Assamese Abridged Explanation of the Quran — Fussılet 41:1 – Kâf 50:45
Contents
- Fussılet 41:1
- Fussılet 41:2
- Fussılet 41:3
- Fussılet 41:4
- Fussılet 41:5
- Fussılet 41:6
- Fussılet 41:7
- Fussılet 41:8
- Fussılet 41:9
- Fussılet 41:10
- Fussılet 41:11
- Fussılet 41:12
- Fussılet 41:13
- Fussılet 41:14
- Fussılet 41:15
- Fussılet 41:16
- Fussılet 41:17
- Fussılet 41:18
- Fussılet 41:19
- Fussılet 41:20
- Fussılet 41:21
- Fussılet 41:22
- Fussılet 41:23
- Fussılet 41:24
- Fussılet 41:25
- Fussılet 41:26
- Fussılet 41:27
- Fussılet 41:28
- Fussılet 41:29
- Fussılet 41:30
- Fussılet 41:31
- Fussılet 41:32
- Fussılet 41:33
- Fussılet 41:34
- Fussılet 41:35
- Fussılet 41:36
- Fussılet 41:37
- Fussılet 41:38
- Fussılet 41:39
- Fussılet 41:40
- Fussılet 41:41
- Fussılet 41:42
- Fussılet 41:43
- Fussılet 41:44
- Fussılet 41:45
- Fussılet 41:46
- Fussılet 41:47
- Fussılet 41:48
- Fussılet 41:49
- Fussılet 41:50
- Fussılet 41:51
- Fussılet 41:52
- Fussılet 41:53
- Fussılet 41:54
- Şûrâ 42:1
- Şûrâ 42:2
- Şûrâ 42:3
- Şûrâ 42:4
- Şûrâ 42:5
- Şûrâ 42:6
- Şûrâ 42:7
- Şûrâ 42:8
- Şûrâ 42:9
- Şûrâ 42:10
- Şûrâ 42:11
- Şûrâ 42:12
- Şûrâ 42:13
- Şûrâ 42:14
- Şûrâ 42:15
- Şûrâ 42:16
- Şûrâ 42:17
- Şûrâ 42:18
- Şûrâ 42:19
- Şûrâ 42:20
- Şûrâ 42:21
- Şûrâ 42:22
- Şûrâ 42:23
- Şûrâ 42:24
- Şûrâ 42:25
- Şûrâ 42:26
- Şûrâ 42:27
- Şûrâ 42:28
- Şûrâ 42:29
- Şûrâ 42:30
- Şûrâ 42:31
- Şûrâ 42:32
- Şûrâ 42:33
- Şûrâ 42:34
- Şûrâ 42:35
- Şûrâ 42:36
- Şûrâ 42:37
- Şûrâ 42:38
- Şûrâ 42:39
- Şûrâ 42:40
- Şûrâ 42:41
- Şûrâ 42:42
- Şûrâ 42:43
- Şûrâ 42:44
- Şûrâ 42:45
- Şûrâ 42:46
- Şûrâ 42:47
- Şûrâ 42:48
- Şûrâ 42:49
- Şûrâ 42:50
- Şûrâ 42:51
- Şûrâ 42:52
- Şûrâ 42:53
- Zuhruf 43:1
- Zuhruf 43:2
- Zuhruf 43:3
- Zuhruf 43:4
- Zuhruf 43:5
- Zuhruf 43:6
- Zuhruf 43:7
- Zuhruf 43:8
- Zuhruf 43:9
- Zuhruf 43:10
- Zuhruf 43:11
- Zuhruf 43:12
- Zuhruf 43:13
- Zuhruf 43:14
- Zuhruf 43:15
- Zuhruf 43:16
- Zuhruf 43:17
- Zuhruf 43:18
- Zuhruf 43:19
- Zuhruf 43:20
- Zuhruf 43:21
- Zuhruf 43:22
- Zuhruf 43:23
- Zuhruf 43:24
- Zuhruf 43:25
- Zuhruf 43:26
- Zuhruf 43:27
- Zuhruf 43:28
- Zuhruf 43:29
- Zuhruf 43:30
- Zuhruf 43:31
- Zuhruf 43:32
- Zuhruf 43:33
- Zuhruf 43:34
- Zuhruf 43:35
- Zuhruf 43:36
- Zuhruf 43:37
- Zuhruf 43:38
- Zuhruf 43:39
- Zuhruf 43:40
- Zuhruf 43:41
- Zuhruf 43:42
- Zuhruf 43:43
- Zuhruf 43:44
- Zuhruf 43:45
- Zuhruf 43:46
- Zuhruf 43:47
- Zuhruf 43:48
- Zuhruf 43:49
- Zuhruf 43:50
- Zuhruf 43:51
- Zuhruf 43:52
- Zuhruf 43:53
- Zuhruf 43:54
- Zuhruf 43:55
- Zuhruf 43:56
- Zuhruf 43:57
- Zuhruf 43:58
- Zuhruf 43:59
- Zuhruf 43:60
- Zuhruf 43:61
- Zuhruf 43:62
- Zuhruf 43:63
- Zuhruf 43:64
- Zuhruf 43:65
- Zuhruf 43:66
- Zuhruf 43:67
- Zuhruf 43:68
- Zuhruf 43:69
- Zuhruf 43:70
- Zuhruf 43:71
- Zuhruf 43:72
- Zuhruf 43:73
- Zuhruf 43:74
- Zuhruf 43:75
- Zuhruf 43:76
- Zuhruf 43:77
- Zuhruf 43:78
- Zuhruf 43:79
- Zuhruf 43:80
- Zuhruf 43:81
- Zuhruf 43:82
- Zuhruf 43:83
- Zuhruf 43:84
- Zuhruf 43:85
- Zuhruf 43:86
- Zuhruf 43:87
- Zuhruf 43:88
- Zuhruf 43:89
- Duhan 44:1
- Duhan 44:2
- Duhan 44:3
- Duhan 44:4
- Duhan 44:5
- Duhan 44:6
- Duhan 44:7
- Duhan 44:8
- Duhan 44:9
- Duhan 44:10
- Duhan 44:11
- Duhan 44:12
- Duhan 44:13
- Duhan 44:14
- Duhan 44:15
- Duhan 44:16
- Duhan 44:17
- Duhan 44:18
- Duhan 44:19
- Duhan 44:20
- Duhan 44:21
- Duhan 44:22
- Duhan 44:23
- Duhan 44:24
- Duhan 44:25
- Duhan 44:26
- Duhan 44:27
- Duhan 44:28
- Duhan 44:29
- Duhan 44:30
- Duhan 44:31
- Duhan 44:32
- Duhan 44:33
- Duhan 44:34
- Duhan 44:35
- Duhan 44:36
- Duhan 44:37
- Duhan 44:38
- Duhan 44:39
- Duhan 44:40
- Duhan 44:41
- Duhan 44:42
- Duhan 44:43
- Duhan 44:44
- Duhan 44:45
- Duhan 44:46
- Duhan 44:47
- Duhan 44:48
- Duhan 44:49
- Duhan 44:50
- Duhan 44:51
- Duhan 44:52
- Duhan 44:53
- Duhan 44:54
- Duhan 44:55
- Duhan 44:56
- Duhan 44:57
- Duhan 44:58
- Duhan 44:59
- Câsiye 45:1
- Câsiye 45:2
- Câsiye 45:3
- Câsiye 45:4
- Câsiye 45:5
- Câsiye 45:6
- Câsiye 45:7
- Câsiye 45:8
- Câsiye 45:9
- Câsiye 45:10
- Câsiye 45:11
- Câsiye 45:12
- Câsiye 45:13
- Câsiye 45:14
- Câsiye 45:15
- Câsiye 45:16
- Câsiye 45:17
- Câsiye 45:18
- Câsiye 45:19
- Câsiye 45:20
- Câsiye 45:21
- Câsiye 45:22
- Câsiye 45:23
- Câsiye 45:24
- Câsiye 45:25
- Câsiye 45:26
- Câsiye 45:27
- Câsiye 45:28
- Câsiye 45:29
- Câsiye 45:30
- Câsiye 45:31
- Câsiye 45:32
- Câsiye 45:33
- Câsiye 45:34
- Câsiye 45:35
- Câsiye 45:36
- Câsiye 45:37
- Ahkaf 46:1
- Ahkaf 46:2
- Ahkaf 46:3
- Ahkaf 46:4
- Ahkaf 46:5
- Ahkaf 46:6
- Ahkaf 46:7
- Ahkaf 46:8
- Ahkaf 46:9
- Ahkaf 46:10
- Ahkaf 46:11
- Ahkaf 46:12
- Ahkaf 46:13
- Ahkaf 46:14
- Ahkaf 46:15
- Ahkaf 46:16
- Ahkaf 46:17
- Ahkaf 46:18
- Ahkaf 46:19
- Ahkaf 46:20
- Ahkaf 46:21
- Ahkaf 46:22
- Ahkaf 46:23
- Ahkaf 46:24
- Ahkaf 46:25
- Ahkaf 46:26
- Ahkaf 46:27
- Ahkaf 46:28
- Ahkaf 46:29
- Ahkaf 46:30
- Ahkaf 46:31
- Ahkaf 46:32
- Ahkaf 46:33
- Ahkaf 46:34
- Ahkaf 46:35
- Muhammed 47:1
- Muhammed 47:2
- Muhammed 47:3
- Muhammed 47:4
- Muhammed 47:5
- Muhammed 47:6
- Muhammed 47:7
- Muhammed 47:8
- Muhammed 47:9
- Muhammed 47:10
- Muhammed 47:11
- Muhammed 47:12
- Muhammed 47:13
- Muhammed 47:14
- Muhammed 47:15
- Muhammed 47:16
- Muhammed 47:17
- Muhammed 47:18
- Muhammed 47:19
- Muhammed 47:20
- Muhammed 47:21
- Muhammed 47:22
- Muhammed 47:23
- Muhammed 47:24
- Muhammed 47:25
- Muhammed 47:26
- Muhammed 47:27
- Muhammed 47:28
- Muhammed 47:29
- Muhammed 47:30
- Muhammed 47:31
- Muhammed 47:32
- Muhammed 47:33
- Muhammed 47:34
- Muhammed 47:35
- Muhammed 47:36
- Muhammed 47:37
- Muhammed 47:38
- Feth 48:1
- Feth 48:2
- Feth 48:3
- Feth 48:4
- Feth 48:5
- Feth 48:6
- Feth 48:7
- Feth 48:8
- Feth 48:9
- Feth 48:10
- Feth 48:11
- Feth 48:12
- Feth 48:13
- Feth 48:14
- Feth 48:15
- Feth 48:16
- Feth 48:17
- Feth 48:18
- Feth 48:19
- Feth 48:20
- Feth 48:21
- Feth 48:22
- Feth 48:23
- Feth 48:24
- Feth 48:25
- Feth 48:26
- Feth 48:27
- Feth 48:28
- Feth 48:29
- Hucurat 49:1
- Hucurat 49:2
- Hucurat 49:3
- Hucurat 49:4
- Hucurat 49:5
- Hucurat 49:6
- Hucurat 49:7
- Hucurat 49:8
- Hucurat 49:9
- Hucurat 49:10
- Hucurat 49:11
- Hucurat 49:12
- Hucurat 49:13
- Hucurat 49:14
- Hucurat 49:15
- Hucurat 49:16
- Hucurat 49:17
- Hucurat 49:18
- Kâf 50:1
- Kâf 50:2
- Kâf 50:3
- Kâf 50:4
- Kâf 50:5
- Kâf 50:6
- Kâf 50:7
- Kâf 50:8
- Kâf 50:9
- Kâf 50:10
- Kâf 50:11
- Kâf 50:12
- Kâf 50:13
- Kâf 50:14
- Kâf 50:15
- Kâf 50:16
- Kâf 50:17
- Kâf 50:18
- Kâf 50:19
- Kâf 50:20
- Kâf 50:21
- Kâf 50:22
- Kâf 50:23
- Kâf 50:24
- Kâf 50:25
- Kâf 50:26
- Kâf 50:27
- Kâf 50:28
- Kâf 50:29
- Kâf 50:30
- Kâf 50:31
- Kâf 50:32
- Kâf 50:33
- Kâf 50:34
- Kâf 50:35
- Kâf 50:36
- Kâf 50:37
- Kâf 50:38
- Kâf 50:39
- Kâf 50:40
- Kâf 50:41
- Kâf 50:42
- Kâf 50:43
- Kâf 50:44
- Kâf 50:45
Fussılet 41:1
(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
Fussılet 41:2
এই কোৰআন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, তেওঁ অত্যন্ত দয়ালু, পৰম কৃপাশীল।
Fussılet 41:3
এইখন এনেকুৱা এখন গ্ৰন্থ, যাৰ আয়াতসমূহ পৰিপূৰ্ণৰূপে বিতংভাৱে আলোচনা কৰা হৈছে। এইখনক জ্ঞানী লোকসকলৰ বাবে আৰবী কোৰআনৰূপে প্ৰস্তুত কৰা হৈছে। কিয়নো তেওঁলোকেই ইয়াৰ ভাৱাৰ্থৰ দ্বাৰা আৰু সত্যৰ পিনে দেখুৱাই দিয়া হিদায়তৰ পৰা উপকৃত হয়।
Fussılet 41:4
এইখনে মুমিনসকলক সেই প্ৰতিদানৰ সুসংবাদ দিয়ে, যি প্ৰতিদান আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে। আনহাতে কাফিৰসকলক আল্লাহৰ শাস্তিৰ পৰা ভয় দেখুৱায়। তথাপিও সিহঁতৰ মাজৰ অধিকাংশ লোকে ইয়াৰ পৰা বিমুখ হৈ আছে। ইয়াৰ মাজত থকা হিদায়তমূলক উপদেশবোৰ গ্ৰহণ কৰাৰ উদ্দেশ্যে সিহঁতে শুনিব নিবিচাৰে।
Fussılet 41:5
তথা সিহঁতে কয়ঃ আমাৰ অন্তৰসমূহৰ ওপৰত আৱৰণ পৰি আছে, সেয়ে আপুনি যি বিষয়ৰ পিনে আমাক আহ্বান কৰি আছে, আমাৰ অন্তৰসমূহে সেইটো বুজি পোৱা নাই। লগতে আমাৰ কাণত আছে বধিৰতা, সেইকাৰণেই আপোনাৰ কথা শুনা নাপায়। আনকি আপোনাৰ আৰু আমাৰ মাজত আছে এটা অন্তৰায়, যাৰ ফলত আপোনাৰ কোনো কথাই আমালৈ ঢুকি নাপায়। গতিকে আপুনি আপোনাৰ মতে কাম কৰক, আমি আমাৰ মতে কাম কৰি যাম। আমি কেতিয়াও আপোনাৰ অনুসৰণ নকৰোঁ।
Fussılet 41:6
হে ৰাছুল! আপুনি এই বিৰুদ্ধাচৰণকাৰীসকলক কৈ দিয়ক যে, মই তোমালোকৰ দৰেই এজন মানৱ। আল্লাহে মোৰ প্ৰতি অহী কৰে যে, তোমালোকৰ সত্য উপাস্য কেৱল এজন, তেৱেঁই হৈছে আল্লাহ। গতিকে তোমালোকে তেওঁৰ ওচৰলৈ যোৱা পথৰ অনুসৰণ কৰা। লগতে তেওঁৰ ওচৰত তোমালোকৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় ধ্বংস আৰু শাস্তি সেইসকল মুশ্বৰিকৰ বাবে যিসকলে আল্লাহৰ বাহিৰে আনৰ উপাসনা কৰে তথা তেওঁৰ সৈতে আনক অংশীদাৰ স্থাপন কৰে।
Fussılet 41:7
যিসকলে নিজৰ সম্পদৰ যাকাত নিদিয়ে, লগতে আখিৰাত আৰু তাত থকা চিৰস্থায়ী নিয়ামত আৰু কষ্টদায়ক শাস্তিক অস্বীকাৰ কৰে।
Fussılet 41:8
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে, লগতে সৎকৰ্ম কৰিছে তেওঁলোকৰ বাবে আছে নিৰৱচ্ছিন্ন চিৰস্থায়ী প্ৰতিদান, অৰ্থাৎ জান্নাত।
Fussılet 41:9
হে ৰাছুল! আপুনি মুশ্বৰিকসকলক ককৰ্থনা কৰি কওক, তোমালোকে আল্লাহক কিয় অস্বীকাৰ কৰা, যিয়ে পৃথিৱীক দুদিনত (ৰবিবাৰ আৰু সোমবাৰে) সৃষ্টি কৰিছে, আৰু তেওঁৰ লগত অংশীদাৰ স্থাপন কৰি সেইবোৰক কিয় উপাসনা কৰা? তেৱেঁই হৈছে গোটেই সৃষ্টিজগতৰ প্ৰতিপালক।
Fussılet 41:10
তেৱেঁই ভূ-পৃষ্ঠত দৃঢ় পৰ্বতমালা স্থাপন কৰিছে যাতে ই কম্পিত নহয়। আৰু ইয়াৰ মাজত ৰাখিছে বৰকত, আৰু ইয়াক পৃথিৱীৰ অধিবাসীসকলৰ বাবে কল্যাণকৰ বনাইছে। তথা চাৰিদিনৰ ভিতৰত তাত মানুহৰ বাবে আৰু জীৱ-জন্তুৰ বাবে খাদ্য বস্তুৰ ব্যৱস্থা কৰিছে। এই চাৰিদিন দৰাচলতে পূৰ্বৱৰ্তী দুদিনক মিলাই চাৰিদিন হৈছে। পিছৰ দুদিন হৈছে মঙ্গলবাৰ আৰু বুধবাৰ। পৰিপূৰ্ণৰূপে সেইসকল লোকৰ বাবে সৃষ্টি কৰিছে যিসকলে ইয়াৰ প্ৰয়োজন অনুভৱ কৰে।
Fussılet 41:11
ইয়াৰ পিছত আল্লাহে আকাশক সুবিন্যস্ত কৰিবলৈ মনোনিৱেশ কৰিলে। তেতিয়া আকাশখন আছিল ধোঁৱা। এতেকে আল্লাহে আকাশ আৰু পৃথিৱীক উদ্দেশ্যি ক'লেঃ তোমালোক উভয়ে ইচ্ছাতেই হওক অথবা অনিচ্ছাতে মোৰ আদেশ পালন কৰা। ইয়াৰ বাহিৰে তোমালোকৰ আন কোনো বিকল্প নাই। তেতিয়া উভয়ে সন্মতি পোষণ কৰি ক'লেঃ আমি উভয়ে আনুগত্য স্বীকাৰ কৰিলোঁ। হে আমাৰ প্ৰতিপালক! আপোনাৰ ইচ্ছাৰ বিপৰীতে আমাৰ কোনো ইচ্ছা নাই।
Fussılet 41:12
আল্লাহে আকাশমণ্ডলক দুদিনত সুবিন্যস্ত কৰিছে, অৰ্থাৎ বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে। এইদৰে আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি ছয়দিনত সম্পন্ন হৈছে। তথা প্ৰত্যেক আকাশত সেই আকাশ সম্পৰ্কীয় ফয়চালা আৰু আদেশ অহী যোগে প্ৰেৰণ কৰিলে। লগতে পৃথিৱীৰ নিকটৱৰ্তী আকাশক আমি তৰাবোৰৰ দ্বাৰা সুসজ্জিত কৰিছোঁ, তথা ইয়াৰ দ্বাৰা আকাশক সুৰক্ষা প্ৰদান কৰিছোঁ, যাতে চয়তানে গোপনে একো শুনিব নোৱাৰে। এইবোৰ হৈছে সেই মহাপ্ৰভাৱশালী আল্লাহৰ আঁচনি, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টিজগত সম্পৰ্কে সৰ্বজ্ঞ।
Fussılet 41:13
ইয়াৰ পিছতো যদি সিহঁতে আপুনি লৈ অহা চৰীয়তৰ পৰা বিমুখ হৈ যায় তেন্তে হে ৰাছুল আপুনি সিহঁতক কৈ দিয়কঃ নিশ্চয় মই তোমালোকক এনেকুৱা শাস্তিৰ পৰা সতৰ্ক কৰিছোঁ, যেনেকুৱা শাস্তি অৱতীৰ্ণ হৈছিল হূদ আলাইহিচ্ছালামৰ সম্প্ৰদায় আদৰ ওপৰত আৰু ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায় ছামূদৰ ওপৰত, যেতিয়া সিহঁতে নিজ নিজ নবীক অস্বীকাৰ কৰিছিল।
Fussılet 41:14
যেতিয়া সিহঁতৰ ওচৰলৈ এজনৰ পিছত আন এজন ৰাছুল একেটা আহ্বানকে লৈ আগমন কৰিছিল, তথা তেওঁলোকে সিহঁতক এই আদেশ প্ৰদান কৰিছিল যে, এক আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। তেতিয়া সিহঁতৰ মাজৰ কাফিৰসকলে কৈছিলঃ আমাৰ প্ৰতিপালকে ইচ্ছা কৰিলে কোনো ফিৰিস্তাক ৰাছুল হিচাপে প্ৰেৰণ কৰিব পাৰিলেহেঁতেন। গতিকে তোমালোকে যি বাৰ্তা লৈ প্ৰেৰিত হৈছা, আমি সেই বাৰ্তাক মিছা বুলি ভাৱোঁ। কাৰণ তোমালোক হৈছা আমাৰ দৰেই মানৱ।
Fussılet 41:15
আনহাতে হূদ আলাইহিচ্ছালামৰ সম্প্ৰদায় আদ জাতিয়ে আল্লাহৰ লগত কুফৰী কৰাৰ লগতে পৃথিৱীত অন্যায়ভাৱে অহংকাৰ কৰি ফুৰিছিল। তথা ওচৰে-পাঁজৰে থকা লোকৰ সৈতে অত্যাচাৰ কৰিছিল। সিহঁতৰ ক্ষমতাই সিহঁতৰ মূৰত ধৰিছিল, সেয়ে সিহঁতে কৈছিলঃ আমাতকৈ শক্তিশালী আৰুনো কোন আছে? দৰাচলতে সিহঁতৰ মতে সিহঁততকৈ অধিক শক্তিশালী আৰু কোনো নাই। তেতিয়া আল্লাহে সিহঁতৰ এই ধাৰণা খণ্ডন কৰি ক’লেঃ সিহঁতে নাজানে নেকি তথা দেখা নাপায় নেকি যে, যিজন আল্লাহে সিহঁতক সৃষ্টি কৰিছে তথা সিহঁতক এনেকুৱা শক্তি প্ৰদান কৰিছে, যি শক্তি পাই সিহঁতে নিজৰ অস্তিত্বক পাহৰি গৈছে, তেৱেঁই সৰ্বশক্তিমান? দৰাচলতে সিহঁতে আল্লাহৰ সেই নিদৰ্শনবোৰক গ্ৰহণে কৰা নাছিল, যিবোৰ সিহঁতৰ ওচৰলৈ হূদ আলাইহিচ্ছালামে লৈ আহিছিল।
Fussılet 41:16
অৱশেষত আমি সিহঁতৰ ওপৰত ভয়ংকৰ বিকট শব্দসহ ধুমুহা প্ৰেৰণ কৰিলোঁ, শাস্তি অৱতীৰ্ণ হোৱাৰ বাবে সেই দিনটো আছিল সিহঁতৰ পক্ষে অশুভ। যাতে সিহঁতক পাৰ্থিৱ জীৱনতেই অপমানসূচক শাস্তিৰ সোৱাদ উপভোগ কৰাব পাৰোঁ। আনহাতে আখিৰাতৰ যি শাস্তি সিহঁতৰ বাবে অপেক্ষাৰত হৈ আছে, সেই শাস্তি ইয়াতকৈও অধিক লাঞ্ছনাদায়ক। সেই শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা সিহঁতে কোনো সহায়ক বিচাৰি নাপাব।
Fussılet 41:17
ইপিনে ছলেহ আলাইহিচ্ছালামৰ সম্প্ৰদায় ছামূদৰ সন্মুখতো সত্য স্পষ্ট কৰি সিহঁতক হিদায়তৰ পথ দেখুৱাইছিলোঁ। কিন্তু সিহঁতে সত্যৰ হিদায়ত গ্ৰহণ কৰাৰ বিপৰীতে পথভ্ৰষ্টতাকেই প্ৰাধান্য দিলে। ফলত সিহঁতৰ কুফৰী আৰু গুনাহৰ কাৰণে লাঞ্ছনাদায়ক আকস্মিক শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে।
Fussılet 41:18
কিন্তু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছিল আমি তেওঁলোকক সেই শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ। কাৰণ তেওঁলোকে আল্লাহৰ আদেশ পালন কৰিছিল আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল। সেয়ে আমি তেওঁলোকক সেই শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ, যি শাস্তিত তেওঁলোকৰ সম্প্ৰদায়ৰ আন আন লোকসকলে ক্ষতিগ্ৰস্ত হৈছিল।
Fussılet 41:19
যিদিনা আল্লাহে তেওঁৰ শত্ৰুসকলক জাহান্নামৰ দুৱাৰডলিত একত্ৰিত কৰিব, সেইদিনা জাহান্নামৰ প্ৰহৰীসকলে সিহঁতৰ প্ৰথমৰ পৰা শেষ ব্যক্তিলৈকে সুবিন্যস্ত কৰিব। সিহঁতে জাহান্নামৰ পৰা পলায়ন কৰিব নোৱাৰিব।
Fussılet 41:20
অৱশেষত যেতিয়া সিহঁতে জাহান্নামৰ ওচৰত আহি উপস্থিত হ’ব, য’ত সিহঁতক খেদি লৈ অহা হ’ব, তেতিয়া সিহঁতে পৃথিৱীত কৰা কৰ্ম সম্পৰ্কে অস্বীকাৰ কৰিব। কিন্তু সিহঁতৰ কাণ, সিহঁতৰ চকু আৰু সিহঁতৰ শৰীৰৰ ছাল আদিয়ে পৃথিৱীত কৰা সিহঁতৰ কুফৰী আৰু গুনাহৰ কৰ্ম সম্পৰ্কে সাক্ষ্য প্ৰদান কৰিব।
Fussılet 41:21
কাফিৰসকলে নিজৰ শৰীৰৰ ছালকেই সুধিবঃ তোমালোকে আমাৰ বিৰুদ্ধে আমাৰ পাৰ্থিৱ জীৱনৰ কৰ্ম সম্পৰ্কে কিয় সাক্ষ্য প্ৰদান কৰিলা? তেতিয়া শৰীৰৰ ছালে উত্তৰ দি ক’বঃ আমাক সেই আল্লাহেই বাক-শক্তি প্ৰদান কৰিছে, যিয়ে প্ৰত্যেককে বাকশক্তি প্ৰদান কৰিছে। পোনপ্ৰথমে তেৱেঁই তোমালোকক সৃষ্টি কৰিছে, যেতিয়া তোমালোকে পৃথিৱীত আছিলা। হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে আখিৰাতত একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্তন কৰিব লাগিব।
Fussılet 41:22
পাপকৰ্ম কৰাৰ সময়ত তোমালোকে ভৱাও নাছিলা যে, তোমালোকৰ কাণ, চকু আৰু ছালেও এসময়ত তোমালোকৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব, কাৰণ তোমালোকে মৃত্যুৰ পিছত হিচাপ-নিকাচ, ছোৱাব আৰু শাস্তিৰ বিষয়ে বিশ্বাসে কৰা নাছিলা। আনকি তোমালোকে ভাৱিছিলা যে, আল্লাহে তোমালোকৰ অধিকাংশ কৰ্ম সম্পৰ্কে অৱগতই নহয়, বৰং সেইবোৰ তেওঁৰ পৰা গোপন হৈ আছে। তোমালোকৰ এই ধাৰণাই তোমালোকক প্ৰৱঞ্চনা কৰিছে।
Fussılet 41:23
নিজ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ এই কুধাৰণাই তোমালোকক ধ্বংস কৰিছে। ইয়াৰ কাৰণেই তোমালোকে সেই ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈছা, যিসকলে পৃথিৱী আৰু আখিৰাতত ক্ষতিগ্ৰস্ত।
Fussılet 41:24
যিসকলৰ বিৰুদ্ধে সিহঁতৰ চকু, কাণ আৰু ছালে সাক্ষ্য প্ৰদান কৰিছে, সিহঁতে যদি ধৈৰ্য্য ধাৰণো কৰে তথাপিও সিহঁতৰ আবাসস্থল হ’ব জাহান্নাম, য’ত সিহঁতে অৱস্থান কৰিব। আনহাতে যদি সিহঁতে শাস্তি উঠাই লবলৈ প্ৰাৰ্থনা কৰে আৰু আল্লাহক সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰে, তথাপিও সিহঁতে তেওঁক সন্তুষ্ট কৰিব নোৱাৰিব আৰু কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব।
Fussılet 41:25
আমি সেই কাফিৰসকলৰ বাবে চয়তানৰ মাজৰ পৰা কিছুমানক সিহঁতৰ সঙ্গী নিৰ্ধাৰণ কৰি দিছিলোঁ, যিবোৰে সদায় সিহঁতৰ লগত থাকিছিল। সেইবোৰেই সিহঁতৰ পাৰ্থিৱ জীৱনৰ বেয়া কৰ্মবোৰক সিহঁতৰ বাবে শোভনীয় কৰি উপস্থাপন কৰিছিল। আনহাতে সিহঁতৰ পিছফালে থকা আখিৰাতৰ বিষয়টোক পাহৰাই দিছিল আৰু ইয়াৰ প্ৰস্তুতিৰ পৰা সিহঁতক অমনোযোগী কৰি তুলিছিল। এতেকে সিহঁতৰ পূৰ্বে পাৰ হৈ যোৱা মানৱ আৰু জিন জাতিৰ মাজৰ সেই লোকসকলৰ ওপৰত শাস্তি অনিবাৰ্য হৈ পৰিছে। নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত লোক, যিসকলে নিজৰ আৰু নিজ পৰিয়ালৰ লোকচান কৰি কিয়ামতৰ দিনা জাহান্নামত প্ৰৱেশ কৰিব।
Fussılet 41:26
কাফিৰসকলে দলিল-প্ৰমাণৰ মুকাবিলা কৰিব নোৱাৰি ইজনে সিজনক উপদেশ দি ক’লেঃ তোমালোকে এই কোৰআনখন নুশুনিবা, যিখন মুহাম্মদে তোমালোকক পঢ়ি শুনোৱায়। তথা তাত থকা উপদেশবোৰও নামানিবা। এতেকে যেতিয়া তেওঁ এইখন পাঠ কৰিব তেতিয়া তোমালোকে হুলস্থূল কৰিবা। সম্ভৱতঃ এইদৰে তোমালোকে তেওঁৰ ওপৰত জয়লাভ কৰিব পাৰিবা। হয়তো এই দেখি তেওঁ তিলাৱত কৰা আৰু ধৰ্ম প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিব। ফলত আমি তেওঁৰ পৰা নিস্তাৰ পাম।
Fussılet 41:27
আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলক নিশ্চয় আমি কিয়ামতৰ দিনা কঠোৰ শাস্তিৰ সোৱাদ উপভোগ কৰাম। নিশ্চয় আমি সিহঁতক সিহঁতৰ শ্বিৰ্ক আৰু পাপকৰ্মৰ নিকৃষ্ট শাস্তি প্ৰতিফলস্বৰূপে প্ৰদান কৰিম।
Fussılet 41:28
জাহান্নামৰ এই প্ৰতিফল আল্লাহৰ সেইসকল শত্ৰুৰ প্ৰতিদান, যিসকলে তেওঁৰ সৈতে কুফৰী কৰিছে আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছে। সিহঁতে তাত চিৰকাল থাকিব, সেই শাস্তি কেতিয়াও সমাপ্ত নহ’ব। কিয়নো সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। স্পষ্ট তথা সুদৃঢ় প্ৰমাণৰ পিছতো সেইবোৰৰ প্ৰতি ঈমান পোষণ কৰা নাছিল।
Fussılet 41:29
আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলে ক’বঃ হে আমাৰ প্ৰতিপালক! জিন আৰু মানৱৰ মাজৰ পৰা যিসকলে আমাক পথভ্ৰষ্ট কৰিছিল, আমাক সেইসকল লোকৰ দৰ্শন কৰাই দিয়া। ইবলীছক দেখুৱাই দিয়া, যিয়ে কুফৰীৰ বাট মুকলি কৰিছিল আৰু ইয়াৰ পিনে আহ্বান কৰিছিল। তথা আদমৰ সেই সন্তানক দেখুৱাই দিয়া, যিয়ে তেজ প্ৰবাহিত কৰাৰ ধাৰা আৰম্ভ কৰিছিল। জাহান্নামত আমি সিহঁতক আমাৰ ভৰিৰে মোহাৰিম। যাতে সিহঁতে জাহান্নামত নিম্নস্তৰৰ অধিবাসী হয়, যিসকলে আটাইতকৈ কঠিন শাস্তি ভোগ কৰিব।
Fussılet 41:30
নিশ্চয় যিসকলে কৈছে, আল্লাহেই আমাৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আমাৰ কোনো প্ৰতিপালক নাই, লগতে তেওঁলোকে আল্লাহৰ আদেশ পালন কৰাৰ ক্ষেত্ৰত আৰু তেওঁৰ নিষেধকৃত বিষয়বোৰৰ পৰা বিৰত থকাৰ ক্ষেত্ৰত অবিচল থাকে, তেনেকুৱা লোকৰ মৃত্যুৰ সময়ত ফিৰিস্তাসকলে উপস্থিত হৈ তেওঁলোকক কয়ঃ আপোনালোকে মৃত্যুক ভয় নকৰিব, তথা ইয়াৰ পিছত হ’বলগীয়া ঘটনাবোৰকলৈও চিন্তিত নহ’ব। পৃথিৱীত এৰি থৈ যোৱা সা-সামগ্ৰীকলৈও আফচোচ নকৰিব। তথা সেই জান্নাতৰ সুসংবাদ গ্ৰহণ কৰক, যি জান্নাত আপোনালোকক ঈমান আৰু সৎকৰ্মৰ বিনিময়ত দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল।
Fussılet 41:31
পাৰ্থিৱ জীৱনত আমি আপোনালোকৰ বন্ধু আছিলোঁ। সেইকাৰণেই আমি আপোনালোকক সঠিক পথ দেখুৱাইছিলোঁ আৰু আপোনালোকৰ সুৰক্ষাত নিয়োজিত আছিলোঁ। আনহাতে আখিৰাততো আমি আপোনালোকৰ সহায়ক। সেয়ে আপোনালোকে সদায় আমাৰ সহায়-সহযোগিতা লাভ কৰিব। জান্নাতত আপোনালোকে নিজৰ পছন্দৰ সকলো সা-সুবিধা লাভ কৰিব, আনকি আপোনালোকে বিচৰা সকলো পছন্দনীয় বস্তু উপলব্ধ থাকিব।
Fussılet 41:32
আপোনালোকক আপ্যায়ন কৰিবলৈ এই জীৱিকাৰ আয়োজন কৰা হৈছে, সেই ক্ষমাশীল প্ৰতিপালকৰ তৰফৰ পৰা, যিয়ে তাওবাকাৰী বান্দাসকলক ক্ষমা কৰি ভালপায়। তেওঁলোকৰ প্ৰতি অতি দয়ালু।
Fussılet 41:33
আল্লাহৰ তাওহীদৰ প্ৰতি আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলৰ প্ৰতি আহ্বানকাৰী ব্যক্তিৰ কথাতকৈ উত্তম কথা আন কাৰো হ’ব নোৱাৰে, তথা যিয়ে নিজ প্ৰতিপালকক সন্তুষ্ট কৰিবলৈ সৎকৰ্ম কৰে আৰু কয়ঃ “নিশ্চয় মই আল্লাহৰ ওচৰত আত্মসমৰ্পন কৰিছোঁ আৰু তেওঁৰ ওচৰত শিৰনত কৰিছোঁ”। এতেকে যিয়েই এনেকুৱা কৰ্ম কৰিব, তেৱেঁই মানুহৰ ভিতৰত উত্তম কথা কোৱা ব্যক্তি বুলি স্বীকৃতি পাব।
Fussılet 41:34
আল্লাহে সন্তুষ্টি লাভ কৰা সৎকৰ্ম আৰু আনুগত্য তথা তেওঁ অসন্তুষ্ট হোৱা পাপকৰ্ম আৰু গুনাহ, এই দুয়োটা কেতিয়াও সমান হ'ব নোৱাৰে। যিয়ে আপোনাৰ সৈতে বেয়া ব্যৱহাৰ কৰে, তাৰ এই বেয়া ব্যৱহাৰ দূৰ কৰিবলৈ আপুনি তাৰ সৈতে উত্তম ব্যৱহাৰ কৰক। যদি আপুনি তাৰ লগত ভাল ব্যৱহাৰ কৰে তেন্তে আপুনি দেখিবলৈ পাব, সি পূৰ্বৰ ঘোৰ শত্ৰুতা পাহৰি আপোনাৰ অন্তৰঙ্গ বন্ধু হৈ পৰিব।
Fussılet 41:35
এনেকুৱা উৎকৃষ্ট ব্যৱহাৰ কেৱল সেইসকল লোকেই লাভ কৰে, যিসকলে অন্যায়-অত্যাচাৰ আৰু মানুহৰ বেয়া ব্যৱহাৰত ধৈৰ্য্য ধাৰণ কৰে। এনেকুৱা বৈশিষ্ট্য কেৱল সৌভাগ্যশালী ব্যক্তিসকলেই লাভ কৰে। কিয়নো ইয়াৰ মাজত অগণন কল্যাণ তথা অসীম উপকাৰ নিহিত হৈ আছে।
Fussılet 41:36
যদি কোনো সময়ত চয়তানে আপোনাক কুমন্ত্ৰণা দিয়াৰ চেষ্টা কৰে তেন্তে তেতিয়া আপুনি আল্লাহক মজবুতভাৱে ধাৰণ কৰক আৰু তেওঁৰ শৰণাপন্ন হওক। নিশ্চয় তেওঁ আপোনাৰ কথা শ্ৰৱণকাৰী আৰু তেওঁ আপোনাৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ।
Fussılet 41:37
আল্লাহৰ মহানতা আৰু তেওঁৰ তাওহীদৰ প্ৰমাণবহন কৰা নিদৰ্শনসমূহৰ অন্যতম হৈছে দিন-ৰাতিৰ আৱৰ্তন আৰু চন্দ্ৰ-সূৰ্য্য। হে মানৱজাতি! তোমালোকে সূৰ্য্যকো ছাজদাহ নকৰিবা আৰু চন্দ্ৰকো ছাজদাহ নকৰিবা। বৰং কেৱল সেই আল্লাহক ছাজদাহ কৰা, যিয়ে এইবোৰক সৃষ্টি কৰিছে, যদিহে তোমালোকে সঁচাই তেওঁৰ ইবাদত কৰা।
Fussılet 41:38
তথাপিও যদি সিহঁতে অহংকাৰ কৰে আৰু বিমুখ হয়, তথা একমাত্ৰ সৃষ্টিকৰ্তা আল্লাহক ছাজদাহ নকৰে তেন্তে জানি থোৱা, আল্লাহৰ ওচৰত যিসকল ফিৰিস্তা আছে, তেওঁলোকে দিনে ৰাতিয়ে আল্লাহৰ তাছবীহ পাঠ কৰে আৰু তেওঁৰ প্ৰশংসা কৰে। তেওঁলোকে আল্লাহৰ ইবাদত কৰাৰ ক্ষেত্ৰত কেতিয়াও ক্লান্তিবোধ নকৰে।
Fussılet 41:39
আল্লাহৰ মহানতা, তেওঁৰ তাওহীদ আৰু কিয়ামতৰ দিনা পুনৰ্জীৱিত কৰাৰ ক্ষমতা আদিৰ অন্যতম এটা নিদৰ্শন হৈছে এই যে, তুমি ভূমিক শুকান উদ্ভিদহীন দেখিবলৈ পোৱা। কিন্তু যেতিয়াই আমি বৰষুণ অৱতীৰ্ণ কৰোঁ, লগে লগে ভূমিৰ গহ্বৰত থকা বীজ আদি উদ্ভিদৰূপে গজালি মেলে আৰু সেউজীয়া হৈ পৰে। নিশ্চয় যি সত্ত্বাই মৃত ভূমিক জীৱিত কৰে, তেওঁ অৱশ্যে মৃত লোকসকলক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিবলৈ সক্ষম। নিশ্চয় তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। মৃত ভূমিক জীৱিত কৰা যিদৰে তেওঁৰ পক্ষে কোনো কঠিন কাম নহয়, ঠিক সেইদৰে মৃত লোকসকলকো কবৰৰ পৰা জীৱিত কৰাটোও তেওঁৰ পক্ষে কোনো কঠিন বিষয় নহয়।
Fussılet 41:40
যিসকলে আমাৰ আয়াতসমূহৰ বিষয়ে বেয়া নীতি অৱলম্বন কৰে, সেইবোৰক অস্বীকাৰ কৰে আৰু সেইবোৰৰ অৰ্থ বিকৃত কৰে, সেইসকল লোকৰ অৱস্থা আমাৰ পৰা গোপন নহয়। আমি সিহঁতৰ বিষয়ে ভালকৈয়ে অৱগত। যাক জাহান্নামত নিক্ষেপ কৰা হ'ব সেই ব্যক্তি উত্তম নে যিয়ে কিয়ামতৰ দিনা শাস্তিৰ পৰা নিৰাপদ থাকিব সেই ব্যক্তি উত্তম? হে মানৱজাতি! ভাল বেয়া যিটো ইচ্ছা সেইটোৱে তোমালোকে আমল কৰা। কাৰণ আমি তোমালোকৰ সন্মুখত ভাল বেয়া সকলো বিতংভাৱে স্পষ্ট কৰি দিছোঁ। তোমালোকে ভাল বেয়া যি কৰ্মই নকৰা কিয়, নিশ্চয় আল্লাহে চাই আছে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
Fussılet 41:41
নিশ্চয় যিসকলে আল্লাহৰ ফালৰ পৰা কোৰআন অহাৰ পিছতো তাক অস্বীকাৰ কৰে, কিয়ামতৰ দিনা সিহঁতক শাস্তি বিহা হ’ব। নিঃসন্দেহে এইখন সন্মানিত তথা সুৰক্ষিত গ্ৰন্থ। কোনো বিকৃতকাৰীয়েই ইয়াক বিকৃত কৰিব নোৱাৰিব, আৰু কোনেও ইয়াক পৰিবৰ্তনো কৰিব নোৱাৰিব।
Fussılet 41:42
বাতিল কেতিয়াও ইয়াৰ মাজত অনুপ্ৰৱেশ কৰিব নোৱাৰিব, সন্মুখৰ পৰাও নহয়, পিছফালৰ পৰাও নহয়। হ্ৰাসৰূপে হওক অথবা বৃদ্ধিৰূপে, পৰিৱৰ্তন হওক অথবা বিকৃত, কোনো ধৰণেই প্ৰৱেশ কৰিব নোৱাৰিব। এইখন মহা প্ৰজ্ঞাৱান আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, যিজন সৃষ্টি কৰাৰ ক্ষেত্ৰত নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নৰ ক্ষেত্ৰত মহা প্ৰজ্ঞাৱান। সকলো অৱস্থাতেই তেওঁ প্ৰসংশিত।
Fussılet 41:43
হে ৰাছুল! আপোনাৰ বিষয়েও সেই একেই অস্বীকাৰ কৰাৰ কথা কোৱা হৈছে, যিদৰে আপোনাৰ পূৰ্বৱৰ্তী ৰাছুলসকলক কোৱা হৈছিল। গতিকে আপুনি ধৈৰ্য্য ধাৰণ কৰক। কিয়নো নিশ্চয় আপোনাৰ প্ৰতিপালক তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল। আনহাতে তাওবা নকৰা ব্যক্তিসকলক অৰ্থাৎ গুনাহৰ ওপৰত অটল থকা লোকসকলক তেওঁ কষ্টদায়ক শাস্তি প্ৰদান কৰিব।
Fussılet 41:44
যদি আমি এই কোৰআনখনক আৰবীৰ বাহিৰে বেলেগ কোনো ভাষাত অৱতীৰ্ণ কৰিলোহেঁতেন, তেন্তে কাফিৰসকলে ক’লেহেঁতেনঃ “ইয়াৰ আয়াতসমূহক বিতংভাৱে স্পষ্ট কিয় কৰা হোৱা নাই, তেতিয়াহে আমি বুজি পালোহেঁতেন”। কোৰআন কোনো অনাৰবীয়ান ভাষাত অৱতীৰ্ণ হৈছে নেকি, যাক আৰবীভাষী ব্যক্তিয়ে আনিছে? হে ৰাছুল! আপুনি ইহঁতক কৈ দিয়কঃ এইখন কোৰআনে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা ব্যক্তিসকলক তথা তেওঁৰ ৰাছুলসকলক বিশ্বাস কৰা লোকসকলক মুক্তিৰ পথ দেখুৱায়, লগতে অন্তৰসমূহক অজ্ঞানতা আৰু ইয়াৰ ফলত জন্ম হোৱা ব্যাধিসমূহৰ পৰা আৰোগ্য প্ৰদান কৰে। যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতৰ কাণত আছে বধিৰতা। লগতে সিহঁত অন্ধ হৈ পৰিছে, ফলত একোৱেই বুজি নাপায়। এনেকুৱা লোকসকলক যদি দূৰৱৰ্তী কোনো ঠাইৰ পৰা আহ্বান কৰা হয়, তেন্তে কেনেকৈ সিহঁতে আহ্বানকাৰীৰ আহ্বান শুনা পাব?!
