Assamese Abridged Explanation of the Quran — Yâsin 36:1 – Mü'min 40:85
Contents
- Yâsin 36:1
- Yâsin 36:2
- Yâsin 36:3
- Yâsin 36:4
- Yâsin 36:5
- Yâsin 36:6
- Yâsin 36:7
- Yâsin 36:8
- Yâsin 36:9
- Yâsin 36:10
- Yâsin 36:11
- Yâsin 36:12
- Yâsin 36:13
- Yâsin 36:14
- Yâsin 36:15
- Yâsin 36:16
- Yâsin 36:17
- Yâsin 36:18
- Yâsin 36:19
- Yâsin 36:20
- Yâsin 36:21
- Yâsin 36:22
- Yâsin 36:23
- Yâsin 36:24
- Yâsin 36:25
- Yâsin 36:26
- Yâsin 36:27
- Yâsin 36:28
- Yâsin 36:29
- Yâsin 36:30
- Yâsin 36:31
- Yâsin 36:32
- Yâsin 36:33
- Yâsin 36:34
- Yâsin 36:35
- Yâsin 36:36
- Yâsin 36:37
- Yâsin 36:38
- Yâsin 36:39
- Yâsin 36:40
- Yâsin 36:41
- Yâsin 36:42
- Yâsin 36:43
- Yâsin 36:44
- Yâsin 36:45
- Yâsin 36:46
- Yâsin 36:47
- Yâsin 36:48
- Yâsin 36:49
- Yâsin 36:50
- Yâsin 36:51
- Yâsin 36:52
- Yâsin 36:53
- Yâsin 36:54
- Yâsin 36:55
- Yâsin 36:56
- Yâsin 36:57
- Yâsin 36:58
- Yâsin 36:59
- Yâsin 36:60
- Yâsin 36:61
- Yâsin 36:62
- Yâsin 36:63
- Yâsin 36:64
- Yâsin 36:65
- Yâsin 36:66
- Yâsin 36:67
- Yâsin 36:68
- Yâsin 36:69
- Yâsin 36:70
- Yâsin 36:71
- Yâsin 36:72
- Yâsin 36:73
- Yâsin 36:74
- Yâsin 36:75
- Yâsin 36:76
- Yâsin 36:77
- Yâsin 36:78
- Yâsin 36:79
- Yâsin 36:80
- Yâsin 36:81
- Yâsin 36:82
- Yâsin 36:83
- Saffat 37:1
- Saffat 37:2
- Saffat 37:3
- Saffat 37:4
- Saffat 37:5
- Saffat 37:6
- Saffat 37:7
- Saffat 37:8
- Saffat 37:9
- Saffat 37:10
- Saffat 37:11
- Saffat 37:12
- Saffat 37:13
- Saffat 37:14
- Saffat 37:15
- Saffat 37:16
- Saffat 37:17
- Saffat 37:18
- Saffat 37:19
- Saffat 37:20
- Saffat 37:21
- Saffat 37:22
- Saffat 37:23
- Saffat 37:24
- Saffat 37:25
- Saffat 37:26
- Saffat 37:27
- Saffat 37:28
- Saffat 37:29
- Saffat 37:30
- Saffat 37:31
- Saffat 37:32
- Saffat 37:33
- Saffat 37:34
- Saffat 37:35
- Saffat 37:36
- Saffat 37:37
- Saffat 37:38
- Saffat 37:39
- Saffat 37:40
- Saffat 37:41
- Saffat 37:42
- Saffat 37:43
- Saffat 37:44
- Saffat 37:45
- Saffat 37:46
- Saffat 37:47
- Saffat 37:48
- Saffat 37:49
- Saffat 37:50
- Saffat 37:51
- Saffat 37:52
- Saffat 37:53
- Saffat 37:54
- Saffat 37:55
- Saffat 37:56
- Saffat 37:57
- Saffat 37:58
- Saffat 37:59
- Saffat 37:60
- Saffat 37:61
- Saffat 37:62
- Saffat 37:63
- Saffat 37:64
- Saffat 37:65
- Saffat 37:66
- Saffat 37:67
- Saffat 37:68
- Saffat 37:69
- Saffat 37:70
- Saffat 37:71
- Saffat 37:72
- Saffat 37:73
- Saffat 37:74
- Saffat 37:75
- Saffat 37:76
- Saffat 37:77
- Saffat 37:78
- Saffat 37:79
- Saffat 37:80
- Saffat 37:81
- Saffat 37:82
- Saffat 37:83
- Saffat 37:84
- Saffat 37:85
- Saffat 37:86
- Saffat 37:87
- Saffat 37:88
- Saffat 37:89
- Saffat 37:90
- Saffat 37:91
- Saffat 37:92
- Saffat 37:93
- Saffat 37:94
- Saffat 37:95
- Saffat 37:96
- Saffat 37:97
- Saffat 37:98
- Saffat 37:99
- Saffat 37:100
- Saffat 37:101
- Saffat 37:102
- Saffat 37:103
- Saffat 37:104
- Saffat 37:105
- Saffat 37:106
- Saffat 37:107
- Saffat 37:108
- Saffat 37:109
- Saffat 37:110
- Saffat 37:111
- Saffat 37:112
- Saffat 37:113
- Saffat 37:114
- Saffat 37:115
- Saffat 37:116
- Saffat 37:117
- Saffat 37:118
- Saffat 37:119
- Saffat 37:120
- Saffat 37:121
- Saffat 37:122
- Saffat 37:123
- Saffat 37:124
- Saffat 37:125
- Saffat 37:126
- Saffat 37:127
- Saffat 37:128
- Saffat 37:129
- Saffat 37:130
- Saffat 37:131
- Saffat 37:132
- Saffat 37:133
- Saffat 37:134
- Saffat 37:135
- Saffat 37:136
- Saffat 37:137
- Saffat 37:138
- Saffat 37:139
- Saffat 37:140
- Saffat 37:141
- Saffat 37:142
- Saffat 37:143
- Saffat 37:144
- Saffat 37:145
- Saffat 37:146
- Saffat 37:147
- Saffat 37:148
- Saffat 37:149
- Saffat 37:150
- Saffat 37:151
- Saffat 37:152
- Saffat 37:153
- Saffat 37:154
- Saffat 37:155
- Saffat 37:156
- Saffat 37:157
- Saffat 37:158
- Saffat 37:159
- Saffat 37:160
- Saffat 37:161
- Saffat 37:162
- Saffat 37:163
- Saffat 37:164
- Saffat 37:165
- Saffat 37:166
- Saffat 37:167
- Saffat 37:168
- Saffat 37:169
- Saffat 37:170
- Saffat 37:171
- Saffat 37:172
- Saffat 37:173
- Saffat 37:174
- Saffat 37:175
- Saffat 37:176
- Saffat 37:177
- Saffat 37:178
- Saffat 37:179
- Saffat 37:180
- Saffat 37:181
- Saffat 37:182
- Sâd 38:1
- Sâd 38:2
- Sâd 38:3
- Sâd 38:4
- Sâd 38:5
- Sâd 38:6
- Sâd 38:7
- Sâd 38:8
- Sâd 38:9
- Sâd 38:10
- Sâd 38:11
- Sâd 38:12
- Sâd 38:13
- Sâd 38:14
- Sâd 38:15
- Sâd 38:16
- Sâd 38:17
- Sâd 38:18
- Sâd 38:19
- Sâd 38:20
- Sâd 38:21
- Sâd 38:22
- Sâd 38:23
- Sâd 38:24
- Sâd 38:25
- Sâd 38:26
- Sâd 38:27
- Sâd 38:28
- Sâd 38:29
- Sâd 38:30
- Sâd 38:31
- Sâd 38:32
- Sâd 38:33
- Sâd 38:34
- Sâd 38:35
- Sâd 38:36
- Sâd 38:37
- Sâd 38:38
- Sâd 38:39
- Sâd 38:40
- Sâd 38:41
- Sâd 38:42
- Sâd 38:43
- Sâd 38:44
- Sâd 38:45
- Sâd 38:46
- Sâd 38:47
- Sâd 38:48
- Sâd 38:49
- Sâd 38:50
- Sâd 38:51
- Sâd 38:52
- Sâd 38:53
- Sâd 38:54
- Sâd 38:55
- Sâd 38:56
- Sâd 38:57
- Sâd 38:58
- Sâd 38:59
- Sâd 38:60
- Sâd 38:61
- Sâd 38:62
- Sâd 38:63
- Sâd 38:64
- Sâd 38:65
- Sâd 38:66
- Sâd 38:67
- Sâd 38:68
- Sâd 38:69
- Sâd 38:70
- Sâd 38:71
- Sâd 38:72
- Sâd 38:73
- Sâd 38:74
- Sâd 38:75
- Sâd 38:76
- Sâd 38:77
- Sâd 38:78
- Sâd 38:79
- Sâd 38:80
- Sâd 38:81
- Sâd 38:82
- Sâd 38:83
- Sâd 38:84
- Sâd 38:85
- Sâd 38:86
- Sâd 38:87
- Sâd 38:88
- Zümer 39:1
- Zümer 39:2
- Zümer 39:3
- Zümer 39:4
- Zümer 39:5
- Zümer 39:6
- Zümer 39:7
- Zümer 39:8
- Zümer 39:9
- Zümer 39:10
- Zümer 39:11
- Zümer 39:12
- Zümer 39:13
- Zümer 39:14
- Zümer 39:15
- Zümer 39:16
- Zümer 39:17
- Zümer 39:18
- Zümer 39:19
- Zümer 39:20
- Zümer 39:21
- Zümer 39:22
- Zümer 39:23
- Zümer 39:24
- Zümer 39:25
- Zümer 39:26
- Zümer 39:27
- Zümer 39:28
- Zümer 39:29
- Zümer 39:30
- Zümer 39:31
- Zümer 39:32
- Zümer 39:33
- Zümer 39:34
- Zümer 39:35
- Zümer 39:36
- Zümer 39:37
- Zümer 39:38
- Zümer 39:39
- Zümer 39:40
- Zümer 39:41
- Zümer 39:42
- Zümer 39:43
- Zümer 39:44
- Zümer 39:45
- Zümer 39:46
- Zümer 39:47
- Zümer 39:48
- Zümer 39:49
- Zümer 39:50
- Zümer 39:51
- Zümer 39:52
- Zümer 39:53
- Zümer 39:54
- Zümer 39:55
- Zümer 39:56
- Zümer 39:57
- Zümer 39:58
- Zümer 39:59
- Zümer 39:60
- Zümer 39:61
- Zümer 39:62
- Zümer 39:63
- Zümer 39:64
- Zümer 39:65
- Zümer 39:66
- Zümer 39:67
- Zümer 39:68
- Zümer 39:69
- Zümer 39:70
- Zümer 39:71
- Zümer 39:72
- Zümer 39:73
- Zümer 39:74
- Zümer 39:75
- Mü'min 40:1
- Mü'min 40:2
- Mü'min 40:3
- Mü'min 40:4
- Mü'min 40:5
- Mü'min 40:6
- Mü'min 40:7
- Mü'min 40:8
- Mü'min 40:9
- Mü'min 40:10
- Mü'min 40:11
- Mü'min 40:12
- Mü'min 40:13
- Mü'min 40:14
- Mü'min 40:15
- Mü'min 40:16
- Mü'min 40:17
- Mü'min 40:18
- Mü'min 40:19
- Mü'min 40:20
- Mü'min 40:21
- Mü'min 40:22
- Mü'min 40:23
- Mü'min 40:24
- Mü'min 40:25
- Mü'min 40:26
- Mü'min 40:27
- Mü'min 40:28
- Mü'min 40:29
- Mü'min 40:30
- Mü'min 40:31
- Mü'min 40:32
- Mü'min 40:33
- Mü'min 40:34
- Mü'min 40:35
- Mü'min 40:36
- Mü'min 40:37
- Mü'min 40:38
- Mü'min 40:39
- Mü'min 40:40
- Mü'min 40:41
- Mü'min 40:42
- Mü'min 40:43
- Mü'min 40:44
- Mü'min 40:45
- Mü'min 40:46
- Mü'min 40:47
- Mü'min 40:48
- Mü'min 40:49
- Mü'min 40:50
- Mü'min 40:51
- Mü'min 40:52
- Mü'min 40:53
- Mü'min 40:54
- Mü'min 40:55
- Mü'min 40:56
- Mü'min 40:57
- Mü'min 40:58
- Mü'min 40:59
- Mü'min 40:60
- Mü'min 40:61
- Mü'min 40:62
- Mü'min 40:63
- Mü'min 40:64
- Mü'min 40:65
- Mü'min 40:66
- Mü'min 40:67
- Mü'min 40:68
- Mü'min 40:69
- Mü'min 40:70
- Mü'min 40:71
- Mü'min 40:72
- Mü'min 40:73
- Mü'min 40:74
- Mü'min 40:75
- Mü'min 40:76
- Mü'min 40:77
- Mü'min 40:78
- Mü'min 40:79
- Mü'min 40:80
- Mü'min 40:81
- Mü'min 40:82
- Mü'min 40:83
- Mü'min 40:84
- Mü'min 40:85
Yâsin 36:1
(ইয়া-ছীন) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
Yâsin 36:2
আল্লাহে কোৰআনৰ শপত খাইছে, যি গ্ৰন্থৰ আয়াতবোৰ হৈছে সুদৃঢ়। বাতিলে যাক কোনো ফালৰ পৰাই ক্ষতি কৰিব নোৱাৰে।
Yâsin 36:3
হে ৰাছুল! নিশ্চয় আপুনি সেই ৰাছুলসকলৰ অন্তৰ্ভুক্ত যিসকলক আল্লাহে তেওঁৰ বান্দাসকলৰ প্ৰতি প্ৰেৰণ কৰিছে। যাতে তেওঁলোকে সিহঁতক আল্লাহৰ তাওহীদৰ পিনে আহ্বান কৰে আৰু একমাত্ৰ তেওঁৰ ইবাদতৰ নিৰ্দেশ দিয়ে।
Yâsin 36:4
সৰল পথ তথা সঠিক চৰীয়তৰ ওপৰত প্ৰতিষ্ঠিত। নিশ্চয় এই সৰল পথ আৰু সঠিক চৰীয়ত আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ মুমিন বান্দাসকলৰ প্ৰতি অতি দয়ালু।
Yâsin 36:5
সৰল পথ তথা সঠিক চৰীয়তৰ ওপৰত প্ৰতিষ্ঠিত। নিশ্চয় এই সৰল পথ আৰু সঠিক চৰীয়ত আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ মুমিন বান্দাসকলৰ প্ৰতি অতি দয়ালু।
Yâsin 36:6
আমি আপোনাৰ প্ৰতি এই কোৰআন এইকাৰণে অৱতীৰ্ণ কৰিছোঁ, যাতে আপুনি ইয়াৰ দ্বাৰা সেই জাতিক (অৰ্থাৎ আৰবসকলক) সাৱধান কৰিব পাৰে, যিসকলৰ ওচৰলৈ সতৰ্ক কৰাৰ নিমিত্তে কোনো ৰাছুল অহা নাছিল। সেইকাৰণেই সিহঁতে ঈমান আৰু তাওহীদ সম্পৰ্কে একো নাজানে। এইদৰে প্ৰত্যেক সেই উম্মতৰ অৱস্থাও তেনেকুৱাই যিসকলৰ পৰা ৰাছুলৰ ধাৰাবাহিকতা বিচ্ছিন্ন হৈছে। সিহঁতকো পূৰণি বিষয়বোৰ স্মৰণ কৰোৱাবলৈ ৰাছুলৰ প্ৰয়োজন।
Yâsin 36:7
এইসকলৰ মাজৰ অধিকাংশৰ ওপৰতেই আল্লাহৰ শাস্তি অনিবাৰ্য হৈ পৰিছে। কিয়নো ৰাছুলৰ মাধ্যমত সিহঁতৰ ওচৰলৈ সত্য আহি পৰিছে, তথাপিও সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ কৰা নাই তথা কুফৰীৰ ওপৰত অটল থকাটোকে সিহঁতে অগ্ৰাধিকাৰ দিছে। সেয়ে সিহঁতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰিব আৰু সিহঁতৰ ওচৰলৈ অহা সত্য অনুসাৰে আমল নকৰিব।
Yâsin 36:8
এইক্ষেত্ৰত ইহঁতৰ উদাহৰণ হৈছে সেইসকল লোকৰ দৰে, যিসকলৰ ডিঙিত গলাবান্ধ লগোৱা আছে, আৰু ডিঙিৰ সৈতে সিহঁতৰ হাত দুখন থুঁতৰিলৈকে বান্ধি থোৱা আছে। যাৰ ফলত সিহঁতৰ মূৰ আকাশমোৱা হৈ থাকিবলৈ বাধ্য, তলমোৱা কৰিবলৈ সক্ষম নহয়। ঠিক সেইদৰে এইসকল লোকক আল্লাহৰ ঈমানৰ সৈতে বান্ধি থোৱা হৈছে। গতিকে সেইকাৰণে ইহঁতে আনুগত্য কৰিব পৰা নাই তথা নিজৰ মূৰ তলমোৱা (নত স্বীকাৰ) কৰিব পৰা নাই।
Yâsin 36:9
আমি সিহঁতক সত্যৰ পৰা ৰোধ কৰিবলৈ সিহঁতৰ আগফালে আৰু পিছফালে প্ৰতিৰোধক নিৰ্মাণ কৰিছোঁ। লগতে আমি সিহঁতক সত্যৰ পৰা ৰোধ কৰিবলৈ সিহঁতৰ চকুত ৰাখি দিছোঁ আৱৰণ। গতিকে সিহঁতে সত্যৰ দ্বাৰা উপকৃত হোৱাৰ নিমিত্তে দেখিব নোৱাৰে। সিহঁতৰ এই অৱস্থা তেতিয়া উৎপন্ন হৈছে, যেতিয়া সিহঁতৰ স্বৈৰাচাৰী স্বভাৱ প্ৰকাশ পাইছে তথা কুফৰীৰ ওপৰত অটল থকাৰ জিদ প্ৰকাশ পাইছে।
Yâsin 36:10
হে মুহাম্মদ! আপুনি এই স্বৈৰাচাৰী কাফিৰসকলক সাৱধান কৰক বা নকৰক সিহঁতৰ বাবে দুয়োটাই সমান। কাৰণ আপুনি আল্লাহৰ ফালৰ পৰা যি লৈ আহিছে, সিহঁতে সেইটোক কেতিয়াও বিশ্বাস নকৰিব।
Yâsin 36:11
আপোনাৰ সাৱধান বাণীৰ পৰা প্ৰকৃততে সেইসকল লোকেই উপকৃত হয়, যিসকলে এই কোৰআনক সত্য বুলি মানিছে আৰু ইয়াৰ শিক্ষা অনুযায়ী আমল কৰে। তথা নিৰ্জনত আল্লাহক ভয় কৰে, যেতিয়া তাক কোনেও দেখা নাপায়। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলক আপুনি সুসংবাদ দিয়ক যে, আল্লাহে সিহঁতৰ গুনাহসমূহ মচি দিব আৰু সিহঁতক ক্ষমা কৰিব। লগতে আখিৰাতত তেওঁলোকৰ প্ৰতীক্ষাত আছে মহাপ্ৰতিদান। অৰ্থাৎ তেওঁলোকে জান্নাতত প্ৰৱেশ কৰাৰ সৌভাগ্য লাভ কৰিব।
Yâsin 36:12
কিয়ামতৰ দিনা নিশ্চিতভাৱে আমি মৃত ব্যক্তিসকলক হিচাপ-নিকাচৰ বাবে জীৱিত কৰি তুলিম। পৃথিৱীত সিহঁতে ভাল-বেয়া যি কৰ্মই কৰে সেইটোক আমি লিখি ৰাখোঁ। এইদৰে আমি সিহঁতৰ সেই নিদৰ্শনবোৰো লিখি ৰাখোঁ, যিবোৰ মৃত্যুৰ পিছতো অব্যাহত থাকে। নেক কৰ্ম হওক যেনেঃ চাদক্বাহ জাৰিয়া অথবা বেয়া কৰ্ম যেনেঃ কুফৰ-শ্বিৰ্ক আদি। প্ৰতিটো বিষয় আমি স্পষ্ট গ্ৰন্থত গণনা কৰি ৰাখিছোঁ, অৰ্থাৎ লওহে মাহফুজত।
Yâsin 36:13
হে ৰাছুল! আপুনি এই স্বৈৰাচাৰী অস্বীকাৰকাৰীসকলক এটা উদাহৰণ দিয়ক, যাতে সিহঁতে এটা শিক্ষা লব পাৰে। সেয়া হৈছে এখন জনবসতিৰ ঘটনা, যেতিয়া সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুল আগমন কৰিছিল।
Yâsin 36:14
প্ৰথমে আমি সিহঁতৰ ওচৰলৈ দুজন ৰাছুল প্ৰেৰণ কৰিছিলোঁ, যাতে তেওঁলোকে সিহঁতক আল্লাহৰ তাওহীদ আৰু তেওঁৰ ইবাদতৰ পিনে আহ্বান কৰে। কিন্তু যেতিয়া সিহঁতে সেই ৰাছুল দুজনক অস্বীকাৰ কৰিলে, তেতিয়া আমি তৃতীয়জন ৰাছুল প্ৰেৰণ কৰি সেই ৰাছুল দুজনক শক্তি প্ৰদান কৰিলোঁ। তিনিওজন ৰাছুলে গাওঁবাসীক উদ্দেশ্যি ক’লেঃ নিঃসন্দেহে আমি তিনিওজন তোমালোকৰ পিনে ৰাছুল হিচাপে প্ৰেৰিত হৈছোঁ। যাতে আমি তোমালোকক আল্লাহৰ তাওহীদৰ পিনে আৰু তেওঁৰ চৰীয়ত মুতাবিক আমল কৰিবলৈ আহ্বান কৰিব পাৰোঁ।
Yâsin 36:15
গাওঁবাসীয়ে ৰাছুলসকলক ক’লেঃ তোমালোকে দেখোন আমাৰ দৰেই মানৱ। আমাৰ ওপৰত তোমালোকৰ কোনো বিশেষত্ব নাই। তথা ৰহমানেও তোমালোকৰ ওপৰত কোনো অহী প্ৰেৰণ কৰা নাই। তোমালোকে এই দাবীৰ জৰিয়তে কেৱল আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি আছা।
Yâsin 36:16
তিনিওজন ৰাছুলে গাওঁবাসীয়ে কৰা অস্বীকাৰৰ প্ৰত্যুত্তৰ দি ক’লেঃ হে গাওঁবাসী! আমাৰ প্ৰতিপালকে ভালকৈয়ে জানে যে, আমি তেওঁৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰিত। প্ৰমাণ হিচাপে এইটোৱে আমাৰ বাবে যথেষ্ট।
Yâsin 36:17
তেওঁ আমাক যিটো বাৰ্তা তোমালোকৰ ওচৰলৈ পৌঁচাই দিয়াৰ দায়িত্ব অৰ্পন কৰিছে, সেইটো সুচাৰুৰূপে পালন কৰাটোৱে হৈছে আমাৰ মৌলিক দায়িত্ব। তোমালোকক হিদায়ত প্ৰদান কৰাটো আমাৰ কৰ্তব্য নহয়।
Yâsin 36:18
গাওঁবাসীয়ে ৰাছুলসকলক ক’লেঃ আমি তোমালোকক অমঙ্গল বুলি ভাৱোঁ। যদি তোমালোকে আমাক তাওহীদৰ পিনে আহ্বান কৰাৰ পৰা বিৰত নাথাকা তেন্তে আমি তোমালোকক শিল দলিয়াই মৃত্যুদণ্ড বিহিম। তথা আমাৰ ফালৰ পৰা তোমালোকে কষ্টদায়ক শাস্তি ভোগ কৰিবা।
Yâsin 36:19
ৰাছুলসকলে সিহঁতক প্ৰত্যুত্তৰ দি ক’লেঃ তোমালোকৰ এই অমঙ্গল তোমালোকৰ বাবে অনিবাৰ্য, কাৰণ তোমালোকে আল্লাহৰ লগত কুফৰী কৰিছা আৰু তেওঁৰ ৰাছুলসকলৰ অনুসৰণ পৰিত্যাগ কৰিছা। আমি তোমালোকক আল্লাহৰ স্মৰণ কৰাই আছোঁ, ইয়াক তোমালোকে অমঙ্গল বুলি ভাবা নেকি? বৰং তোমালোকে পাপকৰ্ম আৰু কুফৰীত লিপ্ত হৈ সীমালঙ্ঘনহে কৰিছা।
Yâsin 36:20
এলেকাবাসীয়ে ৰাছুলসকলক অস্বীকাৰ কৰি তেওঁলোকক হত্যা আৰু নিৰ্যাতনৰ ভয় ভাবুকি প্ৰদান কৰা বিষয়ত এলেকাৰ দূৰণিৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তিয়ে ভীত-সন্ত্ৰস্ত অৱস্থাত ততাতৈয়াকৈ আহি ক’লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! ৰাছুলসকলে যি বাৰ্তালৈ আহিছে তোমালোকে সেইটোৰ অনুসৰণ কৰা।
Yâsin 36:21
হে মোৰ সম্প্ৰদায়ৰ লোকসকল! তেওঁলোকৰ কথা মানি লোৱা, যিসকলে তোমালোকক বাৰ্তা পৌঁচাই দিয়াৰ বিনিময়ত পাৰিশ্ৰমিক নিবিচাৰে, লগতে আল্লাহৰ অহী পৌঁচাই দিয়াৰ ক্ষেত্ৰত তেওঁলোক হৈছে হিদায়তপ্ৰাপ্ত। এনেকুৱা লোকৰ অনুসৰণ নকৰিলে, তোমালোকে কাৰ অনুসৰণ কৰিবা?
Yâsin 36:22
সেই শুভাকাংক্ষী ব্যক্তিজনে ক’লেঃ সেই আল্লাহৰ ইবাদতৰ পৰা মোক কিহে বাধা দিব, যিয়ে মোক সৃষ্টি কৰিছে? এতেকে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ ইবাদতৰ পৰা কিহে বাধা দিয়ে, যি সত্তাই তোমালোকক সৃষ্টি কৰিছে? অথচ প্ৰতিদানৰ বাবে পুনৰুত্থিত হৈ একমাত্ৰ তেওঁৰ ওচৰতেই উভতি যাব লাগিব।
Yâsin 36:23
মই সেই আল্লাহক এৰি অসত্য উপাস্যবোৰক গ্ৰহণ কৰিম নেকি, যিয়ে মোক সৃষ্টি কৰিছে? শুনা! ৰহমানে মোক ক্ষতি কৰিব বিচাৰিলে, এই উপাস্যবোৰৰ মধ্যস্ততাই মোক একো উপকাৰ কৰিব নোৱাৰে। মোক উপকাৰ কৰাৰো এইবোৰৰ অধিকাৰ নাই আৰু অপকাৰ কৰাৰো ক্ষমতা নাই। যদি মই কুফৰী অৱস্থাত মৃত্যুবৰণ কৰোঁ, তথা আল্লাহে যদি মোক শাস্তি বিহে, সেই শাস্তিৰ পৰাও এইবোৰে মোক ৰক্ষা কৰিব নোৱাৰে।
Yâsin 36:24
আল্লাহৰ বাহিৰে এইবোৰক যদি মই উপাস্য বুলি মানি লওঁ, তেন্তে এইটো হ’ব মোৰ বাবে প্ৰকাশ্য ভুল। কাৰণ এনে কৰিলে অনুপযুক্ত সত্তাক উপাসনা কৰা হ’ব। আৰু উপযুক্ত সত্তাৰ ইবাদত ত্যাগ কৰা বুজাব।
Yâsin 36:25
“হে মোৰ জাতিৰ লোকসকল! নিশ্চয় মই মোৰ আৰু তোমালোকৰ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰিছোঁ। গতিকে তোমালোকে মোৰ কথা মনোযোগ সহকাৰে শুনা। তোমালোকে মোক হত্যা কৰাৰ যি ভাবুকি প্ৰদান কৰি আছা, সেইটোক মই অকণো ভ্ৰূক্ষেপ নকৰোঁ”। তথাপিও তেওঁৰ সম্প্ৰদায়ে তেওঁক হত্যা কৰিলে। ফলত আল্লাহে তেওঁক জান্নাতত প্ৰৱেশ কৰালে।
Yâsin 36:26
তেওঁ শ্বহীদ হোৱাৰ পিছত তেওঁক সন্মান প্ৰদান কৰি কোৱা হৈছেঃ “জান্নাতত প্ৰৱেশ কৰক”। এতেকে তেওঁ যেতিয়া প্ৰৱেশ কৰিলে আৰু জান্নাতৰ নিয়ামতসমূহ দেখা পালে তেতিয়া আশা ব্যক্ত কৰি ক’লেঃ আফচোচ! মোৰ জাতিৰ যিসকল লোকে মোক অস্বীকাৰ কৰিলে আৰু মোক হত্যা কৰিলে সিহঁতে যদি এই বিষয়ে গম পালেহেঁতেন যে, আল্লাহে মোৰ গুনাহসমূহ ক্ষমা কৰি দিছে আৰু মোক বিভিন্ন প্ৰকাৰৰ সন্মানেৰে বিভূষিত কৰিছে। যাতে তেওঁলোকেও মোৰ দৰে ঈমান আনিব পাৰে তথা মোৰ দৰে প্ৰতিদান লাভ কৰিব পাৰে।
Yâsin 36:27
তেওঁ শ্বহীদ হোৱাৰ পিছত তেওঁক সন্মান প্ৰদান কৰি কোৱা হৈছেঃ “জান্নাতত প্ৰৱেশ কৰক”। এতেকে তেওঁ যেতিয়া প্ৰৱেশ কৰিলে আৰু জান্নাতৰ নিয়ামতসমূহ দেখা পালে তেতিয়া আশা ব্যক্ত কৰি ক’লেঃ আফচোচ! মোৰ জাতিৰ যিসকল লোকে মোক অস্বীকাৰ কৰিলে আৰু মোক হত্যা কৰিলে সিহঁতে যদি এই বিষয়ে গম পালেহেঁতেন যে, আল্লাহে মোৰ গুনাহসমূহ ক্ষমা কৰি দিছে আৰু মোক বিভিন্ন প্ৰকাৰৰ সন্মানেৰে বিভূষিত কৰিছে। যাতে তেওঁলোকেও মোৰ দৰে ঈমান আনিব পাৰে তথা মোৰ দৰে প্ৰতিদান লাভ কৰিব পাৰে।
Yâsin 36:28
তেওঁক অস্বীকাৰ কৰা তথা তেওঁক হত্যা কৰা সম্প্ৰদায়ক ধ্বংস কৰিবলৈ আকাশৰ পৰা ফিৰিস্তাৰ সেনা বাহিনী প্ৰেৰণ কৰাটো আমাৰ প্ৰয়োজন হোৱা নাছিল। সিহঁতক ধ্বংস কৰিবলৈ আমি ফিৰিস্তা অৱতীৰ্ণ কৰা নাছিলোঁ। সিহঁতৰ বিষয়টো ইয়াতকৈও সহজ আছিল। আমি এইটো নিৰ্ধাৰণ কৰি ৰাখিছিলোঁ যে, সিহঁতক আকাশৰ পৰা অহা বিকট শব্দই ধ্বংস কৰিব। শাস্তিৰ ফিৰিস্তা অৱতীৰ্ণ কৰি সিহঁতক শাস্তি দিয়া নহ’ব।
Yâsin 36:29
তেওঁৰ সম্প্ৰদায়ৰ ধ্বংসৰ বিৱৰণী আছিল কেৱল এইখিনি যে, আমি সিহঁতৰ ওপৰত প্ৰচণ্ড শব্দ প্ৰেৰণ কৰিছিলোঁ। ফলত তৎক্ষণাত সিহঁত উবুৰি খাই মাটিত বাগৰি পৰিছিল। সিহঁতৰ মাজৰ এজনো ৰক্ষা পোৱা নাছিল। সিহঁতৰ উদাহৰণ হৈছে সেই জুইৰ দৰে, যিটো দপদপাই জ্বলি আছিল কিন্তু হঠাৎ নুমাই গ’ল আৰু যাৰ কোনো প্ৰভাৱ বাকী নাই।
Yâsin 36:30
হায়! কিয়ামতৰ দিনা হ’বলগীয়া অস্বীকাৰকাৰী বান্দাসকলৰ অনুতাপ, অনুশোচনা! যেতিয়া সিহঁতে স্বচক্ষে শাস্তি প্ৰত্যক্ষ কৰিব। কাৰণ পৃথিৱীত আল্লাহৰ ফালৰ পৰা সিহঁতৰ ওচৰলৈ যেতিয়াই কোনো ৰাছুল আহিছিল তেতিয়াই সিহঁতে তেওঁক ঠাট্টা কৰিছিল তথা উপহাস কৰিছিল। গতিকে কিয়ামতৰ দিনা সিহঁতৰ পৰিণাম হ’ব অনুতাপ, অনুশোচনা আৰু গ্লানি। কিয়নো সিহঁতে আল্লাহ সম্পৰ্কেও অৱহেলা কৰিছিল।
Yâsin 36:31
এই অস্বীকাৰকাৰী তথা উপহাসকাৰী লোকসকলে সিহঁতৰ পূৰ্বৱৰ্তী লোকসকলৰ মাজত কোনো শিক্ষণীয় বিষয় বিচাৰি নাপায় নেকি, কিয়নো নিশ্চিতভাৱে সিহঁতে মৃত্যুবৰণ কৰিছে আৰু কেতিয়াও পৃথিৱীলৈ উভতি আহিব নোৱাৰিব। বৰং সিহঁতে সেই কৰ্মৰ পৰিণামত গৈ উপনীত হৈছে, যিবোৰ সিহঁতে পৃথিৱীত কৰিছে। লগতে আল্লাহেই সিহঁতক ইয়াৰ প্ৰতিদান দিব।
Yâsin 36:32
প্ৰত্যেক উম্মতকেই কিয়ামতৰ দিনা পুনৰুত্থিত কৰাৰ পাছত আমাৰ ওচৰলৈ উপস্থিত কৰা হ'ব, কাৰণ আমিয়েই সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান প্ৰদান কৰিম।
Yâsin 36:33
আখিৰাতৰ জীৱন সত্য, ইয়াক অস্বীকাৰ কৰা লোকসকলৰ বাবে এই মৃত শুকান ভূমি হৈছে এটা প্ৰমাণ, য’ত আমি বৰষুণৰ পানী অৱতীৰ্ণ কৰি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ, লগতে বিভিন্ন প্ৰকাৰৰ শস্য উৎপাদন কৰোঁ যিবোৰ মানুহে ভক্ষণ কৰে। এতেকে যি সত্তাই বৰষুণৰ পানী অৱতীৰ্ণ কৰি শুকান ভূমিক জীৱিত কৰে তথা উদ্ভিদ আদি উৎপন্ন কৰে, তেওঁ নিশ্চয় মৃত ব্যক্তিক জীৱিত কৰিবলৈ তথা পুনৰুত্থান কৰিবলৈ সক্ষম।
Yâsin 36:34
বৰষুণৰ পানী অৱতীৰ্ণ কৰা এই ভূমিত আমি উৎপন্ন কৰিছোঁ খেজুৰ আৰু আঙুৰ আদিৰ বাগান। লগতে ইয়াত অহৰহ পানী যোগানৰ বাবে আমি নিজৰা প্ৰবাহিত কৰিছোঁ।
Yâsin 36:35
যাতে মানুহে সেই বাগানবোৰৰ ফল ভক্ষণ কৰিব পাৰে, যিবোৰ আল্লাহে সিহঁতক নিয়ামতস্বৰূপে প্ৰদান কৰিছে। সিহঁতৰ প্ৰয়াসত এইবোৰে অস্তিত্ব লাভ কৰা নাই। এতেকে সিহঁতে ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰি আৰু একমাত্ৰ আল্লাহৰ ইবাদত কৰি তেওঁৰ নিয়ামতসমূহৰ কৃতজ্ঞতা জ্ঞাপন কৰিবনে?!
