Assamese Abridged Explanation of the Quran — A'raf 7:1 – Tevbe 9:129
Contents
- A'raf 7:1
- A'raf 7:2
- A'raf 7:3
- A'raf 7:4
- A'raf 7:5
- A'raf 7:6
- A'raf 7:7
- A'raf 7:8
- A'raf 7:9
- A'raf 7:10
- A'raf 7:11
- A'raf 7:12
- A'raf 7:13
- A'raf 7:14
- A'raf 7:15
- A'raf 7:16
- A'raf 7:17
- A'raf 7:18
- A'raf 7:19
- A'raf 7:20
- A'raf 7:21
- A'raf 7:22
- A'raf 7:23
- A'raf 7:24
- A'raf 7:25
- A'raf 7:26
- A'raf 7:27
- A'raf 7:28
- A'raf 7:29
- A'raf 7:30
- A'raf 7:31
- A'raf 7:32
- A'raf 7:33
- A'raf 7:34
- A'raf 7:35
- A'raf 7:36
- A'raf 7:37
- A'raf 7:38
- A'raf 7:39
- A'raf 7:40
- A'raf 7:41
- A'raf 7:42
- A'raf 7:43
- A'raf 7:44
- A'raf 7:45
- A'raf 7:46
- A'raf 7:47
- A'raf 7:48
- A'raf 7:49
- A'raf 7:50
- A'raf 7:51
- A'raf 7:52
- A'raf 7:53
- A'raf 7:54
- A'raf 7:55
- A'raf 7:56
- A'raf 7:57
- A'raf 7:58
- A'raf 7:59
- A'raf 7:60
- A'raf 7:61
- A'raf 7:62
- A'raf 7:63
- A'raf 7:64
- A'raf 7:65
- A'raf 7:66
- A'raf 7:67
- A'raf 7:68
- A'raf 7:69
- A'raf 7:70
- A'raf 7:71
- A'raf 7:72
- A'raf 7:73
- A'raf 7:74
- A'raf 7:75
- A'raf 7:76
- A'raf 7:77
- A'raf 7:78
- A'raf 7:79
- A'raf 7:80
- A'raf 7:81
- A'raf 7:82
- A'raf 7:83
- A'raf 7:84
- A'raf 7:85
- A'raf 7:86
- A'raf 7:87
- A'raf 7:88
- A'raf 7:89
- A'raf 7:90
- A'raf 7:91
- A'raf 7:92
- A'raf 7:93
- A'raf 7:94
- A'raf 7:95
- A'raf 7:96
- A'raf 7:97
- A'raf 7:98
- A'raf 7:99
- A'raf 7:100
- A'raf 7:101
- A'raf 7:102
- A'raf 7:103
- A'raf 7:104
- A'raf 7:105
- A'raf 7:106
- A'raf 7:107
- A'raf 7:108
- A'raf 7:109
- A'raf 7:110
- A'raf 7:111
- A'raf 7:112
- A'raf 7:113
- A'raf 7:114
- A'raf 7:115
- A'raf 7:116
- A'raf 7:117
- A'raf 7:118
- A'raf 7:119
- A'raf 7:120
- A'raf 7:121
- A'raf 7:122
- A'raf 7:123
- A'raf 7:124
- A'raf 7:125
- A'raf 7:126
- A'raf 7:127
- A'raf 7:128
- A'raf 7:129
- A'raf 7:130
- A'raf 7:131
- A'raf 7:132
- A'raf 7:133
- A'raf 7:134
- A'raf 7:135
- A'raf 7:136
- A'raf 7:137
- A'raf 7:138
- A'raf 7:139
- A'raf 7:140
- A'raf 7:141
- A'raf 7:142
- A'raf 7:143
- A'raf 7:144
- A'raf 7:145
- A'raf 7:146
- A'raf 7:147
- A'raf 7:148
- A'raf 7:149
- A'raf 7:150
- A'raf 7:151
- A'raf 7:152
- A'raf 7:153
- A'raf 7:154
- A'raf 7:155
- A'raf 7:156
- A'raf 7:157
- A'raf 7:158
- A'raf 7:159
- A'raf 7:160
- A'raf 7:161
- A'raf 7:162
- A'raf 7:163
- A'raf 7:164
- A'raf 7:165
- A'raf 7:166
- A'raf 7:167
- A'raf 7:168
- A'raf 7:169
- A'raf 7:170
- A'raf 7:171
- A'raf 7:172
- A'raf 7:173
- A'raf 7:174
- A'raf 7:175
- A'raf 7:176
- A'raf 7:177
- A'raf 7:178
- A'raf 7:179
- A'raf 7:180
- A'raf 7:181
- A'raf 7:182
- A'raf 7:183
- A'raf 7:184
- A'raf 7:185
- A'raf 7:186
- A'raf 7:187
- A'raf 7:188
- A'raf 7:189
- A'raf 7:190
- A'raf 7:191
- A'raf 7:192
- A'raf 7:193
- A'raf 7:194
- A'raf 7:195
- A'raf 7:196
- A'raf 7:197
- A'raf 7:198
- A'raf 7:199
- A'raf 7:200
- A'raf 7:201
- A'raf 7:202
- A'raf 7:203
- A'raf 7:204
- A'raf 7:205
- A'raf 7:206
- Enfal 8:1
- Enfal 8:2
- Enfal 8:3
- Enfal 8:4
- Enfal 8:5
- Enfal 8:6
- Enfal 8:7
- Enfal 8:8
- Enfal 8:9
- Enfal 8:10
- Enfal 8:11
- Enfal 8:12
- Enfal 8:13
- Enfal 8:14
- Enfal 8:15
- Enfal 8:16
- Enfal 8:17
- Enfal 8:18
- Enfal 8:19
- Enfal 8:20
- Enfal 8:21
- Enfal 8:22
- Enfal 8:23
- Enfal 8:24
- Enfal 8:25
- Enfal 8:26
- Enfal 8:27
- Enfal 8:28
- Enfal 8:29
- Enfal 8:30
- Enfal 8:31
- Enfal 8:32
- Enfal 8:33
- Enfal 8:34
- Enfal 8:35
- Enfal 8:36
- Enfal 8:37
- Enfal 8:38
- Enfal 8:39
- Enfal 8:40
- Enfal 8:41
- Enfal 8:42
- Enfal 8:43
- Enfal 8:44
- Enfal 8:45
- Enfal 8:46
- Enfal 8:47
- Enfal 8:48
- Enfal 8:49
- Enfal 8:50
- Enfal 8:51
- Enfal 8:52
- Enfal 8:53
- Enfal 8:54
- Enfal 8:55
- Enfal 8:56
- Enfal 8:57
- Enfal 8:58
- Enfal 8:59
- Enfal 8:60
- Enfal 8:61
- Enfal 8:62
- Enfal 8:63
- Enfal 8:64
- Enfal 8:65
- Enfal 8:66
- Enfal 8:67
- Enfal 8:68
- Enfal 8:69
- Enfal 8:70
- Enfal 8:71
- Enfal 8:72
- Enfal 8:73
- Enfal 8:74
- Enfal 8:75
- Tevbe 9:1
- Tevbe 9:2
- Tevbe 9:3
- Tevbe 9:4
- Tevbe 9:5
- Tevbe 9:6
- Tevbe 9:7
- Tevbe 9:8
- Tevbe 9:9
- Tevbe 9:10
- Tevbe 9:11
- Tevbe 9:12
- Tevbe 9:13
- Tevbe 9:14
- Tevbe 9:15
- Tevbe 9:16
- Tevbe 9:17
- Tevbe 9:18
- Tevbe 9:19
- Tevbe 9:20
- Tevbe 9:21
- Tevbe 9:22
- Tevbe 9:23
- Tevbe 9:24
- Tevbe 9:25
- Tevbe 9:26
- Tevbe 9:27
- Tevbe 9:28
- Tevbe 9:29
- Tevbe 9:30
- Tevbe 9:31
- Tevbe 9:32
- Tevbe 9:33
- Tevbe 9:34
- Tevbe 9:35
- Tevbe 9:36
- Tevbe 9:37
- Tevbe 9:38
- Tevbe 9:39
- Tevbe 9:40
- Tevbe 9:41
- Tevbe 9:42
- Tevbe 9:43
- Tevbe 9:44
- Tevbe 9:45
- Tevbe 9:46
- Tevbe 9:47
- Tevbe 9:48
- Tevbe 9:49
- Tevbe 9:50
- Tevbe 9:51
- Tevbe 9:52
- Tevbe 9:53
- Tevbe 9:54
- Tevbe 9:55
- Tevbe 9:56
- Tevbe 9:57
- Tevbe 9:58
- Tevbe 9:59
- Tevbe 9:60
- Tevbe 9:61
- Tevbe 9:62
- Tevbe 9:63
- Tevbe 9:64
- Tevbe 9:65
- Tevbe 9:66
- Tevbe 9:67
- Tevbe 9:68
- Tevbe 9:69
- Tevbe 9:70
- Tevbe 9:71
- Tevbe 9:72
- Tevbe 9:73
- Tevbe 9:74
- Tevbe 9:75
- Tevbe 9:76
- Tevbe 9:77
- Tevbe 9:78
- Tevbe 9:79
- Tevbe 9:80
- Tevbe 9:81
- Tevbe 9:82
- Tevbe 9:83
- Tevbe 9:84
- Tevbe 9:85
- Tevbe 9:86
- Tevbe 9:87
- Tevbe 9:88
- Tevbe 9:89
- Tevbe 9:90
- Tevbe 9:91
- Tevbe 9:92
- Tevbe 9:93
- Tevbe 9:94
- Tevbe 9:95
- Tevbe 9:96
- Tevbe 9:97
- Tevbe 9:98
- Tevbe 9:99
- Tevbe 9:100
- Tevbe 9:101
- Tevbe 9:102
- Tevbe 9:103
- Tevbe 9:104
- Tevbe 9:105
- Tevbe 9:106
- Tevbe 9:107
- Tevbe 9:108
- Tevbe 9:109
- Tevbe 9:110
- Tevbe 9:111
- Tevbe 9:112
- Tevbe 9:113
- Tevbe 9:114
- Tevbe 9:115
- Tevbe 9:116
- Tevbe 9:117
- Tevbe 9:118
- Tevbe 9:119
- Tevbe 9:120
- Tevbe 9:121
- Tevbe 9:122
- Tevbe 9:123
- Tevbe 9:124
- Tevbe 9:125
- Tevbe 9:126
- Tevbe 9:127
- Tevbe 9:128
- Tevbe 9:129
A'raf 7:1
এই বিষয়ে ছুৰা বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
A'raf 7:2
কোৰআন এখন পুথি, হে ৰাছুল! যিটো আপোনাৰ ওপৰত অৱতীৰ্ণ কৰা হৈছে। এতেকে এই বিষয়ে আপুনি কোনো সন্দেহৰ বশৱৰ্তী নহব লগতে অন্তৰত কোনো সংকীৰ্ণতাও নাৰাখিব। আল্লাহে এই পুথিখন এই কাৰণে অৱতীৰ্ণ কৰিছে যাতে আপুনি ইয়াৰ দ্বাৰা মানুহক সতৰ্ক কৰে, আৰু প্ৰমাণ সাব্যস্ত কৰে। লগতে ইয়াৰ দ্বাৰা যাতে মুমিনসকলক উপদেশ দিব পাৰে, কিয়নো উপদেশ কেৱল তেওঁলোকেই গ্ৰহণ কৰে।
A'raf 7:3
হে মানৱ! সেই পুথিৰ অনুসৰণ কৰা, যিটো আল্লাহে তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে, লগতে নবীৰ ছুন্নত অনুযায়ী আমল কৰা। আনহাতে নিজৰ প্ৰবৃত্তিৰ বাসনা অনুযায়ী সেইসকল চয়তান আৰু পাষণ্ডৰ অনুসৰণ নকৰিবা, যিবোৰক তোমালোকে সহায়ক বুলি ভবা। সিহঁতৰ লগত বন্ধুত্ব কৰিবলৈ গৈ তোমালোকে সেইটোক এৰি দিয়া যিটো তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে। নিশ্চয় তোমালোকে একেবাৰেই কম শিক্ষা গ্ৰহণ কৰা। কিয়নো যদি তোমালোকে শিক্ষা গ্ৰহণ কৰিলাহেঁতেন তেন্তে অসত্যক সত্যৰ ওপৰত প্ৰাধান্য নিদিলাহেঁতেন আৰু ৰাছুলে যি লৈ আহিছে সেয়া মানিলাহেঁতেন আৰু তাৰ ওপৰত আমল কৰিলাহেঁতেন আৰু ইয়াৰ বাহিৰে সকলো পৰিত্যাগ কৰিলাহেঁতেন।
A'raf 7:4
অসংখ্য গাওঁক আমি আমাৰ শাস্তিৰ জৰিয়তে ধ্বংস কৰিছো, যেতিয়া সিহঁতে কুফুৰী তথা পথভ্ৰষ্টতাত অটল আছিল। এতেকে ৰাতিত অথবা দিনৰ ভাগত সিহঁত যেতিয়া অমনোযোগী হৈ আছিল সেই সময়ত সিহঁতৰ ওপৰত আমাৰ শাস্তি আপতিত হৈছিল। সিহঁতে নিজেও নিজকে শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাছিল আৰু সিহঁতৰ তথাকথিত উপাস্যবোৰেও কোনো উপকাৰ কৰিব পৰা নাছিল।
A'raf 7:5
এতেকে শাস্তি অহাৰ পিছত সিহঁতে এই কথা স্বীকাৰ কৰাৰ বাহিৰে আন কোনো উপায় নাথাকিব যে, সিহঁতে আল্লাহক অস্বীকাৰ কৰি নিজৰ ওপৰত অন্যায় কৰিছিল।
A'raf 7:6
এতেকে আমি ক্বিয়ামতৰ দিনা সেই সকলো উম্মতক সুধিম, যিসকলৰ ওচৰত আমি ৰাছুল প্ৰেৰণ কৰিছিলো, যে সিহঁতে ৰাছুলসকলক কিদৰে সঁহাৰি জনাইছিল। আৰু ৰাছুল সকলকো সুধিম যে, তেওঁলোকক যিটো পৌঁচাই দিবলৈ আদেশ কৰিছিলো তেওঁলোকে সেয়া পৌঁচাই দিছিল নে নাই আৰু তেওঁলোকৰ জাতিয়ে তেওঁলোকক কি উত্তৰ দিছিল।
A'raf 7:7
এতেকে আমি সকলো সৃষ্টিৰ সন্মুখত, নিজৰ জ্ঞান অনুসাৰে সিহঁতৰ কৰ্ম বৰ্ণনা কৰিম, যিবোৰ সিহঁতে পৃথিৱীত কৰিছিল। সিহঁতৰ সকলো কৰ্ম সম্পৰ্কে আমি অৱগত। একোৱে আমাৰ পৰা গোপন নহয়। আৰু আমি কেতিয়াও তাৰ পৰা অন্তৰ্ধান হোৱা নাছিলো।
A'raf 7:8
তথা ক্বিয়ামতৰ দিনা কৰ্মবোৰক ন্যায় ভাবে ওজন কৰা হ'ব আৰু কাৰো লগত অন্যায় অত্যাচাৰ কৰা নহ'ব। এতেকে তুলাচনীত যাৰ ছোৱাব গুনাহতকৈ গধূৰ হ'ব, তেনেকুৱা ব্যক্তিসকলেই উদ্দেশ্য পূৰণত সফল হ'ব তথা ভয়ৰ পৰা মুক্তি পাব।
A'raf 7:9
কিন্তু যাৰ গুনাহ ছোৱাতকৈ গধূৰ হ'ব, সেই সকলেই ক্বিয়ামতৰ দিনা নিজৰ সৰ্বনাশ কৰিব, সিহঁতৰ এই পৰিণাম আল্লাহৰ আয়াত অস্বীকাৰ কৰাৰ ফলত হ'ব।
A'raf 7:10
হে আদম সন্তান আমিয়ে পৃথিৱীত তোমালোকক প্ৰতিষ্ঠিত কৰিছো, লগতে তোমালোকৰ বাবে জীৱনোপকৰণ সৃষ্টি কৰিছো। ফলত তোমালোকে ইয়াৰ বাবে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত। কিন্তু তোমালোকৰ কৃতজ্ঞতা তেনেই তাকৰ।
A'raf 7:11
হে মানৱ! আমিয়ে তোমালোকৰ আদি পিতা আদমক সৃষ্টি কৰিছো, তেওঁক সৰ্বোত্তম আকৃতি প্ৰদান কৰিছো। তাৰ পিছত তেওঁৰ সন্মানাৰ্থে ফিৰিস্তাসকলক ছাজদা কৰিবলৈ আদেশ কৰিলো। তেতিয়া সকলো ফিৰিস্তাই মানি ললে আৰু ছাজদাহ কৰিলে। কিন্তু ইবলিছে অহংকাৰ কৰি ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰিলে।
A'raf 7:12
আল্লাহে ইবলীছক ভৰ্ৎসনাৰে ক'লেঃ যিহেতু মই তোমাক আদমক ছাজদাহ কৰিবলৈ আদেশ দিছিলো, তেতিয়াহলে তুমি কিয় অস্বীকাৰ কৰিলা? ইবলীছে উত্তৰ প্ৰদান কৰি ক'লেঃ কাৰণ মই এওঁতকৈ উত্তম। কিয়নো তুমি মোক জুইৰ দ্বাৰা সৃষ্টি কৰিছা, আৰু এওঁক সৃষ্টি কৰিছা মাটিৰ দ্বাৰা। গতিকে জুই মাটিতকৈ উত্তম।
A'raf 7:13
আল্লাহে তাক ক'লেঃ জান্নাতৰ পৰা আঁতৰ হোৱা। তুমি ইয়াত অহংকাৰ কৰিব নোৱাৰা, কিয়নো এইটো উত্তম তথা পৱিত্ৰ লোক সকলৰ বাসস্থান। তুমি ইয়াত থকাটো সমীচীন নহয়। হে ইবলীছ! তুমি হৈছা ঘৃণাৰ পাত্ৰ অতিকৈ নিকৃষ্ট। যদিও তুমি নিজকে আদমতকৈ উত্তম বুলি ভবা।
A'raf 7:14
ইবলীছে ক'লেঃ হে মোৰ প্ৰতিপালক! তেন্তে তুমি মোক পুনৰুত্থান দিৱস লৈকে অৱকাশ দিয়া, যাতে মই যিমানক পথভ্ৰষ্ট কৰিবলৈ সক্ষম পথভ্ৰষ্ট কৰিব পাৰো।
A'raf 7:15
আল্লাহে তাক ক'লেঃ হে ইবলীছ! যোৱা তোমাক অৱকাশ দিয়া হ'ল। তোমাৰ মৃত্যু এতিয়া সেইদিনাই হ'ব যিদিনা শিঙাত প্ৰথম ফুঁ দিয়া হ'ব আৰু সকলো সৃষ্টিয়ে মৃত্যুবৰণ কৰিব। কেৱল সৃষ্টিকৰ্তা অকলেই জীৱিত থাকিব।
A'raf 7:16
ইবলীছে ক'লেঃ মই তোমাৰ পৰা পথভ্ৰষ্ট হোৱাৰ কাৰণে আদমক ছাজদাহ কৰিবলৈ দিয়া তোমাৰ আদেশ অৱমাননা কৰিছিলো। এতেকে আদম সন্তানক তোমাৰ সঠিক পথৰ পৰা বিভ্ৰান্ত কৰিবলৈ মই সিহঁতৰ বাবে খাপ পাতি ৰৈ থাকিম। যাতে ময়ো সিহঁতক সেইদৰে পথভ্ৰষ্ট কৰিব পাৰো যিদৰে মই সিহঁতৰ পিতৃ আদমক ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰাৰ ফলত পথভ্ৰষ্ট হৈছিলো।
A'raf 7:17
তাৰ পিছত মই সিহঁতৰ চাৰিওফালৰ পৰা আগমন কৰিম আৰু সিহঁতক আখিৰাতৰ পৰা বিমুখ কৰাৰ প্ৰয়াস কৰিম। পৃথিৱীৰ মোহত পেলাবলৈ যত্ন কৰিম আৰু সিহঁতৰ অন্তৰত সন্দেহ সংশয় সৃষ্টি কৰিম। লগতে সিহঁতক প্ৰবৃত্তিৰ দাসত পৰিণত কৰিম। আৰু হে ৰব্ব! মই সিহঁতৰ মাজত কুফৰক ইমান প্ৰশ্ৰয় দিম যে, অধিকাংশই তোমাৰ কৃতজ্ঞতা জ্ঞাপন নকৰিব।
A'raf 7:18
আল্লাহে ক'লেঃ হে ইবলীছ! তুমি জান্নাতৰ পৰা অপমানিত লাঞ্ছিত আৰু মোৰ ৰহমতৰ পৰা বঞ্চিত হৈ ওলাই যোৱা। ক্বিয়ামতৰ দিনা মই জাহান্নামক তোমাৰ আৰু সেই সকলৰ লোকৰ দ্বাৰা ভৰিম, যিসকলে তোমাৰ অনুসৰণ কৰিব আৰু তোমাৰ কথা মতে মোৰ আদেশ অৱমাননা কৰিব।
A'raf 7:19
আল্লাহে আদমক ক'লেঃ হে আদম! তুমি নিজৰ পত্নীৰ সৈতে জান্নাতত বসবাস কৰা, ইয়াত থকা পৱিত্ৰ বস্তুসমূহৰ পৰা যি ইচ্ছা ভক্ষণ কৰা, কিন্তু সৌ সেইজোপা (কোনো এটা নিৰ্দিষ্ট গছৰ পিনে ইংগিত কৰি কলে) গছৰ ফল ভক্ষণ নকৰিবা। এতেকে মই নিষেধ কৰাৰ পিছতো যদি তোমালোকে তাৰ পৰা ভক্ষণ কৰা তেন্তে তোমালোক উভয়ে আল্লাহৰ সীমা লঙ্ঘনকাৰী সকলৰ অন্তৰ্ভুক্ত হ'বা।
A'raf 7:20
ইবলীছে তেওঁলোকৰ মনত কুমন্ত্ৰণা দিলে, যাতে ইয়াৰ দ্বাৰা তেওঁলোকৰ গোপনীয় অংগ প্ৰকাশ পায়। তেওঁলোকক ক'লেঃ আল্লাহে তোমালোকক এই বৃক্ষৰ ফল খাবলৈ এই কাৰণে নিষেধ কৰিছে যাতে তোমালোকে ফিৰিস্তা হৈ নোযোৱা। অথবা যাতে জান্নাতৰ চিৰস্থায়ী বাসিন্দা হৈ নোযোৱা।
A'raf 7:21
লগতে তেওঁলোকৰ সন্মুখত আল্লাহৰ শপত খাই ক'লে যে, মই তোমালোকক যি কৈছো, সেয়া কেৱল এই কাৰণে কৈছো যে মই তোমালোকৰ শুভাকাংক্ষী।
A'raf 7:22
এইদৰে চয়তানে তেওঁলোকক প্ৰৱঞ্চনাৰে সেই স্থানৰ পৰা প্ৰস্থান কৰালে, য’ত তেওঁলোক আছিল। তেওঁলোকে নিষেধকৃত গছৰ ফল খোৱাৰ লগে লগে তেওঁলোকৰ আবৃত গোপনীয় অংগ প্ৰকাশ হৈ গল। তেতিয়া উভয়ে নিজৰ শৰীৰ জান্নাতৰ পাতেৰে ঢাকিবলৈ ধৰিলে, যাতে লজ্জাস্থান ঢাকিব পাৰে। এই দেখি আল্লাহে সিহঁতক মাতি ক'লেঃ মই তোমালোকক এই বৃক্ষৰ পৰা বাৰণ কৰা নাছিলো নে? লগতে এই কথা কোৱা নাছিলো নে যে, চয়তান তোমালোকৰ প্ৰকাশ্য শত্ৰু?
A'raf 7:23
আদম আৰু হাৱাই ক'লেঃ হে আমাৰ প্ৰতিপালক! তুমি নিষিদ্ধ কৰা গছৰ ফল ভক্ষণ কৰি আমি নিজৰ ওপৰতে অন্যায় কৰিছো। যদি তুমি আমাৰ গুনাহ ক্ষমা নকৰা আৰু আমাৰ ওপৰত কৃপা নকৰা তেন্তে আমাৰ ইহকাল আৰু পৰকাল দুয়ো বিনষ্ট হৈ যাব আৰু ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম।
A'raf 7:24
তেতিয়া আল্লাহে আদম, হাৱা তথা ইবলীছক সম্বোধন কৰি ক'লেঃ তোমালোকে জান্নাতৰ পৰা পৃথিৱীলৈ প্ৰস্থান কৰা। তোমালোকে ইজনে সিজনৰ শত্ৰু। আৰু তোমালোকে তাত এটা নিৰ্দিষ্ট সময় লৈকে অৱস্থান কৰিব লাগিব আৰু তাত থকা বস্তুবোৰৰ পৰা তোমালোকে উপকৃত হ'ব পাৰিবা।
A'raf 7:25
আল্লাহে আদম, হাৱা আৰু তেওঁলোকৰ সন্তানসকলক সম্বোধন কৰি কৈছেঃ আল্লাহে নিৰ্ধাৰিত কৰা সময় লৈকে তোমালোকে এই পৃথিৱীতে বাস কৰিব লাগিব। আৰু ইয়াতে মৃত্যুবৰণ কৰিবা আৰু ইয়াতে তোমালোকক দাফন কৰা হ'ব। আৰু এই কবৰৰ পৰাই তোমালোকে ক্বিয়ামতৰ দিনা পুনৰুত্থিত হ'বা।
A'raf 7:26
হে আদম সন্তান! আমি তোমালোকৰ বাবে আৱশ্যক বস্ত্ৰ বনাইছো, তোমালোকৰ লজ্জাস্থান আবৃত কৰাৰ বাবে। লগতে বনাইছো পৰিপূৰক বস্ত্ৰ, যিবোৰে তোমালোকক সৌন্দৰ্যময় কৰি তোলে। শাৰীৰিক পোছাকতকৈ তাক্বৱাৰ পোছাক (অৰ্থাৎ আল্লাহৰ আদেশ পালন কৰা তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা) হৈছে উত্তম। উল্লেখিত পোছাক হৈছে আল্লাহৰ অন্যতম নিদৰ্শন, লগতে আল্লাহৰ ক্ষমতাৰ প্ৰমাণ। যাতে তোমালোকে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা আৰু তেওঁৰ কৃতজ্ঞতা কৰা।
A'raf 7:27
হে আদম সন্তান! চয়তানে যাতে তোমালোকক তাক্বৱাৰ পোছাক আৰু শাৰীৰিক পোছাক পৰিত্যাগ কৰাই এই গুনাহক সৌন্দৰ্যময় কৰি প্ৰলুব্ধ কৰিব নোৱাৰে। কিয়নো সি তোমালোকৰ পিতৃ- মাতৃক নিষিদ্ধ বৃক্ষৰ ফল ভক্ষণ কৰা কাৰ্যক সৌন্দৰ্যময় কৰি প্ৰৱঞ্চনা কৰিছিল। ফলত তেওঁলোক জান্নাতৰ পৰা বহিষ্কৃত হৈছিল আৰু তেওঁলোকৰ গুপ্তাঙ্গ প্ৰকাশ পাইছিল। প্ৰকৃততে চয়তান আৰু তাৰ সন্তানবোৰে তোমালোকক দেখা পায়, কিন্তু তোমালোকেহে সিহঁতক দেখা নোপোৱা। এতেকে তোমালোকে সিহঁতৰ পৰা সাৱধান থাকিব লাগিব। লগতে আমি চয়তানক এনেকুৱা লোকৰ বন্ধু বনাই দিছো যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰে। আনহাতে সৎকৰ্ম কৰা ঈমান্দাৰ সকলৰ ওপৰত চয়তানৰ কোনো প্ৰভাৱ নপৰে।
A'raf 7:28
যেতিয়া মুশ্বৰিকসকলে শ্বিৰ্ক তথা নিৰ্বস্ত্ৰ হৈ তাৱাফ আদিৰ দৰে ঘৃণনীয় কাম কৰে, তেতিয়া সিহঁতে প্ৰমাণস্বৰূপে কয় যে, এইদৰে সিহঁতৰ পূৰ্ব পুৰুষেও কৰিছিল আৰু আল্লাহেও সিহঁতক এইদৰে কৰাৰ আদেশ দিছে। হে মুহাম্মদ! আপুনি সিহঁতক উত্তৰ প্ৰদান কৰি কওঁক যে, আল্লাহে কেতিয়াও গুনাহৰ আদেশ নিদিয়ে, বৰং নিষেধহে কৰে। তেন্তে কেনেকৈ তোমালোকে আল্লাহৰ প্ৰতি এনেকুৱা মিছা আৰোপ কৰা? হে মুশ্বৰিকসকল! তোমালোকে আল্লাহৰ প্ৰতি এনেকুৱা মিছা কথা সম্পৃক্ত কৰা নেকি, যি বিষয়ে তোমালোকৰ কোনো জ্ঞানেই নাই।
A'raf 7:29
হে মুহাম্মদ! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, আল্লাহে ন্যায়ৰ আদেশ দিয়ে, গুনাহ তথা নিৰ্লজ্জতাৰ নহয়। লগতে তেওঁ আদেশ দিছে যে, তোমালোকে সাধাৰণতে নিৰ্ভেজালভাৱে তেওঁৰেই ইবাদত কৰা, বিশেষকৈ মছজিদত তেওঁৰ ইবাদত কৰিবা, আৰু তেওঁৰেই আনুগত্য কৰিবা তথা কেৱল তেওঁৰ ওচৰতেই প্ৰাৰ্থনা কৰিবা। যিদৰে তেওঁ তোমালোকক অস্তিত্ব প্ৰদান কৰিছে, ঠিক সেইদৰে তেওঁ তোমালোকক আকৌ পুনৰ্জীৱিত কৰিব। কিয়নো প্ৰথমবাৰ সৃষ্টি কৰা সত্ত্বাই দ্বিতীয়বাৰ সৃষ্টি কৰাটো কোনো ডাঙৰ বিষয় নহয়।
A'raf 7:30
আল্লাহে মানুহক দুটা দলত বিভক্ত কৰিছে। তোমালোকৰ মাজৰ এটা দলক সঠিক পথ দেখুৱাইছে, সিহঁতৰ বাবে হিদায়তৰ মাধ্যম যোগান ধৰিছে আৰু সকলো ধৰণৰ প্ৰতিবন্ধকতা আঁতৰাই দিছে। আনহাতে দ্বিতীয় দলৰ ভাগ্যত পথভ্ৰষ্টতা লিখিছে, কিয়নো সিহঁতে আল্লাহক এৰি চয়তানক নিজৰ বন্ধু কৰি লৈছে, আৰু সঁচা মিছা পাৰ্থক্য নকৰি তাৰেই অনুসৰণ কৰিছে। লগতে এইটো ধাৰণা পোষণ কৰিছে যে, সিহঁতেই সৎ পথত পৰিচালিত।
A'raf 7:31
হে আদম সন্তান! ছালাত তথা তাৱাফৰ সময়ত তোমালোকে এনেকুৱা পৰিস্কাৰ-পৰিচ্ছন্ন আৰু পৱিত্ৰ কাপোৰ পৰিধান কৰা, যি কাপোৰে তোমালোকৰ লজ্জাস্থান ঢাকি ৰাখে আৰু তোমালোকৰ সৌন্দৰ্য বৃদ্ধি কৰে। লগতে পানাহাৰ সম্পৰ্কীয় যিবোৰ বস্তু আল্লাহে তোমালোকৰ বাবে হালাল কৰিছে, তাৰ পৰা তোমালোকে যিমান ইচ্ছা পানাহৰ কৰা। কিন্তু এই ক্ষেত্ৰত ন্যায়ৰ সীমা অতিক্ৰম নকৰিবা। লগতে হালাল অতিক্ৰম কৰি হাৰামৰ পিনে নাযাবা। নিশ্চয় আল্লাহে সীমালঙ্ঘনকাৰী সকলক পছন্দ নকৰে।
A'raf 7:32
হে ৰাছুল! যিসকল মুশ্বৰিকে আল্লাহে হালাল কৰা খোৱা বস্তু আৰু বস্ত্ৰ আদিক হাৰাম বুলি কয়, সিহঁতৰ ধাৰণাৰ খণ্ডন কৰি সিহঁতক কৈ দিয়ক যে, তোমালোকৰ সৌন্দৰ্য বৃদ্ধি কৰা বস্ত্ৰবোৰক কোনে হাৰাম কৰিছে? লগতে পানাহাৰৰ সেই পৱিত্ৰ বস্তুবোৰক কোনে হাৰাম কৰিছে যিবোৰক আল্লাহে তোমালোকৰ বাবে জীৱিকা হিচাপে নিৰ্ধাৰণ কৰিছে? হে ৰাছুল! আপুনি কৈ দিয়ক যে, এই পৃথিৱীত এইবোৰ বস্তু মুমিনসকলেও উপভোগ কৰিব আৰু আন আন লোকসকলেও। কিন্তু আখিৰাতত কেৱল মুমিনসকলেহে উপভোগ কৰিব। তাত কাফিৰসকলৰ কোনো অংশীদাৰ নাথাকিব। কিয়নো জান্নাত কাফিৰসকলৰ ওপৰত হাৰাম। এই বিৱৰণৰ দৰেই আমি আয়াতসমূহক স্পষ্টভাৱে বৰ্ণনা কৰো সেই সকল লোকৰ বাবে, যিসকলে উপলব্ধি কৰিব পাৰে, কিয়নো কেৱল তেওঁলোকেই ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে।
A'raf 7:33
আপুনি সেইসকল মুশ্বৰিকক কৈ দিয়ক যিসকলে আল্লাহৰ হালাল বস্তুবোৰক হাৰাম বুলি কয়ঃ নিশ্চয় আল্লাহে বান্দাৰ ওপৰত অশ্লীলতাক হাৰাম কৰিছে লগতে সকলো প্ৰকাৰ গুনাহ প্ৰকাশ্য হওঁক অথবা অপ্ৰকাশ্য হাৰাম কৰিছে। মানুহৰ প্ৰতি অন্যায় আৰু সিহঁতৰ প্ৰাণ, সম্পদ আৰু প্ৰতিষ্ঠাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাকো হাৰাম কৰিছে। লগতে তথ্যহীনভাৱে আল্লাহৰ লগত কাকো অংশী স্থাপন কৰাকো হাৰাম কৰিছে আৰু জ্ঞান অৰ্জন নকৰাকৈ আল্লাহৰ নামসমূহ, ছিফাতসমূহ ( গুণসমূহ), কৰ্ম তথা তেওঁৰ চৰীয়ত সম্পৰ্কে কথা কবলৈও নিষিদ্ধ কৰিছে।
A'raf 7:34
প্ৰত্যেক যুগ আৰু প্ৰজন্মৰ বাবে এটা নিৰ্ধাৰিত সময় আছে। যেতিয়া সেই নিৰ্ধাৰিত সময় শেষ হৈ যায়, তেতিয়া তাৰ পৰা অকণো পিছোৱাবও নোৱাৰে আৰু অলপ আগুৱাবও নোৱাৰে।
A'raf 7:35
হে আদম সন্তান! যেতিয়া তোমালোকৰ ওচৰত মোৰ ৰাছুল আহিব, আৰু তেওঁ তোমালোকৰ সম্প্ৰদায়ৰ মাজৰ পৰাই হ'ব আৰু তেওঁ তোমালোকক সেই পুথি পাঠ কৰি শুনাব যিটো তেওঁৰ ওপৰত অৱতীৰ্ণ কৰা হৈছে, তেতিয়া তোমালোকে সেইটো মানিবা আৰু তেওঁলোকৰ অনুসৰণ কৰিবা। যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা দূৰৈত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিব লগতে নিজৰ আমলসমূহ সংশোধন কৰিব, ক্বিয়ামতৰ দিনা তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু পৃথিৱীৰ আনন্দ উপভোগ কৰিব নোৱাৰাৰ কাৰণে কোনো চিন্তাও নহ'ব।
A'raf 7:36
আনহাতে যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আৰু তাৰ প্ৰতি ঈমান পোষণ কৰা নাই লগতে অহংকাৰ কৰি ৰাছুলে লৈ অহা চৰীয়ত মুতাবিক আমলো কৰা নাই, সেই সকল লোক চিৰস্থায়ী জাহান্নামী হ'ব।
A'raf 7:37
সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আৰু কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰি আল্লাহৰ সমকক্ষ স্থিৰ কৰে, অথবা তেওঁৰ অপূৰ্ণতাৰ দাবী কৰে নাইবা এনেকুৱা কোনো কথা কয়, যিটো তেওঁ কোৱা নাই। অথবা তেওঁৰ স্পষ্ট তথা সঠিক পথ দেখুৱা নিদৰ্শনসমূহক অস্বীকাৰ কৰে। এই সকল লোকে মঙ্গল অমঙ্গল সকলো উপভোগ কৰিব, যিবোৰ লৌহে মাহফুজত সিহঁতৰ বাবে লিপিবদ্ধ কৰা হৈছে। কিন্তু যেতিয়া মৃত্যুৰ ফিৰিস্তাই তেওঁৰ সহায়ক ফিৰিস্তাসকলৰ লগত তাৰ প্ৰাণ হৰণ কৰিবলৈ তাৰ ওচৰত উপস্থিত হ'ব, তেতিয়া তেওঁলোকে তাক ভৰ্ৎসনা কৰি ক'বঃ তুমি যিবোৰ উপাস্যৰ উপাসনা কৰিছিলা সেইবোৰ এতিয়া ক’ত? আহ্বান কৰা সিহঁতক, যাতে তোমাৰ উপকাৰ হয়। মুশ্বৰিকসকলে তেতিয়া ফিৰিস্তাসকলক ক'বঃ আমাৰ সকলো উপাস্য পলায়ন কৰিছে যিবোৰৰ আমি উপাসনা কৰিছিলোঁ। আমি নাজানো সিহঁত এতিয়া ক'ত আছে, আৰু সিহঁতে নিজেই স্বীকাৰ কৰিব যে, সিহঁত কাফিৰ আছিল। কিন্তু সিহঁতৰ এই স্বীকাৰোক্তি সিহঁতৰ বিৰুদ্ধেই প্ৰমাণ সাব্যস্ত হ'ব। আৰু ইয়াৰ দ্বাৰা সিহঁতৰ একো উপকাৰ সাধন নহ'ব।
A'raf 7:38
ফিৰিস্তাই সিহঁতক ক'বঃ হে মুশ্বৰিকসকল! মানৱ তথা জিনসকলৰ মাজৰ যিবোৰে তোমালোকৰ পূৰ্বে কুফৰ তথা পথভ্ৰষ্টতাৰ পথত পৰিচালিত হৈছিল, সিহঁতৰ সৈতে তোমালোকেও জাহান্নামত প্ৰৱেশ কৰা, তাত যেতিয়াই কোনো জাতিয়ে প্ৰৱেশ কৰিব, তেতিয়া সিহঁতে তাৰ পূৰ্বৱৰ্তী জাতিক অভিশাপ কৰিব। অৱশেষত সিহঁত সকলোৱে যেতিয়া একত্ৰিত হ'ব, তেতিয়া পিছত প্ৰৱেশকাৰী সকলে (অনুসাৰী তথা নিম্নবৰ্গৰ লোকসকলে) আগত প্ৰৱেশকাৰী সকল (নেতা তথা প্ৰধানসকল)ৰ বিষয়ে ক'বঃ হে আমাৰ প্ৰতিপালক! এইসকল নেতাই আমাক সঠিক পথৰ পৰা পথভ্ৰষ্ট কৰিছিল, এতেকে যিহেতু ইহঁতে আমাক পথভ্ৰষ্ট কৰিছিল, ফলত ইহঁতক দ্বিগুণ শাস্তি দিয়ক। আল্লাহে ক'বঃ প্ৰত্যেক দলেই দ্বিগুণ শাস্তি উপভোগ কৰিব, কিন্তু তোমালোকে সেয়া নাজানা আৰু উপলব্ধিও কৰিব পৰা নাই।
A'raf 7:39
নেতাসকলে অনুসাৰীসকলক উদ্দেশ্যি ক'বঃ হে অনুসাৰীসকল! আমাৰ তুলনাত তোমালোকৰ কোনো প্ৰাধান্যতা নাই, যাৰ ফলত তোমালোকৰ শাস্তি হ্ৰাস পাব। ইয়াত কেৱল কৰ্ম অনুসাৰে ফল পোৱা যায়। অসত্যক অনুসৰণ কৰাৰ কোনো ওজৰ-আপত্তি ইয়াত কামত নাহিব। এতেকে আমাৰ দৰে তোমালোকেও শাস্তিৰ সোৱাদ উপভোগ কৰা, সেই কুফৰ তথা গুনাহৰ কাৰণে যিবোৰ তোমালোকে কৰিছিলা।
A'raf 7:40
যিসকলে আমাৰ স্পষ্ট আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু আৰু সেই মতে আমল কৰিবলৈ অহংকাৰ কৰিছে, সিহঁত সকলো ধৰণৰ কল্যাণৰ পৰা নিৰাশ। কুফৰ কৰাৰ কাৰণে সিহঁতৰ বাবে আকাশৰ দুৱাৰো খোলা নহ'ব আৰু যেতিয়া মৃত্যুবৰণ কৰিব তেতিয়া সিহঁতৰ আত্মাৰ বাবেও খোলা নহ'ব। সিহঁতে তেতিয়ালৈকে জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব যেতিয়ালৈকে উট (যিটো ডাঙৰ জন্তু) বেজীৰ জলাৰে (যিহেতু এইটো নিচেই সংকীৰ্ণ পথ) নোসোমায়। নিশ্চিতভাৱে এয়া অসম্ভৱ। এইদৰে সিহঁতে জান্নাতত প্ৰৱেশ কৰাটোও অসম্ভৱ। এইদৰেই আল্লাহে মহা পাপিষ্ঠ সকলক শাস্তি প্ৰদান কৰে।
A'raf 7:41
এই অস্বীকাৰকাৰী অহংকাৰী সকলৰ বাবে জাহান্নামত থাকিব জুইৰ বিছনা আৰু তাত থাকিব জুইৰ চাদৰ। এনেকুৱা শাস্তি আমি সেই সকল কাফিৰক প্ৰদান কৰো, যিসকলে আল্লাহক অস্বীকাৰ কৰি তেওঁৰ পৰা বিমুখ হৈ তেওঁৰ সীমালঙ্ঘন কৰে।
A'raf 7:42
যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু সক্ষম অনুযায়ী নেক আমল কৰিছে (যদিও আল্লাহে কোনো বান্দাক সাধ্যাতীত বোজা বহণৰ আদেশ নিদিয়ে), সেই সকল লোকেই হৈছে জান্নাতৰ অধিবাসী, য’ত তেওঁলোক চিৰকাল থাকিব।
A'raf 7:43
জান্নাতত তেওঁলোকে যি অনুগ্ৰহ লাভ কৰিব, তাৰ ভিতৰত এইটোও থাকিব যে, আল্লাহে তেওঁলোকৰ অন্তৰৰ পৰা হিংসা, বিদ্বেষ আদি আঁতৰাই দিব। আৰু তেওঁলোকৰ তলত নিজৰা প্ৰবাহিত কৰিব। তেওঁলোকে আল্লাহৰ অনুগ্ৰহ স্বীকাৰ কৰি ক'বঃ সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে যিয়ে আমাক সত্কৰ্ম কৰিবলৈ তাওফীক দান কৰিছে আৰু এই মৰ্যদা প্ৰদান কৰিছে। আল্লাহে তাওফীক প্ৰদান নকৰিলে আমি একোৱেই কৰিব নোৱাৰিলোহেঁতেন। নিশ্চয় আমাৰ প্ৰতিপালকৰ ৰাছুলে সকলো ধৰণৰ সন্দেহৰ পৰা মুক্ত সত্য লৈ আহিছিল তথা তেওঁ প্ৰতিশ্ৰুতি আৰু সতৰ্কবাণীৰ ক্ষেত্ৰত আছিল সত্যবাদী। ইয়াৰ পিছত এজন আহ্বানকাৰীয়ে মাতি ক'বঃ এইটোৱে সেই জান্নাত, যিটোৰ কথা আমাৰ ৰাছুলসকলে তোমালোকক কৈছিল। এই জান্নাত আল্লাহে তোমালোকক সেইসমূহ নেক কৰ্মৰ বিনিময়ত দান কৰিছে, যিবোৰৰ দ্বাৰা তোমালোকে আল্লাহৰ সন্তুষ্টি বিচাৰিছিলা।
A'raf 7:44
যেতিয়া জান্নাতিসকলে জান্নাতত আৰু জাহান্নামীসকলে জাহান্নামত প্ৰৱেশ কৰিব, তেতিয়া জান্নাতি সকলে জাহান্নামী সকলক মাতি ক'বঃ আমাৰ প্ৰতিপালকে আমাক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিছিল, আমি সেয়া লাভ কৰিছো। হে কাফিৰসকল! তোমালোকেও জাহান্নামৰ সতৰ্ক সত্য বুলি পতিয়ন গৈছানে? কাফিৰসকলে ক'বঃ অৱশ্যে আমিও সেই প্ৰতিশ্ৰুতি সত্য বুলি গম পালো। তেতিয়া কোনো এজন আহ্বানকাৰীয়ে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি ক'ব, তেওঁ যেন যালিমসকলক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই ৰাখে, কিয়নো পৃথিৱীত তেওঁ সিহঁতৰ বাবে তেওঁৰ ৰহমতৰ দুৱাৰ খুলি থৈছিল, তথাপিও সিহঁতে তাৰ পৰা বিমুখ হৈছিল।
A'raf 7:45
এইসকল যালিমে নিজেও আল্লাহৰ পথৰ পৰা আঁতৰি আছিল আৰু আনকো তাৰ পৰা বিমুখ হোৱাৰ প্ৰেৰণা যোগাইছিল, আৰু এই প্ৰত্যাশা কৰিছিল যে, সত্যৰ পথ বক্ৰ হৈ যাওক, যাতে মানুহে তাত পৰিচালিত হ'ব নোৱাৰে। ইহঁতে আখিৰাতক অস্বীকাৰ কৰিছিল আৰু আখিৰাতৰ বাবে কোনো প্ৰস্তুতি গ্ৰহণ কৰা নাছিল।
A'raf 7:46
জান্নাতী তথা জাহান্নামীসকলৰ মাজত থাকিব এটা সুউচ্চ বেৰ, যাৰ নাম হৈছে আৰাফ, আৰু সেই সুউচ্চ দেৱালৰ ওপৰত থাকিব কিছুমান লোক, যিসকলৰ পাপ আৰু পূণ্য হ'ব সমান। তেওঁলোকে জান্নাতীসকলক তেওঁলোকৰ চিহ্নৰ দ্বাৰা চিনি পাব, (যেনেঃ মুখমণ্ডলৰ উজ্জলতা), আৰু জাহান্নামীসকলক সিহঁতৰ মুখমণ্ডল ক'লা পৰি যোৱাৰ ফলত চিনি পাব। আৰাফৰ অধিবাসীসকলে জান্নাতীসকলক সন্মান সহকাৰে মাতি ক'বঃ আপোনালোকৰ ওপৰত শান্তি বৰ্ষিত হওক। আৰাফৰ অধিবাসীসকলে তেতিয়া জান্নাতত প্ৰৱেশ কৰাই নাই, তেওঁলোকে আল্লাহৰ ৰহমতত তাত প্ৰৱেশ কৰাৰ অপেক্ষাত আছে।
A'raf 7:47
আৰু যেতিয়া আৰাফৰ অধিবাসী সকলৰ চকু জাহান্নামী সকলৰ পিনে ঘূৰাই দিয়া হ'ব, তেওঁলোকে যেতিয়া সিহঁতক কঠিন শাস্তিৰ মাজত দেখিব, তেতিয়া তেওঁলোকে আল্লাহৰ ওচৰত দুআ কৰি ক'বঃ হে আমাৰ প্ৰতিপালক! কুফুৰী তথা শ্বিৰ্ক কৰা এইসকল কাফিৰৰ সঙ্গী তুমি আমাক নবনাবা।
A'raf 7:48
আৰু আৰাফৰ অধিবাসী সকলে কিছুমান জাহান্নামী কাফিৰক মাতি ক'ব, যিসকলক তেওঁলোকে সিহঁতৰ কলা পৰি যোৱা মুখমণ্ডল আৰু নীলা চকুৰ দ্বাৰা চিনি পাব। সিহঁতক ক'বঃ তোমালোকৰ বিশাল সা-সম্পত্তি আৰু জনবলে কোনো উপকাৰ কৰিব নোৱাৰিলে, লগতে তোমালোকে অহংকাৰ আৰু সত্যৰ পৰা বিমুখ হোৱাৰ পিছতো একো লাভ কৰিব নোৱাৰিলা।
A'raf 7:49
আল্লাহে কাফিৰসকলক ভৰ্ৎসনা কৰি ক'বঃ এওঁলোকৰ বিষয়েই তোমালোকে শপত খাই কৈছিলা নেকি যে, আল্লাহে কেতিয়াও এওঁলোকৰ প্ৰতি কৃপা নকৰিব? তেতিয়া আল্লাহে মুমিনসকলক ক'বঃ হে মুমিনসকল! তোমালোকে জান্নাতত প্ৰৱেশ কৰা। তোমালোকে কোনো ধৰণৰ ভয়ৰ সন্মুখীন নহ'বা, আৰু পৃথিৱী এৰি অহাৰো কোনো চিন্তা নহ'ব। কিয়নো তোমালোকে চিৰস্থায়ী অনুগ্ৰহসমূহ লাভ কৰিছা।
A'raf 7:50
জাহান্নামীসকলে জান্নাতীসকলক মাতি অনুৰোধ কৰিব যে, হে জান্নাতৰ অধিবাসীসকল! আমাৰ ওপৰত অলপ পানী ঢালি দিয়া অথবা আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা আমাক অলপ দান কৰা। জান্নাতীসকলে ক'বঃ নিশ্চয় আল্লাহে এই দুয়োটা বস্তু কাফিৰসকলৰ ওপৰত সিহঁতৰ কুফৰৰ কাৰণে হাৰাম কৰি দিছে আৰু যিটোক আল্লাহে হাৰাম কৰিছে আমি সেইটো তোমালোকক দিব নোৱাৰিম।
A'raf 7:51