Fussılet 41:45
নিশ্চয় আমি মুছা আলাইহিচ্ছালামক তাওৰাত প্ৰদান কৰিছিলোঁ, কিন্তু তাত মতভেদ সৃষ্টি কৰা হৈছিল। কিছুমানে তাৰ প্ৰতি ঈমান আনিছিল আৰু আন কিছুমানে অস্বীকাৰ কৰিছিল। আল্লাহে যদি বান্দাসকলক এই প্ৰতিশ্ৰুতি নিদিলেহেঁতেন যে, কিয়ামতৰ দিনা সিহঁতৰ মাজত ফয়চালা কৰা হ’ব তেন্তে নিশ্চয় তাওৰাত সম্পৰ্কে বিভেদ কৰা লোকসকলৰ মাজত ফয়চালা কৰি দিলেহেঁতেন যে, কোন সত্য আৰু কোন মিছা। সত্যবাদীসকলক সন্মান প্ৰদান কৰিলেহেঁতেন আৰু বাতিলপন্থীক অপমানিত কৰিলেহেঁতেন। প্ৰকৃততে কাফিৰসকলে কোৰআন সম্পৰ্কে সন্দেহ তথা সংশয়ত পৰি আছে।
Fussılet 41:46
যিয়ে সৎকৰ্ম কৰিব, সেই সৎকৰ্মৰ উপকাৰ সি নিজেই লাভ কৰিব। কাৰোবাৰ সৎকৰ্মই আল্লাহক কোনো উপকাৰ নকৰে। আনহাতে যিয়ে অসৎকৰ্ম কৰিব, সেই অসৎকৰ্মৰ ফল সি নিজেই ভোগ কৰিব। কোনো বান্দাৰ অসৎকৰ্মই আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। আল্লাহে প্ৰত্যেককে উচিত প্ৰতিদান দিব। হে ৰাছুল! আপোনাৰ প্ৰতিপালকে কোনো বান্দাৰ প্ৰতি অন্যায় নকৰিব। কাৰোবাৰ নেকীও হ্ৰাস নকৰিব আৰু কাৰোবাৰ গুনাহো বৃদ্ধি নকৰিব।
Fussılet 41:47
কিয়ামতৰ জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তিত হয়। একমাত্ৰ তেৱেঁই জানে কিয়ামত কেতিয়া সংঘটিত হ’ব, তেওঁৰ বাহিৰে কোনেও নাজানে। তেওঁ নজনাকৈ কোনো ফল-মূলেই আৱৰণৰ পৰা ওলাই নাহে, আৰু কোনো নাৰীয়েও গৰ্ভ ধাৰণ নকৰে তথা সন্তান প্ৰসৱ নকৰে। একোৱেই তেওঁৰ অগোচৰ নহয়। যিদিনা আল্লাহে মুশ্বৰিকসকলক যিসকলে মূৰ্ত্তিপূজা কৰিছিল মাতি আনি সিহঁতৰ পূজা-পাঠকলৈ ককৰ্থনা কৰিব তথা ধিক্কাৰ দি ক’বঃ “সেই অংশীদাৰবিলাক আজি ক’ত, যিসকলক তোমালোকে মোৰ অংশীদাৰ বুলি ধাৰণা কৰিছিলা”? মুশ্বৰিকসকলে ক’বঃ “আমি আপোনাৰ সন্মুখত স্বীকাৰ কৰিলোঁ যে, এতিয়াৰ পৰা আমাৰ মাজৰ কোনেও এই কথাৰ সাক্ষ্য নিদিব যে, আপোনাৰ অংশীদাৰ আছে”।
Fussılet 41:48
সিহঁতে পূজাপাঠ কৰা সেই মূৰ্ত্তিবোৰ তেতিয়া সিহঁতৰ পৰা অন্তৰ্ধান হৈ যাব। তথা সিহঁতে পূৰ্ণ বিশ্বাস কৰিব যে, আল্লাহৰ শাস্তিৰ পৰা পলায়ন কৰাৰ তথা আশ্ৰয় লোৱাৰ কোনো উপায় নাই।
Fussılet 41:49
মানুহে সুস্বাস্থ্য, ধন-সম্পদ আৰু সন্তান-সন্ততি আদি নিয়ামত বিচৰাৰ ক্ষেত্ৰত কেতিয়াও ক্লান্তিবোধ নকৰে। কিন্তু যদি সি দৰিদ্ৰতা অথবা বেমাৰ-আজাৰৰ সন্মুখীন হয়, তেতিয়া আল্লাহৰ কৃপাৰ পৰা অতি বেয়াকৈ নিৰাশ হৈ পৰে।
Fussılet 41:50
আনহাতে পৰীক্ষা তথা বেমাৰ-আজাৰৰ পিছত যদি আমি তাক সুস্বাস্থ্য আৰু ধন-সম্পদ দান কৰোঁ, তেতিয়া সি নিশ্চয় ক’বঃ “এইবোৰ মই এইকাৰণে লাভ কৰিছোঁ, কাৰণ মই ইয়াৰ যোগ্য আছিলোঁ তথা এইটো আছিল মোৰ প্ৰাপ্য। লগতে কিয়ামত সংঘটিত হ’ব বুলিও মোৰ বিশ্বাস নহয়। যদি মানিও লওঁ যে, কিয়ামত সংঘটিত হ’ব তথাপিও আল্লাহৰ ওচৰত থাকিব মোৰ বাবে অজস্ৰ ধন-সম্পদ। কিয়নো যিদৰে তেওঁ মোৰ যোগ্যতা অনুসাৰে পৃথিৱীত মোক ধন-সম্পত্তি দান কৰিছে, ঠিক সেইদৰে আখিৰাততো তেওঁ মোক মোৰ প্ৰাপ্যখিনি প্ৰদান কৰি উপকাৰ কৰিব”। নিশ্চয় আল্লাহৰ লগত কুফৰী কৰা ব্যক্তিসকলক সিহঁতৰ কুফৰী আৰু গুনাহৰ বিষয়ে অচিৰেই আমি সিহঁতক অৱগত কৰাম। তথা অতি কঠিন শাস্তিৰ সোৱাদ উপভোগ কৰাম।
Fussılet 41:51
মানুহক যেতিয়া আমি সুস্বাস্থ্য, নিৰাপদ আদিৰ মাধ্যমত নিয়ামত প্ৰদান কৰোঁ, তেতিয়া সি আল্লাহৰ স্মৰণ আৰু আনুগত্যৰ পৰা অমনোযোগী হৈ পৰে, তথা অহংকাৰ কৰি বিমুখ হৈ পৰে। কিন্তু যেতিয়াই বেমাৰ-আজাৰ আৰু দৰিদ্ৰতা আদিয়ে স্পৰ্শ কৰে, তেতিয়াই আল্লাহৰ ওচৰত বেছি বেছি দুআ কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ ওচৰত বিপদ-আপদ সম্পৰ্কে অভিযোগ কৰে, যাতে তেওঁ সেই বিপদ-আপদ দূৰ কৰি দিয়ে। পক্ষান্তৰে সি নিয়ামত আদি লাভৰ সময়ত আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন নকৰে, আৰু তেওঁ যেতিয়া তাক বিপদ-আপদৰ দ্বাৰা পৰীক্ষা কৰে, সেই সময়তো সি ধৈৰ্য্য ধাৰণ নকৰে।
Fussılet 41:52
হে ৰাছুল! আপুনি এই অস্বীকাৰকাৰী মুশ্বৰিকসকলক কৈ দিয়কঃ কোৱাচোন! যদি এই কোৰআন সঁচাই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হৈছে, তথাপিও তোমালোকে ইয়াক নাকচ কৰি আছা তথা অস্বীকাৰ কৰি আছা, তেন্তে তেনে পৰিস্থিতিত তোমালোকৰ কি অৱস্থা হ’ব? এতেকে সেই ব্যক্তিতকৈ মহা পথভ্ৰষ্ট আৰু কোন হ’ব পাৰে, যিয়ে সত্যৰ সৈতে শত্ৰুতা পোষণ কৰে, অথচ সত্য স্পষ্ট হৈছে আৰু ইয়াৰ প্ৰকাশ্য দলিল-প্ৰমাণ প্ৰবলৰূপত দেখা দিছে!?
Fussılet 41:53
শীঘ্ৰেই আমি মুছলমানসকলক পৃথিৱীৰ চোকে-কোণে বিজয় প্ৰদান কৰি কুৰাইশ্ব বংশৰ কাফিৰসকলক আমাৰ নিদৰ্শনসমূহ দেখুৱাম। এইদৰে মক্কা বিজয়ৰ মাধ্যমত আমি সিহঁতৰ নিজৰ মাজত থকা আমাৰ নিদৰ্শনসমূহ দেখুৱাম। যাতে এই কোৰআন সম্পৰ্কে সিহঁতৰ সকলো প্ৰকাৰ সংশয় দূৰ হয়, আৰু কোনো ধৰণৰ সন্দেহ যাতে বাকী নাথাকে। এই মুশ্বৰিকসকলৰ বাবে কোৰআনৰ সত্যতা সম্পৰ্কে আল্লাহৰ এই সাক্ষ্য যথেষ্ট নহয়নে যে, এইখন তেওঁৰ ফালৰ পৰা অৱতীৰ্ণ? আল্লাহতকৈও ডাঙৰ সাক্ষ্য আন কাৰ হ’ব পাৰে? দৰাচলতে সঁচাই যদি সিহঁতে সত্য অৱলম্বন কৰিব বিচাৰিলেহেঁতেন, তেন্তে নিশ্চয় সিহঁতে নিজ প্ৰতিপালকৰ সাক্ষ্যক যথেষ্ট বুলি স্বীকাৰ কৰিলেহেঁতেন আৰু সন্তুষ্ট হ’লহেঁতেন।
Fussılet 41:54
জানি থোৱা! এই মুশ্বৰিকসকলে আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰাৰ কাৰণে কিয়ামতৰ দিনা হ’বলগীয়া নিজ প্ৰতিপালকৰ সাক্ষাৎ সম্পৰ্কে সন্দেহত পতিত হৈ আছে। সেইকাৰণেই সিহঁতে আখিৰাতৰ প্ৰতি বিশ্বাস পোষণ নকৰে আৰু সিহঁতে সৎকৰ্ম আদিৰ দ্বাৰা ইয়াৰ বাবে প্ৰস্তুতিও নলয়। জানি থোৱা! নিশ্চয় আল্লাহে তেওঁৰ জ্ঞান আৰু ক্ষমতাৰ জৰিয়তে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।
Şûrâ 42:1
হা-মীম। আঈন-ছীন-ক্বাফ। এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিতে আলোচনা কৰা হৈছে।
Şûrâ 42:2
হা-মীম। আঈন-ছীন-ক্বাফ। এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিতে আলোচনা কৰা হৈছে।
Şûrâ 42:3
হে মুহাম্মদ! যিদৰে আপোনাৰ প্ৰতি অহী কৰা হৈছে, ঠিক সেইদৰে আপোনাৰ পূৰ্বেও নবীসকলৰ ওপৰত অহী প্ৰেৰণ কৰা হৈছিল। নিশ্চয় আল্লাহ তেওঁৰ শত্ৰুসকলৰ পৰা প্ৰতিশোধ লোৱাৰ ক্ষেত্ৰত মহাপৰাক্ৰমশালী, লগতে নিয়ন্ত্ৰণ আৰু সৃষ্টিৰ ক্ষেত্ৰতো তেওঁ মহাপ্ৰজ্ঞাৱান।
Şûrâ 42:4
একমাত্ৰ আল্লাহেই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা, তেৱেঁই মালিক আৰু তেৱেঁই নিয়ন্ত্ৰণকাৰী। তেওঁ সত্ত্বাগত দিশৰ পৰা, ক্ষমতা আৰু প্ৰভাৱৰ ফালৰ পৰা অতি উচ্চ। লগতে তেওঁ সত্ত্বাগতভাৱে অতি মহান।
Şûrâ 42:5
পৱিত্ৰ আল্লাহ ইমান মহান যে, তেওঁৰ প্ৰভাৱত বিশাল আৰু সুউচ্চ আকাশমণ্ডল পৃথিৱীৰ ওপৰত ভাঙি পৰাৰ উপক্ৰম হয়। ফিৰিস্তাসকলে প্ৰতিপালকৰ আগত নত স্বীকাৰ কৰি তেওঁৰ পৱিত্ৰতা আৰু মহানতাৰ গুণগান কৰে, লগতে তেওঁৰ প্ৰশংসা কৰে। তেওঁলোকে আল্লাহৰ ওচৰত পৃথিৱীবাসীৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। জানি থোৱা! নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল, আৰু তেওঁলোকৰ প্ৰতি অতি দয়ালু।
Şûrâ 42:6
যিসকলে আল্লাহৰ বাহিৰে মূৰ্ত্তিবোৰক আকোঁৱালি লৈছে, তথা আল্লাহৰ বাহিৰে সেইবোৰৰ উপাসনা কৰে আৰু সেইবোৰক নিজৰ সংৰক্ষক বুলি ভাৱে। আল্লাহে সিহঁতক সুক্ষ্মভাৱে চাই আছে, তথা সিহঁতৰ যাৱতীয় কৰ্ম ৰেকৰ্ড কৰি আছে। লগতে তেওঁ সিহঁতক ইয়াৰ প্ৰতিদানো দিব। হে ৰাছুল! আপোনাক সিহঁতৰ কৰ্ম সংৰক্ষণ কৰাৰ দায়িত্ব দিয়া হোৱা নাই। সিহঁতৰ কৰ্ম সম্পৰ্কে আপোনাক একো সোধ-পোচ কৰাও নহ’ব। কাৰণ আপোনাৰ দায়িত্ব হৈছে কেৱল বাৰ্তা পৌঁচাই দিয়া।
Şûrâ 42:7
হে ৰাছুল! যিদৰে আপোনাৰ পূৰ্বে নবীসকলৰ প্ৰতি আমি অহী কৰিছিলোঁ, ঠিক সেইদৰে আমি আপোনাৰ প্ৰতি আৰবী ভাষাত কোৰআনৰ অহী কৰিছোঁ, যাতে আপুনি মক্কাৰ অধিবাসীসকলক আৰু ইয়াৰ ওচৰে-পাঁজৰে থকা লোকসকলক আৰু তাৰ পিছত গোটেই মানৱ জাতিক সতৰ্ক কৰিব পাৰে আৰু মানুহক কিয়ামত সম্পৰ্কে সতৰ্ক কৰিব পাৰে, যিদিনা আল্লাহে আগৰ পিছৰ সকলো লোককে একে ঠাইতে হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একত্ৰিত কৰিব। সেই দিৱস সম্পৰ্কে কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই। সেইদিনা মানুহবিলাক দুটা গোটত বিভক্ত হ’ব, এটা গোটৰ মানুহে জান্নাতত প্ৰৱেশ কৰিব, তেওঁলোক হৈছে মুমিনসকল। আৰু আনটো গোটৰ লোকসকলে জাহান্নামত প্ৰৱেশ কৰিব, আৰু সিহঁত হৈছে কাফিৰসকল।
Şûrâ 42:8
আল্লাহে যদি সকলোকে ইছলাম ধৰ্মত দীক্ষিত কৰি এটা উম্মতৰ অন্তৰ্ভুক্ত কৰাৰ ইচ্ছা কৰিলেহেঁতেন, তেন্তে তেওঁলোকক ইছলামৰ ওপৰত প্ৰতিষ্ঠিত কৰি একেটা উম্মতৰে অন্তৰ্ভুক্ত কৰিলেহেঁতেন আৰু সকলোকে জান্নাতত প্ৰৱেশ কৰালেহেঁতেন। কিন্তু তেওঁৰ হিকমতৰ দাবী হৈছে, তেওঁ যাক ইচ্ছা কৰে তাকেই ইছলামত প্ৰৱেশ কৰাৰ সুযোগ দিয়ে আৰু তাক জান্নাতত প্ৰৱেশ কৰায়। কুফৰ আৰু গুনাহৰ দ্বাৰা নিজৰ ওপৰত অন্যায় কৰা লোকসকলৰ বাবে কোনো অভিভাৱক নাই, যিয়ে সিহঁতৰ দায়িত্বভাৰ গ্ৰহণ কৰিব। সিহঁতৰ বাবে কোনো সহায়কো নাই, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব।
Şûrâ 42:9
বৰং এই মুশ্বৰিকসকলে আল্লাহক এৰি বহুতকে নিজৰ অভিভাৱক বনাই লৈছে, সেইবোৰৰ পৰা নিজৰ সুৰক্ষা প্ৰাৰ্থনা কৰে। অথচ প্ৰকৃত অভিভাৱক হৈছে একমাত্ৰ আল্লাহ তাআলা। তেওঁৰ বাহিৰে কোনেও উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে। তেৱেঁই মৃত লোকসকলক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিব। কোনেও পৱিত্ৰ আল্লাহক বিৱশ কৰিব নোৱাৰে।
Şûrâ 42:10
হে মানৱজাতি! তোমালোকে ধৰ্মৰ মূল বিধি-বিধান আৰু সৰু-সুৰা যিবোৰ বিষয়ত মতভেদ কৰা, সেইবোৰৰ ফয়চালাৰ দায়িত্ব হৈছে আল্লাহৰ হাতত। গতিকে তেনেকুৱা বিষয়ত তোমালোকে আল্লাহৰ কিতাব আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতৰ পিনে প্ৰত্যাৱৰ্তন কৰা। ওপৰত যিবোৰ বৈশিষ্ট্য বৰ্ণনা কৰা হ’ল, সেইবোৰ বিশেষণেৰে বিশেষিত সত্ত্বাই হৈছে মোৰ প্ৰতিপালক। মই মোৰ সকলো কৰ্মতে তেওঁৰ ওপৰতেই ভৰসা কৰোঁ আৰু তাওবা কৰি তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰোঁ।
Şûrâ 42:11
পূৰ্বৱৰ্তী কোনো উদাহৰণ নোহোৱাকৈয়ে আল্লাহেই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে। তেৱেঁই তোমালোকৰ মাজৰ পৰা তোমালোকৰ বাবে তোমালোকৰ সঙ্গিণী সৃষ্টি কৰিছে। তোমালোকৰ বাবেই উট, গৰু, ছাগলী আদিৰ যোৰা সৃষ্টি কৰিছে, যাতে সেইবোৰে বংশবৃদ্ধি কৰিব পাৰে। তেৱেঁই তোমালোকক বিবাহ বন্ধনৰ মাধ্যমত বংশ বৃদ্ধিৰ সুযোগ প্ৰদান কৰিছে। লগতে চতুষ্পদ জন্তুৰ গাখিৰ আৰু মাংস তোমালোকৰ জীৱন-যাপনৰ উপকৰণ বনাইছে। সৃষ্টিজগতৰ একোৱেই তেওঁৰ সমপৰ্যায়ৰ নহয়। তেৱেঁই সৰ্বশ্ৰোতা, বান্দাৰ কথা শ্ৰৱণ কৰে আৰু সিহঁতৰ কৰ্মবোৰ প্ৰত্যক্ষ কৰে। কোনো বস্তুৱে তেওঁৰ তত্ত্বাৱধায়নৰ পৰা এৰা নপৰে। অচিৰেই তেওঁ সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব। যদি কৰ্ম ভাল হয় তেন্তে ভাল প্ৰতিদান পাব আৰু যদি বেয়া হয় তেন্তে বেয়া ফল পাব।
Şûrâ 42:12
আকাশমণ্ডল আৰু পৃথিৱীৰ ধন-ভাণ্ডাৰৰ চাবি-কাঠি একমাত্ৰ তেওঁৰেই হাতত। তেওঁ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ জীৱিকা প্ৰশস্ত কৰি দিয়ে, এই পৰীক্ষা কৰিবলৈ যে, সি কৃতজ্ঞ হয় নে অকৃতজ্ঞ? আনহাতে যাক ইচ্ছা কৰে তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে, এই কথা প্ৰকাশ কৰিবলৈ যে, সি ধৈৰ্য্য ধৰে নে নাই, অথবা সি আল্লাহে নিৰ্ধাৰণ কৰা তাকদীৰ সম্পৰ্কে অসন্তুষ্ট হয় নেকি? নিশ্চয় তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ। বান্দাসকলৰ কোনো কল্যাণকৰ হিতেই তেওঁৰ পৰা গোপন নহয়।
Şûrâ 42:13
তেৱেঁই তোমালোকৰ বাবে দ্বীন বিধিবদ্ধ কৰিছে, যিদৰে আমি নূহ আলাইহিচ্ছালামক ইয়াৰ প্ৰচাৰ প্ৰসাৰ কৰাৰ আৰু সেইমতে আমল কৰাৰ আদেশ কৰিছিলোঁ, আৰু হে ৰাছুল আপোনাৰ প্ৰতিও আমি সেই অহীকেই প্ৰেৰণ কৰিছোঁ। আমি তোমালোকৰ বাবে সেইদৰেই চৰীয়ত বিধিবদ্ধ কৰিছোঁ, যিটো প্ৰচাৰ কৰাৰ আৰু সেইমতে আমল কৰাৰ নিৰ্দেশ আমি ইব্ৰাহীম, মুছা আৰু ঈছা আলাইহিমুচ্ছালামক প্ৰদান কৰিছিলোঁ। যাৰ সাৰাংশ হৈছে, “তোমালোকে দ্বীন প্ৰতিষ্ঠিত কৰা, ইয়াৰ মাজত মতভেদ কৰাৰ পৰা বিৰত থকা”। (হে ৰাছুল!) অন্যান্য উপাস্যৰ উপাসনা পৰিত্যাগ কৰাৰ বিধান আৰু তাওহীদৰ পিনে কৰা আপোনাৰ এই আহ্বান, মুশ্বৰিকসকলৰ বাবে কঠিন অনুভৱ হৈ আছে। আল্লাহে তেওঁৰ যি বান্দাক ইচ্ছা কৰে মনোনীত কৰি লয় আৰু তাক তেওঁৰ ইবাদত আৰু আনুগত্যৰ তাওফীক দিয়ে। লগতে যিয়ে গুনাহৰ পৰা তাওবা কৰি তেওঁৰ পিনে প্ৰত্যৱৰ্তন কৰে তাক তেওঁ হিদায়ত দিয়ে।
Şûrâ 42:14
কিন্তু কাফিৰ আৰু মুশ্বৰিকসকলে নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবুওৱত প্ৰমাণিত হোৱাৰ পিছতো মতভেদ সৃষ্টি কৰিলে। সিহঁতৰ এই মতভেদ সৃষ্টিৰ কাৰণ আছিল পাৰস্পৰিক বিদ্বেষ আৰু অন্যায়-অত্যাচাৰ। এটা নিৰ্ধাৰিত সময়লৈকে অৰ্থাৎ কিয়ামত দিৱসলৈকে সিহঁতৰ শাস্তি পলম কৰা সম্পৰ্কে আল্লাহৰ পূৰ্ব সিদ্ধান্ত নাথাকিলে, সিহঁতে যিদৰে আল্লাহৰ লগত কুফৰী কৰি আছে আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰি আছে, নিশ্চয় আল্লাহে ইয়াতেই সিহঁতৰ ফয়চালা কৰি দিলেহেঁতেন। যিসকল ইয়াহুদীয়ে তাওৰাতৰ উত্তৰাধিকাৰী হৈছিল, তথা যিসকল খৃষ্টানে ইঞ্জীলৰ উত্তৰাধিকাৰী হৈছিল নিজৰ পূৰ্বপুৰুষসকলৰ পিছত, আৰু এই মুশ্বৰিকসকলৰ পিছত, সিহঁত আটায়ে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা কোৰআন সম্পৰ্কে সন্দেহত পতিত হৈ আছে, তথা ইয়াক অস্বীকাৰ কৰি আছে।
Şûrâ 42:15
এতেকে আপুনি এই সঠিক দ্বীনৰ পিনেই মানুহক আহ্বান কৰক, নিজ প্ৰতিপালকৰ আদেশ অনুসাৰে ইয়াৰ ওপৰতেই অবিচল থাকক। আপুনি কেতিয়াও সিহঁতৰ ইচ্ছাৰ অনুসৰণ নকৰিব। সিহঁতৰ সৈতে বাদানুবাদৰ সময়ত আপুনি সিহঁতক কৈ দিয়কঃ “মই আল্লাহৰ প্ৰতি ঈমান আনিছোঁ, আৰু সেইসমূহ কিতাবৰ প্ৰতি ঈমান আনিছোঁ, যিবোৰ আল্লাহে তেওঁৰ ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰিছে। আল্লাহে মোক নিৰ্দেশ দিছে যে, মই যেন তোমালোকৰ মাজত ন্যায় সহকাৰে ফয়চাল কৰোঁ। মই ইবাদত কৰা আল্লাহেই হৈছে আমাৰ আৰু তোমালোক সকলোৰে প্ৰতিপালক। আমাৰ কৰ্ম আমাৰ বাবে, ভাল হওক অথবা বেয়া। তোমালোকৰ কৰ্ম তোমালোকৰ বাবে, ভালকৰ্মই হওক অথবা বেয়া। দলিল-প্ৰমাণ স্পষ্ট হোৱাৰ পিছত তথা সঠিক পথ প্ৰকাশ পোৱাৰ পিছত আমাৰ আৰু তোমালোকৰ মাজত কোনো ধৰণৰ বিবাদৰ অৱকাশ নাই। আল্লাহে আমাক সকলোকে একত্ৰিত কৰিব, কিয়ামতৰ দিনা তেওঁৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। আমাৰ মাজৰ প্ৰত্যেকেই উচিত প্ৰতিদান লাভ কৰিব। তেতিয়া স্পষ্ট হৈ পৰিব সত্য কোন আৰু অসত্য কোন; সঠিক পথত কোন আছিল আৰু বাতিল পথত কোন আছিল”।
Şûrâ 42:16
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা এই দ্বীনক মানুহে আঁকোৱালি লোৱাৰ পিছতো যিসকলে বাতিল যুক্তি আদিৰ সঁহাৰি লৈ তৰ্ক-বিতৰ্ক কৰে, সিহঁতৰ প্ৰতিপালকৰ ওচৰত আৰু মুমিনসকলৰ ওচৰত সেইসকল লোকৰ যুক্তিৰ কোনো মূল্য নাই। ইয়াৰ কোনো প্ৰভাৱ নপৰিব। যিহেতু সিহঁতে সত্যক অস্বীকাৰ কৰিছে, লগতে কুফৰী কৰিছে, গতিকে সিহঁতৰ ওপৰত আছে আল্লাহৰ অভিসম্পাত। তথা কিয়ামতৰ দিনা সিহঁতৰ বাবে অপেক্ষা কৰি আছে কঠিন শাস্তি।
Şûrâ 42:17
আল্লাহেই সত্য সহকাৰে কোৰআন অৱতীৰ্ণ কৰিছে, ইয়াৰ মাজত সন্দেহৰ কোনো অৱকাশ নাই। ন্যায় অৱতীৰ্ণ কৰিছে, যাতে মানুহৰ মাজত ন্যায় সহকাৰে ফয়চালা কৰা হয়। সিহঁতে যি কিয়ামতক অস্বীকাৰ কৰি আছে, সম্ভৱতঃ সেইটো অতি নিকৱৰ্তী। তথা এই কথা সৰ্বজনবিদিত যে, প্ৰত্যেক আহিবলগীয়া বস্তুৱে নিকটৱৰ্তী হিচাপে পৰিগণিত।
Şûrâ 42:18
যিসকলে কিয়ামত দিৱসক বিশ্বাস নকৰে, সিহঁতেই ইয়াকলৈ খৰধৰ কৰে। কিয়নো সিহঁতে হিচাপ-নিকাচ আৰু প্ৰতিদান তথা শাস্তি দিয়া হ'ব বুলি বিশ্বাস নকৰে। আনহাতে যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিছে, তেওঁলোকে এই দিৱসৰ পৰিণাম সম্পৰ্কে সদায় ভীত-সন্ত্ৰস্ত হৈ থাকে। তেওঁলোকে পৰিপূৰ্ণৰূপে বিশ্বাস কৰে যে, এই দিৱস অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দেহ নাই। জানি থোৱা! যিসকলে কিয়ামত সম্পৰ্কে বিতৰ্ক কৰে তথা বাক-বিতণ্ডা কৰে, লগতে ইয়াৰ বাস্তৱতাকলৈ সন্দেহ পোষণ কৰে, নিশ্চয় সিহঁত সত্যৰ পৰা বহু দূৰ আঁতৰি গৈ পথভ্ৰষ্ট হৈছে।
Şûrâ 42:19
আল্লাহ বান্দাসকলৰ প্ৰতি অনুগ্ৰহশীল। তেওঁ যাক ইচ্ছা কৰে জীৱিকা প্ৰদান কৰে তথা তাৰ জীৱিকাত প্ৰশস্ততা প্ৰদান কৰে। আনহাতে তেওঁ যাক ইচ্ছা কৰে তেওঁৰ হিকমত অনুযায়ী আৰু তেওঁৰ কৃপা অনুযায়ী তাৰ জীৱিকা সংকীৰ্ণ কৰি দিয়ে, যদিও দেখাত বিপৰীত অনুভৱ হয়। তেওঁ সৰ্বশক্তিমান, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ মহাপৰাক্ৰমশালী, যিয়ে শত্ৰুৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰে।
Şûrâ 42:20
যিয়ে আখিৰাতৰ ছোৱাব আশা কৰিব তথা ইয়াৰ বাবে প্ৰয়োজনীয় আমল কৰিব, আমি তাৰ ছোৱাব বৃদ্ধি কৰি দিম। কিয়নো এটা ছোৱাবৰ প্ৰতিদান দহ গুণৰ পৰা সাতশ গুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হয়, আনকি ইয়াতকৈও বহুলাংশে বৃদ্ধি কৰি দিয়া হয়। আনহাতে যিয়ে অকল পাৰ্থিৱ জীৱনৰ সা-সুবিধা কামনা কৰে, আমি তাক তাৰ নিৰ্ধাৰিত অংশ ইয়াতেই প্ৰদান কৰিম। যিহেতু সি পাৰ্থিৱ জীৱনক প্ৰাধান্য দিছে, সেয়ে আখিৰাতত তাৰ কোনো পাবলগীয়া অংশ নাথাকিব।
Şûrâ 42:21
আল্লাহৰ বাহিৰেও এই মুশ্বৰিকসকলৰ এনেকুৱা কিছুমান উপাস্য আছে নেকি, যিসকলে সিহঁতৰ বাবে ধৰ্মৰ কিছুমান এনেকুৱা বিধি-বিধান জাৰি কৰিছে, যিবোৰ জাৰি কৰাৰ আদেশ আল্লাহে সিহঁতক প্ৰদান কৰা নাই। যেনেঃ আল্লাহৰ লগত শ্বিৰ্ক কৰা, তেওঁ হালাল কৰা বস্তুক হাৰাম কৰা আৰু হাৰাম কৰা বস্তুক হালাল কৰা আদি? এই মতানৈক্যকাৰীসকলৰ মাজত ফয়চালা কৰিবলৈ আল্লাহে যদি এটা দিৱস নিৰ্ধাৰিত কৰি নাৰাখিলেহেঁতেন, আৰু সিহঁতক সেই নিৰ্ধাৰিত সময়লৈকে অৱকাশ দিয়াৰ যদি পূৰ্ব সিদ্ধান্ত নাথাকিলহেঁতেন, তেন্তে আল্লাহে নিশ্চয় সিহঁতৰ মাজত এতিয়াই মীমাংসা কৰি দিলেহেঁতেন। নিশ্চয় যিসকলে শ্বিৰ্ক আৰু গুনাহৰ দ্বাৰা নিজৰ ওপৰত অন্যায় কৰিছে, সিহঁতৰ বাবে কিয়ামতৰ দিনা অপেক্ষা কৰি আছে কষ্টদায়ক শাস্তি।
Şûrâ 42:22
হে ৰাছুল! আপুনি দেখিবলৈ পাব, যিসকলে শ্বিৰ্ক আৰু গুনাহৰ মাধ্যমত নিজৰ ওপৰত অন্যায় কৰিছে, সেইদিনা সিহঁতে নিজৰ উপাৰ্জিত গুনাহৰ কাৰণে শাস্তিৰ ভয়ত পেপুৱা লাগিব। এই শাস্তি সিহঁতে যিকোনো উপায়ে ভোগ কৰিব লাগিব। তাওবা নকৰাকৈ কেৱল এই ভয়ে একো উপকাৰ সাধন নকৰিব। পক্ষান্তৰে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে, তেওঁলোকৰ অৱস্থা হ’ব সিহঁতৰ বিপৰীত। তেওঁলোকে জান্নাতৰ বাগানসমূহত নিয়ামত উপভোগ কৰিব। তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত সেইসকলো নিয়ামত লাভ কৰিব, যিবোৰ তেওঁলোকে কামনা কৰিব, সেই নিয়ামতবোৰ কেতিয়াও সমাপ্ত নহ’ব। এইটোৱেই হৈছে মহা অনুগ্ৰহ, আন কোনো অনুগ্ৰহেই ইয়াৰ মুকাবিলা কৰিব নোৱাৰে।
Şûrâ 42:23
এইটোৱে সেই মহা সুসংবাদ, যিটো ৰাছুলসকলৰ মাধ্যমত আল্লাহে সেইসকল লোকক প্ৰদান কৰিছে, যিসকলে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে। হে ৰাছুল! আপুনি কওক, “সত্য পৌঁচাই দিয়াৰ বিনিময়ত মই তোমালোকৰ পৰা কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ, এটা প্ৰতিদানৰ বাহিৰে কিন্তু সেইটোৰো লাভ তোমালোকৰেই হ’ব, সেয়া হৈছে আত্মীয়তাৰ বন্ধন অনুযায়ী তোমালোকে মোক মুহাব্বতৰ দৃষ্টিৰে চোৱা”। যিয়েই সৎকৰ্ম কৰিব, আমি তাক ইয়াৰ প্ৰতিদান বৃদ্ধি কৰি প্ৰদান কৰিম। কাৰণ এটা নেকীৰ প্ৰতিদান দহগুণ পৰ্যন্ত দিয়া হয়। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল। তেওঁ সেইসমূহ সৎকৰ্মৰ উচিত মৰ্যাদা প্ৰদান কৰে, যিবোৰ তেওঁলোকে আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ পালন কৰে।
Şûrâ 42:24
মুশ্বৰিকসকলে ধাৰণা কৰে যে, নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজেই এই কোৰআন ৰচনা কৰি আল্লাহৰ সৈতে সম্পৃক্ত কৰিছে। সেয়ে আল্লাহে সিহঁতৰ এই ধাৰণা খণ্ডন কৰি কৈছেঃ যদি আপোনাৰ অন্তৰত মিছা আৰোপ কৰাৰ কোনো কল্পনাও আহিলহেঁতেন তেন্তে আমি আপোনাৰ অন্তৰত মোহৰ মাৰি দিলোঁহেঁতেন। তথা বাতিলক মচি পেলাই সত্যক অৱশিষ্ট ৰাখিলোহেঁতেন। যিহেতু এনেকুৱা কোনো ঘটনা সংঘটিত হোৱা নাই, গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে, এইখন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ গ্ৰন্থ। নিশ্চয় আল্লাহ বান্দাসকলৰ অন্তৰৰ গোপন তথ্য সম্পৰ্কে অৱগত। একোৱেই তেওঁৰ পৰা অগোচৰ নহয়।
Şûrâ 42:25
সেই পৱিত্ৰ আল্লাহেই বান্দাসকলৰ তাওবা কবূল কৰে, যেতিয়া তেওঁলোকে আল্লাহৰ ওচৰত কুফৰী আৰু গুনাহৰ পৰা তাওবা কৰে। যেতিয়া তেওঁলোকৰ পৰা কোনো গুনাহ হৈ যায়, তেৱেঁই বান্দাসকলৰ গুনাহ ক্ষমা কৰি দিয়ে। তোমালোকে যি কৰ্মই নকৰা কিয়, তেওঁ সেই সকলো জানে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
Şûrâ 42:26
তথা যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকৰ দুআ কবূল কৰে। তেওঁ নিজ অনুগ্ৰহত তেওঁলোকক সেই সকলো সা-সুবিধা প্ৰদান কৰে, যিবোৰ তেওঁলোকে বিচৰা নাছিল। আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবে কিয়ামতৰ দিনা অপেক্ষা কৰি আছে কঠিন শাস্তি।
Şûrâ 42:27
আল্লাহে যদি সকলো বান্দাকে প্ৰচুৰ পৰিমাণে জীৱিকা প্ৰদান কৰিলেহেঁতেন, তেন্তে সিহঁতে পৃথিৱীত অন্যায়-অত্যাচাৰ আৰু উপদ্ৰৱ সৃষ্টি কৰি ফুৰিলেহেঁতেন। কিন্তু আল্লাহে প্ৰয়োজন অনুসাৰে নিজ ইচ্ছামতে জীৱিকা অৱতীৰ্ণ কৰে, কেতিয়াবা অধিক আৰু কেতিয়াবা কম। নিশ্চয় তেওঁ বান্দাসকলৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ, পুংখানুপুংখ পৰ্যবেক্ষণকাৰী। গতিকে তেওঁ হিকমত অনুযায়ী প্ৰদান কৰে আৰু হিকমত অনুযায়ী ইয়াৰ পৰা বঞ্চিত কৰে।
Şûrâ 42:28
বান্দাসকলে বৰষুণৰ পৰা নিৰাশ হোৱাৰ পিছত তেৱেঁই বান্দাসকলৰ ওপৰত বৰষুণৰ পানী অৱতীৰ্ণ কৰে। বৰষুণৰ পানী অৱতীৰ্ণ হোৱাৰ লগে লগে উদ্ভিদবোৰ ঠন ধৰি উঠে। তেৱেঁই বান্দাসকলৰ যাৱতীয় কাম চোৱাচিতা কৰে, তেওঁ সকলো অৱস্থাতেই প্ৰশংসিত।
Şûrâ 42:29
আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি, তথা এই দুয়োৰে মাজত থকা আশ্চৰ্যজনক মখলুকবোৰৰ সৃষ্টি আদি হৈছে আল্লাহৰ তাওহীদ তথা ক্ষমতাৰ অন্যতম নিদৰ্শন। তেওঁ যেতিয়া ইচ্ছা তেতিয়াই সকলোকে জীৱিত কৰি প্ৰতিফল দিয়াৰ বাবে একত্ৰিত কৰিবলৈ সক্ষম। এইটো তেওঁৰ সাধ্যাতীত কোনো বিষয় নহয়, যিদৰে প্ৰথমবাৰ কৰা সৃষ্টি তেওঁৰ সাধ্যাতীত নাছিল।
Şûrâ 42:30
হে মানৱজাতি! তোমালোকক যি বিপদ-আপদেই স্পৰ্শ নকৰক কিয়, তোমালোকৰ ধন-সম্পদৰ বিনাশ হওক অথবা প্ৰাণৰ ক্ষয়-ক্ষতি, সেইবোৰ তোমালোকৰ গুনাহৰ কাৰণেই হয়। আনহাতে আল্লাহে তোমালোকৰ বহুতো গুনাহক ক্ষমা কৰি দিয়ে। সেইবোৰক কেন্দ্ৰ কৰি তোমালোকক জবাবদিহি নকৰে।
Şûrâ 42:31
যদি তোমালোকৰ প্ৰতিপালকে তোমালোকক শাস্তি দিব বিচাৰে, তেন্তে তোমালোকে কেতিয়াও তেওঁৰ পৰা পলায়ন কৰি মুক্তি পাব নোৱাৰা। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই, যিয়ে তোমালোকৰ কামবোৰ চোৱাচিতা কৰিব। যদি তেওঁ তোমালোকক দণ্ডিত কৰিব বিচাৰে তেন্তে তোমালোকৰ পৰা সেই শাস্তি প্ৰতিৰোধ কৰিব পৰা কোনো সহায়কো বিচাৰি নাপাবা।
Şûrâ 42:32
সাগৰত চলাচল কৰা পৰ্বত সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড নাও তথা জাহাজবোৰো আল্লাহৰ তাওহীদ আৰু ক্ষমতাৰ অন্যতম নিদৰ্শন।
Şûrâ 42:33
আল্লাহে ইচ্ছা কৰিলে এই প্ৰকাণ্ড নাওবোৰক চলাই নিয়া বতাহক ৰখাই দিব পাৰে। তেতিয়া সেই নাওবোৰ সমুদ্ৰপৃষ্ঠত গতিহীন হৈ পৰিব। নিশ্চয় নাঁৱৰ সৃষ্টি আৰু বতাহৰ নিয়ন্ত্ৰণ আদিৰ মাজত আল্লাহৰ ক্ষমতাৰ স্পষ্ট নিদৰ্শন আছে, প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে বিপদ-আপদ আৰু পৰীক্ষাৰ সময়ত ধৈৰ্য্য ধাৰণ কৰে। তথা আল্লাহৰ নিয়ামতসমূহৰ কৃতজ্ঞতা জ্ঞাপন কৰে।
Şûrâ 42:34
অথবা মানুহে যি হাৰত গুনাহ কৰিছে সেইবোৰক কেন্দ্ৰ কৰি আল্লাহে এই নাওবোৰক ধুমুহাৰ সন্মুখীন কৰাই ধ্বংস কৰিব বিচাৰিলে নিশ্চয় ধ্বংস কৰিব পাৰে। কিন্তু আল্লাহে বান্দাসকলৰ বহুতো গুনাহ ক্ষমা কৰি দিয়ে, সেইবোৰৰ কাৰণে সিহঁতক শাস্তি নিদিয়ে।
Şûrâ 42:35
যিসকলে আল্লাহৰ আয়াতসমূহক মিছা প্ৰমাণ কৰিবলৈ বিতৰ্ক কৰে, সিহঁতে গম পায় যে, প্ৰচণ্ড ধুমুহাৰ কবলত পৰি নাওবোৰ ধ্বংস হোৱাৰ সময়ত ৰক্ষা পোৱাৰ বাবে পলায়ন কৰাৰ কোনো সুবিধা নাই। সেইকাৰণেই সিহঁতে তেতিয়া একমাত্ৰ আল্লাহকেই আহ্বান কৰে। তেওঁৰ বাহিৰে সকলো উপাস্যকে পৰিত্যাগ কৰে।
Şûrâ 42:36
হে মানৱজাতি! তোমালোকক ধন-সম্পদ, পদমৰ্যাদা আৰু সন্তান-সন্ততি আদি যিবোৰ প্ৰদান কৰা হৈছে, সেইবোৰ হৈছে দৰাচলতে পাৰ্থিৱ জীৱনৰ অস্থায়ী ভোগ-সামগ্ৰী, যিবোৰ অচিৰেই সমাপ্ত হ’ব। আনহাতে স্থায়ী নিয়ামত হৈছে জান্নাতৰ নিয়ামত, সেই নিয়ামত আল্লাহে সেইসকল লোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে, যিসকলে আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান আনিছে। তেওঁলোকে সকলো কৰ্মতে একমাত্ৰ আল্লাহৰ ওপৰতেই ভৰসা কৰে।
Şûrâ 42:37
তেওঁলোকে মহাপাপ আৰু বেয়া কৰ্ম আদিৰ পৰা দূৰত্ব অৱলম্বন কৰে। তেওঁলোকে যেতিয়া এনেকুৱা লোকৰ ওপৰত ক্ৰোধান্বিত হয়, যিয়ে তেওঁলোকক কথা অথবা কৰ্মৰ জৰিয়তে কষ্ট দিছে, তেনে ব্যক্তিৰ ভুলক তেওঁলোকে ক্ষমা কৰি দিয়ে। কোনো ধৰণৰ প্ৰতিশোধ নলয়। এই ক্ষমাদান হৈছে তেওঁলোকৰ ফালৰ পৰা কৃপা। যেতিয়া ইয়াৰ মাজত কোনো কল্যাণ তথা হিত নিহিত থাকে।
Şûrâ 42:38
তেওঁলোকে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ আহ্বানত সঁহাৰি দিয়ে। লগতে পৰিপূৰ্ণৰূপে চালাত আদায় কৰে। তেওঁলোকে গুৰুত্বপূৰ্ণ বিষয়ত পৰামৰ্শ কৰে। লগতে তেওঁলোকে আল্লাহৰ সন্তুষ্টি অৰ্জন কৰিবলৈ আমি প্ৰদান কৰা সম্পদৰ পৰা ব্যয় কৰে।
Şûrâ 42:39
কিন্তু যদি তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰা হয়, তথা অত্যাচাৰী ব্যক্তি যদি ক্ষমাৰ যোগ্য নহয় তেন্তে আত্মসন্মান ৰক্ষা কৰিবলৈ তেওঁলোকে প্ৰতিশোধ লয়। বিশেষকৈ সেই সময়ত প্ৰতিশোধ লোৱা উচিত, যেতিয়া ক্ষমা কৰিলে কোনো লাভ নহয়।
Şûrâ 42:40
যিয়ে নিজৰ প্ৰাপ্য ল'ব বিচাৰে তেওঁ ল'ব পাৰে, তেওঁৰ অধিকাৰ আছে। কিন্তু অন্যায়ৰ সমপৰিমাণহে ল'ব পাৰিব, তাতকৈ অধিক নহয়। আনহাতে যিয়ে দুৰ্ব্যৱহাৰকাৰীক ক্ষমা কৰি দিয়ে, ইয়াৰ বাবে তাৰ পৰা প্ৰতিশোধ নলয়, লগতে নিজৰ আৰু ভাতৃৰ মাজত থকা বিভেদক মীমাংসা কৰি লয়, তেনে ব্যক্তিৰ প্ৰতিদান আছে আল্লাহৰ হাতত। নিশ্চয় আল্লাহে সেইসকল লোকক ভাল নাপায়, যিসকলে মানুহৰ প্ৰাণ আৰু ধন-সম্পদৰ ক্ষেত্ৰত অন্যায় কৰে, তথা সিহঁতৰ মান-সন্মান হানি কৰে। আল্লাহে এনেকুৱা লোকক ঘৃণা কৰে।
Şûrâ 42:41
নিৰ্যাতিত হোৱাৰ পিছত যিয়ে প্ৰতিশোধ গ্ৰহণ কৰিব, তেনেকুৱা লোকক জবাবদিহি কৰা নহ’ব। কিয়নো দৰাচলতে তেওঁলোকে নিজৰ প্ৰাপ্যহে গ্ৰহণ কৰিছে।
Şûrâ 42:42
জবাবদিহি সেইসকল লোকক কৰা হ’ব তথা শাস্তি সেইসকল লোকক বিহা হ’ব, যিসকলে মানুহৰ ওপৰত অন্যায় কৰে। পৃথিৱীত পাপকৰ্ম কৰি ফুৰে। আখিৰাতত সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।
Şûrâ 42:43
নিৰ্যাতিত হোৱাৰ পিছতো যিয়ে ধৈৰ্য্য ধাৰণ কৰিব তথা ক্ষমা কৰি দিব, নিশ্চয় এই ধৈৰ্য্যধাৰণে তেওঁৰ প্ৰতি আৰু সমাজৰ প্ৰতি কল্যাণ কঢ়িয়াই আনিব। নিশ্চয় এয়া এক প্ৰশংসনীয় কৰ্ম। ইয়াৰ তাওফীক কেৱল তেৱেঁই লাভ কৰে, যিজন মহা সৌভাগ্যৱান।
Şûrâ 42:44
আল্লাহে যাক হিদায়তৰ পৰা আঁতৰাই দিব, তাক চোৱাচিতা কৰিব পৰা আল্লাহৰ বাহিৰে তাৰ আন কোনো অভিভাৱক নাই। আপুনি সিদিনা যালিমসকলক দেখিবলৈ পাব, যিসকলে কুফৰী আৰু গুনাহৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে, কিয়ামতৰ দিনা যেতিয়া সিহঁতে নিজ চকুৰে শাস্তি দেখা পাব, তেতিয়া আশা প্ৰকাশ কৰি ক’বঃ পৃথিৱীলৈ উভতি যোৱাৰ কোনো উপায় আছেনে, যাতে আমি আল্লাহৰ ওচৰত তাওবা কৰিব পাৰোঁ?
