Assamese Abridged Explanation of the Quran — Yunus 10:1 – Ra'd 13:43
Contents
- Yunus 10:1
- Yunus 10:2
- Yunus 10:3
- Yunus 10:4
- Yunus 10:5
- Yunus 10:6
- Yunus 10:7
- Yunus 10:8
- Yunus 10:9
- Yunus 10:10
- Yunus 10:11
- Yunus 10:12
- Yunus 10:13
- Yunus 10:14
- Yunus 10:15
- Yunus 10:16
- Yunus 10:17
- Yunus 10:18
- Yunus 10:19
- Yunus 10:20
- Yunus 10:21
- Yunus 10:22
- Yunus 10:23
- Yunus 10:24
- Yunus 10:25
- Yunus 10:26
- Yunus 10:27
- Yunus 10:28
- Yunus 10:29
- Yunus 10:30
- Yunus 10:31
- Yunus 10:32
- Yunus 10:33
- Yunus 10:34
- Yunus 10:35
- Yunus 10:36
- Yunus 10:37
- Yunus 10:38
- Yunus 10:39
- Yunus 10:40
- Yunus 10:41
- Yunus 10:42
- Yunus 10:43
- Yunus 10:44
- Yunus 10:45
- Yunus 10:46
- Yunus 10:47
- Yunus 10:48
- Yunus 10:49
- Yunus 10:50
- Yunus 10:51
- Yunus 10:52
- Yunus 10:53
- Yunus 10:54
- Yunus 10:55
- Yunus 10:56
- Yunus 10:57
- Yunus 10:58
- Yunus 10:59
- Yunus 10:60
- Yunus 10:61
- Yunus 10:62
- Yunus 10:63
- Yunus 10:64
- Yunus 10:65
- Yunus 10:66
- Yunus 10:67
- Yunus 10:68
- Yunus 10:69
- Yunus 10:70
- Yunus 10:71
- Yunus 10:72
- Yunus 10:73
- Yunus 10:74
- Yunus 10:75
- Yunus 10:76
- Yunus 10:77
- Yunus 10:78
- Yunus 10:79
- Yunus 10:80
- Yunus 10:81
- Yunus 10:82
- Yunus 10:83
- Yunus 10:84
- Yunus 10:85
- Yunus 10:86
- Yunus 10:87
- Yunus 10:88
- Yunus 10:89
- Yunus 10:90
- Yunus 10:91
- Yunus 10:92
- Yunus 10:93
- Yunus 10:94
- Yunus 10:95
- Yunus 10:96
- Yunus 10:97
- Yunus 10:98
- Yunus 10:99
- Yunus 10:100
- Yunus 10:101
- Yunus 10:102
- Yunus 10:103
- Yunus 10:104
- Yunus 10:105
- Yunus 10:106
- Yunus 10:107
- Yunus 10:108
- Yunus 10:109
- Hud 11:1
- Hud 11:2
- Hud 11:3
- Hud 11:4
- Hud 11:5
- Hud 11:6
- Hud 11:7
- Hud 11:8
- Hud 11:9
- Hud 11:10
- Hud 11:11
- Hud 11:12
- Hud 11:13
- Hud 11:14
- Hud 11:15
- Hud 11:16
- Hud 11:17
- Hud 11:18
- Hud 11:19
- Hud 11:20
- Hud 11:21
- Hud 11:22
- Hud 11:23
- Hud 11:24
- Hud 11:25
- Hud 11:26
- Hud 11:27
- Hud 11:28
- Hud 11:29
- Hud 11:30
- Hud 11:31
- Hud 11:32
- Hud 11:33
- Hud 11:34
- Hud 11:35
- Hud 11:36
- Hud 11:37
- Hud 11:38
- Hud 11:39
- Hud 11:40
- Hud 11:41
- Hud 11:42
- Hud 11:43
- Hud 11:44
- Hud 11:45
- Hud 11:46
- Hud 11:47
- Hud 11:48
- Hud 11:49
- Hud 11:50
- Hud 11:51
- Hud 11:52
- Hud 11:53
- Hud 11:54
- Hud 11:55
- Hud 11:56
- Hud 11:57
- Hud 11:58
- Hud 11:59
- Hud 11:60
- Hud 11:61
- Hud 11:62
- Hud 11:63
- Hud 11:64
- Hud 11:65
- Hud 11:66
- Hud 11:67
- Hud 11:68
- Hud 11:69
- Hud 11:70
- Hud 11:71
- Hud 11:72
- Hud 11:73
- Hud 11:74
- Hud 11:75
- Hud 11:76
- Hud 11:77
- Hud 11:78
- Hud 11:79
- Hud 11:80
- Hud 11:81
- Hud 11:82
- Hud 11:83
- Hud 11:84
- Hud 11:85
- Hud 11:86
- Hud 11:87
- Hud 11:88
- Hud 11:89
- Hud 11:90
- Hud 11:91
- Hud 11:92
- Hud 11:93
- Hud 11:94
- Hud 11:95
- Hud 11:96
- Hud 11:97
- Hud 11:98
- Hud 11:99
- Hud 11:100
- Hud 11:101
- Hud 11:102
- Hud 11:103
- Hud 11:104
- Hud 11:105
- Hud 11:106
- Hud 11:107
- Hud 11:108
- Hud 11:109
- Hud 11:110
- Hud 11:111
- Hud 11:112
- Hud 11:113
- Hud 11:114
- Hud 11:115
- Hud 11:116
- Hud 11:117
- Hud 11:118
- Hud 11:119
- Hud 11:120
- Hud 11:121
- Hud 11:122
- Hud 11:123
- Yusuf 12:1
- Yusuf 12:2
- Yusuf 12:3
- Yusuf 12:4
- Yusuf 12:5
- Yusuf 12:6
- Yusuf 12:7
- Yusuf 12:8
- Yusuf 12:9
- Yusuf 12:10
- Yusuf 12:11
- Yusuf 12:12
- Yusuf 12:13
- Yusuf 12:14
- Yusuf 12:15
- Yusuf 12:16
- Yusuf 12:17
- Yusuf 12:18
- Yusuf 12:19
- Yusuf 12:20
- Yusuf 12:21
- Yusuf 12:22
- Yusuf 12:23
- Yusuf 12:24
- Yusuf 12:25
- Yusuf 12:26
- Yusuf 12:27
- Yusuf 12:28
- Yusuf 12:29
- Yusuf 12:30
- Yusuf 12:31
- Yusuf 12:32
- Yusuf 12:33
- Yusuf 12:34
- Yusuf 12:35
- Yusuf 12:36
- Yusuf 12:37
- Yusuf 12:38
- Yusuf 12:39
- Yusuf 12:40
- Yusuf 12:41
- Yusuf 12:42
- Yusuf 12:43
- Yusuf 12:44
- Yusuf 12:45
- Yusuf 12:46
- Yusuf 12:47
- Yusuf 12:48
- Yusuf 12:49
- Yusuf 12:50
- Yusuf 12:51
- Yusuf 12:52
- Yusuf 12:53
- Yusuf 12:54
- Yusuf 12:55
- Yusuf 12:56
- Yusuf 12:57
- Yusuf 12:58
- Yusuf 12:59
- Yusuf 12:60
- Yusuf 12:61
- Yusuf 12:62
- Yusuf 12:63
- Yusuf 12:64
- Yusuf 12:65
- Yusuf 12:66
- Yusuf 12:67
- Yusuf 12:68
- Yusuf 12:69
- Yusuf 12:70
- Yusuf 12:71
- Yusuf 12:72
- Yusuf 12:73
- Yusuf 12:74
- Yusuf 12:75
- Yusuf 12:76
- Yusuf 12:77
- Yusuf 12:78
- Yusuf 12:79
- Yusuf 12:80
- Yusuf 12:81
- Yusuf 12:82
- Yusuf 12:83
- Yusuf 12:84
- Yusuf 12:85
- Yusuf 12:86
- Yusuf 12:87
- Yusuf 12:88
- Yusuf 12:89
- Yusuf 12:90
- Yusuf 12:91
- Yusuf 12:92
- Yusuf 12:93
- Yusuf 12:94
- Yusuf 12:95
- Yusuf 12:96
- Yusuf 12:97
- Yusuf 12:98
- Yusuf 12:99
- Yusuf 12:100
- Yusuf 12:101
- Yusuf 12:102
- Yusuf 12:103
- Yusuf 12:104
- Yusuf 12:105
- Yusuf 12:106
- Yusuf 12:107
- Yusuf 12:108
- Yusuf 12:109
- Yusuf 12:110
- Yusuf 12:111
- Ra'd 13:1
- Ra'd 13:2
- Ra'd 13:3
- Ra'd 13:4
- Ra'd 13:5
- Ra'd 13:6
- Ra'd 13:7
- Ra'd 13:8
- Ra'd 13:9
- Ra'd 13:10
- Ra'd 13:11
- Ra'd 13:12
- Ra'd 13:13
- Ra'd 13:14
- Ra'd 13:15
- Ra'd 13:16
- Ra'd 13:17
- Ra'd 13:18
- Ra'd 13:19
- Ra'd 13:20
- Ra'd 13:21
- Ra'd 13:22
- Ra'd 13:23
- Ra'd 13:24
- Ra'd 13:25
- Ra'd 13:26
- Ra'd 13:27
- Ra'd 13:28
- Ra'd 13:29
- Ra'd 13:30
- Ra'd 13:31
- Ra'd 13:32
- Ra'd 13:33
- Ra'd 13:34
- Ra'd 13:35
- Ra'd 13:36
- Ra'd 13:37
- Ra'd 13:38
- Ra'd 13:39
- Ra'd 13:40
- Ra'd 13:41
- Ra'd 13:42
- Ra'd 13:43
Yunus 10:1
(আলিফ-লাম-ৰা) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। এই ছুৰাত তিলাৱত কৰা এই আয়াতসমূহ হৈছে সুদৃঢ় আৰু মজবুত কোৰআনৰ আয়াত, যিবোৰ হিকমত আৰু বিধান আধাৰিত।
Yunus 10:2
মানুহৰ বাবে এয়া আচৰিত বিষয় নেকি যে আমি সিহঁতৰ জাতিৰেই এজনক এই আদেশ প্ৰদান কৰি অহী প্ৰেৰণ কৰিছো যে, মানুহক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰা। আৰু হে ৰাছুল! যিসকলে ঈমান আনিছে আপুনি তেওঁলোকক এই আনন্দদায়ক সুসংবাদ দি দিয়ক যে, তেওঁলোকে যি সৎকৰ্ম আগলৈ প্ৰেৰণ কৰিছে, তাৰ প্ৰতিফল স্বৰূপে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ বাবে আছে উচ্চ মৰ্যাদা। কাফিৰসকলে কয়ঃ নিশ্চয় এই ব্যক্তি যিয়ে এই আয়াতসমূহ লৈ আহিছে, তেওঁ এজন প্ৰকাশ্য যাদুকৰ।
Yunus 10:3
হে আশ্চৰ্যকাৰীসকল! নিশ্চয় তোমালোকৰ প্ৰতিপালক সেই আল্লাহ, যিয়ে বিশাল আকাশ আৰু প্ৰশস্ত পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত আৰছত উঠিছে। তেন্তে তোমালোকে নিজৰ মাজৰেই এজন ৰাছুল প্ৰেৰণক লৈ কিয় আশ্চৰ্য প্ৰকাশ কৰি আছা? তেওঁ অকলেই তেওঁৰ প্ৰশস্ত ৰাজত্বত নিৰ্ণয় লয় আৰু ফয়চালা কৰে। তেওঁৰ অনুমতি আৰু তেওঁৰ সন্তুষ্টি নোহোৱাকৈ তেওঁৰ ওচৰত কোনেও মধ্যস্ততা কৰিব নোৱাৰে। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী সত্তাই হৈছে তোমালোকৰ প্ৰতিপালক আল্লাহ। এতেকে নিষ্ঠা সহকাৰে কেৱল তেওঁৰেই ইবাদত কৰা। তেওঁৰ একত্ববাদ প্ৰমাণ কৰা যুক্তি আৰু প্ৰমাণবোৰৰ জৰিয়তে তোমালোকে শিক্ষা গ্ৰহণ নকৰানে? যাৰ ভিতৰত কিঞ্চিত পৰিমাণেও শিক্ষা গ্ৰহণ কৰাৰ শক্তি আছে, তেওঁ ইয়াক বুজি পাব আৰু আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব।
Yunus 10:4
ক্বিয়ামতৰ দিনা তোমালোক তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰিব লাগিব, যাতে তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিফল দিব পাৰে। আল্লাহে মানুহক ইয়াৰ সত্য প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, যিটো তেওঁ কেতিয়াও ভঙ্গ নকৰিব। নিশ্চয় তেওঁ এয়া কৰিবলৈ সক্ষম। তেওঁ পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টিৰ শুভাৰম্ভ কৰিছে, আৰু তেওঁ মৃত্যুৰ পিছতো পুনৰ্জীৱিত কৰিব, যাতে সেইসকল লোকক ন্যায়ৰ সৈতে প্ৰতিফল প্ৰদান কৰিব পাৰে, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। তেওঁ সিহঁতৰ নেকীও হ্ৰাস নকৰিব আৰু গুনাহো বৃদ্ধি নকৰিব। যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, এই অস্বীকাৰৰ ফল স্বৰূপে সিহঁতৰ বাবে থাকিব উতলা পানী, যি পানীয়ে সিহঁতৰ নাড়ী-ভুঁৰু ছিন্ন-বিচ্ছিন্ন কৰি পেলাব, তথা সিহঁতৰ বাবে থাকিব কষ্টদায়ক শাস্তি।
Yunus 10:5
তেৱেঁই সূৰ্যক দীপ্তিৰ ভাণ্ডাৰ বনাইছে, যিয়ে আলো প্ৰসাৰিত কৰে। আৰু চন্দ্ৰক বনাইছে জ্যোতিৰ্ময়, যাৰ পৰা পোহৰ পোৱা যায়। লগতে চন্দ্ৰৰ বাবে আঠাইছ মঞ্জিল নিৰ্দিষ্ট কৰি তাৰ গতি নিৰ্ধাৰণ কৰিছে। জনা উচিত যে, মঞ্জিলৰ দ্বাৰা সেই নিৰ্দিষ্ট সময়ক বুজোৱা হৈছে, যিটো চন্দ্ৰই অতিক্ৰম কৰিবলৈ এদিন এৰাতি সময় লাগে। হে মানৱজাতি! এইবোৰৰ উদ্দেশ্য হৈছে যাতে তোমালোকে সূৰ্যৰ সহায়ত দিন গণনা কৰিব পাৰা, আনহাতে চন্দ্ৰৰ দ্বাৰা মাহ আৰু বছৰৰ হিচাপ ৰাখিব পাৰা। আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী, লগতে ইয়াৰ মাজত থকা সকলো বস্তু সত্যৰ সৈতে সৃষ্টি কৰিছে। যাতে মানুহক তেওঁৰ ক্ষমতা আৰু মহানতা দৰ্শন কৰাব পাৰে। আল্লাহে তেওঁৰ একত্বৰ এই স্পষ্ট প্ৰমাণ আৰু উজ্জ্বল যুক্তিবোৰক এনেকুৱা লোকৰ বাবে বিস্তাৰিত বৰ্ণনা কৰি আছে, যিসকলে ইয়াৰ দ্বাৰা তেওঁৰ একত্ব প্ৰমাণ কৰিব বিচাৰে।
Yunus 10:6
নিশ্চয় বান্দাসকলৰ বাবে দিন ৰাতিৰ আৱৰ্তনত আৰু ইয়াৰ ফলত হোৱা অন্ধকাৰ আৰু পোহৰৰ মাজত, লগতে দিন-ৰাতি সৰু ডাঙৰ হোৱাৰ মাজত, আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো সৃষ্টিৰ মাজত, সেইসকল লোকৰ বাবে আল্লাহৰ ক্ষমতা দৰ্শোৱামূলক নিদৰ্শন আছে, যিসকলে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে।
Yunus 10:7
নিশ্চয় কাফিৰসকলে আল্লাহৰ সাক্ষাৎ প্ৰত্যাশা নকৰে যে ফলত তেওঁক ভয় কৰিব আৰু তেওঁৰ সাক্ষাৎ কামনা কৰিব। তথা সিহঁত আখিৰাতৰ চিৰস্থায়ী জীৱনৰ পৰিবৰ্তে পৃথিৱীৰ ক্ষন্তেকীয়া জীৱনক লৈয়ে সন্তুষ্ট। এই জীৱনকলৈ সন্তুষ্ট হৈ সিহঁত আনন্দিত। সিহঁত আল্লাহৰ নিদৰ্শন আৰু তেওঁৰ প্ৰমাণসমূহৰ পৰা বিমুখ হয় আৰু ইয়াৰ প্ৰতি নিজৰ বিবেক নখটোৱায়।
Yunus 10:8
এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰ ঠিকনা, যত সিহঁতে অৱস্থান কৰিব সেয়া হৈছে জাহান্নাম। কাৰণ সিহঁতে কুফুৰী কৰিছে আৰু ক্বিয়ামতক অস্বীকাৰ কৰিছে।
Yunus 10:9
নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু নেক আমল কৰিছে, আল্লাহে তেওঁলোকক হিদায়তৰ আৰু এনেকুৱা সৎকৰ্মৰ তাওফীক প্ৰদান কৰিব যিটো তেওঁৰ সন্তুষ্টিৰ পিনে লৈ যায়। ফলত আল্লাহে তেওঁলোকৰ ঈমান বিনিময়ত তেওঁলোকক ক্বিয়ামতৰ দিনা চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলদেশত নদীসমূহ প্ৰবাহিত।
Yunus 10:10
জান্নাতত তেওঁলোকৰ প্ৰাৰ্থনা হ'ব আল্লাহৰ তছবীহ আৰু তাক্বদীছ (অৰ্থাৎ আল্লাহৰ প্ৰশংসা আৰু পৱিত্ৰতা), তথা তেওঁলোকৰ বাবে আল্লাহৰ, ফিৰিস্তাসকলৰ আৰু তেওঁলোকৰ পৰস্পৰে পৰস্পৰৰ বাবে অভিবাদন হ'ব ছালাম। তথা তেওঁলোকৰ প্ৰাৰ্থনাৰ সমাপ্তি হ'ব সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ প্ৰশংসাৰ জৰিয়তে।
Yunus 10:11
যদি মহান আল্লাহে মানুহৰ ক্ৰোধৰ সময়ত সিহঁতে নিজৰ বাবে কৰা বদ্দুআ বা নিজৰ সন্তানৰ বাবে অথবা সম্পত্তিৰ বিৰুদ্ধে কৰা বদ্দুআ লগে লগে কবুল কৰে, যিদৰে তেওঁ সিহঁতৰ কল্যাণৰ দুআসমূহ লগে লগে কবুল কৰে, তেন্তে সিহঁত ধ্বংস হলেহেঁতেন। কিন্তু আল্লাহে সিহঁতক অৱকাশ দিয়ে। এতেকে তেওঁ সিহঁতক এৰি দিয়ে যিসকলে তেওঁৰ সাক্ষাতৰ অপেক্ষাত নাই, কিয়নো সিহঁত শাস্তিকো ভয় নকৰে আৰু ছোৱাবৰো আশা নকৰে। যিসকলে হিচাপ দিৱস সম্পৰ্কে সংশয়ত আছে সিহঁতক তেওঁ দোদুল্যমান অৱস্থাত এৰি দিয়ে।
Yunus 10:12
যেতিয়া এনেকুৱা কোনো ব্যক্তি যিয়ে নিজৰ ওপৰত অন্যায় কৰিছে, সি যেতিয়া কোনো বিপদ-আপদ অথবা বেমাৰৰ সন্মুখীন হয়, তেতিয়া সি পূৰ্ণ বিনম্ৰতা আৰু বিনয়ৰ সৈতে শুই শুই বা বহি বহি অথবা থিয় অৱস্থাত আমাৰ ওচৰত প্ৰাৰ্থনা কৰে, এই আশাত যে, যি বিপদত সি আক্ৰান্ত হৈছে তাৰ পৰা যাতে ৰক্ষা পায়। এতেকে যেতিয়া আমি তাৰ প্ৰাৰ্থনা স্বীকাৰ কৰি লওঁ আৰু তাৰ বিপদ দূৰ কৰি দিওঁ, তেতিয়া সি আকৌ পূৰণি স্বভাৱত ঘূৰি আহে। এনেকুৱা লাগে সি যেনিবা কেতিয়াও কোনো বিপদৰ সময়ত উদ্ধাৰৰ বাবে আমাক আহ্বান কৰা নাছিল। যিদৰে এই উলঙ্ঘাকাৰীৰ বাবে পথভ্ৰষ্টতাত নিমজ্জিত থকাক সৌন্দৰ্যময় কৰি দিয়া হৈছে, সেইদৰে কুফৰৰ দ্বাৰা সীমালঙ্ঘনকাৰীৰ বাবেও সেই কুফৰ আৰু অৱজ্ঞাক সুশোভিত কৰি দিয়া হৈছে, যিবোৰ সিহঁতে কৰিছিল। এতেকে সিহঁতে ইয়াক কেতিয়াও পৰিত্যাগ নকৰিব।
Yunus 10:13
তথা হে মুশ্বৰিকসকল! তোমালোকৰ পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহকো আমি ধ্বংস কৰিছো, কাৰণ সিহঁতে আল্লাহৰ ৰাছুলক অস্বীকাৰ কৰিছিল আৰু গুনাহৰ কৰ্মত লিপ্ত হৈছিল। অথচ আমি প্ৰেৰণ কৰা ৰাছুলসকলে সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণ আৰু প্ৰকাশ্য দলীলৰ সৈতে আগমণ কৰিছিল। এনেকুৱা প্ৰমাণ, যিবোৰে সত্যতা ৰূপায়ন কৰে যে, ৰাছুলে নিজ প্ৰতিপালকৰ পৰা লৈ অহা সকলো বিষয় সত্য। তথাপিও সিহঁতে ঈমান পোষণ কৰা নাছিল, কাৰণ সিহঁতৰ মাজত ঈমান পোষণ কৰাৰ যোগ্যতাই নাছিল। ফলত আল্লাহেও সিহঁতক অসহায় অৱস্থাত এৰি দিছে, আৰু ঈমান পোষণ কৰাৰ তাওফীক প্ৰদান কৰা নাই। যিদৰে আমি সেই অন্যায়কাৰী সম্প্ৰদায়সমূহক শাস্তি বিহিছো, ঠিক সেইদৰে আমি প্ৰত্যেক যুগ আৰু প্ৰত্যেক স্থানত থকা সিহঁতৰ দৰে লোকক তেনেকুৱা শাস্তি প্ৰদান কৰি থাকিম।
Yunus 10:14
হে মানৱজাতি! তাৰ পিছত আমি তোমালোকক সেই অস্বীকাৰকাৰী সম্প্ৰদায়সমূহৰ উত্তৰাধিকাৰী বনাইছো যিসকলক আমি ধ্বংস কৰিছো। যাতে আমি চাব পাৰো তোমালোকে কেনেকুৱা কৰ্ম কৰা। যদি কল্যাণমূলক কাম কৰা তেন্তে ভাল প্ৰতিফল পাবা, আনহাতে বেয়া কৰ্ম কৰিলে শাস্তিৰ সন্মুখীন হ'বা।
Yunus 10:15
আৰু যেতিয়া সিহঁতৰ সন্মুখত কোৰআনৰ স্পষ্ট আৰু তাওহীদ প্ৰমাণ কৰা আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা লোকসকলে, যিসকলে ছোৱাব প্ৰত্যাশা নকৰে আৰু শাস্তিকো ভয় নকৰে, সিহঁতে কয়ঃ হে মুহাম্মদ! মূৰ্তি পূজাক নিন্দা কৰা এই কোৰআনৰ পৰিপূৰ্ণ অথবা কিছু অংশ আমাৰ ইচ্ছানুসৰি পৰিবৰ্তন কৰি বেলেগ কোনো কোৰআন লৈ আহা। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, ইয়াক পৰিবৰ্তন কৰা মোৰ পক্ষে সম্ভৱ নহয়, আনহাতে ইয়াৰ পৰিবৰ্তে বেলেগ কোনো কোৰআন লৈ অহাটো আৰু সম্ভৱ নহয়। কেৱল আল্লাহেই নিজৰ ইচ্ছানুসৰি ইয়াত পৰিবৰ্তন কৰিব পাৰে। মই কেৱল সেই অহীৰ অনুসৰণ কৰোঁ যিটো আল্লাহে মোৰ প্ৰতি প্ৰেৰণ কৰে। তোমালোকৰ কথা শুনি যদি মই আল্লাহৰ অৱজ্ঞা কৰোঁ তেন্তে জানি থোৱা, নিশ্চয় মই সেই মহান দিৱসৰ অৰ্থাৎ ক্বিয়ামত দিৱসৰ শাস্তিক ভয় কৰো।
Yunus 10:16
হে ৰাছুল! আপুনি কওঁক যে, তোমালোকক কোৰআন তিলাৱত কৰি শুনোৱাটো যদি আল্লাহে নিবিচাৰিলেহেঁতেন তেন্তে মই তোমালোকক সেয়া তিলাৱত কৰি নুশুনোৱালোহেঁতেন আৰু তোমালোকৰ ওচৰত লৈয়ো নাহিলোহেঁতেন। আৰু যদি আল্লাহে বিচাৰিলেহেঁতেন তেন্তে মই তোমালোকক মোৰ মুখেৰে কোৰআন সম্পৰ্কে অৱগত নকৰিলোহেঁতেন। নিশ্চয় তোমালোকে জানা, তোমালোকৰ মাজত মই এটা দীৰ্ঘ সময় অৰ্থাৎ ৪০ বছৰ সময় অতিবাহিত কৰিছো আৰু এই সময়ছোৱাত মই লিখা পঢ়া একোৱে জনা নাছিলো। মই এনেকুৱা কোনো বিষয় বিচৰাও নাছিলো আৰু সন্ধানো কৰা নাছিলো। তোমালোকে নিজৰ বিবেক বুদ্ধি প্ৰয়োগ কৰি এইটো বুজিবলৈ চেষ্টা নকৰা নেকি যে, মই যি তোমালোকৰ ওচৰত লৈ আহিছো সেয়া আল্লাহৰ ফালৰ পৰা আৰু তাত মোৰ কোনো হস্তক্ষেপ নাই।
Yunus 10:17
এতেকে সেই ব্যক্তিতকৈ অধিক অন্যায়কাৰী আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে। তেন্তে মোৰ পক্ষে এয়া কেনেকৈ সম্ভৱ হ'ব যে, মই আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি কোৰআন পৰিবৰ্তন কৰিম? প্ৰকৃততে যিসকলে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি তেওঁৰ সীমালঙ্ঘন কৰে, সিহঁত কেতিয়াও নিজৰ উদ্দেশ্যত সফল হ'ব নোৱাৰে।
Yunus 10:18
মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে এনেকুৱা মনেসজা উপাস্যৰ উপাসনা কৰে, যিসকলে উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে। আনহাতে প্ৰকৃত উপাস্য হৈছে তেওঁ, যিয়ে যেতিয়াই ইচ্ছা তেতিয়াই উপকাৰ কৰিব পাৰে আৰু ক্ষতিও কৰিব পাৰে। আৰু সিহঁতে নিজৰ উপাস্যবোৰৰ বিষয়ে কয় যে, সেইবোৰে আল্লাহৰ ওচৰত আমাৰ বাবে মধ্যস্ততা কৰিব। ফলত আল্লাহে আমাক আমাৰ পাপ কৰ্মৰ প্ৰতিফল স্বৰূপে শাস্তি প্ৰদান নকৰিব। হে ৰাছুল! আপুনি সিহঁতক কওক যে, তোমালোকে সৰ্বজ্ঞ আল্লাহক সংবাদ দি আছা নেকি যে, তেওঁৰ অংশী আছে? অথচ আকাশমণ্ডল আৰু পৃথিৱীত তেওঁৰ কোনো অংশী আছে বুলি জনা নাই। মুশ্বৰিকসকলে যিবোৰ অসত্য আৰু মিছা প্ৰচাৰ চলাই আছে তাৰ পৰা আল্লাহ পাক আৰু পৱিত্ৰ।
Yunus 10:19
সকলো মানৱ এটাই উম্মতৰ অন্তৰ্ভুক্ত আছিল, মুমিন আছিল আৰু একত্ববাদী আছিল। কিন্তু পিছত সিহঁতৰ মাজত বিভেদ সৃষ্টি হল। ফলত সিহঁতৰ মাজৰ কিছুমান মুমিন হৈ থাকিল আৰু আন কিছুমান কাফিৰত পৰিণত হ'ল। যদি আল্লাহৰ ফালৰ পৰা এয়া পূৰ্বে নিৰ্দিষ্ট কৰা নাথাকিলহেঁতেন যে তেওঁ মানুহৰ মাজৰ মতানৈক্যৰ ফয়চালা পৃথিৱীত নকৰিব, বৰং সিহঁতৰ মাজৰ মতভেদৰ মীমাংসা ক্বিয়ামতৰ দিনা কৰিব তেন্তে যি বিষয় লৈ সিহঁতে মতভেদ কৰি আছে তাৰ মীমাংসা আল্লাহে পৃথিৱীতেই কৰি দিলেহেঁতেন। ফলত এয়া স্পষ্ট হৈ গলহেঁতেন যে, কোন হিদায়তৰ পথত আছে আৰু কোন পথভ্ৰষ্ট।
Yunus 10:20
মুশ্বৰিকসকলে কয়ঃ মুহাম্মদৰ প্ৰতি তাৰ প্ৰতিপালকৰ তৰফৰ পৰা এনেকুৱা কোনো আয়াত কিয় অৱতীৰ্ণ নহয় যি আয়াতে তাৰ সত্যতা ৰূপায়ন কৰিব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ আয়াত অৱতীৰ্ণ হোৱাৰ বিষয়টো এটা অদৃশ্য বিষয়, যিটোৰ জ্ঞান কেৱল আল্লাহৰ লগত নিৰ্দিষ্ট। এতেকে তোমালোকে সেইবোৰ ভৌতিক নিদৰ্শনৰ অপেক্ষা কৰা, যিবোৰৰ বিষয়ে তোমালোকে পৰামৰ্শ আগবঢ়াইছা। ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছো।
Yunus 10:21
যেতিয়া আমি মুশ্বৰিকসকলক দুৰ্ভিক্ষ আৰু বিপদ-আপদৰ পিছত বৰষুণ আৰু সেউজীয়া পথাৰৰ সোৱাদ দিওঁ, তেতিয়া সিহঁতে আমাৰ নিদৰ্শনসমূহক লৈ উপহাস কৰে আৰু সেইবোৰক অস্বীকাৰ কৰে। হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, আল্লাহৰ উপায় অতি তীব্ৰ, আৰু তেওঁ তোমালোকক অৱকাশ দিয়াৰ ক্ষেত্ৰত আৰু শাস্তি প্ৰদানৰ ক্ষেত্ৰতো ক্ষীপ্ৰতৰ। নিশ্চয় তোমালোকে যিবোৰ চক্ৰান্ত কৰি আছা, সেইবোৰ নিয়োজিত ফিৰিস্তাসকলে লিখি আছে। তেওঁলোকৰ পৰা কোনো বিষয় এৰা নপৰে, তেন্তে তেওঁলোকৰ সৃষ্টিকৰ্তাৰ পৰা কেনেকৈ এৰা পৰিব? আল্লাহে অৱশ্যে তোমালোকক তোমালোকৰ চক্ৰান্তৰ প্ৰতিদান দিব।
Yunus 10:22
হে মানৱজাতি! আল্লাহেই তোমালোকক স্থলত খোজকঢ়াৰ আৰু বাহনত উঠি চলাফুৰা কৰাৰ সুবিধা প্ৰদান কৰে, আৰু তেৱেঁই তোমালোকক সাগৰত জাহাজৰ জৰিয়তে চলাফুৰা কৰায়। যেতিয়া তোমালোক সাগৰত জাহাজৰ মাজত থাকা, আৰু জাহাজ সুন্দৰ বতাহৰ মাজত গমন কৰে, তেতিয়া আৰোহীসকল আনন্দিত হৈ পৰে। এই আনন্দৰ মাজতেই যেতিয়া প্ৰবল ধুমুহা আহে আৰু চাৰিওফালৰ পৰা সাগৰৰ ঢেউৱে সিহঁতক চোঁচা লয় আৰু সিহঁত নিশ্চিত হৈ পৰে যে এতিয়া আৰু ৰক্ষা নাই। তেতিয়া সিহঁত কেৱল এক আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰে, তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন নকৰে। আৰু কয়ঃ তুমি যদি আমাক এই বিপদৰ পৰা ৰক্ষা কৰা তেন্তে আমি তোমাৰ এই অনুগ্ৰহত অৱশ্যে কৃতজ্ঞতা জ্ঞাপন কৰিম।
Yunus 10:23
ফলত যেতিয়া তেওঁ সিহঁতৰ প্ৰাৰ্থনা কবুল কৰে আৰু সিহঁতক বিপদৰ পৰা ৰক্ষা কৰে, তেতিয়া সিহঁত হঠাৎ পৃথিৱীত কুফৰ, অৱজ্ঞা আৰু পাপকৰ্মত লিপ্ত হৈ উপদ্ৰৱ কৰিবলৈ ধৰে। হে মানৱজাতি! সজাগ হোৱা, কাৰণ তোমালোকৰ উপদ্ৰৱৰ পৰিণাম স্বয়ং তোমালোকেই ভোগ কৰিবা। কিয়নো তোমালোকৰ বিদ্ৰোহৰ দ্বাৰা আল্লাহৰ কোনো ক্ষতি নহব। তোমালোকে পাৰ্থিৱ জীৱন উপভোগ কৰি আছা, অথচ এইটো ধ্বংসশীল। পিছত ক্বিয়ামতৰ দিনা তোমালোক আমাৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। তেতিয়া আমি তোমালোকক অৱগত কৰাম, তোমালোকে কি গুনাহ কৰি আছিলা আৰু তোমালোকক ইয়াৰ প্ৰতিদানো দিম।
Yunus 10:24
পাৰ্থিৱ জীৱনৰ উদাহৰণ যাৰ আনন্দত তোমালোক মতলীয়া, অচিৰেই ধ্বংস হোৱাৰ ক্ষেত্ৰত ই বৰষুণৰ পানীৰ দৰে। যাৰ দ্বাৰা উৎপাদিত ভূমিজ উদ্ভিদ মানুহে ভক্ষণ কৰে, যেনেঃ শস্য আৰু ফলমূল আদি, আৰু পশুৱেও ভক্ষণ কৰে, যেনেঃ ঘাঁহ বন আদি যিবোৰ ঘন সন্নিবিষ্ট হৈ উৎপন্ন হয়। অৱশেষত যেতিয়া পথাৰ সেউজীয়া হৈ পৰে আৰু সৌন্দৰ্যময় হয় লগতে বিভিন্ন প্ৰকাৰৰ গছ-গছনিৰে ভৰি পৰে তথা সেই শস্য-শ্যামল খেতিৰ মালিকসকলে যেতিয়া নিশ্চিত হয় যে, সিহঁতে কৰা খেতিৰ ফচল চপাবলৈ সক্ষম তথা গছৰ ফল আদি পাৰিবলৈ সামৰ্থৱান, হঠাৎ তেতিয়াই আমাৰ ফালৰ পৰা সেইবোৰ ধ্বংস হোৱাৰ আদেশ আহি পৰিল, আৰু আমি সেইবোৰক শস্য চপোৱা খেতিত পৰিণত কৰিলো। এনেকুৱা কৰি দিলো যেনিবা ইতিপূৰ্বে তাত কোনো খেতিয়ে নাছিল। যিদৰে আমি তোমালোকৰ বাবে পৃথিৱীৰ স্থিতি আৰু ইয়াৰ ধ্বংস সম্পৰ্কে বিস্তাৰিত বৰ্ণনা দিছো, ঠিক সেইদৰে আমি চিন্তা-চৰ্চাকাৰী আৰু গৱেষকসকলৰ বাবে দলীল-প্ৰমাণ আৰু যুক্তিবোৰ স্পষ্ট কৰি দিওঁ।
Yunus 10:25
আল্লাহে সকলোকে তেওঁৰ জান্নাতৰ পিনে আহ্বান কৰে, যিটো হৈছে শান্তিৰ ঘৰ। য’ত মানুহ দুখ-কষ্ট আৰু বিপদ-আপদৰ পৰা সুৰক্ষিত থাকিব, লগতে মৃত্যুৰ পৰাও সুৰক্ষিত থাকিব। আল্লাহে যাক ইচ্ছা কৰে দ্বীন ইছলাম মানি চলাৰ তাওফীক প্ৰদান কৰে, আৰু এই ইছলামেই তাক শান্তিৰ ঘৰলৈ লৈ যাব।
Yunus 10:26
যিসকলে আল্লাহে অনিবাৰ্য কৰা আনুগত্য পালন কৰি তথা তেওঁ নিষিদ্ধ কৰা পাপকৰ্মক পৰিত্যাগ কৰি সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আছে উত্তম প্ৰতিদান, সেয়া হৈছে জান্নাত। তথা তেওঁলোকৰ বাবে ইয়াতকৈও উত্তম এটা প্ৰতিদান আছে সেয়া হৈছে আল্লাহৰ সন্মানিত মুখমণ্ডলৰ দৰ্শন। তেওঁলোকৰ চেহেৰাত নাথাকিব কোনো ধূলি, আৰু কোনো অপমান বা তিৰস্কাৰৰ চিহ্নও নাথাকিব। নেকপৰায়ণতাৰ গুণেৰে বিভূষিত এইসকল লোকেই হৈছে জান্নাতৰ অধিবাসী, তাত তেওঁলোক চিৰকাল বসবাস কৰিব।
Yunus 10:27
যিসকলে কুফৰ তথা পাপকৰ্মৰ দৰে অপকৰ্ম কৰিছে, সিহঁতে কৰা অপকৰ্মৰ প্ৰতিদান স্বৰূপে সিহঁতে আল্লাহৰ ওচৰত সেই অনুপাতেই শাস্তি ভোগ কৰিব। সিহঁতৰ চেহেৰাক তিৰস্কাৰ আৰু অপমানে আচ্ছন্ন কৰিব। আল্লাহে যেতিয়া সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ কৰিব, তেতিয়া কোনেও সিহঁতক তেওঁৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব, এনেকুৱা লাগিব যেনিবা সিহঁতৰ মুখমণ্ডলত অন্ধকাৰ ৰাতিৰ এন্ধাৰে বেৰি ধৰিছে, কাৰণ সিহঁতক জাহান্নামৰ ধোঁৱা আৰু অন্ধকাৰে আৱৰি ৰাখিব। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকল হৈছে জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰস্থায়ী হ'ব।
Yunus 10:28
হে ৰাছুল! আপুনি ক্বিয়ামত দিৱসক স্মৰণ কৰক, যেতিয়া আমি সকলো সৃষ্টিক একত্ৰিত কৰিম। তেতিয়া আমি সেইসকল লোকক কম যিসকলে পৃথিৱীত আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰিছিল, হে মুশ্বৰিকসকল! তোমালোক আৰু তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰিছিলা সেই সকলোৱে নিজ নিজ স্থানত অৱস্থান কৰা, তেতিয়া আমি উপাসনাকাৰী আৰু উপাস্যবোৰৰ মাজত তফাৎ সৃষ্টি কৰিম। ফলত উপাস্যবোৰে এই বুলি কৈ নিজকে আঁতৰাই আনিব যে, তোমালোকে পৃথিৱীত আমাৰ উপাসনাই কৰা নাছিলা।
Yunus 10:29
তেতিয়া সিহঁতৰ এই উপাস্যবোৰে, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে পূজা-অৰ্চনা কৰিছিল, এই বুলি কৈ পৃথক হৈ যাব যে, আল্লাহ সাক্ষী আছে –সাক্ষীৰ ক্ষেত্ৰত তেৱেঁই যথেষ্ট- আমি তোমালোকৰ উপাসনাত সন্তুষ্ট নাছিলো, আৰু আমি ইয়াৰ আদেশো দিয়া নাছিলো, আনকি তোমালোকৰ উপাসনা সম্পৰ্কে আমি অৱগতই নাছিলো।
Yunus 10:30
সেই মহান স্থানত, প্ৰত্যেক ব্যক্তিয়ে নিজৰ পাৰ্থিৱ জীৱনত কৰা কৰ্মবোৰক পৰীক্ষা কৰিব, আৰু মুশ্বৰিকসকলক সিহঁতৰ সত্য উপাস্য অৰ্থাৎ আল্লাহৰ ফালে প্ৰত্যাৱৰ্তন কৰোৱা হ'ব, তেওঁ সিহঁতৰ হিচাপ গ্ৰহণ কৰিব। বাতিল উপাস্য সম্পৰ্কে কৰা সিহঁতৰ মধ্যস্ততাৰ দাবী কোনো কামত নাহিব।
Yunus 10:31
হে ৰাছুল! আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰা এই লোকসকলক সোধকচোন যে, আকাশৰ পৰা বৰষুণ বৰ্ষাই তোমালোকক কোনে জীৱিকা প্ৰদান কৰে? তথা ভূমিৰ পৰা উদ্ভিদ সৃষ্টি কৰি আৰু মাটিৰ তলত নিহিত থকা খনিজ সম্পদৰ দ্বাৰা কোনে তোমালোকক জীৱিকা প্ৰদান কৰে? কোনে নিৰ্জীৱৰ পৰা জীৱ সৃষ্টি কৰে? যেনে শুক্ৰাণুৰ পৰা মানুহ আৰু কণীৰ পৰা চৰাই। আৰু কোনে নিৰ্জীৱক সজীৱৰ পৰা উলিয়ায়? যেনে- জীৱৰ পৰা শুক্ৰাণু আৰু চৰাইৰ পৰা কণী। আকাশমণ্ডল আৰু পৃথিৱী আৰু ইয়াৰ মাজত থকা জীৱৰ সকলো প্ৰয়োজনীয় সা-সামগ্ৰী কোনে যোগান ধৰে? সিহঁতে উত্তৰ দিবঃ এই সকলোবোৰ আল্লাহেই সম্পাদন কৰে। তেতিয়া আপুনি সিহঁতক কৈ দিয়ক যে, তেন্তে তোমালোকে এয়া নাজানা নেকি, আৰু তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকি তেওঁক ভয় নকৰা কিয়?
Yunus 10:32
হে মানৱজাতি! যি সত্ত্বায় এই সকলো সম্পাদন কৰি আছে, তেৱেঁই আল্লাহ তোমালোকৰ প্ৰকৃত সৃষ্টিকৰ্তা। তেৱেঁই তোমালোকৰ কৰ্মৰ তত্বাৱধায়ক। এতেকে সত্য জনাৰ পিছত সত্যৰ পৰা আঁতৰি থকা অথবা বিনাশৰ বাহিৰে আন কি থাকিব পাৰে? এতেকে এনেকুৱা স্পষ্ট সত্য ত্যাগ কৰি তোমালোকৰ বিবেক কলৈ গুচি যায়?
