স্থাপন নকৰিলেহেঁতেন। হে ৰাছুল! আমি আপোনাক সংৰক্ষক হিচাপে দায়িত্ব দিয়া নাই যে, আপুনি সিহঁতৰ আমল গণনা কৰি থাকিব। আপুনি কেৱল এজন ৰাছুল আৰু আপোনাৰ দায়িত্ব হৈছে কেৱল (দ্বীনি কথা) পৌঁচাই দিয়া।
Enam 6:108
হে মুমিনসকল! মুশ্বৰিকবিলাকে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি পূজা-পাঠ কৰা মুৰ্ত্তিবিলাকক তোমালোকে গালি-শপনি নাপাৰিবা। যদিও সেইবোৰ তুচ্ছ তথা গালি পাৰাৰ যোগ্য। এই কাৰণে যে, সিহঁতে যাতে মুৰ্খতাৰ পৰিচয় দি সীমালংঘন কৰি আল্লাহকেই গালি পাৰা আৰম্ভ নকৰে। যিদৰে সিহঁতৰ বাবে পথভ্ৰষ্টতাক সুসজ্জিত কৰি দিয়া হৈছে, ঠিক সেইদৰে আমি প্ৰত্যেক জাতিৰ বাবে সিহঁতৰ কৰ্মবোৰ সুসজ্জিত কৰি দিছো। সেয়া ভাল কৰ্মই হওঁক অথবা বেয়া। ফলত সিহঁতে সেইটোৱে কৰিলে, যিটো আমি সিহঁতৰ বাবে সৌন্দৰ্যময় কৰি দিছিলো। এতেকে ক্বিয়ামতৰ দিনা সিহঁত সকলোৰে প্ৰত্যাৱৰ্তন হ'ব নিজ প্ৰতিপালকৰ ওচৰত। তাত তেওঁ সিহঁতক পৃথিৱীত কৰা সিহঁতৰ আমল সম্পৰ্কে অৱগত কৰিব আৰু সিহঁতক ইয়াৰ প্ৰতিদান দিব।
Enam 6:109
মুশ্বৰিকসকলে আল্লাহৰ যিমান মজবুত শপত খাব পাৰিছিল সেয়া খাই কৈছেঃ মুহাম্মদে যদি সেইবোৰ নিদৰ্শন লৈ আহে, যিবোৰৰ প্ৰস্তাৱ সিহঁতে ৰাখিছে, তেতিয়াহে সিহঁতে তেওঁক মানি লব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, নিদৰ্শনসমূহৰ কৰ্তৃত্ব মোৰ ওচৰত নাই যে, মই অৱতীৰ্ণ কৰিম। সেইবোৰ কেৱলমাত্ৰ আল্লাহৰ ওচৰত। তেওঁ যেতিয়া ইচ্ছা কৰে তেতিয়াহে অৱতীৰ্ণ কৰে। হে মুমিনসকল! তোমালোকে জানানে, সিহঁতে প্ৰস্তাৱ কৰা নিদৰ্শনসমূহ অৱতীৰ্ণ হলেও সিহঁতে ঈমান পোষণ নকৰিব, বৰং সিহঁত নিজৰ আগৰ অৱস্থাতেই অটল থাকিব, কাৰণ সিহঁতে হিদায়ত নিবিচাৰে।
Enam 6:110
আমি সিহঁতৰ আৰু সত্যৰ মাজত প্ৰতিবন্ধ সৃষ্টি কৰি সিহঁতৰ হৃদয় আৰু আৰু দৃষ্টি ওলোটাই দিম। যিদৰে আমি সিহঁতৰ অবাধ্যতাৰ কাৰণে সিহঁতক কোৰআনৰ প্ৰতি ঈমান পোষণ কৰিবলৈ প্ৰতিবন্ধ লগাই দিছিলো। আৰু আমি সিহঁতক সিহঁতৰ পথভ্ৰষ্টতা তথা প্ৰতিপালকৰ অবাধ্যতাৰ ওপৰত ক্লান্ত আৰু বিভ্ৰান্ত হৈ ঘূৰি ফুৰিবলৈ এৰি দিম।
Enam 6:111
যদি আমি সিহঁতৰ প্ৰস্তাৱ মতে ফিৰিস্তা অৱতীৰ্ণ কৰিলোহেঁতেন, আৰু সিহঁতে তেওঁলোকক দেখিলেহেঁতেন লগতে মৃত ব্যক্তিয়েও সিহঁতৰ লগত কথা কলেহেঁতেন আৰু আপুনি যি লৈ আহিছে তাৰো সত্য বুলি স্বীকৃতি দিলেহেঁতেন আৰু আমি সিহঁতৰ বাবে সেই সকলো বস্তু একত্ৰিত কৰি দিলোহেঁতেন যিবোৰ সিহঁতে বিচাৰিছে, এই সকলোবোৰ সিহঁতে নিজ চকুৰে দেখিলেও আপুনি লৈ অহা দ্বীনৰ প্ৰতি ঈমান পোষণ নকৰিলেহেঁতেন। কিন্তু সিহঁতৰ মাজৰ যাক স্বয়ং আল্লাহে হিদায়ত দিব বিচাৰে তাৰ কথা সুকীয়া। কিন্তু সিহঁতৰ মাজৰ অধিকাংশই এইটো নাজানে। সেই কাৰণেই সিহঁতে আল্লাহৰ শৰণত আহি তেওঁৰ ওচৰত হিদায়ত প্ৰাৰ্থনা নকৰে।
Enam 6:112
এই মুশ্বৰিকসকলৰ শত্ৰুতাৰ জৰিয়তে আমি যিদৰে আপোনাক পৰীক্ষা কৰিলো, সেইদৰে আপোনাৰ পূৰ্বে আন আন নবী সকলকো পৰীক্ষা কৰিছিলো। প্ৰত্যেক নবীৰ বাবে আমি কিছুমান বিদ্ৰোহী মানুহ আৰু কিছুমান বিদ্ৰোহী জ্বিন শত্ৰু হিচাপে নিৰ্ধাৰণ কৰিছিলো, যিসকলে ইজনে সিজনৰ অন্তৰত কুমন্ত্ৰণা দিছিল আৰু পাপ কৰ্মক সৌন্দৰ্যৰে প্ৰস্তুত কৰিছিল, যাতে সিহঁতক প্ৰতাৰণা কৰিব পাৰে। অথচ আল্লাহে ইচ্ছা কৰিলে সিহঁতে এইবোৰ কৰিব নোৱাৰিলেহেঁতেন। কিন্তু আল্লাহে এইটো বিচাৰিছিল, যাতে তেওঁলোকক পৰীক্ষা কৰা যায়। এতেকে আপুনি সিহঁতক আৰু সিহঁতৰ কুফুৰীক লগতে বাতিল পন্থাক পৰিত্যাগ কৰক, সিপিনে মনোযোগ দিয়াৰ কোনো প্ৰয়োজন নাই।
Enam 6:113
যাতে পৰস্পৰে পৰস্পৰৰ প্ৰতি কৰা সিহঁতৰ কুমন্ত্ৰণাত সেইসকল লোকো পতিত হয় যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে, লগতে যাতে সিহঁতে ইয়াক নিজৰ বাবে স্বীকাৰ কৰে আৰু পছন্দ কৰে আৰু সেই গুনাহৰ মাজতেই যেন পতিত থাকে যিটোৰ মাজত পতিত আছে।
Enam 6:114
হে ৰাছুল! আপুনি এইসকল মুশ্বৰিকক কৈ দিয়ক, যিসকলে আল্লাহৰ লগতে আন আন উপাস্যৰো উপাসনা কৰে, এইটো যুক্তি সংগত হ'ব পাৰেনে যে, আল্লাহৰ বাহিৰে আন কাৰোবাক মোৰ আৰু তোমালোকৰ মাজত ন্যায় বিচাৰক হিচাপে গ্ৰহণ কৰিম, অথচ আল্লাহেই তোমালোকৰ প্ৰতি সকলো বিষয় পূৰ্ণৰূপে বৰ্ণনাকাৰী পুথি (কোৰআন) অৱতীৰ্ণ কৰিছে। ইয়াহুদীসকলক প্ৰদান কৰিছিল তাওৰাত আৰু খৃষ্টানসকলক প্ৰদান কৰিছিল ইঞ্জীল, সিহঁতে জানে যে, আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন সত্যৰ ওপৰত প্ৰতিষ্ঠিত। এই পুথিৰ সত্যতাৰ প্ৰমাণ সিহঁতৰ পুথিতে লিপিবদ্ধ আছে। এতেকে আমি আপোনাৰ প্ৰতি যি অহী প্ৰেৰণ কৰিছো, সেই বিষয়ে আপুনি সন্দেহ পোষণকাৰী সকলৰ অন্তৰ্ভুক্ত নহ'ব।
Enam 6:115
