Lafzullah

Assamese Abridged Explanation of the Quran — Beled 90:1 – Nas 114:6

Author / source: Assamese Abridged Explanation of the Quran

Contents
  1. Beled 90:1
  2. Beled 90:2
  3. Beled 90:3
  4. Beled 90:4
  5. Beled 90:5
  6. Beled 90:6
  7. Beled 90:7
  8. Beled 90:8
  9. Beled 90:9
  10. Beled 90:10
  11. Beled 90:11
  12. Beled 90:12
  13. Beled 90:13
  14. Beled 90:14
  15. Beled 90:15
  16. Beled 90:16
  17. Beled 90:17
  18. Beled 90:18
  19. Beled 90:19
  20. Beled 90:20
  21. Şems 91:1
  22. Şems 91:2
  23. Şems 91:3
  24. Şems 91:4
  25. Şems 91:5
  26. Şems 91:6
  27. Şems 91:7
  28. Şems 91:8
  29. Şems 91:9
  30. Şems 91:10
  31. Şems 91:11
  32. Şems 91:12
  33. Şems 91:13
  34. Şems 91:14
  35. Şems 91:15
  36. Leyl 92:1
  37. Leyl 92:2
  38. Leyl 92:3
  39. Leyl 92:4
  40. Leyl 92:5
  41. Leyl 92:6
  42. Leyl 92:7
  43. Leyl 92:8
  44. Leyl 92:9
  45. Leyl 92:10
  46. Leyl 92:11
  47. Leyl 92:12
  48. Leyl 92:13
  49. Leyl 92:14
  50. Leyl 92:15
  51. Leyl 92:16
  52. Leyl 92:17
  53. Leyl 92:18
  54. Leyl 92:19
  55. Leyl 92:20
  56. Leyl 92:21
  57. Duhâ 93:1
  58. Duhâ 93:2
  59. Duhâ 93:3
  60. Duhâ 93:4
  61. Duhâ 93:5
  62. Duhâ 93:6
  63. Duhâ 93:7
  64. Duhâ 93:8
  65. Duhâ 93:9
  66. Duhâ 93:10
  67. Duhâ 93:11
  68. İnşirah 94:1
  69. İnşirah 94:2
  70. İnşirah 94:3
  71. İnşirah 94:4
  72. İnşirah 94:5
  73. İnşirah 94:6
  74. İnşirah 94:7
  75. İnşirah 94:8
  76. Tin 95:1
  77. Tin 95:2
  78. Tin 95:3
  79. Tin 95:4
  80. Tin 95:5
  81. Tin 95:6
  82. Tin 95:7
  83. Tin 95:8
  84. Alak 96:1
  85. Alak 96:2
  86. Alak 96:3
  87. Alak 96:4
  88. Alak 96:5
  89. Alak 96:6
  90. Alak 96:7
  91. Alak 96:8
  92. Alak 96:9
  93. Alak 96:10
  94. Alak 96:11
  95. Alak 96:12
  96. Alak 96:13
  97. Alak 96:14
  98. Alak 96:15
  99. Alak 96:16
  100. Alak 96:17
  101. Alak 96:18
  102. Alak 96:19
  103. Kadr 97:1
  104. Kadr 97:2
  105. Kadr 97:3
  106. Kadr 97:4
  107. Kadr 97:5
  108. Beyyine 98:1
  109. Beyyine 98:2
  110. Beyyine 98:3
  111. Beyyine 98:4
  112. Beyyine 98:5
  113. Beyyine 98:6
  114. Beyyine 98:7
  115. Beyyine 98:8
  116. Zilzal 99:1
  117. Zilzal 99:2
  118. Zilzal 99:3
  119. Zilzal 99:4
  120. Zilzal 99:5
  121. Zilzal 99:6
  122. Zilzal 99:7
  123. Zilzal 99:8
  124. Adiyat 100:1
  125. Adiyat 100:2
  126. Adiyat 100:3
  127. Adiyat 100:4
  128. Adiyat 100:5
  129. Adiyat 100:6
  130. Adiyat 100:7
  131. Adiyat 100:8
  132. Adiyat 100:9
  133. Adiyat 100:10
  134. Adiyat 100:11
  135. Karia 101:1
  136. Karia 101:2
  137. Karia 101:3
  138. Karia 101:4
  139. Karia 101:5
  140. Karia 101:6
  141. Karia 101:7
  142. Karia 101:8
  143. Karia 101:9
  144. Karia 101:10
  145. Karia 101:11
  146. Tekâsür 102:1
  147. Tekâsür 102:2
  148. Tekâsür 102:3
  149. Tekâsür 102:4
  150. Tekâsür 102:5
  151. Tekâsür 102:6
  152. Tekâsür 102:7
  153. Tekâsür 102:8
  154. Asr 103:1
  155. Asr 103:2
  156. Asr 103:3
  157. Hümezeh 104:1
  158. Hümezeh 104:2
  159. Hümezeh 104:3
  160. Hümezeh 104:4
  161. Hümezeh 104:5
  162. Hümezeh 104:6
  163. Hümezeh 104:7
  164. Hümezeh 104:8
  165. Hümezeh 104:9
  166. Fil 105:1
  167. Fil 105:2
  168. Fil 105:3
  169. Fil 105:4
  170. Fil 105:5
  171. Kureyş 106:1
  172. Kureyş 106:2
  173. Kureyş 106:3
  174. Kureyş 106:4
  175. Mâûn 107:1
  176. Mâûn 107:2
  177. Mâûn 107:3
  178. Mâûn 107:4
  179. Mâûn 107:5
  180. Mâûn 107:6
  181. Mâûn 107:7
  182. Kevser 108:1
  183. Kevser 108:2
  184. Kevser 108:3
  185. Kâfirun 109:1
  186. Kâfirun 109:2
  187. Kâfirun 109:3
  188. Kâfirun 109:4
  189. Kâfirun 109:5
  190. Kâfirun 109:6
  191. Nasr 110:1
  192. Nasr 110:2
  193. Nasr 110:3
  194. Tebbet 111:1
  195. Tebbet 111:2
  196. Tebbet 111:3
  197. Tebbet 111:4
  198. Tebbet 111:5
  199. İhlas 112:1
  200. İhlas 112:2
  201. İhlas 112:3
  202. İhlas 112:4
  203. Felak 113:1
  204. Felak 113:2
  205. Felak 113:3
  206. Felak 113:4
  207. Felak 113:5
  208. Nas 114:1
  209. Nas 114:2
  210. Nas 114:3
  211. Nas 114:4
  212. Nas 114:5
  213. Nas 114:6