এইসকল কাফিৰেই ধৰ্মক লৈ উপহাস কৰিছিল, আৰু অপ্ৰয়োজনীয় বুলি কৈছিল, পৃথিৱীৰ ৰঙীণতা আৰু সৌন্দৰ্যত মতলীয়া হৈছিল। সেয়ে ক্বিয়ামতৰ দিনা আল্লাহে সিহঁতক আওকাণ কৰিব আৰু শাস্তি উপভোগ কৰিবলৈ এৰি দিব, যিদৰে সিহঁতে ক্বিয়ামতৰ দিৱসক পাহৰি আছিল। সেই দিৱসৰ বাবে সিহঁতে কোনো কৰ্মও কৰা নাছিল আৰু কোনো প্ৰস্তুতিও লোৱা নাছিল। এই কাৰণেও যে, সিহঁতে আল্লাহৰ স্পষ্ট প্ৰমাণসমূহক অস্বীকাৰ কৰিছিল, যদিও সিহঁতে ভালদৰে জানিছিল যে, এয়া সত্য।
A'raf 7:52
আমি এই কোৰআন সিহঁতৰ ওচৰত আনিছো, যিটো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা এখন পুথি। আমি আমাৰ জ্ঞানৰ দ্বাৰা ইয়াক বিস্তাৰিত ভাৱে বৰ্ণনা কৰিছো। এই পুথিয়ে মুমিনসকলক সত্য তথা হিদায়তৰ পথ দেখুৱায়। লগতে এইটো মুমিনসকলৰ বাবে ৰহমত, কিয়নো ইয়াৰ মাজত আছে পৃথিৱী আৰু আখিৰাতৰ প্ৰতি দিশ নিৰ্দেশনা।
A'raf 7:53
কাফিৰসকলে সেই কষ্টদায়ক শাস্তিৰ অপেক্ষাত আছে, যি বিষয়ে সিহঁতক জনোৱা হৈছে। যিটোৰ সন্মুখীন সিহঁত আখিৰাতত হ'ব। যিদিনা সেই শাস্তি আহিব, যিটোৰ বিষয়ে সিহঁতক জনোৱা হৈছে আৰু সেই প্ৰতিদানো সন্মুখত পাব যিটো মুমিনসকলে পাব। তেতিয়া সেই সকল লোকে কব যিসকলে পৃথিৱীত কোৰআনক অৱজ্ঞা কৰিছিল আৰু কোৰআনৰ মতে আমল কৰা নাছিলঃ নিশ্চয় আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে সত্য লৈ আহিছিল, যাৰ মাজত কোনো সন্দেহ নাছিল আৰু সেইটো নিশ্চিতৰূপে আল্লাহৰ ফালৰ পৰা আছিল। হায়! আজি যদি কোনোবাই আমাৰ বাবে আল্লাহৰ ওচৰত শাস্তিৰ পৰা মুক্তিৰ কাৰণে ছুপাৰিছ কৰিলেহেঁতেন! অথবা আমাক যদি দুনাই পৃথিৱীলৈ যোৱাৰ সুযোগ দিলেহেঁতেন তেন্তে আমি অসৎকৰ্মৰ পৰিবৰ্তে সৎকৰ্ম কৰিলোহেঁতেন, ফলত আমি এই শাস্তিৰ পৰা মুক্তি পালোহেঁতেন। এইসকল কাফিৰে কুফুৰী কৰাৰ ফলত নিজকে ধ্বংস আৰু ক্ষতিগ্ৰস্ত কৰিছে, আৰু আল্লাহৰ বাহিৰে সিহঁতে যিবোৰৰ উপাসনা কৰিছিল সেইবোৰও আজি নিৰুদ্দেশ হৈছে, সিহঁতৰ একোৱে উপকাৰ কৰা নাই।
A'raf 7:54
হে মানৱজাতি! নিশ্চয় তোমালোকৰ প্ৰতিপালক সেই আল্লাহ, যিয়ে আকাশমণ্ডল তথা পৃথিৱীক পূৰ্বৰ কোনো উপমা নোহোৱাকৈ ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ নিজৰ মৰ্যদানুসাৰে আৰশ্বৰ ওপৰত উঠিছে। ইয়াৰ ধৰণ সম্পৰ্কে আমি জ্ঞাত নহয়। তেৱেঁই দিনৰ পোহৰৰ পৰা ৰাতিৰ অন্ধকাৰক আৰু ৰাতিৰ অন্ধকাৰৰ পৰা দিনৰ পোহৰক আঁতৰাই দিয়ে। ৰাতি আৰু দিন উভয়ে, ইটোৱে সিটোক দ্ৰুত গতিত অনুসৰণ কৰি আছে। এটা যোৱাৰ লগে লগে দ্বিতীয়টো আহি পৰে। তেৱেঁই সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰ সৃষ্টি কৰিছে। তেওঁৰ আদেশতেই সকলো পৰিচালিত হৈ আছে। জানি থোৱা! সকলোৰে স্ৰষ্টা একমাত্ৰ আল্লাহ তাআলা। তেওঁৰ বাহিৰে আন কোনো স্ৰষ্টা আছেনে? আদেশ কেৱল তেওঁৰ চলে। তেওঁৰ অনুগ্ৰহ তথা উপকাৰ অসীম। তেৱেঁই প্ৰতাপ আৰু পূৰ্ণতাৰ বিশেষণেৰে বিশেষিত। বিশ্বজগতৰ একমাত্ৰ তেৱেঁই প্ৰতিপালক।
A'raf 7:55
হে মুমিনসকল! তোমালোকৰ প্ৰতিপালকক অতি বিনম্ৰতা সহকাৰে আৰু গোপনে আহ্বান কৰা, একনিষ্ঠ হৈ কেৱল তেওঁৰ ওচৰতেই প্ৰাৰ্থনা কৰা, মানুহক দেখুৱাবলৈ কৰা আমলৰ পৰা বিৰত থাকা, তেওঁৰ বাহিৰে আন কাৰো ওচৰত প্ৰাৰ্থনা নকৰিবা। নিশ্চয় আল্লাহে সেই সকল ব্যক্তিক পছন্দ নকৰে যিসকলে দুআৰ ক্ষেত্ৰত সীমালঙ্ঘন কৰে। আৰু আটাইতকৈ ডাঙৰ সীমালঙ্ঘন হৈছে, দুআৰ ক্ষেত্ৰত আনক অংশীদাৰ স্থাপন কৰা, যিদৰে মুশ্বৰিকসকলে কৰে।
A'raf 7:56
গুনাহ কৰি পৃথিৱীত বিপৰ্যয় সৃষ্টি নকৰিবা, অথচ আল্লাহে ৰাছুল প্ৰেৰণ কৰি পৃথিৱীখনক সংশোধন কৰিছে আৰু তেওঁৰ আনুগত্যৰ জৰিয়তে ইয়াক গঢ়ি তুলিছে। আল্লাহৰ শাস্তিক ভয় কৰি আৰু তেওঁৰ ছোৱাবৰ আশা পোষণ কৰি কেৱল তেওঁৰ ওচৰতেই প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহৰ ৰহমত নেকপৰায়ণ লোকসকলৰ অতি সন্নিকট। এতেকে তোমালোকেও তাৰ অন্তৰ্ভুক্ত হোৱা।
A'raf 7:57
আল্লাহেই বতাহক বৰষুণৰ শুভসংবাদবাহী হিচাপে প্ৰেৰণ কৰে। যেতিয়া পানী ভৰা মেঘক বতাহে লৈ ফুৰে, তেতিয়া আমি মেঘক এটা মৃত ভূমিৰ পিনে লৈ যাওঁ। আৰু তাত পানী বৰ্ষণ কৰো আৰু সেই পানীৰে সকলো প্ৰকাৰৰ ফলমূল তথা খাদ্যদ্ৰৱ্য উৎপন্ন কৰো। এইদৰেই আমি মৃত সকলক জীৱিত কৰি কবৰৰ পৰা পুনৰুত্থান কৰিম। হে মানৱ! এইবোৰ আমি এই কাৰণে কৰিছো, যাতে তোমালোকে আল্লাহৰ ক্ষমতা তথা তেওঁৰ কৰ্ম স্মৰণ কৰিব পাৰা। আৰু যাতে গমি চাব পাৰা যে, নিশ্চয় আল্লাহে মৃতসকলক জীৱিত কৰিবলৈ সক্ষম।
A'raf 7:58
ভাল ভূমিয়ে আল্লাহৰ আদেশত সুন্দৰ তথা উপযুক্ত পুলি গজায়। ঠিক সেইদৰে মুমিনসকলে উপদেশ শুনি তাৰ পৰা উপকৃত হয়, ইয়াৰ ফলত নেক আমল উৎপন্ন হয়। আনহাতে মৃত আৰু নিমখ মিশ্ৰিত ভূমিয়ে অপ্ৰয়োজনীয় পুলি গজায়, যিবোৰ কোনো কামত নাহে। ঠিক সেইদৰে কাফিৰসকলে উপদেশৰ পৰা উপকৃত নহয়, ফলত সিহঁতে সৎকৰ্মও নকৰে যিটো সিহঁতৰ বাবে লাভদায়ক হ'ব। যিদৰে আমি বিভিন্ন প্ৰকাৰৰ বস্তু উৎপন্ন কৰো, ঠিক সেইদৰে আমি বিভিন্ন প্ৰকাৰৰ দলীল-প্ৰমাণো দাঙি ধৰো, যাতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপনকাৰী লোক সকলৰ সন্মুখত তেওঁৰ সত্য প্ৰমাণিত হয়। আৰু যাতে তেওঁলোকে ইয়াক অস্বীকাৰ নকৰে, লগতে তেওঁলোকে যাতে প্ৰতিপালকৰ আনুগত্য কৰে।
A'raf 7:59
নিশ্চয় আমি নূহক তেওঁৰ জাতিৰ পিনে ৰাছুল বনাই প্ৰেৰণ কৰিছিলো, যাতে তেওঁ সিহঁতক আল্লাহৰ তাওহীদৰ পিনে আহ্বান কৰে আৰু আল্লাহৰ বাহিৰে আনৰ উপাসনাৰ পৰা বিৰত ৰাখে। এতেকে নূহ আলাইহিছ ছালামে সিহঁতক ক'লেঃ হে মোৰ জাতি! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ কোনো সত্য উপাস্য নাই। আনহাতে যদি তোমালোকে কুফুৰীত অটল থাকা তেন্তে মোৰ আশংকা হয় তোমালোকে এক মহাদিৱসৰ শাস্তিৰ চিকাৰ হ'বা।
A'raf 7:60
তেওঁক তেওঁৰ জাতিৰ ডাঙৰ নেতাসকলে ক'লেঃ হে নূহ! আমি ভাৱো তুমি স্পষ্ট সত্যৰ পৰা বহু দূৰ আঁতৰি গৈছা।
A'raf 7:61
নূহ আলাইহিছ ছালামে তেওঁৰ জাতিৰ ডাঙৰ নেতাসকলক ক'লেঃ তোমালোকৰ ধাৰণা ভুল, মই পথভ্ৰষ্ট হোৱা নাই। নিশ্চয় মই মোৰ প্ৰতিপালকৰ পৰা পোৱা হিদায়তৰ ওপৰত প্ৰতিষ্ঠিত। মই মোৰ প্ৰতিপালক আল্লাহৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ প্ৰেৰিত হোৱা এজন ৰাছুল। তেৱেঁই মোৰ, তোমালোকৰ আৰু সকলোৰে প্ৰতিপালক।
A'raf 7:62
আল্লাহে অহীৰ মাধ্যমত যিবোৰ কথা মোক জনাইছে, সেইবোৰকে মই তোমালোকলৈ পৌঁচাই দিওঁ। সেই কাৰণেই মই তোমালোকক আল্লাহৰ আনুগত্য কৰাৰ উপদেশ দিওঁ, আৰু ইয়াৰ ফলত পোৱা ছোৱাবৰ শুভসংবাদ দিওঁ। লগতে মই তোমালোকক তেওঁৰ অবাধ্যতাৰ পৰা আৰু ইয়াৰ ফলত পাবলগীয়া শাস্তিৰ পৰা সাৱধান কৰো। অহীৰ মাধ্যমত মই যি জ্ঞান লাভ কৰিছো, সেয়া তোমালোকে নাজানা।
A'raf 7:63
তোমালোকে এই কাৰণে আচৰিত হৈছা নেকি যে, তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এনেকুৱা এজন ব্যক্তিয়ে অহী তথা উপদেশ লৈ আহিছে যাক তোমালোকে চিনি পোৱা? তেওঁ দেখোন তোমালোকৰ মাজতেই ডাঙৰ দীঘল হৈছে। তেওঁ মিছলীয়াও নহয় আৰু পথভ্ৰষ্টও নহয়। আন কোনো জাতিৰো নহয়। তেওঁ তোমালোকৰ ওচৰত এই কাৰণে আহিছে যে, যদি তোমালোকে অস্বীকাৰ কৰা তথা অবাধ্যতা কৰা তেন্তে তেওঁ তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সাৱধান কৰিব। যাতে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা আঁতৰি থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিব পাৰা। লগতে যদি তোমালোকে ঈমান পোষণ কৰা তেন্তে তোমালোকৰ প্ৰতি যাতে কৃপা কৰা হয়।
A'raf 7:64
কিন্তু তেওঁৰ সম্প্ৰদায়ে তেওঁক অস্বীকাৰ কৰিলে আৰু তেওঁৰ প্ৰতি ঈমান পোষণ নকৰিলে, বৰং সিহঁত কুফৰৰ ওপৰত অটল থাকিল। ফলত নূহ আলাইহিছ ছালামে সিহঁতৰ ওপৰত বদ দুআ কৰি ক'লেঃ হে আল্লাহ! সিহঁতক ধ্বংস কৰি দিয়া। এতেকে আমি নূহক আৰু তেওঁৰ সৈতে থকা নাৱত আৰোহণ কৰা মুমিনসকলক ডুবি যোৱাৰ পৰা ৰক্ষা কৰিলো। আনহাতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰা ব্যক্তিসকলক লগতে যিসকলে এই কাৰ্যত অটল আছিল সিহঁতক শাস্তি স্বৰূপে অৱতীৰ্ণ হোৱা ধূমুহাত পতিত কৰি ডুবাই মাৰিলো। দৰাচলতে সিহঁতৰ অন্তৰত পৰ্দা পৰিছিল, সেই কাৰণে সিহঁতে সত্যক বুজি পোৱা নাই।
A'raf 7:65
আৰু আমি আদ জাতিৰ ওচৰলৈ সিহঁতৰ মাজৰ পৰাই এজন ব্যক্তি হূদ (আলাইহিছ ছালাম)ক ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলো। তেওঁ সিহঁতক কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! কেৱল এক আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। এতেকে তোমালোকে তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন নকৰিবানে? যাতে তোমালোকে তেওঁৰ শাস্তিৰ পৰা মুক্তি লাভ কৰিব পাৰা।
A'raf 7:66
তেওঁৰ সম্প্ৰদায়ৰ প্ৰমূখ তথা বৰিষ্ঠ ব্যক্তিসকলে, যিসকলে আল্লাহক অস্বীকাৰ কৰিছিল আৰু তেওঁৰ ৰাছুলক মিছলীয়া বুলিছিল, সিহঁতে ক'লেঃ হে হূদ! আমি জনা মতে তোমাৰ মস্তিষ্কৰ সন্তোলন ঠিক নহয়। তুমি নিজৰ জ্ঞান হেৰাই পেলাইছা। সেই কাৰণেই তুমি কেৱল এক আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰা আৰু মূৰ্তি পূজাৰ পৰা বিৰত থাকিবলৈ আদেশ কৰা। আমি নিশ্চিত যে, তুমি ৰাছুল হোৱাৰ যি দাবী কৰি আছা সেয়া স্পষ্ট মিছা কথা।
A'raf 7:67
হূদ আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ৰ লোকসকলক উত্তৰ দি ক'লেঃ হে মোৰ সম্প্ৰদায়! মোৰ বিবেক-বুদ্ধি লোপ পোৱা নাই, আৰু মোৰ মস্তিষ্কৰো কোনো ক্ষতি হোৱা নাই। বৰং মই বিশ্বজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰাছুল হিচাপে প্ৰেৰিত হৈছো।
A'raf 7:68
মই তোমালোকৰ ওচৰত কেৱল সেই চৰীয়ত আৰু তাওহীদ পৌঁচাই আছো, যিটো পৌঁচাবলৈ আল্লাহে মোক আদেশ কৰিছে, আৰু মই তোমালোকৰ শুভাকাংক্ষী, মোক যিটো পৌঁচাবলৈ আদেশ দিয়া হৈছে সেই ক্ষেত্ৰত মই বিশ্বস্ত। এই ক্ষেত্ৰত মই অকণো কম কৰা নাই আৰু বেছিও কৰা নাই।
A'raf 7:69
তোমালোকে এই কাৰণে আচৰিত হৈছা নেকি যে, আল্লাহে তোমালোকক স্মৰণ কৰাবলৈ এনেকুৱা এজন ব্যক্তিক প্ৰেৰণ কৰিছে যিজন তোমালোকৰ মাজৰে এজন, ফিৰিস্তা তথা জিনসকলৰ মাজৰ নহয়, যাতে তেওঁ তোমালোকক সতৰ্ক তথা সাৱধান কৰিব পাৰে? তোমালোকে নিজ প্ৰতিপালকৰ কৃতজ্ঞতা জ্ঞাপন কৰা যে, তেওঁ নূহৰ সম্প্ৰদায়ক কুফুৰী কৰাৰ কাৰণে ধ্বংস কৰাৰ পিছত তোমালোকক পৃথিৱীত প্ৰতিষ্ঠা কৰিছে আৰু সিহঁতৰ উত্তৰাধিকাৰী বনাইছে। তথা আল্লাহৰ কৃতজ্ঞতা কৰা যে, তেওঁ তোমালোকক বিশেষৰূপে উৎকৃষ্ট আকাৰ-আকৃতি আৰু শক্তি প্ৰদান কৰিছে। তথা আল্লাহে প্ৰদান কৰা অসংখ্য অনুগ্ৰহবোৰক স্মৰণ কৰা, যাতে তোমালোকে সেইবোৰ বস্তু আহৰণ কৰিব পাৰা যিবোৰ তোমালোকে পাবলৈ ইচ্ছা কৰা আৰু সেইবোৰ বস্তুৰ পৰা ৰক্ষা পাব পাৰা যিবোৰক তোমালোকে ভয় কৰা।
A'raf 7:70
তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ হে হূদ! তুমি আমাক কেৱল এক আল্লাহৰ ইবাদতৰ আদেশ দিবলৈ আহিছা নেকি, যাতে আমি সেইবোৰক এৰি দিওঁ যিবোৰক আমাৰ পূৰ্বপুৰুষ সকলে পূজা-পাঠ কৰিছিল? যদি তুমি নিজৰ দাবীত সত্যবাদী তেন্তে তুমি সেই শাস্তি লৈ আহা যি শাস্তিৰ ভয় তুমি আমাক দেখুৱাই আছা।
A'raf 7:71
তেতিয়া হূদ আলাইহিছ ছালামে সিহঁতক উত্তৰ দি ক'লেঃ নিশ্চয় তোমালোক আল্লাহৰ শাস্তিৰ অধিকাৰী হৈছা, এতেকে অৱশ্যে সেই শাস্তি তোমালোকৰ ওপৰত আহিব। তোমালোকে মোৰ লগত এনেকুৱা মূৰ্তিৰ বিষয়ে বাদানুবাদ কৰা নেকি যিবোৰক তোমালোকে আৰু তোমালোকৰ পূৰ্বপুৰুষসকলে উপাস্যৰ নাম দিছা, প্ৰকৃততে সিহঁত উপাস্য নহয়? এইবোৰক উপাস্য বুলি যে তোমালোকে দাবী কৰা, আল্লাহে এই বিষয়ে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। এতেকে তোমালোকে যিটো শাস্তিৰ বাবে ততাতৈয়া কৰি আছা তাৰ অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছো। নিশ্চয় সেইটো বাস্তৱায়িত হ'ব।
A'raf 7:72
অৱশেষত আমি হূদ আলাইহিছ ছালাম আৰু তেওঁৰ লগত থকা মুমিনসকলক আমি আমাৰ কৃপাত ৰক্ষা কৰিলো। আৰু যিসকলে আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছিল, সিহঁতক ধ্বংস কৰিলো। সিহঁত ঈমান পোষণ কৰা নাছিল বৰং অস্বীকাৰ কৰিছিল। সেই কাৰণে সিহঁত শাস্তিৰ চিকাৰ হৈছিল।
A'raf 7:73
আমিয়ে ছামূদ সম্প্ৰদায়ৰ ওচৰলৈ সিহঁতৰ ভাতৃ ছলেহ আলাইহিছ ছালামক প্ৰেৰণ কৰিছিলো, যাতে তেওঁ সিহঁতক আল্লাহৰ তাওহীদ আৰু তেওঁৰ ইবাদতৰ পিনে আহ্বান কৰে। ছলেহ আলাইহিছ ছালামে সিহঁতক ক'লেঃ হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল এক আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে আন কোনো সত্য তথা ইবাদতৰ যোগ্য উপাস্য নাই। তোমালোকৰ ওচৰত আল্লাহৰ ফালৰ পৰা মোৰ সত্যতাৰ স্পষ্ট প্ৰমাণ হিচাপে এজনী উটনী আহিছে, যিটো প্ৰকাণ্ড শিলৰ পৰা ওলাই আহিছে। তাইৰ বাবে পানী খোৱাৰ এটা সময় নিৰ্ধাৰিত আছে আৰু তোমালোকৰ বাবেও এটা সময় নিৰ্ধাৰণ কৰা হৈছে। এতেকে তাইক আল্লাহৰ পৃথিৱীত চৰিবলৈ দিয়া আৰু কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা তোমালোক কষ্টদায়ক শাস্তিৰ সন্মুখীন হ'বা।
A'raf 7:74
আল্লাহৰ অনুগ্ৰহবোৰ স্মৰণ কৰা, যেতিয়া তেওঁ তোমালোকক আদ জাতিৰ পিছত উত্তৰাধিকাৰী বনাইছিল। আৰু আল্লাহে তোমালোকক পৃথিৱীত প্ৰতিষ্ঠা কৰিছিল যাতে তোমালোকে তাৰ পৰা উপকৃত হ'ব পাৰা আৰু উদ্দেশ্য পূৰণ কৰিব পাৰা। এইটো হৈছিল আদ জাতি ধ্বংস হোৱাৰ পিছত, যেতিয়া সিহঁতে কুফুৰী তথা অস্বীকাৰৰ সীমা চেৰাই গৈছিল। তোমালোকে সমতল ভূমিত অট্টালিকা নিৰ্মাণ কৰিছিলা আৰু পাহাৰ খনন কৰি তাত ঘৰ সাজিছিলা। এতেকে আল্লাহৰ এই অনুগ্ৰহবোৰ স্মৰণ কৰা যাতে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা। লগতে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা এৰি দিয়া। ইয়াৰ বাবে তোমালোকে কুফৰ তথা গুনাহৰ কামবোৰৰ পৰা বিৰত থাকিব লাগিব।
A'raf 7:75
তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী প্ৰমূখসকল আৰু নেতাসকলে মুমিনসকলক কলে, যিসকলক সিহঁতে দুৰ্বল বুলি গণ্য কৰিছিলঃ তোমালোকে ভাৱা নেকি যে, ছলেহ আল্লাহৰ প্ৰকৃত ৰাছুল? মুমিনসকলে উত্তৰ দিলেঃ ছলেহ আলাইহিছ ছালামক যি প্ৰদান কৰি আমালৈ প্ৰেৰণ কৰা হৈছে আমি সেয়া সত্য বুলি স্বীকাৰ কৰো আৰু তেওঁৰ অনুসৰণ কৰো লগতে তেওঁ লৈ অহা চৰীয়ত মতে আমল কৰো।
A'raf 7:76
তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী লোকসকলে ক'লেঃ হে মুমিনসকল! তোমালোকে যাক বিশ্বাস কৰিছা আমি তাক অবিশ্বাস কৰো অস্বীকাৰ কৰো। আমি কেতিয়াও তাৰ প্ৰতি ঈমান পোষণ নকৰো আৰু তাৰ চৰীয়ত মতে আমলো নকৰো।
A'raf 7:77
তাৰ পিছত, যিজনী উটনীক কোনো ধৰণৰ কষ্ট প্ৰদানৰ পৰা ছলেহ আলাইহিছ ছালামে সিহঁতক বাৰণ কৰিছিল, আল্লাহৰ আদেশৰ সন্মুখত অহংকাৰ দেখুৱাই সিহঁতে তাক হত্যা কৰিলে। ছলেহ আলাইহিছ ছালামে সিহঁতক যিটোৰ পৰা সাৱধান কৰিছিল, সেইটোক অসম্ভৱ বুলি ভাৱি উপহাস কৰি কবলৈ ধৰিলেঃ হে ছলেহ! যদি তুমি আল্লাহৰ প্ৰকৃত ৰাছুল হোৱা তেন্তে তুমি আমাক যি শাস্তিৰ ভয় দেখুৱাইছা সেইটো আনাচোন।
A'raf 7:78
ফলত যি শাস্তিৰ বাবে সেই কাফিৰসকলে খৰধৰ কৰিছিল, সেইটো আহি পৰিল। সিহঁত ভয়াৱহ ভূমিকম্পৰ চিকাৰ হ'ল। ফলত সকলোৱে মাটিত বাগৰি পৰি আছিল। সিহঁতৰ মাজৰ এজনো ধ্বংস হোৱাৰ পৰা ৰক্ষা পোৱা নাছিল।
A'raf 7:79
যেতিয়া ছলেহ আলাইহিছ ছালাম তেওঁৰ জাতিৰ ব্যৱহাৰত নিৰাশ হৈ পৰিল তেতিয়া সিহঁতৰ পৰা মুখ ঘূৰাই ললে আৰু ক'লেঃ হে মোৰ সম্প্ৰদায়! আল্লাহে তোমালোকৰ ওচৰত পৌঁচাবলৈ মোক যি দায়িত্ব দিছিল, সেয়া মই সূচাৰুৰূপে পালন কৰিছো। লগতে মই তোমালোকক উৎসাহিত কৰি আৰু সতৰ্ক কৰিও উপদেশ প্ৰদান কৰিছো, কিন্তু তোমালোক এনেকুৱা জাতি, যিসকলে শুভাকাংক্ষীক তথা কল্যাণৰ পথপ্ৰদৰ্শনকাৰীক আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা ব্যক্তিক ভাল নাপায়।
A'raf 7:80
আৰু স্মৰণ কৰা লূত আলাইহিছ ছালামক যেতিয়া তেওঁ নিজ জাতিৰ আচৰণক নিন্দা কৰি কৈছিলঃ তোমালোকে পুৰুষৰ লগত সহবাসৰ এই ঘৃণনীয় কাম কিয় কৰা? এইটো এনেকুৱা কুকৰ্ম যিটো তোমালোকৰ পূৰ্বে আন কোনেও কৰা নাছিল।
A'raf 7:81
তোমালোকে যৌন কামনা-তৃপ্তিৰ বাবে নাৰীসকলৰ পৰিবৰ্তে পুৰুষসকলৰ ওচৰত যোৱা, অথচ ইয়াৰ বাবে নাৰীসকলক সৃষ্টি কৰা হৈছে। তোমালোকৰ এই কুকৰ্মক বিবেক, ধৰ্ম আৰু প্ৰকৃতিয়েও সমৰ্থন নকৰে। প্ৰকৃততে তোমালোক আল্লাহৰ সীমালঙ্ঘনকাৰী ব্যক্তি। কিয়নো তোমালোক মানৱ-ভাৰসাম্যৰ সীমাৰ পৰা ওলাই গৈছা, লগতে সুস্থ বিবেক আৰু মানৱ স্বভাৱৰ পৰা বিমুখ হৈছা।
A'raf 7:82
যেতিয়া লূত আলাইহিছ ছালামে এই অশ্লীল কৰ্মত লিপ্ত লোক সকলক বুজাই কলে, তেতিয়া সিহঁতে সত্যৰ পৰা বিমুখ হৈ উত্তৰ দিলে যে, লূত আৰু তেওঁৰ পৰিয়ালক এই গাওঁৰ পৰা বহিষ্কাৰ কৰা। কিয়নো তেওঁলোকে আমাৰ এই কৰ্মক ঘৃণা কৰে। সেয়ে তেওঁলোক আমাৰ মাজত থকা উচিত নহয়।
A'raf 7:83
তেতিয়া আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক ৰক্ষা কৰিলো। আৰু তেওঁলোকক ৰাতিৰ ভাগত সেই গাওঁখন পৰিত্যাগ কৰাৰ নিৰ্দেশ দিলো, যিটোত শাস্তি আহিব। আনহাতে তেওঁৰ পত্নী গাওঁৰ বাকী লোকসকলৰ লগতে থাকি গ'ল। সেয়ে সিও শাস্তিৰ সন্মুখীন হ'ল, যিদৰে গাওঁবাসী হৈছিল।
A'raf 7:84
আমি সিহঁতৰ ওপৰত ভয়াৱহ বৰষুণ দিলো, শিলৰ বৰষুণ। লগতে গাওঁখনক ওলোটাই দিলো, ফলত ওপৰৰ বাসিন্দাসকল তল পৰি গ'ল। এতেকে হে ৰাছুল! চিন্তা কৰি চাওঁকচোন! লূত সম্প্ৰদায়ৰ পাপীসকলৰ পৰিণাম কেনেকুৱা আছিল? নিশ্চয় সিহঁতৰ শেষ পৰিণতি হৈছিল ধ্বংস আৰু চিৰস্থায়ী লাঞ্ছনা।
A'raf 7:85
নিশ্চয় আমি মাদয়ানবাসী সকলৰ ওচৰত সিহঁতৰ ভাতৃ শুআইব আলাইহিছ ছালামক প্ৰেৰণ কৰিছিলো। তেওঁ সিহঁতক কৈছিলঃ হে মোৰ জাতি! তোমালোকে কেৱল এক আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে ইবাদতৰ যোগ্য তোমালোকৰ আন কোনো সত্য উপাস্য নাই। মই লৈ অহা বাৰ্তা সত্য, ইয়াৰ সত্যতাৰ বাবে তোমালোকৰ ওচৰত আল্লাহৰ ফালৰ পৰা স্পষ্ট প্ৰমাণ আহি পৰিছে। এতেকে মানুহৰ অধিকাৰৰ প্ৰতি মনোযোগ প্ৰদান কৰি, যেতিয়া সিহঁতক কিবা ওজন কৰি দিবা, তেতিয়া পৰিপূৰ্ণৰূপে ওজন কৰিবা। পণ্য সামগ্ৰীত কোনো দোষ উলিয়াই অথবা নিন্দা কৰি নাইবা পণ্যৰ গৰাকীক ঠগাই কোনো ধৰণৰ ক্ষতি নকৰিবা। লগতে নবীসকলৰ দ্বাৰা পৃথিৱীক সংশোধন কৰাৰ পিছত তাত কুফৰ আৰু পাপকৰ্মৰ দ্বাৰা পৰিৱেশ দোষিত নকৰিবা। যদি তুমি প্ৰকৃত মুমিন হোৱা তেন্তে এইবোৰ কথাৰ প্ৰতি আমল কৰাত তোমাৰ বাবে আছে কল্যাণ। কিয়নো এইবোৰ পালন কৰিলে তুমি আল্লাহৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাৰ কাৰণে গুনাহৰ পৰা ৰক্ষা পাবা, লগতে তেওঁৰ আদেশ পালন কৰাৰ কাৰণে তুমি তেওঁৰ নৈকট্য লাভ কৰাত সফল হবা।
A'raf 7:86
আৰু মানুহক ভয় দেখুৱাই সিহঁতৰ ধন লুন্ঠণ কৰিবলৈ প্ৰত্যেক পথত বহি নাথাকিবা, লগতে সঠিক পথত চলাৰ ইচ্ছা পোষণকাৰী সকলক আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰখাৰ উদ্দেশ্যে তথা আল্লাহৰ পথক বক্ৰতা প্ৰদান কৰিবলৈ যাতে তাত মানুহে পৰিচালিত হ'ব নোৱাৰে তাৰ প্ৰয়াস নকৰিবা। আল্লাহৰ ফালৰ পৰা পোৱা অনুগ্ৰহবোৰ স্মৰণ কৰা যাতে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা। তোমালোকে সংখ্যালঘু আছিলা, তেৱেঁই তোমালোকক সংখ্যাগৰিষ্ঠ কৰিছে। ভাৱি চোৱাচোন! তোমালোকৰ পূৰ্বে যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিছিল, সিহঁতৰ কি পৰিণাম হৈছিল! নিশ্চয় সিহঁতৰ পৰিণাম হৈছিল ধ্বংস আৰু বিনাশ।
A'raf 7:87
এতেকে তোমালোকৰ এটা দলে মই মোৰ প্ৰতিপালকৰ পৰা লৈ অহা চৰীয়তৰ প্ৰতি ঈমান পোষণ কৰিছে, আৰু আনটো দলে ঈমান পোষণ কৰা নাই। এতেকে হে অস্বীকাৰকাৰী সকল! আল্লাহৰ ফয়চালাৰ অপেক্ষা কৰা। তেওঁ সৰ্বশ্ৰেষ্ঠ ফয়চালাকাৰী আৰু ন্যায়পৰায়ণ সিদ্ধান্ত গ্ৰহণকাৰী।
A'raf 7:88
শ্বুআইব আলাইহিচ্ছালামৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে শ্বুআইব আলাইহিচ্ছালামক ক'লেঃ হে শ্বুআইব! আমি তোমাক আৰু তোমাৰ অনুসৰণ কৰা তোমাৰ সঙ্গীসকলক আমাৰ গাওঁৰ পৰা বহিষ্কাৰ কৰিম। অন্যথা আমাৰ ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰা। তেতিয়া শ্বুআইব আলাইহিচ্ছালামে নাকচ কৰি আৰু আচৰিত হৈ ক'লেঃ আমি তোমালোকৰ ধৰ্মৰ অনুসৰণ কৰিম নেকি, অথচ আমি সেইটোক অসত্য বুলি জানো আৰু অপছন্দ কৰোঁ।
A'raf 7:89
যদি আমিও তোমালোকৰ দৰে কুফুৰী আক্বীদা পোষণ কৰো, অথচ আল্লাহে আমাক তেওঁৰ কৃপাত ইয়াৰ পৰা ৰক্ষা কৰিছে তেন্তে আমি আল্লাহৰ প্ৰতি মিছা ৰটনা কৰা হ'ব। আৰু আমাৰ পক্ষে তোমালোকৰ ধৰ্মলৈ উভতি যোৱাটোও উচিত নহয়। কিন্তু আমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সেইটো সুকীয়া কথা। কিয়নো সকলো বস্তু তেওঁৰেই ইচ্ছাৰ অধীনত। আমাৰ প্ৰতিপালক সকলো বস্তুকে তেওঁৰ জ্ঞানেৰে আৱৰী আছে। কোনো বস্তু তেওঁৰ পৰা গোপন নহয়। কেৱল এক আল্লাহৰ ওপৰতেই আমাৰ ভৰসা যে, তেওঁ আমাক পোন পথৰ হিদায়ত দিব আৰু জাহান্নামৰ পথৰ পৰা ৰক্ষা কৰিব। হে আমাৰ প্ৰতিপালক! আমাৰ আৰু আমাৰ সম্প্ৰদায়ৰ কাফিৰসকলৰ মাজত ন্যায় সহকাৰে ফয়চালা কৰি দিয়া, লগতে সত্যবাদী নিৰ্যাতিত সকলক নিষ্ঠুৰ যালিমসকলৰ ওপৰত বিজয় প্ৰদান কৰা। কিয়নো হে আমাৰ প্ৰতিপালক! তুমিয়ে উত্তম নিৰ্ণয়কাৰী।
A'raf 7:90
তেওঁৰ জাতিৰ কাফিৰ নেতা আৰু প্ৰমুখসকলে, যিসকলে তাওহীদৰ আহ্বানক প্ৰত্যাখ্যান কৰিছিল সিহঁতে শ্বুআইব আলাইহিছ ছালাম আৰু তেওঁৰ ধৰ্মৰ পৰা সাৱধান কৰি ক'লেঃ হে আমাৰ সম্প্ৰদায়ৰ লোকসকল! যদি তোমালোকে শ্বুআইবৰ ধৰ্ম গ্ৰহণ কৰা, লগতে তোমালোকৰ ধৰ্ম আৰু তোমালোকৰ পূৰ্বপুৰুষৰ ধৰ্মক পৰিত্যাগ কৰা তেন্তে তোমালোকৰ ধ্বংস অনিবাৰ্য।
A'raf 7:91
ফলত সিহঁতক ভীষণ ভূমিকম্পই গ্ৰাস কৰিলে, আৰু সিহঁত নিজ নিজ ঘৰতে আঠু পাৰি আৰু উবুৰি খাই পৰি মৰি থাকিল।
A'raf 7:92
যিসকলে শ্বুআইব আলাইহিছ ছালামক অস্বীকাৰ কৰিলে সিহঁত সকলোৱে ধ্বংস হৈছে। আৰু সিহঁতৰ অৱস্থা এনেকুৱা হ'ল যেনিবা সিহঁতে সেই নগৰত কেতিয়াও বসবাসেই কৰা নাছিল। যিসকলে শ্বুআইব আলাইহিছ ছালামক অস্বীকাৰ কৰিছে, সিহঁতেই ক্ষতিগ্ৰস্ত হৈছে। কিয়নো সিহঁতে নিজকেও ধ্বংস কৰিছে আৰু নিজৰ ধন-সম্পত্তিও ধ্বংস কৰিছে। আনহাত তেওঁৰ সম্প্ৰদায়ৰ মুমিনসকলৰ কোনো ক্ষয়-ক্ষতি হোৱা নাই, যিদৰে কাফিৰসকলে দাবী কৰিছিল।
A'raf 7:93
সিহঁত ধ্বংস হোৱাৰ পিছত শ্বুআইব আলাইহিছ ছালামে সিহঁতৰ পৰা মুখ ঘূৰাই ললে আৰু ক'লেঃ হে মোৰ সম্প্ৰদায়! মই তোমালোকক সেই বাৰ্তা পৌঁচাই দিছো, যিটো পৌঁচাই দিবলৈ মোক মোৰ প্ৰতিপালকে আদেশ দিছিল, আৰু মই তোমালোকৰ কল্যাণ কামনা কৰিছিলো কিন্তু তোমালোকে মোৰ পৰামৰ্শ নামানিলা, লগতে মই দেখুৱা পথত পৰিচালিত নহ'লা। তেন্তে মই কিয় এনেকুৱা জাতিৰ বাবে আক্ষেপ কৰিম বা শোক পালন কৰিম, যি জাতিয়ে আল্লাহক অস্বীকাৰ কৰে আৰু কুফৰৰ ওপৰত অটল থাকে।
A'raf 7:94
এতেকে যেতিয়াই আমি কোনো গাওঁৰ অধিবাসীসকলৰ প্ৰতি আমাৰ ফালৰ পৰা কোনো নবী প্ৰেৰণ কৰিছো, আৰু তাৰ অধিবাসীসকলে সেই নবীক অস্বীকাৰ কৰিছে আৰু কুফৰ কৰিছে, তেতিয়াই আমি সিহঁতক কঠিন পৰিস্থিতি আৰু দুৰ্ভিক্ষ তথা বেমাৰ-আজাৰত আক্ৰান্ত কৰিছো। যাতে সিহঁতে আল্লাহৰ ওচৰত নত স্বীকাৰ কৰি বিনয়ী হয়, লগতে কুফৰ আৰু অহংকাৰ পৰিত্যাগ কৰে। দৰাচলতে পূৰ্বৱৰ্তী সম্প্ৰদায়ৰ বিষয়ে আল্লাহৰ ৰীতি উল্লেখ কৰি কুৰাইশ্ব আৰু সকলো অস্বীকাৰকাৰী কাফিৰসকলক সাৱধান কৰা হৈছে।
A'raf 7:95
দুৰ্ভিক্ষ আৰু বেমাৰ-আজাৰৰ পিছত আমি সিহঁতক সুখ-সুবিধা প্ৰদান কৰিছো। অৱশেষত সিহঁতৰ সংখ্যা যেতিয়া বৃদ্ধি পালে তথা সিহঁতৰ ধন-সম্পত্তিও বৃদ্ধি পালে, তেতিয়া সিহঁতে কবলৈ ধৰিলে যে, আমি সন্মুখীন হোৱা কল্যাণ অকল্যাণ কোনো নতুন বিষয় নহয়, আমাৰ পূৰ্বেও আমাৰ পূৰ্বপুৰুষসকলে সুখ-দুখৰ সন্মুখীন হৈছিল। সিহঁতে এই তথ্যত উপনীত হ'ব পৰা নাই যে, সিহঁতৰ পূৰ্বপুৰুষসকলে যি শাস্তি ভোগ কৰিছিল তাৰ উদ্দেশ্য আছিল শিক্ষা গ্ৰহণ কৰা আৰু যি অনুগ্ৰহ লাভ কৰিছিল তাৰ উদ্দেশ্য আছিল অৱকাশ দিয়া। ফলত আমি সিহঁতক হঠাৎ এনেকুৱা শাস্তিত আক্ৰান্ত কৰিলো, যিটোক সিহঁতে উপলব্ধিও কৰিব পৰা নাছিল আৰু ভাৱিবও পৰা নাছিল।
A'raf 7:96
এই নগৰৰ অধিবাসীসকলে, যিসকলৰ প্ৰতি আমি আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছিলো, যদি সিহঁতে ৰাছুলসকলৰ বাৰ্তাক সত্য বুলি স্বীকাৰ কৰিলেহেঁতেন! নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰিলেহেঁতেন! কুফৰ আৰু গুনাহৰ পৰা বিৰত থাকি তেওঁৰ আদেশ পালন কৰিলেহেঁতেন তেন্তে আমি সিহঁতৰ বাবে চাৰিওফালৰ পৰা কল্যাণৰ দুৱাৰ খুলি দিলোহেঁতেন। কিন্তু সিহঁতে স্বীকাৰো কৰা নাই আৰু তাক্বৱাও অৱলম্বন কৰা নাই। বৰং ৰাছুলসকলৰ বাৰ্তাক অস্বীকাৰ কৰিছে। ফলত আমি সিহঁতক সিহঁতৰ গুনাহৰ কাৰণে হঠাৎ শাস্তিৰ জৰিয়তে গ্ৰেপ্তাৰ কৰিলো।
A'raf 7:97
এই অস্বীকাৰকাৰী নগৰৰ অধিবাসী সকলে ৰাতিৰ ভাগত সিহঁতৰ ওপৰত আমাৰ শাস্তি নাহিব বুলি নিশ্চিন্ত হৈছে নেকি, যেতিয়া সিহঁতে গভীৰ টোপনিত থাকিব?
A'raf 7:98
নে জনপদৰ অধিবাসীসকলে দিনৰ প্ৰথম ভাগত আমাৰ শাস্তি নাহিব বুলি নিশ্চিন্ত হৈছে, যেতিয়া সিহঁতে পাৰ্থিৱ কামত ব্যস্ত হৈ সম্পূৰ্ণৰূপে অমনোযোগী হৈ থাকিব।
A'raf 7:99
চোৱা! আল্লাহে সিহঁতক কেনেকৈ অৱকাশ দিছে, লগতে সিহঁতক শক্তি আৰু জীৱিকাৰ প্ৰশস্ততা প্ৰদান কৰিছে। এতেকে এই অস্বীকাৰকাৰী জনপদৰ অধিবাসীসকলে আল্লাহৰ কৌশল আৰু তেওঁৰ গোপন উপায় সম্পৰ্কে নিশ্চিন্ত হৈছে নেকি? এতেকে (জানি থোৱা!) আল্লাহৰ গোপন কৌশলৰ পৰা কেৱল সেইসকল লোকেই নিশ্চিন্ত মনে অমনোযোগী হৈ থাকে, যিসকলৰ ভাগ্যত বিনাশ লিখা হৈছে। আনহাতে তাওফীকপ্ৰাপ্ত লোকসকলে তেওঁৰ গোপন কৌশলৰ পৰা ভয় কৰে। সেয়ে তেওঁলোকে তেওঁৰ নিয়ামতৰ দ্বাৰা প্ৰৱঞ্চিত নহয়। বৰং তেওঁৰ অনুগ্ৰহত কৃতজ্ঞতা প্ৰকাশ কৰে।
A'raf 7:100
সেইসকল লোকৰ সন্মুখত এই তথ্য স্পষ্ট হোৱা নাই নেকি, যিসকলে নিজৰ পূৰ্বপুৰুষৰ পিছত পৃথিৱীত উত্তৰাধিকাৰী হৈছে আৰু সিহঁতৰ পূৰ্বপুৰুষক সিহঁতৰ গুনাহৰ কাৰণে ধ্বংস কৰা হৈছিল। সিহঁতে সিহঁতৰ ওপৰত অহা শাস্তিৰ পৰা শিক্ষা গ্ৰহণ নকৰিলে, বৰং সিহঁতৰ দৰেই কাৰ্যত লিপ্ত থাকিল। এইসকল লোকৰ সন্মুখত এই কথাও স্পষ্ট হোৱা নাই নেকি যে, আল্লাহে যদি ইচ্ছা কৰে তেন্তে ইহঁতক ইহঁতৰ গুনাহৰ কাৰণে তেওঁৰ ৰীতি অনুসাৰে গ্ৰেপ্তাৰ কৰিব পাৰে আৰু অন্তৰত মোহৰ মাৰি দিব পাৰে, ফলত কোনো শিক্ষাৰ পৰা লাভান্বিত হ'ব নোৱাৰিব আৰু কোনো উপদেশও উপকাৰত নাহিব।
A'raf 7:101
হে ৰাছুল! এইবোৰ আছিল পূৰ্বৱৰ্তী নগৰ, অৰ্থাৎ নূহ, হূদ, ছলেহ, লূত আৰু শ্বুআইব আলাইহিছ ছালামৰ নগৰ। যিসকলৰ কাহিনী আৰু সিহঁতৰ অস্বীকাৰ তথা কট্টৰতাৰ বৰ্ণনা আৰু সিহঁতৰ বিনাশৰ বিৱৰণ আমি আপোনাক শুনাই আছো, যাতে এয়া শিক্ষা গ্ৰহণকাৰী সকলৰ বাবে শিক্ষা আৰু উপদেশ আহৰণকাৰী সকলৰ বাবে উপদেশ হয়। এই নগৰবাসীসকলৰ ওচৰত ৰাছুলসকলে তেওঁলোকৰ সত্যতাৰ স্পষ্ট প্ৰমাণ লৈ আহিছিল, কিন্তু সিহঁতে ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা নাছিল, এই কথা আল্লাহেও ভালকৈ জানিছিল যে, সিহঁতে তেওঁলোকক অস্বীকাৰ কৰিব। যিদৰে আল্লাহে এই নগৰৰ অধিবাসীসকলৰ অন্তৰত মোহৰ মাৰি দিছিল, ঠিক সেইদৰে আল্লাহে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰকাৰী লোকসকলৰ অন্তৰতো মোহৰ মাৰি দিব আৰু সিহঁতে ঈমান পোষণ কৰিবলৈ সৌভাগ্য লাভ নকৰিব।
A'raf 7:102
আমি সিহঁতৰ মাজৰ অধিকাংশ জাতিৰ মাজত যিসকলৰ ওচৰত ৰাছুল প্ৰেৰণ কৰা হৈছিল, প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ আৰু আল্লাহৰ আদেশ পালন কৰাৰ আগ্ৰহ দেখা নাই। বৰং সিহঁতৰ অধিকাংশকে আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কাৰ হোৱা পাইছো।
A'raf 7:103
আমি সেইসকল ৰাছুলৰ পিছত মূছা আলাইহিছ ছালামক আমাৰ স্পষ্ট দলীল-প্ৰমাণ সহকাৰে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ওচৰত প্ৰেৰণ কৰিছো, যিবোৰ প্ৰমাণে তেওঁক সত্য নবী হিচাপে প্ৰমাণিত কৰে। কিন্তু সিহঁতে সেইবোৰ নিদৰ্শনক অস্বীকাৰ কৰিলে আৰু কুফুৰী কৰিলে। এতেকে হে ৰাছুল! ভাৱি চাওকচোন! ফলত ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ কেনেকুৱা পৰিণতি হৈছিল? আল্লাহে সিহঁতক পানীত ডুবাই মাৰিছিল, লগতে পৃথিৱী আৰু আখিৰাতত অভিশপ্ত কৰিছে।
A'raf 7:104
আল্লাহে যেতিয়া মূছাক নবী হিচাপে প্ৰেৰণ কৰিলে তেতিয়া তেওঁ ফিৰআউনৰ ওচৰত আহি ক'লেঃ হে ফিৰআউন! মই প্ৰকৃততে সকলো সৃষ্টিৰ স্ৰষ্টাৰ ফালৰ পৰা, সিহঁতৰ মালিক আৰু সিহঁতৰ সকলো কৰ্মৰ পৰিচালকৰ তৰফৰ পৰা ৰাছুল হিচাপে প্ৰেৰিত হৈছো।
A'raf 7:105
মূছাই ক'লেঃ মই যিহেতু আল্লাহৰ ৰাছুল, সেয়ে তেওঁৰ বিষয়ে সত্যৰ বাহিৰে আন একো কোৱা মোৰ বাবে উচিত নহয়। নিশ্চয় মই তোমালোকৰ ওচৰত এনেকুৱা স্পষ্ট প্ৰমাণ লৈ আহিছো, যিবোৰে প্ৰমাণ কৰে যে, মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি সত্য ৰাছুল। এতেকে বনী ইছৰাঈলক তোমাৰ কাৰাগাৰৰ পৰা তথা অধীনৰ পৰা স্বাধীন কৰি দিয়া আৰু মোৰ লগত যাবলৈ দিয়া।
A'raf 7:106
ফিৰআউনে মূছাক ক'লেঃ যদি তুমি কোনো নিদৰ্শন লৈ আহিছা, যিদৰে তুমি দাবী কৰি আছা, তেন্তে সেয়া উপস্থাপন কৰা, যদি তুমি তোমাৰ দাবীত সত্যবাদী হোৱা।
A'raf 7:107
তাৰ পিছত মূছা আলাইহিছ ছালামে নিজৰ লাখুটিডাল মাটিত দলিয়ালে, ফলত সেইটো হঠাৎ প্ৰত্যক্ষদৰ্শী সকলৰ বাবে প্ৰকাণ্ড অজগৰ সাপত পৰিণত হ’ল।
A'raf 7:108
আৰু তেখেতে চোলাৰ মাজত হাত প্ৰৱেশ কৰি বুকুৰ পৰা অথবা কাষলতিৰ পৰা হাত উলিয়ালে, ফলত তেখেতৰ হাত শুভ্ৰতাৰ কাৰণে জিলিকি আছিল, আৰু এয়া কোনো বগা বেমাৰৰ ফলত নহয়।
A'raf 7:109
নেতৃবৰ্গীয় আৰু প্ৰমূখ শ্ৰেণীৰ লোকসকলে যেতিয়া মূছা আলাইহিছ ছালামৰ লাখুটিক সাপত পৰিণত হোৱা দেখিলে আৰু কোনো বেমাৰ নোহোৱাকৈ তেওঁৰ হাতৰ শুভ্ৰতা প্ৰত্যক্ষ কৰিলে, তেতিয়া সিহঁতে কবলৈ ধৰিলেঃ মূছা হৈছে এজন দক্ষ যাদুকৰ।
A'raf 7:110
তেওঁ তোমালোকক তেওঁৰ যাদুৰ সহায়ত তোমালোকৰ দেশ মিচৰৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে। তাৰ পিছত ফিৰআউনে মূছা সম্পৰ্কে সিহঁতৰ ওচৰত পৰামৰ্শ বিচাৰি ক'লেঃ এই সম্পৰ্কে তোমালোকে মোক কি পৰামৰ্শ দিয়া?