Şûrâ 42:45
হে ৰাছুল! আপুনি এই অত্যাচাৰীসকলক দেখা পাব, যেতিয়া সিহঁতক জাহান্নামৰ সন্মুখত অপমানিত তথা লাঞ্ছিত অৱস্থাত উপস্থিত কৰ হ’ব। সিহঁতে ভীত-সন্ত্ৰস্ত অৱস্থাত মানুহৰ পিনে গোপনে চাই থাকিব। সেইদিনা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা লোকসকলে ক’বঃ নিশ্চয় প্ৰকৃত ক্ষতিগ্ৰস্ত হৈছে সেইসকল লোক, যিসকলে কিয়ামতৰ দিনা আল্লাহৰ শাস্তিৰ সন্মুখীন হৈ নিজৰ আৰু নিজ পৰিয়ালবৰ্গৰ ক্ষতি সাধন কৰিছে। জানি থোৱা! নিশ্চয় কুফৰী আৰু গুনাহৰ দ্বাৰা নিজৰ ওপৰত অন্যায় কৰা লোকসকলেই চিৰস্থায়ী শাস্তি ভোগ কৰিব, যি শাস্তি কেতিয়াও সমাপ্ত নহ’ব।
Şûrâ 42:46
কিয়ামতৰ দিনা আল্লাহৰ শাস্তিৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ তথা সহায় কৰিবলৈ সিহঁতৰ কোনো অভিভাৱক নাথাকিব। আল্লাহে যাক সত্যৰ পৰা আঁতৰাই পথভ্ৰষ্ট কৰিব, সেই ব্যক্তিয়ে কেতিয়াও হিদায়তৰ পথ বিচাৰি নাপাব, যি পথে সত্যৰ পিনে লৈ যায়।
Şûrâ 42:47
হে মানৱজাতি! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকি, তেওঁৰ প্ৰতিটো বিধানত সঁহাৰি দিয়া, লগতে অজুহাত আদি পৰিত্যাগ কৰা, সেই অপ্ৰতিৰোধ্য দিৱসটো অহাৰ পূৰ্বেই যিটোক প্ৰতিৰোধ কৰা সম্ভৱ নহয়। সেইদিনা তোমালোকৰ আশ্ৰয় ল’ব পৰা কোনো আশ্ৰয়স্থল নাথাকিব। আনকি পৃথিৱীত কৰা তোমালোকৰ পাপকৰ্মবোৰকো অস্বীকাৰ কৰিব নোৱাৰিবা।
Şûrâ 42:48
এতেকে হে ৰাছুল! যদি সিহঁতে আপোনাৰ আদেশৰ পৰা বিমুখ হয়, তেন্তে জানি থওক আপোনাক আমি সিহঁতৰ ৰক্ষক হিচাপে প্ৰেৰণ কৰা নাই যে, আপুনি সিহঁতৰ কৰ্মবোৰ হিচাপ কৰি ৰাখিব। বৰং আপোনাৰ দায়িত্ব হৈছে কেৱল সেই বাৰ্তা পৌঁচাই দিয়া, যিটোক পৌঁচাই দিয়াৰ আদেশ আপোনাক দিয়া হৈছে, আৰু সিহঁতৰ হিচাপ-নিকাচৰ দায়িত্ব হৈছে আল্লাহৰ হাতত। নিশ্চয় আমি আমাৰ ফালৰ পৰা যেতিয়া মানুহক আমাৰ কোনো ৰহমত উপভোগ কৰিবলৈ দিওঁ, ধন-সম্পদ হওক অথবা সুস্বাস্থ্য, তেতিয়া সিহঁত উৎফুল্লিত হয়। আনহাতে যদি সিহঁতৰ গুনাহৰ ফলত কোনো অপ্ৰিয় বিষয়ৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰা হয় তেন্তে সিহঁতে আল্লাহৰ নিয়ামতসমূহক অস্বীকাৰ কৰিবলৈ ধৰে আৰু কৃতজ্ঞতা নকৰে তথা অসন্তুষ্টি ব্যক্ত কৰে। অথচ আল্লাহেই এইটো তেওঁৰ হিকমত অনুযায়ী নিৰ্ধাৰণ কৰিছে।
Şûrâ 42:49
আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰেই। তেওঁ যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে, নৰ-নাৰী অথবা আন কিবা। তেওঁ যাক ইচ্ছা কৰে কন্যা সন্তান দান কৰে আৰু পুত্ৰ সন্তানৰ পৰা বঞ্চিত কৰে। আনহাতে কাৰোবাক আকৌ পুত্ৰ সন্তান দান কৰে আৰু কন্যা সন্তানৰ পৰা বঞ্চিত কৰে। পক্ষান্তৰে তেওঁ যাক ইচ্ছা কৰে পুত্ৰ সন্তান আৰু কন্যা সন্তান উভয়ে প্ৰদান কৰে। তথা যাক ইচ্ছা কৰে বন্ধ্যা বনাই দিয়ে, ফলত তাৰ কোনো সন্তান নহয়। নিশ্চয় যি হৈছে আৰু ভৱিষ্যতত যি হ’ব সেই সম্পৰ্কে তেওঁ সৰ্বজ্ঞ। এইটো হৈছে তেওঁৰ পৰিপূৰ্ণ জ্ঞান আৰু স্বয়ংসম্পূৰ্ণ হিকমতৰ পৰিচয়। একোৱেই তেওঁৰ পৰা গোপন নহয় আৰু কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে।
Şûrâ 42:50
আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰেই। তেওঁ যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে, নৰ-নাৰী অথবা আন কিবা। তেওঁ যাক ইচ্ছা কৰে কন্যা সন্তান দান কৰে আৰু পুত্ৰ সন্তানৰ পৰা বঞ্চিত কৰে। আনহাতে কাৰোবাক আকৌ পুত্ৰ সন্তান দান কৰে আৰু কন্যা সন্তানৰ পৰা বঞ্চিত কৰে। পক্ষান্তৰে তেওঁ যাক ইচ্ছা কৰে পুত্ৰ সন্তান আৰু কন্যা সন্তান উভয়ে প্ৰদান কৰে। তথা যাক ইচ্ছা কৰে বন্ধ্যা বনাই দিয়ে, ফলত তাৰ কোনো সন্তান নহয়। নিশ্চয় যি হৈছে আৰু ভৱিষ্যতত যি হ’ব সেই সম্পৰ্কে তেওঁ সৰ্বজ্ঞ। এইটো হৈছে তেওঁৰ পৰিপূৰ্ণ জ্ঞান আৰু স্বয়ংসম্পূৰ্ণ হিকমতৰ পৰিচয়। একোৱেই তেওঁৰ পৰা গোপন নহয় আৰু কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে।
Şûrâ 42:51
কোনো মানুহৰেই এনেকুৱা মৰ্যাদা নাই যিয়ে আল্লাহৰ লগত পোনপটীয়াকৈ কথা ক’ব পাৰিব, কিন্তু অহীৰ মাধ্যমত অথবা আন কোনো উপায়ত হ’লে বিষয়টো সুকীয়া, অথবা তেওঁক নেদেখাকৈ কথা কোৱা বিষয়টোও ভিন্ন। নাইবা কোনো ফিৰিস্তাৰ জৰিয়তে অহী প্ৰেৰণ কৰা যেনে- জিব্ৰীল আলাইহিচ্ছালাম, যি ফিৰিস্তাই আল্লাহৰ অনুমতিক্ৰমে অহী লৈ আগমন কৰে। নিশ্চয় পৱিত্ৰ আল্লাহ সত্ত্বাগতভাৱে আৰু গুণগতভাৱে অতি উচ্চ। তথা সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত তেওঁ মহাপ্ৰজ্ঞাৱান।
Şûrâ 42:52
হে ৰাছুল! যিদৰে আমি আপোনাৰ পূৰ্বে নবীসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিলোঁ, ঠিক সেইদৰেই আমি আমাৰ ফালৰ পৰা আপোনাৰ প্ৰতি এই কোৰআন অহীৰ মাধ্যমত অৱতীৰ্ণ কৰিছোঁ। ইয়াৰ পূৰ্বে আপুনি ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হোৱা গ্ৰন্থসমূহৰ বিষয়ে জনা নাছিল, তথা এই বিষয়েও আপুনি জনা নাছিল যে, ঈমান কি বস্তু? কিন্তু এই কোৰআন আমি জ্যোতি হিচাপে আপোনাৰ প্ৰতি অৱতীৰ্ণ কৰিছোঁ। ইয়াৰ দ্বাৰা আমি আমাৰ যি বান্দাক ইচ্ছা কৰোঁ হিদায়ত দিওঁ। নিশ্চয় আপুনি মানুহক সঠিক পথৰ পিনে অৰ্থাৎ ইছলামৰ পিনে আহ্বান কৰি আছে।
Şûrâ 42:53
আপুনি সেই আল্লাহৰ পথৰ পিনে আহ্বান কৰি আছে, যাৰ অধীনস্থ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু। তেৱেঁই এইবোৰক সৃষ্টি কৰিছে আৰু তেৱেঁই এইবোৰৰ মালিক তথা তেৱেঁই এইবোৰক পৰিচালনা কৰে। নিশ্চিতৰূপে সকলো বিষয় একমাত্ৰ তেওঁৰ ওচৰলৈকেই প্ৰত্যাৱৰ্তন কৰে। এইবোৰৰ বিষয়ে তেৱেঁই সিদ্ধান্ত লয় আৰু তেৱেঁই সঞ্চালন কৰে।
Zuhruf 43:1
(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
Zuhruf 43:2
আল্লাহে সত্যৰ পথ দেখুৱা কোৰআনৰ শপত খাইছে।
Zuhruf 43:3
নিশ্চয় আমি এই কোৰআনখনক আৰবী ভাষাত প্ৰস্তুত কৰিছোঁ। যাতে তোমালোকে সহজেই বুজি পোৱা (হে সেই লোকসকল! যিসকলৰ ভাষাত এই কোৰআন অৱতীৰ্ণ হৈছে)। যাতে তোমালোকে ইয়াৰ অৰ্থ বুজি পোৱা আৰু ইয়াক অন্যান্য জাতিলৈ পৌঁচাই দিব পাৰা।
Zuhruf 43:4
নিশ্চয় এই কোৰআন লওহে মাহফুজত লিপিবদ্ধ আছে। এইখন সুউচ্চ মৰ্যাদাৱান, তথা হিকমত ভৰা গ্ৰন্থ। ইয়াৰ মাজত থকা আদেশ-নিষেধৰ বিধি-বিধানসমূহ হৈছে সুদৃঢ়।
Zuhruf 43:5
তোমালোকে অধিক শ্বিৰ্ক আৰু গুনাহ কৰা বুলিয়ে আমি তোমালোকৰ প্ৰতি এই কোৰআন অৱতীৰ্ণ কৰা এৰি দিম নেকি? আমি এনেকুৱা কেতিয়াও নকৰোঁ। বৰং আমাৰ দয়াৰ দাবী হৈছে ইয়াৰ পৰিপন্থী।
Zuhruf 43:6
পূৰ্বৱৰ্তী উম্মতবোৰৰ মাজতো আমি বহুত নবী প্ৰেৰণ কৰিছিলোঁ।
Zuhruf 43:7
বিগত সেই উম্মতবোৰৰ মাজত আল্লাহৰ ফালৰ পৰা যেতিয়াই কোনো নবী আহিছিল, তেতিয়াই সিহঁতে সেই নবীক উপহাস কৰিছিল।
Zuhruf 43:8
অৱশেষত আমি সেই শক্তিশালী উম্মতবোৰকো ধ্বংস কৰিছোঁ, গতিকে এই দুৰ্বল লোকসকলক ধ্বংস কৰাটো আমাৰ পক্ষে কোনো কঠিন বিষয় নহয় তথা আমি অপাৰগ নহয়। নিশ্চয় এই কোৰআনত পূৰ্বৱৰ্তী উম্মতবোৰৰ ধ্বংসৰ বৰ্ণনা কৰা হৈছে, যেনে- আদ, ছামূদ, লূত সম্প্ৰদায় আৰু মাদিয়ানৰ অধিবাসীসকলৰ বিষয়ে।
Zuhruf 43:9
হে ৰাছুল! যদি আপুনি এই মুশ্বৰিকসকলক সোধে যে, আকাশমণ্ডলক কোনে সৃষ্টি কৰিছে? আৰু পৃথিৱীক কোনে সৃষ্টি কৰিছে? তেতিয়া নিশ্চয় সিহঁতে আপোনাৰ প্ৰশ্নৰ উত্তৰ দি ক’বঃ নিশ্চয় এইবোৰক সৰ্বশক্তিমানে সৃষ্টি কৰিছে, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সকলো বিষয়ে সৰ্বজ্ঞ।
Zuhruf 43:10
আল্লাহেই তোমালোকৰ বাবে পৃথিৱীখনক বসবাস যোগ্য বনাইছে। তথা ইয়াত চলাফুৰা কৰাৰ সুবিধা প্ৰদান কৰিছে। তেৱেঁই পাহাৰ-পৰ্বত, ভৈয়াম আদিত তোমালোকৰ বাবে পথ উলিয়াই দিছে। যাতে চলাফুৰাৰ সময়ত তোমালোকে সঠিক গন্তব্যস্থলত উপনীত হ’ব পাৰা।
Zuhruf 43:11
তেৱেঁই তোমালোকৰ বাবে আকাশৰ পৰা পানী বৰ্ষণ কৰে, যি পানী তোমালোকৰ বাবে আৰু তোমালোকৰ জীৱ-জন্তু তথা খেতি-বাতিৰ বাবে যথেষ্ট। সেই পানীৰ দ্বাৰাই আমি মৃত ভূমিক সেউজীয়া কৰি তোলোঁ। এতেকে চোৱা! যিদৰে আল্লাহে মৃত ভূমিক জীৱিত কৰি সেউজীয়া কৰি তোলে, ঠিক সেইদৰে তেওঁ মৃত লোকসকলক জীৱিত কৰি পুনৰুত্থিত কৰিব।
Zuhruf 43:12
তেৱেঁই তোমালোকৰ বাবে সকলো প্ৰকাৰ বস্তু সৃষ্টি কৰিছে, যেনে- দিন আৰু ৰাতি, নৰ আৰু নাৰী আদি। লগতে তেওঁ তোমালোকৰ বাবে নৌযান আৰু চতুষ্পদ জন্তু সৃষ্টি কৰিছে, যিবোৰক তোমালোকে ভ্ৰমণত পৰিবহন হিচাপে ব্যৱহাৰ কৰা। গতিকে সাগৰত তোমালোকে নৌযান আৰু স্থলত তোমালোকে জন্তুক পৰিবহন হিচাপে ব্যৱহাৰ কৰা।
Zuhruf 43:13
এই সকলোবোৰ তেওঁ তোমালোকৰ বাবেই সৃষ্টি কৰিছে। যাতে ভ্ৰমণৰ সময়ত তোমালোকে এইবোৰ পৰিবহণত আৰোহণ কৰি আল্লাহৰ নিয়ামত স্মৰণ কৰিব পাৰা যে, তেৱেঁই এইবোৰক তোমালোকৰ অধীনস্থ কৰি দিছে। গতিকে তোমালোকে কোৱাঃ পৱিত্ৰ আৰু মহান সেই সত্ত্বা, যিয়ে এই পৰিবহনক আমাৰ অধীনস্থ কৰি দিছে, ফলত আমি আমাৰ ইচ্ছা মতে ইয়াক সঞ্চালন কৰিব পাৰোঁ। কাৰণ আল্লাহে এইবোৰক আমাৰ অধীনস্থ কৰি নিদিলে, নিশ্চয় আমি এইবোৰক আমাৰ অধীনস্থ কৰিব নোৱাৰিলোহেঁতেন।
Zuhruf 43:14
মৃত্যুৰ পিছত হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ পিনেই উভতি যাব লাগিব।
Zuhruf 43:15
মুশ্বৰিকসকলে ধাৰণা কৰে যে, কিছুমান সৃষ্টিয়ে সৃষ্টিকৰ্তাৰ পৰা জন্ম লাভ কৰিছে। সেয়ে সিহঁতে কয়ঃ “ফিৰিস্তাসকল হৈছে আল্লাহৰ কন্যা”। নিশ্চয় এনেকুৱা ধাৰণা পোষণ কৰা ব্যক্তি হৈছে স্পষ্ট কাফিৰ তথা পথভ্ৰষ্ট।
Zuhruf 43:16
হে মুশ্বৰিকসকল! আল্লাহে তেওঁৰ সৃষ্টিৰ পৰাই নিজৰ বাবে কন্যা সন্তান গ্ৰহণ কৰিছে বুলি তোমালোকে কোৱা নেকি, আৰু তোমালোকৰ বাবে তেওঁ পুত্ৰ সন্তান বাছনি কৰিছে নেকি? এইটো কেনেকুৱা ভাগ-বতৰা, যিটো তোমালোকে নিজৰ ধাৰণা অনুযায়ী কৰিছা?
Zuhruf 43:17
(কিন্তু এই মুশ্বৰিকসকলৰ দুমুখীয়া নীতি চাওক) যেতিয়া সিহঁতক কন্যা সন্তানৰ সুসংবাদ দিয়া হয়, তেতিয়া গভীৰ শোকত সিহঁতৰ মুখ ক’লা পৰি যায়, অথচ সিহঁতেই আল্লাহৰ লগত কন্যা সন্তান সম্পৃক্ত কৰে। তেতিয়া সিহঁত খঙতে অগ্নিশৰ্মা হয় তথা দুখত ভাগি পৰি নিজকে আত্মগোপন কৰে। তেনেহ’লে কি ভিত্তিত সিহঁতে এই বিষয়টো আল্লাহৰ লগত সম্পৃক্ত কৰে, যিটোৰ সুসংবাদ পালে সিহঁত নিজেই দুশ্চিন্তাগ্ৰস্ত হয়?
Zuhruf 43:18
সিহঁতে নিজ প্ৰতিপালকৰ সৈতে সেইসকলক সম্পৃক্ত কৰিব বিচাৰে নেকি, যিসকলে অলংকাৰৰ মাজত লালিত-পালিত হয়, তথা বিবাদৰ সময়ত সুস্পষ্ট বক্তব্য প্ৰদান কৰাতো যিসকল সক্ষম নহয়?
Zuhruf 43:19
সিহঁতে দয়াময় আল্লাহৰ বান্দা সন্মানীয় ফিৰিস্তাসকলক কন্যা সন্তান বুলি আখ্যায়িত কৰিছে। আল্লাহে যেতিয়া তেওঁলোকক সৃষ্টি কৰিছে, সিহঁত তেতিয়া তাত উপস্থিত আছিল নেকি, যাৰ ফলত সিহঁতে তেওঁলোকক নাৰী বুলি গম পাইছে? শীঘ্ৰেই ফিৰিস্তাসকলে সিহঁতৰ এই সাক্ষ্য লিপিবদ্ধ কৰি ৰাখিব, তথা কিয়ামতৰ দিনা সিহঁতক এই বিষয়ে সোধ-পোচ কৰা হ’ব, লগতে এই মিছা প্ৰচাৰৰ বাবে সিহঁতক শাস্তি বিহা হ’ব।
Zuhruf 43:20
সিহঁতে ভাগ্যক প্ৰমাণ হিচাপে লৈ কয়ঃ আল্লাহে ইচ্ছা কৰিলে আমি কেতিয়াও ফিৰিস্তাসকলৰ ইবাদত নকৰিলোহেঁতেন। গতিকে তেওঁ বিচাৰিছে কাৰণেই আমি এইবোৰ কৰি আছোঁ, সেয়ে প্ৰমাণিত হয় যে তেওঁ আমাৰ ওপৰত সন্তুষ্ট। যদিও এই বিষয়ে সিহঁতৰ ওচৰত কোনো সঠিক জ্ঞান নাই। সিহঁতে কেৱল মিছা মাতি আছে।
Zuhruf 43:21
অথবা এই মুশ্বৰিকসকলক কোৰআনৰ পূৰ্বে আমি কোনো গ্ৰন্থ প্ৰদান কৰিছিলোঁ নেকি, য’ত আল্লাহৰ বাহিৰে আনৰ উপাসনা বৈধ কৰা হৈছে? যিখন গ্ৰন্থক সিহঁতে মজবুতভাৱে ধাৰণ কৰি আছে তথা যিখনৰ দ্বাৰা সিহঁতে প্ৰমাণ উপস্থাপন কৰে?
Zuhruf 43:22
নহয়, এনেকুৱা কেতিয়াও হোৱা নাই। বৰং সিহঁতে পৰম্পৰাক দলিল হিচাপে লৈ কয়ঃ আমি আমাৰ পূৰ্বপুৰুষসকলক এটা ধৰ্মৰ অনুসাৰী হিচাপেই পাইছিলোঁ। সিহঁতেও মূৰ্ত্তি পূজা কৰিছিল। গতিকে আমি তেওঁলোকৰ পদচিহ্নৰ অনুসৰণ কৰিয়ে সেইবোৰৰ উপাসনা কৰি আছোঁ।
Zuhruf 43:23
যিদৰে এই লোকসকলে অস্বীকাৰ কৰিছে, তথা সিহঁতৰ পূৰ্বপুৰুষসকলৰ অন্ধানুকৰণক প্ৰমাণ হিচাপে লৈছে, ঠিক সেইদৰে হে ৰাছুল! আমি আপোনাৰ পূৰ্বে যি ঠাইতেই ৰাছুল প্ৰেৰণ কৰিছোঁ, যাতে তেওঁ নিজ সম্প্ৰদায়ক সতৰ্ক কৰিব পাৰে কিন্তু সেই ঠাইতেই তাত থকা ঐশৰ্যশীল নেতা তথা প্ৰমুখসকলে কৈছিলঃ আমি আমাৰ পূৰ্বপুৰুষসকলক এই ধৰ্মৰ ওপৰতে পাইছিলোঁ। গতিকে আমি তেওঁলোকৰেই পদচিহ্ন অনুসৰণ কৰি আছোঁ। তথা এই ক্ষেত্ৰত আপোনাৰ সম্প্ৰদায়ে কোনো নতুনত্বৰ দেখা পোৱা নাই।
Zuhruf 43:24
সিহঁতৰ ৰাছুলসকলে সিহঁতক কৈছিলঃ তোমালোকে তোমালোকৰ পূৰ্বপুৰুষসকলক যিটো মতাদৰ্শৰ ওপৰত পাইছা, মই যদি সেই মতাদৰ্শতকৈও উত্তম কোনো ধৰ্ম লৈ আহোঁ, তথাপিও তোমালোকে তোমালোকৰ পিতৃপুৰুষসকলৰ অনুসৰণ কৰিবানে? সিহঁতে ক’লেঃ আমি সেই ধৰ্মক অস্বীকাৰ কৰোঁ যিটো তুমি লৈ আহিছা তথা তোমাৰ পূৰ্বৱৰ্তী ৰাছুলসকলে লৈ আহিছে।
Zuhruf 43:25
এতেকে আমি সেইসকল লোকৰ পৰা প্ৰতিশোধ লৈছিলোঁ যিসকলে আপোনাৰ পূৰ্বে অহা ৰাছুলসকলক অস্বীকাৰ কৰিছিল, ফলত আমি সিহঁতক ধ্বংস কৰিছিলোঁ। এতেকে আপুনি ভাৱি চাওকচোন, ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলৰ শেষ পৰিণাম কেনেকুৱা আছিল? নিশ্চয় সিহঁতৰ শেষ পৰিণতি আছিল অতি কৰুণ।
Zuhruf 43:26
হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক যেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ পিতা আৰু নিজ সম্প্ৰদায়ক সম্বোধন কৰি কৈছিলঃ “তোমালোকে আল্লাহৰ বাহিৰে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা, মই সেইবোৰৰ পৰা সম্পূৰ্ণৰূপে সম্পৰ্কচ্ছেদ ঘোষণা কৰিলোঁ”।
Zuhruf 43:27
একমাত্ৰ সেই আল্লাহৰ বাহিৰে, যি সত্ত্বাই মোক সৃষ্টি কৰিছে। তেৱেঁই মোক সঠিক ধৰ্মৰ পথ দেখুৱাব, যিটো মোৰ বাবে উপকাৰী।
Zuhruf 43:28
ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ বংশধৰসকলৰ মাজত কলিমা লা ইলা-হা ইল্লাল্লাহক চিৰন্তন বাণীৰূপে ৰাখি থৈ গৈছিল। সেইকাৰণেই তেওঁলোকৰ মাজত সদায় এনেকুৱা লোকৰ উপস্থিতি আছিল, যিয়ে আল্লাহক একক বুলি স্বীকাৰ কৰিছিল আৰু তেওঁৰ সৈতে আনক অংশীদাৰ স্থাপন কৰা নাছিল। যাতে তেওঁলোকে শ্বিৰ্ক তথা পাপকৰ্মৰ পৰা তাওবা কৰি আল্লাহৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰে।
Zuhruf 43:29
মই এই অস্বীকাৰকাৰী মুশ্বৰিকসকলক ধ্বংস কৰাৰ ক্ষেত্ৰত খৰধৰ কৰা নাছিলোঁ। বৰং পৃথিৱীক উপভোগ কৰাৰ সুযোগ প্ৰদান কৰিছিলোঁ, আৰু সিহঁতৰ পূৰ্বে সিহঁতৰ পিতৃপুৰুষসকলকো উপভোগ কৰাৰ সুযোগ দিছিলোঁ। অৱশেষত সিহঁতৰ ওচৰলৈ কোৰআন আহিল আৰু স্পষ্টভাৱে সতৰ্ককাৰী ৰাছুলে আগমন কৰিলে।
Zuhruf 43:30
যেতিয়া সিহঁতৰ ওচৰলৈ কোৰআন আহিল, যিখন চিৰসত্য, ইয়াৰ মাজত কোনো সন্দেহ নাই। তেতিয়া সিহঁতে ক’লেঃ এয়া হৈছে যাদু। ইয়াৰ দ্বাৰা মুহাম্মদে আমাৰ ওপৰত যাদু কৰে। আমি ইয়াক অস্বীকাৰ কৰোঁ, তথা কদাপিও ইয়াক বিশ্বাস নকৰোঁ।
Zuhruf 43:31
অস্বীকাৰকাৰী মুশ্বৰিকসকলে কয়ঃ আল্লাহে এই কোৰআনখন, মুহাম্মদৰ দৰে দৰিদ্ৰ তথা অনাথৰ ওপৰত অৱতীৰ্ণ কৰাৰ পৰিবৰ্তে মক্কা অথবা তায়েফৰ দুজন মহান ব্যক্তিৰ মাজৰ কোনো এজনৰ ওপৰত কিয় অৱতীৰ্ণ নকৰিলে?
Zuhruf 43:32
হে ৰাছুল! ইহঁতে আপোনাৰ প্ৰতিপালকৰ দয়া ভাগ-বতৰা কৰে নেকি যে, সিহঁতে যাক ইচ্ছা কৰিব দি দিব আৰু যাক ইচ্ছা কৰিব বঞ্চিত কৰিব, নে আল্লাহে এইবোৰ ভাগ-বতৰা কৰে? নিশ্চয় সিহঁতৰ মাজত আমিয়েই পাৰ্থিৱ জীৱিকা বন্টন কৰিছোঁ। সিহঁতৰ মাজৰ কিছুমানক ঐশৰ্যশীল বনাইছোঁ আৰু আন কিছুমানক বনাইছোঁ দৰিদ্ৰ। যাতে সিহঁতৰ মাজৰ কিছুমানে আন কিছুমানৰ অধীনত কাম কৰিব পাৰে। ইহঁতে ক্ষণস্থায়ী জীৱনৰ যিবোৰ সা-সামগ্ৰী সঞ্চয় কৰি আছে, এইবোৰতকৈ আখিৰাতত বান্দাসকলৰ প্ৰতি কৰা আপোনাৰ প্ৰতিপালকৰ দয়া বহু গুণে উত্তম।
Zuhruf 43:33
যদি কুফৰীৰ প্ৰতি ঢাপলি মেলাৰ সম্ভাৱনা নাথাকিলহেঁতেন তেন্তে আমি আল্লাহৰ লগত কুফৰী কৰা ব্যক্তিসকলৰ ঘৰৰ চাদবোৰ ৰূপেৰে নিৰ্মিত কৰি দিলোহেঁতেন। তথা সিহঁতৰ বাবে চিৰিৰ ব্যৱস্থা কৰিলোহেঁতেন, যাৰ সহায়ত সিহঁতে আৰোহণ কৰিলেহেঁতেন।
Zuhruf 43:34
লগতে সিহঁতৰ ঘৰসমূহৰ বাবে দুৱাৰ নিৰ্মাণ কৰি দিলোহেঁতেন, আৰু আউজি বহিবলৈ আসন বনাই দিলোহেঁতেন। সিহঁতক অৱকাশ দিয়াৰ উদ্দেশ্যে তথা সিহঁতক পৰীক্ষা কৰিবলৈ এইবোৰ দিলোহেঁতেন।
Zuhruf 43:35
লগতে সোণেৰেও নিৰ্মিত কৰি দিলোহেঁতেন। দৰাচলতে এইবোৰ পাৰ্থিৱ সা-সুবিধাৰ বাহিৰে আন একো নহয়। ইয়াৰ লাভ একেবাৰে নগন্য, কিয়নো এইবোৰ হৈছে ক্ষণস্থায়ী। হে ৰাছুল! আখিৰাতৰ নিয়ামতবোৰ সেইসকল লোকৰ বাবে উৎকৃষ্ট, যিসকলে আল্লাহৰ আদেশ পালন কৰে তথা তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে।
Zuhruf 43:36
যিয়ে কোৰআনখন মনোযোগ সহকাৰে নপঢ়াকৈ ইয়াৰ পৰা বিমুখ হয়, শাস্তিস্বৰূপে সেই ব্যক্তিৰ ওপৰত এজন চয়তান নিযুক্ত কৰা হয়। সেই চয়তান সদায় তাৰ লগত থাকে আৰু তাৰ পথভ্ৰষ্টতা বৃদ্ধি কৰে।
Zuhruf 43:37
কোৰআনৰ পৰা বিমুখ হোৱা লোকসকলৰ ওপৰত নিযুক্ত কৰা চয়তানে সিহঁতক আল্লাহৰ দ্বীন পালন কৰিবলৈ বাধা দিয়ে। সেইকাৰণেই সিহঁতে আল্লাহৰ আদেশ পালন নকৰে তথা তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত নাথাকে। লগতে সিহঁতে ভাবে যে, সিহঁত সত্যৰ হিদায়তপ্ৰাপ্ত। সেইকাৰণেই সিহঁতে নিজৰ পথভ্ৰষ্টতাৰ পৰা তাওবা নকৰে।
Zuhruf 43:38
আল্লাহৰ স্মৰণৰ পৰা বিমুখ হোৱা এই ব্যক্তি যেতিয়া কিয়ামতৰ দিনা আমাৰ ওচৰলৈ আহি উপস্থিত হ’ব, তেতিয়া আফচোচ কৰি ক’বঃ হায়! হে সঙ্গী! তোমাৰ আৰু মোৰ মাজত যদি পূৱ আৰু পশ্চিমৰ দৰে দূৰত্ব হ’লহেঁতেন। তুমি মোৰ কিমান বেয়া সঙ্গী আছিলা!