Yâsin 36:36
আল্লাহ পৱিত্ৰ তথা মহান, তেৱেঁই বিভিন্ন প্ৰকাৰৰ উদ্ভিদ তথা গছ-গছনি সৃষ্টি কৰিছে। লগতে মানুহৰ মাজতো তেৱেঁই নৰ-নাৰী সৃষ্টি কৰিছে। জল আৰু স্থলত তেওঁ এনেকুৱা অসংখ্য জীৱ সৃষ্টি কৰিছে, যিবোৰৰ বিষয়ে মানুহে গমেই নাপায়।
Yâsin 36:37
মানুহৰ বাবে আল্লাহৰ তাওহীদৰ এইটোও এটা প্ৰমাণ যে, দিনৰ প্ৰস্থান আৰু ৰাতিৰ আগমণৰ সময়ত আমি যেতিয়া ৰাতিৰ পৰা দিনক টানি নিওঁ, তেতিয়া আমিয়েই পোহৰ গুচাই অন্ধকাৰ লৈ আহোঁ, তেতিয়া হঠাৎ মানুহে ৰাতিৰ অন্ধকাৰত প্ৰৱেশ কৰে।
Yâsin 36:38
সিহঁতৰ বাবে আল্লাহৰ তাওহীদৰ আৰু এটা প্ৰমাণ হৈছে সূৰ্য্য, যিটো নিৰ্ধাৰিত সময়লৈকে গতি কৰি আছে, ইয়াৰ সঠিক ম্যাদ সম্পৰ্কে একমাত্ৰ আল্লাহেই অৱগত। সূৰ্য্যই কেতিয়াও নিজৰ নিৰ্ধাৰিত সময় অতিক্ৰম কৰিব নোৱাৰিব। এই নিৰ্ধাৰণ হৈছে মহাপৰাক্ৰমশালী আল্লাহৰ নিৰ্ধাৰণ, যাক কোনেও বিৱশ কৰিব নোৱাৰে। তেৱেঁই সৰ্বজ্ঞ, সৃষ্টি সম্পৰ্কে কোনো কথাই তেওঁৰ পৰা গোপন নহয়।
Yâsin 36:39
চন্দ্ৰও হৈছে সিহঁতৰ বাবে আল্লাহৰ তাওহীদৰ এটা প্ৰমাণ, আমিয়েই নিৰ্ধাৰণ কৰিছোঁ চন্দ্ৰৰ বাবে প্ৰত্যেক ৰাতিত একো একোটা মঞ্জিল। আৰম্ভণিত সৰু থাকে আৰু তাৰ পিছত ডাঙৰ হয়। আকৌ ক্ৰমান্বয়ে সৰু হৈ থাকে। অৱশেষত খেজুৰ গছৰ শুকান তথা পূৰণি ঠানিৰ নিচিনা মিহি হৈ পৰে।
Yâsin 36:40
সূৰ্য্য, চন্দ্ৰ, ৰাতি আৰু দিনৰ নিদৰ্শনবোৰ আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰিত। ইয়াৰ মাজৰ এটায়েও নিজৰ নিৰ্ধাৰিত সীমা অতিক্ৰম কৰিব নোৱাৰে। সূৰ্য্যই কেতিয়াও নিজৰ গতিপথ সলাই চন্দ্ৰক ধৰিব নোৱাৰে, অথবা চন্দ্ৰৰ দৰে জ্যোতিহীন হোৱাটোও তাৰ বাবে সম্ভৱ নহয়। এইদৰে ৰাতিয়েও দিনক অতিক্ৰম কৰা সম্ভৱ নহয়, অৰ্থাৎ দিনৰ নিৰ্ধাৰিত সময় অতিক্ৰম হোৱাৰ পূৰ্বেই ৰাতিৰ আগমণ সম্ভৱ নহয়। এই সকলোবোৰ সৃষ্টি হৈছে আল্লাহৰ নিয়ন্ত্ৰণাধীন। ইয়াৰ বাহিৰে আন আন গ্ৰহ নক্ষত্ৰবোৰৰো আছে নিজা নিজা গতিপথ। আল্লাহেই সেইবোৰ নিৰ্ধাৰণ কৰিছে আৰু তেৱেঁই সেইবোৰক সুৰক্ষা প্ৰদান কৰে।
Yâsin 36:41
এইদৰে আল্লাহৰ তাওহীদৰ আৰু বান্দাসকলৰ প্ৰতি কৰা তেওঁৰ নিয়ামতসমূহৰ এটা প্ৰমাণ হৈছে এই যে, নূহৰ যুগত সংঘটিত হোৱা মহা প্লাৱনৰ পৰা তেৱেঁই আদম সন্তানক আল্লাহৰ সৃষ্টিৰে ভৰা নাঁৱত আৰোহণ কৰাইছিল। কিয়নো আল্লাহে সেই নাঁৱত প্ৰত্যেক সৃষ্টিৰেই এযোৰ এযোৰকৈ উঠাবলৈ নিৰ্দেশ দিছিল।
Yâsin 36:42
সিহঁতৰ বাবে আল্লাহৰ তাওহীদৰ আৰু বান্দাসকলৰ প্ৰতি কৰা তেওঁৰ নিয়ামতসমূহৰ এইটোও এটা প্ৰমাণ যে, আমি সিহঁতৰ বাবে নূহ আলাইহিচ্ছালামৰ নাঁৱৰ দৰে অন্যান্য পৰিবহণো বনাইছোঁ।
Yâsin 36:43
আমি সিহঁতক ডুবাই মাৰিব বিচাৰিলে নিশ্চয় মাৰিব পাৰিলোহেঁতেন। যদি আমি সিহঁতক ডুবাই মৰাৰ সিদ্ধান্ত ল’লোহেঁতেন তেন্তে সিহঁতৰ কাকুতি মিনতি তথা সহায় প্ৰাৰ্থনাত সঁহাৰি দিব পৰা কোনো নাথাকিলহেঁতেন। আনহাতে আমাৰ ফয়চালা অনুযায়ী সিহঁতে ডুবি যোৱাৰ সময়ত কোনো ত্ৰাণকৰ্তাকো বিচাৰি নাপালেহেঁতেন।
Yâsin 36:44
যদিও আমি সিহঁতৰ প্ৰতি কৃপা কৰি সিহঁতক ডুবি যোৱাৰ পৰা ৰক্ষা কৰিলোহেঁতেন আৰু সিহঁতক এটা নিৰ্ধাৰিত সময়লৈকে উপভোগ কৰাৰ অৱকাশ প্ৰদান কৰিলোহেঁতেন, যিটো সময়ক সিহঁতে কেতিয়াও অতিক্ৰম কৰিব নোৱাৰিব। সম্ভৱতঃ সিহঁতে শিক্ষা গ্ৰহণ কৰিব আৰু ঈমান পোষণ কৰিব।
Yâsin 36:45
ঈমানৰ পৰা বিমুখ হোৱা এই মুশ্বৰিকসকলক যেতিয়া কোৱা হয় যে, আখিৰাত আৰু ইয়াৰ কঠিন পৰিস্থিতি সম্পৰ্কে ভয় কৰা, লগতে পিছফালে এৰি থৈ যোৱা পৃথিৱী সম্পৰ্কেও সতৰ্ক হোৱা, যাতে আল্লাহে অনুগ্ৰহক্ৰমে তোমালোকৰ প্ৰতি দয়া কৰে। এই কথাষাৰকো সিহঁতে নামানে। বৰং ইয়াক ভ্ৰূক্ষেপ নকৰি ইয়াৰ পৰা আঁতৰি থাকে।
Yâsin 36:46
এই স্বৈৰাচাৰী মুশ্বৰিকসকলৰ ওচৰত যেতিয়াই আল্লাহৰ এনেকুৱা কোনো আয়াত অৱতীৰ্ণ হৈছিল, যি আয়াতবোৰে তেওঁৰ তাওহীদ আৰু তেওঁ এককভাৱে ইবাদতৰ যোগ্য হোৱা বিষয়টো প্ৰমাণ কৰে, তেতিয়াই সিহঁতে সেই আয়াতবোৰৰ দ্বাৰা শিক্ষা গ্ৰহণ নকৰাকৈ বিমুখ হৈ আঁতৰি যায়।
Yâsin 36:47
শত্ৰুতা পোষণ কৰা এই লোকসকলক যেতিয়া কোৱা হয় যে, আল্লাহে তোমালোকক যি ধন-সম্পদ দান কৰিছে, সেইবোৰৰ দ্বাৰা দুখীয়া-দৰিদ্ৰসকলক সহায় কৰা। তেতিয়া সিহঁতে মুমিনসকলক উত্তৰ দি কয়ঃ আমি সিহঁতক কিয় খোৱাম, যিসকলক আল্লাহে ইচ্ছা কৰিলে নিশ্চয় খোৱাব পাৰে? আনহাতে আমিতো তেওঁৰ ইচ্ছাৰ বিপৰীত কোনো কাম কৰা নাই। হে মুমিনসকল! প্ৰকৃতপক্ষে তোমালোকেই স্পষ্ট বিভ্ৰান্তিত পতিত হৈ আছা।
Yâsin 36:48
পুনৰুত্থানক অস্বীকাৰ কৰা কাফিৰসকলে ইয়াক অস্বীকাৰ কৰি তথা ইয়াক অসম্ভৱ বুলি আখ্যায়িত কৰি কয়ঃ হে মুমিনসকল! যদি তোমালোকে সঁচাই নিজৰ দাবীত সত্যবাদী তেন্তে কোৱাচোন, সেইটো কেতিয়া সংঘটিত হ’ব?!
Yâsin 36:49
পুনৰুত্থানক অস্বীকাৰ কৰা তথা ইয়াক অসম্ভৱ বুলি ধাৰণা কৰা লোকসকলে কেৱল শিঙাত প্ৰথমবাৰ ফুঁ দিয়াৰ অপেক্ষা কৰি আছে। শিঙাত ফুঁ দিয়াৰ লগে লগে প্ৰচণ্ড বিকট শব্দই সিহঁতক গ্ৰাস কৰিব, অথচ তেতিয়া সিহঁতে সাংসাৰিক কামত ব্যস্ত থাকিব। কিছুমানে ক্ৰয়-বিক্ৰয়ত ব্যস্ত থাকিব, কিছুমানে খেতি-বাতিত ব্যস্ত থাকিব তথা আন কিছুমানে পশু পালনত ব্যস্ত থাকিব।
Yâsin 36:50
হঠাৎ যেতিয়া এই বিকট শব্দই সিহঁতক আৱৰি ধৰিব, তেতিয়া সিহঁতে ইজনে সিজনক অছিয়তো কৰিব নোৱাৰিব আৰু ঘৰ তথা পৰিয়ালৰ ওচৰলৈও উভতি যাব নোৱাৰিব। বৰং সিহঁত এই ব্যস্ত থকা অৱস্থাতেই মৃত্যুবৰণ কৰিব।
Yâsin 36:51
দ্বিতীয়বাৰ শিঙাত ফুঁ দিয়া হ’ব পুনৰজীৱনৰ বাবে। তেতিয়া সিহঁত হঠাৎ কবৰৰ পৰা ওলাই হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে নিজ প্ৰতিপালকৰ ওচৰলৈ লৰ মাৰিব।
Yâsin 36:52
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা কাফিৰসকলে লজ্জিত হৈ ক’বঃ হায় আফচোচ! আমাক আমাৰ কবৰৰ পৰা কোনে জীৱিত কৰিলে? তেতিয়া সিহঁতক সিহঁতৰ প্ৰশ্নৰ উত্তৰ দিয়া হ’ব, এইটোৱে সেই প্ৰতিশ্ৰুতি যিটো আল্লাহে কৰিছিল; যিটো কাৰ্যকৰী হোৱাটো নিশ্চিত আছিল। এই ক্ষেত্ৰত ৰাছুলসকলে প্ৰতিপালকৰ তৰফৰ পৰা যি বাৰ্তা লৈ আহিছিল, সেইবোৰ পৰিপূৰ্ণৰূপে সত্য আছিল।
Yâsin 36:53
শিঙাত দ্বিতীয়বাৰ ফুঁ দিয়াৰ পিছতেই কবৰৰ পৰা পুনৰ্জীৱিত হোৱাৰ ঘটনা সংঘটিত হ’ব। তাৰ পিছত চাওঁতে চাওঁতে সকলো মখলুক কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে আমাৰ সন্মুখত উপস্থিত হ’ব।
Yâsin 36:54
সেইদিনা ন্যায় সহকাৰে ফয়চালা কৰা হ’ব। হে বান্দাসকল! সেইদিনা কাৰো গুনাহ বৃদ্ধি কৰি তথা কাৰোবাৰ নেকী হ্ৰাস কৰি কোনো ধৰণৰ অন্যায় কৰা নহ’ব। বৰং তোমালোকক পৰিপূৰ্ণৰূপে তাৰেই প্ৰতিদান দিয়া হ’ব, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা।
Yâsin 36:55
কিয়ামতৰ দিনা জান্নাতৰ অধিবাসীসকলে আনৰ বিষয়ে চিন্তা কৰাৰ সময়েই নাপাব। কিয়নো তেওঁলোকে চিৰস্থায়ী নিয়ামত আৰু মহাসফলতা প্ৰত্যেক্ষ কৰিব। তেওঁলোকে আনন্দিত হৈ জান্নাতৰ নিয়ামতসমূহ উপভোগ কৰিব।
Yâsin 36:56
তেওঁলোকে আৰু তেওঁলোকৰ স্ত্ৰীসকল জান্নাতৰ ঘন ছাঁৰ তলত সুসজ্জিত আসনত বহি আনন্দ উপভোগ কৰিব।
Yâsin 36:57
তেওঁলোকৰ বাবে জান্নাতত থাকিব বিভিন্ন প্ৰকাৰৰ উত্তম ফলমূল। যেনেঃ আঙুৰ, ডিমৰু আৰু ডালিম আদি। তাত তেওঁলোকে বিচৰা সকলো প্ৰকাৰৰ ভোগ সামগ্ৰী আৰু বিভিন্ন প্ৰকাৰৰ নিয়ামত উপলব্ধ পাব। তেওঁলোকে তাত যিটোৱে বিচাৰিব সেইটোৱেই উপলব্ধ পাব।
Yâsin 36:58
এইবোৰ নিয়ামতৰ ওপৰত থাকিব ছালাম, যিটো তেওঁলোকে অৰ্জন কৰিব। এইটো প্ৰতিপালকৰ তৰফৰ পৰা উপস্থাপিত হ'ব, যিজন তেওঁলোকৰ প্ৰতি অতি দয়ালু। এতেকে যেতিয়া তেওঁলোকে ছালাম লাভ কৰিব, তেতিয়াৰ পৰা তেওঁলোক সকলো ফালৰ পৰা সুৰক্ষিত তথা নিৰাপদ থাকিব। তেওঁলোকে এনেকুৱা ছালাম লাভ কৰিব, যাৰ ওপৰত আন কোনো অভিবাদন নাই।
Yâsin 36:59
কিয়ামতৰ দিনা মুশ্বৰিকসকলক কোৱা হ'ব, মুমিনসকলৰ পৰা পৃথক হৈ যোৱা। কাৰণ তোমালোকৰ সৈতে অৱস্থান কৰাটো তেওঁলোকৰ বাবে অনুচিত। কিয়নো তোমালোকৰ প্ৰতিদান তেওঁলোকৰ প্ৰতিদানতকৈ পৃথক, আনহাতে তোমালোকৰ বৈশিষ্ট্য তেওঁলোকৰ বৈশিষ্ট্যতকৈ ভিন্ন।
Yâsin 36:60
মই তোমালোকক মোৰ ৰাছুলসকলৰ দ্বাৰা আদেশ দিয়া নাছিলোনে তথা এই উপদেশ দিয়া নাছিলোনে যে, হে আদম সন্তান! বিভিন্ন প্ৰকাৰৰ কুফৰী আৰু গুনাহৰ কৰ্মত লিপ্ত হৈ তোমালোকে চয়তানৰ অনুসৰণ নকৰিবা। নিশ্চয় চয়তান হৈছে তোমালোকৰ প্ৰকাশ্য শত্ৰু। তেনেক্ষেত্ৰত এজন বিবেকৱান ব্যক্তিয়ে কেনেকৈ নিজৰ প্ৰকাশ্য শত্ৰুৰ অনুসৰণ কৰিব, যাৰ শত্ৰুতা সম্পৰ্কে সি অৱগত!
Yâsin 36:61
হে আদম সন্তান! মই তোমালোকক আদেশ দিছিলোঁ যে, তোমালোকে একমাত্ৰ মোৰেই ইবাদত কৰা আৰু মোৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা। কিয়নো মোৰ ইবাদত আৰু মোৰ আনুগত্যই হৈছে একমাত্ৰ সঠিক পথ। যি পথে মোৰ সন্তুষ্টি লাভ আৰু জান্নাতত প্ৰৱেশ কৰাৰ বাট সুগম কৰি দিয়ে। কিন্তু তোমালোকে মোৰ আদেশ আৰু মোৰ উপদেশ পালন কৰা নাছিলা।
Yâsin 36:62
চয়তানে তোমালোকৰ মাজৰ বহুতকে পথভ্ৰষ্ট কৰিছে। তোমালোকৰ বিবেক নাছিল নেকি, যিটোৱে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ আনুগত্য কৰিবলৈ তথা একমাত্ৰ তেওঁৰেই ইবাদত কৰিবলৈ আদেশ দিলেহেঁতেন! তথা চয়তানৰ অনুসৰণৰ পৰা আঁতৰাই ৰাখিলেহেঁতেন, যিজন তোমালোকৰ প্ৰকাশ্য শত্ৰু?!
Yâsin 36:63
এইখনেই সেই জাহান্নাম, কুফৰীৰ প্ৰতিফলস্বৰূপে পৃথিৱীত তোমালোকক যিখনৰ বিষয়ে প্ৰতিশ্ৰুতি দিয়া হৈছিল। সেই সময়ত তোমালোকে ইয়াক দেখা পোৱা নাছিলা। কিন্তু আজি তোমালোকে ইয়াক স্বচক্ষে প্ৰত্যক্ষ কৰি আছা।
Yâsin 36:64
আজি ইয়াত প্ৰৱেশ কৰা, আৰু ইয়াৰ উত্তাপ ভোগ কৰা। কিয়নো পৃথিৱীত তোমালোকে আল্লাহক অস্বীকাৰ কৰিছিলা।
Yâsin 36:65
আজি আমি সিহঁতৰ মুখত মোহৰ মাৰি দিম, ফলত সিহঁত বোবা হৈ পৰিব। সিহঁতে কৰা কুফৰী আৰু গুনাহক অস্বীকাৰ কৰিব নোৱাৰিব। সিহঁতৰ হাতে আমাৰ লগত কথা ক’ব, পৃথিৱীত কি কি কাম কৰিছিল। সিহঁতৰ ভৰিয়েও সাক্ষ্য দিব, সিহঁতে কি কি গুনাহ কৰিবলৈ আগুৱাই গৈছিল।
Yâsin 36:66
আমি ইচ্ছা কৰিলে সিহঁতৰ দৃষ্টিশক্তি হৰণ কৰিব পাৰোঁ, তেতিয়া সিহঁতে একোৱেই দেখিবলৈ নাপাব। যেতিয়া সিহঁতে পুলচিৰাত পাৰ কৰিবলৈ দৌৰিব, যাতে পাৰ হৈ জান্নাত লাভ কৰিব পাৰে; তেতিয়া সিহঁতৰ বাবে সেইটো পাৰ কৰা অসম্ভৱ হ’ব। কিয়নো সিহঁতৰ দৃষ্টিশক্তি হৰণ হৈছে।
Yâsin 36:67
যদি আমি সিহঁতৰ আকৃতি বিকৃত কৰিব বিচাৰোঁ তথা সিহঁতক ভৰি কোঁচাই বহোৱাব বিচাৰোঁ তেন্তে নিশ্চয় সিহঁতৰ আকৃতি বিকৃত কৰিব পাৰিম আৰু সিহঁতক ভৰিৰ ওপৰত বহোৱাবও পাৰিম। তেতিয়া সিহঁতে নিজ স্থানৰ পৰা অলপো লৰচৰ কৰিব নোৱাৰিব। আগুৱাবও নোৱাৰিব, পিছৱাবও নোৱাৰিব।
Yâsin 36:68
যি ব্যক্তিৰ আয়ুস আমি বৃদ্ধি কৰি দিওঁ, তাক আমি দুৰ্বল অৱস্থালৈ ওভোতাই দিওঁ। সিহঁতে নিজৰ বিবেকেৰে চিন্তা কৰি নাচায় নেকি? তথা এই কথাষাৰকো সিহঁতে বুজি নাপায় নেকি যে, এইখন সিহঁতৰ চিৰস্থায়ী তথা স্থায়ী ঘৰ নহয়। বৰং চিৰস্থায়ী ঘৰ হৈছে আখাৰিতৰ ঘৰ।
Yâsin 36:69
আমি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক কবিতা শিকোৱা নাই, আৰু তেওঁৰ বাবে এয়া উচিতো নহয়। কিয়নো তেওঁৰ স্বভাৱে এইটো কেতিয়াও দাবী নকৰে। এতেকে কিহৰ ভিত্তিত তোমালোকৰ এই দাবী সঁচা হ’ব পাৰে যে, তেওঁ এজন কবি? আমি তেওঁক যি শিকাইছোঁ সেইখন হৈছে উপদেশবাণী, তথা চিন্তা-চৰ্চা কৰা লোকসকলৰ বাবে স্পষ্ট কোৰআন।
Yâsin 36:70
যাতে সেই ব্যক্তিক সতৰ্ক কৰিব পাৰে যাৰ অন্তৰ জীৱিত আৰু বিবেক আলোকিত। কিয়নো এনেকুৱা ব্যক্তিয়েই কোৰআনৰ দ্বাৰা উপকৃত হয়। আনহাতে কাফিৰ ব্যক্তিৰ ওপৰত শাস্তি অনিবাৰ্য হয়, কিয়নো সিহঁতৰ ওচৰত প্ৰমাণ অৱতীৰ্ণ কৰা হৈছে তথা দাৱাত পৌঁচাই দিয়া হৈছে। গতিকে সিহঁতৰ ফালৰ পৰা অজুহাত উপস্থাপন কৰাৰ কোনো অৱকাশ নাথাকিব।
Yâsin 36:71
সিহঁতে লক্ষ্য নকৰে নেকি যে, নিশ্চয় আমিয়েই সিহঁতৰ বাবে ঘৰচীয়া জন্তুবোৰ সৃষ্টি কৰিছোঁ। যিবোৰৰ স্বত্বাধিকাৰী তেওঁলোকৰেই হাতত। নিজৰ উপযোগিতা অনুসাৰে সেইবোৰক ব্যৱহাৰ কৰে।
Yâsin 36:72
আমি সেই জন্তুবোৰক সিহঁতৰ অধীনস্থ কৰি দিছোঁ আৰু সেইবোৰক সিহঁতৰ বশীভূত কৰিছোঁ তথা সিহঁতৰ আদেশ মতে চলিব পৰা বনাই দিছোঁ। এতেকে সিহঁতে সেইবোৰৰ কিছুমানক পৰিবহন হিচাপে ব্যৱহাৰ কৰে তথা সেইবোৰৰ পিঠিত বয়-বস্তু বহন কৰি লৈ যায়, আৰু কিছুমানৰ সিহঁতে মাংস ভক্ষণ কৰে।
Yâsin 36:73
সেইবোৰক পৰিবহন হিচাপে ব্যৱহাৰ কৰা আৰু সেইবোৰৰ মাংস ভক্ষণ কৰাৰ বাহিৰেও সিহঁতৰ বাবে সেইবোৰৰ মাজত আছে বহুতো উপকাৰ। যেনেঃ সেইবোৰৰ ঊণ, পচম, চুলি আৰু মূল্য আদি। সিহঁতে সেইবোৰৰ দ্বাৰা বিছনা আৰু পোছাক-পৰিচ্ছদ আদি তৈয়াৰ কৰে। সেইবোৰৰ মাজত সিহঁতৰ বাবে আছে পানীয় উপাদান, যেনে সিহঁতে সেইবোৰৰ গাখীৰ পান কৰে। তথাপিও সিহঁতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন নকৰিবনে, যিজনে সিহঁতক এইবোৰ নিয়ামত আৰু ইয়াৰ বাহিৰেও অন্যান্য বহুতো নিয়ামত প্ৰদান কৰিছে?!
Yâsin 36:74
মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে বহুতো উপাস্য গ্ৰহণ কৰিছে। সিহঁতে সেইবোৰৰ এই আশাত উপাসনা কৰে যে, সেইবোৰে সিহঁতক সহায় কৰিব আৰু আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব।
Yâsin 36:75
সিহঁতে গ্ৰহণ কৰা এই অসত্য উপাস্যবোৰে স্বয়ং নিজৰো উপকাৰ কৰিব নোৱাৰিব আৰু সিহঁতকো উপকাৰ কৰিব নোৱাৰিব যিসকলে সেইবোৰক আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। এতেকে সিহঁতে আৰু সিহঁতৰ মূৰ্ত্তিবোৰ আটায়ে জাহান্নামত উপস্থিত হ'ব আৰু প্ৰত্যেকে ইজনে সিজনৰ পৰা বিচ্ছেদ ঘোষণা কৰিব।
Yâsin 36:76
হে ৰাছুল! আপোনাক সিহঁতৰ এই কথাই যেন চিন্তিত নকৰে যে, আপুনি প্ৰেৰিত ৰাছুল নহয়, অথবা আপুনি এজন কবি, নাইবা এনেকুৱা সিহঁতৰ অন্যান্য অভিযোগবোৰে। সিহঁতে গোপন কৰা আৰু প্ৰকাশ কৰা সিহঁতৰ সকলো বিষয়ে নিশ্চয় আমি অৱগত। একোৱেই আমাৰ পৰা গোপন নহয়। শীঘ্ৰেই আমি সিহঁতক ইয়াৰ প্ৰতিদান দিম।
Yâsin 36:77
আখাৰিতৰ জীৱনক অস্বীকাৰ কৰা ব্যক্তিয়ে এই কথা চিন্তা নকৰে নেকি যে, আমি তাক বীৰ্যৰ দ্বাৰা সৃষ্টি কৰিছোঁ। কেইবাটাও পৰ্যায় পাৰ কৰাৰ পিছত সি ভূমিষ্ঠ হৈছে আৰু ডাঙৰ দীঘল হৈছে। অৱশেষত সি বিতণ্ডাকাৰী আৰু কলহপ্ৰিয় হৈ পৰিছে। সি এইবোৰ লক্ষ্য নকৰে নেকি, তেতিয়াহে সি আখিৰাতৰ পুনৰ্জীৱনৰ প্ৰমাণ বিচাৰি পাব।
Yâsin 36:78
অমনোযোগী তথা অজ্ঞ এই কাফিৰে গেলি-পচি যোৱা হাড়ৰ পৰা পুনৰ জীৱন সম্ভৱ নহয় বুলি ফিতাহি মাৰি কয়ঃ এইবোৰ হাড়ক কোনে জীৱন দান কৰিব? অথচ সি নিজৰ সৃষ্টি সম্পৰ্কেই পাহৰি গৈছে, এটা সময়ত সি একোৱেই নাছিল।
Yâsin 36:79
হে মুহাম্মদ! আপুনি সিহঁতক প্ৰত্যুত্তৰ দি কওক, এই গেলি পচি যোৱা হাড়বোৰক তেৱেঁই জীৱিত কৰিব, যিয়ে প্ৰথমবাৰ সৃষ্টি কৰিছিল। যিয়ে প্ৰথমবাৰ সৃষ্টি কৰিছে, তেওঁ পুনৰ জীৱিত কৰাত কেতিয়াও অপাৰগ নহয়। সেই পৱিত্ৰ সত্ত্বা, প্ৰত্যেক সৃষ্টি সম্পৰ্কে সৰ্বজ্ঞ। একোৱেই তেওঁৰ পৰা গোপন নহয়।
Yâsin 36:80
হে মানৱজাতি! যি সত্ত্বাই তোমালোকৰ বাবে সেউজীয়া সতেজ গছৰ পৰা জুই সৃষ্টি কৰে। যিবোৰক তোমালোকে জুই সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা আৰু জুই জ্বলোৱা। এতেকে যি সত্ত্বাই দুটা বিপৰীত ধৰ্মীয় বস্তুক একত্ৰিত কৰিব পাৰে (অৰ্থাৎ সেউজীয়া গছৰ পানীয়ৰ মাজত জুইৰ অস্তিত্ব ৰাখিব পাৰে) তেওঁ নিশ্চয় মৃত ব্যক্তিক জীৱিত কৰিবলৈ সক্ষম।
Yâsin 36:81
যি সত্ত্বাই বিশাল আকাশমণ্ডল, পৃথিৱী আৰু ইয়াৰ মাজত থকা বস্তুবোৰ সৃষ্টি কৰিছে, সেই সত্ত্বাই মৃত ব্যক্তিসকলক জীৱিত কৰিবলৈ সক্ষম নহয়নে? হয়, নিশ্চয় তেওঁ সক্ষম। তেৱেঁই মহাসৃষ্টিকৰ্তা, যিয়ে সকলো মখলুককে সৃষ্টি কৰিছে। তেৱেঁই সৰ্বজ্ঞ। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।
Yâsin 36:82
আল্লাহৰ ক্ষমতা এনেকুৱা যে, তেওঁ যেতিয়া কোনো বস্তু সৃষ্টি কৰিবলৈ ইচ্ছা কৰে, তেতিয়া সেই বিষয়ে তেওঁ কেৱল কয় হ, তৎক্ষণাত সেইটো অস্তিত্ব লাভ কৰে। জীৱন দান কৰা, মৃত্যু প্ৰদান কৰা আৰু আখিৰাতৰ পুনৰ্জীৱনৰ আদি বিষয়ও তেওঁৰ এই ইচ্ছাৰেই অন্তৰ্ভুক্ত।
Yâsin 36:83
আল্লাহ সকলো প্ৰকাৰৰ অপাৰগতাৰ পৰা পৱিত্ৰ, যিবোৰ মুশ্বৰিকসকলে তেওঁৰ সৈতে সম্পৃক্ত কৰে। সকলো বস্তুৰ কৰ্তৃত্ব তেওঁৰ হাতত। তেওঁ যিদৰে ইচ্ছা সেইদৰেই নিয়ন্ত্ৰণ কৰে। সকলো বস্তুৰ চাবি-কাঠি একমাত্ৰ তেওঁৰেই হাতত। আখিৰাতত একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্তন কৰিবা। য’ত তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিয়া হ’ব।
Saffat 37:1
আল্লাহে সেইসকল ফিৰিস্তাৰ শপত খাইছে, যিসকলে ইবাদতৰ সময়ত গলিত সীহেৰে নিৰ্মিত প্ৰাচীৰৰ দৰে শাৰীবদ্ধভাৱে থিয় হয়।
Saffat 37:2
লগতে আল্লাহে সেইসকল ফিৰিস্তাৰ শপত খাইছে, যিসকলে মেঘপুঞ্জক খেদি লৈ যায় সেই স্থানলৈ, য’ত আল্লাহে পানী বৰ্ষণ কৰিব বিচাৰে।
Saffat 37:3
তথা সেইসকল ফিৰিস্তাৰো শপত খাইছে, যিসকলে আল্লাহৰ বাণী তিলাৱত কৰে।
Saffat 37:4
হে মানৱজাতি! নিশ্চয় তোমালোকৰ সত্য উপাস্য কেৱল এজনেই। তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁ হৈছে আল্লাহ।
Saffat 37:5
তেৱেঁই আকাশমণ্ডলৰ প্ৰতিপালক আৰু পৃথিৱীৰ প্ৰতিপালক, লগতে এই দুয়োৰে মাজত যি যি আছে সেই সকলোৰে প্ৰতিপালক। সূৰ্য্য গোটেই বছৰ যি যি স্থানৰ পৰা উদয় হয় আৰু যি যি স্থানত অস্ত যায়, সেই ঠাইবোৰৰ আৰু সূৰ্যৰো তেৱেঁই প্ৰতিপালক।
Saffat 37:6
আমিয়েই পৃথিৱীৰ নিকটতম আকাশক তৰাবোৰৰ দ্বাৰা সুসজ্জিত কৰিছোঁ। যিবোৰ দেখাত উজ্জ্বল হীৰাৰ দৰে।
Saffat 37:7
নিশ্চয় আমি পৃথিৱীৰ নিকটৱৰ্তী আকাশখনক তৰাৰ জৰিয়তে পাপিষ্ঠ তথা আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত চয়তানৰ পৰা সুৰক্ষিত কৰিছোঁ। এতেকে তৰা নিক্ষেপ কৰি সিহঁতক আঘাত কৰা হয়।
Saffat 37:8
এইসকল চয়তানে আকাশত থকা ফিৰিস্তাসকলৰ কথা কোনো পধ্যেই শুনিব নোৱাৰে। যেতিয়া তেওঁলোকে চৰীয়ত আৰু ভাগ্য সম্পৰ্কীয় আদেশ তথা সিদ্ধান্ত সম্পৰ্কে চৰ্চা কৰে, আল্লাহে যিবোৰ তেওঁলোকৰ প্ৰতি অহী কৰিছে। কিবা প্ৰকাৰে যদি সিহঁতে শুনিবলৈও চেষ্টা কৰে তেন্তে সিহঁতক জ্বলন্ত অন্ধৰা নিক্ষেপ কৰা হয়।
Saffat 37:9
সিহঁতক গোপনে ফিৰিস্তাৰ কথা শুনাৰ পৰা খেদিবলৈ তথা আঁতৰাবলৈ (এই জুই নিক্ষেপ কৰা হয়)। তথা সিহঁতৰ বাবে আখিৰাততো আছে কষ্টদায়ক শাস্তি, যি শাস্তি কেতিয়াও সমাপ্ত নহ’ব।
Saffat 37:10
এনেকুৱা বাৰ্তা যিবোৰ পৃথিৱীবাসীয়ে নাজানে সেইবোৰ বাৰ্তা ফিৰিস্তাসকলে ইজনে সিজনক পৌঁচাই দিয়াৰ সময়ত চয়তানে হঠাৎ কোনো কথা গোপনে শুনাটো সুকীয়া বিষয়। কিন্তু এনেকৈ গোপনে শুনাৰ সময়ত জ্বলন্ত জুয়ে তাক চোঁচা লয়, আৰু তাক পুৰি পেলায়। অথচ কেতিয়াবা কেতিয়াবা চয়তানে পুৰি যোৱাৰ আগতেই তাৰ সঙ্গীসকলক সেই বাৰ্তা পৌঁচাই দিবলৈ সক্ষম হয়। এইদৰে সেই বাৰ্তা জ্যোতিষীয়ে গম পায়। আৰু ইপিনে জ্যোতিষীয়ে এশ মিছা কথা মিহলাই সেই বাৰ্তা প্ৰচাৰ কৰে।
Saffat 37:11
হে মুহাম্মদ! আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই কাফিৰসকলক আপুনি সোধকচোন, আমি সৃষ্টি কৰা আকাশমণ্ডল, পৃথিৱী আৰু ফিৰিস্তাসকলতকৈ ইহঁত অধিক মজবুত নেকি, তথা ইহঁত অধিক শক্তিশালী আৰু অধিক পুৰঠ তথা মহা অংগ-প্ৰত্যংগৰ অধিকাৰী নেকি? আমি ইহঁতক পিচল মাটিৰে সৃষ্টি কৰিছোঁ। তথাপিও ইহঁতে কিদৰে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰে, অথচ ইহঁত হৈছে দুৰ্বল সৃষ্টি, যিসকলক পিচল মাটিৰে সৃষ্টি কৰা হৈছে?
Saffat 37:12
বৰং হে মুহাম্মদ! আপুনি আল্লাহৰ ক্ষমতা আৰু তেওঁৰ মখলুকৰ নিয়ন্ত্ৰণকলৈ বিস্মিত, লগতে মুশ্বৰিকসকলে আখিৰাতৰ জীৱনক অস্বীকাৰ সম্পৰ্কে বিস্মিত। কিন্তু এই মুশ্বৰিকসকলে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰাৰ ক্ষেত্ৰত ইমান তললৈ নামিছে যে, সেই বিষয়ে আপুনি যি কথাকেই নকওক কিয়, সিহঁতে তাৰ উপহাস কৰে।
Saffat 37:13
এই মুশ্বৰিকসকলক যেতিয়া কোনো উপদেশ দিয়া হয়, তেতিয়া সিহঁতে উপদেশ গ্ৰহণ নকৰে আৰু ইয়াৰ দ্বাৰা উপকৃতও নহয়। কাৰণ সিহঁতৰ অন্তৰ কঠিন হৈ পৰিছে।
Saffat 37:14
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতা সম্পৰ্কীয় যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখিবলৈ পায়, তেতিয়া সিহঁতে সেই নিদৰ্শনকলৈ চৰম পৰ্যায়ৰ বিদ্ৰুপ কৰে, তথা আশ্চৰ্য প্ৰকাশ কৰে।
Saffat 37:15
লগতে কয়, মুহাম্মদে যি যি লৈ আহিছে, সেইবোৰ স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়।
Saffat 37:16
যেতিয়া আমি মৃত্যুবৰণ কৰিম আৰু আমি মাটিত পৰিণত হ’ম তথা আমাৰ হাড়বোৰ গেলি-পচি যাব, তাৰপিছতো আমাক জীৱিত কৰা হ’ব নেকি? এইটো অসম্ভৱ কথা দেখোন!
Saffat 37:17
আমাৰ পিতৃ-পুৰুষসকলো পুনৰ্জীৱিত হ’ব নেকি, যিসকল আমাৰ পূৰ্বে মৃত্যুবৰণ কৰিছে?
Saffat 37:18
হে মুহাম্মদ! আপুনি সিহঁতক উত্তৰ প্ৰদান কৰি কওক, হয়! তোমালোক মাটিত পৰিণত হোৱাৰ পিছতো তথা তোমালোকৰ হাড়বোৰ গেলি-পচি যোৱাৰ পিছতো তোমালোকক আকৌ জীৱিত কৰা হ’ব। লগতে তোমালোকৰ পূৰ্ব-পুৰুষসকলকো জীৱিত কৰা হ’ব। আনকি তোমালোক আটাইকে জীৱিত কৰি তোলা হ’ব, তেতিয়া তোমালোক অপমানিত তথা লাঞ্ছিত হ’বা।
Saffat 37:19
ইয়াৰ বাবে শিঙাত মাত্ৰ এটা ফুঁ দিয়াৰ প্ৰয়োজন (এইটো হ’ব দ্বিতীয় ফুঁ), ফলত লগে লগে মানুহে কিয়ামতৰ ভয়াৱহ দৃশ্যাদি লক্ষ্য কৰিব, তথা মানুহে প্ৰতীক্ষা কৰিব আল্লাহে সিহঁতৰ সৈতে কি বা আচৰণ কৰে।
Saffat 37:20
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা মুশ্বৰিকসকলে ক’বঃ হায় আমাৰ বিনাশ! এইটো দেখোন সেই দিৱস, যিদিনা আল্লাহে তেওঁৰ বান্দাসকলক পৃথিৱীত কৰা সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব।
Saffat 37:21
তেতিয়া সিহঁতক কোৱা হ’ব, এইটোৱে বান্দাসকলৰ মাজত হ’বলগীয়া ফয়চালাৰ দিন, যিটোক তোমালোকে পৃথিৱীত অস্বীকাৰ কৰিছিলা আৰু অগ্ৰাহ্য কৰিছিলা।
Saffat 37:22
সেইদিনা ফিৰিস্তাসকলক কোৱা হ’বঃ শ্বিৰ্কৰ মাধ্যমত অন্যায় কৰা মুশ্বৰিকসকলক একত্ৰিত কৰা, লগতে সিহঁতৰ অনুৰূপ মুশ্বৰিকসকলক আৰু অস্বীকাৰ কাৰ্যত সমৰ্থন কৰা লোকসকলকো একত্ৰিত কৰা। তথা সেই মূৰ্ত্তিবোৰকো একত্ৰিত কৰা যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া আৰু সিহঁতক তালৈকে খেদি লৈ যোৱা। কাৰণ সেইটোৱেই হৈছে সিহঁতৰ ঠিকনা।
Saffat 37:23
সেইদিনা ফিৰিস্তাসকলক কোৱা হ’বঃ শ্বিৰ্কৰ মাধ্যমত অন্যায় কৰা মুশ্বৰিকসকলক একত্ৰিত কৰা, লগতে সিহঁতৰ অনুৰূপ মুশ্বৰিকসকলক আৰু অস্বীকাৰ কাৰ্যত সমৰ্থন কৰা লোকসকলকো একত্ৰিত কৰা। তথা সেই মূৰ্ত্তিবোৰকো একত্ৰিত কৰা যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া আৰু সিহঁতক তালৈকে খেদি লৈ যোৱা। কাৰণ সেইটোৱেই হৈছে সিহঁতৰ ঠিকনা।
Saffat 37:24
সিহঁতক জাহান্নামত নিক্ষেপ কৰাৰ আগতে হিচাপ-নিকাচৰ বাবে ৰখাই দিয়া। কাৰণ সিহঁতক সোধ-পোচ কৰা হ’ব। তাৰপিছত সিহঁতক জাহান্নামৰ পিনে খেদি লৈ যোৱা।
Saffat 37:25
সিহঁতক ধমক দি কোৱা হ’ব, কি হ’ল তোমালোকৰ, পৃথিৱীত তোমালোকে যিদৰে ইজনে সিজনৰ সহায় কৰিছিলা, আজি কিয় তোমালোকে ইজনে সিজনক সহায় নকৰা? তথা তোমালোকে জানো ভৱা নাছিলা যে, তোমালোকৰ মূৰ্ত্তিবোৰে তোমালোকক সহায় কৰিব?!