Beled 90:1

আল্লাহ তাআলাই সন্মানিত মক্কা নগৰৰ শপত কৰিছে।

Beled 90:2

আৰু হে ৰাছুল! আপোনাৰ বাবে এই নগৰত হত্যাকাৰীক হত্যা কৰা আৰু গ্ৰেফতাৰ কৰিবলগীয়া ব্যক্তিক গ্ৰেফতাৰ কৰিবলৈ বৈধ কৰা হৈছে।

Beled 90:3

আল্লাহে মানৱ জাতিৰ পিতা আৰু তাৰ বংশৰ পৰা জন্ম লাভ কৰা সন্তানৰ শপত কৰিছে।

Beled 90:4

আমি মানুহক ক্লান্ত আৰু কঠিনতাৰে আৱদ্ধ কৰি সৃষ্টি কৰিছো। সেয়ে সিহঁতে পৃথিৱীত সদায় কঠিনতাৰ সন্মুখীন হৈ থাকে।

Beled 90:5

মানুহে ভাৱিছে নেকি যে, যদি সিহঁতে পাপ কৰে তেন্তে তাৰ ওপৰত কোনো ক্ষমতা নচলিব আৰু কোনেও তাক শাস্তি প্ৰদান নকৰিব, যদিও তাৰ প্ৰতিপালক হয়, যিজনে তাক সৃষ্টি কৰিছে?

Beled 90:6

সি কয় যে, মই বহুতো ধন খৰচ কৰিছোঁ, ইখনৰ পিছত ইখন।

Beled 90:7

খৰচ কৰাৰ ক্ষেত্ৰত গৰ্বকাৰী ব্যক্তিয়ে ভাবিছে নেকি যে, আল্লাহ তাআলাই তাক দেখা নাই, আৰু সি ভাৱিছে নেকি যে, তাৰ সম্পদৰ হিচাপ লোৱা নহব, সেয়া কৰ পৰা অৰ্জন কৰিছে আৰু কত খৰচ কৰিছে?

Beled 90:8

দেখিবলৈ আমি তাক দুটা চকু দিয়া নাইনে?

Beled 90:9

আৰু কথা কবলৈ এখন জিভা আৰু দুটা ওঠঁ দিয়া নাইনে?

Beled 90:10

আৰু আমি তাক সত্য আৰু অসত্য পথৰ পৰিচয় দিয়া নাইনে?

Beled 90:11

সি এই কথাৰ অপেক্ষাত আছে যে, সেই দুৰ্গম গিৰিপথ পাৰ কৰিব যিটো তাক জান্নাতৰ পৰা পৃথক কৰে।

Beled 90:12

আৰু হে ৰাছুল! আপোনাক কিহে জনাব যে, দুৰ্গম গিৰিপথ কি যিটো সি জান্নাতত প্ৰৱেশ কৰিবলৈ পাৰ হব লাগিব?