Yunus 10:33
হে ৰাছুল! ৰূবূবিয়্যাত সম্পৰ্কে আপোনাৰ প্ৰতিপালকৰ কথা যিদৰে সত্য প্ৰমাণিত হৈছে, ঠিক সেইদৰে যিসকলে সত্যৰ পৰা আঁতৰি গৈছে সিহঁতৰ ক্ষেত্ৰতো ভাগ্য সম্পৰ্কে কৰা তোমাৰ প্ৰতিপালকৰ কথা সত্য প্ৰমাণিত হ'ব যে, সিহঁত কেতিয়াও ঈমান পোষণ নকৰিব।
Yunus 10:34
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কওক যে, তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা সেইবোৰৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিয়ে পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ কিবা সৃষ্টি কৰিব পাৰিব, আৰু তাৰ মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰিব পাৰিব? সিহঁতক কওঁক যে, একমাত্ৰ আল্লাহেই এই কাম কৰিবলৈ সক্ষম, আৰু তেৱেঁই মৃত্যুৰ পিছত পুনৰ্জীৱিত কৰিব। তেন্তে হে মুশ্বৰিকসকল! তোমালোক কি সত্যৰ পৰা আঁতৰি যোৱা?
Yunus 10:35
হে ৰাছুল! আপুনি সিহঁতক কওঁক যে, তোমালোকে অংশীদাৰ স্থাপন কৰা উপাস্যবোৰৰ মাজত, যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা, এনেকুৱা কোনোবা আছে নেকি যিয়ে সত্যৰ পথ দেখুৱায়, আপুনি সিহঁতক জনাই দিয়ক যে, কেৱল একমাত্ৰ আল্লাহেই সত্যৰ পথ দেখুৱায়। তেন্তে কোৱাচোন, কাৰ অনুসৰণ কৰা উচিত, যিয়ে সত্যৰ পথ দেখুৱায় তাৰ, নে তোমালোকৰ সেই উপাস্যবোৰৰ যিসকলে নিজেই কোনো পথ বিচাৰি নাপায় যেতিয়ালৈকে আন কোনোৱে সিহঁতক পথ দেখুৱাই নিদিয়ে? তোমালোকৰ হৈছে কি, কেনেকৈ তোমালোকে অযথা সিদ্ধান্ত লোৱা যে, ইহঁত আল্লাহৰ অংশীদাৰ? সৰ্বশক্তিমান আল্লাহ তাআলা তোমালোকৰ এনেকুৱা অদ্ভূদ দাবীৰ পৰা বহু ঊৰ্দ্ধত।
Yunus 10:36
মুশ্বৰিকসকলৰ অধিকাংশই এনেকুৱা বিষয়ৰ অনুসৰণ কৰে, যি বিষয়ে সিহঁতৰ কোনো জ্ঞানেই নাই। সিহঁত কেৱল ভ্ৰম আৰু সন্দেহৰ অনুসৰণ কৰি আছে। এতেকে এই কথা নিশ্চিত যে, সন্দেহে কেতিয়াও জ্ঞানৰ স্থান লব নোৱাৰে, আনকি জ্ঞানৰ পৰা অমুখাপেক্ষীও কৰিব নোৱাৰে। সিহঁতে যি কৰিছে নিশ্চয় আল্লাহ সেই সম্পৰ্কে অৱগত। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। অচিৰেই তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।
Yunus 10:37
এই কোৰআন এনেকুৱা কোনো কিতাপ নহয় যাক মানুহে বনোৱা সম্ভৱ, লগতে আল্লাহৰ বাহিৰে আনৰ লগত ইয়াক সম্পৃক্ত কৰাও উচিত নহয়, কিয়নো মানুহে ইয়াৰ অনুৰূপ কোনো পুথি লিখা সম্ভৱ নহয়। প্ৰকৃততে এই কোৰআনে পূৰ্বে অৱতীৰ্ণ হোৱা কিতাপসমূহৰ সমৰ্থন কৰে আৰু সেই পুথিসমূহৰ বিধানৰ সংক্ষিপ্ত বিৱৰণ প্ৰস্তুত কৰে। ইয়াত কোনো সন্দেহ নাই যে, ই সৃষ্টিজগতৰ প্ৰতিপালক পৱিত্ৰ আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা পুথি।
Yunus 10:38
বৰং মুশ্বৰিকসকলে কয় যে, মুহাম্মদে নিজেই এই কোৰআন ৰচনা কৰিছে, আৰু আল্লাহৰ লগত সম্পৃক্ত কৰিছে। হে ৰাছুল! আপুনি সিহঁতক প্ৰত্যুত্তৰ দি কওঁক যে, তোমালোকৰ দাবী অনুসৰি যদি মই নিজেই এই কোৰআন ৰচিছো- যদিও মই তোমালোকৰ দৰেই এজন মানুহ- তেন্তে তোমালোকেও ইয়াৰ অনুৰূপ এখন ছুৰা প্ৰস্তুত কৰা, সহায়ৰ বাবে তোমালোকে যাক ইচ্ছা মাতি আনা, যদি তোমালোকে নিজৰ এই দাবীত সত্যবাদী যে, এই কোৰআন হৈছে মনেসজা আৰু মিছা পুথি। দৰাচলতে তোমালোকে এয়া কেতিয়াও কৰিব নোৱাৰিবা। যদি তোমালোক বিশিষ্ট ভাষাবিদ হোৱাৰ পিছতো এই কাম কৰিব নোৱাৰা তেন্তে এই কথা প্ৰমাণিত যে, নিশ্চয় কোৰআন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ।
Yunus 10:39
সিহঁতে কোৰআনৰ প্ৰতি সঁহাৰি জনোৱা নাছিল, বৰং বুজা আৰু চিন্তা-চৰ্চা কৰাৰ পূৰ্বেই আৰু যি শাস্তিৰ পৰা সিহঁতক সতৰ্ক কৰা হৈছিল সেই শাস্তিৰ অহাৰ পূৰ্বেই সিহঁতে ইয়াক অস্বীকাৰ কৰিবলৈ ততাতৈয়া কৰিছিল। অথচ সেই শাস্তি অহাৰ সময় সন্নিকট হৈ পৰিছিল। ইহঁতৰ দৰেই পূৰ্বৱৰ্তী সম্প্ৰদায়সকলেও অস্বীকাৰ কৰিছিল। ফলত সিহঁতে শাস্তিৰ সন্মুখীন হৈছিল। এতেকে হে ৰাছুল! চিন্তা কৰক, অস্বীকাৰকাৰী সম্প্ৰদায়ৰ শেষ পৰিণতি কেনেকুৱা আছিল? নিশ্চিতৰূপে আল্লাহে সিহঁতক ধ্বংস কৰিছে।
Yunus 10:40
মুশ্বৰিকসকলৰ মাজৰ কিছুমানে মৃত্যুৰ পূৰ্বে কোৰআনৰ প্ৰতি ঈমান পোষণ কৰিব, কিন্তু আন কিছুমানে অহংকাৰ আৰু স্বৈৰাচাৰীতাৰ ফলত ঈমান পোষণ নকৰিব, অৱশেষত সিহঁত সেই অৱস্থাতে মৃত্যুবৰণ কৰিব। হে ৰাছুল! কুফূুৰীক খামুচী ধৰা লোকসকলক আপোনাৰ প্ৰতিপালকে ভালদৰেই জানে। আৰু সিহঁতক সিহঁতৰ কুফুৰী কাৰ্যৰ প্ৰতিদান অৱশ্যে দিব।
Yunus 10:41
হে ৰাছুল! আপোনাৰ সম্প্ৰদায়ৰ লোকসকলে যদি আপোনাক অস্বীকাৰ কৰে তেন্তে আপুনি সিহঁতক কৈ দিয়কঃ মোৰ কৰ্মৰ প্ৰতিদান মই উপভোগ কৰিম আৰু মোৰ কৰ্মৰ দায়িত্ব মই বহন কৰিব লাগিব। আনহাতে তোমালোকৰ কৰ্মৰ প্ৰতিফল তোমালোকৰ বাবে, আৰু ইয়াৰ শাস্তিও তোমালোকেই ভোগ কৰিবা। মই যি কৰি আছো সেই সম্পৰ্কে তোমালোকক সোধ-পোচ কৰা নহ'ব। আনহাতে তোমালোকৰ কৰ্মৰ শাস্তিৰ লগত মোৰ কোনো সম্পৰ্ক নাই।
Yunus 10:42
হে ৰাছুল! মুশ্বৰিকসকলৰ মাজত কিছুমান এনেকুৱাও আছে, যিসকলে আপুনি যেতিয়া কোৰআন তিলাৱত কৰে তেতিয়া সিহঁতে মনোযোগ সহকাৰে শুনে কিন্তু মানিবলৈ বা পালন কৰাৰ উদ্দেশ্যে নহয়। এতেকে আপুনি তাক শুনাব পাৰিবনে যাৰ পৰা শ্ৰৱণশক্তি কাঢ়ি লোৱা হৈছে? গতিকে আপুনি সিহঁতকো হিদায়তৰ পথ দেখুৱাব নোৱাৰিব, যিসকল সত্য শুনাৰ ক্ষেত্ৰত শ্ৰৱণশক্তিহীন। এতেকে সিহঁতে ইয়াক বুজি নাপায়।
Yunus 10:43
হে ৰাছুল! মুশ্বৰিকসকলৰ কিছুমানে আপোনাৰ প্ৰতি কেৱল বাহ্যিক দৃষ্টিৰে চায়, অন্তৰদৃষ্টিৰে নাচায়। এতেকে আপুনি সেইসকল লোকক দেখুৱাব পাৰিবনে যিসকলে নিজৰ দৃষ্টিশক্তি হেৰুৱাইছে? নিশ্চয় আপুনি এয়া কৰিবলৈ সক্ষম নহয়। এইদৰে আপুনি সেইসকল লোককো হিদায়তৰ পথ দেখুৱাব নোৱাৰিব যিসকল অন্তৰদৃষ্টিৰ পৰা বঞ্চিত।
Yunus 10:44
নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ ওপৰত অত্যাচাৰ কৰাৰ পৰা পৱিত্ৰ। তেওঁ সিহঁতৰ ওপৰত অণু পৰিমাণেও অত্যাচাৰ নকৰে। কিন্তু সিহঁত নিজেই অসত্যৰ পক্ষ লৈ তথা অহংকাৰ আৰু স্বৈৰাচাৰীতাৰ মাধ্যমত নিজকে বিনাশৰ পথত পৰিচালিত কৰি নিজেই নিজৰ অন্যায় কৰে।
Yunus 10:45
ক্বিয়ামতৰ দিনা যেতিয়া আল্লাহে মানুহক হিচাপ-কিতাপৰ বাবে একত্ৰিত কৰিব, তেতিয়া সিহঁতৰ এনেকুৱা লাগিব যে, পৃথিৱীত আৰু কবৰত সিহঁতে কেৱল দিনৰ কিছু অংশহে অতিবাহিত কৰিছিল, ইয়াতকৈ বেছি নহয়। তাত ইজনে সিজনক চিনি পাব। কিন্তু ক্বিয়ামত দিৱসৰ কঠিন ভয়াৱহতাৰ ফলত সিহঁতৰ পৰিচয় সম্পৰ্ক বিচ্ছিন্ন হৈ যাব। প্ৰকৃততে সেইসকল লোক ক্ষতিগ্ৰস্ত হৈছে যিসকলে ক্বিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ সাক্ষাতক অস্বীকাৰ কৰিছে। পৃথিৱীত সিহঁতে পুনৰুত্থানকো বিশ্বাস কৰা নাছিল যে, ক্ষতিগ্ৰস্ততাৰ পৰা ৰক্ষা পাব।
Yunus 10:46
হে ৰাছুল! আমি সিহঁতক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছো, তাৰে কিছু অংশ যদি আমি আপোনাক আপোনাৰ মৃত্যুৰ পূৰ্বেই দেখুৱাই দিওঁ অথবা তাৰ পূৰ্বেই আপোনাক মৃত্যু দিওঁ, তেন্তে দুয়ো অৱস্থাতেই সিহঁত আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। সিহঁত যি যি কৰি আছে, সেই সকলো বিষয়ে আল্লাহ অৱগত। আল্লাহৰ পৰা কোনো বিষয় গোপন নহয়। অতিশীঘ্ৰেই তেওঁ সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিফল দিব।
Yunus 10:47
পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহৰ মাজৰ প্ৰত্যেক সম্প্ৰদায়ৰ ওচৰলৈ একোজনকৈ ৰাছুল প্ৰেৰণ কৰা হৈছিল। এতেকে সেই ৰাছুলে যেতিয়া সেই বাৰ্তা পৌঁচাই দিছিল, যিটো পৌঁচাই দিয়াৰ দায়িত্ব তেওঁক দিয়া হৈছিল, আৰু মানুহে তাক অস্বীকাৰ কৰিছিল, ফলত সিহঁতৰ আৰু ৰাছুলৰ মাজত ন্যায় অনুসাৰে ফয়চালা কৰি দিয়া হৈছিল। ইপিনে আল্লাহে নিজ অনুগ্ৰহত তেওঁৰ ৰাছুলক ৰক্ষা কৰিলে আৰু অস্বীকাৰকাৰীসকলক ন্যায় অনুসাৰে ধ্বংস কৰিলে। সিহঁতৰ কৰ্মৰ প্ৰতিফলত অকণো অন্যায় কৰা নহয়।
Yunus 10:48
এই কাফিৰসকলে স্বৈৰাচাৰীতা দেখুৱাই চেলেঞ্জ কৰি কয় যে, তুমি আমাক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছা, যদি তুমি নিজৰ দাবীত সত্যবাদী তেন্তে কোৱা সেই শাস্তিৰ সময় কেতিয়া আহিব?
Yunus 10:49
হে ৰাছুল! আপুনি সিহঁতক কওঁক, স্বয়ং মোৰ নিজৰ ক্ষতি কৰাৰ অধিকাৰ নাই যে, মই মোৰ ক্ষতি সাধন কৰিম অথবা ক্ষতিৰ পৰা নিজকে ৰক্ষা কৰিম। এইদৰে কোনো উপকাৰ কৰাৰো অধিকাৰ নাই যে, নিজৰে কিবা উপকাৰ সাধিম। তেনে ক্ষেত্ৰত, মই আনক কিদৰে উপকাৰ কৰিম বা অপকাৰ কৰিম? সেইটোৱে হয় যিটো আল্লাহে ইচ্ছা কৰে। তেন্তে অদৃশ্যৰ জ্ঞান মই কেনেকৈ আয়ত্ব কৰিম? প্ৰত্যেক সম্প্ৰদায়, যাক আল্লাহে ধ্বংস কৰিব বুলি সতৰ্ক কৰিছে, সেই সম্প্ৰদায় বিনাশৰ এটা সময় নিৰ্ধাৰিত আছে, ইয়াৰ সঠিক জ্ঞান কেৱল আল্লাহৰ ওচৰত আছে। এতেকে যেতিয়া তাৰ বিনাশৰ সময় আহি পৰে তেতিয়া অলপো আগুৱাইও নাহে আৰু অলপো পিছুৱাইয়ো নাযায়।
Yunus 10:50
হে ৰাছুল! অচিৰেই শাস্তি কামনা কৰা লোকসকলক সোধক, কোৱাচোন! যদি তোমালোকৰ ওপৰত ৰাতিৰ অথবা দিনৰ কোনো সময়ত আল্লাহৰ শাস্তি আহি পৰে, তেন্তে তোমালোকে এই শাস্তি কিয় ইমান সোনকালে কামনা কৰি আছা?
Yunus 10:51
তোমালোকক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেই শাস্তি তোমালোকৰ ওপৰত আহি পৰাৰ পিছত তোমালোকে ঈমান আনিবা নেকি, অথচ সেই সময়ৰ ঈমানে কোনো ব্যক্তিক লাভান্বিত নকৰিব, যদি সি পূৰ্বে ঈমান পোষণ কৰা নাই? তোমালোকে এতিয়া ঈমান আনিবা, অথচ ইতিপূৰ্বে তোমালোকে অস্বীকাৰ কৰি শাস্তিৰ বাবে খৰধৰ কৰি আছিলা?
Yunus 10:52
এতেকে সিহঁতক শাস্তিত প্ৰৱেশ কৰোৱাৰ পিছত আৰু সেই শাস্তিৰ পৰা সিহঁতে যেতিয়া মুক্তি বিচাৰি আবেদন কৰিব তেতিয়া সিহঁতক কোৱা হ'বঃ আখিৰাতৰ চিৰস্থায়ী শাস্তিৰ সোৱাদ উপভোগ কৰা। তোমালোকক কেৱল তোমালোকৰ কুফুৰী আৰু পাপকৰ্মৰেই প্ৰতিদান দিয়া হ'ব।
Yunus 10:53
হে ৰাছুল! মুশ্বৰিকসকলে আপোনাক সোধে যে, আমাক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া সত্য নে? আপুনি সিহঁতক কৈ দিয়ক যে, হয়। আল্লাহৰ শপত! নিশ্চয় এয়া সত্য। আৰু তোমালোক ইয়াৰ পৰা ৰক্ষা নাপাবা।
Yunus 10:54
আল্লাহৰ লগত শ্বিৰ্ক কৰা প্ৰত্যেক ব্যক্তিয়ে যদি পৃথিৱীৰ সকলো অমূল্য সম্পদ লাভ কৰে, আল্লাহৰ শাস্তিৰ পৰা নিজকে ৰক্ষা কৰাৰ বিনিময়ত সেই সকলোবোৰ সিহঁতে প্ৰদান কৰিবলৈ দ্বিধাবোধ নকৰিব, যদি এনেকুৱা কৰাৰ অৱকাশ দিয়া হয়। মুশ্বৰিকসকলে ক্বিয়ামতৰ দিনা যেতিয়া শাস্তি প্ৰত্যক্ষ কৰিব, তেতিয়া সিহঁতে কুফৰৰ প্ৰতি সিহঁতৰ অনুতাপ গোপন কৰাৰ চেষ্টা কৰিব। আল্লাহে সিহঁতৰ মাজত ন্যায়ৰ সৈতে ফয়চালা কৰিব, আৰু কাৰো প্ৰতি অন্যায় কৰা নহব, বৰং সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিফল দিয়া হ'ব।
Yunus 10:55
জানি থোৱা! আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোবোৰৰ একমাত্ৰ মালিক আল্লাহ তাআলা। জানি থোৱা! কাফিৰসকলক শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি নিশ্চিতভাৱে পূৰণ হ'ব, ইয়াত কোনো সন্দেহ নাই। কিন্তু অধিকাংশ লোকে এই বিষয়টো নাজানে, সেয়ে সিহঁত সংশয়ত পতিত হৈ আছে।
Yunus 10:56
সেই পৱিত্ৰ সত্ত্বাই মৃতক জীৱিত কৰে, আৰু জীৱিতক মৃত্যু দান কৰে। ক্বিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তন কৰিবা। আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।
Yunus 10:57
হে মানৱজাতি! তোমালোকৰ ওচৰত কোৰআন আহি পৰিছে, য'ত আছে উপদেশ, প্ৰেৰণা আৰু সতৰ্কবাণী। ই অন্তৰত থকা সন্দেহ ও সংশয়মূলক ব্যাধি নিৰ্মূল কৰে, সত্যৰ পথ প্ৰদৰ্শন কৰে। তথা তাত মুমিনসকলৰ বাবে আছে দয়া, কিয়নো তেওঁলোকেই ইয়াৰ পৰা উপকৃত হয়।
Yunus 10:58
হে ৰাছুল! আপুনি মানুহক জনাই দিয়ক যে, মই তোমালোকৰ ওচৰত যি কোৰআন আনিছো সেয়া হৈছে তোমালোকৰ বাবে আল্লাহৰ এটা অনুগ্ৰহ আৰু ইয়াৰ জৰিয়তে তেওঁ তোমালোকৰ ওপৰত কৃপা কৰিছে। এতেকে এই কোৰআন অৱতীৰ্ণ কৰি আল্লাহে তোমালোকৰ প্ৰতি যি অনুগ্ৰহ আৰু দয়া কৰিছে তাৰ পৰিপ্ৰেক্ষিতত তোমালোকে আনন্দ প্ৰকাশ কৰা। কিয়নো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ প্ৰতিপালকৰ ফালৰ পৰা যি লৈ আহিছে, সেয়া এই ধ্বংসশীল পৃথিৱীৰ সকলো সা-সামগ্ৰীতকৈ উত্তম, যিবোৰ সিহঁতে সঞ্চয় কৰি আছে।
Yunus 10:59
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কওঁক যে, আল্লাহে তোমালোকৰ প্ৰতি জীৱিকা অৱতীৰ্ণ কৰি যি উপকাৰ কৰিছে সেই সম্পৰ্কে কোৱাচোন, তাত তোমালোকে নিজৰ ইচ্ছা মতে কিছুমানক হাৰাম কৰিছা আৰু কিছুমানক হালাল কৰিছা। সিহঁতক সোধকঃ তোমালোকে যিবোৰক হালাল কৰিছা সেইবোৰক হালাল কৰাৰ আৰু যিবোৰক হাৰাম কৰিছা সেইবোৰক হাৰাম কৰাৰ আল্লাহে অনুমতি প্ৰদান কৰিছে নেকি? নে তোমালোকে আল্লাহৰ প্ৰতি মিছা আৰোপ লগাই আছা?
Yunus 10:60
আল্লাহৰ প্ৰতি মিছা আৰোপকাৰী সকলে কি ভাৱে, ক্বিয়ামতৰ দিনা সিহঁতৰ লগত কেনেকুৱা ব্যৱহাৰ কৰা হ'ব? সিহঁতে ভাৱে নেকি যে সিহঁতক ক্ষমা কৰি দিয়া হ'ব? এয়া বহুত দূৰৰ কথা। প্ৰকৃততে আল্লাহ বৰ দয়ালু, তেওঁ মানুহক অৱকাশ দিয়ে, আৰু সিহঁতক শাস্তি দিয়াৰ ক্ষেত্ৰত খৰধৰ নকৰে। কিন্তু সিহঁতৰ মাজৰ অধিকাংশই আল্লাহৰ নিয়ামত অস্বীকাৰ কৰে। সিহঁতে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ নকৰে।
Yunus 10:61
হে ৰাছুল! আপুনি যি কৰ্মতেই নাথাকক কিয় আৰু কোৰআনৰ পৰা যিখিনিয়ে তিলাৱত নকৰক কিয়, তথা হে মুমিনসকল! তোমালোকে যি কামেই নকৰা কিয়, মই তোমালোকক দেখোঁ, তোমালোকৰ বিষয়ে জানো আৰু তোমালোকক শুনা পাওঁ যেতিয়া তোমালোকে কৰ্ম আৰম্ভ কৰা। তোমাৰ প্ৰতিপালকৰ জ্ঞানৰ পৰা আকাশ আৰু পৃথিৱীৰ কোনো বস্তুৱেই অদৃশ্য নহয়। সৰুৱেই হওঁক অথবা ডাঙৰ। প্ৰত্যেকটো বিষয় স্পষ্ট পুথিত লিপিবদ্ধ আছে। এনেকুৱা পুথি য’ত সৰু বৰ সকলো বিষয় লিপিবদ্ধ।
Yunus 10:62
জানি থোৱা! নিশ্চয় আল্লাহৰ অলীসকলৰ বাবে ক্বিয়ামতৰ ভয়াৱহতাৰ সন্মুখীন হোৱাৰ কোনো ভয় নাই। আনকি পৃথিৱীত এৰি থৈ যোৱা অংশৰ বিষয়েও কোনো চিন্তা নহ'ব।
Yunus 10:63
এওঁলোক হৈছে আল্লাহৰ সেইসকল অলী, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছিল, তথা আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰিছিল।
Yunus 10:64
তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা পৃথিৱীত সুসংবাদ স্বৰূপে আছে নেক সপোন আৰু মানুহৰ প্ৰশংসা। লগতে তেওঁলোকৰ বাবে সুসংবাদ আছে ফিৰিস্তাসকলৰ ফালৰ পৰা যেতিয়া তেওঁলোকৰ প্ৰাণ হৰণ কৰা হ'ব, আৰু মৃত্যুৰ পিছত আৰু হাচৰৰ ময়দানত। আল্লাহে তেওঁলোকৰ লগত যি প্ৰতিশ্ৰুতি কৰিছে তাত কোনো পৰিবৰ্তন নহ'ব। এই প্ৰতিফলেই হৈছে মহাসফলতা। কাৰণ ইয়াত আছে উদ্দেশ্যৰ প্ৰাপ্তি আৰু ভয়ৰ পৰা মুক্তি।
Yunus 10:65
হে ৰাছুল! ইহঁতে আপোনাৰ ধৰ্ম সম্পৰ্কে যি তিৰস্কাৰ আৰু ঠাট্টা-মস্কৰা কৰে, তাত আপুনি দুখী নহ'ব। নিশ্চয় সকলো ধৰণৰ প্ৰভুত্ব আৰু আধিপত্য কেৱল আল্লাহৰ বাবে। ইয়াক কোনেও বিৱশ কৰিব নোৱাৰে। অৱশ্যে তেওঁ সিহঁতৰ কথা শ্ৰৱণকাৰী আৰু সিহঁতৰ কৰ্ম সম্পৰ্কে অৱগত। আৰু অচিৰেই তেওঁ সিহঁতক ইয়াৰ প্ৰতিফল দিব।
Yunus 10:66
জানি থোৱা! আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোৰে একমাত্ৰ মালিক আল্লাহ তাআলা। মুশ্বৰিকসকলে আল্লাহক এৰি যিবোৰৰ উপাসনা কৰি আছে, সিহঁতে দৰাচলতে কাৰ অনুসৰণ কৰি আছে, প্ৰকৃততে সিহঁতে ভ্ৰম আৰু সন্দেহ-সংশয়ৰহে অনুসৰণ কৰি আছে। লগতে সিহঁতে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি কেৱল মিছা আৰোপ কৰি আছে। নিশ্চয় আল্লাহ সিহঁতৰ এই অবান্তৰ কথাৰ পৰা অতি উচ্চ আৰু মহান।
Yunus 10:67
হে মানৱজাতি! তেৱেঁই তোমালোকৰ বাবে ৰাতি বনাইছে যাতে তোমালোকে ভাগৰ, আমনি আৰু ক্লান্তিৰ পৰা বিশ্ৰাম লব পাৰা। আৰু দিন বনাইছে আলোকময় যাতে তোমালোকে জীৱনোপকৰণৰ বাবে লাভদায়ক বস্তুৰ সন্ধান কৰিব পাৰা। নিশ্চয় ইয়াত সেইসকল লোকৰ বাবে আছে স্পষ্ট নিদৰ্শন, যিসকলে মানিবলৈ আৰু গ্ৰহণ কৰাৰ উদ্দেশ্যে শুনে।
Yunus 10:68
মুশ্বৰিকসকলৰ এটা দলে কয় যে, আল্লাহে ফিৰিস্তাসকলক নিজৰ কন্যা বনাই লৈছে। আল্লাহ সিহঁতৰ এনেকুৱা অবান্তৰ কথাৰ পৰা পৱিত্ৰ। পৱিত্ৰ আল্লাহ তেওঁৰ সকলো সৃষ্টিৰ পৰা অমুখাপেক্ষী। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলো তেওঁৰেই। হে মুশ্বৰিকসকল! তোমালোকৰ ওচৰত তোমালোকৰ এই কথাৰ কোনো প্ৰমাণ নাই। কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ আল্লাহৰ সন্তান দাবী কৰি তোমালোকে যি মহা অপৰাধ কৰিছা, ইয়াৰ সত্যতা সম্পৰ্কে তোমালোকৰ জ্ঞান নাই।
Yunus 10:69
হে ৰাছুল! সিহঁতক কৈ দিয়ক, যিসকলে আল্লাহৰ সন্তান আছে বুলি মিছা অভিযোগ উত্থাপন কৰে, সিহঁত কেতিয়াও নিজৰ উদ্দেশ্যত সফল হ'ব নোৱাৰে, আৰু যাক সিহঁতে ভয় কৰে তাৰ পৰাও মুক্তি পাব নোৱাৰে।
Yunus 10:70
এতেকে সিহঁতে পৃথিৱীৰ সুখ সামগ্ৰী আৰু নিয়ামতৰ যি আনন্দ লৈ আছে, সেয়া যেন সিহঁতক প্ৰতাৰিত নকৰে। কিয়নো এয়া হৈছে নগণ্য ভোগসামগ্ৰী, যিবোৰ ধ্বংসশীল। তাৰ পিছত ক্বিয়ামতৰ দিনা আমাৰ ওচৰলৈকেই সিহঁতে প্ৰত্যাৱৰ্তন কৰিব লাগিব। তেতিয়া আমি সিহঁতক আল্লাহৰ লগত কুফুৰী কৰাৰ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰাৰ কাৰণে কঠোৰ শাস্তিৰ সোৱাদ উপভোগ কৰাম।
Yunus 10:71
হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰী মুশ্বৰিকসকলক নূহ আলাইহিছ ছালামৰ বিষয়ে শুনাওক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক সম্বোধন কৰি কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই তোমালোকৰ সন্মুখত থিয় হোৱাটো তোমালোকে যদি সহ্য কৰিব নোৱাৰা, আৰু আল্লাহৰ আয়াতৰ জৰিয়তে মই তোমালোকক দিয়া উপদেশ আৰু মোৰ বক্তব্য যদি তোমালোকৰ বাবে কষ্টকৰ হয়, তথা তোমালোকে যদি মোক হত্যা কৰাৰ সংকল্প লৈছাই তেন্তে শুনা! মই তোমালোকৰ চক্ৰান্তক ৰোধ কৰিবলৈ কেৱল আল্লাহৰ ওপৰতে ভৰসা কৰিছো। এতেকে তোমালোকে নিজৰ বিষয়টো সুনিশ্চিত কৰা, আৰু মোক হত্যা কৰাৰ পূৰ্ণ প্ৰতিজ্ঞা লোৱা, তথা সহায়ৰ বাবে তোমালোকৰ সকলো উপাস্যক মাতি লোৱা। তাৰ পিছত তোমালোকৰ চক্ৰান্তক গোপন ৰহস্য কৰি নাৰাখিবা, আৰু মোক হত্যা কৰাৰ তোমালোকৰ যি পৰিকল্পনা আছে সেয়া বাস্তৱায়ন কৰা, আৰু মোক অকণো অৱকাশ নিদিবা।
Yunus 10:72
যদি তোমালোকে মোৰ আহ্বানৰ পৰা বিমুখ হোৱা, তেন্তে তোমালোকেতো জানাই, মই মোৰ প্ৰতিপালকৰ বাৰ্তা পৌঁচাই দিয়াৰ বিনিময়ত তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক বিচৰা নাই। তোমালোকে মোৰ প্ৰতি ঈমান পোষণ কৰা বা নকৰা, মোৰ প্ৰতিদান একমাত্ৰ আল্লাহৰ অধীনত। আল্লাহে মোক আদেশ দিছে মই যেন তেওঁৰ ইবাদত কৰো আৰু সৎকৰ্মৰ জৰিয়তে তেওঁৰ আনুগত্য কৰোঁ।
Yunus 10:73
তথাপিও তেওঁৰ সম্প্ৰদায়ে তেওঁক অস্বীকাৰ কৰিলে, আৰু তেওঁক সমৰ্থন নকৰিলে। ফলত আমি তেওঁক আৰু তেওঁৰ সৈতে নাৱঁত আৰোহণ কৰা মুমিনসকলক ৰক্ষা কৰিলো। আৰু তেওঁলোকক পূৰ্বৱৰ্তী লোকসকলৰ উত্তৰাধিকাৰী কৰি দিলো। আৰু যিসকলে তেওঁ লৈ অহা নিদৰ্শন আৰু প্ৰমাণবোৰক অস্বীকাৰ কৰিছিল, সিহঁতক আমি তুফানৰ জৰিয়তে ধ্বংস কৰিলো। এতেকে হে ৰাছুল! চিন্তা কৰকচোন, যিসকলক নূহ আলাইহিছ ছালামে সতৰ্ক কৰিছিল কিন্তু সিহঁতে ঈমান পোষণ কৰা নাছিল, সেইসকল লোকৰ অন্তিম পৰিণাম কেনেকুৱা আছিল?
Yunus 10:74
নূহ আলাইহিছ ছালামৰ পিছত আমি বহুতো ৰাছুলক তেওঁলোকৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছো। তথা ৰাছুলসকলে তেওঁলোকৰ জাতিৰ ওচৰত নিদৰ্শন আৰু প্ৰমাণ লৈ আহিছিল। কিন্তু ৰাছুলসকলক অস্বীকাৰ কৰাৰ সিহঁতৰ যি পুৰণি স্বভাৱ আছিল তাৰ পৰিপ্ৰেক্ষিতত সিহঁতৰ মাজত ঈমান পোষণ কৰাৰ কোনো লক্ষণ নাছিল। ফলত আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছিল। যিদৰে আমি পূৰ্বৱৰ্তী ৰাছুলসকলৰ অনুসাৰীসকলৰ অন্তৰত মোহৰ মাৰিছিলো, ঠিক সেইদৰে আমি প্ৰত্যেক ঠাই আৰু প্ৰত্যেক যুগৰ সেই কাফিৰসকলৰ অন্তৰত মোহৰ লগাই দিম, যিসকলে কুফৰৰ পন্থা অৱলম্বন কৰি আল্লাহৰ সীমালঙ্ঘন কৰে।
Yunus 10:75
এটা দীৰ্ঘ সময়ৰ অন্তত এই ৰাছুলসকলৰ পিছত আমি মূছা আৰু তেওঁৰ ভাতৃ হাৰূন আলাইহিমাছ ছালামক মিচৰৰ ৰজা ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ ওচৰত প্ৰেৰণ কৰিলো। আমি তেওঁলোক দুয়োকে তেওঁলোকৰ সত্যতা প্ৰমাণকাৰী নিদৰ্শনৰ সৈতে প্ৰেৰণ কৰিছিলো। কিন্তু সিহঁতে অহংকাৰ কৰিলে আৰু তেওঁলোকে লৈ অহা বিষয়ৰ প্ৰতি ঈমান পোষণ নকৰিলে। দৰাচলতে সিহঁত আছিল অপৰাধী সম্প্ৰদায়, কাৰণ সিহঁতে আল্লাহৰ লগত কুফুৰী কৰিছিল আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল।
Yunus 10:76
এতেকে যেতিয়া ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ ওচৰত মূছা আৰু তেওঁৰ ভাতৃয়ে লৈ অহা নিদৰ্শনসমূহ উপস্থাপন কৰা হ'ল, তেতিয়া সিহঁতে মূছা আলাইহিছ ছালামে নিজৰ সত্যতা প্ৰমাণ কৰিবলৈ লৈ অহা নিদৰ্শন সম্পৰ্কে মন্তব্য কৰি ক'লেঃ নিশ্চয় এইবোৰ স্পষ্ট যাদু, এইবোৰ বাস্তৱ নহয়।
Yunus 10:77
মূছা আলাইহিছ ছালামে তেতিয়া সিহঁতক নিন্দা কৰি ক'লেঃ তোমালোকৰ ওচৰত সত্য অহাৰ পিছত সেইটোক তোমালোকে যাদু বুলি কৈ আছা? কেতিয়াও নহয়, এয়া যাদু নহয়। মই ভালদৰে জানো যাদুকৰ কেতিয়াও সফল হ'ব নোৱাৰে। তেন্তে মই কিয় এনেকুৱা পন্থাত লিপ্ত হ'ম?