কোৰআন, বৰ্ণনা তথা সূচনাৰ ক্ষেত্ৰত সত্যতাৰ সৰ্বোচ্চ শৃঙ্গত উপনীত হৈছে। তেওঁৰ কথাক কোনেও পৰিবৰ্তন কৰিব নোৱাৰে। তেওঁ বান্দাৰ কথা শ্ৰৱণকাৰী আৰু সেই সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেওঁ শীঘ্ৰেই সেই সকল লোকক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব যিসকলে তেওঁৰ শব্দ পৰিবৰ্তন কৰাৰ প্ৰয়াস কৰে।
Enam 6:116
ধৰি লোৱা হ'ল হে ৰাছুল! আপুনি পৃথিৱীৰ অধিকাংশ লোকক অনুসৰণ কৰা আৰম্ভ কৰিলে, তেন্তে জানি থওঁক, সিহঁতেই আপোনাক আল্লাহৰ দ্বীনৰ পথভ্ৰষ্ট কৰিব। কাৰণ আগৰ পৰাই আল্লাহৰ এই ৰীতি চলি আহিছে যে, সত্য কেৱল সংখ্যালঘুৰ ওচৰত থাকে। অধিকাংশ লোকে কেৱল ধাৰণাৰহে অনুসৰণ কৰে, যাৰ কোনো ভিত্তি নাই। সিহঁতে ভাৱে যে, সিহঁতৰ উপাস্যবোৰে সিহঁতক আল্লাহৰ নৈকট্য লাভ কৰাই দিব। অথচ এই বিষয়ত সিহঁতে মিছাৰ আশ্ৰয় লৈছে।
Enam 6:117
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে ভালদৰেই জানে কোন তেওঁৰ পথৰ পৰা বিভ্ৰান্ত হৈছে আৰু কোন হিদায়ত প্ৰাপ্ত হৈছে। এই বিষয়ে তেওঁৰ পৰা কোনো বস্তু গোপন নহয়।
Enam 6:118
এতেকে হে মানৱজাতি! যদিহে তোমালোকে স্পষ্ট প্ৰমাণসমূহৰ প্ৰতি সঁচাই ঈমান পোষণ কৰিছা তেন্তে সেই মাংস ভক্ষণ কৰা যিটোক যবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হৈছিল।
Enam 6:119
হে মুমিনসকল! আল্লাহৰ নামত যবেহ কৰা জন্তুৰ (মাংস) খাবলৈ তোমালোকক কিহে বাৰণ কৰিছে, অথচ আল্লাহে তোমালোকৰ বাবে যি যি হাৰাম কৰিছে সেয়া স্পষ্টভাৱে বৰ্ণনা কৰিছে। এতেকে সেইবোৰ তোমালোকে পৰিত্যাগ কৰা উচিত। কিন্তু খাবলৈ বাধ্য হ'লে সেয়া সুকীয়া কথা। কিয়নো বিশেষ আৱশ্যকতাই হাৰাম বস্তুকো হালাল কৰি দিয়ে। প্ৰকৃততে অধিকাংশ মুশ্বৰিকসকলে অজ্ঞাতাৰ কাৰণে নিজৰ তথ্যহীন মন্তব্যৰ জৰিয়তে সিহঁতৰ অনুসাৰী সকলক সত্যৰ পৰা আঁতৰত ৰাখে। উদাহৰণস্বৰূপে আল্লাহে হাৰাম কৰা বস্তুক সিহঁতে হালাল বুলি কয়ঃ যেনে মৃত জীৱ-জন্তু। আনহাতে তেওঁ হালাল কৰা বস্তুক হাৰাম বুলি কয়ঃ যেনে, বাহীৰা, অচীলা আৰু হামী আদি (এইবোৰ সেইসমূহ জন্তুক কোৱা হয় যিবোৰ অজ্ঞতা যুগত আৰববাসীয়ে মূৰ্তিৰ নামত এৰিছিল)। হে ৰাছুল! আপোনাৰ প্ৰতিপালকে নিশ্চিতভাৱে ভালদৰেই জানে যিসকলে তেওঁৰ সীমালংঘন কৰে। অৱশ্যে তেওঁ সিহঁতক সীমালংঘন কৰাৰ প্ৰতিদান দিব।
Enam 6:120
হে মানৱ! প্ৰকাশ্য তথা অপ্ৰকাশ্য পাপকৰ্মৰ পৰা বিৰত থাকা। নিশ্চয় যিসকলে প্ৰকাশ্য তথা অপ্ৰকাশ্যভাৱে গুনাহ কৰে, আল্লাহে সিহঁতক গুনাহৰ প্ৰতিদান অৱশ্যে প্ৰদান কৰিব।
Enam 6:121
হে মুছলিমসকল! তোমালোকে সেইবোৰ জন্তুৰ মাংস ভক্ষণ নকৰিবা যিবোৰ যবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হোৱা নাই। যদিও বেলেগৰ নাম লোৱা হওঁক বা নহওঁক। এনেকুৱা মাংস ভক্ষণ কৰিলে আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কাৰ হৈ তেওঁৰ অবাধ্যতাত পতিত হয়। প্ৰকৃততে চয়তানে তাৰ সহায়ক সকলৰ অন্তৰত সংশয় সৃষ্টি কৰে, যাতে সিহঁতে তোমালোকৰ লগত মৃত জন্তুৰ মাংস খোৱা সম্পৰ্কে তৰ্ক কৰিব পাৰে। হে মুছলিমসকল! মৃত জন্তুৰ মাংস খোৱা সম্পৰ্কে সিহঁতে সৃষ্টি কৰা সংশয়ৰ যদি তোমালোকে অনুসৰণ কৰা তেন্তে তোমালোকেও শ্বিৰ্কত সিহঁতৰ শ্ৰেণীভুক্ত হৈ যাবা।
Enam 6:122
যি ব্যক্তি আল্লাহৰ হিদায়তৰ পূৰ্বে মৃত আছিল –কুফৰ, অজ্ঞাতা আৰু গুনাহত পতিত থকাৰ কাৰণে- তাৰ পিছত আমি তাক ঈমান তথা জ্ঞান আৰু আনুগত্যৰ পথ দেখুৱাই হিদায়তৰ দ্বাৰা জীৱিত কৰিছো, তেওঁ সেই ব্যক্তিৰ দৰে হ'ব পাৰে নেকি যিয়ে কুফৰ তথা অজ্ঞাতা আৰু কুকৰ্মৰ অন্ধকাৰত পতিত হৈ আছে আৰু তাৰ পৰা ওলাই আহিবলৈয়ো তাৰ ওচৰত কোনো শক্তি নাই, সকলো পথ তাৰ ওচৰত একেই লাগি আছে লগতে চাৰিওফালে অন্ধকাৰেই অন্ধকাৰ। যিদৰে এইসকল মুশ্বৰিকৰ বাবে শ্বিৰ্ক তথা মৃত জীৱ-জন্তুৰ মাংস খোৱা আৰু তথ্যহীন তৰ্ক কৰা সৌন্দৰ্যময় কৰি দিয়া হৈছে, ঠিক সেইদৰে কাফিৰ সকলৰ বাবেও সিহঁতৰ পাপকৰ্মক সৌন্দৰ্যময় কৰি দিয়া হৈছে, যাতে কিয়ামতৰ দিনা সিহঁতক ইয়াৰ পৰিবৰ্তে যন্ত্ৰণাদায়ক শাস্তি দিয়া যায়।
Enam 6:123
যিদৰে মক্কাৰ মুশ্বৰিক নেতা সকলে মানুহক আল্লাহৰ পথত আহিবলৈ বাধা সৃষ্টি কৰিছিল, ঠিক সেইদৰে আমি প্ৰতিটো জনপদতে নেতা আৰু প্ৰধান বনাইছো, যিসকলে চয়তানৰ পথত আহ্বান কৰে তথা ৰাছুল আৰু তেওঁৰ অনুসাৰী সকলৰ বিৰুদ্ধে চক্ৰান্ত ৰচনা কৰে, কিন্তু প্ৰকৃততে এই চক্ৰান্ত সিহঁতৰ নিজৰ বিৰুদ্ধেই প্ৰযোজ্য হ'ব। কিন্তু প্ৰবৃত্তিৰ অনুসৰণ আৰু অজ্ঞানতাৰ ফলত সিহঁতে এই কথা উপলব্ধি কৰিব নোৱাৰে।
Enam 6:124