Beled 90:13

সেয়া হৈছে দাসমুক্তি পুৰুষ হওঁক বা মহিলা।

Beled 90:14

এয়া এক এনেকুৱা দুৰ্ভিক্ষৰ দিন যেতিয়া খাদ্য পোৱা কঠিন হয়।

Beled 90:15

এনেকুৱা দৰিদ্ৰ শিশু, যিয়ে তাৰ পিতৃৰ ছাঁৰ পৰা বঞ্চিত হৈছে আৰু কিন্তু তাৰ আত্মীয় আছে।

Beled 90:16

অথবা এনেকুৱা দৰিদ্ৰ যিয়ে কোনো বস্তুৰ গৰাকী নহয়।

Beled 90:17

তাৰ পিছত সি এনেকুৱা লোকৰ অন্তৰ্ভুক্ত হব যিয়ে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু এজনে আনজক সত্কৰ্মৰ প্ৰতি অটুট থাকিবলৈ আৰু পাপ কামৰ পৰা বিৰত থাকিবলৈ আৰু বিপদৰ সময়ত ধৈৰ্য ধাৰণ কৰিবলৈ গুৰুত্ব প্ৰদান কৰে তথা এজনে আনজনক আল্লাহৰ বান্দাৰ প্ৰতি দয়া কৰিবলৈ গুৰুত্ব প্ৰদান কৰে।

Beled 90:18

এই বৈশিষ্ট্যসমূহৰ অধিকাৰী ব্যক্তি সকলেই সোঁ ফালৰ গৰাকী।

Beled 90:19

আৰু যিসকলে ৰাছুলৰ প্ৰতি অৱতীৰ্ণ আয়াতবোৰ অস্বীকাৰ কৰে সিহঁতেই বাওঁ হাতৰ গৰাকী।

Beled 90:20

এনেকুৱা লোকেই আৱদ্ধ অগ্নিৰে পৰিবেষ্টিত হব, যাৰ শাস্তি কেৱল সিহঁতকেই দিয়া হব।

Şems 91:1

আল্লাহ তাআলাই সূৰ্যৰ আৰু পূৰ্ব দিশত উদয় হোৱা সময়ৰ শপত কৰিছে।

Şems 91:2

আৰু চন্দ্ৰৰ শপত কৰিছে যেতিয়া ই সূৰ্যৰ পিছত আবিৰ্ভাৱ হয়।

Şems 91:3

আৰু দিনৰ শপত কৰিছে যেতিয়া ই তাৰ পোহৰেৰে পৃথিৱীৰ সকলো বস্তু আলোকিত কৰে।

Şems 91:4

আৰু ৰাতিৰ শপত কৰিছে যেতিয়া ই পৃথিৱীত সম্প্ৰসাৰিত হয়, ফলত পৃথিৱী অন্ধকাৰাচ্ছন্ন হৈ পৰে।

Şems 91:5

আৰু আকাশ তথা ইয়াৰ মজবুত নিৰ্মাণৰ শপত কৰিছে।

Şems 91:6

আৰু পৃথিৱী তথা ইয়াৰ প্ৰসাৰতাৰ শপত কৰিছে যাতে ইয়াৰ ওপৰত মানুহে থাকিব পাৰে।

Şems 91:7

আৰু প্ৰত্যেক জীৱৰেই শপত কৰিছে তথা আল্লাহৰ মখলুকৰ সঠিক সৃজনৰ শপত কৰিছে।

Şems 91:8

আৰু তাক বিনা শিক্ষাই বুজাই দিছে যে, কোনটো বেয়া, যাৰ পৰা বিৰত থাকিব লাগিব আৰু কোনটো ভাল যিটো কৰিব লাগিব।

Şems 91:9

সেই ব্যক্তি সফল হৈছে যিয়ে তাৰ আত্মাক সদাচাৰেৰে অলংকৃত কৰিছে আৰু দূৰাচাৰৰ পৰা বিৰত থাকি পৱিত্ৰ ৰাখিছে।

Şems 91:10

আৰু সেই ব্যক্তি ক্ষতিগ্ৰস্থ হৈছে যিয়ে নিজকে অবাধ্যতা আৰু পাপ কৰ্মৰ জৰিয়তে নিজকে কুলষিত কৰিছে।

Şems 91:11

ছামুদ সম্প্ৰদায়ে অবাধ্যতা আৰু পাপ কৰ্মৰ ক্ষেত্ৰত সীমালংঘন কৰাৰ কাৰণে সিহঁতৰ নবী ছলেহ আলাইহিছ ছালামক অস্বীকাৰ কৰিছিল।

Şems 91:12

যেতিয়া সিহঁতৰ সৱাতোকৈ হতভাগ্য ব্যক্তিয়ে তাৰ সম্প্ৰদায়ে কোৱাত তত্পৰ হৈ উঠিল।

Şems 91:13

তেতিয়া আল্লাহৰ ৰাছুল ছলেহ আলাইহিছ ছালামে সিহঁতক কলেঃ আল্লাহৰ উটজনীক স্বাধীন থাকিবলৈ দিয়া আৰু তাৰ পালৰ দিনা পানী পান কৰিবলৈ দিয়া। তাইক কোনো কষ্ট নিদিবা।