Yunus 10:78
ফিৰআউনৰ সম্প্ৰদায়ে মূছা আলাইহিছ ছালামক এই বুলি উত্তৰ দিলে যে, তোমালোকে এই যাদু লৈ আমাৰ ওচৰত এই কাৰণে আহিছা, যাতে তোমালোকে আমাক আমাৰ সেই ধৰ্মৰ পৰা আঁতৰাব পাৰা যি ধৰ্মত আমি আমাৰ আজুককাসকলক পাইছিলো, আৰু যাতে তুমি আৰু তোমাৰ ভাতৃয়ে ৰাজত্ব লাভ কৰিব পাৰা? হে মূছা আৰু হাৰূন! দৰাচলতে আমি এইটো কেতিয়াও স্বীকাৰ নকৰো যে, তোমালোকক আমাৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰণ কৰা হৈছে।
Yunus 10:79
ফিৰআউনে নিজ সম্প্ৰদায়ক আদেশ কৰি কলে, মোৰ ওচৰলৈ এনেকুৱা প্ৰত্যেক যাদুকৰসকলক উপস্থিত কৰা, যিসকল যাদুৰ ক্ষেত্ৰত পৰিপূৰ্ণ জ্ঞান ৰাখে তথা এই ক্ষেত্ৰত অতি দক্ষ।
Yunus 10:80
,ফিৰআউনৰ ওচৰত যেতিয়া যাদুকৰসকলক অনা হ'ল, ইপিনে মূছা আলাহিছ ছালাম পূৰ্ণ বিশ্বাসী আছিল যে সিহঁতৰ ওপৰত তেৱেঁই বিজয় লাভ কৰিব, সেয়ে তেওঁ সিহঁতক উদ্দেশি ক'লেঃ হে যাদুকৰসকল! নিক্ষেপ কৰা, তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে।
Yunus 10:81
সিহঁতৰ ওচৰত যি নিক্ষেপ কৰিবলগীয়া আছিল, সিহঁতে যেতিয়া সেয়া নিক্ষেপ কৰিলে, তেতিয়া মূছা আলাইহিছ ছালামে সিহঁতক ক'লেঃ তোমালোকে যি দেখুৱাই আছা সেইটোহে যাদু। তোমালোকে যি দেখুৱাই আছা এইটোক আল্লাহে অৱশ্যে এনেকৈ বিনষ্ট কৰিব যে, ইয়াৰ কোনো চিহ্নও অৱশিষ্ট নাথাকিব। দৰাচলতে তোমালোকে যাদুৰ দ্বাৰা পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি আছা। অৱশ্যে আল্লাহে বিপৰ্যয় সৃষ্টিকাৰীৰ কৰ্ম সংশোধন নকৰে।
Yunus 10:82
আল্লাহে ভাগ্য সম্পৰ্কীয় বাণীৰ দ্বাৰা আৰু চৰীয়তৰ মাজত থকা প্ৰমাণ আৰু যুক্তিৰে সত্যক সত্য বুলি প্ৰমাণিত কৰে তথা প্ৰতিষ্ঠিত কৰে। যদিও ফিৰআউন সম্প্ৰদায়ৰ অপৰাধী কাফিৰসকলে বেয়া পায়।
Yunus 10:83
সিহঁত প্ৰত্যাখ্যান কৰাৰ স্থিতিত পৰিপূ্ৰ্ণভাৱে অটল আছিল। এতেকে মূছা আলাইহিছ ছালামে প্ৰকাশ্য নিদৰ্শন আৰু স্পষ্ট প্ৰমাণ অনাৰ পিছতো তেওঁৰ সম্প্ৰদায় অৰ্থাৎ বনী ইছৰাঈলৰ কেৱল কেইজন মান যুৱকেহে তেওঁক সমৰ্থন কৰিলে। তথাপিও তেওঁলোকে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ পৰা ভীত-সন্ত্ৰস্ত হৈ আছিল যে, যদি তেওঁলোকৰ বিষয়টো প্ৰকাশ পাই যায় তেন্তে সিহঁতে তেওঁলোকক শাস্তি প্ৰদান কৰি ঈমানৰ পৰা বিচলিত কৰিব। দৰাচলতে ফিৰআউন আছিল অহংকাৰী আৰু মিচৰ তথা ইয়াৰ অধিবাসীসকলৰ ওপৰত আছিল প্ৰভূত্বশালী। নিসন্দেহে সি কুফুৰীত আৰু বনী ইছৰাঈলক হত্যা কৰাৰ ক্ষেত্ৰত তথা সিহঁতক শাস্তি প্ৰদানৰ ক্ষেত্ৰত সীমালঙ্ঘনকাৰী আছিল।
Yunus 10:84
মূছা আলাইহিছ ছালামে নিজ সম্প্ৰদায়ক সম্বোধন কৰি ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! যদি তোমালোকে সঁচাই আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছা তেন্তে কেৱল তেওঁৰ ওপৰতেই ভৰসা কৰা, যদি তোমালোক প্ৰকৃত আত্মসমৰ্পনকাৰী। কাৰণ আল্লাহৰ প্ৰতি ভৰসা কৰিলে তোমালোকৰ বিপদ দূৰ হ'ব, আৰু কল্যাণ লাভ কৰিবা।
Yunus 10:85
তেতিয়া তেওঁলোকে মূছা আলাইহিছ ছালামক উত্তৰ দি ক'লেঃ আমি কেৱল আল্লাহৰ প্ৰতি ভৰসা কৰিছো। হে আমাৰ প্ৰতিপালক! তুমি আমাক অন্যায়কাৰীসকলৰ অধীনস্থ নকৰিবা। কাৰণ সিহঁতে আমাক শাস্তি, হত্যা আৰু প্ৰলোভন প্ৰদান কৰি ধৰ্মৰ পৰা বিচলিত কৰিব।
Yunus 10:86
হে আমাৰ প্ৰতিপালক! তুমি আমাক তোমাৰ কৃপাত কাফিৰ ফিৰআউনৰ সম্প্ৰদায়ৰ হাতৰ পৰা ৰক্ষা কৰা। কাৰণ সিহঁতে আমাক দাস বনাই ৰাখিছে, লগতে আমাক শাস্তি আৰু হত্যাৰ দ্বাৰা নিৰ্যাতন চলাইছে।
Yunus 10:87
আমি মূছা আৰু তেওঁৰ ভাতৃ হাৰূন আলাইহিমাচ্ছালামক অহীৰ জৰিয়তে নিৰ্দেশ দিছিলোঁ যে, তোমালোকে নিজ সম্প্ৰদায়ৰ বাবে কেৱল আল্লাহৰ ইবাদত কৰিবলৈ মিচৰত কিছুমান ঘৰ নিৰ্মাণ কৰা, যিবোৰৰ দিশ কিব্লা (বাইতুল মাক্বদিছ) অভিমুখে ৰাখিবা। আৰু পৰিপূৰ্ণভাৱে ছালাত প্ৰতিষ্ঠা কৰিবা। তথা হে মূছা! আপুনি মুমিনসকলক এই আনন্দদায়ক শুভসংবাদ দিয়ক যে, আল্লাহে তেওঁলোকক সহায় কৰিব, তেওঁলোকক সমৰ্থন কৰিব, তেওঁলোকৰ শত্ৰুক ধ্বংস কৰি তেওঁলোকক পৃথিৱীত উত্তৰাধিকাৰী বনাব।
Yunus 10:88
মূছা আলাইহিছ ছালামে প্ৰাৰ্থনা কৰি ক'লেঃ হে আমাৰ প্ৰতিপালক! তুমি ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলক পাৰ্থিৱ জীৱনৰ মূল্যৱান সম্পদ আৰু ভোগ ও শোভা-সামগ্ৰী প্ৰদান কৰিছা আৰু সিহঁতক পৃথিৱীত ধন-সম্পত্তি প্ৰদান কৰিছা, তথাপিও সিহঁতে তুমি প্ৰদান কৰা নিয়ামতৰ কৃতজ্ঞতা প্ৰকাশ কৰা নাই। আনকি ইয়াৰ দ্বাৰা সিহঁতে মানুহক তোমাৰ পথৰ পৰা বিভ্ৰান্ত কৰিছে। হে আমাৰ প্ৰতিপালক! তুমি সিহঁতৰ ধন-সম্পদ ধ্বংস কৰি দিয়া। আৰু সিহঁতৰ অন্তৰ কঠোৰ বনাই দিয়া, যাতে সিহঁতে কঠিন শাস্তি নিজ চকুৰে নেদেখালৈকে ঈমান পোষণ নকৰে, যি সময়ত ঈমান পোষণ কৰিলে সেই ঈমানে কোনো উপকাৰ নকৰে।
Yunus 10:89
আল্লাহে কৈছেঃ হে মূছা আৰু হাৰূন! ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ নেতাসকলৰ বিৰুদ্ধে কৰা তোমালোকৰ বদ্দুআ মই কবূল কৰিছো। এতেকে তোমালোকে নিজ ধৰ্মত অটল থাকা, ইয়াৰ পৰা বিমুখ হৈ অজ্ঞানীসকলৰ অনুসৰণ নকৰিবা, যিসকলৰ ওচৰত সত্যৰ পথ সম্পৰ্কে একো জ্ঞান নাই।
Yunus 10:90
আৰু আমি সাগৰক দুভাগ কৰি বনী ইছৰাঈলৰ বাবে সাগৰ পাৰ কৰা সহজ কৰি দিছিলো, আনকি তেওঁলোক অতি সহজে সুৰক্ষিত অৱস্থাত সাগৰ পাৰ কৰিছিল। তথাপিও ফিৰআউন আৰু তাৰ সেনাবাহিনীয়ে অন্যায় অত্যাচাৰত লিপ্ত হৈ তেওঁলোকক চোঁচা ললে। কিন্তু যেতিয়া সাগৰৰ দুয়োভাগ মিলিত হ'ল আৰু সি ডুবিবলৈ ধৰিলে, আনকি তাৰ পৰা ৰক্ষা পোৱাৰ কোনো উপায় বিচাৰি নাপালে তেতিয়া সি ক'লেঃ মই ঈমান আনিলো, যাৰ বাহিৰে কোনো সত্য উপাস্য নাই, যি সত্ত্বাৰ প্ৰতি বনী ইছৰাঈলে ঈমান পোষণ কৰিছে। আৰু মই আল্লাহৰ আনুগত্যকাৰী বান্দাসকলৰ অন্তৰ্ভুক্ত হ'লো।
Yunus 10:91
জীৱনৰ পৰা নিৰাশ হোৱাৰ পিছত এতিয়া ঈমান আনিছা? অথচ হে ফিৰআউন! আল্লাহৰ শাস্তি অৱতীৰ্ণ হোৱাৰ পূৰ্বে তাক অস্বীকাৰ কৰিছিলা, আৰু তেওঁৰ পথৰ পৰা মানুহক বিৰত ৰাখি আল্লাহৰ অবাধ্যতা কৰিছিলা, আৰু তুমি বিপৰ্যয় সৃষ্টিকাৰীসকলৰ অন্তৰ্ভুক্তি আছিলা। কাৰণ তুমি নিজেই পথভ্ৰষ্ট আছিলা আৰু আনকো পথভ্ৰষ্ট কৰিছিলা।
Yunus 10:92
হে ফিৰআউন! আজি মই তোমাক সাগৰৰ পৰা উঠাই আনিম, আৰু এডোখৰ ওখ স্থানত থৈ দিম, যাতে তোমাৰ পিছত অহা লোকসকলে তোমাক দেখি শিক্ষা লাভ কৰে। দৰাচলতে অধিকাংশ মানুহ আমাৰ ক্ষমতাৰ প্ৰমাণ আৰু যুক্তি সম্পৰ্কে উদাসীন। সেই সম্পৰ্কে চিন্তা-চৰ্চা নকৰে।
Yunus 10:93
আৰু আমি বনী ইছৰাঈলক শ্বাম দেশৰ বৰকতময় ভূমিত এটা সুখ-দায়ক স্থান আৰু মনোমোহা, মনোৰম ভূমি প্ৰদান কৰিছিলো, আৰু তেওঁলোকক খাবলৈ হালাল তথা পৱিত্ৰ জীৱিকা দান কৰিছিলো। তেতিয়া তেওঁলোকে নিজৰ ধৰ্ম সম্পৰ্কে মতভেদ সৃষ্টি কৰা নাছিল। অৱশেষত যেতিয়া তেওঁলোকৰ ওচৰত কোৰআন আহিল, যিয়ে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সেইসমূহ বৈশিষ্ট্যৰ সমৰ্থন কৰে যিবোৰ তেওঁলোকে তাওৰাতত পঢ়িছিল। তেওঁলোকে যেতিয়া ইয়াক অস্বীকাৰ কৰিলে তেতিয়া তেওঁলোকৰ পৰা তেওঁলোকৰ দেশ কাঢ়ি লোৱা হ'ল। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে ক্বিয়ামতৰ দিনা সিহঁতৰ মাজত যি বিষয়ে মতভেদ হৈছিল তাৰ মীমাংসা কৰিব। তাৰ পিছত তেওঁ সত্যবাদী আৰু অসত্যবাদীক নিজ নিজ যোগ্যতা অনুযায়ী প্ৰতিফল দিব।
Yunus 10:94
হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰা কোৰআনৰ বাস্তৱতা সম্পৰ্কে যদি আপুনি সংশয় তথা সন্দেহত আছে তেন্তে ঈমান পোষণ কৰা সেইসকল ইয়াহুদীক সুধি চাওক যিসকলে তাওৰাত অধ্যয়ন কৰে আৰু সেইসকল খৃষ্টানক সুধি চাওক যিসকলে ঈঞ্জীল পাঠ কৰে। তেওঁলোকে আপোনাক অৱগত কৰাব যে, আপোনাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া সত্য। কিয়নো তেওঁলোকৰ কিতাপত ইয়াৰ বৈশিষ্ট্য বৰ্ণনা হৈছে। প্ৰকৃততে আপোনাৰ ওচৰত আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য আহি পাইছে, যাৰ মাজত কোনো সন্দেহ নাই। এতেকে আপুনি কেতিয়া সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহ'ব।
Yunus 10:95
আপুনি কেতিয়াও সেইসকল লোকৰ অন্তৰ্ভুক্ত নহ'ব যিসকলে আল্লাহৰ স্পষ্ট প্ৰমাণ আৰু যুক্তিক অস্বীকাৰ কৰিছে। অন্যথা ইয়াৰ ফলত আপুনি সেইসকল লোকৰ অন্তৰ্ভুক্ত হৈ যাব, যিসকলে কুফুৰী কৰাৰ কাৰণে নিজে নিজকে বিনাশৰ গৰালত ঠেলি দি নিজকে ক্ষতি সাধন কৰিছে। দৰাচলতে এই সতৰ্কতা হৈছে সন্দেহ আৰু অস্বীকাৰৰ ক্ষতি তথা ভয়াৱহতা বৰ্ণনা কৰা উদ্দেশ্যে, অন্যথা নবী হৈছে নিৰ্দোষী নিৰপৰাধ, তেওঁৰ ফালৰ পৰা এনেকুৱা কোনো কৰ্ম কেতিয়াও সম্ভৱ নহয়।
Yunus 10:96
নিশ্চয় যিসকলৰ বিৰুদ্ধে আল্লাহৰ এই ফয়চালা সাব্যস্ত হৈছে যে, সিহঁত কুফুৰীৰ ওপৰত অটল থকাৰ কাৰণে কুফুৰী অৱস্থাতেই মৃত্যুবৰণ কৰিব, সেইসকল লোকে কেতিয়াও ঈমান পোষণ কৰিব নোৱাৰিব।
Yunus 10:97
যদিও সিহঁতৰ ওচৰত চৰীয়তি আৰু পাৰ্থিৱ সকলো ধৰণৰ নিদৰ্শন আহি পৰে (তথাপিও সিহঁতে ঈমান পোষণ নকৰিব)। কিন্তু কষ্টদায়ক শাস্তি নিজ চকুৰে দেখিলেহে সিহঁতে ঈমান পোষণ কৰিব, অথচ সেই সময়ৰ ঈমানে সিহঁতক কোনো উপকাৰ নকৰিব।
Yunus 10:98
আমি ৰাছুল প্ৰেৰণ কৰা এনেকুৱা কোনো জনবসতি নাই, যি জনবসতিয়ে শাস্তি প্ৰত্যক্ষ কৰি ঈমান আনিছে আৰু সিহঁতৰ ঈমানে কোনো উপকাৰ সাধিছে, কিন্তু ইউনুছ আলাইহিছ ছালামৰ সম্প্ৰদায় এই ক্ষেত্ৰত ব্যতিক্ৰম। কিয়নো তেওঁলোকে যেতিয়া সঁচা ঈমান পোষণ কৰিছিল তেতিয়া আমি তেওঁলোকৰ ওপৰৰ পৰা পাৰ্থিৱ জীৱনৰ অপমান আৰু তিৰস্কাৰমূলক শাস্তি উঠাই লৈছিলো। আৰু তেওঁলোকক মৃত্যু পৰ্যন্ত পাৰ্থিৱ জীৱনৰ সামগ্ৰীৰ দ্বাৰা উপকৃত হোৱাৰ অৱকাশ দিছিলো।
Yunus 10:99
হে ৰাছুল! আপোনাৰ প্ৰতিপালকে যদি পৃথিৱীৰ সকলো মানুহকে মুমিন বনাব বিচাৰিলেহেঁতেন, তেন্তে সকলোৱে ঈমান পোষণ কৰিলেহেঁতেন। কিন্তু তেওঁ বিশেষ হিকমত (প্ৰজ্ঞা) অনুযায়ী এয়া বিচৰা নাই। এতেকে তেওঁ যাক ইচ্ছা কৰে তেওঁৰ ন্যায় সিদ্ধান্তৰে সঠিক পথৰ পৰা আঁতৰাই দিয়ে, আৰু যাক ইচ্ছা কৰে নিজ কৃপাত সঠিক পথত পৰিচালিত কৰে। সেয়ে আপুনি মানুহক ঈমান পোষণ কৰিবলৈ বাধ্য কৰিব নোৱাৰিব। কিয়নো সিহঁতক ঈমান পোষণ কৰাৰ তাওফীক প্ৰদানকাৰী একমাত্ৰ আল্লাহ তাআলা।
Yunus 10:100
কোনো ব্যক্তিৰ পক্ষেই সম্ভৱ নহয় যে, সি আল্লাহৰ অনুমতি অবিহনে নিজে নিজেই ঈমান পোষণ কৰিব। যিহেতু আল্লাহৰ ইচ্ছা নোহোৱাকৈ ঈমান লাভ কৰা সম্ভৱ নহয়, সেয়ে আপুনি সিহঁতকলৈ পৰিতাপ নকৰিব। আল্লাহে সেইসকল লোকৰ ওপৰত শাস্তি আৰু অপমান জাপি দিয়ে, যিসকলে তেওঁৰ প্ৰমাণ আৰু যুক্তিসমূহ তথা তেওঁৰ আদেশ-নিষেধসমূহ বুজিবলৈ যত্ন নকৰে।
Yunus 10:101
হে ৰাছুল! আপুনি সেইসকল মুশ্বৰিকক কৈ দিয়ক, যিসকলে আপোনাৰ ওচৰত নিদৰ্শন সম্পৰ্কে প্ৰশ্ন কৰেঃ ভাৱি চোৱাচোন, আকাশমণ্ডল আৰু পৃথিৱীত আল্লাহৰ ক্ষমতা আৰু একত্ববাদ সাব্যস্ত কৰা প্ৰমাণসমূহ কি কি আছে। যিসকলে কুফুৰীত অটল থকাৰ কাৰণে ঈমান পোষণ কৰিবলৈ প্ৰস্তুত নহয়, সিহঁতৰ বাবে ৰাছুল প্ৰেৰণ, যুক্তি আৰু আয়াত অৱতীৰ্ণই কোনো উপকাৰ নকৰে।
Yunus 10:102
তেন্তে এই অস্বীকাৰকাৰীসকলে তেনেকুৱা দুৰ্ঘটনাৰ অপেক্ষাত আছে নেকি, যেনেকুৱা দুৰ্ঘটনাত আল্লাহে পূৰ্বে অতিবাহিত অস্বীকাৰকাৰী সম্প্ৰদায়ক পতিত কৰিছিল। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকে আল্লাহৰ শাস্তিৰ অপেক্ষা কৰা, আৰু মই তোমালোকৰ লগত মোৰ প্ৰতিপালকৰ প্ৰতিশ্ৰুতিৰ অপেক্ষাত আছো।
Yunus 10:103
তাৰ পিছত আমি সিহঁতক শাস্তি বিহিলো আৰু আমাৰ ৰাছুলসকলক উদ্ধাৰ কৰিলো তথা তেওঁলোকৰ লগত থকা মুমিনসকলকো ৰক্ষা কৰিলো। ফলত তেওঁলোক সিহঁতৰ দৰে ক্ষতিগ্ৰস্ত হোৱা নাছিল। যিদৰে আমি সেই ৰাছুলসকলক আৰু তেওঁলোকৰ লগত থকা মুমিনসকলক ৰক্ষা কৰিছিলো, ঠিক সেইদৰে আমি আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক আৰু তেওঁৰ লগত থকা মুমিনসকলক ৰক্ষা কৰিম। আৰু এয়া বাস্তৱ তথা নিশ্চিত।
Yunus 10:104
হে ৰাছুল! আপুনি কওঁক, হে মানৱজাতি! যদি তোমালোক মই আহ্বান কৰা দ্বীন সম্পৰ্কে সন্দেহত আছা, যিটো তাওহীতৰ ওপৰত প্ৰতিষ্ঠিত দ্বীন। তেন্তে জানি থোৱা! মই নিশ্চিত তোমালোকৰ ধৰ্ম যে ভ্ৰষ্ট, সেই কাৰণেই মই সেইটোৰ অনুসৰণ নকৰো। এতেকে মই সেইবোৰ উপাস্যৰ উপাসনা নকৰো, যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা। কিন্তু মই সেই আল্লাহৰ ইবাদত কৰো, যিয়ে তোমালোকক মৃত্যু দান কৰিব। মোক আদেশ দিয়া হৈছে মই যেন নিষ্ঠাৱান মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ যাওঁ।
Yunus 10:105
এইদৰে তেওঁ মোক আৰু আদেশ দিছে যে, মই যেন সত্য দ্বীনৰ ওপৰত প্ৰতিষ্ঠিত থাকোঁ। লগতে সকলো ধৰ্মৰ পৰা বিমুখ হৈ কেৱল সেই দ্বীনৰ ওপৰতেই অবিচল থাকোঁ। লগতে মোক মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত হ'বলৈ নিষেধ কৰিছে।
Yunus 10:106
হে ৰাছুল! আপুনি আল্লাহৰ বাহিৰে মূৰ্তি আৰু প্ৰতিমাসমূহৰ ওচৰত প্ৰাৰ্থনা নকৰিব, সেইবোৰ কোনো উপকাৰ কৰাৰ অধিকাৰ নাৰাখে যে আপোনাক উপকাৰ কৰিব। আৰু কোনো ক্ষতি কৰাৰো অধিকাৰ নাই যে আপোনাৰ ক্ষতি সাধন কৰিব। যদি আপুনি সেইবোৰৰ উপাসনা কৰে তেন্তে আপুনি অন্যায়কাৰীসকলৰ অন্তৰ্ভুক্ত হব, যিসকলে আল্লাহৰ আৰু নিজৰ অধিকাৰ খৰ্ব কৰি সীমালঙ্ঘন কৰে।
Yunus 10:107
হে ৰাছুল! আল্লাহে যদি আপোনাক কোনো বিপদত পেলায়, আৰু আপুনি যদি নিজকে সেই বিপদৰ পৰা উদ্ধাৰ কৰিব বিচাৰে তেন্তে আল্লাহৰ বাহিৰে ইয়াক কোনেও দূৰ কৰিব নোৱাৰিব। এতেকে আল্লাহে যদি আপোনাৰ কল্যাণ বিচাৰে তেন্তে কোনেও তেওঁৰ অনুগ্ৰহক প্ৰতিৰোধ কৰিব নোৱাৰে। তেওঁ নিজ বান্দাসকলৰ যাক ইচ্ছা কৰে তেওঁৰ অনুগ্ৰহৰ দ্বাৰা সন্মানিত কৰে। এতেকে তেওঁক কোনেও বিৱশ কৰিব নোৱাৰে। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অত্যন্ত ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি অতি দয়ালু।
Yunus 10:108
হে ৰাছুল! আপুনি কৈ দিয়কঃ হে মানৱজাতি! তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা কোৰআন আহি পৰিছে। এতেকে যিয়ে সঠিক পথ অৱলম্বন কৰিব আৰু তাৰ প্ৰতি ঈমান পোষণ কৰিব, তাৰ উপকাৰ সি নিজেই লাভ কৰিব। কিয়নো আল্লাহ তাআলা বান্দাসকলৰ আনুগত্যৰ পৰা অমুখাপেক্ষী। আনহাতে যিয়ে পথভ্ৰষ্টতাৰ পথ অৱলম্বন কৰিব, সেই পথভ্ৰষ্টতাৰ প্ৰভাৱ অকল তাৰ ওপৰতেই পৰিব। কিয়নো বান্দাৰ অবাধ্যতাই আল্লাহৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰে। মই তোমালোকৰ কৰ্মৰ নিৰীক্ষক নহয় যে সেইবোৰ মই গণনা কৰিম, আৰু তোমালোকৰ পৰা তাৰ হিচাপ-নিকাচ বিচাৰিম।
Yunus 10:109
হে ৰাছুল! আপুনি সেই অহীৰ অনুসৰণ কৰক, যিটো আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰিছে, আৰু সেই অনুসৰি কৰ্ম কৰক। তথা আপুনি আপোনাৰ সম্প্ৰদায়ৰ বিৰোধী লোকসকলৰ কষ্ট প্ৰদানত ধৈৰ্য ধাৰণ কৰক, লগতে যিটো বাৰ্তা আপোনাক পৌঁচাই দিয়াৰ দায়িত্ব দিয়া হৈছে সেই ক্ষেত্ৰতো ধৈৰ্য ধাৰণ কৰক। সিহঁতৰ বিষয়ে আল্লাহে ফয়চালা নকৰালৈকে আপুনি নিৰবিচ্ছিন্নভাৱে এনেকুৱা ব্যৱহাৰত অবিচল থাকক। অৱশেষত আল্লাহে আপোনাক পৃথিৱীত সিহঁতৰ ওপৰত বিজয় প্ৰদান কৰিব, আৰু কুফুৰী অৱস্থাত যদি সিহঁত মৃত্যুবৰণ কৰে তেন্তে আখিৰাতত সিহঁতক শাস্তি প্ৰদান কৰিব।
Hud 11:1
(আলিফ-লাম-ৰা) এনেকুৱা আখৰ সম্পৰ্কীয় আলোচনা ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত কৰা হৈছে। কোৰআন এনেকুৱা এখন কিতাপ যাৰ শব্দ বিন্যাস আৰু অৰ্থবোৰ সুদৃঢ়। তাত আপুনি কোনো ধৰণৰ ত্ৰুটি-বিচ্যুতি নাপাব। লগতে তাত হালাল আৰু হাৰাম, আদেশ আৰু নিষেধ, প্ৰতিশ্ৰুতি আৰু সতৰ্কবাণী তথা পূৰ্বযুগৰ ঘটনাৱলী বিশদভাৱে বৰ্ণনা কৰা হৈছে। এইখন এনেকুৱা সত্ত্বাৰ ফালৰ পৰা অৱতীৰ্ণ কৰা হৈছে, যিজন পৰিচালনাত আৰু বিধান প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। বান্দাৰ পৰিস্থিতি সম্পৰ্কে আৰু তেওঁলোকৰ কল্যাণকৰ দিশ সম্পৰ্কে সৰ্বজ্ঞ।
Hud 11:2
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই আয়াতসমূহৰ বিষয়বস্তু হৈছেঃ আল্লাহৰ লগত বান্দাসকলে যাতে আন কাৰো উপাসনা নকৰে সেই সম্পৰ্কে নিষেধাজ্ঞা জাৰি কৰা। হে মানৱজাতি! যদি তোমালোকে আল্লাহৰ লগত কুফুৰী কৰা তথা তেওঁৰ অবাধ্যতা কৰা তেন্তে শুনা! নিশ্চয় মই তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰোঁ। লগতে মই তোমালোকক তেওঁৰ ছোৱাবৰ সুসংবাদ দিওঁ, যদি তোমালোকে ঈমান পোষণ কৰা আৰু তেওঁৰ চৰীয়ত মুতাবিক আমল কৰা।
Hud 11:3
হে মানৱজাতি! নিজৰ গুনাহৰ পৰা নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। তোমালোকে তেওঁৰ যি অবাধ্যতা কৰিছা, তাৰ প্ৰতি অনুতপ্ত হৈ তেওঁৰ ফালে প্ৰত্যাৱৰ্তন কৰা। তেওঁ তোমালোকক পাৰ্থিৱ জীৱনত, তোমালোকৰ নিৰ্দিষ্ট সময় সমাপ্ত নোহোৱালৈকে সুখ উপভোগৰ উত্তম সামগ্ৰী প্ৰদান কৰিব। প্ৰত্যেক সেই ব্যক্তি যিয়ে অতিৰিক্ত আনুগত্য তথা সৎকৰ্ম কৰে, তাৰ শ্ৰেষ্ঠতাৰ সম্পূৰ্ণ প্ৰতিকাৰ প্ৰদান কৰিব, তথা তাত একো হ্ৰাস কৰা নহ'ব। আনহাতে মই মোৰ প্ৰতিপালকৰ পৰা লৈ অহা চৰীয়তৰ প্ৰতি যদি তোমালোকে ঈমান পোষণ কৰাৰ পৰা বিমুখ হোৱা, তেন্তে শুনা! মই তোমালোকক এটা ভয়ঙ্কৰ দিনৰ পৰা সতৰ্ক কৰোঁ, সেয়া হৈছে ক্বিয়ামত দিৱস।
Hud 11:4
হে মানৱজাতি! ক্বিয়ামতৰ দিনা তোমালোক কেৱল আল্লাহৰ প্ৰতিহে প্ৰত্যাৱৰ্তন কৰিবা। পৱিত্ৰ আল্লাহ সকলো বিষয়ত ক্ষমতাৱান। তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। এতেকে তোমালোকৰ মৃত্যুৰ পিছত তোমালোকক জীৱিত কৰা তথা তোমালোকৰ হিচাপ নিকাচ লোৱা আদি কৰ্মই তেওঁক কেতিয়াও বিৱশ কৰিব নোৱাৰে।
Hud 11:5
শুনা! দৰাচলতে মুশ্বৰিকসকলে নিজৰ বুকু জপাই ৰাখে, যাতে সিহঁতে নিজৰ বুকুত থকা সন্দেহক আল্লাহৰ পৰা গোপন কৰিব পাৰে, সিহঁত এই বিষয়ে অনভিজ্ঞ কাৰণে এনেকুৱা কৰে। জানি থোৱা! সিহঁতে যে কাপোৰেৰে নিজৰ মূৰ ঢাকি ৰাখে, সিহঁতে যি গোপন কৰে আৰু যি প্ৰকাশ কৰে সেই বিষয়ে আল্লাহ অৱগত। নিশ্চয় তেওঁ অন্তৰৰ গোপন বিষয়ে সম্যক অৱগত।
Hud 11:6
পৃথিৱীত চলাচল কৰা প্ৰত্যেক প্ৰাণীৰ জীৱিকাৰ দায়িত্ব স্বয়ং আল্লাহে নিজ অনুগ্ৰহত নিজৰ ওপৰত বহন কৰিছে। পৱিত্ৰ আল্লাহে সিহঁতৰ পৃথিৱীত থকা বাসস্থান সম্পৰ্কেও অৱগত, আৰু সিহঁতৰ সেই ঠাই সম্পৰ্কেও অৱগত, যত সিহঁতে মৃত্যুবৰণ কৰিব। এইদৰে সকলো প্ৰাণী আৰু সিহঁতৰ জীৱিকা আৰু সিহঁতৰ বাসস্থান তথা সিহঁতৰ মৃত্যুবৰণ কৰা ঠাই সম্পৰ্কে বিশদ বৰ্ণনা স্পষ্ট কিতাপত উল্লেখ আছে অৰ্থাৎ লাওহে মাহফুজত।
Hud 11:7
তেৱেঁই পৱিত্ৰ আল্লাহ, যিজনে বিশাল আকাশমণ্ডল তথা পৃথিৱী আৰু উভয়ৰ মাজত থকা সকলো বস্তুক কেৱল ছয় দিনত সৃষ্টি কৰিছে। এই দুয়োটা সৃষ্টিৰ পূৰ্বে তেওঁৰ আৰছ আছিল পানীৰ ওপৰত। হে মানৱজাতি! যাতে তেওঁ তোমালোকক পৰীক্ষা কৰিব পাৰে যে, তোমালোকৰ মাজত আল্লাহক সন্তুষ্টি কৰিব পৰা সৎকৰ্মকাৰী কোন কোন আছে, আনহাতে আল্লাহক অসন্তুষ্ট কৰিব পৰা অৎসকৰ্মকাৰী কোন কোন আছে। যাতে তেওঁ প্ৰত্যেককে উপযুক্ত প্ৰতিফল দিব পাৰে। হে নবী! যদি আপুনি কয়ঃ হে মানৱজাতি! মৃত্যুৰ পিছত তোমালোকক হিচাপ-নিকাচ লোৱাৰ বাবে পুনৰ্জীৱিত কৰা হ'ব, তেতিয়া আপুনি লক্ষ্য কৰিব, আল্লাহক অস্বীকাৰকাৰী আৰু পুনৰুত্থানক নসাৎ কৰা ব্যক্তিসকলে অৱশ্যে ক'বঃ তুমি যি কোৰআন তিলাৱত কৰা সেইটো হৈছে স্পষ্ট যাদু তথা প্ৰকাশ্য অসত্য।
Hud 11:8
যদি আমি মুশ্বৰিকসকলৰ পৰা সিহঁতৰ প্ৰাপ্য শাস্তি পাৰ্থিৱ জীৱনত কিছু দিনৰ বাবে স্থগিত কৰি ৰাখোঁ, তেন্তে সিহঁতে ততাতৈয়া কৰিব আৰু উপহাস কৰি ক'বঃ আমাৰ পৰা শাস্তিক কিহে প্ৰতিৰোধ কৰিছে? জানি থোৱা! আল্লাহৰ ওচৰত সিহঁতৰ প্ৰাপ্য শাস্তিৰ বাবে আছে এটা নিৰ্ধাৰিত সময়। সেই শাস্তি যিদিনা আহিব, তেতিয়া তাক প্ৰতিৰোধ কৰিব পৰা কোনেও নাথাকিব। সেই শাস্তি অৱশ্যে আহিব। যি শাস্তিক সিহঁতে উপলুঙা কৰি আছে আৰু উপহাস কৰি আছে তথা সোনকালে বিচাৰি আছে, সেই শাস্তিয়েই সিহঁতক আগুৰি ধৰিব।
Hud 11:9
যদি আমি মানুহক কিছুমান নিয়ামত দান কৰো, যেনেঃ সুস্বাস্থ্য আৰু ধন-সম্পত্তি, তাৰ পিছত সেইবোৰ যদি আমি পুনৰ কাঢ়ি লওঁ তেন্তে সি আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হৈ পৰে আৰু তেওঁৰ নিয়ামতৰ কোনো ধৰণৰ কৃতজ্ঞতা প্ৰকাশ নকৰে। আল্লাহে প্ৰদান কৰা নিয়ামত যেতিয়া কাঢ়ি লোৱা হয়, তেতিয়া সি তাৰ দ্বাৰা উপকৃত হোৱা কথাষাৰকো পাহৰি যায়।
Hud 11:10
আনহাতে যদি আমি তাক দৰিদ্ৰতা আৰু বেমাৰ-আজাৰৰ পিছত সুস্বাস্থ্য আৰু ধন-সম্পত্তিৰ সোৱাদ উপভোগ কৰাওঁ, তেন্তে সি অৱশ্যে ক'বঃ মই অনিষ্টতাৰ পৰা পৰিত্ৰাণ পাইছো আৰু কষ্টৰ অন্ত পৰিছে। কিন্তু সি আল্লাহৰ কৃতজ্ঞতা আদায় নকৰে। ফলত সি আনন্দত মতলীয়া হৈ পৰে, আৰু আল্লাহৰ নিয়ামত পাই মানুহৰ আগত অহংকাৰ কৰি ফুৰে।
Hud 11:11
কিন্তু যিসকলে কষ্টত ধৈৰ্য ধাৰণ কৰিছে, আৰু আনুগত্য কৰিছে, তথা গুনাহৰ পৰা দূৰত্ব অৱলম্বন কৰিছে, লগতে সৎকৰ্ম কৰিছে, তেওঁলোকৰ অৱস্থা হৈছে ভিন্ন। তেওঁলোকৰ মাজত হতাশা বিৰাজ নকৰিব, আৰু তেওঁলোকে আল্লাহৰ নিয়ামতৰ অকৃতজ্ঞতাও নকৰিব, আনকি তেওঁলোক মানুহৰ আগত অহংকাৰো নকৰিব। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলে নিজৰ গুনাহৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ফালৰ পৰা ক্ষমা তথা মাৰ্জনা লাভ কৰিব। লগতে তেওঁলোকৰ বাবে আখিৰাতত থাকিব মহাপ্ৰতিফল।
Hud 11:12
হে ৰাছুল! এনেকুৱা লাগে যে, আপুনি সিহঁতৰ এই কুফুৰী, স্বৈৰাচাৰীতা আৰু নিদৰ্শন দাবীৰ কাৰণে সেই দায়িত্বও পৰিত্যাগ কৰিব যিটো পৌঁচাই দিয়াৰ বাবে আপোনাক দায়িত্ব দিয়া হৈছে, যিটোৰ ওপৰত আমল কৰা সিহঁতৰ পক্ষে কঠিন। আপুনি এই বাৰ্তা পৌঁচাই দিবলৈ এই কাৰণে সংকোচবোধ কৰি আছে যে, যদি সিহঁতে কয়ঃ মুহাম্মদৰ ওপৰত ধন-ভাণ্ডাৰ কিয় অৱতীৰ্ণ নহয়, যাতে তেওঁ ধৈনাট্যৰ অন্তৰ্ভুক্ত হয়, অথবা কোনো ফিৰিস্তা কিয় নাহে, যিয়ে তেওঁৰ সমৰ্থনত থিয় দিব। এনেকুৱা আশংকাৰ ফলত আপুনি অহীৰ বাৰ্তা পৌঁচাই দিয়াত কেতিয়াও অৱহেলা নকৰিব। আপুনি কেৱলমাত্ৰ এজন সতৰ্ককাৰী। আপুনি সেইটোৱে প্ৰচাৰ কৰে, যিটো প্ৰচাৰ কৰাৰ দায়িত্ব আল্লাহে আপোনাক প্ৰদান কৰিছে। সিহঁতে যিবোৰ নিদৰ্শন আনিবলৈ দাবী কৰে, সেইবোৰ লৈ অহা আপোনাৰ দায়িত্ব নহয়। নিশ্চয় আল্লাহ সকলো বস্তু সংৰক্ষক।
Hud 11:13
বৰং মুশ্বৰিকসকলে কয়ঃ মুহাম্মদে নিজেই কোৰআন ৰচনা কৰিছে, আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা নাই। হে ৰাছুল! আপুনি সিহঁতক প্ৰত্যাহ্বান জনাই কওঁক যে, তেন্তে তোমালোকে এই কোৰআনৰ দৰে দহটা ছুৰা ৰচনা কৰি আনাচোন। যি কোৰআনক তোমালোকে মানৱ ৰচিত বুলি ধাৰণা কৰি আছা, সেই কোৰআনৰ দৰে সত্যতা তোমালোকে নিজে ৰচনা কৰা বাণীত প্ৰকাশ কৰিব নোৱাৰিবা। তোমালোকে যাক ইচ্ছা এই কামত সহায়ৰ বাবে মাতি লব পাৰা। যদি তোমালোকে এই দাবীত সত্যবাদী যে, কোৰআন মানৱ ৰচিত।
Hud 11:14
যদি সিহঁত অপাৰগ হয় আৰু তোমালোকৰ দাবী পূৰণ কৰিব নোৱাৰে, তেন্তে হে মুমিনসকল! জানি থোৱা, আল্লাহে তেওঁৰ ৰাছুলৰ ওপৰত কোৰআন জানি বুজি দৃঢ় জ্ঞানৰ সৈতে অৱতীৰ্ণ কৰিছে। এয়া মানৱ ৰচিত নহয়। আৰু এইটোও জানি থোৱা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে এইবোৰ অকাট্য যুক্তি প্ৰমাণৰ পিছত তোমালোক আল্লাহৰ আনুগত্য কৰিবলৈ সাজু নে?
Hud 11:15
যি ব্যক্তিয়ে নিজৰ কৰ্মৰ বিনিময়ত পাৰ্থিৱ জীৱন আৰু ইয়াৰ ধ্বংসশীল বস্তু উপভোগ কৰিব বিচাৰে আৰু আখিৰাতৰ প্ৰতিদান নিবিচাৰে, আমি সিহঁতৰ কৰ্মৰ প্ৰতিদান স্বাস্থ্য, শান্তি আৰু জীৱিকাৰ প্ৰশস্ততাৰ ৰূপত এই পৃথিৱীতেই দান কৰো। সিহঁতৰ কৰ্মৰ প্ৰতিদান দিয়াত একো হ্ৰাস কৰা নহয়।
Hud 11:16
এনেকুৱা তুচ্ছ আশা পোষণ কৰা ব্যক্তিসকলৰ বাবে ক্বিয়ামতৰ দিনা জাহান্নামৰ বাহিৰে আন কোনো প্ৰতিফল নাথাকিব, যত সিহঁতে প্ৰৱেশ কৰিব, আৰু সিহঁতৰ কৰ্মৰ পূণ্যসমূহ বিনষ্ট হ'ব, তথা সিহঁতে কৰা কৰ্মসমূহ ব্যৰ্থ হ'ব। কাৰণ পৃথিৱীত সিহঁতৰ ঈমান ঠিক নাছিল আৰু সিহঁতৰ উদ্দেশ্যও ঠিক নাছিল। সৎকৰ্মৰ জৰিয়তে সিহঁতে আল্লাহৰ সন্তুষ্টি বিচৰা নাছিল আৰু আখিৰাতৰ প্ৰতিদানো কামনা কৰা নাছিল।
Hud 11:17
নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম, যাৰ ওচৰত আল্লাহৰ ফালৰ পৰা অহা প্ৰমাণ আছে, আনকি তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এজন সাক্ষীও আছে, অৰ্থাৎ জিব্ৰীল আলাইহিছ ছালাম, লগতে তেওঁৰ নবুওৱতৰ বিষয়ে ইতিপূৰ্বে তাওৰাতত উল্লেখ কৰা হৈছে যিটো মুছা আলাইহিছ ছালামৰ ওপৰত মানুহৰ বাবে আদৰ্শ তথা কৰুণা হিচাপে অৱতীৰ্ণ কৰা হৈছিল, তেওঁ আৰু মুমিনসকল কেতিয়াও পথভ্ৰষ্টতাত পতিত কাফিৰসকলৰ সমান হ'ব নোৱাৰে। মুমিনসকলে কোৰআনৰ প্ৰতি তথা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ কৰে, যাৰ ওপৰত কোৰআন অৱতীৰ্ণ হৈছিল। এতেকে যিয়েই ইয়াক অস্বীকাৰ কৰিব, ক্বিয়ামতৰ দিনা তাৰ ঠিকনা হ'ব জাহান্নাম। এতেকে হে ৰাছুল! আপুনি কোৰআন আৰু সেইসকল লোকৰ বাসস্থান সম্পৰ্কে সংশয় নকৰিব। এইটোৱেই সত্য, ইয়াত কোনো সন্দেহ নাই। তথাপিও অধিকাংশ লোকে স্পষ্ট সাক্ষ্য-প্ৰমাণ তথা প্ৰকাশ্য দলীল পোৱাৰ পিছতো ঈমান পোষণ নকৰে।
Hud 11:18
সেই ব্যক্তিতকৈ অধিক অত্যাচাৰী আৰু কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে অথবা তেওঁৰ সন্তান আছে বুলি মিছা অভিযোগ উত্থাপন কৰে। এইসকল লোকেই আল্লাহৰ প্ৰতি মিছা আৰোপ কৰে। ক্বিয়ামতৰ দিনা সিহঁতক নিজ প্ৰতিপালকৰ ওচৰত উপস্থিত কৰোৱা হ'ব, যাতে সিহঁতৰ কৰ্ম সম্পৰ্কে সোধ-পোচ কৰিব পাৰে। তেতিয়া ফিৰিস্তা আৰু ৰাছুলসকলৰ মাজৰ সাক্ষীসকলে ক'বঃ এইসকল লোকেই আল্লাহৰ প্ৰতি মিছা আৰোপ কৰিছিল, তেওঁৰ লগত অংশীদাৰ স্থাপন কৰিছিল আৰু তেওঁৰ সন্তান আছে বুলি মিছা অভিযোগ কৰিছিল। জানি থোৱা! আল্লাহৰ প্ৰতি মিছা অভিযোগ কৰি নিজেই নিজৰ প্ৰতি অন্যায় কৰা ব্যক্তিসকলক আল্লাহে নিজৰ কৃপাৰ পৰা বঞ্চিত ৰাখিব।
Hud 11:19
যিসকলে মানুহক সঠিক পথৰ পৰা বিৰত ৰাখে, আৰু নিজৰ বক্ৰ পথক পোন পথৰ পৰা বিচ্ছিন্ন কৰিব বিচাৰে যাতে কোনেও সেই পথত পৰিচালিত হ'ব নোৱাৰে। সেইসকল লোকেই মৃত্যুৰ পিছত হ'বলগীয়া পুনৰুত্থানক অস্বীকাৰ কৰে।
Hud 11:20
আল্লাহৰ শাস্তি যেতিয়া অৱতীৰ্ণ হ'ব তেতিয়া এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকল কেতিয়াও তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম নহ'ব। আনকি তেতিয়া সিহঁতৰ এনেকুৱা কোনো বন্ধু তথা সহায়কো নাথাকিব, যিসকলে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব। ক্বিয়ামতৰ দিনা সিহঁতৰ শাস্তি বৃদ্ধি কৰা হ'ব, কাৰণ সিহঁতে নিজকে আৰু আনকো আল্লাহৰ পথৰ পৰা বিৰত ৰাখিছিল। পৃথিৱীত সিহঁতে সত্যক তথা হিদায়তক স্বীকাৰ বা গ্ৰহণ কৰাৰ উদ্দেশ্যে শুনা নাছিল, আনকি বিশ্বজগতত বিস্তৃত আল্লাহৰ নিদৰ্শনবোৰকো সিহঁতে উপকৃত হোৱাৰ উদ্দেশ্যে দেখা নাছিল। কাৰণ সিহঁতে সত্যৰ পৰা অতি কঠিনৰূপে বিমুখ হৈছিল।
Hud 11:21
এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি নিজকে ধ্বংসৰ পথত অৱতীৰ্ণ কৰিছে আৰু নিজৰেই ক্ষতি সাধন কৰিছে। কিন্তু সিহঁতে বনাই লোৱা মধ্যস্ততাকাৰী আৰু অংশীসকল সিহঁতৰ পৰাই পলায়ন কৰিছে।
Hud 11:22
ক্বিয়ামতৰ দিনা এইসকল লোকেই ভীষণ ক্ষতিগ্ৰস্ততাৰ সন্মুখীন হ'ব। কিয়নো সিহঁতে ঈমানৰ পৰিবৰ্তে কুফৰ আৰু আখিৰাতৰ পৰিবৰ্তে পাৰ্থিৱ জীৱন, লগতে দয়াৰ পৰিবৰ্তে শাস্তিক অগ্ৰাধিকাৰ দিছে।
Hud 11:23
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছে, লগতে সৎকৰ্ম কৰে আৰু আল্লাহক ভয় কৰে আৰু তেওঁৰ আনুগত্য কৰে, তেওঁলোকেই জান্নাতৰ অধিবাসী, য’ত তেওঁলোক চিৰকাল থাকিব।
Hud 11:24
কাফিৰ আৰু মুমিন, উভয় দলৰ উদাহৰণ হৈছে এনেকুৱা, যেনে- অন্ধ ব্যক্তিয়ে যিদৰে দেখিব নোৱাৰে আৰু কলাই যিদৰে শুনিব নোৱাৰে, ঠিক সেইদৰে কাফিৰসকলে সত্যক স্বীকাৰ তথা গ্ৰহণ কৰাৰ উদ্দেশ্যে নুশুনে, আনকি উপকৃত হোৱাৰ উদ্দেশ্যেও নেদেখে। পক্ষান্তাৰে মুমিনসকলৰ উদাহৰণ হৈছে, এনেকুৱা ব্যক্তিৰ নিচিনা যিয়ে শুনিব পাৰে আৰু দেখিবও পাৰে। অৰ্থাৎ তেওঁলোকৰ মাজত দৃষ্টিশক্তি আৰু শ্ৰৱণশক্তি দুয়োটা আছে। এতেকে এই দুটা দলৰ বৈশিষ্ট্য আৰু অৱস্থা সমান হ'ব পাৰেনে? জানি থোৱা! এই দুয়োটা দল কেতিয়াও সমান হ'ব নোৱাৰে। তোমালোকে এই দুয়ো দলৰ বৈষম্যৰ পৰা কিবা শিক্ষা পালানে?
Hud 11:25
অৱশ্যে আমি নূহ আলাইহিছ ছালামক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলো। তেওঁ সিহঁতক কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! নিশ্চয় মই এজন সতৰ্ককাৰী, তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰোঁ। তথা মোক যি প্ৰদান কৰি তোমালোকৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে, সেয়া মই স্পষ্টৰূপে বৰ্ণনা কৰোঁ।
Hud 11:26
আৰু মই তোমালোকক কেৱল এক আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰো। এতেকে তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা। নিশ্চয় মই তোমালোকৰ প্ৰতি এটা কষ্টদায়ক দিৱসৰ শাস্তিৰ আশংকা কৰোঁ।
Hud 11:27
কিন্তু তেওঁৰ সম্প্ৰদায়ৰ গণ্যমান্য আৰু প্ৰমূখ কাফিৰ নেতাসকলে ক'লেঃ আমি তোমাৰ আহ্বান কেতিয়াও স্বীকাৰ নকৰো। কাৰণ তোমাৰ মাজত এনেকুৱা কোনো বৈশিষ্ট্য নাই যিটো আমাৰ মাজত নাই। তুমিও আমাৰ দৰেই এজন মানুহ। লগতে আমি লক্ষ্য কৰিছো, তোমাৰ অনুসৰণ কেৱল আমাৰ মাজৰ নিম্নবৰ্গৰ মানুহেই কৰে। এই কাৰণেও যে, তোমাৰ ওচৰত সেই সন্মান, ধন আৰু প্ৰতিষ্ঠা নাই, যাৰ ফলত আমি তোমাৰ অনুসৰণ কৰিম। বৰং আমি তোমাক তোমাৰ এই দাবীত মিছলীয়া বুলি ভাৱো।
Hud 11:28
নূহ আলাইহিছ ছালামে সিহঁতক ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! কোৱাচোন! মই যদি মোৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত থাকো, যি প্ৰমাণে মোৰ সত্যতাক সমৰ্থন কৰে। আৰু মোৰ সত্যতাক মানিবলৈ যদি তোমালোকৰ ওপৰত অনিবাৰ্য কৰা হয়, আনকি তেওঁ মোক কৃপা কৰিছে অৰ্থাৎ নবুওৱত আৰু ৰিছালত প্ৰদান কৰিছে। কিন্তু তোমালোকৰ অজ্ঞানতাৰ কাৰণে বিষয়টো তোমালোকৰ ওচৰত স্পষ্ট হোৱা নাই। তেনে পৰিস্থিতিত মই তোমালোকক ঈমান আনিবলৈ বাধ্য কৰিব পাৰিমনে? তোমালোকৰ অপছন্দ সত্তেও সেয়া তোমালোকৰ অন্তৰত প্ৰৱেশ কৰাব পাৰিমনে? অৱশ্যে মই নোৱাৰিম। কাৰণ ঈমান পোষণ কৰাৰ তাওফীক কেৱল মাত্ৰ আল্লাহে প্ৰদান কৰে।
Hud 11:29
হে মোৰ সম্প্ৰদায়ৰ লোকসকল! এই বাৰ্তা পৌঁচাই দিবলৈ মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক নিবিচাৰো, মোক প্ৰতিফল দিয়াৰ দায়িত্ব কেৱল আল্লাহৰ ওচৰত। আনহাতে মই মোৰ বৈঠকৰ পৰা দৰিদ্ৰ লোকসকলকো বিৰত ৰাখিব নোৱাৰিম, যিসকলক বিৰত ৰাখিবলৈ তোমালোকে দাবী কৰি আছা। নিশ্চয় তেওঁলোকে ক্বিয়ামতৰ দিনা নিজ প্ৰতিপালকৰ লগত সাক্ষাৎ কৰিব আৰু তেওঁ তেওঁলোকক তেওঁলোকৰ ঈমানৰ প্ৰতিফল প্ৰদান কৰিব। কিন্তু মই যি দেখিছো তোমালোক দাৱাতৰ বাস্তৱিকতাৰ পৰা অনভিজ্ঞ, সেই কাৰণেই তোমালোকে দুৰ্বল মুমিনসকলক খেদি পঠিওৱাৰ দাবী কৰি আছা।
Hud 11:30
হে মোৰ সম্প্ৰদায়ৰ লোকসকল! যদি মই কোনো কাৰণ অবিহনে এই মুমিনসকলক অন্যায়ভাৱে খেদি পঠিয়াওঁ তেন্তে আল্লাহৰ শাস্তিৰ পৰা মোক কোনে ৰক্ষা কৰিব? তোমালোকে অলপো শিক্ষা গ্ৰহণ নকৰানে, আৰু এনেকুৱা কৰ্ম কৰাৰ প্ৰয়াস কিয় নকৰা যিটো অধিক লাভদায়ক তথা ফলপ্ৰসূ?