যেতিয়া কাফিৰসকলৰ নেতাৰ ওচৰত আল্লাহৰ দ্বাৰা নবীৰ ওপৰত অৱতীৰ্ণ কোনো নিদৰ্শন আহে, তেতিয়া সিহঁতে কয়ঃ আমি কেতিয়াও ইয়াৰ প্ৰতি ঈমান পোষণ নকৰো, যেতিয়া লৈকে আমাকো নবীসকলৰ দৰে ৰিছালত তথা নবুওৱত প্ৰদান কৰা নহ'ব। আল্লাহে সিহঁতৰ এই কথাৰ প্ৰত্যুত্তৰ প্ৰদান কৰি কৈছে যে, তেৱেঁই ভালদৰে জানে কোন ৰিছালত পোৱাৰ যোগ্য আৰু কোনে এই দায়িত্ব পালন কৰিব পাৰিব, সেই ব্যক্তিকেই তেওঁ নুবুওৱত আৰু ৰিছালত প্ৰদান কৰে। নিশ্চয় এইসকল পাপিষ্ঠই অহংকাৰবশতঃ সত্যৰ পৰা বিমুখ হোৱাৰ কাৰণে লগতে অপমান তথা চক্ৰান্ত কৰাৰ কাৰণে যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰিব।
Enam 6:125
আল্লাহে যাক সুপথ দেখুৱাব বিচাৰে, তাৰ বুকু প্ৰশস্ত কৰি দিয়ে, লগতে তাক ইছলাম স্বীকাৰ কৰিবলৈ প্ৰস্তুত কৰি দিয়ে। আনহাতে যাক অকলশৰীয়া কৰিব বিচাৰে তথা সুপথৰ পৰা দূৰ কৰিব বিচাৰে, তাৰ বুকু ইমান সংকুচিত কৰি দিয়ে যে তাত সত্য প্ৰৱেশ কৰিবই নোৱাৰে। সত্য স্বীকাৰ কৰা তাৰ ওচৰত এনে লাগে যেন সি বহু কষ্টৰে আকাশৈ উঠি আছে, প্ৰকৃততে যিটো অসম্ভৱ। যিদৰে আল্লাহে পথভ্ৰষ্ট ব্যক্তিসকলক সংকীৰ্ণতাত পতিত কৰিছে, ঠিক সেইদৰে তেওঁ সেইসকল লোককো শাস্তি প্ৰদান কৰিব যিসকলে ইয়াৰ প্ৰতি ঈমান পোষণ কৰা নাই।
Enam 6:126
হে ৰাছুল! এই দ্বীন যিটো আমি আপোনাক প্ৰদান কৰিছো, এইটোৱে আল্লাহৰ সুপথ, ইয়াত কোনো বক্ৰতা নাই। আমি নিদৰ্শনসমূহ সেই ব্যক্তিৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰিছো, যাক আল্লাহে বুজিবলৈ বিবেক প্ৰদান কৰিছে।
Enam 6:127
তেওঁলোকৰ বাবে আছে এনেকুৱা এটা ঘৰ, য’ত তেওঁলোকে সকলো অপ্ৰিয় বস্তুৰ পৰা দূৰত থাকিব। সেই ঘৰ হৈছে জান্নাত। তেওঁলোকে কৰা সত্কৰ্মৰ বিনিময়ত স্বয়ং আল্লাহেই তেওঁলোকৰ সহায়ক আৰু সমৰ্থক হ'ব।
Enam 6:128
হে ৰাছুল! স্মৰণ কৰক সেই দিনটোক, যিদিনা আল্লাহে সকলো মানৱ তথা জিনসকলক একত্ৰিত কৰিব, তাৰ পিছত ক'বঃ হে জিনসকল! তোমালোকে মানুহক বহু প্ৰকাৰে পথভ্ৰষ্ট কৰিছা আৰু আল্লাহৰ পথৰ পৰা বিৰত ৰাখিছা। মানৱসকলৰ মাজৰ যিসকলে সিহঁতৰ অনুসৰণ কৰিছিল সিহঁতে উত্তৰ দি ক'বঃ হে আমাৰ প্ৰতিপালক! আমি প্ৰত্যেকেই পৰস্পৰে পৰস্পৰৰ পৰা উপকৃত হৈছিলো। জিনসকলে মানুহৰ আদেশ পালনৰ আনন্দ উপভোগ কৰিছিল, আনহাতে মানুহে নিজৰ ইচ্ছা মতে কিবা পাবলৈ সিহঁতক প্ৰয়োগ কৰিছিল। আৰু এইদৰে আমি এতিয়া নিৰ্ধাৰিত সময়ত উপনীত হৈছো যিটো তুমি আমাৰ বাবে নিৰ্ধাৰণ কৰিছিলা। এতেকে এইটো ক্বিয়ামতৰ দিন। আল্লাহে ক'বঃ তোমালোকৰ ঠিকনা হৈছে জাহান্নাম, তাত তোমালোকে চিৰকাল থাকিবা, কেৱল অকণমান সময়ৰ বাহিৰে যিটো তোমালোকৰ বাবে আল্লাহে অৱকাশ দিছিল, সেয়া হৈছে কবৰৰ পৰা উঠাৰ পিছত জাহান্নামত প্ৰৱেশ নকৰালৈকে সময়খিনি। এই সময়খিনিকেই আল্লাহে সিহঁতৰ চিৰস্থায়ী আৱাসস্থলৰ পৰা পৃথক কৰিছে। হে ৰাছুল! নিশ্চয় আপোনাৰ ৰব্ব পৰিচালনাৰ ক্ষেত্ৰত তথা নিৰ্ণয়ৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান, বান্দাসকলৰ বিষয়ে সৰ্বজ্ঞ, বিশেষকৈ যিসকল শাস্তিৰ যোগ্য।
Enam 6:129
যিদৰে আমি জঘন্য পাপিষ্ঠ জিনক কিছুমান লোকৰ সহায়ক কৰি দিছো আৰু সিহঁতৰ আয়ত্ত্বাধীন কৰি দিছো যাতে সিহঁতে সিহঁতক পথভ্ৰষ্ট কৰিব পাৰে। সেইদৰে আমি প্ৰত্যেক অত্যাচাৰীৰ সহায়ক এজন অত্যাচাৰীয়ে বনাই দিওঁ, যিয়ে তাক কেৱল বেয়া কৰ্ম কৰাৰ প্ৰৰোচনা দিয়ে, আৰু সত্কৰ্মৰ পৰা ঘৃণা উপজায় আৰু বিৰত ৰাখে। দৰাচলতে এয়া সিহঁতৰ সেইসমূহ গুনাহৰ পৰিণাম, যিবোৰ সিহঁতে কৰি আছে।
Enam 6:130
ক্বিয়ামতৰ দিনা আমি সিহঁতক কমঃ হে মানৱ আৰু জিন সম্প্ৰদায়! তোমালোকৰ ওচৰত তোমালোকৰ (মানৱ জাতিৰ) মাজৰ পৰাই এনেকুৱা ৰাছুল অহা নাছিলনে, যিসকলে আল্লাহে অৱতীৰ্ণ কৰা আয়াতসমূহ তোমালোকৰ সন্মুখত তিলাৱত কৰিছিল আৰু তোমালোকক ক্বিয়ামতৰ দিনৰ সাক্ষাতৰ পৰা সাৱধান কৰিছিল? সিহঁতে ক'বঃ নিশ্চয় আহিছিল। আজি আমি নিজেই নিজৰ বিৰুদ্ধে সাক্ষি দিওঁ যে, তোমাৰ ৰাছুলসকলে তোমাৰ বাৰ্তা আমালৈ পৌঁচাই দিছিল আৰু আজি আমি এই ক্বিয়ামতক বিশ্বাসো কৰিছো, কিন্তু তেতিয়া আমি তোমাৰ ৰাছুলক আৰু ক্বিয়ামত দিৱসৰ এই সাক্ষাতক অস্বীকাৰ কৰিছিলো। দৰাচলতে সিহঁতে পাৰ্থিৱ জীৱনৰ আ-অলংকাৰ, সৌন্দৰ্য আৰু ধ্বংসশীল সা-সুবিধাৰ মোহত পৰি আছিল। কিন্তু আজি সিহঁতে নিজেই নিজৰ বিৰুদ্ধে সাক্ষী প্ৰদান কৰিছে যে, সিহঁতে পৃথিৱীত আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছিল। কিন্তু এতিয়াৰ স্বীকৃতি আৰু ঈমানে সিহঁতক একো উপকাৰ নকৰিব। কাৰণ উপকৃত হোৱাৰ সময় সমাপ্ত হৈছে।
Enam 6:131
মানৱ আৰু জিন জাতিৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰি এই কাৰণে প্ৰমাণ সাব্যস্ত কৰা হৈছে যে, কোনো ব্যক্তিক যাতে এই অৱস্থাত শাস্তি দিয়া নহয় যে তাৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰা হোৱা নাছিল আৰু তাৰ ওচৰত দ্বীন পৌঁচা নাছিল। আমি প্ৰত্যেক উম্মতকেই সিহঁতৰ ওচৰত ৰাছুল প্ৰেৰণ কৰাৰ পিছতহে শাস্তি প্ৰদান কৰো।