Saffat 37:26
কিন্তু সিহঁত সেইদিনা আল্লাহৰ আদেশ পালন কৰিবলৈ তৎপৰ হ’ব, ফলত অপমানিত হ’ব। সিহঁত ইমান বিৱশ আৰু অসহায় হৈ পৰিব যে, ইজনে সিজনক সহায়ও কৰিব নোৱাৰিব।
Saffat 37:27
সিহঁতে ইজনে সিজনক সম্বোধন কৰি ভৰ্ৎসনা কৰিব আৰু বিবাদ কৰিব। যদিও সেইদিনা সিহঁতৰ এই ভৰ্ৎসনা আৰু বিবাদ কোনো কামত নাহিব।
Saffat 37:28
সেইদিনা অনুসাৰীসকলে অনুসৰণ কৰা লোকসকলক উদ্দেশ্যি ক’বঃ হে আমাৰ নেতাসকল! তোমালোকে ধৰ্মৰ পোছাক পৰিধান কৰি সত্যৰ সুযোগলৈ আমাৰ দৃষ্টিত কুফৰী আৰু শ্বিৰ্কক শোভনীয় কৰি দিছিলা, যাতে আমি গুনাহত লিপ্ত থাকোঁ। তথা আমাক সেই সত্যৰ পৰা আঁতৰা ৰাখিছিলা, যিটো ৰাছুলসকলে আল্লাহৰ পৰা লৈ আহিছিল।
Saffat 37:29
তেতিয়া যিসকলক অনুসৰণ কৰা হৈছিল সিহঁতে অনুসাৰীসকলক উদ্দেশ্যি ক’বঃ বিষয়টো তেনেকুৱা নহয়, যিদৰে তোমালোকে ভাৱি আছা। বৰং তোমালোক কুফৰীৰ ওপৰত অবিচল আছিলা আৰু ঈমান পোষণ কৰা নাছিলা। বৰং তোমালোক আছিলা অস্বীকাৰকাৰী।
Saffat 37:30
হে অনুসাৰীসকল! তোমালোকক কুফৰী আৰু শ্বিৰ্ক গুনাহত লিপ্ত কৰিবলৈ আমাৰ কোনো ক্ষমতা নাছিল। বৰং তোমালোকে নিজেই কুফৰী আৰু পথভ্ৰষ্টতাৰ সীমা চেৰাই গৈছিলা।
Saffat 37:31
গতিকে আমাৰ আৰু তোমালোকৰ বিষয়ে আল্লাহে কৰা প্ৰতিশ্ৰুতি এতিয়া পূৰণ হৈছে, তেওঁ আগতীয়াকৈ জনাইছিল যে, (‘অৱশ্যে তোমাৰ দ্বাৰা আৰু সিহঁতৰ মাজৰ যিবিলাকে তোমাৰ অনুসৰণ কৰিব সিহঁত সকলোৰে দ্বাৰা মই জাহান্নাম পূৰণ কৰিম’।) (ছুৰা চোৱাদঃ ৮৫) গতিকে আমাৰ প্ৰতিপালকে যি কথা দিছিল, সেইমতে এতিয়া আমি শাস্তি ভোগ কৰিবই লাগিব।
Saffat 37:32
সেয়েহে আমি তোমালোকক পথভ্ৰষ্ট তথা কুফৰী পথৰ পিনে আহ্বান কৰিছিলোঁ। দৰাচলতে আমি নিজেই সত্যৰ পথৰ পৰা আঁতৰি আছিলোঁ।
Saffat 37:33
যিসকলক অনুসৰণ কৰা হৈছিল আৰু যিসকলে অনুসৰণ কৰিছিল, সিহঁত সকলোকে কিয়ামতৰ দিনা শাস্তিত পতিত কৰা হ’ব।
Saffat 37:34
যিদৰে আমি এই লোকসকলক শাস্তিৰ সোৱাদ উপভোগ কৰাইছোঁ, ঠিক সেইদৰে আমি অন্যান্য অপৰাধীবিলাককো শাস্তি বিহিম।
Saffat 37:35
এই মুশ্বৰিকসকলক পৃথিৱীত যেতিয়া কোৱা হৈছিল যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, যাতে ইয়াৰ দাবী অনুযায়ী আমল কৰে আৰু ইয়াৰ পৰিপন্থী বিষয়বোৰ পৰিত্যাগ কৰে। তেতিয়া সিহঁতে সত্যৰ পৰা গৌৰৱ-অহংকাৰ কৰি আঁতৰি আছিল।
Saffat 37:36
সিহঁতে নিজৰ কুফৰী কৰ্মক বৈধ সাব্যস্ত কৰিবলৈ কয়ঃ এজন কবি আৰু উন্মাদ ব্যক্তিৰ কথামতে আমি আমাৰ উপাস্যবোৰৰ উপাসনা এৰি দিম নেকি? ইয়াৰ দ্বাৰা সিহঁতে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক বুজাইছে।
Saffat 37:37
সিহঁতে মহা মিছা আৰোপ কৰিছে। কাৰণ আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম উন্মাদো নহয়, কবিও নহয়। বৰং তেওঁ কোৰআন লৈ প্ৰেৰিত হৈছে, যিয়ে আল্লাহৰ তাওহীদ আৰু ৰাছুলৰ অনুসৰণৰ পিনে আহ্বান কৰে। তথা ৰাছুলসকলে আল্লাহৰ ফালৰ পৰা তাওহীদ আৰু আখিৰাতৰ যি বাৰ্তা লৈ আহিছিল তাক সমৰ্থন কৰে। কোনো বিষয়তেই তেওঁলোকৰ বিৰোধিতা কৰা নাছিল।
Saffat 37:38
হে মুশ্বৰিকসকল! তোমালোকে কুফৰী কৰাৰ কাৰণে আৰু ৰাছুলসকলক অস্বীকাৰ কৰাৰ কাৰণে নিশ্চিতভাৱে কিয়ামতৰ দিনা কষ্টদায়ক শাস্তিৰ সোৱাদ উপভোগ কৰিবা।
Saffat 37:39
হে মুশ্বৰিকসকল! তোমালোকক কেৱল সেই কৰ্মৰহে প্ৰতিদান দিয়া হ’ব, যিটো তোমালোকে পৃথিৱীত কৰিছিলা, যেনে আল্লাহৰ লগত কৰা কুফৰী কৰ্ম আৰু বিভিন্ন প্ৰকাৰৰ গুনাহৰ কৰ্মৰ।
Saffat 37:40
কিন্তু আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা মুমিন বান্দাসকলৰ বাহিৰে, যিসকলক আল্লাহে তেওঁৰ ইবাদতৰ বাবে নিৰ্বাচিত কৰি লৈছে। তথা তেওঁলোকে নিষ্ঠা সহকাৰে আল্লাহৰ ইবাদত কৰে। তেওঁলোকে এই শাস্তিৰ পৰা ৰক্ষা পাব।
Saffat 37:41
তেওঁলোকেই হৈছে আল্লাহৰ প্ৰকৃত বান্দা, তেওঁলোকৰ বাবে আছে আল্লাহৰ ফালৰ পৰা উত্তম জীৱিকা। এই জীৱিকাৰ স্বচ্ছতা, সৌন্দৰ্য আৰু স্থায়িত্ব নিৰ্ধাৰিত।
Saffat 37:42
এই জীৱিকাৰ মাজত থাকিব বিভিন্ন প্ৰকাৰৰ উত্তম ফল-মূল, যিবোৰ তেওঁলোকে খোৱাৰ কামনা কৰিব। ইয়াতকৈও ওপৰত যিটো মৰ্যাদা তেওঁলোকক প্ৰদান কৰা হ’ব সেইটো হৈছে এই যে, তেওঁলোকৰ মৰ্যাদা বৃদ্ধি কৰি তেওঁলোকক সন্মানিত কৰা হ’ব, লগতে তেওঁলোকে আল্লাহৰ মহা সন্মানিত চেহেৰা দেখা পোৱাৰ সৌভাগ্য লাভ কৰিব।
Saffat 37:43
এই সকলোবোৰ বস্তু তেওঁলোকে জান্নাতত লাভ কৰিব, যি জান্নাতৰ নিয়ামত চিৰস্থায়ী, কেতিয়াও সমাপ্ত নহয়।
Saffat 37:44
তেওঁলোকে মৰ্যাদাপূৰ্ণ আসনত আউজি বহি ইজনে সিজনক দৰ্শন কৰিব।
Saffat 37:45
তেওঁলোকৰ সন্মুখত এনেকুৱা মদিৰাৰ পিয়লা উপস্থাপন কৰা হ’ব, যিটো প্ৰবাহিত পানীৰ দৰে নিকা আৰু স্বচ্চ হ’ব।
Saffat 37:46
শুভ্ৰ বৰণৰ হ'ব। উপভোগকাৰীয়ে পৰিপূৰ্ণৰূপে উপভোগ কৰিব।
Saffat 37:47
তাত উপলব্ধ মদিৰাবোৰ, পাৰ্থিৱ মদিৰাৰ দৰে নহয়। সেই মদিৰাত এনেকুৱা কোনো নিচা নাই, যিটোৱে মানুহৰ বিবেকক প্ৰভাৱিত কৰে। সেই মদিৰা গ্ৰহণ কৰিলে মূৰৰ বিষো অনুভৱ নহ'ব। আনকি ইয়াৰ ফলত শৰীৰ আৰু বিবেক সম্পূৰ্ণৰূপে সুস্থ থাকিব।
Saffat 37:48
জান্নাতত তেওঁলোকৰ বাবে থাকিব এনেকুৱা পৱিত্ৰ স্ত্ৰীসকল, যিসকলৰ দৃষ্টি তেওঁলোকৰ স্বামীৰ বাহিৰে আন কাৰো প্ৰতি নপৰিব। তেওঁলোকৰ চকুযোৰ হ’ব অতি আকৰ্ষণীয়।
Saffat 37:49
তেওঁলোকৰ শৰীৰৰ ৰং পাতল সোণ বৰণীয়া শুভ্ৰোজ্জ্বল ইমান ধুনীয়া হ’ব যে, যেনিবা চৰাইৰ কণী। যিটোক কোনো হাতে স্পৰ্শ কৰা নাই।
Saffat 37:50
এতেকে জান্নাতীসকলৰ কিছুমানে আন কিছুমানক তেওঁলোকৰ অতীত সম্পৰ্কে জিজ্ঞাসাবাদ কৰিব, তথা এই কথা জানিবলৈ কৌতূহল সৃষ্টি হ’ব যে, পৃথিৱীত তেওঁলোকৰ সৈতে কি কি সংঘটিত হৈছে।
Saffat 37:51
সেই মুমিনসকলৰ মাজৰ কোনোবাই ক’বঃ পৃথিৱীত মোৰ এজন বন্ধু আছিল, যিয়ে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰিছিল।
Saffat 37:52
সি অস্বীকাৰ কৰি আৰু মোক উপহাস কৰি কৈছিল, হে বন্ধু! তুমিও এই আখিৰাতৰ জীৱনক বিশ্বাস কৰা নেকি?
Saffat 37:53
আমি যেতিয়া মৃত্যুবৰণ কৰিম তথা মাটিত পৰিণত হ'ম, ইপিনে আমাৰ হাড়বোৰ গেলি-পচি যাব, তাৰপিছতো আমাক পুনৰ্জীৱিত কৰা হ’ব নেকি? লগতে পৃথিৱীত কৰা আমাৰ কৰ্মবোৰৰ প্ৰতিদান আমাক দিয়া হ’ব নেকি?
Saffat 37:54
তাৰ মুমিন বন্ধুজনে তেওঁৰ জান্নাতী সংগীসকলক ক’বঃ আহকচোন চাওঁ, মোৰ সেই বন্ধুজনৰ কি অৱস্থা এতিয়া, যিয়ে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰিছিল?
Saffat 37:55
এতেকে তেওঁলোকে ভুমুকি মাৰি চাব, আৰু তাৰ সেই বন্ধুজনক জাহান্নামৰ মাজ মজিয়াত দেখা পাব।
Saffat 37:56
এই দেখি তেওঁ ক’বঃ আল্লাহৰ শপত! হে মোৰ সঙ্গী, তুমি দেখোন মোকো জাহান্নামৰ অধিবাসী বনালাহেঁতেন, যদি মই তোমাৰ সেই কুফৰী কৰ্মক সমৰ্থন কৰিলোহেঁতেন আৰু আখিৰাতৰ জীৱনক অস্বীকাৰ কৰিলোহেঁতেন।
Saffat 37:57
যদি মোৰ প্ৰতি আল্লাহৰ অনুগ্ৰহ নহ’লহেঁতেন, যিয়ে মোক ঈমানৰ পথ দেখুৱাইছে আৰু হিদায়তৰ তাওফীক প্ৰদান কৰিছে, তেন্তে ময়ো তোমাৰ দৰে জাহান্নামত নিক্ষিপ্ত হ’লোহেঁতেন।
Saffat 37:58
শুনা! আমি জান্নাতৰ অধিবাসীসকল কেতিয়াও মৃত্যুবৰণ নকৰোঁ।
Saffat 37:59
আমাৰ মৃত্যু কেৱল এবাৰেই আছিল, যিটোৰ সোৱাদ আমি পৃথিৱীতে গ্ৰহণ কৰিছোঁ। বৰং এতিয়া আমি জান্নাতত চিৰকাল বসবাস কৰিম। আনহাতে আমি কাফিৰসকলৰ দৰে শাস্তিৰ সন্মুখীনো নহওঁ।
Saffat 37:60
এই যিটো প্ৰতিদান আমাৰ প্ৰতিপালকে আমাক প্ৰদান কৰিছে, (যেনে- জান্নাতত প্ৰৱেশ কৰাৰ সুযোগ, জাহান্নামৰ পৰা সুৰক্ষা আদি) এইটো হৈছে মহা সফলতা। কোনো সফলতাই ইয়াৰ সমান হ’ব নোৱাৰে।
Saffat 37:61
এনেকুৱা মহা প্ৰতিদানৰ বাবেই আমলকাৰীয়ে আমল কৰা উচিত। কিয়নো এইটোৱেই হৈছে লাভদায়ক ব্যৱসায়।
Saffat 37:62
উপৰোক্ত যিবোৰ নিয়ামত বৰ্ণনা কৰা হ’ল, যিবোৰ আল্লাহে তেওঁৰ নিষ্ঠাৱান বান্দাসকলৰ বাবে প্ৰস্তুত কৰি ৰাখিছে, সন্মান আৰু আতিথ্যৰ বাবে সেইবোৰ নিয়ামত উত্তম নে সেই গছ উত্তম, যিটোক কোৰআনত অভিশপ্ত বুলি কোৱা হৈছে? যিটো গছ কাফিৰসকলক খাবলৈ দিয়া হ’ব, যি খাদ্যই সিহঁতৰ পুষ্টিও সাধন নকৰিব আৰু ক্ষুধাও নিবাৰণ নকৰিব।
Saffat 37:63
আমি এই গছজোপাক এটা পৰীক্ষাস্বৰূপ বনাইছোঁ। ইয়াৰ দ্বাৰা সেইসকল লোকৰ পৰীক্ষা লোৱা হয়, যিসকলে কুফৰী আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে। সিহঁতে কয়ঃ জুয়ে গছ-গছনি খৰি আদিক পুৰি পেলায়, গতিকে জুইৰ মাজত গছ হোৱাটো সম্ভৱ নহয়।
Saffat 37:64
নিশ্চিতভাৱে যাক্কুম গছ উৎপন্ন হয় নিকৃষ্ট ঠাইত। কিয়নো সেই গছ উৎপন্ন হয় জাহান্নামৰ গহীন গহ্বৰত।
Saffat 37:65
সেই গছৰ পৰা উৎপন্ন হোৱা ফল দেখাত অত্যন্ত কুৎসিত, যেনিবা চয়তানৰ মূৰ। আকাৰ আকৃতিয়ে প্ৰমাণ কৰে যে, ই অত্যন্ত দুৰ্গন্ধযুক্ত। অৰ্থাৎ ইয়াৰ ফল অত্যন্ত নিকৃষ্ট সোৱাদযুক্ত।
Saffat 37:66
নিশ্চয় কাফিৰসকলে সেই তিক্ত আৰু নিকৃষ্ট ফল ভক্ষণ কৰিব, আৰু তাৰ জৰিয়তে নিজৰ উদৰ ভৰিব।
Saffat 37:67
সেই ফল ভক্ষণ কৰাৰ পিছত সিহঁতক যিটো পানীয় পৰিবেশন কৰা হ’ব, সেইটো হ’ব গৰম আৰু নিকৃষ্ট উপাদানেৰে মিশ্ৰিত।
Saffat 37:68
ইয়াৰ পিছত সিহঁতক জাহান্নামৰ শাস্তিৰ পিনে প্ৰত্যাৱৰ্তন কৰোৱা হ’ব, এতেকে সিহঁত এটা শাস্তিৰ পৰা আনটো শাস্তিলৈ প্ৰস্থান কৰি থাকিব।
Saffat 37:69
নিশ্চয় এই কাফিৰসকলে নিজৰ পিতৃ-পুৰুষসকলক হিদায়তৰ পথৰ পৰা পথভ্ৰষ্ট অৱস্থাত পাইছিল। সেয়ে ইহঁতেও দেখা-দেখি সিহঁতৰেই অনুসৰণ কৰিছে। প্ৰমাণৰ প্ৰতি কোনো ভ্ৰূক্ষেপ কৰা নাই।
Saffat 37:70
সেইকাৰণেই ইহঁতে পূৰ্ব-পুৰুষসকলৰ অনুসৰণ কৰি বিভ্ৰান্তিৰ পিনে ক্ষীপ্ৰতাৰে আগুৱাই গৈ আছে।
Saffat 37:71
নিশ্চয় ইহঁতৰ পূৰ্বেও পূৰ্বৱৰ্তী লোকসকলৰ মাজৰ পৰা বহুতো লোক পথভ্ৰষ্ট হৈছিল। গতিকে হে ৰাছুল! আপোনাৰ সম্প্ৰদায়েই প্ৰথম পথভ্ৰষ্ট জাতি নহয়।
Saffat 37:72
নিশ্চয় আমি পূৰ্বৱৰ্তী উম্মতসমূহৰ মাজতো ৰাছুল প্ৰেৰণ কৰিছিলোঁ। যিসকলে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱাইছিল, কিন্তু তথাপিও সিহঁতে অস্বীকাৰ কৰিছিল।
Saffat 37:73
হে ৰাছুল! লক্ষ্য কৰকচোন, সেইসকল লোকৰ পৰিণাম কেনেকুৱা আছিল, যিসকলক সিহঁতৰ ৰাছুলসকলে সতৰ্ক কৰিছিল কিন্তু সিহঁতে তেওঁলোকৰ কথাত সঁহাৰি দিয়া নাছিল। নিশ্চয় সিহঁতৰ পৰিণাম আছিল চিৰস্থায়ী জাহান্নাম। কিয়নো সিহঁতে কুফৰী কৰিছিল আৰু ৰাছুলসকলক অস্বীকাৰ কৰিছিল।
Saffat 37:74
কেৱল সেইসকল লোকৰ বাহিৰে, যিসকলক আল্লাহে ঈমান পোষণ কৰাৰ বাবে নিৰ্বাচিত কৰিছে। কিয়নো তেওঁলোক সেই শাস্তিৰ পৰা সুৰক্ষিত থাকিব, যি শাস্তিৰ দ্বাৰা অস্বীকাৰ কৰা কাফিৰসকলৰ অন্ত হ’ব।
Saffat 37:75
নিশ্চয় আমাৰ নবী নূহ আলাইহিচ্ছালামে আমাক আহ্বান কৰিছিল, যেতিয়া তেওঁ সেই সম্প্ৰদায়ৰ বিৰুদ্ধে বদ্দুআ কৰিছিল যিসকলে তেওঁক নাকচ কৰিছিল তথা অস্বীকাৰ কৰিছিল। তেতিয়া আমি তেওঁৰ প্ৰাৰ্থনাৰ গুৰুত্ব সহকাৰে সঁহাৰি দিছিলোঁ। কাৰণ সিহঁতৰ বিৰুদ্ধে তেওঁৰ বদ্দুআ আমি লগে লগে স্বীকাৰ কৰিছিলোঁ।
Saffat 37:76
নিশ্চয় আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক, লগতে তেওঁৰ সৈতে থকা মুমিনসকলক তেওঁৰ সম্প্ৰদায়ৰ নিৰ্যাতনৰ পৰা আৰু সেই মহাপ্লাৱনৰ পৰা ৰক্ষা কৰিছিলোঁ, যিটোক কাফিৰসকলৰ ধ্বংসৰ বাবে প্ৰেৰণ কৰা হৈছিল।
Saffat 37:77
আমি কেৱল তেওঁৰ পৰিয়ালক আৰু তেওঁৰ মুমিন অনুসাৰীসকলক ৰক্ষা কৰিছিলোঁ। তেওঁলোকৰ বাহিৰে আন আন কাফিৰ লোকসকলক ডুবাই মাৰিছিলোঁ।
Saffat 37:78
পৰৱৰ্তী লোকসকলৰ মাজত তেওঁলোকৰ উত্তম প্ৰশংসা জাৰি ৰাখিছিলোঁ। সেয়েহে মানুহে তেওঁলোকৰ ভূয়সী প্ৰশংসা কৰিছিল।
Saffat 37:79
পৰৱৰ্তী লোকসকলৰ মাজৰ কোনেও যাতে নূহ আলাইহিচ্ছালামক বেয়াকৈ ক’ব নোৱাৰে, তাৰ পৰা তেওঁক সুৰক্ষা তথা নিৰাপত্তা প্ৰদান কৰা হৈছে। বৰং তেওঁৰ প্ৰশংসা আৰু ভাল চৰ্চা সদায় কিংবদন্তি হিচাপে চলি থাকিব।
Saffat 37:80
আমি নূহ আলাইহিচ্ছালামক যি প্ৰতিদান দিছোঁ, এনেকুৱা প্ৰতিদান আমি প্ৰত্যেক সেইসকল ব্যক্তিক প্ৰদান কৰিম, যিসকলে নিষ্ঠা সহকাৰে একমাত্ৰ আল্লাহৰেই ইবাদত কৰে তথা তেওঁৰ আনুগত্য কৰে।
Saffat 37:81
নিশ্চয় নূহ হৈছে আল্লাহৰ আনুগত্য কৰা মুমিন বান্দাসকলৰ অন্যতম।
Saffat 37:82
ইয়াৰ পিছত বাকী লোকসকলক আমি প্ৰেৰণ কৰা মহাপ্লাৱনৰ দ্বাৰা ধ্বংস কৰিছিলোঁ। সিহঁতৰ মাজৰ কোনেও ৰক্ষা পোৱা নাছিল।
Saffat 37:83
নিশ্চয় ইব্ৰাহীম আলাইহিচ্ছালাম তেওঁৰেই ধৰ্মৰ সেই লোকসকলৰ অন্তৰ্ভুক্ত আছিল, যিসকলে তেওঁৰ দৰেই আল্লাহৰ তাওহীদৰ পিনে মানুহক আহ্বান কৰিছিল।
Saffat 37:84
স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত শ্বিৰ্কৰ পৰা পৱিত্ৰ আৰু আল্লাহৰ বাবে তেওঁৰ মখলুকৰ হিতাকাংক্ষী অন্তৰ লৈ আগমন কৰিছিল।
Saffat 37:85
যেতিয়া তেওঁ নিজৰ পিতৃক আৰু তেওঁৰ মুশ্বৰিক সম্প্ৰদায়ক ভৰ্ৎসনা কৰি কৈছিলঃ তোমালোকে আল্লাহৰ বাহিৰে এইবোৰ কিহৰ পূজা-পাঠ কৰা?
Saffat 37:86
আল্লাহক এৰি তোমালোকে এই মিছা উপাস্যবোৰৰ পূজা-পাঠ কৰা নেকি?
Saffat 37:87
হে মোৰ জাতিৰ লোকসকল! বিশ্বজগতৰ প্ৰতিপালক আল্লাহ সম্পৰ্কে তোমালোকৰ ধাৰণা কি, যেতিয়া তোমালোকে তেওঁৰ বাহিৰে আনৰ পূজা-পাঠ কৰা অৱস্থাত তেওঁৰ সৈতে সাক্ষাৎ কৰিবা? তোমালোকেই কোৱাচোন, তেতিয়া তেওঁ তোমালোকৰ সৈতে কি আচৰণ কৰিব?!
Saffat 37:88
তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে আকাশৰ প্ৰতি দৃষ্টিপাত কৰিলে, যাতে তেওঁৰ জাতিৰ সৈতে ওলাই যোৱাৰ পৰা বিৰত থকাৰ কোনো উপায় অনুসন্ধান কৰিব পাৰে।
Saffat 37:89
এতেকে তেওঁ লোকসকলৰ সৈতে মেলাত গমন কৰাৰ পৰা বিৰত থকাৰ বাবে অজুহাত দেখুৱাই ক’লেঃ আজি মই অসুস্থ।
Saffat 37:90
ফলত সিহঁতে তেওঁক এৰি গুচি গ’ল।
Saffat 37:91
সিহঁত গুচি যোৱাৰ পিছত তেওঁ সেই মূৰ্ত্তিবোৰৰ ওচৰলৈ গ’ল, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰিছিল। তেতিয়া তেওঁ সিহঁতৰ সেই উপাস্যবোৰক উপহাসসূচক বাক্যত ক’লেঃ তোমালোকে এইবোৰ খাদ্য কিয় নোখোৱা, মুশ্বৰিকসকলে দেখোন বিশেষকৈ তোমালোকৰ বাবে এইবোৰ প্ৰস্তুত কৰিছে?!
Saffat 37:92
কি হ’ল তোমালোকৰ, কথা নোকোৱা কিয়? আৰু প্ৰাৰ্থনাকাৰীসকলৰ প্ৰাৰ্থনাত সঁহাৰি নিদিয়া কিয়?! আল্লাহৰ বাহিৰে এইবোৰক উপাসনা কৰা উচিত নে?
Saffat 37:93
ইয়াৰ পিছত ইব্ৰাহীম আলাইহিচ্ছালামে সেইবোৰক ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰিবলৈ সোঁহাতেৰে সজোৰে আঘাত কৰিবলৈ ধৰিলে।
Saffat 37:94
মেলাৰ পৰা ঘূৰি আহি মূৰ্ত্তিবোৰৰ উপাসনাকাৰীসকলে ততাতৈয়াকৈ তেওঁৰ ফালে ঢাপলি মেলিলে।
Saffat 37:95
ইব্ৰাহীম আলাইহিচ্ছালামে দৃঢ়তাৰে সিহঁতৰ মোকাবিলা কৰিলে আৰু সিহঁতক ধিক্কাৰ দি ক’লেঃ তোমালোকে আল্লাহৰ বাহিৰে এইবোৰ উপাস্যৰ আৰাধনা কৰা নেকি, যিবোৰক তোমালোকে নিজ হাতেৰে তৈয়াৰ কৰা?!
Saffat 37:96
অথচ পৱিত্ৰ আল্লাহেই তোমালোকক আৰু তোমালোকৰ কৰ্মকো সৃষ্টি কৰিছে। আৰু এই মুৰ্ত্তিবোৰো তোমালোকৰ কৰ্মৰেই এটা অংশ। গতিকে একমাত্ৰ আল্লাহেই ইবাদতৰ যোগ্য। লগতে তেওঁৰ সৈতে আন কাকো তেওঁৰ অংশী কৰা বৈধ নহয়।
Saffat 37:97
এতেকে যেতিয়া সিহঁতে দলিল প্ৰমাণেৰে তেওঁৰ মোকাবিলা কৰিব নোৱাৰিলে, তেতিয়া সিহঁতে শক্তি প্ৰয়োগ কৰিবলৈ ধৰিলে। তেতিয়া সিহঁতে পৰস্পৰৰ মাজত পৰামৰ্শ কৰিবলৈ ধৰিলে যে, ইব্ৰাহীমৰ লগত কি কৰা উচিত। অৱশেষত সিহঁত এই সিদ্ধান্তত উপনীত হ’ল যে, তেওঁৰ বাবে এটা অগ্নিশালা নিৰ্মাণ কৰা হওক। আৰু তাত কাঠৰ টুকুৰা, খৰি আদিৰে জুই প্ৰজ্বলিত কৰি তাত তেওঁক নিক্ষেপ কৰা হওক।
Saffat 37:98
ইব্ৰাহীম আলাইহিচ্ছালামৰ সম্প্ৰদায়ে তেওঁক বিনাশ কৰি শান্তি লাভ কৰিব বুলি ভাৱিছিল। কিন্তু সিহঁতৰ এই প্ৰয়াসত আমি সিহঁতক ব্যৰ্থ কৰিছিলোঁ। কাৰণ আমি সেই জুইক ইব্ৰাহীম আলাইহিচ্ছালামৰ বাবে শীতল তথা শান্তিময় কৰি দিছিলোঁ।
Saffat 37:99
ইব্ৰাহীম আলাইহিচ্ছালামে ক’লেঃ নিশ্চয় মই মোৰ সম্প্ৰদায়ৰ দেশ এৰি, মোৰ প্ৰতিপালকৰ ফালে হিজৰত কৰিম, যাতে মই নিষ্ঠা সহকাৰে তেওঁৰ ইবাদত কৰিব পাৰোঁ। অচিৰেই মোৰ প্ৰতিপালকে মোক সেই পথ দেখুৱাব, যি পথত মোৰ বাবে আছে পৃথিৱী আৰু আখিৰাতৰ কল্যাণ।
Saffat 37:100
হে মোৰ প্ৰতিপালক! মোক এজন নেক সন্তান দান কৰা। যিয়ে অচিনাকি ঠাইত মোৰ সহায়ক হ’ব আৰু মোৰ সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব কৰিব।
Saffat 37:101
এতেকে আমি তেওঁৰ দুআ কবূল কৰিলোঁ, আৰু তেওঁক আনন্দদায়ক সুসংবাদ দিলোঁ। ফলত আমি তেওঁক এজন পুত্ৰ সন্তানৰ সংবাদ দিলোঁ, যিজন ডাঙৰ হৈ সহনশীল হ’ব। সুযোগ্য সেই পুত্ৰ সন্তান হৈছে ইছমাঈল আলাইহিচ্ছালাম।
Saffat 37:102
ইয়াৰ পিছত ইছমাঈল আলাইহিচ্ছালাম যেতিয়া যৌৱনত উপনীত হ’ল, আৰু তেওঁৰ পিতাৰ সৈতে কাম কৰিব পৰা হ’ল, তেতিয়া তেওঁৰ পিতা ইব্ৰাহীমে এটা সপোন দেখিলে। জানি থোৱা উচিত যে, নবীসকলৰ সপোনো হৈছে অহী। ইব্ৰাহীম আলাইহিচ্ছালামে এই সপোনৰ উদ্দেশ্য বুজাবলৈ তেওঁৰ পুত্ৰ ইছমাঈলৰ ওচৰত সপোনটো বিৱৰি ক’লেঃ হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলোঁ, মই তোমাক জবেহ কৰি আছোঁ। এই বিষয়ে তোমাৰ অভিমত কি? তেতিয়া ইছমাঈল আলাইহিচ্ছালামে তেওঁৰ পিতা ইব্ৰাহীমক উত্তৰ দি ক’লেঃ হে মোৰ পিতা! মোক জবেহ কৰা সম্পৰ্কে আল্লাহে আপোনাক যি আদেশ দিছে, সেইটো আপুনি পালন কৰক। নিশ্চয় আপুনি মোক ইন শ্বা আল্লাহ ধৈৰ্যশীলসকলৰ আৰু আল্লাহৰ আদেশ পালনকাৰীসকলৰ অন্তৰ্ভুক্ত পাব।
Saffat 37:103
ইয়াৰ পিছত তেওঁলোক পিতা-পুত্ৰ যেতিয়া আল্লাহৰ সন্মুখত নত হ’ল আৰু তেওঁৰ আদেশ পালন কৰিবলৈ প্ৰস্তুত হ’ল, তেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ পুত্ৰক তলমূৰ কৰি শুৱাই দিলে, যাতে তেওঁক কুৰবানী কৰাৰ সেই আদেশ পালন হয়।
Saffat 37:104
ইব্ৰাহীমে যেতিয়া আল্লাহৰ আদেশ ৰূপায়ণ কৰিবলৈ তেওঁৰ পুত্ৰক জবেহ কৰিবলৈ ধৰিলে, তেতিয়া আমি ইব্ৰাহীমক মাতি ক’লো, হে ইব্ৰাহীম!
Saffat 37:105
আপুনি আপোনাৰ পুত্ৰক জবেহ কৰা সম্পৰ্কে দেখা সেই সপোনক বাস্তৱ ৰূপ দান কৰিবলৈ নিশ্চিতভাৱে সক্ষম হৈছে। যিদৰে আমি আপোনাক এই মহা পৰীক্ষাৰ পৰা ৰক্ষা কৰি প্ৰতিদান দান কৰিছোঁ, ঠিক সেইদৰে আমি সদাচাৰীসকলক প্ৰতিদান দিওঁ আৰু তেওঁলোকক কঠিন পৰিস্থিতি আৰু বিপদ-আপদৰ পৰা ৰক্ষা কৰোঁ।
Saffat 37:106
নিশ্চয় এয়া আছিল স্পষ্ট পৰীক্ষা, য’ত ইব্ৰাহীম আলাইহিচ্ছালামে কৃতিত্ব সহকাৰে উত্তীৰ্ণ হৈছে।
Saffat 37:107
আমি ইছমাঈল আলাইহিচ্ছালামক এটা ডাঙৰ দুম্বাৰ কুৰবানীৰ বিনিময়ত মুক্ত কৰিছিলোঁ, যিটোক তেওঁৰ পৰিবৰ্তে কুৰবানী কৰা হৈছিল।
Saffat 37:108
আৰু আমি ইব্ৰাহীম আলাইহিচ্ছালামৰ উত্তম প্ৰশংসা পৰৱৰ্তী উম্মতসমূহৰ মাজতো জাৰি ৰাখিছিলোঁ।
Saffat 37:109
ইব্ৰাহীমৰ বাবে আল্লাহৰ ফালৰ পৰা আছে ছালাম তথা অভিবাদন, লগতে সকলো প্ৰকাৰ বিপদ-আপদৰ পৰা নিৰাপত্তা আৰু দুআ।
Saffat 37:110
যিদৰে আমি ইব্ৰাহীমক তেওঁৰ আনুগত্যৰ বিনিময়ত প্ৰতিদান দান কৰিছোঁ, ঠিক সেইদৰে আমি সদাচাৰীসকলক প্ৰতিদান দিওঁ।
Saffat 37:111
নিশ্চয় ইব্ৰাহীম আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত। যিসকলে আল্লাহৰ ইবাদতৰ দাবীসমূহ পুংখানুপুংখভাৱে আদায় কৰে।
Saffat 37:112
আমি তেওঁক আৰু এজন পুত্ৰ সন্তানৰ সুসংবাদ দিছিলোঁ। যিজন পিছলৈ নবী হৈছিল আৰু নেক বান্দাত পৰিণত হৈছিল। তেওঁ হৈছে ইছহাক্ব আলাইহিচ্ছালাম। এই সুসংবাদ আছিল দৰাচলতে পিতা-মাতাৰ একমাত্ৰ সন্তান ইছমাঈল আলাইহিচ্ছালামৰ কুৰবানী সম্পৰ্কীয় আল্লাহৰ আদেশ পালন কৰাৰ প্ৰতিদান।
Saffat 37:113
আমি তেওঁৰ ওপৰত আৰু তেওঁৰ পুত্ৰ ইছহাক্বৰ ওপৰত, আমাৰ ফালৰ পৰা বৰকত অৱতীৰ্ণ কৰিছিলোঁ। আৰু দুয়োকে প্ৰদান কৰিছিলোঁ অসংখ্য নিয়ামত। আমি দুয়োৰে বংশ বিস্তাৰ কৰিছিলোঁ। তেওঁলোকৰ বংশধৰসকলৰ মাজৰ কিছুমানে আল্লাহৰ আনুগত্য কৰি নেক বান্দাত পৰিণত হৈছিল, আৰু আন কিছুমানে কুফৰী আৰু গুনাহত লিপ্ত হৈ নিজৰ ওপৰতেই প্ৰকাশ্য অন্যায় কৰিছিল।
Saffat 37:114
নিশ্চয় আমি মুছা আৰু তেওঁৰ ভাই হাৰূনক নবুওৱত প্ৰদান কৰি তেওঁলোকক উপকাৰ কৰিছিলোঁ।
Saffat 37:115
আমি তেওঁলোক দুয়োকে আৰু তেওঁলোকৰ সম্প্ৰদায় বনী ইছৰাঈলকো ফিৰআউনৰ দাসত্বৰ পৰা আৰু সাগৰত ডুবি যোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ।
Saffat 37:116
ফিৰআউন আৰু তাৰ সেনাবাহিনীৰ বিৰুদ্ধে আমি তেওঁলোকক সহায় কৰিছিলোঁ, যাৰ ফলত তেওঁলোকে নিজৰ শত্ৰুসকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সফল হৈছিল।
Saffat 37:117
আমিয়েই মুছা আৰু তেওঁৰ ভাই হাৰূনক এখন স্পষ্ট গ্ৰন্থ দান কৰিছিলোঁ, যাৰ মাজত কোনো ধৰণৰ সন্দেহ নাছিল।
Saffat 37:118
আমি দুয়োকে সঠিক পথৰ হিদায়ত দিছিলোঁ, যি পথত কোনো ধৰণৰ বক্ৰতা নাই। ইয়াৰ দ্বাৰা ইছলাম ধৰ্মৰ পথক বুজোৱা হৈছে, যি পথে পথিকক সৃষ্টিকৰ্তাৰ সন্তুষ্টিৰ পিনে লৈ যায়।
Saffat 37:119
পৰৱৰ্তী উম্মতসমূহৰ মাজতো তেওঁলোক দুয়োৰে প্ৰশংসা আৰু উত্তম চৰ্চা অব্যাহত ৰাখিছিলোঁ।
Saffat 37:120
আল্লাহৰ ফালৰ পৰা তেওঁলোক দুয়োৰে বাবে আছে পৱিত্ৰ ছালাম আৰু প্ৰত্যেক বিপদ-আপদৰ পৰা নিৰাপত্তা আৰু দুআ।
Saffat 37:121
যিদৰে আমি মুছা আৰু হাৰূনক উৎকৃষ্ট প্ৰতিদান দান কৰিছোঁ, ঠিক সেইদৰে আমি উত্তম প্ৰতিদান দিওঁ সেইসকল লোকক, যিসকলে নিষ্ঠা সহকাৰে নিজ প্ৰতিপালকৰ আনুগত্য কৰে।
Saffat 37:122
নিশ্চয় মুছা আৰু হাৰূন আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত। তেওঁলোক চৰীয়ত মুতাবিক আমলকাৰী আছিল।
Saffat 37:123
নিশ্চয় ইলিয়াছো আছিল নিজ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল। আল্লাহে তেওঁক নবুওৱত আৰু ৰিছালতৰ দ্বাৰা পুৰস্কৃত কৰিছিল।
Saffat 37:124
বনী ইছৰাঈলৰ প্ৰতি তেওঁক প্ৰেৰণ কৰা হৈছিল, যেতিয়া তেওঁ বনী ইছৰাঈলক ক’লেঃ হে মোৰ জাতিৰ লোকসকল! তোমালোকে আল্লাহৰ আদেশ পালন কৰি অৰ্থাৎ তাওহীদ স্বীকাৰ কৰি তথা তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকি অৰ্থাৎ শ্বিৰ্কৰ পৰা আঁতৰি থাকি তেওঁক ভয় নকৰা কিয়?!
Saffat 37:125
তোমালোকে আল্লাহক এৰি বা’ল মূৰ্ত্তিৰ উপাসনা কিয় কৰা? সৰ্বোৎকৃষ্ট সৃষ্টিকৰ্তা আল্লাহৰ ইবাদত পৰিত্যাগ কৰাৰ কাৰণ কি?