Hud 11:31
হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই এইটো দাবী নকৰো যে, মোৰ ওচৰত আল্লাহৰ ধন ভাণ্ডাৰ আছে, য’ত জীৱিকা আছে আৰু তোমালোকে ঈমান পোষণ কৰিলে সেয়া মই তোমালোকৰ মাজত বন্টন কৰিম। লগতে মই এইটোও দাবী নকৰো যে, মই অদৃশ্য জ্ঞানৰ অধিকাৰী, তথা মই তোমালোকক এইটোও নকওঁ যে, মই এজন ফিৰিস্তা। বৰং মই তোমালোকৰ দৰেই এজন মানুহ। লগতে মই সেইসকল দুখীয়ালোকৰ বিষয়েও এইটো নকওঁ যে, আল্লাহে তেওঁলোকক হিদায়তৰ তাওফীক প্ৰদান নকৰিব, যিসকলক তোমালোকে ঘৃণাৰ চকুৰে চোৱা। নিশ্চয় আল্লাহ তেওঁলোকৰ অৱস্থা আৰু নিয়্যত সম্পৰ্কে সৰ্বাধিক জ্ঞাত। যদি মই এনেকুৱা দাবী কৰো তেন্তে ময়ো অত্যাচাৰীসকলৰ অন্তৰ্ভুক্ত হৈ যাম, যিসকল আল্লাহৰ শাস্তিৰ উপযুক্ত।
Hud 11:32
সিহঁতে অহংকাৰ তথা স্বৈৰাচাৰীতা অৱলম্বন কৰি ক'লেঃ হে নূহ! তুমি আমাৰ লগত যথেষ্ট বাদানুবাদ কৰিছা আৰু বিতৰ্ক কৰিছা। এতিয়া তুমি সেই শাস্তি আনি দেখুৱা, যিটোৰ পৰা তুমি আমাক ভয় দেখুৱাই আছা, যদি তুমি নিজৰ দাবীত সত্যবাদী।
Hud 11:33
নূহ আলাইহিছ ছালামে সিহঁতক ক'লেঃ মই শাস্তি আনিব নোৱাৰিম। আল্লাহে ইচ্ছা কৰিলেহে সেইটো তোমালোকৰ ওপৰত অৱতীৰ্ণ হ'ব। এতেকে তেওঁ যদি তোমালোকক শাস্তি বিহিব বিচাৰে তেন্তে তোমালোকে কেতিয়াও তেওঁৰ শাস্তিৰ পৰা ৰক্ষা পাব নোৱাৰা।
Hud 11:34
মোৰ উপদেশ আৰু মোৰ সতৰ্ক বাণীয়ে তোমালোকক কোনো উপকাৰ নকৰিব, যদি আল্লাহেই তোমালোকক সঠিক পথৰ পৰা দূৰত ৰখাৰ আৰু তোমালোকৰ স্বৈৰাচাৰীতাৰ কাৰণে তোমালোকক হিদায়তৰ পৰা বিৰত ৰখাৰ মনস্থ কৰিছে। তেৱেঁই তোমালোকৰ প্ৰতিপালক। তোমালোকৰ সকলো কৰ্ম তেওঁৰেই অধীনস্থ। তেওঁ ইচ্ছা কৰিলে তোমালোকক বিপথে পৰিচালিত কৰিব পাৰে। কিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তন কৰিবা। তেতিয়া তেৱেঁই তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিফল দান কৰিব।
Hud 11:35
নূহ সম্প্ৰদায়ৰ লোকসকলে নিজৰ কুফুৰী কাৰ্যৰ কাৰণে ধাৰণা কৰিছিল যে, নূহ আলাইহিছ ছালামে যি ধৰ্মলৈ আহিছে সেয়া তেওঁৰ নিজে বনোৱা ধৰ্ম। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ যদি মই এইটো নিজে বনাইছো তেন্তে ইয়াৰ যি শাস্তি হ'ব সেয়া ময়ে ভোগ কৰিম। কিন্তু তোমালোকে যে অস্বীকাৰ কৰি আছা, সেই গুনাহ কিন্তু মই বহন নকৰো। মই ইয়াৰ পৰা সম্পূৰ্ণ মুক্ত।
Hud 11:36
আল্লাহে নূহ আলাইহিছ ছালামৰ পিনে অহী কৰি ক'লেঃ হে নূহ! তোমাৰ সম্প্ৰদায়ৰ যিসকলে এতিয়ালৈ ঈমান পোষণ কৰিছে, ইয়াৰ বাহিৰে আন কোনেও ঈমান পোষণ নকৰিব। এতেকে হে নূহ! সিহঁতৰ এই দীৰ্ঘ সময়ছোৱাত কৰা উপহাস আৰু অস্বীকাৰৰ বাবে আপুনি মনত কষ্ট নলব।
Hud 11:37
এতেকে আপুনি আমাৰ চকুৰ সন্মুখত আমাৰ সুৰক্ষা বেষ্টনীৰ মাজত থাকি, নাও নিৰ্মাণ সম্পৰ্কীয় অহীৰ অনুসৰণ কৰি এখন নাও বনাওক। আৰু যিসকলে কুফুৰী কৰি নিজৰ ওপৰত অন্যায় কৰিছে, সিহঁতক অৱকাশ দিয়াৰ কথা আপুনি মোৰ ওচৰত উত্থাপন নকৰিব। সিহঁত নিশ্চিতৰূপে তুফানৰ জৰিয়তে ধ্বংস হ'ব। এয়া হৈছে কুফুৰীৰ ওপৰত সিহঁতৰ অটল থকাৰ পৰিণাম।
Hud 11:38
ইয়াৰ পিছত নূহ আলাইহিছ ছালামে আল্লাহৰ আদেশ পালন কৰি নাও সজা আৰম্ভ কৰিলে। যেতিয়াই তেওঁৰ ওচৰেৰে তেওঁৰ সম্প্ৰদায়ৰ নেতা শ্ৰেণীৰ লোকসকল অহা-যোৱা কৰিছিল, তেতিয়াই সিহঁতে তেওঁক দেখি উপহাস আৰু বিদ্ৰুপমূলকভাৱে কৈছিলঃ এওঁ এনেকুৱা ভূমিত নাও বনাই আছে, যত নদীৰ অস্তিত্ব নাই তথা পানীও নাই। যেতিয়া সিহঁত বাৰে বাৰে তেওঁক উপহাস কৰিবলৈ ধৰিলে, তেতিয়া নূহ আলাইহিছ ছালামে সিহঁতক উদ্দেশ্যি ক'লেঃ হে নেতাসকল! আমাৰ এই নাও নিৰ্মানক কেন্দ্ৰ কৰি আজি যদি তোমালোকে আমাক উপহাস কৰি আছা তেন্তে শুনা! আমিও তোমালোকক উপহাস কৰো এই বিষয়ত যে, তোমালোক নিজৰ পৰিণাম সম্পৰ্কে অৱগত নহয় অৰ্থাৎ তোমালোকে ডুবি মৰিবা।
Hud 11:39
অতিশীঘ্ৰেই তোমালোকে জানিব পাৰিবা, পৃথিৱীত কাৰ ওপৰত অপমানজনক আৰু লাঞ্ছনাদায়ক শাস্তি আহিব। আৰু আখিৰাতত তাৰ বাবে থাকিব নিৰবিচ্ছিন্ন চিৰস্থায়ী শাস্তি।
Hud 11:40
ইপিনে নূহ আলাইহিছ ছালামে নাও নিৰ্মাণৰ কাম সম্পন্ন কৰিলে যিটো বনাবলৈ আল্লাহে নিৰ্দেশ দিছিল। অৱশেষত সিহঁতক ধ্বংস কৰাৰ আদেশ যেতিয়া আহিল, তুফানৰ আগজাননী হিচাপে চৌকাৰ পৰা পানী উথলি উঠিল, যত সিহঁতে খাদ্য প্ৰস্তুত কৰিছিল। তেতিয়া আমি নূহ আলাইহিছ ছালামক ক'লোঃ পৃথিৱীত পোৱা সকলো প্ৰকাৰ জীৱ-জন্তুৰে এযোৰ এযোৰকৈ মতা আৰু মাইকী নাৱত তুলি লওঁক। আপোনাৰ পৰিয়ালৰ লোকসকলকো তুলি লওঁক, কিন্তু এনেকুৱা ব্যক্তিক আৰোহণ নকৰাব, যাৰ বিষয়ে পূৰ্বেই সিদ্ধান্ত হৈছে যে, সি ডুবি মৰিব, কাৰণ সি ঈমান পোষণ কৰা নাই। এতেকে আপোনাৰ সম্প্ৰদায়ৰ প্ৰত্যেক সেই ব্যক্তিক আৰোহণ কৰাওক, যিয়ে ঈমান পোষণ কৰিছে। তেওঁৰ সম্প্ৰদায়ৰ অতি কমসংখ্যক লোকেহে তেওঁৰ প্ৰতি ঈমান পোষণ কৰিছিল। যদিও তেওঁ এটা দীৰ্ঘ সময় সিহঁতৰ মাজত থাকি সিহঁতক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰাৰ আহ্বান কৰিছিল।
Hud 11:41
নূহ আলাইহিছ ছালামে নিজ পৰিয়ালৰ আৰু তেওঁৰ সম্প্ৰদায়ৰ যিসকলে ঈমান আনিছিল তেওঁলোকক সম্বোধন কৰি ক'লেঃ তোমালোকে নাৱত আৰোহণ কৰা। আল্লাহৰ নামত এই নাও গতি কৰিব আৰু তেওঁৰ নামতে স্থিৰ হ'ব। নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে। এইটো তেওঁৰ দয়াৰেই প্ৰতীক যে, তেওঁ মুমিনসকলক ধ্বংসৰ পৰা ৰক্ষা কৰিলে।
Hud 11:42
ইপিনে মানুহ আৰু বয়-বস্তুৰে ভৰা নাও, পৰ্বত সদৃশ তৰঙ্গৰ মাজেৰে গতি কৰিলে। আৰু নূহ আলাইহিছ ছালামে পিতৃ মোহত পৰি কাফিৰ পুত্ৰক মাতিলে, অথচ সি নিজ পিতৃ আৰু সম্প্ৰদায়ৰ পৰা পৃথক ঠাইত অৱস্থান কৰিছিল- হে মোৰ চেনেহৰ পুত্ৰ! আমাৰ লগত নাৱত আৰোহণ কৰা, যাতে তুমি ইয়াৰ পৰা ৰক্ষা পোৱা। আৰু কাফিৰসকলৰ সঙ্গ অৱলম্বন নকৰিবা, অন্যথা সিহঁতৰ সৈতে তুমিও ডুবি ধ্বংস হৈ যাবা।
Hud 11:43
নূহৰ পুত্ৰই তেওঁক ক'লেঃ মই কোনো ওখ পৰ্বতত আশ্ৰয় লমগৈ। যাতে মোক পানীয়ে চুব নোৱাৰে। নূহ আলাইহিছ ছালামে তেওঁৰ পুত্ৰক ক'লেঃ প্লাৱিনত ডুবাই মৰা আজি আল্লাহৰ এই শাস্তিৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিব, কিন্তু আল্লাহে যাক ইচ্ছা কৰিব, কেৱল তেওঁহে ৰক্ষা পাব। এই কথাপোকথনৰ সময়তেই প্ৰকাণ্ড ঢেউৱে পিতা পুত্ৰক বিচ্ছিন্ন কৰিলে, আৰু কুফুৰীৰ কাৰণে তেওঁৰ পুত্ৰ প্লাৱনত পতিত হৈ ডুবি মৰাসকলৰ অন্তৰ্ভুক্ত হৈ গ'ল।
Hud 11:44
তুফান শেষ হোৱাৰ পিছত আল্লাহে পৃথিৱীক আদেশ কৰি ক'লেঃ হে পৃথিৱী! তোমাৰ পৃষ্ঠত থকা পানীক শুহি লোৱা। আৰু আকাশক ক'লেঃ হে আকাশ! এতিয়া ক্ষেন্ত হোৱা, পানী বৰ্ষণ নকৰিবা। ফলত পানী কমিবলৈ ধৰিলে, অৱশেষ ভূপৃষ্ঠ শুকাই গল। এইদৰে আল্লাহে কাফিৰসকলক ধ্বংস কৰিলে। আৰু নাও গৈ জুদী পৰ্বতত অৱস্থান কৰিলে। লগতে কোৱা হ'লঃ ধ্বংস হওঁক সেইসকল লোক, যিসকলে কুফুৰী কৰ্মৰ জৰিয়তে আল্লাহৰ সীমালঙ্ঘন কৰে।
Hud 11:45
নূহ আলাইহিছ ছালামে তেওঁৰ প্ৰতিপালকৰ ওচৰত সহায় বিচাৰি প্ৰাৰ্থনা কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! মোৰ পুত্ৰ মোৰ পৰিয়ালৰেই সদস্য, তুমি দেখোন মোৰ পৰিয়ালক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলা। আৰু তোমাৰ প্ৰতিশ্ৰুতি চিৰসত্য, যিটো ভঙ্গ হোৱাৰ কোনো প্ৰশ্নই নুঠে। নিশ্চয় তুমি ন্যায়বিচাৰক আৰু সৰ্বজ্ঞ।
Hud 11:46
আল্লাহে নূহ আলাইহিছ ছালামক সম্বোধন কৰি ক'লেঃ হে নূহ! আপুনি আপোনাৰ যি পুত্ৰৰ বিষয়ে সহায় বিচাৰি প্ৰাৰ্থনা কৰি আছে, সি আপোনাৰ পৰিয়ালৰ সদস্যই নহয়, যিসকলক মই ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিলো। কাৰণ সি হৈছে কাফিৰ। আনহাতে হে নূহ! আপোনাৰ আবেদন উপযুক্ত আবেদন নহয়, আৰু আপোনাৰ মৰ্যাদাৰ বাবেও সমীচীন নহয়। এতেকে আপুনি মোৰ ওচৰত এনেকুৱা বিষয়ে আবেদন নকৰিব, যি বিষয়ে আপোনাৰ জ্ঞান নাই। মই আপোনাক সতৰ্ক কৰো, আপুনি যেন অজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ মোৰ ওচৰত মোৰ জ্ঞান আৰু হিকমতৰ বিপৰীত বস্তু আবেদন নকৰে।
Hud 11:47
নূহ আলাইহিছ ছালামে ক'লেঃ হে মোৰ প্ৰতিপালক! যি বিষয়ে মোৰ জ্ঞান নাই, এনেকুৱা বিষয় তোমাৰ ওচৰত আবেদন কৰাৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰো। যদি তুমি মোক ক্ষমা নকৰা আৰু মোৰ প্ৰতি দয়া নকৰা তেন্তে মই সেইসকল ক্ষতিগ্ৰস্ত লোকৰ অন্তৰ্ভুক্ত হৈ যাম, যিসকলে আখিৰাতত নিজৰ অংশ হেৰুৱাইছে।
Hud 11:48
আল্লাহে নূহ আলাইহিছ ছালামক ক'লেঃ হে নূহ! শান্তি আৰু নিৰাপত্তা, লগতে আপোনাৰ প্ৰতি আল্লাহৰ অসংখ্য নিয়ামতৰ সৈতে ভূপৃষ্ঠত অৱতৰণ কৰা। শান্তি, নিৰাপত্তা আৰু নিয়ামতৰ এই ধাৰাবাহিকতা আপোনাৰ আৰু আপোনাৰ লগত আৰোহণ কৰা মুমিনসকলৰ বংশধৰসকলৰ ওপৰতো অব্যাহত থাকিব। যদিও তেওঁলোকৰ বংশধৰসকলৰ মাজত কিছুমান কাফিৰ সম্প্ৰদায়ো থাকিব, যিসকলক আমি এই পাৰ্থিৱ জীৱন উপভোগ কৰাম আৰু উপভোগৰ সকলো সামগ্ৰী দান কৰিম। তাৰ পিছত আখিৰাতত সিহঁতে কষ্টদায়ক শাস্তিৰ সোৱাদ লব।
Hud 11:49
নূহ আলাইহিছ ছালামৰ এই ঘটনাৱলীসমূহ হৈছে গায়েবৰ অন্তৰ্ভুক্ত। হে ৰাছুল! এই অহীৰ পূৰ্বে আপুনি অথবা আপোনাৰ জাতিয়ে এই ঘটনা সম্পৰ্কে একোৱে জনা নাছিল। এতেকে আপুনি আপোনাৰ সম্প্ৰদায়ৰ ফালৰ পৰা পোৱা কষ্ট আৰু অস্বীকাৰ কৰা কাৰ্যত সেইদৰেই ধৈৰ্য ধাৰণ কৰক, যিদৰে নূহ আলাইহিছ ছালামে ধৈৰ্য ধাৰণ কৰিছিল। নিশ্চয় সহায় আৰু বিজয় কেৱল সেইসকল লোকৰ বাবে, যিসকলে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।
Hud 11:50
এইদৰে আমি আদ সম্প্ৰদায়ৰ ওচৰলৈ সিহঁতৰ ভাতৃ হূদক প্ৰেৰণ কৰিছিলো। তেওঁ সিহঁতক কৈছিলঃ হে মোৰ সম্প্ৰদায়! একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিবা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। অংশীদাৰ সম্পৰ্কে তোমালোকে কৰা দাবীবোৰ হৈছে মিছা।
Hud 11:51
হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই মোৰ প্ৰতিপালকৰ বাৰ্তা পৌঁচাই দিয়াৰ বিনিময়ত আৰু তেওঁৰ পিনে তোমালোকক আহ্বান কৰাৰ বিনিময়ত তোমালোকৰ পৰা কোনো ধৰণৰ পাৰিশ্ৰমিক নিবিচাৰো। মোৰ প্ৰতিফল কেৱল তেৱেঁই প্ৰদান কৰিব যিয়ে মোক সৃষ্টি কৰিছে। তোমালোকে এইটোও বুজি নোপোৱানে? আৰু মই আহ্বান কৰা বিষয়ত তোমালোকে সঁহাৰি নিদিবানে?
Hud 11:52
হে মোৰ সম্প্ৰদায়ৰ লোকসকল! আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, আৰু নিজৰ গুনাহৰ পৰা প্ৰত্যাৱৰ্তন কৰা- আৰু আটাইতকৈ ডাঙৰ গুনাহ হৈছে শ্বিৰ্ক-। ইয়াৰ ফলত তেওঁ তোমালোকৰ ওপৰত প্ৰচুৰ পৰিমাণ বৰষুণ দিব, তোমালোকৰ ধন-সম্পদ আৰু সন্তান বৃদ্ধি কৰি তোমালোকক সন্মানিত কৰিব। মই যি বিষয়ৰ পিনে তোমালোকক আহ্বান কৰি আছো, তাৰ পৰা বিমুখ নহ'বা। অন্যথা মোৰ আহ্বানৰ পৰা বিমুখ হ'লে আৰু আল্লাহৰ লগত কুফুৰী কৰিলে আৰু মই লৈ অহা চৰীয়তক অস্বীকাৰ কৰিলে তোমালোক অপৰাধীসকলৰ অন্তৰ্ভুক্ত হৈ যাবা।
Hud 11:53
তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ হে হূদ! তুমি আমাৰ ওচৰলৈ কোনো স্পষ্ট প্ৰমাণ আনিব পৰা নাই, যাৰ ফলত আমি তোমাৰ প্ৰতি ঈমান পোষণ কৰিম। এতেকে তোমাৰ প্ৰমাণহীন কথাত বিশ্বাস কৰি আমি আমাৰ উপাস্যসকলৰ উপাসনা পৰিত্যাগ কৰিব নোৱাৰিম। লগতে তুমি এজন ৰাছুল, এই দাবীও মানিবলৈ আমি মান্তি নহয়।
Hud 11:54
আমিতো এইটোৱে কম যে, তুমি আমাক আমাৰ উপাস্যবোৰৰ উপাসনাৰ পৰা বিৰত ৰাখিছিলা, সেই কাৰণে আমাৰ কোনোবা উপাস্যই তোমাক পাগল বনাইছে। হূদ আলাইহিছ ছালামে ক'লেঃ মই আল্লাহক সাক্ষী থৈ কওঁ, আৰু তোমালোকেও সাক্ষী থাকিবা যে, মই তোমালোকৰ এই উপাস্যবোৰৰ উপাসনাৰ পৰা নিজকে মুক্ত ৰাখিছো যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা। এতেকে তোমালোক আৰু তোমালোকৰ এই উপাস্যবোৰ, যিবোৰৰ বিষয়ে তোমালোকে ভাৱিছা যে, সিহঁতে মোক উন্মাদ বনাইছে, তোমালোক আটায়ে মিলি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা, আৰু মোক অলপো অৱকাশ নিদিবা।
Hud 11:55
আমিতো এইটোৱে কম যে, তুমি আমাক আমাৰ উপাস্যবোৰৰ উপাসনাৰ পৰা বিৰত ৰাখিছিলা, সেই কাৰণে আমাৰ কোনোবা উপাস্যই তোমাক পাগল বনাইছে। হূদ আলাইহিছ ছালামে ক'লেঃ মই আল্লাহক সাক্ষী থৈ কওঁ, আৰু তোমালোকেও সাক্ষী থাকিবা যে, মই তোমালোকৰ এই উপাস্যবোৰৰ উপাসনাৰ পৰা নিজকে মুক্ত ৰাখিছো যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা। এতেকে তোমালোক আৰু তোমালোকৰ এই উপাস্যবোৰ, যিবোৰৰ বিষয়ে তোমালোকে ভাবিছা যে, সিহঁতে মোক উন্মাদ বনাইছে, তোমালোক আটায়ে মিলি মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা, আৰু মোক অলপো অৱকাশ নিদিবা।
Hud 11:56
নিশ্চয় মই কেৱল আল্লাহৰ ওপৰতেই ভৰসা কৰিছো, আৰু মোৰ সকলো বিষয় তেওঁৰ ওপৰতেই অৰ্পন কৰিছো। তেৱেঁই মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক। পৃথিৱীত চলাচল কৰা সকলো জীৱ-জন্তু আল্লাহৰ ৰাজত্ব তথা তেওঁৰ ক্ষমতাৰ অধীনস্থ। তেওঁ যেনেকৈ ইচ্ছা নিয়ন্ত্ৰণ কৰে। নিশ্চয় মোৰ প্ৰতিপালক সত্যৰ ওপৰত প্ৰতিষ্ঠিত। সেয়ে তেওঁ কেতিয়াও তোমালোকক মোৰ ওপৰত জাপি নিদিব। কিয়নো মই আছো সত্যৰ ওপৰত আৰু তোমালোক আছা অসত্যৰ ওপৰত।
Hud 11:57
যদি তোমালোকে বিমুখ হোৱা আৰু মই লৈ অহা চৰীয়তৰ পৰা দূৰত্ব অৱলম্বন কৰা তেন্তে জানি থোৱা! মোৰ দায়িত্ব কেৱল তোমালোকৰ ওচৰত সত্য পৌঁচাই দিয়া। আৰু অৱশ্যে মই তোমালোকক সেই সকলো বাৰ্তা পৌঁচাই দিছো, যিবোৰ প্ৰদান কৰি আল্লাহে মোক প্ৰেৰণ কৰিছে আৰু পৌঁচাই দিয়াৰ আদেশ দিছে। নিশ্চয় মই তোমালোকৰ বিৰুদ্ধে প্ৰমাণ প্ৰতিষ্ঠা কৰিছো। অতিশীঘ্ৰে মোৰ প্ৰতিপালকে তোমালোকক ধ্বংস কৰিব, আৰু ভিন্ন এটা জাতিক তোমালোকৰ স্থলাভিষিক্ত কৰিব। তোমালোকে অস্বীকাৰ কৰি অথবা বিমুখ হৈ আল্লাহৰ ডাঙৰ অথবা সৰু কোনো ক্ষতিয়ে কৰিব নোৱাৰা। কাৰণ তেওঁ বান্দাসকলৰ পৰা অমুখাপেক্ষী। নিশ্চয় মোৰ প্ৰতিপালক সকলো বস্তুৰে ৰক্ষক। তেৱেঁই মোক তোমালোকৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰে।
Hud 11:58
যেতিয়া আমাৰ ফালৰ পৰা সিহঁতক ধ্বংস কৰাৰ আদেশ আহি পৰিল, তেতিয়া আমি হূদক আৰু তেওঁৰ লগত ঈমান পোষণকাৰীসকলক আমাৰ দয়া আৰু কৃপাত ৰক্ষা কৰিলো। আমি তেওঁলোকক সেই কঠিন শাস্তিৰ পৰা ৰক্ষা কৰিলো, যি শাস্তি আমি তেওঁৰ কাফিৰ সম্প্ৰদায়ক প্ৰদান কৰিছিলো।
Hud 11:59
সেই আদ জাতি, যিসকলে আল্লাহৰ নিদৰ্শনক অস্বীকাৰ কৰিছিল, আৰু সিহঁতৰ ৰাছুল হূদৰ অবাধ্যতা কৰিছিল, লগতে প্ৰত্যেক সেই ব্যক্তিৰ অনুকৰণ কৰিছিল যিয়ে সত্যৰ পৰা অহংকাৰ কৰিছিল তথা সত্য স্বীকাৰ কৰা আৰু পালন কৰাৰ পৰা বিৰত থকা বিদ্ৰোহী ব্যক্তিৰ অনুসৰণ কৰিছিল।
Hud 11:60
এই পৃথিৱীত সিহঁতক লগত আল্লাহৰ দয়াৰ পৰা বঞ্চিত আৰু অপমান সম্পৃক্ত কৰি দিয়া হৈছিল তথা ক্বিয়ামতৰ দিনাও সিহঁত আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত থাকিব। ইয়াৰ কাৰণ সিহঁতে আল্লাহৰ লগত কুফুৰী কৰিছিল। জানি থোৱা! আল্লাহে সিহঁতক সকলো প্ৰকাৰ কল্যাণৰ পৰা আঁতৰত ৰাখিছে আৰু প্ৰত্যেক বেয়া কৰ্মৰ নিকটৱৰ্তী কৰি দিছে।
Hud 11:61
আমি ছামূদ সম্প্ৰদায়ৰ পিনে সিহঁতৰ ভাতৃ ছলেহ আলাইহিছ ছালামক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিলঃ হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে ইবাদতৰ যোগ্য তোমালোকৰ বাবে আন কোনো উপাস্য নাই। তেৱেঁই তোমালোকক পৃথিৱীৰ মাটিৰে সৃষ্টি কৰিছে, কিয়নো তোমালোকৰ আদি পিতা আদমৰ সৃষ্টি ইয়াৰ দ্বাৰাই হৈছিল। আৰু তোমালোকক ইয়াত বসবাসকাৰী বনাইছে। গতিকে তোমালোকে তেওঁৰ ওচৰতেই ক্ষমা প্ৰাৰ্থনা কৰা। লগতে সৎকৰ্ম কৰি আৰু গুনাহৰ কৰ্ম পৰিত্যাগ কৰি তেওঁৰ পিনে প্ৰত্যাৱৰ্তন কৰা। নিশ্চয় মোৰ প্ৰতিপালক সেই ব্যক্তিৰ অতি নিকটৱৰ্তী যিয়ে নিষ্ঠা সহকাৰে তেওঁৰ ইবাদত কৰে। আৰু সেই ব্যক্তিৰ দুআ কবুল কৰে যিয়ে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰে।
Hud 11:62
তেওঁক তেওঁৰ জাতিৰ লোকসকলে ক'লেঃ হে ছলেহ! তুমি এই আহ্বানৰ পূৰ্বে আমাৰ মাজত এজন উচ্চ স্থানৰ অধিকাৰী আছিলা। আমি ভাৱিছিলো তুমি এজন বিবেকৱান আৰু সঠিক সিদ্ধান্তৰ অধিকাৰী ব্যক্তি। হে ছলেহ! তুমি আমাক সেইবোৰ উপাস্যৰ উপাসনাৰ পৰা বাৰণ কৰি আছা নেকি যাৰ উপাসনা আমাৰ পিতৃপুৰুষসকলে কৰিছিল? তুমি যে আমাক কেৱল এক আল্লাহৰ ইবাদত কৰিবলৈ আহ্বান কৰি আছা, ইয়াত আমাৰ সন্দেহ আছে। সেই কাৰণেই আমি তোমাক আল্লাহৰ প্ৰতি মিছা অভিযোগৰ দোষত দোষী বুলি গণ্য কৰো।
Hud 11:63
ছলেহ আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ক উত্তৰ প্ৰদান কৰি ক'লেঃ হে মোৰ জাতিৰ লোকসকল! কোৱাচোন, যদি মই মোৰ প্ৰতিপালকৰ ফালৰ পৰা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত আছো আৰু তেওঁ মোক নিজৰ দয়া অৰ্থাৎ নবুওৱত প্ৰদান কৰিছে, এনে পৰিপ্ৰেক্ষিতত মই যদি তেওঁৰ সেই বাৰ্তা পৌঁচাই দিয়াত অৱহেলা কৰোঁ যিটো পৌঁচাই দিয়াৰ দায়িত্ব তেওঁ মোক প্ৰদান কৰিছে, তেনে পৰিস্থিতিত তেওঁৰ শাস্তিৰ পৰা মোক কোনে ৰক্ষা কৰিব? তোমালোকে দেখোন মোক কেৱল বিভ্ৰান্ত আৰু তেওঁৰ সন্তুষ্টিৰ পৰা আঁতৰাইহে আছা।
Hud 11:64
হে মোৰ সম্প্ৰদায়! এইজনী আল্লাহৰ ফালৰ পৰা অহা উঁট। তোমালোকৰ বাবে মোৰ সত্যতাৰ প্ৰমাণ। এতেকে তোমালোকে ইয়াক আল্লাহৰ পৃথিৱীত চৰিবলৈ দিয়া আৰু ইয়াক অতিষ্ঠ নকৰিবা। অন্যথা ইয়াক হত্যা কৰাৰ লগে লগে তোমালোকক শাস্তিয়ে আগুৰি ধৰিব।
Hud 11:65
কিন্তু সিহঁতে অস্বীকাৰ কাৰ্যত চৰম সীমা অতিক্ৰম কৰি উটজনীক হত্যা কৰিলে। তেতিয়া ছলেহ আলাইহিছ ছালামে সিহঁতক ক'লেঃ তোমালোকে পৃথিৱীত জীৱনৰ আৰু তিনিটা দিন উপভোগ কৰা। তাৰ পিছত আল্লাহৰ শাস্তি তোমালোকৰ ওপৰত আহি পৰিব। কিয়নো ইয়াৰ পিছত তেওঁৰ শাস্তি অৱশ্যে আহিব ইয়াত কোনো সন্দেহ নাই। বৰং এয়া সত্য প্ৰতিশ্ৰুতি।
Hud 11:66
ইয়াৰ পিছত যেতিয়া সিহঁতক ধ্বংসকাৰী আমাৰ আদেশ আহি পৰিল, তেতিয়া আমি ছলেহ আলাইহিছ ছালামক আৰু তেওঁৰ সৈতে ঈমান পোষণ কৰা লোকসকলক নিজ কৃপাত সুৰক্ষা প্ৰদান কৰিলো আৰু তেওঁলোকক সেই দিৱসৰ অপমান আৰু লাঞ্ছনাৰ পৰা ৰক্ষা কৰিলো। দৰাচলতে হে ৰাছুল! নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই মহাপৰাক্ৰমশালী আৰু প্ৰভুত্বশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। সেই কাৰণেই তেওঁ মিছলীয়া সম্প্ৰদায়ক ধ্বংস কৰিছে।
Hud 11:67
ছামূদ সম্প্ৰদায়ক ধ্বংসকাৰী প্ৰচণ্ড চিঞৰে সিহঁতক আৱৰি ধৰিলে, ইয়াৰ প্ৰচণ্ডতা সহ্য কৰিব নোৱাৰি সিহঁত সকলোৱে মৃত্যুবৰণ কৰিলে। সিহঁত এনেকৈ উবুৰি থকা অৱস্থাত পৰি আছিল যে, সিহঁতৰ মুখমণ্ডল মাটিত পুত খাই আছিল।
Hud 11:68
দৃশ্য এনেকুৱা হৈ পৰিছিল যে, যেনিবা সিহঁত কেতিয়াও নিজ দেশত ভোগ-বিলাস তথা সুখ-শান্তিত নাছিল। জানি থোৱা! সিহঁতৰ এই অৱস্থা এই কাৰণে হৈছিল যে, সিহঁতে আল্লাহৰ লগত কুফুৰী কৰিছিল। সিহঁত সদায় আল্লাহৰ কৃপাৰ পৰা আঁতৰত থাকিব।
Hud 11:69
আৰু পুৰুষ ৰূপত ইব্ৰাহীম আলাইহিছ ছালামৰ ওচৰত ফিৰিস্তা আগমন কৰিছিল, তেওঁক আৰু তেওঁৰ স্ত্ৰীক ইছহাক আৰু পিছত ইয়াকূবৰ শুভসংবাদ দিবলৈ আহি ফিৰিস্তাসকলে ছালাম কৰিলে। ইব্ৰাহীম আলাইহিছ ছালামে ছালামৰ উত্তৰ প্ৰদান কৰিলে আৰু তেওঁলোকক মানুহ ভাৱি খৰখেদাকৈ ভিতৰত গৈ তেওঁলোকক আপ্যায়ন কৰিবলৈ দামুৰি এটা সেকি আনিলে।
Hud 11:70
এতেকে ইব্ৰাহীম আলাইহিছ ছআলাম যেতিয়া দেখিলে যে, তেওঁলোকে খাবলৈ আগবাঢ়ি অহা নাই, তেতিয়া তেওঁ সংশয়ত পৰিলে। আৰু অন্তৰত ভয় অনুভৱ কৰিলে। ফিৰিস্তাসকলে যেতিয়া তেওঁলোকক ভয় কৰা দেখিলে তেতিয়া ক'লেঃ আমাক ভয় নকৰিব, আমাক আল্লাহে লূত সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছে, সিহঁতক শাস্তি বিহিবলৈ।
Hud 11:71
ইব্ৰাহীমৰ স্ত্ৰী ছাৰা থিয় হৈ আছিল, আমি তেওঁক এই শুভসংবাদ দিলো যে, তেওঁ ইছহাকক জন্ম দিব আৰু ইছহাকৰ পুত্ৰ হব ইয়াকূব। এই শুনি তেওঁ হাঁহিলে আৰু আনন্দত উৎফুল্লিত হৈ উঠিল।
Hud 11:72
যেতিয়া ফিৰিস্তাসকলে এই সুসংবাদ প্ৰদান কৰিলে, তেতিয়া ছাৰাই আশ্চৰ্য হৈ ক'লেঃ মোৰ কেনেকৈ সন্তান হ'ব, অথচ মই বৃদ্ধাৱস্থাত উপনীত হৈছো, আৰু সন্তানৰ পৰা নিৰাশ হৈছো। ইপিনে মোৰ স্বামীও বৃদ্ধ বয়সত উপনীত হৈছে। এনেকুৱা অৱস্থাত সন্তান হোৱাটো নিশ্চয় আশ্চৰ্যকৰ বিষয় আৰু সাধাৰণ নিয়মৰো ব্যতিক্ৰম।
Hud 11:73
ছাৰাই যেতিয়া সুসংবাদ শুনি আশ্চৰ্য প্ৰকাশ কৰিলে তেতিয়া ফিৰিস্তাসকলে ক'লেঃ আপুনি আল্লাহৰ নিৰ্ধাৰণ আৰু ফয়চালাত আশ্চৰ্য প্ৰকাশ কৰি আছে? অথচ আপোনাৰ দৰে ব্যক্তিৰসকলৰ ওচৰত এই কথা কেতিয়াও অস্পষ্ট নহয় যে, নিশ্চয় আল্লাহ এয়া কৰিবলৈ সক্ষম। হে ইব্ৰাহীমৰ পৰিয়ালবৰ্গ! আপোনালোকৰ ওপৰত আল্লাহৰ দয়া আৰু তেওঁৰ বৰকত অৱতীৰ্ণ হওঁক। নিশ্চয় আল্লাহ কৰ্মত তথা নিজৰ বৈশিষ্ট্যত মহাপ্ৰশংসিত লগতে শ্ৰেষ্ঠ আৰু সুউচ্চ।
Hud 11:74
এতেকে যেতিয়া ইব্ৰাহীম আলাইহিছ ছালামে গম পালে যে, তেওঁৰ অতিথিসকল যিসকলে আহাৰ ভক্ষণ কৰা নাছিল, তেওঁলোক আচলতে ফিৰিস্তা তেতিয়া তেওঁৰ ভয় দূৰ হ'ল। আৰু তেওঁ সুসংবাদ পালে যে, তেওঁৰ ঘৰত এজন পুত্ৰ সন্তান জন্ম লভিব যাৰ নাম হ'ব ইছহাক আৰু পিছত আহিব ইয়াকূব। তাৰ পিছত তেওঁ আমাৰ বাৰ্তাবাহকসকলৰ লগত লূত সম্প্ৰদায় সম্পৰ্কে কথা পাতিবলৈ ধৰিলে, যাতে তেওঁলোকে সিহঁতৰ পৰা কিছু সময়ৰ বাবে উঠাই নিয়ে, যাতে লূত আৰু তেওঁৰ পৰিয়াল ইয়াৰ পৰা ৰক্ষা পায়।
Hud 11:75
নিশ্চয় ইব্ৰাহীম আছিল অতি সহনশীল, সেই কাৰণেই তেওঁ শাস্তি বিলম্ব কৰোৱাব বিচাৰিছিল। তেওঁ আছিল নিজ প্ৰতিপালকৰ প্ৰতি অত্যন্ত বিনয়ী। অধিক প্ৰাৰ্থনাকাৰী আৰু তেওঁৰ পিনে প্ৰত্যাৱৰ্তনকাৰী।
Hud 11:76
ফিৰিস্তাসকলে ক'লেঃ হে ইব্ৰাহীম! লূত আলাইহিছ ছালামৰ জাতিৰ বিষয়ে বিতৰ্ক এৰক। নিশ্চয় আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা আদেশ আহিছে, আৰু সেই শাস্তি অৱশ্যে সিহঁতৰ ওপৰত অৱধাৰিত হ'ব যিটো সিহঁতৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে লূত সম্প্ৰদায়ৰ ওপৰত মহাশাস্তিৰ আগমন ঘটিব। এতেকে সেই শাস্তি প্ৰাৰ্থনাৰ জৰিয়তেও আঁতৰ নহ'ব আৰু কোনো আবেদন অনুৰোধৰ দ্বাৰাও নহয়।
Hud 11:77
ফিৰিস্তাসকলে যেতিয়া লূত আলাইহিছ ছালামৰ ওচৰত পুৰুষৰ ৰূপ ধাৰণ কৰি আহি উপস্থিত হ'ল, তেতিয়া তেওঁলোকৰ অহাটো লূত আলাইহিছ ছআলামে অপছন্দ কৰিলে। তেওঁলোকৰ লগত তেওঁৰ সম্প্ৰদায়ৰ আচৰণৰ প্ৰতি ভয় কৰি লূত আলাইহিছ ছালামৰ অন্তৰ সংকীৰ্ণ হৈ পৰিল। কাৰণ তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে স্ত্ৰী পৰিত্যাগ কৰি পুৰুষৰ লগত যৌন সম্পৰ্ক স্থাপন কৰা গুনাহত লিপ্ত আছিল। লূত আলাইহিছ ছালামে ক'লেঃ এইটো হৈছে মহা কঠিন দিৱস। তেওঁ এই কথাষাৰ কোৱাৰ উদ্দেশ্য হৈছে যে, তেওঁ আশংকা কৰিছিল তেওঁৰ সম্প্ৰদায়ে তেওঁক পৰাজিত কৰি তেওঁৰ অতিথিসকলৰ লগত বেয়া ব্যৱহাৰ কৰিব পাৰে।
Hud 11:78
ইপিনে লূত সম্প্ৰদায়ৰ লোকসকলে তেওঁৰ অতিথিসকলৰ লগত কুকৰ্ম কৰিবলৈ দৌৰি আহিল, ইতিপূৰ্বেও সিহঁত এই বেয়া অভ্যাসত লিপ্ত আছিল যে, স্ত্ৰীক এৰি পুৰুষৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিছিল। লূত আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ৰ লোকসকলক আঁতৰাবলৈ আৰু অতিথিসকলৰ সন্মুখত নিজৰ বিৱশতা প্ৰকাশ কৰি ক'লেঃ চোৱা! নাৰীসকলৰ মাজত এয়া মোৰ ছোৱালীসকলো আছে, তোমালোকে এওঁলোকক বিবাহ কৰোৱা। নিশ্চয় তোমালোকৰ বাবে এয়া বেয়া কৰ্মৰ তুলনাত অধিক পৱিত্ৰ। এতেকে তোমালোকে আল্লাহক ভয় কৰা। আৰু মোৰ অতিথিসকলৰ ক্ষেত্ৰত মোক অপমান নকৰিবা। হে মোৰ জাতিৰ লোকসকল! তোমালোকৰ মাজত কোনো বিবেকৱান লোক নাই নেকি, যিয়ে তোমালোকক এই কুকৰ্মৰ পৰা বিৰত ৰাখিব?