A'raf 7:111
সিহঁতে ফিৰআউনক ক'লেঃ মূছা আৰু তেওঁৰ ভাতৃ হাৰূনক অৱকাশ দিয়ক, আৰু চহৰ-নগৰলৈ সংগ্ৰাহক সকলক পঠাই দিয়ক, যিসকলে যাদুকৰ সকলক একত্ৰিত কৰিব।
A'raf 7:112
এইসকল সংগ্ৰাহকে যিসকলক আপুনি চহৰ-নগৰলৈ যাদুকৰ একত্ৰিত কৰিবলৈ পঠাব, সিহঁতে আপোনাৰ বাবে সকলো দক্ষ আৰু পাৰদৰ্শিক যাদুকৰ আনিব।
A'raf 7:113
তাৰ পিছত ফিৰআউনে যাদুকৰসকলক একত্ৰিত কৰিবলৈ সংগ্ৰাহক প্ৰেৰণ কৰিলে। যেতিয়া যাদুকৰসকল ফিৰআউনৰ ওচৰত আহিল, সিহঁতে ফিৰআউনক ক'লেঃ যদি আমি আমাৰ যাদুৰ বলত মূছাৰ ওপৰত বিজয় হ'বলৈ সক্ষম হওঁ তেন্তে আমাৰ বাবে কোনো পুৰষ্কাৰ আছেনে?
A'raf 7:114
তেতিয়া ফিৰআউনে ক'লেঃ হয়, নিশ্চয় আছে। তোমালোকক ইয়াৰ প্ৰতিদান আৰু পুৰষ্কাৰ দিয়া হ'ব, লগতে তোমালোকক এনেকুৱা পদ দিয়া হ'ব যে, তোমালোক মোৰ নিকটৱৰ্তী হৈ থাকিবা।
A'raf 7:115
যাদুকৰ সকলে মূছাৰ ওপৰত নিশ্চিত বিজয় হ'ব বুলি বিশ্বাস কৰি অহংকাৰত ক'লেঃ হে মূছা! তোমাৰ ইচ্ছা, কোনে আগতে নিক্ষেপ কৰিব? তুমি নে আমি?
A'raf 7:116
মূছা আলাইহিছ ছালামে নিজ প্ৰতিপালকৰ সহায়ৰ ওপৰত ভৰসা কৰি সিহঁতক ক'লেঃ তোমালোকেই আগতে তোমালোকৰ লাঠি আৰু ৰছীবোৰ নিক্ষেপ কৰা। এতেকে যেতিয়া সিহঁতে নিজৰ লাঠি আৰু ৰছীবোৰ নিক্ষেপ কৰিলে তেতিয়া সিহঁতে মানুহৰ চকুত যাদু কৰিলে আৰু সিহঁতক বাস্তৱ দেখিবলৈ প্ৰতিৰোধ কৰিলে আৰু আতংকিত কৰিলে, আৰু প্ৰত্যক্ষদৰ্শীসকলৰ সন্মুখত এটা ডাঙৰ যাদু দেখুৱালে।
A'raf 7:117
আল্লাহে তেওঁৰ নবী মূছা কালিমুল্লাহৰ প্ৰতি অহী কৰি ক'লেঃ হে মূছা! তুমি তোমাৰ লাঠি নিক্ষেপ কৰা। ফলত তেওঁ নিজৰ লাঠি নিক্ষেপ কৰিলে। আৰু চকুৰ পলকতে লাঠি সাপত পৰিণত হ'ল আৰু সিহঁতৰ লাঠি আৰু ৰছীবোৰক গিলি পেলাবলৈ ধৰিলে, যিবোৰক সিহঁতে বাস্তৱৰ পৰা ৰূপান্তৰিত কৰি অলীক বস্তু বনাই মানুহক ভ্ৰমিত কৰিছিল যে, এইবোৰ জীৱিত সাপ।
A'raf 7:118
এতেকে সত্য প্ৰকাশ পালে তথা মূছা আলাইহিছ ছালামে যি লৈ আহিছে তাৰ সত্যতা স্পষ্ট হৈ গ'ল আৰু যাদুকৰ সকলে যি যাদু দেখুৱাইছিল সেয়া মিছা প্ৰমাণিত হ'ল।
A'raf 7:119
অৱশেষত সিহঁতে সেই আয়োজনত পৰাজিত হ'ল তথা মূছা আলাইহিছ ছালাম বিজয়প্ৰাপ্ত হ'ল। এইদৰে সিহঁতে অপমাণিত আৰু পৰাজিত হৈ ঘৰমুৱা হ'ল।
A'raf 7:120
সকলো যাদুকৰে আল্লাহৰ অসীম ক্ষমতা তথা স্পষ্ট নিদৰ্শন দেখি পৱিত্ৰ আল্লাহৰ সন্মুখত ছাজদাহ নত হ'ল।
A'raf 7:121
যাদুকৰসকলে ক'লেঃ আমি সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ প্ৰতি ঈমান আনিছো।
A'raf 7:122
মূছা আৰু হাৰূন আলাইহিমাছ ছালামৰ প্ৰতিপালকৰ ওপৰত (ঈমান আনিছো)। কেৱল তেৱেঁই ইবাদতৰ যোগ্য, তেওঁৰ বাহিৰে সকলো তথাকথিত উপাস্য হৈছে অসত্য।
A'raf 7:123
যেতিয়া তেওঁলোকে এক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিলে, তেতিয়া ফিৰআউনে তেওঁলোকক ধমক দি ক'লেঃ মই অনুমতি দিয়াৰ আগতে তোমালোকে মূছাক বিশ্বাস কৰিলা? নিশ্চয় মূছাৰ প্ৰতি তোমালোকৰ ঈমান আৰু তেওঁ লৈ অহা চৰীয়তক মানি লোৱাটো হৈছে এটা ষড়যন্ত্ৰ, যিটো তোমালোকে মূছাৰ লগত মিলি ৰচিছা, এই নগৰৰ অধিবাসীসকলক ইয়াৰ পৰা বহিষ্কাৰ কৰাৰ বাবে। এতেকে হে যাদুকৰসকল! অতিশীঘ্ৰে তোমালোকে জানিবলৈ পাবা যে, তোমালোকে ইয়াৰ পৰিবৰ্তে কেনেকুৱা কষ্ট আৰু শাস্তি ভোগ কৰা।
A'raf 7:124
মই অৱশ্যে তোমালোকৰ প্ৰত্যকৰে সোঁহাত আৰু বাওঁ ভৰি অথবা বাওঁহাত আৰু সোঁ ভৰি কাটি দিম। তাৰ পিছত তোমালোকক খেজুৰ গছত ওলমাই থম। এয়া কৰিম তোমালোকক শাস্তি দিয়াৰ বাবে আৰু যিসকলে তোমালোকক এই অৱস্থাত দেখিব সেইসকলক ভয় দেখুৱাৰ উদ্দেশ্যে।
A'raf 7:125
যাদুকৰসকলে ফিৰআউনৰ এই ধমকৰ উত্তৰ দি ক'লেঃ নিশ্চয় আমি একমাত্ৰ আমাৰ প্ৰতিপালকৰ পিনেই প্ৰত্যাৱৰ্তন কৰিম। এতেকে তোমাৰ ধমকৰ প্ৰতি আমি একো ভ্ৰুক্ষেপ নকৰো।
A'raf 7:126
হে ফিৰআউন! তোমাৰ ওচৰত আমাৰ অপৰাধ কেৱল এইটো যে, আমি আমাৰ প্ৰতিপালকৰ নিদৰ্শনক সত্য বুলি স্বীকাৰ কৰিছো, যিটো মূছা আলাইহিছ ছালামৰ মাধ্যমত আমাৰ ওচৰত আহি পাইছে। যদি এইটো কোনো দোষ অথবা গুনাহ হয়, তেন্তে সঁচাই আমি গুনাহগাৰ। তাৰ পিছত তেওঁলোকে আল্লাহৰ ওচৰত বিনয়পূৰ্বক দুআ কৰিবলৈ ধৰিলে। হে আমাৰ প্ৰতিপালক! আমাৰ ওপৰত ধৈৰ্য ঢালি দিয়া, যাতে আমি ধৈৰ্যশীল হৈ সত্যৰ ওপৰত অটল থাকিব পাৰো। (হে আল্লাহ!) তোমাৰ ওপৰত নিজকে সমৰ্পিত কৰা অৱস্থাত আৰু তোমাৰ আদেশ পালন কৰা অৱস্থাত লগতে তোমাৰ ৰাছুলৰ অনুসৰণ কৰা অৱস্থাত আমাক মৃত্যু প্ৰদান কৰিবা।
A'raf 7:127
ফিৰআউন সম্প্ৰদায়ৰ প্ৰমূখ নেতাসকলে ফিৰআউনক মূছা আলাইহিছ ছালাম আৰু মুমিনসকলৰ বিৰুদ্ধে উচটনি প্ৰদান কৰি ক'লেঃ আপুনি মূছা আৰু তেওঁৰ সম্প্ৰদায়ক এনেকৈ বিপৰ্যয় সৃষ্টি কৰিবলৈ, লগতে আপোনাক আৰু আপোনাৰ ইলাহৰ পৰা বিচ্যুত হ'বলৈ এৰি দিব নেকি, যাতে সিহঁতে এক আল্লাহৰ ইবাদতৰ প্ৰতি মানুহক আহ্বান কৰিব পাৰে? ফিৰআউনে ক'লেঃ আমি বনী ইছৰাঈলৰ পুত্ৰসকলক হত্যা কৰিম আৰু কন্যাসকলক আমাৰ সেৱা কৰিবলৈ জীৱিত ৰাখিম। নিশ্চয় আমি শক্তি আৰু প্ৰভূত্বৰ ক্ষেত্ৰত সিহঁততকৈ উৰ্দ্ধত আৰু আমিয়ে বিজয়প্ৰাপ্ত।
A'raf 7:128
মূছা আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ক উপদেশ দি ক'লেঃ হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা, যাতে তেওঁ তোমালোকৰ বিপদ দূৰ কৰি দিয়ে তথা তোমালোকৰ উপকাৰ কৰে। লগতে যি বিপদ তোমালোকৰ ওচৰত আহিছে তাৰ ওপৰত ধৈৰ্য ধাৰণ কৰা। কিয়নো এই পৃথিৱী কেৱল এক আল্লাহৰ, ফিৰআউন তথা আন কাৰোবাৰ নহয় যে, সি যি ইচ্ছা কৰিব তাকেই কৰিব। আল্লাহে নিজ ইচ্ছানুসাৰে ইয়াত মানুহক অৱকাশ দিয়ে। কিন্তু পৃথিৱীত উত্তম পৰিণাম কেৱল মুমিনসকলৰ বাবে, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে। এই পৃথিৱী তেওঁলোকৰেই, যদিও তেওঁলোকে কিছুমান বিপদ-আপদ আৰু পৰীক্ষাৰ মাজেৰে অতিক্ৰম কৰিব লাগে।
A'raf 7:129
মূছা আলাইহিছ ছালামৰ সম্প্ৰদায় বনী ইছৰাঈলে মূছা আলাইহিছ ছালামক ক'লেঃ হে মূছা! আমি তোমাৰ পূৰ্বেও ফিৰআউনৰ দ্বাৰা নিৰ্যাতিত আছিলো, সি আমাৰ পুত্ৰ সন্তানক হত্যা কৰিছিল আৰু কন্যা সন্তানক জীৱিত ৰাখিছিল, আৰু তুমি অহাৰ পিছতো আমি নিৰ্যাতিত হৈ আছো। মূছা আলাইহিছ ছালামে সিহঁতক আনন্দৰ সংবাদ প্ৰদান কৰি উপদেশ দিলে যে, আশা কৰা যায়, তোমালোকৰ প্ৰতিপালকে তোমালোকৰ শত্ৰু ফিৰআউনক আৰু তাৰ সম্প্ৰদায়ক ধ্বংস কৰিব, আৰু সিহঁতৰ পিছত তোমালোকক পৃথিৱীৰ আধিপত্য দান কৰিব, আৰু তেওঁ তোমালোকক পৰীক্ষা কৰিব যে, ইয়াৰ পিছত তোমালোক তেওঁৰ কৃতজ্ঞ হোৱা নে অকৃতজ্ঞ।
A'raf 7:130
নিশ্চয় আমি ফিৰআউন সম্প্ৰদায়ক শুকান আৰু দুৰ্ভিক্ষৰ জৰিয়তে শাস্তি প্ৰদান কৰিছিলো তথা ফলমূল আৰু শস্য উৎপাদন হ্ৰাস কৰি পৰীক্ষা কৰিছিলো। যাতে সিহঁতে চিন্তা কৰে আৰু শিক্ষা লয় যে, এই সকলোবোৰ সিহঁতৰ কুফুৰীৰ শাস্তিস্বৰূপে আহিছে আৰু যাতে সিহঁতে আল্লাহৰ ওচৰত তাওবা কৰে।
A'raf 7:131
যেতয়িা ফিৰআউন সম্প্ৰদায়ে ফলমূল আৰু খাদ্যদ্ৰৱ্য প্ৰচুৰ পৰিমাণে পায় আৰু বস্তুৰ দাম কমি যায়, তেতিয়া সিহঁতে কয় যে, আমাক এইবোৰ এই কাৰণে দিয়া হৈছে যে, আমি ইয়াৰ যোগ্য। আনহাতে খৰাং, দুৰ্ভিক্ষ, অধিক বেমাৰ-আজাৰ আদি বিপদ-আপদ আহিলে মূছা আলাইহিছ ছালামক আৰু তেওঁৰ লগত থকা বনী ইছৰাঈলক অমঙ্গল বুলি কয়। প্ৰকৃততে সিহঁতে যি লাভ কৰে সেয়া আল্লাহৰ নিৰ্ণয়ৰ ফলতে লাভ কৰে। এই ক্ষেত্ৰত সিহঁতৰো কোনো ক্ষমতা নাই আৰু মূছা আলাইহিছ ছালামৰো কোনো অধিকাৰ নাই, কেৱল মূছা আলাইহিছ ছালামৰ দুআৰ বাহিৰে। কিন্তু সিহঁতৰ মাজৰ অধিকাংশই এই কথা নাজানে, সেই কাৰণেই সিহঁতে ইয়াক আল্লাহৰ বাহিৰে আনৰ লগত সম্পৃক্ত কৰে।
A'raf 7:132
ফিৰআউন সম্প্ৰদায়ে সত্যৰ লগত শত্ৰুতা পোষণ কৰি মূছা আলাইহিছ ছালামক ক'লেঃ আমাৰ ধৰ্মক ভুল প্ৰমাণিত কৰিবলৈ আৰু তাৰ পৰা আমাক বিমুখ কৰিবলৈ, লগতে তুমি যি লৈ আহিছা তাৰ সত্যতা সাব্যস্ত কৰিবলৈ তুমি আমাৰ ওচৰত যি নিদৰ্শন আৰু প্ৰমাণ লৈ আহিবা, সেয়া আমি কেতিয়াও সত্য বুলি মানি নলওঁ।
A'raf 7:133
ফলত আমি সিহঁতৰ ওপৰত সিহঁতৰ বিদ্বেষ আৰু অস্বীকাৰ কৰাৰ কাৰণে ইমান পানী বৰ্ষণ কৰিছিলো যে, সিহঁতৰ সকলো খেতি-পথাৰ আৰু ফলৰ বাগান ডুবি গৈছিল। আৰু সিহঁতৰ ওচৰত পঙ্গপাল প্ৰেৰণ কৰিছিলো যিবোৰে সিহঁতৰ ফচল খাই পেলাইছিল। লগতে প্ৰেৰণ কৰিছিলো ওকণি, যিবোৰে খেতি ধ্বংস কৰিছিল আৰু মানুহৰ চুলিৰ মাজত থাকি সিহঁতক কষ্ট দিছিল। আৰু প্ৰেৰণ কৰিছিলো প্ৰচুৰ পৰিমাণে ভেকুলী, ফলত সিহঁতৰ পাত্ৰবোৰত ভৰি পৰিছিল আৰু সিহঁতৰ খাদ্যদ্ৰৱ্য নষ্ট কৰিছিল, আৰু সিহঁতৰ টোপনি নাইকীয়া হৈছিল। আৰু প্ৰেৰণ কৰিছিলো তেজ, ফলত সিহঁতৰ কুঁৱা আৰু নদ-নদীসমূহ ৰক্তময় হৈ পৰিছিল। আমি এইবোৰ পৃথক পৃথক বিভিন্ন নিদৰ্শন প্ৰেৰণ কৰিছিলো, যিবোৰ একাধিক্ৰমে এটাৰ পিছত এটা আহিছিল। কিন্তু এই সকলোবোৰ শাস্তি অহাৰ পিছতো সিহঁতে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাত আৰু মূছা আলাইহিছ ছালামে লৈ অহা বাৰ্তাক সত্য বুলি স্বীকাৰ কৰিবলৈ অহংকাৰ কৰিলে। দৰাচলতে সিহঁত আছিল পাপিষ্ঠ সম্প্ৰদায়, কুকৰ্মত লিপ্ত আছিল, সত্যৰ পথ অৱলম্বন কৰা নাছিল।
A'raf 7:134
যেতিয়া এইবোৰ শাস্তি আহিল তেতিয়া সিহঁতে মূছা আলাইহিছ ছালামৰ ওচৰত আহি ক'লেঃ হে মূছা! তোমাক দান কৰা বিশেষ নবুওৱতৰ মাধ্যমত আৰু তাওবাৰ ফলত শাস্তি উঠাই লোৱাৰ যি প্ৰতিশ্ৰুতি তোমাক দিয়া হৈছে তাৰ জৰিয়তে তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ এই শাস্তি উঠাই লোৱাৰ বাবে দুআ কৰা। যদি তুমি আমাৰ পৰা এই শাস্তি দূৰ কৰিব পাৰা তেন্তে আমি অৱশ্যে তোমাৰ প্ৰতি ঈমান পোষণ কৰিম, লগতে বনী ইছৰাঈলক স্বাধীনতা প্ৰদান কৰি তোমাৰ লগত যাবলৈ দিম।
A'raf 7:135
সিহঁতক সাগৰত ডুবাই মৰাৰ আগত, আমি যেতিয়া সিহঁতক এটা নিৰ্দিষ্ট সময়ৰ বাবে সিহঁতৰ শাস্তি উঠাই লৈছিলো, হঠাৎ সিহঁতৰ কথাৰ সুৰ সলনি হ'ল, আৰু সিহঁতে মূছা আলাইহিছ ছালামৰ প্ৰতি ঈমান পোষণ কৰাৰ প্ৰতিশ্ৰুতি আৰু বনী ইছৰাঈলক তেওঁৰ সৈতে প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতিৰ পৰা বিমুখ হৈ গ'ল, অথচ সিহঁতেই প্ৰতিশ্ৰুতি দিছিল। ফলত সিহঁত কুফৰৰ ওপৰতে অটল থাকিল আৰু বনী ইছৰাঈলক মূছা আলাইহিছ ছলামৰ লগত প্ৰেৰণ নকৰিলে।
A'raf 7:136
সিহঁতক ধ্বংস কৰাৰ নিৰ্ধাৰিত সময় যেতিয়া আহি পৰিল, তেতিয়া আমি সিহঁতৰ ওপৰত আমাৰ শাস্তি অৱতীৰ্ণ কৰিলো আৰু সিহঁতক সাগৰত ডুবাই মাৰিলো, কাৰণ সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল, আৰু ইয়াৰ দ্বাৰা সাব্যস্ত হোৱা সত্যৰ পৰা বিমুখ হৈছিল, যাৰ মাজত কোনো সন্দেহ নাছিল।
A'raf 7:137
আমি বনী ইছৰাঈলক, যিসকলক ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে দুৰ্বল ভাৱি আছিল, তেওঁলোকক পৃথিৱীৰ পশ্চিম তথা পূৱৰ উত্তৰাধিকাৰী বনাই দিলো। ইয়াৰ দ্বাৰা ছিৰিয়া দেশক বুজোৱা হৈছে, এই দেশৰ খেতি আৰু ফলমূল উৎপাদনত আল্লাহে বৰকত প্ৰদান কৰিছে। আৰু এইদৰে হে নবী! আপোনাৰ প্ৰতিপালকৰ শুভ বচন পূৰণ হৈছে। অৰ্থাৎ সেই বচন, যাৰ উল্লেখ এই আয়াতত আছেঃ {وَنُرِيدُ أَنْ نَمُنَّ عَلَى الَّذِينَ اسْتُضْعِفُوا فِي الأَرْضِ وَنَجْعَلَهُمْ أَئِمَّةً وَنَجْعَلَهُمُ الْوَارِثِينَ}আৰু আমি সেই দেশত যিসকলক দুৰ্বল কৰি ৰখা হৈছিল, সেই মানুহবিলাকৰ ওপৰত অনুগ্ৰহ কৰিব বিচাৰিলো লগতে তেওঁলোকক নেতৃত্ব দান কৰিবলৈ আৰু উত্তৰাধিকাৰী বনাবলৈ ইচ্ছা কৰিলো। (ছুৰা কাচাচঃ ৫) ফলত আল্লাহে তেওঁলোকক পৃথিৱীত নেতৃত্ব প্ৰদান কৰিলে, কাৰণ তেওঁলোকে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ফালৰ পৰা দিয়া কষ্টত ধৈৰ্য ধাৰণ কৰিছিল। লগতে আমি ফিৰআউনে নিৰ্মাণ কৰা ঘৰ, উট্টালিকা আৰু খেতি-পথাৰ ধ্বংস কৰিছো।
A'raf 7:138
আমি বনী ইছৰাঈলক সাগৰ পাৰ কৰাইছিলো, যেতিয়া মূছা আলাইহিছ ছালামে তেওঁৰ লাঠিৰে সাগৰক আঘাত কৰিছিল, ফলত সাগৰ দ্বিখণ্ডিত হৈ পৰিছিল। এতেকে সাগৰ পাৰ হোৱাৰ পিছত তেওঁলোকে এনেকুৱা এটা জাতিৰ ওচৰেৰে অতিক্ৰম কৰিলে যিসকলে আল্লাহৰ বাহিৰে মূৰ্তি পূজাত লিপ্ত আছিল। সেয়া দেখি বনী ইছৰাঈলে মূছা আলাইহিছ ছালামক ক'লেঃ হে মূছা! আমাৰ বাবেও এটা মূৰ্তি নিৰ্ধাৰণ কৰি দিয়ক, যাতে আমি আল্লাহৰ বাহিৰে তাৰ উপাসনা কৰিব পাৰি, যিদৰে এইসকল লোকৰ ওচৰত বহুতো মূৰ্তি আছে, যিবোৰক ইহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰে। তেতিয়া মূছা আলাইহিছ ছালামে সিহঁতক ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! বাস্তৱতে তোমালোক আল্লাহৰ সন্মান, তেওঁৰ তাওহীদৰ মহত্ব আৰু তেওঁৰ লগত অংশী স্থাপন কৰাৰ আৰু তেওঁৰ বাহিৰে আন বস্তুৰ উপাসনা কৰাৰ ক্ষতি সম্পৰ্কে অৱগত নহয়।
A'raf 7:139
নিশ্চয় এইসকল লোক, যিসকলে মূৰ্তি পূজাত লিপ্ত হৈ আছে, আল্লাহৰ বাহিৰে আনৰ ইবাদতত লিপ্ত হোৱাৰ কাৰণে ধ্বংস হৈ যাব। লগতে সিহঁতৰ সকলো নেক আমল ব্যৰ্থ হৈ যাব, কাৰণ সিহঁতে আল্লাহৰ লগত আনক অংশী স্থাপন কৰিছে।
A'raf 7:140
মূছা আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ক ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই তোমালোকৰ বাবে আল্লাহৰ বাহিৰে আন কোনো উপাস্য কেনেকৈ সন্ধান কৰিম, যাৰ তোমালোকে ইবাদত কৰিবা; অথচ তোমালোকে আল্লাহৰ ডাঙৰ ডাঙৰ নিদৰ্শনসমূহ প্ৰত্যক্ষ কৰিছা। আৰু আল্লাহে তোমালোকক তোমালোকৰ সময়ৰ সকলো লোকৰ ওপৰত প্ৰাধান্য দিছে, লগতে তেওঁ তোমালোকৰ শত্ৰু ধ্বংস কৰি তোমালোকক পৃথিৱীত প্ৰভূত্ব প্ৰদান কৰিছে আৰু ইয়াৰ উত্তৰাধিকাৰী বনাই তোমালোকৰ ওপৰত অনুগ্ৰহ কৰিছে।
A'raf 7:141
হে বনী ইছৰাঈল! সেই সময়ক স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ অপমানজনক ব্যৱহাৰৰ পৰা মুক্তি প্ৰদান কৰিছিলো। যিসকলে তোমালোকক বিভিন্ন প্ৰকাৰে নিৰ্যাতন কৰিছিল, তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল আৰু তোমালোকৰ কন্যা সন্তানক সিহঁতে নিজৰ সেৱাৰ বাবে জীৱিত ৰাখিছিল। ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ পৰা এই মুক্তি আছিল তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ বাবে এটা ডাঙৰ পৰীক্ষা, যিটোৱে তোমালোকৰ পৰা কৃতজ্ঞতা দাবী কৰে।
A'raf 7:142
আল্লাহে তেওঁৰ ৰাছুল মূছাৰ লগত কথা পাতিবলৈ তেওঁক ত্ৰিশ ৰাতিৰ শপত দিলে, তাৰ পিছত দহ ৰাতি আৰু বৃদ্ধি কৰি এই সময় পৰিপূৰ্ণ কৰিলে, ফলত এয়া মুঠ চল্লিশ ৰাতি হল। প্ৰতিপালকৰ লগত কথা পাতিবলৈ যোৱাৰ সময়ত মূছাই তেওঁৰ ভাতৃ হাৰূনক ক'লেঃ হে হাৰূন! মোৰ সম্প্ৰদায়ৰ মাজত তুমি মোৰ প্ৰতিনিধি হৈ থাকিবা, মানুহক উত্তম নেতৃত্ব প্ৰদান কৰি, নম্ৰ ব্যৱহাৰৰ মাজেৰে সিহঁতক সংশোধন কৰিবা। আৰু সেই সকল লোকৰ পথ অনুসৰণ নকৰিবা যিসকলে পাপ কৰ্ম কৰি বিপৰ্যয় সৃষ্টি কৰে। লগতে সেই সকলৰো সহায়ক নহবা যিসকলে অবাধ্যতা কৰি ফুৰে।
A'raf 7:143
মূছা আলাইহিছ ছালাম যেতিয়া নিৰ্ধাৰিত চল্লিশ ৰাতি সময়ছোৱাত নিজ প্ৰতিপালকৰ লগত কথা কোৱাৰ সৌভাগ্য লাভ কৰিবলৈ আহিলে, আৰু আল্লাহে তেওঁৰ লগত আদেশ-নিষেধ সম্পৰ্কীয় যি ক'ব লগা আছিল সেয়া কলে, তেতিয়া মূছা আলাইহিছ ছালামৰ অন্তৰত তেওঁৰ প্ৰতিপালকক দেখিবলৈ ইচ্ছা জাগিল। আৰু তেওঁক দৰ্শন কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। তাৰ পিছত আল্লাহে উত্তৰ দিলেঃ তুমি পাৰ্থিৱ জীৱনত মোক দেখিব নোৱাৰিবা। কাৰণ তোমাৰ ওচৰত সেই সক্ষমতা নাই। বৰং তুমি সৌ পৰ্বতটোৰ পিনে চোৱা, মই তাত জ্যোতি প্ৰকাশ কৰিম, যদি সেইটোৰ ওপৰত কোনো প্ৰভাৱ নপৰে আৰু নিজ স্থানতে স্থিৰ থাকে তেন্তে তুমি মোক দেখিবলৈ পাবা। আনহাতে সেইটো যদি সমতল ভুমিত পৰিণত হয় তেন্তে তুমি মোক এই পৃথিৱীত দেখিবলৈ নাপাবা। এতেকে আল্লাহে যেতিয়া পৰ্বতত জ্যোতি প্ৰকাশ কৰিলে, পৰ্বত সমতল ভূমিত পৰিণত হ'ল। আৰু মূছা আলাইহিছ ছালাম সংজ্ঞাহীন হৈ পৰিল। যেতিয়া তেওঁ জ্ঞান উভতি পালে, তেতিয়া ক'লেঃ হে মোৰ প্ৰতিপালক! মই তোমাক সেই সকলো বস্তুৰ পৰা পৱিত্ৰ বুলি ভাৱো, যিবোৰ তোমাৰ উপযুক্ত নহয়। মই পাৰ্থিৱ জীৱনত তোমাক দেখিবলৈ বিচাৰি যি অপৰাধ কৰিছো তাৰ পৰা মই এতিয়াই তাওবা কৰিছো। আৰু মোৰ সম্প্ৰদায়ৰ মুমিনসকলৰ মাজত ময়ে প্ৰথম।
A'raf 7:144
আল্লাহে মূছা আলাইহিছ ছালামক ক'লেঃ হে মূছা! মই তোমাক সিহঁতৰ ওচৰত প্ৰেৰণ কৰাৰ সময়ত মোৰ ৰিছালত পৌঁচাই দিয়াৰ বাবে নিৰ্বাচন কৰিছো আৰু তোমাক সকলো মানুহৰ ওপৰত প্ৰাধান্য দিছো। লগতে তোমাক মোৰ লগত প্ৰত্যক্ষৰূপে কথা কোৱাৰ সৌভাগ্য প্ৰদান কৰিছো। এতেকে মই তোমাক যি প্ৰদান কৰিছো সেয়া সন্মান সহকাৰে গ্ৰহণ কৰা আৰু এই মহা প্ৰতিদানৰ বাবে তুমি আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা।
A'raf 7:145
আমি মূছাৰ বাবে, কাঠ অথবা এই জাতীয় কিছুমান ফলকত দ্বীন তথা দুনিয়া সম্পৰ্কীয় সেই সকলো বিধি-বিধান লিখি দিছিলো, যিবোৰৰ প্ৰয়োজন বনী ইছৰাঈলৰ আছিল, যাতে শিক্ষা অন্বেষণকাৰী সকলে শিক্ষা লাভ কৰে আৰু যিবোৰ আদেশৰ বিস্তাৰিত বিৱৰণ আৱশ্যক হয় সেইবোৰ পাব পাৰে। এতেকে হে মূছা! এই তাওৰাতক মজবুতভাৱে ধাৰণ কৰা। আৰু তোমাৰ সম্প্ৰদায় বনী ইছৰাঈলক আদেশ দিয়া যে, সিহঁতে যাতে ইয়াত থকা উত্তম বিষয়বোৰ গ্ৰহণ কৰে, যিবোৰৰ প্ৰতিদান বৰ ডাঙৰ। যেনে- পৰিপূৰ্ণৰূপে আদেশ পালন কৰা, ধৈৰ্য ধাৰণ কৰা, ক্ষমা কৰা। অতিশীঘ্ৰে মই তোমালোকক সেই সকল লোকৰ পৰিণাম দেখুৱাম, যিসকলে মোৰ আদেশৰ বিৰুদ্ধাচৰণ কৰিছে, আৰু মোৰ আনুগত্যৰ পৰা ওলাই গৈছে। তথা সিহঁতৰ ধ্বংস আৰু বিনাশৰ দৃশ্যও তোমালোকক দেখুৱাম।
A'raf 7:146
মানুহৰ মাজত থকা আৰু বিশ্বজগতৰ প্ৰান্তত থকা মোৰ নিদৰ্শনৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ আৰু মোৰ পুথিৰ আয়াতসমূহ বুজিবলৈ মই সেই সকল লোকক বাধা প্ৰদান কৰিম, যিসকলে আল্লাহৰ বান্দাসকলৰ প্ৰতি আৰু সত্যৰ প্ৰতি বিনা কাৰণে অহংকাৰ কৰে। এনেকুৱা স্বভাৱৰ লোকে সকলো প্ৰকাৰ নিদৰ্শন দেখিলেও ঈমান পোষণ নকৰিব। কাৰণ সিহঁতে সেইবোৰৰ প্ৰতি আপত্তি দৰ্শাব আৰু তাৰ পৰা মুখ ঘূৰাই লব। আৰু এই কাৰণেও যে, সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি বিদ্বেষ পোষণ কৰে। যদিও সিহঁতে সত্যৰ পথ দেখা পায়, যিটো আল্লাহৰ সন্তুষ্টিৰ পিনে লৈ যায়, তথাপিও সেইটোত পৰিচালিত নহ'ব। আৰু তাত পৰিচালিত হোৱাৰ আগ্ৰহও প্ৰকাশ নকৰিব। আনহাতে যদি কোনো ভ্ৰান্ত পথ দেখা পায়, যি পথে আল্লাহৰ অসন্তুষ্টিৰ পিনে লৈ যায়, তেনে পথত অবিলম্বে পৰিচালিত হ'ব। এই বিপদ সিহঁতৰ ওপৰত কেৱল এই কাৰণে আহিছে যে, সিহঁতে আল্লাহৰ ডাঙৰ ডাঙৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে, যিবোৰে ৰাছুলে লৈ অহা বাৰ্তাক সত্যায়ন কৰে। লগতে এই কাৰণেও যে, সিহঁতে এই বিষয়ে চিন্তা-চৰ্চা কৰিবলৈয়ো অমনোযোগী আছিল।
A'raf 7:147
যিসকলে আমাৰ ৰাছুলসকলক সত্যায়ন কৰা আয়াতসমূহক অস্বীকাৰ কৰিছে, আৰু কিয়ামতৰ দিনা আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰিছে, সিহঁতৰ সেই সকলো আমল বিনষ্ট হৈছে, যিবোৰৰ ইবাদতৰ অন্তৰ্ভুক্ত আছিল। এতেকে সিহঁতে ইয়াৰ প্ৰতিফল নাপাব, কাৰণ ইয়াৰ চৰ্ত নাইকীয়া হৈছে, আৰু সেয়া হৈছে ঈমান। কিয়ামতৰ দিনা সিহঁতক কেৱল সিহঁতৰ কুফৰ আৰু শ্বিৰ্কৰেই প্ৰতিদান দিয়া হ'ব যিবোৰ সিহঁতে কৰিছিল। আৰু সেই প্ৰতিদান হৈছে, জাহান্নামত চিৰস্থায়ী অৱস্থান।
A'raf 7:148
মূছা আলাইহিছ ছালাম তেওঁৰ প্ৰতিপালকৰ লগত সাক্ষাত কৰিবলৈ যোৱাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে নিজৰ অলংকাৰৰ দ্বাৰা এটা গৰু পোৱালীৰ প্ৰতিমা সাজিলে, যাৰ মাজত প্ৰাণো নাছিল আৰু কোনো শব্দও নাছিল। সিহঁতে এই কথাটো গম পোৱা নাছিল নেকি যে, এই দামুৰীটোৱে কথাও কব নোৱাৰে আৰু কোনো প্ৰত্যক্ষ বা অপ্ৰত্যক্ষ ভাল বেয়া পথও নেদেখুৱায়, লগতে কোনো উপকাৰও নকৰে আৰু কোনো বিপদ-আপদো দূৰ নকৰে। সিহঁতে সেইটোক উপাস্য হিচাপে গ্ৰহণ কৰিছিল তথা ইয়াৰ দ্বাৰা সিহঁতে নিজৰ ওপৰতে অন্যায় কৰিছিল।
A'raf 7:149
যেতিয়া সিহঁতে লজ্জিত হ'ল আৰু অস্বস্তিবোধ কৰিলে তথা নিজৰ ভুল বুজি পালে যে, আল্লাহৰ লগত দামুৰীটোক অংশী কৰি সিহঁতে পোন পথৰ পৰা আঁতৰি গৈছে, তেতিয়া সিহঁতে আল্লাহৰ ওচৰত বিনয়পূৰ্বক প্ৰাৰ্থনা কৰি কবলৈ ধৰিলেঃ যদি আমাৰ প্ৰতিপালকে আমাৰ ওপৰত দয়া নকৰে আৰু তেওঁৰ আনুগত্য কৰাৰ তাওফীক প্ৰদান নকৰে, লগতে দামুৰীটোক পূজা কৰি আমি যি গুনাহ কৰিছো সেয়া যদি ক্ষমা নকৰে তেন্তে নিশ্চয় আমি পৃথিৱী আৰু আখিৰাতত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম।
A'raf 7:150
মূছা আলাইহিছ ছালাম যেতিয়া তেওঁৰ প্ৰতিপালকক সাক্ষাত কৰি নিজ সম্প্ৰদায়ৰ পিনে উভতি আহিলে, আৰু তেওঁৰ সম্প্ৰদায়ক দামুৰীৰ পূজা পাঠ কৰা দেখি তেওঁ ক্ষুব্ধ আৰু ক্ৰোধান্বিত হৈ ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই গুচি যোৱাৰ পিছত তোমালোকে এইটো বৰ বেয়া পৰিস্থিতি সৃষ্টি কৰিছা। কিয়নো ইয়াৰ পৰিণাম হৈছে বিনাশ আৰু দুৰ্ভাগ্য। তোমালোকে মোৰ অপেক্ষাত নিৰাশ হৈ দামুৰীৰ পূজা পাঠ আৰম্ভ কৰিছা নেকি? ক্ৰুদ্ধ আৰু বিক্ষুব্ধ হৈ লিখিত ফলকসমূহ দলিয়াই দি তেওঁৰ ভাতৃ হাৰূনৰ দাঢ়ি আৰু মূৰত ধৰি টানিবলৈ ধৰিলে, কিয়নো তেওঁ সিহঁতৰ ওচৰত থকাৰ পিছতো সিহঁতক দামুৰীৰ পূজা পাঠৰ পৰা বিৰত ৰাখিব পৰা নাছিল। তেতিয়া হাৰূন আলাইহিছ ছালামে মূছা আলাইহিছ ছালামৰ ওচৰত ওজৰ পেচ কৰি লগতে নম্ৰ ব্যৱহাৰ দাবী কৰি ক'লেঃ হে মোৰ সহোদৰ! সম্প্ৰদায়ৰ লোকসকলে মোক দুৰ্বল বুলি ভাৱি ভ্ৰুক্ষেপ কৰা নাছিল, আৰু মোক হত্যা কৰাৰ উপক্ৰম হৈছিল। এতেকে আপুনি মোক এনেকুৱা শাস্তি নিদিব যাৰ ফলত মোৰ শত্ৰুসকলে হাঁহিবলৈ অৱকাশ পাব। লগতে ক্ৰোধান্বিত হৈ মোক সেইসকল লোকৰ অন্তৰ্ভুক্ত নকৰিব, যিসকলে আল্লাহৰ বাহিৰে আনৰ পূজা কৰি যালিমসকলৰ অন্তৰ্ভুক্ত হৈছে।
A'raf 7:151
তাৰ পিছত মূছা আলাইহিছ ছালামে তেওঁৰ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! মোক তথা মোৰ ভাতৃক ক্ষমা কৰি দিয়া আৰু আমাৰ তোমাৰ দয়াৰ অন্তৰ্ভুক্ত কৰা আৰু সেই দয়া আমাৰ চাৰিওফালে প্ৰসাৰ কৰি দিয়া। হে আমাৰ প্ৰতিপালক! সকলো কৃপাৱানতকৈ তুমিয়ে আমাৰ প্ৰতি অধিক কৃপালু।
A'raf 7:152
যিসকলে দামুৰীটোক উপাস্য কৰি লৈ পূজা পাঠ কৰিছিল, সেইসকল লোকে নিজ প্ৰতিপালকক অসন্তুষ্টি আৰু অপমান কৰাৰ কাৰণে অনতিপলমে সিহঁতে নিজ প্ৰতিপালকৰ তৰফৰ পৰা চৰম ক্ৰোধ আৰু পাৰ্থিৱ জীৱনত লাঞ্ছনাৰ সন্মুখীন হ'ব। মিছা ৰচনা কৰি আল্লাহৰ লগত সম্পৃক্ত কৰা ব্যক্তিসকলক আমি এইদৰেই প্ৰতিদান দিওঁ।
A'raf 7:153
যিসকলে বেয়া কৰ্ম কৰিছে, যেনে- শ্বিৰ্ক আৰু অন্যান্য পাপ কৰ্ম, তাৰ পিছত আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰিছে, অৰ্থাৎ তেওঁৰ প্ৰতি ঈমান আনিছে আৰু পাপকৰ্মৰ পৰা বিৰত হৈছে। এতেকে হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে এই তাওবাৰ পিছত আৰু শ্বিৰ্কৰ পৰা ঈমানৰ পিনে, লগতে গুনাহৰ পৰা আনুগত্যৰ পিনে কৰা প্ৰত্যাৱৰ্তনৰ পিছত তেওঁলোকৰ গুনাহসমূহ ক্ষমা কৰিব আৰু তেওঁলোকৰ প্ৰতি দয়া কৰিব।
A'raf 7:154
তাৰ পিছত মূছা আলাইহিছ ছালামৰ ক্ৰোধ যেতিয়া শান্ত হ'ল, তেতিয়া তেওঁ লিখিত ফলকসমূহ উঠাই ললে, যিবোৰ তেওঁ ক্ৰোধান্বিত হৈ দলিয়াই পেলাইছিল। আৰু এইবোৰ আছিল ভ্ৰষ্টতাৰ পৰা হিদায়ত আৰু সত্য বৰ্ণনামূলক ফলক। তথা সেইসকল লোকৰ বাবে ৰহমতস্বৰূপ যিসকলে নিজ প্ৰতিপালকক আৰু তেওঁৰ শাস্তিক ভয় কৰে।
A'raf 7:155
আৰু মূছা আলাইহিছ ছআলামে তেওঁৰ সম্প্ৰদায়ৰ সত্তৰজন লোকক নিৰ্বাচন কৰিলে, যাতে তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত গুনাহৰ ক্ষমা প্ৰাৰ্থনা কৰে, যি গুনাহ তেওঁলোকৰ মাজৰ কিছুমান নিৰ্বোধ লোকে দামুৰীৰ উপাসনাত লিপ্ত হৈ সংঘটিত কৰিছিল। আল্লাহে তেওঁলোকক উপস্থিত হবলৈ এটা নিৰ্ধাৰিত সময়ৰ প্ৰতিশ্ৰুতি দিলে। কিন্তু তেওঁলোকে যেতিয়া তাত উপস্থিত হ'ল, তেতিয়া আল্লাহক দৰ্শন কৰাৰ দুঃসাহসিক দাবী কৰি বহিলে, আৰু মূছা আলাইহিছ ছালামক ক'লে, তেওঁ যেন আল্লাহক প্ৰত্যক্ষভাৱে দেখুৱাই দিয়ে। ফলত ভূমিকম্পই তেওঁলোকক আক্ৰান্ত কৰিলে আৰু তেওঁলোক ভয়তে বেহুচ হৈ মৃত্যুবৰণ কৰিলে। তাৰ পিছত মূছা আলাইহিছ ছালামে আল্লাহৰ ওচৰত বিনয়পূৰ্বক প্ৰাৰ্থনা কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! তুমি সিহঁতক তথা মোক ইয়াত অহাৰ পূৰ্বেই যদি ধ্বংস কৰিব বিচাৰিলে, নিশ্চয় ধ্বংস কৰিব পাৰিলাহেঁতেন। এতেকে কিছুমান নিৰ্বোধ লোকৰ কৰ্মৰ বাবে তুমি আমাক ধ্বংস কৰিবা নেকি? দৰাচলতে মোৰ সম্প্ৰদায়ে কৰা দামুৰীৰ পূজা পাঠ আছিল এটা পৰীক্ষা, যাৰ জৰিয়তে তুমি যাক ইচ্ছা কৰা পথভ্ৰষ্ট কৰা আৰু যাক ইচ্ছা কৰা হিদায়ত দিয়া। তুমি আমাৰ কৰ্ম সঞ্চালক, আমাৰ গুনাহসমূহ ক্ষমা কৰা, আৰু তোমাৰ প্ৰশস্ত ৰহমতৰ জৰিয়তে আমাৰ প্ৰতি ৰহম কৰা, তুমিয়ে উত্তম গুনাহ ক্ষমাকাৰী আৰু পাপ মোচনকাৰী।
A'raf 7:156
তুমি আমাক এই পৃথিৱীত সেই সকল লোকৰ অন্তৰ্ভুক্ত কৰা, যিসকলক তুমি নিয়ামত আৰু শান্তি দান কৰিছা আৰু সৎকৰ্ম কৰাৰ তাওফীত দান কৰিছা। লগতে আখিৰাতত সেই সকল পূণ্যৱান লোকৰ অন্তৰ্ভুক্ত কৰি দিয়া, যিসকলৰ বাবে তুমি জান্নাত প্ৰস্তুত কৰি ৰাখিছা। নিশ্চয় আমি তোমাৰ পিনে প্ৰত্যাৱৰ্তন কৰিছো, লগতে আমি আমাৰ গুনাহ আৰু অপৰাধ স্বীকাৰ কৰিছো। আল্লাহে কৈছেঃ যিসকলে দুৰ্ভাগ্যৰ পথ অৱলম্বন কৰিছে সিহঁতৰ মাজৰ যাক মই ইচ্ছা কৰিম মোৰ শাস্তি ভোগ কৰাম। আৰু পৃথিৱীত মোৰ ৰহমতে সকলো বস্তুকে আৱৰি আছে। এতেকে প্ৰত্যেক সৃষ্টিয়ে আল্লাহৰ ৰহমত লাভ কৰে আৰু সকলোকে তেওঁৰ অনুগ্ৰহ আৰু উপকাৰে আৱৰি আছে। কিন্তু আখিৰাতত মই মোৰ কৃপা সেই সকল লোকৰ বাবে নিৰ্দিষ্ট কৰিম, যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰে, যিসকলে নিজৰ সম্পত্তিৰ যাকাত, যাকাত শিতানলৈ আদায় কৰে আৰু যিসকলে আমাৰ নিদৰ্শনসমূহৰ ওপৰত বিশ্বাস পোষণ কৰে।