Saffat 37:126
অথচ আল্লাহেই হৈছে তোমালোকৰ প্ৰকৃত প্ৰতিপালক, তেৱেঁই তোমালোকক সৃষ্টি কৰিছে। তথা তোমালোকৰ পূৰ্ব-পুৰুষসকলকো তেৱেঁই সৃষ্টি কৰিছিল। একমাত্ৰ তেৱেঁই ইবাদতৰ যোগ্য। এই মূৰ্ত্তিবোৰ কেতিয়াও উপাসনাৰ যোগ্য নহয়, যিবোৰে উপকাৰ বা অপকাৰ কৰিবলৈও সক্ষম নহয়।
Saffat 37:127
তেওঁৰ সম্প্ৰদায়ে তেওঁক অস্বীকাৰ কৰাৰ বাহিৰে আন কোনো প্ৰতিক্ৰিয়া দিয়া নাছিল। এই অস্বীকাৰৰ কাৰণেই সিহঁতে শাস্তি ভোগ কৰিব।
Saffat 37:128
কিন্তু তেওঁৰ সম্প্ৰদায়ৰ সেইসকল লোকৰ বিষয়টো সুকীয়া, যিসকলে ঈমান আনিছিল আৰু নিষ্ঠা সহকাৰে আল্লাহৰ ইবাদত কৰিছিল। তেওঁলোকে শাস্তিৰ পৰা ৰক্ষা পাব।
Saffat 37:129
আৰু পৰৱৰ্তী লোকসকলৰ মাজত আমি তেওঁৰ সুনাম-সুখ্যাতি অৱশিষ্ট ৰাখিছোঁ।
Saffat 37:130
ইলিয়াছৰ বাবে আল্লাহৰ ফালৰ পৰা আছে ছালাম আৰু প্ৰশংসা।
Saffat 37:131
যিদৰে আমি ইলিয়াছক উত্তম প্ৰতিদান দান কৰিছোঁ, ঠিক সেইদৰে আমি আমাৰ সৎকৰ্মশীল মুমিন বান্দাসকলক উত্তম প্ৰতিদান দিওঁ।
Saffat 37:132
নিশ্চয় ইলিয়াছ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত, তেওঁ নিজ প্ৰতিপালকৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত আছিল সত্যবাদী।
Saffat 37:133
নিশ্চয় লূত আলাইহিচ্ছালাম আছিল আল্লাহৰ সেইসকল ৰাছুলৰ অন্তৰ্ভুক্ত, যিসকলক তেওঁ নিজ নিজ সম্প্ৰদায়ৰ প্ৰতি সুসংবাদদাতা আৰু সতৰ্ককাৰী হিচাপে প্ৰেৰণ কৰিছিল।
Saffat 37:134
আপুনি স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক সেই শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ, যিটো তেওঁৰ সম্প্ৰদায়ৰ ওপৰত প্ৰেৰণ কৰা হৈছিল।
Saffat 37:135
কিন্তু তেওঁৰ পত্নীৰ বাহিৰে। তাইও সেই সম্প্ৰদায়ৰ সৈতে শাস্তিত পতিত হৈছিল। কিয়নো সিহঁতৰ দৰে তাইও কাফিৰ আছিল।
Saffat 37:136
ইয়াৰ পিছত লূতক অস্বীকাৰ কৰা তেওঁৰ সম্প্ৰদায়ৰ বাকী লোকসকলক আমি ধ্বংস কৰিছিলোঁ। কিয়নো সিহঁতে তেওঁ লৈ অহা বাৰ্তাক বিশ্বাস কৰা নাছিল।
Saffat 37:137
হে মক্কাৰ অধিবাসীসকল! তোমালোকে যেতিয়া ছিৰিয়ালৈ ভ্ৰমণ কৰা, তেতিয়া পুৱাৰ ভাগত নিশ্চয় তোমালোকে সিহঁতৰ বাসস্থানৰ ওচৰেৰে পাৰ হৈ যোৱা।
Saffat 37:138
আনহাতে কেতিয়াবা ৰাতিৰ ভাগতো তোমালোকে সিহঁতৰ সেই ঠাই অতিক্ৰম কৰা, তথাপিও তোমালোকে বুজি নোপোৱা নেকি? সিহঁতে কুফৰী আৰু অস্বীকাৰ কৰাৰ ফলত, লগতে পূৰ্বে কোনেও নকৰা অশ্লীলতাত লিপ্ত হোৱাৰ ফলত সিহঁতে যি শাস্তিৰ সন্মুখীন হৈছিল, সেইটোৰ পৰা তোমালোকে কিয় উপদেশ গ্ৰহণ নকৰা?
Saffat 37:139
নিশ্চয় আমাৰ বান্দা ইউনুছ আলাইহিচ্ছালাম সেইসকল ৰাছুলৰ অন্তৰ্ভুক্ত আছিল, যিসকলক আমি তেওঁলোকৰ সম্প্ৰদায়ৰ ওচৰলৈ সুসংবাদদাতা আৰু সতৰ্ককাৰী হিচাপে প্ৰেৰণ কৰিছিলোঁ।
Saffat 37:140
যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ অনুমতি নোহোৱাকৈ নিজ সম্প্ৰদায়ক এৰি গুচি গৈছিল। আৰু এনেকুৱা এখন নাঁৱত আৰোহণ কৰিলে, যিটো যাত্ৰী আৰু বয়-বস্তুৰে ভৰা আছিল।
Saffat 37:141
এতেকে অধিক ভাৰী হোৱাৰ ফলত নাও ডুবি যোৱাৰ উপক্ৰম হ’ল, সেয়ে নাও ডুবি যোৱাৰ ভয় যাত্ৰীসকলে লটাৰীৰ যোগেদি কেইজনমানক সাগৰত দলিয়াই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। ভাগ্যক্ৰমে লটাৰীত ইউনুছ আলাইহিচ্ছালামৰ নাম উঠিল, সেয়ে তেওঁক সাগৰত নিক্ষেপ কৰা হ’ল।
Saffat 37:142
সিহঁতে যেতিয়া তেওঁক সাগৰত নিক্ষেপ কৰিলে, তেতিয়া প্ৰকাণ্ড মাছ এটাই তেওঁক গিলি পেলালে। সেই সময়ত তেওঁ নিজকে ধিক্কাৰ দি আছিল। কিয়নো তেওঁ নিজ প্ৰতিপালকৰ অনুমতি নোহোৱাকৈ গুচি আহিছিল।
Saffat 37:143
এই ঘটনা সংঘটিত হোৱাৰ পূৰ্বৰে পৰা যদি ইউনুছ আলাইহিচ্ছালাম আল্লাহক বেছি বেছি স্মৰণ কৰা লোকসকলৰ অন্তৰ্ভুক্ত নহ’লহেঁতেন, তথা মাছৰ পেটত অৱস্থান কৰা সময়তো যদি তেওঁ আল্লাহৰ তছবীহ পাঠ নকৰিলেহেঁতেন,
Saffat 37:144
তেন্তে নিশ্চয় তেওঁ কিয়ামত পৰ্যন্ত মাছৰ পেটতেই অৱস্থান কৰিবলগীয়া হ’লহেঁতেন। আৰু সেইটোৱে তেওঁৰ কবৰ হ’লহেঁতেন।
Saffat 37:145
ইয়াৰ পিছত আমি তেওঁক মাছৰ পেটৰ পৰা উলিয়াই এনেকুৱা এখন ভূমিত নিক্ষেপ কৰিলোঁ, য’ত কোনো গছ-গছনি আৰু ঘৰ-দুৱাৰ নাছিল। এটা নিৰ্দিষ্ট সময়লৈকে মাছৰ পেটত অৱস্থান কৰাৰ কাৰণে তেওঁ দুৰ্বল হৈ পৰিছিল।
Saffat 37:146
সেই খালী ভূমিত আমি এজোপা লতা জাতীয় গছ উৎপন্ন কৰি দিছিলোঁ (লাউ, খিৰা অথবা তৰমুজ গছ)। যাতে ইয়াৰ ছাঁত তেওঁ বিশ্ৰাম কৰিব পাৰে আৰু ইয়াৰ ফল ভক্ষণ কৰিব পাৰে।
Saffat 37:147
আমি তেওঁক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ, যাৰ সংখ্যা আছিল এক লাখ, বৰং তাতোকৈ বেছি ।
Saffat 37:148
এতেকে তেওঁলোকে ঈমান পোষণ কৰিলে আৰু তেওঁ লৈ অহা চৰীয়তক সমৰ্থন কৰিলে। ফলত আল্লাহে তেওঁলোকক পাৰ্থিৱ জীৱনত সুখ-সুবিধা দান কৰিলে, অৱশেষত তেওঁলোকৰ পাৰ্থিৱ জীৱনৰ নিৰ্ধাৰিত সময় সমাপ্ত হ’ল।
Saffat 37:149
হে মুহাম্মদ! মুশ্বৰিকসকলৰ অভিযোগ খণ্ডন কৰিবলৈ সিহঁতক সোধক, তোমালোকে আল্লাহৰ বাবে কন্যা সন্তান সাব্যস্ত কৰা অথচ তোমালোকে নিজৰ বাবে কন্যা সন্তান অপছন্দ কৰা, এইটো কেনেকুৱা চিন্তা ধাৰা? আনহাতে নিজৰ বাবে তোমালোকে পুত্ৰ সন্তান পছন্দ কৰা। এইটো কি ধৰণৰ ভাগ-বতৰা?
Saffat 37:150
ফিৰিস্তাসকল নাৰী বুলি সিহঁতে কি ভিত্তিত ধাৰণা কৰিলে? অথচ তেওঁলোকক সৃষ্টি কৰাৰ সময়ত সিহঁত উপস্থিত নাছিল, আনকি সিহঁতে তেওঁলোকক সৃষ্টি কৰাও দেখা নাই।
Saffat 37:151
জানি থোৱা! নিশ্চয় মুশ্বৰিকসকলে আল্লাহৰ সৈতে সন্তান সম্পৃক্ত কৰি এই ধৰণৰ মিছা ৰটনাৰ জৰিয়তে আল্লাহৰ প্ৰতি মিছা অভিযোগ উত্থাপন কৰিছে তথা মিছা অপবাদ দিছে। এই দাবীত নিশ্চিতভাৱে সিহঁত মিছলীয়া।
Saffat 37:152
জানি থোৱা! নিশ্চয় মুশ্বৰিকসকলে আল্লাহৰ সৈতে সন্তান সম্পৃক্ত কৰি এই ধৰণৰ মিছা ৰটনাৰ জৰিয়তে আল্লাহৰ প্ৰতি মিছা অভিযোগ উত্থাপন কৰিছে তথা মিছা অপবাদ দিছে। এই দাবীত নিশ্চিতভাৱে সিহঁত মিছলীয়া।
Saffat 37:153
তোমালোকে পছন্দ কৰা পুত্ৰৰ ঠাইত, তোমালোকে অপছন্দ কৰা কন্যা সন্তানক আল্লাহে নিজৰ বাবে পছন্দ কৰিব নেকি? এইটো কেতিয়াও হ’ব নোৱাৰে।
Saffat 37:154
হে মুশ্বৰিকসকল! কি হৈছে তোমালোকৰ? কিয় তোমালোকে এনেকুৱা অন্যায়মূলক নিৰ্ণয় দি আছা, নিজৰ বাবে পুত্ৰ সন্তান পছন্দ কৰা, আনহাতে আল্লাহৰ বাবে কন্যা সন্তান?!
Saffat 37:155
তোমালোকে এই ভ্ৰষ্ট আক্বীদাহ সম্পৰ্কে চিন্তা-চৰ্চা নকৰা নেকি? কিয়নো যদি চিন্তা-চৰ্চা কৰিলাহেঁতেন তেন্তে কেতিয়াও এনেকুৱা কথা নক’লাহেঁতেন!
Saffat 37:156
তোমালোকৰ ওচৰত কিতাব অথবা ৰাছুলৰ ফালৰ পৰা এই সম্পৰ্কে কোনো স্পষ্ট দলিল তথা প্ৰত্যক্ষ প্ৰমাণ আছে নেকি?!
Saffat 37:157
যদি তোমালোকে নিজৰ দাবীত সত্যবাদী তেন্তে তোমালোকৰ সেই কিতাবখন লৈ আহা, য’ত এই বিষয়ে তোমালোকৰ প্ৰমাণ আছে।
Saffat 37:158
ফিৰিস্তাসকলক আল্লাহৰ কন্যা সন্তান বুলি কৈ মুশ্বৰিকসকলে অদৃশ্য ফিৰিস্তা আৰু আল্লাহৰ মাজত বংশ সম্পৰ্ক স্থাপন কৰি পেলাইছে, (যিটো প্ৰকাশ্য অন্যায়)। অথচ ফিৰিস্তাসকলে ভালকৈয়ে জানে যে, নিশ্চয় মুশ্বৰিকসকলক হিচাপ-নিকাচৰ বাবে উপস্থিত কৰা হ’ব।
Saffat 37:159
আল্লাহ সেই সকলো অভিযোগৰ পৰা পৱিত্ৰ, যিবোৰ মুশ্বৰিকসকলে তেওঁৰ বিষয়ে উত্থাপন কৰে। দৰাচলতে সন্তান, অংশীদাৰ আদি পৱিত্ৰ আল্লাহৰ বাবে উচিতো নহয়।
Saffat 37:160
কিন্তু আল্লাহৰ নিষ্ঠাৱান বান্দাসকলৰ বিষয়টো সুকীয়া। কিয়নো তেওঁলোকে আল্লাহক সেইবোৰ বৈশিষ্ট্যৰ দ্বাৰাই বিভূষিত কৰে, যিবোৰ তেওঁৰ মৰ্যাদাৰ বাবে উচিত।
Saffat 37:161
হে মুশ্বৰিকসকল! তোমালোকে আৰু আল্লাহৰ বাহিৰে উপাসনা কৰা তোমালোকৰ এই উপাস্যবোৰে,
Saffat 37:162
কাকো সত্য ধৰ্মৰ পৰা আঁতৰাই নিব নোৱাৰিবা।
Saffat 37:163
কেৱল সেই ব্যক্তিৰ বাহিৰে, যাৰ বিষয়ে আল্লাহে আগতেই সিদ্ধান্ত লৈছে যে, সি জাহান্নামত প্ৰৱেশ কৰিব। গতিকে তেওঁৰ সিদ্ধান্ত কাৰ্যকৰী হোৱাটোৱে নিশ্চিত, সেইকাৰণেই সি কুফৰী কৰে, আৰু অৱশেষত জাহান্নামত প্ৰৱেশ কৰে। আনহাতে এই ক্ষেত্ৰত তোমালোকৰ আৰু তোমালোকৰ এই উপাস্যবোৰৰ কোনো ক্ষমতা নাই।
Saffat 37:164
ফিৰিস্তাসকলে আল্লাহৰ দাসত্ব স্বীকাৰ কৰি আৰু মুশ্বৰিকসকলৰ অভিযোগক বিচ্ছেদ ঘোষণা কৰি কৈছেঃ আমাৰ মাজৰ প্ৰত্যেকৰে বাবে আল্লাহৰ ইবাদত আৰু তেওঁৰ আনুগত্যৰ ক্ষেত্ৰত এটা নিয়ত মৰ্যাদা আছে।
Saffat 37:165
নিশ্চয় আমি ফিৰিস্তাসকলে আল্লাহৰ ইবাদত তথা আনুগত্যৰ বাবে শাৰীবদ্ধ হৈ থিয় দিওঁ। লগতে আমি আল্লাহক সেই সকলোবোৰ বিশেষণৰ পৰা পৱিত্ৰতা ঘোষণা কৰোঁ, যিবোৰ তেওঁৰ মৰ্যাদাৰ বাবে উপযুক্ত নহয়।
Saffat 37:166
নিশ্চয় আমি ফিৰিস্তাসকলে আল্লাহৰ ইবাদত তথা আনুগত্যৰ বাবে শাৰীবদ্ধ হৈ থিয় দিওঁ। লগতে আমি আল্লাহক সেই সকলোবোৰ বিশেষণৰ পৰা পৱিত্ৰতা ঘোষণা কৰোঁ, যিবোৰ তেওঁৰ মৰ্যাদাৰ বাবে উপযুক্ত নহয়।
Saffat 37:167
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ পূৰ্বে মক্কাৰ মুশ্বৰিকসকলে দাবী কৰিছিল যে, পূৰ্বৱৰ্তী গ্ৰন্থ যেনে- তাওৰাতৰ দৰে যদি আমাৰ ওচৰত কোনো গ্ৰন্থ থাকিলহেঁতেন তেন্তে আমিও নিৰ্ভেজালভাৱে আল্লাহৰ ইবাদত কৰিলোহেঁতেন। প্ৰকৃততে সিহঁতে মিছাতে এই দাবী কৰিছিল। কিয়নো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া সিহঁতৰ ওচৰলৈ কোৰআন লৈ আহিল, তেতিয়া সিহঁতে ইয়াক অস্বীকাৰ কৰিলে। গতিকে কিয়ামতৰ দিনা অচিৰেই সিহঁতে সেই কঠিন শাস্তিৰ সন্মুখীন হ’ব, যি শাস্তি সিহঁতৰ অপেক্ষাত আছে।
Saffat 37:168
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ পূৰ্বে মক্কাৰ মুশ্বৰিকসকলে দাবী কৰিছিল যে, পূৰ্বৱৰ্তী গ্ৰন্থ যেনে- তাওৰাতৰ দৰে যদি আমাৰ ওচৰত কোনো গ্ৰন্থ থাকিলহেঁতেন তেন্তে আমিও নিৰ্ভেজালভাৱে আল্লাহৰ ইবাদত কৰিলোহেঁতেন। প্ৰকৃততে সিহঁতে মিছাতে এই দাবী কৰিছিল। কিয়নো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া সিহঁতৰ ওচৰলৈ কোৰআন লৈ আহিল, তেতিয়া সিহঁতে ইয়াক অস্বীকাৰ কৰিলে। গতিকে কিয়ামতৰ দিনা অচিৰেই সিহঁতে সেই কঠিন শাস্তিৰ সন্মুখীন হ’ব, যি শাস্তি সিহঁতৰ অপেক্ষাত আছে।
Saffat 37:169
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ পূৰ্বে মক্কাৰ মুশ্বৰিকসকলে দাবী কৰিছিল যে, পূৰ্বৱৰ্তী গ্ৰন্থ যেনে- তাওৰাতৰ দৰে যদি আমাৰ ওচৰত কোনো গ্ৰন্থ থাকিলহেঁতেন তেন্তে আমিও নিৰ্ভেজালভাৱে আল্লাহৰ ইবাদত কৰিলোহেঁতেন। প্ৰকৃততে সিহঁতে মিছাতে এই দাবী কৰিছিল। কিয়নো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া সিহঁতৰ ওচৰলৈ কোৰআন লৈ আহিল, তেতিয়া সিহঁতে ইয়াক অস্বীকাৰ কৰিলে। গতিকে কিয়ামতৰ দিনা অচিৰেই সিহঁতে সেই কঠিন শাস্তিৰ সন্মুখীন হ’ব, যি শাস্তি সিহঁতৰ অপেক্ষাত আছে।
Saffat 37:170
১৬৭-১৭০- মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ পূৰ্বে মক্কাৰ মুশ্বৰিকসকলে দাবী কৰিছিল যে, পূৰ্বৱৰ্তী গ্ৰন্থ যেনে- তাওৰাতৰ দৰে যদি আমাৰ ওচৰত কোনো গ্ৰন্থ থাকিলহেঁতেন তেন্তে আমিও নিৰ্ভেজালভাৱে আল্লাহৰ ইবাদত কৰিলোঁহেঁতেন। প্ৰকৃততে সিহঁতে মিছাতে এই দাবী কৰিছিল। কিয়নো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া সিহঁতৰ ওচৰলৈ কোৰআন লৈ আহিল, তেতিয়া সিহঁতে ইয়াক অস্বীকাৰ কৰিলে। গতিকে কিয়ামতৰ দিনা অচিৰেই সিহঁতে সেই কঠিন শাস্তিৰ সন্মুখীন হ’ব, যি শাস্তি সিহঁতৰ অপেক্ষাত আছে।
Saffat 37:171
১৭১-১৭৩-আমাৰ ৰাছুলসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে, তেওঁলোকেই নিজৰ শত্ৰুৰ বিৰুদ্ধে জয় লাভ কৰিব। আল্লাহৰ পথত যুদ্ধ কৰা আমাৰ সেনাবাহিনীয়েই জয়যুক্ত হ’ব, যাতে আল্লাহৰ বাণী সদায় উচ্চতাত থাকে।
Saffat 37:172
১৭১-১৭৩-আমাৰ ৰাছুলসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে, তেওঁলোকেই নিজৰ শত্ৰুৰ বিৰুদ্ধে জয় লাভ কৰিব। আল্লাহৰ পথত যুদ্ধ কৰা আমাৰ সেনাবাহিনীয়েই জয়যুক্ত হ’ব, যাতে আল্লাহৰ বাণী সদায় উচ্চতাত থাকে।
Saffat 37:173
১৭১-১৭৩-আমাৰ ৰাছুলসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে, তেওঁলোকেই নিজৰ শত্ৰুৰ বিৰুদ্ধে জয় লাভ কৰিব। আল্লাহৰ পথত যুদ্ধ কৰা আমাৰ সেনাবাহিনীয়েই জয়যুক্ত হ’ব, যাতে আল্লাহৰ বাণী সদায় উচ্চতাত থাকে।
Saffat 37:174
হে ৰাছুল! এই দূৰাচাৰী মুশ্বৰিকসকলৰ পৰা আপুনি এটা নিৰ্দিষ্ট সময়লৈকে বিমুখ হৈ থাকক, যাতে সিহঁতৰ ওচৰত শাস্তিৰ সময় আহি পৰে। সেই সময় সম্পৰ্কে আল্লাহেই ভাল জানে।
Saffat 37:175
সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ নোহোৱালৈকে সিহঁতক চাই থাকক, এটা সময়ত সিহঁতৰো অন্তৰাত্মা জাগিব, কিন্তু সেই সময়ৰ চেতনাই সিহঁতক কোনো উপকাৰ নকৰিব।
Saffat 37:176
এই মুশ্বৰিকসকলে আল্লাহৰ শাস্তি সম্পৰ্কে খৰখেদা কৰি আছে নেকি?
Saffat 37:177
এতেকে যেতিয়া সিহঁতৰ ওপৰত আল্লাহৰ শাস্তি অৱতীৰ্ণ হ'ব, তেতিয়া সিহঁতৰ প্ৰভাত হ’ব অতি নিন্দাজনক।
Saffat 37:178
হে ৰাছুল! আপুনি সিহঁতক আওকাণ কৰক, যেতিয়ালৈকে আল্লাহে সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ নকৰে।
Saffat 37:179
আপুনি সিহঁতক চাই থাকক। সিহঁতেও অচিৰেই দেখা পাব যে, সিহঁতৰ ওপৰত আল্লাহৰ কোনটো আযাব আৰু শাস্তি অৱতীৰ্ণ হয়।
Saffat 37:180
হে মুহাম্মদ! আপোনাৰ প্ৰতিপালক সকলো ক্ষমতাৰ অধিকাৰী, আপুনি তেওঁৰ পৱিত্ৰতা বৰ্ণনা কৰক। তেওঁ সেই সকলো বিশেষণৰ পৰা পৱিত্ৰ, যিবোৰ মুশ্বৰিকসকলে তেওঁৰ প্ৰতি আৰোপ কৰে।
Saffat 37:181
আল্লাহৰ ছালাম আৰু তেওঁৰ প্ৰশংসা তেওঁৰ সন্মানিত ৰাছুলসকলৰ বাবে।
Saffat 37:182
সকলো ধৰণৰ প্ৰশংসা পৱিত্ৰ আৰু মহান আল্লাহৰ বাবে। একমাত্ৰ তেৱেঁই ইয়াৰ যোগ্য। তেৱেঁই বিশ্বজগতৰ প্ৰতিপালক। তেওঁৰ বাহিৰে বিশ্বজগতৰ আন কোনো প্ৰতিপালক নাই।
Sâd 38:1
চোৱাদ। এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। আল্লাহে কোৰআনৰ শপত খাই এই কথা উল্লেখ কৰিছে যে, কোৰআনত আছে মানুহৰ বাবে এনেকুৱা উপদেশ, যিবোৰ দুনিয়া আৰু আখিৰাতত মানুহৰ বাবে উপকাৰী। মুশ্বৰিকসকলে আল্লাহৰ অংশীদাৰ থকা বুলি যি ধাৰণা পোষণ কৰে, সেইটো সম্পুৰ্ণৰূপে মিছা।
Sâd 38:2
কিন্তু কাফিৰসকলে আল্লাহৰ তাওহীদৰ পৰা আঁতৰি অহংকাৰত লিপ্ত হৈছে, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিৰোধিতা কৰি তেওঁৰ লগত শত্ৰুতা পোষণ কৰিছে।
Sâd 38:3
আমি ইহঁতৰ পূৰ্বে বহুতো সম্প্ৰদায়ক বিনাশ কৰিছোঁ, যিসকলে নিজ নিজ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। কিন্তু যেতিয়া সিহঁতৰ ওপৰত শাস্তি অৱতীৰ্ণ হৈছিল তেতিয়া সিহঁতে কাকুতি-মিনতি কৰি সহায় প্ৰাৰ্থনা কৰিছিল। অথচ সেইটো ৰক্ষা পোৱাৰ সময় নাছিল যে, কাকুতি-মিনতি কৰিলে কিবা লাভ হ’ব।
Sâd 38:4
আৰু সিহঁতে আশ্চৰ্য প্ৰকাশ কৰি কৈছিল যেতিয়া সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰিত হৈছিল, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ ভয় দেখুৱাইছিল যে, যদি সিহঁতে এইদৰে কুফৰীৰ ওপৰত অবিচল থাকে তেন্তে সিহঁতে আল্লাহৰ শাস্তিৰ সন্মুখীন হ’ব। মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তৰ সপক্ষে দলিল-প্ৰমাণবোৰ প্ৰত্যক্ষ কৰাৰ পিছত কাফিৰসকলে ক’লেঃ এওঁ হৈছে যাদুকৰ ব্যক্তি, যিয়ে মানুহক যাদু কৰে। তথা এওঁ এজন মিছলীয়া ব্যক্তি, যিয়ে নিজকে আল্লাহৰ ৰাছুল বুলি দাবী কৰে আৰু আল্লাহে তেওঁৰ প্ৰতি অহী কৰে বুলি দাবী কৰে।
Sâd 38:5
এওঁ বিভিন্ন ইলাহক এজন ইলাহ বনাই লৈছে নেকি, যাৰ বাহিৰে আন কোনো ইলাহ নাই? নিশ্চয় তেওঁৰ এই কৰ্ম অত্যন্ত আশ্চৰ্যজনক।
Sâd 38:6
সিহঁতৰ নেতৃস্থানীয় আৰু প্ৰমুখ লোকসকলে নিজৰ অনুসাৰীসকলক এই বুলি কৈ আঁতৰি গ’ল যে, তোমালোকেও সেইটোৰ ওপৰত অবিচল থাকা, যিটোৰ ওপৰত আগতে আছিলা। মুহাম্মদৰ ধৰ্মত প্ৰৱেশ নকৰিবা। তোমালোকে নিজ নিজ উপাস্যৰ উপাসনাত দৃঢ়ভাৱে অটল থাকা। দৰাচলতে মুহাম্মদে তোমালোকক এটা বিশেষ আঁচনিৰ অধীনত এক আল্লাহৰ ইবাদতৰ পিনে আহ্বান কৰি আছে। প্ৰকৃততে তেওঁ আমাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব বিচাৰে আৰু যাতে আমি তেওঁৰ অনুসাৰী হৈ যাওঁ।
Sâd 38:7
মুহাম্মদে যি তাওহীদৰ পিনে আমাক আহ্বান কৰি আছে, সেই বিষয়ে আমি আমাৰ আজোককাসকলৰ মুখত একো শুনা নাছিলোঁ। আনকি ঈছা আলাইহিচ্ছালামৰ ধৰ্মতো ইয়াৰ কোনো উল্লেখ নাই। তেওঁৰ এই কথা যিটো আমি শুনি আছোঁ, দৰাচলতে একপ্ৰকাৰ মিছা আৰু মনেসজা কথাৰ বাহিৰে আন একো নহয়।
Sâd 38:8
“এইটো কিদৰে সম্ভৱ যে, আমাৰ মাজত ডাঙৰ ডাঙৰ আৰু প্ৰমুখ লোকসকল থকা সত্তেও তেওঁক বিশেষ মৰ্যাদা প্ৰদান কৰা হ’ল আৰু তেওঁৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰা হ’ল, আমাৰ ওপৰত কিয় অৱতীৰ্ণ কৰা নহ’ল”? বৰং এই মুশ্বৰিকসকলে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা অহী সম্পৰ্কে সন্দেহত পতিত হৈছে। যিহেতু সিহঁতে এতিয়াও আল্লাহৰ শাস্তিৰ সোৱাদ পোৱা নাই, সেইকাৰণেই সিহঁতে এই অৱকাশক অৱহেলা কৰি আছে। যদি সিহঁতে সেই শাস্তিৰ সোৱাদ পালেহেঁতেন তেন্তে কেতিয়াও আল্লাহৰ লগত কুফৰী আৰু শ্বিৰ্ক নকৰিলেহেঁতেন আৰু আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা অহীৰ প্ৰতিও সন্দেহ নকৰিলেহেঁতেন।
Sâd 38:9
অথবা এই মিছলীয়া মুশ্বৰিকসকলৰ ওচৰত আপোনাৰ প্ৰতিপালকৰ অনুগ্ৰহৰ ভাণ্ডাৰ আছে নেকি? আপোনাৰ প্ৰতিপালক মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ যাক যি ইচ্ছা কৰে সেইটোৱে দান কৰে। নুবুওৱত হৈছে তেওঁৰ অনুগ্ৰহ ভাণ্ডাৰৰ এটা অংশ। এতেকে তেওঁ যাক ইচ্ছা কৰে তাকহে তেওঁ নুবুওৱত দান কৰে। এইক্ষেত্ৰত সিহঁতৰ কোনো অধিকাৰ নাই যে, সিহঁতে যাক ইচ্ছা কৰিব দান কৰিব আৰু যাক ইচ্ছা কৰিব বঞ্চিত কৰিব।
Sâd 38:10
অথবা সিহঁতৰ ওচৰত আকাশমণ্ডল, পৃথিৱী আৰু দুয়োৰে মাজত থকা সকলো বস্তুৰ কৰ্তৃত্ব আছে নেকি? নাইবা কাৰোবাক দান কৰা আৰু কাৰোবাক বঞ্চিত কৰাৰ অধিকাৰ সিহঁতৰ আছে নেকি? যদি সিহঁতে এনেকুৱাই ভাৱে তেন্তে সিহঁতে আকাশত উঠাৰ মাধ্যম অৱলম্বন কিয় নকৰে। যাতে দান কৰা আৰু বঞ্চিত কৰাৰ সেই আদেশ কাৰ্যকৰী কৰিব পাৰে। সিহঁতৰ পক্ষে এইটো কেতিয়াও সম্ভৱ নহয়।
Sâd 38:11
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰা লোকসকল হৈছে পৰাজিত সেনা। পূৰ্বৱৰ্তী সেই লোকসকলৰ দৰে, যিসকলে নিজ নিজ ৰাছুলসকলক অস্বীকাৰ কৰিছিল।
Sâd 38:12
এই অস্বীকাৰকাৰী সকলেই প্ৰথম অস্বীকাৰকাৰী নহয়। ইহঁতৰ পূৰ্বে নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, আদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, লগতে ফিৰআউনেও অস্বীকাৰ কৰিছিল, আৰু তাৰ ওচৰত মানুহক শাস্তি বিহিবলৈ আছিল লৌহ নিৰ্মিত শলা।
Sâd 38:13
ছামূদ জাতিয়ে অস্বীকাৰ কৰিছিল আৰু লূত সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, লগতে অস্বীকাৰ কৰিছিল শ্বুয়াইব আলাইহিচ্ছালামৰ সম্প্ৰদায়েও। এইসকল লোকেই নিজ নিজ ৰাছুলসকলক অস্বীকাৰ কৰিবলৈ আৰু তেওঁলোকে লৈ অহা চৰীয়তক নাকচ কৰিবলৈ দলবদ্ধ হৈছিল।
Sâd 38:14
এই দলসমূহৰ প্ৰত্যেকেই ৰাছুলসকলক অস্বীকাৰ কৰিছিল। সেইকাৰণেই সিহঁতৰ ওপৰত আল্লাহৰ শাস্তি অনিবাৰ্য হৈছে। তথা পলমকৈ হ’লেও সিহঁতৰ ওপৰত শাস্তিৰ বিধান কাৰ্যকৰী হৈছে।
Sâd 38:15
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰ কৰা এই লোকসকলে কেৱল শিঙাত দ্বিতীয় ফুঁ কেতিয়া দিয়া হ’ব তাৰ অপেক্ষাত আছে, যাৰ পিছত প্ৰত্যাৱৰ্তনৰ কোনো সুযোগ নাথাকিব। গতিকে যদি সিহঁত ৰাছুলক অস্বীকাৰ কৰা অৱস্থাতেই মৃত্যুবৰণ কৰে তেন্তে নিশ্চয় সিহঁতৰ ওপৰত শাস্তি কাৰ্যকৰী হ’ব।
Sâd 38:16
সিহঁতে উপহাস কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! আমাৰ অংশৰ শাস্তি আমাক কিয়ামতৰ পূৰ্বে পৃথিৱীতেই প্ৰদান কৰা।
Sâd 38:17
হে ৰাছুল! এই অস্বীকাৰকাৰী লোকসকলে আপোনাক অসন্তুষ্টিমূলক যিবোৰ কথা কৈ আছে, সেইক্ষেত্ৰত আপুনি ধৈৰ্য্য ধাৰণ কৰক আৰু আমাৰ বান্দা দাঊদ আলাইহিচ্ছালামৰ কথা স্মৰণ কৰক। তেওঁ শত্ৰুক পৰাজিত কৰিব পৰা ক্ষমতাধাৰী আছিল, লগতে তেওঁ আল্লাহৰ আনুগত্যত ধৈৰ্য্য ধাৰণ কৰিছিল। নিশ্চয় তেওঁ আছিল অধিক তাওবাকাৰী আৰু আল্লাহৰ প্ৰতি প্ৰত্যাৱৰ্তনকাৰী ব্যক্তি। লগতে তেওঁ আছিল আল্লাহক সন্তুষ্টি কৰিব পৰা অধিক আমলকাৰী।
Sâd 38:18
আমি দাঊদৰ সৈতে পৰ্বতবোৰকো নিয়োজিত কৰিছিলোঁ। যেতিয়া তেওঁ পুৱা-গধূলি আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰিছিল তথা তছবীহ পাঠ কৰিছিল, তেতিয়া পৰ্বতবোৰেও তেওঁৰ সৈতে তছবীহ পাঠ কৰিছিল।
Sâd 38:19
আকাশমাৰ্গত সমবেত চৰাইবোৰকো আমি তেওঁৰ অধীনস্থ কৰি দিছিলোঁ। সেইবোৰ আটায়ে আছিল অনুগত। তেওঁৰ সৈতে তছবীহ পাঠ কৰিছিল।
Sâd 38:20
আমি তেওঁক সম্ভ্ৰম, শক্তি সামৰ্থ আৰু শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰি তেওঁৰ ৰাজত্বক শক্তিশালী কৰিছিলোঁ। লগতে আমি তেওঁক নুবুওৱত প্ৰদান কৰিছিলোঁ আৰু বিভিন্ন বিষয়ত সঠিক সিদ্ধান্ত লোৱাৰ দুৰদৰ্শিতা প্ৰদান কৰিছিলোঁ। তথা সকলো বিষয়ৰ সন্তোষজনক বৰ্ণনা কৰাৰ ক্ষমতা, লগতে বাগ্মিতা আৰু আদেশ-নিষেধৰ ক্ষমতা প্ৰদান কৰিছিলোঁ।
Sâd 38:21
হে ৰাছুল! আপোনাৰ ওচৰলৈ সেই দুজন বিবাদকাৰী ব্যক্তিৰ সংবাদ আহি পৰিছেনে, যেতিয়া সিহঁতে প্ৰাচীৰ বগাই দাঊদ আলাইহিচ্ছালামৰ ইবাদতৰ ঠাইত প্ৰৱেশ কৰিছিল।
Sâd 38:22
যেতিয়া সিহঁতে দাঊদ আলাইহিচ্ছালামৰ ওচৰত হঠাৎ প্ৰৱেশ কৰিলে, তেওঁ সিহঁতৰ এই আচৰণ দেখি অৰ্থাৎ ব্যতিক্ৰমী প্ৰৱেশত আতংকিত হৈ পৰিল। সিহঁতে দাঊদ আলাইহিচ্ছালামৰ আতংকিত অৱস্থা দেখি ক'লেঃ ভয় নকৰিব। আমি দুটা বিবদমান পক্ষ। এক পক্ষই দ্বিতীয় পক্ষৰ ওপৰত অন্যায় কৰিছে। গতিকে আপুনি আমাৰ মাজত ন্যায়িকভাৱে মীমাংসা কৰি দিয়ক। লগতে মীমাংসাৰ ক্ষেত্ৰত আমাৰ প্ৰতি অন্যায় নকৰিব। তথা আমাক সঠিক পথ দেখুৱাওক।
Sâd 38:23
সিহঁতৰ মাজৰ এজনে দাঊদ আলাইহিচ্ছালামক ক’লেঃ শুনক! এওঁ হৈছে মোৰ ভাই, এওঁৰ ওচৰত আছে নিৰানব্বৈজনী দুম্বা। আনহাতে মোৰ আছে মাত্ৰ এজনী দুম্বা। তথাপিও সি মোৰ সেই এজনী দুম্বাকে বিচাৰি আছে। লগতে যুক্তি তৰ্কতো সি মোক পৰাজিত কৰিছে।