Enam 6:132
সিহঁতৰ মাজৰ প্ৰত্যেকৰে বাবে আছে কৰ্মানুসাৰে মৰ্যদা। কম অন্যায়কাৰী ব্যক্তি, অধিক অন্যায়কাৰীৰ সমান হ'ব নোৱাৰে। তথা অনুসৰণকাৰী আৰু যাৰ অনুসৰণ কৰা হৈছে দুয়ো সমান হ'ব নোৱাৰে। যিদৰে সকলো নেক আমলকাৰীৰ প্ৰতিদান সমান নহয়। আপোনাৰ প্ৰতিপালক সিহঁতৰ কৰ্মৰ পৰা অমনোযোগী নহয়, বৰং তেওঁ সিহঁতৰ বিষয়ে সম্যক অৱগত। তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। আৰু তেওঁ সিহঁতক সিহঁতৰ আমলৰ প্ৰতিদান দিব।
Enam 6:133
হে ৰাছুল! আপোনাৰ প্ৰতিপালক বান্দাসকলৰ পৰা অমুখাপেক্ষী, সিহঁতৰ পৰা তেওঁৰ একোৱেই পাবলগীয়া নাই, সিহঁতৰ ইবাদতৰো প্ৰয়োজন নাই আৰু সিহঁতৰ অস্বীকাৰেও তেওঁক একো ক্ষতি কৰিব নোৱাৰে। তেওঁ অমুখাপেক্ষী হোৱাৰ পিছতো তেওঁ সিহঁতৰ প্ৰতি দয়াশীল। হে অবাধ্য আৰু পাপিষ্ঠ বান্দাসকল! যদি তেওঁ তোমালোকক বিনাশ কৰিব বিচাৰে তেন্তে শাস্তি প্ৰেৰণ কৰি তোমালোকক নিৰ্মূল কৰিব পাৰে আৰু তোমালোকক ধ্বংস কৰাৰ পিছত, নিজ ইচ্ছানুসাৰে এনেকুৱা লোকক সৃষ্টি কৰিব পাৰে যিসকলে তেওঁৰ প্ৰতি ঈমান পোষণ কৰিব আৰু তেওঁৰ আনুগত্য কৰিব। ঠিক সেইদৰেই যিদৰে তোমালোকক তোমালোকৰ পূৰ্বৱৰ্তী বংশৰ পৰা সৃষ্টি কৰিছে।
Enam 6:134
হে কাফিৰসকল! তোমালোকক যি পুনৰ্জীৱন, পুনৰুত্থান, হিচাপ-নিকাচ আৰু শাস্তিৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেইটো অৱশ্যে হ'ব। তোমালোকে কদাপিও প্ৰতিপালকৰ গ্ৰেপ্তাৰীৰ পৰা পলায়ন কৰিব নোৱাৰা। তেওঁ তোমালোকক আগচুলিত ধৰি শাস্তিত প্ৰৱেশ কৰাব।
Enam 6:135
হে ৰাছুল! কওক যে, হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে নিজৰ অৱস্থাত আৰু কুফৰ তথা পথভ্ৰষ্টতাত অটল থাকা, অৱশ্যে মই স্পষ্টৰূপে বাৰ্তা পৌঁচাই প্ৰমাণ সাব্যস্ত কৰিছো। এতেকে তোমালোকৰ পথভ্ৰষ্টতা তথা কুফুৰীৰ প্ৰতি মই কোনো ভ্ৰুক্ষেপ নকৰো। ময়ো সেই সত্যৰ ওপৰত অটল থাকিম যিটো মোৰ ওচৰত আছে। এতেকে অনতিপলমে তোমালোকে জানিবলৈ পাবা যে পৃথিৱীত কোনে সহায় প্ৰাপ্ত হয় আৰু কোনে পৃথিৱীৰ উত্তৰাধিকাৰী লাভ কৰে আৰু কোনে আখিৰাতত আনন্দ উপভোগ কৰিব। এই কথা নিশ্চিত যে, মুশ্বৰিকসকল পৃথিৱী আৰু আখিৰাতত কেতিয়াও সফলতা লাভ কৰিব নোৱাৰে। বৰং ক্ষতিগ্ৰস্ততা হ'ব সিহঁতৰ পৰিণাম। যদিও পৃথিৱীত সিহঁতে তোমালোকৰ দৰেই অনুগ্ৰহসমূহৰ পৰা উপকৃত হয়।
Enam 6:136
মুশ্বৰিকসকলে এটা নতুন পদ্ধতি আৱিষ্কাৰ কৰিছে, সিহঁতে আল্লাহে সৃষ্টি কৰা খেতি আৰু জীৱ-জন্তুৰ মাজত ভাগ-বটৱাৰা কৰিবলৈ আৰম্ভ কৰিছে। ফলত সিহঁতে দাবী কৰে যে, এটা অংশ আল্লাহৰ বাবে আৰু আনটো সিহঁতৰ মূৰ্তি তথা বেদীৰ বাবে নিৰ্দিষ্ট। এতেকে সিহঁতৰ দেৱ-দেৱীৰ বাবে নিৰ্দিষ্ট অংশ, আল্লাহে আদেশ কৰা শিতানত খৰচ হ'ব নোৱাৰে, যেনেঃ দুখীয়া নিচলা, ফকীৰ, মিছকীনৰ বাবে। আনহাতে আল্লাহৰ বাবে নিৰ্দিষ্ট অংশ কিন্তু সিহঁতৰ দেৱ-দেৱী তথা সিহঁতৰ হিতত ব্যয় কৰে। সিহঁতৰ এই ভাগ-বটৱাৰা আৰু সিদ্ধান্ত কিমান যে নিকৃষ্ট।
Enam 6:137
যিদৰে চয়তানে মুশ্বৰিকসকলৰ বাবে অন্যায়পূৰ্ণ সিদ্ধান্তক সৌন্দৰ্যময় কৰি দিছে, ঠিক সেইদৰে বহুতো মুশ্বৰিকৰ বাবে সিহঁতে অংশী স্থাপন কৰা চয়তানে দৰিদ্ৰতাৰ ভয় দেখুৱাই নিজ সন্তান হত্যা কৰাক সৌন্দৰ্যময় কৰি দিছে। যাতে সিহঁতক এনেকুৱা প্ৰাণৰ হত্যাৰ অপৰাধত পেলাই ধ্বংস কৰিব পাৰে যিটোক আল্লাহে হত্যা কৰা অবৈধ ঘোষণা কৰিছে। যাতে সিহঁতৰ ওচৰত সিহঁতৰ ধৰ্মক সংশয়পূৰ্ণ কৰিব পাৰে, ফলত সিহঁতে বৈধ আৰু অবৈধৰ মাজত পাৰ্থক্য বুজি নাপায়। যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁতে এইটো কৰিব নোৱাৰিলেহেঁতেন, কিন্তু আল্লাহে এটা মহৎ উদ্দেশ্যৰ ফলত এনেকুৱা কৰা নাই। হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক আৰু সিহঁতে আল্লাহৰ প্ৰতি আৰোপ কৰা অপবাদসমূহৰ প্ৰতি মনোযোগ নিদিব। কিয়নো ইয়াৰ দ্বাৰা আপোনাৰ কোনো ক্ষতি নহ'ব। সিহঁতৰ বিষয়টো আল্লাহৰ ওচৰত অৰ্পন কৰক।
Enam 6:138
মুশ্বৰিকসকলে আৰু কৈছেঃ এইবোৰ জীৱ-জন্তু আৰু খেতি-বাতি হৈছে নিষিদ্ধ, ইয়াক কেৱল সেই ব্যক্তিয়ে ভক্ষণ কৰিব পাৰিব যাক মূৰ্তিবোৰৰ সেৱকসকলে অনুমতি প্ৰদান কৰিব। এইটো সিহঁতৰ ধাৰণা আৰু মনেসজা কথা। সিহঁতে আৰু কৈছে যে, এইবোৰ জন্তুৰ পিঠিত আৰোহণ কৰা তথা সিহঁতৰ পিঠিত বোজা বহন কৰাও হাৰাম। এইবোৰ জন্তুৰ দ্বাৰা সিহঁতে বাহীৰাহ (বাহীৰাহ কোৱা হয় এনেকুৱা উটনীক যাৰ পাঁচটা পোৱালী হোৱাৰ পিছত কাণ ফালি এৰি দিয়া হয়), ছায়েবাহ (সেই উটক কোৱা হয় যাক মূৰ্তিৰ নামত এৰি দিয়া হয়) আৰু হামী (সেই পুংলিঙ্গ উটক কোৱা হয় যাৰ দ্বাৰা দহটা পোৱালী জন্ম পাইছে, তাৰ পিছত তাক এৰি দিয়া হৈছে) বুজাইছে। এইবোৰ জন্তুক যবেহ কৰাৰ সময়ত সিহঁতে আল্লাহৰ নামৰ পৰিবৰ্তে সিহঁতৰ মূৰ্তিবোৰৰ নাম লৈছিল। এই সকলোবোৰ সিহঁতে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি সংঘটিত কৰিছিল যে, এইবোৰ আল্লাহে আদেশ কৰিছে। আল্লাহে সিহঁতক অতিশীঘ্ৰে শাস্তি প্ৰদান কৰিব, কিয়নো সিহঁতে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰিছে।