A'raf 7:157
যিসকলে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰে, আৰু তেওঁ হৈছে উম্মী নবী, লিখিব আৰু পঢ়িব নাজানে। বৰং তেওঁৰ প্ৰতি তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা অহী কৰা হয়। তেওঁৰ নাম আৰু বৈশিষ্ট্য তথা তেওঁৰ নবুওৱত সম্পৰ্কে মূছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ তাওৰাত আৰু ঈছা আলাইহিচ্ছালামৰ প্ৰতি অৱতীৰ্ণ ইঞ্জীলত উল্লেখ আছে। তেওঁ এনেকুৱা কৰ্মৰ আদেশ দিয়ে যিবোৰক ভাল আৰু উত্তম বুলি সকলোৱে জানে। আৰু তেওঁ সেইসমূহ কৰ্মৰ পৰা নিষেধ কৰে, যিবোৰক বিবেক বুদ্ধিয়েও বেয়া বুলি জানে। তেওঁ সিহঁতৰ বাবে পানাহাৰ আৰু বিবাহ সম্বন্ধীয় সেই সকলো উত্তম বস্তুবোৰক বৈধ স্বীকৃতি দিয়ে, যিবোৰৰ মাজত কোনো ক্ষতি নাই, আনহাতে সেইবোৰ বস্তুক স্বীকৃতি নিদিয়ে যিবোৰ অস্বচ্ছ আৰু অপৱিত্ৰ। লগতে সিহঁতৰ পৰা সেই গধূৰ বোজা আঁতৰাই দিয়ে, যিটো সিহঁতক বহন কৰিবলৈ দিয়া হৈছিল। যেনে- হত্যাকাৰীক হত্যা কৰাৰ বিধান, যদিও সেই হত্যা জানি বুজি কৰক বা অজানিতে। এতেকে বনী ইছৰাঈল তথা আন আন যিসকলে ইয়াৰ ওপৰত ঈমান পোষণ কৰিছে, তেওঁক আদৰ আৰু সন্মান কৰিছে, লগতে তেওঁৰ লগত শত্ৰুতা পোষণকাৰী কাফিৰসকলৰ বিৰুদ্ধে তেওঁক সহায় কৰিছে, আৰু সেই কোৰআনক অনুসৰণ কৰিছে, যিটোক সিহঁতৰ প্ৰতি পথপ্ৰদৰ্শক আৰু জ্যোতি হিচাপে অৱতীৰ্ণ কৰা হৈছে, তেনেকুৱা লোকসকলেই সাফল্যমণ্ডিত। তেওঁলোকে আশা কৰা সকলো প্ৰাপ্য লাভ কৰিব আৰু ভয় কৰা সকলো বস্তুৰ পৰা দূৰৈত থাকিব।
A'raf 7:158
হে ৰাছুল! আপুনি কওঁক, হে মানৱ জাতি! মই তোমালোক সকলোৰে প্ৰতি, আৰব হওঁক বা অনাৰব, আল্লাহৰ ৰাছুল হিচাপে প্ৰেৰিত হৈছো। আল্লাহৰ হাততেই আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব, সেই পৱিত্ৰ সত্তাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেৱেঁই মৃতক জীৱিত কৰে, আৰু জীৱিতক মৃত্যু প্ৰদান কৰে। হে মানৱজাতি! আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰা, যিজন লিখিবও নাজানে পঢ়িবও নাজানে, তেওঁ নিজ প্ৰতিপালকৰ অহী লৈ আগমন কৰিছে। তেওঁ আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে, আৰু তেওঁৰ ওপৰত যি অৱতীৰ্ণ হৈছে সেইটোৰ ওপৰত ঈমান পোষণ কৰে, লগতে পূৰ্বৱৰ্তী নবীসকলৰ ওপৰত অৱতীৰ্ণ হোৱা পুথিসমূহ ওপৰতো কোনো ভেদভাৱ পোষণ নকৰাকৈ ঈমান পোষণ কৰে। এতেকে তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা যি লৈ আহিছে তাৰ অনুসৰণ কৰা। যাতে তোমালোকে সেই পথ পোৱা, যিটো পৃথিৱী আৰু আখিৰাতত তোমালোকৰ বাবে উত্তম হ'ব।
A'raf 7:159
মূছাৰ সম্প্ৰদায় বনী ইছৰাঈলত এনেকুৱা এটা দলো আছিল, যিটো সত্য আৰু সঠিক দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত আছিল। তেওঁলোকে মানুহকো সেই পথ দেখুৱাইছিল, লগতে ন্যায় বিচাৰ কৰিছিল আৰু কোনো অন্যায় কৰা নাছিল।
A'raf 7:160
আমি বনী ইছৰাঈলক বাৰটা গোত্ৰত বিভক্ত কৰিছিলো। আৰু মূছাৰ প্ৰতি অহী প্ৰেৰণ কৰিলো যেতিয়া তেওঁৰ সম্প্ৰদায়ে তেওঁৰ ওচৰত পানী বিচাৰি আবেদন কৰিলে। হে মূছা! তোমাৰ লাঠিৰে এই শিলডোখৰক আঘাত কৰা। এতেকে তেওঁ শিলত আঘাত কৰিলে আৰু তাৰ পৰা বাৰটা গোত্ৰৰ বাবে বাৰটা পানী নিজৰা প্ৰবাহিত হ'ল, তথা প্ৰত্যেক গোত্ৰই নিজ নিজ নিজৰা চমজি ললে, কিয়নো তাৰ পৰা আন কোনো গোত্ৰই পানী পান কৰিব নোৱাৰে। আমি সিহঁতৰ ওপৰত মেঘৰ ছাঁ কৰি দিছিলো, সিহঁতৰ গতিৰ লগত মেঘেও গতি কৰিছিল আৰু সিহঁতে থিয় দিলে মেঘেও থমকি ৰৈছিল। আৰু আমি আমাৰ অনুগ্ৰহ সিহঁতৰ ওপৰত অৱতীৰ্ণ কৰিছিলো, যেনে- মৌৰ দৰে মিঠা পানীয় আৰু সু-সোৱাদ বিশিষ্ট কোয়েল চৰাইৰ দৰে সৰু চৰাই। আমি সিহঁতক কৈছিলোঃ আমি প্ৰদান কৰা পৱিত্ৰ বস্তুবোৰ ভক্ষণ কৰা। সিহঁতৰ অবাধ্যতা তথা অকৃতজ্ঞতাৰ পিছতো আমি সিহঁতৰ ওপৰত কোনো ধৰণৰ অত্যাচাৰ কৰা নাছিলো। কিন্তু সিহঁতে অবাধ্যতা কৰি নিজেই নিজৰ ওপৰত অন্যায় কৰি আছিল।
A'raf 7:161
হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া আল্লাহে বনী ইছৰাঈলক আদেশ কৰিছিল যে, তোমালোকে বাইতুল মাকদিছত প্ৰৱেশ কৰা, সেই গাওঁত গৈ যেতিয়া ইচ্ছা আৰু যত ইচ্ছা তাৰ পৰাই তোমালোকে ফলমূল আদি ভক্ষণ কৰা। লগতে পাঠ কৰিবা যে, হে আমাৰ প্ৰতিপালক! আমাৰ গুনাহসমূহ মাৰ্জনা কৰা, আৰু প্ৰৱেশ কৰাৰ সময়ত আল্লাহৰ প্ৰতি নতহৈ বিনীতভাৱে প্ৰৱেশ কৰিবা। যদি তোমালোকে এনেকুৱা কৰা তেন্তে আমি তোমালোকৰ গুনাহসমূহ ক্ষমা কৰিম, লগতে সৎকৰ্মকাৰী সকলক ইহকাল আৰু পৰকালত আৰু অধিক কল্যাণ দান কৰিম।
A'raf 7:162
তাৰ পিছত সিহঁতৰ মাজৰ অন্যায়কাৰীসকলে সেই বাক্যক বিকৃত কৰিলে যিটো বাক্য সিহঁতক পাঠ কৰিবলৈ আদেশ কৰা হৈছিল। ক্ষমা প্ৰাৰ্থনামূলক বাক্যটোৰ পৰিবৰ্তে সিহঁতে ক’লে, “চুলিৰ মাজত দানা”। আনহাতে যিদৰে সিহঁতক প্ৰৱেশ কৰিবলৈ কোৱা হৈছিল, সেইটোৰো ওলোটা কৰিলে। সিহঁতে আল্লাহৰ প্ৰতি নতহৈ বিনীতভাৱে প্ৰৱেশ কৰাৰ পৰিবৰ্তে বুকু ফুলাই নিতম্ব চোঁচৰাই প্ৰৱেশ কৰিলে। এতেকে সিহঁতৰ অন্যায়ৰ কাৰণে আমি সিহঁতৰ ওপৰত আকাশৰ পৰা শাস্তি প্ৰেৰণ কৰিলোঁ।
A'raf 7:163
তথা হে ৰাছুল! ইয়াহুদীসকলক সিহঁতৰ পুৰ্বপুৰুষৰ শাস্তি স্মৰণ কৰাবলৈ সেই জনপদৰ বিষয়ে সোধক, যিসকলে সাগৰৰ পাৰত বসবাস কৰিছিল, যেতিয়া সিহঁতে আল্লাহৰ নিষেধাজ্ঞাক আওকাণ কৰি শনিবাৰৰ দিনা মাছ চিকাৰত লিপ্ত হৈ আল্লাহৰ নিৰ্ধাৰিত সীমা উলংঘা কৰিছিল। এতেকে আল্লাহেও সিহঁতক পৰীক্ষা কৰিবলৈ এনেকুৱা পন্থা অৱলম্বন কৰিলে যে, শনিবাৰৰ দিনা মাছ সাগৰৰ পাৰত পানীৰ ওপৰেৰে ওফন্দি আহিছিল, অথচ অন্যান্য দিনত এনেকৈ অহা নাছিল। আল্লাহে সিহঁতক এই পৰীক্ষাত পেলোৱাৰ কাৰণটো হৈছে, সিহঁতে আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিল আৰু গুনাহত পতিত হৈছিল। ফলত সিহঁতে মাছ ধৰিবলৈ কৌশল অৱলম্বন কৰিলে। সিহঁতে আগতীয়াকৈ গাত খান্দি জাল পাতি থৈছিল। এতেকে শনিবাৰে জালত মাছ পৰিছিল আৰু সিহঁতে ৰবিবাৰে গৈ সেই জাল উঠাই আনিছিল আৰু সেই মাছ ভক্ষণ কৰিছিল।
A'raf 7:164
হে ৰাছুল! স্মৰণ কৰা সেই সময়ক, যেতিয়া সিহঁতৰ মাজৰে এটা দলে সিহঁতক এই অনৈতিক কৰ্মৰ পৰা নিষেধ তথা সাৱধান কৰিছিল। তেতিয়া আন এচাম লোকে কৈছিলঃ তোমালোকে এনেকুৱা লোকক কিয় উপদেশ দিয়া যিসকলক আল্লাহে সিহঁতৰ গুনাহৰ ফলত পৃথিৱীতে ধ্বংস কৰিব অথবা ক্বিয়ামতৰ দিনা সিহঁতক কঠোৰ শাস্তি প্ৰদান কৰিব। তেতিয়া উপদেশকাৰী সকলে কৈছিলঃ সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰাৰ যি দায়িত্ব আল্লাহে আমাক প্ৰদান কৰিছে, আমি কেৱল সেই দায়িত্ব পালন কৰি আছো, যাতে দায়িত্ব পালন নকৰাৰ বাবে আমি জবাবদিহি হ'ব নালাগে। লগতে যাতে সিহঁতে এই উপদেশৰ পৰা উপকৃত হৈ গুনাহৰ পৰা ৰক্ষা পাব পাৰে।
A'raf 7:165
পাপিষ্ঠসকলে যেতিয়া উপদেশকাৰী সকলৰ উপদেশৰ পৰা মুখ ঘূৰাই ললে আৰু নিজৰ কৰ্মকাণ্ডৰ পৰা বিৰত নাথাকিলে, তেতিয়া আমি সেইসকল লোকক শাস্তিৰ পৰা ৰক্ষা কৰিলো যিসকলে অসৎকৰ্মৰ পৰা নিষেধ প্ৰদান কৰি মানুহক শাস্তিৰ পৰা বিৰত ৰাখিছিল। আৰু যিসকলে শনিবাৰৰ দিনা মাছ চিকাৰ কৰি নিজৰ ওপৰতে অন্যায় কৰিছিল সিহঁতক কঠোৰ শাস্তি বিহিলো, কাৰণ সিহঁতে আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিল আৰু গুনাহৰ ওপৰত অটল আছিল।
A'raf 7:166
যেতিয়া সিহঁতে অহংকাৰ তথা বিদ্বেষ পোষণ কৰি সকলো সীমা চেৰাই গল, আৰু উপদেশ গ্ৰহণ নকৰিলে। তেতিয়া আমি সিহঁতক ক'লোঃ হে পাপিষ্ঠসকল! তোমালোক নিকৃষ্ট বান্দৰত পৰিণত হোৱা। ফলত সিহঁত আমাৰ ইচ্ছানুসাৰে বান্দৰ হৈ গ'ল। কিয়নো আমি যেতিয়া কোনো কাম কৰিবলৈ ইচ্ছা পোষণ কৰো, তেতিয়া আমি কেৱল কওঁ যে, “হৈ যোৱা” তেতিয়াই সেয়া হৈ যায়।
A'raf 7:167
হে ৰাছুল! স্মৰণ কৰা সেই সময়ক, যেতিয়া আল্লাহে স্পষ্ট ঘোষণা কৰিছিল যে, তেওঁ ক্বিয়ামত পৰ্যন্ত ইয়াহুদীসকলৰ ওপৰত এনেকুৱা লোকক প্ৰভূত্ব প্ৰদান কৰিব, যিসকলে সিহঁতক লাঞ্ছনদায়ক শাস্তি প্ৰদান কৰি থাকিব। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে পাপিষ্ঠসকলক অতিশীঘ্ৰে শাস্তি প্ৰদান কৰিব। আনকি কেতিয়াবা কেতিয়াবা পৃথিৱীতো সিহঁতক শাস্তি দিয়ে। নিশ্চয় তেওঁ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।
A'raf 7:168
আৰু আমি সিহঁতক পৃথিৱীত বহুধাবিভক্ত কৰিছো, অথচ পূৰ্বে সিহঁত একত্ৰিত আছিল। সিহঁতৰ মাজৰ কিছুমান লোক পূণ্যৱান আছিল, যিসকলে আল্লাহৰ বিধান পালন কৰিছিল আৰু মানুহৰো অধিকাৰ পূৰণ কৰিছিল। আৰু কিছুমান আছিল মধ্যম পন্থা অৱলম্বনকাৰী। লগতে কিছুমান আছিল পাপিষ্ঠ অন্যায়কাৰী। আমি সিহঁতক সুখ-দুখেৰে পৰীক্ষা কৰিছো, যাতে সিহঁতে নিজকে সংশোধন কৰে।
A'raf 7:169
সিহঁতৰ পিছত কিছুমান বেয়া চৰিত্ৰৰ লোকে সিহঁতৰ স্থলাভিষিক্ত হ'ল, যিসকলে নিজৰ পূৰ্বপুৰুষৰ পৰা তাওৰাত সংগ্ৰহ কৰিছিল। সিহঁতে সেয়া পঢ়িছিল কিন্তু আমল কৰা নাছিল। সিহঁতে তুচ্ছ মূল্যৰ বিনিময়ত আল্লাহৰ পুথি বিকৃত কৰিবলৈ আৰম্ভ কৰিলে আৰু আল্লাহে যি বিধান অৱতীৰ্ণ কৰা নাই সেই মতে বিচাৰ-মীমাংসা কৰিবলৈ ধৰিলে। আৰু সিহঁত এই আশাত বন্দী হৈ থাকিল যে, নিশ্চয় আল্লাহে সিহঁতক ক্ষমা কৰিব। আৰু সিহঁতৰ ওচৰত অলপ পাৰ্থিৱ সম্পত্তি আহিলে বাৰে বাৰে সেইটোকে লব। আল্লাহে সিহঁতৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লোৱা নাছিলনে যে, সিহঁতে আল্লাহৰ প্ৰতি সদায় সত্য কথাহে ক'ব, বিকৃত তথা পৰিবৰ্তন নকৰিব, সিহঁতে পুথিৰ ওপৰত আমল নকৰা বিষয়টো অজ্ঞনতাৰ ফলত নহয়, বৰং সিহঁতে জানি-বুজি কৰিছিল। সিহঁতে তাত থকা বিধানসমূহ পঢ়িছিল আৰু সেই সম্পৰ্কে জ্ঞান অৰ্জন কৰিছিল, তথাপিও পাপ কৰিছিল। সেয়ে সিহঁতৰ অপৰাধ অধিক দণ্ডদায়ক। পৰকালৰ ঘৰ, পৰকালৰ ঘৰত আল্লাহৰ আদেশ পালন কৰি আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা সকলৰ বাবে যিবোৰ স্থায়ী আনন্দ আছে, সেইবোৰ সৰ্বোতকৃষ্ট, এই পাৰ্থিৱ জীৱনৰ ধ্বংসশীল বস্তুতকৈ। এই কম সম্বল সংগ্ৰহকাৰী সকলে নুবুজে নেকি যে, আল্লাহে মুত্তাক্বীসকলৰ বাবে আখিৰাতত যি তৈয়াৰ কৰি ৰাখিছে সেয়া সৰ্বোতকৃষ্ট আৰু চিৰস্থায়ী।
A'raf 7:170
যিসকলে পুথিক দৃঢ়তাৰে ধাৰণ কৰে আৰু তাত থকা বিধান মতে আমল কৰে, লগতে যথাসময়ত ছালাতৰ চৰ্ত, ওৱাজিব আৰু ছুনান সহকাৰে ছালাত প্ৰতিষ্ঠা কৰে। আল্লাহে অতি শীঘ্ৰে তেওঁলোকক তেওঁলোকৰ আমলৰ প্ৰতিদান দিব। কিয়নো আল্লাহে কোনো নেক বান্দাৰ আমল ব্যৰ্থ নকৰে।
A'raf 7:171
হে মুহাম্মদ! সেই সময়ক স্মৰণ কৰক, যেতিয়া আমি বনী ইছৰাঈলৰ ওপৰত পৰ্বত দাঙি ধৰিছিলো, যেতিয়া সিহঁতে তাওৰাতৰ শিক্ষা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। পৰ্বত সিহঁতৰ মূৰৰ ওপৰত ছাতিৰ দৰে থিয় হৈ আছিল, আৰু সিহঁত পতিয়ন গৈছিল যে, পৰ্বত অনতিপলমে সিহঁতৰ ওপৰত খহি পৰিব। সিহঁতক কোৱা হ'লঃ আমি তোমালোকক যি দিছো, সেয়া মজবুতভাৱে ধাৰণ কৰা, আৰু তাত থকা আল্লাহৰ বিধানসমূহ সঠিকভাৱে মনত ৰাখিবা, পাহৰি নাযাবা। ইয়াৰ ফলত যাতে তোমালোকে আল্লাহক ভয় কৰিব পাৰা।
A'raf 7:172
তথা হে মুহাম্মদ! সেই সময়ক স্মৰণ কৰক, যেতিয়া আপোনাৰ প্ৰতিপালকে আদম সন্তানৰ পিঠিৰ পৰা সিহঁতৰ বংশধৰ সকলক উলিয়াইছিল। আৰু সিহঁতৰ পৰা ৰুবুবিয়্যাতৰ (অৰ্থাৎ আল্লাহ যে একক সেই বিষয়ে) স্বীকাৰোক্তি লৈছিল, যিটো স্বীকাৰোক্তি সিহঁতৰ ফিতৰতত চামিল কৰি দিছে, কিয়নো তেওঁ সিহঁতৰ সৃষ্টিকৰ্তা আৰু প্ৰতিপালক। সিহঁতক কৈছিল যে, মই তোমালোকৰ প্ৰতিপালক নহয়নে? তেতিয়া সকলোৱে কৈছিলঃ নিশ্চয়, আপুনিয়ে আমাৰ প্ৰতিপালক। তেতিয়া আল্লাহে কৈছিলঃ মই তোমালোকৰ পৰীক্ষা ললো, আৰু তোমালোকৰ পৰা প্ৰতিশ্ৰুতি ললো যাতে তোমালোকে কিয়ামতৰ দিনা আল্লাহৰ প্ৰমাণক অস্বীকাৰ কৰিব নোৱাৰা। লগতে যাতে এইটোও ক'ব নোৱাৰা যে, আমি দেখুন এই বিষয়ে অৱগতই নাছিলো।
A'raf 7:173
অথবা যাতে এইটোও নোকোৱা যে, তোমালোকৰ পূৰ্বপুৰুষসকলেই প্ৰতিশ্ৰুতি ভঙ্গ কৰিছিল আৰু আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰিছিল, আৰু তোমালোক সিহঁতৰ অনুকৰণ কৰি শ্বিৰ্কত লিপ্ত হৈছিলা। ফলত তোমালোকে যাতে এইটো নোকোৱা যে, হে আমাৰ প্ৰতিপালক! তুমি আমাক সেই শ্বিৰ্কৰ কাৰণে শাস্তি দিবা নেকি যিটো শ্বিৰ্কত লিপ্ত হৈ আমাৰ পূৰ্বপুৰুষসকলে নিজৰ আমল ধ্বংস কৰিছিল? প্ৰকৃততে আমাৰ কোনো ভুল নাছিল। কাৰণ এই বিষয়ে আমি অজ্ঞ আছিলো আৰু আমি কেৱল আমাৰ পুৰ্বপুৰুষসকলৰ অনুকৰণ কৰিছিলো।
A'raf 7:174
যিদৰে আমি অস্বীকাৰকাৰী জাতিৰ পৰিণাম সম্পৰ্কে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰিছো, সেইদৰে আমি এইসকল লোকৰ বাবেও আয়াতসমূহ স্পষ্টৰূপে বৰ্ণনা কৰিম, যাতে ইহঁতে শ্বিৰ্কৰ পৰা উভতি আল্লাহৰ তাওহীদ আৰু তেওঁৰ ইবাদতৰ পিনে প্ৰত্যাৱৰ্তন কৰে। যিদৰে সেই প্ৰতিশ্ৰুতিত উল্লেখ আছে যিটো ইহঁতে নিজৰ বিষয়ে আল্লাহক দিছিল।
A'raf 7:175
হে ৰাছুল! বনী ইছৰাঈলক সিহঁতৰ সম্প্ৰদায়ৰে সেই ব্যক্তি সম্পৰ্কে অৱগত কৰাওক, যাক আমি আমাৰ নিদৰ্শনসমূহ দান কৰিছিলো। তেওঁ সেয়া শিকি লৈছিল আৰু ইয়াৰ জৰিয়তে সাব্যস্ত হোৱা সত্যক বুজি পাইছিল। কিন্তু তাৰ প্ৰতি আমল কৰাৰ পৰিবৰ্তে সেইটোক পৰিত্যাগ কৰিছিল, আৰু আঁতৰি গৈছিল। ফলত চয়তানে তাৰ পিছ ললে আৰু তাৰ বন্ধুত পৰিণত হ'ল। অৱশেষত সি পথভ্ৰষ্ট হৈ ধ্বংসপ্ৰাপ্ত সকলৰ অন্তৰ্ভুক্ত হৈ গ'ল। অথচ পূৰ্বে সি সঠিক পথত তথা মুক্তিৰ পথত পৰিচালিত আছিল।
A'raf 7:176
আমি যদি সেইবোৰ আয়াতৰ দ্বাৰা তাক উপকৃত কৰিব বিচাৰিলোহেঁতেন, তেন্তে সেইবোৰৰ দ্বাৰা তাক উচ্চ মৰ্যাদা প্ৰদান কৰিলোহেঁতেন। তাক সেইবোৰৰ প্ৰতি আমল কৰিবলৈ তাওফীক দান কৰিলোহেঁতেন আৰু আৰু সি পৃথিৱী আৰু আখিৰাতত উচ্চ মৰ্যাদা লাভ কৰিলেহেঁতেন। কিন্তু সি ক্ষতিগ্ৰস্ততাৰ পথ বাচি ললে, আৰু পৃথিৱীত মায়াত আৱদ্ধ হ'ল, পৃথিৱীক আখিৰাতৰ ওপৰত প্ৰাধান্য দিলে, লগতে নিজৰ অসত্য কামনাৰ অনুসৰণ কৰিবলৈ ধৰিলে। পাৰ্থিৱ জীৱনৰ প্ৰতি তাৰ যি লোভ তাৰ উদাহৰণ হৈছে কুকুৰৰ দৰে, যিটো সদায় হেঁপাই ফোঁপাই থাকে। স্থিৰ অৱস্থাতো হেঁপাই থাকে, খেদি পঠিয়ালেও হেঁপাই থাকে। এই উদাহৰণ সেইসকল লোকৰ বাবে যিসকলে আমাৰ আয়াতক অস্বীকাৰ কৰিছে। এতেকে হে ৰাছুল! আপুনি সিহঁতক বৃত্তান্ত বৰ্ণনা কৰি থাকক, যাতে সিহঁতে চিন্তা-চৰ্চা কৰে আৰু অস্বীকাৰ তথা পথভ্ৰষ্টতাৰ পৰা আঁতৰি আহে।
A'raf 7:177
সেই সম্প্ৰদায়তকৈ নিকৃষ্ট সম্প্ৰদায় আৰু কোনটো হ'ব পাৰে, যিসকলে আমাৰ দলিল-প্ৰমাণসমূহ অস্বীকাৰ কৰিছে তথা সেইবোৰক সমৰ্থন কৰা নাই, আৰু সিহঁতে এই পন্থা অৱলম্বন কৰি নিজৰেই ক্ষতি কৰিছে।
A'raf 7:178
আল্লাহে যাক সুপথ দেখুৱায়, প্ৰকৃততে তেওঁহে সুপথ পায়। আনহাতে যাক সুপথৰ পৰা আঁতৰাই দিয়ে, প্ৰকৃততে সিহঁতেই নিজৰ কল্যাণ বিনষ্টকাৰী। সিহঁতেই ক্বিয়ামতৰ দিনা নিজৰ আৰু নিজ পৰিয়ালৰ ক্ষতি সাধন কৰিব। জানি থোৱা! এইটোৱে প্ৰকাশ্য ক্ষতিগ্ৰস্ততা।
A'raf 7:179
আমি বহুতো জিন আৰু মানুহক জাহান্নামৰ বাবে সৃষ্টি কৰিছো, কিয়নো আমি জানো সিহঁতে জাহান্নামত যোৱা কামকে কৰিব। সিহঁতৰ অন্তৰ আছে কিন্তু সেইটোৱে সিহঁতৰ ক্ষতি বা লাভ অনুধাৱন কৰিব নোৱাৰে। সিহঁতৰ চকু আছে কিন্তু সেই চকুৰে নিজৰ মাজত থকা আৰু সংসাৰত প্ৰসাৰিত আল্লাহৰ নিদৰ্শনসমূহ দেখিবলৈ সক্ষম নহয়, যিবোৰৰ পৰা শিক্ষা অৰ্জন কৰিব পাৰিলেহেঁতেন। সিহঁতৰ ওচৰত কাণ আছে কিন্তু সেই কাণেৰে আল্লাহৰ আয়াতসমূহ চিন্তা-চৰ্চা কৰিবলৈ সক্ষম নহয়। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই পশুতকৈ অধম তথা বুদ্ধিহীন। বৰং সিহঁত পশুতকৈ অধিক পথভ্ৰষ্ট। এইসকল লোকেই আল্লাহৰ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত অমনোযোগী হৈ আছে।
A'raf 7:180
আল্লাহৰ আছে অতি সুন্দৰ সুন্দৰ নাম, যিবোৰে তেওঁৰ মহিমা আৰু পূৰ্ণতা প্ৰমাণ কৰে। এতেকে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰাৰ সময়ত সেইবোৰৰ জৰিয়তে অছীলা তলব কৰা আৰু সেইবোৰৰ জৰিয়তে আল্লাহক প্ৰশংসা কৰা। আৰু সেইসকল লোকক এৰাই চলা, যিসকলে সত্যৰ পৰা আঁতৰি গৈ এইবোৰ নামক আনৰ লগত সম্পৃক্ত কৰে, অথবা সেইবোৰক অস্বীকাৰ কৰে, নাইবা অৰ্থ বিকৃত কৰে, অথবা আনক সাদৃশ্য কৰে। এইবোৰৰ ক্ষেত্ৰত যিসকলে সত্যৰ পৰা আঁতৰি গৈছে, অনতিপলমে আমি সিহঁতক কষ্টদায়ক শাস্তি প্ৰদান কৰিম।
A'raf 7:181
আমি সৃষ্টি কৰা লোকসকলৰ মাজত এদল আছে যিসকলে নিজেও সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকে আৰু আনকো সেই পিনে আহ্বান কৰে, ফলত সিহঁতেও হিদায়ত প্ৰাপ্ত হয়। তেওঁলোকে সেই মতেই ন্যায়ভাৱে ফয়চালা কৰে আৰু অন্যায়-অত্যাচাৰ নকৰে।
A'raf 7:182
যিসকলে আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰিছে, আৰু সেইবোৰৰ প্ৰতি ঈমান পোষণ কৰা নাই বৰং অস্বীকাৰ কৰিছে, আমি সিহঁতৰ বাবে জীৱিকাৰ দুৱাৰ খুলি দিম। এইটো সিহঁতক সন্মানিত কৰাৰ উদ্দেশ্যে নহয়, বৰং অৱকাশ দিয়াৰ উদ্দেশ্যেহে, যাতে সিহঁতে যি ভ্ৰষ্টতাত পতিত হৈ আছে তাত আৰু অধিক নিমজ্জিত হ'ব পাৰে। অৱশেষত সিহঁতৰ অসাৱধানতাত যাতে আমাৰ শাস্তি আহি সিহঁতক ক্ষতিগ্ৰস্ত কৰে।
A'raf 7:183
আৰু মই সিহঁতৰ শাস্তি পিছুৱাই দিম, যাতে সিহঁতে ভাৱে যে, সিহঁত শাস্তিৰ সন্মুখীন নহ'ব। ফলত সিহঁতৰ কুফুৰী আৰু অস্বীকাৰ প্ৰৱণতাৰ ধাৰাবাহিকতা অবিচল থাকিব, অৱশেষত সিহঁতৰ শাস্তি বৃদ্ধি পাব। নিশ্চয় মোৰ কৌশল অতি শক্তিশালী। সিহঁতে পতিয়ন যাব যে, সিহঁতৰ উপকাৰ হৈ আছে, অথচ তাত আছে সিহঁতৰ লাঞ্ছনা।
A'raf 7:184
এইসকল লোকে যিসকলে আল্লাহৰ আয়াতসমূহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰে, নিজৰ বিবেক খটুৱাই অলপ চিন্তা কৰা নাইনে, তেতিয়াহে সিহঁতে স্পষ্টৰূপে বুজি পালেহেঁতেন যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম উন্মাদ নহয়। তেওঁ হৈছে আল্লাহৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল, তেওঁক আল্লাহে তেওঁৰ শাস্তিৰ পৰা মানুহক সাৱধান কৰিবলৈ সতৰ্ককাৰী হিচাপে প্ৰেৰণ কৰিছে।
A'raf 7:185
আকাশমণ্ডল আৰু পৃথিৱীৰ আল্লাহৰ ৰাজত্বৰ প্ৰতি সিহঁতে শিক্ষা গ্ৰহণৰ উদ্দেশ্যে দৃষ্টিপাত কৰা নাইনে? উভয়ৰ মাজত আল্লাহে যিবোৰ জীৱ আৰু নিৰ্জীৱ সৃষ্টি কৰিছে সেইবোৰৰ প্ৰতি দৃষ্টিপাত কৰা নাইনে? নিজৰ নিৰ্ধাৰিত সময়ৰ প্ৰতি লক্ষ্য কৰা নাইনে, হয়তো সেই নিৰ্ধাৰিত সময় অতি সন্নিকট? এতেকে এই সময় অতিবাহিত হোৱাৰ পূৰ্বেই তাওবা কৰা উচিত। এতেকে যিহেতু সিহঁতে কোৰআন আৰু তাৰ মাজত থকা প্ৰতিশ্ৰুতি আৰু সতৰ্কবাণীৰ প্ৰতি ঈমান পোষণ কৰা নাই, তেন্তে ইয়াৰ বাহিৰে আৰু কোনটো কিতাপৰ প্ৰতি ঈমান পোষণ কৰিব?
A'raf 7:186
যাক আল্লাহে হিদায়তৰ পৰা দূৰ কৰি দিয়ে আৰু পোন পথৰ পৰা আঁতৰাই দিয়ে, তাক কোনেও হিদায়ত দিব নোৱাৰে। আৰু আল্লাহে তাক কুফৰ তথা পথভ্ৰষ্টতাৰ মাজত এৰি দিয়ে, তাত সিহঁত দিশহাৰা হৈ পৰিব, কোনো পথ বিচাৰি নাপাব।
A'raf 7:187
হে নবী! এই নিষ্ঠুৰ অস্বীকাৰকাৰীসকলে আপোনাৰ ওচৰত ক্বিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, সেয়া কেতিয়া সংঘটিত হ'ব আৰু ইয়াৰ সঠিক সময় কোনটো, আপুনি কৈ দিয়ক যে, এই বিষয়ে সঠিক তথ্য মোৰ ওচৰতো নাই আৰু মোৰ বাহিৰে আন কাৰো ওচৰতো নাই। ইয়াৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰত আছে। ইয়াক ইয়াৰ নিৰ্ধাৰিত সময়ত কেৱল আল্লাহেই সংঘটিত কৰিব। ক্বিয়ামত প্ৰকট হোৱাৰ তথ্য আকাশমণ্ডল আৰু পৃথিৱীৰ অধিবাসীসকলৰ পৰা গোপন ৰখা হৈছে। এইটো আকস্মিক সংঘটিত হব। সিহঁতে আপোনাক ক্বিয়ামত সম্পৰ্কে এনেকৈ প্ৰশ্ন কৰি আছে যেনিবা আপুনি সেই বিষয়ে জনাৰ বাবে আগ্ৰহী। সিহঁতে নাজানে যে, আপুনি আপোনাৰ প্ৰতিপালক সম্পৰ্কে পূৰ্ণ অৱগত, সেই কাৰণে আপুনি ক্বিয়ামত সম্পৰ্কে তেওঁক নুসোধে। হে মুহাম্মদ! আপুনি সিহঁতক কৈ দিয়ক যে, ক্বিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰত আছে, কিন্তু অধিকাংশ লোক এই বিষয়ে অৱগত নহয়।
A'raf 7:188
হে মুহাম্মদ! আপুনি কৈ দিয়ক যে, মই নিজৰ বাবে কোনো কল্যাণ কঢ়িয়াই আনিব নোৱাৰো লগতে নিজকে কোনো অকল্যাণৰ পৰা ৰক্ষাও কৰিব নোৱাৰো। কিন্তু আল্লাহে ইচ্ছা কৰিলে সেয়া সুকীয়া কথা। এই কাম কেৱল আল্লাহৰ। মই কেৱল সেইখিনিয়ে জানো যিখিনি আল্লাহে মোক শিকাইছে। এতেকে মই গায়েব (অদৃশ্য) সম্পৰ্কে একো নাজানো। যদি গায়েব সম্পৰ্কে জানিলোহেঁতেন তেন্তে সকলো বিষয়ৰ পৰিণাম সম্পৰ্কে অৱগত হোৱা হেতুকে প্ৰত্যেক সেই কাম কৰিলোহেঁতেন যিটো মোৰ বাবে উপকাৰী আৰু প্ৰত্যেক অকল্যাণৰ পৰা ৰক্ষাকাৰী। মই কেৱল আল্লাহৰ তৰফৰ পৰা প্ৰেৰিত এজন ৰাছুল। তেওঁৰ কষ্টদায়ক শাস্তিৰ পৰা ভয় দেখুৱাওঁ। লগতে সেইসকল লোকক মহাপ্ৰতিফলৰ শুভসংবাদ দিওঁ যিসকলে বিশ্বাস কৰে যে, মই আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল, আৰু মই লৈ অহা চৰীয়তক মনে প্ৰাণে মানি লৈছে।
A'raf 7:189
হে নৰ-নাৰীসকল! আল্লাহ তেৱেঁই, যিজনে তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে অৰ্থাৎ আদম আলাইহিছ ছিালামৰ পৰা, আৰু আদমৰ পৰা সৃষ্টি কৰিছে তেওঁৰ স্ত্ৰী হাৱাক। হাৱাক আদম আলাইহিছ ছালামৰ কামিহাড়ৰ পৰা সৃষ্টি কৰিছে, যাতে আদম আলাইহিছ ছালাম সন্তুষ্ট হয় আৰু প্ৰশান্তি লাভ কৰে। এতেকে যেতিয়া পতিয়ে পত্নীৰ লগত সহবাস কৰে তেতিয়া পত্নী লঘু গৰ্ভৱতী হয়, যিটো প্ৰথমাৱস্থাত তাই গমেই নাপায়। গৰ্ভৱতী হোৱাৰ পিছতো নিত্য প্ৰয়োজনীয় কৰ্ম কৰি থাকে, একো গধূৰ অনুভৱ নকৰে। কিন্তু লাহে লাহে যেতিয়া গৰ্ভত থকা শিশু ডাঙৰ হ'বলৈ ধৰে তেতিয়া গধূৰ অনুভৱ কৰে, আৰু তেতিয়া পতি পত্নী উভয়ে আল্লাহৰ ওচৰত দুআ কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! যদি তুমি আমাক এজন পূৰ্ণাংগ সুসন্তান দান কৰা তেন্তে আমি তোমাৰ অনুগ্ৰহৰ কৃতজ্ঞ হম।
A'raf 7:190
যেতিয়া আল্লাহে সিহঁতৰ দুআ কবুল কৰি এজন সুসন্তান দান কৰিলে, তেতিয়া সিহঁতে আল্লাহে প্ৰদান কৰা বস্তুৰ ক্ষেত্ৰত আনক তেওঁৰ অংশীদাৰ স্থাপন কৰিলে, ফলত নিজ পুত্ৰৰ এনেকুৱা নাম ৰাখিলে, যি নামে বেলেগ কাৰোবাৰ বান্দা হোৱাৰ ইংগিত বহন কৰে। অথচ আল্লাহ সকলো প্ৰকাৰ শ্বিৰ্কৰ পৰা বহু ঊৰ্দ্ধত। কিয়নো কেৱল তেৱেঁই প্ৰতিপালক আৰু উপাস্য।
A'raf 7:191
সিহঁতে এই মূৰ্ত্তিবোৰক আৰু ইয়াৰ বাহিৰে আন আন বস্তুবোৰক ইবাদতৰ ক্ষেত্ৰত আল্লাহৰ অংশী স্থাপন কৰে, অথচ সিহঁতে জানে যে, এই মূৰ্তিবোৰে একোৱে সৃষ্টি কৰিব নোৱাৰে যাৰ ফলত সিহঁত ইবাদতৰ যোগ্য হ'ব, বৰং সিহঁত নিজেই হৈছে একো একোটা সৃষ্টি। তেন্তে এইবোৰক সিহঁতে কেনেকৈ আল্লাহৰ অংশী স্থাপন কৰে?
A'raf 7:192
এই উপাস্যবিলাকে নিজৰ উপাসনাকাৰী সকলক একো সহায় কৰিব নোৱাৰে, আনকি নিজৰো সহায় কৰিব নোৱাৰে, তেন্তে কেনেকৈ সিহঁতে এইবোৰৰ উপাসনা কৰে?
A'raf 7:193
হে মুশ্বৰিকসকল! এইবোৰ মূৰ্তিক যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাস্য বনাই লৈছা যদি হিদায়ৰ পিনে আহ্বান কৰা তেন্তে সিহঁতে তোমালোকৰ আহ্বানৰ প্ৰতিক্ৰিয়া দিব নোৱাৰিব আৰু তোমালোকৰ কথাও মানিব নোৱাৰিব। সিহঁতৰ ক্ষেত্ৰত তোমালোকৰ আহ্বান কৰা বা নকৰা একে সমান। কিয়নো সেইবোৰ হৈছে নিৰ্জীৱ, বুজিবও নোৱাৰে, শুনিবও নোৱাৰে আৰু কথাও ক'ব নোৱাৰে।
A'raf 7:194
হে মুশ্বৰিকসকল! তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা প্ৰকৃততে সেইবোৰ আল্লাহৰ সৃষ্টি, আৰু সেইবোৰ তেওঁৰেই অধীন। এই ক্ষেত্ৰত সিহঁত তোমালোকৰ দৰেই বৰং তোমালোক সেইবোৰতকৈ উত্তম অৱস্থাত আছা। কিয়নো তোমালোক জীৱিত, কথা কব পাৰা, খোজকাঢ়িব পাৰা, শুনিব পাৰা আৰু দেখিব পাৰা। আনহাতে তোমালোকৰ মূৰ্তিসমূহৰ ওচৰত এইবোৰ শক্তি নাই। এতেকে যদি তোমালোকে নিজৰ দাবীত সত্যবাদী হোৱা তেন্তে সিহঁতক আহ্বান কৰা, সিহঁতে উত্তৰ দিয়ে নে নাই চোৱা।
A'raf 7:195
তোমালোকে যিবোৰ মূৰ্তিক উপাস্য বনাই লৈছা সেইবোৰৰ খোজকাঢ়িবলৈ ভৰি আছেনে, যাৰ দ্বাৰা খোজকাঢ়ে আৰু তোমালোকৰ প্ৰয়োজন পূৰণ কৰে? অথবা সিহঁতৰ হাত আছেনে, যাৰ দ্বাৰা শক্তি খটুৱাই তোমালোকক ৰক্ষা কৰে? নাইবা সিহঁতৰ চকু আছেনে, যাৰ দ্বাৰা তোমালোকে দেখিব নোৱাৰা বস্তু সম্পৰ্কে তোমালোকক অৱগত কৰায়? অথবা সিহঁতৰ কাণ আছেনে, যাৰ দ্বাৰা এনেকুৱা কথা শুনে যিবোৰ তোমালোকে শুনিব নোৱাৰা আৰু তাৰ পিছত তোমালোকক অৱগত কৰায়? যদি সিহঁত এইবোৰ বস্তুৰ পৰা শূন্য তেন্তে তোমালোকে সিহঁতৰ পৰা উপকাৰ পাবলৈ অথবা ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পোৱাৰ আশাত কিয় পূজা-পাঠ কৰা? হে ৰাছুল! মুশ্বৰিকসকলক কৈ দিয়ক যে, সেইবোৰক মাতি আনা যিবোৰক তোমালোকে আল্লাহৰ সমকক্ষ স্থিৰ কৰিছা, তাৰ পিছত মোক ক্ষতি কৰাৰ সকলো প্ৰয়াস কৰা আৰু মোক কোনো অৱকাশ নিদিবা।
A'raf 7:196
প্ৰকৃততে মোৰ সহায়ক হৈছে আল্লাহ, যিয়ে মোক সুৰক্ষা প্ৰদান কৰে। সেয়েহে মই আন কাৰো ওচৰত একো আশা নকৰো, আৰু তোমালোকৰ কোনো মূৰ্তিকো ভয় নকৰো। কিয়নো তেৱেঁই মোৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে মানৱ জাতিৰ হিদায়তৰ বাবে। তেৱেঁই নেক বান্দাসকলৰ তত্ত্বাৱধায়ন কৰে, তেওঁলোকক সুৰক্ষা প্ৰদান কৰে আৰু সহায়-সহযোগিতা কৰে।
A'raf 7:197
হে মুশ্বৰিকসকল! আল্লাহৰ বাহিৰে তোমালোকে যিবোৰ মূৰ্তিক আহ্বান কৰা, সেইবোৰে তোমালোকৰো সহায় কৰিব নোৱাৰে, আনকি নিজৰো উপকাৰ সাধিব নোৱাৰে। সিহঁত হৈছে বিৱশ। তেন্তে কেনেকৈ তোমালোকে আল্লাহক এৰি সেইবোৰক আহ্বান কৰা?