Sâd 38:24
তেতিয়া দাঊদ আলাইহিচ্ছালামে দুয়ো পক্ষৰ মাজত মীমাংসা কৰি দিলে আৰু গোচৰ ৰুজু কৰা ব্যক্তিক সম্বোধন কৰি ক’লেঃ তোমাৰ ভাতৃয়ে তোমাৰ দুম্বাজনীক কাঢ়িলৈ নিজৰ দুম্বাবোৰৰ লগত একত্ৰিত কৰিব বিচাৰি তোমাৰ প্ৰতি অন্যায় কৰিছে। প্ৰকৃততে বহুতো অংশীদাৰে ইজনে সিজনৰ অধিকাৰ খৰ্ব কৰি তথা ন্যায়ৰ পৰা বিমুখ হৈ অন্যায়-অত্যাচাৰত লিপ্ত হয়। আনহাতে সৎকৰ্ম কৰা মুমিনসকলৰ বিষয়টো সুকীয়া। তেওঁলোকে নিজৰ অংশীদাৰসকলৰ লগত ন্যায় কৰে, সিহঁতৰ প্ৰতি অন্যায় নকৰে। যদিও এনেকুৱা লোকৰ সংখ্যা অতি তাকৰ। ইপিনে দাঊদ আলাইহিচ্ছালামে বুজি পালে যে, এই বিবাদৰ দ্বাৰা আমি তেওঁক ফিতনাত পতিত কৰিছোঁ। সেয়ে তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে। আল্লাহৰ নৈকট্য অৰ্জন কৰিবলৈ ছাজদাৱনত হ’ল আৰু তেওঁৰ ওচৰত তাওবা কৰিলে।
Sâd 38:25
আমি তেওঁৰ প্ৰাৰ্থনা কবূল কৰিলোঁ আৰু তেওঁক ক্ষমা কৰিলোঁ। নিশ্চয় তেওঁ আছিল আমাৰ নিকটৱৰ্তী লোকসকলৰ অন্তৰ্ভুক্ত। আখিৰাতত তেওঁৰ বাবে আছে উত্তম বাসস্থান।
Sâd 38:26
হে দাঊদ! নিশ্চয় আমি আপোনাক পৃথিৱীৰ বুকুত খলিফা বনাইছোঁ। যাতে আপুনি দ্বিনী আৰু দুনিয়াৱী উভয় প্ৰকাৰৰ সিদ্ধান্ত জাৰি কৰিব পাৰে। গতিকে আপুনি মানুহৰ মাজত ন্যায় মুতাবিক ফয়চালা কৰক। মানুহৰ মাজত মীমাংসা কৰাৰ সময়ত প্ৰবৃত্তিৰ অনুসৰণ নকৰিব। তথা আত্মীয়তা অথবা বন্ধুত্বৰ খাতিৰত এক পক্ষীয় মীমাংসা নকৰিব। নাইবা কাৰোবাৰ প্ৰতি শত্ৰুতা থকাৰ কাৰণে তাৰ প্ৰতি অন্যায় নকৰিব। এনেকুৱা প্ৰবৃত্তিৰ অনুসৰণে আপোনাক আল্লাহৰ সঠিক পথৰ পৰা আঁতৰাই দিব। যিসকলে মানুহক আল্লাহৰ সঠিক পথৰ পৰা বিভ্ৰান্ত কৰে, নিশ্চিতভাৱে সিহঁতৰ বাবে আছে কঠিন শাস্তি। কিয়নো সিহতে হিচাপ-নিকাচৰ দিৱসক পাহৰি আছিল। কাৰণ যদি সিহঁতে সেই দিৱসক স্মৰণ কৰিলেহেঁতেন তথা ভয় কৰিলেহেঁতেন তেন্তে কেতিয়াও সিহঁতে প্ৰবৃত্তিৰ অনুসৰণ নকৰিলেহেঁতেন।
Sâd 38:27
আকাশমণ্ডল আৰু পৃথিৱীক আমি অনৰ্থক সৃষ্টি কৰা নাই। এইটো একমাত্ৰ কাফিৰসকলৰহে ধাৰণা। এনেকুৱা ধাৰণা পোষণ কৰা কাফিৰসকলৰ বাবে কিয়ামতৰ দিনা আছে অগ্নিৰ শাস্তি, যদি সিহঁতে কুফৰীৰ ওপৰত অটল থাকি অথবা আল্লাহৰ প্ৰতি বেয়া ধাৰণা পোষণ কৰি মৃত্যুবৰণ কৰে।
Sâd 38:28
যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰিছে, লগতে সৎকৰ্ম কৰিছে তেওঁলোকক আমি কেতিয়াও সেইসকল লোকৰ দৰে গণ্য নকৰোঁ যিসকলে বিভিন্ন প্ৰকাৰৰ গুনাহ আৰু কুফৰীৰ দ্বাৰা পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰে। এইদৰে মুত্তাক্বীসকলক, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে, তেওঁলোককো আমি কাফিৰ মুনাফিক তথা গুনাহত নিমজ্জিত ব্যক্তিসকলৰ সৈতে কেতিয়াও তুলনা নকৰোঁ। উভয়কে সমান মৰ্যাদা প্ৰদান কৰাটো এটা অন্যায়, আল্লাহৰ পক্ষে এইটো কেতিয়াও সমীচীন নহয়। বৰং আল্লাহে মুত্তাক্বী মুমিনসকলক জান্নাতত প্ৰৱেশ কৰাৰ সুবিধা প্ৰদান কৰিব। আনহাতে দুৰ্ভগীয়া কাফিৰসকলক জাহান্নামত প্ৰৱেশ কৰাই শাস্তি বিহিব। কিয়নো আল্লাহৰ দৃষ্টিত দুয়ো সমান নহয়, সেয়ে তেওঁৰ ওচৰত সিহঁতৰ প্ৰতিদানো সমান নহয়।
Sâd 38:29
নিশ্চয় এই কোৰআন, যিখন আমি আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ অত্যন্ত উপকাৰী তথা অতি লাভদায়ক। এইখন অৱতীৰ্ণ কৰাৰ উদ্দেশ্য হৈছে যাতে মানুহে ইয়াৰ আয়াতসমূহকলৈ গৱেষণা কৰে তথা ইয়াৰ অৰ্থ সম্পৰ্কে চিন্তা-চৰ্চা কৰে। লগতে বিবেকৱান আৰু পৰিপক্ক লোকসকলে যাতে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰে।
Sâd 38:30
আমি আমাৰ অনুগ্ৰহ আৰু কৃপাৰ দ্বাৰা দাঊদক ছুলাইমানৰ দৰে এজন সুযোগ্য পুত্ৰ দান কৰিছিলোঁ, যাতে তেওঁৰ চকু জুৰায়। নিশ্চয় ছুলাইমান আছিল অতি উত্তম বান্দা। তেওঁ আল্লাহৰ ওচৰত অধিক তাওবাকাৰী আৰু তেওঁৰ প্ৰতি প্ৰত্যাৱৰ্তনকাৰী আছিল।
Sâd 38:31
সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া তেওঁৰ সন্মুখত আচৰৰ সময়ত দ্ৰুতগামী উৎকৃষ্ট অশ্বৰাজিক উপস্থাপন কৰা হৈছিল, যিবোৰে তিনি ঠেঙত ভৰ দি থিয় হৈ আছিল আৰু চতুৰ্থ ঠেং ওপৰত উঠাই আছিল। এনেকুৱা বৈশিষ্ট্যৰ ঘোঁৰাবোৰ ধাৰাবাহিকভাৱে তেওঁৰ ওচৰত উপস্থাপন কৰা হৈছিল সূৰ্যাস্ত পৰ্যন্ত।
Sâd 38:32
তেতিয়া ছুলাইমানে ক’লেঃ নিশ্চিতভাৱে মই এইবোৰ ঘোঁৰাৰ মোহত পৰি ঐশ্বৰ্য প্ৰীতিত মগ্ন হৈ পৰিছোঁ। ইপিনে সূৰ্য্য অস্ত গৈছে, অথচ মই এতিয়াও আচৰৰ চালাত আদায় কৰা নাই।
Sâd 38:33
ইয়াৰ পিছত তেওঁ নিৰ্দেশ দি ক’লে, সেই ঘোঁৰাবোৰ মোৰ ওচৰত আকৌ উপস্থিত কৰা। আদেশ অনুসাৰে সেইবোৰক তেওঁৰ ওচৰত উপস্থিত কৰা হ’ল। ইপিনে তেওঁ সেইবোৰক ভৰি আৰু ডিঙিত আঘাত কৰি জবেহ কৰিবলৈ ধৰিলে।
Sâd 38:34
নিশ্চয় আমি ছুলাইমানক পৰীক্ষা কৰিছিলোঁ আৰু তেওঁৰ ৰাজত্বৰ সিংহাসনৰ ওপৰত চয়তানক প্ৰক্ষেপ কৰিছিলোঁ। যিয়ে মানৱ আকৃতি ধাৰণ কৰিছিল আৰু কিছু সময় পৰ্যন্ত ৰাজ্যভাৰ চলাইছিল। তাৰ পিছত আল্লাহে ছুলাইমানক পুনৰ ৰাজত্ব ঘূৰাই দিছিল আৰু তেওঁক চয়তানৰ ওপৰত শাসনাধিষ্ঠিত কৰিছিল।
Sâd 38:35
ছুলাইমান আলাইহিচ্ছালামে ক'লেঃ হে মোৰ প্ৰতিপালক! মোৰ গুনাহসমূহ ক্ষমা কৰি দিয়া। তথা মোক এনেকুৱা ৰাজত্ব প্ৰদান কৰা যিটো কেৱল মোৰ বাবেই নিৰ্দিষ্ট। তেনেকুৱা ৰাজত্ব মোৰ পিছত কোনেও যাতে নাপায়। হে মোৰ প্ৰতিপালক! নিশ্চয় তুমি অত্যন্ত দানশীল তথা মহা দাতা।
Sâd 38:36
ফলত আমি তেওঁৰ দুআ কবূল কৰিলোঁ আৰু বতাহক তেওঁৰ অধীনস্থ কৰি দিলোঁ। তেওঁৰ আদেশত বতাহ লাহে লাহে বলিছিল। প্ৰচণ্ড শক্তিশালী হোৱাৰ পিছতো বতাহৰ মাজত নাছিল কোনো সঞ্চাৰণ। তেওঁ বতাহক যি ফালে ইচ্ছা সেইফালেই গতি কৰাইছিল।
Sâd 38:37
চয়তানবোৰকো তেওঁৰ অধীনস্থ কৰি দিছিলোঁ, সিহঁতে তেওঁৰ আদেশ মতে কাম কৰিছিল। এতেকে সিহঁতৰ মাজৰ কিছুমান আছিল নিৰ্মাণ কামত পাৰ্গত আৰু কিছুমান আছিল ডুবাৰু। যিবোৰে সাগৰৰ তলিৰ পৰা মুকুতা সংগ্ৰহ কৰিছিল।
Sâd 38:38
চয়তানৰবোৰৰ মাজত কিছুমান আছে স্বৈৰাচাৰী, সিহঁতকো তেওঁৰ অধীনস্থ কৰি দিয়া হৈছিল। গতিকে সিহঁতক শিকলিৰে আৱদ্ধ কৰি ৰখা হৈছিল। ফলত সিহঁতে লৰচৰ কৰিব পৰা নাছিল।
Sâd 38:39
হে ছুলাইমান! এইবোৰ হৈছে আমাৰ দান, আপোনাৰ প্ৰাৰ্থনা কবূল কৰি যিবোৰ আমি আপোনাক দান কৰিছোঁ। এতেকে এতিয়া আপোনাৰ ইচ্ছা, আপুনি যাক ইচ্ছা কৰে দিব পাৰে, আৰু যাক ইচ্ছা কৰে বঞ্চিত কৰিব পাৰে। এই বিষয়ে আপোনাক কোনো জবাবদিহি কৰা নহ’ব।
Sâd 38:40
নিশ্চয় ছুলাইমান আছিল আমাৰ নৈকট্যপ্ৰাপ্ত লোকসকলৰ অন্তৰ্ভুক্ত। তেওঁৰ বাবে আছে উত্তম প্ৰত্যাৱৰ্তনস্থল অৰ্থাৎ জান্নাত।
Sâd 38:41
হে ৰাছুল! আমাৰ বান্দা আয়্যুবক স্মৰণ কৰক, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি কৈছিলঃ চয়তানে মোক দুখ-কষ্টৰ জৰিয়তে যন্ত্ৰণাত পেলাইছে।
Sâd 38:42
তেতিয়া আমি তেওঁক কৈছিলোঁ, আপুনি ভৰিৰে মাটিত আঘাত কৰক। এতেকে তেওঁ ভৰিৰে মাটিত আঘাত কৰিলে, ফলত তাৰ পৰা এটা পানীৰ জৰণি প্ৰস্ফুটিত হৈছিল। যাতে সেই পানী তেওঁ খাব পাৰে আৰু গা-গোছল কৰিব পাৰে। লগতে যাতে ইয়াৰ ফলত তেওঁৰ দুখ-কষ্ট অৰ্থাৎ বেমাৰ-আজাৰ দূৰ হয়।
Sâd 38:43
এতেকে আমি তেওঁৰ দুআ কবূল কৰিলোঁ, আৰু তেওঁৰ বিপদ আঁতৰাই দিলোঁ। লগতে তেওঁক পৰিয়াল প্ৰদান কৰিলোঁ, আৰু আমি আমাৰ নিজ অনুগ্ৰহত তথা তেওঁৰ ধৈৰ্য্যৰ বিনিময়ত সেই অনুপাতে পুত্ৰ আৰু নাতি-নাতিনী দান কৰিলোঁ। যাতে সঠিক বিবেক সম্পন্ন লোকসকলে বুজি পায় যে, ধৈৰ্য্যৰ পৰিণাম হৈছে প্ৰশস্ততা আৰু ছোৱাব।
Sâd 38:44
আয়্যুব আলাইহিচ্ছালামে যেতিয়া নিজ পত্নীৰ ওপৰত অসন্তুষ্ট হ'ল, আৰু তাইক এশ বেত্ৰাঘাত কৰাৰ শপত গ্ৰহণ কৰিলে, তেতিয়া আমি তেওঁক ক'লোঃ হে আয়্যুব! আপুনি আপোনাৰ শপত পূৰণ কৰিবলৈ এমুঠি কোমল আৰু পাতল ডাল-পাত লওক, আৰু সেইটোৰে তাইক বেত্ৰাঘাত কৰক। কিন্তু তথাপিও আপুনি আপোনাৰ শপত ভংগ নকৰিব। এতেকে তেওঁ কোমল আৰু পাতল এমুঠি ঠাল-ঠেঙুলি লৈ তাইক বেত্ৰাঘাত কৰিলে। আমি তেওঁক যি যি পৰীক্ষাত পতিত কৰিছোঁ, সেই পৰীক্ষাতেই তেওঁক ধৈৰ্যশীল পাইছোঁ। তেওঁ আছিল অতি উত্তম বান্দা। নিশ্চয় তেওঁ আল্লাহৰ প্ৰতি অধিক প্ৰত্যাৱৰ্তনকাৰী আৰু তাওবাকাৰী আছিল।
Sâd 38:45
হে ৰাছুল! আমাৰ নিৰ্বাচিত বান্দা তথা প্ৰেৰিত ৰাছুল ইব্ৰাহীম, ইছহাক্ব আৰু ইয়াকূবক স্মৰণ কৰক। তেওঁলোক আল্লাহৰ আনুগত্য আৰু তেওঁৰ সন্তুষ্টি অৰ্জনৰ ক্ষেত্ৰত আছিল অতি শাক্তিশালী। লগতে সত্য অনুসন্ধানৰ ক্ষেত্ৰত তেওঁলোক আছিল প্ৰকৃত বিবেকৱান।
Sâd 38:46
নিশ্চয় আমি আমাৰ অনুগ্ৰহেৰে তেওঁলোকক এটা বিশেষত্ব দান কৰিছিলোঁ। সেয়া হৈছেঃ আখিৰাতৰ স্মৰণৰ দ্বাৰা তেওঁলোকৰ অন্তৰ সতেজ ৰখা, তথা সৎকৰ্মৰ জৰিয়তে প্ৰস্তুতি লোৱা আৰু সেই আমলৰ প্ৰতি মানুহক আহ্বান কৰা।
Sâd 38:47
নিশ্চয় তেওঁলোক আছিল আমাৰ সেই বান্দাসকলৰ অন্তৰ্ভুক্ত, যিসকলক আমি আমাৰ আনুগত্য আৰু ইবাদতৰ বাবে নিৰ্বাচিত কৰিছিলোঁ। লগতে আমি তেওঁলোকক মনোনীত কৰিছিলোঁ আমাৰ ৰিছালতৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ আৰু সেইটো প্ৰচাৰ কৰিবলৈ।
Sâd 38:48
হে নবী! মনত পেলাওক ইছমাঈল বিন ইব্ৰাহীম, য়াছা আৰু জুল-কিফলক। লগতে তেওঁলোকৰ প্ৰশংসা কৰক। কাৰণ তেওঁলোক হৈছে ইয়াৰ যোগ্য। এওঁলোকৰ প্ৰত্যেকেই হৈছে আল্লাহৰ ওচৰত নিৰ্বাচিত।
Sâd 38:49
কোৰআনত উত্তম প্ৰশংসাৰ সৈতে তেওঁলোকক স্মৰণ কৰা হৈছে। নিশ্চয় আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা মুত্ত্বাক্বী লোকসকলৰ বাবে আখিৰাতত আছে উৎকৃষ্ট প্ৰত্যাৱৰ্তনস্থল।
Sâd 38:50
সেই উৎকৃষ্ট প্ৰত্যাৱৰ্তনস্থল হৈছে চিৰস্থায়ী জান্নাত, য’ত কিয়ামতৰ দিনা তেওঁলোকে প্ৰৱেশ কৰিব। তেওঁলোকক আঁদৰিবলৈ জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হ’ব।
Sâd 38:51
সুসজ্জিত আসনত আউজি বহিব। তেওঁলোকে সেৱকসকলক নিজৰ চাহিদা অনুযায়ী ফল-মূল আনিবলৈ নিৰ্দেশ দিব আৰু পছন্দ অনুযায়ী মদিৰা আনিবলৈ হুকুম দিব।
Sâd 38:52
তেওঁলোকৰ স্ত্ৰীসকল এনেকুৱা হ’ব, যিসকলৰ দৃষ্টি কেৱলমাত্ৰ স্বামী পৰ্যন্ত সীমিত থাকিব। তেওঁলোকৰ বাহিৰে আন কাৰো প্ৰতি দৃষ্টি নিক্ষেপ নকৰিব। লগতে সেই স্ত্ৰীসকল আটায়ে হ’ব সমবয়সীয়া।
Sâd 38:53
হে মুত্ত্বাক্বীসকল! এইটোৱে হৈছে কিয়ামত দিৱসৰ পৱিত্ৰ প্ৰতিদান যিটোৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল। এই প্ৰতিদান তোমালোকক সেই সৎকৰ্মৰ বিনিময়ত দিয়া হ’ব, যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা।
Sâd 38:54
এই যিটো বৰ্ণনা আমি কৰিলোঁ, এইটোৱেই হৈছে কিয়ামত দিৱসত মুত্ত্বাক্বীসকলে পাবলগীয়া আমাৰ জীৱিকা, যিটো আমি তেওঁলোকক প্ৰদান কৰিম। এইটো হৈছে চিৰস্থায়ী জীৱিকা। কেতিয়াও বিচ্ছিন্ন নহ’ব আৰু কেতিয়াও সমাপ্ত নহ’ব।
Sâd 38:55
আমি যিটো বৰ্ণনা কৰিলোঁ সেইটো হৈছে মুত্ত্বাক্বীসকলৰ প্ৰতিদান। আনহাতে কুফৰী আৰু গুনাহৰ মাধ্যমত আল্লাহৰ সীমালংঘন কৰা ব্যক্তিসকলৰ প্ৰতিদান হৈছে মুত্ত্বাক্বীসকলৰ প্ৰতিদানতকৈ পৃথক। সিহঁতৰ বাবে আছে অত্যন্ত নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল, য’ত সিহঁতে কিয়ামতৰ দিনা প্ৰত্যাৱৰ্তন কৰিব।
Sâd 38:56
দৰাচলতে সেই প্ৰতিদানটো হৈছে জাহান্নাম, যিটোৱে সিহঁতক চাৰিওফালৰ পৰা পৰিবেষ্টন কৰিব। সিহঁতে জাহান্নামৰ উত্তাপ আৰু অগ্নিশিখাৰ সন্মুখীন হ’ব। সিহঁতৰ বিছনাও হ’ব জুইৰ। সিহঁতৰ বিছনা কিমান যে নিকৃষ্ট বিছনা হ’ব।
Sâd 38:57
এই শাস্তি বিহা হ’ব উতলা গৰম পানীৰ দ্বাৰা আৰু জাহান্নামীসকলৰ শৰীৰৰ পৰা নিৰ্গত হোৱা পুঁজ আদিৰ দ্বাৰা। সিহঁতক এইবোৰ খাবলৈ দিয়া হ’ব। এইবোৰেই হ’ব সিহঁতৰ বাবে উপলব্ধ পানীয়। যিবোৰে কেতিয়াও সিহঁতৰ তৃষ্ণা নিবাৰণ কৰিব নোৱাৰিব।
Sâd 38:58
সিহঁতৰ বাবে এনেকুৱা ধৰণৰ আৰু বহুতো শাস্তি আছে। গতিকে আখিৰাতত সিহঁতক বিভিন্ন প্ৰকাৰৰ শাস্তি বিহা হ’ব।
Sâd 38:59
জাহান্নামীসকলে যেতিয়া জাহান্নামত প্ৰৱেশ কৰিব, তেতিয়া সিহঁতৰ মাজত বিবাদকাৰীসকলৰ দৰে আচৰণ দেখিবলৈ পোৱা যাব, সিহঁতে ইজনে সিজনৰ পৰা বিচ্ছেদ ঘোষণা কৰিব। সিহঁতৰ মাজৰ কিছুমানে ক’বঃ চোৱা! এইটো হৈছে প্ৰকৃত জাহান্নামীসকলৰ দল, যিসকল তোমালোকৰ সৈতে জাহান্নামত প্ৰৱেশ কৰিছে। তেতিয়া দ্বিতীয় পক্ষই উত্তৰ দি ক’বঃ তোমালোককো অভিনন্দন, নিশ্চয় তোমালোকেও জাহান্নামৰ সেই শাস্তিয়ে ভোগ কৰিবা, যিটো আমি ভোগ কৰি আছোঁ।
Sâd 38:60
অনুসাৰীসকলে সিহঁতৰ নেতাসকলক উদ্দেশ্যি ক’বঃ হে নেতা তথা প্ৰমুখসকল! তোমালোকৰ বাবে কিন্তু কোনো অভিনন্দন নাই, কিয়নো আমাৰ এই শাস্তিৰ মূল কাৰণটোৱে হৈছা তোমালোক। কাৰণ তোমালোকেই আমাক পথভ্ৰষ্ট কৰিছিলা আৰু বিভ্ৰান্ত কৰিছিলা। গতিকে এই ঠিকনা আমাৰ সকলোৰে বাবে নিকৃষ্ট ঠিকনা, অৰ্থাৎ জাহান্নাম।
Sâd 38:61
অনুসাৰীসকলে ক’বঃ হে আমাৰ প্ৰতিপালক! সত্য আমাৰ ওচৰলৈ আহি যোৱাৰ পিছত যিসকল লোকে আমাক হিদায়তৰ পৰা পথভ্ৰষ্ট কৰিছিল, সিহঁতক তুমি জাহান্নামত দ্বিগুণ শাস্তি প্ৰদান কৰা।
Sâd 38:62
অনাচাৰী অহংকাৰী লোকসকলে ক’বঃ কি হ’ল আমাৰ, জাহান্নামত আমাৰ লগত সেইসকল লোকক দেখা নাপাওঁ যে, যিসকলক পৃথিৱীত আমি অভাগা আৰু শাস্তিৰ উপযুক্ত বুলি ভাবিছিলোঁ।
Sâd 38:63
আমি তেওঁলোকৰ বিষয়ে উপহাস আৰু বিদ্ৰুপ কৰাটো ভুল আছিল নেকি, যাৰ ফলত সিহঁতে শাস্তিৰ সন্মুখীন হোৱা নাই। নাইবা এনেকুৱাও হ’ব পাৰে যে, আমি সঠিক আছিলোঁ, তথা সিহঁতেও জাহান্নামত প্ৰৱেশ কৰিছে, কিন্তু আমি তেওঁলোকক দেখা পোৱা নাই?।
Sâd 38:64
কিয়ামতৰ দিনা হ'বলগীয়া কাফিৰসকলৰ মাজত বাদানুবাদ সম্পৰ্কে এই যিটো বৰ্ণনা আমি দাঙি ধৰিলোঁ, নিশ্চিতভাৱে এইটো সত্য। ইয়াত কোনো ধৰণৰ সন্দেহ তথা সংশয়ৰ অৱকাশ নাই।
Sâd 38:65
হে মুহাম্মদ! আপুনি আপোনাৰ উম্মতৰ কাফিৰসকলক কৈ দিয়কঃ মই তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈহে প্ৰেৰিত হৈছোঁ, যাতে তোমালোকে কুফৰী কৰাৰ কাৰণে আৰু আল্লাহৰ ৰাছুলসকলক অস্বীকাৰ কৰাৰ কাৰণে তেওঁৰ শাস্তিত পতিত নোহোৱা। আল্লাহৰ বাহিৰে ইবাদতৰ যোগ্য আন কোনো সত্য উপাস্য নাই। তেওঁ মহানতা, গুণ-বৈশিষ্ট্য আৰু সুন্দৰ নামৰ ক্ষেত্ৰত একক তথা অদ্বিতীয়। তেওঁ অত্যন্ত প্ৰভাৱশালী। প্ৰত্যেক বস্তু তেওঁৰ অধীনস্থ, আৰু প্ৰত্যেকেই তেওঁৰ প্ৰতি বিনয়াৱনত।
Sâd 38:66
তেৱেঁই আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰ প্ৰতিপালক। ৰাজত্বত তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল।
Sâd 38:67
হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰী লোকসকলক কৈ দিয়ক, নিশ্চয় কোৰআন হৈছে মহামৰ্যাদাৱান সংবাদ।
Sâd 38:68
কিন্তু তোমালোক এই মহামৰ্যাদাৱান সংবাদৰ পৰা বিমুখ হৈ আছা। ইয়াৰ প্ৰতি মনোযোগ প্ৰদান কৰা নাই।
Sâd 38:69
আদম আলাইহিচ্ছালামৰ সৃষ্টি সম্পৰ্কে ফিৰিস্তাসকলৰ মাজত কি কি আলোচনা হৈ আছিল, সেই সম্পৰ্কে মোৰ একো জ্ঞান নাছিল। নিশ্চয় এই সম্পৰ্কে আল্লাহেই মোৰ প্ৰতি অহী কৰিছে তথা তেৱেঁই মোক অৱগত কৰাইছে।
Sâd 38:70
আল্লাহে মোৰ প্ৰতি এইকাৰণে অহী প্ৰেৰণ কৰে, যাতে মই তোমালোকক স্পষ্টৰূপে সতৰ্ক কৰিব পাৰোঁ।
Sâd 38:71
সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া আপোনাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিলঃ নিশ্চয় মই মাটিৰ দ্বাৰা এজন মানৱ অৰ্থাৎ আদম আলাইহিচ্ছালামক সৃষ্টি কৰিম।
Sâd 38:72
এতেকে যেতিয়া মই তেওঁৰ সৃষ্টিৰ কাম সম্পূৰ্ণ কৰিম আৰু তেওঁৰ আকাৰ-আকৃতিৰ কাম পৰিপূৰ্ণ হ’ব, লগতে তেওঁৰ দেহত যেতিয়া মই মোৰ ৰূহ সঞ্চাৰ কৰিম, তেতিয়া তোমালোকে তেওঁক ছাজদাহ কৰিবা।
Sâd 38:73
এতেকে সকলো ফিৰিস্তাই তেওঁলোকৰ প্ৰতিপালকৰ আদেশ পালন কৰিলে, তথা সকলোৱে সন্মানপূৰ্বক ছাজদাহ কৰিলে। তেওঁলোকৰ মাজৰ কোনেও অৱশিষ্ট নাছিল, যিয়ে আদমক ছাজদাহ কৰা নাছিল।
Sâd 38:74
কিন্তু ইবলীছৰ বাহিৰে। সি অহংকাৰ কৰি ছাজদাহ কৰা নাছিল। অহংকাৰ কৰি নিজ প্ৰতিপালকৰ আদেশ পালন নকৰাৰ বাবে সি কাফিৰসকলৰ অন্তৰ্ভুক্ত হৈ গ’ল।
Sâd 38:75
আল্লাহে ক’লেঃ হে ইবলীছ! আদমক ছাজদাহ কৰিবলৈ তোমাক কিহে বাধা প্ৰদান কৰিলে, যাক মই মোৰ দুহাতেৰে সৃষ্টি কৰিছোঁ?! অহংকাৰে তোমাক ছাজদাহ কৰিবলৈ বাধা দিছে নেকি? নে তুমি পূৰ্বৰে পৰা তোমালোকৰ প্ৰতিপালকৰ প্ৰতি অহংকাৰ কৰি আহিছা তথা তুমি নিজকে অধিক উচ্চ মৰ্যাদাসম্পন্ন বুলি ভৱা?!
Sâd 38:76
ইবলীছে ক’লেঃ “মই আদমতকৈ উৎকৃষ্ট। আপুনি মোক অগ্নিৰে সৃষ্টি কৰিছে আৰু তেওঁক সৃষ্টি কৰিছে মাটিৰে”। ইবলীছৰ মতে অগ্নি হৈছে মাটিতকৈ উত্তম উপাদান।
Sâd 38:77
আল্লাহে ইবলীছক ক’লেঃ জান্নাতৰ পৰা ওলাই যোৱা। নিশ্চিয় তুমি অভিশপ্ত তথা শাপগ্ৰস্ত।
Sâd 38:78
প্ৰতিদান দিৱস পৰ্যন্ত তোমাক জান্নাতৰ পৰা বিতাৰিত কৰা হ’ল, অৰ্থাৎ কিয়ামত পৰ্যন্ত।
Sâd 38:79
ইবলীছে ক’লেঃ মোক অৱকাশ দিয়ক, লগতে যিদিনা আপুনি আপোনাৰ বান্দাসকলক পুনৰ্জীৱিত কৰিব সেইদিন পৰ্যন্ত মোক মৃত্যু প্ৰদান নকৰিব।
Sâd 38:80
আল্লাহে ক’লেঃ যোৱা, তোমাক অৱকাশ দিয়া হ’ল।
Sâd 38:81
সেইদিন পৰ্যন্ত অৱকাশ দিয়া হ’ল, যিদিনা তোমাক ধ্বংস কৰা হ’ব।
Sâd 38:82
ইবলীছে ক’লেঃ আপোনাৰ ক্ষমতা আৰু প্ৰভুত্বৰ শপত! নিশ্চিতভাৱে মই গোটেই আদম সন্তানক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিম।
Sâd 38:83
কেৱল সেই ব্যক্তিৰ বাহিৰে যাক আপুনি মোৰ পথভ্ৰষ্টতাৰ পৰা ৰক্ষা কৰিব, তথা যাক আপুনি আপোনাৰ ইবাদতৰ বাবে নিৰ্বাচিত কৰিব।
Sâd 38:84
আল্লাহে ক'লেঃ সত্য হৈছে মোৰ ফালৰ পৰা। মই কেৱল সত্যই কওঁ। ইয়াৰ বাহিৰে আন একো নকওঁ।
Sâd 38:85
কিয়ামতৰ দিনা জাহান্নামক মই তোমাৰ দ্বাৰা আৰু আদমৰ সেইসকল সন্তানৰ দ্বাৰা ভৰ্তি কৰিম, যিসকলে কুফৰী কৰাৰ ক্ষেত্ৰত তোমাৰ অনুসৰণ কৰিব।
Sâd 38:86
হে ৰাছুল! এই মুশ্বৰিকসকলক কৈ দিয়কঃ মই তোমালোকক যি বাৰ্তা পৌঁচাই দিওঁ, তাৰ বিনিময়ত মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ। আনহাতে মই বাৰ্তা পৌঁচাই দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ হেৰফেৰো নকৰোঁ, মোক যেনেকৈ আদেশ দিয়া হয় ঠিক তেনেকৈয়ে পৌঁচাই দিওঁ।
Sâd 38:87
কোৰআন কেৱল সেইসকল মানৱ আৰু জিনৰ বাবে উপদেশ, যিসকলে চৰিয়ত পালন কৰিবলৈ দায়িত্বপ্ৰাপ্ত।
Sâd 38:88
তোমালোকে অচিৰেই অৰ্থাৎ মৃত্যুৰ পিছত নিশ্চয় জানিব পাৰিবা যে, এই কোৰআনৰ যাৱতীয় সংবাদ সত্য।
Zümer 39:1
কোৰআন অৱতীৰ্ণ হৈছে মহাপৰাক্ৰমশালী আল্লাহৰ ফালৰ পৰা, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। পৱিত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ফালৰ পৰা এইখন অৱতীৰ্ণ হোৱা নাই।
Zümer 39:2
হে ৰাছুল! নিশ্চয় আমি আপোনাৰ প্ৰতি সত্য সহকাৰে কোৰআন অৱতীৰ্ণ কৰিছোঁ। ইয়াৰ মাজত থকা সকলো সংবাদ সত্য, তথা ইয়াৰ মাজত থকা সকলো বিধি-বিধান ন্যায়সংগত। গতিকে আপুনি নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰ ইবাদত কৰক। শ্বিৰ্কৰ পৰা বিৰত থাকি তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত থাকক।
Zümer 39:3
জানি থোৱা! শ্বিৰ্কমুক্ত দ্বীন একমাত্ৰ আল্লাহৰেই প্ৰাপ্য। যিসকল লোকে আল্লাহৰ বাহিৰে মূৰ্ত্তি আৰু তাগুত আদিক নিজৰ অভিভাৱক বনাই লৈছে তথা আল্লাহৰ বাহিৰে সেইবোৰৰেই উপাসনা কৰে, লগতে সেইবোৰৰ উপাসনাক উচিত প্ৰমাণ কৰিবলৈ কয়ঃ “আমি এইবোৰৰ ইবাদত কেৱল এইকাৰণেই কৰোঁ, যাতে এইবোৰে আমাক আল্লাহৰ নৈকট্য অৱলম্বন কৰাত সহায় কৰে, তথা আমাৰ প্ৰয়োজনবোৰ আল্লাহৰ ওচৰত উপস্থাপন কৰে, লগতে তেওঁৰ ওচৰত আমাৰ বাবে যাতে মধ্যস্ততা কৰে”। নিশ্চয় কিয়ামতৰ দিনা আল্লাহে তাওহীদৰ ওপৰত প্ৰতিষ্ঠিত মুমিনসকলৰ মাজত, লগতে কাফিৰ আৰু মুশ্বৰিকসকলৰ মাজত সেই তাওহীদ সম্পৰ্কে মীমাংসা কৰিব, যিটোকলৈ সিহঁতে মতানৈক্য কৰিছিল। নিশ্চিতভাৱে আল্লাহে সেইসকল লোকক কেতিয়াও হিদায়ত নিদিয়ে যিসকলে অংশীদাৰ স্থাপন কৰি আল্লাহ সম্পৰ্কে মিছা কথা প্ৰচাৰ কৰে, তথা আল্লাহে প্ৰদান কৰা নিয়ামতসমূহক অস্বীকাৰ কৰে।
Zümer 39:4
সঁচাই যদি আল্লাহে পুত্ৰ গ্ৰহণ কৰিব বিচাৰিলেহেঁতেন তেন্তে তেওঁৰ মখলুকসকলৰ মাজৰ যাক ইচ্ছা তাকেই নিৰ্বাচন কৰি পুত্ৰৰ স্থান দিলেহেঁতেন। কিন্তু মুশ্বৰিকসকলৰ এনেকুৱা কথাৰ পৰা আল্লাহ পৱিত্ৰ আৰু সম্পূৰ্ণৰূপে পৰিচ্ছন্ন। তেওঁ সত্ত্বাগতভাৱে, গুণগতভাৱে আৰু কৰ্মগতভাৱে একক আৰু অদ্বিতীয়। এইবোৰত তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁ গোটেই সৃষ্টিজগতৰ ওপৰত প্ৰবল প্ৰতাপী।
Zümer 39:5
তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীক এটা মহৎ উদ্দেশ্য অনুযায়ী সৃষ্টি কৰিছে; অনৰ্থক সৃষ্টি কৰা নাই, যিদৰে অন্যায়কাৰীসকলে মন্তব্য কৰে। তেৱেঁই ৰাতিক দিনৰ মাজত প্ৰৱেশ কৰায় আৰু দিনক ৰাতিৰ মাজত প্ৰৱেশ কৰায়। এতেকে এই দুটাৰ যিকোনো এটাৰ আগমনত আনটো বিলুপ্ত হৈ যায়। তেৱেঁই সূৰ্য্য আৰু চন্দ্ৰক নিয়ন্ত্ৰণ কৰে। উভয়েই এটা নিৰ্ধাৰিত সময়লৈকে গতি কৰিব অৰ্থাৎ এই জীৱনৰ অন্তলৈকে। জানি থোৱা! পৱিত্ৰ আল্লাহ মহাপৰাক্ৰমশালী, তেওঁ শত্ৰুৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰে। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল।
Zümer 39:6
হে মানৱজাতি! তোমালোকক তোমালোকৰ প্ৰতিপালকে এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে, অৰ্থাৎ আদমৰ পৰা। তাৰ পিছত আদমৰ পৰা তেওঁৰ স্ত্ৰী হাৱাক সৃষ্টি কৰিছে। তেৱেঁই তোমালোকৰ বাবে উট, গৰু, ছাগলী, ভেড়া আদিৰ আঠ প্ৰকাৰ সৃষ্টি কৰিছে। প্ৰত্যেকৰে মাজত মতা-মাইকী সৃষ্টি কৰিছে। পৱিত্ৰ আল্লাহেই তোমালোকক তোমালোকৰ মাতৃগৰ্ভত ত্ৰিবিধ অন্ধকাৰত পৰ্যায়ক্ৰমে সৃষ্টি কৰিছে, পেট, গৰ্ভাশয় আৰু পাতল আৱৰণৰ অন্ধকাৰত। এইবোৰক যি সত্ত্বাই সৃষ্টি কৰে, সেই আল্লাহেই হৈছে তোমালোকৰ প্ৰতিপালক। সাৰ্বভৌমত্ব একমাত্ৰ তেওঁৰেই। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে তেওঁৰ ইবাদতৰ পৰা বিমুখ হৈ তোমালোকে কেনেকৈ সেইবোৰৰ উপাসনালৈ উভতি যোৱা যিবোৰে একোৱেই সৃষ্টি কৰিব নোৱাৰে, আনকি সেইবোৰ নিজেই সৃষ্ট?!