Hud 11:79
তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক'লেঃ হে লূত! তুমিতো জানাই, তোমাৰ ছোৱালীসকলৰ প্ৰতি আৰু তোমাৰ সম্প্ৰদায়ৰ নাৰীসকলৰ প্ৰতি আমাৰ কোনো ইচ্ছা নাই আৰু কোনো কামনাও নাই। নিশ্চয় তুমি দেখোন জানাই আমি কি বিচাৰো। আমি কেৱল পুৰুষ বিচাৰো।
Hud 11:80
তেতিয়া লূত আলাইহিছ ছালামে ক'লেঃ হায়! তোমালোকক আঁতৰাবলৈ মোৰ ওচৰত যদি শক্তি থাকিলেহেঁতেন অথবা ৰক্ষা কৰাৰ বাবে আত্মীয় থাকিলেহেঁতেন, তেতিয়াহলে মই মোৰ অতিথিসকলক তোমালোকৰ পৰা ৰক্ষা কৰিলোহেঁতেন।
Hud 11:81
ফিৰিস্তাসকলে লূত আলাইহিছ ছালামক ক'লেঃ হে লূত! আমি হৈছোঁ দূত। আল্লাহে আমাক প্ৰেৰণ কৰিছে। এতেকে আপোনাৰ সম্প্ৰদায়ৰ লোকসকলে কেতিয়াও আপোনাক অনিষ্ট কৰাৰ উদ্দেশ্যত উপনীত হ'ব নোৱাৰে। এতেকে আপুনি ৰাতিৰ অন্ধকাৰত নিজ পৰিয়ালৰ সৈতে এই অঞ্চল ত্যাগ কৰক। আৰু মনত ৰাখিব, কোনেও যেন পিছফালে ঘূৰি নাচায়। কিন্তু আপোনাৰ স্ত্ৰী অবাধ্যতা কৰি পিছফালে ঘূৰি চাব। কাৰণ সিও এই শাস্তি ভোগ কৰিব যিটো আপোনাৰ সম্প্ৰদায়ে ভোগ কৰিব। নিশ্চয় সিহঁতৰ ধ্বংসৰ সময় হৈছে প্ৰাতঃকাল। যিটো অতি সন্নিকট।
Hud 11:82
তাৰ পিছত যেতিয়া লূত সম্প্ৰদায়ক ধ্বংস কৰাৰ বাবে আমাৰ আদেশ আহি পৰিল, তেতিয়া আমি সিহঁতৰ গাওঁবোৰক তল-ওপৰ কৰি বিনষ্ট কৰিলো, লগতে সিহঁতৰ ওপৰত ক্ৰমাগতভাৱে ধাৰাসাৰ পকা মাটিৰ শীল বৰ্ষণ কৰিলো।
Hud 11:83
সেই শীলবোৰৰ ওপৰত আল্লাহৰ তৰফৰ পৰা এটা বিশেষ প্ৰতীক লগোৱা আছিল। এনেকুৱা শীল, কুৰাইছ আৰু সিহঁতৰ দৰে অন্যায়কাৰীসকলৰ পৰা বেছি দূৰত নহয়। বৰং অতি সন্নিকট, আল্লাহে যেতিয়াই সিহঁতৰ ওপৰত বৰ্ষাবলৈ সিদ্ধান্ত লব, তেতিয়াই সেয়া অৱতীৰ্ণ হ'ব।
Hud 11:84
আৰু আমি মাদিয়ানবাসীসকলৰ ওচৰত সিহঁতৰ ভাতৃ শ্বুআইব আলাইহিচ্ছালামক প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিলঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ বাবে ইবাদতৰ যোগ্য আন কোনো সত্য উপাস্য নাই। যেতিয়া তোমালোকে মানুহক কিবা বস্তু ওজন কৰি অথবা জুখি দিয়া, তেতিয়া তাত কোনো ধৰণৰ অন্যায় নকৰিবা বা কম নিদিবা। মই দেখি আছোঁ তোমালোকে যথেষ্ট নিয়ামত উপভোগ কৰি আছা। এতেকে আল্লাহৰ এই নিয়ামতক গুনাহত পৰিণত নকৰিবা। মই তোমালোকৰ প্ৰতি সেই পৰিবেষ্টিত দিৱসৰ শাস্তিৰ আশংকা কৰোঁ, যেতিয়া তোমালোকৰ প্ৰত্যেক ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ'ব আৰু তাত পলায়ন কৰাৰ অথবা আশ্ৰয় লোৱাৰ কোনো স্থান নাথাকিব।
Hud 11:85
আৰু হে মোৰ জাতি ভাইসকল! যেতিয়া তোমালোকে কিবা বস্তু জুখি অথবা ওজন কৰি দিয়া, তেতিয়া সেয়া ন্যায়ৰ সৈতে পৰিপূৰ্ণভাৱে প্ৰদান কৰিবা। আনহাতে ওজনত কম তুলি প্ৰৱঞ্চনা কৰি তথা মানুহক ঠগাই সিহঁতৰ অধিকাৰ খৰ্ব নকৰিবা। লগতে হত্যাৰ দৰে গুনাহত লিপ্ত হৈ পৃথিৱীত বিপৰ্যয় সৃষ্টি নকৰিবা।
Hud 11:86
আল্লাহৰ হালাল সঞ্চয়কৃত ধন যিবোৰ তেওঁ মানুহক সিহঁতৰ অধিকাৰ ন্যায়ৰ সৈতে প্ৰদান কৰাৰ পিছত তোমালোকৰ বাবে সঞ্চয় কৰি থয়, সেয়া পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি তথা জুখ-মাখত হ্ৰাসৰ জৰিয়তে লাভ কৰা ধনতকৈ অধিক লাভদায়ক আৰু বৰকতময়। যদি তোমালোক প্ৰকৃত মুমিন তেন্তে সেই সঞ্চয়কৃত ধনৰ প্ৰতি সন্তুষ্ট হোৱা। মই তোমালোকৰ নিৰীক্ষক নহয় যে, তোমালোকৰ সকলো কৰ্মৰ হিচাপ ৰাখিম আৰু সেইমতে তোমালোকৰ হিচাপ-কিতাপ লম। নিশ্চয় প্ৰকৃত ৰক্ষক হৈছে সেই সত্তা, যিয়ে প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয় সম্পৰ্কে অৱগত।
Hud 11:87
ছোআইব আলাইহিছ ছালামৰ জাতিৰ লোকসকলে তেওঁক ক'লেঃ হে ছোআইব! তোমাৰ ছালাত, যিটো তুমি আল্লাহৰ বাবে আদায় কৰা, তোমাক এই আদেশ দিয়ে নেকি যে, আমি যেন সেইবোৰ মূৰ্তিৰ উপাসনা এৰি দিওঁ যিবোৰক আমাৰ পিতৃ-পুৰুষসকলে উপাসনা কৰিছিল। আৰু এই আদেশ দিয়ে নেকি যে, আমি যেন আমাৰ সম্পত্তিত আমাৰ ইচ্ছানুযায়ী একো কৰিব নোৱাৰো আৰু আমি যাতে আমাৰ সম্পত্তি ইচ্ছানুযায়ী বৃদ্ধিও কৰিব নোৱাৰো? নিশ্চয় তুমি এজন সহনশীল তথা পূণ্যৱান লোক। কাৰণ এই আহ্বানৰ পূৰ্বে আমি তোমাক এজন বিবেকৱান তথা প্ৰজ্ঞাৱান লোক হিচাপে পাইছিলো। কিন্তু এতিয়া তোমাৰ কি হৈছে?
Hud 11:88
ছোআইব আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ক ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তোমালোকে মোক কোৱাচোন, যদি মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ তথা দুৰদৰ্শিতাৰ ওপৰত প্ৰতিষ্ঠিত আছো, লগতে তেওঁ যিহেতু মোক তেওঁৰ ফালৰ পৰা হালাল জীৱিকা প্ৰদান কৰিছে আৰু নুবুওৱত প্ৰদান কৰিছে তেন্তে তোমালোকৰ অৱস্থা কি হ'ব, শুনা! মোৰ উদ্দেশ্য তোমালোকক কোনো বস্তুৰ পৰা বিৰত ৰখা নহয় আৰু সেই কৰ্মত বিৰোধিতা কৰাও মোৰ উদ্দেশ্য নহয়। মোৰ উদ্দেশ্য কেৱল তোমালোকক আল্লাহৰ তাওহীদৰ পিনে আহ্বান কৰা আৰু মোৰ সক্ষম অনুযায়ী তেওঁৰ আনুগত্য কৰি তোমালোকক সংশোধন কৰা। ইয়াৰ সামৰ্থ প্ৰদানকাৰীও কেৱলমাত্ৰ আল্লাহ তাআলা। মই সকলো কৰ্মত তেওঁৰ ওপৰতেই ভৰসা কৰো আৰু তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰো।
Hud 11:89
হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মোৰ লগত তোমালোকৰ শত্ৰুতাই যেন মই লৈ অহা চৰীয়তক অস্বীকাৰ কৰিবলৈ অৰিহণা নোযোগায়। মই আশংকা কৰিছো তোমালোকে যেনিবা সেই শাস্তিৰ সন্মুখীন হোৱা নেকি, যি শাস্তি ভোগ কৰিছিল নূহ সম্প্ৰদায়, হূদ সম্প্ৰদায় আৰু ছলেহৰ সম্প্ৰদায়ে। আনহাতে লূত সম্প্ৰদায়ে ভোগ কৰা শাস্তিও দেখোন তোমালোকৰ পৰা সময় তথা স্থানৰ ক্ষেত্ৰতো বেছি দূৰ নহয়। তোমালোকে দেখোন জানাই সিহঁতৰ প্ৰতি কেনেকুৱা শাস্তি আহিছিল। এতেকে তোমালোকে তাৰ পৰা শিক্ষা লোৱা।
Hud 11:90
আৰু নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, আৰু গুনাহৰ পৰা তেওঁৰ ওচৰত তাওবা কৰা, নিশ্চয় মোৰ প্ৰতিপালক তাওবাকাৰীসকলৰ প্ৰতি দয়াৱান, অত্যন্ত স্নেহশীল।
Hud 11:91
ছুআইব আলাইহিছ ছালামৰ জাতিৰ লোকসকলে তেওঁক ক'লেঃ হে ছোআইব! তুমি লৈ অহা বহু কথাই আমি বুজি নাপাওঁ। যিহেতু তোমাৰ দৃষ্টি হ্ৰাস পাইছে তথা দুৰ্বল হৈছে, সেয়ে আমিও তোমাক আমাৰ মাজত দুৰ্বল বুলিয়ে গণ্য কৰো। যদি তোমাৰ বংশধৰবিলাক আমাৰ ধৰ্মৰ অনুসাৰী নহলহেঁতেন তেন্তে আমি তোমাক শিল দলিয়াই হত্যা কৰিলোহেঁতেন। তুমি আমাৰ মাজত শক্তিশালীও নহয় যে, আমি তোমাক হত্যা কৰিবলৈ ভয় কৰিম। আমি কেৱল তোমাৰ বংশক সন্মান কৰি তোমাৰ হত্যাৰ পৰা বিৰত আছো।
Hud 11:92
তেতিয়া ছোআইব আলাইহিছ ছালামে তেওঁৰ সম্প্ৰদায়ক ক'লেঃ হে মোৰ জাতিৰ লোকসকল! তোমালোকৰ দৃষ্টিত মোৰ বংশধৰসকল, তোমালোকৰ প্ৰতিপালক আল্লাহতকৈও অধিক সন্মানিত তথা প্ৰভাৱশালী নেকি? তোমালোকে আল্লাহক অৱজ্ঞা কৰিছা, কাৰণ তোমালোকে তেওঁৰ নবীৰ প্ৰতি ঈমান পোষণ কৰা নাই, যি নবীক তোমালোকৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। নিশ্চয় মোৰ প্ৰতিপালক তোমালোকৰ সকলো কৰ্ম পৰিবেষ্টন কৰি আছে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিফল দিব পৃথিৱীত ধ্বংসৰ জৰিয়তে আৰু আখিৰাতত দিব শাস্তি প্ৰদানৰ দ্বাৰা।
Hud 11:93
হে মোৰ জাতিৰ লোকসকল! তোমালোকে নিজ নিজ সামৰ্থ অনুযায়ী নিজৰ পছন্দৰ পথত কৰ্ম কৰা। নিশ্চয় ময়ো মোৰ সামৰ্থ অনুযায়ী মোৰ পছন্দৰ পথত আমল কৰি আছো। তোমালোকে অতি শীঘ্ৰেই জানিব পাৰিবা আমাৰ মাজত কাৰ ওচৰত লাঞ্ছনাকাৰী শাস্তি আহে আৰু কোন নিজৰ দাবীত মিছলীয়া। এতেকে আল্লাহৰ আদেশলৈ অপেক্ষা কৰা। নিশ্চয় ময়ো তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছো।
Hud 11:94
যেতিয়া ছোআইব সম্প্ৰদায়ক ধ্বংস কৰিবলৈ আমাৰ আদেশ আহি পৰিল, তেতিয়া আমি আমাৰ কৃপাত ছোআইব আৰু তেওঁৰ লগত ঈমান পোষণ কৰা লোকসকলক তাৰ পৰা ৰক্ষা কৰিলো। আৰু তেওঁ সম্প্ৰদায়ৰ অন্যায়কাৰীবিলাকক প্ৰচণ্ড শব্দই ধ্বংস কৰিলে, ফলত সিহঁত লগে লগে মৃত্যুবৰণ কৰিলে। সিহঁত এনেকৈ উবুৰি খাই পৰিছিল যে, সিহঁতৰ চেহেৰা মাটিৰে লুতুৰি-পুতুৰি হৈ আছিল।
Hud 11:95
এনেকুৱা দৃশ্যত পৰিণত হৈছিল যেনিবা সিহঁত তাত কেতিয়াও বসবাসে কৰা নাছিল। জানি থোৱা! মাদিয়ান সম্প্ৰদায়ো আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত হৈছিল যেতিয়া সিহঁতৰ ওপৰত তেওঁৰ শাস্তি আহি পৰিছিল, যিদৰে ছামূদ সম্প্ৰদায়ৰ ওপৰত আল্লাহৰ প্ৰকোপ অৱতীৰ্ণ হোৱাৰ পিছত, সিহঁতক আল্লাহৰ ৰহমতৰ পৰা দূৰ কৰি দিয়া হৈছিল।
Hud 11:96
নিশ্চয় আমি মুছাক তাওহীদ প্ৰমাণ কৰিবলৈ তথা তেওঁৰ চৰীয়তৰ সত্যতা সাব্যস্ত কৰিবলৈ বহুতো স্পষ্ট প্ৰমাণ তথা প্ৰকাশ্য যুক্তিৰে প্ৰেৰণ কৰিছিলো।
Hud 11:97
আমি তেওঁক ফিৰআউন আৰু তাৰ জাতিৰ গণ্যমান্য লোকসকলৰ ওচৰলৈ প্ৰেৰণ কৰিছিলো। কিন্তু সেই গণ্যমান্য লোকসকলে আল্লাহক অস্বীকাৰ কৰিবলৈ ফিৰআউনে কৰা আদেশ মানি ললে। যদিও ফিৰআউনৰ আদেশ অনুসৰণযোগ্য নাছিল। কাৰণ সেইটো সঠিক তথা উচিত সিদ্ধান্ত নাছিল।
Hud 11:98
ক্বিয়ামতৰ দিনা ফিৰআউন আৰু তাৰ সম্প্ৰদায় জাহান্নামৰ পিনে আগবাঢ়িব, অৱশেষত সিহঁতক তাত নিক্ষেপ কৰা হ'ব। সেইটো কিমান যে নিকৃষ্ট ঠাই, য’ত সিহঁতে অৱতৰণ কৰিব।
Hud 11:99
পাৰ্থিৱ জীৱনত আল্লাহে সিহঁতৰ লগত অভিশাপ সম্পৃক্ত কৰি দিছে আৰু তেওঁৰ কৰুণাৰ পৰা বঞ্চিত কৰি বিতাড়িত কৰিছে, লগতে সিহঁতক সাগৰত ডুবাই ধ্বংস কৰিছে। আনকি ক্বিয়ামতৰ দিনাও লাঞ্ছনা আৰু ৰহমতৰ পৰা দূৰত্ব লগ নেৰিব। পৃথিৱী আৰু আখিৰাতত সিহঁতে যি অভিশাপ আৰু শাস্তি ভোগ কৰিব সেয়া কিমান যে নিকৃষ্ট।
Hud 11:100
হে ৰাছুল! এই ছুৰাত যি বৰ্ণনা কৰা হৈছে, সেয়া হৈছে সেইসমূহ জনপদ, যিবোৰৰ সংবাদ আমি আপোনাক দি আছো। ইয়াৰ মাজৰ কিছুমান গাওঁ এনেকুৱাও আছে যিবোৰৰ প্ৰতীক এতিয়াও অৱশিষ্ট আছে। আৰু কিছুমান আছে এনেকুৱা যিবোৰৰ সকলো প্ৰতীক ধ্বংস হৈছে আৰু কোনো চিহ্ন বাকী নাই।
Hud 11:101
সিহঁতক ধ্বংস কৰি আমি সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাই। বৰং সিহঁতে আল্লাহক অস্বীকাৰ কৰি নিজকে ধ্বংসৰ যোগ্য বনাই নিজেই নিজৰ অন্যায় কৰিছে। হে ৰাছুল! সিহঁতক ধ্বংস কৰিবলৈ আপোনাৰ প্ৰতিপালকৰ নিৰ্দেশ যেতিয়া আহিল, তেতিয়া আল্লাহক এৰি সিহঁতে উপাসনা কৰা উপাস্যবোৰ সিহঁতৰ শাস্তি প্ৰতিৰোধ কৰিবলৈ একেবাৰে অসমৰ্থ পৰিলক্ষিত হ'ল। সিহঁতৰ সেই উপাস্যবোৰ কেৱল ক্ষতি আৰু ধ্বংসহে বৃদ্ধি কৰিলে।
Hud 11:102
যিদৰে আল্লাহে বিগত অস্বীকাৰকাৰী সম্প্ৰদায়ৰ শিপা নিৰ্মূল কৰিছে, ঠিক সেইদৰে যুগে যুগে ঠায়ে ঠায়ে আল্লাহে তেনেকুৱা শাস্তি প্ৰদান কৰিয়ে থাকিব। নিশ্চয় অন্যায়কাৰী জনপদৰ শাস্তি অতি কষ্টদায়ক তথা কঠিন।
Hud 11:103
নিশ্চয় আল্লাহৰ ফালৰ পৰা শাস্তি প্ৰদান কৰা সেই জনপদসমূহৰ ধ্বংসৰ মাজত আছে শিক্ষা তথা পাঠ, সেই ব্যক্তিৰ বাবে যিয়ে ক্বিয়ামত দিৱসৰ শাস্তিক ভয় কৰে। সেইটোৱে সেইদিন যিদিনা আল্লাহে মানুহক একত্ৰিত কৰি হিচাপ-নিকাচৰ বাবে। সেইটো হৈছে উপস্থিত হোৱাৰ দিন, যিদিনা হাছৰ ময়দানত উপস্থিত হ'ব।
Hud 11:104
সেই দিনটোক আমি কেৱল এটা নিৰ্দিষ্ট সময়লৈকে পিছুৱাই আছো।
Hud 11:105
সেই দিনটো যেতিয়া আহিব, তেতিয়া কোনেও তেওঁৰ অনুমতি অবিহনে প্ৰমাণ সহকাৰে হওঁক তথা মধ্যস্ততাৰ মাধ্যমত হওঁক কথা কব নোৱাৰিব। সেইদিনা মানুহ দুই প্ৰকাৰৰ হ'ব। দুৰ্ভগীয়া, যিসকল জাহান্নামত প্ৰৱেশ কৰিব। আৰু ভাগ্যৱান, যিসকল জান্নাতত প্ৰৱেশ কৰিব।
Hud 11:106
এতেকে কুফুৰী আৰু কুকৰ্ম কৰাৰ কাৰণে দুৰ্ভগীয়া লোকসকলে জাহান্নামত প্ৰৱেশ কৰিব। তাত জাহান্নামৰ অগ্নিশিখাৰ উত্তাপত সিহঁতে চিঞঁৰিব আৰু উশাহ-নিশাহৰ শব্দও উচ্চ হ'ব।
Hud 11:107
তাত সিহঁত চিৰকাল অৱস্থান কৰিব। তাৰ পৰা সিহঁত কেতিয়াও ওলাব নোৱাৰিব যেতিয়ালৈকে আকাশমণ্ডল আৰু পৃথিৱী বিদ্যমান থাকিব। কিন্তু তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত থকা গুনাহগাৰ ব্যক্তিক আল্লাহে ইচ্ছা কৰিলে ওলাই আনিব। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালক যি ইচ্ছা কৰে সেইটোৱে কৰে। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে।
Hud 11:108
আনহাতে ভাগ্যৱান লোকসকল, যিসকলক তেওঁলোকৰ ঈমান আৰু সত্কৰ্মৰ কাৰণে আল্লাহে পূৰ্বেই সৌভাগ্যৱান বুলি ঘোষণা কৰিছে। তেওঁলোক জান্নাতত চিৰস্থায়ী হ'ব, যেতিয়ালৈকে আকাশমণ্ডল আৰু পৃথিৱী অৱশিষ্ট থাকিব। কিন্তু জান্নাতত প্ৰৱেশ কৰোৱাৰ আগতেই গুনাহগাৰ মুমিনসকলৰ মাজৰ যাক ইচ্ছা কৰিব জাহান্নামত প্ৰৱেশ কৰাব। নিশ্চয় জান্নাতৰ অধিবাসীসকলে লাভ কৰা আল্লাহৰ নিয়ামতসমূহ হ'ব নিৰবিচ্ছিন্ন।
Hud 11:109
হে ৰাছুল! মুশ্বৰিকসকলে যিবোৰৰ উপাসনা কৰি আছে, সেইবোৰৰ ক্ষতি সম্পৰ্কে আপুনি সন্দেহ পোষণ নকৰিব। সিহঁতে যি কৰি আছে তাৰ সপক্ষে সিহঁতৰ ওচৰত কোনো বৌদ্ধিক প্ৰমাণো নাই আৰু কোনো ধাৰ্মিক প্ৰমাণো নাই। বৰং আল্লাহৰ বাহিৰে আনৰ বাবে সিহঁতে কৰা ইবাদতৰ একমাত্ৰ কাৰণটো হৈছে পিতৃ-পুৰুষসকলৰ অন্ধানুসৰণ। নিশ্চয় আমি সিহঁতক সিহঁতৰ শাস্তিৰ ভাগ পৰিপূৰ্ণৰূপে প্ৰদান কৰিম।
Hud 11:110
নিশ্চয় আমি মুছা আলাইহিছ ছালামক তাওৰাত প্ৰদান কৰিছিলো, কিন্তু তাত মানুহে বিভেদ সৃষ্টি কৰিছিল। কিছুমানে তাৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু আন কিছুমানে অস্বীকাৰ কৰিছিল। যদি আল্লাহৰ এয়া পূৰ্ব নিৰ্ধাৰণ নিৰ্ণয় নাথাকিলেহেঁতেন যে তেওঁ শীঘ্ৰে শাস্তি প্ৰদান নকৰিব, বৰং প্ৰজ্ঞানুসাৰে ক্বিয়ামত পৰ্যন্ত অৱকাশ দিব, অন্যথা পৃথিৱীতেই সিহঁতে সেই শাস্তি ভোগ কৰিলেহেঁতেন যি শাস্তিৰ সিহঁত উপযুক্ত। নিশ্চয় ইয়াহুদী আৰু মুশ্বৰিকসকলৰ মাজৰ কাফিৰসকলে কোৰআন সম্পৰ্কে সন্দেহত পতিত হৈছে।
Hud 11:111
হে ৰাছুল! উপৰোক্ত বিভেদকাৰীসকলৰ মাজৰ প্ৰত্যেককে আপোনাৰ প্ৰতিপালকে সিহঁতৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিফল দান কৰিব। যাৰ কৰ্ম ভাল হ'ব, সি ভাল প্ৰতিফল পাব। আনহাতে যাৰ কৰ্ম বেয়া হ'ব, সি বেয়া প্ৰতিফল পাব। নিশ্চয় সিহঁতৰ প্ৰতিটো সুক্ষ্ম আমল সম্পৰ্কেও আল্লাহ অৱগত। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
Hud 11:112
হে ৰাছুল! পোন পথত পৰিচালিত থকাৰ স্বভাৱক খামুচি ধৰক, যেনেকৈ আল্লাহে আপোনাক আদেশ দিছে। এতেকে তেওঁৰ আদেশ পালন কৰক আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকক। এইদৰে আপোনাৰ সৈতে তাওবা কৰা মুমিনসকলেও পোন পথত অবিচল থকা উচিত। আৰু (হে মুমিনসকল) গুনাহত লিপ্ত হৈ সীমালঙ্ঘন নকৰিবা। নিশ্চয় তেওঁ তোমালোকৰ কৰ্মসমূহ দেখি আছে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। আৰু অচিৰেই তেওঁ ইয়াৰ প্ৰতিদান দিব।
Hud 11:113
অন্যায়কাৰী কাফিৰসকলৰ লগত মন জয় কৰা কথা কৈ তথা সিহঁতৰ লগত বন্ধুত্ব কৰি সিহঁতৰ প্ৰতি নত নহ'বা, অন্যথা এই নত স্বীকাৰ কৰাৰ কাৰণে তোমালোকক জুয়ে স্পৰ্শ কৰিব। আনহাতে আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই যে তাৰ পৰা তোমালোকক উদ্ধাৰ কৰিব। লগতে তোমালোকে কোনো সহায়কাৰীও বিচাৰি নাপাবা।
Hud 11:114
হে ৰাছুল! আপুনি দিনৰ দুয়ো প্ৰান্তভাগত অৰ্থাৎ পুৱা আৰু সন্ধিয়া উত্তমৰূপে ছালাত প্ৰতিষ্ঠা কৰক। লগতে ৰাতিৰো এটা অংশত ছালাত আদায় কৰক। নিশ্চয় নেক কৰ্মই সৰু সুৰা গুনাহসমূহ মোচন কৰে। উপৰোক্ত কথাবোৰ উপদেশ গ্ৰহণকাৰী লোকৰ বাবে হৈছে উপদেশ আৰু শিক্ষা গ্ৰহণকাৰীসকলৰ বাবে হৈছে শিক্ষা।
Hud 11:115
আপোনাক পোন পথত অবিচল থকাৰ যি আদেশ দিয়া হৈছে আৰু বিদ্ৰোহী তথা অন্যায়কাৰীসকলৰ প্ৰতি নত হোৱাৰ পৰা যি নিষেধাজ্ঞা দিয়া হৈছে তাৰ প্ৰতি ধৈৰ্য সহকাৰে আমল কৰক। নিশ্চয় আল্লাহ পূণ্যৱান লোকসকলৰ প্ৰতিফল ব্যৰ্থ নকৰে। বৰং তেওঁলোকৰ নেক আমলসমূহ কবূল কৰে আৰু তেওঁলোকক তেওঁলোকৰ কৰ্মৰ উত্তম প্ৰতিদান দিয়ে।
Hud 11:116
বিগত সম্প্ৰদায়সমূহ যিসকলক শাস্তিৰ দ্বাৰা ধ্বংস কৰা হৈছে সিহঁতৰ মাজত সদাচাৰী তথা নেক লোকৰ উপস্থিতি পোৱা নগল কিয়, যিসকলে সিহঁতক কুফৰ আৰু গুনাহৰ দ্বাৰা পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰাৰ পৰা বিৰত ৰাখিলেহেঁতেন। কিন্তু সিহঁতৰ মাজত তেনেকুৱা লোকৰ উপস্থিতি নাছিল, কেৱল আঙুলিত গণিব পাৰা কেইজনমান লোক আছিল যিসকলে বিপৰ্যয় সৃষ্টিৰ পৰা মানুহক নিষেধ কৰিছিল। সেয়ে অন্যায়কাৰীসকলক ধ্বংস কৰাৰ সময়ত আমি সেইকেইজন লোকক ৰক্ষা কৰিছিলো। ইপিনে তেওঁলোকৰ সম্প্ৰদায়ৰ অন্যায়কাৰী লোকসকলে বিলাসিতাত মত্ত হৈ আছিল। ফলত সিহঁত অন্যায়কাৰীত পৰিণত হ'ল।
Hud 11:117
হে ৰাছুল! এনেকুৱা কেতিয়াও হব নোৱাৰে যে, কোনো জনপদৰ মানুহে গঠনমূলক তথা সংশোধনমূলক কাম কৰি আছে, তথাপিও আপোনাৰ প্ৰতিপালকে তেওঁলোকক ধ্বংস কৰিব। বৰং তেওঁ সিহঁতক তেতিয়াহে ধ্বংস কৰে যেতিয়া তাৰ অধিবাসীসকলে কুফৰ, অন্যায়-অত্যাচাৰ আৰু গুনাহৰ দ্বাৰা পৰিবেশ কলুষিত কৰে।
Hud 11:118
হে ৰাছুল! আপোনাৰ প্ৰতিপালকে ইচ্ছা কৰিলে সকলো মানুহকে এটা দলৰ অন্তৰ্ভুক্ত কৰি সত্যৰ পথত পৰিচালিত কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ এনেকুৱা ইচ্ছা পোষণ কৰা নাই। কাৰণ সিহঁত প্ৰবৃত্তিৰ অনুসৰণ কৰাৰ বাবে আৰু বিদ্ৰোহৰ ফলত সদায় মতভেদ সৃষ্টি কৰি থাকিব।
Hud 11:119
কিন্তু যিসকলক আল্লাহে হিদায়তৰ তাওফীক প্ৰদান কৰি তেওঁলোকৰ প্ৰতি দয়া কৰে (তেওঁলোকৰ কথা সুকীয়া)। কাৰণ তেওঁলোকে তাওহীদৰ ক্ষেত্ৰত মতভেদ নকৰে। এনেকুৱা মতভেদৰ জৰিয়তে পৰীক্ষা কৰাৰ কাৰণে আল্লাহে সিহঁতক সৃষ্টি কৰিছে। সিহঁতৰ মাজত কিছুমান আছে দুৰ্ভগীয়া আৰু কিছুমান আছে সৌভাগ্যশালী। হে ৰাছুল! আল্লাহৰ বাণী সম্পূৰ্ণ হ'ল, যিটোৰ নিৰ্ণয় তেওঁ অনাদিকালতে লৈ থৈছিল যে, তেওঁ জাহান্নামক চয়তানৰ অনুসাৰী জিন আৰু মানুহৰ দ্বাৰা পূৰণ কৰিব।
Hud 11:120
হে ৰাছুল! আপোনাৰ পূৰ্বে অহা নবীসকলৰ যি বৰ্ণনা আমি আপোনাক শুনাও, ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে যাতে ইয়াৰ দ্বাৰা আপোনাৰ হৃদয় সুদৃঢ় থাকে আৰু শক্তিশালী হয়। এই ছুৰাত আপোনাৰ বাবে সত্য আহি পৰিছে, য’ত কোনো সন্দেহ নাই। লগতে ইয়াত আপোনাৰ ওচৰত আহিছে কাফিৰসকলৰ বাবে উপদেশ। আৰু মুমিনসকলৰ বাবে স্মৰণ, যিসকলে ইয়াৰ দ্বাৰা উপকৃত হয়।
Hud 11:121
হে ৰাছুল! আপুনি সেইসকল লোকক কৈ দিয়ক, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰে আৰু তেওঁৰ তাওহীদকো বিশ্বাস নকৰে; কওঁক যে, তোমালোকে সত্যৰ পৰা বিৰত ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰা আৰু প্ৰতিৰোধ কৰা। ইপিনে আমি আমাৰ পথত দৃঢ়তাৰে কাম কৰিম আৰু মানুহক আহ্বান কৰিম আৰু এই ক্ষেত্ৰত ধৈৰ্য ধাৰণ কৰিম।
Hud 11:122
তোমালোকে আমাৰ প্ৰতি অহা শাস্তিৰ অপেক্ষা কৰা, আমিও নিশ্চিতভাৱে অপেক্ষা কৰিম তোমালোকৰ ওপৰত কেনেকুৱা শাস্তি আহে।
Hud 11:123
একমাত্ৰ আল্লাহৰ ওচৰতেই আকাশমণ্ডল তথা পৃথিৱীৰ গোপন বিষয়ৰ জ্ঞান আছে। কোনো বিষয়েই তেওঁৰ পৰা গোপন নহয়। ক্বিয়ামতৰ দিনা কেৱল তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰিব। এতেকে হে ৰাছুল! আপুনি একমাত্ৰ তেওঁৰেই ইবাদত কৰক আৰু আপোনাৰ সকলো কৰ্মত কেৱল তেওঁৰ ওপৰতেই ভৰসা কৰক। অৱশ্যে আপোনাৰ প্ৰতিপালক আপোনালোকৰ কৰ্ম সম্পৰ্কে অমনোযোগী নহয়। বৰং তেওঁ সেই সম্পৰ্কে সৰ্বজ্ঞ। অতিশীঘ্ৰেই তেওঁ প্ৰত্যেককে কৰ্মৰ প্ৰতিফল দিব।
Yusuf 12:1
(আলিফ-লাম-ৰা) এইটো আৰু এই ধৰণৰ আখৰ সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। এই ছুৰাত অৱতীৰ্ণ আয়াতসমূহ হৈছে সুস্পষ্ট কোৰআনৰ আয়াত।
Yusuf 12:2
হে আৰবৰ অধিবাসীসকল! আমি কোৰআনখন আৰবী ভাষাত অৱতীৰ্ণ কৰিছো, যাতে তোমালোকে ইয়াৰ অৰ্থ বুজিব পাৰা।
Yusuf 12:3
হে ৰাছুল! আমি আপোনাক এনেকুৱা কাহিনী বৰ্ণনা কৰি আছো যিটো সাহিত্য দিশৰ পৰা, শব্দৰ শুদ্ধতা আৰু সত্যতাৰ ফালৰ পৰা অতি উত্তম। নিশ্চয় আপুনি এইটো অৱতীৰ্ণ হোৱাৰ পূৰ্বে এই সম্পৰ্কে কোনো জ্ঞান নাছিল তথা আপুনি অমনোযোগী আছিল।
Yusuf 12:4
হে ৰাছুল! আমি আপোনাক সংবাদ দিওঁ যে, ইউছুফে যেতিয়া তেওঁৰ পিতৃ ইয়াকূবক কৈছিলঃ হে মোৰ পিতৃ! মই সপোনত দেখিছো এঘাৰ টা তৰা, লগতে সূৰ্য আৰু চন্দ্ৰ আটায়ে মোক ছাজদা কৰি আছে। এই সপোনটো আছিল ইউছুফ আলাইহিছ ছালামৰ বাবে আগতীয়া সুসংবাদ।
Yusuf 12:5
ইয়াকূব আলাইহিছ ছালামে তেওঁৰ পুত্ৰ ইউছুফক ক'লেঃ হে মোৰ মৰমৰ পুত্ৰ! তোমাৰ এই সপোন তোমাৰ ভাতৃসকলক অৱগত নকৰিবা। অন্যথা সিহঁতে গম পালে বুজি পাব আৰু তোমাৰ লগত হিংসা কৰিব। ফলত সিহঁতে বিদ্বেষত তোমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিব। নিশ্চয় চয়তান মানুহৰ প্ৰকাশ্য শত্ৰু।
Yusuf 12:6
হে ইউছুফ! যিদৰে তুমি সপোন দেখিছা, সেইদৰেই তোমাৰ প্ৰতিপালকে তোমাক নিৰ্বাচিত কৰিব আৰু তোমাক সপোনৰ ব্যাখ্যা শিকাব। আৰু তোমাক নুবুওৱত প্ৰদান কৰি তোমাৰ ওপৰত তেওঁৰ নিয়ামত পৰিপূৰ্ণ কৰিব। যিদৰে তেওঁ তোমাৰ পূৰ্বে তোমাৰ পিতৃপুৰুষ ইব্ৰাহীম আৰু ইছহাকৰ ওপৰত অনুগ্ৰহ সম্পূৰ্ণ কৰিছিল। নিশ্চয় তোমাৰ প্ৰতিপালক সৃষ্টি সম্পৰ্কে সৰ্বজ্ঞ। আৰু পৰিচালনাত প্ৰজ্ঞাৱান।
Yusuf 12:7
অৱশ্যে ইউছুফ আৰু তেওঁৰ ভাতৃসকলৰ ঘটনাত প্ৰশ্নকাৰীসকলৰ বাবে আছে উপদেশ আৰু শিক্ষা।
Yusuf 12:8
যেতিয়া তেওঁৰ ভাতৃসকলে নিজৰ মাজত আলোচনা কৰিলে যে, ইউছুফ আৰু তেওঁৰ সহোদৰ আমাৰ পিতৃৰ ওচৰত অধিক প্ৰিয়পাত্ৰ। অথচ আমি কেইজনীয়া এটা দল। কেনেকৈ তেওঁ আমাৰ ওপৰত এই দুজনক প্ৰাধান্য দিলে? আমাৰ দৃষ্টিত কোনো কাৰণ অবিহণেই এই দুজনক অগ্ৰাধিকাৰ প্ৰদান কৰি তেওঁ স্পষ্ট ভুল কৰি আছে।
Yusuf 12:9
এতেকে ইউছুফক হত্যা কৰা অথবা বহু দূৰত ক’ৰবাত নিক্ষেপ কৰাগৈ, ফলত তোমালোকৰ পিতৃয়ে তোমালোকৰ প্ৰতি পৰিপূৰ্ণৰূপে মনোযোগ প্ৰদান কৰিব আৰু পৰিপূৰ্ণ স্নেহ প্ৰদান কৰিব। তাক হত্যা অথবা গায়েব কৰাৰ পিছত নিজৰ গুনাহৰ পৰা তাওবা কৰি নেক লোকৰ অন্তৰ্ভুক্ত হৈ যাবা।
Yusuf 12:10
ভাতৃ এজনে ক'লেঃ ইউছুফক হত্যা নকৰিবা। যদি তোমালোকে তেওঁৰ লগত এনেকুৱা আচৰণ কৰিবই বিচৰা তেন্তে তেওঁক কোনো কুঁৱাত নিক্ষেপ কৰা, যাতে কোনো ভ্ৰমণকাৰী দলে তেওঁক উঠাই লৈ যাব পাৰে, তেওঁক হত্যা কৰাতকৈ এইটো হয়তো কম ক্ষতিকাৰক হ'ব।
Yusuf 12:11
যেতিয়া সিহঁত সকলোৱে তেওঁক গায়েব কৰাৰ কথাত একমত হ'ল, তেতিয়া সিহঁতৰ পিতৃ ইয়াকূবৰ ওচৰত সিহঁতে আহি ক'লেঃ হে আমাৰ শ্ৰদ্ধাৰ পিতৃ! আপুনি ইউছুফ সম্পৰ্কে আমাৰ ওপৰত ভৰসা নকৰে কিয়? অথচ আমি তাৰ প্ৰতি স্নেহশীল আৰু তাক সকলো কষ্টৰ পৰা ৰক্ষা কৰো, আমি ইউছুফৰ শুভাকাংক্ষী, আমি তাক ৰক্ষা কৰিম আৰু চোৱাচিতা কৰিম তথা আপোনাৰ ওচৰলৈ সুৰক্ষিত অৱস্থাত ওভোতাই আনিম। তেনে ক্ষেত্ৰত আমাৰ লগত তাক পঠোৱাত আপোনাক কিহে বিৰত ৰাখিছে?