A'raf 7:198
হে মুশ্বৰিকসকল! তোমালোকে পূজা-পাঠ কৰা মূৰ্তিবোৰক যদি তোমালোকে সঠিক পথৰ পিনে আহ্বান কৰা, তেন্তে সেইবোৰে তোমালোকৰ আহ্বানো শুনিবলৈ সক্ষম নহয়। তুমি দেখিবলৈ পাবা সেইবোৰে তোমাক অংকিত চকুৰে চাই আছে, অথচ সেইবোৰ নিৰ্জীৱ, দৃষ্টিশক্তি নাই। দৰাচলতে মুশ্বৰিকসকলে মানৱ অথবা জীৱ-জন্তুৰ আকৃতিৰ মূৰ্তি সাজি লয়, যিবোৰৰ থাকে হাত, ভৰি, চকু আদি। কিন্তু সেইবোৰ নিৰ্জীৱ, তাৰ মাজত প্ৰাণ নাই আৰু লৰচৰো কৰিব নোৱাৰে।
A'raf 7:199
হে ৰাছুল! আপুনি মানুহৰ সেইবোৰ কৰ্ম আৰু ব্যৱহাৰ গ্ৰহণ কৰক, যিবোৰ তেওঁলোকে সন্তুষ্টচিত্তে কৰিব পাৰে আৰু যিবোৰ তেওঁলোকৰ বাবে সহজ। তেওঁলোকৰ ওপৰত এনেকুৱা কৰ্ম আৰু ব্যৱহাৰৰ বোজা অৰ্পন নকৰিব যিবোৰ তেওঁলোকৰ বাবে অপ্ৰীতিকৰ। কাৰণ এনেকুৱা কৰিলে তেওঁলোক আঁতৰি যাব। আপুনি তেওঁলোকক প্ৰত্যেক সুন্দৰ কথা আৰু কৰ্মৰ আদেশ দিয়ক, লগতে মুৰ্খ লোক সকলৰ পৰা আঁতৰি থাকিব আৰু সিহঁতৰ মুৰ্খ ব্যৱহাৰৰ উত্তৰ মুৰ্খতাৰে প্ৰদান নকৰিব। এতেকে যিয়ে আপোনাক কষ্ট দিয়ে, আপুনি তাক কষ্ট নিদিব। আৰু যিয়ে আপোনাক বঞ্চিত কৰে, আপুনি তাক বঞ্চিত নকৰিব।
A'raf 7:200
হে ৰাছুল! যেতিয়া আপুনি অনুভৱ কৰে যে, চয়তানে আপোনাক কুমন্ত্ৰণা দি আছে অথবা সৎকৰ্মত বাধা প্ৰদান কৰাৰ প্ৰয়াস কৰি আছে, তেতিয়া আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰক আৰু ইয়াক মজবুতভাৱে ধাৰণ কৰক। নিশ্চয় তেওঁ আপোনাৰ কথা শ্ৰৱণকাৰী আৰু আপোনাৰ আশ্ৰয় প্ৰাৰ্থনা সম্পৰ্কে অৱগত। এতেকে তেওঁ আপোনাক চয়তানৰ পৰা ৰক্ষা কৰিব।
A'raf 7:201
নিশ্চয় যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে, যেতিয়া তেওঁলোকৰ অন্তৰত চয়তানৰ ফালৰ পৰা কোনো কুমন্ত্ৰণা আহে আৰু গুনাহ কৰি পেলায়, তেতিয়া তেওঁলোকে ততালিকে আল্লাহৰ মহত্ব স্মৰণ কৰে আৰু পাপিষ্ঠসকলৰ প্ৰতি তেওঁৰ শাস্তি মনত পৰে লগতে আনুগত্যকাৰী সকলৰ প্ৰতিদানৰ কথাও মনত পেলায়। ফলত তেওঁলোক ততাতৈয়াকৈ নিজৰ গুনাহৰ পৰা তাওবা কৰি নিজ প্ৰতিপালকৰ পিনে উভতি যায়। ফলস্বৰূপে তেওঁলোক সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকে, চেতনাহীনৰ পৰা সচেতন হয় আৰু গুনাহৰ পৰা বিৰত থাকে।
A'raf 7:202
চয়তানৰ ভাই কাফিৰ আৰু পাপিষ্ঠসকলক, চয়তানে এটাৰ পিছত এটা গুনাহত লিপ্ত কৰি সিহঁতৰ পথভ্ৰষ্টতা বৃদ্ধি কৰে। এই ধাৰাবাহিকতা অন্ত পৰাৰ নামেই নলয়। চয়তানেও প্ৰৱঞ্চনা তথা পথভ্ৰষ্ট কৰা বন্ধ নকৰে আৰু পাপিষ্ঠসকলেও কুকৰ্ম কৰা তথা চয়তানৰ কথা অনুসৰণ কৰা বন্ধ নকৰে।
A'raf 7:203
হে ৰাছুল! আপুনি যেতিয়া কোনো আয়াত লৈ আহে, তেতিয়া সিহঁতে আপোনাক নসাৎ কৰে আৰু তাৰ পৰা মুখ ঘূৰাই লয়। আৰু যদি আপুনি কোনো আয়াত লৈ নাহে তেন্তে সিহঁতে কয়ঃ তুমি নিজেই নিজৰ ফালৰ পৰা কোনো আয়াত বনাই নোলোৱা কিয়? হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, মই মোৰ ফালৰ পৰা কোনো আয়াত সৃষ্টি কৰা মোৰ অধিকাৰ নাই। মই কেৱল সেইটোৱে অনুসৰণ কৰো যিটো আল্লাহে মোৰ প্ৰতি অহী কৰে। এই কোৰআন যিটো মই তোমালোকৰ ওচৰত পাঠ কৰি আছো এইটো আল্লাহৰ তৰফৰ পৰা দলিল প্ৰমাণ, যিজন তোমালোকৰ সৃষ্টিকৰ্তা আৰু তোমালোকৰ সকলো কৰ্মৰ পৰিচালক। এই কোৰআন তেওঁৰ মুমিন বান্দাসকলৰ বাবে দয়া তথা পথপ্ৰদৰ্শক। আনহাতে মুমিনসকলৰ বাহিৰে সকলো হৈছে পথভ্ৰষ্ট তথা দুৰ্ভগীয়া।
A'raf 7:204
যেতিয়া কোৰআন তিলাৱত কৰা হয় তেতিয়া মনোযোগ সহকাৰে শুনিবা তথা কথা নাপাতিবা, লগতে আন কোনো কামতো মনোযোগ নিদিবা। আশা কৰা যায় আল্লাহে তোমালোকৰ প্ৰতি দয়া কৰিব।
A'raf 7:205
হে ৰাছুল! আপোনাৰ প্ৰতিপালক আল্লাহক ভীত হৈ বিনয়পূৰ্বকভাৱে স্মৰণ কৰক, আৰু দুআৰ সময়ত (উচ্চস্বৰো নহয়, নিম্নস্বৰো নহয়) মধ্যমস্বৰ অৱলম্বন কৰক, দিনৰ প্ৰথম ভাগত আৰু অন্তিম ভাগত। কাৰণ এই দুয়োটা সময়ৰ আছে বহুত ফজিলত। আপুনি সেইসকল লোকৰ অন্তৰ্ভুক্ত নহব যিসকলে আল্লাহক স্মৰণ কৰাৰ ক্ষেত্ৰত অমনোযোগী হৈ থাকে।
A'raf 7:206
হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকৰ ওচৰত থকা ফিৰিস্তাসকলে তেওঁৰ ইবাদত পালনত কোনো ধৰণৰ অভিমান নকৰে। বৰং বিনীত হৈ তেওঁৰ ইবাদত পালনত ব্যস্ত থাকে, লগতে কেতিয়াও তেওঁৰ ইবাদত কৰি ক্লান্ত নহয়। তেওঁলোকে দিনে ৰাতি আল্লাহক পৱিত্ৰ ঘোষণা কৰে প্ৰত্যেক এনেকুৱা বিষয়ৰ পৰা যিবোৰ তেওঁৰ বাবে উপযুক্ত নহয়। আৰু তেওঁলোকে কেৱল তেওঁকেই ছাজদাহ কৰে।
Enfal 8:1
হে ৰাছুল! আপোনাৰ সঙ্গীসকলে আপোনাক সুধে যে, যুদ্ধলব্ধ সম্পদ কেনেকৈ বন্টন কৰা হ'ব? আৰু কোনসকল লোকৰ মাজত বন্টন কৰা হ'ব? হে ৰাছুল! আপুনি তেওঁলোকক উত্তৰ প্ৰদান কৰি কওঁক, যুদ্ধলব্ধ সম্পদ হৈছে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে। সেইবোৰ ব্যয় কৰা আৰু বন্টন কৰাৰ দায়িত্ব হৈছে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ। তোমালোকৰ কাম হৈছে মানি লোৱা আৰু আদেশ পালন কৰা। এতেকে হে মুমিনসকল! তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। আৰু তোমালোকৰ মাজত থকা পৰস্পৰ বিবাদ আৰু দূৰত্বক প্ৰেম, ভাতৃত্ববোধ, উত্তম ব্যৱহাৰ আৰু মাৰ্জনাৰ জৰিয়তে সংশোধন কৰা। যদি তোমালোকে প্ৰকৃত মুমিন তেন্তে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা। কিয়নো ঈমানে আনুগত্য কৰাত আৰু গুনাহৰ পৰা বিৰত থকাৰ প্ৰতি উৎসাহিত কৰে। জনা উচিত যে, উক্ত বিষয় সম্পৰ্কে প্ৰশ্নবোৰ বদৰৰ যুদ্ধৰ পিছত উত্থাপন হৈছিল।
Enfal 8:2
বাস্তৱতে প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহৰ বৰ্ণনা শুনিলে তেওঁলোকৰ অন্তৰ কপি উঠে। তেওঁলোকৰ অন্তৰ আৰু শৰীৰ আনুগত্যৰ পিনে আকৰ্ষিত হয়। যেতিয়া তেওঁলোকৰ সন্মুখত আল্লাহৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া তেওঁলোকে সেই বিষয়ে চিন্তা চৰ্চা কৰে, লগতে তেওঁলোকৰ ঈমান বৃদ্ধি হয়। কল্যাণ পাবলৈ আৰু অকল্যাণ দূৰ কৰিবলৈ কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰে।
Enfal 8:3
যিসকলে পৰিপূৰ্ণৰূপে যথাসময়ত ছালাত আদায় কৰে, আৰু আমি প্ৰদান কৰা ধনৰ পৰা সেইসমূহ শিতানত ব্যয় কৰে, যত ব্যয় কৰা ওৱাজীব অথবা মুস্তাহাব।
Enfal 8:4
এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই হৈছে প্ৰকৃত মুমিন। কিয়নো তেওঁলোকৰ মাজত ঈমান আৰু ইছলামৰ বাহ্যিক বৈশিষ্ট্যসমূহ মজুত আছে। প্ৰতিদানস্বৰূপে তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত ওখ ওখ অট্টালিকা লাভ কৰিব। গুনাহৰ পৰা ক্ষমা লাভ কৰিব আৰু উত্তম জীৱিকা লাভ কৰিব। এইবোৰ হৈছে সেইসমূহ নিয়ামত যিবোৰ আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি থৈছে।
Enfal 8:5
যিদৰে আল্লাহে যুদ্ধলব্ধ সম্পদ সম্পৰ্কে তোমালোকৰ মতভেদ হোৱাৰ পিছত তোমালোকৰ পৰা সেই সম্পদ বন্টন কৰাৰ অধিকাৰ নিজৰ হাতত লৈছে, লগতে সেই অধিকাৰ আল্লাহ আৰু তেওঁৰ ৰাছুলক প্ৰদান কৰিছে। ঠিক সেইদৰে হে ৰাছুল! মদীনাৰ পৰা ওলাই গৈ মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰাৰ বাবে আপোনাৰ প্ৰতিপালকে আপোনাক অহীৰ মাধ্যমত আদেশ প্ৰদান কৰিছে। যদিও মুমিনসকলৰ এটা দলে ইয়াক অপছন্দ কৰিছিল।
Enfal 8:6
হে ৰাছুল! মুমিনসকলৰ এই দলটোৱে মুশ্বৰিকসকলৰ লগত যুদ্ধ কৰা সম্পৰ্কে আপোনাৰ লগত বাদানুবাদ কৰি আছিল, অথচ তেওঁলোকৰ সন্মুখত এইটো স্পষ্ট হৈ পৰিছিল যে, যুদ্ধ হ'বই। এনেকুৱা ভাৱ হৈছিল যে, তেওঁলোকক মৃত্যুৰ পিনে খেদি লৈ যোৱা হৈছে আৰু তেওঁলোকে মৃত্যুক স্বচক্ষে প্ৰত্যক্ষ কৰি আছে। কাৰণ তেওঁলোকে যুদ্ধৰ বাবে ওলোৱাটো অন্তকৰণে অপছন্দ কৰিছিল। কিয়নো তেওঁলোক ইয়াৰ বাবে প্ৰস্তুত নাছিল। আৰু কোনো প্ৰস্তুতিও লোৱা নাছিল।
Enfal 8:7
হে বাদানুবাদকাৰী মুমিনসকল! সেই সময়ক স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল যে, মুশ্বৰিকসকলৰ দুটা দলৰ যিকোনো এটা দলৰ ওপৰত তোমালোকে বিজয় লাভ কৰিবা। এটা হব যাত্ৰীদল, তাত থকা সা-সম্পত্তিৰ তোমালোকে গনিমতস্বৰূপে লাভ কৰিবা। আনহাতে আনটো হ'ব সংগ্ৰামী দল, যিসকলৰ লগত যুদ্ধ কৰি তোমালোক বিজয়প্ৰাপ্ত হ'বা। যদিও তোমালোকে বিচাৰিছিলা যাতে যাত্ৰীদলৰ সন্মুখীন হোৱা, কিয়নো সেইটোক সহজতে যুদ্ধ নোহোৱাকৈ নিজৰ নিয়ন্ত্ৰণত লব পৰা যাব। কিন্তু আল্লাহে বিচাৰিছিল তোমালোকক যুদ্ধৰ যি আদেশ দিয়া হৈছিল সেইটো বাস্তৱায়িত হওঁক। আৰু তোমালোকে মুশ্বৰিকসকলৰ নেতৃবৰ্গক হত্যা কৰিব পাৰা। আৰু সিহঁতৰ মাজৰ বহুতক বন্দী বনাই লোৱা যাতে ইছলামৰ শক্তি প্ৰকাশ্যভাৱে প্ৰতিষ্ঠা হয়।
Enfal 8:8
যাতে ইছলাম আৰু মুছলিমসকলক বিজয় প্ৰদান কৰি সত্য প্ৰতিষ্ঠা কৰিব পাৰে, লগতে অসত্যক অসত্য প্ৰমাণ কৰি মিছা সাব্যস্ত কৰিব পাৰে। যদিও মুশ্বৰিকসকলে এয়া অপছন্দ কৰে, কিন্তু আল্লাহে এয়া প্ৰকাশ কৰিবই।
Enfal 8:9
হে মুমিনসকল! বদৰৰ দিনটো মনত আছেনে, যেতিয়া তোমালোকে শত্ৰুৰ বিৰুদ্ধে আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰিছিলা, তেতিয়া আল্লাহে তোমালোকৰ প্ৰাৰ্থনাত সঁহাৰি দিছিল, আৰু তোমালোকক প্ৰতিশ্ৰুতি দিছিল যে, তেওঁ তোমালোকক এহেজাৰ ফিৰিস্তাৰ জৰিয়তে সহায় কৰিব, যিসকল ধাৰাবাহিকভাৱে আগমন কৰিব।
Enfal 8:10
হে মুমিনসকল! ফিৰিস্তাৰ জৰিয়তে সহায় প্ৰদানক আল্লাহে তোমালোকৰ বাবে কেৱল সুসংবাদহে দিছে, প্ৰকৃত সহায়ক আল্লাহ নিজেই, তেৱেঁই তোমালোকক শত্ৰুৰ বিৰুদ্ধে সহায় কৰিব। সুসংবাদ এই কাৰণে দিছে যাতে তোমালোকৰ অন্তৰে সন্তুষ্টি তথা প্ৰশান্তি লাভ কৰে, লগতে এই বিশ্বাস পুৰঠ হৈ উঠে যে, বিজয় সংখ্যা বলৰ ভিত্তিত নহয় বৰং আল্লাহৰ ফালৰ পৰা লাভ হয়। নিশ্চয় আল্লাহ ৰাজত্ব সঞ্চালনত প্ৰভূত্বশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ চৰীয়ত প্ৰণয়নত আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।
Enfal 8:11
হে মুমিনসকল! সেই সময়ক স্মৰণ কৰা, যেতিয়া আল্লাহে তোমালোকক শত্ৰুৰ ভয়ৰ পৰা নিশ্চিন্ত কৰিবলৈ তোমালোকৰ ওপৰত কলাঘুমটি বিস্তাৰ কৰিছিল। লগতে তোমালোকক মলিনতাৰ পৰা পৱিত্ৰ কৰিবলৈ তোমালোকৰ ওপৰত বৰষুণ বৰ্ষাইছিল। যাতে তোমালোকৰ অন্তৰৰ পৰা চয়তানৰ কুমন্ত্ৰণা দূৰিভূত কৰিব পাৰে। লগতে যাতে তোমালোকৰ অন্তৰক দৃঢ়তা প্ৰদান কৰিব পাৰে আৰু মুকাবিলাৰ সময়ত তোমালোকৰ শৰীৰ অটল থাকে। আৰু তোমালোকৰ ভৰি যাতে দৃঢ় হৈ থাকে, যাতে বালিময় মাটিত তোমালোকৰ ভৰি পুত নাখায়। বৰষুণৰ জৰিয়তে সেই মাটিক জমাই দিয়া হৈছিল।
Enfal 8:12
হে নবী! যেতিয়া আপোনাৰ প্ৰতিপালকে সেইসকল ফিৰিস্তাৰ প্ৰতি অহী কৰিছিল, যিসকলক বদৰৰ দিনা মুমিনসকলৰ সহায়ৰ বাবে প্ৰেৰণ কৰা হৈছিল, হে ফিৰিস্তাসকল! মোৰ সহায় আৰু সমৰ্থন তোমালোকৰ লগত আছে। এতেকে মুমিনসকলৰ শত্ৰুৰ লগত যুদ্ধ কৰিবলৈ দৃঢ় সংকল্পবদ্ধ হোৱা। মই অতিশীঘ্ৰে কাফিৰসকলৰ অন্তৰত ভয় সৃষ্টি কৰিম। এতেকে হে মুমিনসকল! কাফিৰসকলৰ শিৰচ্ছেদ কৰি যোৱা, যাতে সিহঁত মৃত্যুবৰণ কৰে। আৰু সিহঁতৰ হাড় আৰু শৰীৰৰ অংগ প্ৰত্যঙ্গত প্ৰহাৰ কৰা যাতে সিহঁতে যুদ্ধ কৰিবলৈ অসমৰ্থ হয়।
Enfal 8:13
কাফিৰসকলে এই হত্যা আৰু আঘাতৰ সন্মুখীন এই কাৰণে হৈছিল, কিয়নো সিহঁতে আল্লাহৰ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচৰণ কৰিছিল। সিহঁতক যি আদেশ দিয়া হৈছিল সেইটো পালন কৰা নাছিল, আৰু যিটোৰ পৰা নিষেধ কৰা হৈছিল সেইটোৰ পৰা বিৰত থকা নাছিল। যিয়ে এইদৰে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব, আল্লাহে নিশ্চয় তাক কষ্টদায়ক শাস্তি দিব। সিহঁতে পৃথিৱীত হত্যা আৰু বন্দীৰ সন্মুখীন হ'ব আৰু আখিৰাতত জাহান্নামৰ।
Enfal 8:14
হে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতাকাৰী সকল! এইটোৱে তোমালোকৰ শাস্তি। পাৰ্থিৱ জীৱনত আগতীয়াকৈ এই শাস্তি ভোগ কৰা, আৰু যদি কুফৰ তথা পাপিষ্ঠ অৱস্থাত মৃত্যুবৰণ কৰা তেন্তে আখিৰাতত আছে তোমালোকৰ বাবে জাহান্নামৰ শাস্তি।
Enfal 8:15
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যুদ্ধৰ ময়দানত যেতিয়া মুশ্বৰিকসকলৰ লগত তোমালোকৰ মুকাবিলা হ'ব, তেতিয়া পৰাজয় স্বীকাৰ নকৰিবা আৰু পৃষ্ঠপ্ৰদৰ্শন কৰি পলায়ন নকৰিবা। বৰং দৃঢ়তাৰে সিহঁতৰ লগত মুকাবিলা কৰিবা আৰু ধৈৰ্য ধাৰণ কৰিবা। কিয়নো আল্লাহৰ সহায় আৰু সমৰ্থন তোমালোকৰ লগত আছে।
Enfal 8:16
যি ব্যক্তিয়ে পৃষ্ঠপ্ৰদৰ্শন কৰি পলায়ন কৰিব, কিন্তু যদি উভতি আক্ৰমণ কৰাৰ উদ্দেশ্য থাকে তেন্তে সেইটো সুকীয়া কথা, যেনে- শত্ৰু পক্ষই যাতে ভাৱে যে, তেওঁলোক পলায়ন কৰি আছে, অথচ তেওঁলোক উভতি আক্ৰমণ কৰাৰ কৌশল অৱলম্বন কৰিছে, নাইবা মুছলিমসকলৰ কোনো দলৰ সহায় গ্ৰহণৰ উদ্দেশ্য থাকে, যদি এই দুটা উদ্দেশ্য নাথাকে তেন্তে সেই ব্যক্তি আল্লাহৰ প্ৰকোপ লৈ প্ৰত্যাৱৰ্তন কৰিব আৰু তেওঁৰ ক্ৰোধৰ সন্মুখীন হ'ব। আখিৰাতত তাৰ ঠিকনা হ'ব জাহান্নাম, তাৰ ঠিকনা আৰু পৰিণাম হ'ব আটাইতকৈ নিকৃষ্ট।
Enfal 8:17
হে মুমিনসকল! বদৰৰ যুদ্ধৰ দিনা তোমালোকে নিজ শক্তিৰে মুশ্বৰিকসকলক হত্যা কৰা নাছিলা, বৰং আল্লাহে তোমালোকক সেই কামত সহায় কৰিছিল। আৰু হে নবী! আপুনি যেতিয়া (বালি) নিক্ষেপ কৰিছিল, তেতিয়া আপুনি নিক্ষেপ কৰা নাছিল, বৰং আল্লাহে নিক্ষেপ কৰিছিল, আৰু আপুনি নিক্ষেপ কৰা বালিক আল্লাহে সিহঁতৰ ওচৰলৈ পৌঁচাই দিছিল। যাতে মুমিনসকলক পৰীক্ষা কৰিব পাৰে যে, তেওঁলোকে সংখ্যাত কম আৰু প্ৰস্তুতি নোহোৱাকৈ বিজয় লাভ কৰাৰ পিছত আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰে নে নাই। নিশ্চয় আল্লাহ তোমালোকৰ কথা আৰু প্ৰাৰ্থনা শ্ৰৱণকাৰী। তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত, লগতে কোনটো কামত তোমালোকৰ কল্যাণ আছে সেই বিষয়েও তেওঁ সম্যক অৱগত।
Enfal 8:18
উক্ত সকলো বিষয়, যেনে- মুশ্বৰিকসকলক হত্যা কৰা, সিহঁতৰ ফালে বালি নিক্ষেপ কৰা আনকি যাৰ ফলত সিহঁত পৰাজিত হৈ পলায়ন কৰিছিল আৰু মুমিনসকলক শত্ৰুৰ বিৰুদ্ধে বিজয় প্ৰদান কৰা, এই সকলো আল্লাহৰ ফালৰ পৰা সংঘটিত হৈছে। আল্লাহেই সেই সকল কাফিৰৰ চক্ৰান্ত ফাদিল কৰি দুৰ্বল কৰি দিয়ে যিসকলে ইছলামৰ বিৰুদ্ধে চক্ৰান্ত ৰচে।
Enfal 8:19
হে মুশ্বৰিকসকল! যদি তোমালোকে এইটো আবেদন কৰা যে, আল্লাহে পাপিষ্ঠ অত্যাচাৰীসকলৰ ওপৰত তেওঁৰ শাস্তি অৱতীৰ্ণ কৰক, তেন্তে জানি থোৱা, আল্লাহে সেই শাস্তি অৱতীৰ্ণ কৰিছে যিটো তোমালোকে বিচাৰি আছিলা। কিয়নো তেওঁ তোমালোকক এনেকুৱা শাস্তি প্ৰদান কৰিছে যিটো তোমালোকৰ বাবে শিক্ষাপ্ৰদ আৰু মুত্তাক্বীসকলৰ বাবে উপদেশ। যদি তোমালোকে এনেকুৱা আবেদন প্ৰত্যাহাৰ কৰা তেন্তে তোমালোকৰ বাবে কল্যাণ আছে। সম্ভৱতঃ আল্লাহে তোমালোকক অৱকাশ দিব আৰু শাস্তি প্ৰদানত খৰধৰ নকৰিব। আনহাতে পুনৰ যদি তোমালোকে তেনেকুৱা আবেদন তথা মুমিনসকলৰ বিৰুদ্ধে যুদ্ধ কৰিব বিচৰা তেন্তে আমি আকৌ তোমালোকক শাস্তিৰ সন্মুখীন কৰাম আৰু মুমিনসকলক বিজয় প্ৰদান কৰিম। তোমালোকৰ দল আৰু তোমালোকৰ সহায়ক যিমানেই ডাঙৰ নহওঁক কিয়, মুমিনসকল সংখ্যাত কম থকাৰ পিছতো সেইবোৰে তোমালোকৰ কোনো উপকাৰ সাধন কৰিব নোৱাৰিব। নিশ্চয় আল্লাহৰ সহায় আৰু সমৰ্থন মুমিনসকলৰ লগত আছে। যাৰ সমৰ্থনত আল্লাহ আছে তাক কোনেও পৰাজিত কৰিব নোৱাৰে।
Enfal 8:20
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! আল্লাহৰ আনুগত্য কৰা আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা, লগতে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা। তেওঁৰ আদেশ অৱমাননা কৰি আৰু তেওঁৰ নিষেধকৃত বিষয়ত পতিত হৈ তেওঁৰ পৰা বিমুখ নহবা। অথচ তোমালোকে আল্লাহৰ আয়াতসমূহ শুনা যিবোৰ তোমালোকৰ সন্মুখত পাঠ কৰা হয়।
Enfal 8:21
হে মুমিনসকল! সেইসকল মুনাফিক আৰু মুশ্বৰিকৰ দৰে নহবা, যিসকলে কয়ঃ আমি আমাৰ সন্মুখত তিলাৱত কৰা কোৰআন শুনিছো, অথচ সিহঁতে চিন্তা-চৰ্চা তথা শিক্ষা গ্ৰহণৰ উদ্দেশ্যে নুশুনে যে, শুনা বস্তুৰ পৰা উপকাৰ সাধন হব।
Enfal 8:22
পৃথিৱীত চলাফুৰা কৰা সকলো সৃষ্টিৰ ভিতৰত আটাইতকৈ নিকৃষ্ট সৃষ্টি হৈছে সেইসকল বধিৰ, যিসকলে সত্য স্বীকাৰ কৰাৰ উদ্দেশ্যে নুশুনে আৰু বোবা, কথা কব নোৱাৰে। এনেকুৱা প্ৰকৃতিৰ লোকেই আল্লাহৰ আদেশ নিষেধ বুজিব নোৱাৰে।
Enfal 8:23
আল্লাহে এইসকল মুশ্বৰিকৰ মাজত যদি অলপো কল্যাণ দেখা পালেহেঁতেন তেন্তে সিহঁতক এনেকৈ শুনোৱালেহেঁতেন যে, সিহঁত উপকৃত হব পাৰিলেহেঁতেন। আৰু তেওঁৰ যুক্তি প্ৰমাণসমূহ বুজিব পাৰিলেহঁতেন। কিন্তু তেওঁ জানে যে, সিহঁতৰ মাজত কোনো কল্যাণ নাই। ধৰা হল আল্লাহে সিহঁতক শুনালে, তথাপিও সিহঁতে বিদ্বেষ আৰু দুষ্টামিৰ ফলত ঈমানৰ পৰা মুখ ঘূৰাই ল’লেহেঁতেন।
Enfal 8:24
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশ পালন কৰিবা আৰু তেওঁলোকে নিষেধ কৰা বস্তুৰ পৰা বিৰত থাকিবা, লগতে তোমালোকক যেতিয়া সেই সত্যৰ পিনে আহ্বান কৰিব যিটোৰ মাজত আছে তোমালোকৰ জীৱন, তেতিয়া তোমালোকে সেই আহ্বানত সঁহাৰি দিবা। আৰু পতিয়ন যোৱা যে, নিশ্চয় আল্লাহ সকলো বিষয়ত সৰ্বশক্তিমান। তোমালোকে সত্যক পৰিহাৰ কৰাৰ পিছত আকৌ যদি সত্যক মানিব খোজা তেন্তে তেওঁ তোমালোকৰ আৰু সত্যৰ মাজত ব্যৱধান সৃষ্টি কৰিবলৈয়ো সক্ষম। এতেকে যিমান সোনকালে পাৰা সত্যক আঁকোৱালি লোৱা। বিশ্বাস কৰা ক্বিয়ামতৰ দিনা তোমালোকক কেৱল আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰোৱা হব। আৰু তেওঁ তোমালোকক পৃথিৱীত কৰা তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।
Enfal 8:25
হে মুমিনসকল! তোমালোকে সেই শাস্তিক ভয় কৰা, যিটো তোমালোকৰ মাজৰ কেৱল পাপিষ্ঠসকলৰ ওপৰতেই নাহিব, বৰং সিহঁতৰ লগতে অন্যান্য লোক সকলো ক্ষতিগ্ৰস্ত হব। এইটো সেই সময়ত হব, যেতিয়া চাৰিওফালে অন্যায়-অত্যাচাৰ দেখা যাব কিন্তু কোনেও প্ৰতিৰোধ কৰিবলৈ প্ৰয়াস নকৰিব। জানি থোৱা! পাপিষ্ঠসকলক নিশ্চয় আল্লাহে কঠোৰ শাস্তি প্ৰদান কৰিব। এতেকে তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকা।
Enfal 8:26
হে মুমিনসকল! তোমালোকে সেই সময়ক স্মৰণ কৰা, যেতিয়া তোমালোকে মক্কাত সংখ্যালঘু আছিলা, মক্কাৰ অধিবাসীসকলে তোমালোকক দুৰ্বল ভাৱি আছিল আৰু নিৰ্যাতন কৰি আছিল। তোমালোকে ভয় কৰি আছিলা যে, শত্ৰুৱে তোমালোকৰ ওপৰত হঠাৎ আক্ৰমণ কৰে নেকি, তেতিয়া আল্লাহে তোমালোকক মদীনাৰ ৰূপত এটা আশ্ৰয়স্থল দান কৰিলে। আৰু তোমালোকক বিভিন্ন যুদ্ধত শত্ৰুৰ বিৰুদ্ধে সহায় কৰি শক্তিশালী কৰিছে, উদাহৰণস্বৰূপে বদৰৰ দিনা। আৰু তোমালোকক উৎকৃষ্ট জীৱিকা প্ৰদান কৰিছে। যুদ্ধলব্ধ সম্পদো ইয়াৰেই অন্তৰ্ভুক্ত। যাতে তোমালোকে আল্লাহৰ নিয়ামতৰ চুকৰীয়া আদায় কৰা, ফলত তেওঁ তোমালোকক আৰু অধিক দান কৰিব। তেওঁৰ অকৃতজ্ঞ নহবা, অন্যথা অনুগ্ৰহৰ পৰা বঞ্চিত কৰিব আৰু শাস্তি প্ৰদান কৰিব।
Enfal 8:27
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু ৰাছুলৰ অনুসাৰীসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আদেশসমূহ অগ্ৰাহ্য কৰি আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত নাথাকি বিশ্বাসঘাতকতা নকৰিবা। আৰু তোমালোকৰ ওচৰত ৰখা আমানত সম্পৰ্কে খিয়ানত নকৰিবা। যদি তোমালোকে জানি বুজি বিশ্বাসঘাতকতা কৰা তেন্তে তোমালোক বিশ্বাসঘাতক সকলৰ অন্তৰ্ভুক্ত হৈ যাবা।
Enfal 8:28
হে মুমিনসকল! জানি থোৱা, তোমালোকৰ ধন-সম্পদ আৰু সন্তান-সন্ততি তোমালোকৰ বাবে আপদ আৰু পৰীক্ষা। কিয়নো এইবোৰে তোমালোকক আখিৰাতৰ আমলত বাধাৰ সৃষ্টি কৰে আৰু বিশ্বাসঘাতকতা কৰিবলৈ প্ৰেৰণা যোগায়। জানি থোৱা, নিশ্চয় আল্লাহৰ ওচৰত আছে মহাপ্ৰতিদান। এতেকে ধন-সম্পদ আৰু সন্তান-সন্ততিৰ প্ৰতি তোমালোকৰ গভীৰ মনোযোগৰ কাৰণে আৰু বিশ্বাসঘাতকতাত লিপ্ত হৈ এই ছোৱাবৰ পৰা যাতে বঞ্চিত নোহোৱা।
Enfal 8:29
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! মনত ৰাখিবা, যদি তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা তেন্তে তেওঁ তোমালোকক সত্য আৰু অসত্যৰ মাজত পাৰ্থক্য কৰাৰ শক্তি প্ৰদান কৰিব। ফলত তোমালোকৰ বাবে এই দুয়োৰ মাজত পাৰ্থক্য কৰাত অসুবিধা নহব। তোমালোকৰ বেয়া কৰ্মসমূহ মচি দিব আৰু তোমালোকৰ গুনাহসমূহ ক্ষমা কৰিব। নিশ্চয় আল্লাহ অতি অনুগ্ৰহশীল। তেওঁৰ মহানুগ্ৰহ সমূহৰ অন্যতম হৈছে জান্নাত, যিটো তেওঁ নিজৰ মুত্তাক্বী বান্দাসকলৰ বাবে প্ৰস্তুত কৰি থৈছে।
Enfal 8:30
হে ৰাছুল! স্মৰণ কৰক, যেতিয়া মুশ্বৰিকসকলে আপোনাক কয়েদ কৰিবলৈ অথবা হত্যা কৰিবলৈ নাইবা দেশান্তৰ কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। সিহঁতে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছিল আৰু আল্লাহে সিহঁতৰ ষড়যন্ত্ৰক সিহঁতৰ বিৰুদ্ধেই কাৰ্যকৰি কৰি আছিল। আৰু আল্লাহেও কৌশল কৰি আছিল, নিশ্চয় আল্লাহ উত্তম কৌশল অৱলম্বনকাৰী।
Enfal 8:31
যেতিয়া সিহঁতৰ সন্মুখত আমাৰ আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া সিহঁতে সত্যৰ প্ৰতি বিদ্বেষ আৰু অহংকাৰ পোষণ কৰি কয়ঃ এনেকুৱা বাণী আমি আগতেও শুনিছো, এই কোৰআনৰ দৰে বাণী আমি ইচ্ছা কৰিলে আমিও কব পাৰো। এই কোৰআন অতীত কালৰ মিছা কাহিনীৰ বাহিৰে আন একো নহয়। গতিকে আমি কেতিয়াও ইয়াৰ প্ৰতি বিশ্বাস স্থাপন নকৰো।
Enfal 8:32
হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া মুশ্বৰিকসকলে কৈছিলঃ হে আল্লাহ! যদি মুহাম্মদে লৈ অহা দ্বীন সত্য, তেনেহ'লে তুমি আকাশৰ পৰা শিল বৰ্ষাই আমাক ধ্বংস কৰি দিয়া নাইবা আমাক কঠোৰ শাস্তি বিহা। দৰাচলতে সিহঁতে এই কথা সিহঁতৰ অস্বীকাৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি কৈছিল।
Enfal 8:33
হে মুহাম্মদ! আপুনি সিহঁতৰ মাজত উপস্থিত থকা লৈকে আল্লাহে আপোনাৰ উম্মতক এনেকুৱা শাস্তি প্ৰদান নকৰিব যিটোৰ দ্বাৰা সিহঁত নিৰ্মূল হৈ যাব, তেওঁলোকে মুছলিমেই হওঁক অথবা অমুছলিম। আপোনাৰ উপস্থিতি হৈছে সিহঁতৰ বাবে গেৰান্টী। আনহাতে যেতিয়ালৈকে সিহঁতে আল্লাহৰ ওচৰত নিজৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব তেতিয়ালৈকে আল্লাহে সিহঁতক শাস্তি প্ৰদান নকৰিব।
Enfal 8:34
সিহঁতক শাস্তি কিয় দিয়া নহব, অথচ সিহঁতে এনেকুৱা কাম কৰিছে যিটো শাস্তিযোগ্য। উদাহৰণস্বৰূপে সিহঁতে মানুহক মছজিদে হাৰামত ছালাত আদায় কৰিবলৈ আৰু তাৱাফ কৰিবলৈ বাধা প্ৰদান কৰিছে। মুশ্বৰিকসকল আল্লাহৰ অলী কেতিয়াও নহয়। বৰং আল্লাহৰ অলী হৈছে সেইসকল মুত্তাক্বী যিসকলে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে। কিন্তু অধিকাংশ মুশ্বৰিকসকলে এই সম্পৰ্কে অৱগত নহয়, সেই কাৰণেই সিহঁতে দাবী কৰে যে, সিহঁত আল্লাহৰ অলী, অথচ সিহঁত আল্লাহৰ অলী নহয়।
Enfal 8:35
মছজিদে হাৰামৰ ওচৰত মুশ্বৰিকসকলৰ উপাসনা উৰুলি আৰু হাত তালিৰ বাহিৰে আন একো নহয়। এতেকে হে মুশ্বৰিকসকল! আল্লাহৰ লগত কুফুৰী আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰাৰ ফলত এতিয়া তোমালোকে বদৰৰ দিনা হত্যা আৰু বন্দী ৰূপত শাস্তি ভোগ কৰা।
Enfal 8:36
নিশ্চয় যিসকলে আল্লাহৰ লগত কুফুৰী কৰিছে, সিহঁতে নিজৰ ধন মানুহক আল্লাহৰ পথলৈ অহাত বাধা দিয়াৰ বাবে ব্যয় কৰে। এতেকে সিহঁতে এইদৰেই ব্যয় কৰি থাকিব কিন্তু সিহঁতৰ মনোকামনা পূৰণ নহব। অৱশেষত সিহঁতৰ এই ধন ব্যয় কৰাৰ পৰিণাম পৰিতাপৰ বাহিৰে আন একো নহব। কাৰণ ধনো ব্যয় হল আৰু উপকাৰো নহল। তাৰ পিছত মুছলিমসকলক বিজয় প্ৰদান কৰি সিহঁতক পৰাস্ত কৰা হব। যিসকলে আল্লাহৰ লগত কুফুৰী কৰিছে, ক্বিয়ামাতৰ দিনা সিহঁতক জাহান্নামৰ পিনে খেদি লৈ যোৱা হব। তাত সিহঁত প্ৰৱেশ কৰিব আৰু চিৰকাল তাতেই থাকিব।
Enfal 8:37
এইসকল কাফিৰ যিসকলে নিজৰ ধন আল্লাহৰ পথত বাধা সৃষ্টি কৰিবলৈ ব্যয় কৰে, সিহঁতক জাহান্নামৰ পিনে খেদি লৈ যোৱা হব, যাতে আল্লাহে অপৱিত্ৰ কাফিৰসকলৰ পৰা পৱিত্ৰ মুমিনসকলক পৃথক কৰিব পাৰে। অপৱিত্ৰ ব্যক্তি, কৰ্ম আৰু অপৱিত্ৰ সম্পদ একত্ৰিত কৰি স্তূপত পৰিণত কৰিব। তাৰ পিছত জাহান্নামৰ অগ্নিত নিক্ষেপ কৰিব। এইসকলেই হৈছে ক্ষতিগ্ৰস্ত, কিয়নো সিহঁতে ক্বিয়ামতৰ দিনা নিজৰ আৰু নিজ পৰিয়ালৰ ক্ষতি কৰিব।
Enfal 8:38
হে ৰাছুল! আপুনি আপোনাৰ সম্প্ৰদায়ৰ সেইসকল লোকক কৈ দিয়ক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফুৰী কৰিছে, সিহঁতে যদি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰা পৰিত্যাগ কৰে আৰু মুমিনসকলক যদি আল্লাহৰ পথৰ পৰা বাধা নিদিয়ে তেন্তে আল্লাহে সিহঁতৰ বিগত সকলো গুনাহ ক্ষমা কৰি দিব। কিয়নো ইছলাম গ্ৰহণ কৰিলে বিগত সকলো গুনাহ মাফ হৈ যায়। আৰু যদি সিহঁত কুফুৰী অৱস্থালৈ আকৌ ঘূৰি যায় তেন্তে পুৰ্বৱৰ্তীসকলৰ ৰীতি তো জানাই (সিহঁতৰ কি পৰিণতি হৈছিল)’। সিহঁতে যেতিয়া অস্বীকাৰ কৰিছিল আৰু কুফুৰীৰ ওপৰত অটল আছিল তেতিয়া আল্লাহে সিহঁতক পৃথিৱীতেই শাস্তি প্ৰদান কৰিছিল।
Enfal 8:39
হে মুমিনসকল! তোমালোকৰ শত্ৰু কাফিৰসকলৰ লগত যুদ্ধ কৰা, যেতিয়ালৈকে শ্বিৰ্ক আৰু মুছলিমসকলক আল্লাহৰ পথত বাধা দিয়াৰ কাম বন্ধ নহব। আৰু পৰিপূৰ্ণৰূপে দ্বীন আৰু আনুগত্য আল্লাহৰ বাবে প্ৰতিষ্ঠা নোহোৱালৈকে, য'ত তেওঁৰ কোনো অংশীদাৰ নাই। যদি কাফিৰসকলে শ্বিৰ্ক আৰু আল্লাহৰ পথত বাধা দিয়া বন্ধ কৰে তেন্তে সিহঁতক এৰি দিয়া। কিয়নো নিশ্চয় আল্লাহ সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত। তেওঁৰ পৰা কোনো বিষয় গোপন নহয়।
Enfal 8:40
যদি সিহঁতে কুফৰ আৰু আল্লাহৰ পথত বাধা দিয়াৰ পৰা বিৰত থকাৰ বাবে যি আদেশ সিহঁতক দিয়া হৈছে তাৰ পৰা মুখ ঘূৰাই লয়, তেন্তে হে মুমিনসকল! বিশ্বাস কৰা নিশ্চয় আল্লাহে তোমালোকক সিহঁতৰ বিৰুদ্ধে সহায় কৰিব। আল্লাহ যাৰ সংৰক্ষক তাতকৈ উত্তম সংৰক্ষক আন কাৰো নাই। আৰু তেওঁ যাৰ সহায়ক, তাৰ বাবে তেওঁ যে কিমান উত্তম সহায়ক। এতেকে তেওঁ যাক সুৰক্ষা প্ৰদান কৰিব তেৱেঁই সফল, আৰু তেওঁ যাক সহায় কৰিব তেৱেঁই বিজয়ী।
Enfal 8:41
হে মুমিনসকল! জানি থোৱা যে, তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰি কাফিৰসকলৰ পৰা লাভ কৰা সম্পদক পাঁচ ভাগত বিভক্ত কৰা হ'ব। তাৰে চাৰি ভাগ মুজাহিদসকলৰ মাজত বন্টন কৰা হ'ব, আনহাতে বাকী থকা ভাগটোক আকৌ পাঁচ ভাগত ভাগ কৰা হ'ব। এটা ভাগ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে, যিটো সৰ্বসাধাৰণ মুছলিমৰ কল্যাণৰ বাবে ব্যয় কৰা হ'ব। তথা এটা ভাগ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিকটাত্মীয়সকলৰ মাজত বন্টন কৰা হ'ব, অৰ্থাৎ হাশ্বিমৰ বংশধৰ আৰু মুত্তালিবৰ বংশধৰসকলৰ মাজত। এটা ভাগ অনাথসকলৰ বাবে, এটা ভাগ দৰিদ্ৰসকলৰ বাবে আৰু এটা ভাগ এনেকুৱা ভ্ৰমণকাৰীসকলৰ বাবে, যিসকলে ভ্ৰমণত গৈ আৱদ্ধ হৈ আছে, আৰ্থিক অভাৱত ঘৰলৈ ওভতিব পৰা নাই। যদি তোমালোকে আল্লাহৰ প্ৰতি আৰু সেই সহায়ৰ প্ৰতি বিশ্বাস পোষণ কৰা, যিটো আমি আমাৰ বান্দা মুহাম্মদৰ ওপৰত বদৰৰ সেই নিৰ্ণায়ক দিনা অৱতীৰ্ণ কৰিছিলো, যিদিনা আল্লাহে তোমালোকক শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি সত্য আৰু সত্যৰ মাজত নিৰ্ণয় কৰি দিছিল। সেইজন আল্লাহ, যিয়ে তোমালোকক সহায় কৰিছে, তেওঁ সকলো বিষয়ত সামৰ্থৱান।
Enfal 8:42
তথা সেই সময়টোক স্মৰণ কৰা, যেতিয়া তোমালোক উপত্যকাৰ সেইটো স্থানত আছিলা যিটো মদিনাৰ নিকটৱৰ্তী আছিল, আৰু মুশ্বৰিকসকল আছিল সেইটো স্থানত, যিটো মক্কাৰ নিকটৱৰ্তী আছিল। আনহাতে কাফিলা আছিল নিম্নৱৰ্তী স্থানত লুইত সাগৰৰ পাৰত। যদি তোমালোকে আৰু মুশ্বৰিকসকলে আগতীয়াকৈ বদৰৰ ময়দানত যুদ্ধ কৰাৰ নিৰ্ণয় কৰিলাহেঁতেন তেন্তে তোমালোক প্ৰতিশ্ৰুতি ওপৰত প্ৰতিষ্ঠিত থাকিব নোৱাৰিলাহেঁতেন। কিন্তু আল্লাহে দুয়ো দলক পূৰ্বৱৰ্তী কোনো সংকল্প নোহোৱাকৈ বদৰৰ ময়দানত মুখামুখি কৰিলে, যাতে সেই কামটো পূৰ্ণ হয় যিটো পূৰ্ণ নিশ্চিত আছিল। সেই নিশ্চিত কামটো হৈছে, মুমিনসকলক সহায় কৰা আৰু কাফিৰসকলক লাঞ্ছিত কৰা, লগতে ইছলামক সন্মানিত কৰা আৰু শ্বিৰ্কক হীন প্ৰতিপন্ন কৰা। যাতে কাফিৰসকলৰ মাজৰ পৰা নিহত হোৱা লোকসকলে চাব পাৰে যে, সংখ্যাবল আৰু অস্ত্ৰ-হাথিয়াৰ পৰ্য্যাপ্ত পৰিমাণে নথকাৰ পিছতো মুমিনসকলে আল্লাহৰ সহায়ত বিজয়প্ৰাপ্ত হৈছে, আনহাতে যিসকলে জীৱিত থাকিব সিহঁতে যাতে আল্লাহৰ নিদৰ্শন আৰু প্ৰমাণ দেখি জীৱিত থাকে। যাতে কোনেও আল্লাহৰ সন্মুখত ওজৰ-আপত্তি দৰ্শাবলৈ সুযোগ নাপায়। প্ৰকৃততে আল্লাহে সকলোৰে কথা শ্ৰৱণকাৰী, আৰু সিহঁতৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। তেওঁৰ পৰা কোনো বিষয় গোপন নহয়। তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দান কৰিব।
Enfal 8:43
তথা হে ৰাছুল! আপোনাৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত থকা আল্লাহৰ অনুগ্ৰহবোৰ স্মৰণ কৰক, যেতিয়া আল্লাহে আপোনাক সপোনত মুশ্বৰিকসকলৰ সংখ্যা কম দেখুৱাইছিল আৰু আপুনি এই সংবাদ মুমিনসকলক দিয়াত তেওঁলোকে ইয়াক মঙ্গলময় আৰু সুসংবাদ বুলি ভাৱিছিল। ফলত শত্ৰুৰ লগত মুখামুখি কৰাৰ আৰু মুকাবিলা কৰাৰ সংকল্প আৰু মজবুত হৈ গল। যদি আল্লাহে আপোনাক মুশ্বৰিকসকলৰ সংখ্যা অধিক দেখুৱালেহেঁতেন তেন্তে আপোনাৰ সঙ্গীসকলে সাহস হেৰুৱালেহেঁতেন আৰু তেওঁলোকে যুদ্ধক ভয় কৰিলেহেঁতেন। কিন্তু আল্লাহে তেওঁলোকক ইয়াৰ পৰা ৰক্ষা কৰিলে আৰু ব্যৰ্থতাৰ পৰাও সুৰক্ষিত কৰিলে। সেই কাৰণেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সিহঁতৰ সংখ্যাবল কমকৈ দেখুৱাইছিল। নিশ্চয় আল্লাহ অন্তৰ সম্পৰ্কে সম্যক অৱগত, আৰু অন্তৰৰ গোপন তথ্য সম্পৰ্কেও সৰ্বজ্ঞ।
Enfal 8:44
তথা হে মুমিনসকল! সেই সময়টোক স্মৰণ কৰা, মুকাবিলাৰ সময়ত আল্লাহে যেতিয়া তোমালোকৰ চকুত মুশ্বৰিকসকলৰ সংখ্যা কম দেখুৱাইছিল। ফলত তোমালোক যুদ্ধৰ বাবে সাজু হৈছিলা, আৰু সিহঁতৰ দৃষ্টিতো তোমালোকক কমকৈ দেখুৱা হৈছিল, ফলত সিহঁতেও তোমালোকৰ লগত যুদ্ধ কৰিবলৈ আগুৱাই আহিল আৰু সিহঁত এবাৰো পিছুৱাবলৈ চিন্তা নকৰিলে, যাতে আল্লাহে সেই বিষয়টোৰ নিৰ্ণয় কৰি দিয়ে যিটো হোৱা নিশ্চিত আছিল। সেয়া হৈছে মুশ্বৰিকসকলক হত্যা কৰি আৰু বন্দী সজাই প্ৰতিশোধ লোৱা আৰু মুমিনসকলক শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি উপকাৰ কৰা। সকলো কৰ্ম আল্লাহৰ পিনেই উভতি যায়, যাতে তেওঁ কুকৰ্মকাৰীক কুকৰ্মৰ প্ৰতিদান দিয়ে আৰু সৎকৰ্মকাৰীক সৎকৰ্মৰ প্ৰতিদান দিয়ে।
Enfal 8:45
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যেতিয়া তোমালোকে কাফিৰ আক্ৰমণকাৰী সকলৰ মুখামুখি হ'বা তেতিয়া তোমালোকে দৃঢ়ভাৱে অটল থাকিবা, কাপুৰুষালী নেদেখুৱাবা। লগতে আল্লাহক বেছি বেছি স্মৰণ কৰিবা আৰু তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিবা। কিয়নো তেৱেঁই সিহঁতৰ ওপৰত তোমালোকক বিজয় দান কৰিবলৈ সক্ষম। যাতে তেওঁ তোমালোকক তোমালোকৰ উদ্দেশ্যত সফল কৰে, আৰু যিটোক তোমালোকে ভয় কৰা সেইটোৰ পৰা তোমালোকক ৰক্ষা কৰে।
Enfal 8:46
তোমালোকে কথা, কৰ্মত আৰু প্ৰত্যেক অৱস্থাতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসৰণক মজবুতভাৱে ধাৰণ কৰা, লগতে নিজৰ মাজত মতভেদ সৃষ্টি নকৰিবা। কিয়নো মতভেদ হ'লে তোমালোক দুৰ্বল হৈ যাবা, তোমালোকৰ মাজত কাপুৰুষতা আহি পৰিব, লগতে তোমালোকৰ শক্তি লোপ পাব। এতেকে শত্ৰুৰ লগত মুকাবিলাৰ সময়ত ধৈৰ্য ধাৰণ কৰিবা। নিশ্চয় আল্লাহ ধৈৰ্য ধাৰণকাৰীসকলৰ লগত আছে। তেওঁলোকক সহায়-সহযোগিতা কৰে। আল্লাহে যিসকলক সহায় কৰে, প্ৰকৃততে তেওঁলোকে বিজয় প্ৰাপ্ত আৰু সহায়প্ৰাপ্ত।
Enfal 8:47
আৰু সেইসকল লোকৰ দৰে নহ'বা, যিসকলে মক্কাৰ পৰা অহংকাৰ কৰি তথা মানুহক দেখুৱাবলৈ ওলাই আহিছিল। সিহঁতে মানুহক আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰাখে আৰু ইছলামত প্ৰৱেশ কৰিবলৈ বাধা দিয়ে, আল্লাহে সিহঁতৰ সকলো কৰ্মক পৰিবেষ্টন কৰি আছে, সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। আৰু তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।
Enfal 8:48
হে মুমিনসকল! তোমালোকৰ ওপৰত আল্লাহে কৰা অনুগ্ৰহবোৰক স্মৰণ কৰা, যেতিয়া চয়তানে মুশ্বৰিকসকলৰ বাবে সিহঁতৰ কৰ্মক সৌন্দৰ্যময় কৰি দিছিল, আৰু সিহঁতক মুছলিমসকলৰ লগত যুদ্ধ কৰিবলৈ প্ৰেৰণা দি কৈছিল যে, আজি তোমালোকক কোনেও পৰাজিত কৰিব নোৱাৰে। মই তোমালোকৰ সহায়ক, তোমালোকক শত্ৰুৰ পৰা ৰক্ষা কৰিম। এতেকে যেতিয়া উভয় দল মুখামুখি হ'ল, এফালে মুমিনসকল আছিল, তেওঁলোকক সহায় কৰিবলৈ ফিৰিস্তাসকল উপস্থিত আছিল, আনফালে আছিল মুশ্বৰিকসকলৰ দল, সিহঁতৰ লগত আছিল চয়তান, সি অচিৰেই সিহঁতক লাঞ্ছিত কৰিব। ঠিক সেই সময়তে চয়তান সিহঁতক এৰি পলায়ন কৰিলে আৰু মুশ্বৰিকসকলক ক'লেঃ তোমালোকৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মই ফিৰিস্তাসকলক দেখি আছো যিসকলে মুমিনসকলক সহায় কৰিবলৈ আহিছে। এতেকে মোৰ আশংকা হৈছে, আল্লাহে মোক ধ্বংস কৰিব পাৰে। কিয়নো আল্লাহ বৰ কঠোৰ শাস্তি প্ৰদানকাৰী। সেয়ে তেওঁৰ শাস্তি কোনেও সহ্য কৰিব নোৱাৰে।
Enfal 8:49
তথা সেই সময়ক স্মৰণ কৰা, যেতিয়া মুনাফিক তথা দুৰ্বল ঈমানৰ অধিকাৰী ব্যক্তিসকলে কৈ আছিল যে, এই মুছলিমসকলক সিহঁতৰ ধৰ্মই সংখ্যালঘু তথা অস্ত্ৰ পাতি কম থকাৰ পিছতো সংখ্যাগৰিষ্ঠ তথা সসস্ত্ৰ বাহিনীৰ লগত বিজয়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰৱঞ্চনা কৰিছে। এনেকু মন্তব্যকাৰী ব্যক্তিসকলে আচলতে এই কথা নাজানে যে, যি ব্যক্তিয়ে এক আল্লাহৰ ওপৰত ভৰসা কৰিব আৰু তেওঁৰ সহায়ৰ প্ৰতিশ্ৰুতিক সত্য বুলি স্বীকাৰ কৰিব, তেন্তে আল্লাহে নিশ্চয় তাক সহায় কৰিব, আল্লাহে কেতিয়াও তাক অসহায় অৱস্থাত নেৰিব, যদিও সি অকলশৰীয়া হয়। আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ চৰীয়ত প্ৰণয়নত আৰু ভাগ্য নিৰ্ধাৰণত মহাপ্ৰজ্ঞাৱান।
Enfal 8:50
হে ৰাছুল! আপুনি যদি আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰকাৰী বিলাকক সেই সময়ত দেখিলেহেঁতেন, যেতিয়া ফিৰিস্তাসকলে সিহঁতৰ প্ৰাণ হৰণ কৰি আছিল, এতেকে যেতিয়া সিহঁতে আগুৱাই আছিল তেতিয়া ফিৰিস্তাসকলে সিহঁতৰ মুখমণ্ডলত আঘাত কৰি আছিল, আৰু যেতিয়া পলায়ন কৰিবলৈ দৌৰিছিল তেতিয়া সিহঁতৰ পিঠিত আক্ৰমণ কৰিছিল, আৰু সিহঁতক কৈ আছিলঃ হে কাফিৰসকল! অগ্নিদগ্ধ হোৱা, শাস্তিৰ সোৱাদ লোৱা। যদি আপুনি অৱস্থাটো দেখিলেহেঁতেন তেন্তে এটা ডাঙৰ ঘটনা দৰ্শন কৰিলেহেঁতেন।
Enfal 8:51
হে কাফিৰসকল! তোমালোকৰ প্ৰাণ হৰণৰ সময়ত যি কষ্ট তথা কবৰৰ শাস্তি আৰু আখিৰাতৰ অগ্নিদগ্ধমূলক শাস্তিৰ কাৰণ হৈছে পৃথিৱীত কৰা তোমালোকৰ কৰ্মকাণ্ড। চিৰ সত্য এই যে, আল্লাহে কেতিয়াও মানুহৰ ওপৰত অন্যায় নকৰে। বৰং সিহঁতৰ মাজত ইনচাফ সহকাৰে ফয়চালা কৰে, তেওঁ হৈছে ন্যায়পৰায়ণ ফয়চালাকাৰী।
Enfal 8:52
এই কাফিৰসকলৰ ওপৰত অৱতীৰ্ণ হোৱা শাস্তি কেৱল সিহঁতৰ বাবেই নিৰ্দিষ্ট নহয়, বৰং প্ৰত্যেক যুগ তথা সকলো ঠাইৰ কাফিৰৰ ক্ষেত্ৰতত আল্লাহৰ এইটোৱেই নীতি। এতেকে ফিৰআউন সম্প্ৰদায় তথা সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা উম্মতৰ ওপৰতো শাস্তি আহিছিল, যেতিয়া সিহঁতে আল্লাহৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছিল। আল্লাহে সিহঁতৰ গুনাহৰ কাৰণে মহাপৰাক্ৰমশালী আৰু সৰ্বশক্তিমান হৈ সিহঁতক গ্ৰেপ্তাৰ কৰিলে আৰু সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিলে। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁৰ ওপৰত কাৰো শক্তি নাখাটে আৰু তেওঁক কোনেও পৰাজিতও কৰিব নোৱাৰে। তেওঁ অবাধ্যতাকাৰীসকলক কঠোৰ শাস্তি দিয়ে।
Enfal 8:53
এই কষ্টদায়ক শাস্তি এই কাৰণে যে, আল্লাহে যেতিয়া কোনো জাতিক অনুগ্ৰহ দান কৰে, তেওঁ সেই অনুগ্ৰহ তেতিয়ালৈকে কাঢ়ি নলয়, যেতিয়ালৈকে সিহঁতে ঈমানৰ পৰা, দ্বীনৰ ওপৰত দৃঢ় থকাৰ পৰা আৰু নিয়ামতৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ দৰে পৱিত্ৰ অৱস্থাৰ পৰা বেয়া অৱস্থালৈ ৰূপান্তৰিত নহয়, যেনেঃ আল্লাহৰ লগত কুফুৰী কৰা, তেওঁৰ অবাধ্যতা কৰা, তেওঁৰ অনুগ্ৰহৰ অকৃতজ্ঞতা কৰা ইত্যাদি। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী আৰু তেওঁলোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা কোনো বিষয় গোপন নহয়।
Enfal 8:54