Zuhruf 43:39
কিয়ামতৰ দিনা আল্লাহে কাফিৰসকলক ক’বঃ আজি তোমালোকৰ এই আফচোচে কোনো লাভ নিদিব, যিহেতু তোমালোকে শ্বিৰ্ক আৰু গুনাহৰ দ্বাৰা নিজৰ ওপৰত অন্যায় কৰিছা। তোমালোক উভয়ে শাস্তিৰ যোগ্য। তোমালোকৰ অংশীদাৰসকলে তোমালোকৰ শাস্তিৰ এটা অংশও বহন নকৰিব।
Zuhruf 43:40
নিশ্চয় ইহঁত হৈছে বধিৰ, সত্য শুনা নাপায় তথা সত্যক দেখাও নাপায়। এতেকে হে ৰাছুল! আপুনি বধিৰক শুনাব পাৰিবনে? অথবা অন্ধক পথ দেখাব পাৰিবনে? নাইবা স্পষ্ট পথভ্ৰষ্ট ব্যক্তিক সঠিক পথৰ হিদায়ত দিব পাৰিবনে?!
Zuhruf 43:41
(হে ৰাছুল!) আপোনাক যদি আমি উঠায়ো লওঁ -অৰ্থাৎ সিহঁতক শাস্তি বিহাৰ পূৰ্বেই যদি আপোনাক মৃত্যু দিওঁ- তথাপিও আমি সিহঁতৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিম। পৃথিৱীতো আমি সিহঁতক শাস্তি বিহিম আৰু আখিৰাততো শাস্তি দিম।
Zuhruf 43:42
নাইবা সিহঁতক আমি যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছোঁ, তাৰে এটা অংশ আপোনাক দেখাবও পাৰোঁ। নিশ্চয় আমি এই ক্ষেত্ৰত পূৰ্ণ সামৰ্থৱান। কোনো ক্ষেত্ৰতেই সিহঁতে আমাৰ মোকাবিলা কৰিব নোৱাৰে।
Zuhruf 43:43
হে ৰাছুল! আপোনাৰ প্ৰতিপালকে আপোনালৈ যি অহী কৰিছে, সেইটোক আপুনি মজবুতভাৱে ধাৰণ কৰক তথা সেইমতে আমল কৰক। নিশ্চয় আপুনি সত্যৰ ওপৰত আছে, ইয়াত সন্দেহৰ কোনো অৱকাশ নাই।
Zuhruf 43:44
নিশ্চয় এই কোৰআন আপোনাৰ বাবে আৰু আপোনাৰ উম্মতৰ বাবে হৈছে সন্মান। নিশ্চয় কিয়ামতৰ দিনা ইয়াৰ প্ৰতি ঈমান সম্পৰ্কে, ইয়াৰ দিশ-নিৰ্দেশনাৰ অনুসৰণ সম্পৰ্কে আৰু ইয়াৰ প্ৰতি আহ্বান সম্পৰ্কে আপোনালোকক সোধ-পোচ কৰা হ’ব।
Zuhruf 43:45
হে ৰাছুল! আপুনি আপোনাৰ পূৰ্বৱৰ্তী ৰাছুলসকলকো সুধি চাব পাৰে, আমি ৰহমানৰ বাহিৰে ইবাদত কৰিব পৰা কোনো উপাস্য নিৰ্ধাৰণ কৰিছিলোঁ নেকি?!
Zuhruf 43:46
নিশ্চয় আমি মুছাক ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ প্ৰমুখসকলৰ ওচৰলৈ নিদৰ্শন সহকাৰে প্ৰেৰণ কৰিছিলোঁ, তেওঁ সিহঁতক কৈছিলঃ নিশ্চয় মই সৃষ্টিজগতৰ প্ৰতিপালক আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল।
Zuhruf 43:47
কিন্তু তেওঁ যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ নিদৰ্শনসমূহ লৈ উপস্থিত হ'ল, তেতিয়া সিহঁতে তেওঁক ঠাট্টা-মস্কৰা তথা উপহাস কৰিবলৈ ধৰিলে।
Zuhruf 43:48
আমি মুছা আলাইহিচ্ছালামৰ চৰীয়তৰ সত্যতা প্ৰমাণ কৰিবলৈ ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ প্ৰমুখসকলক যিবোৰ নিদৰ্শন দেখুৱাইছিলোঁ, সেইবোৰৰ প্ৰত্যেকটো নিদৰ্শন পূৰ্বৱৰ্তী নিদৰ্শনতকৈ ডাঙৰ আছিল। আমি সিহঁতক পৃথিৱীতেই শাস্তি বিহিছিলোঁ, যাতে সিহঁতে কুফৰীৰ পৰা বিৰত থাকে। কিন্তু ইয়াৰ কোনো সুফল নাছিল।
Zuhruf 43:49
এতেকে যেতিয়া সিহঁত কিছুমান শাস্তিৰ সন্মুখীন হ’ল, তেতিয়া সিহঁতে মুছা আলাইহিচ্ছালামক উদ্দেশ্যি ক’লেঃ হে যাদুকৰ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত দুআ কৰা, যিহেতু তেওঁ প্ৰতিশ্ৰুতি দিছে যে, আমি ঈমান আনিলে তেওঁ আমাৰ পৰা এই শাস্তি উঠাই লব। গতিকে তেওঁ যদি এই শাস্তি উঠাই লয় তেন্তে আমি তেওঁৰ প্ৰতি ঈমান আনিম।
Zuhruf 43:50
কিন্তু যেতিয়া আমি সিহঁতৰ পৰা শাস্তি উঠাই ল’লোঁ, তেতিয়া দেখা গ’ল সিহঁতে অঙ্গীকাৰ ভঙ্গ কৰিলে আৰু কথা দি কথা নাৰাখিলে।
Zuhruf 43:51
ফিৰআউনে শাসনৰ নিচাত মতলীয়া হৈ প্ৰজাসকলক সম্বোধন কৰি ক’লেঃ হে মোৰ জাতিৰ লোকসকল! মিচৰৰ শাসনভাৰ মোৰ হাতত নহয় জানো? তথা নীল নদীৰ পৰা মোৰ অট্টালিকাৰ তলদেশেৰে বৈ অহা এই নৈবোৰ মোৰ সাম্ৰাজ্যৰ অন্তৰ্গত নহয় জানো? তোমালোকে মোৰ সাম্ৰাজ্য দেখা নোপোৱা নেকি? তথা মোৰ মহানতা তোমালোকে চিনি নোপোৱা নেকি?
Zuhruf 43:52
নিশ্চয় মই মুছাতকৈ উত্তম। সি হৈছে বিতাৰিত, দুৰ্বল, যিয়ে ভালকৈ কথাও ক’ব নোৱাৰে।
Zuhruf 43:53
যদি এওঁ সঁচাই প্ৰেৰিত ৰাছুল, তেন্তে এওঁক প্ৰেৰণ কৰা আল্লাহে এওঁৰ ওপৰত সোণৰ খাৰু কিয় অৱতীৰ্ণ নকৰিলে, যাতে এই কথা স্পষ্ট হৈ পৰে যে, তেওঁ আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল। অথবা তেওঁৰ ওচৰলৈ ধাৰাবাহিকভাৱে ফিৰিস্তা কিয় নাহে?
Zuhruf 43:54
এইদৰে ফিৰআউনে তাৰ সম্প্ৰদায়ক প্ৰতাৰণা কৰিলে, আৰু মানুহেও তাৰ এই বিভ্ৰান্তিমূলক কথাত বিশ্বাস কৰিলে। নিশ্চয় সিহঁত আছিল আল্লাহৰ অবাধ্যতাকাৰী লোক।
Zuhruf 43:55
এতেকে কুফৰীৰ ওপৰত অবিচল থাকি সিহঁতে যেতিয়া আমাক ক্ৰোধান্বিত কৰিলে, তেতিয়া আমি সিহঁতৰ পৰা প্ৰতিশোধ ল’লোঁ। আৰু সিহঁত আটাইকে ডুবাই মাৰিলোঁ।
Zuhruf 43:56
ফলত আমি ফিৰআউন আৰু তাৰ জাতিৰ প্ৰমুখসকলক অতীত ইতিহাসত পৰিণত কৰিলোঁ, আপোনাৰ উম্মতৰ কাফিৰসকলে সিহঁতৰেই পদচিহ্ন অনুসৰণ কৰি আছে। আমি সিহঁতক শিক্ষা গ্ৰহণ কৰা লোকসকলৰ বাবে দৃষ্টান্ত বনাইছোঁ। যাতে সিহঁতৰ দৰে কৰ্মৰ পৰা বিৰত থাকিব পাৰে, অন্যথা সিহঁতৰ দৰেই শাস্তি ভোগ কৰিব লাগিব।
Zuhruf 43:57
যেতিয়া মুশ্বৰিকসকলে এই ধাৰণা পোষণ কৰিলে যে, খৃষ্টানসকলে উপাসনা কৰা ঈছা আলাইহিচ্ছালামো এই আয়াতৰ অন্তৰ্ভুক্ত, য’ত আল্লাহ তাআলাই কৈছেঃ “নিশ্চয় তোমালোক আৰু আল্লাহৰ পৰিবৰ্তে তোমালোকে যিবোৰৰ উপাসনা কৰা, সেই সকলোবোৰ হৈছে জাহান্নামৰ ইন্ধন, তোমালোক আটায়ে তাত প্ৰৱেশ কৰিবা”। (ছুৰা আম্বিয়া) কিয়নো আল্লাহে তেওঁৰ ইবাদত কৰিবলৈও নিষেধ কৰিছে, যিদৰে মূৰ্ত্তিবোৰৰ উপাসনা নিষেধ কৰিছে। হে ৰাছুল! এই আয়াত শুনাৰ লগে লগে আপোনাৰ সম্প্ৰদায়ৰ লোকসকলে আনন্দিত হৈ হুলস্থূল কৰিবলৈ ধৰিলে আৰু ক’লেঃ আমি বিচাৰোঁ ঈছা আলাইহিচ্ছালামৰ স্থানত আপুনি আমাৰ উপাস্য হওক। সিহঁতৰ এই আচৰণ দেখি আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ “নিশ্চয় আমাৰ ফালৰ পৰা যিসকলৰ বাবে পূৰ্বৰে পৰা কল্যাণ নিৰ্ধাৰিত আছে, তেওঁলোকক ইয়াৰ পৰা আঁতৰত ৰখা হ’ব”। (ছুৰা আম্বিয়া)
Zuhruf 43:58
সিহঁতে কয়ঃ আমাৰ উপাস্যবিলাক শ্ৰেষ্ঠ নে ঈছা আলাইহিচ্ছালাম শ্ৰেষ্ঠ? দৰাচলতে জিবআৰীৰ পুত্ৰ আৰু তাৰ দৰে লোকসকলে এইবোৰ উদাহৰণ সত্য উদ্ঘাটন কৰিবলৈ দিয়া নাই, বৰং বাক-বিতণ্ডা কৰাৰ উদ্দেশ্যেহে উত্থাপন কৰিছে। প্ৰকৃততে সিহঁত স্বভাৱগতভাৱে হৈছে বিতণ্ডাপ্ৰিয়।
Zuhruf 43:59
মৰিয়মৰ পুত্ৰ ঈছা আলাইহিচ্ছালাম হৈছে আল্লাহৰ এজন বান্দা। আমি তেওঁক নবুওৱত আৰু ৰিছালত প্ৰদান কৰিছোঁ। আদমক যিদৰে আমি পিতা মাতা নোহোৱাকৈ সৃষ্টি কৰিছিলোঁ, ঠিক সেইদৰে আমি ঈছাক পিতা নোহোৱাকৈ সৃষ্টি কৰি বনী ইছৰাঈলৰ বাবে এটা নিদৰ্শন বনাইছিলোঁ, যাতে সিহঁতে ইয়াৰ দ্বাৰা মোৰ ক্ষমতাৰ অনুমান লব পাৰে।
Zuhruf 43:60
হে আদম সন্তান! আমি তোমালোকক ধ্বংস কৰিব বিচাৰিলে নিশ্চয় ধ্বংস কৰিব পাৰিম। আৰু তোমালোকৰ পৰিবৰ্তে ফিৰিস্তাসকলক আনি পৃথিৱীত তোমালোকৰ স্থলাভিষিক্ত কৰিব পাৰোঁ। তেওঁলোকে একমাত্ৰ আল্লাহৰ ইবাদত কৰিব, তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰিব।
Zuhruf 43:61
নিশ্চয় ঈছা আলাইহিচ্ছালাম হৈছে কিয়ামতৰ অন্যতম ডাঙৰ প্ৰতীক, যেতিয়া তেওঁ সৰ্বশেষ যামানাত অৱতৰণ কৰিব। গতিকে কিয়ামত যে অৱশ্যম্ভাৱী এই কথাত তোমালোকে কেতিয়াও সন্দেহ পোষণ নকৰিবা। বৰং তোমালোকে মোৰ সেই দিশ নিৰ্দেশনাৰ অনুসৰণ কৰা, যিটো মই আল্লাহৰ ফালৰ পৰা তোমালোকৰ ওচৰলৈ আনিছোঁ। মই লৈ অহা এই চৰীয়তটোৱে হৈছে সঠিক, যিটোৰ মাজত কোনো ধৰণৰ বক্ৰতা নাই।
Zuhruf 43:62
চয়তানে যাতে তোমালোকক প্ৰতাৰণা কৰি বিভ্ৰান্ত কৰিব নোৱাৰে। নিশ্চয় চয়তান হৈছে তোমালোকৰ প্ৰকাশ্য শত্ৰু।
Zuhruf 43:63
ঈছা আলাইহিচ্ছালাম যেতিয়া তেওঁৰ জাতিৰ ওচৰলৈ ৰাছুল হোৱাৰ স্পষ্ট প্ৰমাণ লৈ আহিল, আৰু সিহঁতক ক’লেঃ নিশ্চয় মই তোমালোকৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা হিকমত লৈ আহিছোঁ। লগতে তোমালোকে দ্বীন সম্পৰ্কীয় যিবোৰ বিষয়ত মতভেদ কৰিছা, সেইবোৰ স্পষ্ট কৰিবলৈ আহিছোঁ। গতিকে তোমালোকে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। লগতে মই তোমালোকক যি আদেশ দিওঁ আৰু যিবোৰ বিষয়ৰ পৰা তোমালোকক নিষেধ কৰোঁ সেই ক্ষেত্ৰত তোমালোকে মোৰ অনুসৰণ কৰা।
Zuhruf 43:64
নিশ্চয় আল্লাহেই হৈছে মোৰ আৰু তোমালোকৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আমাৰ কোনো প্ৰতিপালক নাই। গতিকে নিৰ্ভেজালভাৱে একমাত্ৰ তেওঁৰেই ইবাদত কৰা। এই তাওহীদেই হৈছে সঠিক পথ, ইয়াত কোনো ধৰণৰ বক্ৰতা নাই।
Zuhruf 43:65
খৃষ্টানসকলৰ বিভিন্ন গোটে ঈছা আলাইহিচ্ছালামৰ বিষয়ে মতভেদ সৃষ্টি কৰিছিল। সিহঁতৰ মাজৰ কিছুমানে কয়ঃ তেওঁ হৈছে উপাস্য, আৰু কিছুমানে কয়ঃ তেওঁ হৈছে আল্লাহৰ পুত্ৰ। আন কিছুমানে কয়ঃ তেওঁ আৰু তেওঁৰ মাতৃ হৈছে উপাসনাৰ যোগ্য। গতিকে সেইসকল লোকৰ বাবে বিনাশ অনিবাৰ্য, যিসকলে ঈছা আলাইহিচ্ছালামক উপাস্য অথবা পুত্ৰ নাইবা তিনি উপাস্যৰ এজন বুলি কৈ নিজৰ ওপৰত অন্যায় কৰিছে। এতেকে কিয়ামতৰ দিনা সিহঁতৰ অপেক্ষাত আছে কষ্টদায়ক শাস্তি।
Zuhruf 43:66
ঈছা আলাইহিচ্ছালামৰ বিষয়ে বিভেদ সৃষ্টি কৰা এই লোকসকলে কিয়ামতৰ আকস্মিক আগমনৰ অপেক্ষাত আছে নেকি? এনেকুৱা হ’লে সিহঁতে উপলব্ধিও কৰিব নোৱাৰিব। লগতে জানি থোৱা! যদি সিহঁত কুফৰীত থকা অৱস্থাতে কিয়ামত আহি পায় তেন্তে সিহঁতৰ পৰিণাম হ’ব কষ্টদায়ক শাস্তি।
Zuhruf 43:67
কুফৰ তথা পথভ্ৰষ্টতাৰ ভিত্তিত মিত্ৰতা কৰা লোকসকলে কিয়ামতৰ দিনা ইজনে সিজনৰ শত্ৰুত পৰিণত হ’ব। পক্ষান্তৰে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা লোকসকলৰ মিত্ৰতা সদায় অৱশিষ্ট থাকিব, কেতিয়াও সমাপ্ত নহ’ব।
Zuhruf 43:68
আল্লাহে তেওঁলোকক ক’বঃ হে মোৰ বান্দাসকল! আজিৰ পৰা তোমালোকৰ ভৱিষ্যতে সন্মুখীন হ’বলগীয়া বিষয়বোৰকলৈ কোনো চিন্তা নাই। আনহাতে পৃথিৱীত এৰি থৈ অহা সা-সামগ্ৰী সম্পৰ্কেও কোনো দুখ নাথাকিব।
Zuhruf 43:69
যিসকলে ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনৰ প্ৰতি ঈমান পোষণ কৰে তথা কোৰআন মুতাবিক আমল কৰে, তেওঁলোকেই আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত ৰাখে।
Zuhruf 43:70
আপুনি আৰু আপোনাৰ দৰে মুমিনসকলে জান্নাতত প্ৰৱেশ কৰক। নিশ্চয় আপোনালোকে জান্নাতৰ চিৰস্থায়ী নিয়ামতৰ দ্বাৰা আনন্দিত হ’ব, যিবোৰ নিয়ামত কেতিয়াও শেষ নহ’ব আৰু বিচ্ছিন্নও নহ’ব।
Zuhruf 43:71
তেওঁলোকৰ সেৱকসকলে সোণৰ পাত্ৰ আৰু পিয়লা লৈ তেওঁলোকৰ মাজত ঘূৰি থাকিব। জান্নাতত সেই সকলো বস্তু উপলব্ধ থাকিব, যিবোৰ তেওঁলোকৰ মনে বিচাৰিব তথা যিবোৰ দেখি তেওঁলোক আনন্দিত হ’ব। তাত তোমালোকে চিৰকাল বসবাস কৰিবা। তাৰ পৰা ওলোৱাৰ কেতিয়াও প্ৰয়োজন নহ’ব।
Zuhruf 43:72
তোমালোকৰ সন্মুখত বৰ্ণনা কৰা সেইখনেই হৈছে জান্নাত, আল্লাহে নিজ অনুগ্ৰহত আৰু তোমালোকৰ কৰ্মৰ ভিত্তিত তোমালোকক সেইখনৰ উত্তৰাধিকাৰী বনাব।
Zuhruf 43:73
তোমালোকৰ বাবে তাত থাকিব অসংখ্য ফল-মূল। যিবোৰ কেতিয়াও সমাপ্ত নহ’ব। তোমালোকে সেইবোৰ ভক্ষণ কৰিবা।
Zuhruf 43:74
নিশ্চয় কুফৰী আৰু পাপকৰ্ম কৰা অপৰাধীসকলে কিয়ামতৰ দিনা জাহান্নামত শাস্তি ভোগ কৰিব। আৰু সিহঁত তাত চিৰকাল থাকিব।
Zuhruf 43:75
সিহঁতৰ পৰা শাস্তি লাঘৱ কৰা নহ’ব, আৰু সিহঁত আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হৈ পৰিব।
Zuhruf 43:76
সিহঁতক জাহান্নামত নিক্ষেপ কৰি আমি সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নাছিলোঁ। বৰং কুফৰী কৰি সিহঁত নিজেই নিজৰ ওপৰত অন্যায় কৰিছিল।
Zuhruf 43:77
সিহঁতে জাহান্নামৰ প্ৰহৰী মালিকক আহ্বান কৰি ক’বঃ হে মালিক! তোমাৰ প্ৰতিপালকে আমাক নিঃশেষ কৰি দিয়া উচিত, যাতে আমি শাস্তিৰ পৰা ৰক্ষা পাওঁ। তেতিয়া মালিকে সিহঁতক প্ৰত্যুত্তৰ দি ক’বঃ তোমালোকে চিৰকাল এই শাস্তিতেই থাকিব লাগিব, ইয়াত তোমালোকৰ কেতিয়াও মৃত্যু নহ’ব। তথা তোমালোকৰ পৰা শাস্তিও উঠাই লোৱা নহ’ব।
Zuhruf 43:78
পৃথিৱীত আমি তোমালোকৰ ওচৰলৈ সত্য আনিছিলোঁ, যি সত্যৰ মাজত কোনো ধৰণৰ সন্দেহ নাছিল। কিন্তু তোমালোকৰ মাজৰ অধিকাংশ লোকেই সত্যক অপছন্দ কৰিছিল।
Zuhruf 43:79
সিহঁতে যদি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিৰুদ্ধে কোনো চক্ৰান্ত কৰে, তথা কোনো ষড়যন্ত্ৰ ৰচে তেন্তে আমি সিহঁতৰ ষড়যন্ত্ৰতকৈও ডাঙৰ কৌশল অৱলম্বন কৰিম।
Zuhruf 43:80
সিহঁতে ধাৰণা কৰে নেকি যে, আমি সিহঁতৰ অন্তৰত থকা গোপন বিষয়বোৰ নাজানো তথা সিহঁতে ইজনে সিজনৰ লগত কৰা গোপন পৰামৰ্শবোৰ আমি শুনা নাপাওঁ? নিশ্চয় আমি সিহঁতৰ সকলো বিষয়ে অৱগত তথা সেইবোৰ শুনা পাওঁ। আনকি সিহঁতৰ ওচৰত নিযুক্ত ফিৰিস্তাসকলেও সিহঁতৰ প্ৰতিটো আমল লিপিবদ্ধ কৰি ৰাখে।
Zuhruf 43:81
হে ৰাছুল! যিসকলে আল্লাহৰ কন্যা সন্তান আছে বুলি ধাৰণা কৰে, আপুনি সিহঁতক কৈ দিয়ক যে, আল্লাহ সিহঁতৰ এনেকুৱা ধাৰণাৰ পৰা অতি ঊৰ্দ্ধত। আল্লাহৰ কোনো সন্তানেই নাই। আল্লাহ এনেকুৱা বিষয়ৰ পৰা পৰিস্কাৰ তথা পৱিত্ৰ। আল্লাহক ইবাদত কৰা লোকসকলৰ মাজৰ আগশাৰীৰ ইবাদতকাৰী মই, তথা তেওঁৰ পৱিত্ৰতা ঘোষণা কৰাৰ ক্ষেত্ৰতো মই প্ৰথমশাৰীৰ।
Zuhruf 43:82
আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালক তথা মহাসিংহাসনৰ প্ৰতিপালক আল্লাহ তাআলা মুশ্বৰিকসকলে সম্পৃক্ত কৰা অংশীদাৰ, স্ত্ৰী আৰু সন্তান আদিৰ পৰা অতি পৱিত্ৰ।
Zuhruf 43:83
হে ৰাছুল! আপুনি সিহঁতক বাতিলৰ মাজত পৰি থাকিবলৈ দিয়ক, সিহঁত খেল-ধেমালিত মতলীয়া হৈ থাকক। অৱশেষত নিশ্চয় সিহঁতে সেই প্ৰতিশ্ৰুতি দিয়া দিৱসৰ সন্মুখীন হ’ব অৰ্থাৎ কিয়ামত দিৱসৰ।
Zuhruf 43:84
তেৱেঁই সত্য উপাস্য আকাশত আৰু তেৱেঁই সত্য উপাস্য পৃথিৱীত। নিশ্চয় তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, যোগান ধৰাৰ ক্ষেত্ৰত তথা পৰিচালনাত মহাপ্ৰজ্ঞাৱান। বান্দাসকলৰ পৰিস্থিতি সম্পৰ্কে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়।
Zuhruf 43:85
আল্লাহ মহা বৰকতময়, একমাত্ৰ তেওঁৰ হাততেই আছে আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰ ৰাজত্ব। কিয়ামত কেতিয়া সংঘটিত হ’ব, ইয়াৰ সঠিক জ্ঞানো একমাত্ৰ তেওঁৰ ওচৰতেই আছে। তেওঁৰ বাহিৰে কোনেও নাজানে। আখিৰাতত হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একমাত্ৰ তেওঁৰ ওচৰতেই উভতি যাব লাগিব।
Zuhruf 43:86
মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰে, সেইবোৰে আল্লাহৰ ওচৰত মধ্যস্ততা কৰাৰ কোনো ক্ষমতা নাৰাখে। কিন্তু যিয়ে জানি বুজি এই সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁৰ বিষয়টো সুকীয়া। যেনেঃ ঈছা, উঝাইৰ আৰু ফিৰিস্তাসকল।
Zuhruf 43:87
যদি আপুনি সিহঁতক সোধে যে, সিহঁতক কোনে সৃষ্টি কৰিছে? তেতিয়া নিশ্চয় সিহঁতে ক’বঃ আল্লাহেই আমাক সৃষ্টি কৰিছে। এই স্বীকাৰোক্তিৰ পিছতো সিহঁতে আল্লাহৰ ইবাদতৰ পৰা কেনেকৈ বিমুখ হয়?
Zuhruf 43:88
পৱিত্ৰ আল্লাহৰ ওচৰত ৰাছুলৰ অভিযোগ সম্পৰ্কে পূৰ্ণ জ্ঞান আছে, তেওঁৰ সম্প্ৰদায়ে যে তেওঁক অস্বীকাৰ কৰিছে। এইদৰে তেওঁৰ এই দুআ সম্পৰ্কেও অৱগত যে, হে মোৰ প্ৰতিপালক! নিশ্চয় ইহঁতে সেই বাৰ্তাৰ প্ৰতি ঈমান পোষণ নকৰিব, যি বাৰ্তা প্ৰদান কৰি তুমি মোক প্ৰেৰণ কৰিছা।
Zuhruf 43:89
গতিকে আপুনি সিহঁতক উপেক্ষা কৰক। সিহঁতৰ লগত এনেকুৱা কথা কওক, যাৰ দ্বাৰা সিহঁতৰ অনিষ্টৰ পৰা ৰক্ষা পোৱা সম্ভৱ। (এই আদেশ মক্কাত থকা অৱস্থাত দিয়া হৈছিল।) শীঘ্ৰেই সিহঁতে সন্মুখীন হবলগীয়া শাস্তি সম্পৰ্কে অৱগত হ’ব।
Duhan 44:1
(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
Duhan 44:2
আল্লাহে সত্যৰ পথ দেখুৱা কোৰআনৰ শপত খাইছে।
Duhan 44:3
নিশ্চয় আমি সন্মানিত ৰাতিত কোৰআন অৱতীৰ্ণ কৰিছোঁ। যি ৰাতিত আছে অসংখ্য কল্যাণ। নিশ্চয় আমি এই কোৰআনৰ মাধ্যমত সতৰ্ক কৰোঁ।
Duhan 44:4
এই ৰাতিতেই জীৱিকা আৰু আয়ু সম্বন্ধীয় সেই বছৰৰ সকলো গুৰুত্বপূৰ্ণ নিৰ্ণয় লোৱা হয়।
Duhan 44:5
আমি আমাৰ ফালৰ পৰাই প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰোঁ। নিশ্চয় আমিয়েই ৰাছুলসকলক প্ৰেৰণ কৰোঁ।
Duhan 44:6
হে ৰাছুল! আপোনাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰহমত হিচাপে ৰাছুলসকলক সিহঁতৰ ওচৰলৈ প্ৰেৰণ কৰা হয়। নিশ্চয় পৱিত্ৰ আল্লাহে তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণ কৰে, তথা তেওঁ সিহঁতৰ কৰ্ম আৰু নিয়্যত সম্পৰ্কে সৰ্বজ্ঞ। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়।
Duhan 44:7
তেৱেঁই আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা সকলো বস্তুৰে প্ৰতিপালক। যদি তোমালোকে এইটো বিশ্বাস কৰা তেন্তে মোৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা।
Duhan 44:8
তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে। তেওঁৰ বাহিৰে কোনো জীৱন প্ৰদানকাৰী তথা মৃত্যু প্ৰদানকাৰী নাই। তেৱেঁই তোমালোকৰ আৰু তোমালোকৰ পিতৃপুৰুষসকলৰ প্ৰতিপালক।
Duhan 44:9
এই মুশ্বৰিকসকলে কেতিয়াও ইয়াৰ প্ৰতি ঈমান পোষণ নকৰিব, বৰং ইহঁতে এই বিষয়ত সন্দেহত পতিত হৈ আছে। বাতিলৰ কাৰণে সিহঁতে অমনোযোগী হৈ আছে।
Duhan 44:10
হে ৰাছুল! আপুনি আপোনাৰ উম্মতৰ প্ৰতি শীঘ্ৰে আহিবলগীয়া শাস্তিৰ অপেক্ষা কৰক, যিদিনা আকাশৰ পৰা পোনপটীয়াকৈ ধোঁৱা নামি আহিব। ভোকৰ তাড়নাত সিহঁতে নিজ চকুৰে সেয়া দেখিবলৈ পাব।
Duhan 44:11
এই শাস্তিয়ে আপোনাৰ গোটেই উম্মতক আবৃত কৰিব। আৰু সিহঁতক কোৱা হ’বঃ তোমালোকক স্পৰ্শ কৰা এই শাস্তি হৈছে কষ্টদায়ক শাস্তি।
Duhan 44:12
তেতিয়া সিহঁতে নিজ প্ৰতিপালকৰ ওচৰত বিনীতভাৱে প্ৰাৰ্থনা কৰি ক’বঃ হে আমাৰ প্ৰতিপালক! আমাৰ ওপৰত অৱতীৰ্ণ কৰা এই শাস্তি আমাৰ পৰা আঁতৰাই দিয়া। যদি তুমি এই শাস্তি আমাৰ পৰা আঁতৰাই দিয়া তেন্তে নিশ্চয় আমি তোমাৰ প্ৰতি আৰু তোমাৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিম।
Duhan 44:13
কেনেকৈ সিহঁতে উপদেশ গ্ৰহণ কৰিব তথা নিজ প্ৰতিপালকৰ নৈকট্য অৱলম্বন কৰিব, অথচ সিহঁতৰ ওচৰলৈ স্পষ্ট বাৰ্তা লৈ এজন ৰাছুল প্ৰেৰিত হৈছিল, যাৰ সত্যতা আৰু বিশ্বস্ততা সম্পৰ্কে তেওঁলোক অৱগত আছিল?