Yusuf 12:12
এতেকে অহাকালি তাক আমাৰ লগত যাবলৈ অনুমতি দিয়ক, আমি একেলগে খোৱা-বোৱা কৰিম আৰু প্ৰকৃতি উপভোগ কৰিম। আৰু নিশ্চয় আমি তাক সকলো সংকটৰ পৰা ৰক্ষা কৰিম।
Yusuf 12:13
ইয়াকূবে পুত্ৰসকলক সম্বোধন কৰি ক'লেঃ তোমালোকে তাক লগত লৈ যোৱাটো মোৰ কাৰণে চিন্তাৰ বিষয়, কাৰণ মই তাক এৰি থাকিব নোৱাৰিম। লগতে মই এইটোও আশংকা কৰো যে, তোমালোকে খেল-ধেমালিত মগ্ন থাকিবা আৰু তোমালোকৰ অজানিতে কুকুৰ-নেচীয়া আহি তাক খাই পেলাব।
Yusuf 12:14
সিহঁতে পিতৃক ক'লেঃ আমি এটা দল থকা সত্ত্বেও যদি কুকুৰ-নেচীয়াই ইউছুফক খাই পেলায় তেন্তে দেখোন আমাৰ মাজত কোনো কল্যাণ নাই। যদি আমি তাক কুকুৰ-নেচীয়াৰ পৰা ৰক্ষা কৰিব নোৱাৰো তেন্তে আমি অৱশ্যে ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত।
Yusuf 12:15
তাৰ পিছত ইয়াকূবে ইউছুফক সিহঁতৰ লগত পঠাই দিলে। যেতিয়া সিহঁতে তাক লৈ বহু দূৰত গুচি গল আৰু তাক কুঁৱাত নিক্ষেপ কৰিবলৈ মনস্থ কৰিলে, তেতিয়া আমি ইউছুফৰ প্ৰতি অহী কৰিলোঃ এনেকুৱা এটা সময় আহিব যেতিয়া তুমি সিহঁতক সিহঁতৰ এই কৰ্ম সম্পৰ্কে অৱগত কৰাবা আৰু তেতিয়া সিহঁতে তোমাক চিনিও নাপাব।
Yusuf 12:16
ইপিনে ইউছুফৰ ভাতৃসকলে নিজৰ ষড়যন্ত্ৰক বাস্তৱ ৰূপ দিবলৈ ৰাতিৰ ভাগত কান্দি কান্দি আহি পিতৃৰ ওচৰত উপস্থিত হ'ল।
Yusuf 12:17
সিহঁতে ক'লেঃ হে আমাৰ পিতৃঃ আমি দৌৰ আৰু তীৰ প্ৰতিযোগিতা কৰি আছিলো আৰু ইউছুফক ৰাখিছিলো আমাৰ কাপোৰ আৰু বয়-বস্তু পহৰা দিয়াৰ দায়িত্বত। ফলত কুকুৰ-নেচীয়া আহি তাক খাই পেলালে। আমি জানো আপুনি আমাৰ কথাক বিশ্বাস নকৰিব, যদিও আমি আমাৰ কথাত সত্যবাদী নহওঁ কিয়।
Yusuf 12:18
সিহঁতে চক্ৰান্ত কৰি নিজৰ যুক্তিক শক্তিশালী কৰিব বিচাৰিছে। সিহঁতে ইউছুফৰ চোলাত কোনোবা জন্তুৰ তেজ লগাই আনিছে, যাতে এই ভ্ৰম সৃষ্টি হয় যে, এইটো কুকুৰ-নেচীয়াই ভক্ষণ কৰাৰ প্ৰমাণ। কিন্তু ইয়াকূবে সিহঁতৰ মিছা দাবীৰ উমান পাই গৈছিল, কাৰণ তেজ লগোৱা চোলাটো অকণো ছিঙা নাছিল। সেয়ে তেওঁ সিহঁতক ক'লেঃ বিষয়টো তেনেকুৱা নহয় যেনেকৈ তোমালোকে কৈ আছা। বৰং তোমালোকৰ অন্তৰে এটা বেয়া কৰ্মক সৌন্দৰ্যময় কৰি দাঙি ধৰিছিল যিটোক তোমালোকে সম্পন্ন কৰিছা। এই ক্ষেত্ৰত মোৰ কৰ্তব্য হৈছে উত্তমৰূপে ধৈৰ্য ধাৰণ কৰা, যত কোনো ধৰণৰ উৎকন্ঠা নাই। ইউছুফ সম্পৰ্কে তোমালোকে যি বিৱৰণ দি আছা, এই ক্ষেত্ৰত আল্লাহেই একমাত্ৰ সহায়ৰ উৎস।
Yusuf 12:19
সেই বাটেৰ এদল ভ্ৰমণকাৰী গৈ আছিল, তেওঁলোকে এজনক কুঁৱাৰ পৰা পানী আনিবলৈ প্ৰেৰণ কৰিলে। সেই ব্যক্তিয়ে কুঁৱাৰ পৰা পানী তুলিবলৈ বাল্টি পেলোৱাৰ লগে লগে ইউছুফে ৰছিডাল ধৰি পেলালে। ব্যক্তিজনে তেওঁক দেখাৰ লগে লগে আনন্দত জপিয়াই উঠিল আৰু ক'লেঃ হেৰা শুনা! এটি আনন্দৰ খবৰ, এয়া দেখোন এজন বালক। সি আৰু তাৰ কেইজনমান সঙ্গীয়ে ইউছুফক ব্যৱসায়ী সম্পদ বুলি ভাৱি গোপন কৰি ৰাখিলে। সিহঁতে ইউছুফক লৈ যি দৰ-দাম কৰি আছিল সেই সম্পৰ্কে আল্লাহ সৰ্বজ্ঞ। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
Yusuf 12:20
পানী আনিবলৈ যোৱা ব্যক্তি আৰু তাৰ সঙ্গীসকলে মিলি ইউছুফক মিচৰৰ বজাৰত অতি নগন্য মূল্যত বিক্ৰী কৰিলে। সহজেই গণিব পাৰা কেইটামান দিৰহামত বিক্ৰী কৰিছিল। তেওঁক অধিক মূল্যত বিক্ৰী কৰাৰো সিহঁতৰ ইচ্ছা নাছিল। কাৰণ অতি দ্ৰুত তেওঁক এৰাব বিচাৰিছিল। দৰাচলতে সিহঁতে ভালদৰেই জানিছিল যে, তেওঁ দাস নহয়। সিহঁতে আশংকা কৰিছিল যে, ইয়াৰ আত্মীয়সকল আহি পৰে নেকি। প্ৰকৃততে এয়া আছিল আল্লাহৰ কৃপা, যাতে ইউছুফে সিহঁতৰ লগত বেছি সময় অতিবাহিত কৰিব নালাগে।
Yusuf 12:21
মিচৰৰ যিজন ব্যক্তিয়ে তেওঁক ক্ৰয় কৰিছিল, তেওঁ নিজৰ পত্নীক উদ্দেশ্যি ক'লেঃ এওঁৰ লগত ভাল ব্যৱহাৰ কৰিবা আৰু আমাৰ লগত থকাৰ বাবে ইয়াৰ বাবে ভাল ব্যৱস্থা কৰা। সম্ভৱতঃ এওঁৰ দ্বাৰা আমাৰ কোনো উপকাৰ হ'ব, অথবা আমি এওঁক তুলনীয়া পুত্ৰ কৰি লম। যিদৰে আমি ইউছুফক হত্যাৰ পৰা ৰক্ষা কৰিছিলো, কুঁৱাৰ পৰা উঠাই আনিছিলো আৰু আজিজৰ অন্তৰত তেওঁৰ প্ৰতি স্নেহ সৃষ্টি কৰিছিলো, সেইদৰে আমি তেওঁক মিচৰত প্ৰতিষ্ঠা কৰিছিলো যাতে আমি তেওঁক সপোনৰ ব্যাখ্যা শিকাব পাৰো। নিশ্চয় আল্লাহ নিজৰ কৰ্মত সক্ষম। তেওঁৰ আদেশ নিশ্চিতভাৱে কাৰ্যকৰী হয়। তেওঁক কোনেও বাধ্য কৰাব নোৱাৰে। কিন্তু অধিকাংশ লোক অৰ্থাৎ কাফিৰসকলে এই কথা নাজানে।
Yusuf 12:22
যেতিয়া তেওঁ যৌৱনত উপনীত হ'ল, তেতিয়া আমি তেওঁক বোধশক্তি আৰু জ্ঞান প্ৰদান কৰিলো। এনেকুৱা প্ৰতিফল আমি সেইসকল পূণ্যৱান ব্যক্তিক প্ৰদান কৰো, যিসকলে আল্লাহৰ ইবাদত কৰে।
Yusuf 12:23
আজিজৰ পত্নীয়ে নম্ৰতা আৰু চক্ৰান্তৰ সহায় লৈ ইউছুফ আলাইহিছ ছালামক কুকৰ্ম কৰিবলৈ উদ্ধুদ্ধ কৰিব বিচাৰিলে আৰু নিৰ্জনতা বিৰাজ কৰিবলৈ ঘৰৰ দুৱাৰ বন্ধ কৰি ইউছুফক উদ্দেশ্যি ক'লেঃ আহা, আহা মোৰ ওচৰলৈ। ইউছুফে ক'লেঃ তুমি যি উদ্দেশ্যত মোক মাতি আছা, মই তাৰ পৰা আল্লাহৰ আশ্ৰয় বিচাৰো। নিশ্চয় মোৰ মালিকে মোৰ থকাৰ বাবে তেওঁৰ ওচৰত উত্তম ব্যৱস্থা কৰি দিছে। এতেকে মই কেতিয়াও তেওঁৰ লগত বিশ্বাসঘাতকতা নকৰিম। মই যদি তেওঁৰ লগত বিশ্বাসঘাতকতা কৰোঁ তেন্তে মই অন্যায়কাৰীসকলৰ অন্তৰ্ভুক্ত হৈ যাম। এয়া নিশ্চিত যে, অন্যায়কাৰী কেতিয়াও সফল হ'ব নোৱাৰে।
Yusuf 12:24
মহিলাজনীৰ মনত কুকৰ্মৰ প্ৰৱল ইচ্ছা জাগ্ৰত হৈছিল, ইউছুফৰ মনতো তেনেকুৱা ইচ্ছা জাগ্ৰত হোৱাৰ আশংকা আছিল যদি তেওঁ আল্লাহৰ সেই নিদৰ্শনবোৰ নেদেখিলেহেঁতন, যিবোৰ তেওঁক অসৎকৰ্মৰ পৰা প্ৰতিৰোধ কৰাৰ তথা বিৰত ৰখাৰ কাৰণ হিচাপে থিয় দিছিল। আমি তেওঁক এইবোৰ এই কাৰণেই দেখুৱাইছিলো, যাতে আমি তেওঁক কুকৰ্মৰ পৰা ৰক্ষা কৰিব পাৰো, তথা তেওঁক ব্যভিচাৰ আৰু বিশ্বাসঘাতকতাৰ পৰা আঁতৰত ৰাখিব পাৰো। ইউছুফ হৈছে আমাৰ সেইসকল বান্দাৰ অন্তৰ্ভুক্ত যিসকলক আমি নুবুওৱত আৰু ৰিছালতৰ বাবে নিৰ্বাচিত কৰিছো।
Yusuf 12:25
দুয়ো দুৱাৰ পিনে দৌৰিলে, ইউছুফে নিজক ৰক্ষা কৰিবলৈ আৰু মহিলাজনীয়ে তেওঁক ওলাবলৈ বাধা দিয়াৰ বাবে। এনে পৰিপ্ৰেক্ষিতত মহিলাজনীয়ে ইউছুফক ওলাবলৈ বাধা দিয়াৰ কাৰণে তেওঁৰ চোলা পিছফালৰ পৰা টানি ধৰিলে, ফলত তেওঁৰ চোলা ছিঙি গ'ল। উভয়ে মহিলাজনীৰ স্বামীক দুৱাৰত দেখা পালে। আজিজৰ পত্নীয়ে লগে লগে প্ৰৱঞ্চনাৰ সুৰত তেওঁক অভিযোগ কৰি ক'লেঃ হে আজিজ! যি ব্যক্তিয়ে আপোনাৰ স্ত্ৰীৰ লগত বেয়া কৰ্ম কৰাৰ বাসনা পোষণ কৰে, তেনেকুৱা ব্যক্তিৰ শাস্তি হোৱা উচিত কাৰাগাৰ অথবা কষ্টদায়ক শাস্তি।
Yusuf 12:26
ইউছুফে ক'লেঃ এওঁৱেই মোক কুকৰ্ম কৰাৰ প্ৰস্তাৱ দিছিল। কিন্তু মই কৰা নাছিলোঁ। তেতিয়া সেই পৰিয়ালৰ এজনে সাক্ষী দিলে যে, যদি ইউছুফৰ চোলা আগফালৰ পৰা ছিঙিছে তেন্তে এয়া মহিলাজনীৰ সত্যাবাদী হোৱাৰ ইংগিত বহন কৰে, কাৰণ ইয়াৰ দ্বাৰা বুজা যায় যে, তাই ইউছুফক নিজৰ ওচৰত আহিবলৈ বাধা দিছিল। এনেকুৱা হ'লে ইউছুফ এজন মিছলীয়া।
Yusuf 12:27
আনহাতে ইউছুফৰ চোলা যদি পিছফালৰ পৰা ছিঙা থাকে, তেন্তে এয়া এই কথাৰ প্ৰমাণ যে, ইউছুফ সত্যবাদী। অৰ্থাৎ ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে, মহিলাজনীয়ে জাল পাতিছিল আৰু ইউছুফে পলায়ন কৰিছিল। এনে ক্ষেত্ৰত মহিলাজনী হৈছে মিছলীয়া।
Yusuf 12:28
এতেকে আজিজে যেতিয়া দেখিলে যে, ইউছুফৰ চোলা পিছফালৰ পৰা ছিঙা, তেতিয়া তেওঁৰ ওচৰত ইউছুফৰ সত্যতা স্পষ্টভাৱে প্ৰকাশ পালে। তেতিয়া তেওঁ ক'লেঃ নিশ্চয় ইউছুফৰ প্ৰতি তুমি জাপি দিয়া এই অপবাদটো হৈছে তোমালোকৰ নাৰীসকলৰ এটা প্ৰৱঞ্চনাৰ অংশ। নিশ্চয় তোমালোকৰ চক্ৰান্ত অতি শক্তিশালী।
Yusuf 12:29
তেওঁ ইউছুফক সম্বোধন কৰি ক'লেঃ হে ইউছুফ! এই বিষয়টো ইয়াতে ক্ষেন্ত কৰা আৰু এই বিষয়ে কোনো চৰ্চা নকৰিবা। আৰু তুমি (হে মোৰ স্ত্ৰী)! নিজৰ গুনাহৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰা। ইউছুফক তোমাৰ প্ৰৱঞ্চনাৰ জালত পেলাবলৈ কৰা চেষ্টাৰ বাবে তুমি নিশ্চয় পাপী।
Yusuf 12:30
তথাপিও আজিজৰ পত্নীৰ চৰ্চা চহৰত প্ৰচাৰিত হ'ল। কিছুমান মহিলাই ভৰ্ৎসনা কৰি ক'লেঃ আজিজৰ পত্নীয়ে নিজৰ দাসক বেয়া প্ৰস্তাৱ দিছিল। তাৰ প্ৰেমে তাইৰ অন্তৰত শিপা কৰি লৈছে। অৱশ্যে আমাৰ দৃষ্টিত, তাই নিজ দাসৰ প্ৰেমত আৰু তাক বেয়া কৰ্মত উদ্বুদ্ধ কৰাৰ প্ৰয়াসৰ কাৰণে স্পষ্ট পথভ্ৰষ্টতাত পতিত হৈছে।
Yusuf 12:31
যেতিয়া আজিজৰ পত্নীৰ ওচৰত সেই মহিলাসকলৰ কটাক্ষ আৰু ভৰ্ৎসনাৰ কথা আহি পালে, তেতিয়া তাই সেই মহিলাসকলক মাতি পঠিয়ালে, যাতে সিহঁতে ইউছুফক নিজ চকুৰে চায় আৰু তাই যে বাধ্য সেই কথা বুজি পায়। তাই সিহঁতৰ বাবে বহাৰ সুযোগ কৰি দিলে, য'ত বিছনা আৰু গাৰু থৈ দিছিল। আৰু প্ৰত্যেককে ফলমূল কাটি খাবলৈ প্ৰদান কৰিলে একো একোটাকৈ ছুৰিকটাৰী, আৰু ইউছুফক ক'লেঃ এওঁলোকৰ সন্মুখলৈ ওলাই আহা। এতেকে তেওঁলোকে যেতিয়া ইউছুফক দেখিলে, বহুত প্ৰভাৱিত হ'ল। তেওঁৰ সৌন্দৰ্য দেখি তেওঁলোক কিংকৰ্তব্যবিমূঢ় হ'ল। তেওঁৰ সৌন্দৰ্যত প্ৰভাৱিত হৈ তেওঁলোকৰ এনেকৈ ত'ত নাইকীয়া হ'ল যে, ফলমূল কাটিবলৈ দিয়া ছুৰিকটাৰীৰে তেওঁলোকে নিজৰেই হাত কাটিলে, আৰু কৈ উঠিলঃ আল্লাহ পৱিত্ৰ! এই লৰা মানৱ নহয়। এনেকুৱা সৌন্দৰ্য মানুহৰ মাজত পৰিলক্ষিত হোৱা নাই। এওঁ হয়তো কোনোবা সন্মানিত ফিৰিস্তা।
Yusuf 12:32
আজিজৰ পত্নীয়ে সিহঁতৰ অৱস্থা দেখি ক'লেঃ এইজনেই সেই যুৱক, যাৰ প্ৰেমত পৰাৰ কাৰণে তোমালোকে মোক ভৰ্ৎসনা কৰিছিলা। ময়ে তেওঁক বিচাৰিছিলো আৰু তাক জালত পেলাবলৈ চক্ৰান্ত ৰচিছিলো। তথাপিও সি ৰক্ষা পৰিল। এতেকে ভৱিষ্যতেও যদি সি মোৰ ইচ্ছা পূৰণ নকৰে তেন্তে সি অৱশ্যে কাৰাগাৰ খাটিব লাগিব আৰু অপমান সহ্য কৰিব লাগিব।
Yusuf 12:33
ইউছুফ আলাইহিছ ছালামে নিজ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! সিহঁতে ধমকি দিয়া কাৰাগাৰেই মোৰ ওচৰত সেই নিকৃষ্ট কৰ্মতকৈ প্ৰিয়, যি কৰ্ম কৰিবলৈ এই নাৰীসকলে মোক আহ্বান কৰি আছে। যদি তুমি মোক ইহঁতৰ চক্ৰান্তৰ পৰা ৰক্ষা নকৰা তেন্তে মই এই চক্ৰান্তৰ বলি হ'ব পাৰো। এতেকে যদি মই ইহঁতৰ চক্ৰান্তৰ বলি হওঁ আৰু ইহঁতৰ কথা মানি লওঁ তেন্তে মই অৱশ্যে অজ্ঞানসকলৰ অন্তৰ্ভুক্ত হৈ যাম।
Yusuf 12:34
ফলত আল্লাহে তেওঁৰ প্ৰাৰ্থনা কবূল কৰিলে আৰু তেওঁক আজিজৰ পত্নীৰ কূটকৌশল আৰু চহৰৰ নাৰীসকলৰ চক্ৰান্তৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় আল্লাহ পৱিত্ৰ আৰু সুউচ্চ, তেওঁ ইউছুফ তথা প্ৰত্যেক প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা শ্ৰৱণকাৰী, তেওঁ ইউছুফৰ তথা আন আন লোকৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ।
Yusuf 12:35
আজিজ আৰু তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে যেতিয়া ইউছুফক দোষমুক্ত দেখা পালে, তেতিয়া তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে যে, তেওঁক অনিৰ্দিষ্ট কাললৈকে কাৰাগাৰত আৱদ্ধ কৰি থোৱা হওঁক। (যাতে সেই ঘটনা সংঘটিত নহয়, যাৰ বাবে তেওঁ লাঞ্ছিত হ'ব লাগিব)।
Yusuf 12:36
ফলত তেওঁক কাৰাগাৰত বন্দী কৰা হ'ল। তেওঁৰ সৈতে আৰু দুজন যুৱক কাৰাগাৰত প্ৰৱেশ কৰিলে। দুয়োজন যুৱকৰ এজনে ইউছুফক উদ্দেশ্যি ক'লেঃ মই সপোনত দেখিলো যে, মই আঙুৰি চেপি সুৰা প্ৰস্তুত কৰি আছো, আৰু দ্বিতীয়জনে ক'লেঃ মই দেখিছো, মই মোৰ মূৰৰ ওপৰত ৰুটি বহন কৰি আছো আৰু চৰায়ে সেই ৰুটি খাই আছে। হে ইউছুফ! আপুনি আমাক আমাৰ এই সপোনৰ ব্যাখ্যা কওঁকচোন। নিশ্চয় আমাৰ দৃষ্টিত আপুনি এজন পূণ্যৱান লোক।
Yusuf 12:37
ইউছুফ আলাইহিচ্ছালামে ক'লেঃ শুনা! ৰজা তথা কৰ্তৃপক্ষৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ পানাহাৰ অহাৰ পূৰ্বেই মই তোমালোক দুয়োকে ইয়াৰ ব্যাখ্যা বৰ্ণনা কৰিম। এই দুয়োটা সপোনৰ ব্যাখ্যা মই জানো, যিটো মোৰ প্ৰতিপালকে মোক শিকাইছে। এয়া কোনো ভৱিষ্যদ্বক্তাৰ দাবী তথা জ্যোতিষীবিদ্যা নহয়। শুনা! নিশ্চয় মই সেইসকল লোকৰ ধৰ্ম পৰিত্যাগ কৰিছো, যিসকলে আল্লাহৰ প্ৰতি বিশ্বাস নকৰে। আৰু যিসকলে আখিৰাতক অস্বীকাৰ কৰে।
Yusuf 12:38
মই মোৰ পিতৃপুৰুষ, ইব্ৰাহীম, ইছহাক আৰু ইয়াকূবৰ ধৰ্মৰ অনুসৰণ কৰিছো। আৰু সেয়া হৈছে আল্লাহক একক বুলি স্বীকাৰ কৰাৰ ধৰ্ম। আল্লাহৰ লগত আন কাৰোবাক অংশী কৰা আমাৰ বাবে উচিত নহয়। তেওঁ এক। এই তাওহীদৰ ওপৰতেই মই আৰু মোৰ পিতৃপুৰুষসকল প্ৰতিষ্ঠিত। এইটো আমাৰ ওপৰত আল্লাহৰ এক বিশেষ কৃপা যে, তেওঁ আমাক ইয়াৰ তাওফীক প্ৰদান কৰিছে। আৰু সকলো মানুহৰ প্ৰতি আল্লাহৰ এইটোও এটা বিশেষ কৃপা যে, তেওঁ সিহঁতৰ প্ৰতি নবীসকলক প্ৰেৰণ কৰিছে। কিন্তু অধিকাংশ লোকে আল্লাহৰ কৃতজ্ঞতা কৰাৰ বিপৰীতে তেওঁৰ অকৃতজ্ঞতা কৰে।
Yusuf 12:39
তাৰ পিছত ইউছুফ আলাইহিছ ছালামে কাৰাগাৰত সেই যুৱক দুজনক উদ্দেশ্যি ক'লেঃ ভিন ভিন উপাস্যৰ ইবাদত ভাল নে এক আল্লাহৰ ইবাদত ভাল, যাৰ কোনো অংশীদাৰ নাই? তেওঁৰ আনৰ ওপৰত প্ৰভূত্বশীল, কিন্তু তেওঁৰ ওপৰত কাৰো প্ৰভূত্ব নাই।
Yusuf 12:40
তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা, সেইবোৰ হৈছে কেৱলমাত্ৰ কিছুমান নাম। সেইবোৰৰ কোনো অস্তিত্ব নাই। সেইবোৰক তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে উপাস্যৰ নাম দিছা। সেইবোৰৰ ওচৰত উপাস্য হোৱাৰ কোনো যোগ্যতা নাই। আৰু এই ক্ষেত্ৰত সিহঁতৰ সপক্ষে আল্লাহে কোনো প্ৰমাণো অৱতীৰ্ণ কৰা নাই। সকলো সৃষ্টিৰ প্ৰতি কেৱল আল্লাহৰেই আদেশ চলে। এইবোৰৰ কোনো ক্ষমতা নচলে যিবোৰক তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে নাম দিছা। পৱিত্ৰ আল্লাহে আদেশ দিছে তোমালোকে যেন কেৱলমাত্ৰ তেওঁৰেই ইবাদত কৰা। আৰু তেওঁৰ লগত আন কাৰোবাক অংশী কৰিবলৈ নিষেধ কৰিছে। এই তাওহীদেই হৈছে সঠিক দ্বীন, যত কোনো বক্ৰতা নাই। কিন্তু অধিকাংশ লোকে এই বিষয়ে নাজানে। সেই কাৰণেই সিহঁতে তেওঁৰ লগত শ্বিৰ্ক কৰে, আৰু তেওঁৰ কিছুমান সৃষ্টিৰ উপাসনা কৰে।
Yusuf 12:41
হে মোৰ বন্ধীশালৰ সঙ্গীদ্বয়! যিয়ে সপোনত দেখিছে যে, সি আঙুৰি চেপি সুৰা প্ৰস্তুত কৰি আছে, সি দৰাচলতে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি আৰু নিজৰ কামত পুনৰ নিয়জিত হ'ব, আৰু ৰজাক পানীয় পান কৰাব। আনহাতে যিয়ে দেখিছে যে, তাৰ মূৰৰ ওপৰত ৰুটি ৰখা আছে যাৰ পৰা চৰায়ে খাই আছে, তাক ফাঁচি কাঠত ওলমাই হত্যা কৰা হ'ব, আৰু চৰায়ে তাৰ মূৰৰ মাংস খুটি খুটি খাব। তোমালোকে যি বিষয়ে ব্যাখ্যা সুধিছা তাৰ সিদ্ধান্ত হৈ গৈছে। এতেকে এয়া অৱশ্যে কাৰ্যকৰী হ'ব।
Yusuf 12:42
ইউছুফে সিহঁত দুজনৰ মাজৰ যিজনে মুক্তি লাভ কৰিব বুলি নিশ্চিত হৈছিল (সেইজন আছিল ৰজাক পানীয় পান কৰোৱা ব্যক্তি) তাক ক'লেঃ মোৰ বিষয়ে ৰজাৰ ওচৰত উল্লেখ কৰিবা, সম্ভৱতঃ তেওঁ মোক কাৰাগাৰৰ পৰা উলিয়াই নিব। কিন্তু চয়তানে সেই ব্যক্তিৰ স্মৃতিৰ পৰা ইউছুফৰ বিষয়ে উল্লেখ কৰাৰ কথা পাহৰাই দিলে। ফলত ইউছুফে আৰু কেইবা বছৰ কাৰাগাৰত থাকিবলগীয়া হ'ল।
Yusuf 12:43
ৰজাই ক'লেঃ মই সপোনত দেখিলো সাতজনী ক্ষীন গাই গৰুৱে, সাতজনী হৃষ্ট-পুষ্ট গাই গৰুক ভক্ষণ কৰি আছে। এইদৰে মই সাত টা সতেজ শীহ আৰু সাতটা শুকান শীহ দেখিছো। হে প্ৰমূখ তথা গণ্যমান্য লোকসকল! মোক মোৰ এই সপোনৰ ব্যাখ্যা কোৱা, যদি তোমালোকে সঁচাই সপোনৰ ব্যাখ্যা জানা।
Yusuf 12:44
তেওঁলোকে ক'লেঃ আপোনাৰ সপোনটো মিশ্ৰিত, অলীক। এনেকুৱা সপোনৰ কোনো অৰ্থ নাই। আমি মিশ্ৰিত সপোনৰ কোনো ব্যাখ্যা নাজানো।
Yusuf 12:45
কয়েদী যুৱকদ্বয়ৰ মাজৰ পৰা যিজনে মুক্তি লাভ কৰিছিল, এটা দীৰ্ঘ সময়ৰ অন্তত যেতিয়া ইউছুফৰ সপোন ব্যাখ্যাৰ দক্ষতা সম্পৰ্কে মনত পৰিল তেতিয়া তেওঁ ক'লেঃ মই আপোনালোকক ৰজাই দেখা সপোনৰ ব্যাখ্যা, এজন এনেকুৱা ব্যক্তিৰ পৰা সুধি আহি জনাব পাৰিম যিয়ে সপোনৰ ব্যাখ্যা জানে। এতেকে হে ৰজা মহোদয়! আপুনি মোক ইউছুফৰ ওচৰলৈ প্ৰেৰণ কৰক, যাতে তেওঁ আপোনাক সপোনৰ ব্যাখ্যা জনাব পাৰে।
Yusuf 12:46
এতেকে মুক্তি লাভ কৰা ব্যক্তি যেতিয়া ইউছুফৰ ওচৰলৈ আহি পালে, তেতিয়া তেওঁক ক'লেঃ হে ইউছুফ, হে সত্যবাদী ব্যক্তি! আমাক এটা সপোনৰ ব্যাখ্যা জনাই দিয়ক, ব্যক্তি এজনে সপোনত দেখিছে যে, সাতজনী ক্ষীন গাই গৰুৱে সাতজনী শকত গাই গৰুক ভক্ষণ কৰি আছে, লগতে তেওঁ সাতটা সতেজ শীহ আৰু সাতটা শুকান শীহ দেখিছে। যাতে মই ৰজাৰ ওচৰত উভতি গৈ ৰজাই দেখা সপোনৰ ব্যাখ্যা তেওঁক আৰু তেওঁৰ ওচৰত থকা লোকসকলক জনাব পাৰো। যাতে তেওঁ আপোনাৰ মৰ্যাদা আৰু শ্ৰেষ্ঠতা গম পায়।
Yusuf 12:47
ইউছুফ আলাইহিছ ছালামে এই সপোনৰ ব্যাখ্যা কৰি ক'লেঃ তোমালোকে ধাৰাবাহিকভাৱে সাত বছৰ পূৰ্ণ পৰিশ্ৰম সহকাৰে খেতি কৰিবা, আৰু প্ৰত্যেক বছৰ উপাৰ্জন কৰা শস্য বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ শীহ সহকাৰে থৈ দিবা। আনহাতে প্ৰয়োজন সাপেক্ষে যিখিনি খাবলৈ লাগে সেইখিনি ওলাই লবা।
Yusuf 12:48
প্ৰচুৰ উপাৰ্জনৰ এই সাতটা বছৰ পিছত, তোমালোকৰ ওচৰত আহিব সাতটা শুকান (দুৰ্ভিক্ষৰ) বছৰ, সেই সাত বছৰত মানুহে পূৰ্বে সঞ্চয় কৰি থোৱা সম্পদ ভক্ষণ কৰিব। কেৱল সামান্য পৰিমাণৰ বাহিৰে যিটো তোমালোকে বীজ হিচাপে সংৰক্ষণ কৰি থোৱা।
Yusuf 12:49
এই অভাৱী বছৰৰ পিছত এনেকুৱা এটা বছৰ আহিব, যি বছৰত প্ৰচুৰ পৰিমাণে বৰষুণ হ'ব আৰু উৎকৃষ্ট ফচল হ'ব, আৰু মানুহে সেইবোৰ ফলৰ ৰস চেপি উলিয়াব যিবোৰৰ ৰস আৱশ্যক। যেনেঃ আঙুৰ, যাইতুন আৰু কুহিঁয়াৰ আদি।
Yusuf 12:50
ইউছুফে দিয়া সপোনৰ ব্যাখ্যা যেতিয়া ৰজাই গম পালে তেতিয়া তেওঁ তেওঁৰ সহযোগীসকলক ক'লেঃ তেওঁক কাৰাগাৰৰ পৰা বাহিৰ কৰি মোৰ ওচৰলৈ আনা। এতেকে ইউছুফৰ ওচৰত যেতিয়া ৰজাৰ দূত আহি পালে, তেতিয়া তেওঁ তাক ক'লেঃ তুমি ৰজাৰ ওচৰলৈ উভতি যোৱা আৰু তেওঁক সেই মহিলাসকলৰ বিষয়ে সুধি আহা যিসকলে নিজৰ হাতত আঘাতপ্ৰাপ্ত হৈছিল, যাতে কাৰাগাৰৰ পৰা ওলোৱাৰ আগতে এই কথা স্পষ্ট হৈ যায় যে, মই নিৰ্দোষী। সিহঁতে মোক যিদৰে কূটকৌশল ৰচি জালত পেলাব বিচাৰিছিল সেই বিষয়ে নিশ্চয় মোৰ প্ৰতিপালক সৰ্বজ্ঞ। ইয়াৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।
Yusuf 12:51
ৰজাই মহিলাসকলক সম্বোধন কৰি ক'লেঃ সেই সময়ত তোমালোকৰ কি অনুভৱ আছিল, যেতিয়া তোমালোকে ইউছুফক চক্ৰান্তৰ দ্বাৰা কুকৰ্ম কৰিবলৈ প্ৰয়াস কৰিছিলা, তেতিয়া মহিলাসকলে ৰজাক উত্তৰ দি কৈছিলঃ আদ্ভুত আল্লাহৰ মাহাত্ম্য! ইউছুফক অপবাদ দিয়া হৈছে, আল্লাহৰ শপত! আমি তেওঁৰ মাজত কোনো দোষ দেখা পোৱা নাছিলোঁ। সেই সময়ত আজীজৰ স্ত্ৰীয়ে অপৰাধ স্বীকাৰ কৰি ক'লেঃ এতিয়া যিহেতু সত্য উদ্ঘাটন হৈছে, তেন্তে শুনক! ময়েই তেওঁক ফুচলাবলৈ চেষ্টা কৰিছিলোঁ। তেওঁ মোক পাবলৈ চেষ্টা কৰা নাছিল। মই জাপি দিয়া অপবাদৰ পৰা তেওঁ নিজকে ৰক্ষা কৰিবলৈ দাঙি ধৰা যুক্তিত তেওঁ নিশ্চয় সত্যবাদী।
Yusuf 12:52
আজিজৰ স্ত্ৰীয়ে ক'লেঃ মই স্বীকাৰ কৰো, নিশ্চয় ময়েই তেওঁক চক্ৰান্তৰ বলি কৰাৰ চেষ্টা কৰিছিলো। নিশ্চয় তেওঁ সত্যবাদী, যাতে ইউছুফে গম পায় যে মই তেওঁৰ অনুপস্থিতিত তেওঁৰ ওপৰত কোনো অপবাদ দিয়া নাই। কিয়নো এতিয়ালৈকে যি হ'ল, তাৰ পৰা এই কথা স্পষ্ট হৈছে যে, নিশ্চয় আল্লাহে মিছলীয়া আৰু ষড়যন্ত্ৰকাৰীক কেতিয়াও তাওফীক নিদিয়ে।
Yusuf 12:53
আজিজৰ স্ত্ৰীয়ে নিজৰ কথা অব্যাহত ৰাখি ক'লেঃ মই মোৰ নিজৰ মনক পাপ কৰ্মৰ ইচ্ছাৰ পৰা মুক্ত বুলি নকওঁ, আৰু ইয়াৰ দ্বাৰা মই নিজকে পৱিত্ৰ বুলিও দাবী নকৰো। কিয়নো চাহিদাৰ প্ৰতি ঢাল খোৱাৰ বাবে আৰু ইয়াৰ পৰা ৰক্ষা পোৱা টান হোৱাৰ কাৰণে মানুহৰ মনে মানুহক বেয়া কৰ্মৰ বহুত আদেশ দিয়ে। কেৱল সেইসকল লোকৰ বাহিৰে যাৰ প্ৰতি আল্লাহে কৃপা কৰে, তাক বেয়া কৰ্মৰ পৰা ৰক্ষা কৰে। নিশ্চয় মোৰ প্ৰতিপালকে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে, আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।
Yusuf 12:54
যেতিয়া ইউছুফ দোষমুক্ত হ'ল আৰু তাইৰ চক্ৰান্ত স্পষ্ট হ'ল, তেতিয়া ৰজাই নিজৰ সহযোগীসকলক ক'লেঃ তেওঁক মোৰ ওচৰলৈকে লৈ আনা। মই তেওঁক মোৰ নিকটৱৰ্তী লোকৰ অন্তৰ্ভুক্ত কৰিম। তাৰ পিছত তেওঁক ৰজাৰ ওচৰলৈ অনা হ'ল। এতেকে যেতিয়া ৰজাই তেওঁৰ লগত কথা পাতিলে আৰু তেওঁৰ জ্ঞান বুদ্ধি সম্পৰ্কে অৱগত হ'ল, তেতিয়া তেওঁক ক'লেঃ হে ইউছুফ! নিশ্চয় আপুনি আজিৰ পৰা আমাৰ ওচৰত মৰ্যাদাৱান আৰু ভৰসাৰ পাত্ৰ হৈ গৈছে।
Yusuf 12:55
ইউছুফে ৰজাক ক'লেঃ মোক মিচৰৰ কোষাগাৰ আৰু ভঁৰালৰ দায়িত্ব অৰ্পন কৰক। কাৰণ মই এজন বিশ্বস্ত ধন-ভঁৰালী। মোক যি কামত নিযুক্ত কৰা হ'ব মই সেই সম্পৰ্কে পূৰ্ণ জ্ঞান আৰু দক্ষতাৰ অধিকাৰী।
Yusuf 12:56
যিদৰে আমি ইউছুফক দোষমুক্ত কৰি আৰু কাৰাগাৰৰ পৰা মুক্তি প্ৰদান কৰি তেওঁৰ প্ৰতি কৃপা কৰিছো, ঠিক সেইদৰে আমি তেওঁক মিচৰ ভূমিত প্ৰভুত্ব প্ৰদান কৰি উপকাৰ কৰিছো। তেওঁ যতেই ইচ্ছা ততেই অৱস্থান কৰিব পাৰে। আমি আমাৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা তাকেই পৃথিৱীত কৃপা দান কৰো, লগতে আমি পূণ্যৱানসকলৰ ছোৱাব কেতিয়াও বিনষ্ট নকৰো। বৰং তেওঁলোকক আমি কোনো ধৰণৰ লোকচান নকৰাকৈ পৰিপূৰ্ণ ছোৱাব প্ৰদান কৰো।
Yusuf 12:57
আল্লাহৰ সেই প্ৰতিদান পাৰ্থিৱ প্ৰতিদানতকৈ উত্তম যিটো তেওঁ আখিৰাতত প্ৰস্তুত কৰি ৰাখিছে, সেইসকল লোকৰ বাবে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁলোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে।
Yusuf 12:58
ইউছুফৰ ভাতৃসকলে নিজৰ বয়-বস্তুৰ লগত মিচৰ ভূমিত গৈ উপস্থিত হ'ল। যেতিয়া সিহঁত তেওঁৰ ওচৰত গৈ উপস্থিত হ'ল, তেওঁ সিহঁতক চিনি পালে যে সিহঁত তেওঁৰ ভাতৃ। কিন্তু সিহঁতে চিনি পোৱা নাছিল যে তেওঁ সিহঁতৰ ভাই। কাৰণ দীৰ্ঘ সময় অতিবাহিত হৈছিল আৰু তেওঁৰ আকাৰ আকৃতিও পৰিবৰ্তন হৈছিল। যেতিয়া সিহঁতে তেওঁক কুঁৱাত নিক্ষেপ কৰিছিল তেতিয়া তেওঁ শিশু অৱস্থাত আছিল।
Yusuf 12:59
যেতিয়া ইউছুফে সিহঁতক সিহঁতে বিচৰা খাদ্য সামগ্ৰী প্ৰদান কৰিলে, লগতে সিহঁতে জনালে যে সিহঁতৰ এজন পিতৃপক্ষৰ বৈমাত্ৰেয় ভায়েক আছে, যাক সিহঁতে পিতৃৰ ওচৰত এৰি থৈ আহিছে, তেতিয়া তেওঁ ক'লেঃ তোমালোকে তোমালোকৰ পিতৃপক্ষৰ বৈমাত্ৰেয় ভায়েকক লগত আনিবা, মই তোমালোকক এটা উটে বহন কৰিব পৰা খাদ্য সামগ্ৰী অধিক প্ৰদান কৰিম। তোমালোকে দেখা নাইনে যে মই পৰিপূৰ্ণ মাপ অনুযায়ী প্ৰদান কৰো, একো হ্ৰাস নকৰো, লগতে মই অতিথিসকলক উত্তমভাৱে আপ্যায়ন কৰো।
Yusuf 12:60
কিন্তু যদি তোমালোকে তাক মোৰ ওচৰলৈ লৈ নাহা তেন্তে ভাবিম তোমালোক নিজৰ এই দাবীত মিছলীয়া যে, তোমালোকৰ এজন পিতৃপক্ষৰ বৈমাত্ৰেয় ভাই আছে। ফলত তোমালোকক কেতিয়াও কোনো ধৰণৰ খাদ্য সামগ্ৰী প্ৰদান নকৰো আৰু তোমালোক মোৰ নগৰৰ আশেপাশেও নাহিবা।
Yusuf 12:61
তেতিয়া তেওঁৰ ভাতৃসকলে এই বুলি উত্তৰ দিলেঃ আমি পিতৃৰ পৰা তেওঁক বিচাৰিম আৰু এই ক্ষেত্ৰত পৰ্যাপ্ত চেষ্টাও কৰিম। আপুনি আমাক যি আদেশ দিছে, এই ক্ষেত্ৰত আমি অকণো অৱহেলা নকৰিম।
Yusuf 12:62
ইউছুফে তেওঁৰ কৰ্মকৰ্তাসকলক নিৰ্দেশ দিলেঃ এওঁলোকৰ ধন এওঁলোকক ওভোতাই দিয়া, যাতে এওঁলোক ঘূৰিগৈ গম পায় যে, আমি এওঁলোকৰ পৰা খাদ্য সামগ্ৰীৰ বিনিময়ত একো লোৱা নাই। ফলত এওঁলোক নিজৰ ভাতৃক লৈ পুনৰ আহিবলৈ বাধ্য হ'ব। যাতে সিহঁতে ইউছুফৰ সন্মুখত নিজৰ সত্যতা প্ৰমাণ কৰিব পাৰে আৰু ইউছুফেও সিহঁতৰ পৰা বিনিময় গ্ৰহণ কৰিব পাৰে।
Yusuf 12:63
এতেকে সিহঁত যেতিয়া পিতৃৰ ওচৰলৈ উভতি গ'ল আৰু ইউছুফৰ ওচৰত পোৱা সন্মানৰ কথা বিৱৰি কোৱাৰ পিছত ক'লেঃ হে আমাৰ পিতৃ! আমি যদি আমাৰ এই ভাতৃক লগত লৈ নাযাওঁ তেন্তে আমাক খাদ্য সামগ্ৰী দিয়াৰ পৰা বঞ্চিত কৰিব। সেয়ে তেওঁক আমাৰ লগত পঠাই দিয়ক। কাৰণ যদি আপুনি তেওঁক আমাৰ লগত পঠাই দিয়ে তেন্তে আমি আমাৰ প্ৰাপ্য খাদ্য পাম। আমি আপোনাক কথা দিলো, তেওঁ সুৰক্ষিত আপোনাৰ ওচৰত নহা লৈকে, আমি তাক সুৰক্ষা প্ৰদান কৰিম।
Yusuf 12:64
সিহঁতৰ পিতৃয়ে সিহঁতক ক'লেঃ মই এওঁৰ সম্পৰ্কে তোমালোকৰ প্ৰতি তেনেকুৱাই বিশ্বাস ৰাখিম নেকি যেনেকুৱা বিশ্বাস ইতিপূৰ্বে এওঁৰ সহোদৰ ইউছুফ সম্পৰ্কে পোষণ কৰিছিলো? মই ইউছুফ সম্পৰ্কে তোমালোকৰ প্ৰতি ভৰসা কৰিছিলো। তোমালোকে তেওঁক নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতিও দিছিলা। কিন্তু তোমালোকে তোমালোকৰ প্ৰতিশ্ৰুতি পূৰণ কৰা নাছিলা। গতিকে তোমালোকৰ নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতিৰ প্ৰতি মই ভৰসা কৰিব নোৱাৰিম। মোৰ ভৰসা কেৱল আল্লাহৰ ওপৰত। তেওঁ সেই ব্যক্তিৰ বাবে উত্তম ৰক্ষক, যাক তেওঁ সুৰক্ষা দিব বিচাৰে। আৰু তেওঁ সেই ব্যক্তিৰ প্ৰতি অত্যন্ত দয়াবান, যাক তেওঁ দয়া কৰিব বিচাৰে।
Yusuf 12:65
যেতিয়া সিহঁতে সিহঁতৰ লৈ অহা খাদ্য সামগ্ৰীৰ পাত্ৰসমূহ উন্মুক্ত কৰিলে, তেতিয়া তাত দেখা পালে যে সিহঁতৰ মূল্য ঘূৰাই দিয়া হৈছে। এই দেখি সিহঁতে পিতৃক ক'লেঃ এই সন্মান পোৱাৰ পিছত আজিজৰ পৰা আমি আৰু কি পাব লাগে, এয়া চাওঁক আমাৰ খাদ্য সামগ্ৰীৰ মূল্য, আজিজে আমাৰ প্ৰতি অনুগ্ৰহ কৰি আমাক ঘূৰাই দিছে। আমি আমাৰ পৰিয়ালৰ বাবে খাদ্য লৈ আহিম আৰু আমাৰ ভাতৃৰো হিফাজত কৰিম সেইটোৰ পৰা যিটোক আপুনি ভয় কৰে। লগতে এওঁক লগত লৈ গ'লে এক উটৰ বহন সামগ্ৰী অধিক লাভ কৰিম। এটা উটৰ বহন সামগ্ৰী অধিক দিয়াটো আজিজৰ বাবে কোনো ডাঙৰ বিষয় নহয়।
Yusuf 12:66
সিহঁতৰ পিতৃয়ে সিহঁতক ক'লেঃ মই এওঁক তোমালোকৰ লগত কেতিয়াও নপঠিয়াওঁ। যেতিয়ালৈকে তোমালোকে এওঁক ঘূৰাই অনাৰ বাবে আল্লাহৰ শপত খাই দৃঢ় প্ৰতিশ্ৰুতি নিদিবা। যদি তোমালোক সকলোৱে বিপদত আৱদ্ধ হোৱা আৰু কোনেও ৰক্ষা নোপোৱা লগতে সেই বিপদ দূৰ কৰিবও নোৱাৰা আৰু ঘূৰিও আহিব নোৱাৰা তেন্তে সেয়া সুকীয়া কথা। এতেকে যেতিয়া সিহঁতে আল্লাহৰ শপত খাই দৃঢ় প্ৰতিশ্ৰুতি প্ৰদান কৰিলে তেতিয়া ইয়াকূবে ক'লেঃ আমি যি কৈ আছো, সেই সম্পৰ্কে আল্লাহেই সাক্ষী। আমাৰ বাবে তেওঁৰ সাক্ষীয়ে যথেষ্ট।
Yusuf 12:67
সিহঁতৰ পিতৃয়ে সিহঁতক উপদেশ দি ক'লেঃ তোমালোকে মিচৰত এটা দুৱাৰেৰে প্ৰৱেশ নকৰিবা। বৰং বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰিবা। এয়া সুৰক্ষাৰ দৃষ্টিকোণেৰে অধিক উত্তম, কাৰণ যদি কোনোবাই তোমালোকক ক্ষতি কৰিব বিচাৰে, যাতে তোমালোক সকলোৱে তাৰ চিকাৰ নোহোৱা। এইবোৰ উপদেশৰ জৰিয়তে মই তোমালোকক এনে কোনো বিপদৰ পৰা ৰক্ষা কৰিব নোৱাৰো যিটো আল্লাহে মনস্থ কৰিছে। অথবা আল্লাহে নিবিচৰা কোনো উপকাৰো কৰিব নোৱাৰো। ফয়চালাৰ অধিকাৰ একমাত্ৰ আল্লাহৰ। আৰু আদেশো কেৱল তেওঁৰেই। মই মোৰ সকলো কৰ্মত কেৱল তেওঁৰ ওপৰতে ভৰসা কৰো। আৰু ভৰসাকাৰীসকলে সকলো কৰ্মতে কেৱল তেওঁৰ ওপৰতেই ভৰসা কৰা উচিত।
Yusuf 12:68
এতেকে সিহঁত ৰাওনা হ'ল আৰু সিহঁতৰ লগত আছিল ইউছুফৰ সহোদৰ ভাতৃ। যেতিয়া সিহঁতে নিজ পিতৃৰ আদেশ অনুসৰি বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰিলে, বিভিন্ন দুৱাৰেৰে প্ৰৱেশ কৰিলেও ভাগ্যৰ লিখন কেতিয়াও পৰিবৰ্তন নহয়। এয়া আছিল ইয়াকূবৰ নিজ পুত্ৰসকলৰ প্ৰতি থকা মৰম, যিটো তেওঁ ব্যক্ত কৰি সিহঁতক উপদেশ দিছিল। তেওঁ ভালদৰেই জানিছিল যে, ফয়চালা কৰাৰ অধিকাৰ একমাত্ৰ আল্লাহৰ। তেওঁ ভাগ্যৰ প্ৰতি বিশ্বাসী আছিল আৰু সাধন ব্যৱহাৰৰ ক্ষেত্ৰত আমি শিকোৱা জ্ঞান সম্পৰ্কেও আছিল অভিজ্ঞ। কিন্তু অধিকাংশ লোকে এয়া নাজানে।
Yusuf 12:69
ইউছুফৰ ভাতৃসকলে যেতিয়া তেওঁৰ সহোদৰকলৈ তেওঁৰ ওচৰত উপস্থিত হ'ল, তেতিয়া তেওঁ তেওঁৰ সহোদৰক নিজৰ ওচৰত ৰাখিলে আৰু গোপনে ক'লেঃ ময়েই তোমাৰ ভাই ইউছুফ। গতিকে সিহঁতে কৰা মুৰ্খামী কাৰ্যকলাপক লৈ দুখ নকৰিবা। উদাহৰণস্বৰূপে, আমাক কষ্ট দিয়া, আমাৰ লগত ঈৰ্ষা কৰা আৰু বিশেষকৈ মোক কুঁৱাত নিক্ষেপ কৰা বিষয়ে।
Yusuf 12:70
তাৰ পিছত ইউছুফে যেতিয়া কৰ্মকৰ্তাসকলক তেওঁৰ ভাতৃসকলৰ উটৰ পিঠিত খাদ্য সামগ্ৰী উঠোৱাৰ নিৰ্দেশ দিলে, তেতিয়া খাদ্য সামগ্ৰী ওজন কৰা ৰজাৰ পাত্ৰটো গোপনে তেওঁৰ সহোদৰ ভাতৃৰ বস্তাত সোমাই দিলে, যাতে ইয়াৰ সহায়ত তাক নিজৰ ওচৰত ৰাখিব পাৰে। তাৰ পিছত যেতিয়া সিহঁত ঘৰমুৱা হ'বলৈ ধৰিলে, তেতিয়া পিছফালৰ পৰা এজনে মাতি সুধিলে, হে খাদ্য সামগ্ৰী বহন কৰা উটৰ মালিকসকল, তোমালোক দেখোন চোৰ।
Yusuf 12:71
ইউছুফৰ ভাতৃসকলে পিছফালে ঘূৰি চাই আহ্বান কৰা ব্যক্তি আৰু তাৰ সঙ্গীসকলক উদ্দেশ্যি ক'লেঃ তোমালোকৰ কি হেৰাইছে, যাৰ কাৰণে তোমালোকে আমাক চুৰিৰ অপবাদ দি আছা?