Şems 91:14

সিহঁতে উটজনীৰ ক্ষেত্ৰত সিহঁতৰ ৰাছুলক অস্বীকাৰ কৰিছিল আৰু সিহঁতৰ এজন হতভাগ্য ব্যক্তিয়ে সিহঁতৰ সহমতত উটজনীক হত্যা কৰিছিল। যিহেতু এই পাপত সকলোৱে লিপ্ত আছিল। গতিকে আল্লাহ তাআলাই সিহঁত সকলোৰে প্ৰতি শাস্তি প্ৰেৰণ কৰিছিল আৰু সিহঁতক সিহঁতৰ পাপৰ নিমিত্তে এক তীব্ৰ শব্দৰ জৰিয়তে ধ্বংস কৰি দিছিল আৰু শাস্তিৰ ক্ষেত্ৰত সকলোকে সমপৰ্যায়ত ৰাখিছিল।

Şems 91:15

আল্লাহে সিহঁতক শাস্তি প্ৰেৰণ কৰি ধ্বংস কৰি দিছিল, ইয়াৰ পৰিণাম ভয় নকৰাকৈ।

Leyl 92:1

আল্লাহ তাআলাই ৰাতিৰ শপত কৰিছে, যেতিয়া ই তাৰ অন্ধাকাৰৰ জৰিয়তে আকাশ আৰু পৃথিৱীৰ মাজত সকলো বস্তুক আৱৰি ধৰে।

Leyl 92:2

আৰু দিনৰ শপত কৰিছে, যেতিয়া ই প্ৰকাশ হয় আৰু স্পষ্ট হয়।

Leyl 92:3

আৰু তেওঁৰ সৃষ্টিৰ দুটা প্ৰকাৰৰ শপত কৰিছে, মতা- মাইকিৰ।

Leyl 92:4

হে মানৱ, নিশ্চয় তোমালোকৰ প্ৰয়াস বেলেগ বেলেগ প্ৰকাৰৰ। কিছুমান সৎ প্ৰয়াস, যিবোৰ জান্নাতত প্ৰৱেশ কৰাৰ মাধ্যম আৰু কিছুমান অসৎ প্ৰয়াস, যিবোৰ জাহান্নামত প্ৰৱেশ কৰাৰ মাধ্যম।

Leyl 92:5

এতেকে যিয়ে য'ত খৰচ কৰা জৰুৰীভাৱে, সি তাত খৰচ কৰিছে যেনে- যাকাত, আহাৰ- ভোজন, আৰু কাফফাৰা আদি। আৰু আল্লাহ তাআলাই যাৰ পৰা বিৰত থাকিবলৈ কৈছে, তাৰ পৰা দূৰত্ব অৱলম্বন কৰিছে।

Leyl 92:6

আৰু আল্লাহ তাআলাই পৰিণামৰ যি প্ৰতিশ্ৰুতি কৰিছে সেয়া পূৰ্ণ কৰিছে।

Leyl 92:7

আমি তাৰ বাবে সত্কৰ্ম কৰাৰ আৰু আল্লাহৰ পথত খৰচ কৰা সহজ কৰি দিম।

Leyl 92:8

আৰু সেই ব্যক্তি যিয়ে তাৰ সম্পদ ব্যয় কৰাৰ ক্ষেত্ৰত কৃপণালী কৰে আৰু জৰুৰী কামত খৰচ নকৰে আৰু ধন-সম্পদৰ লালসাত আল্লাহক অৱহেলা কৰে আৰু আল্লাহৰ পৰা তাৰ কৰুণা বিচৰা নাই।

Leyl 92:9

আৰু আল্লাহ তাআলাই তাৰ পথত ধন খৰচ কৰাৰ প্ৰতি যি পৰিণাম প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে তাক অস্বীকাৰ কৰিছে।

Leyl 92:10

তেন্তে আমি তাৰ বাবে বেয়া কাম সহজ কৰি দিম আৰু ভাল কাম কৰা জটিল কৰি দিম।

Leyl 92:11

যেতিয়া সি ধ্বংস হব আৰু জাহান্নামত প্ৰৱেশ কৰিব তেতিয়া তাৰ ধন-সম্পদ তাৰ কোনো কামত নাহিব, যাক সি কৃপণালি কৰি জমা কৰি ৰাখিছিল।

Leyl 92:12

কেৱল সত্য আৰু মিথ্যাৰ পথ পৰিচয় কৰাই দিয়াই আমাৰ দায়িত্ব।

Leyl 92:13

পাৰ্থিৱ আৰু পৰকালৰ জীৱন আমাৰ হাতত। আমি উভয়ৰ মাজত যি বিচাৰো পৰিৱৰ্তন কৰোঁ। আৰু এয়া আমাৰ অবিহনে আন কাৰো জৰিয়তে হব নোৱাৰে।

Leyl 92:14

হে মানৱ, যদি তোমালোকে আল্লাহক অৱজ্ঞা কৰা তেন্তে আমি তোমালোকক উত্তপ্ত জুইৰ পৰা সতৰ্ক কৰি দিছো।