Duhan 44:14
তাৰ পিছত সিহঁতে তেওঁক মানিবলৈ অস্বীকাৰ কৰিছিল, আৰু তেওঁৰ বিষয়ে কৈছিলঃ এওঁ ৰাছুল নহয়, বৰং প্ৰশিক্ষণপ্ৰাপ্ত এজন ব্যক্তি, যাক কোনোবাই এইবোৰ শিকাইছে। তেওঁৰ বিষয়ে সিহঁতে এই কথাও কৈছিল যে, তেওঁ এজন উন্মাদ।
Duhan 44:15
কিছু সময়ৰ বাবে যেতিয়া আমি তোমালোকৰ পৰা শাস্তি উঠাই লম, নিশ্চয় তোমালোকে আকৌ সেই কুফৰী আৰু অস্বীকাৰ কৰা স্বভাৱলৈ ঘূৰি যাবা।
Duhan 44:16
হে ৰাছুল! সিহঁতৰ বিষয়ে আপুনি সেই দিৱসৰ অপেক্ষা কৰক, যিদিনা আপোনাৰ সম্প্ৰদায়ৰ কাফিৰসকলক কঠিন বিপদৰ মুখামুখি কৰিম (অৰ্থাৎ বদৰৰ দিনা)। নিশ্চয় আমি সিহঁতৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিম। কিয়নো সিহঁতে আল্লাহৰ লগত কুফৰী কৰিছে আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে।
Duhan 44:17
সিহঁতৰ পূৰ্বে আমি ফিৰআউন সম্প্ৰদায়কো পৰীক্ষা কৰিছিলোঁ। সিহঁতৰ ওচৰলৈও সন্মানিত ৰাছুল প্ৰেৰিত হৈছে, তেওঁ সিহঁতক আল্লাহৰ তাওহীদ আৰু তেওঁৰ ইবাদতৰ পিনে আহ্বান কৰিছিল। তেওঁ আছিল মুছা আলাইহিচ্ছালাম।
Duhan 44:18
মুছা আলাইহিচ্ছালামে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ক কৈছিলঃ বনী ইছৰাঈলক মোৰ সৈতে যাবলৈ দিয়া। কাৰণ তেওঁলোক হৈছে আল্লাহৰ বান্দা। তেওঁলোকক দাসত পৰিণত কৰি ৰাখিবলৈ তোমাৰ কোনো অধিকাৰ নাই। নিশ্চয় মই তোমালোকৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰিত হৈছোঁ। মোক যি বাৰ্তা পৌঁচাবলৈ আদেশ দিয়া হৈছে, সেই ক্ষেত্ৰত নিশ্চয় মই এজন বিশ্বস্ত ব্যক্তি। সেই বাৰ্তাত অলপো কম বেছি নকৰোঁ।
Duhan 44:19
তোমালোকে আল্লাহৰ ইবাদত ত্যাগ কৰি আৰু তেওঁৰ বান্দাসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰি অহংকাৰ নকৰিবা। নিশ্চয় মই তোমালোকৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ লৈ আহিছোঁ।
Duhan 44:20
নিশ্চয় মই মোৰ প্ৰতিপালকৰ ওচৰত তোমালোকৰ প্ৰস্তৰঘাতৰ পৰা আশ্ৰয় বিচাৰিছোঁ। তেওঁ তোমালোকৰো প্ৰতিপালক।
Duhan 44:21
যদি তোমালোকে মই লৈ অহা বাৰ্তাক বিশ্বাস নকৰা, তেন্তে মোক এৰি দিয়া, মোক অনিষ্ট কৰাৰ উদ্দেশ্যে মোৰ ওচৰলৈ নাহিবা।
Duhan 44:22
এতেকে মুছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ এই লোকসকল অৰ্থাৎ ফিৰআউন আৰু তাৰ মন্ত্ৰীসকল হৈছে অপৰাধী। দৰাচলতে সিহঁত শীঘ্ৰে শাস্তি পোৱাৰ যোগ্য।
Duhan 44:23
ফলত আল্লাহে মুছা আলাইহিচ্ছালামক নিৰ্দেশ দিলে যে, আপুনি ৰাতিৰ ভিতৰতে আপোনাৰ সম্প্ৰদায়ক লগতলৈ ইয়াৰ পৰা গুচি যাওক। তেওঁক এই কথাও জনাই দিছিল যে, ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে তেওঁলোকক খেদি যাব।
Duhan 44:24
লগতে তেওঁক এই আদেশও প্ৰদান কৰিলে যে, যেতিয়া তেওঁ আৰু বনী ইছৰাঈল সাগৰ পাৰ কৰিব, তেতিয়া সাগৰখনক যেন সেই অৱস্থাতে এৰি দিয়ে। নিশ্চয় ফিৰআউন আৰু তাৰ সেনাবাহিনী সাগৰত ডুবি মৰিব।
Duhan 44:25
ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে নিজৰ পিছফালে কিমান যে ধুনীয়া ধুনীয়া বাগান আৰু প্ৰবাহিত নিজৰা এৰি থৈ আহিছিল।
Duhan 44:26
কিমান যে খেতি-বাতি আৰু সুৰম্য বৈঠকস্থল এৰি থৈ আহিছিল।
Duhan 44:27
সিহঁতে নিজৰ পিছফালে কিমান যে সুখ-সামগ্ৰী এৰি থৈ আহিছিল, যিবোৰ সিহঁতে ভোগ কৰিছিল।
Duhan 44:28
এইদৰেই সেই ঘটনা সংঘটিত হৈছিল যিটো তোমালোকৰ সন্মুখত ইতিমধ্যে বৰ্ণনা কৰা হৈছে। সিহঁতৰ এই বাগান, প্ৰস্ৰৱন, খেতি-পথাৰ আৰু অট্টালিকাবোৰৰ উত্তৰাধিকাৰী আমি অন্য এটা সম্প্ৰদায়ক অৰ্থাৎ বনী ইছৰাঈলক কৰি দিছিলোঁ।
Duhan 44:29
ফিৰআউন আৰু তাৰ সম্প্ৰদায়ক যেতিয়া সাগৰত ডুবাই ধ্বংস কৰা হৈছিল তেতিয়া আকাশ আৰু পৃথিৱীয়ে সিহঁতৰ বাবে আফচোচ কৰা নাছিল। আনকি সিহঁতক তাওবা কৰাৰো অৱকাশ দিয়া হোৱা নাছিল।
Duhan 44:30
নিশ্চয় আমি বনী ইছৰাঈলক লাঞ্ছনাদায়ক শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ। কিয়নো ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে তেওঁলোকৰ পুত্ৰ সন্তানসকলক হত্যা কৰিছিল আৰু কন্যা সন্তানক জীৱিত এৰি দিছিল।
Duhan 44:31
আমি সিহঁতক ফিৰআউনৰ শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ। নিশ্চয় ফিৰআউন আছিল এজন অহংকাৰী তথা আল্লাহৰ দ্বীন উলংঘাকাৰী ব্যক্তি।
Duhan 44:32
নিশ্চয় আমি বনী ইছৰাঈলক জানি বুজি সেই সময়ৰ লোকসকলৰ ওপৰত প্ৰাধান্য দিছিলোঁ। কাৰণ তেওঁলোকৰ মাজত বহুতো নবী প্ৰেৰণ কৰা হৈছিল।
Duhan 44:33
আমি তেওঁলোকক মুছা আলাইহিচ্ছালামৰ সমৰ্থনত এনেকুৱা দলিল-প্ৰমাণ দিছিলোঁ, যিবোৰ মান্না আৰু ছালৱাৰ দৰে স্পষ্ট নিয়ামত আছিল।
Duhan 44:34
নিশ্চয় এই অস্বীকাৰকাৰী মুশ্বৰিকসকলে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰি ক’বঃ
Duhan 44:35
আমাক কেৱল এবাৰেই মৃত্যু প্ৰদান কৰা হ’ব, ইয়াৰ পিছত আৰু কোনো জীৱন নাই। এই মৃত্যুৰ পিছত আমাক কেতিয়াও পুনৰুত্থিত কৰা নহ’ব।
Duhan 44:36
হে মুহাম্মদ! তুমি আৰু তোমাৰ অনুসাৰীসকলে যদি নিজৰ এই দাবীত সত্যবাদী যে, আল্লাহে মৃত লোকসকলক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিব তেন্তে আমাৰ পিতৃ-পুৰুষসকলক জীৱিত কৰি আনাচোন।
Duhan 44:37
হে ৰাছুল! আপোনাক অস্বীকাৰ কৰা এই মুশ্বৰিকসকল, শক্তি আৰু নিয়ামতৰ ক্ষেত্ৰত অধিক উত্তম নে তুব্বা সম্প্ৰদায় অধিক উত্তম, তথা সিহঁতৰ পূৰ্বে অতিবাহিত হোৱা লোকসকল যেনেঃ আদ আৰু ছামূদ সম্প্ৰদায়। সেই সকলোকে আমি ধ্বংস কৰিছোঁ। নিশ্চয় সিহঁত আছিল অপৰাধী।
Duhan 44:38
আকাশমণ্ডল আৰু পৃথিৱী তথা এই দুয়োৰে মাজত থকা সকলো বস্তু আমি খেল-ধেমালিৰ বাবে সৃষ্টি কৰা নাই।
Duhan 44:39
প্ৰকৃততে আমি আকাশমণ্ডল আৰু পৃথিৱীক এটা হিকমত সহকাৰে সৃষ্টি কৰিছোঁ। কিন্তু অধিকাংশ মুশ্বৰিকে বিষয়টো নাজানে।
Duhan 44:40
নিশ্চয় আল্লাহে কিয়ামতৰ দিনা বান্দাসকলৰ মাজত বিচাৰ কৰিব, সেইদিনা আল্লাহে সকলো সৃষ্টিকে একত্ৰিত কৰিব।
Duhan 44:41
সেইদিনা কোনো আত্মীয়ই কোনো আত্মীয়ক আৰু কোনো বন্ধুৱে কোনো বন্ধুক উপকাৰ কৰিব নোৱাৰিব। সিহঁতে আল্লাহৰ শাস্তিক প্ৰতিৰোধও কৰিব নোৱাৰিব। কিয়নো সেইদিনা ক্ষমতা থাকিব একমাত্ৰ আল্লাহৰ হাতত। কোনেও তেওঁক প্ৰত্যাহ্বান জনাব নোৱাৰিব।
Duhan 44:42
কিন্তু সেই ব্যক্তিৰ বিষয়টো সুকীয়া, যাৰ প্ৰতি আল্লাহে ৰহমত কৰিব। কিয়নো তেওঁ নিজৰ সৎকৰ্মৰ দ্বাৰা উপকৃত হ’ব। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি দয়ালু।
Duhan 44:43
নিশ্চয় আল্লাহে জাহান্নামৰ গভীৰত ঝাক্কুম গছ উৎপন্ন কৰিছে।
Duhan 44:44
সেইবোৰ হ’ব মহা পাপীসকলৰ খাদ্য। অৰ্থাৎ কাফিৰসকলক এই নিকৃষ্ট ফল খাবলৈ দিয়া হ’ব।
Duhan 44:45
এই ফল দেখাত ক’লা ৰঙৰ তেলৰ দৰে হ’ব। যিটো সিহঁতৰ পেটত প্ৰচণ্ড গৰমত উতলিব।
Duhan 44:46
যিদৰে গৰম পানী উতলি উঠে।
Duhan 44:47
জাহান্নামৰ প্ৰহৰীক কোৱা হ’বঃ ইয়াক কৰায়ত্ব কৰা আৰু কঠোৰভাৱে ধৰি জাহান্নামৰ ভিতৰত নিক্ষেপ কৰা।
Duhan 44:48
তথা এই শাস্তিপ্ৰাপ্ত ব্যক্তিৰ মূৰত উতলা পানী ঢালি দিয়া। সি কেতিয়াও শাস্তিৰ পৰা ৰক্ষা নাপাব।
Duhan 44:49
তাক ভৰ্ৎসনা কৰি কোৱা হ’বঃ এই কষ্টদায়ক শাস্তি ভোগ কৰা। নিশ্চয় তুমি প্ৰভাৱশালী আছিলা, তোমাৰ জাতিৰ ভিতৰত তোমাৰ মান-সন্মানৰ অভাৱ নাছিল।
Duhan 44:50
নিশ্চয় কিয়ামতৰ দিনা হ’বলগীয়া এই শাস্তিৰ বিষয়ে তোমালোকে সন্দেহ পোষণ কৰিছিলা। গতিকে ইয়াক নিজ চকুৰে চোৱাৰ পিছত নিশ্চয় এতিয়া তোমালোকৰ সন্দেহ দূৰ হৈছে।
Duhan 44:51
নিশ্চয় আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা মুত্ত্বাক্বী লোকসকলে প্ৰত্যেক অপ্ৰিয় বস্তুৰ পৰা সুৰক্ষিত আৰু নিশ্চিন্তভাৱে অৱস্থান কৰিব।
Duhan 44:52
উদ্যানসমূহত আৰু জলপ্ৰপাতসমূহৰ মাজত।
Duhan 44:53
তেওঁলোকে জান্নাতত পাতল আৰু মোটা ৰেচম কাপোৰ ব্যৱহাৰ কৰিব। ইজনে সিজনৰ মুখামুখি আসনত বহিব। কোনেও কাৰো পিছফালে নবহিব।
Duhan 44:54
যিদৰে জান্নাতত আমি তেওঁলোকক এইবোৰ নিয়ামত প্ৰদান কৰিম, ঠিক সেইদৰে আমি তেওঁলোকক এনেকুৱা নাৰীৰ সৈতে বিবাহ বন্ধনত আৱদ্ধ কৰাম, যিসকল হ’ব ডাঙৰ চকুবিশিষ্টা। তেওঁলোকৰ চকুৰ বগা অংশখিনিও প্ৰশস্ত থাকিব আৰু ক’লা অংশখিনিও প্ৰশস্ত থাকিব।
Duhan 44:55
তেওঁলোকে তাত সেৱকসকলৰ দ্বাৰা যি ইচ্ছা কৰিব সেই ফল তলব কৰিব পাৰিব। ফল সমাপ্ত হোৱাৰো তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু কোনো ক্ষতি হোৱাৰো আশংকা নাথাকিব।
Duhan 44:56
তেওঁলোকে তাত চিৰকাল থাকিব। পাৰ্থিৱ জীৱনৰ মৃত্যুৰ বাহিৰে তেওঁলোকে তাত কোনো মৃত্যুৰ সোৱাদ নাপাব। আল্লাহে তেওঁলোকক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব।
Duhan 44:57
এইটো তেওঁলোকৰ ওপৰত তেওঁলোকৰ প্ৰতিপালকৰ অনুগ্ৰহ তথা উপকাৰ। জান্নাতত প্ৰৱেশ আৰু জাহান্নামৰ পৰা মুক্তিয়ে হৈছে মহা সফলতা। এই সফলতাৰ কোনো তুলনা নাই।
Duhan 44:58
হে ৰাছুল! আপোনাৰ প্ৰতি এই কোৰআনখন আৰবী ভাষাত অৱতীৰ্ণ কৰি সহজ-সৰল কৰি দিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
Duhan 44:59
গতিকে আপুনি আপোনাৰ বিজয় আৰু সিহঁতৰ ধ্বংসৰ অপেক্ষা কৰক। নিশ্চয় সিহঁতেও আপোনাৰ বিনাশৰ অপেক্ষাত আছে।
Câsiye 45:1
(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
Câsiye 45:2
কোৰআন হৈছে মহাপৰাক্ৰমশালী আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ, যিজনক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মহা প্ৰজ্ঞাৱান।
Câsiye 45:3
নিশ্চয় মুমিনসকলৰ বাবে আকাশমণ্ডল আৰু পৃথিৱীত আল্লাহৰ ক্ষমতা আৰু তেওঁৰ তাওহীদৰ অসংখ্য প্ৰমাণ আছে। কাৰণ তেওঁলোকেই নিদৰ্শন আদিৰ পৰা শিক্ষা গ্ৰহণ কৰে।
Câsiye 45:4
হে মানৱজাতি! প্ৰথমে বীৰ্য, তাৰ পিছত ৰক্তপিণ্ড আৰু তাৰ পিছত মাংসপিণ্ড, তোমালোকৰ সৃষ্টিৰ এই পদ্ধতিৰ মাজতো আছে নিদৰ্শন। পৃথিৱীত বিচৰণ কৰা প্ৰত্যেক প্ৰাণীৰ সৃষ্টিৰ মাজত আছে সেইসকল লোকৰ বাবে আল্লাহৰ তাওহীদৰ নিদৰ্শন, যিসকলে আল্লাহক সৃষ্টিকৰ্তা বুলি বিশ্বাস কৰে।
Câsiye 45:5
দিন-ৰাতিৰ আৱৰ্তনৰ মাজত, আল্লাহে আকাশৰ পৰা বৰ্ষণ কৰা বৰষুণৰ মাজতো আছে নিদৰ্শন, সেই পানীৰ জৰিয়তেই আল্লাহে মৃত ভূমিক জীৱিত কৰি উদ্ভিদ আদি উৎপন্ন কৰে। লগতে বতাহৰ গতিবিধিৰ মাজতো আছে নিদৰ্শন, তোমালোকৰ সুবিধাৰ বাবেই কেতিয়াবা ইফালৰ পৰা আৰু কেতিয়াবা সিফালৰ পৰা বতাহ বলে। এইবোৰৰ মাজত বিবেকৱান লোকসকলৰ বাবে আছে শিক্ষা। তেওঁলোকে এইবোৰৰ দ্বাৰা আল্লাহৰ তাওহীদ আৰু পুনৰ্জীৱিত কৰাৰ ক্ষমতা আদিৰ প্ৰমাণ লাভ কৰে। নিশ্চয় তেওঁ সকলো বিষয়ত ক্ষমতাৱান।
Câsiye 45:6
হে ৰাছুল! এইবোৰ আয়াত আৰু প্ৰমাণাদি আমি আপোনাৰ ওচৰত সত্য সহকাৰে পাঠ কৰি আছোঁ। এতেকে এতিয়া যদি সিহঁতে আল্লাহে তেওঁৰ বান্দাৰ প্ৰতি অৱতীৰ্ণ কৰা এই বাণীৰ ওপৰত আৰু প্ৰমাণ আদিৰ ওপৰত ঈমান পোষণ নকৰে তেন্তে সিহঁতে ইয়াৰ পিছত কোনটো বাণী আৰু প্ৰমাণৰ ওপৰত ঈমান আনিব?
Câsiye 45:7
আল্লাহৰ শাস্তি আৰু ধ্বংস প্ৰত্যেক সেই ব্যক্তিৰ ওপৰত অনিবাৰ্য, যিজন মিছলীয়া তথা মহাপাপিষ্ঠ।
Câsiye 45:8
কাফিৰ ব্যক্তিয়ে আল্লাহৰ আয়াতসমূহ শ্ৰৱণ কৰে যিবোৰ তাৰ সন্মুখত তিলাৱত কৰা হয়, তাৰ পিছতো সি সত্যৰ পৰা অহংকাৰ কৰি কুফৰ আৰু গুনাহৰ ওপৰত অবিচল থাকে। এনেকুৱা লাগে যেনিবা সি আল্লাহৰ আয়াত শুনাই নাই। এতেকে হে ৰাছুল! আপুনি তাক আখিৰাতৰ বেয়া পৰিণাম সম্পৰ্কে জনাই দিয়ক, অৰ্থাৎ তাৰ বাবে ৰৈ আছে কষ্টদায়ক শাস্তি।
Câsiye 45:9
কোৰআনৰ কোনো আয়াত শুনিলেই সিহঁতে তাকলৈ উপহাস কৰে। কোৰআনক উপহাস কৰা এই লোকসকলৰ বাবে কিয়ামতৰ দিনা আছে লাঞ্ছনাদায়ক শাস্তি।
Câsiye 45:10
সিহঁতৰ সন্মুখত আছে জাহান্নামৰ শাস্তি, যি শাস্তিয়ে আখিৰাতত সিহঁতৰ অপেক্ষা কৰি আছে। সিহঁতৰ উপাৰ্জিত সম্পদে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত কোনো উপকাৰ সাধন কৰিব নোৱাৰিব। আল্লাহৰ বাহিৰে সিহঁতে উপাসনা কৰা সেই মূৰ্ত্তিবোৰেও কোনো উপকাৰ কৰিব নোৱাৰিব। কিয়ামতৰ দিনা সিহঁতৰ বাবে আছে মহাশাস্তি।
Câsiye 45:11
আমি আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ কৰা এই কিতাবখনে সত্যৰ পথ দেখুৱায়। এতেকে আল্লাহৰ ফালৰ পৰা ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহক যিসকলে অস্বীকাৰ কৰিব, সিহঁতৰ বাবে আছে কষ্টদায়ক তথা নিকৃষ্ট শাস্তি।
Câsiye 45:12
হে মানৱজাতি! একমাত্ৰ আল্লাহেই সাগৰক তোমালোকৰ অধীনস্থ কৰি দিছে, যাতে তেওঁৰ আদেশত তাত নাও চলাচল কৰিব পাৰে। যাতে তোমালোকে তেওঁৰ অনুগ্ৰহত বৈধভাৱে উপাৰ্জন কৰিব পাৰা, তথা তোমালোকে যাতে আল্লাহৰ সেইবোৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা, যিবোৰ তেওঁ তোমালোকক প্ৰদান কৰিছে।
Câsiye 45:13
আকাশমণ্ডলত থকা সূৰ্য, চন্দ্ৰ আৰু তৰা আদি, তথা পৃথিৱীত থকা নদ-নদী, গছ-গছনি আৰু পাহাৰ-পৰ্বত আদিক আল্লাহেই তোমালোকৰ কৰ্মত নিয়োজিত কৰি ৰাখিছে। এই সকলোবোৰ নিয়ামত তেওঁ নিজ অনুগ্ৰহত প্ৰদান কৰিছে। নিশ্চয় এইবোৰক তোমালোকৰ কৰ্মত নিয়োজিত কৰাৰ মাজত আছে বহুতো নিদৰ্শন, যিবোৰে আল্লাহৰ ক্ষমতা আৰু তেওঁৰ তাওহীদৰ প্ৰমাণ বহন কৰে। এইবোৰ সেইসকল লোকৰ বাবে উপকাৰী, যিসকলে আল্লাহৰ আয়াতসমূহকলৈ চিন্তা-চৰ্চা কৰে তথা এইবোৰৰ দ্বাৰা শিক্ষা গ্ৰহণ কৰে।
Câsiye 45:14
হে ৰাছুল! যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু তেওঁৰ ৰাছুলৰ প্ৰতি বিশ্বাস কৰিছে, আপুনি তেওঁলোকক কৈ দিয়কঃ তোমালোকৰ সৈতে বেয়া ব্যৱহাৰ কৰা কাফিৰসকলক তোমালোকে ক্ষমা কৰি দিয়া, সিহঁতে আল্লাহৰ নিয়ামত আৰু শাস্তিক কোনো ভ্ৰূক্ষেপ নকৰে। নিশ্চয় আল্লাহে ধৈৰ্য্য ধাৰণ কৰা মুমিনসকলক আৰু সীমালংঘন কৰা কাফিৰসকলৰ প্ৰত্যেককে পৃথিৱীত কৰা সিহঁতৰ কৰ্মৰ শীঘ্ৰেই প্ৰতিদান দিব।
Câsiye 45:15
যিয়ে সৎকৰ্ম কৰিব, সেই সৎকৰ্মৰ প্ৰতিফল সি নিজে উপভোগ কৰিব। আল্লাহে তেওঁৰ এই সৎকৰ্মৰ পৰা অমুখাপেক্ষী। আনহাতে যিয়ে বেয়া কৰ্ম কৰিব, তাৰ পৰিণামো সি নিজেই ভোগ কৰিব, ইয়াৰ দ্বাৰা আল্লাহৰ কোনো ক্ষতি নহ'ব। ইয়াৰ পিছত আখিৰাতত তোমালোক আটায়ে আমাৰ ওচৰলৈকেই উভতি আহিব লাগিব। তেতিয়া আমি তোমালোকৰ প্ৰত্যেককে উপযুক্ত প্ৰতিফল দান কৰিম।
Câsiye 45:16
আমি বনী ইছৰাঈলক তাওৰাত প্ৰদান কৰিছিলোঁ আৰু সেইমতে মানুহৰ মাজত মীমাংসা কৰাৰ নিৰ্দেশ দিছিলোঁ। তথা অধিকাংশ নবী আমি তেওঁলোকৰ মাজৰ পৰাই ইব্ৰাহীম আলাইহিচ্ছালামৰ বংশধৰ পৰা বনাইছিলোঁ। আমি তেওঁলোকক বিভিন্ন প্ৰকাৰৰ পৱিত্ৰ খাদ্য দান কৰিছিলোঁ। লগতে তেওঁলোকক সেইসময়ৰ লোকসকলৰ ওপৰত শ্ৰেষ্ঠতা প্ৰদান কৰিছিলোঁ।
Câsiye 45:17
আমি তেওঁলোকক এনেকুৱা প্ৰমাণ দান কৰিছিলোঁ, যিবোৰে সত্যক মিছাৰ পৰা পাৰ্থক্য কৰিছিল। কিন্তু তথাপিও সিহঁতে এনেকুৱা সময়ত বিভেদ সৃষ্টি কৰিছিল, যেতিয়া সিহঁতৰ সন্মুখত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰেৰিত হোৱাৰ প্ৰমাণাদি প্ৰতিষ্ঠিত হৈছিল। সিহঁতে পদমৰ্যাদা আৰু ৰাজত্বৰ চাহিদাৰ ফলত পৰস্পৰে এই বিভেদ সৃষ্টি কৰিছিল। হে ৰাছুল! পৃথিৱীত সিহঁতে যিবোৰ বিষয়কলৈ বিভেদ কৰি আছে, কিয়ামতৰ দিনা নিশ্চয় আপোনাৰ প্ৰতিপালকে সিহঁতৰ মাজত এইবোৰৰ মীমাংসা কৰি দিব। তেওঁ প্ৰকাশ কৰি দিব, কোন সত্য পথত আছিল আৰু কোন বাতিল পথত আছিল।
Câsiye 45:18
এতেকে আমি আপোনাক প্ৰতিষ্ঠিত কৰিছোঁ এটা উৎকৃষ্ট পথত, তথা বিশেষ বিধানৰ ওপৰত আৰু সঠিক চৰীয়তৰ ওপৰত। এইটো দৰাচলতে সেই আদেশৰেই এটা অংগ, যিটো আমি আপোনাৰ পূৰ্বৱৰ্তী ৰাছুলসকলক প্ৰদান কৰিছিলোঁ। যাতে আপুনি মানুহক ঈমানৰ প্ৰতি আৰু নেক আমলৰ প্ৰতি আহ্বান কৰে। গতিকে আপুনি এই চৰীয়তৰ অনুসৰণ কৰক, আৰু সেইসকল লোকৰ ইচ্ছাৰ অনুসৰণ নকৰিব, যিসকলে সত্য সম্পৰ্কে একোৱেই নাজানে। সেইকাৰণেই সিহঁতৰ চাহিদাই সিহঁতক সত্যৰ পৰা আঁতৰাই পথভ্ৰষ্ট কৰিব।
Câsiye 45:19
যিসকলে সত্য সম্পৰ্কে নাজানে, যদি আপুনি সিহঁতৰ অনুসৰণ কৰে তেন্তে সিহঁতে কেতিয়াও আপোনাক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। সকলো ধৰ্মৰ অত্যাচাৰী লোকসকল মুমিনসকলৰ বিৰুদ্ধে ইজনে সিজনৰ সহায়ক তথা সমৰ্থক। কিন্তু আল্লাহ হৈছে সেইসকল লোকৰ সহায়ক, যিসকলে তেওঁৰ আদেশ পালন কৰে তথা তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকে।
Câsiye 45:20
আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা এই কোৰআন জ্ঞানগৰ্ভ। ইয়াৰ দ্বাৰা মানুহে অসত্যৰ পৰা সত্যক পাৰ্থক্য কৰিব পাৰে। তথা এইখন হৈছে সত্যৰ পথ দেখুৱা হিদায়ত আৰু সেইসকল লোকৰ বাবে ৰহমত, যিসকলে পূৰ্ণ বিশ্বাস পোষণ কৰে। কাৰণ তেওঁলোকেই ইয়াৰ দ্বাৰা সঠিক পথ গ্ৰহণ কৰে, যাতে তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকৰ ওপৰত সন্তষ্ট হয় আৰু তেওঁলোকক জাহান্নামৰ পৰা ৰক্ষা কৰি জান্নাতত প্ৰৱেশ কৰায়।
Câsiye 45:21
শৰীৰৰ অংগ-প্ৰত্যংগৰ দ্বাৰা কুফৰী আৰু গুনাহ কৰা লোকসকলে ধাৰণা কৰিছে নেকি যে, আমি সিহঁতক আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু সৎকৰ্ম কৰা লোকসকলৰ দৰেই প্ৰতিদান দান কৰিম? যাতে পৃথিৱী আৰু আখিৰাতত সিহঁত সকলোৱে সমান পৰ্যায়ত থাকে? সিহঁতৰ এই ধাৰণা অত্যন্ত ঘৃণনীয়।
Câsiye 45:22
আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক হিকমত অনুযায়ী সৃষ্টি কৰিছে। এইবোৰক অনৰ্থক সৃষ্টি কৰা নাই। ইয়াৰ উদ্দেশ্য হৈছে, যাতে তেওঁ প্ৰত্যেক ব্যক্তিকেই নিজৰ নিজৰ ভাল বেয়া কৰ্ম অনুসাৰে প্ৰতিদান দিব পাৰে। আল্লাহে কেতিয়াও সিহঁতৰ ছোৱাব হ্ৰাস কৰি অথবা সিহঁতৰ গুনাহ বৃদ্ধি কৰি সিহঁতৰ প্ৰতি অন্যায় নকৰিব।
Câsiye 45:23
হে ৰাছুল! আপুনি সেই ব্যক্তিৰ পিনে লক্ষ্য কৰকচোন, যিয়ে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে, আনকি সি নিজৰ প্ৰবৃত্তিক উপাস্য বনাই লৈছে তথা কেতিয়াও ইয়াৰ বিৰোধিতা নকৰে। তেনেকুৱা ব্যক্তিক আল্লাহে জানি বুজি পথভ্ৰষ্ট কৰি দিছে। কিয়নো সিহঁত পথভ্ৰষ্ট হোৱাৰেই যোগ্য আছিল। সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, গতিকে সিহঁতে উপকৃত হোৱাৰ আশাত একো শুনিব নোৱাৰে। লগতে আল্লাহে সিহঁতৰ চকুৰ ওপৰত ৰাখি দিছে আৱৰণ, ফলত সিহঁতে সত্যক দেখা নাপায়। এতেকে কওকচোন, আল্লাহে সিহঁতক পথভ্ৰষ্ট কৰাৰ পিছত, কোনে সিহঁতক সত্যৰ তাওফীক প্ৰদান কৰিব? তোমালোকে প্ৰবৃত্তিৰ অনুসৰণৰ ক্ষতিকৰ দিশসমূহ আৰু আল্লাহৰ চৰীয়ত অনুসৰণৰ উপকাৰী দিশসমূহ বুজি নোপোৱানে?
Câsiye 45:24
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা লোকসকলে কয়ঃ “আমাৰ পাৰ্থিৱ জীৱনেই একমাত্ৰ জীৱন। ইয়াৰ পিছত আন কোনো জীৱন নাই। এটা প্ৰজন্মৰ মৃত্যুৰ পিছত, সেইটো প্ৰজন্ম কেতিয়াও ঘূৰি নাহে, তাৰ পিছত দ্বিতীয় প্ৰজন্ম আহে। লগতে কালচক্ৰৰ ফলতেই আমাৰ মৃত্যু ঘটে”। অথচ আখিৰাতৰ জীৱনক অস্বীকাৰ কৰাৰ সপক্ষে সিহঁতৰ ওচৰত কোনো সঠিক জ্ঞান নাই। সিহঁতে কেৱল ধাৰণাহে কৰে। এই কথা নিশ্চিত যে, ধাৰণাই কেতিয়াও সত্যৰ স্থান ল’ব নোৱাৰে।
Câsiye 45:25
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা মুশ্বৰিকসকলৰ সন্মুখত যেতিয়া আমাৰ স্পষ্ট আয়াতসমূহ তিলাৱত কৰি শুনোৱা হয়, তেতিয়া উপস্থাপন কৰিবলৈ সিহঁতৰ ওচৰত কোনো দলিল নাথাকে, কিন্তু সিহঁতে নবী চাল্লাল্লাহু আলাইহি অচাল্লাম আৰু তেওঁৰ চাহাবাসকলক উদ্দেশ্যি কয়ঃ তেন্তে আমাৰ পূৰ্বপুৰুষসকলক জীৱিত কৰি আমাৰ সন্মুখত আনাচোন, যদি তোমালোকে এই দাবীত সত্যবাদী যে আমাৰ মৃত্যুৰ পিছত আকৌ আমাক জীৱিত কৰা হ’ব।
Câsiye 45:26
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকক সৃষ্টি কৰি আল্লাহেই জীৱন দান কৰিছে আৰু তেৱেঁই তোমালোকক মৃত্যু প্ৰদান কৰিব। ইয়াৰ পিছত তেৱেঁই তোমালোকক কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একত্ৰিত কৰিব। এই দিৱসটো যে অৱশ্যম্ভাৱী, ইয়াত কোনো সন্দেহ নাই। কিন্তু অধিকাংশ লোকেই এই বিষয়টো নাজানে। সেইকাৰণেই সিহঁতে সৎকৰ্মৰ জৰিয়তে ইয়াৰ বাবে প্ৰস্তুতি নলয়।
Câsiye 45:27
আকাশমণ্ডল আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহৰেই হাতত। গতিকে উভয়ৰ মাজত তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। এতেকে যিদিনা কিয়ামত কায়েম হ’ব, যেতিয়া আল্লাহে মৃত লোকসকলক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিব, সেইদিনা আল্লাহৰ বাহিৰে আনৰ উপাসনা কৰা বাতিল পন্থীবিলাকে ক্ষতিগ্ৰস্ত হ’ব, যিসকলে সত্যক অসত্য আৰু অসত্যক সত্য প্ৰমাণ কৰাৰ আপ্ৰাণ চেষ্টা চলাইছিল।
Câsiye 45:28
হে ৰাছুল! সেইদিনা আপুনি প্ৰত্যেক সম্প্ৰদায়ৰ লোকসকলক নিজৰ পৰিণামৰ প্ৰতীক্ষাত আঁঠুকাঢ়ি থকা অৱস্থাত দেখিবলৈ পাব। প্ৰত্যেক উম্মতকে সিহঁতৰ কৰ্মপুথিৰ পিনে আহ্বান কৰা হ’ব, যিখনক লিপিবদ্ধ কৰিছে সংৰক্ষণৰ বাবে নিয়োজিত ফিৰিস্তাসকলে। হে মানৱজাতি! আজি তোমালোকক পৃথিৱীত কৰা ভাল বেয়া কৰ্মৰেই প্ৰতিদান দিয়া হ’ব।
Câsiye 45:29
আমাৰ ফিৰিস্তাসকলে লিপিবদ্ধ কৰা তোমালোকৰ কৰ্মপুথিখন প্ৰকৃততে তোমালোকৰ বিৰুদ্ধে সত্য সহকাৰে সাক্ষী দিব। গতিকে তোমালোকে ইয়াক পাঠ কৰা। নিশ্চয় আমিয়েই সেই ফিৰিস্তাসকলক তোমালোকৰ পাৰ্থিৱ জীৱনৰ কৰ্মৰাজি লিপিবদ্ধ কৰাৰ নিৰ্দেশ দিছিলোঁ।
Câsiye 45:30
যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, তেওঁলোকক তেওঁলোকৰ প্ৰতিপালকে নিজ অনুগ্ৰহত জান্নাতত প্ৰৱেশ কৰাব। আল্লাহে তেওঁলোকক প্ৰদান কৰা প্ৰতিদানেই হৈছে স্পষ্ট সফলতা, কোনো সফলতাই ইয়াৰ লগত তুলনা নহয়।
Câsiye 45:31
আনহাতে যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে, সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ মোৰ আয়াতসমূহ তোমালোকৰ সন্মুখত তিলাৱত কৰা হোৱা নাছিলনে, অথচ তোমালোকে ইয়াৰ প্ৰতি ঈমান পোষণ কৰাৰ বিপৰীতে অহংকাৰ কৰিছিলা? প্ৰকৃততে তোমালোক আছিলা অপৰাধী সম্প্ৰদায়। কুফৰী আৰু গুনাহৰ কৰ্মই হৈছে তোমালোকৰ মূল ভিত্তি।
Câsiye 45:32
যেতিয়া তোমালোকক কোৱা হৈছিল, নিশ্চয় আল্লাহৰ এই প্ৰতিশ্ৰুতি সত্য যে, তেওঁ বান্দাসকলক পুনৰ্জীৱিত কৰিব তথা সিহঁতক প্ৰতিদান দান কৰিব, ইয়াত কোনো সন্দেহ নাই; লগতে কিয়ামত সংঘটিত হ’ব, ইয়াতো কোন সন্দেহ নাই, গতিকে ইয়াৰ বাবে প্ৰস্তুতি লোৱা। কিন্তু তোমালোকে তেতিয়া কৈছিলাঃ এই কিয়ামত কি? কিয়ামতৰ বিষয়ে আমি একো নাজানো? যদিও কিছু অনুমান হয় যে ই সংঘটিত হ’ব কিন্তু ইয়াক আমি পৰিপূৰ্ণৰূপে বিশ্বাস নকৰোঁ।
Câsiye 45:33
সিহঁতৰ সন্মুখত কুফৰ আৰু পাপকৰ্মৰ দুষ্পৰিণাম প্ৰকট হ’ব, যিবোৰ সিহঁতে পৃথিৱীত কৰিছিল। সিহঁতক সেই শাস্তিৰ দ্বাৰাই দণ্ডিত কৰা হ’ব, যিটো শাস্তিৰ বিষয়ে সিহঁতক সতৰ্ক কৰিলে সিহঁতে সেইটোক উপহাস কৰিছিল।
Câsiye 45:34
আল্লাহে সিহঁতক ক’বঃ আজি আমি তোমালোকক জাহান্নামৰ মাজত এৰি দিম, যিদৰে তোমালোকে আমাৰ এই সাক্ষাতক পাহৰি আছিলা। তথা ঈমান আৰু সৎকৰ্মৰ দ্বাৰা ইয়াৰ বাবে প্ৰস্তুতি লোৱা নাছিলা। তোমালোকৰ প্ৰকৃত ঠিকনা হৈছে জাহান্নাম, তাতেই তোমালোকে অৱস্থান কৰিবা। আল্লাহৰ শাস্তি প্ৰতিৰোধ কৰিবলৈ তাত তোমালোকৰ কোনো সহায়ক নাথাকিব।
Câsiye 45:35
এই শাস্তি তোমালোকক এইকাৰণে দিয়া হ’ব, কাৰণ তোমালোকে আল্লাহৰ আয়াতসমূহক উপহাসৰ পাত্ৰ বনাই লৈছিলা তথা সেইবোৰকলৈ ঠাট্টা-মস্কৰা কৰিছিলা, লগতে পাৰ্থিৱ জীৱনৰ সা-সুবিধা আৰু চাহিদাই তোমালোকক প্ৰতাৰিত কৰিছিল। গতিকে আল্লাহৰ আয়াতসমূহক ঠাট্টা কৰা কাফিৰসকলে জাহান্নামৰ পৰা কেতিয়াও নিস্তাৰ নাপাব। বৰং চিৰকাল তাতেই অৱস্থান কৰিব। সৎকৰ্ম কৰিবলৈ কেতিয়াও সিহঁতক পাৰ্থিৱ জীৱনলৈ ওভোতাই পঠোৱা নহ'ব। তথা প্ৰতিপালকেও কেতিয়াও সিহঁতৰ প্ৰতি সন্তুষ্ট নহ’ব।
Câsiye 45:36
সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবেই, তেৱেঁই আকাশমণ্ডল আৰু পৃথিৱীৰ প্ৰতিপালক তথা গোটেই সৃষ্টিজগতৰ প্ৰতিপালক।
Câsiye 45:37
আকাশমণ্ডল আৰু পৃথিৱীত একমাত্ৰ তেওঁৰেই মহিমা তথা গৌৰৱ। তেৱেঁই মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত, পৰিচালনাৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নৰ ক্ষেত্ৰত মহা প্ৰজ্ঞাৱান।
Ahkaf 46:1
(হা, মীম) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
Ahkaf 46:2
মহাপ্ৰভূত্বশালী আল্লাহৰ ফালৰ পৰা এই কোৰআন অৱতীৰ্ণ হৈছে, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান।
Ahkaf 46:3
আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা গোটেই বস্তুবোৰ আমি অনৰ্থক সৃষ্টি কৰা নাই। বৰং সেইবোৰক আমি সত্য সহকাৰে সৃষ্টি কৰিছোঁ তথা গুৰুত্বপূৰ্ণ হিকমতসহ সৃষ্টি কৰিছোঁ। তাৰে এটা হিকমত হৈছে এই যে, যাতে বান্দাসকলে ইয়াৰ মাধ্যমত নিজ প্ৰতিপালকক চিনিব পাৰে আৰু তেওঁৰ ইবাদত কৰে, লগতে তেওঁৰ সৈতে যাতে কাকো অংশীদাৰ স্থাপন নকৰে। তথা এটা নিৰ্ধাৰিত সময়লৈকে যিটো কেৱল একমাত্ৰ আল্লাহেই জানে, সেই সময়ছোৱাত পৃথিৱীৰ উত্তৰাধিকাৰী হোৱাৰ দাবীসমূহ যাতে সিহঁতে পূৰণ কৰে। আনহাতে যিসকলে আল্লাহৰ লগত কুফৰী কৰিছে, সিহঁতে সেই বিষয়বোৰৰ পৰা বিমুখ হৈ আছে, যিবোৰ বিষয় সম্পৰ্কে আল্লাহৰ কিতাবত সতৰ্ক কৰা হৈছে। সিহঁতে সেইবোৰক কোনো ভ্ৰূক্ষেপ নকৰে।
Ahkaf 46:4
হে ৰাছুল! সত্যৰ পৰা বিমুখ হোৱা এই মুশ্বৰিকসকলক আপুনি সোধক, কোৱাচোন! তোমালোকে আল্লাহৰ বাহিৰে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰা সেইবোৰে পৃথিৱীৰ কি কি বস্তু সৃষ্টি কৰিছে? সেইবোৰে পাহাৰ-পৰ্বত সৃষ্টি কৰিছে নেকি? নে সেইবোৰে নদ-নদী সৃষ্টি কৰিছে? নাইবা সিহঁতে আকাশমণ্ডল সৃষ্টিৰ ক্ষেত্ৰত আল্লাহক সহায় কৰিছে নেকি? যদি তোমালোকৰ এই মূৰ্ত্তিবোৰ সঁচাই উপাসনাৰ যোগ্য তেন্তে ইয়াৰ সপক্ষে কোৰআনৰ পূৰ্বে আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হোৱা কোনো গ্ৰন্থৰ পৰা নাইবা পূৰ্বৱৰ্তী লোকসকলে এৰি থৈ যোৱা কোনো জ্ঞান উপস্থাপন কৰাচোন।
Ahkaf 46:5
সেই ব্যক্তিতকৈ অধিক পথভ্ৰষ্ট আন কোনো হ'ব নোৱাৰে, যিয়ে আল্লাহৰ বাহিৰে এনেকুৱা মূৰ্ত্তিবোৰৰ উপাসনা কৰে, যিবোৰে কিয়ামত পৰ্যন্ত সিহঁতৰ কোনো প্ৰাৰ্থনাৰ সঁহাৰি দিব নোৱাৰে। আল্লাহৰ বাহিৰে উপাসনা কৰা এই মূৰ্ত্তিবোৰে লাভ-ক্ষতি কৰাতো দূৰৰ কথা, নিজৰ উপাসক বিলাকৰ প্ৰাৰ্থনা সম্পৰ্কেও অনভিজ্ঞ।
Ahkaf 46:6