Yusuf 12:72
আহ্বান কৰা ব্যক্তি আৰু তাৰ সঙ্গীসকলে ইউছুফৰ ভাতৃসকলক উদ্দেশ্যি ক'লেঃ ৰজাই খাদ্য সামগ্ৰী ওজন কৰি দিয়া পাত্ৰটো আমি হেৰাইছো। অনুসন্ধানৰ পূৰ্বেই যিয়ে সেই পাত্ৰটো ওলাই আনিব সি পুৰষ্কাৰ লাভ কৰিব। পুৰষ্কাৰ হ'ব এক উটৰ বহন যোগ্য খাদ্য সামগ্ৰী। ইয়াৰ দায়িত্ব মই গ্ৰহণ কৰিলো।
Yusuf 12:73
ইউছুফৰ ভাতৃসকলে ক'লেঃ আল্লাহৰ শপত তোমালোকে নিশ্চিতভাৱে জানা যে, আমি স্বচ্ছ আৰু নিৰপৰাধী। আমাৰ ব্যৱহাৰ দেখিয়ে হয়তো তোমালোকে গম পাইছা। পতিয়ন যাওঁক, আমি মিচৰত বিপৰ্যয় সৃষ্টি কৰিবলৈ অহা নাই। আমি জীৱনতো কেতিয়াও চুৰি কৰা নাই।
Yusuf 12:74
আহ্বানকাৰী আৰু তাৰ সঙ্গীসকলে ক'লেঃ তোমালোকৰ তাত চুৰিৰ শাস্তি কি, যদি তোমালোক চুৰিৰ আৰোপৰ পৰা নিৰ্দোষী হোৱাত ব্যৰ্থ হোৱা?
Yusuf 12:75
ইউছুফৰ ভাতৃসকলে সিহঁতক ক'লেঃ আমাৰ ইয়াত চুৰিৰ শাস্তি হৈছে এনেকুৱা যে, যাৰ ওচৰত চুৰি সামগ্ৰী উদ্ধাৰ হ'ব তাক চুৰি হোৱা সামগ্ৰীৰ মালিকৰ অধিনস্থ কৰি দিয়া হয় আৰু চোৰ তাৰ দাস বুলি গণ্য হ'ব। আমি চোৰক এইদৰে দাসত পৰিণত কৰি শাস্তি প্ৰদান কৰো।
Yusuf 12:76
এতেকে সিহঁতৰ বস্তাসমূহ তালাচী লবলৈ সিহঁতক ইউছুফৰ ওচৰলৈ অনা হ'ল। ইউছুফে তেওঁৰ সহোদৰ ভাতৃৰ বস্তা তালাচী লোৱাৰ আগত প্ৰথমে তেওঁৰ বৈমাত্ৰেয় ভাতৃসকলৰ বস্তাৰ তালাচী লবলৈ আৰম্ভ কৰিলে, যাতে ভেদ প্ৰকাশ নাপায়। তাৰ পিছত তেওঁৰ সহোদৰ ভাতৃ বস্তাত তালাচী চলালে আৰু তাৰ পৰা ৰজাৰ ছা (ওজন কৰা পাত্ৰ) উদ্ধাৰ কৰিলে। আমি যিদৰে ইউছুফক তেওঁৰ ভাতৃৰ বস্তাত ওজন কৰা পাত্ৰটো থৈ দিয়াৰ উপায় সুলভ কৰি দিছিলো, সেইদৰে আৰু এটা উপায় সুলভ কৰি দিছিলো তেওঁ যাতে তেওঁৰ ভাতৃসকলৰ দেশত প্ৰচলিত চোৰৰ দণ্ডবিধি গ্ৰহণ কৰে। আনহাতে যদি ৰজাৰ দণ্ডবিধি মতে তেওঁ আগবাঢ়িলেহেঁতেন তেন্তে এয়া সম্ভৱ নহলহেঁতেন। কাৰণ ৰজাৰ দণ্ডবিধি মতে চোৰৰ শাস্তি হৈছে শাৰীৰিক শাস্তি আৰু জৰিমনা। এয়া সুকীয়া কথা যে, আল্লাহে ইচ্ছা কৰিলে বেলেগ কোনো কৌশল কৰিলেহেঁতেন, নিশ্চয় তেওঁ ক্ষমতাৱান। আমি আমাৰ বান্দাসকলৰ যাক ইচ্ছা, তাৰ মৰ্যাদা উচ্চ কৰি দিওঁ। যিদৰে আমি ইউছুফক উচ্চ মৰ্যাদা প্ৰদান কৰিছো। প্ৰত্যেক জ্ঞানী ব্যক্তিৰ ওপৰত আছে জ্ঞানী। আৰু সকলোৰে জ্ঞানৰ ঊৰ্দ্ধত আছে আল্লাহৰ জ্ঞান, তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ।
Yusuf 12:77
ইউছুফৰ ভাতৃসকলে ক'লেঃ যদি এওঁ চুৰি কৰিছে তেন্তে এয়া কোনো আশ্চৰ্যৰ বিষয় নহয়। কাৰণ ইয়াৰ পূৰ্বে এওঁৰ সহোদৰ এজনেও চুৰি কৰিছিল। ইয়াৰ দ্বাৰা সিহঁতে ইউছুফৰ পিনে ইঙ্গিত কৰিছিল। এই কথাৰ দ্বাৰা ইউছুফে মনত যি আঘাত পাইছিল সেয়া তেওঁ মনতে পুহি ৰাখিলে। সিহঁতৰ সন্মুখত প্ৰকাশ নকৰিলে। বৰং মনে মনে ক'লেঃ তোমালোকে পূৰ্বেও যি ঈৰ্ষা আৰু দুৰ্ব্যৱহাৰ কৰিছা, সেয়া ইয়াতো প্ৰকাশ পাইছে। তোমালোকৰ এই অপবাদ সম্পৰ্কে আল্লাহ অধিক জ্ঞাত।
Yusuf 12:78
ইউছুফৰ ভাতৃসকলে ইউছুফক ক'লেঃ হে আজীজ! এওঁৰ পিতৃ অতি বয়োজ্যেষ্ঠ, এওঁক বহুত মৰম কৰে। এতেকে এওঁৰ পৰিবৰ্তে আমাৰ মাজৰ কাৰোবাক আপুনি ৰাখি দিয়ক। নিশ্চয় আমি দেখা পাইছো আপুনি আমাৰ লগত তথা আন আন লোকসকলৰ উপকাৰ কৰে। এতেকে আমাক আৰু এটা উপকাৰ কৰক।
Yusuf 12:79
ইউছুফ আলাইহিছ ছালামে ক'লেঃ আমি যাৰ বস্তাত ৰজাৰ ওজন পাত্ৰ পাইছো, তাক বন্দী কৰাৰ পৰিবৰ্তে কোনো নিৰ্দোষীক অন্যায়কাৰীৰ শাস্তি প্ৰদান কৰাৰ পৰা আমি আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰো। যদি আমি এনেকুৱা কৰো তেন্তে অৱশ্যে আমি অন্যায়কাৰী সকলৰ অন্তৰ্ভুক্ত হৈ যাম, কাৰণ দোষীক এৰি, নিৰ্দোষীক শাস্তি প্ৰদান কৰা হ'ব।
Yusuf 12:80
যেতিয়া সিহঁতৰ এই আশা শেষ হৈ গ'ল যে, ইউছুফে সিহঁতৰ আবেদন গ্ৰহণ কৰিব, তেতিয়া পৰস্পৰে পৰামৰ্শ কৰিবলৈ মানুহৰ পৰা আঁতৰি গল। সিহঁতৰ মাজৰ ডাঙৰ ভাতৃয়ে ক'লেঃ মই তোমালোকক আকৌ মনত পেলাই দিছো যে, তোমালোকৰ পিতৃয়ে তোমালোকৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লৈছে তেওঁৰ পুত্ৰক ওভোতাই লৈ যোৱাৰ নিমিত্তে। কেৱল এনেকুৱা বিপত্তিৰ বাহিৰে যাৰ পৰা ৰক্ষা পোৱা তোমালোকৰ ক্ষমতা নাই। ইতিপূৰ্বেও তোমালোকে ইউছুফ সম্পৰ্কে অৱহেলা কৰিছা তথা পিতৃৰ লগত কৰা প্ৰতিশ্ৰুতি ভঙ্গ কৰিছা। এতেকে মই মিচৰৰ ভূমি ত্যাগ নকৰিম যেতিয়ালৈকে মোক পিতৃয়ে প্ৰত্যাৱৰ্তন কৰাৰ অনুমতি নিদিব অথবা আল্লাহে মোক মোৰ ভাতৃক লগত লৈ যাবলৈ ফয়চালা নকৰে। অৱশ্যে আল্লাহ উত্তম ফয়চালাকাৰী। কাৰণ তেওঁ সত্য আৰু ন্যায় মুতাবিক ফয়চালা কৰে।
Yusuf 12:81
ডাঙৰ ভাতৃয়ে ক'লেঃ তোমালোকে পিতৃৰ ওচৰলৈ উভতি যোৱা আৰু তেওঁক কোৱাগৈ যে, আপোনাৰ পুত্ৰই চুৰি কৰিছে। সেয়ে মিচৰৰ আজিজে তাক চুৰিৰ দায়ত দাস বনাই লৈছে। আমি সেই সংবাদেই দি আছো যিটো আমি নিজ চকুৰে দেখিছো, কাৰণ ৰজাৰ ওজন পাত্ৰ তাৰ বস্তাৰ পৰাই ওলাইছে। আমি কি জানো যে সি চুৰি কৰিব। আমি জনা হ'লে, তাক ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি আমি কেতিয়াও আপোনাক নিদিলোহেঁতেন।
Yusuf 12:82
হে আমাৰ পিতৃ! আমাৰ কথা সঁচা নে মিছা, সেয়া প্ৰমাণ কৰিবলৈ আপুনি মিচৰবাসী সকলক সুধিব পাৰে, যত আমি অৱস্থান কৰিছিলো। আৰু সেই যাত্ৰীদলকো সুধিব পাৰে যিসকলৰ লগত আমি আহিছো। সকলোৱে আপোনাক সেই কথাই কব, যি কথা আমি আপোনাক অৱগত কৰালো। সি যে চুৰি কৰিছে এই কথা নিশ্চিতভাৱে সত্য।
Yusuf 12:83
পিতৃয়ে সিহঁতক ক'লেঃ চুৰিৰ কথা যে তোমালোক কৈ আছা, এয়া সত্য নহয়। বৰং তোমালোকৰ অন্তৰে তোমালোকৰ বাবে শোভনীয় কৰি দিছে যে, ইয়াৰ বিৰুদ্ধেও তোমালোকে চক্ৰান্ত কৰা যিদৰে তোমালোকে ইতিপূৰ্বে ইউছুফৰ লগত কৰিছিলা। গতিকে মই উত্তম পন্থাৰে ধৈৰ্য ধাৰণ কৰিলো। আল্লাহৰ বাহিৰে আন কাৰো ওচৰত মই অভিযোগ দাঙি নধৰো। আশা কৰো আল্লাহে সিহঁত সকলোকে মোৰ ওচৰলৈ ঘূৰাই আনিব। ইউছুফ, তেওঁৰ সহোদৰ আৰু তেওঁলোকৰ জ্যেষ্ঠ ভাতৃক। নিশ্চয় তেৱেঁই মোৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ। মোৰ সমস্যা সমাধানত তেওঁ মহাপ্ৰজ্ঞাৱান।
Yusuf 12:84
সিহঁতৰ পৰা মুখ ঘূৰাই আঁতৰি গ'ল আৰু ক'লেঃ হায় আফছোচ! ইউছুফৰ বিৰহত কিমান মই চিন্তিত। ইউছুফৰ অনুপস্থিতিত তেওঁ কান্দি কান্দি চকুৰ ক'লা অংশক বগা কৰি পেলাইছিল। শোকত তেওঁ ভাগি পৰিছিল। তথাপিও তেওঁ নিজৰ এই কষ্ট মানুহৰ পৰা লুকাই ৰাখিছিল।
Yusuf 12:85
ইউছুফৰ ভাতৃসকলে পিতৃক ক'লেঃ হে আমাৰ পিতা! ইউছুফক স্মৰণ কৰি এনেকৈ দুখ প্ৰকাশ কৰিলে আপুনি কঠিন ৰোগাক্ৰান্ত হৈ পৰিব, অথবা আপোনাৰ প্ৰাণ হানি হ'ব।
Yusuf 12:86
পিতৃয়ে সিহঁতক ক'লেঃ মোৰ অসহনীয় বেদনা আৰু দুখৰ অভিযোগ মই আল্লাহৰ বাহিৰে আন কাৰো ওচৰত উত্থাপন নকৰো। আল্লাহৰ অনুগ্ৰহ, উপকাৰ আৰু বিপদগ্ৰস্ত লোকৰ প্ৰাৰ্থনা কবূল কৰা সম্পৰ্কে মই আল্লাহৰ এনেকুৱা কিছুমান তথ্য জানো যিবোৰ তোমালোকে নাজানা।
Yusuf 12:87
পিতৃয়ে সিহঁতক ক'লেঃ হে মোৰ পুত্ৰসকল! যোৱা আৰু ইউছুফ তথা তেওঁৰ ভাতৃৰ সন্ধান কৰাগৈ। আল্লাহে অৱশ্যে তেওঁৰ বান্দাৰ দুখ কষ্ট দূৰ কৰিব, ইয়াৰ পৰা নিৰাশ নহবা। ইয়াৰ পৰা কেৱল কাফিৰ সম্প্ৰদায়হে নিৰাশ হয়। কাৰণ সিহঁতে আল্লাহৰ অসীম ক্ষমতা আৰু গোপন অনুগ্ৰহ সম্পৰ্কে অৱগত নহয়।
Yusuf 12:88
এতেকে সিহঁতে পিতৃ আদেশ পালন কৰিলে আৰু ইউছুফ তথা তেওঁৰ ভাতৃক সন্ধান কৰিবলৈ ওলাই পৰিল। সিহঁত ইউছুফৰ ওচৰত উপস্থিত হৈ ক'লেঃ আমি বিপদত তথা অভাৱত পৰিছো। অলপ মূল্য লৈ আহিছো। কিন্তু আপুনি আমাক পৰিপূৰ্ণ খাদ্য সামগ্ৰী দিয়ক, যিদৰে ইতিপূৰ্বে আমাক প্ৰদান কৰিছিল। আমাৰ প্ৰতি কৃপা কৰক, অলপ বেছিকৈ প্ৰদান কৰি অথবা আমাৰ মূল্যক আওকাণ কৰি। নিশ্চয় আল্লাহে দানকাৰীক উত্তম প্ৰতিদান দিয়ে।
Yusuf 12:89
সিহঁতৰ কথা শুনি ইউছুফৰ অন্তৰ কোমল হ'ল আৰু সিহঁতৰ প্ৰতি পুতৌ জন্মিল। আৰু নিজৰ পৰিচয় দিলে। আৰু সিহঁতক ক'লেঃ তোমালোকৰ মনত আছেনে, তোমালোকে ইউছুফ আৰু তেওঁৰ সহোদৰৰ লগত কি কি কৰিছিলা, অথচ তোমালোক সেইবোৰ কৰ্মৰ পৰিণাম সম্পৰ্কে অৱগত নাছিলা?
Yusuf 12:90
এই শুনি সিহঁত আচৰিত হ'ল, আৰু ক'লেঃ আপুনিয়ে ইউছুফ নেকি, তেতিয়া ইউছুফে সিহঁতক ক'লেঃ হয়, ময়েই ইউছুফ আৰু মোৰ লগত থকা এওঁ হৈছে মোৰ সহোদৰ ভাতৃ। আল্লাহে আমাৰ প্ৰতি অনুগ্ৰহ কৰিছে আৰু তোমালোকৰ উৎপিড়নৰ পৰা ৰক্ষা কৰি আমাক সন্মানৰ পাত্ৰ বনাইছে। নিশ্চয় যিয়ে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, লগতে বিপদত ধৈৰ্য ধাৰণ কৰে তেন্তে তাৰ এই কৰ্ম সদাচাৰ বুলি পৰিগণিত হ'ব, নিশ্চয় আল্লাহ সদাচাৰীসকলৰ প্ৰতিদান ব্যৰ্থ নকৰে। বৰং তেওঁলোকৰ বাবে সুৰক্ষিত কৰি ৰাখে।
Yusuf 12:91
তেওঁৰ ভাতৃসকলে নিজৰ কৃতকৰ্মৰ বাবে ক্ষমা বিচাৰি ক'লেঃ আল্লাহৰ শপত! নিশ্চয় আল্লাহে আপোনাক পূৰ্ণ বৈশিষ্ট্য প্ৰদান কৰি আমাৰ ওপৰত প্ৰাধান্য দান কৰিছে, আমি আপোনাৰ সৈতে যি ব্যৱহাৰ কৰিছো, সেই ক্ষেত্ৰত আমি আছিলো অন্যায়কাৰী।
Yusuf 12:92
ইউছুফ আলাইহিছ ছালামে সিহঁতৰ ক্ষমা স্বীকাৰ কৰিলে আৰু ক'লেঃ আজি তোমালোকক কোনো দণ্ডনীয় ভৰ্ৎসনাও কৰা নহ'ব আৰু তোমালোকক কোনো গৰিহণাও দিয়া নহ'ব। মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তেওঁ যেন তোমালোকক ক্ষমা কৰি দিয়ে। তেৱেঁই পৱিত্ৰ আল্লাহ, মহা দয়াৱান।
Yusuf 12:93
এতেকে তেওঁ যেতিয়া গম পালে যে, তেওঁৰ পিতৃৰ দৃষ্টিশক্তি হ্ৰাস পাইছে, তেতিয়া তেওঁলোকক নিজৰ কামিচ প্ৰদান কৰি ক'লেঃ মোৰ এই কামিচটো লৈ যোৱা আৰু মোৰ পিতৃৰ মুখমণ্ডলত জাপি দিবা, দেখিবা তেখেতৰ দৃষ্টিশক্তি উভতি আহিছে। তাৰ পিছত পৰিয়ালৰ সকলোকে মোৰ ওচৰলৈ লৈ আনিবা।
Yusuf 12:94
যাত্ৰীদল যেতিয়া মিচৰৰ পৰা ৰাওনা হ'ল আৰু তাৰ পৰা ওলাই আহিল, তেতিয়া ইয়াকূব আলাইহিছ ছালামে তেওঁৰ পুত্ৰসকলক আৰু তেওঁৰ ওচৰত থকা লোকসকলক ক'লেঃ যদি তোমালোকে মোক মতিভ্ৰম হোৱা বুলি সন্দেহ নকৰা তথা বৃদ্ধ বয়সত মগজুৰ বিকৃতি হোৱা বুলি নভৱা তেন্তে শুনা! মই ইউছুফৰ সুগন্ধি পাই আছো।
Yusuf 12:95
তেওঁৰ ওচৰত উপস্থিত থকা পুত্ৰসকলে ক'লেঃ আল্লাহৰ শপত! আপুনি ইউছুফৰ প্ৰেম আৰু তাক দেখা পোৱাৰ হেঁপাহত সেই পুৰণি ভ্ৰমতে লিপ্ত হৈ আছে।
Yusuf 12:96
এতেকে যেতিয়া সুসংবাদবাহী ব্যক্তি আহি পালে আৰু ইউছুফৰ কামিচ তেওঁৰ মুখমণ্ডলত জাপি দিলে তেতিয়া তেওঁৰ দৃষ্টিশক্তি ঘূৰাই পালে। তেতিয়া তেওঁ পুত্ৰসকলক উদ্দেশ্যি ক'লেঃ মই তোমালোকক কোৱা নাছিলোনে যে, আল্লাহৰ অনুগ্ৰহ আৰু কৃপা সম্পৰ্কে মই যি জানো তোমালোকে সেয়া নাজানা?
Yusuf 12:97
ইয়াকূব আলাইহিছ ছালামৰ পুত্ৰসকলে তেওঁলোকৰ পিতৃৰ সন্মুখত ইউছুফ আৰু তেওঁৰ ভাতৃৰ লগত কৰা অনিষ্টৰ ক্ষমা বিচাৰি ক'লেঃ হে আমাৰ পিতৃ! আমাৰ বিগত গুনাহৰ বাবে আল্লাহৰ ওচৰত আমাৰ হৈ ক্ষমা প্ৰাৰ্থনা কৰক। নিশ্চয় আমি ইউছুফ আৰু তেওঁৰ ভাতৃৰ লগত যি ব্যৱহাৰ কৰিছিলো সেই ক্ষেত্ৰত আমি অন্যায়কাৰী তথা অপৰাধী আছিলো।
Yusuf 12:98
সিহঁতৰ পিতৃয়ে সিহঁতক ক'লেঃ অৱশ্যে মই মোৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিম। নিশ্চয় তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল। আৰু তেওঁলোকৰ প্ৰতি দয়ালু।
Yusuf 12:99
ইয়াকূব আলাইহিছ ছালাম আৰু তেওঁৰ পৰিয়ালৰ লোকসকল নিজ দেশৰ পৰা ইউছুফৰ ওচৰলৈ যোৱাৰ বাবে মিচৰলৈ ৰাওনা হ'ল। যেতিয়া তেওঁলোক ইউছুফৰ ওচৰত গৈ পালে, তেতিয়া ইউছুফে তেওঁৰ পিতৃ-মাতৃক আঁকোৱালি ললে। লগতে তেওঁ নিজ ভাতৃসকলক আৰু পৰিয়ালক উদ্দেশ্যি ক'লেঃ আল্লাহৰ ওপৰত ভৰসা কৰি শান্তি আৰু নিৰাপত্তাৰ সৈতে মিচৰত প্ৰৱেশ কৰা, ইয়াত তোমালোকৰ কোনো কষ্ট নহ'ব।
Yusuf 12:100
তথা নিজৰ পিতৃ-মাতৃক তেওঁৰ সিংহাসনত বহোৱালে। তেওঁক তেওঁৰ পিতৃ-মাতৃ আৰু এঘাৰ ভাতৃয়ে ছাজদাহ কৰি সেৱা জনালে। জানি থোৱা উচিত যে, এই ছাজদাহ আছিল সন্মানৰ বাবে, ইবাদতৰ বাবে নহয়। তথা আল্লাহৰ আদেশ পালন কৰিবলৈহে কৰিছিল, যিদৰে সপোনত দেখুৱা হৈছিল। সেই কাৰণেই ইউছুফে তেওঁৰ পিতৃক কৈছিলঃ আপোনালোকে ছাজদাৰ জৰিয়তে জনোৱা এই সেৱাটো হৈছে মোৰ সেই সপোনৰ ব্যাখ্যা যিটো মই পূৰ্বেই দেখিছিলোঁ আৰু আপোনাৰ ওচৰত বৰ্ণনা কৰিছিলোঁ। আজি আল্লাহে সেইটোক বাস্তৱ কৰি দেখুৱালে। মোক কাৰাগাৰৰ পৰা মুক্তি প্ৰদান কৰি তথা আপোনালোকক গাওঁৰ পৰা ইয়ালৈ আনি, মোৰ প্ৰতিপালকে মোৰ প্ৰতি উপকাৰ কৰিছে। অথচ চয়তানে মোৰ আৰু মোৰ ভাতৃসকলৰ মাজত সমস্যাৰ সৃষ্টি কৰিছিল। নিশ্চয় মোৰ প্ৰতিপালক নিজ ইচ্ছা অনুসৰি উপায় সৃষ্টিৰ ক্ষেত্ৰত সুক্ষ্মদৰ্শী। নিশ্চয় তেওঁ বান্দাৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ। পৰিচালনাত তেওঁ মহাপ্ৰজ্ঞাৱান।
Yusuf 12:101
তাৰ পিছত ইউছুফে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! নিশ্চয় তুমি মোক মিচৰৰ ৰাজত্ব প্ৰদান কৰিছা, আৰু মোক সপোনৰ ব্যাখ্যা শিকাইছা। হে আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তথা এই দুয়োকে পূৰ্বৰ কোনো নমুনা অবিহনেই উদ্ভাৱন কৰা উদ্ভাৱক। পাৰ্থিৱ জীৱনৰ মোৰ সকলো কৰ্মৰ পৰিচালক তুমিয়েই, আৰু তুমিয়েই মোৰ আখিৰাতৰ সকলো কৰ্মৰ অভিভাৱক। মোৰ জীৱন কাল শেষ হ'লে মোক মুছলিম অৱস্থাত মৃত্যু প্ৰদান কৰিবা। লগতে মোক জান্নাতৰ উচ্চ স্থানত মোৰ পিতৃপুৰুষসকলৰ মাজৰ যিসকল নবী আছিল আৰু আন আন পূণ্যৱান লোকসকলৰ লগত সাক্ষাৎ কৰাবা।
Yusuf 12:102
হে ৰাছুল! ইউছুফ আৰু তেওঁৰ ভাতৃসকলৰ উক্ত ঘটনাটো আমিয়েই আপোনাৰ প্ৰতি অহি কৰিছো। এই সম্পৰ্কে আপোনাৰ একো জ্ঞান নাছিল। কাৰণ সেই সময়ত আপুনি ইউছুফৰ ভাতৃসকলৰ ওচৰত উপস্থিত নাছিল, যেতিয়া সিহঁতে ইউছুফক কুঁৱাত নিক্ষেপ কৰাৰ সিদ্ধান্ত লৈছিল। আৰু এই ক্ষেত্ৰত সিহঁতে ডাঙৰ চক্ৰান্ত ৰচিছিল। আৰু আমি আপোনাক এই সম্পৰ্কে অহী কৰি জনালো।
Yusuf 12:103
হে ৰাছুল! আপুনি যিমানেই প্ৰয়াস নকৰক কিয়, সিহঁতৰ অধিকাংশই ঈমান পোষণ নকৰিব। গতিকে সিহঁতৰ ঈমান পোষণ নকৰাৰ শোকত আপুনি নিজকে ধ্বংস নকৰিব।
Yusuf 12:104
সিহঁতৰ বোধশক্তি থাকিলে নিশ্চয় সিহঁতে আপোনাৰ প্ৰতি ঈমান আনিলেহেঁতেন। কাৰণ হে ৰাছুল! আপুনি সিহঁতৰ পৰা কোৰআন তথা ধৰ্ম-প্ৰচাৰৰ নামত কোনো পাৰিশ্ৰমিক নিবিচাৰে। কোৰআন হৈছে গোটেই বিশ্ববাসীৰ বাবে উপদেশমূলক শিক্ষা।
Yusuf 12:105
আল্লাহ তাআলাৰ তাওহীদ সম্পৰ্কীয় বহুতো নিদৰ্শন আকাশমণ্ডল তথা পৃথিৱীত প্ৰসাৰিত হৈ আছে। মানুহে সেইবোৰৰ ওচৰেৰে চলাফুৰা কৰে কিন্তু সেইবোৰৰ পৰা শিক্ষা লোৱাৰ প্ৰয়াস নকৰে। আৰু সেইবোৰৰ প্ৰতি মনোযোগও নিদিয়ে।
Yusuf 12:106
অধিকাংশ লোকে এই কথা বিশ্বাস কৰে যে, আল্লাহেই সৃষ্টিকৰ্তা আৰু জীৱিকাদাতা, তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে কিন্তু সিহঁতে তেওঁৰ সৈতে আন আন মূৰ্তি তথা প্ৰতিমাৰো পূজা পাঠ কৰে। লগতে সিহঁতে এই দাবী কৰে যে, আল্লাহৰ সন্তান আছে। অথচ তেওঁ ইয়াৰ পৰা পৱিত্ৰ।
Yusuf 12:107
এই মুশ্বৰিকসকলে নিশ্চিন্ত হৈ গৈছে নেকি যে, পৃথিৱীত সিহঁতৰ ওপৰত এনেকুৱা কোনো শাস্তি নাহিব বুলি, যি শাস্তিয়ে সকলোকে সামৰি লব, আৰু যি শাস্তিক সিহঁতে প্ৰতিৰোধ কৰিব নোৱাৰিব। অথবা হঠাৎ আহিব পৰা ক্বিয়ামতৰ পৰাও নিশ্চিন্ত হৈছে নেকি, যি ক্বিয়ামত সম্পৰ্কে সিহঁতে অকণো সংকেত নাপাব যে তাৰ বাবে সিহঁতে প্ৰস্তুতি লব। এইবোৰৰ পৰা নিশ্চিন্ত হৈ থকাৰ কাৰণে সিহঁতে ঈমান পোষণ নকৰে নেকি?