Enam 6:139
সিহঁতে এই কথাও কৈছে যে, এইবোৰ ছায়েবাহ আৰু বাহীৰাহ আদি জন্তুৰ গৰ্ভৰ পৰা যদি কোনো পোৱালী জীৱিত জন্ম লাভ কৰে তেন্তে সেয়া পুৰুষসকলৰ বাবে বৈধ হ'ব আৰু মহিলাসকলৰ বাবে অবৈধ। আনহাতে যদি মৃত জন্ম হয় তেন্তে পুৰুষ মহিলা উভয়ে উপকৃত হ'ব পাৰে। সিহঁতৰ এইবোৰ মিছা অপবাদৰ যি দণ্ড হোৱা উচিত সেয়া আল্লাহে অতিশীঘ্ৰে সিহঁতক প্ৰদান কৰিব। নিশ্চয় তেওঁ বান্দাসকলৰ সকলো বিষয় নিয়ন্ত্ৰণত আৰু বিধান প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। তেওঁ সিহঁতৰ সকলো বিষয়ে অৱগত।
Enam 6:140
সিহঁত বিধ্বংস হৈছে, যিসকলে নুবুজাকৈ আৰু অজ্ঞানতাৰ কাৰণে নিজৰ সন্তান হত্যা কৰিছে আৰু আল্লাহে প্ৰদান কৰা জীৱ-জন্তুক মিছা অপবাদ জাপি দি হাৰাম কৰিছে। এতেকে সিহঁত নিশ্চিতভাৱে সঠিক পথৰ পৰা আঁতৰি গৈছে আৰু সিহঁত হিদায়ত পোৱাৰ যোগ্যই নাছিল।
Enam 6:141
তেৱেঁই আল্লাহ, যিজনে লতা জাতীয় বাগান সৃষ্টি কৰিছে, যিবোৰ মাটিত প্ৰসাৰিত হয়। লগতে কাণ্ড জাতীয় বাগান সৃষ্টি কৰিছে যিবোৰ মাটিৰ পৰা ওপৰত থাকে। তেৱেঁই খেজুৰ গছ সৃষ্টি কৰিছে, তেৱেঁই খেতি সৃষ্টি কৰিছে, যিবোৰৰ ৰঙ-ৰূপ আৰু সোৱাদ বিভিন্ন প্ৰকাৰৰ হয়। তেৱেঁই যাইতুন আৰু ডালিম সৃষ্টি কৰিছে, দুয়োৰে পাতবোৰ দেখাত একেই কিন্তু ফলৰ সোৱাদ বেলেগ বেলেগ। হে মানৱ জাতি! যেতিয়া এইবোৰ গছত ফল আহে তেতিয়া তোমালোকে সেইবোৰ ভক্ষণ কৰা, আৰু ফল চপোৱাৰ দিনা তাৰ যাকাত আদায় কৰিবা। লগতে ভক্ষণ তথা ব্যয় কৰাৰ ক্ষেত্ৰত চৰীয়তৰ সীমালঙ্ঘন নকৰিবা। কিয়নো আল্লাহে তেওঁৰ সীমালঙ্ঘনকাৰী সকলক পছন্দ নকৰে বৰং সিহঁতক ঘৃণা কৰে। নিশ্চয় যিয়ে এইবোৰ সৃষ্টি কৰিছে, তেৱেঁই এইবোৰক বান্দাসকলৰ বাবে হালাল কৰিছে। মুশ্বৰিকসকলে এইবোৰক হাৰাম কৰাৰ কোনো অধিকাৰ নাই।
Enam 6:142
তেৱেঁই এনেকুৱা জীৱ-জন্তু সৃষ্টি কৰিছে, যিবোৰৰ পিঠিত বোজা বহন কৰা যায়। যেনেঃ ডাঙৰ উঁট। আৰু এনেকুৱাও জীৱ-জন্তু সৃষ্টি কৰিছে যিবোৰৰ পিঠীত বোজা বহন কৰা সম্ভৱ নহয়, যেনেঃ পোৱালী উট, ছাগলী আদি। হে মানৱজাতি! আল্লাহে প্ৰদান কৰা এইবোৰ জন্তুৰ মাজৰ যিবোৰ হালাল সেইবোৰ তোমালোকে ভক্ষণ কৰা, লগতে হালাল বস্তুক হাৰাম আৰু হাৰাম বস্তুক হালাল কৰাৰ ক্ষেত্ৰত তোমালোকে চয়তানৰ পদাঙ্ক অনুসৰণ নকৰিবা, যিদৰে মুশ্বৰিকসকলে কৰে। নিশ্চয় চয়তান তোমালোকৰ প্ৰকাশ্য শত্ৰু, সি বিচাৰে তোমালোকে এনেকুৱা কাম কৰি আল্লাহৰ অবাধ্যতা কৰা।
Enam 6:143
তেৱেঁই তোমালোকৰ বাবে আঠ প্ৰকাৰ জন্তু সৃষ্টি কৰিছে, ভেৰাৰ দুটা, ছাগলীৰ দুটা, মাইকী আৰু মতা। হে ৰাছুল! মুশ্বৰিকসকলক কওঁক যে, মতা হোৱাৰ কাৰণে উভয় প্ৰকাৰ জন্তুৰ মতাক আল্লাহে হাৰাম কৰিছে নেকি? যদি সিহঁতে হয় বুলি উত্তৰ দিয়ে তেন্তে সিহঁতক কওঁক যে, তেন্তে তোমালোকে মাইকীবোৰক কিয় হাৰাম কৰা? নে তেওঁ মাইকীবোৰক মাইকী হোৱাৰ কাৰণে হাৰাম কৰিছে? যদি সিহঁতে হয় বুলি উত্তৰ দিয়ে, তেন্তে সিহঁতক কওঁক, তেন্তে তোমালোকে মতাবোৰক কিয় হাৰাম বুলি গণ্য কৰা? অথবা তেওঁ সেইবোৰ পোৱালীক হাৰাম কৰিছে নেকি, যিবোৰ উভয় প্ৰকাৰৰ মাইকীয়ে গৰ্ভ ধাৰণ কৰে? সেইবোৰ এই কাৰণে এইবোৰ হাৰাম নেকি যে গৰ্ভত আছে? যদি সিহঁতে কয় যে, হয়; তেন্তে আপুনি সিহঁতক প্ৰশ্ন কৰক যে, সকলো পোৱালী দেখুন গৰ্ভৰ পৰাই জন্ম লাভ কৰে তেন্তে তোমালোকে এনেকুৱা কিয় কৰা যে, কেতিয়াবা মতাক হাৰাম বুলি কোৱা আকৌ কেতিয়াবা মাইকীক হাৰাম বুলি কোৱা। হে মুশ্বৰিকসকল! যদি তোমালোকৰ এই দাবী সত্য হয় যে, এইবোৰক আল্লাহে হাৰাম কৰিছে তেন্তে তোমালোকে কোৱাচোন, তোমালোকে কোনটো সঠিক জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰা।
Enam 6:144
আঠ প্ৰকাৰৰ বাকীবোৰ হৈছেঃ উটৰ দুবিধ আৰু গৰুৰ দুবিধ (মতা আৰু মাইকী)। হে ৰাছুল! মুশ্বৰিকসকলক সোধক যে, ইয়াৰ মাজৰ পৰা আল্লাহে যিটোক হাৰাম কৰিছে, সেইটো মতা হোৱাৰ কাৰণে হাৰাম নে মাইকী হোৱাৰ কাৰণে, নে গৰ্ভত থকাৰ কাৰণে হাৰাম কৰিছে? হে মুশ্বৰিকসকল! তোমালোকৰ ধাৰণা মতে যিবোৰক তোমালোকে হাৰাম বুলি গণ্য কৰা সেইবোৰক আল্লাহে হাৰাম কৰাৰ সময়ত তোমালোকে তাত উপস্থিত আছিলা নেকি? সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আৰু কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মিছা আৰোপ লগাইছে, আৰু এনেকুৱা বস্তুক তেওঁ হাৰাম কৰা বুলি প্ৰচাৰ কৰিছে যিটোক তেওঁ হাৰাম কৰা নাই। এইটো সি এই কাৰণে কৰিছে যাতে সি সঠিক জ্ঞান নোহোৱাকৈ মানুহক পথভ্ৰষ্ট কৰিব পাৰে। নিশ্চয় আল্লাহে এনেকুৱা অন্যায়কাৰীক সঠিক পথৰ হিদায়ত নিদিয়ে, যিয়ে আল্লাহৰ প্ৰতি মিছা আৰোপ লগায়।