Leyl 92:15

যাৰ ভিতৰত কেৱল হতভাগ্য ব্যক্তিহে জ্বলিব অৰ্থাৎ কাফিৰ ব্যক্তি।

Leyl 92:16

যিয়ে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে আনা সংবাদ অস্বীকাৰ কৰিছে আৰু আল্লাহৰ আজ্ঞা পালনৰ পৰা মুখ ঘূৰাই ফুৰিছে।

Leyl 92:17

আৰু ইয়াৰ পৰা পৰম মুত্তাক্বী ব্যক্তিক অৰ্থাৎ আবু বকৰ চিদ্দীক ৰাদ্বিয়াল্লাহু আনহুক বচাই লোৱা হব।

Leyl 92:18

যিয়ে তাৰ ধন সৎ পথত পাপৰ পৰা পবিত্ৰ হবলৈ দান কৰে।

Leyl 92:19

আৰু তেওঁ তাৰ ধন-সম্পদ এই কাৰণে ব্যয় নকৰে যে তাৰ প্ৰতি কাৰো অনুগ্ৰহ আছে, যাক আদায় কৰি আছে।

Leyl 92:20

তেওঁ যি ধন ব্যয় কৰে ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে, তেওঁৰ প্ৰতিপালকৰ সন্তুষ্টি লাভ কৰা, যিজন নিজ সৃষ্টিতকৈ বহু ঊৰ্দ্ধত।

Leyl 92:21

আৰু তেওঁ নিশ্চয় সেই প্ৰচুৰ পৰিণামৰ প্ৰতি সন্তুষ্ট হৈ যাব, যিবোৰ আল্লাহ তাআলাই তেওঁক দান কৰিব।

Duhâ 93:1

আল্লাহ তাআলাই দিনৰ প্ৰথম ভাগৰ শপত কৰিছে।

Duhâ 93:2

আৰু ৰাতিৰ শপত কৰিছে, যেতিয়া ই পৃথিৱীক অন্ধকাৰচ্ছন্ন কৰে আৰু মানুহে কাম-কাজ এৰি দিয়ে।

Duhâ 93:3

হে ৰাছুল, আপোনাৰ প্ৰতিপালকে আপোনাক পৰিত্যাগ কৰা নাই আৰু আপোনাৰ প্ৰতি অসন্তুষ্ট বা খঙও কৰা নাই। যিদৰে অহীৰ ধাৰাবাহিকতা কিছু দিনৰ বাবে বন্ধ হোৱাত মুশ্বৰিক সকলে কৈছিল।

Duhâ 93:4

আৰু আপোনাৰ বাবে পৰকালৰ ঘৰ পৃথিৱীতকৈ উত্তম। কিয়নো এনেকুৱা অনুগ্ৰহ যিটো কেতিয়াও শেষ নহয়।

Duhâ 93:5

আৰু আল্লাহে আপোনাক তথা আপোনাৰ সম্প্ৰদায়ক প্ৰচুৰ পৰিমাণে অনূগ্ৰহ প্ৰদান কৰিব যে, আপুনি সন্তুষ্ট হৈ যাব।

Duhâ 93:6

নিশ্চয় তেওঁ আপোনাক এতিম অৱস্থাত পাইছিল, তেতিয়া আপোনাক নিৰাপদ স্থান প্ৰদান কৰিছিল। সেয়েহে আপোনাৰ প্ৰতি আপোনাৰ আজোককা আব্দুল মুত্তালিবৰ ছাঁ, তাৰ পিছত আপোনাৰ খুড়া আবু তালিবৰ ছাঁ প্ৰদান কৰিছিল।

Duhâ 93:7

আৰু আপোনাক এনেকুৱা অৱস্থাত পাইছিল যে, আপুনি কিতাপ আৰু ঈমান সম্পৰ্কে অৱগত নাছিল। সেয়েহে আপোনাক সেইবোৰ কথা শিকাই দিছে যিবোৰ আপুনি জনা নাছিল।

Duhâ 93:8

আৰু আপোনাক দুখীয়া পাইছিল, তাৰ পিছত তেৱেঁই আপোনাক ধনী বনাই দিছে।

Duhâ 93:9

এতেকে কোনো এতিমৰ লগত দূৰ্ব্যৱহাৰ আৰু অপমান নকৰিব।

Duhâ 93:10

আৰু কোনো ভিখাৰীক ধমক নিদিব।

Duhâ 93:11

আল্লাহৰ অনুগ্ৰহৰ কৃতজ্ঞতা পালন কৰিব আৰু তাক বৰ্ণনা কৰিব।

İnşirah 94:1

নিশ্চয় আমি আপোনাৰ বাবে আপোনাৰ বুকু প্ৰশস্ত কৰি দিছোঁ আৰু অহী গ্ৰহণক আপোনাৰ বাবে প্ৰিয় বনাই দিছোঁ।