যদিও এইবোৰ মূৰ্ত্তিয়ে পৃথিৱীত সিহঁতক একো উপকাৰ কৰিব নোৱাৰিব, আৰু কিয়ামতৰ দিনা যেতিয়া সিহঁতক একত্ৰিত কৰা হ’ব তেতিয়া সেইবোৰে নিজৰ উপাসকসকলৰ শত্ৰু হৈ পৰিব, যিসকলে সিহঁতৰ উপাসনা কৰিছিল। তথা সিহঁতৰ পৰা সম্পৰ্কচ্ছেদ কৰিব। লগতে সিহঁতে অস্বীকাৰ কৰিব যে, সিহঁতৰ উপাসনা সম্পৰ্কে সিহঁতে অৱগত নাছিল।
Ahkaf 46:7
যেতিয়া সিহঁতৰ সন্মুখত আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহ তিলাৱত কৰা হয়, তেতিয়া কাফিৰসকলে ৰাছুলৰ মাধ্যমত অহা এই কোৰআন সম্পৰ্কে কয়ঃ এইখন হৈছে স্পষ্ট যাদু। কেতিয়াও এইখন আল্লাহৰ অহী হ’ব নোৱাৰে।
Ahkaf 46:8
এই মুশ্বৰিকসকলে এই দাবী কৰে নেকি যে, মুহাম্মদে নিজেই এই কোৰআন সৃষ্টি কৰি আল্লাহৰ লগত সম্পৃক্ত কৰিছে? হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ যদি মই এইখন নিজে ৰচনা কৰিছোঁ তেন্তে শুনা, ইয়াৰ কাৰণে আল্লাহে মোক শাস্তি দিব বিচাৰিলে তোমালোকে কেতিয়াও মোক সেই শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিবা। তেনেক্ষেত্ৰত মই আল্লাহৰ সৈতে মিছা কথা সম্পৃক্ত কৰি নিজকে কিয় ধ্বংসৰ গৰালত ঠেলি দিম?! তোমালোকে কোৰআন সম্পৰ্কে যিবোৰ মিছা কথা কৈ আছা আৰু মোৰ ওপৰত যিবোৰ মিছা আৰোপ কৰি আছা, সেইবোৰ আল্লাহে ভালদৰেই জানে। মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে পৱিত্ৰ আল্লাহেই যথেষ্ট। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল। তেওঁলোকৰ প্ৰতি পৰম দয়ালু।
Ahkaf 46:9
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, মই কোনো নতুন ৰাছুল নহয়, যাক প্ৰথমবাৰ আল্লাহে প্ৰেৰণ কৰিছে, তেন্তে কিয় তোমালোকে মোৰ দাৱাত সম্পৰ্কে আশ্চৰ্য প্ৰকাশ কৰি আছা। মোৰ পূৰ্বেও বহুত ৰাছুল আহিছিল। মই নাজানো পৃথিৱীত আল্লাহে মোৰ লগত কি কৰিব আৰু তোমালোকৰ সৈতে কি কৰিব। মই কেৱল সেই অহীৰহে অনুসৰণ কৰোঁ, যিটো মোৰ প্ৰতি প্ৰেৰণ কৰা হয়। মোৰ প্ৰত্যেক কথা আৰু কৰ্ম অহী অনুযায়ীহে সম্পাদন হয়। প্ৰকৃততে মই এজন সতৰ্ককাৰীহে, মই তোমালোকক আল্লাহৰ শাস্তিৰ পৰা স্পষ্টৰূপে সাৱধান কৰোঁ।
Ahkaf 46:10
হে ৰাছুল! এই অস্বীকাৰকাৰীসকলক কৈ দিয়ক, তোমালোকে মোক কোৱাচোন, যদি এই কোৰআন সঁচাই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ হৈছে, যাক তোমালোকে অস্বীকাৰ কৰি আছা, অথচ বনী ইছৰাঈলৰ এজন সাক্ষীয়ে তাওৰাতৰ ভাষ্যৰ ভিত্তিত সাক্ষ্য দিছে যে এইখন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ আৰু ইয়াৰ ওপৰত তেওঁ ঈমানো আনিছে, পক্ষান্তৰে তোমালোকে অহংকাৰ কৰি ইয়াৰ প্ৰতি ঈমান পোষণ কৰাৰ পৰা বিৰত আছা, তেনে অৱস্থাত তোমালোক অন্যায়কাৰী বুলি গণ্য নহ’বানে? নিশ্চয় আল্লাহে অন্যায়কাৰী সম্প্ৰদায়ক সত্যৰ তাওফীক নিদিয়ে।
Ahkaf 46:11
যিসকলে কোৰআনক আৰু ৰাছুলে লৈ অহা বাৰ্তাক অস্বীকাৰ কৰিছে, সিহঁতে মুমিনসকলক কয়ঃ “সঁচাই যদি মুহাম্মদৰ বাৰ্তা সত্য হ’লহেঁতেন আৰু কল্যাণৰ পথ দেখুৱালেহেঁতেন তেন্তে এই দৰিদ্ৰ, দাস আৰু দুৰ্বলসকলে কেতিয়াও আমাক পিছ পেলোৱাই আগভাগ ল’ব নোৱাৰিলেহেঁতেন”। যিহেতু সিহঁতে ৰাছুলে লৈ অহা বাৰ্তাক স্বীকাৰ কৰিব পৰা নাই, সেয়ে সিহঁতে কয়ঃ “মুহাম্মদে লৈ অহা এই বাৰ্তা হৈছে প্ৰাচীনকালৰ মিছা কথা। গতিকে আমি মিছা কথা কেতিয়াও নামানো”।
Ahkaf 46:12
এই কোৰআনৰ পূৰ্বে অৱতীৰ্ণ হৈছিল তাওৰাত গ্ৰন্থ। সেইখনক আল্লাহে মুছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ কৰিছিল। যিখন সত্যৰ পথপ্ৰদৰ্শক আছিল আৰু মুমিনসকলৰ বাবে আছিল সেইখন কৃপাস্বৰূপ, বনী ইছৰাঈলে সেইখনৰ অনুসৰণ কৰিছিল। মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত নাযিল হোৱা এই কোৰআনখন আৰবী ভাষাত অৱতীৰ্ণ, এইখনে পূৰ্বৱৰ্তী সকলো গ্ৰন্থক সমৰ্থন কৰে। এই গ্ৰন্থখনৰ উদ্দেশ্য হৈছে, যাতে ইয়াৰ দ্বাৰা সেইসকল লোকক সতৰ্ক কৰিব পৰা যায়, যিসকলে শ্বিৰ্ক আৰু পাপকৰ্মৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে। লগতে এইখনে সেইসকল লোকৰ বাবে সুসংবাদ কঢ়িয়াই আনিছে, যিসকলে সৃষ্টিকৰ্তাৰ সৈতে আৰু তেওঁৰ সৃষ্টিৰ সৈতে ভাল ব্যৱহাৰ কৰে।
Ahkaf 46:13
নিশ্চয় যিসকলে স্বীকাৰ কৰিছে যে, আল্লাহেই আমাৰ একমাত্ৰ প্ৰতিপালক, তেওঁৰ বাহিৰে আমাৰ কোনো প্ৰতিপালক নাই, তাৰ পিছত ঈমান আৰু সৎকৰ্মৰ ওপৰত অবিচল থাকে, আখিৰাত সম্পৰ্কে তেওঁলোকৰ কোনো ভয় নাথাকিব, আৰু পিছফালে এৰি থৈ অহা পাৰ্থিৱ জীৱনৰ সা-সুবিধাকলৈও তেওঁলোকৰ কোনো চিন্তা নহ’ব।
Ahkaf 46:14
এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই হ’ব জান্নাতবাসী, তেওঁলোকে তাত চিৰকাল থাকিব। এইটো তেওঁলোকৰ সেইসমূহ সৎকৰ্মৰ প্ৰতিদান যিবোৰ তেওঁলোকে পৃথিৱীত সম্পাদন কৰিছিল।
Ahkaf 46:15
আমি মানুহক গুৰুত্ব সহকাৰে নিৰ্দেশ দিছোঁ যে, সিহঁতে যেন পিতৃ-মাতৃৰ লগত সদ্ব্যৱহাৰ কৰে। তেওঁলোকৰ আদেশ পালন কৰে, জীৱিত অৱস্থাতো আৰু তেওঁলোকৰ মৃত্যৰ পিছতো, মনত ৰখা উচিত যাতে আদেশ পালনত চৰীয়তৰ বিৰোধিতা নহয়। বিশেষকৈ মাকৰ প্ৰতি মনোযোগ দিয়া উচিত, যিয়ে বহু কষ্ট সহ্য কৰি গৰ্ভ ধাৰণ কৰিছিল আৰু প্ৰসৱ যন্ত্ৰণা সহ্য কৰি তাক জন্ম দিছে। গৰ্ভধাৰণ আৰু স্তনপান এৰুৱাবলৈ যাৰ সময় লাগিছিল ত্ৰিশ মাহ। অৱশেষত মানুহ যেতিয়া পূৰ্ণ বিবেকৱান তথা শক্তিপ্ৰাপ্ত হয় আৰু চল্লিশ বছৰত ভৰি দিয়ে, তেতিয়া দুআ কৰা উচিতঃ হে মোৰ প্ৰতিপালক! তুমি মোক শক্তি দিয়া যাতে মই তোমাৰ নিয়ামতৰ কৃতজ্ঞতা আদায় কৰিব পাৰোঁ, যিবোৰ নিয়ামত তুমি মোক প্ৰদান কৰিছা আৰু মোৰ পিতৃ-মাতৃক প্ৰদান কৰিছা। তুমি মোক সৎকৰ্ম কৰাৰ তাওফীক দান কৰা, যিবোৰ তুমি পছন্দ কৰা। তথা সেই সৎকৰ্ম তুমি মোৰ পৰা কবূল কৰি লোৱা। লগতে মোৰ বাবে মোৰ সন্তান-সন্ততিসকলক সংশোধন কৰি দিয়া। মই মোৰ গুনাহৰ পৰা তোমাৰ ওচৰত তাওবা কৰিছোঁ। লগতে তোমাৰ আনুগত্যৰ আগত মই শিৰ নত কৰিছোঁ আৰু তোমাৰ আদেশৰ আগত আত্মসমৰ্পন কৰিছোঁ।
Ahkaf 46:16
এনেকুৱা লোকৰ পৰাই আমি তেওঁলোকৰ সৎকৰ্মবোৰ কবূল কৰোঁ আৰু তেওঁলোকৰ গুনাহসমূহ মাৰ্জনা কৰোঁ, তেওঁলোকৰ ত্ৰুটিবোৰক কেন্দ্ৰ কৰি তেওঁলোকক জবাবদিহি নকৰোঁ। তেওঁলোক হৈছে জান্নাতীসকলৰ অন্তৰ্ভুক্ত। তেওঁলোকক প্ৰদান কৰা এই প্ৰতিশ্ৰুতি হৈছে সত্য প্ৰতিশ্ৰুতি। নিশ্চিতৰূপে এইটো কাৰ্যকৰি হ’বই।
Ahkaf 46:17
যিয়ে নিজৰ পিতৃ-মাতৃক কয়ঃ “ধিক্ তোমালোকৰ ওপৰত, তোমালোকে মোক এই প্ৰতিশ্ৰুতি দিয়া নেকি যে, মোৰ মৃত্যুৰ পিছত মোক পুনৰ কবৰৰ পৰা উঠোৱা হ’ব, অথচ মোৰ পূৰ্বে বহু প্ৰজন্ম অতীত হৈছে, সিহঁতৰ মাজৰ কাকো দেখোন জীৱিত কৰি উঠোৱা দেখা পোৱা নাই”? তেতিয়া তাৰ পিতৃ-মাতৃয়ে আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে যাতে আল্লাহে তেওঁলোকৰ পুত্ৰক ঈমানৰ হিদায়ত দিয়ে। লগতে পিতা-মাতা উভয়ে পুত্ৰক উদ্দেশ্যি কয়ঃ “আখিৰাতৰ জীৱনৰ প্ৰতি যদি তুমি ঈমান পোষণ নকৰা তেন্তে তোমাৰ বিনাশ অনিবাৰ্য। নিশ্চিতভাৱে আখিৰাত সম্পৰ্কীয় আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, ইয়াত কোনো সন্দেহ নাই”। কিন্তু সি পুনৰুত্থানক অস্বীকাৰ কৰি সেই একেটা কথাকে পুনৰাবৃত্তি কৰি ক’লেঃ “পুনৰুত্থান সম্পৰ্কে যিবোৰ কথা উত্থাপন হৈ আছে, সেইবোৰ দৰাচলতে পূৰ্বৱৰ্তী গ্ৰন্থৰ পৰা সংগৃহীত। আল্লাহৰ ফালৰ পৰা এইবোৰ প্ৰমাণিত নহয়”।
Ahkaf 46:18
এইসকল লোকৰ ওপৰতেই শাস্তি অনিবাৰ্য হৈ পৰিছে। সিহঁতক পূৰ্বৱৰ্তী জিন আৰু মানুহৰ সৈতে শাস্তি বিহা হ’ব, নিশ্চয় সিহঁত আছিল ক্ষতিগ্ৰস্ত। কাৰণ জাহান্নামত প্ৰৱেশ কৰি সিহঁতে নিজৰ আৰু নিজ পৰিয়ালৰ ক্ষতি সাধন কৰিছে।
Ahkaf 46:19
দুয়োটা গোটৰ বাবে –জান্নাতবাসী আৰু জাহান্নামবাসীৰ বাবে- সিহঁতৰ কৰ্ম অনুপাতে শ্ৰেণী থাকিব। জান্নাতীসকলে থাকিব উচ্চ শ্ৰেণীত আৰু জাহান্নামীসকলে থাকিব নিম্ন শ্ৰেণীত। আল্লাহে তেওঁলোক আটাইকে তেওঁলোকৰ কৰ্ম অনুসাৰে পৰিপূৰ্ণ প্ৰতিদান দান কৰিব। কিয়ামতৰ দিনা তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ অন্যায় কৰা নহ’ব, তেওঁলোকৰ নেকীও হ্ৰাস কৰা নহ’ব আৰু গুনাহো বৃদ্ধি কৰা নহ’ব।
Ahkaf 46:20
আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলক যিদিনা শাস্তি বিহিবলৈ জাহান্নামৰ সন্মুখত উপস্থিত কৰোৱা হ’ব, তেতিয়া সিহঁতক ভৰ্ৎসনা কৰি আৰু তিৰস্কাৰ কৰি কোৱা হ’বঃ তোমালোকে পৃথিৱীতেই তোমালোকৰ নেকীসমূহ বিনষ্ট কৰিছিলা, আৰু পাৰ্থিৱ জীৱনৰ ভোগ সামগ্ৰীক প্ৰাধান্য দি সেইবোৰকে উপভোগ কৰিছিলা। সেয়ে আজি তোমালোকক শাস্তি বিহা হ’ব, কাৰণ তোমালোকে পৃথিৱীত অন্যায়ভাৱে সত্যৰ পৰা অহংকাৰ কৰিছিলা, লগতে কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছিলা।
Ahkaf 46:21
হে ৰাছুল! আদ সম্প্ৰদায়ৰ বংশগত ভাই হূদ আলাইহিচ্ছালামক স্মৰণ কৰক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ৰ লোকসকলক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিছিল। এইটো সেই সময়ৰ কথা যেতিয়া তেওঁ আৰবীয়ান দ্বীপৰ দক্ষিণ দিশত অৱস্থিত আহক্বাফ নামক ঠাইত নিজ অঞ্চলত বসবাস কৰি আছিল। এই কথাও নিশ্চিত যে, হূদ আলাইহিচ্ছালামৰ আগত আৰু পিছতো বহুত ৰাছুল অতীত হৈছে। তেওঁলোকে নিজ নিজ সম্প্ৰদায়ক কৈছিলঃ একমাত্ৰ আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা। তেওঁৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা। হে মোৰ সম্প্ৰদায়! নিশ্চয় মই তোমালোকৰ বিষয়ে এটা ভীষণ দিৱসৰ শাস্তিকলৈ আশংকা কৰি আছোঁ।
Ahkaf 46:22
তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক ক’লেঃ তুমি আমাক আমাৰ উপাস্যবোৰৰ উপাসনাৰ পৰা বাধা দিবলৈ আহিছা নেকি? তোমাক আমি এইটো কেতিয়াও কৰিবলৈ নিদিওঁ। যদি তুমি তোমাৰ দাবীত সত্যবাদী তেন্তে তুমি সেই শাস্তি লৈ অহা যি শাস্তিৰ ভয় তুমি আমাক দেখুৱাই আছা।
Ahkaf 46:23
হূদ আলাইহিচ্ছালামে ক’লেঃ শাস্তি কেতিয়া আহিব ইয়াৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে। মই এই বিষয়ে একো নাজানো। মই হৈছোঁ এজন ৰাছুল তথা বাৰ্তাবাহক, মই তোমালোকক সেই বাৰ্তা পৌঁচাই দিওঁ যিটো প্ৰদান কৰি মোক তোমালোকৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছে। কিন্তু মই যি দেখি আছোঁ তোমালোক হৈছা বিবেকহীন সম্প্ৰদায়, কাৰণ যিটো বিষয় তোমালোকৰ বাবে উপকাৰী সেইটোক তোমালোকে পৰিত্যাগ কৰি আছা আৰু যিবোৰ বিষয় তোমালোকৰ বাবে ক্ষতিকৰ, সেইবোৰক আঁকোৱালি লৈছা।
Ahkaf 46:24
এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ সেই শাস্তি আহি পালে যিটোকলৈ সিহঁতে খৰখেদা কৰি আছিল, সিহঁতে সেইটোক আকাশৰ এফালে বিস্তৃত অৱস্থাত দেখা পালে, যিটো সিহঁতৰ উপত্যকাৰ ফালে আহি আছিল। এই দেখি সিহঁতে ক’বলৈ ধৰিলেঃ “এইটো দেখোন এটুকুৰা মেঘহে, যিটো বৰষুণ হৈ আমাৰ ওপৰত অৱতীৰ্ণ হ’ব”। সিহঁতৰ এই কথা শুনি হূদ আলাইহিচ্ছালামে সিহঁতক ক’লেঃ “বিষয়টো তেনেকুৱা নহয়, যিটো তোমালোকে ধাৰণা কৰি আছা যে, এইটো এটুকুৰা মেঘ বুলি যিটো তোমালোকৰ ওপৰত বৰ্ষণ হ’ব। বৰং এইটো হৈছে সেই শাস্তি যিটোৰ বিষয়ে তোমালোকে খৰখেদা কৰি আছিলা। দৰাচলতে এইটো হৈছে কাল ধুমুহা, ইয়াৰ মাজত আছে কষ্টদায়ক শাস্তি”।
Ahkaf 46:25
“এই ধুমুহা যি দিশেৰে গতি কৰিব, প্ৰত্যেক সেই বস্তুক বিনাশ কৰি যাব যিটোক ধ্বংস কৰাৰ আদেশ আল্লাহে প্ৰদান কৰিছে”। ফলত সিহঁত সকলোৱে ধ্বংস্তূপত পৰিণত হৈছিল। এতেকে ইতিপূৰ্বে তাত যে জনবসতি আছিল সেইটোৰ প্ৰমাণ কেৱল সিহঁতৰ সেই চূৰ্ণ-বিচূৰ্ণ ঘৰ-বাৰিৰ দ্বাৰাহে পোৱা গৈছিল। এনেকুৱা কষ্টদায়ক শাস্তি আমি সেইসকল লোককো প্ৰদান কৰোঁ, যিসকলে কুফৰী আৰু পাপকৰ্মত সদায় অটল থাকে।
Ahkaf 46:26
নিশ্চয় আমি হূদ আলাইহিচ্ছালামৰ জাতিক শক্তিৰ সেই সকলো সাধন প্ৰদান কৰিছিলোঁ, যিবোৰ তোমালোকক প্ৰদান কৰা নাই। আমি সিহঁতক শুনাৰ বাবে কাণ, দেখিবলৈ চকু আৰু বুজিবলৈ অন্তৰ দিছিলোঁ, কিন্তু সিহঁতৰ সেই কাণ, চকু আৰু অন্তৰেও সিহঁতক কোনো উপকাৰ কৰিব পৰা নাছিল। যেতিয়া সিহঁতৰ ওচৰলৈ আল্লাহৰ শাস্তি আহি পৰিছিল, সিহঁতৰ পৰা সেই শাস্তিক প্ৰতিৰোধ কৰিব পৰা নাছিল। কিয়নো সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল। নবী হূদ আলাইহিচ্ছালামে সিহঁতক যি শাস্তিৰ পৰা সতৰ্ক কৰিছিল, সিহঁতৰ ওপৰত সেই শাস্তিয়ে নামি আহিছিল, যিটোক সিহঁতে ঠাট্টা কৰিছিল।
Ahkaf 46:27
হে মক্কাৰ অধিবাসীসকল! নিশ্চয় আমি তোমালোকৰ ওচৰে-পাঁজৰে থকা জনবসতিসমূহকো ধ্বংস কৰিছিলোঁ। আমিয়ে আদ, ছামূদ, লূত সম্প্ৰদায় আৰু মাদিয়ানবাসীকো ধ্বংস কৰিছোঁ। সিহঁতৰ সন্মুখত আমি বিভিন্ন প্ৰকাৰৰ যুক্তি প্ৰমাণ উপস্থাপন কৰিছিলোঁ, যাতে সিহঁতে কুফৰীৰ পৰা উভতি আহে।
Ahkaf 46:28
তেতিয়া সিহঁতৰ সেই মূৰ্ত্তিবোৰে কিয় সিহঁতক সহায় কৰা নাছিল, যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে উপাস্য হিচাপে গ্ৰহণ কৰিছিল, ইবাদত আৰু বলি বিধানৰ জৰিয়তে যিবোৰৰ সিহঁতে নৈকট্য লাভ কৰিছিল?! সেইবোৰে সিহঁতৰ কোনো সহায় কৰা নাছিল। বৰং প্ৰকৃত প্ৰয়োজনৰ সময়তে সেইবোৰে সিহঁতৰ প্ৰতি কোনো ভ্ৰূক্ষেপ কৰা নাছিল। দৰাচলতে সেইটো আছিল মিথ্যাচাৰ, যিবোৰৰ দ্বাৰা সিহঁতে সান্তনা লভিছিল যে, এই মূৰ্তিবোৰে সিহঁতক উপকাৰ কৰিব তথা আল্লাহৰ ওচৰত সিহঁতৰ বাবে মধ্যস্ততা কৰিব।
Ahkaf 46:29
হে ৰাছুল! স্মৰণ কৰক সেই সময়ছোৱাক, যেতিয়া আমি আপোনাৰ ওচৰলৈ জিনসকলৰ এটা দল প্ৰেৰণ কৰিছিলোঁ। যিসকলে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন মনোযোগ সহকাৰে শুনি আছিল। যেতিয়া তেওঁলোকে কোৰআন শুনিবলৈ উপস্থিত হৈছিল, তেতিয়া তেওঁলোকে ইজনে সিজনক কৈছিলঃ “মনে মনে থাকা, যাতে আমি ভালকৈ শুনিব পাৰোঁ”। এতেকে যেতিয়া ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কোৰআন তিলাৱত সমাপ্ত কৰিলে, তেতিয়া তেওঁলোকে নিজ সম্প্ৰদায়ৰ ওচৰলৈ উভতি গ’ল, সিহঁতক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ, যদি সিহঁতে এই কোৰাআনৰ প্ৰতি ঈমান পোষণ নকৰে (তেন্তে শাস্তিৰ সন্মুখীন হ'ব, এইবুলি সতৰ্ক কৰিবলৈ ধৰিলে)।
Ahkaf 46:30
তেওঁলোকে নিজ সম্প্ৰদায়ক ক’লেঃ হে মোৰ জাতিৰ লোকসকল! আমি এখন কিতাব শুনিছোঁ, যিখন আল্লাহে মুছা আলাইহিচ্ছালামৰ পিছত অৱতীৰ্ণ কৰিছে। সেই কিতাবখনে পূৰ্বৱৰ্তী সকলো ঐশীগ্ৰন্থক সমৰ্থন কৰে। আমি শুনা এই কিতাবখনে সত্যৰ পথ দেখুৱায়, আৰু সঠিক পথৰ হিদায়ত দিয়ে। অৰ্থাৎ ইছলামৰ পথ দেখুৱায়।
Ahkaf 46:31
হে মোৰ জাতিৰ লোকসকল! মুহাম্মদে তোমালোকক যি সত্যৰ পিনে আহ্বান কৰি আছে, তোমালোকে সেইটোক আঁকোৱালি লোৱা, লগতে এই কথা বিশ্বাস কৰা যে, তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল। আল্লাহে তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিব। তথা সেই কষ্টদায়ক শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিব, যি শাস্তি সত্য স্বীকাৰ নকৰাসকলক তথা ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰাসকলক প্ৰদান কৰা হ’ব।
Ahkaf 46:32
আৰু মুহাম্মদে যি সত্যৰ পিনে আহ্বান কৰি আছে, সেইটোক যিয়ে স্বীকাৰ নকৰিব, সি পৃথিৱীত পলায়ন কৰি কেতিয়াও আল্লাহক অপাৰগ কৰিব নোৱাৰিব। আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সহায়কো নাই, যিয়ে সিহঁতক শাস্তিৰ পৰা ৰক্ষা কৰিব। এনেকুৱা লোকেই সত্যৰ পৰা প্ৰকাশ্য পথভ্ৰষ্টত পতিত হৈ আছে।
Ahkaf 46:33
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই মুশ্বৰিকসকলে লক্ষ্য কৰা নাই নেকি যে, যি আল্লাহে বিশালাকাৰ, বৃহদায়তন আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছে, যিবোৰ সৃষ্টি কৰিবলৈ তেওঁৰ কোনো অসুবিধা হোৱা নাই, তেওঁ নিশ্চয় মৃতসকলকো হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে জীৱিত কৰিবলৈ সক্ষম?! হয়, নিশ্চয় তেওঁ সিহঁতক জীৱিত কৰিবলৈ সক্ষম। নিশ্চয় তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। গতিকে মৃতসকলক জীৱন দানৰ ক্ষেত্ৰতো তেওঁ অপাৰগ নহয়।
Ahkaf 46:34
আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰা লোকসকলক যিদিনা শাস্তি বিহিবলৈ জাহান্নামৰ সন্মুখত উপস্থিত কৰা হ’ব, তেতিয়া সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ “এই শাস্তি যিটোক তোমালোকে দেখি আছা, সত্য নহয়নে?! মিছা নেকি এইটো, যিদৰে পৃথিৱীত তোমালোকে ইয়াক মিছা বুলি কৈছিলা?”! তেতিয়া সিহঁতে ক’বঃ “হয়, আমি আমাৰ প্ৰতিপালকৰ শপত খাই কওঁ নিশ্চয় এয়া সত্য”। তেতিয়া সিহঁতক কোৱা হ’বঃ “তেন্তে এতিয়া তোমালোকে এই শাস্তি উপভোগ কৰা, কাৰণ তোমালোকে আল্লাহক অস্বীকাৰ কৰিছিলা”।
Ahkaf 46:35
হে ৰাছুল! আপোনাৰ সম্প্ৰদায়ে আপোনাক অস্বীকাৰ কৰিছে, গতিকে আপুনিও সেইদৰে ধৈৰ্য্য ধাৰণ কৰক যিদৰে দৃঢ় সংকল্পৱান ৰাছুলসকলে অৰ্থাৎ নূহ, ইব্ৰাহীম, মুছা আৰু ঈছা আলাইহিমুচ্ছালামে ধৈৰ্য্য ধাৰণ কৰিছিল। সিহঁতৰ ওপৰত শাস্তি আহিবলৈ ততাতৈয়া নকৰিব। আপোনাৰ সম্প্ৰদায়ৰ এই অস্বীকাৰকাৰীসকলে আখিৰাতত যেতিয়া সেই শাস্তি দেখা পাব, যি শাস্তিৰ পৰা সিহঁতক সতৰ্ক কৰা হৈছিল, তেতিয়া সিহঁতে শাস্তিৰ সময় সীমাৰ তুলনাত এনেকুৱা অনুভৱ কৰিব যেনিবা সিহঁতে পৃথিৱীত দিনৰ এটা অংশহে অতিবাহিত কৰিছিল। মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা এই কোৰআন হৈছে মানুহ আৰু জিনৰ বাবে এক সতৰ্ক বাৰ্তা তথা এইখনেই যথেষ্ট। দৰাচলতে শাস্তিৰ জৰিয়তে কেৱল সেইসকল লোককেই ধ্বংস কৰা হ’ব, যিসকলে কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছে।
Muhammed 47:1
যিসকলে আল্লাহক অস্বীকাৰ কৰিছে আৰু মানুহক আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰাখিছে, আল্লাহে সিহঁতৰ সকলো আমল অগ্ৰহণযোগ্য বুলি ঘোষণা কৰিছে।
Muhammed 47:2
যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে, আৰু সৎকৰ্ম কৰিছে, লগতে সেইখন গ্ৰন্থৰ প্ৰতি ঈমান আনিছে যিখন আল্লাহে তেওঁৰ ৰাছুল মুহাম্মদৰ ওপৰত অৱতীৰ্ণ কৰিছে –আৰু সেইখনেই তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা সত্য- আল্লাহে তেওঁলোকৰ গুনাহসমূহ মাৰ্জনা কৰি দিব, তেওঁলোকক কোনো ধৰণৰ জবাবদিহি কৰা নহ’ব। তেওঁলোকৰ পাৰ্থিৱ জীৱনৰ আৰু আখিৰাতৰ সকলো বিষয় সংশোধন কৰি দিব।
Muhammed 47:3
দুয়োটা দলৰ প্ৰতিদান ভিন্ন হোৱাৰ কাৰণ হৈছে, যিসকলে আল্লাহক অস্বীকাৰ কৰিছে সিহঁতে বাতিলৰ অনুসৰণ কৰিছে। আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে তেওঁলোকে দৰাচলতে নিজ প্ৰতিপালকৰ তৰফৰ পৰা অহা সত্যৰ অনুসৰণ কৰিছে। দুয়োটা দলৰ কৰ্ম ভিন্ন হোৱাৰ কাৰণে সিহঁতৰ প্ৰতিদানো ভিন্ন। যিদৰে আল্লাহে মুমিন আৰু কাফিৰসকলৰ দুয়োটা দলৰ বিষয়ে স্পষ্ট ফয়চালা শুনাইছে, সেইদৰেই তেওঁ মানুহৰ বাবে উদাহৰণবোৰ উপস্থাপন কৰে, যিবোৰ সিহঁতৰ বাবে প্ৰযোজ্য।
Muhammed 47:4
হে মুমিনসকল! যুদ্ধক্ষেত্ৰত তোমালোকে কাফিৰসকলক লগ পোৱাৰ লগে লগে শিৰচ্ছেদ কৰিবা, সিহঁতৰ মাজৰ অধিকাংশ লোকক হত্যা নকৰালৈকে এই অভিযান জাৰি ৰাখিবা, যাতে সিহঁত দুৰ্বল হৈ পৰে। সিহঁতৰ মাজৰ অধিকাংশ লোকক হত্যা কৰাৰ পিছত বাকীসকলক বন্দী কৰিবা। এতেকে সিহঁতক জেলত বন্দী কৰাৰ পিছত, বিষয়টো তোমালোকৰ ইচ্ছাধীন থাকিব। তোমালোকে ইচ্ছা কৰিলে বিনিময় নোলোৱাকৈ সিহঁতক এৰি দিব পাৰা নাইবা অৰ্থদণ্ড গ্ৰহণ কৰি মুক্তি দিব পাৰা। এই যুদ্ধ সমাপ্ত নোহোৱালৈকে সিহঁতক হত্যা কৰা তথা সিহঁতক বন্দী কৰাৰ ধাৰাবাহিকতা অব্যাহত ৰাখা, যেতিয়ালৈকে সিহঁতে ইছলাম গ্ৰহণ নকৰিব অথবা কোনো চুক্তি স্বাক্ষৰ নকৰিব। কাফিৰসকলৰ দ্বাৰা মুমিনসকলক পৰীক্ষা কৰাৰ এই ধাৰাবাহিকতা, সময়ৰ হেৰফেৰ, লগতে ইজনক সিজনৰ ওপৰত বিজয় প্ৰদান আদি আল্লাহৰ আদেশানুক্ৰমেই হৈ থাকে। আল্লাহে ইচ্ছা কৰিলে কাফিৰসকলৰ লগত যুদ্ধ নকৰাকৈয়ে বিজয় প্ৰদান কৰিব পাৰিলেহেঁতেন। কিন্তু এনেকুৱা নকৰি তেওঁ জিহাদ প্ৰৱৰ্তন কৰিছে, যাতে তোমালোকৰ মাজৰ ইজনক সিজনৰ দ্বাৰা পৰীক্ষা কৰিব পৰা যায় যে, মুমিনসকলৰ মাজৰ কোনে যুদ্ধ কৰে আৰু কোনে নকৰে। আনহাতে কাফিৰসকলক মুমিনসকলৰ দ্বাৰা পৰীক্ষা কৰা হয়। যদি কাফিৰে মুমিনক হত্যা কৰে তেন্তে সেই মুমিন জান্নাতত প্ৰৱেশ কৰিব। আনহাতে মুমিনে কাফিৰক হত্যা কৰিলে, সেই কাফিৰ জাহান্নামত প্ৰৱেশ কৰিব। যিসকলে আল্লাহৰ পথত শ্বহীদ হ’ব, তেওঁলোকৰ আমল আল্লাহে কেতিয়াও ব্যৰ্থ নকৰিব।
Muhammed 47:5
আল্লাহে তেওঁলোকক পাৰ্থিৱ জীৱনত সত্য অনুসৰণ কৰাৰ তাওফীক প্ৰদান কৰিব, আৰু তেওঁলোকৰ সকলো অৱস্থা ঠিক কৰি দিব।
Muhammed 47:6
কিয়ামতৰ দিনা তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাব। পাৰ্থিৱ জীৱনতেই আল্লাহে তেওঁলোকৰ আগত জান্নাতৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰিছে, ফলত তেওঁলোকে জান্নাত দেখাৰ লগে লগে চিনি পাব। তথা আখিৰাতত তেওঁলোকে নিজৰ ঠিকনা চিনি পাব।
Muhammed 47:7
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! যদি তোমালোকে কাফিৰসকলৰ লগত যুদ্ধ কৰি আল্লাহৰ দ্বীন আৰু তেওঁৰ নবীক সহায় কৰা, তেন্তে তেওঁ তোমালোকক বিজয় প্ৰদান কৰি সহায় কৰিব। লগতে যুদ্ধক্ষেত্ৰত সিহঁতৰ লগত মুখামুখি হোৱাৰ সময়ত তেওঁ তোমালোকক সুদৃঢ় ৰাখিব।
Muhammed 47:8
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, সিহঁতৰ বাবে আছে ক্ষতি আৰু বিনাশ। তথা আল্লাহে সিহঁতৰ আমলৰ প্ৰতিদানসমূহ বিনষ্ট কৰি দিব।
Muhammed 47:9
সিহঁতে এই শাস্তি পোৱাৰ কাৰণ হৈছে, আল্লাহে ৰাছুলৰ প্ৰতি অৱতীৰ্ণ কৰা এই কোৰআনৰ মাজত আল্লাহৰ তাওহীদৰ বৰ্ণনা থকাৰ বাবে সিহঁতে ইয়াক অপছন্দ কৰিছিল। ফলত আল্লাহেও সিহঁতৰ আমলসমূহ ব্যৰ্থ কৰি দিছে। এতেকে পৃথিৱী আৰু আখিৰাত উভয় ঠাইতে সিহঁত ক্ষতিগ্ৰস্ত।
Muhammed 47:10
এই অস্বীকাৰকাৰীসকলে পৃথিৱীত ঘূৰি পকি চোৱা নাই নেকি, তেতিয়াহে গ'ম পালেহেঁতেন যে সিহঁতৰ পূৰ্বে অতীত হোৱা লোকসকলৰ কি দশা হৈছিল? নিশ্চিতভাৱে সিহঁতৰ পৰিণাম আছিল অতি কষ্টদায়ক। সিহঁতৰ লগতে সিহঁতৰ ঘৰসমূহকো আল্লাহে ধ্বংস কৰিছিল। এইদৰে সিহঁতক, সিহঁতৰ সন্তান-সন্ততি আৰু ধন-সম্পত্তিকো নিঃশেষ কৰিছিল। কাফিৰসকলৰ বাবে প্ৰত্যেক শতিকাতে আৰু প্ৰত্যেক স্থানতে এনেকুৱা শাস্তি নিৰ্ধাৰণ কৰা হৈছে।
Muhammed 47:11
দুয়োটা গোটৰ বাবে ভিন্ন শাস্তি হোৱাৰ কাৰণ হৈছে, কিয়নো আল্লাহ হৈছে মুমিনসকলৰ সহায়ক। আনহাতে কাফিৰসকলৰ বাবে কোনো সহায়ক নাই।
Muhammed 47:12
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আল্লাহে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, য’ত অট্টালিকা আৰু গছ-গছনি আদিৰ তলদেশত নিজৰা প্ৰবাহিত থাকিব। আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, সিহঁতে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰি পাৰ্থিৱ জীৱন উপভোগ কৰি আছে, সিহঁতে সেইদৰেই খাই-বৈ আছে যিদৰে জীৱ-জন্তুৱে খায়। সিহঁতৰ সকলোবোৰ গতিবিধিৰ মূল লক্ষ্য হৈছে পেট আৰু লজ্জাস্থান। কিয়ামতৰ দিনা জাহান্নামেই হৈছে সিহঁতৰ শেষ ঠিকনা, তাতেই সিহঁতে অৱস্থান কৰিব।
Muhammed 47:13
পূৰ্বৱৰ্তী বহুতো উম্মত পাৰ হৈছে, সিহঁত আছিল আপোনাক বহিষ্কাৰ কৰা মক্কাবাসীতকৈও অধিক শক্তিশালী, সন্তান-সন্ততিৰ ক্ষেত্ৰতো আৰু ধন-সম্পত্তিৰ ক্ষেত্ৰতো। কিন্তু তথাপিও সিহঁতে যেতিয়া ৰাছুলসকলক অস্বীকাৰ কৰিছিল, আমি সিহঁতক ধ্বংস কৰিছিলোঁ। শাস্তি অহাৰ পিছত সিহঁতক আল্লাহৰ আযাবৰ পৰা ৰক্ষা কৰিব পৰা কোনো সহায়ক নাছিল। এতেকে আমি যদি মক্কাৰ অধিবাসীসকলক ধ্বংস কৰিব বিচাৰোঁ, তেন্তে আমাৰ বাবে এয়া কোনো কঠিন বিষয় নহয়।
Muhammed 47:14
যি ব্যক্তিৰ ওচৰত নিজ প্ৰতিপালকৰ তৰফৰ পৰা অহা স্পষ্ট প্ৰমাণ আৰু প্ৰকাশ্য দলিল আছে, তথা যিয়ে সঠিক জ্ঞান অনুসাৰে ইবাদত কৰে, তেনেকুৱা ব্যক্তিক সেই ব্যক্তিৰ লগত তুলনা কৰা হ’ব নেকি, যাৰ বেয়া কৰ্মবোৰক চয়তানে শোভনীয় কৰি দিছে, লগতে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰি মূৰ্ত্তিপূজাত লিপ্ত হৈছে আৰু বিভিন্ন গুনাহত পতিত হৈছে, লগতে ৰাছুলসকলক অস্বীকাৰ কৰিছে?
Muhammed 47:15
আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তাক্বৱা অৱলম্বন কৰা লোকসকলক আল্লাহে যি জান্নাতৰ প্ৰতিশ্ৰুতি দিছে, সেই জান্নাতৰ বৈশিষ্ট্য হৈছে এনে ধৰণৰঃ তাত এনেকুৱা নদী আছে, যি নদীৰ পানী অধিক সময় ৰখি থাকিলেও সোৱাদ আৰু ঘ্ৰাণ পৰিবৰ্তন নহয়। লগতে তাত আছে সোৱাদ পৰিবৰ্তন নোহোৱা গাখীৰৰ নদী। এইদৰে তাত আছে সুস্বাদু সুৰাৰ নদী। লগতে তাত পৰিশোধিত মৌজোলৰ নদীও আছে। তেওঁলোকৰ বাবে তাত থাকিব তেওঁলোকে বিচৰা সকলো প্ৰকাৰ ফল-মূল। এই সকলোবোৰৰ ওপৰত থাকিব তেওঁলোকৰ বাবে আল্লাহৰ ফালৰ পৰা গুনাহৰ ক্ষমা। তেওঁলোকক এই বিষয়ে কোনো সোধ-পোচ কৰা নহ’ব। এনেকুৱা প্ৰতিদান লাভ কৰা ব্যক্তিক, সেই ব্যক্তিৰ লগত তুলনা কৰা ঠিক হ’বনে যিয়ে চিৰকাল জাহান্নামত থাকিব, তাৰ পৰা কেতিয়াও ওলাব নোৱাৰিব, আৰু যাক উতলা গৰম পানী খোওৱা হ’ব, ফলত সিহঁতৰ নাৰী-ভুৰু ছিন্ন-বিচ্ছিন্ন হৈ পৰিব?
Muhammed 47:16
হে ৰাছুল! মুনাফিকসকলৰ মাজৰ কিছুমানে আপোনাৰ প্ৰতি কাণ পাতি থাকে। কিন্তু সত্য গ্ৰহণ কৰা সিহঁতৰ উদ্দেশ্য নহয়, বৰং ইয়াৰ পৰা বিমুখ হোৱাটোহে সিহঁতৰ মূল উদ্দেশ্য। সিহঁতে যেতিয়া আপোনাৰ বৈঠকৰ পৰা ওলাই যায় তেতিয়া সিহঁতে সেইসকল লোকক যিসকলক আল্লাহে জ্ঞান দান কৰিছে, নজনাৰ ভাও ধৰি আৰু ভ্ৰূক্ষেপ নকৰাকৈ এইদৰে সোধেঃ “এইমাত্ৰ তেওঁ কি আলোচনা কৰিলে?” জানি থোৱা! এনেকুৱা লোকৰ অন্তৰতেই আল্লাহে মোহৰ মাৰি দিছে, সেইকাৰণে সিহঁতৰ অন্তৰত কোনো কল্যাণকৰ কথা প্ৰৱেশ নকৰে। সিহঁতে নিজৰ প্ৰবৃত্তিৰ চাহিদাৰ অনুসৰণ কৰি আছে, আৰু এইটোৱেই সিহঁতক সত্যৰ পৰা অন্ধ কৰি পেলাইছে।
Muhammed 47:17
আনহাতে যিসকলে সত্যৰ পথ অৱলম্বন কৰিছে আৰু ৰাছুলে লৈ অহা চৰীয়তৰ অনুসৰণ কৰিছে, তেওঁলোকক তেওঁলোকৰ প্ৰতিপালকে আৰু অধিক হিদায়ত প্ৰদান কৰিব তথা কল্যাণৰ তাওফীক প্ৰদান কৰিব। লগতে তেওঁলোকক এনেকুৱা কৰ্ম কৰাৰ সামৰ্থ প্ৰদান কৰিব, যিবোৰে তেওঁলোকক জাহান্নামৰ পৰা ৰক্ষা কৰিব।
Muhammed 47:18
কাফিৰসকলে এই অপেক্ষাত আছে নেকি যে, কিয়ামত সিহঁতৰ ওচৰলৈ কোনো অগ্ৰিম জাননী নিদিয়াকৈ আকস্মিক আহি পৰক? যদিও ইয়াৰ প্ৰতীকসমূহ আহি পৰিছে। উদাহৰণস্বৰূপে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগমন, চন্দ্ৰ দ্বিখণ্ডিত হোৱা আদি। কিন্তু যেতিয়া কিয়ামত সংঘটিত হ’ব তেতিয়া সিহঁতে কেনেকৈ উপদেশ গ্ৰহণ কৰিব?!