Yusuf 12:108
হে ৰাছুল! আপুনি সেইসকল লোকক কৈ দিয়ক যিসকলক আপুনি আল্লাহৰ পিনে আহ্বান কৰি আছে, এইটোৱে মোৰ পথ, যিটোৰ পিনে মই মানুহক আহ্বান কৰোঁ। স্পষ্ট প্ৰমাণৰ সৈতে মই ইয়াৰ পিনে আহ্বান কৰোঁ, লগতে মোৰ অনুসৰণকাৰীসকলে, আৰু মোৰ পথ অৱলম্বনকাৰীসকলে, মোৰ পন্থাত আমলকাৰীসকলেও ইয়াৰ পিনেই আহ্বান কৰে। আল্লাহ প্ৰত্যেক সেইসমূহ বিষয়ৰ পৰা পৱিত্ৰ যিবোৰ তেওঁৰ মহামহিম সত্ত্বাৰ বাবে উপযুক্ত নহয় অথবা যিবোৰ তেওঁৰ পৰিপূৰ্ণতাৰ বাবে ত্ৰুটিযুক্ত। মই আল্লাহৰ লগত শ্বিৰ্ককাৰীসকলৰ অন্তৰ্ভুক্ত নহয়। বৰং মই তেওঁৰ তাওহীদ প্ৰতিষ্ঠাকাৰীসকলৰ অন্তৰ্ভুক্ত।
Yusuf 12:109
হে নবী! আপোনাৰ পূৰ্বে আমি কেৱল পুৰুষসকলকহে নবী হিচাপে প্ৰেৰণ কৰিছিলো, ফিৰিস্তাসকলক নহয়। তেওঁলোকৰ পিনে অহী কৰিছিলো যিদৰে আপোনাৰ পিনে অহী কৰো। তেওঁলোক নগৰৰেই অধিবাসী আছিল, গাওঁলীয়া নহয়। তেওঁলোকৰ সম্প্ৰদায়সমূহে তেওঁলোকক অস্বীকাৰ কৰিছিল, ফলত আমি সিহঁতক ধ্বংস কৰি দিছিলো। আপোনাক অস্বীকাৰকাৰী সকলে পৃথিৱীত চলাফুৰা নকৰে নেকি, যাতে দেখা পায় যে, পুৰ্বৱৰ্তী লোকসকলৰ কেনেকুৱা পৰিণাম হৈছিল আৰু তাৰ পৰা শিক্ষা গ্ৰহণ কৰিলেহেঁতেন? আখিৰাতৰ নিয়ামতসমূহ সেইসকল লোকৰ বাবে কল্যাণকৰ যিসকলে পৃথিৱীত আল্লাহক ভয় কৰে। তোমালোকে বুজি নোপোৱা নেকি যে, আল্লাহৰ মহান আদেশৰ প্ৰতি আমল কৰাৰ নিমিত্তে ঈমান পোষণ কৰা আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা অৰ্থাৎ শ্বিৰ্কৰ পৰা বিৰত থাকি তাক্বৱা অৱলম্বন কৰাটো হৈছে কল্যাণকৰ।
Yusuf 12:110
আমি প্ৰেৰণ কৰা ৰাছুলসকলৰ শত্ৰুসকলক অৱকাশ দি থাকো, সেই কাৰণেই আমি সিহঁতক শাস্তি প্ৰদানত খৰধৰ নকৰো। এতেকে যেতিয়া সিহঁতৰ বিনাশ কাৰ্যত পলম হয়, আনকি ৰাছুলসকলেও সিহঁতৰ বিনাশৰ পৰা নিৰাশ হয়, ইপিনে কাফিৰসকলেও পূৰ্ণ বিশ্বাসত উপনীত হয় যে, ৰাছুলে অস্বীকাৰকাৰী সকলক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু মুমিনসকলক মুক্তিৰ যি অঙ্গীকাৰ দিছিল সেয়া আছিল মিছা দাবী, তেতিয়াই ৰাছুলৰ ওচৰত আমাৰ সহায় আহি পৰে, ফলত ৰাছুলক আৰু মুমিনসকলক সেই বিনাশৰ পৰা ৰক্ষা কৰা হয়। আমাৰ শাস্তি যেতিয়া অপৰাধীৰ ওপৰত অৱতীৰ্ণ হয় সেয়া কেতিয়াও প্ৰতিৰোধ কৰা সম্ভৱ নহয়।
Yusuf 12:111
ৰাছুলসকল আৰু তেওঁলোকৰ সম্প্ৰদায়সমূহৰ বৰ্ণনাত, তথা ইউছুফ আলাইহিছ ছালাম আৰু তেওঁৰ ভাতৃসকলৰ বিৱৰণত মহা উপদেশ তথা শিক্ষা আছে, যাৰ পৰা কেৱল বিবেকৱান লোকসকলেই উপকৃত হয়। এই বিবৃত ঘটনাবোৰে প্ৰমাণ কৰে যে, কোৰআন কেতিয়াও এনেকুৱা বাণী নহয় যিটো মনেসজা তথা আল্লাহৰ প্ৰতি মিছা সম্পৃক্ত। বৰং ই হৈছে আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ ঐশী পুথিসমূহৰ সমৰ্থক, তথা ই হৈছে বিস্তাৰিত বিৱৰণ, চৰীয়তৰ যি যি বিধানৰ বিস্তাৰিত বিৱৰণ প্ৰয়োজন। সকলো ধৰণৰ কল্যাণৰ পথপ্ৰদৰ্শক। মুমিনসকলৰ বাবে ৰহমত। কাৰণ তেওঁলোকেই ইয়াৰ দ্বাৰা উপকৃত হয়।
Ra'd 13:1
(আলিফ-লাম-ৰা) এইবোৰ আখৰ সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। এই ছুৰাৰ উৎকৃষ্ট এই আয়াতসমূহ লগতে হে ৰাছুল! আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন হৈছে চিৰসত্য, যাৰ মাজত কোনো সন্দেহ নাই। আৰু এই ক্ষেত্ৰতো কোনো সন্দেহ নাই যে, ই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। কিন্তু অধিকাংশ লোকে বিৰোধ আৰু অহংকাৰৰ ফলত ঈমান পোষণ নকৰে।
Ra'd 13:2
তেৱেঁই আল্লাহ, যিয়ে আকাশমণ্ডলক খুটা অবিহনে সৃষ্টি কৰিছে, তোমালোকে ইয়াক দেখা পাই আছা। তাৰ পিছত তেওঁ আৰছত (সিংহাসনত) উঠিছে, সেইদৰেই যিদৰে তেওঁ উঠা উচিত। এই সম্পৰ্কে কোনো ধৰণ-গঠন বৰ্ণনা কৰা তথা কোনো উদাহৰণ দিয়া ঠিক নহয়। তেৱেঁই চন্দ্ৰ সূৰ্যক তেওঁৰ সৃষ্টিৰ উপকাৰৰ বাবে নিয়োজিত কৰিছে। চন্দ্ৰ আৰু সূৰ্য প্ৰত্যেকেই এটা নিৰ্দিষ্ট সময়লৈকে সক্ৰিয় থাকিব, যাৰ জ্ঞান কেৱল আল্লাহৰ ওচৰত। তেৱেঁই পৱিত্ৰ আল্লাহ, আকাশমণ্ডল আৰু পৃথিৱীক যিদৰে ইচ্ছা সেইদৰেই সঞ্চালন কৰে। তেওঁ নিজৰ ক্ষমতাৰ বৰ্ণনা স্পষ্টভাৱে বৰ্ণনা কৰে। যাতে তোমালোকে ক্বিয়ামত দিৱসৰ সাক্ষাতক বিশ্বাস কৰা। আৰু তাৰ প্ৰস্তুতিৰ বাবে নেক আমল কৰা।
Ra'd 13:3
তেৱেঁই আল্লাহ, যিয়ে পৃথিৱীক প্ৰসাৰিত কৰিছে। আৰু তাত বনাইছে বিশাল বিশাল মজবুত পৰ্বত, যাতে পৃথিৱীয়ে মানুহক লৈ কপি নাথাকে। আৰু তাত সৃষ্টি কৰিছে নদ-নদী, যাতে মানুহে আৰু জীৱ-জন্তুৱে পানী সেৱন কৰিব পাৰে আৰু খেতি-পথাৰত ব্যৱহাৰ কৰিব পাৰে। আৰু প্ৰত্যেক ফলমূলকে বনাইছে যোৰ যোৰকৈ, যিদৰে জীৱ-জন্তুত আছে মতা আৰু মাইকী। তেওঁ ৰাতিৰ দ্বাৰা দিনক আচ্ছাদিত কৰে, ফলত পোহৰৰ অন্তত অন্ধকাৰ হৈ পৰে। নিশ্চয় এই বিৱৰণত সেইসকল লোকৰ বাবে আছে নিদৰ্শন, যিসকলে আল্লাহৰ সৃষ্টিকলৈ চিন্তা-চৰ্চা তথা গৱেষণা কৰে। কাৰণ তেওঁলোকেই এইবোৰ প্ৰমাণ আৰু দলিলৰ দ্বাৰা উপকৃত হয়।
Ra'd 13:4
আৰু পৃথিৱীত আছে পৰস্পৰ সংলগ্ন ভূ-ভাগ। তাত আছে আঙুৰৰ বাগিচা আৰু খেতি-পথাৰ। ক’ৰবাত আছে একেই মূলৰ পৰা উদগত খেজুৰৰ গছ, আকৌ ক’ৰবাত আছে পৃথক পৃথক খেজুৰৰ গছ। এইবোৰ বাগিচা আৰু খেতি-পথাৰক একেই পানীয়ে জীপাল কৰে। একেই পানী আৰু একেই ভূমিত উৎপন্ন হোৱাৰ পিছতো আমি সেইবোৰৰ কিছুমানক আন কিছুমানৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰো সোৱাদ তথা আন আন উপকাৰৰ ক্ষেত্ৰত। উক্ত বৰ্ণনাত সেইসকল লোকৰ বাবে আছে দলিল আৰু প্ৰমাণ, যিসকলৰ বিবেক-বুদ্ধি আছে। কাৰণ তেওঁলোকেই ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰে।
Ra'd 13:5
হে ৰাছুল! আপুনি যদি কোনো বিষয়ে আশ্চৰ্য প্ৰকাশ কৰে তেন্তে অধিক আশ্চৰ্যকৰ বিষয় হৈছে সিহঁতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা কাৰ্য, ইয়াক অস্বীকাৰ কৰি সিহঁতে প্ৰমাণ দাঙি ধৰে যে, যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু মাটিত পৰিণত হৈ যাম, তথা আমাৰ হাড়বোৰ গেলি-পচি যাব তাৰ পিছতো আমাক পুনৰ্জীৱিত কৰা হ'বনে, এই পুনৰুত্থানক অস্বীকাৰকাৰী লোকসকলেই নিজ প্ৰতিপালকৰ লগত কুফুৰী কৰিছে। মৃত্যু ব্যক্তিক পুনৰ্জীৱিত কৰা তেওঁৰ এই ক্ষমতাক সিহঁতে অস্বীকাৰ কৰিছে। ক্বিয়ামতৰ দিনা সিহঁতৰ ডিঙিত জুইৰ শিকলি পিন্ধোৱা হ'ব। সিহঁতেই হৈছে জাহান্নামৰ অধিবাসী। তাত সিহঁত চিৰস্থায়ী হ'ব। তাত সিহঁতৰ মৃত্যুও নহ'ব, শাস্তিও শেষ নহ'ব।
Ra'd 13:6
হে ৰাছুল! মুশ্বৰিকসকলে আপোনাৰ ওচৰত অতি সোনকালে শাস্তি অহাৰ আবেদন কৰি আছে, আৰু শাস্তি অহাত পলম হোৱাৰ বাবে অভিযোগ কৰি আছে, দৰাচলতে সিহঁতে লাভ কৰা নিয়ামতসমূহ যিবোৰ আল্লাহে সিহঁতৰ ভাগ্যত লিখিছে সেইবোৰ ব্যৱহাৰ কৰাৰ পূৰ্বেই এনেকুৱা আবেদন কৰিবলৈ উঠিপৰি লাগিছে। অথচ ইয়াৰ পূৰ্বেও সিহঁতৰ দৰেই অস্বীকাৰকাৰী সকলৰ ওপৰত শাস্তি আহিছিল। সিহঁতে তাৰ পৰা শিক্ষা কিয় গ্ৰহণ নকৰে? হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে অন্যায়কাৰী লোকসকলকো আওকাণ কৰে, সিহঁতক শাস্তি প্ৰদানৰ ক্ষেত্ৰত খৰধৰ নকৰে, যাতে সিহঁতে আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰে। নিশ্চয় তেওঁ কুফৰৰ ওপৰত অটল থকা ব্যক্তিক, যদি সি তাওবা নকৰে তেন্তে তাক কঠিন শাস্তি প্ৰদান কৰিব।
Ra'd 13:7
আল্লাহক অস্বীকাৰ কৰা ব্যক্তিসকলে সিহঁতৰ কুফুৰীত আৰু শত্ৰুতাত সীমা অতিক্ৰম কৰি কয়ঃ মুহাম্মদৰ ওপৰত তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এনেকুৱা কোনো নিদৰ্শন কিয় অৱতীৰ্ণ নহয়, যেনেকুৱা নিদৰ্শন মূছা আৰু ঈছাৰ প্ৰতি অৱতীৰ্ণ হৈছিল? হে ৰাছুল! আপুনি মানুহক কেৱল আল্লাহৰ শাস্তিৰ পৰা সতৰ্ককাৰীহে। নিদৰ্শন লৈ অহা আপোনাৰ দায়িত্ব নহয়, যদি আল্লাহে প্ৰদান কৰে সেয়া সুকীয়া বিষয়। প্ৰত্যেক উম্মতৰ বাবে আছে নবী, যিয়ে সিহঁতক সত্যৰ পথ দেখুৱায়।
Ra'd 13:8
প্ৰত্যেক নাৰীয়ে (মাইকী জীৱ-জন্তুও ইয়াৰ অন্তৰ্ভুক্ত) নিজৰ পেটত যি ধাৰণ কৰে, আল্লাহ সেই সম্পৰ্কে অৱগত। এই বিষয়ে তেওঁ সকলো তথ্য জানে। তথা গৰ্ভাশয়ত বৃদ্ধি বা হ্ৰাস আৰু সুস্থতা তথা বেমাৰ-আজাৰ যিয়েই নহওঁক, সেই সকলো তেওঁ জানে। আল্লাহৰ ওচৰত প্ৰত্যেক বস্তুৰ এটা পৰিমাণ নিৰ্ধাৰিত আছে। তাতকৈ বেছিও হ'ব নোৱাৰে, কমো হ'ব নোৱাৰে।
Ra'd 13:9
কিয়নো আল্লাহ সেই সকলো বস্তু সম্পৰ্কে অৱগত, যিবোৰ সৃষ্টিৰ জ্ঞানৰ পৰা আঁতৰত। তথা সেইবোৰ বস্তু সম্পৰ্কেও অৱগত যিবোৰ সিহঁতৰ জ্ঞানৰ পৰিসীমাত আছে। তেওঁ কৰ্ম, নাম আৰু গুণাৱলীৰ ক্ষেত্ৰত অতি মহান। তেওঁ সত্ত্বাগত ভাৱে আৰু গুণগত ভাৱে সকলো সৃষ্টিতকৈ ঊৰ্দ্ধত।
Ra'd 13:10
তেওঁ প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়ে অৱগত। হে মানৱজাতি! তোমালোকে উচ্চস্বৰে কথা কোৱা অথবা নিম্নস্বৰে, উভয় অৱস্থাই তেওঁৰ বাবে সমান। এইদৰে মানুহৰ দৃষ্টিৰ পৰা লুকাই ৰাতিৰ অন্ধকাৰত কৰা কাম আৰু দিনৰ পোহৰত মানুহক দেখুৱাই কৰা কাম দুয়োটাই তেওঁৰ বাবে সমান।
Ra'd 13:11
পৱিত্ৰ মহান আল্লাহৰ কিছুমান ফিৰিস্তা এনেকুৱা আছে, যিসকলে মানুহৰ ওচৰত পৰ্যায়ক্ৰমে আহে। কিছুমান আহে ৰাতিত, আকৌ আন কিছুমান আহে দিনত। তেওঁলোকে আল্লাহৰ আদেশত মানুহক সেই সকলো বিপত্তিৰ পৰা ৰক্ষা কৰে, যাৰ পৰা মানুহক ৰক্ষা কৰিবলৈ আল্লাহে ফয়চালা কৰিছে। তেওঁলোকে মানুহৰ কৰ্ম আৰু কথা লিপিবদ্ধ কৰে। এই কথা নিশ্চিত যে, আল্লাহে কেতিয়াও কোনো সম্প্ৰদায়ৰ সুখ-শান্তিক দুখ-কষ্টলৈ ৰূপান্তৰিত নকৰে, যেতিয়ালৈকে সিহঁতে কৃতজ্ঞতাৰ আচৰণ পৰিবৰ্তন নকৰে। আল্লাহে যদি কোনো সম্প্ৰদায়ক ধ্বংস কৰিব বিচাৰে তেন্তে তেওঁৰ এই ইচ্ছাক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। হে মানৱজাতি! আল্লাহৰ বাহিৰে তোমালোকৰ কোনো ৰক্ষক নাই, যিয়ে তোমালোকক বিপদৰ পৰা ৰক্ষা কৰি আশ্ৰয় প্ৰদান কৰিব।
Ra'd 13:12
হে মানৱজাতি! তেৱেঁই তোমালোকক বজ্ৰপাত দেখুৱায়। আৰু তেৱেঁই তোমালোকৰ অন্তৰত বজ্ৰপাতৰ ভয় আৰু বৰষুণৰ লোভ একেলগে সৃষ্টি কৰে। তেৱেঁই তোমালোকৰ বাবে প্ৰচুৰ পৰিমাণে বৰষুণৰ পানী ভৰা প্ৰকাণ্ড প্ৰকাণ্ড মেঘ সৃষ্টি কৰে।
Ra'd 13:13
বিজুলিৰ চমকণিয়ে নিজ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পৱিত্ৰতাৰ গুণগান কৰে, আৰু ফিৰিস্তাসকলে নিজ প্ৰতিপালকৰ গুণগান কৰে ভয়তে তথা তেওঁৰ প্ৰতাপী ক্ষমতাৰ সন্মানাৰ্থে। আল্লাহে তেওঁৰ যি সৃষ্টিৰ ওপৰতে ইচ্ছা কৰে তাৰ ওপৰত বজ্ৰপাত কৰি তাক ধ্বংস কৰে। আনহাতে কাফিৰসকলে আল্লাহৰ একত্বকলৈ বাদানুবাদ কৰে। জানি থোৱা! আল্লাহ মহাশক্তিশালী মহাপৰাক্ৰমশালী, তেওঁ যিটো কৰিব বিচাৰে সেইটো কৰিহে এৰে।
Ra'd 13:14
তাওহীদৰ আহ্বান একমাত্ৰ আল্লাহৰ বাবেই নিৰ্দিষ্ট, ইয়াত তেওঁৰ কোনো অংশীদাৰ নাই। মুশ্বৰিকসকলে আল্লাহক এৰি যিবোৰ মূৰ্তিৰ ওচৰত প্ৰাৰ্থনা কৰে, সেইবোৰ মূৰ্তিয়ে কোনো ক্ষেত্ৰতেই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা স্বীকাৰ কৰিব নোৱাৰে। সিহঁতৰ প্ৰাৰ্থনাৰ উদাহৰণ হৈছে এনেকুৱা, যেনে- কোনো তৃষ্ণাতুৰ ব্যক্তিয়ে পানীৰ পিনে হাত প্ৰসাৰিত কৰি ভাৱে যে, পানী তাৰ মুখত নিজে নিজে আহি পাব আৰু সি পান কৰিব। অথচ পানী কেতিয়াও তাৰ মুখত নিজে নিজে অহাটো সম্ভৱ নহয়। দৰাচলতে কাফিৰসকলে মূৰ্তিবোৰক কৰা প্ৰাৰ্থনা হৈছে ব্যৰ্থ প্ৰচেষ্টা, যিটো সত্যতাৰ পৰাও বহু আঁতৰত। কাৰণ সেইবোৰে সিহঁতক উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে।
Ra'd 13:15
আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলোৱে কেৱল তেওঁৰ প্ৰতি নত হয় আৰু তেওঁকেই ছাজদা কৰে, মুমিন হওঁক অথবা কাফিৰ। এয়া সুকীয়া কথা যে, মুমিনসকলে আনন্দচিত্তে তেওঁৰ প্ৰতি নত হয় আৰু ছাজদা কৰে। আনহাতে কাফিৰসকলে তেওঁৰ প্ৰতি অনিচ্ছাকৃতভাৱে নত হয়। আৰু তাৰ অন্তৰাত্মাই তাক আনন্দচিত্তে নত হ'বলৈ আদেশ দিয়ে। লগতে প্ৰত্যেক ছাঁ থকা বস্তুৰ ছাঁয়ে পূৱা-গধূলি তেওঁকেই ছাজদা কৰে।
Ra'd 13:16
হে ৰাছুল! আল্লাহৰ সৈতে আনক উপাসনা কৰা কাফিৰসকলক কওক যে, আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা আৰু ইয়াৰ পৰিচালনাকাৰী কোন? হে ৰাছুল কৈ দিয়ক যে, আল্লাহেই ইয়াৰ সৃষ্টিকৰ্তা আৰু তেৱেঁই এই উভয়ৰ সঞ্চালনকাৰী, আনকি এই কথা তোমালোকেও স্বীকাৰ কৰা। হে ৰাছুল! সিহঁতক কওক, তোমালোকে আল্লাহৰ বাহিৰে এনেকুৱা বিৱশ বস্তুক সহায়ক কৰি লৈছা কিয়, যিবোৰে নিজৰেই উপকাৰ কৰিব নোৱাৰে তথা বিপদৰ পৰা নিজকেই ৰক্ষা কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত আনক কি সহায় কৰিব? হে ৰাছুল! সিহঁতক কৈ দিয়ক, দূৰদৰ্শিতাৰ পৰা বঞ্চিত কাফিৰ আৰু দূৰদৰ্শী তথা হিদায়তপ্ৰাপ্ত মুমিন কেতিয়াও সমান হ'ব পাৰেনে, অথবা কুফৰ যিটো হৈছে অন্ধকাৰ, ইপিনে ঈমান যিটো হৈছে জ্যোতি, এই দুয়োটা সমান হ'ব পাৰেনে? সিহঁতে এনেকুৱা কিছুমানক আল্লাহৰ অংশী কৰিছে নেকি, যিবোৰে কিবা সৃষ্টি কৰিছে আৰু সিহঁতৰ সৃষ্টি তথা আল্লাহৰ সৃষ্টি মিশ্ৰিত হৈছে? হে ৰাছুল! সিহঁতক কৈ দিয়ক, একমাত্ৰ আল্লাহেই সৃষ্টিকৰ্তা, যিয়ে সকলো বস্তু সৃষ্টি কৰিছে। সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁৰ কোনো অংশীদাৰ নাই। একমাত্ৰ তেৱেঁই উপাস্যক, যিজন ইবাদতৰ যোগ্য। তেওঁ মহাশক্তিমান তথা প্ৰভুত্বশালী, তেওঁ প্ৰত্যেক বস্তুৰ ওপৰত বিজয়ী।
Ra'd 13:17
অসত্যৰ পতন আৰু সত্য প্ৰতিষ্ঠা সম্পৰ্কে আল্লাহে বৰষুণৰ উদাহৰণ প্ৰদান কৰি কৈছেঃ যেনে- আকাশৰ পৰা পানী বৰ্ষণ হ'ল আৰু নৈ, বিল, হ্ৰদ আদি ভৰি পৰিল, সৰু ডাঙৰ নিজ নিজ আকাৰ অনুযায়ী সকলো প্ৰবাহিত হ'ল। এতেকে পানীৰ সোঁতত সৃষ্টি হোৱা ফেন ফুটুকাবোৰ পানীৰ ওপৰত ভাঁহিবলৈ ধৰিলে। আল্লাহে সত্য অসত্যৰ আৰু এটা উদাহৰণ দিছে, যেনে- বহুমূল্য ধাতুবোৰ মানুহৰ সৌন্দৰ্যৰ বাবে অলংকাৰ বনাবলৈ জুইৰ জৰিয়তে গলোৱা হয়, ফলত তাত থকা ময়লা আৱৰ্জনাবোৰ ওপৰত ভাঁহি উঠে। এই দুয়োটা উদাহৰণৰ জৰিয়তে আল্লাহে সত্য আৰু অসত্যৰ পাৰ্থক্য বুজাইছে। দৰাচলতে অসত্য হৈছে পানীৰ ওপৰত ভাঁহি থকা ফেন ফুটুকা তথা অলংকাৰ বনাবলৈ গলোৱা ধাতুৰ ওপৰত ভাঁহি উঠা ময়লা আৱৰ্জনাৰ দৰে। আনহাতে সত্য হৈছে সেই নিৰ্মল পানীৰ দৰে যিটো খোৱাৰ উপযোগী, তথা যি পানীৰ জৰিয়তে ঘাঁহ বন আৰু ফলমূল উৎপন্ন হয়। তথা সেই মূল্যৱান ধাতুৰ দৰে, যিটোক উষ্ণতাৰ জৰিয়তে উত্তপ্ত কৰি ময়লা আৱৰ্জনা দূৰ কৰা হৈছে, আৰু মানুহৰ উপকাৰত আহে। এই দুয়োটা উদাহৰণৰ দৰেই আল্লাহে অন্যান্য উদাহৰণো দাঙি ধৰে, যাতে সত্য আৰু অসত্য স্পষ্ট হয়।
Ra'd 13:18
সেইসকল মুমিনৰ বাবে আছে উত্তম প্ৰতিদান অৰ্থাৎ জান্নাত, যিসকলক তাওহীদ আৰু তেওঁৰ আনুগত্যৰ পিনে আহ্বান কৰাত তেওঁলোকে স্বীকাৰ কৰিছে। আনহাতে কাফিৰসকল, যিসকলে আল্লাহৰ তাওহীদ আৰু তেওঁৰ আনুগত্যৰ আহ্বানক স্বীকাৰ কৰা নাই, সিহঁত যদি পৃথিৱীৰ সকলো সম্পদৰ মালিক হয়, লগতে সেই সম্পদৰ অনুৰূপ অতিৰিক্ত আৰু অধিক সম্পদ সিহঁতক দিয়া হয়, এই সকলো সম্পদ সিহঁতে আল্লাহক প্ৰদান কৰি হ'লেও সিহঁতে নিজকে শাস্তিৰ পৰা ৰক্ষা পাবলৈ ব্যৰ্থ চেষ্টা কৰিব। তেওঁৰ আহ্বান স্বীকাৰ নকৰা এইসকল ব্যক্তিৰ পৰা সিহঁতৰ প্ৰত্যেক গুনাহৰ হিচাপ লোৱা হ'ব। সিহঁতৰ আৱাসস্থল হ'ব জাহান্নাম। সিহঁতৰ ঠিকনা তথা বিছনা হ'ব জুইৰ দ্বাৰা নিৰ্মিত, আৰু সেই ঠিকনা কিমান যে নিকৃষ্ট।
Ra'd 13:19
হে ৰাছুল! যি ব্যক্তিয়ে আপোনাৰ প্ৰতি আল্লাহে অৱতীৰ্ণ কৰা তথ্যক সত্য বুলি স্বীকাৰ কৰে, যি তথ্যত কোনো সন্দেহ নাই, অৰ্থাৎ আল্লাহৰ আহ্বানত সঁহাৰি দিয়া মুমিন ব্যক্তিক, সেই ব্যক্তিৰ লগত তুলনা কৰা মুঠেও ঠিক নহয় যিজন হৈছে অন্ধ তথা আল্লাহৰ আহ্বানত সঁহাৰি নিদিয়া আল্লাহক অস্বীকাৰকাৰী, এই দুয়ো প্ৰকাৰ ব্যক্তি কেতিয়াও সমান হ'ব নোৱাৰে। দৰাচলতে ইয়াৰ দ্বাৰা কেৱল বিবেকৱান লোকসকলেহে শিক্ষা তথা পাঠ গ্ৰহণ কৰে।
Ra'd 13:20
যিসকলে আল্লাহৰ আহ্বান স্বীকাৰ কৰিছে, কেৱল সেইসকল লোকেই আল্লাহৰ লগত কৰা অঙ্গীকাৰ আৰু তেওঁৰ বান্দাসকলৰ লগত কৰা প্ৰতিশ্ৰুতি পূৰণ কৰে। আল্লাহ তথা আন কাৰোবাৰ লগত কৰা প্ৰতিশ্ৰুতি কেতিয়াও তেওঁলোকে ভঙ্গ নকৰে।
Ra'd 13:21
তেওঁলোকেই আত্মীয়তাৰ সেই সকলো বন্ধন বজাই ৰাখে, যিবোৰ সম্পৰ্ক বজাই ৰাখিবলৈ আল্লাহে আদেশ দিছে, আৰু তেওঁলোকে আল্লাহক এনেকৈ ভয় কৰে, যি ভয়ে তেওঁলোকক আল্লাহৰ আদেশ পালন কৰাত আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকাত সহায় কৰে। লগতে তেওঁলোকে আৰু ভয় কৰে যে, আল্লাহে যেন তেওঁলোকৰ সকলো গুনাহৰ হিচাপ নলয়। কাৰণ যাৰ তন্ন তন্নকৈ হিচাপ লোৱা হ'ব, সি নিশ্চিতভাৱে ধ্বংস হ'ব।
Ra'd 13:22
তেওঁলোকেই আল্লাহৰ আনুগত্যত দৃঢ়ভাৱে অটল থাকে। তেওঁৰ ভাল বেয়া সকলো ফয়চালাৰ প্ৰতি ধৈৰ্য ধাৰণ কৰে। লগতে তেওঁৰ সন্তুষ্টি বিচাৰি তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থাকে। পৰিপূৰ্ণৰূপে ছালাত আদায় কৰে, আৰু আমি যি ধন-সম্পদ দান কৰিছো তাৰ পৰা অনিবাৰ্য হকুক (অধিকাৰ) আদায় কৰে। লোকক দেখুৱাই দান নকৰি গোপনে দান কৰে, আকৌ কেতিয়াবা প্ৰকাশ্যভাৱে দান কৰে যাতে মানুহে তেওঁলোকক অনুকৰণ কৰে। বেয়া ব্যৱহাৰ কৰা ব্যক্তিৰ আচৰণক সদাচৰণৰ জৰিয়তে প্ৰতিহত কৰে। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰ বাবেই ক্বিয়ামতৰ দিনা আছে উৎকৃষ্ট পৰিণাম।
Ra'd 13:23
উৎকৃষ্ট পৰিণামৰ জৰিয়তে বুজোৱা হৈছে এনেকুৱা জান্নাত, য'ত আছে নিৰবিচ্ছিন্ন নিয়ামত, তাত তেওঁলোক চিৰস্থায়ী হ'ব। তাত থকা নিয়ামতসমূহক পৰিপূৰ্ণ ৰূপ দান কৰা হ'ব ইয়াৰ জৰিয়তে যে, তেওঁলোকৰ সৈতে তেওঁলোকৰ হিদায়তপ্ৰাপ্ত পিতৃপুৰুষসকল, মাতৃসকল, স্ত্ৰীসকল আৰু সন্তান-সন্ততিসকল প্ৰৱেশ কৰিব। যাতে তেওঁলোকৰ লগত সাক্ষাৎ কৰি তেওঁলোকৰ অন্তৰ প্ৰশান্তি লাভ কৰে। জান্নাতত ফিৰিস্তাসকলে তেওঁলোকৰ গৃহৰ সকলো দুৱাৰেৰে প্ৰৱেশ কৰিব আৰু তেওঁলোকক অভিবাদন জনাব।
Ra'd 13:24
ফিৰিস্তাসকলে যেতিয়াই তেওঁলোকৰ ওচৰলৈ যাব, তেতিয়াই তেওঁলোকক এই বুলি ছালাম কৰিব- ছালামুন আলাইকুম- (আপোনাৰ প্ৰতি শান্তি বৰ্ষিত হওঁক)। অৰ্থাৎ আপুনি আল্লাহৰ আনুগত্য তথা তেওঁৰ কঠিন ফয়চালাত ধৈৰ্য ধাৰণ কৰাৰ ফলত, লগতে তেওঁৰ অবাধ্যতাৰ পৰা বিৰত থকাৰ কাৰণে বিপত্তিৰ পৰা সুৰক্ষিত থাকক। এতেকে আখিৰাতত আপোনালোকে লাভ কৰা পৰিণাম কিমান যে সুখদায়ক আৰু শান্তিদায়ক।
Ra'd 13:25
যিসকলে আল্লাহৰ লগত দৃঢ় প্ৰতিশ্ৰুতি কৰাৰ পিছত সেয়া ভঙ্গ কৰে, লগতে সেই সকলো আত্মীয়তাৰ বন্ধন বিচ্ছিন্ন কৰে যিবোৰ বজাই ৰখাৰ নিৰ্দেশ আল্লাহে প্ৰদান কৰিছে। লগতে পৃথিৱীত গুনাহৰ দ্বাৰা বিপৰ্যয় সৃষ্টি কৰে, এইসকলেই হৈছে দুৰ্ভগীয়া, যিসকল আল্লাহৰ কৃপাৰ পৰা বঞ্চিত থাকিব, আৰু সিহঁতৰ পৰিণাম হৈছে অত্যন্ত নিকৃষ্ট, সেয়া হৈছে জাহান্নাম।
Ra'd 13:26
আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাক জীৱিকাত প্ৰশস্ততা প্ৰদান কৰে। আনহাতে তেওঁ যাক ইচ্ছা কৰে সংকীৰ্ণতা প্ৰদান কৰে। কিন্তু জীৱিকাৰ প্ৰশস্ততা পূণ্যৱান হোৱাৰ প্ৰতীক নহয় তথা আল্লাহৰ প্ৰিয়পাত্ৰ হোৱাৰো প্ৰতীক নহয়। পক্ষান্তৰে জীৱিকাৰ সংকীৰ্ণতা দুৰ্ভগীয়া হোৱাৰ প্ৰতীক নহয়। কাফিৰসকল পাৰ্থিৱ জীৱনক লৈয়ে আনন্দিত। এতেকে সিহঁত ইয়াৰ প্ৰতি ধাবিত আৰু ইয়াক লৈয়ে সন্তুষ্ট। আখিৰাতৰ তুলনাত পাৰ্থিৱ জীৱন হৈছে ক্ষণস্থায়ী উপভোগৰ সময়, যিটো অচিৰেই সমাপ্ত হ'ব।
Ra'd 13:27
যিসকলে আল্লাহক আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰিছে সিহঁতে কয়ঃ মুহাম্মদৰ ওপৰত তেওঁৰ সত্যতাৰ প্ৰতীক স্বৰূপে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো প্ৰত্যক্ষ নিদৰ্শন কিয় অৱতীৰ্ণ নহয়, যাৰ প্ৰতি আমি বিশ্বাস কৰিলোহেঁতেন। হে ৰাছুল! আপুনি এই প্ৰস্তাৱ প্ৰদানকাৰীসকলক কৈ দিয়কঃ আল্লাহে যাক ইচ্ছা কৰে, ন্যায় অনুসাৰে পথভ্ৰষ্ট কৰে। কিন্তু যিয়ে তাওবা কৰি তেওঁৰ পিনে প্ৰত্যাৱৰ্তন কৰে তাক হিদায়ত প্ৰদান কৰে। হিদায়ত সিহঁতৰ হাতত নহয় যে সিহঁতে ইচ্ছা কৰিলেই হিদায়তক নিদৰ্শনৰ লগত সম্পৃক্ত কৰি দিব।
Ra'd 13:28
এওঁলোকেই হৈছে সেইসকল লোক, যিসকলক আল্লাহে হিদায়ত প্ৰদান কৰিছে আৰু তেওঁলোকে ঈমান পোষণ কৰিছে। আৰু তেওঁলোকৰ অন্তৰে আল্লাহৰ স্মৰণত শান্তি লাভ কৰে অৰ্থাৎ তেওঁৰ তাছবীহ (গুণগান), তেওঁৰ তাহমীদ(প্ৰশংসা), লগতে তেওঁৰ কিতাপ তিলাৱত কৰিলে বা শুনিলে, লগতে ইয়াৰ বাহিৰেও অন্যান্য জিকৰ-আজকাৰ পাঠ কৰিলে তেওঁলোকৰ অন্তৰে প্ৰশান্তি লাভ কৰে। জানি থোৱা! কেৱল আল্লাহৰ স্মৰণতেই আছে অন্তৰৰ প্ৰশান্তি। এইটোৱেই অন্তৰৰ বাবে উপযুক্ত।
Ra'd 13:29
এই যে, যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে তথা এনেকুৱা নেক আমল কৰিছে যাৰ দ্বাৰা আল্লাহৰ নৈকট্য লাভ হয়, আখিৰাতত তেওঁলোকৰ বাবে আছে পৱিত্ৰ জীৱন। লগতে তেওঁলোকৰ বাবে আছে উত্তম পৰিণাম অৰ্থাৎ জান্নাত।
Ra'd 13:30
যিদৰে আমি পূৰ্বৱৰ্তী নবীসকলক তেওঁলোকৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলো, ঠিক সেইদৰে হে নবী! আপোনাকো আপোনাৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছো, যাতে আপুনি সিহঁতক কোৰআন শুনায়, যিটো আমি আপোনাৰ প্ৰতি অহী কৰিছো। আপোনাৰ সত্যতাৰ প্ৰমাণ হিচাপে ইয়ে যথেষ্ট। কিন্তু আপোনাৰ সম্প্ৰদায়ে এই নিদৰ্শনক অস্বীকাৰ কৰে। কিয়নো সিহঁতে ৰহমানক অস্বীকাৰ কৰে, কাৰণ সিহঁতে তেওঁৰ সৈতে আনক অংশীদাৰ স্থাপন কৰে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তেৱেঁই মোৰ প্ৰতিপালক, যি ৰহমনাৰ সৈতে তোমলোকে অংশীদাৰ স্থাপন কৰা, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। মই মোৰ সকলো কৰ্মতে তেওঁৰ ওপৰত ভৰসা কৰো, আৰু তেওঁৰ ওচৰতেই তাওবা কৰো।
Ra'd 13:31
যদি কোনো ঐশী পুথিৰ এনেকুৱা বৈশিষ্ট্য থাকিলেহেঁতেন, যাৰ দ্বাৰা পাহাৰ স্থানান্তৰ কৰা সম্ভৱ অথবা মাটি বিদীৰ্ণ কৰি তাত নদী বা জলাশয় সৃষ্টি কৰা সম্ভৱ, নাইবা যিটো পাঠ কৰিলে মৃত ব্যক্তিও জীৱিত হৈ উঠিব তেন্তে হে ৰাছুল! সেয়া কোৰআন হলেহেঁতেন। কাৰণ ই স্পষ্ট প্ৰমাণ বহনকাৰী, তথা মহা প্ৰভাৱ সৃষ্টিকাৰী, যদি সিহঁত পৰিস্কাৰ হৃদয়ৰ অধিকাৰী হলেহেঁতেন। কিন্তু সিহঁত হৈছে অস্বীকাৰকাৰী। অথচ মুজিঝাত বা অলৌকিকতা অৱতীৰ্ণ কৰাৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত। আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী সকলে এই কথা গম পোৱা নাইনে যে, আল্লাহে ইচ্ছা কৰিলে মুজিঝাত বা অলৌকিকতা অৱতীৰ্ণ নকৰাকৈয়ে সকলো মানুহকে হিদায়ত দিব পাৰিলেহেঁতেন? কিন্তু তেওঁ এনেকুৱা কৰিব বিচৰা নাই। আল্লাহক অস্বীকাৰকাৰী সকলৰ ওপৰত সিহঁতৰ গুনাহ আৰু কুফুৰী কৰ্মৰ কাৰণে এটাৰ পিছত এটা কঠিন বিপদ আহিয়ে থাকিব, যিয়ে সিহঁতৰ শান্তি বিনষ্ট কৰিব, অথবা সেই বিপদ সিহঁতৰ বাসস্থানৰ ওচৰত আহিব। অৱশেষত আল্লাহৰ প্ৰতিশ্ৰুতিকৃত শাস্তি অৱতীৰ্ণ হ'ব। আল্লাহে নিশ্চয় তেওঁৰ প্ৰতিশ্ৰুতি পালন কৰে যেতিয়া তাৰ নিৰ্ধাৰিত সময় আহি পৰে।
Ra'd 13:32
আপুনিয়ে প্ৰথম ৰাছুল নহয়, যাক অস্বীকাৰ কৰা হৈছে তথা যাক উপহাস কৰা হৈছে। হে ৰাছুল! আপোনাৰ পূৰ্বেও বহুতো সম্প্ৰদায়ে নিজ নিজ ৰাছুলক অস্বীকাৰ কৰিছে তথা তেওঁলোকক উপহাস কৰিছে। ফলত আমি কাফিৰসকলক অৱকাশ তথা ঢিল দিছিলো, আনকি সিহঁতে পতিয়ন গৈছিল যে, আমি সিহঁতক ধ্বংস নকৰিম। তাৰ পিছত আমি সিহঁতক বিভিন্ন শাস্তিত আক্ৰান্ত কৰিছিলো, সিহঁতক প্ৰদান কৰা মোৰ শাস্তি সম্পৰ্কে আপোনাৰ কেনেকুৱা লাগিল? নিশ্চয় সেয়া আছিল অত্যন্ত কঠিন শাস্তি।
Ra'd 13:33
যিয়ে সকলো সৃষ্টি জীৱকে জীৱিকাৰ ক্ষেত্ৰত সংৰক্ষণ প্ৰদান কৰে আৰু প্ৰত্যেক প্ৰাণীৰ কৰ্ম চোৱাচিতা কৰে তথা সিহঁতৰ কৰ্মৰ প্ৰতিদান দিয়ে সেই সত্ত্বা বেছি ইবাদতৰ যোগ্য, নে সেই মূৰ্তিবোৰ বেছি যোগ্য যিবোৰৰ উপাস্য হোৱাৰ কোনো যোগ্যতা নাই? কাফিৰসকলে অন্যায়ভাৱে সেইবোৰকেই আল্লাহৰ অংশী কৰি লৈছে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, যদি তোমালোক নিজৰ দাবীত সত্যবাদী তেন্তে তোমালোকে সেইবোৰৰ নাম কোৱাচোন যিবোৰক তোমালোকে আল্লাহৰ লগত অংশী কৰি সিহঁতৰ উপাসনা কৰি আছা। নে তোমালোকে আল্লাহক তেওঁৰ পৃথিৱীত থকা অংশী সম্পৰ্কে অৱগত কৰাই আছা যিটো তেওঁ নাজানে? নে তোমালোকে বাস্তৱিকতাহীন কথা সম্পৰ্কে জনাই আছা? বৰং চয়তানে কাফিৰসকলৰ দৃষ্টিত সিহঁতৰ ষড়যন্ত্ৰক সৌন্দৰ্যময় কৰি দিছে। ফলত সিহঁতে আল্লাহক অস্বীকাৰ কৰিছে। আৰু চয়তানে সিহঁতক হিদায়ত তথা সঠিক পথৰ পৰা আঁতৰাই দিছে। সঠিক পথৰ পৰা আল্লাহে যাক আঁতৰাই ৰাখিব বিচাৰে, তাক হিদায়ত দিব পৰা কোনো নাই।
Ra'd 13:34
পাৰ্থিৱ জীৱনত সিহঁতৰ শাস্তি হৈছে মুমিনসকলৰ হাতত বন্দী হোৱা তথা নিহত হোৱা। আখিৰাতত সিহঁতৰ বাবে যি শাস্তি অপেক্ষামান, সেয়া পাৰ্থিৱ জীৱনৰ শাস্তিতকৈ অতি কঠিন তথা ভয়াৱহ। কাৰণ সেই শাস্তি হ'ব অতি কঠোৰ তথা নিৰবিচ্ছিন্ন। ক্বিয়ামতৰ দিনা সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ কোনো নাথাকিব।
Ra'd 13:35
সেই জান্নাতৰ বৈশিষ্ট্য যিটোৰ প্ৰতিশ্ৰুতি আল্লাহে মুত্তাক্বীসকলক অৰ্থাৎ যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে সেইসকল লোকক প্ৰদান কৰিছে, তাৰ বৈশিষ্ট্য হৈছে যে, সেই জান্নাতৰ অট্টালিকাসমূহ আৰু গছ-গছনিৰ তলদেশত প্ৰবাহমান নদী থাকিব। পৃথিৱীৰ ফলমূলতকৈ ব্যতিক্ৰম, সেই জান্নাতৰ ফলমূল হ'ব চিৰস্থায়ী, নিৰবিচ্ছিন্ন। তাৰ ছাঁবোৰো হ'ব চিৰস্থায়ী, কেতিয়াও অন্ত নপৰিব। এয়া হৈছে সেইসকল লোকৰ পৰিণাম যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্ৱৱা অৱলম্বন কৰে। আনহাতে কাফিৰসকলৰ পৰিণাম হৈছে জাহান্নাম, য’ত সিহঁতে প্ৰৱেশ কৰিব আৰু সিহঁতে তাত চিৰকাল থাকিব।
Ra'd 13:36
যিসকল ইয়াহুদীক আমি তাওৰাত প্ৰদান কৰিছো আৰু যিসকল খৃষ্টানক আমি ইঞ্জীল প্ৰদান কৰিছো তেওঁলোকে আপোনাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাকলৈ আনন্দিত, কাৰণ ই তেওঁলোকৰ প্ৰতি অৱতীৰ্ণ হোৱা কিছুমান বিধানক সমৰ্থন কৰে। ইয়াহুদী আৰু খৃষ্টানসকলৰ বিভিন্ন সম্প্ৰদায়ে আপোনাৰ প্ৰতি অৱতীৰ্ণ কিছুমান বিধানক অস্বীকাৰ কৰে, কাৰণ সেইবোৰ সিহঁতৰ আকাংক্ষা মুতাবিক নহয় অথবা পৰিবৰ্তন তথা বিকৃত কৰাৰ ফলত সিহঁতৰ বিধানৰ লগত মিলা নাই। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, আল্লাহে মোক আদেশ দিছে মই যেন কেৱল তেওঁৰেই ইবাদত কৰোঁ আৰু তেওঁৰ লগত যাতে আন কাকো অংশী স্থাপন নকৰো। মই কেৱল তেওঁৰ পিনেই আহ্বান কৰো, তেওঁৰ বাহিৰে আন কৰো পিনে আহ্বান নকৰো। আৰু কেৱল তেওঁৰ পিনেই মই প্ৰত্যাৱৰ্তন কৰিম। তাওৰাত আৰু ইঞ্জীলেও এই শিক্ষা লৈ আহিছে।
Ra'd 13:37
যিদৰে আমি পূৰ্বৱৰ্তী পুথিসমূহ সিহঁতৰ নিজ সম্প্ৰদায়ৰ ভাষাত অৱতীৰ্ণ কৰিছিলো, ঠিক সেইদৰে হে ৰাছুল! কোৰআনকো আৰবী ভাষাত স্পষ্টৰূপে সত্য বৰ্ণনাকাৰী পুথি হিচাপে আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰিছো। এতেকে হে ৰাছুল! আপুনি যদি আহলে কিতাবসকলৰ ইচ্ছাৰ অনুসৰণ কৰি সিহঁতৰ আকাংক্ষাৰ বিপৰীত হোৱা বিষয়বোৰ বিলুপ্ত কৰাৰ মত পোষণ কৰে, অথচ আপোনাৰ ওচৰত সেই জ্ঞান আহি পৰিছে যিটো স্বয়ং আল্লাহে আপোনাক শিকাইছে তেন্তে জানি থওঁক, আল্লাহৰ বাহিৰে আপোনাৰ কোনো অভিভাৱক নাই, যিয়ে আপোনাক সুৰক্ষা প্ৰদান কৰিব, আৰু শত্ৰুৰ বিপক্ষে সহায় কৰিব, আনকি আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈয়ো কোনো নাই।
Ra'd 13:38
হে ৰাছুল! আপোনাৰ পূৰ্বেও আমি মানুহৰ মাজৰ পৰাই ৰাছুল নিৰ্বাচিত কৰি প্ৰেৰণ কৰিছিলো। এতেকে আপুনি ৰাছুলসকলৰ পৰা পৃথক কোনো নতুন ৰাছুল নহয়। সাধাৰণ মানুহৰ দৰে তেওঁলোকৰো আছিল পত্নী আৰু সন্তান-সন্ততি। ফিৰিস্তা প্ৰেৰণ কৰা নাছিলো, যিসকলে বিবাহো নকৰে সন্তানো জন্ম নিদিয়ে। এতেকে আপুনি যিহেতু এই ৰাছুলসকলৰ দৰেই এজন মানৱ ৰাছুল, তেওঁলোকো আছিল একো একোজন মানৱ তথা তেওঁলোকেও বিবাহ কৰিছিল সন্তান জন্ম দিছিল, গতিকে আপোনাৰ এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী হোৱাত মুশ্বৰিকসকলে আশ্চৰ্য কিয় প্ৰকাশ কৰে? আল্লাহৰ অনুমতি নোহোৱাকৈ কোনো নিদৰ্শন লৈ আহিবলৈ ৰাছুলসকলৰ ক্ষমতা নাই। আল্লাহৰ সকলো ফয়চালা এখন পুথিত লিপিবদ্ধ, আৰু এটা সময় নিৰ্ধাৰিত আছে যিটো কেতিয়াও অগা-পিছা নহয়।
Ra'd 13:39
আল্লাহে যিটো কল্যাণ অথবা অকল্যাণ নাইবা সৌভাগ্য বা দুৰ্ভাগ্য মচি দিব বিচাৰে সেইটো মচি দিয়ে। আনহাতে যিটো ৰাখিব বিচাৰে সেইটো ৰাখি দিয়ে। তেওঁৰ ওচৰত আছে লাওহে মাহফুজ (সুৰক্ষিত ফলক)। সেইটো হৈছে সকলো ফয়চালাৰ মূল উৎস। মচি দিয়া তথা প্ৰতিষ্ঠিত ৰখাৰ সকলো কৰ্ম তাত লিপিবদ্ধ ফয়চালা অনুসাৰেই সম্পাদিত হয়।
Ra'd 13:40
হে নবী! আপোনাৰ মৃত্যুৰ পূৰ্বেই যদি আমি সেই শাস্তিৰ কিছু অংশ আপোনাক দেখুৱাই দিওঁ যি শাস্তিৰ প্ৰতিশ্ৰুতি আমি সিহঁতক প্ৰদান কৰিছো তেন্তে সেই অধিকাৰ আমাৰ আছে। আনহাতে সেই শাস্তিৰ পূৰ্বেই যদি আপোনাক মৃত্যু প্ৰদান কৰোঁ তেন্তে আপোনাৰ দায়িত্ব হৈছে কেৱল পৌঁচাই দিয়া, যিটো পৌঁচাই দিয়াৰ আদেশ আমি আপোনাক প্ৰদান কৰিছো। প্ৰতিদান দিয়া তথা হিচাপ-নিকাচ লোৱাৰ দায়িত্ব আপোনাৰ নহয়, সেইটো হৈছে আমাৰ দায়িত্ব।
Ra'd 13:41
কাফিৰসকলে দেখা নাপায় নেকি যে, আমি ইছলাম প্ৰচাৰৰ জৰিয়তে আৰু মুছলিমসকলক বিজয়ী প্ৰদানৰ জৰিয়তে কুফুৰী জগতখনক কেউফালৰ পৰা সংকুচিত কৰি আনিছো, আল্লাহে নিজৰ ইচ্ছা মতে বান্দাসকলৰ মাজত ফয়চলা কৰে তথা আদেশ দিয়ে। তেওঁৰ আদেশ প্ৰতিৰোধ কৰিবলৈ অথবা পৰিবৰ্তন কৰিবলৈ নাইবা বিকৃত কৰিব পৰা শক্তি কাৰো নাই। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী। আদিৰ পৰা অন্তলৈকে একে দিনাই হিচাপ গ্ৰহণ কৰিব।
Ra'd 13:42
পূৰ্বৱৰ্তী সম্প্ৰদায়সমূহেও নিজ নিজ নবীসকলৰ লগত ষড়যন্ত্ৰ কৰিছিল, আৰু তেওঁলোকে লৈ অহা চৰীয়তক অস্বীকাৰ কৰিছিল। কিন্তু তেওঁলোকৰ লগত ষড়যন্ত্ৰ কৰি সিহঁতে কি লাভ পালে? একো পোৱা নাই। কিয়নো প্ৰকৃত কৌশলকাৰী হৈছে আল্লাহ তাআলা, তেওঁৰ বাহিৰে আন কোনো নাই। যিদৰে পৱিত্ৰ আল্লাহে সৃষ্টিৰ সকলো কৰ্ম সম্পৰ্কে অৱগত, তেওঁৰ পৰা একোৱেই গোপন নহয়। এটা সময়ত এই অস্বীকাৰকাৰীসকলে গ'ম পাব যে, সিহঁতে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰি কিমান ভুল কৰিছিল আৰু মুমিনসকলে ঈমান পোষণ কৰি কিমান ভাল কাম কৰিছিল। সেই কাৰণেই তেওঁলোকে জান্নাত আৰু উৎকৃষ্ট পৰিণাম লাভ কৰিছে।
Ra'd 13:43
কাফিৰসকলে কয়ঃ হে মুহাম্মদ! আপুনি আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল নহয়। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকৰ আৰু মোৰ মাজত সাক্ষ্য দানৰ বাবে আল্লাহেই যথেষ্ট যে, মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি প্ৰেৰিত ৰাছুল। লগতে সেইসকল লোকৰ সাক্ষীও যথেষ্ট যিসকলৰ ওচৰত ঐশী পুথি আহিছে, য’ত লিপিবদ্ধ আছে মোৰ বৈশিষ্ট্য। এতেকে যাৰ সত্যতাৰ সাক্ষ্য স্বয়ং আল্লাহে প্ৰদান কৰে, তাক অস্বীকাৰ কৰি কোনেও কোনো ক্ষতি কৰিব নোৱাৰে।