İnşirah 94:2

আমি আপোনাৰ পূৰ্বৱৰ্তী গুনাহসমূহ ক্ষমা কৰি দিছোঁ, আৰু আপোনাৰ পৰা জাহিলি যুগৰ জটিতাবোৰ আঁতৰাই দিছোঁ।

İnşirah 94:3

যিয়ে বোজাই আপোনাক ইমান ক্লান্ত কৰিছিল যে, যেনিবা আপোনাৰ পিঠি ভাঙি যাব।

İnşirah 94:4

আৰু আমি আপোনাৰ স্মৰণক সমুন্নত কৰিছো। বৰং আজান, ইক্বামত আৰু অন্য স্থানবোৰতো আপোনাক স্মৰণ কৰা হয়।

İnşirah 94:5

নিশ্চয় কঠিন পৰিস্থিতি আৰু সংকীৰ্ণতাৰ পিছতেই আছে সৰলতা আৰু প্ৰশস্ততা।

İnşirah 94:6

নিশ্চয় কঠিন পৰিস্থিতি আৰু সংকীৰ্ণতাৰ পিছতেই আছে সৰলতা আৰু প্ৰশস্ততা। যিহেতু আপুনি এই কথা গম পাইছে, এতেকে আপোনাৰ জাতিৰ দ্বাৰা দিয়া কষ্টৰ প্ৰতি আপুনি ভাগি পৰা উচিত নহয়। আৰু দাৱাতৰ ক্ষেত্ৰতো এই চিন্তা বাধা হৈ থিয় দিয়াটো উচিত নহয়।

İnşirah 94:7

যেতিয়া আপুনি আপোনাৰ কামৰ পৰা অৱসৰ পায় আৰু তাক চিজিল কৰি লয়, তেতিয়া আপোনাৰ প্ৰতিপালকৰ ইবাদতত গভীৰ ভাৱে নিৱদ্ধ হওক।

İnşirah 94:8

আৰু আপোনাৰ সম্পূৰ্ণ ধ্যান আৰু মনোযাগ আপোনাৰ প্ৰতিপালকৰ ফালে কেন্দ্ৰিত কৰিব।

Tin 95:1

আল্লাহে তীন আৰু তাৰ উত্পত্তি স্থানৰ শপত কৰিছে লগতে যায়তুন তথা ফিলিস্তিনৰ ভূমি, য'ত ঈছা আলাইহিছ ছালামক প্ৰৰণ কৰা হৈছিল।

Tin 95:2

আৰু চিনাই পৰ্বতৰ শপত কৰিছে, যাৰ ওচৰত আল্লাহৰ নবী মুছা আলাইহিছ ছালামৰ লগত কথাপোকথন হৈছিল।

Tin 95:3

আৰু সন্মানিত নগৰ মক্কাৰ শপত কৰিছে, য'ত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰেৰণ কৰা হৈছিল আৰু যত প্ৰৱেশ কৰিলে মানুহে নিৰাপত্তা অনুভৱ কৰে।

Tin 95:4

আমি মানুহক সৱাতোকৈ সন্তুলিত সংৰচনাৰ সৈতে আৰু সৱাতোকৈ উত্তম ৰূপত সৃষ্টি কৰিছো।

Tin 95:5

তাৰ পিছত আমি তাক পৃথিৱীত বৃদ্ধ আৰু অক্ষমতাৰ বসয়লৈ ওভতাই দিওঁ। গতিকে সিহঁতে নিজৰ শৰীৰৰ পৰা উপকৃত হব নোৱাৰে। যিদৰে সেই সময়ত উপকৃত হব নোৱাৰে যেতিয়া তাৰ ফিতৰত প্ৰকৃতি বিনষ্ট হৈ যাব আৰু জাহান্নামত প্ৰৱেশ কৰিব লাগিব।

Tin 95:6

কিন্তু যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে তেওঁলোকে যদিও বৃদ্ধ হৈ যায় তেওঁলোকৰ বাবে নিৰবিচ্ছিন্ন প্ৰতিদান আছে। অৰ্থাৎ জান্নাত আছে। কিয়নো তেওঁলোকে নিজৰ ফিতৰতক পৱিত্ৰ কৰি লৈছে।

Tin 95:7

হে মানৱ, তোমাক কোনটো বস্তুৱে পৰিণামৰ দিনক অস্বীকাৰ কৰিবলৈ উদগনি দিয়ে। যিহেতু তুমি তাৰ ক্ষমতাৰ বহুতো নিদৰ্শন দেখিছা?

Tin 95:8

আল্লাহে ক্বিয়ামতৰ দিনক পৰিণামৰ দিন বনোৱাৰ ক্ষেত্ৰত আটাইতকৈ মহান বিচাৰক আৰু আটাইতকৈ ন্যায়পৰায়ণ নহয়নে? এইটো বুজা ঠিক হব নেকি যে, আল্লাহে তেওঁৰ বান্দাসকলক সিহঁতৰ মাজত বিচাৰ নকৰাকৈ এনেই এৰি দিব আৰু ভাল কৰ্মীক তাৰ ভাল কাৰ্য আৰু বেয়া কৰ্মীক তাৰ বেয়া কৰ্মৰ পৰিণাম দিয়া নহবনে?