Zümer 39:7
হে মানৱজাতি! যদি তোমালোকে নিজ প্ৰতিপালকৰ সৈতে কুফৰী কৰা তেন্তে জানি থোৱা, নিশ্চয় আল্লাহ তোমালোকৰ ঈমানৰ পৰা অমুখাপেক্ষী। আনকি তোমালোকৰ কুফৰীয়ে তেওঁৰ একো ক্ষতি কৰিব নোৱাৰে। বৰং তোমালোকৰ কুফৰীয়ে তোমালোককেই ক্ষতি কৰিব। কিন্তু বান্দাই তেওঁৰ লগত কুফৰী কৰাটো তেওঁ পছন্দ নকৰে। ইয়াৰ আদেশও তেওঁ নিদিয়ে। কিয়নো আল্লাহে কেতিয়াও অশ্লীলতা আৰু কুসংস্কাৰৰ আদেশ নিদিয়ে। আনহাতে যদি তোমালোকে আল্লাহৰ নিয়ামতৰ কৃতজ্ঞতা কৰা আৰু তেওঁৰ প্ৰতি ঈমান পোষণ কৰা তেন্তে তেওঁ তোমালোকৰ কৃতজ্ঞতাত সন্তুষ্ট হ’ব, লগতে তোমালোকক ছোৱাব প্ৰদান কৰিব। কোনো প্ৰাণীয়েই অন্য প্ৰাণীৰ গুনাহৰ বোজা বহন নকৰিব। প্ৰত্যেকেই নিজ নিজ কৰ্মৰ বাবে দায়বদ্ধ থাকিব। ইয়াৰ পিছত কিয়ামতৰ দিনা তোমালোকে একমাত্ৰ আল্লাহৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। তেৱেঁই তোমালোকক অৱগত কৰিব পৃথিৱীত তোমালোকে কি কি কৰ্ম কৰিছিলা আৰু তেৱেঁই তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব। নিশ্চয় তেৱেঁই বান্দাসকলৰ অন্তৰৰ ভেদ সম্পৰ্কে অৱগত। একোৱেই তেওঁৰ পৰা গোপন নহয়।
Zümer 39:8
কাফিৰক যেতিয়া কোনো বিপদ-আপদে স্পৰ্শ কৰে, যেনেঃ বেমাৰ-আজাৰ, আৰ্থিক ক্ষতি অথবা ডুবি যোৱাৰ ভয় আদিয়ে স্পৰ্শ কৰে তেতিয়া একমাত্ৰ তেওঁৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰে আৰু তেওঁৰ ওচৰতেই বিপদ দূৰীকৰণৰ বাবে দুআ কৰে। ইয়াৰ পিছত আল্লাহে যেতিয়া তাক কোনো নিয়ামত প্ৰদান কৰে, যেনেঃ সি আবদ্ধ হোৱা বিপদৰ পৰা তাক ৰক্ষা কৰে, তেতিয়া সি আকৌ আল্লাহক পাহৰি যায় তথা আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি সেইবোৰৰ উপাসনা কৰা আৰম্ভ কৰে, যাতে আন আন লোকসকলক আল্লাহৰ পথৰ পৰা আঁতৰাই ৰাখিব পাৰে। হে ৰাছুল! আপুনি এনেকুৱা স্বভাৱৰ লোকসকলক কৈ দিয়ক, তোমালোকে জীৱনৰ বাকী থকা অতি নগন্য সময়খিনি নিজৰ কুফৰী কৰ্ম উপভোগ কৰা। কিয়নো তোমালোক হৈছা জাহান্নামৰ অধিবাসী। কিয়ামতৰ দিনা তোমালোকে জাহান্নামত ওচৰা-ওচৰিকৈ থাকিবা।
Zümer 39:9
উত্তম ব্যক্তি কোন, যিয়ে আল্লাহৰ আনুগত্য কৰে, ৰাতিৰ ভাগত নিজ প্ৰতিপালকৰ সন্মুখত ছাজদাৱনত হৈ তথা থিয় হৈ ৰাতি যাপন কৰে, আখিৰাতৰ শাস্তিক ভয় কৰে, নিজ প্ৰতিপালকৰ ৰহমত কামনা কৰে সেই ব্যক্তি উত্তম, নে সেই কাফিৰ ব্যক্তি উত্তম, যিয়ে কেৱল বিপদগ্ৰস্ত হ’লে আল্লাহৰ ইবাদত কৰে আৰু সুখ-শান্তিৰ সময়ত তেওঁৰ লগত কুফৰী কৰে, লগতে আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰে?! হে ৰাছুল! আপুনি কওক, যিয়ে আল্লাহ সম্পৰ্কে অৱগত হোৱাৰ কাৰণে আল্লাহে অনিবাৰ্য কৰা বিষয়বোৰ জানে, পক্ষান্তৰে যিসকলে এইবোৰ নাজানে, এই দুয়ো ধৰণৰ ব্যক্তি সমান হ’ব পাৰেনে? এই দুয়ো দলৰ মাজত পাৰ্থক্য কেৱল সেইসকল লোকেই কৰিব পাৰে যিসকলৰ ওচৰত স্বচ্ছ বিবেক আছে।
Zümer 39:10
হে ৰাছুল! আপুনি মোৰ সেইসকল বান্দাক কৈ দিয়ক, যিসকলে মোৰ প্ৰতি আৰু মোৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছেঃ তোমালোকে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। তোমালোকৰ মাজৰ যিয়ে সৎকৰ্ম কৰিব, তেওঁ এই পৃথিৱীতে সহায়, সুস্বাস্থ্য আৰু ধন-সম্পদৰ জৰিয়তে কল্যাণ লাভ কৰিব আৰু আখিৰাতত লাভ কৰিব জান্নাত। জানি থোৱা! আল্লাহৰ পৃথিৱী প্ৰশস্ত, এতেকে ইয়াৰ মাজত এনেকুৱা ঠাই বিচাৰি হিজৰত কৰা, য’ত আল্লাহৰ ইবাদত কৰিবলৈ কোনো ধৰণৰ বাধাৰ সন্মুখীন নহ’বা। দৰাচলতে ধৈৰ্য্য ধাৰণকাৰীসকলক কিয়ামতৰ দিনা অধিকমাত্ৰাত আৰু বেলেগ বেলেগ প্ৰকাৰৰ প্ৰতিদান দিয়া হ’ব যে, যাৰ গণনা সম্ভৱ নহয়।
Zümer 39:11
হে ৰাছুল! আপুনি কওক, নিশ্চয় আল্লাহে মোক নিৰ্দেশ দিছে, মই যেন নিৰ্ভেজালভাৱে একমাত্ৰ তেওঁৰেই ইবাদত কৰোঁ।
Zümer 39:12
লগতে মোক এই নিৰ্দেশো দিছে যে, মই যেন এই উম্মতৰ প্ৰথম আত্মসমৰ্পনকাৰী তথা আনুগত্যকাৰী হওঁ।
Zümer 39:13
হে ৰাছুল! আপুনি কওক, মই কিয়ামত দিৱসৰ মহাশাস্তিক ভয় কৰোঁ, কাৰণ যদি মই আল্লাহৰ অবাধ্যতা কৰোঁ তথা তেওঁৰ আনুগত্য নকৰোঁ (তেন্তে সেই শাস্তিয়ে মোক গ্ৰাস কৰিব)।
Zümer 39:14
হে ৰাছুল! আপুনি কওক, নিশ্চয় মই নিৰ্ভেজালভাৱে একমাত্ৰ আল্লাহৰেই ইবাদত কৰোঁ, তেওঁৰ বাহিৰে আন কাৰো ইবাদত মই নকৰোঁ।
Zümer 39:15
হে মুশ্বৰিকসকল! যোৱা, তেওঁৰ বাহিৰে তোমালোকে যি মূৰ্ত্তিৰ ইচ্ছা সেই মূৰ্ত্তিৰেই উপাসনা কৰাগৈ, (ইয়াত ধমকৰ সুৰত কোৱা হৈছে)। হে ৰাছুল! আপুনি কৈ দিয়ক, নিশ্চয় প্ৰকৃত ক্ষতিগ্ৰস্ত হৈছে সেইসকল, যিসকলে নিজৰ ক্ষতি সাধন কৰে আৰু নিজ পৰিয়ালৰ ক্ষতি কৰে। ফলত সিহঁতে সাক্ষাৎ কৰিব নোৱাৰিব। হয়তো সিহঁতৰ পৰিয়ালবৰ্গ জান্নাতত প্ৰৱেশ কৰাৰ কাৰণে সিহঁতৰ পৰা বিচ্ছিন্ন হ’ব, অন্যথা একেলগে জাহান্নামত প্ৰৱেশ কৰাৰ পিছতো পৰস্পৰে কেতিয়াও সাক্ষাৎ কৰিব নোৱাৰিব। জানি থোৱা! এইটোৱেই স্পষ্ট ক্ষতি, ইয়াত কোনো সন্দেহ নাই।
Zümer 39:16
সিহঁতৰ ওপৰত থাকিব ধোঁৱা, অগ্নি শিখা আৰু তাপ, তথা সিহঁতৰ তলফালেও থাকিব ধোঁৱা, অগ্নি শিখা আৰু তাপ। এইবোৰ শাস্তিৰ দ্বাৰা আল্লাহে তেওঁৰ বান্দাসকলক সতৰ্ক কৰে। হে মোৰ বান্দাসকল! তোমালোকে মোৰ আদেশ পালন কৰি আৰু মোৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি মোৰ তাক্বৱা অৱলম্বন কৰা।
Zümer 39:17
যিসকলে মূৰ্ত্তি পূজাৰ পৰা দূৰত্ব অৱলম্বন কৰিছে, তথা আল্লাহৰ বাহিৰে উপাসনাকৃত সকলো বস্তুৰ পৰা নিজকে আঁতৰাই ৰাখিছে, লগতে তাওবা কৰি আল্লাহৰ ফালে প্ৰত্যাৱৰ্তন কৰিছে তেওঁলোকৰ বাবে মৃত্যুৰ সময়ত, কবৰৰ মাজত আৰু কিয়ামতৰ দিনা আছে জান্নাতৰ শুভসংবাদ। হে ৰাছুল! আপুনি মোৰ বান্দাসকলক সুসংবাদ দিয়ক।
Zümer 39:18
যিসকলে মনোযোগ সহকাৰে কথা শুনে, তথা ভাল বেয়া পাৰ্থক্য কৰি উপকৃত হোৱাৰ উদ্দেশ্যে ভাল কথাৰ অনুসৰণ কৰে। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলকেই আল্লাহে হিদায়তৰ তাওফীক প্ৰদান কৰে। তথা তেওঁলোকেই হৈছে সুস্থ বিবেকৱান লোক।
Zümer 39:19
ধাৰাবাহিকভাৱে কুফৰী আৰু বিভ্ৰান্তিত পতিত থকাৰ কাৰণে যিসকলৰ ওপৰত শাস্তি অনিবাৰ্য হৈ পৰিছে, হে ৰাছুল! এনেকুৱা লোকক সুপথত পৰিচালিত কৰিবলৈ আপোনাৰ কোনো কৌশল কামত নাহিব। হে ৰাছুল! এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলক আপুনি জাহান্নামৰ পৰা ৰক্ষা কৰিব পাৰিবনে?!
Zümer 39:20
পক্ষান্তৰে যিসকলে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে, তেওঁলোকৰ বাবে আছে সুউচ্চ বহুতো অট্টালিকা। কিছুমান আন কিছুমানতকৈ ওখ হ’ব। সেইবোৰৰ তলদেশত প্ৰবাহিত থাকিব নদীসমূহ। এই প্ৰতিশ্ৰুতি আল্লাহে তেওঁলোকক প্ৰদান কৰিছে। নিশ্চয় আল্লাহে কেতিয়াও প্ৰতিশ্ৰুতি ভংগ নকৰে।
Zümer 39:21
সচৰাচৰ তোমালোকে দেখিবলৈ পোৱা যে, আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তেৱেঁই সেই পানীক প্ৰস্ৰৱনত প্ৰৱেশ কৰায় আৰু প্ৰবাহিত কৰে। ইয়াৰ পিছত সেই পানীৰে তেওঁ বিভিন্ন বৰণৰ খেতি উৎপন্ন কৰে। অৱশেষত সেই শস্য পকি যায়। হে প্ৰত্যক্ষকাৰী ব্যক্তি! নিশ্চয় তোমালোকে দেখিবলৈ পোৱা যে, সেই সেউজীয়া শস্য এটা সময়ত হালধীয়া হৈ পৰে। ইয়াৰ পিছত তেওঁ সেইবোৰক খেৰকুটাত পৰিণত কৰে। নিশ্চয় এই বৰ্ণনা সেইসকল লোকৰ বাবে শিক্ষাপ্ৰদ, যিসকল জীৱিত অন্তৰৰ অধিকাৰী।
Zümer 39:22
আল্লাহে যাৰ বুকু ইছলামৰ বাবে উন্মুক্ত কৰি দিছে, তথা যিয়ে হিদায়ত লাভ কৰিছে, লগতে তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰাপ্ত জ্যোতিৰ ওপৰত প্ৰতিষ্ঠিত, তেওঁ সেই ব্যক্তিৰ দৰে নেকি যাৰ অন্তৰ আল্লাহৰ স্মৰণৰ পৰা কঠোৰ হৃদয়ত পৰিণত হৈছে? এই দুয়োজন ব্যক্তি কেতিয়াও সমান হ’ব নোৱাৰে। এতেকে মুক্তি কেৱল হিদায়তপ্ৰাপ্ত লোকসকলৰ বাবে। আনহাতে ক্ষতিগ্ৰস্ত সেইসকল লোক, যিসকলৰ অন্তৰ স্মৰণৰ পৰা কঠোৰ হৈ পৰিছে। সেইসকল লোকেই সত্যৰ পৰা প্ৰকাশ্য বিভ্ৰান্তিত পতিত।
Zümer 39:23
আল্লাহে ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে, সেইখন হৈছে উৎকৃষ্ট বাণী। তেওঁ এই কিতাবখনক সামঞ্জস্যপূৰ্ণভাৱে অৱতীৰ্ণ কৰিছে, যাৰ এটা ভাগ আনটো ভাগৰ সৈতে, সত্যতা, সুন্দৰতা, পৰস্পৰ সম্পৰ্ক আৰু বিভেদ ৰহিত হোৱাৰ ক্ষেত্ৰত সাদৃশ্যপূৰ্ণ। ইয়াৰ মাজত বিভিন্ন ঘটনা, বিধি-বিধান, প্ৰতিশ্ৰুতি আৰু সতৰ্কবাণী, সত্যবাদীসকলৰ বৈশিষ্ট্য আৰু অসত্যবাদীসকলৰ দোষ-গুণ আদি বৰ্ণনা কৰা হৈছে। এতেকে যিসকল লোকে নিজ প্ৰতিপালকক ভয় কৰে, ইয়াৰ মাজত থকা সতৰ্কবাণী তথা ধমকমূলক আয়াত শুনি তেওঁলোকৰ গাৰ নোম শিয়ঁৰি উঠে। আনহাতে যেতিয়া তেওঁলোকে আশা আৰু সুসংবাদমূলক আয়াতবোৰ শুনা পায়, তেতিয়া তেওঁলোকৰ দেহ মন বিনম্ৰ হৈ আল্লাহৰ স্মৰণৰ পিনে ধাবিত হয়। এইটোৱেই হৈছে কোৰআনৰ প্ৰভাৱ তথা আল্লাহৰ হিদায়ত। তেওঁ যাক ইচ্ছা কৰে তাকহে হিদায়ত দিয়ে। পক্ষান্তৰে আল্লাহে যাক অকলে এৰি দিয়ে, অৰ্থাৎ তেওঁ যাক হিদায়ত নিদিয়ে, তাক কোনেও হিদায়ত দিব নোৱাৰে।
Zümer 39:24
আল্লাহে যাক হিদায়ত প্ৰদান কৰিছে, তথা পৃথিৱীত ইয়াৰ তাওফীক দান কৰিছে, লগতে আখিৰাতত যাক জান্নাতত প্ৰৱেশ কৰাব, এই ব্যক্তি সেই ব্যক্তিৰ সমান নেকি, যিয়ে কুফৰী কৰিছে আৰু কুফৰী অৱস্থাতেই মৃত্যুবৰণ কৰিছে, তথা আল্লাহে যাৰ হাত ভৰি বান্ধি জাহান্নামত নিক্ষেপ কৰিব, যিয়ে নিজকে জাহান্নামৰ পৰা ৰক্ষা কৰিবলৈ উবৰি খাই পৰি থকা মুখমণ্ডলৰ বাহিৰে আন কোনো অংগ-প্ৰত্যংগৰ সহায় লব নোৱাৰিব?! কুফৰী আৰু গুনাহৰ দ্বাৰা নিজৰ ওপৰত অন্যায় কৰা এই যালিমসকলক ধিক্কাৰ দি কোৱা হ’বঃ তোমালোকে কুফৰী আৰু গুনাহৰ কাম কৰি যি অৰ্জন কৰিছিলা, আজি তাৰেই ফলাফল ভোগ কৰা। এইটোৱে হৈছে তোমালোকৰ প্ৰতিদান।
Zümer 39:25
এই মুশ্বৰিকসকলৰ পূৰ্বেও বহুতো উম্মতে অস্বীকাৰ কৰিছিল। এতেকে সিহঁতৰ ওচৰত আকস্মিক শাস্তি আহি পৰিছিল, সিহঁতে উপলব্ধিও কৰিব পৰা নাছিল যে, তাওবা কৰি প্ৰস্তুতি গ্ৰহণ কৰিব।
Zümer 39:26
এতেকে আল্লাহে এই শাস্তিৰ জৰিয়তে সিহঁতক পাৰ্থিৱ জীৱনতেই অপমান, লাঞ্ছনা আৰু গ্লানিৰ সন্মুখীন কৰিছে। হায়! যদি সিহঁতে জানিলেহেঁতেন, নিশ্চয় আখিৰাতৰ শাস্তি ইয়াতকৈও কঠিন আৰু ডাঙৰ হ’ব, যি শাস্তিৰ সিহঁতে অপেক্ষা কৰি আছে।
Zümer 39:27
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ এই কোৰআনত আমি মানুহৰ বাবে ভাল-বেয়া, সত্য-অসত্য তথা ঈমান আৰু কুফৰী আদিৰ বিষয়ে বিভিন্ন প্ৰকাৰৰ উদাহৰণ দাঙি ধৰিছোঁ। যাতে মানুহে এইবোৰ উদাহৰণৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰে। লগতে অসত্য পৰিত্যাগ কৰি যাতে সত্য সহকাৰে আমল কৰে।
Zümer 39:28
আৰবী ভাষাত এই কোৰআন লিপিবদ্ধ। ইয়াৰ মাজত কোনো ধৰণৰ বক্ৰতা, বেমেজালি আৰু সন্দেহ-সংশয়ৰ অৱকাশ নাই। যাতে মানুহে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে।
Zümer 39:29
আল্লাহে মুশ্বিৰক আৰু তাওহীদপন্থী ব্যক্তিৰ বিষয়ে এটা উদাহৰণ দাঙি ধৰিছে। উদাহৰণস্বৰূপে এনেকুৱা এজন ব্যক্তি যাৰ কেইবাজনো মালিক আছে, যিসকলে পৰস্পৰে বিবাদ কৰে। এজনক সন্তুষ্ট কৰিলে আনজন অসন্তুষ্ট হৈ পৰে। ফলত সেই ব্যক্তি সদায় ভাৰাক্ৰান্ত, পৰিশ্ৰান্ত হৈ থাকে। আনহাতে এনেকুৱা এজন ব্যক্তি আছে, যাৰ মালিক কেৱল এজনেই। সেই ব্যক্তিয়ে নিজৰ মালিকৰ সকলো সংকেত বুজি পায়। ফলত ব্যক্তিজন সদায় শান্তিত থাকে। এই দুয়োজন ব্যক্তি কেতিয়াও সমান হ’ব নোৱাৰে। সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, কিন্তু সিহঁতৰ মাজৰ অধিকাংশ লোকেই নাজানে। এইকাৰণেই সিহঁতে আল্লাহৰ সৈতে অন্যান্য বস্তুক অংশীদাৰ কৰে।
Zümer 39:30
হে ৰাছুল! নিশ্চয় আপুনিও মৃত্যুবৰণ কৰিব আৰু সিহঁতেও মৃত্যুবৰণ কৰিব।
Zümer 39:31
ইয়াৰ পিছত হে মানৱজাতি! কিয়ামতৰ দিনা তোমালোকে নিজ প্ৰতিপালকৰ সন্মুখত সেইসমূহ বিষয়কলৈ বিতৰ্ক কৰিবা যিবোৰকলৈ তোমালোকে মতভেদ কৰিছিলা। তেতিয়া স্পষ্ট হৈ পৰিব, সত্য কোন আৰু অসত্য কোন।
Zümer 39:32
সেই ব্যক্তিতকৈ ডাঙৰ অন্যায়কাৰী আন কোনো হ’ব নোৱাৰে যিয়ে আল্লাহৰ সৈতে অনুচিত বিষয়বোৰ সম্পৃক্ত কৰি কয় যে, তেওঁৰ অংশী আছে অথবা স্ত্ৰী আৰু সন্তানো আছে। এইদৰে সেই ব্যক্তিও মহা অন্যায়কাৰী, যিয়ে সেই অহীক অস্বীকাৰ কৰে যিটো ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ আহিছে। আল্লাহক অস্বীকাৰ কৰা তথা ৰাছুলে লৈ অহা চৰীয়তক নাকচ কৰা কাফিৰসকলৰ বাবে জাহান্নাম অন্তিম ঠিকনা তথা বাসস্থান নহয়নে?! কিয় নহয়, নিশ্চয় সিহঁতৰ ঠিকনা তথা বাসস্থান হৈছে জাহান্নাম।
Zümer 39:33
যিসকলে সত্যৰ ওপৰত আধাৰিত নবীসকলৰ কথা কৰ্মক মনে-প্ৰাণে বিশ্বাস কৰে আৰু সেইমতে আমল কৰে, তেওঁলোকেই হৈছে প্ৰকৃত মুত্ত্বাক্বী ব্যক্তি। তেওঁলোকেই নিজ প্ৰতিপালকৰ আদেশ পালন কৰে আৰু তেওঁ যি যি নিষেধ কৰিছে, সেইবোৰ পৰিত্যাগ কৰে।
Zümer 39:34
তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকে বিচৰা সকলো প্ৰকাৰৰ চিৰস্থায়ী সা-সুবিধা উপলব্ধ থাকিব। এইটোৱেই হৈছে সেই পূণ্যৱান লোকসকলৰ কৰ্মৰ প্ৰতিদান, যিসকলে সৃষ্টিকৰ্তাৰ সৈতে আৰু তেওঁৰ বান্দাসকলৰ সৈতে সদ্ব্যৱহাৰ কৰে।
Zümer 39:35
যাতে আল্লাহে তেওঁলোকৰ সেই সকলো পাপকৰ্ম ক্ষমা কৰি দিয়ে, যিবোৰ তেওঁলোকৰ দ্বাৰা পৃথিৱীত সংঘটিত হৈছিল, কাৰণ তেওঁলোকে ইয়াৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল আৰু নিজ প্ৰতিপালকৰ প্ৰতি উভতি আহিছিল। লগতে আল্লাহে তেওঁলোকক যাতে উত্তম প্ৰতিদান দিয়ে সেইসমূহ নেক কৰ্মৰ বিনিময়ত যিবোৰ তেওঁলোকে কৰিছিল।
Zümer 39:36
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ধাৰ্মিক আৰু পাৰ্থিৱ হিতসমূহক ৰক্ষা কৰিবলৈ আৰু তেওঁক শত্ৰুসকলৰ পৰা সুৰক্ষা দিবলৈ আল্লাহেই যথেষ্ট নহয়নে? কিয় নহয়, নিশ্চয় তেৱেঁই যথেষ্ট। হে ৰাছুল! ইহঁতে অজ্ঞানতা আৰু মুৰ্খতাৰ ফলত আপোনাক সিহঁতৰ মূৰ্ত্তিবোৰৰ পৰা ভয় দেখুৱায় যে, সেইবোৰে আপোনাক ক্ষতি কৰিব যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰে। আল্লাহে যাক নিলগীয়া কৰে তথা হিদায়তৰ তাওফীক নিদিয়ে, তাক কোনেও হিদায়ত দিব নোৱাৰে আৰু ইয়াৰ তাওফীকো দিব নোৱাৰে।
Zümer 39:37
আল্লাহে যাক হিদায়তৰ তাওফীক প্ৰদান কৰে, তাক কোনেও পথভ্ৰষ্ট কৰিব নোৱাৰে। আল্লাহ মহাপৰাক্ৰমশালী নহয়নে? যাক কোনেও পৰাজিত কৰিব নোৱাৰে, আৰু তেওঁ হৈছে কুফৰী আৰু পাপকৰ্ম কৰা ব্যক্তিৰ পৰা প্ৰতিশোধ গ্ৰহণকাৰী? নিশ্চয়, ইয়াত কোনো সন্দেহ নাই। নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, প্ৰতিশোধ গ্ৰহণকাৰী।
Zümer 39:38
হে ৰাছুল! এই মুশ্বৰিকসকলক যদি আপুনি প্ৰশ্ন কৰে যে, আকাশমণ্ডল আৰু পৃথিৱীক কোনে সৃষ্টি কৰিছে, তেতিয়া সিহঁতে নিশ্চয় ক’বঃ সেইবোৰক আল্লাহেই সৃষ্টি কৰিছে। এতেকে আপুনি সিহঁতৰ উপাস্যবোৰৰ বিৱশতা প্ৰকাশ কৰিবলৈ সিহঁতক কওক, তোমালোকে আল্লাহক এৰি যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা সেইবোৰৰ বিষয়ে কোৱাচোন, যদি আল্লাহে মোক কিবা ক্ষতি কৰিব বিচাৰে তেন্তে সেইবোৰে মোক সেই ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰিবনে? অথবা তেওঁ যদি মোৰ প্ৰতি দয়া কৰিব বিচাৰে তেন্তে সেইবোৰে মোৰ পৰা তেওঁৰ দয়াক প্ৰতিৰোধ কৰিব পাৰিবনে? আপুনি সিহঁতক কৈ দিয়ক, মোৰ বাবে একমাত্ৰ আল্লাহেই যথেষ্ট। মই সকলো কৰ্মতে একমাত্ৰ তেওঁৰ ওপৰতেই ভৰসা কৰোঁ। গতিকে ভৰসাকাৰীসকলে একমাত্ৰ তেওঁৰ ওপৰতেই ভৰসা কৰা উচিত।
Zümer 39:39
হে ৰাছুল! আপুনি কওক, হে মোৰ জাতিৰ লোকসকল! তোমালোকে শ্বিৰ্কৰ যি অৱস্থাক পছন্দ কৰি লৈছা, সেইমতেই আমল কৰি থাকা। আনহাতে ময়ো মোৰ প্ৰতিপালকৰ আদেশ অনুযায়ী আমল কৰিম, লগতে মানুহক তাওহীদৰ পিনে আৰু নিৰ্ভেজাল ইবাদতৰ পিনে আহ্বান কৰি থাকিম। অনতিপলমে তোমালোকে জানিব পাৰিবা, কোন পথৰ কি পৰিণাম।
Zümer 39:40
তোমালোকে শীঘ্ৰেই গম পাবা পৃথিৱীত কাৰ ওপৰত অপমানকাৰী তথা লাঞ্ছনাকাৰী শাস্তি অৱতীৰ্ণ হ’ব আৰু আখিৰাতত অৱতীৰ্ণ হ’ব স্থায়ী শাস্তি। যি শাস্তি কেতিয়াও বিচ্ছিন্ন নহ’ব, আৰু সমাপ্তও নহ’ব।
Zümer 39:41
হে ৰাছুল! নিশ্চয় আমি আপোনাৰ প্ৰতি সত্য সহকাৰে এই কোৰআন মানুহৰ বাবে অৱতীৰ্ণ কৰিছোঁ, যাতে আপুনি সিহঁতক সতৰ্ক কৰে। এতেকে যিয়ে সৎপথ অৱলম্বন কৰিব, তাৰ এই সুপথ লাভ কৰাৰ উপকাৰ সি নিজেই ভোগ কৰিব। কাৰণ সি সুপথ লাভ কৰিলে আল্লাহৰ কোনো উপকাৰ নহ'ব। কিয়নো আল্লাহৰ বাবে এইবোৰৰ কোনো প্ৰয়োজন নাই। আনহাতে যিয়ে সঠিক পথৰ পৰা আঁতৰি যাব, এই বিভ্ৰান্ত হোৱাৰ ক্ষতি তাৰ নিজৰেই হ'ব। ইয়াৰ ফলত আল্লাহৰ কোনো ক্ষতি নহয়। পক্ষান্তৰে (হে ৰাছুল!) সঠিক পথ গ্ৰহণ কৰিবলৈ সিহঁতক বাধ্য কৰাৰো আপোনাৰ হাতত কোনো ক্ষমতা নাই। আপোনাৰ দায়িত্ব হৈছে কেৱল সেই বাৰ্তা পৌঁচাই দিয়া, যিটো পৌঁচাই দিবলৈ আপোনাক আদেশ দিয়া হৈছে।
Zümer 39:42
আল্লাহেই সেইসমূহ প্ৰাণ হৰণ কৰি লয়, যিবোৰৰ নিৰ্ধাৰিত সময় সম্পূৰ্ণ হৈছে। আনহাতে যিবোৰৰ নিৰ্ধাৰিত সময় সম্পূৰ্ণ হোৱা নাই, সেইবোৰক তেৱেঁই আয়ত্বত ৰাখে টোপনিৰ সময়ত। এতেকে যিবোৰৰ ক্ষেত্ৰত তেওঁ মৃত্যুৰ সিদ্ধান্ত লৈছে সেইবোৰ প্ৰাণক তেওঁ ৰাখি দিয়ে, আৰু যিবোৰৰ বিষয়ে তেওঁ সিদ্ধান্ত লোৱা নাই সেইবোৰক তেওঁৰ জ্ঞান অনুসাৰে এটা নিৰ্দিষ্ট সময়লৈকে এৰি দিয়ে। নিশ্চয় এইবোৰৰ মাজত অৰ্থাৎ প্ৰাণবোৰক ধৰি ৰখা, এৰি দিয়া, তথা মৃত্যু প্ৰদান আৰু জীৱনদান আদিৰ মাজত সেইসকল লোকৰ বাবে আছে নিদৰ্শন, যিসকলে এই বিষয়লৈ চিন্তা-চৰ্চা কৰে যে, যি সত্ত্বাই এইবোৰ কৰিবলৈ সক্ষম তেওঁ নিশ্চয় হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে মানুহৰ মৃত্যুৰ পিছত সিহঁতক পুনৰুত্থিত কৰিবলৈও সক্ষম।
Zümer 39:43
মুশ্বৰিকসকলে সিহঁতৰ কিছুমান মূৰ্ত্তিক মধ্যস্ততাকাৰী বনাই লৈছে, সিহঁতে আল্লাহৰ বাহিৰে সেইবোৰৰ ওচৰতেই উপকাৰ কামনা কৰে। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, যদি এইবোৰৰ তোমালোকৰ বাবে অথবা সিহঁতৰ নিজৰ বাবে কিবা কৰাৰ ক্ষমতা নাথাকে নাইবা সেইবোৰে যদি একো বুজিও নাপায়, তথাপিও তোমালোকে সেইবোৰক নিজৰ মধ্যস্ততাকাৰী বুলি গ্ৰহণ কৰিবা নেকি? তেন্তে জানি থোৱা! এইবোৰ হৈছে চেতনাহীন জড় পদাৰ্থ, যিবোৰে কথাও ক'ব নোৱাৰে, শুনিবও নোৱাৰে, দেখিবও নোৱাৰে আৰু উপকাৰ বা অপকাৰ কৰাৰো সিহঁতৰ ক্ষমতা নাই।
Zümer 39:44
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, শ্বাফাআতৰ সম্পূৰ্ণ অধিকাৰ একমাত্ৰ আল্লাহৰ হাতত। তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত কোনেও শ্বাফাআত কৰিব নোৱাৰে। আনহাতে শ্বাফাআত গ্ৰহণযোগ্য হ’ব কেৱল সেই ব্যক্তিৰ সপক্ষে, যাৰ ওপৰত আল্লাহ সন্তুষ্ট। আকাশমণ্ডল আৰু পৃথিৱীৰ ক্ষমতাধৰ একমাত্ৰ তেৱেঁই। ইয়াৰ পিছত কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে তোমালোকে একমাত্ৰ তেওঁৰ ওচৰলৈকেই উভতি যাব লাগিব। তেৱেঁই তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব।
Zümer 39:45
যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয়, তেতিয়া সেইসকল মুশ্বৰিকৰ অন্তৰ সংকীৰ্ণ হৈ পৰে, যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে তথা পুনৰুত্থান, হিচাপ-নিকাচ আৰু প্ৰতিদানকো বিশ্বাস নকৰে। পক্ষান্তৰে যেতিয়া সেই মূৰ্ত্তিবোৰৰ বিষয়ে উল্লেখ কৰা হয় যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাসনা কৰে, তেতিয়া সিহঁত আনন্দিত হৈ পৰে।
Zümer 39:46
হে ৰাছুল! আপুনি কওক, হে আল্লাহ! তুমিয়েই পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈ আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, প্ৰকাশ্য অপ্ৰকাশ্য সম্পৰ্কে সৰ্বজ্ঞ, তোমাৰ পৰা কোনো বস্তুৱেই গোপন নহয়, একমাত্ৰ তুমিয়েই কিয়ামতৰ দিনা বান্দাসকলৰ মাজত মীমাংসা কৰিবা, যিবোৰ বিষয়কলৈ সিহঁতে পৃথিৱীত মতানৈক্য কৰিছিল। এতেকে সেইদিনা তুমিয়েই সত্য আৰু অসত্যৰ মাজত, তথা সৌভাগ্যশালী আৰু দুৰ্ভগীয়াৰ মাজত পাৰ্থক্য কৰি দিবা।
Zümer 39:47
যিসকলে শ্বিৰ্ক আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে, পৃথিৱীৰ সকলো মূল্যৱান সা-সম্পদ, আনকি তাতকৈও দ্বিগুণ সম্পদ যদি সিহঁতৰ হৈ যায়, সেই সকলো সা-সম্পদ সিহঁতে সেই কঠিন শাস্তিৰ পৰা বাচিবলৈ মুক্তিপণ হিচাপে দিব বিচাৰিব, যি শাস্তি সিহঁতে মৃত্যুৰ পিছত প্ৰত্যক্ষ কৰিব। কিন্তু সেই সা-সম্পদ সিহঁতৰ হোৱাটো অসম্ভৱ। আনহাতে ধৰি লোৱা হ’ল, সেইবোৰ যদি সিহঁতৰ হয়ও যায়, তথাপিও সেইবোৰ সিহঁতৰ পৰা গ্ৰহণ কৰা নহ’ব। আল্লাহৰ ফালৰ পৰা সিহঁতক বিভিন্ন প্ৰকাৰৰ শাস্তি বিহা হ’ব, যিবোৰ সিহঁতে কল্পনাও কৰা নাছিল।
Zümer 39:48
সিহঁতে কৰা গুনাহ আৰু শ্বিৰ্কৰ দুষ্পৰিণাম সিহঁতৰ সন্মুখত উপস্থাপন কৰা হ’ব, আৰু সিহঁতক সেই শাস্তিয়ে পৰিবেষ্টন কৰিব যি শাস্তিৰ পৰা পৃথিৱীত সিহঁতক সতৰ্ক কৰা হৈছিল, কিন্তু সিহঁতে সেই শাস্তিৰ বিষয়ে শুনি উপহাস কৰিছিল।
Zümer 39:49
কোনো কাফিৰ ব্যক্তি যেতিয়া কোনো বেমাৰ-আজাৰ অথবা দৰিদ্ৰতা আদিত আক্ৰান্ত হয়, তেতিয়া সি সেই বিপদ দূৰ কৰিবলৈ আমাৰ ওচৰত প্ৰাৰ্থনা কৰে। ইয়াৰ পিছত যেতিয়া আমি তাক সুস্বাস্থ্য আৰু ধন-সম্পদ আদি দান কৰোঁ, তেতিয়া সি কয়ঃ “আল্লাহে মোক এইবোৰ এইকাৰণে দান কৰিছে যে, মই এইবোৰৰ প্ৰকৃত উপযুক্ত”। দৰাচলতে এইটো হৈছে আল্লাহৰ ফালৰ পৰা পৰীক্ষা তথা অৱকাশহে। কিন্তু অধিকাংশ কাফিৰসকলেই এই বিষয়ে অৱগত নহয়। সেইকাৰণেই সিহঁতে আল্লাহৰ নিয়ামতসমূহকলৈ প্ৰবঞ্চিত।
Zümer 39:50
সিহঁতৰ পূৰ্বেও কাফিৰসকলে এই কথাষাৰকে কৈছিল। কিন্তু সিহঁতৰ সেই উপাৰ্জিত ধন-সম্পদ আৰু পদমৰ্যাদা আদি কোনো কামত অহা নাছিল।
Zümer 39:51
এতেকে সিহঁতে কৰা গুনাহ আৰু শ্বিৰ্কৰ পৰিণামে সিহঁতক আগুৰি ধৰিছিল। গতিকে গুনাহ আৰু শ্বিৰ্কৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰা এই উপস্থিত লোকসকলকো পূৰ্বৱৰ্তী লোকসকলৰ দৰে ইহঁতৰ কৃতকৰ্মৰ পৰিণামে ইহঁতক আৱৰি ধৰিব। এই লোকসকলে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষাও পাব নোৱাৰে আৰু তেওঁক বিৱশ কৰিবও নোৱাৰিব।
Zümer 39:52
এই মুশ্বৰিকসকলে এই কথা কোৱাৰ আগত এই তথ্যৰ প্ৰতি লক্ষ্য কৰা নাই নেকি যে, আল্লাহে যাক ইচ্ছা কৰে পৰীক্ষা কৰাৰ বাবে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে, সি কৃতজ্ঞতা স্বীকাৰ কৰে নে নকৰে? আনহাতে কাৰোবাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে এই পৰীক্ষা কৰিবলৈ যে, সি ধৈৰ্য্য ধাৰণ কৰে নে আল্লাহৰ তাকদীৰকলৈ অসন্তুষ্ট হয়? নিশ্চিতৰূপে জীৱিকাৰ প্ৰশস্ততা আৰু ইয়াৰ সংকীৰ্ণতাৰ মাজত সেইসকল লোকৰ বাবে আছে শিক্ষা, যিসকলে ঈমান পোষণ কৰে। কাৰণ তেওঁলোকেই এইবোৰ শিক্ষাৰ দ্বাৰা উপকৃত হয়। আনহাতে কাফিৰসকলে এইবোৰৰ পৰা বিমুখ হৈ পাৰ হৈ যায়।
Zümer 39:53
হে ৰাছুল! আপুনি মোৰ সেই বান্দাসকলক কৈ দিয়ক, যিসকলে শ্বিৰ্কত লিপ্ত হৈ অথবা গুনাহত পতিত হৈ সীমালঙ্ঘন কৰি নিজৰ ওপৰত অন্যায় কৰিছেঃ তোমালোকে আল্লাহৰ ৰহমতৰ পৰা আৰু তোমালোকৰ গুনাহৰ মাগফিৰাতৰ পৰা নিৰাশ নহ’বা। নিঃসন্দেহে আল্লাহে প্ৰত্যেক সেই ব্যক্তিৰ গুনাহ ক্ষমা কৰি দিয়ে, যিয়ে তেওঁৰ ওচৰত তাওবা কৰে। নিশ্চয় তেওঁ তাওবাকাৰী ব্যক্তিসকলৰ প্ৰতি ক্ষমাশীল, তেওঁলোকৰ প্ৰতি দয়ালু।
Zümer 39:54
তাওবা আৰু সৎকৰ্মৰ জৰিয়তে নিজ প্ৰতিপালকৰ ওচৰলৈ উভতি আহা, আৰু তেওঁৰ আদেশ মতে আমল কৰা। কিয়ামত দিৱসৰ শাস্তি অহাৰ পূৰ্বেই এইবোৰ আমল কৰা। তেতিয়া কিন্তু তোমালোকে তোমালোকৰ মূৰ্ত্তিবোৰক আৰু নিজৰ পৰিয়ালক বিচাৰি নাপাবা, যিয়ে তোমালোকক শাস্তিৰ ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিব।
Zümer 39:55
তথা সেই কোৰআনৰ অনুসৰণ কৰা, যিখন তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা উত্তম বাণী। এতেকে তোমালোকে ইয়াৰ আদেশসমূহ পালন কৰা আৰু ইয়াত বৰ্ণিত নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থকা। সেই শাস্তি অহাৰ পূৰ্বেই যিটো আকস্মিক আহিব, তোমালোকে অনুমানো কৰিব নোৱাৰিবা। লগতে তাওবা কৰি ইয়াৰ বাবে প্ৰস্তুতিও লব নোৱাৰিবা।
Zümer 39:56
এইবোৰ কাম সুচাৰুৰূপে পালন কৰা। অন্যথা কিয়ামতৰ দিনা চৰম লজ্জিত হৈ ক’ব লাগিব যে, হায় আফচোচ! কুফৰী আৰু গুনাহৰ কামত লিপ্ত থাকি মই আল্লাহৰ অবাধ্যতা কৰিছিলোঁ, লগতে মুমিনসকলক তথা আনুগত্যকাৰীসকলক উপহাস কৰিছিলোঁ।
Zümer 39:57
অথবা ভাগ্যক জগৰীয়া কৰি যাতে ক’বলগীয়া নহয় যে, যদি আল্লাহে মোক তাওফীক দিলেহেঁতেন তেন্তে ময়ো মুত্ত্বাক্বীসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন। তেওঁৰ আদেশ পালন কৰিলোহেঁতেন আৰু তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকিলোহেঁতেন।
Zümer 39:58
অথবা শাস্তি দেখিও যাতে এইদৰে ক’বলগীয়া নহয় যে, হায়! যদি মই পৃথিৱীলৈ উভতি যাব পাৰিলোঁহেতেন তেন্তে নিশ্চয় আল্লাহৰ ওচৰত তাওবা কৰিলোহেঁতেন। লগতে সেইসকল লোকৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন, যিসকলে সৎকৰ্ম কৰে।
Zümer 39:59
তোমাৰ এই হিদায়ত কামনা সত্য নহয়। কাৰণ তোমাৰ ওচৰলৈ মোৰ নিদৰ্শনসমূহ আহিছিল, কিন্তু তুমি অহংকাৰ কৰি সেইবোৰক অস্বীকাৰ কৰিছিলা। আল্লাহৰ লগত কুফৰী কৰিছিলা, তেওঁৰ আয়াতসমূহক আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিলা।
Zümer 39:60
আপুনি দেখিবলৈ পাব কিয়ামতৰ দিনা সেইসকল লোকৰ মুখমণ্ডল ক’লা পৰিব, যিসকলে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰি তথা তেওঁৰ সৈতে সন্তানৰ বিষয়টো সম্পৃক্ত কৰি মিছা প্ৰচাৰ কৰিছে। এইটো দৰাচলতে সিহঁতৰ দুৰ্ভগীয়া হোৱাৰ প্ৰমাণ। আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত অহংকাৰ কৰা লোকসকলৰ ঠিকনা জাহান্নাম নহয়নে? নিশ্চয়, সেইখনেই হৈছে সিহঁতৰ ঠিকনা।
Zümer 39:61
আল্লাহে সেইসকল লোকক শাস্তিৰ পৰা ৰক্ষা কৰিব, যিসকলে তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল। তেওঁ সেইসকল লোকক সফলতাৰ স্থানত অৰ্থাৎ জান্নাতত প্ৰৱেশ কৰাব। য’ত তেওঁলোকক কোনো শাস্তিয়ে স্পৰ্শ কৰিব নোৱাৰিব। তথা পৃথিৱীত এৰি থৈ যোৱা ভোগ সামগ্ৰীকলৈও চিন্তিত নহ’ব।
Zümer 39:62
তেৱেঁই প্ৰত্যেক বস্তুৰ সৃষ্টিকৰ্তা। তেওঁৰ বাহিৰে আন কোনো সৃষ্টিকৰ্তা নাই। তেৱেঁই প্ৰত্যেক বস্তুৰ সংৰক্ষক। তেৱেঁই সকলো বিষয় পৰিচালনা কৰে। যিদৰে বিচাৰে সেইদৰেই পৰাচালনা কৰে।
Zümer 39:63
আকাশমণ্ডল আৰু পৃথিৱীৰ ধন ভাণ্ডাৰৰ চাবিকাঠি হৈছে একমাত্ৰ তেওঁৰেই হাতত। তেওঁ যাক ইচ্ছা কৰে তাকেই ধন-সম্পদ দান কৰে, আৰু যাক ইচ্ছা কৰে তাক ইয়াৰ পৰা বঞ্চিত কৰে। এতেকে যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, সিহঁতেই হৈছে প্ৰকৃত ক্ষতিগ্ৰস্ত। কিয়নো সিহঁতে পাৰ্থিৱ জীৱনত ঈমানৰ পৰা বঞ্চিত আছিল, সেইকাৰণে সিহঁতে আখিৰাতত জাহান্নামত প্ৰৱেশ কৰিব, য’ত সিহঁত চিৰকাল থাকিব।
Zümer 39:64
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, যিসকলে আপোনাক সিহঁতৰ মূৰ্ত্তিৰ পূজা-অৰ্চনা কৰিবলৈ প্ৰৰোচনা দিয়ে, হে মুৰ্খসকল! তোমালোকে মোক আল্লাহৰ বাহিৰে আনৰ পূজা পাঠ কৰিবলৈ কোৱা নেকি? তেন্তে শুনা! একমাত্ৰ আল্লাহৰ বাহিৰে আন কোনেও ইবাদতৰ যোগ্য নহয়। গতিকে তেওঁৰ বাহিৰে মই আন কাৰো ইবাদত নকৰোঁ।
Zümer 39:65
হে ৰাছুল! আল্লাহে আপোনাৰ প্ৰতি আৰু আপোনাৰ পূৰ্বে অহা ৰাছুলসকলৰ প্ৰতি এই অহী প্ৰেৰণ কৰিছে যে, যদি আপুনি আল্লাহৰ সৈতে আনৰ ইবাদত কৰে তেন্তে আপোনাৰ সকলো নেক কৰ্মৰ ছোৱাব বিনষ্ট হৈ যাব। তথা আপুনি পৃথিৱীত ক্ষতিগ্ৰস্তসকলৰ তালিকাভুক্ত হ’ব, কাৰণ আপুনি দ্বীন পালনত বিফল হৈছে, আৰু আখিৰাতত শাস্তিৰ সন্মুখীন হ’ব।
Zümer 39:66
বৰং আপুনি এককভাৱে আল্লাহৰ ইবাদত কৰক, তেওঁৰ সৈতে আন কাকো অংশীদাৰ নকৰিব। লগতে তেওঁ আপোনাক যিবোৰ নিয়ামত দান কৰিছে সেইবোৰৰ বাবে তেওঁৰ কৃতজ্ঞতা স্বীকাৰ কৰক।
Zümer 39:67
আল্লাহক যিদৰে সন্মান কৰা উচিত, মুশ্বৰিকসকলে সেইদৰে সন্মান কৰা নাই। কাৰণ সিহঁতে তেওঁৰ দুৰ্বল সৃষ্টিবোৰকো তেওঁৰ অংশী স্থাপন কৰি লৈছে। আনহাতে আল্লাহৰ মহান ক্ষমতাৰ নিদৰ্শনবোৰক আওকাণ কৰিছে, অথচ তেওঁৰ ক্ষমতাৰ এটা প্ৰমাণ হৈছে এই যে, তেওঁ কিয়ামতৰ দিনা বিশাল পৰ্বতসমূহ, নদ-নদী আৰু সাগৰ-মহাসাগৰসমূহ থকা সত্তেও এই পৃথিৱীক নিজৰ হাতৰ মুঠিত লব। আনহাতে সাতখন আকাশক তেওঁ নিজৰ সোঁহাতত মেৰিয়াই লব। তেওঁ মহা পৱিত্ৰ তথা সুউচ্চ সেই সকলো বিষয়ৰ পৰা যিবোৰ মুশ্বৰিকসকলে কয় আৰু বিশ্বাস কৰে।
Zümer 39:68
শিঙাত ফুঁ দিয়াৰ বাবে নিয়োজিত ফিৰিস্তাই যিদিনা শিঙাত ফুঁ দিব, সেইদিনা আকাশমণ্ডল আৰু পৃথিৱীত থকা সকলো প্ৰাণীয়ে মৃত্যুবৰণ কৰিব, কেৱল সেইসকলৰ বাহিৰে যিসকলক আল্লাহে মৃত্যু দিব নিবিচাৰিব। ইয়াৰ পিছত ফিৰিস্তাই সকলো প্ৰাণীকে জীৱিত কৰিবলৈ দ্বিতীয় ফুঁ দিব। তেতিয়া সকলো প্ৰাণী জীৱিত হৈ থিয় হ’ব আৰু প্ৰত্যক্ষ কৰিব আল্লাহে সিহঁতৰ বাবে কি ব্যৱস্থা লয়।
Zümer 39:69
যেতিয়া সৰ্বশক্তিমান পৱিত্ৰ আল্লাহ তেওঁৰ বান্দাসকলৰ মাজত মীমাংসা কৰিবলৈ দেখা দিব, তেতিয়া তেওঁৰ নূৰৰ দ্বাৰা পৃথিৱী আলোকিত হৈ পৰিব। সেইদিনা মানুহৰ কৰ্মফল (আমলনামা) উপস্থাপন কৰা হ’ব। আনহাতে নবীসকলক উপস্থিত কৰা হ’ব, লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতক নবীসকলৰ সপক্ষে তথা তেওঁলোকৰ জাতিৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিবলৈ উপস্থিত কৰা হ’ব। আল্লাহে সকলোৰে মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিব। সেইদিনা কাৰো প্ৰতি অন্যায় কৰা নহ’ব। কোনো মানুহৰেই গুনাহ বৃদ্ধি কৰা নহ’ব আৰু কোনো ব্যক্তিৰেই ছোৱাব হ্ৰাস কৰা নহ’ব।
Zümer 39:70
আল্লাহে প্ৰত্যেক প্ৰাণীকেই পৰিপূৰ্ণৰূপে প্ৰতিদান দান কৰিব। আমল ভাল হওক অথবা বেয়া। নিশ্চয় আল্লাহে সিহঁতৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। সিহঁতৰ ভাল বেয়া কোনো কৰ্মই আল্লাহৰ পৰা গোপন নহয়। তেৱেঁই সিহঁতক সেইদিনা সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব।
Zümer 39:71
ফিৰিস্তাসকলে আল্লাহক অস্বীকাৰ কৰা কাফিৰসকলক লাঞ্ছিত অপমানিত গোটত বিভিক্ত কৰি জাহান্নামৰ পিনে খেদি লৈ যাব। অৱশেষত যেতিয়া জাহান্নামৰ দুৱাৰডলিত গৈ সিহঁত উপস্থিত হ’ব তেতিয়া তাত নিয়োজিত ৰক্ষক ফিৰিস্তাই জাহান্নামৰ দুৱাৰ খুলি দিব আৰু সিহঁতক ভৰ্ৎসনা কৰি ক’বঃ “তোমালোকৰ ওচৰলৈ তোমালোকৰ মাজৰ পৰাই কোনো ৰাছুল প্ৰেৰিত হোৱা নাছিল নেকি, যিয়ে তোমালোকক তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ আয়াতসমূহ তিলাৱত কৰি শুনাইছিল, আৰু কিয়ামত দিৱসৰ সাক্ষাৎ আৰু ইয়াৰ শাস্তি সম্পৰ্কে সতৰ্ক কৰিছিল”? তেতিয়া কাফিৰসকলে এই কথা স্বীকাৰ কৰিব ক’বঃ হয়, নিশ্চয় আহিছিল, আৰু তেওঁলোকে এই যাৱতীয় দায়িত্ববোৰও পালন কৰিছিল। কিন্তু যিহেতু কাফিৰসকলৰ বিষয়ে শাস্তিৰ সিদ্ধান্ত চূড়ান্ত হৈছে, গতিকে আমিও কাফিৰ আছিলোঁ।
Zümer 39:72
সিহঁতক অপমানিত কৰি তথা আল্লাহৰ ৰহমতৰ পৰা নিৰাশ কৰি, লগতে জাহান্নামৰ পৰা উলিওৱাৰ আশাত চেঁচা পানী ঢালি সিহঁতক কোৱা হ’বঃ জাহান্নামত প্ৰৱেশ কৰা, এইটোৱে তোমালোকৰ চিৰস্থায়ী বাসস্থান। সত্যৰ পৰা অহংকাৰ কৰা লোকসকলৰ এই ঠিকনা কিমান যে নিকৃষ্ট ঠিকনা!