Muhammed 47:19
হে ৰাছুল! আপুনি পৰিপূৰ্ণ বিশ্বাস কৰক যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। গতিকে তেওঁৰ ওচৰতেই আপোনাৰ গুনাহৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰক, লগতে মুমিন পুৰুষসকলৰ আৰু মুমিনা নাৰীসকলৰ গুনাহৰ বাবেও ক্ষমা প্ৰাৰ্থনা কৰক। আল্লাহে তোমালোকৰ দিনৰ ভাগত কৰা চলা-ফুৰা আৰু ৰাতিৰ বিশ্ৰামস্থল সম্পৰ্কেও অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়।
Muhammed 47:20
আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা লোকসকলে ৰাছুলৰ প্ৰতি যুদ্ধৰ বিধান সংক্ৰান্তীয় ছুৰা অৱতীৰ্ণ হোৱাৰ আশা পোষণ কৰি কয়ঃ আল্লাহে এনেকুৱা কোনো ছুৰা কিয় অৱতীৰ্ণ নকৰে, যাৰ মাজত যুদ্ধৰ বৰ্ণনা আছে? এতেকে আল্লাহে যেতিয়া যুদ্ধৰ বিধি-বিধান সংক্ৰান্তীয় কোনো ছুৰা অৱতীৰ্ণ কৰে, তেতিয়া হে নবী! আপুনি সেইসকল মুনাফিকক দেখিবলৈ পাব যিসকলৰ অন্তৰত সংশয়ৰ ব্যাধি আছে সিহঁতে আপোনাৰ ফালে সেই ব্যক্তিৰ দৰে চাই থাকে যিদৰে প্ৰচণ্ড ভয়ত বেহুচ হোৱা ব্যক্তিয়ে চায়। আল্লাহে সেইসকল লোকক সতৰ্কবাণী প্ৰদান কৰিছে যে, সিহঁতৰ শাস্তি অতি সন্নিকট, কাৰণ সিহঁতে যুদ্ধৰ পৰা আঁতৰি আছিল আৰু যুদ্ধক ভয় কৰিছিল।
Muhammed 47:21
সিহঁতে আল্লাহৰ আনুগত্য কৰিব লাগিছিল আৰু উত্তম কথা ক’ব লাগিছিল, এইটোৱে তেওঁলোকৰ পক্ষে কল্যাণকৰ আছিল। এতেকে যেতিয়া যুদ্ধ অনিবাৰ্য কৰা হৈছিল, তেতিয়া যদি সিহঁতে সঠিক ঈমানৰ বহিঃপ্ৰকাশ কৰিলেহেঁতেন তথা আল্লাহৰ আনুগত্য কৰিলেহেঁতেন তেন্তে নিশ্চয় এইটো সিহঁতৰ বাবে নিফাক আৰু আল্লাহৰ অৱজ্ঞাৰ পৰা শত গুণে উত্তম হ’লহেঁতেন।
Muhammed 47:22
তোমালোকৰ অৱস্থা দেখি এইটোৱে প্ৰতীত হয় যে, যদি তোমালোকে আল্লাহৰ প্ৰতি ঈমান আৰু তেওঁৰ আনুগত্যৰ পৰা বিমুখ হোৱা তেন্তে নিশ্চয় তোমালোকে পৃথিৱীত কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে উপদ্ৰৱ সৃষ্টি কৰিবা। লগতে আত্মীয়তাৰ বন্ধন ছিন্ন কৰাত উদ্গনি দিবা, যিদৰে অজ্ঞতা যুগত তোমালোকৰ অৱস্থা আছিল।
Muhammed 47:23
পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা আৰু আত্মীয়তাৰ বন্ধন ছিন্ন কৰা এই লোকসকলকেই আল্লাহে নিজৰ ৰহমতৰ পৰা আঁতৰাই দিছে। সিহঁতৰ কাণত গধুৰতা সৃষ্টি কৰি দিছে, যাতে সিহঁতে সত্য গ্ৰহণ কৰাৰ আৰু মানাৰ উদ্দেশ্যে শুনিব নোৱাৰে। লগতে সিহঁতক অন্ধ বনাইছে, যাতে সিহঁতে শিক্ষা গ্ৰহণ কৰাৰ উদ্দেশ্যে দেখিব নোৱাৰে।
Muhammed 47:24
বিমুখ হোৱা এই লোকসকলে কোৰআন আৰু ইয়াৰ শিক্ষাকলৈ চিন্তা-চৰ্চা কিয় নকৰে? যদি সিহঁতে চিন্তা-চৰ্চা কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতক কল্যাণৰ পথ দেখুৱালেহেঁতেন আৰু সকলো প্ৰকাৰ অনিষ্টৰ পৰা দূৰত ৰাখিলেহেঁতেন। নাইবা সিহঁতৰ অন্তৰত মজবুত তলা লগোৱা আছে নেকি? যাৰ ফলত সিহঁতৰ ওচৰত কোনো শিক্ষাও কাম নকৰে আৰু কোনো উপদেশো উপকাৰ নকৰে।
Muhammed 47:25
নিশ্চয় যিসকলে ঈমানৰ পৰা আকৌ কুফৰী আৰু নিফাকলৈ উভতি গৈছে, অথচ সিহঁতৰ ওচৰত অজুহাত উত্থাপন কৰাৰ কোনো উপায় নাই, লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতা সম্পৰ্কেও প্ৰমাণ স্পষ্ট হৈছে, সিহঁতৰ বাবে চয়তানেই কুফৰ আৰু নিফাকক শোভনীয় কৰি দিছে আৰু সহজ কৰি দিছে। তথা সিহঁতক ডাঙৰ আশা দি ৰাখিছে।
Muhammed 47:26
সিহঁতক এইকাৰণে পথভ্ৰষ্ট কৰা হৈছে যে, সিহঁতে ৰাছুলৰ প্ৰতি অৱতীৰ্ণ হোৱা অহীক অপছন্দ কৰা মুশ্বৰিকসকলক কয়ঃ “আমি অনতিপলমে কিছুমান বিষয়ত তোমালোকৰ অনুসৰণ কৰিম, যেনে- মানুহক যুদ্ধৰ পৰা বিৰত ৰখা আদি”। অথচ আল্লাহে সিহঁতৰ প্ৰকাশ্য আৰু গোপন সকলো তথ্য সম্পৰ্কে অৱগত। একোৱেই তেওঁৰ পৰা গোপন নহয়। অদৃশ্য জ্ঞানৰ যিখিনি তেওঁ ইচ্ছা কৰে সেইখিনি ৰাছুলক অৱগত কৰে।
Muhammed 47:27
সেইসময়ত সিহঁতৰ কি দশা হ’ব, যেতিয়া সিহঁতক আপুনি শাস্তিৰ মাজত তথা দুৰাৱস্থাত দেখিবলৈ পাব, লগতে প্ৰাণ হৰণ কৰা ফিৰিস্তাসকলে যেতিয়া প্ৰাণহৰণ কৰাৰ সময়ত লোহাৰ হাতুৰীৰে সিহঁতৰ মুখমণ্ডল আৰু পিঠিত আঘাত কৰিব?!
Muhammed 47:28
এই শাস্তি সিহঁতক এইকাৰণে দিয়া হ’ব যে, সিহঁতে প্ৰত্যেক সেই পন্থা অৱলম্বন কৰিছিল, যি পন্থাই আল্লাহক অসন্তুষ্ট কৰে। যেনে- কুফৰী, নিফাক, লগতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে শত্ৰুতা। তথা প্ৰত্যেক সেই কৰ্মক অপছন্দ কৰিছিল, যি কৰ্মই আল্লাহৰ নৈকট্য অৱলম্বন কৰাত সহায় কৰে আৰু তেওঁক সন্তুষ্ট কৰে। যেনে- আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰা আদি। ফলত আল্লাহে সিহঁতৰ সকলো আমল ব্যৰ্থ কৰি দিছে।
Muhammed 47:29
অন্তৰত সন্দেহ-সংশয় থকা মুনাফিকসকলে ধাৰণা কৰে নেকি যে, আল্লাহে সিহঁতৰ বিদ্বেষসমূহ কেতিয়াও প্ৰকাশ নকৰিব? আল্লাহে সিহঁতক বিপদগ্ৰস্ত কৰি নিশ্চয় সিহঁতৰ বিদ্বেষসমূহ উন্মোচন কৰিব। যাতে প্ৰকৃত মুমিনসকলক মিছলীয়াসকলৰ পৰা পৃথক কৰাত সুবিধা হয়। তথা সহজেই যাতে চিনিব পৰা যায় যে, কোন মুমিন আৰু কোন মুনাফিক।
Muhammed 47:30
হে ৰাছুল! আমি আপোনাক মুনাফিকসকলৰ পৰিচয় দিব বিচাৰিলে নিশ্চয় দিব পাৰিলোহেঁতেন। কিন্তু আপুনি সিহঁতৰ প্ৰতীকসমূহৰ জৰিয়তেই চিনি পাব, আনকি সিহঁতৰ কথা কোৱাৰ ধৰণতে সিহঁতক চিনি পাব। আল্লাহে তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেৱেঁই তোমালোকক ইয়াৰ প্ৰতিদান দিব।
Muhammed 47:31
হে মুমিনসকল! নিশ্চয় আমি তোমালোকক পৰীক্ষা কৰিম, জিহাদৰ দ্বাৰা, শত্ৰুৰ লগত যুদ্ধৰ দ্বাৰা, হত্যা আদিৰ দ্বাৰা, যাতে এই কথা স্পষ্ট হৈ পৰে যে তোমালোকৰ মাজৰ কোন প্ৰকৃত মুজাহিদ, আৰু কোনে শত্ৰুৰ লগত যুদ্ধ কৰাৰ সময়ত ধৈৰ্য্য ধাৰণ কৰে। আমি তোমালোকক পৰীক্ষা কৰিম যাতে সত্যবাদী আৰু মিছলীয়া ব্যক্তিৰ মাজত পাৰ্থক্য কৰিব পৰা যায়।
Muhammed 47:32
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, আল্লাহৰ দ্বীনৰ পৰা নিজকে আৰু আনকো বিৰত ৰাখিছে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যে প্ৰকৃত নবী, এই কথা স্পষ্ট হোৱাৰ পিছতো সিহঁতে তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিছে আৰু তেওঁৰ সৈতে শত্ৰুতা পোষণ কৰিছে। সিহঁতে আল্লাহৰ একো ক্ষতি কৰিব নোৱাৰিব। বৰং সিহঁতে নিজৰহে ক্ষতি কৰি আছে। শীঘ্ৰেই আল্লাহে সিহঁতৰ কৰ্মবোৰ বাতিল ঘোষণা কৰিব।
Muhammed 47:33
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! আল্লাহৰ অনুসৰণ কৰা আৰু ৰাছুলৰো অনুসৰণ কৰা, তেওঁলোকৰ আদেশ পালন কৰা আৰু তেওঁলোকে নিষেধ কৰা বিষয়ৰ পৰা বিৰত থাকা। তথা কুফৰ আৰু ৰিয়া আদি (লোকক দেখুৱাবলৈ কৰা) আমলৰ জৰিয়তে নিজৰ আমলসমূহ বিনষ্ট নকৰিবা।
Muhammed 47:34
নিশ্চয় যিসকলে আল্লাহৰ সৈতে কুফৰী কৰিছে, লগতে নিজকে আৰু মানুহকো আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰাখিছে আৰু তাওবা নকৰাকৈ কুফৰীৰ ওপৰতেই মৃত্যুবৰণ কৰিছে, আল্লাহে সিহঁতৰ গুনাহবোৰ কেতিয়াও ক্ষমা নকৰিব, বৰং ইয়াৰ বাবে সিহঁতক জবাবদিহি কৰিব। তথা সিহঁতক জাহান্নামত প্ৰৱেশ কৰাব, য’ত সিহঁতে চিৰকাল থাকিব।
Muhammed 47:35
হে মুমিনসকল! তোমালোকে শত্ৰুৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত কেতিয়াও দুৰ্বলতা নেদেখুৱাবা আৰু সিহঁতে প্ৰস্তাৱ দিয়াৰ পূৰ্বে কেতিয়াও তোমালোকে সিহঁতক সন্ধিৰ প্ৰস্তাৱ নিদিবা। কাৰণ তোমালোকেই হৈছা প্ৰভাৱী আৰু বিজয়ী। নিশ্চয় সহায়-সমৰ্থনৰ দ্বাৰা আল্লাহ তোমালোকৰ লগত আছে। তেওঁ কেতিয়াও তোমালোকৰ কৰ্মৰ প্ৰতিদান হ্ৰাস নকৰিব, বৰং নিজ অনুগ্ৰহত আৰু অধিক বৃদ্ধিহে কৰি দিব।
Muhammed 47:36
পাৰ্থিৱ জীৱন হৈছে খেল-ধেমালি আৰু অৰ্থহীন আড্ডা। গতিকে ইয়াক লৈ ব্যস্ত থাকি কোনো বিবেকৱান ব্যক্তিয়ে আখিৰাতৰ পৰা অমনোযোগী হোৱা উচিত নহয়। যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা, লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা তেন্তে তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দান কৰিব। কোনো প্ৰকাৰ ছোৱাব হ্ৰাস কৰা নহ’ব। তেওঁ তোমালোকৰ পৰা তোমালোকৰ গোটেই সম্পদ বিচৰা নাই, বৰং তোমালোকৰ পৰা অনিবাৰ্য যাকাতহে বিচাৰে।
Muhammed 47:37
যদি তেওঁ তোমালোকৰ পৰা তোমালোকৰ সম্পূৰ্ণ সম্পদ বিচাৰিলেহেঁতেন তথা ডাঠিকৈ বিচাৰিলেহেঁতে তেন্তে তোমালোকে নিশ্চয় কৃপণালি কৰিলাহেঁতেন। আল্লাহৰ পথত ব্যয় কৰাৰ ক্ষেত্ৰত তোমালোকৰ অন্তৰত যি অপছন্দনীয় ভাৱ আছে, সেয়া ওলাই পৰিলেহেঁতেন। গতিকে তোমালোকৰ প্ৰতি এইটো তেওঁৰ সহানুভূতি যে, তেওঁ তোমালোকৰ পৰা সম্পূৰ্ণ ধন বিচৰা নাই।
Muhammed 47:38
শুনা! তোমালোকেই হৈছা সেইসকল লোক, যিসকলক আল্লাহৰ পথত নিজৰ সম্পদৰ এটা অংশ দান কৰিবলৈ আহ্বান কৰা হৈছে। তেওঁ তোমালোকক গোটেই সম্পদ ব্যয় কৰাৰ আদেশ দিয়া নাই। কিন্তু তোমালোকৰ মাজৰ কিছুমানে কৃপণালি কৰি ব্যয় কৰাৰ পৰা আঁতৰি থাকে। এতেকে যিয়ে আল্লাহৰ পথত নিজৰ সম্পদৰ এটা অংশ ব্যয় কৰাৰ পৰা কৃপণালি কৰে, সি দৰাচলতে নিজৰ লগতেই কৃপণালি কৰে। কাৰণ সি ছোৱাবৰ পৰা বঞ্চিত থাকিব। আল্লাহ অমুখাপেক্ষী, তোমালোকৰ ব্যয় তেওঁক কোনো উপকাৰ নকৰে। আনহাতে তোমালোক হৈছা অভাৱগ্ৰস্ত। যদি তোমালোকে ইছলামৰ পৰা কুফৰীলৈ উভতি যোৱা তেন্তে তেওঁ তোমালোকক ধ্বংস কৰিব, আৰু তোমালোকৰ ঠাইত অন্য জাতিক তোমালোকৰ স্থলাভিষিক্ত কৰিব। কিন্তু সেইসকল লোক তোমালোকৰ দৰে নহ’ব। বৰং তেওঁলোক হ’ব আল্লাহৰ আনুগত্যকাৰী।
Feth 48:1
হে ৰাছুল! নিশ্চয় আমি আপোনাক হুদাইবিয়াৰ সন্ধিৰূপে এটা স্পষ্ট বিজয় প্ৰদান কৰিছোঁ।
Feth 48:2
যাতে আল্লাহে আপোনাক এই বিজয়ৰ পূৰ্বৰ আৰু পিছৰ গুনাহসমূহ ক্ষমা কৰি দিয়ে। আপোনাৰ ধৰ্মৰ সহায় কৰি তেওঁ যাতে আপোনাৰ ওপৰত তেওঁৰ নিয়ামত পৰিপূৰ্ণ কৰি দিব পাৰে। লগতে তেওঁ যাতে আপোনাক এনেকুৱা পোন পথ দেখুৱাব পাৰে, যি পথত কোনো ধৰণৰ বক্ৰতা নাই। সেইটোৱে হৈছে ইছলামৰ সঠিক পথ।
Feth 48:3
শত্ৰুৰ বিৰুদ্ধে আল্লাহে আপোনাক পৰিপূৰ্ণৰূপে সহায় কৰিব, কোনেও তেওঁক প্ৰতিৰোধ কৰিব নোৱাৰিব।
Feth 48:4
আল্লাহেই মুমিনসকলক দৃঢ়তা প্ৰদান কৰিছে, তথা তেওঁলোকৰ অন্তৰত শান্তি অৱতীৰ্ণ কৰিছে, যাতে তেওঁলোকৰ ঈমানৰ ওপৰত ঈমান বৃদ্ধি কৰিব পাৰে। আকাশমণ্ডল আৰু পৃথিৱীৰ সেনাবাহিনী একমাত্ৰ আল্লাহৰ অধীনস্থ, তেওঁ সেইবোৰৰ দ্বাৰা তেওঁৰ যি বান্দাক ইচ্ছা কৰে সহায় কৰে। নিশ্চয় আল্লাহেই তেওঁৰ বান্দাসকলৰ হিত সম্পৰ্কে সৰ্বজ্ঞ। লগতে সহায়-সমৰ্থনৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।
Feth 48:5
যাতে তেওঁ আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা পুৰুষ আৰু মুমিনা নাৰীসকলক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব পাৰে, যাৰ অট্টালিকা আৰু গছ-গছনিবোৰৰ তলদেশত নদী প্ৰবাহিত থাকিব। লগতে তেওঁলোকৰ গুনাহসমূহ মাৰ্জনা কৰিব পাৰে, তেওঁ সেইবোৰক কেন্দ্ৰ কৰি তেওঁলোকক জবাবদিহি নকৰিব। লক্ষ্যত উপনীত হোৱা অৰ্থাৎ জান্নাত লাভ কৰা আৰু ভয়ৰ পৰা মুক্তি অৰ্থাৎ গুনাহৰ বাবে জবাবদিহিৰ পৰা মুক্তি আদিয়ে হৈছে আল্লাহৰ দৃষ্টিত মহাসফলতা। কোনো সফলতাৰে ইয়াৰ লগত তুলনা নহয়।
Feth 48:6
লগতে যাতে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীসকলক শাস্তি বিহিব পাৰে আৰু মুশ্বৰিকা পুৰুষ আৰু মুশ্বৰিকা নাৰীসকলক শাস্তি বিহিব পাৰে, লগতে যাতে সেইসকলকো শাস্তি বিহিব পাৰে যিসকলে আল্লাহৰ বিষয়ে ধাৰণা পোষণ কৰে যে, আল্লাহে তেওঁৰ দ্বীনক সহায় নকৰিব আৰু তেওঁৰ বাণীক সুউচ্চ নকৰিব। শাস্তিৰ চক্ৰ সিহঁতৰ পিনেই ঘূৰি আহিব, আৰু আল্লাহে সিহঁতৰ ওপৰত অসন্তুষ্ট হ’ব, কাৰণ সিহঁতে কুফৰী কৰিছে আৰু বেয়া ধাৰণা পোষণ কৰিছে। লগতে তেওঁ সিহঁতক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই দিব আৰু আখিৰাতত সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জাহান্নাম, য’ত প্ৰৱেশ কৰি সিহঁতে চিৰকাল থাকিব। জাহান্নাম হৈছে অতি নিকৃষ্ট ঠাই, য’ত সিহঁতে প্ৰত্যাৱৰ্তন কৰিব।
Feth 48:7
আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো সেনাবাহিনী একমাত্ৰ আল্লাহৰ অধীনস্থ। তেওঁ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাকেই সেইবোৰৰ দ্বাৰা সমৰ্থন কৰে। আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।
Feth 48:8
হে ৰাছুল! আমি আপোনাক সাক্ষী হিচাপে প্ৰেৰণ কৰিছোঁ। যাতে আপুনি আপোনাৰ উম্মতৰ বিষয়ে সাক্ষী দিব পাৰে। লগতে আমি আপোনাক মুমিনসকলৰ বাবে সুসংবাদদাতা হিচাপে প্ৰেৰণ কৰিছোঁ, যাতে আপুনি তেওঁলোকক পৃথিৱীৰ সহায়-সহযোগিতা আৰু আখিৰাতৰ নিয়ামতৰ বিষয়ে সুসংবাদ দিব পাৰে। আৰু যাতে কাফিৰসকলক ভয় দেখুৱাব পাৰে, পৃথিৱীত সিহঁতে মুমিনসকলৰ হাতত পৰাজিত হৈ অপমানিত হ’ব আৰু আখিৰাতত সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰখা হৈছে কষ্টদায়ক শাস্তি, যি শাস্তি সিহঁতৰ অপেক্ষা কৰি আছে।
Feth 48:9
এই আশাত যে, যাতে তোমালোকে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব পাৰা আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিব পাৰা। লগতে যাতে তেওঁৰ ৰাছুলক সন্মান কৰা আৰু সমাদৰ কৰা, তথা পুৱা-গধুলি আল্লাহৰ পৱিত্ৰতা বৰ্ণনা কৰা।
Feth 48:10
হে ৰাছুল! নিশ্চয় যিসকলে মক্কাৰ মুশ্বৰিকসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আপোনাৰ ওচৰত বাইআতে ৰিজৱান নামেৰে প্ৰসিদ্ধ বাইআত গ্ৰহণ কৰিছে, তেওঁলোকে প্ৰকৃততে আল্লাহৰ লগত বাইআত কৰিছে। কাৰণ তেৱেঁই মুশ্বৰিকসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ নিৰ্দেশ দিছে। তথা তেৱেঁই তেওঁলোকক প্ৰতিদান দিব। (বাইআতৰ সময়ত) আল্লাহৰ হাত আছিল তেওঁলোকৰ হাতৰ ওপৰত। তেওঁলোকৰ বিষয়ে তেওঁ সৰ্বজ্ঞ। তেওঁলোকৰ কোনো বিষয় তেওঁৰ পৰা গোপন নহয়। এতেকে যিয়ে বাইআত (প্ৰতিশ্ৰুতি) ভঙ্গ কৰিব আৰু আল্লাহৰ দ্বীনৰ পক্ষত থিয় দিয়াৰ বচন পূৰণ নকৰিব, সেই ব্যক্তিৰ বাইআত তথা প্ৰতিশ্ৰুতি ভঙ্গ কৰাৰ ক্ষতি সি নিজেই ভোগ কৰিব। ইয়াৰ ফলত আল্লাহৰ কোনো ক্ষতি নহ’ব। আনহাতে যিয়ে আল্লাহৰ দ্বীনৰ পক্ষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব, আল্লাহে তেওঁক মহাপ্ৰতিদান দান কৰিব অৰ্থাৎ জান্নাতত প্ৰৱেশ কৰাব।
Feth 48:11
হে ৰাছুল! যিসকল বেদুইনক আল্লাহে মক্কাৰ ছফৰত আপোনাৰ সঙ্গী হোৱাৰ পৰা বিৰত ৰাখিছিল, সিহঁতক যেতিয়া আপুনি ভৰ্ৎসনা কৰিব, তেতিয়া সিহঁতে আপোনাক ক’বঃ “আমি আমাৰ ঘৰচীয়া জীৱ-জন্তু আৰু ধন-সম্পত্তি, লগতে সন্তান-সন্ততিৰ চোৱাচিতাৰ মাজত ব্যস্ত আছিলোঁ, যাৰ ফলত আপোনাৰ সৈতে যাব নোৱাৰিলোঁ। গতিকে আপুনি আমাৰ বাবে আল্লাহৰ ওচৰত আমাৰ গুনাহৰ ক্ষমা প্ৰাৰ্থনা কৰি দিয়ক”। সিহঁতে মুখেৰে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰ আবেদন জনাইছিল যদিও, এইটো সিহঁতৰ অন্তৰাত্মাৰ আবেদন নাছিল। কাৰণ সিহঁত নিজে কেতিয়াও গুনাহৰ পৰা তাওবা নকৰে। হে নবী! আপুনি সিহঁতক কৈ দিয়ক, যদি আল্লাহে তোমালোকৰ মঙ্গল বিচাৰে অথবা তোমালোকক অনিষ্ট কৰিব বিচাৰে তেন্তে কোনেও তেওঁক প্ৰতিৰোধ কৰিব নোৱাৰে। বৰং তোমালোকে যি কৰি আছা সেই বিষয়ে তেওঁ সুক্ষ্মভাৱে অৱহিত, যিমানেই সৰু নহওক কিয়, তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
Feth 48:12
ধন-সম্পদ আৰু সন্তান-সন্ততিৰ মাজত ব্যস্ত থকাৰ যি অজুহাত তোমালোকে দাঙি ধৰিছা, সেইটো দৰাচলতে ৰাছুলৰ সৈতে নোযোৱাৰ কাৰণ হ’ব নোৱাৰে। প্ৰকৃততে তোমালোকে ভাৱিছিলা ৰাছুল আৰু তেওঁৰ ছাহাবাসকল আটায়ে ধ্বংস হ’ব; আৰু তেওঁলোক কেতিয়াও মদীনালৈ ঘূৰি আহিব নোৱাৰিব। চয়তানে তোমালোকৰ অন্তৰত এই ধাৰণাটোক সুন্দৰ বনাই দিছিল। লগতে তোমালোকে নিজ প্ৰতিপালকৰ বিষয়েও বেয়া ধাৰণা পোষণ কৰিছিলা যে, তেওঁ কেতিয়াও নিজ ৰাছুলক সহায় নকৰিব। দৰাচলতে তোমালোক হৈছা ধ্বংস হ’বলগীয়া সম্প্ৰদায়, সেইকাৰণেই তোমালোকে আল্লাহৰ বিষয়ে বেয়া ধাৰণা পোষণ কৰিছা, আৰু ৰাছুলৰ সৈতে যোৱাৰ পৰা বিৰত আছিলা।
Feth 48:13
যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ নকৰিব, সিয়েই কাফিৰ। আল্লাহক অস্বীকাৰ কৰা কাফিৰসকলৰ বাবে কিয়ামতৰ দিনা আমি প্ৰস্তুত কৰি ৰাখিছোঁ প্ৰজ্জ্বলিত জুই, য’ত সিহঁতক শাস্তি বিহা হ’ব।
Feth 48:14
আকাশমণ্ডল আৰু পৃথিৱীৰ কৰ্তৃত্ব একমাত্ৰ আল্লাহৰ হাতত। তেওঁ বান্দাসকলৰ মাজৰ যাক ইচ্ছা কৰে তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়ে আৰু তাক নিজ অনুগ্ৰহত জান্নাতত প্ৰৱেশ কৰায়। আনহাতে যাক ইচ্ছা কৰে ন্যায় সহকাৰে শাস্তি দিয়ে। নিশ্চয় আল্লাহ গুনাহৰ পৰা তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল, তথা তেওঁলোকৰ প্ৰতি কৃপাশীল।
Feth 48:15
হে মুমিনসকল! যেতিয়া তোমালোকে খয়বৰৰ যুদ্ধলব্ধ সম্পদ অৰ্জন কৰিবলৈ ওলাই পৰিবা, যিটোৰ প্ৰতিশ্ৰুতি হুদাইবিয়াৰ সন্ধিৰ পিছত আল্লাহে তোমালোকক প্ৰদান কৰিছিল। তেতিয়া সেইসকল লোকে ক’ব, যিসকলক আল্লাহে মক্কাৰ ছফৰৰ পৰা বিৰত ৰাখিছিলঃ “আপোনালোকৰ লগত যাবলৈ আমাকো অনুমতি দিয়ক, যাতে আমিও যুদ্ধলব্ধ সম্পদ লাভ কৰিব পাৰোঁ”। পিছত ৰৈ যোৱা এই লোকসকলে এনেকুৱা আবেদন কৰি দৰাচলতে আল্লাহৰ সেই প্ৰতিশ্ৰুতি পৰিবৰ্তন কৰিব বিচাৰে, যিটো আল্লাহে হুদাইবিয়াৰ সন্ধিৰ পিছত মুমিনসকলক প্ৰদান কৰিছিল যে, কেৱল তেওঁলোকেই খয়বৰৰ যুদ্ধলব্ধ সম্পদ অৰ্জন কৰিব। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, এই যুদ্ধলব্ধ সম্পদ অৰ্জন কৰিবলৈ তোমালোকে আমাৰ লগত যাব নোৱাৰা, কাৰণ এই সম্পদ বিশেষকৈ সেইসকল লোকৰ প্ৰাপ্য যিসকলে হুদাইবিয়াত অংশগ্ৰহণ কৰিছিল। তেতিয়া সিহঁতে নিশ্চয় ক’বঃ “খয়বৰৰ অভিযানত আমাক লগত লৈ নোযোৱাটো আল্লাহৰ আদেশ নহয়, বৰং এইটো হৈছে আপোনালোকৰ ঈৰ্ষা”। কিন্তু বিষয়টো তেনেকুৱা নহয় যিদৰে এই ৰৈ যোৱা লোকসকলে ধাৰণা কৰিছে। বৰং সিহঁতে আল্লাহৰ আদেশ নিষেধ বুজিবলৈয়ে সক্ষম নহয়। সেইকাৰণেই সিহঁতে গুনাহত পতিত হৈ আছে।
Feth 48:16
হে ৰাছুল! আপুনি সেই বেদুইনসকলক পৰীক্ষাস্বৰূপ কৈ দিয়ক, যিসকলে মক্কাৰ ছফৰত আপোনাৰ সৈতে যোৱাৰ পৰিবৰ্তে ঘৰতে ৰৈ গৈছিলঃ “শীঘ্ৰেই তোমালোকক এনেকুৱা এটা সম্প্ৰদায়ৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহ্বান কৰা হ’ব, যাৰ অধিবাসীসকল হৈছে যুদ্ধবীৰ। সিহঁতৰ বিৰুদ্ধে তোমালোকে আল্লাহৰ পথত যুদ্ধ কৰিবা অথবা সিহঁতে যুদ্ধ নকৰাকৈয়ে ইছলাম গ্ৰহণ কৰিব। এতেকে যদি তোমালোকে আল্লাহৰ আদেশ পালন কৰি সিহঁতৰ সৈতে যুদ্ধ কৰা, তেন্তে তোমালোকক উত্তম প্ৰতিদান দান কৰা হ’ব, অৰ্থাৎ জান্নাত। আনহাতে যদি তোমালোকে তেওঁৰ আদেশ অমান্য কৰা (যিদৰে তোমালোকে মক্কাৰ ছফৰত তেওঁৰ লগত যোৱাৰ পৰা বিৰত আছিলা) তেন্তে তোমালোকক কষ্টদায়ক শাস্তি বিহা হ’ব”।
Feth 48:17
অন্ধ, লেঙেৰা অথবা অসুস্থতাৰ বাবে যদি কোনোবাই আল্লাহৰ পথত যুদ্ধৰ পৰা বিৰত থাকে তেন্তে তেনেকুৱা ব্যক্তিৰ বাবে কোনো গুনাহ নহ’ব। যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, আল্লাহে তেওঁক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ অট্টালিকা আৰু গছ-গছনিবোৰৰ তলদেশত প্ৰবাহিত থাকিব নদীসমূহ। আনহাতে যিয়ে তেওঁলোকৰ আদেশ পালনৰ পৰা বিৰত থাকিব, তাক আল্লাহে কষ্টদায়ক শাস্তি প্ৰদান কৰিব।
Feth 48:18
নিশ্চয় আল্লাহে মুমিনসকলৰ ওপৰত সন্তুষ্ট হৈছে, যেতিয়া তেওঁলোকে হুদাইবিয়াৰ স্থানত এজোপা গছৰ তলত আপোনাৰ ওচৰত বাইআত কৰি আছিল, যিটো বাইআতে ৰিজৱান নামেৰে প্ৰসিদ্ধ। আল্লাহে তেওঁলোকৰ অন্তৰত থকা ঈমান, ইখলাচ আৰু সত্যতা সম্পৰ্কে অৱগত। আল্লাহেই তেওঁলোকৰ অন্তৰত শান্তি অৱতীৰ্ণ কৰিছে। লগতে তেওঁলোকক ইয়াৰ প্ৰতিদান হিচাপে আসন্ন বিজয় অৰ্থাৎ খয়বৰৰ বিজয়ৰ সুসংবাদ প্ৰদান কৰিছে। এই সুসংবাদৰ আচল কাৰণ আছিল যাতে মক্কাত প্ৰৱেশ নকৰাৰ বাবে তেওঁলোকৰ অন্তৰত যি বেদনাই স্থান পাইছিল, সেইটো যাতে কিছু পৰিমাণে হ্ৰাস পায়।
Feth 48:19
লগতে তেওঁলোকক বিপুল পৰিমাণে যুদ্ধলব্ধ সম্পদৰ দ্বাৰা পুৰস্কৃত কৰিছে, যিবোৰ তেওঁলোকে খয়বৰৰ পৰা সংগ্ৰহ কৰিব। আল্লাহ মহাপ্ৰভাৱশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিৰ্ধাৰণৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত মহা প্ৰজ্ঞাৱান।
Feth 48:20
হে মুমিনসকল! আল্লাহে তোমালোকক বহুতো যুদ্ধলব্ধ সম্পদৰ প্ৰতিশ্ৰুতি দিছে, যিবোৰ তোমালোকে অনাগত দিনত ইছলামী বিজয়ৰ দ্বাৰা লাভ কৰিবা। ইপিনে খয়বৰৰ যুদ্ধলব্ধ সম্পদ তোমালোকক শীঘ্ৰে প্ৰদান কৰাৰ বাবে ত্বৰান্বিত কৰি দিছে। লগতে ইয়াহুদীসকলৰ হাত নিবাৰিত কৰি ৰাখিছিল, তোমালোকে যুদ্ধৰ বাবে ওলাই যোৱাৰ পিছত যেতিয়া সিহঁতে তোমালোকৰ পৰিয়ালক অনিষ্ট কৰিব বিচাৰিছিল। শীঘ্ৰে লাভ কৰা এই যুদ্ধলব্ধ সম্পদ যাতে তোমালোকৰ বাবে আল্লাহৰ সহায়-সমৰ্থনৰ প্ৰতীক হয়। লগতে যাতে আল্লাহে তোমালোকক সঠিক পথৰ হিদায়ত দিয়ে, যাৰ মাজত কোনো বক্ৰতা নাই।
Feth 48:21
আল্লাহে তোমালোকক ইয়াৰ বাহিৰেও আৰু কিছুমান যুদ্ধলব্ধ সম্পদৰ প্ৰতিশ্ৰুতি দান কৰিছে, যিবোৰ অৰ্জন কৰিবলৈ তোমালোকৰ ওচৰত এতিয়া পৰ্যাপ্ত শক্তি নাই। একমাত্ৰ আল্লাহেই সেইটো প্ৰদান কৰিবলৈ সক্ষম। সেই বিষয়ৰ সঠিক জ্ঞানো একমাত্ৰ তেওঁৰ ওচৰতেই আছে, আৰু তেৱেঁই একমাত্ৰ ইয়াৰ উপায় উপলব্ধকাৰী। আল্লাহ সকলো বিষয়তে ক্ষমতাৱান। একোৱেই তেওঁক অপাৰগ কৰিব নোৱাৰে।
Feth 48:22
হে মুমিনসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰা লোকসকলে যদি তোমালোকৰ সৈতে যুদ্ধ কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে পৰাজিত হৈ পলায়ন কৰিলেহেঁতেন, তথা ইয়াৰ পিছত সিহঁতে নিজৰ সুৰক্ষাৰ বাবে কোনো সংৰক্ষক বিচাৰি নাপালেহেঁতেন, লগতে তোমালোকৰ সৈতে যুদ্ধ কৰাৰ বাবে কোনো সহায়কো বিচাৰি নাপালেহেঁতেন।
Feth 48:23
প্ৰত্যেক সময় আৰু প্ৰত্যেক স্থানতে মুমিনসকলৰ বিজয় আৰু কাফিৰসকল পৰাস্ত হোৱাটো নিশ্চিত। এই অস্বীকাৰকাৰীসকলৰ পূৰ্বে অতিবাহিত হোৱা উম্মতবোৰৰ মাজতো এই ধাৰাবাহিকতা চলি আহিছে। হে ৰাছুল! আল্লাহৰ নীতি-নিয়মত আপুনি কোনো ধৰণৰ পৰিবৰ্তন নাপাব।
Feth 48:24
তেৱেঁই মুশ্বৰিকসকলৰ হাতৰ পৰা তোমালোকক ৰক্ষা কৰিছিল, হুদাইবিয়াৰ স্থানত যেতিয়া সিহঁতৰ মাজৰ আশীজন লোকে তোমালোকক আক্ৰমণ কৰাৰ উদ্দেশ্যে আগমণ কৰিছিল। লগতে তোমালোককো বিৰত ৰাখিছিল, যাতে তোমালোকে সিহঁতক হত্যা নকৰা আৰু সিহঁতৰ অনিষ্ট কৰিব নোৱাৰা। আনকি সিহঁতক বন্দী কৰাৰ সামৰ্থ থকাৰ পিছতো সিহঁতক এৰি দিছিলা। তোমালোকে যি যি কৰি আছিলা, আল্লাহে সেয়া দেখি আছিল। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়।
Feth 48:25
আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰা সেইসকল লোকেই তোমালোকক সন্মানিত মছজিদত প্ৰৱেশ কৰাত বাধা দিছিল, লগতে কুৰবানীৰ জন্তুক সন্মানিত অঞ্চলৰ নিৰ্দিষ্ট ঠাইত লৈ যাবলৈ বাধা দিছিল। যদি তাত আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা মুমিন পুৰুষ আৰু মুমিনা নাৰীৰ উপস্থিতি নাথাকিলহেঁতেন, যিসকলক তোমালোকে চিনিও নোপোৱা, কাফিৰসকলৰ সৈতে তেওঁলোকৰ হত্যাৰ ভয় নাথাকিলে তথা তেওঁলোকক অজানিতে হত্যা কৰি ৰক্তপণ দিয়াৰ আশংকা নাথাকিলে, নিশ্চয় তোমালোকক মক্কাত আক্ৰমণ কৰাৰ অনুমতি দিলোহেঁতেন। যাতে আল্লাহে যাক ইচ্ছা কৰে তাক তেওঁৰ ৰহমতত সোমোৱাই লব পাৰে, যেনে- মক্কাত অৱস্থান কৰা মুমিনসকল। যদি মক্কাত কাফিৰসকলক মুমিনসকলৰ পৰা পৃথক কৰাৰ কোনো উপায় থাকিলহেঁতেন তেন্তে নিশ্চয় আমি আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰা লোকসকলক কষ্টদায়ক শাস্তি বিহিলোহেঁতেন।
Feth 48:26
আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰা লোকসকলে যেতিয়া নিজৰ অন্তৰত অহমিকা পোষণ কৰিছিল- অজ্ঞতা যুগৰ অহমিকা- যি অহমিকাৰ সত্যৰ লগত কোনো সম্পৰ্ক নাই, বৰং ইয়াৰ সম্পৰ্ক আছে প্ৰবৃত্তিৰ চাহিদাৰ লগত। সেই অহংকাৰৰ কাৰণেই সিহঁতে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক হুদাইবিয়াৰ বছৰত মক্কাত প্ৰৱেশ কৰিব দিয়া নাছিল, যাতে কোনোবাই সিহঁতক তিৰস্কাৰ কৰিব নোৱাৰে যে, মুহাম্মদ সিহঁতৰ ওপৰত প্ৰভাৱশালী। ইপিনে আল্লাহে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মুমিনসকলৰ ওপৰত প্ৰশান্তি অৱতীৰ্ণ কৰিছিল। তেওঁলোকে ক্ৰোধান্বিত হোৱাৰ পিছতো মুশ্বৰিকসকলৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাছিল। আল্লাহে মুমিনসকলৰ ওপৰত পৱিত্ৰ বাণী কলিমা লা ইলা-হা ইল্লাল্লাহ অনিবাৰ্য কৰিছে, যাতে তেওঁলোকে এই বাণীৰ উচিত প্ৰাপ্য আদায় কৰে। ফলত তেওঁলোকেও ইয়াক পৰিপূৰ্ণৰূপে কাৰ্যত পৰিণত কৰি দেখুৱাইছিল। আনহাতে মুমিনসকল অন্যান্য লোকৰ তুলনাত এই বাণীৰ অধিক যোগ্য। কাৰণ তেওঁলোকৰ অন্তৰত যি কল্যাণ নিহিত আছে, সেই সম্পৰ্কে আল্লাহ ভালদৰেই অৱগত। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ, তেওঁৰ পৰা একোৱেই গোপন নহয়।
Feth 48:27
আল্লাহে তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক সত্য সহকাৰে সঁচা সপোন দেখুৱাইছিল, সপোন দেখি টোপনিৰ পৰা সাৰ পাই তেওঁ চাহাবাসকলক বৰ্ণনা কৰিছিল। তেওঁ সপোনত দেখা পাইছিল যে, তেওঁ আৰু তেওঁৰ চাহাবাসকলে নিৰাপদে শত্ৰুৰ পৰা নিৰ্ভয় হৈ সন্মানিত মছজিদত প্ৰৱেশ কৰি আছে। কিছুমানে কুৰবানীৰ কাম সমাপ্ত কৰি মূৰ খুৰোৱাইছে আৰু কিছুমানে চুলি চুটি কৰি লৈছে। হে মুমিনসকল! নিশ্চয় আল্লাহ তোমালোকৰ হিত সম্পৰ্কে অৱগত, যিবোৰৰ বিষয়ে তোমালোকে নাজানা। সেয়ে সেই বছৰ মক্কাত প্ৰৱেশ কৰাৰ সপোনটোক বাস্তৱৰূপ প্ৰদান নকৰাকৈ এটা সদ্য বিজয় প্ৰদান কৰিলে। এতেকে হুদাবিয়াৰ চুক্তি স্বাক্ষৰিত হ’ল আৰু ইয়াৰ পিছতেই হুদাইবিয়াত অংশগ্ৰহণ কৰা লোকৰ দ্বাৰাই খয়বৰৰ বিজয় দেখিবলৈ পোৱা গ’ল।