Alak 96:1

হে ৰাছুল, আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি যি প্ৰত্যাদেশ প্ৰেৰণ কৰে সেয়া পঢ়ক। আপোনাৰ সেই প্ৰতিপালকৰ নামৰ সৈতে আৰম্ভ কৰক যিজনে সকলো সৃষ্টিকে সৃজন কৰিছে।

Alak 96:2

যিয়ে মানুহক এক ৰক্তপিণ্ডৰ পৰা সৃষ্টি কৰিছে, যিটো প্ৰথমতে পানীৰ টোপাল আছিল।

Alak 96:3

হে ৰাছুল, আপোনাৰ প্ৰতিপালকে আপোনাৰ প্ৰতি যি প্ৰত্যাদেশ প্ৰেৰণ কৰে সেয়া পঢ়ক। আৰু আপোনাৰ প্ৰতিপালক অতি দয়ালু। যাৰ দয়াৰ আগত কাৰো দয়াৰ তুলনা নাই। তেওঁ বহুত দাতা আৰু উপকাৰকাৰী।

Alak 96:4

যিয়ে কলমৰ দ্বাৰা লিখা-মেলা কৰা শিকাইছে।

Alak 96:5

মানুহে যি জনা নাছিল সেয়া তেৱেঁই শিকাইছে।

Alak 96:6

সত্য কথা হৈছে এই যে, দুষ্ট মানুহ যেনে- আবু জাহাল, আল্লাহ তাআলাৰ অবাধ্যতা কৰি তেওঁৰ সীমালংঘন কৰে।

Alak 96:7

তাৰ ওচৰত ধন-সম্পত্তি আছে কাৰণে সি নিজকে স্বনিৰ্ভৰশীল বুলি ভাৱে।

Alak 96:8

হে মানৱ, নিশ্চয় ক্বিয়ামতৰ দিনা তোমাৰ প্ৰতিপালকৰ ফালে ওভতিব লাগিব। যত তেওঁ প্ৰত্যেক ব্যক্তিকেই তাৰ প্ৰতিদান দিব, যাৰ সি অধিকাৰী।

Alak 96:9

আপুনি আবু জাহালৰ ঘটনাৰ পৰা কিবা আশ্চৰ্যজনক দেখিছে নেকি, যিয়ে বাধা দিয়ে।

Alak 96:10

আমাৰ বান্দা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক যেতিয়া তেওঁ কাবাৰ ওচৰত ছালাত আদায় কৰে।

Alak 96:11

চোৱাচোন! যি ব্যক্তিক প্ৰতিৰোধ কৰা হৈ আছে, তেওঁ যদি নিজ প্ৰতিপালকৰ হিদায়তৰ ওপৰত থাকে (তেন্তে তোমালোকে কৰা বিৰোধিতাৰ কি লাভ?

Alak 96:12

অথবা মানুহক আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁ নিষেধ কৰা বস্তুসমূহৰ পৰা বিৰত ৰাখি, কেৱল তেওঁকেই ভয় কৰাৰ আদেশ দিয়ে, এনেকুৱা ব্যক্তিক প্ৰতিৰোধ কৰা উচিত নে?

Alak 96:13

আপোনাৰ কি ধাৰণা, যদি এই প্ৰতিৰোধকাৰী ব্যক্তিয়ে, ৰাছুলে আনা সংবাদৰ অস্বীকাৰ কৰে আৰু তাৰ পৰা মুখ ঘূৰাই লয়। সি আল্লাহক ভয় নকৰে নে?

Alak 96:14

এই বান্দাক ছালাত আদায় কৰিবলৈ বাধা প্ৰদান কৰা ব্যক্তিয়ে জানেনে যে, সি যি কৰি আছে, আল্লাহে সেয়া দেখি আছে। তাৰ পৰা কোনো কৰ্ম লোকাই নাথাকে?

Alak 96:15

ঘটনা তেনে নহয় যিদৰে এই মূৰ্খই ভাবিছে। যদি সি আমাৰ বান্দাক কষ্ট দিয়ে আৰু তেওঁক অস্বীকাৰ কৰাৰ পৰা বিৰত নাথাকে তেন্তে আমি তাৰ আগচুলি ধৰি চোঁচৰাই জাহান্নামত প্ৰৱেশ কৰাম।

Alak 96:16

সেই আগচুলিৰ গৰাকীজনে কথা কলে, মিছা মাতে আৰু কৰ্ম কৰিলে পাপ কৰে।

Alak 96:17

যেতিয়া তাৰ আগচুলি ধৰি অগ্নিৰ ফালে টনা হব তেতিয়া নিজৰ লগৰীয়া আৰু লগত বহা সকলক মাতিব আৰু শাস্তিৰ পৰা পৰিত্ৰাণ পাবলৈ সিহঁতৰ সহায় বিচাৰিব।