Zümer 39:73
ফিৰিস্তাসকলে সেইসকল মুমিনক যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰিছিল, তেওঁলোকক বিনম্ৰতা সহকাৰে সন্মানিত গোটত বিভক্ত কৰি জান্নাতৰ পিনে লৈ যাব। অৱশেষত তেওঁলোক যেতিয়া জান্নাতৰ ওচৰতগৈ উপস্থিত হ'ব, তেতিয়া তেওঁলোকৰ বাবে জান্নাতৰ দুৱাৰ খুলি দিয়া হ’ব। লগতে জান্নাতৰ দুৱাৰত নিয়োজিত ফিৰিস্তাসকলে তেওঁলোকক ক’বঃ শান্তি অৱতীৰ্ণ হওক আপোনালোকৰ ওপৰত, তথা আপোনালোক সকলো প্ৰকাৰ কষ্ট আৰু অপ্ৰিয় বস্তুৰ পৰা নিৰাপদে থাকক! আপোনালোকৰ অন্তৰ আৰু কৰ্ম উভয়েই পৱিত্ৰ। গতিকে আপোনালোকে জান্নাতত প্ৰৱেশ কৰক, এইটোৱে আপোনালোকৰ চিৰস্থায়ী বাসস্থান।
Zümer 39:74
মুমিনসকলে জান্নাতত প্ৰৱেশ কৰি ক’বঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবেই, তেৱেঁই ৰাছুলসকলৰ মাধ্যমত আমালৈ যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি বাস্তৱত পৰিণত কৰিছে। তেওঁ আমাক প্ৰতিশ্ৰুতি দিছিল যে, আমাক জান্নাতত প্ৰৱেশ কৰাব আৰু জান্নাতৰ ভূমিৰ উত্তৰাধিকাৰী কৰিব। তাত আমি য’ত ইচ্ছা ত’তেই অৱস্থান কৰিব পাৰিম। এতেকে যিসকল লোকে নিজ প্ৰতিপালকৰ সন্তুষ্টি অৰ্জন কৰিবলৈ সৎকৰ্ম কৰে, তেওঁলোকৰ প্ৰতিদান কিমান যে উত্তম!
Zümer 39:75
কিয়ামতৰ দিনা ফিৰিস্তাসকলে মহাসিংহাসনক অৰ্থাৎ আৰছক পৰিবেষ্টন কৰি থাকিব। কাফিৰসকলে তেওঁক যিবোৰ অনুচিত বিষয়ৰ সৈতে সম্পৃক্ত কৰে, সেইবোৰৰ পৰা তেওঁলোকে তেওঁক পৱিত্ৰ ঘোষণা কৰিব। আল্লাহে গোটেই সৃষ্টিজগতৰ মাজত ন্যায় সহকাৰে ফয়চালা কৰিব। এতেকে যিয়ে সন্মানৰ উপযুক্ত তাক সন্মান প্ৰদান কৰিব আৰু যিজন শাস্তিৰ উপযুক্ত তাক শাস্তি বিহিব। কোৱা হ’বঃ সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ বাবে, তেৱেঁই মুমিন বান্দাসকলৰ পক্ষত দয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কাফিৰসকলৰ বাবে শাস্তিৰ সিদ্ধান্ত লৈছে।
Mü'min 40:1
(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
Mü'min 40:2
পৱিত্ৰ কোৰআন মহাপৰাক্ৰমশালী আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, যি সত্ত্বাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ বান্দাসকলৰ হিত সম্পৰ্কে সৰ্বজ্ঞ। এইখন তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ।
Mü'min 40:3
তেৱেঁই পাপীসকলৰ পাপ মাৰ্জনাকাৰী। তেৱেঁই তাওবাকাৰী বান্দাসকলৰ তাওবা গ্ৰহণকাৰী। কিন্তু তেওঁ তাওবা নকৰা ব্যক্তিসকলক কঠোৰ শাস্তি প্ৰদানকাৰী। তেওঁ অনুগ্ৰহশীল, উপকাৰকাৰী সত্ত্বা। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। কিয়ামতৰ দিনা বান্দাসকলৰ শেষ প্ৰত্যাৱৰ্তন একমাত্ৰ তেওঁৰ ওচৰতেই। তেৱেঁই বান্দাসকলক প্ৰাপ্য অনুযায়ী প্ৰতিদান দান কৰিব।
Mü'min 40:4
আল্লাহৰ তাওহীদ আৰু তেওঁৰ ৰাছুলসকলৰ সত্যতা প্ৰমাণ কৰা আয়াতসমূহকলৈ কেৱল সেইসকল লোকেই বাক-বিতণ্ডা কৰে, যিসকলে বিবেকহীনতাৰ কাৰণে আল্লাহৰ লগত কুফৰী কৰিছে। গতিকে সিহঁতকলৈ আপুনি চিন্তিত নহ’ব। তথা সিহঁতক প্ৰদান কৰা প্ৰশস্ত জীৱিকা আৰু নিয়ামতবোৰকলৈও আপুনি ভুল নবুজিব। কাৰণ সেইবোৰ সিহঁতক অৱকাশ দিয়াৰ বাবে আৰু চক্ৰান্তমূলকভাৱে প্ৰদান কৰা হৈছে।
Mü'min 40:5
ইহঁতৰ পূৰ্বে নূহ আলাইহিচ্ছালামৰ জাতিয়েও অস্বীকাৰ কৰিছিল। আনকি নূহ সম্প্ৰদায়ৰ পিছত বহুতো সম্প্ৰদায়ে অস্বীকাৰ কৰিছিল। এতেকে আদ, ছামূদ আৰু লূত সম্প্ৰদায়, মাদিয়ানবাসী আৰু ফিৰআউনেও অস্বীকাৰ কৰিছিল। প্ৰত্যেক উম্মতেই নিজ নিজ ৰাছুলক কৰায়ত্ত কৰি হত্যা কৰাৰ সংকল্প কৰিছিল। সিহঁতে সত্যক প্ৰতিহত কৰিবলৈ অসত্যৰ জৰিয়তে বাদানুবাদ কৰিছিল। ফলত আমি সেই সকলো উম্মতক কৰায়ত্ত কৰিছিলোঁ। এতিয়া চিন্তা কৰি চাওক, সিহঁতৰ ওপৰত আমাৰ শাস্তি কেনেকুৱা আছিল। কিয়নো সিহঁতক যি শাস্তি দিয়া হৈছিল, অতি কঠোৰ আছিল।
Mü'min 40:6
হে ৰাছুল! যিদৰে আল্লাহে পূৰ্বৱৰ্তী অস্বীকাৰ কৰা উম্মতবোৰৰ বিষয়ে সিহঁতক ধ্বংস কৰাৰ সিদ্ধান্ত লৈছিল, ঠিক সেইদৰেই কাফিৰসকলৰ প্ৰতিও আপোনাৰ প্ৰতিপালকৰ সিদ্ধান্ত অনিবাৰ্য হৈ পৰিছে যে, নিশ্চিতভাৱে সিহঁত জাহান্নামী।
Mü'min 40:7
হে ৰাছুল! যিসকল ফিৰিস্তাই আপোনাৰ প্ৰতিপালকৰ আৰছ বহন কৰি আছে আৰু যিসকলে ইয়াৰ চাৰিওফালে পৰিবেষ্টন কৰি আছে, তেওঁলোক আটায়ে নিজ প্ৰতিপালকৰ পৱিত্ৰতা ঘোষণা কৰে, প্ৰত্যেক সেইবোৰ বিষয়ৰ পৰা যিবোৰ তেওঁৰ বাবে অনুচিত। তেওঁলোকে তেওঁৰ প্ৰতি ঈমান পোষণ কৰে, আৰু মুমিনসকলৰ বাবে আল্লাহৰ ওচৰত মাগফিৰাত প্ৰাৰ্থনা কৰে। তেওঁলোকে দুআ কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! তোমাৰ জ্ঞান আৰু তোমাৰ ৰহমতে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। গতিকে সেইসকল লোকৰ গুনাহ মাৰ্জনা কৰি দিয়া, যিসকলে নিজৰ গুনাহৰ পৰা তাওবা কৰিছে আৰু তোমাৰ দ্বীনৰ অনুসৰণ কৰিছে। তথা তেওঁলোকক জাহান্নামৰ অগ্নিৰ পৰা সুৰক্ষা প্ৰদান কৰা।
Mü'min 40:8
ফিৰিস্তাসকলে কয়ঃ হে আমাৰ প্ৰতিপালক! মুমিনসকলক সেই চিৰস্থায়ী জান্নাতত প্ৰৱেশ কৰোৱা, যি জান্নাতত প্ৰৱেশ কৰোৱাৰ প্ৰতিশ্ৰুতি তুমি তেওঁলোকক প্ৰদান কৰিছা। তেওঁলোকৰ সৈতে তেওঁলোকৰ পূৰ্বপুৰুষ, স্ত্ৰী আৰু সন্তান-সন্ততিৰ মাজৰ যিসকলে নেক আমল কৰিছিল, তেওঁলোককো প্ৰৱেশ কৰোৱা। নিশ্চয় তুমি মহা পৰাক্ৰমশালী, তোমাক কোনেও পৰাজিত কৰিব নোৱাৰে। নিশ্চয় তুমি যোগান ধৰাত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।
Mü'min 40:9
তথা তেওঁলোকক তেওঁলোকৰ বেয়া কৰ্মৰ দুষ্পৰিণামৰ পৰা সুৰক্ষা প্ৰদান কৰা, সেইবোৰক কেন্দ্ৰ কৰি তেওঁলোকক শাস্তি নিবিহিবা। এই কথা নিশ্চিত যে, কিয়ামতৰ দিনা যাক তুমি বেয়া কৰ্মৰ শাস্তিৰ পৰা সুৰক্ষিত ৰাখিবা, তেওঁ নিশ্চয় ৰহমতপ্ৰাপ্ত। দৰাচলতে শাস্তিৰ পৰা ৰক্ষা পোৱা আৰু জান্নাতত প্ৰৱেশ কৰাৰ কৃপা আদিয়েই হৈছে মহা সফলতা। কোনো সফলতাৰেই ইয়াক তুলনা কৰিব নোৱাৰি।
Mü'min 40:10
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, কিয়ামতৰ দিনা সিহঁতে যেতিয়া জাহান্নামত প্ৰৱেশ কৰিব তথা নিজেই নিজকে ভৰ্ৎসনা কৰিব আৰু অভিশাপ কৰিব তেতিয়া সিহঁতক মাতি কোৱা হ’বঃ আজি তোমালোকে নিজৰ ওপৰত যিমান ক্ৰোধান্বিত হৈছা, ইয়াতকৈও অধিক আল্লাহ তাআলা তোমালোকৰ ওপৰত ক্ৰোধান্বিত হৈছিল যেতিয়া তোমালোকে পৃথিৱীত আল্লাহৰ প্ৰতি ঈমান আনিবলৈ অস্বীকাৰ কৰিছিলা। আৰু তেওঁৰ সৈতে বহুতো উপাস্য গ্ৰহণ কৰিছিলা।
Mü'min 40:11
কাফিৰসকলে সেইসময়ত নিজৰ অপৰাধ স্বীকাৰ কৰিব যেতিয়া সিহঁতৰ স্বীকাৰোক্তি আৰু তাওবা একোৱে কামত নাহিব। সিহঁতে ক’বঃ হে আমাৰ প্ৰতিপালক! তুমি আমাক দুবাৰকৈ মৃত্যু প্ৰদান কৰিছা, প্ৰথমবাৰ যেতিয়া আমাৰ কোনো অস্তিত্বই নাছিল, তুমিয়েই আমাক অস্তিত্ব প্ৰদান কৰিছা। আৰু দ্বিতীয় মৃত্যু, সেই অস্তিত্বৰ পিছত তুমি আমাক মৃত্যু প্ৰদান কৰিছা। তথা দুবাৰকৈ আমাক জীৱনো দান কৰিছা। যেতিয়া আমাৰ কোনো অস্তিত্বই নাছিল তেতিয়া তুমিয়ে আমাক জীৱন দান কৰিছা, আৰু দ্বিতীয়বাৰ আমাক জীৱন দান কৰিছা হিচাপ-নিকাচৰ বাবে পুনৰুত্থিত কৰি। গতিকে আমি এতিয়া আমাৰ অপৰাধবোৰ স্বীকাৰ কৰিছোঁ। এতেকে জাহান্নামৰ পৰা উলিওৱাৰ কোনো উপায় আছেনে? যাতে আমি পাৰ্থিৱ জীৱনলৈ উভতি গৈ আমাৰ আমলসমূহ সংশোধন কৰিব পাৰোঁ, যাতে তুমি সন্তুষ্ট হোৱা!
Mü'min 40:12
তোমালোকক এই শাস্তি দিয়াৰ কাৰণ হৈছে, তোমালোকক যেতিয়া এক আল্লাহৰ প্ৰতি আহ্বান কৰা হৈছিল আৰু তেওঁৰ লগত অংশীদাৰ স্থাপন কৰিবলৈ বাৰণ কৰা হৈছিল, তেতিয়া তোমালোকে ইয়াক অস্বীকাৰ কৰিছিলা আৰু আল্লাহৰ লগত শ্বিৰ্ক কৰিছিলা। কিন্তু যেতিয়া আল্লাহৰ সৈতে অন্য উপাস্যক অংশী কৰা হৈছিল, তেতিয়া সেইটো তোমালোকে সহজেই মানি লৈছিলা। এতেকে শুনা! আজি চূড়ান্ত সিদ্ধান্ত প্ৰদানৰ দায়িত্ব একমাত্ৰ আল্লাহৰ হাতত। তেওঁ সত্ত্বাগতভাৱে, ক্ষমতাৰ ক্ষেত্ৰত আৰু প্ৰতাপৰ ক্ষেত্ৰত অতি উচ্চ। তেওঁ আটাইতকৈ মহান, সকলো বস্তু তেওঁতকৈ সৰু।
Mü'min 40:13
আল্লাহেই তোমালোকক মহাকাশত আৰু স্বয়ং তোমালোকৰ মাজত তেওঁৰ নিদৰ্শনসমূহ দেখুৱায়। যাতে তেওঁ তোমালোকক তেওঁৰ ক্ষমতা আৰু তাওহীদ সম্পৰ্কে পৰিচিত কৰাব পাৰে। তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে, যাতে ইয়াৰ দ্বাৰা গছ-গছনি আৰু শস্য আদি উৎপন্ন হয় যিবোৰ তোমালোকে ভক্ষণ কৰা। আল্লাহৰ নিদৰ্শনসমূহৰ পৰা কেৱল সেইসকল লোকেই উপদেশ গ্ৰহণ কৰে, যিসকলে নিৰ্ভেজালভাৱে তাওবা কৰি তেওঁৰ ফালে প্ৰত্যাৱৰ্তন কৰে।
Mü'min 40:14
এতেকে হে মুমিনসকল! তোমালোকে নিৰ্ভেজালভাৱে আল্লাহৰ আনুগত্য কৰা আৰু তেওঁৰ ওচৰত দুআ কৰা। তেওঁৰ সৈতে শ্বিৰ্ক নকৰিবা। যদিও কাফিৰসকলে ইয়াক অপছন্দ কৰক অথবা ক্ৰোধান্বিত হওক।
Mü'min 40:15
নিৰ্ভেজাল আনুগত্য আৰু নিৰ্ভেজাল দুআৰ একমাত্ৰ তেৱেঁই উপযুক্ত। কাৰণ তেওঁ সুউচ্চ মৰ্যাদাৰ অধিকাৰী, আৰু গোটেই সৃষ্টিজগতৰ পৰা পৃথক। তেৱেঁই মহা আৰছৰ প্ৰতিপালক। তেওঁ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাৰ ওপৰতেই অহী প্ৰেৰণ কৰে। যাতে তেওঁলোক নিজেও সতৰ্ক থাকে আৰু আনকো সতৰ্ক কৰিব পাৰে। তথা সেই কিয়ামত সম্পৰ্কে যাতে মানুহক সতৰ্ক কৰে যিদিনা পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলোৱে একত্ৰিত হ’ব।
Mü'min 40:16
যিদিনা সকলোৱে এটা স্থানতে একত্ৰিত হ'ব। সিহঁতৰ কোনো বিষয়েই আল্লাহৰ পৰা গোপন নাথাকিব। সিহঁতৰ ব্যক্তিত্ব সম্পৰ্কেই হওক অথবা সিহঁতৰ কৰ্ম সম্পৰ্কে নাইবা সিহঁতৰ প্ৰতিফল সম্পৰ্কে। তেওঁ সুধিবঃ আজি ৰাজত্ব কাৰ, আজি এটা উত্তৰৰ বাহিৰে আন কোনো উপায় নাই। ৰাজত্ব একমাত্ৰ আল্লাহৰ, যিজন সত্ত্বাগতভাৱে, গুণগতভাৱে আৰু কৰ্মগতভাৱে একক। তেওঁ সৰ্বশক্তিমান, প্ৰত্যেক বস্তু তেওঁৰেই অধীনস্থ। তথা প্ৰত্যেকেই তেওঁৰ আগত শিৰনত কৰিবলৈ বাধ্য।
Mü'min 40:17
আজি প্ৰত্যেক প্ৰাণীকেই নিজ নিজ কৰ্মৰ প্ৰতিফল দিয়া হ’ব। কৰ্ম ভাল হ’লে, প্ৰতিফল ভাল পাব। আনহাতে বেয়া হ’লে, বেয়া প্ৰতিফল পাব। আজি কাৰো প্ৰতি অন্যায় কৰা নহ’ব। কাৰণ ফয়চালাকাৰী হৈছে স্বয়ং আল্লাহ, তেওঁ সদায় ন্যায় ফয়চালা কৰে। নিশ্চয় আল্লাহ বান্দাসকলৰ দ্ৰুত হিচাপ গ্ৰহণকাৰী। কিয়নো তেওঁৰ জ্ঞানে সিহঁতক পৰিবেষ্টন কৰি আছে।
Mü'min 40:18
হে ৰাছুল! আপুনি ইহঁতক কিয়ামত দিৱস সম্পৰ্কে সতৰ্ক কৰক। নিশ্চয় কিয়ামত নিকটৱৰ্তী, তথা অৱশ্যম্ভাৱী। জানি থোৱা উচিত যে, প্ৰত্যেক আহিবলগীয়া বিষয়েই হৈছে নিকটৱৰ্তী। সেইদিনাৰ পৰিৱেশ ইমান ভয়াৱহ হ’ব যে, কষ্টত মানুহৰ প্ৰাণ কণ্ঠগত হ’ব। সকলোৱে মৌন হৈ থাকিব। কেৱল সেই ব্যক্তিয়ে কথা কোৱাৰ সাহস কৰিব, যাক ৰহমানে কথা কোৱাৰ অনুমতি প্ৰদান কৰিব। যিসকলে শ্বিৰ্ক আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে, সেইদিনা সিহঁতৰ কোনো বন্ধুও নাথাকিব আৰু কোনো নিকটৱৰ্তী লোকো নাথাকিব। তথা এনেকুৱা কোনো মধ্যস্ততাকাৰীও নাথাকিব, যাৰ মধ্যস্ততা গ্ৰহণ কৰা হ’ব।
Mü'min 40:19
গোপনে দৃষ্টিপাত কৰা ব্যক্তিৰ দৃষ্টি সম্পৰ্কেও আল্লাহে অৱগত, আৰু অন্তৰত থকা গোপন বিষয় সম্পৰ্কেও অৱগত। মহান আল্লাহৰ পৰা একোৱেই গোপন নহয়।
Mü'min 40:20
আল্লাহে ন্যায়ৰ সৈতে ফয়চালা কৰিব। কাৰোবাৰ ছোৱাব হ্ৰাস কৰি অথবা কাৰোবাৰ গুনাহ বৃদ্ধি কৰি কাৰো অন্যায় নকৰিব। মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰে, সিহঁতৰ ফয়চালা কৰাৰ কোনো অধিকাৰ নাই। কিয়নো সিহঁত একোৰেই অধিকাৰী নহয়। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী। তথা সিহঁতৰ নিয়্যত আৰু কৰ্ম সম্পৰ্কে অৱগত। অচিৰেই তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।
Mü'min 40:21
এই মুশ্বৰিকসকলে পৃথিৱীত চলাফুৰা কৰা নাই নেকি, তেতিয়াহে চিন্তা কৰিব পাৰিলেহেঁতেন যে, বিগত অস্বীকাৰকাৰী উম্মতবোৰৰ শেষ পৰিণতি কেনেকুৱা আছিল। নিশ্চিতভাৱে সিহঁতৰ শেষ পৰিণাম বেয়া আছিল। সেইবোৰ উম্মতৰ লোকসকল ইহঁততকৈও শক্তিশালী আছিল। পৃথিৱীৰ বুকুত এনেকুৱা এনেকুৱা অট্টালিকা নিৰ্মাণ কৰিছিল যিবোৰ ইহঁতৰ দ্বাৰা সম্ভৱ নহয়। তথাপিও আল্লাহে সিহঁতক সিহঁতৰ গুনাহৰ কাৰণে ধ্বংস কৰিছিল। কোনেও সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাছিল।
Mü'min 40:22
এই শাস্তি সিহঁতে এইকাৰণে ভোগ কৰিবলগীয়া হৈছিল, কাৰণ সিহঁতৰ ওচৰত ধাৰাহিকভাৱে আল্লাহৰ ফালৰ পৰা ৰাছুল আৰু স্পষ্ট দলিল-প্ৰমাণ তথা অকাট্য যুক্তি আহিছিল, তথাপিও সিহঁতে আল্লাহৰ লগত কুফৰী কৰিছিল আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। সিহঁত শক্তিশালী হোৱাৰ পিছতো আল্লাহে সিহঁতক ধ্বংস কৰিছিল। এতেকে যিয়ে আল্লাহৰ লগত কুফৰী কৰিব আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিব, নিশ্চয় আল্লাহে তাক কঠোৰ শাস্তি বিহিব। আল্লাহ সৰ্বশক্তিমান, অতি পৱিত্ৰ।
Mü'min 40:23
নিশ্চয় আমি মুছা আলাইহিচ্ছালামক স্পষ্ট নিদৰ্শন আৰু অকাট্য প্ৰমাণৰ সৈতে প্ৰেৰণ কৰিছিলোঁ।
Mü'min 40:24
ফিৰআউন আৰু তাৰ মন্ত্ৰী হামান আৰু কাৰূনৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। সিহঁতে কৈছিলঃ মুছা হৈছে এজন যাদুকৰ। তথা তেওঁ ৰাছুল হোৱাৰ যি দাবী কৰি আছে, এই ক্ষেত্ৰত তেওঁ এজন মিছলীয়া।
Mü'min 40:25
যেতিয়া মুছাই সিহঁতৰ ওচৰলৈ তেওঁৰ সত্যতাৰ প্ৰমাণ লৈ উপস্থিত হ'ল, তেতিয়া ফিৰআউনে ক’লেঃ যিসকলে তেওঁৰ ওপৰত ঈমান আনিছে, সিহঁতৰ সন্তানসকলক হত্যা কৰা, আৰু সিহঁতৰ স্ত্ৰীসকলক অপমানিত অৱস্থাত জীৱিত ৰখা। কাফিৰসকলে মুমিনসকলৰ সংখ্যা হ্ৰাস কৰাৰ যি চক্ৰান্ত কৰিছিল, নিশ্চিতভাৱে সেই চক্ৰান্ত ধ্বংস হ’বলগীয়াই আছিল। যাৰ কোনো প্ৰভাৱ নাই।
Mü'min 40:26
ফিৰআউনে ক’লেঃ মোক এৰি দিয়া মই মুছাক শাস্তিস্বৰূপে মৃত্যুদণ্ড প্ৰদান কৰিম। সিও নিজ প্ৰতিপালকক আহ্বান কৰা উচিত, যাতে মোক প্ৰতিৰোধ কৰিব পাৰে। তেওঁৰ প্ৰতিপালকক আহ্বান কৰাৰ ক্ষেত্ৰত তেওঁৰ বাবে মোৰ ফালৰ পৰা সম্পূৰ্ণ অনুমতি আছে, মই কোনো ভ্ৰূক্ষেপ নকৰোঁ। মই কেৱল এইটো আশংকা কৰি আছোঁ যে, সি তোমালোকৰ ধৰ্মক পৰিবৰ্তন কৰি পেলাব নাইবা হত্যা আৰু ধ্বংসজজ্ঞৰ জৰিয়তে উপদ্ৰৱ সৃষ্টি কৰিব।
Mü'min 40:27
মুছা আলাইহিচ্ছালামে ফিৰআউনৰ সকীয়নি গম পাই ক’লেঃ নিশ্চয় মই মোৰ তথা তোমালোকৰ প্ৰতিপালকৰ আশ্ৰয় গ্ৰহণ কৰিছোঁ, প্ৰত্যেক সেই ব্যক্তিৰ পৰা যিয়ে সত্য তথা ইয়াৰ প্ৰতি ঈমান আনিবলৈ অহংকাৰ কৰে। লগতে যিয়ে কিয়ামত দিৱস, আৰু ইয়াৰ হিচাপ-নিকাচ তথা শাস্তিৰ প্ৰতি ঈমান পোষণ নকৰে।
Mü'min 40:28
ফিৰআউন বংশৰ এজন মুমিন ব্যক্তিয়ে, যিয়ে নিজৰ ঈমান গোপন কৰি ৰাখিছিল, মুছা আলাইহিচ্ছালামৰ হত্যা সম্পৰ্কীয় সিদ্ধান্তক গৰিহণা দি ক'লেঃ তোমালোকে এজন নিৰ্দোষী ব্যক্তিক এইকাৰণে শাস্তি দিব বিচৰা নেকি, যাৰ দোষ কেৱল এইটো যে সি কয়ঃ মোৰ প্ৰতিপালক হৈছে একমাত্ৰ আল্লাহ তাআলা। অথচ তেওঁ এনেকুৱা স্পষ্ট দলিল-প্ৰমাণ লৈ আহিছে, যিবোৰে তেওঁৰ দাবীৰ সত্যতা প্ৰমাণ কৰে যে তেওঁ আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল। যদি এই কথা মানিও লোৱা যায় যে, তেওঁ নিজৰ দাবীত মিছলীয়া, তথাপি সেই শাস্তি তেওঁ নিজেই ভোগ কৰিব। আনহাতে যদি তেওঁ সত্যবাদী হয়, তেন্তে তেওঁ তোমালোকক যি শাস্তিৰ পৰা সতৰ্ক কৰি আছে, অচিৰেই সেই শাস্তিয়ে তোমালোকৰ কিছুমানক স্পৰ্শ কৰিব। জানি থোৱা! যিয়ে আল্লাহৰ নিৰ্ধাৰিত সীমা উলঙ্ঘা কৰে তথা তেওঁৰ ওপৰত আৰু ৰাছুলৰ ওপৰত মিছা অপবাদ জাপি দিয়ে, নিশ্চিতভাৱে আল্লাহে তেনেকুৱা ব্যক্তিক সত্যৰ তাওফীক প্ৰদান নকৰে।
Mü'min 40:29
হে মোৰ জাতিৰ লোকসকল! আজি মিচৰৰ শাসনভাৰ তোমালোকৰ হাতত আছে, তথা তোমালোক ইয়াত প্ৰভাৱশালী। কিন্তু মুছাক হত্যা কৰাৰ ফলত যদি আমাৰ ওপৰত আল্লাহৰ শাস্তি আহি পৰে তেন্তে কোনে আমাক ৰক্ষা কৰিব? ফিৰআউনে ক’লেঃ মোৰ পৰামৰ্শই হৈছে সঠিক পৰামৰ্শ, তথা মোৰ সিদ্ধান্তই হৈছে চূড়ান্ত সিদ্ধান্ত। গতিকে ফিতনা ফাছাদ আৰু উপদ্ৰৱ প্ৰতিৰোধ কৰিবলৈ মোৰ সিদ্ধান্ত হৈছে মুছাক হত্যা কৰা হওক। মই তোমালোকক সঠিক তথা শুদ্ধ পথহে দেখুৱাই আছোঁ।
Mü'min 40:30
ঈমান পোষণ কৰা ব্যক্তিজনে তেওঁৰ জাতিক উপদেশ দি ক’লেঃ শুনা! তোমালোকে যদি শত্ৰুতা পোষণ কৰি অন্যায়ভাৱে মুছাক হত্যা কৰা তেন্তে মই আশংকা কৰি আছোঁ, হয়তো তোমালোকৰ ওপৰতো তেনেকুৱা শাস্তি আহিব পাৰে যিদৰে পূৰ্বৱৰ্তী লোকসকলৰ ওপৰত আহিছিল, যিসকলে ৰাছুলসকলৰ বিৰুদ্ধে দল গঠন কৰিছিল, ফলত আল্লাহে সিহঁতক ধ্বংস কৰিছিল।
Mü'min 40:31
সেইসকল লোকৰ দৰে যিসকলে কুফৰী কৰিছিল আৰু ৰাছুলসকলক অস্বীকাৰ কৰিছিল, যেনেঃ নূহ সম্প্ৰদায়, আদ আৰু ছামূদ সম্প্ৰদায়, আৰু যিসকলে সিহঁতৰ পিছত আহিছিল। আল্লাহে সিহঁতক ধ্বংস কৰিছিল কাৰণ সিহঁতে কুফৰী কৰিছিল আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল। আল্লাহে বান্দাসকলৰ লগত অন্যায় কৰিব নিবিচাৰে। তেওঁ সিহঁতক কেৱল সিহঁতৰ গুনাহৰ কাৰণেহে উপযুক্ত শাস্তি বিহে।
Mü'min 40:32
হে মোৰ জাতিৰ লোকসকল! মই তোমালোকৰ বিষয়ে কিয়ামত দিৱস সম্পৰ্কে ভয় কৰোঁ, যিদিনা মানুহে ইজনে সিজনক আত্মীয়তা আৰু পদমৰ্যাদাৰ আধাৰত আহ্বান কৰিব, এই আশাত যে হয়তো এই ভয়াৱহ পৰিস্থিতিত তেওঁ কিছু হ’লেও উপকাৰ কৰিব।
Mü'min 40:33
যিদিনা তোমালোকে জাহান্নামক দেখি পিছ হোঁহকা দি পলায়ন কৰিব বিচৰিবা, তেতিয়া কোনেও তোমালোকক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। আল্লাহে যাক নিলগীয়া কৰিব তথা তেওঁ যাক ঈমান পোষণ কৰাৰ তাওফীক নিদিব, তাক কোনেও হিদায়ত দিব নোৱাৰে। কিয়নো হিদায়তৰ বাবে তাওফীক প্ৰদানৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত।
Mü'min 40:34
মুছা আলাইহিচ্ছালামৰ পূৰ্বে নিশ্চয় ইউছুফ আলাইহিচ্ছালামে তোমালোকৰ ওচৰলৈ আল্লাহৰ তাওহীদৰ স্পষ্ট দলিল-প্ৰমাণ লৈ আহিছিল। কিন্তু তেওঁ লৈ অহা বাৰ্তাক তোমালোকে সন্দেহ কৰিছিলা আৰু তেওঁক নবী হিচাপে অস্বীকাৰ কৰিছিলা। আনকি তেওঁৰ মৃত্যুৰ পিছত তোমালোকৰ সন্দেহ তথা সংশয় আৰু অধিক বৃদ্ধি পাইছিল। তোমালোকে এইটোও কৈছিলা যে, তেওঁৰ পিছত আল্লাহে কোনো ৰাছুলেই প্ৰেৰণ নকৰিব। যিদৰে এইক্ষেত্ৰত তোমালোকে সত্যৰ পৰা বিভ্ৰান্ত হৈছা, ঠিক সেইদৰে আল্লাহে প্ৰত্যেক সেই ব্যক্তিক পথভ্ৰষ্টত ৰাখে যিয়ে আল্লাহৰ নিৰ্ধাৰিত সীমা লঙ্ঘন কৰে আৰু তেওঁৰ তাওহীদত সন্দেহ পোষণ কৰে।
Mü'min 40:35
যিসকলে কোনো দলিল-প্ৰমাণ নোহোৱাকৈ আল্লাহৰ আয়াতসমূহকলৈ বিবাদ কৰে, তথা সেইবোৰক অসত্য বুলি প্ৰমাণ কৰিবলৈ বিতৰ্ক কৰে। সিহঁতৰ এই বিতৰ্ক আল্লাহ আৰু মুমিনসকলৰ দৃষ্টিত অতি ঘৃণনীয়। এই আয়াতসমূহক মিছা প্ৰমাণিত কৰিবলৈ বিতৰ্ক কৰা ব্যক্তিসকলৰ অন্তৰত আল্লাহে যিদৰে মোহৰ মাৰি দিছে, ঠিক সেইদৰে আল্লাহে প্ৰত্যেক সেই ব্যক্তিৰ অন্তৰতো মোহৰ মাৰি দিয়ে, যিয়ে সত্যক স্বীকাৰ কৰাৰ ক্ষেত্ৰত অহংকাৰ কৰে, তথা অন্যায় কৰে। এতেকে সি কেতিয়াও সত্যৰ হিদায়ত নাপাব, আনকি কল্যাণৰ সন্ধানো নাপাব।
Mü'min 40:36
ফিৰআউনে তাৰ মন্ত্ৰী হামানক ক’লেঃ হে হামান! মোৰ বাবে এটা সুউচ্চ ভৱন নিৰ্মাণ কৰা, যাতে মই কোনো পথ বিচাৰি পাওঁ।
Mü'min 40:37
যাতে মই মহাকাশত যাব পৰা কোনো পথ বিচাৰি পাওঁ, আৰু মুছাৰ উপাস্যজনক দেখিব পাৰোঁ, যাৰ বিষয়ে মুছাই ধাৰণা কৰে যে তেওঁ সত্য উপাস্য। নিশ্চয় মই মুছাক তেওঁৰ এই দাবীত মিছলীয়া বুলি ভাৱোঁ। এইদৰে ফিৰআউনৰ বাবে তাৰ বেয়া কৰ্মবোৰক শোভনীয় কৰি দিয়া হৈছিল, সেইকাৰণেই সি হামানক উক্ত আদেশ প্ৰদান কৰিছিল। তাক সত্য পথৰ পৰা আঁতৰাই অসত্য পথত পৰিচালিত কৰা হৈছিল। বাতিলক বিকশিত কৰা আৰু মুছাই লৈ অহা সত্যক পৰাস্ত কৰিবলৈ কৰা ফিৰআউনৰ চক্ৰান্ত বিনষ্ট হোৱাটোৱে নিশ্চিত আছিল। অৱশেষত তাৰ এই প্ৰয়াস বিফল হৈছিল আৰু সি এনেকুৱা দুৰ্ভাগ্যগ্ৰস্ত হৈছিল যিটো কেতিয়াও সমাপ্ত নহ’ব।
Mü'min 40:38
ফিৰআউন বংশৰ সেই ঈমান পোষণ কৰা ব্যক্তিজনে তেওঁৰ জাতিৰ লোকসকলক উপদেশ প্ৰদান কৰি তথা সত্যৰ পথ দেখুৱাই ক’লেঃ হে মোৰ জাতিৰ লোকসকল! মোৰ কথা মানি লোৱা, মই তোমালোকক সঠিক পথ দেখুৱাই আছোঁ। এইটোৱে সত্যৰ হিদায়ত।
Mü'min 40:39
হে মোৰ জাতিৰ লোকসকল! পাৰ্থিৱ জীৱনৰ এই সুখ-সুবিধাবোৰ হৈছে কেৱল অস্থায়ী ভোগ সামগ্ৰী। গতিকে তোমালোকে এইবোৰৰ মোহত পৰি প্ৰবঞ্চিত নহ’বা। পক্ষান্তৰে আখিৰাতৰ ঘৰ হৈছে চিৰস্থায়ী তথা কেতিয়াও সমাপ্ত নোহোৱা নিয়ামতেৰে ভৰা বাসস্থান। এতেকে আল্লাহৰ আনুগত্য কৰি আখিৰাতৰ বাবে আমল কৰি যোৱা। আৰু পাৰ্থিৱ জীৱনৰ কৰ্মত ব্যস্ত হৈ আখিৰাতৰ প্ৰস্তুতিৰ পৰা অমনোযোগী নহ’বা।
Mü'min 40:40
যিয়ে বেয়া আমল কৰিছে, তাক সেই অনুপাতেই শাস্তি দিয়া হ'ব। তাৰ কৰ্মতকৈ অধিক শাস্তি কেতিয়াও দিয়া নহ’ব। আনহাতে যিয়ে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ বাবে সৎকৰ্ম কৰিব, পুৰষেই হওক অথবা নাৰী, কিন্তু আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণকাৰী হ’ব লাগিব, এই উত্তম আদৰ্শৱান লোকসকলেই কিয়ামতৰ দিনা জান্নাতত প্ৰৱেশ কৰিব। তাত আল্লাহে তেওঁলোকক জান্নাতৰ অগণিত ফলমূল আৰু অসীম নিয়ামত উপভোগ কৰাৰ সুবিধা প্ৰদান কৰিব, যিবোৰ কেতিয়াও সমাপ্ত নহ’ব।
Mü'min 40:41
হে মোৰ জাতিৰ লোকসকল! এইটো কেনেকুৱা কথা, মই তোমালোকক আল্লাহৰ প্ৰতি ঈমান আনিবলৈ, সৎকৰ্ম কৰিবলৈ, লগতে পৃথিৱী আৰু আখিৰাতৰ ক্ষতিৰ পৰা ৰক্ষা পাবলৈ মুক্তিৰ পিনে আহ্বান কৰি আছোঁ, কিন্তু তোমালোকে মোক আল্লাহৰ সৈতে কুফৰী কৰিবলৈ আৰু তেওঁৰ অবাধ্যতা কৰিবলৈ আৰু জাহান্নামত প্ৰৱেশ কৰাৰ প্ৰতি আহ্বান কৰি আছা?