Feth 48:28
আল্লাহেই তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক স্পষ্ট বিৱৰণৰ সৈতে আৰু সঠিক ধৰ্ম অৰ্থাৎ ইছলাম প্ৰদান কৰি প্ৰেৰণ কৰিছে। যাতে ইয়াক অন্যান্য বিৰোধী ধৰ্মৰ ওপৰত উচ্চ স্থান দিব পাৰে। আনকি আল্লাহেও এই বিষয়ে সাক্ষ্য প্ৰদান কৰিছে, আৰু সাক্ষী হিচাপে আল্লাহেই যথেষ্ট।
Feth 48:29
আল্লাহৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ চাহাবাসকল যুদ্ধ কৰা কাফিৰসকলৰ বাবে অতি কঠোৰ, কিন্তু তেওঁলোক নিজৰ মাজত পৰস্পৰে অতি দয়ালু আৰু ইজনে সিজনৰ প্ৰতি স্নেহশীল। হে প্ৰত্যক্ষকাৰী ব্যক্তি! তুমি সদায় তেওঁলোকক আল্লাহৰ বাবে ৰূকু, ছাজদাহ আদি কৰা দেখিবলৈ পাবা। তেওঁলোকে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে আৰু ছোৱাব আশা কৰে। যাতে আল্লাহে তেওঁলোকৰ ওপৰত সন্তুষ্ট হয়। ছাজদাৰ প্ৰভাৱ তেওঁলোকৰ মুখমণ্ডলত স্পষ্ট। তেওঁলোকৰ মুখমণ্ডলত হিদায়ত আৰু চালাতৰ নূৰ প্ৰস্ফুটিত হ’ব। তেওঁলোকৰ এই বৈশিষ্ট্যৰ বৰ্ণনা মুছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ হোৱা তাওৰাত গ্ৰন্থতো উল্লেখ আছিল। আনহাতে ঈছা আলাইহিচ্ছালামৰ ওপৰত অৱতীৰ্ণ হোৱা ইঞ্জীলত তেওঁলোকৰ সহায়-সহযোগিতা আৰু পৰিপূৰ্ণতাৰ দৃষ্টান্ত এইদৰে উল্লেখ আছে যে, তেওঁলোকৰ উদাহৰণ হৈছে গছপুলিৰ দৰে, যিটোৰ পৰা প্ৰথমে কোমল পাত ওলায়, তাৰ পিছত সেইটো মজবুত হয় আৰু পুলিটো ডাঙৰ দীঘল হৈ হৃষ্ট-পুষ্ট হয় আৰু দৃঢ়ভাৱে কাণ্ডৰ ওপৰত থিয় দিয়ে। ইয়াৰ শক্তি আৰু সম্পূৰ্ণতা দেখি কৃষক আনন্দিত হয়। ঠিক সেইদৰে আল্লাহে মুমিনসকলৰ একতা, পৰিপূৰ্ণতা আৰু শক্তি-সমৃদ্ধিৰ দ্বাৰা কাফিৰসকলৰ অন্তৰ্দহন বৃদ্ধি কৰে। আল্লাহৰ ওপৰত ঈমান পোষণ কৰা আৰু সৎকৰ্ম কৰা চাহাবাসকলক আল্লাহে তেওঁলোকৰ গুনাহ ক্ষমা কৰাৰ প্ৰতিশ্ৰুতি দিছে। গতিকে আল্লাহে তেওঁলোকক জবাবদিহি নকৰিব। আৰু তেওঁলোকৰ বাবে তেওঁৰ আছে মহাপ্ৰতিদান অৰ্থাৎ জান্নাত।
Hucurat 49:1
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! কোনো কথা অথবা কৰ্মত আল্লাহ আৰু তেওঁৰ ৰাছুলতকৈ আগুৱাই নাযাবা। আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহে তোমালোকৰ কথাবোৰ শুনে আৰু তোমালোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ। একোৱেই তেওঁৰ আয়ত্বৰ বাহিৰত নহয়। শীঘ্ৰেই তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
Hucurat 49:2
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! ৰাছুলৰ লগত উত্তম শিষ্টাচাৰৰ সৈতে ব্যৱহাৰ কৰা। তথা নবীৰ সৈতে কথা কোৱাৰ সময়ত নবীৰ সুৰতকৈ তোমালোকৰ সুৰ যাতে উচ্চ নহয়, তাৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰিবা। লগতে তেওঁক নাম ধৰি নামাতিবা, যিদৰে তোমালোকে ইজনে সিজনক মাতা। বৰং বিনম্ৰতাৰ সৈতে তেওঁক হে নবী আৰু হে ৰাছুল বুলি মাতিবা। ইয়াৰ কাৰণে তোমালোকৰ অজানিতে তোমালোকৰ আমলৰ ছোৱাব যাতে অথলে নাযায় সেইটোলৈ ভয় কৰিবা।
Hucurat 49:3
নিশ্চয় যিসকলে ৰাছুলৰ সন্মুখত নিজৰ কন্ঠস্বৰ অৱনমিত ৰাখে, তেওঁলোকৰ অন্তৰকেই আল্লাহে তেওঁৰ তাক্বৱাৰ বাবে পৰখ কৰিছে আৰু নিৰ্বাচিত কৰি লৈছে। তেওঁলোকৰ গুনাহৰ বাবে আছে মাগফিৰাত, তেওঁলোকৰ সেই গুনাহবোৰক কেন্দ্ৰ কৰি তেওঁলোকক জবাবদিহি কৰা নহ’ব। লগতে কিয়ামতৰ দিনা তেওঁলোকৰ বাবে আছে মহাপ্ৰতিদান। অৰ্থাৎ আল্লাহে তেওঁলোকক জান্নাতত প্ৰৱেশ কৰাৰ সৌভাগ্য প্ৰদান কৰিব।
Hucurat 49:4
হে ৰাছুল! যিসকল বেদুইনে আপোনাক আপোনাৰ স্ত্ৰীসকলৰ কোঠাৰ বাহিৰৰ পৰা চিঞৰি চিঞৰি মাতে, দৰাচলতে সিহঁতৰ মাজৰ অধিকাংশৰে কাণ্ডজ্ঞান নাই।
Hucurat 49:5
হে ৰাছুল! আপোনাৰ স্ত্ৰীসকলৰ কোঠাৰ বাহিৰৰ পৰা চিঞৰি চিঞৰি মাতা এই লোকসকলে যদি ধৈৰ্য্য ধৰিলেহেঁতেন, তথা এইদৰে নামাতি তেওঁলোকে যদি তেওঁ ওলাই নহালৈকে অপেক্ষা কৰিলেহেঁতেন, লগতে নিম্নস্বৰে তেওঁৰ সৈতে কথা পাতিলেহেঁতেন তেন্তে ঘৰৰ পিছফালৰ পৰা চিঞৰি চিঞৰি মাতাতকৈ এইটো তেওঁলোকৰ পক্ষে ভাল আছিল, কিয়নো ইয়াৰ মাজত আছে সন্মান তথা মৰ্যাদা। তেওঁলোকৰ মাজৰ আৰু তেওঁলোকৰ বাহিৰে অন্যান্য লোকসকলৰ মাজৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি আল্লাহ ক্ষমাশীল। তেওঁলোকৰ প্ৰতিও ক্ষমাশীল, কাৰণ তেওঁলোকে অজানিতে এইটো কৰিছে, লগতে তেওঁলোকৰ প্ৰতি আল্লাহ অতি কৃপাৱান।
Hucurat 49:6
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! যদি কোনো দূৰাচাৰী ব্যক্তিয়ে তোমালোকৰ ওচৰলৈ কোনো সম্প্ৰদায়ৰ বিষয়ে সংবাদ লৈ আহে, তেন্তে তৎক্ষণাত সেইটো মানি লোৱাৰ বিপৰীতে তোমালোকে সেই বিষয়ে সঁচা মিছা পৰখ কৰিবা, কিয়নো যদি তোমালোকে সত্যতা পৰখ নকৰাকৈ অজানিতে কোনো সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ কৰা তথা পিছত যদি প্ৰকৃত স্বৰূপ প্ৰকাশ পায় তেনে অৱস্থাত তোমালোকে নিজেই অনুতপ্ত হ’বা।
Hucurat 49:7
হে মুমিনসকল! জানি থোৱা, নিশ্চয় তোমালোকৰ মাজত আল্লাহৰ ৰাছুল উপস্থিত আছে আৰু তেওঁৰ ওপৰত অহী অৱতীৰ্ণ হয়। গতিকে মিছা কথা নক’বা, অন্যথা অহীৰ মাধ্যমত তোমালোকৰ সেই মিছা কথাৰ বিষয়ে তেওঁক অৱগত কৰা হ’ব। নিশ্চয় আল্লাহ তোমালোকৰ হিত সম্পৰ্কে ভালকৈ অৱগত। যদি তেওঁ তোমালোকৰ অধিকাংশ প্ৰস্তাৱবোৰ গ্ৰহণ কৰে তেন্তে তোমালোকেই বিপদত পৰিবা, আৰু ইয়াৰ ফলত উদ্ভৱ হ’বলগীয়া সেই কঠিন পৰিস্থিতিবোৰ তেওঁ তোমালোকৰ বাবে পছন্দ নকৰে। কিন্তু এইটো আল্লাহৰ অনুগ্ৰহ যে, তেওঁ তোমালোকৰ বাবে ঈমানক পছন্দনীয় কৰিছে আৰু তোমালোকৰ অন্তৰত ইয়াক শোভনীয় কৰি দিছে, সেইকাৰণেই তোমালোকে ঈমান আনিছা। পক্ষান্তৰে কুফৰী, অৱজ্ঞা, আৰু গুনাহক তোমালোকৰ বাবে অপ্ৰিয় কৰি দিছে। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই হৈছে হিদায়ত তথা সঠিক পথৰ পথচাৰী।
Hucurat 49:8
তোমালোকে যি যি লাভ কৰিছা, উদাহৰণস্বৰূপে- তোমালোকৰ বাবে কল্যাণ হৈছে প্ৰিয় আৰু অকল্যাণ হৈছে অপ্ৰিয় ইত্যাদি, এইবোৰ হৈছে দৰাচলতে তোমালোকৰ ওপৰত কৰা আল্লাহৰ অনুগ্ৰহ, লগতে তোমালোকক ইয়াৰ বাহিৰেও বহুতো নিয়ামত দান কৰিছে। আল্লাহে তেওঁৰ সেইসকল বান্দাৰ বিষয়ে ভালকৈয়ে জানে, যিসকলে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰে, সেইকাৰণেই তেওঁ তেওঁলোকক ইয়াৰ তাওফীক প্ৰদান কৰে। লগতে তেওঁ হৈছে মহাপ্ৰজ্ঞাৱান, সেইকাৰণেই তেওঁ প্ৰত্যেক বস্তুকে উপযুক্ত ঠাইত স্থান দিয়ে।
Hucurat 49:9
যদি মুমিনসকলৰ দুটা ফৈদে পৰস্পৰে কাজিয়াত লিপ্ত হয়, তেন্তে হে মুমিনসকল! তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিবা। আল্লাহৰ চৰীয়তক নিৰ্ণায়ক ভূমিকাত ৰাখি দুয়ো দলকে ইয়াৰ প্ৰতি আহ্বান কৰা। দুয়ো দলৰ কোনো এটা দলে যদি মীমাংসাত বহিবলৈ অস্বীকাৰ কৰে তথা সীমালঙ্ঘন কৰে তেন্তে সেই দলৰ বিৰুদ্ধে যুদ্ধ কৰা, যেতিয়ালৈকে সিহঁতে আল্লাহৰ বিধানৰ পিনে উভতি নাহে। যদি সিহঁতে আল্লাহৰ বিধানৰ প্ৰতি উভতি আহে তেন্তে সিহঁতৰ মাজত ন্যায় সহকাৰে মীমাংসা কৰি দিয়া। লগতে সিহঁতৰ মাজত মীমাংসা কৰাৰ সময়ত নৈতিকভাৱে মীমাংসা কৰিবা। নিশ্চয় আল্লাহে ন্যায় সহকাৰে মীমাংসা কৰা ব্যক্তিসকলক ভাল পায়।
Hucurat 49:10
মুমিনসকল হৈছে পৰস্পৰে ভাই ভাই। হে মুমিনসকল! ইছলামী ভাতৃত্বৰ দাবী হৈছে যে, তোমালোকে ভাতৃসকলৰ মাজৰ দুটা বিবদমানপক্ষৰ মাজত মীমাংসা কৰি দিয়া। লগতে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। যাতে তোমালোকৰ প্ৰতি কৃপা কৰা হয়।
Hucurat 49:11
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকৰ মাজৰ কোনো পুৰুষেই অন্য পুৰুষৰ উপহাস কৰা উচিত নহয়, সম্ভৱতঃ যাক উপহাস কৰা হৈছে তেওঁ আল্লাহৰ ওচৰত উপহাসকাৰীসকলতকৈ উত্তম। তথা ফয়চালাও সেই জ্ঞান অনুসাৰেই হ’ব যিটো আল্লাহৰ ওচৰত আছে। এইদৰে কোনো নাৰীয়েও আন কোনো নাৰীক উপহাস কৰা উচিত নহয়, কিয়নো যাক উপহাস কৰা হয়, সম্ভৱতঃ তেওঁ আল্লাহৰ দৃষ্টিত উপহাসকাৰিণী বিলাকতকৈ উত্তম। এইদৰে তোমালোকে নিজৰ ভাতৃসকলকো তিৰস্কাৰ নকৰিবা, কাৰণ তেওঁলোক তোমালোকৰেই শ্ৰেণীভুক্ত। লগতে তোমালোকে ইজনে সিজনক বেয়া উপাধিৰে নামাতিবা, যিদৰে আনচাৰসকলৰ কিছুমানে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আগমণৰ পূৰ্বে মাতিছিল। তোমালোকৰ মাজৰ যিয়ে এনেকুৱা কৰিব, সি ফাছিক্ব বুলি বিবেচিত হ’ব। ঈমান পোষণ কৰাৰ পিছত ফাছিক্বৰ বৈশিষ্ট্য গাত লৈ ফুৰাটো হৈছে অতি ঘৃণনীয় বৈশিষ্ট্য। যিসকলে এনেকুৱা গুনাহৰ পৰা তাওবা নকৰিব, প্ৰকৃততে সেইসকলে নিজেই নিজৰ ক্ষতি কৰিছে, কাৰণ সিহঁতে গুনাহৰ কামত লিপ্ত হৈ নিজকে ধ্বংসৰ গৰালত ঠেলি দিছে।
Hucurat 49:12
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকে ভিত্তিহীন আৰোপসমূহৰ পৰা বিৰত থকা। নিশ্চিতভাৱে কিছুমান সন্দেহ গুনাহৰ অন্তৰ্ভুক্ত। উদাহৰণস্বৰূপে এনেকুৱা কোনো ব্যক্তিৰ বিষয়ে অনৰ্থক সন্দেহ পোষণ কৰা, যিজন ব্যক্তি প্ৰকাশ্যভাৱে ভাল মানুহ বুলি পৰিচিত। লগতে গোপনে মুমিনসকলৰ দোষ-ত্ৰুটি খুচৰি নুফুৰিবা। এইদৰে তোমালোকে মুছলিম ভাতৃৰ বিষয়ে এনেকুৱা কথা নক’বা, যিটো তেওঁ অপছন্দ কৰে। কাৰণ এনেকুৱা অপছন্দনীয় সমালোচনায়, মৃত ভাইৰ মাংস ভক্ষণ কৰা বুজায়। তোমালোকৰ মাজৰ কোনোবাই নিজৰ মৃত ভাইৰ মাংস ভক্ষণ কৰাটো পছন্দ কৰিবনে? যিহেতু তোমালোকে এইটো পছন্দ নকৰা, গতিকে ঠিক সেইদৰে তেওঁৰ সমালোচনাৰ পৰা বিৰত থকা। তথা আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবূল কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে।
Hucurat 49:13
হে মানৱজাতি! নিশ্চয় আমি তোমালোকক এজন পুৰুষ অৰ্থাৎ তোমালোকৰ পিতা আদম আলাইহিচ্ছালাম আৰু এজনী নাৰী অৰ্থাৎ তোমালোকৰ মাতৃ হাৱা আলাইহাচ্ছালামৰ পৰা সৃষ্টি কৰিছোঁ। এই হিচাপত তোমালোকৰ বংশ এটাই। গতিকে বংশক কেন্দ্ৰ কৰি তোমালোকে ইজনে সিজনৰ প্ৰতি অহংকাৰ নকৰিবা। ইয়াৰ পিছত আমি তোমালোকক বহুতো জাতি আৰু সিঁচৰিত গোত্ৰসমূহত পৰিণত কৰিছোঁ, যাতে তোমালোকে ইজনে সিজনক চিনি পোৱাত সহজ হয়। এইবোৰকলৈ অহংকাৰ কৰাৰ কোনো অৱকাশ নাই। কাৰণ উচ্চ স্থান কেৱল তাক্বৱাৰ জৰিয়তেহে লাভ হয়। সেইকাৰণেই আল্লাহে কৈছেঃ নিশ্চয় আল্লাহৰ দৃষ্টিত তোমালোকৰ মাজৰ সেই ব্যক্তি আটাইতকৈ বেছি মৰ্যাদাশীল, যিয়ে তেওঁক অধিক ভয় কৰে। নিঃসন্দেহে আল্লাহ তোমালোকৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ। তোমালোকৰ সম্পূৰ্ণতা আৰু অপূৰ্ণতা সম্পৰ্কেও অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়।
Hucurat 49:14
কিছুমান বেদুইনে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি ক’লেঃ “আমি আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছোঁ”। হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ “তোমালোকে ঈমান পোষণ কৰা নাই। বৰং তোমালোকে এনেকৈ কোৱা যে, আমি আত্মসমৰ্পন কৰিছোঁ আৰু আনুগত্যকাৰী হৈছোঁ। দৰাচলতে এতিয়ালৈকে তোমালোকৰ অন্তৰত ঈমান প্ৰৱেশ কৰা নাই। যদিও আশা কৰা যায় ঈমান প্ৰৱেশ কৰিব বুলি। হে মৰুবাসীসকল! যদি তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰি তেওঁলোকৰ আনুগত্য কৰা আৰু সৎকৰ্ম কৰা, লগতে নিষিদ্ধ বস্তুবোৰৰ পৰা বিৰত থকা তেন্তে আল্লাহে কেতিয়াও তোমালোকৰ আমলৰ ছোৱাব হ্ৰাস নকৰিব। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি কৃপাৱান”।
Hucurat 49:15
প্ৰকৃত মুমিন হৈছে সেইসকল লোক, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে আৰু সেই ঈমানৰ লগত কেতিয়াও সন্দেহ মিশ্ৰিত কৰা নাই, লগতে নিজৰ প্ৰাণ আৰু ধন-সম্পদৰ জৰিয়তে আল্লাহৰ পথত যুদ্ধ কৰিছে, এইক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ কৃপণালি কৰা নাই। এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী লোকসকলেই হৈছে প্ৰকৃত মুমিন।
Hucurat 49:16
হে ৰাছুল! আপুনি এই বেদুইনসকলক কৈ দিয়কঃ তোমালোকে আল্লাহক নিজৰ দ্বীন সম্পৰ্কে অৱগত কৰোৱাই আছা নেকি তথা তেওঁক এই বিষয়ে উপলব্ধি কৰোৱাই আছা নেকি? অথচ আল্লাহে আকাশমণ্ডলত যি আছে সেই বিষয়েও জানে আৰু পৃথিৱীত যি আছে সেইবোৰৰ বিষয়েও জানে। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়। গতিকে তেওঁক তোমালোকৰ ধৰ্ম সম্পৰ্কে অৱগত কৰোৱাৰ কোনো আৱশ্যকতা নাই।
Hucurat 49:17
হে ৰাছুল! বেদুইনসকলে ইছলাম গ্ৰহণ কৰি আপোনাক উপকাৰ কৰা বুলি নিজকে প্ৰকাশ কৰি আছে। আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকে আল্লাহৰ দ্বীনত প্ৰৱেশ কৰি মোক ধন্য কৰিছা বুলি নাভাৱিবা। কাৰণ ইয়াৰ দ্বাৰা উপকৃত হ’লে, সেই প্ৰতিফল তোমালোকেই লাভ কৰিবা। বৰং আল্লাহেই তোমালোকক ঈমানৰ তাওফীক প্ৰদান কৰি তোমালোকক ধন্য কৰিছে। যদিহে তোমালোকে সঁচাই ইছলামত প্ৰৱেশ কৰিছা।
Hucurat 49:18
নিশ্চয় আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীৰ গোপন ৰহস্য সম্পৰ্কে অৱগত। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। আল্লাহে তোমালোকৰ সকলো কৰ্ম চাই আছে। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ তোমালোকক ভাল বেয়া প্ৰতিফল দান কৰিব।
Kâf 50:1
ক্বাফ, এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। আল্লাহে কোৰআনুল কাৰীমৰ শপত খাইছে, যিখন তথ্য সম্বলিত, কল্যাণ আৰু বৰকতেৰে পৰিপূৰ্ণ, সেইখন কোৰআনৰ শপত খাই আল্লাহে কৈছেঃ নিশ্চয় কিয়ামতৰ দিনা তোমালোকক হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে পুনৰুত্থিত কৰা হ’ব।
Kâf 50:2
সিহঁতে এই আশংকাত অস্বীকাৰ কৰা নাই যে, আপুনি মিছা কথা কৈ আছে, কাৰণ সিহঁতে আপোনাৰ সত্যতা সম্পৰ্কে জানে, বৰং সিহঁতে বিস্মিত হৈছে এইকাৰণে যে ফিৰিস্তাসকলৰ মাজৰ পৰা ৰাছুল আগমন নকৰি সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী ৰাছুল আগমন কৰিছে। সিহঁতে আশ্চৰ্য প্ৰকাশ কৰি কয়ঃ এজন মানুহ আমাৰ ওচৰলৈ ৰাছুল হিচাপে প্ৰেৰিত হোৱাটো আশ্চৰ্যজনক বিষয়।
Kâf 50:3
যেতিয়া আমি মৃত্যুবৰণ কৰিম তথা মাটিত পৰিণত হ’ম, তাৰ পিছতো আমাক জীৱিত কৰা হ’ব নেকি? আমাৰ শৰীৰ মাটিত গেলি পচি যোৱাৰ পিছত পুনৰ তাত জীৱন প্ৰদান কৰা তথা পুনৰুত্থিত হোৱা বিষয়টো অসম্ভৱ কথা। এইটো কেতিয়াও সম্ভৱ নহয়।
Kâf 50:4
সিহঁতৰ মৃত্যুৰ পিছত তথা ধ্বংসৰ পিছত মাটিয়ে কিমান পৰিমাণ সিহঁতৰ শৰীৰ ভক্ষণ কৰে সেই সম্পৰ্কেও আমি অৱগত। এইবোৰৰ কোনো খবৰেই আমাৰ পৰা গোপন নহয়। আমাৰ ওচৰত আছে এখন গ্ৰন্থ, যি গ্ৰন্থত আল্লাহে গ্ৰহণ কৰা সেই সকলো সিদ্ধান্ত সুৰক্ষিত আছে যিবোৰ সিহঁতৰ জীৱনত লোৱা হৈছে আৰু যিবোৰ সিহঁতৰ মৃত্যুৰ পিছত লোৱা হ’ব।
Kâf 50:5
বৰং এই মুশ্বৰিকসকলে ৰাছুলে লৈ অহা কোৰআনক অস্বীকাৰ কৰিছে। গতিকে সিহঁত দ্বিধাগ্ৰস্ত হৈ আছে, এইক্ষেত্ৰত সিহঁতে কোনো এটা বিষয়ত স্থিৰ থাকিব নোৱাৰে।
Kâf 50:6
আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা এই লোকসকলে নিজৰ ওপৰত থকা আকাশখনৰ বিষয়ে চিন্তা-চৰ্চা নকৰে নেকি যে, আমি সেইখনক কেনেকৈ সৃষ্টি কৰিছোঁ আৰু তাত তৰাবোৰ ৰাখি কেনেকৈ সৌন্দৰ্যময় বনাইছোঁ, লগতে তাত কোনো ত্ৰুটিও নাই যে, এই বিষয়ে কিবা দোষ ধৰিব পাৰিবা?! গতিকে যি সত্ত্বাই এই আকাশখনক সৃষ্টি কৰিছে, তেওঁ কেতিয়াও মৃত লোকসকলক জীৱিত কৰিবলৈ অক্ষম নহয়।
Kâf 50:7
আমি পৃথিৱীক বসবাস যোগ্য বনাই বিস্তৃত কৰিছোঁ। লগতে ইয়াত সুদৃঢ় পৰ্বতমালা স্থাপন কৰিছোঁ, যাতে পৃথিৱী কপি নাথাকে। তথা ইয়াত উৎপন্ন কৰিছোঁ নয়ন প্ৰীতিকৰ সকলো প্ৰকাৰ গছ-গছনি তথা উদ্ভিদ।
Kâf 50:8
আমি এইবোৰ সৃষ্টি কৰিছোঁ প্ৰত্যেক সেই ব্যক্তিৰ অন্তৰাত্মা জগাবলৈ তথা উপদেশ দিবলৈ, যিয়ে আল্লাহৰ ইবাদতৰ মাধ্যমত তেওঁৰ ওচৰলৈ প্ৰত্যাৱৰ্তন কৰে।
Kâf 50:9
আমি আকাশৰ পৰা অতি লাভদায়ক তথা কল্যাণকৰ পানী বৰ্ষণ কৰোঁ। সেই পানীৰে আমি বাগান উৎপন্ন কৰোঁ, লগতে কৰ্তনযোগ্য শস্য খেতিও, যিবোৰ তোমালোকে চপাই আনা, যেনেঃ ঘেঁহু, ধান আদি।
Kâf 50:10
লগতে আমি সেইবোৰৰ দ্বাৰা ওখ ওখ খেজুৰ গছ উৎপন্ন কৰোঁ, যিবোৰত ওপৰা-ওপৰিকৈ খেজুৰৰ জোকা লাগি থাকে।
Kâf 50:11
আমি এইবোৰ বান্দাসকলৰ জীৱিকাৰ বাবে উৎপন্ন কৰিছোঁ, যাতে তেওঁলোকে এইবোৰৰ দ্বাৰা আহাৰ কৰিব পাৰে। সেই পানীৰ দ্বাৰাই আমি মৃত ভূমিক জীৱিত কৰোঁ, য’ত কোনো ধৰণৰ উদ্ভিদ নাথাকে। যিদৰে আমি মৃত ভূমিক জীৱিক কৰোঁ, ঠিক সেইদৰে আমি মৃত লোকসকলকো জীৱিত কৰিম। ফলত সিহঁতে জীৱিত হৈ থিয় দিব।
Kâf 50:12
হে ৰাছুল! এই অস্বীকাৰকাৰীসকলৰ পূৰ্বেও বহুতো সম্প্ৰদায়ে নিজ নিজ নবীসকলক অস্বীকাৰ কৰিছে। এতেকে নূহ আলাইহিচ্ছালামৰ সম্প্ৰদায়, কুঁৱাৰ অধিবাসী আৰু ছামূদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছে।
Kâf 50:13
আদ সম্প্ৰদায়, ফিৰআউন আৰু লূত নবীৰ সম্প্ৰদায়েও অস্বীকাৰ কৰিছে।
Kâf 50:14
শ্বুআইব আলাইহিচ্ছালামৰ সম্প্ৰদায়, আইকাহবাসী আৰু য়ামানৰ ৰজা তুব্বাৰ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল। এই সকলোবোৰ সম্প্ৰদায়ে আল্লাহে প্ৰেৰণ কৰা ৰাছুলসকলক অস্বীকাৰ কৰিছিল। ফলত সিহঁতৰ ওপৰত আল্লাহৰ শাস্তিৰ প্ৰতিশ্ৰুতি সাব্যস্ত হৈছে।
Kâf 50:15
তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰাৰ সময়ত আমি অপাৰগ আছিলোঁ নেকি যে, দ্বিতীয়বাৰ সৃষ্টি কৰাত অসুবিধা হ’ব? বৰং সিহঁত প্ৰথম সৃষ্টিৰ পিছত নতুন সৃষ্টিকলৈ দুদোল্যমান অৱস্থাত আছে।
Kâf 50:16
নিশ্চয় আমিয়ে মানুহক সৃষ্টি কৰিছোঁ, গতিকে মানুহৰ অন্তৰত উদ্ভৱ হোৱা সকলো চিন্তা-চৰ্চা তথা ধাৰণা সম্পৰ্কে আমি অৱগত। আমি তাৰ হৃদপিণ্ডত সংযুক্ত মহাধমনীতকৈও ওচৰত আছোঁ।
Kâf 50:17
দুজন ফিৰিস্তাই তাৰ আমলসমূহ লিপিবদ্ধ কৰে। এজন তাৰ সোঁফালে বহি থাকে আৰু আনজন বাওঁফালে বহি থাকে।
Kâf 50:18
সি যেতিয়াই কোনো কথা কয়, সেই কথা লিপিবদ্ধ কৰিবলৈ তাত উপস্থিত থাকে এজন সংৰক্ষণকাৰী ফিৰিস্তা।
Kâf 50:19
ইপিনে মৃত্যু যন্ত্ৰণা সত্য সহকাৰে আহি পায়, যিটোৰ পৰা কোনেও পলায়ন কৰিব নোৱাৰে। হে গাফিল মানুহ! নিশ্চয় তুমি ইয়াৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছিলা তথা পলায়ন কৰিবলৈ প্ৰয়াস কৰিছিলা।
Kâf 50:20
শিঙাত ফুঁ দিয়াৰ বাবে নিয়োজিত ফিৰিস্তাই যেতিয়া দ্বিতীয়বাৰ শিঙাত ফুঁ মাৰিব, সেইটোৱে হ’ব কিয়ামতৰ দিন। কাফিৰসকলৰ বাবে আৰু অবাধ্যতাকাৰীসকলৰ বাবে সেইটো শাস্তিৰ প্ৰতিশ্ৰুত দিন।
Kâf 50:21
সেইদিনা প্ৰত্যেক ব্যক্তিৰ লগত থাকিব এজন ফিৰিস্তা, যিয়ে তাক খেদি লৈ আহিব; তথা আন এজন ফিৰিস্তাই তাৰ কৰ্মৰ সাক্ষী প্ৰদান কৰিব।
Kâf 50:22
খেদি লৈ অহা সেই মানুহজনক কোৱা হ’বঃ তুমি পৃথিৱীৰ লোভনীয় সা-সামগ্ৰীৰ মোহত পৰি এই দিৱস সম্পৰ্কে অমনোযোগী হৈ আছিলা। কিন্তু এতিয়া শাস্তি আৰু কষ্টদায়ক পৰিস্থিতি দেখি তোমাৰ অমনোযোগিতাৰ পৰ্দা খুল খাইছে। আজি তোমাৰ দৃষ্টি শক্তি চোকা হৈছে, গতিকে অমনোযোগিতাৰ অৱস্থাত তুমি যি দেখা পোৱা নাছিলা, সেইবোৰ আজি দেখি আছা।
Kâf 50:23
তাৰ সঙ্গী অৰ্থাৎ তাৰ সৈতে নিয়োজিত ফিৰিস্তাই ক’বঃ এয়া চাওক, এওঁৰ সকলো কৰ্মৰ বিৱৰণ মোৰ ওচৰত আছে, ইয়াত কোনো ধৰণৰ কম-বেছি কৰা হোৱা নাই।
Kâf 50:24
আল্লাহে দুয়োজন ফিৰিস্তাক ক’ব, যিয়ে খেদি লৈ আহিছিল আৰু যিয়ে সাক্ষী প্ৰদান কৰিছেঃ সত্যক অস্বীকাৰ কৰা আৰু ইয়াৰ প্ৰতি বিদ্বেষ পোষণ কৰা প্ৰত্যেক ব্যক্তিকেই জাহান্নামত নিক্ষেপ কৰা।
Kâf 50:25
প্ৰত্যেক সেই ব্যক্তিক নিক্ষেপ কৰা, যিয়ে আল্লাহে অনিবাৰ্য কৰা অধিকাৰসমূহ পূৰণ কৰাত বাধা দিছিল, আল্লাহে নিৰ্ধাৰিত কৰা সীমা অতিক্ৰম কৰিছিল, তেওঁ প্ৰদান কৰা সংবাদ যেনে- প্ৰতিশ্ৰুতি অথবা সতৰ্কবাণীত সন্দেহ পোষণ কৰিছিল।
Kâf 50:26
যিয়ে আল্লাহৰ সৈতে আনক উপাস্যৰূপে গ্ৰহণ কৰি ইবাদতত অংশীদাৰ স্থাপন কৰিছে। গতিকে তোমালোকে তাক কঠিন শাস্তিত নিক্ষেপ কৰা।
Kâf 50:27
তেতিয়া তাৰ চয়তান সঙ্গীয়ে তাৰ লগত সম্পৰ্কচ্ছেদ কৰি ক’বঃ হে আমাৰ প্ৰতিপালক! আমি ইয়াক পথভ্ৰষ্ট কৰা নাছিলোঁ। সি নিজেই সত্যৰ পৰা আঁতৰি পথভ্ৰষ্ট হৈছিল।
Kâf 50:28
তেতিয়া আল্লাহে ক’বঃ তোমালোকে মোৰ ওচৰত কাজিয়া নকৰিবা। ইয়াৰ দ্বাৰা কোনো উপকাৰ নহ’ব। নিশ্চয় মই পৃথিৱীতেই মোৰ ৰাছুলসকলৰ মাধ্যমত তোমালোকৰ ওচৰলৈ সেই ব্যক্তিৰ বাবে মোৰ কঠিন সতৰ্কবাণী প্ৰেৰণ কৰিছিলোঁ, যিয়ে মোক অস্বীকাৰ কৰিব তথা মোৰ অবাধ্যতা কৰিব।
Kâf 50:29
মোৰ ইয়াত কথা পৰিবৰ্তন কৰা নহয় আৰু প্ৰতিশ্ৰুতিও ভঙ্গ কৰা নহয়, আনহাতে মই মোৰ বান্দাসকলৰ ওপৰত তেওঁলোকৰ ছোৱাব হ্ৰাস কৰি অথবা গুনাহ বৃদ্ধি কৰি কেতিয়াও অন্যায় নকৰোঁ। বৰং মই কেৱল তেওঁলোকৰ আমলৰ প্ৰতিদান দিওঁ।
Kâf 50:30
সেইদিনা আমি জাহান্নামক সুধিম, কাফিৰ আৰু পাপিষ্ঠসকলক নিক্ষেপ কৰাৰ ফলত তোমাৰ পেট ভৰিছেনে? তেতিয়া জাহান্নামে নিজ প্ৰতিপালকৰ প্ৰশ্নৰ উত্তৰত অধিক পোৱাৰ কামনাৰে ক্ৰোধান্বিত হৈ ক’বঃ আৰু কিবা আছেনে?
Kâf 50:31
যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰিছিল, জান্নাতক তেওঁলোকৰ নিকটৱৰ্তী কৰি দিয়া হ'ব। এতেকে তেওঁলোকে অতি ওচৰৰ পৰা জান্নাতৰ নিয়ামতসমূহ প্ৰত্যক্ষ কৰিব।
Kâf 50:32
তেওঁলোকক কোৱা হ’বঃ এইখনেই হৈছে সেই জান্নাত, যিখনৰ প্ৰতিশ্ৰুতি তোমালোকৰ মাজৰ প্ৰত্যেক সেই ব্যক্তিক দিয়া হৈছিল, যিয়ে তাওবা কৰি নিজ প্ৰতিপালকৰ পিনে প্ৰত্যাৱৰ্তন কৰে, তথা নিজ প্ৰতিপালকে অনিবাৰ্য কৰা বিষয়বোৰ দায়িত্ব সহকাৰে পালন কৰে।
Kâf 50:33
তথা যিয়ে নিৰ্জনতাতো আল্লাহক ভয় কৰে, যি সময়ত আল্লাহৰ বাহিৰে আন কোনেও তাক দেখা নাপায়। লগতে বিনীতচিত্তে নিৰ্ভেজাল অন্তৰ লৈ আল্লাহৰ সাক্ষাৎ কামনা কৰে তথা বেছি বেছি আল্লাহৰ ওচৰত তাওবা কৰে।
Kâf 50:34
তেওঁলোকক কোৱা হ’বঃ তোমালোকে বিভিন্ন প্ৰকাৰৰ অনিষ্টৰ পৰা নিশ্চিত হৈ শান্তিৰে জান্নাতত প্ৰৱেশ কৰা। এইটোৱে হৈছে শ্বাশ্বত দিৱস, ইয়াৰ পিছত মৃত্যুৰ কল্পনাও কৰিব নোৱাৰি।
Kâf 50:35
তাত তেওঁলোকে বিচৰা সকলো প্ৰকাৰ নিয়ামত উপলব্ধ থাকিব, যিবোৰ কেতিয়াও সমাপ্ত নহ'ব। ইয়াৰ বাহিৰেও আমাৰ ওচৰত এনেকুৱা নিয়ামত আছে, যিবোৰ কোনো চকুৱে দেখা নাই, কোনো কাণেও শুনা নাই, আনকি মানুহৰ অন্তৰেও সেয়া কল্পনা কৰিব নোৱাৰে। উদাহৰণস্বৰূপে আল্লাহৰ দীদাৰ।
Kâf 50:36
মক্কাৰ এই অস্বীকাৰকাৰী মুশ্বৰিকসকলৰ পূৰ্বেও আমি বহুতো উম্মতক ধ্বংস কৰিছোঁ, যিসকল ইহঁততকৈও অধিক শক্তিশালী আছিল। ফলত সিহঁতে নগৰৰ বিভিন্ন প্ৰান্তত শাস্তিৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল কিন্তু ক’তো ঠাই বিচাৰি পোৱা নাছিল।
Kâf 50:37
নিশ্চয় পূৰ্বৱৰ্তী ধ্বংস হোৱা উম্মতবোৰৰ যিবোৰ ঘটনা বৰ্ণনা কৰা হৈছে, সেইবোৰৰ মাজত এনেকুৱা ব্যক্তিৰ বাবে শিক্ষা তথা পাঠ আছে, যাৰ ওচৰত বুজিবলৈ অন্তৰ আছে অথবা যিয়ে মনোযোগ সহকাৰে কাণ পাতি শুনে।
Kâf 50:38
নিশ্চয় আমিয়েই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিছোঁ, লগতে আকাশমণ্ডল আৰু পৃথিৱী তথা এই দুয়োৰে মাজত থকা সকলো বস্তু আমি ছয় দিনত সৃষ্টি কৰিছোঁ। যদিও আমি এইবোৰক পলকতে সৃষ্টি কৰিব পাৰিলোহেঁতেন। আমাক কোনো ধৰণৰ ক্লান্তই স্পৰ্শ কৰা নাছিল। ইয়াহুদীসকলে যিবোৰ ধাৰণা কৰে সেইবোৰ ধাৰণাৰ কোনো ভিত্তি নাই।
Kâf 50:39
হে ৰাছুল! ইয়াহুদী আৰু অন্যান্য লোকসকলৰ কথাত আপুনি ধৈৰ্য্য ধাৰণ কৰক, লগতে আপোনাৰ প্ৰতিপালকৰ প্ৰশংসা কৰি সূৰ্যোদয়ৰ পূৰ্বে ফজৰৰ চালাত আদায় কৰক আৰু সূৰ্যাস্তৰৰ পূৰ্বে আচৰৰ চালাত আদায় কৰক।
Kâf 50:40
ৰাতিৰ এটা অংশত তেওঁৰ বাবে চালাত আদায় কৰক, আৰু চালাতৰ পিছত তেওঁৰ তাছবীহ পাঠ কৰক।
Kâf 50:41
হে ৰাছুল! মনোযোগ সহকাৰে শুনক, যিদিনা শিঙাত ফুঁ দিয়াৰ বাবে নিয়োজিত ফিৰিস্তাই নিকটৱৰ্তী স্থানৰ পৰা আহ্বান কৰিব।
Kâf 50:42
সেইদিনা গোটেই সৃষ্টিয়ে সত্য সহকাৰে পুনৰজীৱনৰ বিকট চিঞৰ শুনিবলৈ পাব। ইয়াৰ মাজত কোনো সন্দেহ নাই। যিদিনা সিহঁতে এই বিকট চিঞৰ শুনিবলৈ পাব, সেই দিৱসটোৱে হৈছে কবৰৰ পৰা মৃত ব্যক্তিসকল হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে ওলাই অহাৰ দিৱস।
Kâf 50:43
নিশ্চয় আমিয়েই জীৱন দান কৰোঁ আৰু আমিয়েই মৃত্যু প্ৰদান কৰোঁ। আমাৰ বাহিৰে কোনেও জীৱন দিবও নোৱাৰে আৰু মৃত্যুও প্ৰদান কৰিব নোৱাৰে। কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে বান্দাসকলে একমাত্ৰ আমাৰ ওচৰতেই উভতি আহিব লাগিব।
Kâf 50:44
যিদিনা পৃথিৱী ফাট মেলিব আৰু সিহঁতে খৰধৰকৈ লৰ মাৰিব। এইটো হ'ব এনেকুৱা এটা সমাৱেশ, য’ত একত্ৰিত কৰা আমাৰ বাবে অতি সহজ।
Kâf 50:45
এই অস্বীকাৰকাৰীসকলে যি কথা কৈ আছে সেই বিষয়ে আমি ভালদৰেই জানো। হে ৰাছুল! আপুনি সিহঁতৰ ওপৰত বিষয়া হিচাপে নিযুক্তি লাভ কৰা নাই যে, সিহঁতক আপুনি ঈমান আনিবলৈ বাধ্য কৰিব। বৰং আপুনি হৈছে এজন বাৰ্তাবাহক, আপুনি কেৱল সেই বাৰ্তা পৌঁচাই দিয়ক যিটো পৌঁচাই দিবলৈ আল্লাহে আপোনাক নিৰ্দেশ কৰিছে। আপুনি কোৰআনৰ জৰিয়তে সেইসকল লোকক সতৰ্ক কৰক, যিসকলে সেই শাস্তিক ভয় কৰে যিটো কাফিৰ আৰু পাপিষ্ঠসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। কিয়নো ভয় পোষণ কৰা ব্যক্তিয়েই উপদেশ গ্ৰহণ কৰে, যেতিয়া তাক উপদেশ দিয়া হয়।