Enam 6:145
হে ৰাছুল! আপুনি কওঁক যে, আল্লাহে মোৰ প্ৰতি যি অহী কৰিছে, তাত যি হাৰাম বস্তুৰ উল্লেখ আছে সেয়া হৈছেঃ যবেহ নকৰাকৈ মৃত্যুবৰণ কৰা জন্তু, প্ৰবাহিত তেজ, গাহৰিৰ মাংস এয়া অপৱিত্ৰ হাৰাম। অথবা যিটোক আল্লাহৰ নামৰ পৰিবৰ্তে বেলেগৰ নাম লৈ যবেহ কৰা হৈছে, যেনেঃ দেৱ-দেৱী (পীৰ-ফকীৰ, অলী আওলীয়া)ৰ নামত যবেহ কৰা জন্তু। কিন্তু যদি কোনোবাই ভোক সহ্য কৰিব নোৱাৰি প্ৰাণ বচাবলৈ এইবোৰ খাবলৈ বাধ্য হয়, উপভোগ কৰাৰ উদ্দেশ্যে যদি নহয়, লগতে প্ৰয়োজনতকৈ বেছি নাখায় তেন্তে তাৰ কোনো গুনাহ নহ'ব। হে ৰাছুল! নিশ্চয় আপোনাৰ ৰব্ব নিৰুপায় ব্যক্তিক ক্ষমা কৰিব যদি তাৰ পৰা ভক্ষণ কৰে আৰু তাৰ প্ৰতি তেওঁ দয়াশীল।
Enam 6:146
আমি ইয়াহুদীসকলৰ ওপৰত সেই সকলো জীৱ-জন্তু হাৰাম কৰিছিলো যিবোৰৰ আঙুলি পৃথক পৃথক নহয়, যেনে উট আৰু উটপঁখী। সিহঁতৰ ওপৰত গৰু তথা ছাগলীৰ চৰ্বীও হাৰাম কৰিছিলো, কেৱল সেইসমূহ চৰ্বীৰ বাহিৰে যিবোৰ পিঠিত আৰু নাড়ী-ভুৰুত লাগি থাকে, নাইবা হাড়ৰ লগত লাগি থাকে। সিহঁতৰ অন্যায়ৰ পৰিণামস্বৰূপে আমি সিহঁতৰ ওপৰত এইবোৰ হাৰাম কৰিছিলো। নিশ্চয় আমি যি কওঁ সেয়াই সত্য।
Enam 6:147
হে ৰাছুল! যদি সিহঁতে আপোনাক অস্বীকাৰ কৰে আৰু আপুনি আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা লৈ অহা চৰীয়তক যদি সিহঁতে নামানে তেন্তে সিহঁতক প্ৰেৰণা প্ৰদান কৰি কওঁক যে, তোমালোকৰ প্ৰতিপালক অসীম দয়াৱান, এইটো তেওঁৰ কৃপা যে তেওঁ তোমালোকক অৱকাশ দিছে আৰু শাস্তি প্ৰদানত খৰখেদা কৰা নাই। লগতে সিহঁতক সতৰ্ক কৰি কওঁক যে, যিসকলে গুনাহ তথা পাপ কৰ্মত পতিত হৈছে সিহঁতে আল্লাহৰ শাস্তিৰ পৰা কেতিয়াও ৰক্ষা নাপাব।
Enam 6:148
মুশ্বৰিকসকলে আল্লাহৰ ইচ্ছা আৰু তাকদীৰক (ভাগ্যক) প্ৰমাণ হিচাপে লৈ সিহঁতৰ শ্বিৰ্ক সঠিক বুলি প্ৰমাণ কৰিবলৈ প্ৰয়াস কৰি ক'বঃ আল্লাহে ইচ্ছা নকৰিলে আমি আৰু আমাৰ পূৰ্বৱৰ্তী লোকসকলে কেতিয়াও আল্লাহৰ লগত শ্বিৰ্ক কৰিব নোৱাৰিলোহেঁতেন। আৰু আল্লাহে ইচ্ছা নকৰিলে আমি কেতিয়াও আমাৰ ওপৰত এইবোৰ হাৰাম কৰিব নোৱাৰিলোহেঁতেন। দৰাচলতে এই ধৰণৰ দুৰ্বল প্ৰমাণ সিহঁতেও দাঙি ধৰিছিল যিসকলে পূৰ্বে অহা ৰাছুলসকলক অস্বীকাৰ কৰিছে। সিহঁতে কৈছিলঃ আল্লাহে ইচ্ছা নকৰিলে আমি কেতিয়াও এওঁলোকক অস্বীকাৰ নকৰিলোহেঁতেন। ফলত সিহঁতে সেই অস্বীকাৰ কৰ্মত অটল থাকিল, অৱশেষত সিহঁতৰ ওপৰত আমাৰ শাস্তি আহি পৰিলে। হে ৰাছুল! সিহঁতক সোধকচোন যে, তোমালোকৰ ওচৰত কোনো প্ৰমাণ আছে নেকি যে, তোমালোকৰ শ্বিৰ্ক তথা হালালক হাৰাম আৰু হাৰামক হালাল কৰা কাৰ্যত আল্লাহ সন্তুষ্ট হয়? কিয়নো কেৱল এই কৰ্মই আল্লাহৰ সন্তুষ্টিৰ প্ৰমাণ হ'ব নোৱাৰে। নিশ্চয় তোমালোকে এইবোৰ বিষয়ত কেৱল ধাৰণাৰ অনুসৰণ কৰা, ধাৰণাৰ অনুসৰণ কৰি কেতিয়াও সত্য পোৱা সম্ভৱ নহয় আৰু তোমালোক হৈছা চৰম মিছলীয়া।
Enam 6:149
হে ৰাছুল! মুশ্বৰিকসকলক কৈ দিয়ক যে, যদি তোমালোকৰ ওচৰত এই দু্ৰ্বল প্ৰমাণসমূহৰ বাহিৰে আন কোনো প্ৰমাণ নাই তেন্তে শুনা, আল্লাহৰ ওচৰত আছে অতি দৃঢ় তথা মজবুত প্ৰমাণ, যি প্ৰমাণে তোমালোকৰ সকলো বাহানা প্ৰৱঞ্চনা ধৰাশায়ী কৰি পেলাব আৰু তাৰ আগত তোমালোকৰ সকলো সন্দেহ- সংশয় নিৰৰ্থক সাব্যস্ত হ'ব। হে মুশ্বৰিকসকল! আল্লাহে ইচ্ছা কৰিলে তোমালোক সকলোকে সত্য স্বীকাৰ কৰাৰ তাওফীক তথা সামৰ্থ প্ৰদান কৰিলেহঁতেন।
Enam 6:150
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, যিসকলে হালালক হাৰাম বুলি কয় আৰু দাবী কৰে যে, এইবোৰক আল্লাহে হাৰাম কৰিছেঃ তোমালোকে নিজৰ সাক্ষী প্ৰস্তুত কৰা, যিসকলে এই সাক্ষ্য প্ৰদান কৰিব যে, এইবোৰক আল্লাহেই হাৰাম কৰিছে। যদি সিহঁতে তথ্যহীন ভাৱে সাক্ষ্য দিয়ে যে, আল্লাহে এইবোৰক হাৰাম কৰিছে তেন্তে হে ৰাছুল! আপুনি সিহঁতৰ এই সাক্ষ্য স্বীকাৰ নকৰিব। কিয়নো সিহঁত হৈছে মিছলীয়া। আৰু আপুনি সিহঁতৰ ইচ্ছা আকাংক্ষাৰ অনুসৰণ নকৰিব, যিসকলে নিজৰ প্ৰবৃত্তিক নিৰ্ণায়ক বুলি ভাৱে। কিয়নো সিহঁতে হালালক হাৰাম কৰি আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে। লগতে সিহঁতৰো অনুসৰণ নকৰিব, যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে, সিহঁতে নিজ প্ৰতিপালকৰ লগত শ্বিৰ্ক কৰে আৰু তেওঁৰ সমকক্ষ স্থিৰ কৰে। যিসকলে নিজ প্ৰতিপালকৰ লগত এনেকুৱা আচৰণ কৰে, তেনেকুৱা লোকৰ পদাঙ্ক অনুসৰণ কৰা কেনেকৈ সম্ভৱ?