Mü'min 40:42
তোমালোকে মোক বাতিলৰ পিনে আহ্বান কৰি আছা, যাতে মই আল্লাহৰ লগত কুফৰী কৰোঁ; লগতে যাতে তেওঁৰ সৈতে এনেকুৱা উপাস্যৰ উপাসনা কৰোঁ, যিবোৰৰ উপাসনা সঠিক হোৱাৰ সপক্ষে মোৰ ওচৰত কোনো জ্ঞান নাই। পক্ষান্তৰে মই তোমালোকক মহাপৰাক্ৰমশালী আল্লাহৰ প্ৰতি ঈমান আনিবলৈ আহ্বান কৰি আছোঁ, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ ক্ষমাশীল, বান্দাসকলক ক্ষমা কৰি ভালপায়।
Mü'min 40:43
এই কথা সত্য যে, তোমালোকে মোক যাৰ প্ৰতি বিশ্বাস কৰিবলৈ তথা যাৰ আনুগত্য কৰিবলৈ মাতি আছা, প্ৰকৃততে সি পৃথিৱী আৰু আখিৰাতৰ ক'তো আহ্বানৰ যোগ্য নহয়। আনকি আহ্বানকাৰীৰ উত্তৰ দিয়াৰো তাৰ সামৰ্থ নাই। নিশ্চয় আমি সকলোৱে একমাত্ৰ আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। কুফৰী আৰু গুনাহৰ দ্বাৰা সীমালংঘন কৰা লোকসকলেই হৈছে জাহান্নামী, কিয়ামতৰ দিনা সিহঁতে তাত প্ৰৱেশ কৰিব।
Mü'min 40:44
কিন্তু সিহঁতে তেওঁৰ উপদেশক নাকচ কৰিলে। তেতিয়া তেওঁ ক’লেঃ তোমালোকে অচিৰেই মোৰ এই উপদেশক স্মৰণ কৰিবা আৰু সেইটো গ্ৰহণ নকৰাৰ বাবে পৰিতাপ কৰিবা। মই মোৰ সকলো বিষয় একমাত্ৰ আল্লাহৰ ওপৰতেই সমৰ্পন কৰিছোঁ। নিশ্চয় বান্দাসকলৰ কোনো কৰ্মই আল্লাহৰ পৰা গোপন নহয়।
Mü'min 40:45
এতেকে যেতিয়া সিহঁতে তেওঁক হত্যা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, তেতিয়া আল্লাহে তেওঁক সিহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিলে। ইপিনে ফিৰআউন বংশক শাস্তিয়ে পৰিবেষ্টন কৰিলে। ফলত আল্লাহে ফিৰআউনক আৰু তাৰ সৈন্যবাহিনীক পৃথিৱীতেই ডুবাই মাৰিলে।
Mü'min 40:46
মৃত্যুৰ পিছত কবৰত পুৱা-গধূলি সিহঁতক অগ্নিৰ সন্মুখত উপস্থিত কৰা হয়। কিয়ামতৰ দিনা কোৱা হ’বঃ ফিৰআউনৰ অনুসাৰীসকলক কঠিন তথা মহাশাস্তিৰ ভিতৰত নিক্ষেপ কৰা। কিয়নো সিহঁতে কুফৰী কৰিছিল, অস্বীকাৰ কৰিছিল আৰু আল্লাহৰ পথত মানুহক বাধা দিছিল।
Mü'min 40:47
হে ৰাছুল! আপুনি সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া জাহান্নামত অনুসাৰীসকল আৰু যিসকলক অনুসৰণ কৰা হৈছিল সিহঁতে পৰস্পৰে বিবাদ কৰিব। এতেকে দুৰ্বল অনুসাৰীসকলে অহংকাৰী নেতাসকলক উদ্দেশ্যি ক’বঃ পৃথিৱীত আমি তোমালোকৰ অনুসৰণ কৰি বিভ্ৰান্ত হৈছিলোঁ, এতিয়া তোমালোকে আমাৰ পৰা আল্লাহৰ এই শাস্তি কিছু পৰিমাণ হ’লেও লাঘৱ কৰিব পাৰিবা নেকি?
Mü'min 40:48
তেতিয়া অহংকাৰী নেতাসকলে ক'বঃ শুনা! নেতা আৰু অনুসাৰী আমি সকলোৱে এতিয়া জাহান্নামত আছোঁ। আমাৰ মাজৰ কোনেও এতিয়া কাৰো শাস্তি ভগাই ল'ব নোৱাৰে। যিহেতু আল্লাহে বান্দাসকলৰ মাজত চূড়ান্ত ফয়চালা কৰি দিছে, লগতে প্ৰত্যেককে উচিত শাস্তি বিহিছে।
Mü'min 40:49
জাহান্নামৰ শাস্তিপ্ৰাপ্ত নেতা আৰু অনুসাৰী, সকলোৱে যেতিয়া জাহান্নামৰ পৰা ওলোৱাৰ বিষয় সম্পৰ্কে নিৰাশ হৈ পৰিব, তথা সিহঁতৰ পৃথিৱীলৈ ঘূৰি অহাৰ আশাত যেতিয়া চেঁচা পানী পৰিব, তেতিয়া সিহঁতে জাহান্নামৰ চোৱাচিতাৰ দায়িত্বত থকা ফিৰিস্তাক সম্বোধন কৰি ক’বঃ আপোনালোকে আপোনালোকৰ প্ৰতিপালকক আমাৰ বাবে অলপ দুআ কৰি কওক, তেওঁ যেন আমাৰ পৰা এদিনৰ বাবে হ’লেও এই চিৰস্থায়ী শাস্তিক অকণমান লাঘৱ কৰি দিয়ে।
Mü'min 40:50
জাহান্নামৰ প্ৰহৰিয়ে কাফিৰসকলক উত্তৰ দি ক’বঃ “তোমালোকৰ ওচৰলৈ তোমালোকৰ ৰাছুলসকলে স্পষ্ট দলিল-প্ৰমাণ লৈ অহা নাছিলনে”? কাফিৰসকলে ক’বঃ “হয়, নিশ্চয় তেওঁলোকে আমাৰ ওচৰলৈ স্পষ্ট দলিল-প্ৰমাণ লৈ আহিছিল”। তেতিয়া প্ৰহৰিয়ে সিহঁতক ভৰ্ৎসনা কৰি ক’বঃ “তেন্তে তোমালোকে নিজেই প্ৰাৰ্থনা কৰা, আমি কাফিৰসকলৰ বাবে মধ্যস্ততা নকৰোঁ”। কাফিৰসকলৰ প্ৰাৰ্থনা ব্যৰ্থ হোৱাটোৱেই নিশ্চিত। গ্ৰহণযোগ্য নোহোৱাৰ কাৰণ হৈছে সিহঁতে কুফৰী কৰিছে।
Mü'min 40:51
নিশ্চয় আমি আমাৰ ৰাছুলসকলক সহায় কৰোঁ, লগতে যিসকলে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে তেওঁলোককো সহায় কৰোঁ, পৃথিৱীত তেওঁলোকৰ পক্ষক শক্তিশালী কৰি আৰু শত্ৰুৰ বিৰুদ্ধে তেওঁলোকক সমৰ্থন কৰাৰ মাধ্যমত তেওঁলোকক সহায় কৰোঁ। লগতে কিয়ামতৰ দিনা তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাত সহায় কৰিম আৰু পৃথিৱীত তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰা লোকসকলক জাহান্নামত প্ৰৱেশ কৰাম। এইবোৰ সেইসময়ত সংঘটিত হ’ব যেতিয়া নবীসকলে আৰু ফিৰিস্তাসকলে লগতে মুমিনসকলে এই সাক্ষ্য প্ৰদান কৰিব যে, সিহঁতৰ ওচৰত ইছলামৰ বাৰ্তা আহি পৰিছিল কিন্তু সিহঁতে অস্বীকাৰ কৰিছিল।
Mü'min 40:52
কুফৰ আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰা লোকসকলে সেইদিনা নিজৰ পাপকৰ্মৰ অজুহাত দাঙি ধৰিলেও কোনো উপকাৰ নহ’ব। সেইদিনা সিহঁতক আল্লাহৰ ৰহমতৰ পৰা আঁতৰাই দিয়া হ’ব। আখিৰাতত সিহঁতৰ বাবেই আছে নিকৃষ্ট বাসস্থান, য’ত সিহঁতক কষ্টদায়ক শাস্তি দিয়া হ’ব।
Mü'min 40:53
নিশ্চয় আমি মুছা আলাইহিচ্ছালামক এনেকুৱা জ্ঞান প্ৰদান কৰিছিলোঁ, যাৰ দ্বাৰা বনী ইছৰাঈলে সত্যৰ হিদায়ত পাইছিল। তথা তাওৰাতক আমি এনেকুৱা এখন গ্ৰন্থত পৰিণত কৰিছিলোঁ, যিখনৰ উত্তৰাধিকাৰী বনী ইছৰাঈলৰ প্ৰজন্মৰ পিছত প্ৰজন্মই লাভ কৰিছিল।
Mü'min 40:54
যিখনে সত্যৰ পথ দেখুৱাইছিল আৰু সুস্থ বিবেকৱান লোকসকলৰ বাবে আছিল সেইখন উপদেশ।
Mü'min 40:55
হে ৰাছুল! আপোনাৰ জাতিয়ে আপোনাক অস্বীকাৰ কৰা কাৰ্যত আৰু সিহঁতৰ নিৰ্যাতনত আপুনি ধৈৰ্য্য ধাৰণ কৰক। নিশ্চয় আল্লাহে আপোনাক সহায়-সহযোগিতা আৰু সমৰ্থন কৰিব বুলি যি প্ৰতিশ্ৰুতি দিছে সেয়া সত্য, ইয়াৰ মাজত কোনো সন্দেহ নাই। গতিকে আপুনি আপোনাৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক, লগতে পুৱা-গধূলি আপোনাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে তাছবীহ পাঠ কৰক।
Mü'min 40:56
নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহক মিছা প্ৰমাণিত কৰিবলৈ, কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ বিতৰ্ক কৰে, সিহঁতৰ ওচৰত আল্লাহৰ ফালৰ পৰা অহা কোনো প্ৰমাণ নাই। সিহঁতৰ উদ্দেশ্য কেৱল সত্যক দমন কৰা আৰু নিজকে সুউচ্চ প্ৰমাণিত কৰাৰ বাহিৰে আন একো নহয়। সিহঁতে নিজৰ এই উদ্দেশ্যত কেতিয়াও সফল হ’ব নোৱাৰিব। হে ৰাছুল! আপুনি দৃঢ়ভাৱে তথা একনিষ্ঠভাৱে আল্লাহৰ হৈ থাকক। নিশ্চয় তেওঁ বান্দাসকলৰ কথা শ্ৰৱণকাৰী, আৰু তেওঁ সিহঁতৰ কৰ্ম সম্পৰ্কে সৰ্বদ্ৰষ্টা। একোৱেই তেওঁৰ পৰা বাদ নপৰে। তেওঁ অচিৰেই সিহঁতক ইয়াৰ প্ৰতিদান দিব।
Mü'min 40:57
নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱী, বিশালতা আৰু প্ৰশস্ততাৰ ক্ষেত্ৰত মানৱ সৃষ্টিতকৈও ডাঙৰ বিষয়। এতেকে যি সত্ত্বাই এই বিশাল আকাশমণ্ডল আৰু ভূমণ্ডলক সৃষ্টি কৰিছে, সেই সত্ত্বাই নিশ্চয় মৃতসকলক পুনৰুত্থিত কৰি কবৰৰ পৰা উঠাই হিচাপ-নিকাচ আৰু প্ৰতিদান দিবলৈ সক্ষম। কিন্তু অধিকাংশ লোকেই এই বিষয়টো নাজানে। সেইকাৰণেই সিহঁতে ইয়াৰ দ্বাৰা শিক্ষা গ্ৰহণ নকৰে, তথা ইয়াক পুনৰুত্থানৰ দলিল হিচাপে গ্ৰহণ নকৰে, যদিও বিষয়টো একেবাৰে স্পষ্ট।
Mü'min 40:58
দৃষ্টিশক্তি থকা আৰু দৃষ্টিশক্তি নথকা ব্যক্তি কেতিয়াও সমান হ’ব নোৱাৰে। ঠিক সেইদৰে যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি বিশ্বাস কৰিছে লগতে সৎকৰ্ম কৰিছে, তেওঁলোকে কেতিয়াও সেইসকল লোকৰ দৰে নহয় যিসকলে বাতিল আক্বীদাহ আৰু গুনাহৰ কৰ্মত লিপ্ত হৈ বেয়া আমল কৰি আছে। (পৰিলক্ষিত হৈছে যে) তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা। কিয়নো সঁচাই যদি তোমালোকে উপদেশ গ্ৰহণ কৰিলাহেঁতেন তেন্তে নিশ্চয় দুয়ো দলৰ পাৰ্থক্য বুজি পালাহেঁতেন তথা সেইসকল লোকৰ অন্তৰ্ভুক্ত হ’লাহেঁতেন যিসকলে আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ ঈমান পোষণ কৰিছে আৰু সৎকৰ্ম কৰিছে।
Mü'min 40:59
নিশ্চয় কিয়ামত দিৱস অৱশ্যম্ভাৱী, যিদিনা মৃতসকলক জীৱিত কৰি হিচাপ-নিকাচ লোৱা হ'ব আৰু প্ৰতিদান দিয়া। ইয়াৰ মাজত কোনো সন্দেহ নাই। কিন্তু অধিকাংশ লোকেই এই দিৱস আহিব বুলি বিশ্বাস নকৰে। সেইকাৰণেই সিহঁতে ইয়াৰ বাবে প্ৰস্তুতি নলয়।
Mü'min 40:60
হে মানৱজাতি! তোমালোকৰ প্ৰতিপালকে কৈছে যে, তোমালোকে একমাত্ৰ মোৰেই ইবাদত কৰা আৰু কেৱল মোৰ ওচৰতেই প্ৰাৰ্থনা কৰা। মই তোমালোকৰ প্ৰাৰ্থনা কবূল কৰিম, তোমালোকক ক্ষমা কৰিম তথা তোমালোকৰ প্ৰতি দয়া কৰিম। নিশ্চয় যিসকলে এককভাৱে মোৰ ইবাদত কৰাৰ ক্ষেত্ৰত অহংকাৰ কৰে, শীঘ্ৰেই সিহঁতে কিয়ামতৰ দিনা লাঞ্ছিত অপমানিত হৈ জাহান্নামত প্ৰৱেশ কৰিব।
Mü'min 40:61
আল্লাহেই ৰাতিক তোমালোকৰ বাবে অন্ধকাৰাচ্ছন্ন কৰি দিছে, যাতে তোমালোকে বিশ্ৰাম লব পাৰা। পক্ষান্তৰে দিনক আলোকিত কৰি দিছে, যাতে সেই সময়ছোৱাত কাম কৰিব পাৰা। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি মহা অনুগ্ৰহশীল, তেৱেঁই মানুহক প্ৰকাশ্য অপ্ৰকাশ্য সকলো প্ৰকাৰৰ নিয়ামত প্ৰদান কৰিছে। কিন্তু অধিকাংশ লোকেই তেওঁৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন নকৰে।
Mü'min 40:62
তেৱেঁই আল্লাহ, যিজনে তোমালোকক বিভিন্ন প্ৰকাৰৰ নিয়ামত প্ৰদান কৰিছে, তেৱেঁই সকলো বস্তুৰ স্ৰষ্টা। তেওঁৰ বাহিৰে কোনো সৃষ্টিকৰ্তা নাই। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্যও নাই। তেন্তে তেওঁক এৰি তোমালোকে কিহৰ ভিত্তিত আনৰ উপাসনা কৰা, যিবোৰে উপকাৰ বা অপকাৰ একোৱেই কৰিব নোৱাৰে।
Mü'min 40:63
যিদৰে এইসকল লোকক আল্লাহৰ প্ৰতি ঈমান পোষণৰ পৰা আৰু এককভাৱে তেওঁৰ ইবাদত কৰাৰ পৰা আঁতৰাই দিয়া হৈছে, ঠিক সেইদৰে সেইসকল লোককো প্ৰত্যেক যুগ তথা প্ৰত্যেক স্থানতে আঁতৰাই ৰখা হ’ব, যিসকলে আল্লাহৰ তাওহীদৰ প্ৰমাণবহন কৰা নিদৰ্শনসমূহক অস্বীকাৰ কৰিব। ফলত সিহঁতে কেতিয়াও সত্যৰ পথ বিচাৰি নাপাব, লগতে সিহঁতক সঠিক পথত পৰিচালিত হোৱাৰ তাওফীকো দিয়া নহ’ব।
Mü'min 40:64
হে মানৱজাতি! আল্লাহেই তোমালোকৰ বাবে পৃথিৱীখনক বসবাসযোগ্য বনাইছে। তেৱেঁই তোমালোকৰ ওপৰত সুদৃঢ় আকাশ বনাইছে, যিখন ভাঙি পৰাৰ পৰা সুৰক্ষিত। তেৱেঁই তোমালোকক মাকৰ গৰ্ভত সুন্দৰ আকৃতি প্ৰদান কৰিছে। লগতে তেৱেঁই তোমালোকক হালাল তথা পৱিত্ৰ জীৱিকা প্ৰদান কৰিছে। যি সত্ত্বাই তোমালোকক এই সকলোবোৰ নিয়ামত প্ৰদান কৰিছে, তেৱেঁই আল্লাহ তোমালোকৰ প্ৰতিপালক। আল্লাহ মহা বৰকতময়, তেৱেঁই গোটেই সৃষ্টিজগতৰ প্ৰতিপালক। তেওঁৰ বাহিৰে আন কোনো প্ৰতিপালক নাই।
Mü'min 40:65
তেওঁ চিৰঞ্জীৱ, কেতিয়াও মৃত্যুবৰণ নকৰে। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। গতিকে তোমালোকে সকলো প্ৰকাৰ দুআ তথা প্ৰাৰ্থনা একমাত্ৰ তেওঁৰ ওচৰতেই কৰা, ইবাদতৰ বাবেই হওক অথবা প্ৰয়োজনৰ বাবে। লগতে তেওঁৰ সৈতে তেওঁৰ কোনো সৃষ্টিক অংশীদাৰ স্থাপন নকৰিবা। সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, তেৱেঁই সৃষ্টিজগতৰ প্ৰতিপালক।
Mü'min 40:66
হে ৰাছুল! আপুনি কৈ দিয়ক, নিশ্চয় আল্লাহে মোক নিষেধ কৰিছে, মই যেন আল্লাহৰ বাহিৰে সেইবোৰ মূৰ্ত্তিৰ উপাসনা নকৰোঁ যিবোৰৰ উপাসনা তোমালোকে কৰা, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে। অথচ সেইবোৰৰ উপাসনা ভুল বুলি মোৰ ওচৰত স্পষ্ট প্ৰমাণ আহি পৰিছে। লগতে আল্লাহে মোক আদেশ কৰিছে যে, মই যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰি তেওঁৰ আনুগত্য কৰোঁ। তেৱেঁই গোটেই সৃষ্টিজগতৰ ৰব্ব, তেওঁৰ বাহিৰে আন কোনো ৰব্ব নাই।
Mü'min 40:67
তেৱেঁই তোমালোকৰ পিতা আদমক মাটিৰে সৃষ্টি কৰিছে। ইয়াৰ পিছত তেওঁ তোমালোকক বীৰ্যৰে সৃষ্টি কৰিছে। তেৱেঁই বীৰ্যৰ পিছত ৰক্তপিণ্ডত পৰিণত কৰিছে। তেৱেঁই তোমালোকক তোমালোকৰ মাকৰ গৰ্ভৰ পৰা নৱজাতকৰূপে ভূমিষ্ঠ কৰে। তেৱেঁই তোমালোকক ডাঙৰ দীঘল কৰি যৌৱনত উপনীত কৰে, আৰু অৱশেষত বৃদ্ধাৱস্থাত পৌঁচাই দিয়ে। তোমালোকৰ মাজৰ কিছুমানে ইয়াৰ পূৰ্বেই মৃত্যুবৰণ কৰে। এইবোৰৰ কাৰণ হৈছে যাতে তোমালোকে আল্লাহে নিৰ্ধাৰণ কৰা সময়ত উপনীত হ’ব পাৰা, যিটোক তোমালোকে হ্ৰাস কৰিবও নোৱাৰিবা আৰু বৃদ্ধি কৰিবও নোৱাৰিবা। যাতে তোমালোকে আল্লাহৰ তাওহীদ আৰু ক্ষমতাৰ এই প্ৰমাণ আৰু দলিলবোৰৰ দ্বাৰা উপকৃত হ’ব পাৰা।
Mü'min 40:68
তেৱেঁই অদ্বিতীয় পৱিত্ৰ আল্লাহ, যাৰ হাতত আছে জীৱন দানৰ ক্ষমতা। একমাত্ৰ তেওঁৰ হাততেই আছে মৃত্যু প্ৰদানৰ ক্ষমতা। এতেকে তেওঁ যেতিয়া কোনো বিষয়ৰ ফয়চালা কৰে, তেতিয়া কেৱল কয় ‘হ’, ফলত সেইটো লগে লগে হৈ যায়।
Mü'min 40:69
হে ৰাছুল! আপুনি সেইসকল লোকক লক্ষ্য কৰা নাইনে, যিসকলে আল্লাহৰ স্পষ্ট আয়াতসমূহক মিছা প্ৰমাণিত কৰিবলৈ বিতৰ্ক কৰে, সিহঁতৰ অৱস্থা দেখি আপুনি নিশ্চয় আশ্চৰ্য প্ৰকাশ কৰিব, যিসকলে সত্য স্পষ্ট হোৱাৰ পিছতো তাৰ পৰা মুখ ঘূৰাই লয়।
Mü'min 40:70
যিসকলে কোৰআনক আৰু আমি আমাৰ ৰাছুলসকলৰ দ্বাৰা যি সত্য প্ৰেৰণ কৰিছোঁ তাক অস্বীকাৰ কৰিছে। এই অস্বীকাৰকাৰী লোকসকলে অচিৰেই সিহঁতৰ পৰিণাম সম্পৰ্কে অৱগত হ’ব আৰু বেয়া সমাপ্তি দেখিবলৈ পাব।
Mü'min 40:71
সেইসময়ত সিহঁতে নিজৰ পৰিণাম সম্পৰ্কে ভালকৈয়ে অৱগত হ'ব যেতিয়া সিহঁতৰ ডিঙিত থাকিব গলাবদ্ধ, আৰু সিহঁতৰ ভৰি শিকলিৰে আৱদ্ধ থাকিব। লগতে শাস্তিৰ ফিৰিস্তাই সিহঁতক চোঁচৰাই লৈ যাব।
Mü'min 40:72
সিহঁতক উতলা গৰম পানীত চোঁচৰাই নিয়া হ’ব। ইয়াৰ পিছত জ্বলিবলৈ অগ্নিৰ মাজত নিক্ষেপ কৰা হ’ব।
Mü'min 40:73
সিহঁতক গৰিহণা আৰু ধিক্কাৰ দি কোৱা হ’ব, ক’ত আছে তোমালোকৰ সেই তথাকথিত উপাস্যবোৰ, যিবোৰক তোমালোকে অংশীদাৰ স্থাপন কৰি উপাসনা কৰিছিলা?!
Mü'min 40:74
সেই মূৰ্ত্তিবোৰ, যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰিছিলা, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে? কাফিৰসকলে ক’বঃ “সেইবোৰ আমাৰ পৰা আঁতৰি গৈছে, বৰং পৃথিৱীত আমি এনেকুৱা কোনো বস্তুৰ ইবাদত কৰাই নাছিলোঁ যিবোৰ ইবাদতৰ যোগ্য”। এইদৰেই আল্লাহে প্ৰত্যেক যুগতে আৰু প্ৰত্যেক স্থানতে কাফিৰসকলক পথভ্ৰষ্টতাত পতিত কৰে।
Mü'min 40:75
সিহঁতক কোৱা হ’বঃ যি শাস্তি তোমালোকে ভোগ কৰি আছা, ইয়াৰ কাৰণ হৈছে পৃথিৱীত কৰা তোমালোকৰ সেই শ্বিৰ্ক, যাক লৈ তোমালোকে আনন্দিত আছিলা।
Mü'min 40:76
এতেকে প্ৰৱেশদ্বাৰেৰে তোমালোকে জাহান্নামত প্ৰৱেশ কৰা। এইটোৱেই তোমালোকৰ চিৰস্থায়ী বাসস্থান। হায়! সত্যৰ পৰা অহংকাৰ কৰা লোকৰ পৰিণাম কিমান যে নিকৃষ্ট!
Mü'min 40:77
হে ৰাছুল! আপুনি আপোনাৰ সম্প্ৰদায়ৰ অত্যাচাৰ আৰু অস্বীকাৰ কাৰ্যত ধৈৰ্য্য ধাৰণ কৰক। নিশ্চয় আল্লাহে আপোনাক সহায় কৰাৰ যি প্ৰতিশ্ৰুতি দিছে সেয়া সত্য, ইয়াত কোনো সন্দেহ নাই। আপোনাৰ জীৱনকালতেই যদি সেই প্ৰতিশ্ৰুতিৰ কিছু শাস্তি প্ৰদান কৰি আপোনাক দেখুৱাওঁ, যিদৰে বদৰৰ দিনা দেখুৱাইছোঁ, নাইবা ইয়াৰ পূৰ্বেই যদি আপোনাক মৃত্যু প্ৰদান কৰোঁ, তথাপিও সিহঁতে কিয়ামতৰ দিনা একমাত্ৰ আমাৰ ওচৰলৈকেই উভতি আহিব লাগিব। আমিয়েই সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান প্ৰদান কৰিম। তথা সিহঁতক চিৰকালৰ বাবে জাহান্নামত প্ৰৱেশ কৰাম।
Mü'min 40:78
হে ৰাছুল! আপোনাৰ পূৰ্বেও আমি বহুতো ৰাছুলক তেওঁলোকৰ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। তেওঁলোককো সিহঁতে অস্বীকাৰ কৰিছিল আৰু নিৰ্যাতন কৰিছিল। কিন্তু তেওঁলোকে সিহঁতৰ অস্বীকাৰ কাৰ্যত আৰু অত্যাচাৰত ধৈৰ্য্য ধাৰণ কৰিছিল। তেওঁলোকৰ মাজৰ কিছুমান নবীৰ বিষয়ে আমি আপোনাৰ সন্মুখত বৰ্ণনা কৰিছোঁ আৰু কিছুমানৰ বিষয়ে কৰা নাই। আল্লাহৰ অনুমতি নোহোৱাকৈ কোনো ৰাছুলৰেই তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ মুজিঝা বা অলৌকিকতা আনিব পৰা ক্ষমতা নাছিল। গতিকে কাফিৰসকলে তেওঁলোকৰ পৰা মুজিঝা বা অলৌকিকতা দাবী কৰাটো হৈছে এক প্ৰকাৰ অন্যায়। এতেকে আল্লাহৰ ফালৰ পৰা যেতিয়া জয় লাভৰ আদেশ আহি পৰিব অথবা ৰাছুলসকল আৰু তেওঁলোকৰ উম্মতবোৰৰ মাজত যেতিয়া ফয়চালা কৰাৰ সময় আহি পৰিব, তেতিয়া আল্লাহে ন্যায় সহকাৰে তেওঁলোকৰ মাজত ফয়চালা কৰিব। তেতিয়া কাফিৰসকলৰ বিনাশ হ’ব আৰু ৰাছুলসকলে জয়লাভ কৰিব। বান্দাসকলৰ মাজত ফয়চালা কৰাৰ এই সময়ছোৱাত বাতিল পন্থীসকলে নিজৰ কুফৰী কৰ্মৰ কাৰণে ধ্বংসত পতিত হ’ব।
Mü'min 40:79
আল্লাহেই তোমালোকৰ বাবে উট, গৰু আৰু ছাগলী আদি সৃষ্টি কৰিছে, যাতে সেইবোৰৰ কিছুমানক তোমালোকে পৰিবহণ হিচাপে ব্যৱহাৰ কৰিব পাৰা আৰু কিছুমানৰ মাংস ভক্ষণ কৰিব পাৰা।
Mü'min 40:80
এই জন্তুবোৰৰ মাজত তোমালোকৰ বাবে আছে কিছুমান উপকাৰ, যিবোৰ সময় অনুসাৰে পৰিবৰ্তন হয়। এইবোৰৰ দ্বাৰা তোমালোকৰ সেই প্ৰয়োজনবোৰ পূৰণ হয় যিবোৰ তোমালোকে অনুভৱ কৰা। উদাহৰণস্বৰূপে এটা গুৰুত্বপূৰ্ণ প্ৰয়োজন হ’ল এঠাইৰ পৰা আন ঠাইলৈ প্ৰস্থান কৰাৰ সময়ত পৰিবহণ হিচাপে ব্যৱহাৰ।
Mü'min 40:81
সেই পৱিত্ৰ সত্ত্বাই তোমালোকক তেওঁৰ তাওহীদ আৰু ক্ষমতাৰ প্ৰমাণবহন কৰা নিদৰ্শনসমূহ দেখুৱাই থাকে। এতেকে তোমালোকে তেওঁৰ কোনটো কোনটো নিদৰ্শন আওকাণ কৰিবা, অথচ সেইবোৰ যে তেওঁৰ ফালৰ পৰা নিদৰ্শন সেই কথা তোমালোকৰ ওচৰত স্পষ্ট হৈছে।
Mü'min 40:82
এই অস্বীকাৰকাৰীসকলে পৃথিৱীত ঘূৰি পকি নাচায় নেকি, তেতিয়াহে গ'ম পালেহেঁতেন যে, পূৰ্বৱৰ্তী অস্বীকাৰকাৰী উম্মতবোৰৰ শেষ পৰিণতি কেনেকুৱা আছিল আৰু তাৰ পৰা শিক্ষা ল’লেহেঁতেন? পূৰ্বৱৰ্তী সেই উম্মতবোৰৰ লোকসকল ইহঁততকৈও অধিক সন্তানৰ অধিকাৰী আৰু অধিক শক্তিশালী আছিল, লগতে সিহঁতে পৃথিৱীত পদচিহ্নও বহুত এৰি থৈ গৈছে। কিন্তু সিহঁতৰ সেই শক্তিয়েও সিহঁতক আল্লাহৰ বিনাশকাৰী শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাছিল।
Mü'min 40:83
এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাছুলসকলে স্পষ্ট দলিল-প্ৰমাণ লৈ আগমন কৰিছিল তেতিয়া সিহঁতে অস্বীকাৰ কৰিছিল। তথা সিহঁতে ৰাছুলসকলে লৈ অহা জ্ঞানৰ বিপৰীতে সেই জ্ঞানকে খামুচি ধৰিলে যিটো সিহঁতৰ ওচৰত আছিল, তথা সিহঁতৰ এই জ্ঞান ৰাছুলসকলে লৈ অহা শিক্ষাৰ বিপৰীত আছিল। এতেকে সিহঁতৰ ওপৰত সেই শাস্তিটোৱে নামি আহিল, যি শাস্তিৰ পৰা সিহঁতৰ ৰাছুলসকলে সিহঁতক সতৰ্ক কৰিছিল আৰু যি শাস্তিক সিহঁতে ইতিপূৰ্বে উপহাস কৰিছিল।
Mü'min 40:84
কিন্তু যেতিয়া সিহঁতে আমাৰ শাস্তিক নিজ চকুৰে প্ৰত্যক্ষ কৰিলে তেতিয়া সিহঁতে স্বীকাৰ কৰিলে, কিন্তু এই সময়ত স্বীকাৰ কৰাৰ কোনো লাভ নাই, সিহঁতে স্বীকাৰ কৰি ক’লেঃ আমি এক আল্লাহৰ প্ৰতি ঈমান আনিলোঁ, আৰু তেওঁৰ বাহিৰে আমি যিবোৰ অংশীদাৰ স্থাপন কৰিছিলোঁ তথা যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰিছিলোঁ সেইবোৰক অসত্য বুলি ঘোষণা কৰিলোঁ।
Mü'min 40:85
আমাৰ শাস্তি অৱতীৰ্ণ হোৱা দেখি ঈমান পোষণ কৰাটো সিহঁতৰ বাবে লাভদায়ক নাছিল। আল্লাহৰ এই নীতি পূৰ্বৰে পৰা চলি আহিছে যে, শাস্তি প্ৰত্যক্ষ কৰাৰ পিছত ঈমান পোষণ কৰিলে সেই ঈমানে কোনো লাভ নিদিব। কাফিৰসকলে নিজকে বিনাশৰ গৰালত ঠেলি দি ক্ষতিগ্ৰস্ত হৈছে, কাৰণ সিহঁতে আল্লাহৰ সৈতে কুফৰী কৰিছে, লগতে শাস্তি প্ৰত্যক্ষ কৰাৰ আগত তাওবা কৰা নাছিল।