এই কাফিৰসকলৰ অৱস্থা, ফিৰআউন সম্প্ৰদায় তথা সিহঁতৰ পূৰ্বৰ সেইসকল অস্বীকাৰকাৰী সম্প্ৰদায়ৰ দৰে, যিসকলে নিজ প্ৰতিপালকৰ নিদৰ্শনসমূহ অস্বীকাৰ কৰিছিল। ফলত আল্লাহে সিহঁতক সিহঁতৰ গুনাহৰ কাৰণে ধ্বংস কৰিছে, বিশেষকৈ ফিৰআউনৰ অনুসাৰীসকলক সাগৰত ডুবাই মাৰিছিল। দৰাচলতে ফিৰআউনৰ অনুসাৰীসকল আৰু সিহঁতৰ পূৰ্বে অস্বীকাৰকাৰী সকলো সম্প্ৰদায় আছিল অন্যায়কাৰী বা জালিম, কাৰণ সিহঁতে আল্লাহৰ লগত কুফুৰী কৰিছিল আৰু শ্বিৰ্ক কৰিছিল। সেই কাৰণেই সিহঁত শাস্তিৰ সন্মুখীন হৈছিল, আৰু সেই শাস্তি ভোগও কৰিছিল।
Enfal 8:55
পৃথিৱীত বিচৰণ কৰা আটাইতকৈ নিকৃষ্ট হৈছে সেইসকল লোক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰে। এতেকে সিহঁতৰ ওচৰত সকলো প্ৰকাৰ নিদৰ্শন আহিলেও সিহঁতে ঈমান পোষণ নকৰিব। কিয়নো সিহঁত কুফৰৰ ওপৰত অটল আছে, লগতে সিহঁতৰ বাবে হিদায়তৰ সকলো উপায় যেনে- বিবেক, কাণ আৰু চকু আদি নিষ্ক্ৰিয় হৈ গৈছে।
Enfal 8:56
যিসকলৰ লগত আপুনি সন্ধি তথা প্ৰতিশ্ৰুতি কৰিছে (যেনে বনী কুৰাইজা), কিন্তু সিহঁতে বাৰে বাৰে সেই সন্ধি উলংঘা কৰে, আৰু সিহঁতে আল্লাহক ভয় নকৰে। প্ৰতিশ্ৰুতি কেতিয়াও পূৰণ নকৰে, লগতে সন্ধিৰ প্ৰতিও গুৰুত্বাৰোপ নকৰে।
Enfal 8:57
এতেকে হে ৰাছুল! এনেকুৱা প্ৰতিশ্ৰুতি ভঙ্গকাৰী লোকক যদি আপুনি ৰণক্ষেত্ৰত পায় তেন্তে সিহঁতক শিক্ষাপ্ৰদ শাস্তি বিহিব, যাতে আন আন লোকসকলে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰি আপোনাৰ লগত যুদ্ধ কৰাৰ তথা আপোনাৰ শত্ৰুসকলক সহায় কৰাৰ সাহস কৰিব নোৱাৰে।
Enfal 8:58
আৰু হে ৰাছুল! আপুনি যিসকলৰ লগত সন্ধি কৰিছে, সিহঁতৰ ফালৰ পৰা বিশ্বাসঘাতকতা (সন্ধি ভঙ্গ) কৰাৰ আশংকা হয়, লগতে এই সম্পৰ্কে কিছু গতিবিধিও লক্ষ্য কৰে, তেন্তে আপুনি সিহঁতক প্ৰতিশ্ৰুতি ভঙ্গ কৰাৰ জাননী দি দিয়ক। যাতে এই সম্পৰ্কে সিহঁতেও সমানেই অৱগত থাকে। আৰু জানি থওঁক! সিহঁতক অৱগত নকৰালৈকে সিহঁতৰ ওপৰত আক্ৰমণ নকৰিব। কিয়নো অৱগত নকৰাকৈ আক্ৰমণ কৰাটো হৈছে বিশ্বাসঘাতকতা। আৰু আল্লাহে বিশ্বাসঘাতকতা কৰা ব্যক্তিসকলক ভাল নাপায়, বৰং সিহঁতক ঘৃণা কৰে। এতেকে আপুনি বিশ্বাসঘাতকতাৰ পৰা বিৰত থাকক।
Enfal 8:59
যিসকলে কুফুৰীত লিপ্ত হৈছে, সিহঁতে যেন এইটো নাভাৱে যে, সিহঁতে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাইছে, লগতে আল্লাহৰ গ্ৰেপ্তাৰী সীমাৰেখাৰ পৰা ওলাই যোৱাত সফল হৈছে। সিহঁতে আল্লাহৰ পৰাও বাচিব নোৱাৰে আৰু তেওঁৰ শাস্তিৰ পৰাও পলায়ন কৰিব নোৱাৰে। আল্লাহে সিহঁতক যিকোনো উপায়ে জবাবদিহি কৰিব।
Enfal 8:60
তথা হে মুমিনসকল! তোমালোকে যিমান সম্ভৱ ইয়াৰ বাবে সংখ্যাবল আৰু অস্ত্ৰ-হাথিয়াৰ যুগুত কৰা, আৰু সিহঁতৰ বাবে সেইসকল ঘোঁড়া প্ৰস্তুত ৰাখিবা যিবোৰ তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰিবলৈ লালন পালন কৰিছা। যাতে তোমালোকে কাফিৰসকলৰ মাজৰ আল্লাহৰ শত্ৰুক আৰু তোমালোকৰ শত্ৰুক ভয় দেখুৱাব পাৰা, যিসকলে সদায় তোমালোকক ক্ষতি কৰাৰ অপেক্ষাত থাকে। তথা ইয়াৰ দ্বাৰা যাতে আন আন সম্প্ৰদায়কো ভয় দেখুৱাব পাৰা, যিসকলক তোমালোকে চিনি নোপোৱা, তথা তোমালোকে এইটোও নাজানা যে, সিহঁতে নিজৰ অন্তৰত তোমালোকৰ বিৰুদ্ধে কিমান শত্ৰুতা পোষণ কৰে। সিহঁতক আৰু সিহঁতৰ অন্তৰত থকা গোপন শত্ৰুতাক কেৱল আল্লাহেই ভালদৰে জানে। আল্লাহৰ পথত তোমালোকে যি ব্যয় কৰিবা, কম হওঁক বা বেছি, আল্লাহে সেয়া পৃথিৱীতেই তোমালোকক প্ৰতিদান দিব আৰু আখিৰাতত ইয়াৰ পৰিপূৰ্ণ প্ৰতিদান দান কৰিব। এতেকে আল্লাহৰ পথত ব্যয় কৰিবলৈ অগ্ৰসৰ হোৱা।
Enfal 8:61
যদি সিহঁতে সন্ধি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে আৰু যুদ্ধ ত্যাগ কৰিবলৈ প্ৰস্তুত হয়, তেন্তে আপুনিও এই ক্ষেত্ৰত আগবাঢ়ি আহক আৰু সিহঁতৰ লগত সন্ধি কৰক, লগত আল্লাহৰ ওপৰত ভৰসা কৰক, তেওঁক বিশ্বাস কৰক, তেওঁ কেতিয়াও আপোনাক অসহায় অৱস্থাত নেৰিব। নিশ্চয় তেওঁ সিহঁতৰ সকলো কথা শ্ৰৱণ কৰে, লগতে সিহঁতৰ সংকল্প আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত।
Enfal 8:62
হে ৰাছুল! যদি সিহঁতে যুদ্ধ বিৰতি আৰু সন্ধিৰ সুযোগ লৈ আপোনাক প্ৰৱঞ্চনা কৰিব বিচাৰে তেন্তে সিহঁতৰ চক্ৰান্ত আৰু ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিবলৈ আল্লাহেই আপোনাৰ বাবে যথেষ্ট। তেৱেঁই আপোনাক সহায়ৰ জৰিয়তে শক্তিশালী কৰিছে, লগতে মুছলিম মুহাজিৰ আৰু আনচাৰৰ জৰিয়তে আপোনাক বল প্ৰদান কৰিছে।
Enfal 8:63
আৰু যিসকল মুমিনৰ দ্বাৰা আপোনাক সহায় কৰা হৈছে, তেওঁলোকৰ বিস্তৃত অন্তৰসমূহক তেৱেঁই একত্ৰিত কৰিছে। তেওঁলোকৰ অৱস্থা এনেকুৱা আছিল যে, যদি পৃথিৱীৰ সকলো ধন তেওঁলোকৰ অন্তৰসমূহ একত্ৰিত কৰিবলৈ ব্যয় কৰিলেও আপুনি তেওঁলোকৰ অন্তৰক একত্ৰিত কৰিব নোৱাৰিলেহেঁতেন। কিন্তু আল্লাহে এই কাম কৰি দেখুৱালে। ৰাজত্বত তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ ভাগ্য নিৰ্ধাৰণত, নিয়ন্ত্ৰণত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
Enfal 8:64
হে নবী! আপোনাক তথা আপোনাৰ মুমিন সঙ্গীসকলক শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ আল্লাহেই যথেষ্ট। এতেকে আল্লাহৰ প্ৰতি বিশ্বাস ৰাখক আৰু তেওঁৰ প্ৰতি ভৰসা কৰক।
Enfal 8:65
হে নবী! মুমিনসকলক যুদ্ধৰ বাবে প্ৰেৰণা দিয়ক, তেওঁলোকৰ সংকল্প মজবুত কৰক, আৰু তেওঁলোকক উৎসাহ দিয়ক। হে মুমিনসকল! তোমালোকৰ বিশ জনে ধৈৰ্য সহকাৰে যুদ্ধ কৰিলে কাফিৰসকলৰ দু শ জনক পৰাজিত কৰিব পাৰিব। আনহাতে তোমালোকৰ এ শ জনে ধৈৰ্য সহকাৰে যুদ্ধ কৰিলে, কাফিৰসকলৰ এহেজাৰ জনক পৰাজিত কৰিবলৈ সক্ষম হ'ব। কাৰণ কাফিৰসকলে নাজানে যে, আল্লাহে তেওঁৰ বন্ধুসকলক সহায় কৰে আৰু শত্ৰুক নিৰ্মূল কৰি দিয়ে। সিহঁত যুদ্ধৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কেও অৱগত নহয়। সেই কাৰণেই সিহঁতে পৃথিৱীত মৰ্যদা পোৱাৰ কাৰণে যুদ্ধ কৰে।
Enfal 8:66
হে মুমিনসকল! এতিয়া আল্লাহে তোমালোকৰ দুৰ্বলতাৰ প্ৰতি লক্ষ্য ৰাখি তোমালোকৰ পৰা বোজা লাঘৱ কৰিছে। এতিয়া তেওঁ অনিবাৰ্য কৰিছে তোমালোকৰ এজন ব্যক্তিয়ে সিহঁতৰ দহ জনৰ পৰিবৰ্তে দুজনৰ সন্মুখত দৃঢ়ভাৱে মুকাবিলা কৰিব লাগিব। এতেকে তোমালোকৰ মাজৰ এশ জন ধৈৰ্যশীল ব্যক্তিয়ে সিহঁতৰ দুশ জনক পৰাস্ত কৰিবলৈ সক্ষম। আৰু তোমালোকৰ মাজৰ এহেজাৰ ধৈৰ্যশীল ব্যক্তিয়ে আল্লাহৰ অনুমতিক্ৰমে সিহঁতৰ দুহেজাৰক পৰাস্ত কৰিবলৈ সক্ষম। নিশ্চয় আল্লাহৰ সহায় সমৰ্থন ধৈৰ্যশীল মুমিনৰ লগত থাকে।
Enfal 8:67
যুদ্ধৰত কাফিৰসকলৰ অধিকাংশক হত্যা নকৰালৈকে সিহঁতক বন্দী বনোৱা কোনো নবীৰ বাবে উচিত নহয়। এইটো এই কাৰণে যাতে সিহঁতৰ অন্তৰত ভয় প্ৰৱেশ কৰে আৰু পুনৰ যুদ্ধ কৰাৰ সাহস কৰিব নোৱাৰে। হে মুমিনসকল! তোমালোকে বদৰৰ ময়দানৰ পৰা বন্দী কৰা শত্ৰুসকলৰ পৰা মুক্তিপণ লব বিচৰা, অথচ আল্লাহে আখিৰাত বিচাৰে, এইটো পাবলৈ হলে ইছলামক সহায় কৰিব লাগিব আৰু ইয়াক শক্তিশালী কৰিব লাগিব। আৰু আল্লাহ সত্ত্বাগত তথা বৈশিষ্ট্যগত ভাৱে মহাপৰাক্ৰমশালী, প্ৰভাৱশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ ভাগ্য নিৰ্ধাৰণত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
Enfal 8:68
যদি এই বিষয়ে আল্লাহৰ এই লিখিত ফয়চালা নাথাকিলেহেঁতেন যে, তোমালোকৰ বাবে যুদ্ধলব্ধ সম্পদ হালাল তথা কয়েদীসকলক মুক্তি দিবলৈ মুক্তিপণ গ্ৰহণ কৰা উচিত, তেন্তে আল্লাহৰ কোনো নিৰ্দেশ অহাৰ পূৰ্বে যুদ্ধলব্ধ সম্পদ আৰু মুক্তিপণ গ্ৰহণ কৰিলে তোমালোকে কঠিন শাস্তিৰ সন্মুখীন হলাহেঁতেন।
Enfal 8:69
হে মুমিনসকল! শত্ৰুৰ পৰা তোমালোকে যি যুদ্ধলব্ধ সম্পদ লাভ কৰিবা, তাৰ পৰা তোমালোকে খোৱা। সেয়া তোমালোকৰ বাবে হালাল। তথা আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহ তেওঁৰ মুমিন বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি কৃপাকাৰী।
Enfal 8:70
হে নবী! বদৰৰ দিনা যিসকল মুশ্বৰিক আপোনাৰ হাতত বন্দী হৈ আহিছে সিহঁতক কৈ দিয়কঃ যদি তোমালোকৰ অন্তৰত অকণো কল্যাণ থাকে আৰু সৎমানসিকতা থাকে তেন্তে আল্লাহে তোমালোকক তোমালোকৰ পৰা লোৱা মুক্তিপণৰ পৰিবৰ্তে উত্তম বস্তু দান কৰিব। সেয়ে তোমালোকৰ পৰা যি মুক্তিপণ লোৱা হৈছে তাৰ বাবে দুখী নহ'বা। আল্লাহে তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিব। অৱশ্যে আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল, আৰু তেওঁলোকৰ প্ৰতি কৃপাকাৰী। আৰু আল্লাহৰ এই প্ৰতিশ্ৰুতি সত্যৰূপে বাস্তৱায়ন হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুড়া আব্বাছ ৰাদ্বিয়াল্লাহু আনহু আৰু আন আন লোকসকলৰ ক্ষেত্ৰত, যিসকলে ইছলাম গ্ৰহণ কৰিছিল।
Enfal 8:71
হে মুহাম্মদ! ইহঁতে যদি পাকে প্ৰকাৰে আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব বিচাৰে, তেন্তে জানি থওঁক! ইয়াৰ পূৰ্বেও সিহঁতে আল্লাহৰ লগত বিশ্বাসঘাতকতা কৰিছে। আৰু আল্লাহে আপোনাক সিহঁতৰ বিৰুদ্ধে সহায় কৰিছে। এতেকে সিহঁতৰ বহুতো লোক নিহত হৈছে আৰু বহুতো লোক বন্দী হৈ আহিছে। ইয়াৰ পিছতো যদি সিহঁতে পুনৰ এনেকুৱা আচৰণ কৰে তেন্তে সিহঁতে এনেকুৱা শাস্তিৰেই অপেক্ষা কৰা উচিত। অৱশ্যে আল্লাহ তেওঁৰ সৃষ্টিসকলৰ বিষয়ে আৰু সিহঁতৰ কল্যাণ সম্পৰ্কে সম্যক অৱগত। আৰু তেওঁ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।
Enfal 8:72
নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে, আৰু তেওঁৰ ৰাছুলক সত্য বুলি স্বীকাৰ কৰিছে আৰু তেওঁৰ চৰীয়ত মুতাবিক আমল কৰিছে, লগতে কুফুৰী চহৰৰ পৰা ইছলামী চহৰলৈ হিজৰত কৰিছে অথবা এনেকুৱা ঠাইৰ পিনে হিজৰত কৰিছে যত তেওঁলোকে নিৰাপদে আল্লাহৰ ইবাদত কৰিব পাৰিব। লগতে আল্লাহৰ বাণী সুউচ্চ কৰিবলৈ নিজৰ জান মালৰ সৈতে জিহাদ কৰিছে, আৰু সেইসকল লোক যিসকলে তেওঁলোকক নিজৰ ঘৰত ঠাই দিছে আৰু তেওঁলোকক সহায় কৰিছে, তেওঁলোকেই মুহাজিৰ আৰু তেওঁলোকক সহায়কাৰীসকল হৈছে মদীনাবাসী, পৰস্পৰে পৰস্পৰৰ সহায়ক। আনহাতে যিসকলে ঈমান পোষণ কৰিছে কিন্তু কুফুৰী নগৰৰ পৰা ইছলামী নগৰলৈ হিজৰত কৰা নাই, তেওঁলোক যেতিয়ালৈকে হিজৰত নকৰিব তেতিয়ালৈকে হে মুমিনসকল তোমালোকৰ বাবে সিহঁতক সহায় কৰা তথা ৰক্ষা কৰা অনিবাৰ্য নহয়। কিন্তু যদি কাফিৰসকলে তেওঁলোকৰ ওপৰত নিৰ্যাতন চলায় আৰু তেওঁলোকে তোমালোকৰ পৰা সহায় বিচাৰি আবেদন জনায় তেন্তে তেওঁলোকক সহায় কৰিবা। কিন্তু যদি তোমালোকৰ আৰু তেওঁলোকৰ শত্ৰুৰ মাজত যদি কোনো সন্ধি থাকে আৰু সেই সন্ধি সিহঁতে ভঙ্গও কৰা নাই তেন্তে সেয়া সুকীয়া বিষয়। তোমালোকৰ সকলো কৰ্ম সম্পৰ্কে আল্লাহ সম্যক অৱগত। তেওঁৰ পৰা তোমালোকৰ কোনো কাম গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব।
Enfal 8:73
যিসকলে আল্লাহক অস্বীকাৰ কৰিছে, সিহঁতক এই অস্বীকাৰ কাৰ্যই একত্ৰিত কৰি ৰাখে। সেয়ে সিহঁতে পৰস্পৰে পৰস্পৰক সহায় কৰে। গতিকে মুমিনসকলে সিহঁতৰ লগত আন্তৰিক বন্ধুত্ব কৰা উচিত নহয়। যদি তোমালোকে মুমিনসকলৰ লগত বন্ধুত্ব আৰু কাফিৰৰ লগত বিদ্বেষ পোষণ নকৰা তেন্তে এইটো মুমিনসকলৰ বাবে ফিত্নাৰ কাৰণ হ'ব। ফলত এনেকুৱা পৰিস্থিতিত কোনো মুছলিম ভায়ে তাক সহায় নকৰিব। আৰু আল্লাহৰ পথত বাধা প্ৰদানৰ এটা ডাঙৰ বিপৰ্যয় সৃষ্টি হ'ব।
Enfal 8:74
তথা যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে আৰু তেওঁৰ পথত হিজৰত কৰিছে, তথা যিসকলে মুহাজিৰসকলক আশ্ৰয় দিছে আৰু সহায় কৰিছে, তেওঁলোকেই হৈছে প্ৰকৃত মুমিন। আল্লাহৰ ফালৰ পৰা তেওঁলোকৰ বাবে প্ৰতিদান হৈছে গুনাহৰ মাগফিৰাত আৰু আছে উত্তম জীৱিকা অৰ্থাৎ জান্নাত।
Enfal 8:75
যিসকলে প্ৰথমাৱস্থাত ইছলাম গ্ৰহণকাৰী মুহাজিৰ আৰু আনচাৰসকলৰ পিছৰ সময়ছোৱাত ঈমান পোষণ কৰিছে, কুফুৰী নগৰৰ পৰা ইছলামী নগৰলৈ হিজৰত কৰি আহিছে আৰু আল্লাহৰ পথত জিহাদ কৰিছে, যাতে আল্লাহৰ বাণী সুউচ্চ হয়, আৰু কাফিৰসকলৰ কথা নিম্নগামী হয়, হে মুমিনসকল! তেওঁলোকেই তোমালোকৰ অন্তৰ্ভুক্ত। তেওঁলোকেও সেই সমূহ অধিকাৰ পাব, যিবোৰ তোমালোকে পোৱা। যিবোৰ কৰ্তব্য তোমালোকৰ ওপৰত আছে, সেইবোৰ কৰ্তব্য তেওঁলোকৰ ওপৰত প্ৰযোজ্য। নিকটাত্মীয়সকল আল্লাহৰ বিধান অনুসাৰে ঈমান আৰু হিজৰতৰ ভিত্তিত উত্তৰাধিকাৰী হোৱাৰ ক্ষেত্ৰত আগতে যি বিধান দিয়া হৈছিল, সেইমতে পৰস্পৰে পৰস্পৰৰ উত্তৰাধিকাৰী হোৱাৰ অধিক যোগ্য। নিশ্চয় আল্লাহ সকলো বিষয় সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেওঁ ভালদৰে জানে কোনটো বস্তু তেওঁৰ বান্দাসকলৰ বাবে উপকাৰী। সেয়ে তেওঁ সেইটোৰেই আদেশ দিয়ে।
Tevbe 9:1
এইটো আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালৰ পৰা সেই সন্ধিৰ সমাপ্তি ঘোষণা, হে মুছলিমসকল! যিটো তোমালোকে আৰব দ্বীপৰ মুশ্বৰিকসকলৰ লগত স্থাপন কৰিছিলা।
Tevbe 9:2
হে মুশ্বৰিকসকল! তোমালোকে ইয়াত চাৰি মাহ পৰ্যন্ত স্বতন্ত্ৰভাৱে চলিব পাৰিবা। জানি থোৱা! ইয়াৰ পিছত তোমালোকৰ লগত কোনো সন্ধি নাথাকিব, আৰু তোমালোকক সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিও বাহাল নাথাকিব। এই কথাও পতিয়ন যোৱা যে, তোমালোকে যদি কুফৰৰ ওপৰত অটল থাকা তেন্তে আল্লাহৰ শাস্তিৰ পৰা কেতিয়াও ৰক্ষা নাপাবা। এই কথাও জানি থোৱা যে, আল্লাহে কাফিৰসকলক পৃথিৱীত হত্যা আৰু বন্দী বনাই তথা আখিৰাতত জাহান্নামত নিক্ষেপ কৰি লাঞ্ছিত কৰিব। এই ঘোষণা সেইসকল লোকৰ বাবে যিসকলে সন্ধি আইন ভঙ্গ কৰিছে অথবা যিসকলৰ সন্ধি অনুপালনৰ সময় নিৰ্ধাৰিত নাছিল। আনহাতে যিসকলৰ লগত সন্ধি পালনৰ সময় নিৰ্ধাৰিত আছিল, সিহঁতৰ সন্ধি অনুপালনৰ সময় সেই নিৰ্ধাৰিত সময় লৈকে বাহাল থাকিব, যদিও সেয়া চাৰি মাহৰ অধিক নহওঁক কিয়।
Tevbe 9:3
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালৰ পৰা কুৰবানীৰ দিনা সকলো লোকৰ বাবে সাৰ্বজনিক ঘোষণা এই যে, আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত মুশ্বৰিকসকলৰ কোনো সম্পৰ্ক নাই। এতেকে হে মুশ্বৰিকসকল! এতিয়া যদি তোমালোকে শ্বিৰ্কৰ পৰা তাওবা কৰা তেন্তে সেয়া তোমালোকৰ বাবে উত্তম। আনহাতে যদি তোমালোকে মুখ ঘূৰাই লোৱা তেন্তে জানি থোৱা, আল্লাহৰ পৰা প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিব নোৱাৰিবা, আৰু তেওঁৰ শাস্তিৰ পৰা ৰক্ষা নাপাবা। আৰু হে ৰাছুল! আপুনি কাফিৰসকলক কষ্টদায়ক শাস্তিৰ সংবাদ দিয়ক, যি শাস্তি সিহঁতৰ অপেক্ষাত আছে।
Tevbe 9:4
কিন্তু সেইসকল মুশ্বৰিকৰ বাহিৰে যিসকলৰ লগত তোমালোকে সন্ধি কৰিছিলা আৰু সিহঁতে সেই সন্ধি পূৰণ কৰিছিল, আৰু সন্ধিৰ কোনো দফা ভঙ্গও কৰা নাছিল। তেনেকুৱা মুশ্বৰিকসকল উক্ত আদেশৰ অন্তৰ্ভুক্ত নহয়। এনেকুৱা লোকৰ লগত কৰা সন্ধি নিৰ্ধাৰিত সময় লৈকে পালন কৰিবা। নিশ্চয় আল্লাহে সেইসকল লোকক ভাল পায়, যিসকলে তেওঁৰ আদেশ পালন কৰি- প্ৰতিশ্ৰুতি পূৰণ কৰাও ইয়াৰ অন্তৰ্ভুক্ত- আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি- বিশ্বাসঘাতকতাও ইয়াৰ অন্তৰ্ভুক্ত- তেওঁৰ তাক্বৱা অৱলম্বন কৰে।
Tevbe 9:5
যিবোৰ মাহত তোমালোকৰ শত্ৰুসকল তোমালোকৰ ফালৰ পৰা সুৰক্ষিত থাকে, সেই সন্মানিত মাহবোৰ অতিবাহিত হোৱাৰ পিছত, মুশ্বৰিকসকলক য'তেই পাবা হত্যা কৰিবা, সিহঁতক বন্দী কৰিবা আৰু সিহঁতৰ দুৰ্গসমূহক ঘেৰাও কৰিবা, আৰু প্ৰত্যেক অহা যোৱা বাটত খাপ পাতি ৰৈ থাকিবা। ইয়াৰ পিছত যদি সিহঁতে শ্বিৰ্কৰ পৰা তাওবা কৰে আৰু ছালাত প্ৰতিষ্ঠা কৰে তথা যাকাত প্ৰদান কৰে তেন্তে সিহঁত তোমালোকৰ ইছলামী ভাই হৈ যাব। তেনেস্থলত সিহঁতৰ লগত যুদ্ধ নকৰিবা। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়ালু।
Tevbe 9:6
হে ৰাছুল! যদি কোনো এনেকুৱা মুশ্বৰিক যাৰ জান মাল হালাল কৰা হৈছে আপোনাৰ ওচৰত আহি আশ্ৰয় বিচাৰে, তেন্তে আপুনি তাক আশ্ৰয় দিয়ক, যাতে সি কোৰআন শুনিব পাৰে। তাৰ পিছত তাক এনেকুৱা স্থানত পৌঁচাই দিয়ক য’ত সি নিৰাপদে থাকিব পাৰিব। এইটো এই কাৰণে যে, কাফিৰসকল এনেকুৱা সম্প্ৰদায় যিসকলে ইছলামৰ প্ৰকৃত তথ্য সম্পৰ্কে অৱগত নহয়। এতেকে যেতিয়া সি কোৰআন শুনি অৱগত হ’ব, তেতিয়া হয়তো হিদায়তৰ পথ অৱলম্বন কৰিব পাৰে।
Tevbe 9:7
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত মুশ্বৰিকসকলৰ কোনো সন্ধি তথা আশ্ৰয় প্ৰতিশ্ৰুতি এতিয়া বাহাল থকা উচিত নহয়, কেৱল সেইসকল মুশ্বৰিকৰ বাহিৰে, যিসকলৰ লগত হে মুছলিমসকল তোমালোকে সন্মানিত কাবা ঘৰৰ ওচৰত হুদাইবিয়্যাৰ সন্ধি কৰিছিলা। এতেকে যেতিয়ালৈকে তোমালোকৰ মাজত থকা এই সন্ধিৰ ওপৰত অবিচল থাকিব আৰু ভঙ্গ নকৰিব, তেতিয়ালৈকে তোমালোকেও সেই প্ৰতিশ্ৰুতি মতে কাম কৰিবা আৰু বচন ভঙ্গ নকৰিবা। নিশ্চয় আল্লাহে সেইসকল মুত্তাক্বীক ভাল পায়, যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।
Tevbe 9:8
সিহঁতৰ প্ৰতিশ্ৰুতি আৰু সন্ধি কেনেকৈ বাহাল থাকিব, অথচ সিহঁত তোমালোকৰ শত্ৰু। যদি সিহঁতে তোমালোকৰ ওপৰত বিজয় লাভ কৰে তেন্তে সিহঁতে তোমালোকৰ ক্ষেত্ৰত আল্লাহক আৰু আত্মীয়তাৰ সম্পৰ্কক কোনো মৰ্যদা নিদিব, আনকি কোনো সন্ধিকো কেৰেপ নকৰিব। বৰং সিহঁতে তোমালোকক কঠোৰ শাস্তি প্ৰদান কৰিব। সিহঁতে তোমালোকক আকৰ্ষিত কথাৰ জৰিয়তে সন্তুষ্ট কৰি ৰাখিব বিচাৰে, কিন্তু সিহঁতৰ অন্তৰ আৰু মৌখিক কথাৰ মাজত মিল নাই। সেয়ে সিহঁতে নিজৰ স্থিতিত অটল থাকিব নোৱাৰে। সিহঁতৰ মাজৰ অধিকাংশ লোকে প্ৰতিশ্ৰুতি ভঙ্গ কৰাৰ কাৰণে আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত হৈছে।
Tevbe 9:9
সিহঁতে আল্লাহৰ আয়াত অনুসৰণৰ বিনিময়ত- যাৰ মাজত প্ৰতিশ্ৰুতি পূৰণ কৰাও অন্তৰ্ভুক্ত- পাৰ্থিৱ জীৱনৰ তুচ্ছ মূল্য গ্ৰহণ কৰিছে, যাতে সিহঁতৰ প্ৰবৃত্তিৰ আশা-আকাংখা পূৰণ হোৱাত সহায়ক হয়। ফলত সিহঁতে নিজকে সত্য অনুসৰণৰ পৰা বিৰত ৰাখিলে আৰু মুখ ঘূৰাই ললে, তথা আন আন লোককো সত্যৰ পৰা বিৰত ৰাখিলে। নিশ্চয় সিহঁতৰ এই কাৰ্য অতিকৈ নিকৃষ্ট, যিবোৰ সিহঁতে কৰি আছে।
Tevbe 9:10
সিহঁতে শত্ৰুতাত ইমান অন্ধ হৈ পৰিছে যে, মুমিনৰ ক্ষেত্ৰত আল্লাহকো কেৰেপ নকৰে আৰু কোনো আত্মীয়তাৰ সম্বন্ধকো ভ্ৰুক্ষেপ নকৰে, আনকি কোনো সন্ধিকো মৰ্যদা নিদিয়ে। সিহঁত আল্লাহৰ সীমালঙ্ঘনকাৰী, কাৰণ সিহঁতে অন্যায়-অত্যাচাৰ আৰু শত্ৰুতাত অন্ধ হৈ পৰিছে।
Tevbe 9:11
এতেকে যদি সিহঁতে কুফুৰীৰ পৰা তাওবা কৰি আল্লাহৰ পিনে আহি যায়, আৰু এই কথাৰ সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল, ছালাত প্ৰতিষ্ঠা কৰে আৰু সম্পদৰ যাকাত দিয়ে তেন্তে সিহঁত মুছলিম বুলি গণ্য হ'ব আৰু তোমালোকৰ দ্বীনি ভাই হৈ যাব। সিহঁতেও সেইসমূহ অধিকাৰ লাভ কৰিব, যিবোৰ তোমালোকে পোৱা। আৰু সিহঁতৰ ওপৰতো সেইবোৰ দায়িত্ব আহি পৰিব, যিবোৰ দায়িত্ব তোমালোকৰ ওপৰত আছে। সিহঁতৰ লগত যুদ্ধ কৰা তোমালোকৰ বাবে বৈধ নহয়। কিয়নো ইছলাম গ্ৰহণ কৰাৰ ফলত সিহঁতৰ প্ৰাণ, ধন-সম্পদ আৰু মান-সন্মান সুৰক্ষিত হৈ পৰিছে। প্ৰকৃততে আমি আয়াতসমূহ সেইসকল লোকৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰো, যিসকল জ্ঞানী। কিয়নো তেওঁলোকেই উপকৃত হয় আৰু আনকো উপকাৰ কৰে।
Tevbe 9:12
যদি এই মুশ্বৰিকসকলে যিসকলৰ লগত তোমালোকে নিৰ্ধাৰিত সময় লৈকে যুদ্ধ নকৰাৰ সন্ধি কৰিছা, সন্ধি আইন ভঙ্গ কৰে, আৰু তোমালোকৰ ধৰ্মক কটাক্ষ কৰে তেন্তে সিহঁতৰ লগত যুদ্ধ কৰা। কাৰণ সিহঁতেই কুফৰৰ নেতৃত্ব প্ৰদানকাৰী নেতা। এতেকে সিহঁতৰ লগত কোনো সন্ধি বাহাল নাই, যি সন্ধিয়ে সিহঁতৰ প্ৰাণ ৰক্ষা কৰিব। সিহঁতৰ লগত যুদ্ধ কৰা, যাতে সিহঁতে কুফৰৰ পৰা, প্ৰতিশ্ৰুতি ভঙ্গ কৰাৰ পৰা আৰু দ্বীন ইছলামক কটাক্ষ কৰাৰ পৰা বিৰত থাকে।
Tevbe 9:13
হে মুমিনসকল! তোমালোকে সিহঁতৰ লগত যুদ্ধ কিয় নকৰা, যিসকলে প্ৰতিশ্ৰুতি আৰু সন্ধি ভঙ্গ কৰিছে, লগতে দাৰুন নাদুৱাত একত্ৰিত হৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক মক্কাৰ পৰা বহিষ্কাৰ কৰাৰ ষড়যন্ত্ৰ ৰচিছিল। সিহঁতেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সহযোগী খুজাআ গোত্ৰৰ বিৰুদ্ধে কুৰাইছৰ সহযোগী বকৰ গোত্ৰক সহায় কৰি তোমালোকৰ লগত যুদ্ধ কৰিবলৈ আগভাগ লৈছিল। তোমালোকে সিহঁতৰ সৈতে মুখামুখী যুদ্ধ কৰিবলৈ ভয় কৰা নেকি? তেন্তে জানি থোৱা! যদি তোমালোক প্ৰকৃত মুমিন তেন্তে তোমালোকে কেৱল আল্লাহকেই ভয় কৰা উচিত।
Tevbe 9:14
হে মুমিনসকল! এইসকল মুশ্বৰিকৰ লগত যুদ্ধ কৰা। যদি তোমালোকে ইহঁতৰ লগত যুদ্ধ কৰা তেন্তে আল্লাহে তোমালোকৰ দ্বাৰা ইহঁতক শাস্তি প্ৰদান কৰিব, লগত ইহঁতক পৰাজিত কৰি আৰু কয়েদী সজাই লাঞ্ছিত কৰিব। ইহঁতৰ ওপৰত প্ৰভূত্ব প্ৰদান কৰি তোমালোকক সহায় কৰিব, লগতে সেইসকল মুমিনসকলৰ অন্তৰৰ ব্যাধি দূৰ কৰি দিব যিসকলে যুদ্ধত অংশ গ্ৰহণ কৰা নাই। এইটো সেই সময়ত হব যেতিয়া তেওঁলোকে দেখিব যে, মুছলমানৰ শত্ৰুসকলে পৰাজয় বৰণ কৰিছে, নিহত হৈছে আৰু কয়েদী হৈ আহিছে, আনহাতে মুছলিমসকল সিহঁতৰ ওপৰত বিজয় প্ৰাপ্ত হৈছে।
Tevbe 9:15
আল্লাহে তেওঁৰ মুমিন বান্দাসকলৰ অন্তৰৰ ক্ৰোধক, শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি দূৰ কৰিব, লগতে পাপিষ্ঠসকলৰ মাজৰ পৰা যাৰ ইচ্ছা আল্লাহে তাওবা কবূল কৰিব, যদি সিহঁতে তাওবা কৰে, যিদৰে মক্কা বিজয়ৰ দিনা কিছুমান কাফিৰে তাওবা কৰিছিল। আল্লাহে ভালদৰেই জানে সিহঁতৰ মাজত কোনে সঁচা তাওবা কৰিব, কাৰণ তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
Tevbe 9:16
হে মুমিনসকল! তোমালোকে ভাৱিছা নেকি যে, আল্লাহে তোমালোকক পৰীক্ষা নকৰাকৈ এনেই এৰি দিব? অথচ আল্লাহৰ সাধাৰণ নিয়ম হৈছে পৰীক্ষা কৰা। এতেকে তোমালোককো পৰীক্ষা কৰা হ'ব, যাতে আল্লাহে প্ৰকাশ কৰে আৰু প্ৰকাশ্যভাৱে বান্দাসকলেও জানিব পাৰে যে, তোমালোকৰ মাজৰ কোনসকলে শ্ৰদ্ধাপূৰ্ণভাৱে আল্লাহৰ পথত যুদ্ধ কৰিব, যিসকলে আল্লাহ, তেওঁৰ ৰাছুল আৰু মুমিনসকলৰ বাহিৰে কাফিৰসকলৰ লগত অন্তৰঙ্গ বন্ধুত্ব স্থাপন কৰা নাই। তোমালোকে যি কৰি আছা আল্লাহ সেই সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা কোনো বিষয় গোপন নহয়, আৰু তেওঁ অচিৰেই তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।
Tevbe 9:17
আল্লাহৰ মছজিদসমূহক ইবাদত আৰু বিভিন্ন প্ৰকাৰৰ আনুগত্যৰ দ্বাৰা সক্ৰিয় ৰাখিবলৈ মুশ্বৰিকসকলৰ যোগ্যতা নাই। কিয়নো সিহঁত নিজেই নিজৰ বিৰুদ্ধে কুফৰৰ সাক্ষী প্ৰদান কৰিছে। এইসকল লোকৰেই আমল বিনষ্ট হৈছে, কাৰণ আমল কবূল হোৱাৰ মূল চৰ্ত হৈছে ঈমান, আৰু ঈমান সিহঁতৰ মাজত নাই। ক্বিয়ামতৰ দিনা সিহঁত জাহান্নামত প্ৰৱেশ কৰিব আৰু তাত চিৰকাল অৱস্থান কৰিব। কিন্তু যদি মৃত্যুৰ পূৰ্বে শ্বিৰ্কৰ পৰা তাওবা কৰে তেন্তে সেয়া সুকীয়া বিষয়।
Tevbe 9:18
প্ৰকৃততে মছজিদ আবাদ কৰাৰ আৰু চোৱাচিতা কৰাৰ অধিকাৰ কেৱল সেইসকল লোকৰ, যিসকলে অদ্বিতীয় আল্লাহৰ ওপৰত ঈমান পোষণ কৰিছে, কাকো তেওঁৰ অংশী স্থাপন কৰা নাই, লগতে ক্বিয়ামতৰ প্ৰতি ঈমান পোষণ কৰিছে, ছালাত প্ৰতিষ্ঠা কৰে আৰু ধন-সম্পদৰ যাকাত প্ৰদান কৰে, লগতে আল্লাহৰ বাহিৰে আন কাকো ভয় নকৰে। আশা কৰা যায় এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই পোন পথৰ হিদায়ত লাভ কৰিব। আনহাতে মুশ্বৰিকসকল ইয়াৰ পৰা বহুত দূৰৈত অৱস্থান কৰিব।
Tevbe 9:19
হে মুশ্বৰিকসকল! যিসকলে হাজীসকলক পানী পান কৰোৱায় আৰু সন্মানিত মছজিদৰ চোৱাচিতা কৰে, তোমালোকে এনেকুৱা ব্যক্তিক সেই ব্যক্তিৰ লগত তুলনা কৰিব বিচাৰিছা নেকি, যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিছে, তেওঁৰ লগত কাকো অংশী স্থাপন কৰা নাই, আৰু ক্বিয়ামতৰ প্ৰতি ঈমান পোষণ কৰিছে, লগতে নিজৰ জান মালৰ সৈতে জিহাদ কৰিছে যাতে আল্লাহৰ বাণী সুউচ্চ হয়, আৰু কাফিৰসকলৰ কথা হয় নিম্নগামী। তোমালোকে এই দুয়ো প্ৰকাৰ লোকক আল্লাহৰ ওচৰত একে মৰ্যদাৰ অধিকাৰী বুলি গণ্য কৰা নেকি, সিহঁত আল্লাহৰ ওচৰত কদাপিও সমান মৰ্যদাৰ অধিকাৰী হ'ব নোৱাৰে। শ্বিৰ্কত লিপ্ত অন্যায়কাৰীসকলক আল্লাহে কেতিয়াও হিদায়ত নিদিয়ে, যদিও সিহঁতে হাজীসকলক পানী পান কৰোৱাৰ দৰে কিছু নেক আমল নকৰক কিয়।
Tevbe 9:20
যিসকলে ঈমান আনিছে আৰু কুফুৰী নগৰৰ পৰা ইছলামী নগৰলৈ হিজৰত কৰিছে, লগতে আল্লাহৰ পথত নিজৰ ধন-সম্পদ আৰু প্ৰাণৰ সৈতে জিহাদ কৰিছে, আন আন লোকতকৈ আল্লাহৰ ওচৰত তেওঁলোকৰ মৰ্যদা অত্যাধিক। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই জান্নাত লাভ কৰাত সফল হ'ব।
Tevbe 9:21
তেওঁলোকৰ প্ৰতিপালক আল্লাহে তেওঁলোকক ৰহমতৰ সন্তুষ্টিমূলক সুসংবাদ দিয়ে আৰু এই সংবাদ দিয়ে যে, আল্লাহ তেওঁলোকৰ ওপৰত সন্তুষ্ট আৰু তেওঁ কেতিয়াও তেওঁলোকৰ ওপৰত অসন্তুষ্ট নহ'ব, লগতে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ নিয়ামতসমূহ কেতিয়াও বিচ্ছিন্ন নহ'ব।
Tevbe 9:22
সেই সমূহ জান্নাতত তেওঁলোক পৃথিৱীত কৰা আমলৰ বিনিময়ত চিৰকাল অৱস্থান কৰিব। এতেকে যিয়ে নিৰ্ভেজালভাৱে আল্লাহৰ আদেশসমূহ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুসমূহৰ পৰা বিৰত থাকিব, নিশ্চয় আল্লাহৰ ওচৰত তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান।
Tevbe 9:23
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলে লৈ অহা চৰীয়তৰ প্ৰতি আমলকাৰীসকল! নিজৰ পিতৃ, ভাই আৰু আন আন আত্মীয় যদি সিহঁতে ঈমানৰ বিপৰীতে কুফৰক ভালপায় আৰু ইয়াক প্ৰাধান্য দিয়ে তেন্তে সিহঁতক মুমিনসকলৰ তথ্য জনাবলৈ প্ৰিয়পাত্ৰ নবনাবা। লগতে সিহঁতৰ লগত কোনো পৰামৰ্শও নকৰিবা। সিহঁতে কুফৰৰ ওপৰত অটল থকাৰ পিছতো যদি তোমালোকৰ কোনোবাই সিহঁতক সহায়ক বনায় আৰু সিহঁতৰ লগত প্ৰেম ভাৱ দেখুৱায় তেন্তে সি হ'ব আল্লাহৰ অবাধ্য, আৰু গুনাহত লিপ্ত হৈ নিজকে ধ্বংস কৰাৰ বাবে নিজৰ ওপৰত অন্যায়কাৰী বুলি বিবেচিত হ'ব।
Tevbe 9:24
হে ৰাছুল! কৈ দিয়ক যে হে মুমিনসকল! যদি তোমালোকৰ পিতৃ, তোমালোকৰ পুত্ৰ, তোমালোকৰ ভাই, তোমালোকৰ পৰিয়াল, তোমালোকৰ আত্মীয় আৰু তোমালোকৰ ধন-সম্পত্তি যিবোৰ তোমালোকে উপাৰ্জন কৰা, লগতে তোমালোকৰ ব্যৱসায় যিটোৰ ক্ষতিক তোমালোকে ভয় কৰা, আৰু তোমালোকৰ ঘৰ, যত তোমালোকে থাকিবলৈ ভাল পোৱা। যদি এই আটাইবোৰ বস্তু তোমালোকৰ ওচৰত আল্লাহ, তেওঁৰ ৰাছুল আৰু তেওঁৰ পথত যুদ্ধ কৰাতকৈ অধিক প্ৰিয় হয়, তেন্তে আল্লাহৰ ফালৰ পৰা অহা শাস্তিৰ অপেক্ষা কৰা। আল্লাহে তেওঁৰ আনুগত্যৰ পৰা বহিষ্কৃত লোক সকলক তেওঁৰ সন্তুষ্টিমূলক কাম কৰাৰ তাওফীক নিদিয়ে।
Tevbe 9:25
হে মুমিনসকল! প্ৰকৃততে কেইবাটাও যুদ্ধত তোমালোকৰ কম সংখ্যা আৰু কম প্ৰস্তুতি থকা সত্ত্বেও মুশ্বৰিকসকলৰ বিৰুদ্ধে আল্লাহে তোমালোকক বিজয়ী কৰিছে। তেতিয়া তোমালোকে আল্লাহৰ ওপৰত ভৰসা কৰিছিলা আৰু বিভিন্ন উপায় অৱলম্বন কৰিছিলা, লগতে সংখ্যাবলৰ ওপৰত তোমালোকে নিৰ্ভৰ কৰা নাছিলা। সিহঁতৰ বিৰুদ্ধে তোমালোকে সংখ্যাবলৰ ফলত বিজয়ী হোৱা নাছিলা। কিন্তু হুনাইনৰ দিনা যেতিয়া তোমালোকে নিজৰ সংখ্যাবলৰ ওপৰত অহংকাৰ কৰিছিলা আৰু কৈছিলা যে, আজি আমি সংখ্যাৰ ক্ষেত্ৰত পৰাজিত নহওঁ। কিন্তু সেই দিনা তোমালোকৰ সংখ্যাগৰিষ্ঠতাও কোনো উপকাৰত অহা নাছিল, যি সংখ্যাৰ ওপৰত তোমালোকে বৰ অনন্দ প্ৰকাশ কৰিছিলা। ফলত শত্ৰু পক্ষই তোমালোকৰ ওপৰত বিজয় লাভ কৰিছিল আৰু পৃথিৱী প্ৰশস্ত হোৱাৰ পিছতো তোমালোকৰ বাবে সংকীৰ্ণ হৈ গৈছিল। আৰু তোমালোকে পৰাজিত হৈ শত্ৰুৰ পৰা ৰক্ষা পাবলৈ পলায়ন কৰিছিলা।
Tevbe 9:26
কিন্তু শত্ৰুসকলৰ পৰা তোমালোক পলায়ন কৰাৰ পিছত আল্লাহে তেওঁৰ ৰাছুলৰ প্ৰতি আৰু মুমিনসকলৰ প্ৰতি শান্তি অৱতীৰ্ণ কৰিলে। ফলত তেওঁলোক দৃঢ়ভাৱে মুকাবিলা কৰিলে। তাৰ পিছত আল্লাহে ফিৰিস্তা অৱতীৰ্ণ কৰিলে, যিসকলক তোমালোকে দেখা পোৱা নাছিলা। আনহাতে কাফিৰসকলক হত্যা, বন্দী আৰু সম্পদ হৰণ, আৰু সন্তানসকলক বন্দী বনোৱাৰ দৰে শাস্তি প্ৰদান কৰিছিল। এইটোৱে শাস্তি সেইসকল লোকৰ বাবেও যিসকলে নিজ ৰাছুলক অস্বীকাৰ কৰিছে আৰু তেওঁ লৈ অহা বিধানৰ পৰা মুখ ঘূৰাই লৈছে।
Tevbe 9:27
এই শাস্তিৰ পিছত যদি সিহঁতে কুফৰ তথা ভ্ৰান্তিৰ পৰা তাওবা কৰে, তেন্তে আল্লাহে সিহঁতক ক্ষমা কৰিব আৰু সিহঁতৰ তাওবা কবুল কৰিব। আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে। সেই কাৰণেই সিহঁত কুফৰ তথা পাপ কৰাৰ পিছতো সিহঁতৰ তাওবা কবুল কৰে।
Tevbe 9:28
হে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ অনুসাৰীসকল! জানি থোৱা! নিশ্চয় মুশ্বৰিকসকল হৈছে অপৱিত্ৰ। কাৰণ সিহঁতৰ মাজত আছে কুফৰ, অন্যায়-অত্যাচাৰ আৰু বেয়া স্বভাৱ। এতেকে এইবাৰৰ পিছত অৰ্থাৎ ন হিজৰীৰ পিছত সিহঁতে যেন মক্কাৰ নিৰ্দিষ্ট এলেকাত প্ৰৱেশ নকৰে, যদিও সিহঁত হজ্জ তথা উমৰাৰ নিয়তেৰে নাহক কিয়। হে মুমিনসকল! সিহঁতৰ দ্বাৰা অহা খাদ্য বস্তু আৰু অন্যান্য সা-সামগ্ৰী বন্ধ হোৱাৰ যদি তোমালোকে আশংকা কৰা তেন্তে জানি থোৱা, নিশ্চয় আল্লাহৰ অনুগ্ৰহই তোমালোকৰ বাবে যথেষ্ট। নিশ্চয় আল্লাহ তোমালোকৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে অৱগত, তোমালোকৰ বাবে যোগান ধৰাৰ ক্ষেত্ৰত তেওঁ মহাপ্ৰজ্ঞাৱান।
Tevbe 9:29
হে মুমিনসকল! তোমালোকে সেইসকল ইয়াহুদী খৃষ্টান কাফিৰৰ লগত যুদ্ধ কৰা যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰে যাৰ কোনো অংশীদাৰ নাই। লগতে ক্বিয়ামতৰ প্ৰতি বিশ্বাস স্থাপন নকৰে আৰু আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতৰ ওপৰত হাৰাম কৰা মৃত প্ৰাণী, গাহৰীৰ মাংস, মাদক দ্ৰৱ্য আৰু সুত আদিৰ পৰাও বিৰত নাথাকে। লগতে সিহঁতে আল্লাহৰ চৰীয়তৰ ওচৰত নত নহয়। তেতিয়ালৈকে যুদ্ধ কৰা যেতিয়ালৈকে সিহঁতে অপমানিত হৈ নিজ হাতে কৰ আদায় নকৰে।
Tevbe 9:30
ইয়াহুদী আৰু খৃষ্টান প্ৰত্যেকেই মুশ্বৰিক। কিয়নো ইয়াহুদীসকলে উযাইৰ আলাইহিছ ছালামক আল্লাহৰ পুত্ৰ বুলি কৈ আল্লাহৰ সমকক্ষ বনাইছে, আনহাতে খৃষ্টানসকলে ঈছা আলাইহিছ ছালামক আল্লাহৰ পুত্ৰ বুলিকৈ আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছে। সিহঁতৰ এই দাবী কেৱল মৌখিক, ইয়াৰ সমপক্ষে কোনো প্ৰকাশ্য প্ৰমাণ নাই। ইহঁতৰ এইবোৰ কথা দৰাচলতে ইহঁতৰ পূৰ্বে অতিবাহিত সেইসকল মুশ্বৰিকৰ দৰে যিসকলে কৈছিল, ফিৰিস্তাসকল আল্লাহৰ কন্যা। আল্লাহ সিহঁতৰ এই নিকৃষ্ট দাবীৰ পৰা বহু ঊৰ্দ্ধত। আল্লাহে সিহঁতক ধ্বংস কৰক, কেনেকৈ ইহঁতক সত্যৰ পৰা বিমুখ কৰি অসত্যৰ পিনে গতি কৰাইছে।
Tevbe 9:31
ইয়াহুদীসকলে নিজৰ বিদ্বানসকলক আৰু খৃষ্টানসকলে নিজৰ ধৰ্মগুৰুসকলক আল্লাহৰ পৰিবৰ্তে ৰব্ব বনাই লৈছিল। এইসকল লোকে সিহঁতৰ বাবে আল্লাহে হাৰাম কৰা বস্তুক হালাল কৰিছিল, আৰু হালাল কৰা বস্তুক সিহঁতে হাৰাম কৰিছিল। তথা খৃষ্টানসকলে মাৰয়ামৰ পুত্ৰ ঈছাক আল্লাহৰ লগত উপাস্য হিচাপে গ্ৰহণ কৰিছিল। অথচ আল্লাহে ইয়াহুদী বিদ্বানসকলক আৰু খৃষ্টান ধৰ্মগুৰুসকলক লগতে উযাইৰক আৰু ঈছা ইবনে মাৰয়ামক একমাত্ৰ তেওঁৰ ইবাদত কৰিবলৈহে আদেশ দিছিল, আৰু তেওঁৰ লগত আনক অংশীদাৰ স্থাপন কৰিবলৈ নিষেধ কৰিছিল। তেওঁ মহাপৱিত্ৰ, এক তথা অদ্বিতীয়। তেওঁৰ বাহিৰে আন কোনো উপাস্য নাই। তেওঁ এই মুশ্বৰিকসকলৰ দাবীৰ পৰাও পৱিত্ৰ যিসকলে আল্লাহৰ লগত আনক অংশীদাৰ কৰে।
Tevbe 9:32
এই কাফিৰসকলে আৰু সিহঁতৰ মতাদৰ্শী কাফিৰসকলে মিছা অপবাদৰ জৰিয়তে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তক অস্বীকাৰৰ জৰিয়তে ইছলামক নসাৎ কৰিব বিচাৰে, আৰু ইয়াক অসত্য ধৰ্ম বুলি প্ৰমাণ কৰিব বিচাৰে, লগতে সিহঁতে আল্লাহৰ একত্ববাদক আৰু তেওঁৰ ৰাছুল লৈ অহা চৰীয়তৰ স্পষ্ট প্ৰমাণবোৰক অসত্য বুলি প্ৰমাণ কৰিব বিচাৰে। আনহাতে আল্লাহে নিজৰ দ্বীনক পৰিপূৰ্ণ কৰিব বিচাৰে আৰু ইয়াক আন আন ধৰ্মৰ ওপৰত বিজয়ী কৰিব বিচাৰে, যদিও কাফিৰসকলে তেওঁৰ দ্বীন পৰিপূৰ্ণ আৰু বিজয়ী হোৱাক লগতে তেওঁৰ বাণী সৰ্বোচ্চ হোৱাক অপছন্দ নকৰক কিয়। নিশ্চয় আল্লাহে এইটো পূৰণ কৰিহে এৰিব, কাৰণ আল্লাহে যেতিয়া কোনো কামৰ ইচ্ছা পোষণ কৰে, আন আন লোকৰ ইচ্ছা তেতিয়া নিষ্ক্ৰিয় হৈ যায়।
Tevbe 9:33
আল্লাহেই তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৰআন প্ৰদান কৰি প্ৰেৰণ কৰিছে, যিটো গোটেই মানৱ জাতিৰ বাবে হিদায়ত। তথা সত্য ধৰ্ম ইছলাম দান কৰিছে, যাতে যুক্তি প্ৰমাণ আৰু বিধানৰ দ্বাৰা আন আন ধৰ্মৰ ওপৰত প্ৰভুত্ব লাভ কৰিব পাৰে। যদিও মুশ্বৰিকসকলে ইয়াক অপছন্দ কৰে।
Tevbe 9:34
হে মুমিনসকল আৰু আল্লাহৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! বহুতো ইয়াহুদী বিদ্বান আৰু খৃষ্টান ধৰ্মগুৰুসকলে অবৈধ ভাৱে মানুহৰ ধন আত্মসাৎ কৰে, যেনে- উৎকোচ আদিৰ জৰিয়তে। সেইসকলেই আল্লাহৰ দ্বীনত প্ৰৱেশ কৰিবলৈ মানুহক বাধা প্ৰদান কৰে। লগতে যিসকলে সোণ-ৰূপ সঞ্চয় কৰি থয় আৰু তাৰ যাকাত আদায় নকৰে, হে ৰাছুল! সেইসকল লোকক ক্বিয়ামতৰ দিনা সন্মুখীন হ'বলগীয়া কষ্টদায়ক শাস্তি সম্পৰ্কে অৱগত কৰাওক।
Tevbe 9:35
সিহঁতে যিবোৰ সঞ্চয় কৰিছে, ক্বিয়ামতৰ দিনা সেইবোৰক জাহান্নামৰ জুইত উত্তপ্ত কৰা হ'ব। যেতিয়া পূৰ্ণৰূপে উত্তপ্ত হ'ব তেতিয়া সেইবোৰৰ জৰিয়তে সিহঁতৰ কপালত, শৰীৰৰ দুয়োকাষে আৰু পিঠিত দাগ দিয়া হ'ব, লগতে সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ'বঃ এইবোৰেই তোমালোকৰ সম্পদ, যিবোৰ তোমালোকে সঞ্চয় কৰি ৰাখিছিলা আৰু ইয়াৰ অনিবাৰ্য হক আদায় কৰা নাছিলা। এতেকে এতিয়া নিজৰ সেই সঞ্চিত ধনৰ পৰিণাম ভোগ কৰা, যিবোৰৰ হক আদায় কৰা নাছিলা।
Tevbe 9:36
নিশ্চয় আল্লাহৰ নিৰ্ণয় আৰু ফয়চালা অনুসাৰে মাহৰ সংখ্যা হৈছে ১২ টা, যিটো তেওঁ আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ সময়তেই লওহে মাহফুজত লিপিবদ্ধ কৰি থৈছে। এই বাৰটা মাহৰ চাৰিটা মাহত যুদ্ধ বিগ্ৰহ কৰা নিষিদ্ধ। ইয়াৰে তিনিটা মাহ ক্ৰমেঃ জুলকাদা, জুলহিজ্জা আৰু মুহাৰ্ৰম আৰু আনটো হৈছে অকলশৰীয়া অৰ্থাৎ ৰজব মাহ। বছৰৰ বাৰটা মাহৰ যে, চাৰিটা মাহ সন্মানিত, এই বৰ্ণনাটোৱে হৈছে সঠিক ধৰ্ম। গতিকে উক্ত সন্মানিত মাহবোৰত যুদ্ধ কৰি আৰু সেই মাহবোৰৰ মৰ্যাদা হানি কৰি নিজৰে অন্যায় নকৰিবা। আৰু তোমালোকে মুশ্বৰিকসকলৰ বিৰুদ্ধে একত্ৰিত হৈ যুদ্ধ কৰা, যিদৰে সিহঁতে তোমালোকৰ বিৰুদ্ধে একত্ৰিত হৈ যুদ্ধ কৰে। জানি থোৱা, নিশ্চয় আল্লাহে সেইসকল লোকক সহায় কৰে, যিসকলে তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে। আল্লাহে যাক সহায় কৰে, তাক কোনেও পৰাজিত কৰিব নোৱাৰে।
Tevbe 9:37
কোনো সন্মানিত মাহৰ মৰ্যাদাক পিছুৱাই আন কোনো সাধাৰণ মাহলৈ পৰিবৰ্তন কৰাটো হৈছে সিহঁতৰ কুফৰীত আৰু অধিক বৃদ্ধি হোৱা কাৰ্য, (যিদৰে অজ্ঞতাযুগত আৰবীয়ানসকলে কৰিছিল)। কিয়নো সিহঁতে সন্মানিত মাহসমূহৰ ক্ষেত্ৰত আল্লাহৰ আদেশ উলংঘা কৰিছে। চয়তানে সিহঁতৰ বাবে এই অপসংস্কৃতি বলৱৎ কৰি সিহঁতক পথভ্ৰষ্ট কৰিছে। সিহঁতে কোনোবা বছৰত সন্মানিত মাহক সাধাৰণ মাহৰ লগত পৰিবৰ্তন কৰে, আকৌ কোনোবা বছৰত আগৰ দৰেই থাকিব দিয়ে, যাতে আল্লাহে সন্মানিত কৰা মাহৰ গণনাত কোনো বিসংগতি নহয়। সিহঁতে যেতিয়াই কোনো সন্মানিত মাহক বৈধ বুলি গ্ৰহণ কৰে তেতিয়াই সেই মাহৰ স্থানত আন এটা সাধাৰণ মাহক স্থলাভিষিক্ত কৰে। এইদৰে সিহঁতে আল্লাহৰ নিষিদ্ধ মাহসমূহক হালাল কৰি আল্লাহৰ আদেশ উলংঘা কৰে। প্ৰকৃততে চয়তানে সিহঁতৰ কৰ্মক শোভনীয় কৰি দিয়ে, ফলত সিহঁতে তাৰ ওপৰত আমল কৰে। আল্লাহে সেইসকল কাফিৰক তাওফীক নিদিয়ে, যিসকলে কুফৰৰ ওপৰত অটল থাকে।
Tevbe 9:38
হে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমানকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! কি হ’ল তোমালোকৰ? তোমালোকক যেতিয়া তোমালোকৰ শত্ৰুসকলৰ সৈতে আল্লাহৰ পথত যুদ্ধ কৰিবলৈ আহ্বান কৰা হয়, তেতিয়া তোমালোক ভাৰাক্ৰান্ত হৈ কিয় পৰা, আৰু ঘৰৰ পৰা কিয় ওলাবলৈ টান পোৱা? তোমালোকে আখিৰাতৰ নিৰবিচ্ছিন্ন অনুগ্ৰহৰ তুলনাত পাৰ্থিৱ জীৱনৰ ধ্বংসশীল বস্তু আৰু ইয়াৰ সুখত সন্তুষ্ট হৈছা নেকি? আখিৰাতৰ সেই চিৰযুগমীয়া অনুগ্ৰহবোৰ মুজাহিদসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। আখিৰাতৰ তুলনাত পাৰ্থিৱ জীৱনৰ সুখ-শান্তি একেবাৰে নগণ্য। এতেকে কোনো বিবেকৱান ব্যক্তিয়ে চিৰস্থায়ী সুখ-শান্তিৰ পৰিবৰ্তে ধ্বংসশীল বস্তুক প্ৰাধান্য দিবনে? আৰু বৃহৎ নিয়ামতৰ তুলনাত নগণ্য অনুগ্ৰহক অগ্ৰাধিকাৰ দিবনে?