Enam 6:151
হে ৰাছুল! আপুনি মানুহক কওঁক যে, আহা মই তোমালোকক পাঠ কৰি শুনাও, আল্লাহে কি কি হাৰাম কৰিছে। কোনো সৃষ্টিক আল্লাহৰ লগতে অংশী কৰাটো আল্লাহে হাৰাম কৰিছে, পিতৃ-মাতৃৰ অবাধ্যতা কৰা হাৰাম কৰিছে বৰং তেওঁলোকৰ লগত সদ্ব্যৱহাৰ তোমালোকৰ ওপৰত অনিবাৰ্য কৰিছে। লগতে দৰিদ্ৰতাৰ ভয়ত নিজৰ সন্তান হত্যা কৰাকো হাৰাম কৰিছে, যিদৰে অজ্ঞতা যুগৰ লোকসকলে কৰিছিল। আমি তোমালোকক আৰু সিহঁতকো জীৱিকা প্ৰদান কৰো। লগতে তেওঁ অশ্লীলতাৰ নিকটৱৰ্তী হোৱাকো হাৰাম কৰিছে, প্ৰকাশ্য হওঁক অথবা অপ্ৰকাশ্য। লগতে তেওঁ নিৰপৰাধ ব্যক্তিক হত্যা কৰাও হাৰাম কৰিছে, উচিত কাৰণ থাকিলে সেয়া সুকীয়া কথা, যেনেঃ বিবাহিত ব্যক্তিয়ে ব্যভিচাৰ কৰিলে, ইছলাম পৰিত্যাগ কৰিলে। আল্লাহে তোমালোকক এইবোৰ কথাৰ উপদেশ দিছে, যাতে তোমালোকে আল্লাহৰ আদেশ- নিষেধবোৰ বুজি পোৱা।
Enam 6:152
তেওঁ এতীমৰ (শৈশৱত যিয়ে পিতৃহাৰা হয়) সম্পদ ব্যৱহাৰ কৰিবলৈ হাৰাম কৰিছে। হয়, যদি কল্যাণ কৰাৰ বাবে তথা বৃদ্ধি কৰাৰ উদ্দেশ্যে হয় তেন্তে সেয়া সুকীয়া কথা। এই নিষেধাজ্ঞা তেতিয়ালৈকে প্ৰযোজ্য হব যেতিয়ালৈকে সি প্ৰাপ্তবয়স্ক তথা পৰিপক্ক নহয়। লগতে তেওঁ ওজনত কম কৰাও হাৰাম কৰিছে। এতেকে লেন-দেন তথা ক্ৰয়-বিক্ৰয়ত সদায় ন্যায়পৰায়ণ হ'ব লাগে। আমি কাকো সাধ্যাতীত কোনো কামৰ বোজা নিদিওঁ। এতেকে ওজনত অলপ কম বেছি হ'লে যিটোৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ নহয়, কোনো নহয়। লগতে সাক্ষ্য দিয়াৰ সময়ত তথা কোনো সংবাদ দিয়াৰ সময়ত মিছাৰ আশ্ৰয় লোৱাকো তেওঁ হাৰাম কৰিছে। সেয়ে সাক্ষ্য প্ৰদানৰ সময়ত কোনো বন্ধু তথা আত্মীয়ৰ পক্ষ লোৱা উচিত নহয়। লগতে আল্লাহৰ লগত তথা আল্লাহৰ নামত কোনো প্ৰতিশ্ৰুতি কৰিলে সেয়া ভঙ্গ কৰাটোও তোমালোকৰ ওপৰত হাৰাম কৰিছে। এতেকে এনেকুৱা প্ৰতিশ্ৰুতি তোমালোকে পুৰণ কৰা অনিবাৰ্য। আল্লাহে তোমালোকক উক্ত বিষয়বোৰৰ গুৰুত্ব সহকাৰে আদেশ দিছে, যাতে তোমালোকে নিজৰ পৰিণাম স্মৰণ কৰা।
Enam 6:153
লগতে তেওঁ ভ্ৰান্ত পথত পৰিচালিত হোৱাকো হাৰাম কৰিছে, বৰং তোমালোকৰ ওপৰত অনিবাৰ্য আল্লাহৰ পোন পথত পৰিচালিত হোৱা। যি পথত কোনো বক্ৰতা নাই। ভ্ৰান্ত পথে তোমালোকক পোন পথৰ পৰা পৃথক তথা আঁতৰাই দিব। আল্লাহে তোমালোকক সঠিক তথা পোন পথত পৰিচালিত হোৱাৰ নিৰ্দেশ দিছে। যাতে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা।
Enam 6:154
এইবোৰ সংবাদ দিয়াৰ পিছত আৰু জনাওঁ যে, আমিয়েই মুছাক তাওৰাত প্ৰদান কৰিছিলো, তেওঁৰ নেক কৰ্মৰ পূৰ্ণ প্ৰতিদান দিয়াৰ বাবে তথা দ্বীন সম্পৰ্কীয় প্ৰত্যেক আৱশ্যকীয় বিষয় স্পষ্টভাৱে বৰ্ণনা কৰাৰ বাবে। সেই পুথিখন আছিল সত্যৰ পথপ্ৰদৰ্শক আৰু অনুগ্ৰহ। যাতে সিহঁতে ক্বিয়ামতৰ দিনা প্ৰতিপালকৰ সাক্ষাতৰ প্ৰতি ঈমান পোষণ কৰে আৰু পূণ্যৰ কাম কৰি তাৰ বাবে প্ৰস্তুতি লয়।
Enam 6:155
এই কোৰআন এখন পুথি, যিটোক আমি অৱতীৰ্ণ কৰিছো, মহা বৰকতময়। কিয়নো ইয়াত দ্বীন তথা দুনিয়া উভয়ৰে কল্যাণৰ বৰ্ণনা আছে। এতেকে ইয়াৰ বিধান অনুসাৰে জীৱন যাপন কৰা আৰু ইয়াৰ বিৰোধিতাৰ পৰা বিৰত থাকা, যাতে তোমালোকৰ প্ৰতি কৃপা কৰা হয়।
Enam 6:156
(হে আৰবৰ মুশ্বৰিকসকল, আমি তোমালোককো পুথি প্ৰদান কৰিছো) যাতে তোমালোকে এইটো ক'ব নোৱাৰা যে, আল্লাহে তাওৰাত আৰু ইঞ্জীল আমাৰ পূৰ্বে ইয়াহুদী তথা ঈছায়ীসকলকহে প্ৰদান কৰিছিল, এতেকে যিহেতু আমাৰ প্ৰতি কোনো পুথি অৱতীৰ্ণ কৰা নাই আৰু আমি সিহঁতৰ পুথিও পঢ়িব নোৱাৰো, কাৰণ সেইবোৰ সিহঁতৰ ভাষাত অৱতীৰ্ণ, আমাৰ ভাষাত নহয়।
Enam 6:157
যাতে তোমালোকে এইটোও ক'ব নোৱাৰা যে, যদি আল্লাহে ইয়াহুদী তথা ঈছায়ী সকলৰ দৰে আমাৰ প্ৰতিও এখন পুথি অৱতীৰ্ণ কৰিলেহেঁতেন তেন্তে আমি সিহঁততকৈ অধিক সঠিক পথত অবিচল থাকিলোহেঁতেন। এতেকে এতিয়া তোমালোকৰ নিজৰ ভাষাত তোমালোকৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি পুথি আহি পৰিছে, এই পুথি স্পষ্ট প্ৰমাণ, সত্যৰ পথপ্ৰদৰ্শক তথা মানুহৰ বাবে কৃপা। এতেকে কোনো মিছা বাহানাৰ আশ্ৰয় নলবা আৰু কোনো অসত্য ওজৰ-আপত্তি দাঙি নধৰিবা। সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আৰু কোনো হ'ব নোৱাৰে যিয়ে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰি তাৰ পৰা বিমুখ হয়। অতিশীঘ্ৰে আমি সেইসকল লোকক কঠিন শাস্তি প্ৰদান কৰিম, যিসকলে আমাৰ আয়াতসমূহৰ পৰা বিমুখ হৈছে, সিহঁতৰ এই কৰ্মকাণ্ডৰ প্ৰতিদানস্বৰূপে আমি সিহঁতক জাহান্নামত নিক্ষেপ কৰিম।
Enam 6:158
এই অস্বীকাৰকাৰী সকলে কেৱল এই অপেক্ষাত আছে যে, মালাকুল মউত তথা তেওঁৰ সহায়ক সকল আহি সিহঁতৰ প্ৰাণ হৰণ কৰক, অথবা আখিৰাতত বিচাৰ ফয়চালাৰ দিনা আপোনাৰ প্ৰতিপালক আহি সিহঁতৰ মাজত ফয়চালা কৰক। অথবা আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা ক্বিয়ামতৰ কিছুমান নিদৰ্শন অহাৰ অপেক্ষাত আছে। (এতেকে সিহঁতে জানি থোৱা উচিত যে,) যেতিয়া আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা কিছুমান নিদৰ্শন প্ৰকট হ'ব (যেনে পশ্চিমৰ পৰা সূৰ্য উদয় হোৱা) তেতিয়া কোনো কাফিৰৰ ঈমানে আৰু কোনো মুমিনৰ সত্কৰ্মই, যিয়ে পূৰ্বে সত্কৰ্ম কৰা নাই, একোৱে উপকাৰ সাধন নকৰিব। হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কওঁক যে, তোমালোকে ইয়াৰ যিকোনো এটাৰ অপেক্ষা কৰা, আমিও অপেক্ষা কৰি আছো।
Enam 6:159
যিসকল ইয়াহুদী আৰু ঈছায়ীয়ে নিজৰ ধৰ্মক বিভিন্ন ভাগত বিভক্ত কৰিছে, কিছুমানক গ্ৰহণ কৰিছে আৰু কিছুমানক এৰি দিছে তথা বিভিন্ন দলত বিভিক্ত হৈছে। হে ৰাছুল! সিহঁতৰ লগত আপোনাৰ কোনো সম্পৰ্ক নাই। সিহঁতৰ পথভ্ৰষ্টতাৰ পৰা আপুনি সম্পূৰ্ণৰূপে মুক্ত। আপোনাৰ দায়িত্ব হৈছে কেৱল সিহঁতক সতৰ্ক কৰা। সিহঁতৰ সকলো বিষয় আল্লাহৰ দায়িত্বত। তেৱেঁই ক্বিয়ামতৰ দিনা সিহঁতক পৃথিৱীত কৰা কৰ্ম সম্পৰ্কে অৱগত কৰাব আৰু ইয়াৰ প্ৰতিদানো প্ৰদান কৰিব।
Enam 6:160
ক্বিয়ামতৰ দিনা আল্লাহে মুমিনসকলৰ এটা নেকীৰ পৰিবৰ্তে দহটা নেকী প্ৰদান কৰিব। আনহাতে এটা পাপকৰ্মৰ পৰিবৰ্তে গুনাহ অনুপাতেই শাস্তি দিয়া হ'ব,ক্বিয়ামতৰ দিনা ছোৱাব হ্ৰাস কৰি অথবা শাস্তি বৃদ্ধি কৰি সিহঁতক কোনো ধৰণৰ অন্যায় কৰা নহ'ব।
Enam 6:161
হে ৰাছুল! এই অস্বীকাৰকাৰী সকলক কওঁক যে, মোৰ প্ৰতিপালকে মোক সঠিক পথ দেখুৱাইছে, সেইটো হৈছে দ্বীনৰ পথ, যি পথত পৰিচালিত হ'লে পৃথিৱী আৰু আখিৰাত উভয়তে কল্যাণ পোৱা যায়, আৰু সেইটোৱে ইব্ৰাহীমৰ পথ, যিটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁ কেতিয়াও মুশ্বৰিক সকলৰ অন্তৰ্ভুক্ত নাছিল।
Enam 6:162
হে ৰাছুল! আপুনি কৈ দিয়ক যে, নিশ্চয় মোৰ চালাত, আল্লাহৰ বাবে তথা আল্লাহৰ নাম লৈ যবেহ কৰা কুৰবানী, মোৰ জীৱন আৰু মোৰ মৃত্যু, এই সকলোবোৰ আল্লাহৰ বাবে, যিজন সৃষ্টিজগতৰ ৰব্ব। তেওঁৰ বাহিৰে আন কাৰো ইয়াত অংশীদাৰিত্ব নাই।
Enam 6:163
পৱিত্ৰ আল্লাহৰ কোনো অংশীদাৰ নাই আৰু তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্যও নাই। এই শ্বিৰ্কমুক্ত নিৰ্ভেজাল তাওহীদৰেই আল্লাহে মোক আদেশ কৰিছে। এই উম্মতৰ ভিতৰত ময়ে সৰ্বপ্ৰথম তেওঁৰ ওচৰত আত্মসমৰ্পনকাৰী।
Enam 6:164
হে ৰাছুল! আপুনি মুশ্বৰিকসকলক কওক যে, মই আল্লাহৰ বাহিৰে আন কোনো প্ৰতিপালক বিচাৰিম নেকি, অথচ তেওঁ সুউচ্চ মহাপৱিত্ৰ, সকলোৰে প্ৰতিপালক? তেৱেঁই সেই সকলো উপাস্যৰ প্ৰতিপালক যিসকলক তোমালোকে উপাসনা কৰা। তথা কোনো নিৰ্দোষী ব্যক্তিয়ে আন কাৰোবাৰ গুনাহৰ বোজা বহন নকৰিব। এতেকে ক্বিয়ামতৰ দিনা তোমালোক সকলোৱে আল্লাহৰ ওচৰতেই একত্ৰিত হব লাগিব। তেতিয়া তেওঁ তোমালোকক দ্বীন সম্পৰ্কীয় যিবোৰ বিষয়ত তোমালোকে মতানৈক্য কৰিছিলা সেই সকলো বিষয়ে অৱগত কৰাব।
Enam 6:165
তেৱেঁই তোমালোকক পৃথিৱীত তোমালোকৰ পুৰ্বপুৰুষৰ উত্তৰাধিকাৰী বনাইছে, যাতে তোমালোকে ইয়াক আবাদ কৰিব পাৰা। লগতে তোমালোকৰ পৰস্পৰক পৰস্পৰৰ ওপৰত সৃষ্টি তথা জীৱিকাৰ ক্ষেত্ৰত প্ৰাধান্য প্ৰদান কৰিছে। যাতে তেওঁ তোমালোকক প্ৰদান কৰা বস্তুৰ দ্বাৰা পৰীক্ষা লব পাৰে। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে অতিশীঘ্ৰে শাস্তি প্ৰদান কৰিব। কিয়নো আহিবলগীয়া প্ৰত্যেক বস্তু অতি সন্নিকট। যিসকল বান্দাই তাওবা কৰে নিশ্চয় আল্লাহ সিহঁতৰ প্ৰতি ক্ষমাশীল আৰু দয়ালু।