Tevbe 9:39
হে মুমিনসকল! যদি তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰিবলৈ নোলোৱা, তেন্তে আল্লাহে তোমালোকক কষ্টদায়ক আৰু অপমানমূলক শাস্তি প্ৰদান কৰিব, তথা এনেকুৱা জাতিক তোমালোকৰ স্থলাভিষিক্ত কৰিব, যিসকলে আল্লাহৰ আনুগত্য কৰিব। যেতিয়া তেওঁলোকক যুদ্ধৰ বাবে ওলাবলৈ কোৱা হ'ব তেতিয়া তেওঁলোকে ওলাই পৰিব। তেওঁৰ আদেশ অমান্য কৰি তোমালোকে তেওঁৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰিবা। তেওঁ অমুখাপেক্ষী, তোমালোক হৈছা তেওঁৰ মুখাপেক্ষী। আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ তোমালোকৰ অবিহনেই তেওঁৰ দ্বীন আৰু নবীক সহায় কৰিবলৈ সক্ষম।
Tevbe 9:40
হে মুমিনসকল! যদি তোমালোকে আল্লাহৰ ৰাছুলক সহায় নকৰা, আৰু আল্লাহৰ আহ্বানত তেওঁৰ পথত যুদ্ধ কৰিবলৈ নোলোৱা, তেন্তে জানি থোৱা! আল্লাহে তোমালোকৰ অবিহনেই তেওঁক সেইসময়ত সহায় কৰিছে, যিসময়ত কাফিৰসকলে তেওঁক (মক্কাৰ পৰা) বহিষ্কাৰ কৰিছিল। দুজনেই আছিল, তেওঁ আৰু আবু বকৰ। তৃতীয় কোনো ব্যক্তি নাছিল। উভয়ে ছুৰ নামক গোহাত আত্মগোপন কৰিছিল, যেতিয়া কাফিৰসকলে তেওঁলোকক বিচাৰি আছিল। যেতিয়া আবু বকৰে আশংকা কৰিছিল যে কাফিৰসকলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব, তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আবু বকৰক কৈছিলঃ উদাসীন নহ'বা। নিশ্চয় আল্লাহৰ সহায় আৰু সমৰ্থন আমাৰ লগত আছে। তেতিয়া আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত শান্তি বৰ্ষণ কৰিলে, লগতে তেওঁক এনেকুৱা সৈন্যৰ দ্বাৰা সহায় কৰিলে, যিসকলক তোমালোকে দেখা পোৱা নাছিলা। দৰাচলতে সেইসকল আছিল ফিৰিস্তা, যিসকলে তেওঁক সহায় কৰি আছিল। তেৱেঁই মুশ্বৰিকসকলৰ কথাক নিম্নগামী কৰি আল্লাহৰ বাণীক সুউচ্চ কৰিছে। আল্লাহ সত্ত্বাগত ভাৱে, লগতে তেওঁৰ শক্তি আৰু ৰাজত্বত মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ চৰীয়ত প্ৰণয়নত, ভাগ্য নিৰ্ধাৰণত আৰু নিয়ন্ত্ৰণত মহাপ্ৰজ্ঞাৱান।
Tevbe 9:41
হে মুমিনসকল! আল্লাহৰ পথত জিহাদ কৰিবলৈ ওলাই পৰা। দুখত থকা অথবা সুখত, যুৱক হোৱা অথবা বৃদ্ধ। নিজৰ জান মালৰ সৈতে জিহাদ কৰা। কিয়নো ঘৰত বহি থাকি সম্পদ সংৰক্ষণ কৰাতকৈ নিজৰ জান মালৰ সৈতে জিহাদৰ বাবে ওলাই যোৱাটো হৈছে অধিক লাভদায়ক। যদি তোমালোকে এই বিষয়ে অৱগত তেন্তে ইয়াৰ প্ৰতি আগুৱাই যোৱা।
Tevbe 9:42
হে নবী! আপুনি যি জিহাদৰ পিনে মুনাফিকসকলক আহ্বান কৰি আছে আৰু সিহঁতে পিছুৱাই থাকিবলৈ আপোনাৰ পৰা অনুমতি বিচাৰি আছে, যদি সেই জিহাদৰ যুদ্ধলব্ধ সম্পদ সহজেই লাভ কৰিব পৰা গলহেঁতেন আৰু ভ্ৰমণো যদি কষ্টকৰ নহলহেঁতেন তেন্তে সিহঁত আপোনাৰ সৈতে যাবলৈ ইচ্ছুক হলহেঁতেন। কিন্তু যিটো পথ অতিক্ৰম কৰিবলৈ আপুনি সিহঁতক কৈছে, সেইটো সিহঁতৰ দৃষ্টিত বৰ দুৰ্গম, সেই কাৰণেই সিহঁত পিছুৱাইছে। কিন্তু যেতিয়া আপুনি যুদ্ধৰ পৰা উভতি আহিব, এই পিছুৱাই থকাৰ বাবে অনুমতি বিচৰা মুনাফিকসকলে আল্লাহৰ শপত খাই ক'ব যে, আমি আপোনাৰ লগত যুদ্ধত যাব পৰা অৱস্থাত থাকিলে নিশ্চয় গলোহেঁতেন। দৰাচলতে সিহঁতে জিহাদৰ পৰা পিছুৱাই থাকি আৰু আল্লাহৰ নামত এইবোৰ মিছা শপত খাই নিজকে আল্লাহৰ শাস্তিৰ সন্মুখীন কৰি আছে। অথচ আল্লাহে ভালকৈ জানে যে, সিহঁতৰ এইবোৰ দাবী আৰু এই শপত, স্পষ্ট মিছা।
Tevbe 9:43
হে নবী! আপুনি সিহঁতক জিহাদৰ পৰা পিছুৱাই থকাৰ যি অনুমতি প্ৰদান কৰিছিল, সেই নিৰ্ণয়ক আল্লাহে ক্ষমা কৰক, আপুনি কিয় সিহঁতক অনুমতি প্ৰদান কৰিছিল? অথচ এইটো স্পষ্টই হোৱা নাছিল যে, কাৰ আবেদন গ্ৰহণযোগ্য আৰু কাৰ গ্ৰহণযোগ্য নহয়। তেতিয়াহে আপুনি অগ্ৰহণযোগ্য আবেদন নাকচ কৰি, গ্ৰহণযোগ্য আবেদনকাৰীসকলক অনুমতি দিব পাৰিলেহেঁতেন।
Tevbe 9:44
হে ৰাছুল! যিসকলে আল্লাহ আৰু ক্বিয়ামত দিৱসৰ প্ৰতি অন্তৰেৰে পূৰ্ণ বিশ্বাস পোষণ কৰে, তেওঁলোকৰ বাবে আল্লাহৰ পথত জান মালৰ সৈতে জিহাদ কৰাৰ পৰা পিছুৱাই থকাৰ অনুমতি বিচৰা উচিত নহয়। বৰং তেওঁলোকৰ অৱস্থা এনেকুৱা হোৱা উচিত যে, যেতিয়াই তেওঁলোকক ওলাবলৈ কোৱা হ'ব, তেওঁলোক যেন ওলাই পৰে আৰু জান মালৰ সৈতে জিহাদ কৰে। নিশ্চয় আল্লাহ তেওঁৰ মুত্তাক্বী বান্দাসকলৰ বিষয়ে ভালদৰে অৱগত, যিসকলে কোনো উপযুক্ত কাৰণ নোহোৱাকৈ অনুমতি নিবিচাৰে।
Tevbe 9:45
হে ৰাছুল! যিসকলে আপোনাৰ ওচৰত আল্লাহৰ পথত জিহাদ কৰাৰ পৰা পিছুৱাই থকাৰ অনুমতি বিচাৰে, সিহঁত হৈছে সেইসকল মুনাফিক যিসকলে আল্লাহৰ প্ৰতি তথা ক্বিয়ামত দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে, লগতে সিহঁতৰ অন্তৰত আল্লাহৰ দ্বীন সম্পৰ্কে আছে সংশয়। এতেকে সিহঁত সন্দেহত পতিত হৈ আছে, সত্য বিচাৰি পোৱা নাই।
Tevbe 9:46
সঁচাই যদি সিহঁত আপোনাৰ লগত আল্লাহৰ পথত জিহাদ কৰিবলৈ যোৱাৰ দাবীত সত্যবাদী হোৱাহেঁতেন তেন্তে তাৰ বাবে অৱশ্যে কিবা নহয় কিবা প্ৰস্তুতি ললেহেঁতেন। কিন্তু সিহঁত আপোনাৰ সৈতে যোৱাটো আল্লাহে পছন্দই কৰা নাছিল। সেই কাৰণেই সিহঁত ভাৰাক্ৰান্ত হৈ পৰিছিল আৰু ঘৰতে বহি থকাটোক সিহঁতে প্ৰাধান্য দিছিল।
Tevbe 9:47
এই মুনাফিকসকল তোমালোকৰ সৈতে নোলোৱাটোৱে তোমালোকৰ বাবে উত্তম। যদি সিহঁত তোমালোকৰ সৈতে ওলোৱাহেঁতেন তেন্তে সিহঁতে তোমালোকৰ সাহস হেৰুৱাই সন্দেহ সৃষ্টি কৰিলেহেঁতেন লগতে তোমালোকৰ মাজত বিপৰ্যয়ৰ বাহিৰে আন একো বৃদ্ধি নকৰিলেহেঁতেন। আৰু তোমালোকক বহুধাবিভক্ত কৰিবলৈ তোমালোকৰ মাজত বিদ্বেষ সৃষ্টি কৰিলেহেঁতেন। হে মুমিনসকল! তোমালোকৰ মাজত এনেকুৱা ব্যক্তিও আছে যিসকলে সিহঁতৰ মিছা কথা মনোযোগ সহকাৰে শুনে আৰু গ্ৰহণো কৰে, লগতে প্ৰচাৰো কৰে, যাতে তোমালোকৰ মাজত মতভেদ সৃষ্টি হয়। আল্লাহে সেই অন্যায়কাৰী মুনাফিকসকলক ভালদৰেই জানে যিসকলে মুমিনসকলৰ মাজত সন্দেহ সংশয় বিস্তাৰ কৰিব বিচাৰে।
Tevbe 9:48
এই মুনাফিকসকলে তাবুক যুদ্ধৰ পূৰ্বেও মুছলিমসকলৰ মাজত মতভেদ সৃষ্টি কৰাৰ আৰু তেওঁলোকৰ শক্তি ভঙ্গ কৰিবলৈ প্ৰয়াস কৰিছিল। হে ৰাছুল! আপোনাৰ বিৰুদ্ধেও বিভিন্ন প্ৰকাৰৰ চক্ৰান্ত ৰচিছিল, যাতে সিহঁতৰ চক্ৰান্তই আপোনাৰ জিহাদৰ ধাৰণাক প্ৰভাৱিত কৰে। অৱশেষত আল্লাহৰ সহায় আহি পৰিল, আৰু আল্লাহে তেওঁৰ দ্বীনক বিজয়ী কৰিলে আৰু তেওঁৰ শত্ৰুক পৰাজিত কৰিলে। যদিও সিহঁতে এইটো পছন্দ কৰা নাছিল, কাৰণ সিহঁতৰ ইচ্ছা আছিল যাতে অসত্যই সত্যৰ ওপৰত বিজয়প্ৰাপ্ত হয়।
Tevbe 9:49
মুনাফিকসকলৰ কিছুমানে বিভিন্ন প্ৰকাৰৰ ওজৰ দাঙি ধৰিছিল আৰু কৈছিলঃ হে আল্লাহৰ ৰাছুল! আমাক জিহাদৰ পৰা পিছুৱাই থকাৰ অনুমতি দিয়ক, আৰু আপোনাৰ লগত যাবলৈ বাধ্য নকৰিব, এনেকুৱা হ'ব পাৰে যে আমি ৰোমী শত্ৰুসকলৰ স্ত্ৰীসকলক দেখি নিজকে চম্ভালিব নোৱাৰি হয়তো গুনাহত লিপ্ত হ'ম। জানি থোৱা! সিহঁত ইয়াতকৈয়ো অধিক ভয়াৱহ গুনাহত লিপ্ত হৈছে। সেয়া হৈছে নিফাক আৰু জিহাদৰ পৰা দূৰৈত থকাৰ গুনাহ। নিশ্চয় ক্বিয়ামতৰ দিনা জাহান্নামে কাফিৰসকলক পৰিবেষ্টন কৰি ৰাখিব। তাৰ পৰা সিহঁতৰ কোনেও ৰক্ষা নাপাব আৰু কোনেও পলায়নও কৰিব নোৱাৰিব।
Tevbe 9:50
হে ৰাছুল! যদি আপুনি আল্লাহৰ ফালৰ পৰা সহায় তথা যুদ্ধলব্ধ সম্পদ আদিৰ দৰে কোনোবা নিয়ামত প্ৰাপ্ত হয়, তেতিয়া সিহঁতৰ ভাল নালাগে আৰু সিহঁত চিন্তিত হৈ পৰে। কিন্তু যদি আপুনি কঠিন পৰিস্থিতিৰ সন্মুখীন হয় তথা পৰাজয়ৰ দৰে কোনোবা বিপদাক্ৰান্ত হয়, তেতিয়া এই মুনাফিকসকলে কয়ঃ আমি নিজৰ সুৰক্ষাৰ বাবে সাৱধানতা অৱলম্বন কৰিছিলো, আৰু মুমিনসকলৰ লগত জিহাদত নগৈ সঠিক সিদ্ধান্ত লৈছিলো, অন্যথা আমিও তেওঁলোকৰ দৰে বন্দী তথা হত্যাৰ সন্মুখীন হ'ব লগা হ'লোহেঁতেন। আৰু এই মুশ্বৰিকসকল নিজৰ নিৰাপত্তাত সন্তুষ্ট হৈ পৰিয়ালৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰিলে।
Tevbe 9:51
হে ৰাছুল! এই মুনাফিকসকলক কৈ দিয়ক যে, আমাৰ লগত সেইটোৱে ঘটিব, যিটো আল্লাহে আমাৰ ভাগ্যত নিৰ্ধাৰণ কৰিছে। তেৱেঁই আমাৰ ব্যৱস্থাপক আৰু আশ্ৰয়স্থল, য’ত আমি আশ্ৰয় লওঁ। আমি আমাৰ সকলো কামত তেওঁৰ ওপৰতে নিৰ্ভৰ কৰো, লগতে মুমিনসকলে তেওঁলোকৰ সকলো কাম তেওঁৰ ওপৰতে অৰ্পন কৰে। তেৱেঁই মুমিনসকলৰ বাবে যথেষ্ট আৰু উত্তম সংৰক্ষক।
Tevbe 9:52
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, তোমালোকে আমাৰ বিজয় হোৱাৰ অথবা শ্বহীদ হোৱাৰ অপেক্ষাত আছা নেকি, পক্ষান্তৰে আমি অপেক্ষা কৰি আছো আল্লাহৰ ফালৰ পৰা তোমালোকৰ ওপৰত শাস্তি অৱতীৰ্ণ হওঁক আৰু সেই শাস্তিয়ে তোমালোকক ধ্বংস কৰক নাইবা আমাৰ হতুৱাই তোমালোকক হত্যা কৰাই অথবা বন্দী বনাই শাস্তি প্ৰদান কৰক। এতেকে তোমালোকে আমাৰ পৰিণামলৈ অপেক্ষা কৰা, আমিও তোমালোকৰ পৰিণামলৈ অপেক্ষা কৰি আছো।
Tevbe 9:53
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, তোমালোকে ইচ্ছা বা অনিচ্ছাত যিবোৰ সম্পদ ব্যয় কৰি আছা, সেইবোৰ ব্যয় কৰা কিন্তু তোমালোকৰ কুফুৰী আৰু আল্লাহৰ আবাধ্যতাৰ ফলত সেইবোৰ গ্ৰহণযোগ্য নহয়, স্বীকাৰ কৰা নহ'ব।
Tevbe 9:54
সিহঁতৰ ব্যয় কৰা সম্পদ গ্ৰহণযোগ্য নোহোৱাৰ তিনিটা কাৰণ আছেঃ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰা, ছালাতৰ ক্ষেত্ৰত অলসতা কৰা, লগতে আন্তৰিকতাৰে ধন ব্যয় কৰাৰ পৰিবৰ্তে অনিচ্ছাকৃতভাৱে ভাৰাক্ৰান্ত হৈ ব্যয় কৰা, কাৰণ সিহঁতে ছালাত আৰু দানৰ পৰিবৰ্তে ছোৱাব আশা নকৰে।
Tevbe 9:55
এতেকে হে ৰাছুল! আপুনি মুনাফিকসকলৰ ধন-সম্পদ আৰু সন্তান-সন্ততিক লৈ আশ্চৰ্য প্ৰকাশ কৰিব নালাগে আৰু সিহঁতক ভাল পাবও নালাগে। কিয়নো সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততিৰ পৰিণাম বৰ বেয়া হ'ব। আল্লাহে সিহঁতক সিহঁতৰ বিৰুদ্ধে আযাব বনাই দিব। প্ৰকৃততে সেয়া অৰ্জন কৰাটোও এটা কষ্টসাধ্য তথা কঠিন কাম, লগতে সিহঁতৰ ওপৰত কিবা নহয় কিবা বিপদ আহিয়ে থাকিব। অৱশেষত কুফৰ অৱস্থাত আল্লাহে সিহঁতৰ প্ৰাণ হৰণ কৰিব আৰু সিহঁত জাহান্নামৰ একেবাৰে নিম্ন স্তৰত চিৰকাল অৱস্থান কৰিব।
Tevbe 9:56
হে মুমিনসকল! মুনাফিকসকলে আল্লাহৰ শপত খাই কয় যে, সিহঁত তোমালোকৰ অন্তৰ্ভুক্ত। অথচ সিহঁত আভ্যন্তৰিণভাৱে তোমালোকৰ অন্তৰ্ভুক্ত নহয়, যদিও সিহঁতে নিজকে মুছলিম বুলি প্ৰকাশ কৰে। প্ৰকৃততে সিহঁতে মুশ্বৰিকসকলৰ দৰে হত্যা আৰু বন্দী হোৱাৰ ভয়ত নিজকে ৰক্ষা কৰিবলৈ মুছলিম বুলি পৰিচয় দিয়ে।
Tevbe 9:57
যদি এই মুনাফিকসকলে আশ্ৰয় লবলৈ কোনো দুৰ্গ পাই যায়, যত তেওঁলোকে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব, নাইবা পলায়ন কৰিবলৈ যদি পাহাৰত গুফা পাই যায়, যত আত্মগোপন কৰিব পাৰিব, অথবা কোনো সুৰংগ যদি পাই যায় যত প্ৰৱেশ কৰিব পাৰিব তেতিয়াহলে দ্ৰুত গতিত তাতগৈ আত্মগোপন কৰিলেহেঁতেন।
Tevbe 9:58
হে নবী! মুনাফিকসকলৰ মাজত এনেকুৱা কিছুমান লোকো আছে, যিসকলে ছাদাকাহ বিতৰণক কেন্দ্ৰ কৰি আপোনাক সমালোচনা কৰে, কিয়নো সিহঁতে সেইটো নাপায় যিটো সিহঁতে বিচাৰে। কিন্তু যদি আপুনি সিহঁতে বিচৰা অনুযায়ী প্ৰদান কৰে তেন্তে সিহঁত উত্ফুল্লিত হয়। আনহাতে যদি সিহঁতক সিহঁতৰ আশা অনুযায়ী দিয়া নহয় তেন্তে সিহঁত অসন্তুষ্ট হয়।
Tevbe 9:59
ছাদাকাহ বিতৰণক কেন্দ্ৰ কৰি আপোনাক সমালোচনা কৰা এই মুনাফিকসকলে যদি আল্লাহ আৰু তেওঁৰ ৰাছুলে প্ৰদান কৰা অংশকলৈ সন্তুষ্ট থাকিলেহেঁতেন আৰু কোৱাহেঁতেন যে, আল্লাহেই আমাৰ বাবে যথেষ্ট, আল্লাহে নিজ অনুগ্ৰহত আমাক যি ইচ্ছা প্ৰদান কৰিব পাৰে, আৰু আল্লাহে যি দান কৰিছে ৰাছুলে আমাক সেয়াই প্ৰদান কৰিছে, আৰু আমি আল্লাহৰ ওচৰতেই প্ৰত্যাশী তেৱেঁই আমাক নিজ অনুগ্ৰহত দান কৰিব। যদি সিহঁতে এইদৰে কৰিলেহেঁতেন তেন্তে আপোনাৰ সমালোচনাতকৈ এয়া সিহঁতৰ পক্ষে কল্যাণকৰ হলেহেঁতেন।
Tevbe 9:60
ফৰজ যাকাত দৰিদ্ৰসকলৰ ওপৰত ব্যয় কৰা হ'ব, যাৰ ওচৰত জীৱিকা উপাৰ্জনৰ উপায় তথা মাধ্যমো আছে কিন্তু তাৰ পৰা অহা আয় তাৰ বাবে যথেষ্ট নহয়, তথাপিও তেওঁ আনৰ ওচৰত নিজৰ অৱস্থা ব্যক্ত নকৰে। লগতে এই ধন ব্যয় কৰা হ'ব মিছিকিনসকলৰ ওপৰত, যাৰ ওচৰত ধন বোলোতে একোৱে নাই, তাৰ কথা বাৰ্তা আৰু অৱস্থাই তাৰ পৰিচায়ক। লগতে ব্যয় কৰা হ'ব কৰ্মচাৰীসকলৰ ওপৰত, যিসকলক কৰ্তৃপক্ষই যাকাত সংগ্ৰহ কৰিবলৈ নিযুক্তি দিছে। লগতে এনেকুৱা অমুছলিমৰ ওপৰতো ব্যয় কৰা হ'ব, যাৰ অন্তৰ ইছলামৰ পিনে ধাবিত, যাতে ইছলাম গ্ৰহণ কৰে। আৰু দুৰ্বল ঈমানৰ অধিকাৰীসকলৰ ওপৰতো ব্যয় কৰা হ'ব, সিহঁতৰ ঈমান শক্তিশালী কৰিবলৈ। অথবা কাৰোবাক ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ। লগতে ব্যয় কৰা হ'ব দাস মুক্তি কৰিবলৈ। আৰু এই ধন ব্যয় কৰা হব সেইসকল ঋণগ্ৰস্তৰ ওপৰত, যিসকলে অপচয় তথা অপকৰ্মত লিপ্ত নোহোৱাকৈ ঋণগ্ৰস্ত হৈছে আৰু ঋণ পৰিশোধ কৰাৰ শক্তি তেওঁলোকৰ নাই। লগতে এই ধন ব্যয় কৰা হ'ব আল্লাহৰ পথত যুদ্ধ কৰা মুজাহিদসকলৰ প্ৰস্তুতিৰ বাবে। আৰু সেই ভ্ৰমণকাৰীৰ ওপৰতো ব্যয় কৰা হ'ব, যাৰ ভ্ৰমণ অৱস্থাত সম্বল সমাপ্ত হৈছে। যাকাতৰ ধন এইসকল ব্যক্তি তথা শিতানত ব্যয় কৰাটোৱে হৈছে আল্লাহৰ জৰুৰী নিৰ্দেশ। আল্লাহ তেওঁৰ বান্দাসকলৰ কল্যাণ সম্পৰ্কে সম্যক অৱগত, চৰীয়ত প্ৰণয়ন তথা পৰিচালনাত তেওঁ মহাপ্ৰজ্ঞাৱান।
Tevbe 9:61
মুনাফিকসকলৰ কিছুমানে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক কথাৰ দ্বাৰা কষ্ট দিয়ে। এতেকে সিহঁতে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ সহনশীলতা দেখি কয়, তেখেতে সকলোৰে কথা মানি চলে তথা সত্য আৰু অসত্যৰ মাজত কোনো পাৰ্থক্য নকৰে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ ৰাছুলে কল্যাণকৰ কথাৰ বাহিৰে একোৱে নামানে। তেখেতে আল্লাহৰ কথাক সত্য বুলি স্বীকাৰ কৰে আৰু সত্যবাদী মুমিনসকলৰ কথাক বিশ্বাস কৰে তথা তেওঁলোকৰ প্ৰতি দয়া কৰে। কিয়নো তেখেতক মুমিনসকলৰ প্ৰতি দয়ালুৰূপে প্ৰেৰণ কৰা হৈছে। যিসকলে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামক কোনো প্ৰকাৰ কষ্ট দিয়ে, সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।
Tevbe 9:62
হে মুমিনসকল! মুনাফিকসকলে তোমালোকক সন্তুষ্ট কৰিবলৈ তোমালোকৰ সন্মুখত শপত খাই কয় যে, সিহঁতে এনেকুৱা কোনো কথা কোৱা নাই, যিটোৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক মানসিকভাৱে কষ্ট দিয়ে। অথচ ঈমান আৰু নেক আমলৰ জৰিয়তে আল্লাহ আৰু তেওঁৰ ৰাছুলক সন্তুষ্ট কৰাটো অধিক প্ৰয়োজন যদি ইহঁত প্ৰকৃত মুমিন।
Tevbe 9:63
এই মুনাফিকসকলে নাজানে নেকি যে, ইহঁতে নিজৰ এনেকুৱা কৰ্মৰ জৰিয়তে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰি আছে? জানি থোৱা! যিয়েই তেওঁলোকৰ বিৰোধিতা কৰিব সি ক্বিয়ামতৰ দিনা চিৰস্থায়ীভাৱে জাহান্নামৰ জুইত প্ৰৱেশ কৰিব। এইটো বৰ ডাঙৰ অপমান।
Tevbe 9:64
মুনাফিকসকলে আশংকা কৰে যে, আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত এনেকুৱা কোনো ছুৰা অৱতীৰ্ণ কৰি দিয়ে নেকি য’ত সিহঁতৰ মনৰ গোপন কুফৰ সম্পৰ্কে মুমিনসকলক অৱগত কৰোৱা হ'ব। হে ৰাছুল! আপুনি কৈ দিয়ক, হে মুনাফিকসকল! তোমালোকে যিমান পাৰা উপলুঙা কৰি থাকা আৰু দ্বীনকলৈ উপহাস কৰা। নিশ্চয় আল্লাহে কোনো ছুৰা অৱতীৰ্ণ কৰি অথবা ৰাছুলক অৱগত কৰাই সেইবোৰ বিষয় স্পষ্ট কৰি দিব, যিবোৰ বিষয় প্ৰকাশ হোৱাক তোমালোকে ভয় কৰা।
Tevbe 9:65
হে ৰাছুল! মুনাফিকসকলে আল্লাহ সম্পৰ্কে কৰা বেয়া মন্তব্য আৰু মুমিনসকলক গালি-শপনি দিয়া সম্পৰ্কে আল্লাহে আপোনাক অৱগত কৰোৱাৰ পিছত যদি আপুনি সিহঁতক এইবোৰৰ বিষয়ে সোধে তেন্তে সিহঁতে ক'বঃ আমি এনেই কৈছিলো আৰু হাঁহি ঠাট্টাহে কৰিছিলো। হে ৰাছুল! আপুনি তেতিয়া সিহঁতক কওঁক যে, উপহাস কৰিবলৈ তোমালোকে আল্লাহ আৰু তেওঁৰ আয়াত আৰু তেওঁৰ ৰাছুলকেই পালা নেকি?
Tevbe 9:66
এতিয়া মিছা বাহানা কৰি লাভ নাই, তোমালোকে উপহাস কৰি নিজৰ গোপন কুফুৰী কাৰ্যক প্ৰকাশ কৰিছা। আমি তোমালোকৰ এটা দলক নিফাকৰ পৰা বিৰত থকাৰ কাৰণে তথা তাওবা কৰাৰ আৰু আল্লাহৰ সৈতে নিষ্ঠা থকাৰ কাৰণে ক্ষমা কৰি দিলেও আনটো দলক ক্ষমা কৰি নিদিওঁ, কিয়নো সিহঁত নিফাকৰ ওপৰত অটল থকাৰ কাৰণে আৰু তাওবা নকৰাৰ কাৰণে শাস্তি ভোগ কৰিব।
Tevbe 9:67
মুনাফিক পুৰুষ তথা মুনাফিক নাৰীসকল সকলোৱে নিফাকৰ ক্ষেত্ৰত একেই শ্ৰেণীৰ আৰু মুমিনসকলৰ পৰিপন্থী। অসৎকৰ্মৰ আদেশ দিয়ে আৰু সৎকৰ্মত বাধা প্ৰদান কৰে। ধন-সম্পদত কৃপণালী কৰে আৰু আল্লাহৰ পথত ব্যয় নকৰে। সিহঁতে আল্লাহৰ আনুগত্য এৰি দিছে, ফলত আল্লাহেও সিহঁতক তাওফীকৰ পৰা বঞ্চিত কৰিছে। নিশ্চয় মুনাফিকসকল আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত হৈছে আৰু সত্যৰ পৰা আঁতৰি গুনাহৰ আৰু ভ্ৰান্ত পথ অৱলম্বন কৰিছে।
Tevbe 9:68
মুনাফিকসকলৰ আৰু কাফিৰসকলৰ মাজৰ যিসকলে তাওবা কৰা নাই, আল্লাহে সিহঁতক জাহান্নামৰ জুইত প্ৰৱেশৰ প্ৰতিশ্ৰুতি দিছে, যত সিহঁত চিৰকাল অৱস্থান কৰিব। শাস্তিৰ বাবে এইটোৱে সিহঁতৰ পক্ষে যথেষ্ট। লগতে আল্লাহে সিহঁতক নিজ ৰহমতৰ পৰা বিতাৰিত কৰিছে, আৰু সিহঁতৰ বাবে আছে ধাৰাবাহিক শাস্তি।
Tevbe 9:69
হে মুনাফিকসকল! কুফৰ আৰু উপহাসৰ ক্ষেত্ৰত তোমালোক সেইসকল মিছলীয়া সম্প্ৰদায়ৰ দৰে যিসকল তোমালোকৰ পূৰ্বে অতিবাহিত হৈছে। সিহঁত শক্তি সামৰ্থত তোমালোকতকৈও শক্তিশালী আছিল, লগতে ধন-সম্পদ আৰু সন্তান-সন্ততিও তোমালোকতকৈ বেছি আছিল। এতেকে সিহঁতে পাৰ্থিৱ জীৱনৰ সুখ-সুবিধাৰ যি অংশ পাবলগীয়া আছিল সেয়া সিহঁতে উপভোগ কৰিছে। হে মুনাফিকসকল! সেইদৰে তোমালোকেও নিজৰ নিৰ্ধাৰিত অংশৰ সুখ সুবিধা উপভোগ কৰিছা। তোমালোকেও সিহঁতৰ দৰেই সত্যক প্ৰত্যাখ্যান কৰিছা আৰু ৰাছুলৰ প্ৰতি অপবাদ দিছা, যিদৰে সিহঁতে সত্য প্ৰত্যাখ্যান কৰিছিল আৰু সিহঁতৰ ৰাছুলসকলক অপবাদ দিছিল। এইবোৰ বেয়া বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰেই আমলসমূহ অথলে গৈছে, কাৰণ সিহঁত আল্লাহৰ লগত কুফৰী কৰিছে। ইহঁতেই প্ৰকৃত ক্ষতিগ্ৰস্ত, যিসকলে নিজক ধ্বংসাত্মক দিশত আগুৱাই লৈ গৈ ধ্বংসপ্ৰাপ্ত হৈছে।
Tevbe 9:70
এইসকল মুনাফিকৰ ওচৰত পূৰ্বৱৰ্তী জাতিসকলৰ, যেনেঃ নূহ আলাইহিছ ছালামৰ জাতি, হূদ আলাইহিছ ছালামৰ জাতি, ছলেহ আলাইহিছ ছালামৰ জাতি, ইব্ৰাহিম আলাইহিছ ছালামৰ জাতি, মাদিয়ানৰ অধিবাসীসকলৰ, লূত আলাইহিছ ছালামৰ জাতিৰ এলেকাৰ খবৰ আহি পোৱা নাইনে, এইবোৰ জাতিৰ ওচৰত সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণ আৰু প্ৰকাশ্য যুক্তি লৈ আগমণ কৰিছিল। এইটো নহয় যে, আল্লাহে সিহঁতৰ ওপৰত অত্যাচাৰ কৰিব বিচাৰিছিল। কিয়নো সিহঁতৰ ৰাছুলসকলে সিহঁতক সাৱধান কৰিছিল। কিন্তু সিহঁতে আল্লাহৰ লগত কুফুৰী কৰি আৰু ৰাছুলসকলক অস্বীকাৰ কৰি নিজৰে অন্যায় কৰিছিল।
Tevbe 9:71
আনহাতে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকল ইজনে সিজনৰ সহায়ক। কিয়নো ঈমানে তেওঁলোকক একত্ৰিত কৰিছে। তেওঁলোকে সৎকৰ্মৰ অৰ্থাৎ আনুগত্যৰ দিশৰ পৰা প্ৰত্যেক সেই কামৰ আদেশ দিয়ে যিটোক আল্লাহে পছন্দ কৰে, যেনেঃ তাওহীদ (একত্ববাদৰ) আৰু ছালাত প্ৰতিষ্ঠা আদিৰ। লগতে অসৎকৰ্মৰ পৰা নিষেধ কৰে অৰ্থাৎ প্ৰত্যেক সেই কামৰ পৰা বিৰত ৰাখে যিটোৰ দ্বাৰা আল্লাহ ক্ৰোধান্বিত হয়, গুনাহৰ মাজত যেনে কুফৰ আৰু সুত আদান প্ৰদান। তেওঁলোকে পৰিপূৰ্ণভাৱে ছালাত প্ৰতিষ্ঠা কৰে, তথা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিধান মতে জীৱন-যাপন কৰে। এওঁলোকেই হৈছে উৎকৃষ্ট বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তি, তেওঁলোককেই আল্লাহে নিজ ৰহমতত প্ৰৱেশ কৰাব। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে, তেওঁ সৃষ্টি, পৰিচালনা আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
Tevbe 9:72
আল্লাহে মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলক ক্বিয়ামতৰ দিনা এনেকুৱা জান্নাতত প্ৰৱেশ কৰোৱাৰ প্ৰতিশ্ৰুতি দিছে, যাৰ অট্টালিকাসমূহৰ তলদেশত নিজৰাসমূহ প্ৰবাহিত, তাত তেওঁলোক চিৰকাল অৱস্থান কৰিব। তাত তেওঁলোকৰ মৃত্যুও নহ'ব আৰু সেই জান্নাতৰ নিয়ামতসমূহো শেষ নহ'ব। লগতে আল্লাহে তেওঁলোকক স্থায়ী জান্নাতৰ বাসস্থানত প্ৰৱেশৰো প্ৰতিশ্ৰুতি দিছে। তেওঁলোকে আল্লাহৰ যি সন্তুষ্টি লাভ কৰিব, সেয়া এই সকলো নিয়ামততকৈ ডাঙৰ। এই প্ৰতিদান, যিটোৰ বিৱৰণ দিয়া হ'ল, ই এনেকুৱা সফলতা যিটোৰ তুলনা আন কোনো সফলতাৰে কৰিব নোৱাৰি।
Tevbe 9:73
হে ৰাছুল! কাফিৰসকলৰ লগত তৰোৱালেৰে যুদ্ধ কৰা আৰু মুনাফিকসকলৰ লগত মৌখিকভাৱে আৰু যুক্তিৰে জিহাদ কৰা, তথা উভয়ৰে ক্ষেত্ৰত কঠোৰ হোৱা। কিয়নো সিহঁত ইয়াৰেই যোগ্য। আৰু ক্বিয়ামতৰ দিনা সিহঁতৰ আবাসস্থল হৈছে জাহান্নাম, আৰু ই বৰ নিকৃষ্ট আবাসস্থল।
Tevbe 9:74
মুনাফিকসকলে আল্লাহৰ মিছা শপত খাই কয় যে, সিহঁতে আপোনাক গালি-শপনি পাৰা নাই তথা ইছলামক কটাক্ষ কৰা নাই, যিবোৰ আপুনি শুনিছে। বাস্তৱতে সিহঁতে কুফুৰীমূলক সেইবোৰ কথা কৈছে, যিবোৰৰ বিষয়ে আপুনি ইতিমধ্যে গম পাইছে। এইদৰে সিহঁতে ঈমান পোষণ কৰাৰ পিছত কুফুৰীত লিপ্ত হৈছে। সিহঁতে নবীৰ হত্যাকো নিশ্চিত কৰিছিল, যিটো সফল হোৱা নাছিল। সিহঁতে সেই বিষয়টোক অস্বীকাৰ কৰিছে যিটোক অস্বীকাৰ কৰা অসম্ভৱ। আল্লাহে সিহঁতক সেই যুদ্ধলব্ধ সম্পদৰ দ্বাৰা লাভান্বিত কৰিছে, যি সম্পদ আল্লাহে নবীক প্ৰদান কৰিছে। এতেকে এতিয়া যদি সিহঁতে নিফাকৰ পৰা তাওবা কৰে তেন্তে সিহঁতৰ পক্ষে এয়া অধিক কল্যাণকৰ হব নিফাকত অটল থকাতকৈ। আনহাতে যদি তাওবাৰ পৰা বিমুখ হয় তেন্তে আল্লাহে পৃথিৱীত সিহঁতক হত্যা আৰু বন্দীৰ দৰে কষ্টদায়ক শাস্তি প্ৰদান কৰিব আৰু আখিৰাতত জুইৰে বেদনাদায়ক শাস্তি বিহিব। এই ক্ষেত্ৰত সিহঁতৰ কোনো সংৰক্ষক তথা সহায়ক নাথাকিব যিয়ে সিহঁতক সহায় কৰিব তথা সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰি মুক্তি প্ৰদান কৰিব।
Tevbe 9:75
মুনাফিকসকলৰ কিছুমানে আল্লাহৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ হৈছে যে, যদি আল্লাহে নিজৰ কৃপাত আমাক সম্পদ প্ৰদান কৰে, তেন্তে আমি অৱশ্যে সেয়া অভাৱীসকলৰ মাজত বন্টন কৰিম আৰু আমি নেক বান্দাসকলৰ অন্তৰ্ভুক্ত হৈ যাম।
Tevbe 9:76
কিন্তু আল্লাহে যেতিয়া নিজ কৃপাত সিহঁতক ধন-সম্পদ প্ৰদান কৰিলে, তেতিয়া সিহঁত আল্লাহৰ লগত কৰা প্ৰতিজ্ঞাৰ পৰা বিমুখ উভতি আহিলে আৰু সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। বৰং কৃপণালী কৰিলে আৰু দান কৰাৰ পৰা নিজকে বিৰত ৰাখিলে। আৰু এনেকৈ বিমুখ হ'ল যে ঈমানহাৰা হৈ গ'ল।
Tevbe 9:77
ফলত ইয়াৰ পৰিণাম স্বৰূপে সিহঁতৰ অন্তৰত ক্বিয়ামত পৰ্যন্ত নিফাক ঢালি দিয়া হ'ল। কিয়নো সিহঁতে সেই প্ৰতিশ্ৰুতি ভঙ্গ কৰিছে যিটো সিহঁতে আল্লাহৰ লগত কৰিছিল। এই কাৰণেও যে সিহঁত আছিল মিছলীয়া।
Tevbe 9:78
এইসকল মুনাফিকে নাজানে নেকি যে, আল্লাহ সেইসমূহ চক্ৰান্ত আৰু ষড়যন্ত্ৰ সম্পৰ্কে অৱগত যিবোৰ সিহঁতে নিজৰ বৈঠকত ৰচনা কৰে। নিশ্চয় আল্লাহ অদৃশ্য সম্পৰ্কে সম্যক অৱগত। এতেকে সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ সিহঁতক সকলো কৰ্মৰ প্ৰতিদান দিব।
Tevbe 9:79
স্বতঃস্ফূৰ্তভাৱে ছাদাক্বা প্ৰদানকাৰী সেইসকল মুমিনৰ প্ৰতি যিসকলে নিজৰ শ্ৰমৰ বাহিৰে একোৱে নাপায় তেওঁলোকৰ কম দান কৰাক কেন্দ্ৰ কৰি সিহঁতে উপহাস কৰি কয়ঃ তোমালোকৰ এই ছাদাক্বাই কি উপকাৰ সাধিব? মুমিনসকলক উপহাস কৰাৰ পৰিণতিত আল্লাহে সিহঁতৰ উপহাস কৰিব, লগতে সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।
Tevbe 9:80
হে ৰাছুল! আপুনি সিহঁতৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক বা নকৰক। যদি আপুনি সিহঁতৰ বাবে সত্তৰ বাৰো ক্ষমা প্ৰাৰ্থনা কৰে তথাপিও সিহঁত আল্লাহৰ ক্ষমাপ্ৰাপ্তিৰ অধিকাৰী হ'ব নোৱাৰে। কিয়নো সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে কুফুৰী কৰিছে। আৰু আল্লাহে সেইসকল লোকক সত্য গ্ৰহণ কৰাৰ তাওফীক নিদিয়ে যিসকলে জানি বুজি ইয়াৰ পৰা আঁতৰি যায়।
Tevbe 9:81
তাবুক যুদ্ধত অংশগ্ৰহণ নকৰা মুনাফিকসকল ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশ উলংঘা কৰি, আল্লাহৰ পথত জিহাদ নকৰাৰ নিজৰ সিদ্ধান্তৰ প্ৰতি আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হ'ল। তথা সিহঁতে মুমিনসকলৰ নিচিনা নিজৰ ধন-সম্পত্তি আৰু প্ৰাণৰ সৈতে জিহাদ কৰাক অপছন্দ কৰিলে, লগতে নিজৰ মুনাফিক ভাতৃসকলকো যুদ্ধৰ পৰা বাধা প্ৰদান কৰি ক'লেঃ ইমান গৰমত তোমালোকে নাযাবা। কাৰণ তাবুক যুদ্ধ প্ৰখৰ গৰমৰ দিনত সংঘটিত হৈছিল। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, জাহান্নামৰ জুই যিটো মুনাফিকসকলৰ অপেক্ষাত আছে, সেই জুই এই গৰমতকৈ অধিক গৰম, যি গৰমক সিহঁতে ভয় কৰি আছে। যদি সিহঁত জানিলেহেঁতেন।
Tevbe 9:82
জিহাদত অংশগ্ৰহণ নকৰা মুনাফিকসকলে ধ্বংসশীল এই পাৰ্থিৱ জীৱনত কম আনন্দ হোৱা উচিত, আনহাতে আখিৰাতৰ চিৰস্থায়ী জীৱনকলৈ অধিক চিন্তা কৰা উচিত। এয়া হৈছে সিহঁতে পাৰ্থিৱ জীৱনত কৰা কুফৰ, গুনাহ আৰু অৱজ্ঞাৰ প্ৰতিফল।
Tevbe 9:83
হে নবী! যদি আল্লাহে আপোনাক এই মুনাফিকসকলৰ কোনোবা এটা দলৰ প্ৰতি দুনাই ঘূৰাই আনে যিসকল নিফাকৰ ওপৰত অটল আছে, আৰু সিহঁতে আপোনাৰ সৈতে আন কোনো এটা যুদ্ধত অংশগ্ৰহণ কৰিব বিচাৰে, তেতিয়া সিহঁতক কৈ দিয়কঃ হে মুনাফিকসকল! তোমালোক কেতিয়াও মোৰ লগত আল্লাহৰ পথত যুদ্ধত অংশগ্ৰহণ কৰিব নোৱাৰা। এইটো হৈছে তোমালোকৰ শাস্তি, লগতে মোৰ লগত উপস্থিত থাকিলে যি ক্ষয়-ক্ষতি হোৱাৰ আশংকা থাকে তাৰ পৰা সাৱধানতা। ইতিপূৰ্বে তোমালোকে তাবুক যুদ্ধত অংশগ্ৰহণ নকৰাক আৰু ঘৰতে বহি থকাক অগ্ৰাধিকাৰ দিছিলা। এতেকে অনাগত দিনতো তোমালোকে সেইসকল লোকৰ লগত ঘৰতে বহি থকা, যিসকলৰ যুদ্ধত অংশগ্ৰহণ কৰা বাঞ্চনীয় নহয়, যেনেঃ বেমাৰী, নাৰী আৰু শিশুসকলৰ লগত।
Tevbe 9:84
হে নবী! এই মুনাফিকসকলৰ কোনোবাই মৃত্যুবৰণ কৰিলে, আপুনি তাৰ জানাযাত অংশগ্ৰহণ নকৰিব আৰু তাৰ কবৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰ বাবেও থিয় নিদিব। কিয়নো সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰিছে, লগতে আল্লাহৰ আনুগত্যৰ পৰা আঁতৰ হৈ মৃত্যুবৰণ কৰিছে। এতেকে যিয়ে এনেকুৱা অৱস্থাত মৃত্যুবৰণ কৰিব তাৰ জানাযা পঢ়া উচিত নহয় আৰু তাৰ বাবে দুআ কৰাও উচিত নহয়।
Tevbe 9:85
হে ৰাছুল! এই মুনাফিকসকলৰ ধন-সম্পত্তি আৰু সন্তান-সন্ততিয়ে যেন আপোনাক আকৰ্ষিত নকৰে। আল্লাহে ইয়াৰ জৰিয়তে সিহঁতক পাৰ্থিৱ জীৱনত শাস্তি বিহিব বিচাৰে, বিভিন্ন বিপদ-আপদ আৰু কঠিন সন্ধিক্ষণৰ দ্বাৰা। লগতে কুফুৰী অৱস্থাত সিহঁতৰ প্ৰাণ হৰণ কৰা হ'ব।
Tevbe 9:86
যেতিয়া আল্লাহে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কোনো ছুৰা অৱতীৰ্ণ কৰে, যত আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাৰ কথা, লগতে আল্লাহৰ পথত জিহাদ কৰাৰ বিধান থাকে, তেতিয়া এই মুনাফিকসকলৰ মাজৰ ধনৱান লোকসকলে অংশগ্ৰহণ নকৰাৰ অনুমতি বিচাৰি কয় যে, আপুনি আমাক যুদ্ধত অংশগ্ৰহণ কৰিবলৈ অক্ষমলোক যেনেঃ দুৰ্বল আৰু অসুস্থ ব্যক্তিসকলৰ লগত এৰি থৈ যাওঁক।
Tevbe 9:87
এই মুনাফিকসকলে নিজৰ বাবে অপমান আৰু লাঞ্ছনাক পছন্দ কৰিছে, সেই কাৰণেই সিহঁতে যুদ্ধত অংশগ্ৰহণ কৰিবলৈ অক্ষম লোকসকলৰ লগত ঘৰতে বহি থকাটোক অগ্ৰাধিকাৰ দিছে। আনহাতে আল্লাহে সিহঁতৰ অন্তৰত কুফৰ আৰু নিফাকৰ বাবে মোহৰ মাৰি দিছে। সেয়ে সিহঁতে নিজৰ কল্যাণকৰ দিশো বুজি নাপায়।
Tevbe 9:88
পক্ষান্তৰে ৰাছুল আৰু মুমিনসকলে এইসকলৰ দৰে জিহাদ ফি ছাবিলিল্লাহৰ পৰা পিছুৱাই থকা নাছিল। বৰং আল্লাহৰ পথত নিজৰ ধন তথা প্ৰাণৰ সৈতে জিহাদ কৰি আছিল। ফলস্বৰূপে আল্লাহে তেওঁলোকক বিজয় আৰু যুদ্ধলব্ধ সম্পদৰূপে পাৰ্থিৱ লাভ প্ৰদান কৰিলে, লগতে আখিৰাতৰো লাভ প্ৰদান কৰিব, যেনে জান্নাতত প্ৰৱেশ কৰাৰ সৌভাগ্য, লক্ষ্যস্থানত উপনীত হোৱাৰ সফলতা, আৰু ভয়ৰ পৰা মুক্তিও ইয়াৰ অন্তৰ্ভুক্ত।
Tevbe 9:89
আল্লাহে তেওঁলোকৰ বাবে এনেকুৱা জান্নাত প্ৰস্তুত কৰি ৰাখিছে, যাৰ অট্টালিকাসমূহৰ তলদেশত নিজৰাসমূহ প্ৰবাহিত। তাত তেওঁলোক চিৰকাল অৱস্থান কৰিব। তাত তেওঁলোকৰ কেতিয়াও মৃত্যু নহব। এইটোৱেই সেই সফলতা, যাৰ সমান আন কোনো সফলতা হ'ব নোৱাৰে।
Tevbe 9:90
মদিনা আৰু ইয়াৰ ওচৰ-চুবুৰীয়া গাওঁৰ পৰা কিছুমান লোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত অনুমতি বিচাৰি আহিলে, যাতে তেওঁ সিহঁতক আল্লাহৰ পথত জিহাদৰ পৰা অব্যাহতি দি ঘৰতে বহি থকাৰ অনুমতি দিয়ে। আনহাতে আন কিছুমান লোকে কোনো অনুমতি নোলোৱাকৈয়ে ঘৰতে বহি থাকিল। সিহঁতৰ এই ব্যৱহাৰৰ কাৰণ আছিল যে, সিহঁতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক বিশ্বাস কৰা নাছিল আৰু আল্লাহৰ ওপৰতো সিহঁতৰ ভৰসা নাছিল। এনেকুৱা প্ৰকৃতিৰ লোকসকলে নিজৰ কুফৰী কাৰ্যৰ কাৰণে কষ্টদায়ক শাস্তি ভোগ কৰিব।
Tevbe 9:91
নাৰী, শিশু, অসুস্থ, বৃদ্ধ, অন্ধ আৰু দুখীয়া মানুহ যিসকলৰ ওচৰত যুদ্ধত ব্যয় কৰিবলৈ একো নাই, এইধৰণৰ লোকসকলে যুদ্ধত অংশগ্ৰহণ নকৰাটো কোনো গুনাহৰ বিষয় নহয়। কিয়নো তেওঁলোকৰ কাৰণসমূহ গ্ৰহণযোগ্য। তেওঁলোকে যদি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বাবে নিষ্ঠাৱান থাকে আৰু চৰীয়তৰ প্ৰতি আমল কৰি থাকে তেন্তে এনেকুৱা উপযুক্ত কাৰণ থকা সত্কৰ্মপৰায়ণ লোকসকলৰ ওপৰত শাস্তি অৱতীৰ্ণ হোৱাৰ কোনো অৱকাশ নাই। আল্লাহে সত্কৰ্মপৰায়ণ লোকসকলৰ গুনাহসমূহ ক্ষমা কৰিব আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰিব।
Tevbe 9:92
তথা হে ৰাছুল! এইদৰে সেইসকল লোকৰ ওপৰতো কোনো গুনাহ নহ'ব, যিসকলে আপোনাৰ ওচৰত বাহন বিচাৰি আগ্ৰহেৰে আহিছিল আৰু আপুনি তেওঁলোকক কৈছিলঃ মই তোমালোকৰ বাবে কোনো বাহনৰ ব্যৱস্থা কৰিবলৈ সক্ষম নহয়, এই শুনি তেওঁলোকে কষ্ট সহিব নোৱাৰি বাধ্য হৈ চকুলো টুকি উভতি গল, কাৰণ তেওঁলোকৰ ওচৰত যুদ্ধত ব্যয় কৰিবলৈ একো নাই আৰু আপোনাৰ ওচৰতো নাই।
Tevbe 9:93
আল্লাহে যেতিয়া সেইসকল লোকৰ বিষয়ে উল্লেখ কৰিলে যিসকলৰ ওচৰত যুদ্ধত অংশগ্ৰহণ নকৰাৰ উচিত কাৰণ আছে, তাৰ পিছতেই সেইসকল লোকৰ কথাও উল্লেখ কৰিছে যিসকলৰ ওচৰত উচিত কাৰণ নাই আৰু সিহঁত শাস্তি তথা দণ্ডপ্ৰাপ্ত। সেয়ে তেওঁ কৈছেঃ শাস্তি তথা জবাবদিহিৰ সন্মুখীন সেইসকল লোক হ'ব, যিসকলে বিনাকাৰণে আপোনাৰ পৰা যুদ্ধত অংশগ্ৰহণ নকৰাৰ অনুমতি বিচাৰে, অথচ সিহঁতৰ ওচৰত যুদ্ধৰ প্ৰস্তুতিৰ সকলো সাধন মজুত আছে লগতে সিহঁত এই ক্ষেত্ৰত পূৰ্ণ সক্ষম। সিহঁতে মহিলাসকলৰ লগত ঘৰতে বহি থকাক অগ্ৰাধিকাৰ দি অপমানক পছন্দ কৰি ললে। তথা আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে। সেয়ে সিহঁতৰ ওপৰত কোনো উপদেশৰ প্ৰভাৱ নপৰে। এই মোহৰৰ কাৰণেই সিহঁতে গম নাপায় যে, কোনটো কাম সিহঁতৰ বাবে কল্যাণকৰ, যিটো কৰিলে সিহঁতৰ বাবে ভাল হ'ব। আৰু কোনটো কাম সিহঁতৰ বাবে ক্ষতিকৰ, যিটো কৰিলে সিহঁতৰ ক্ষতি হ'ব।
Tevbe 9:94
যুদ্ধৰ পৰা পিছুৱাই থকা মুনাফিকসকল যুদ্ধৰ পৰা উভতি অহাৰ সময়ত মুছলিমসকলৰ সন্মুখত দুৰ্বল ওজৰ দাঙি ধৰা পৰিলক্ষিত হয়, ইপিনে আল্লাহে তেওঁৰ নবীক আৰু মুমিনসকলক এইদৰে উত্তৰ দিবলৈ নিৰ্দেশ দিছে যে, তোমালোকে মিছা বাহানা নকৰিবা, তোমালোকে যিবোৰ বিষয় উত্থাপন কৰিছা সেইবোৰ কদাপিও বিশ্বাসযোগ্য নহয়। তোমালোকৰ অন্তৰত থকা সকলো গোপন বিষয় আল্লাহে আমাক অৱগত কৰাইছে। অচিৰেই আল্লাহ আৰু তেওঁৰ ৰাছুলে লক্ষ্য কৰিব, তোমালোকে তাওবা কৰা নে নাই, ফলত আল্লাহে তোমালোকৰ তাওবা কবুল কৰিব, নে তোমালোক নিফাকৰ ওপৰতে অটল থকা। অৱশেষত তোমালোক আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰিবা যিজন সকলো বিষয়ে সৰ্বজ্ঞ। তেওঁ তোমালোকক প্ৰত্যেক সেই বিষয়ে অৱগত কৰাব যিবোৰ তোমালোকে কৰিছিলা। আৰু তেওঁ তোমালোকক প্ৰতিদানো দিব। গতিকে তাওবা আৰু নেক আমলৰ প্ৰতি খৰধৰ কৰা।
Tevbe 9:95
হে মুমিনসকল! যেতিয়া তোমালোকে উভতি আহিবা তেতিয়া যুদ্ধত অংশগ্ৰহণ নকৰা এই মুনাফিকসকলে নিজৰ দাবীক সঁচা প্ৰমাণ কৰিবলৈ আল্লাহৰ মিছা শপত খাব, যাতে তোমালোকে সিহঁতক ভৰ্ত্সনা আৰু নিন্দা কৰাৰ পৰা বিৰত থাকা। এতেকে আপুনি সিহঁতক এৰি দিয়ক, যিদৰে ক্ৰোধান্বিত ব্যক্তিয়ে এৰি দিয়ে, আৰু সিহঁতক ত্যাগ কৰক। সিহঁত অপৱিত্ৰ আৰু নিকৃষ্ট হৃদয়ৰ অধিকাৰী। সিহঁতৰ বাসস্থান য’ত সিহঁতে অৱস্থান কৰিব সেয়া হৈছে জাহান্নাম। এয়া সিহঁতৰ সেই নিফাক আৰু গুনাহৰ পৰিণাম যিবোৰ সিহঁতে কৰিছিল।
Tevbe 9:96
হে মুমিনসকল! যুদ্ধত অংশগ্ৰহণ নকৰা এই মুনাফিকসকলে শপত খাব, যাতে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হোৱা, আৰু সিহঁতৰ ওজৰ স্বীকাৰ কৰা। এতেকে তোমালোক সিহঁতৰ প্ৰতি সন্তুষ্ট নহ'বা। আনহাতে যদি তোমালোক সিহঁতৰ প্ৰতি সন্তুষ্ট হোৱা তেন্তে তোমালোক নিজ প্ৰতিপালকৰ অবাধ্য হ'বা। কিয়নো আল্লাহ সেইসকল লোকৰ প্ৰতি সন্তুষ্ট নহয় যিসকলে নিফাক আৰু কুফৰৰ দ্বাৰা তেওঁৰ আনুগত্যৰ পৰা ওলাই যায়। এতেকে হে মুছলিমসকল! তোমালোক এনেকুৱা লোকৰ প্ৰতি সন্তুষ্টি প্ৰকাশ নকৰিবা, যিসকলৰ প্ৰতি আল্লাহ সন্তুষ্ট নহয়।
Tevbe 9:97
গাৱঁলীয়া মানুহে যদি কুফুৰী কৰে বা নিফাক ৰাখে তেন্তে সিহঁতৰ কুফৰ চহৰীয়া লোকতকৈ অধিক দৃঢ়তৰ হ'ব। লগতে সিহঁতৰ নিফাকো আন আন লোকতকৈ অধিক ঘাতক হ'ব। কাৰণ সিহঁত দ্বীন সম্পৰ্কে নজনাটোৱে স্বভাৱিক। লগতে ফাৰাইজ, ছুনান আৰু আন আন বিধি-বিধান যিবোৰ ৰাছুল ওপৰত অৱতীৰ্ণ হৈছে সেইবোৰ সম্পৰ্কেও জ্ঞান নথকাটো স্বভাৱিক। কিয়নো সিহঁত ৰূঢ়, কঠোৰ আৰু মানুহৰ লগত মেল-মিলাপ নাথাকে। নিশ্চয় আল্লাহ সিহঁতৰ অৱস্থা সম্পৰ্কে অৱগত, তেওঁৰ পৰা একোৱেই গোপন নহয়। তেওঁ ব্যৱস্থাপনাত আৰু বিধান প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
Tevbe 9:98
গাঁৱলীয়া মুনাফিকসকলৰ কিছুমানে ভাৱে যে, আল্লাহৰ পথত ধন ব্যয় কৰাটো হৈছে একপ্ৰকাৰ লোকচান তথা জৰিমনা। সিহঁতৰ ভুল ধাৰণাটো হৈছে এই যে, ব্যয় কৰিলে কোনো ধৰণৰ প্ৰতিদান পোৱা নাযাব। আনহাতে ব্যয় নকৰিলেও আল্লাহে সিহঁতক শাস্তি প্ৰদান নকৰিব। কিন্তু ইয়াৰ পিছতো সিহঁতে কেতিয়াবা কেতিয়াবা মানুহক দেখুৱাবলৈ তথা নিৰাপত্তাৰ বাবে ব্যয় কৰে। হে মুমিনসকল! সিহঁত এই অপেক্ষাত আছে যে, তোমালোকৰ ওপৰত কোনো বিপদ আহক, ফলত সিহঁত তোমালোকৰ পৰা নিজকে ৰক্ষা কৰিব। কিন্তু আল্লাহে সেই বিপদক তথা গম্ভীৰ পৰিণামৰ কালচক্ৰক যিটো সিহঁতে মুমিনসকলৰ বাবে কামনা কৰি আছিল, সেইটো মুমিনসকলৰ পৰিবৰ্তে সিহঁতৰ বাবেই নিৰ্ধাৰণ কৰি দিলে। সিহঁতে যিবোৰ কয়, আল্লাহ সেইবোৰ শ্ৰৱণকাৰী, আৰু সিহঁতৰ গোপন কৰা বিষয় সম্পৰ্কেও তেওঁ সৰ্বজ্ঞ।
Tevbe 9:99
গাঁৱলীয়াসকলৰ মাজত কিছুমান এনেকুৱাও আছে যিসকলে আল্লাহৰ প্ৰতি আৰু ক্বিয়ামত দিৱসৰ প্ৰতি ঈমান পোষণ কৰে। আৰু আল্লাহৰ পথত যি ব্যয় কৰে তাক তেওঁলোকে আল্লাহৰ নৈকট্য লাভৰ মাধ্যম বুলি গণ্য কৰে তথা ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ দুআ আৰু ইস্তিগফাৰ লাভৰ সাধন বুলি ভাৱে। জানি থোৱা! আল্লাহৰ পথত ব্যয় কৰা আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বাবে দুআ কৰাটো হৈছে তেওঁৰ বাবে আল্লাহৰ ওচৰত নৈকট্য লাভৰ অন্যতম কাৰণ। অচিৰেই তেওঁ আল্লাহৰ ওচৰত ইয়াৰ প্ৰতিদান পাব, আল্লাহে তাক তেওঁৰ অসীম ৰহমতত প্ৰৱেশ কৰাব, যাৰ মাজত থাকিব আল্লাহৰ ক্ষমা আৰু তেওঁৰ জান্নাত। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।
Tevbe 9:100
যিসকলে পোন প্ৰথমে ঈমানৰ প্ৰতি আগুৱাই আহিছিল, সেইসকল মুহাজিৰীন যিসকলে নিজৰ ঘৰ-দুৱাৰ আৰু স্বদেশ ত্যাগ কৰি আল্লাহৰ পিনে হিজৰত কৰিছিল, আৰু আনচাৰসকলৰ মাজৰ যিসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সমৰ্থন কৰিছিল আৰু সহায় কৰিছিল, লগতে যিসকলে পোন প্ৰথমে ঈমান পোষণ কৰা মুহাজিৰীন আৰু আনচাৰসকলক ইহছানৰ সৈতে তেওঁলোকৰ কথা, কৰ্ম আৰু বিশ্বাসৰ অনুসৰণ কৰিছিল, আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে। আৰু তেওঁলোকৰ আনুগত্য স্বীকাৰ কৰিছে। আৰু তেওঁলোকেও আল্লাহৰ প্ৰতি সন্তুষ্ট, কাৰণ আল্লাহে তেওঁলোকক মহাপ্ৰতিদান দান কৰিছে। আৰু তেওঁলোকৰ বাবে এনেকুৱা জান্নাত নিৰ্মাণ কৰি থৈছে, যাৰ অট্টালিকাসমূহৰ তলদেশত নদীসমূহ প্ৰবাহিত। তাত তেওঁলোক চিৰস্থায়ী হ'ব। এইটোৱে হৈছে মহা সফলতা।
Tevbe 9:101
গাঁৱলীয়াসকলৰ মাজৰ যিসকলে মদীনাৰ পাৰ্শ্বৱৰ্তী এলেকাত বসবাস কৰে সিহঁতৰ মাজতো কিছুমান মুনাফিক আছে। আনহাতে মদীনাত অৱস্থান কৰা লোকসকলৰ মাজতো আছে কিছুমান মুনাফিক, সিহঁতো নিফাকৰ ওপৰত অটল আছে। হে ৰাছুল! আপুনি সিহঁতক চিনি নাপায়, কিন্তু আল্লাহে ভালদৰেই সিহঁতক চিনি পায়। আল্লাহে সিহঁতক দুবাৰকৈ শাস্তি বিহিব। প্ৰথমে সিহঁতক পৃথিৱীত সিহঁতৰ নিফাক প্ৰকাশ কৰি হত্যা আৰু বন্দী বনাই শাস্তি বিহিব, আৰু দ্বিতীয়বাৰ সিহঁতক কবৰৰ শাস্তি বিহিব। তাৰ পিছত সিহঁতক ক্বিয়ামতৰ দিনা জাহান্নামৰ একেবাৰে নিম্নস্তৰত মহা শাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ'ব।
Tevbe 9:102
তথা মদীনাবাসীসকলৰ মাজত কিছুমান এনেকুৱা লোকো আছিল, যিসকলে কোনো ধৰণৰ অজুহাত নেদেখুৱাকৈ যুদ্ধত অংশগ্ৰহণৰ পৰা বিৰত আছিল। তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে, তেওঁলোকৰ কোনো অজুহাত নাছিল, তেওঁলোকে কোনো মিছা ওজৰো দাঙি ধৰা নাছিল। দৰাচলতে তেওঁলোকে পূৰ্বৱৰ্তী নেক আমলৰ সৈতে যেনে আল্লাহৰ আনুগত্য, তেওঁৰ বিধি-বিধানসমূহক মজবুতভাৱে ধাৰণ কৰা আৰু তেওঁৰ পথত জিহাদ কৰা আদি আমলৰ সৈতে এটা বেয়া কৰ্মৰ সংমিশ্ৰণ ঘটাইছে। তেওঁলোকে আশা পোষণ কৰিছে যে, আল্লাহে তেওঁলোকৰ তাওবা কবুল কৰি তেওঁলোকক ক্ষমা কৰিব। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।
Tevbe 9:103
হে ৰাছুল! আপুনি তেওঁলোকৰ সম্পদৰ যাকাত সংগ্ৰহ কৰক, ইয়াৰ দ্বাৰা আপুনি তেওঁলোকক গুনাহৰ অশুদ্ধতাৰ পৰা পৱিত্ৰ আৰু পৰিশোধিত কৰিব আৰু তেওঁলোকৰ সৎকৰ্মক বিকশিত কৰিব। তথা সেয়া সংগ্ৰহ কৰাৰ পিছত তেওঁলোকৰ বাবে দুআ কৰক, নিশ্চয় আপোনাৰ দুআ তেওঁলোকৰ বাবে প্ৰশান্তিকৰ আৰু সন্তুষ্টিৰ কাৰণ। অৱশ্যে আল্লাহ আপোনাৰ দুআ শ্ৰৱণকাৰী। আৰু তেওঁলোকৰ আমল আৰু নিয়্যত সম্পৰ্কেও অৱগত।
Tevbe 9:104
জিহাদত অংশগ্ৰহণ নকৰা এইসকল লোকে আৰু তাওবাকাৰী লোকসকলে জনা উচিত যে, আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰে। আৰু তেওঁ ছাদাক্বাহ কবুল কৰে, অথচ তেওঁ ইয়াৰ পৰা অমুখাপেক্ষী। লগতে তেওঁ ছাদাক্বাকাৰীক চাদাক্বাৰ বাবত নেকী প্ৰদান কৰে। তেৱেঁই তাওবা কবুলকাৰী, বান্দাসকলৰ তাওবা কবূুল কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে।
Tevbe 9:105
হে ৰাছুল! আপুনি এই জিহাদত অংশগ্ৰহণ নকৰা ব্যক্তিসকলক আৰু নিজৰ গুনাহৰ পৰা তাওবা কৰা ব্যক্তিসকলক কৈ দিয়ক যে, তোমালোকে যিটো কাম কৰিব পৰা নাই তাৰ ক্ষতিপূৰণৰ বাবে তোমালোকে কৰ্ম কৰা, নিষ্ঠাৰ সৈতে আল্লাহৰ বাবে কৰ্ম কৰা আৰু তেওঁক সন্তুষ্ট কৰিব পৰা কৰ্ম কৰা। অৱশ্যে আল্লাহে তেওঁৰ ৰাছুলে আৰু মুমিনসকলে তোমালোকৰ কৰ্ম লক্ষ্য কৰিব। আৰু অতিশীঘ্ৰেই তোমালোকে ক্বিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ পিনে উভতি যাবা যিজন সকলো বিষয়ে অৱগত। তেওঁ তোমালোকৰ প্ৰকাশ্য- অপ্ৰকাশ্য সকলো বিষয়ে জানে। লগতে তোমালোকে পৃথিৱীত কি কৰিছিলা সেইবোৰো তেওঁ তোমালোকক অৱগত কৰাব। আৰু ইয়াৰ প্ৰতিদানো দিব।
Tevbe 9:106
তাবুকৰ যুদ্ধত অংশগ্ৰহণ নকৰা কিছুমান এনেকুৱা লোকো আছে যিসকলে কোনো অজুহাত দাঙি ধৰা নাছিল। তেওঁলোকৰ বিষয়টো আল্লাহৰ ফয়চালা আৰু তেওঁৰ আদেশ নহালৈকে স্থগিত ৰখা হৈছে। আল্লাহে তেওঁলোকৰ বিষয়ে যি ইচ্ছা সেইটোৱে ফয়চালা কৰিব পাৰে। যদি তাওবা নকৰে তেন্তে শাস্তি বিহিব পাৰে, আনহাতে তাওবা কৰিলে তেওঁলোকৰ তাওবা কবুল কৰিব পাৰে। আল্লাহ ভালদৰেই অৱগত, কোন ব্যক্তি তেওঁৰ শাস্তিৰ উপযুক্ত আৰু কোন তেওঁৰ ক্ষমাৰ পাত্ৰ। তেওঁ বিধি-বিধান প্ৰণয়নত আৰু ব্যৱস্থাপনাত মহাপ্ৰজ্ঞাৱান। সেই অংশগ্ৰহণ নকৰা লোক কেইজন হৈছেঃ মুৰাৰাহ বিন ৰাবী, কাআব বিন মালিক, হিলাল বিন উমায়্যাহ।
Tevbe 9:107
মুনাফিকসকলৰ মাজত এনেকুৱা লোকো আছে, যিসকলে এখন মছজিদ নিৰ্মাণ কৰিছিল কিন্তু সেয়া আল্লাহৰ আনুগত্য কৰাৰ বাবে নহয়, বৰং মুছলিমসকলক ক্ষতি কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰিছিল। কুফৰ প্ৰকাশ কৰি মুনাফিকসকলক শক্তিশালি কৰাৰ উদ্দেশ্যে আৰু মুমিনসকলৰ মাজত বিভেদ সৃষ্টি কৰাৰ নিমিত্তে, আৰু মছজিদ নিৰ্মাণৰ পূৰ্বে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিছিল, সিহঁতৰ বাবে প্ৰস্তুতি লোৱাৰ স্থান তথা খাপ পাতি ৰৈ থকাৰ বাবে নিৰ্দিষ্ট ঠাই বনোৱাৰ উদ্দেশ্যে নিৰ্মাণ কৰিছিল। অৱশ্যে এই মুনাফিকসকলে তোমালোকৰ সন্মুখত শপত খাই ক'ব যে, আমাৰ উদ্দেশ্য আছিল কেৱল মুছলিমসকলক সহায় কৰা। জানি থোৱা! আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় সিহঁতৰ এই দাবী মিছলীয়া।
Tevbe 9:108
হে নবী! আপুনি এনেকুৱা মছজিদত ছালাত আদায়ৰ বাবে মুনাফিকসকলৰ আহ্বানত সঁহাৰি নিদিব। কিয়নো কুফৰৰ ওপৰত ভিত্তি কৰি স্থাপিত এই মছজিদতকৈ, কুবা মছজিদ যিটো আৰম্ভণিৰ পৰাই তাক্বৱাৰ ওপৰত স্থাপিত, তাত ছালাত আদায় কৰাটো আপোনাৰ পক্ষে অধিক গুৰুত্ববহন কৰে। কুবা মছজিদত এনেকুৱা কিছুমান লোক আছে যিসকলে অপৱিত্ৰতাৰ পৰা পানীৰ দ্বাৰা আৰু গুনাহৰ পৰা তাওবা আৰু ক্ষমা প্ৰাৰ্থনাৰ জৰিয়তে স্বচ্ছ থকাক পছন্দ কৰে। এতেকে আল্লাহেও অশুদ্ধতা, অপৱিত্ৰতা আৰু পাপ-পঙ্কিলতাৰ পৰা পৱিত্ৰ থকা ব্যক্তিসকলক ভালপায়।
Tevbe 9:109
যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তথা বেছি বেছি নেক কৰ্ম কৰিবলৈ আৰু তেওঁৰ সন্তুষ্টি অৰ্জন কৰিবলৈ তাক্বৱাৰ ওপৰত নিজৰ ভৱনৰ আধাৰশিলা স্থাপন কৰিছে, তেওঁ সেই ব্যক্তিৰ সমান নেকি যিয়ে মুছলিমসকলক ক্ষতি কৰিবলৈ আৰু কুফৰক শক্তিশালী কৰিবলৈ, লগতে মুছলিমসকলৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ মছজিদ নিৰ্মাণ কৰিছে? দুয়ো কেতিয়াও সমান হ'ব নোৱাৰে। প্ৰথম ব্যক্তিৰ ভৱন শক্তিশালী আৰু মজবুত হ'ব, আৰু সেই ভৱন ধ্বংস হোৱাৰ কোনো আশংকা নাই। আনহাতে দ্বিতীয় ব্যক্তিৰ উদাহৰণ সেই ব্যক্তিৰ দৰে, যিয়ে কোনো গৰাখহনীয়াৰ পাৰত ভৱন নিৰ্মাণ কৰিলে আৰু অৱশেষত সেই ভৱন ধ্বংস স্তূপত পৰিণত হৈ জাহান্নামৰ নিম্নস্তৰত খহি পৰিল। প্ৰকৃততে আল্লাহে কুফৰ আৰু নিফাকৰ দ্বাৰা অন্যায় কৰা ব্যক্তিসকলক পোন পথৰ হিদায়ত নিদিয়ে।
Tevbe 9:110
সিহঁতৰ এই মছজিদ, যিটোক সিহঁতে মুছলিমসকলৰ ক্ষতি কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰিছিল, সদায় সেইটো সিহঁতৰ অন্তৰত সন্দেহ আৰু নিফাকৰ ৰূপত প্ৰতিষ্ঠিত হৈ থাকিব, আৰু এই ধাৰাবাহিকতা তেতিয়ালৈকে থাকিব যেতিয়ালৈকে সিহঁত মৃত্যু তথা তৰোৱালৰ দ্বাৰা হত্যা নহ'ব। আল্লাহ তেওঁৰ বান্দাসকলৰ কৰ্ম সম্পৰ্কে অৱগত, আৰু তেওঁ ভাল-বেয়া প্ৰতিদান দিয়াত মহাপ্ৰজ্ঞাৱান।
Tevbe 9:111
নিসন্দেহে আল্লাহে নিজ কৃপাত মুমিনসকলৰ পৰা তেওঁলোকৰ প্ৰাণ অধিক মূল্যত অৰ্থাৎ জান্নাতৰ বিনিময়ত কিনি লৈছে, (যদিও তেওঁলোক আল্লাহৰেই অধীনস্থ)। কিয়নো তেওঁলোকে কাফিৰসকলৰ লগত আল্লাহৰ বাণী সুউচ্চ কৰিবলৈ যুদ্ধ কৰে, তেওঁলোকে কাফিৰসকলক হত্যাও কৰে আৰু সিহঁতৰ হাতত নিজেও নিহত হয়। আল্লাহে ইয়াৰ সত্য প্ৰতিশ্ৰুতি মূছা আলাইহিছ ছালামৰ পুথি তাওৰাতত আৰু ঈছা আলাইহিছ ছালামৰ পুথি ইঞ্জীলত, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পুথি কোৰআনত প্ৰদান কৰিছে। এতেকে আল্লাহতকৈ অধিক প্ৰতিশ্ৰুতি পূৰণকাৰী আন কোনো নাই। গতিকে হে মুমিনসকল! তোমালোকে এই ব্যৱসায়ত আনন্দ প্ৰকাশ কৰা, যিটো তোমালোকে আল্লাহৰ লগত কৰিছা। দৰাচলতে তোমালোকে এই ক্ষেত্ৰত বহুত লাভৱান হৈছা, আৰু এই ব্যৱসায় হৈছে এটা মহাসফলতা।
Tevbe 9:112
এই প্ৰতিফল লাভ কৰা লোকসকল হৈছে সেইসকল, যিসকলে আল্লাহৰ অপছন্দনীয় কৰ্ম পৰিত্যাগ কৰি তেওঁৰ পছন্দনীয় কৰ্মৰ পিনে প্ৰত্যাৱৰ্তন কৰে, আল্লাহৰ ভয়ত বিনয়শীল হৈ তেওঁৰ ইবাদতত মনোযোগ দিয়ে, সদায় নিজ প্ৰতিপালকৰ প্ৰশংসা কৰে, ছওম পালন কৰে, ছালাত আদায় কৰে, আল্লাহ আৰু তেওঁৰ ৰাছুলে দিয়া বিধানৰ মানুহক আদেশ দিয়ে, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলে নিষেধ কৰা বস্তুৰ পৰা মানুহক বিৰত ৰাখে, অনুসৰণৰ দ্বাৰা আল্লাহৰ বিধান সুৰক্ষিত ৰাখে আৰু বিৰত থকাৰ জৰিয়তে তেওঁৰ নিষেধকৃত আদেশ পালন কৰে। হে ৰাছুল! এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলক সেই পুৰষ্কাৰৰ সুসংবাদ দিয়ক, যিটোৱে তেওঁলোকক পৃথিৱী আৰু আখিৰাতত আনন্দিত কৰিব।
Tevbe 9:113
মুশ্বৰিকসকলৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা নবীৰ বাবে উচিত নহয়, আৰু মুমিনসকলৰ বাবেও উচিত নহয়, যদিও সি তেওঁলোকৰ আত্মীয় নহওঁক কিয়। যিহেতু এই কথা স্পষ্ট হৈছে যে, মুশ্বৰিক অৱস্থাত মৃত্যুবৰণকাৰী জাহান্নামীসকলৰ অন্তৰ্ভুক্ত।
Tevbe 9:114
ইব্ৰাহীম আলাইহিছ ছালামে তেওঁৰ পিতৃৰ বাবে কেৱল এই কাৰণে ক্ষমা প্ৰাৰ্থনা কৰিছিল, কিয়নো তেওঁ নিজ পিতৃক প্ৰতিশ্ৰুতি দিছিল যে, তেওঁ তাৰ বাবে আল্লাহৰ ওচৰত অৱশ্যে ক্ষমা প্ৰাৰ্থনা কৰিব, এই আশাত কৈছিল যাতে তেওঁ এই শুনি ইছলাম কবুল কৰে। কিন্তু যেতিয়া ইব্ৰাহীম আলাইহিছ ছালামৰ সন্মুখত এয়া স্পষ্ট হৈ গল যে, তেওঁৰ পিতা আল্লাহৰ শত্ৰু, কাৰণ তেওঁৰ উপদেশত তাৰ কোনো পৰিবৰ্তন দেখা নগল, অথবা তেওঁ অহীৰ জৰিয়তে জ্ঞাত হ'ল যে, তেওঁৰ পিতৃ কাফিৰ অৱস্থাত মৃত্যু হ'ব, ফলত তেওঁ নিজ পিতৃৰ পৰা পৃথক হৈ গ'ল। আৰু তেওঁৰ ক্ষমা প্ৰাৰ্থনাটো আছিল এক প্ৰকাৰ ইজতিহাদ। আল্লাহে তেওঁৰ পিনে অহী কৰা এনেকুৱা কোনো বিধানৰ পৰিপন্থী নাছিল। নিশ্চয় ইব্ৰাহীম আছিল অত্যাধিক বিনয়শীল, আৰু তেওঁৰ অত্যাচাৰী সম্প্ৰদায়ৰ প্ৰতি অধিক ক্ষমাশীল।
Tevbe 9:115
আল্লাহে কোনো সম্প্ৰদায়ক হিদায়তৰ তাওফীক দিয়াৰ পিছত, তেওঁলোকৰ বাবে পথভ্ৰষ্টতাৰ ফয়চালা নকৰে, যেতিয়ালৈকে তেওঁলোকৰ বাবে সেইবোৰ নিষিদ্ধ বস্তু স্পষ্ট কৰি নিদিয়ে, যিবোৰৰ পৰা বিৰত থকা অনিবাৰ্য। কিন্তু হাৰাম বস্তু উল্লেখ কৰাৰ পিছতো যদি সেই সম্প্ৰদায়ৰ লোকসকলে সেইবোৰৰ পৰা বিৰত নাথাকে, তেতিয়াহে সিহঁতৰ ওপৰত পথভ্ৰষ্টতাৰ বিধান জাপি দিয়ে। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। তেওঁৰ পৰা কোনো বিষয় গোপন নহয়। তেৱেঁই তোমালোকক সেইবোৰ বিষয়ে জ্ঞান দিছে, যিবোৰ তোমালোকে জনা নাছিলা।
Tevbe 9:116
নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰ। ইয়াত তেওঁৰ কোনো অংশীদাৰ নাই। আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো বস্তুৱেই তেওঁৰ পৰা গোপন নহয়। তেওঁ যাক জীৱিত কৰিব বিচাৰে, তাক জীৱিত কৰিব পাৰে। আৰু যাক মৃত্যু দিব বিচাৰে তাক মৃত্যুদান কৰিব পাৰে। হে মানৱজাতি! আল্লাহৰ বাহিৰে তোমালোকৰ কোনোবা অভিভাৱক আছে নেকি, যিয়ে তোমালোকৰ কৰ্মৰ তত্বাৱধায়ন কৰিব, আৰু কোনো সহায়ক আছে নেকি, যিয়ে তোমালোকৰ পৰা বিপদ দূৰ কৰিব, শত্ৰুৰ বিপক্ষে সহায় কৰিব।
Tevbe 9:117
আল্লাহে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ তাওবা কবূল কৰিছে, কিয়নো তেওঁ মুনাফিকসকলক তাবুক যুদ্ধত অংশগ্ৰহণ নকৰাৰ অনুমতি প্ৰদান কৰিছিল। তথা মুহাজিৰ আৰু আনচাৰসকলৰো তাওবা কবুল কৰিছে, কাৰণ তেওঁলোক (হে নবী) আপোনাৰ লগ এৰা নাছিল, বৰং তেওঁলোক প্ৰচণ্ড গৰম, আৰ্থিক অনাটন আৰু শক্তিশালী শত্ৰুৰ মুখামুখি হোৱা সত্ত্বেও আপোনাৰ লগত ওলাই পৰিছিল। যদিও এটা দলৰ অন্তৰ বিপৰীত পৰিস্থিতিৰ কাৰণে পৰিবৰ্তন হোৱাৰ উপক্ৰম হৈছিল, আৰু তেওঁলোক যুদ্ধক্ষেত্ৰ ত্যাগ কৰাৰ পণ লৈছিল। কিন্তু আল্লাহে তেওঁলোকক স্থিৰতা প্ৰদান কৰিলে, যুদ্ধৰ বাবে ওলাবলৈ তাওফীক প্ৰদান কৰিলে আৰু তেওঁলোকৰ তাওবা কবূল কৰিলে। নিশ্চয় আল্লাহ তেওঁলোকৰ প্ৰতি অত্যন্ত কৃপাশীল আৰু দয়ালু, তেওঁ অত্যন্ত দয়াৱান কাৰণেই তেওঁলোকক তাওবাৰ তাওফীক প্ৰদান কৰিলে আৰু তেওঁলোকৰ তাওবা কবূল কৰিলে।
Tevbe 9:118
নিশ্চয় আল্লাহে তিন ব্যক্তিৰ অৰ্থাৎ কাআব বিন মালিক, মুৰাৰাহ বিন ৰাবী আৰু হিলাল বিন ইমায়্যাৰো তাওবা কবূল কৰিছে, তাওবাৰ ক্ষেত্ৰত যিসকলক পিছুৱাই ৰখা হৈছিল। তাবুক যুদ্ধত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত অংশগ্ৰহণ নকৰাৰ বাবে তেওঁলোকৰ তাওবা কবুল সংক্ৰান্তী বিষয়টো বিলম্বিত কৰা হৈছিল। ফলত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবাসকলৰ প্ৰতি তেওঁলোকক বয়কট কৰাৰ নিৰ্দেশ জাৰি কৰিছিল, যাৰ ফলত তেওঁলোকেও দুখত আৰু শোকত ভাগি পৰিছিল, আনকি পৃথিৱী আহল বহল হোৱা সত্তেও তেওঁলোকৰ বাবে সংকীৰ্ণ হৈ পৰিছিল। তেওঁলোক ইমান দুশ্চিন্তাত ভুগিছিল যে তেওঁলোকৰ অন্তৰ সংকুচিত হৈ গৈছিল। আৰু তেওঁলোকে নিশ্চিত জ্ঞান পাইছিল যে, আল্লাহৰ বাহিৰে তেওঁলোকৰ আন কোনো আশ্ৰয়স্থল নাই। অৱশেষত আল্লাহে তেওঁলোকৰ প্ৰতি দয়া কৰিলে আৰু তাওবাৰ তাওফীক প্ৰদান কৰিলে, লগতে তেওঁলোকৰ তাওবা কবুল কৰিলে। নিশ্চয় তেওঁ বান্দাসকলৰ তাওবা কবূলকাৰী আৰু তেওঁলোকৰ প্ৰতি দয়ালু।
Tevbe 9:119
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল, আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। লগতে ঈমান আৰু কথা-কৰ্মৰ ক্ষেত্ৰত সত্যবাদীসকলৰ অন্তৰ্ভুক্ত হোৱা, কাৰণ তোমালোকৰ মুক্তি একমাত্ৰ সত্যৰ পথত।
Tevbe 9:120
মদীনাৰ অধিবাসী তথা ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ লোকসকলৰ বাবে জিহাদৰ পৰা পিছুৱাই থকা উচিত নহয়, যেতিয়া স্বয়ং নবী চাল্লাল্লাহু আলাইহি অছাল্লাম জিহাদৰ বাবে ওলাই পৰে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰাণৰ চিন্তা নকৰি নিজৰ প্ৰাণ ৰক্ষা চিন্তা কৰাও তেওঁলোকৰ বাবে উচিত নহয়। বৰং তেওঁৰ প্ৰাণ ৰক্ষা কৰিবলৈ নিজৰ প্ৰাণ আহুতি দিয়াটো তেওঁলোকৰ কৰ্তব্য। কিয়নো আল্লাহৰ পথত তেওঁলোকে যি কষ্টই সহ্য কৰিব, যেনে- পিয়াঁহ, ক্লান্ত অথবা ভোক, তথা তেওঁলোক যি স্থানতেই অৱস্থান নকৰক কিয়, যত অৱস্থান কৰিলে কাফিৰসকলৰ ক্ৰোধ বৃদ্ধি পায়, লগতে তেওঁলোকে কোনো শত্ৰুক হত্যা, বন্দী অথবা পৰাজিত কৰে, ইয়াৰ বিনিময়ত আল্লাহে তেওঁলোকৰ বাবে গ্ৰহণযোগ্য সৎকৰ্মৰ ছোৱাব প্ৰদান কৰে। নিশ্চয় আল্লাহে সৎকৰ্মীসকলৰ প্ৰতিফল বিনষ্ট নকৰে। বৰং তেওঁলোকক পৰিপূৰ্ণ প্ৰতিফল দিয়ে, আনকি তাতকৈও বৃদ্ধি কৰি দিয়ে।
Tevbe 9:121
তেওঁলোকে যি ধন ব্যয় কৰে, কম হওঁক বা বেছি, লগতে তেওঁলোকে যি উপত্যকাই অতিক্ৰম কৰে, তেওঁলোকৰ এই ধন ব্যয় আৰু ভ্ৰমণৰ বিনিময়ত আল্লাহে প্ৰতিদান লিপিবদ্ধ কৰে। যাতে আল্লাহে আখিৰাতত তেওঁলোকে কৰা কৰ্মৰ উত্তম প্ৰতিদান দিব পাৰে।
Tevbe 9:122
মুমিনসকলৰ আটায়ে একেলগে যুদ্ধত অংশগ্ৰহণ কৰা উচিত নহয়, যাতে শত্ৰু পক্ষই আক্ৰমণ কৰি তেওঁলোকক নিধন কৰি বিজয় লাভ কৰিব নোৱাৰে। তেওঁলোকৰ এটা দল জিহাদত অংশগ্ৰহণ কৰা উচিত আৰু আনটো দল নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত থকা উচিত। যাতে তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত থাকি কোৰআন আৰু চৰীয়তৰ বিধি-বিধান শিকে আৰু সেয়া নিজ গোত্ৰক অৱগত কৰায়, আৰু তেওঁলোকে যি শিকিছে তাৰ জৰিয়তে নিজ গোত্ৰীয় লোকসকলক সাৱধান কৰা উচিত। যাতে তেওঁলোকে আল্লাহৰ আদেশসমূহ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে। এই আয়াতটো সেইসকল সৈন্যবাহিনীৰ ক্ষেত্ৰত অৱতীৰ্ণ হৈছে যিসকলক নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ওচৰৰ অঞ্চলবোৰত প্ৰেৰণ কৰিছিল, আৰু তাৰ বাবে তেখেতে চাহাবাসকলৰ এটা দল নিৰ্বাচিত কৰিছিল।
Tevbe 9:123
আল্লাহে মুমিনসকলক সেইসকল কাফিৰৰ লগত যুদ্ধ কৰাৰ নিৰ্দেশ দিছে, যিসকল তেওঁলোকৰ পাৰ্শ্বৱৰ্তী এলেকাত থাকে। কিয়নো সিহঁত ওচৰত থকাৰ বাবে মুমিনসকলৰ কাৰণে অধিক ভয়াৱহ। লগতে সিহঁতৰ সন্ত্ৰাস দমন কৰিবলৈ আৰু সিহঁতৰ ষড়যন্ত্ৰক নিৰ্মূল কৰিবলৈ মুছলিমসকলক শক্তি আৰু কঠোৰতা দেখুৱাবলৈ আদেশ দিয়া হৈছে। দৰাচলতে আল্লাহৰ সহায় আৰু সমৰ্থন সেইসকল লোকৰ লগত থাকে যিসকলে তেওঁৰ তাক্বৱা অৱলম্বন কৰে।
Tevbe 9:124
যেতিয়া আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কোনো ছুৰা অৱতীৰ্ণ কৰে, তেতিয়া মুনাফিকসকলৰ কিছুমানে উপহাস কৰি কয় যে, এই অৱতীৰ্ণ হোৱা ছুৰাটোৱে মুহাম্মদ লৈ অহা চৰীয়তৰ কাৰ ঈমান বৃদ্ধি কৰিলে? প্ৰকৃত সত্য এই যে, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে আৰু তেওঁৰ নবীক সত্য বুলি স্বীকাৰ কৰে, এই ছুৰাই তেওঁলোকৰ পূৰ্বৰ ঈমানক আৰু বৃদ্ধি কৰি দিয়ে, আৰু অহী অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰতো তেওঁলোক আনন্দিত। কাৰণ তাত তেওঁলোকৰ বাবে পৃথিৱী আৰু আখিৰাতৰ উপকাৰ নিহিত আছে।
Tevbe 9:125
আনহাতে মুনাফিকসকলৰ বিষয়টো হৈছে এনেকুৱা, আহকাম আৰু পূৰ্বে অতিবাহিত হোৱা জাতিসমূহৰ বিৱৰণী দিয়া এই কোৰআন অৱতীৰ্ণই সিহঁতৰ ব্যাধি আৰু নিকৃষ্ট মানসিকতা অধিক বৃদ্ধি কৰে, কিয়নো সিহঁতে ইয়াক অস্বীকাৰ কৰে। এতেকে যিদৰে ধাৰাবাহিক ভাৱে কোৰআন অৱতীৰ্ণ হয়, ক্ৰমে সিহঁতৰো আন্তৰিক ব্যাধি বৃদ্ধি পাই থাকে। কাৰণ যেতিয়াই কোনো বিষয়ে আয়াত অৱতীৰ্ণ হয় তেতিয়াই সিহঁতে তাত সন্দেহ পোষণ কৰে, ফলত কুফুৰী অৱস্থাতেই সিহঁতৰ মৃত্যু হয়।
Tevbe 9:126
এই মুনাফিকসকলে গমি নাচায় নেকি যে, আল্লাহে প্ৰত্যেক বছৰ এবাৰ অথবা দুবাৰকৈ সিহঁতক সংকটত পেলাই আৰু সিহঁতৰ নিফাকৰ গোপন তথ্য প্ৰকাশ কৰি সিহঁতক পৰীক্ষা কৰে? এইবোৰ আল্লাহেই কৰে , এই কথা সিহঁতে জনাৰ পিছতো কুফুৰী কাৰ্যৰ পৰা তাওবা নকৰে আৰু নিফাকৰ পৰা বিৰত নাথাকে। লগতে সিহঁতৰ লগত সংঘটিত হোৱা সেই ঘটনাবোৰৰ পৰাও সিহঁতে শিক্ষা নলয়, আৰু এইবোৰ যে আল্লাহৰ ফালৰ পৰা সংঘটিত হয় এই কথাও ভাৱি নাচায়।
Tevbe 9:127
আল্লাহে যেতিয়া তেওঁৰ ৰাছুলৰ ওপৰত কোনো ছুৰা অৱতীৰ্ণ কৰে, য'ত মুনাফিকসকলৰ অৱস্থা সম্পৰ্কে বৰ্ণনা থাকে, তেতিয়া কিছুমান মুনাফিকে পৰস্পৰে পৰস্পৰৰ পিনে চাই কয়ঃ তোমালোকক কোনোবাই দেখি আছে নেকি, যদি কোনোবাই দেখা নাই তেন্তে তৎক্ষণাত সেই বৈঠকৰ পৰা পলায়ন কৰে। জানি থোৱা! আল্লাহে সিহঁতৰ অন্তৰক হিদায়ত আৰু কল্যাণৰ পৰা আঁতৰাই দিছে। লগতে সিহঁতক সিহঁতৰ অৱস্থাত এৰি দিছে, কিয়নো সিহঁত হৈছে বিবেক-বুদ্ধি নথকা সম্প্ৰদায়।
Tevbe 9:128
হে আৰববাসী! তোমালোকৰ মাজৰ পৰাই এজন ৰাছুল তোমালোকৰ ওচৰত আহিছে। তেওঁ তোমালোকৰ দৰেই এজন আৰবীয়ান। তোমালোকৰ কষ্টই তেওঁক কষ্ট অনুভৱ কৰায়। তেওঁ তোমালোকৰ হিদায়তৰ খুবেই ইচ্ছুক, লগতে তোমালোকৰ প্ৰতি অতি যত্নৱান। বিশেষকৈ মুমিনসকলৰ প্ৰতি অতি কৃপাশীল তথা দয়ালু।
Tevbe 9:129
এতেকে যদি সিহঁতে বিমুখ হয় আৰু আপুনি লৈ অহা চৰীয়তৰ প্ৰতি ঈমান পোষণ নকৰে তেন্তে হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, আল্লাহেই মোৰ বাবে যথেষ্ট। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। সেই একক আল্লাহৰ প্ৰতি মই ভৰসা কৰিছো। তেওঁ পৱিত্ৰ, মহাসিংহাসনৰ গৰাকী।