Alak 96:18

আমিও জাহান্নামৰ শক্তিশালী ফিৰিস্তাসকলক আহ্বান কৰিম, যিসকলে আল্লাহৰ আদেশ লংঘন নকৰে আৰু যি কৰাৰ আদেশ পায় তাকেই কৰে। গতিকে সিহঁতে দেখা উচিত যে, উভয় পক্ষৰ কোন পক্ষই অধিক শক্তিশালী আৰু ক্ষমতাশালী।

Alak 96:19

ঘটনা তেনেকুৱা নহয় যিদৰে অত্যাচাৰী সকলে ভাৱিছে যে, আপোনাক ক্ষতি কৰাত সফল হৈ যাব। আপুনি তাৰ কোনো আদেশ আৰু নিষেধ নামানিব। আল্লাহক ছাজদাহ কৰক আৰু ইবাদতৰ জৰিয়তে আল্লাহৰ নৈকট্য লাভ কৰক। কিয়নো ইবাদতৰ জৰিয়তে আল্লাহৰ নৈকট্য লাভ কৰা যায়।

Kadr 97:1

নিশ্চয় আমি কোৰআনখন এবাৰতে পৃথিৱীৰ আকাশত অৱতীৰ্ণ কৰিছো, যিদৰে ৰমজান মাহৰ সন্মানিত ৰাতিত (লাইলাতুল ক্বদৰত) নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কৰা আৰম্ভ কৰিছোঁ।

Kadr 97:2

হে নবী, আপুনি জানে নে এই ৰাতিত কিমান মঙ্গল আৰু বৰকত আছে।

Kadr 97:3

এয়া সৰ্বোত্তম মঙ্গল ৰাতি। কিয়নো এয়া ঈমান আৰু পূণ্য প্ৰাপ্তৰ উদ্দেশ্যে ৰাতি জাগৰণ কাৰীৰ বাবে এক হাজাৰ মাহৰ ৰাতিতকৈও উত্তম।

Kadr 97:4

সেই ৰাতিত ফিৰিস্তাসকল আৰু জিব্ৰীল আলাইহিছ ছালামে তেওঁলোকৰ প্ৰতিপালকৰ আদেশমৰ্মে সেই বছৰত আল্লাহ তাআলাই লোৱা সকলো নিৰ্ণয়ৰ সৈতে অৱতীৰ্ণ হয়। যদিও সেই নিৰ্ণয় জীৱিকা, মৃত্যু, জন্ম সম্পৰ্কীয় নহওঁক কিয়।

Kadr 97:5

এই বৰকতময় ৰাতি পৰিপূৰ্ণভাৱে কল্যাণকৰ, এই কল্যাণ, আৰম্ভৰ পৰা অন্তলৈ অৰ্থাৎ ফজৰ লৈকে থাকে।

Beyyine 98:1

স্পষ্ট আৰু পৰিপূৰ্ণ প্ৰমাণ নহালৈকে ইহুদী, খৃষ্টান আৰু মুশ্বৰিকসকলে কুফুৰীৰ প্ৰতি নিজৰ ঐক্যতাৰ পৰা বিৰত থকা নাছিল।

Beyyine 98:2

এইটো স্পষ্ট প্ৰমাণ আৰু মুক্ত তথা পৰিপূৰ্ণ প্ৰমাণ যে, আল্লাহৰ প্ৰেৰিত এজন ৰাছুল পৱিত্ৰ ছহিফা বা পত্ৰবোৰ পঢ়ি শুনাব, যাক কেৱল আল্লাহৰ পৱিত্ৰ বান্দাইহে স্পৰ্শ কৰে।

Beyyine 98:3

যি ছহিফাবোৰত সত্য খবৰ আৰু উচিত আদেশ থাকে, যিয়ে মানুহক সেই পথ প্ৰদৰ্শন কৰে যাৰ ভিতৰত তেওঁলোকৰ সংশোধন আৰু হিদায়ত থাকে।

Beyyine 98:4

আৰু ইহুদী, যিহঁতক তাওৰাত দিয়া হৈছিল। আৰু খৃষ্টান, যিহঁতক ইঞ্জিল দিয়া হৈছিল। ইয়াৰ পিছতো সিহঁতৰ মাজত বিভেদ সৃষ্টি হৈছিল যে, সিহঁতলৈ আল্লাহৰ ৰাছুল আহিছে। গতিকে কিছুমান লোকে ঈমান আনিছে আৰু কিছুমানে নবীৰ সত্যতাৰ বিষয়ে অৱগত হোৱাৰ পিছতো কুফুৰীৰ পথত পৰিচালিত হৈছিল।

Beyyine 98:5

ইহুদী আৰু খৃষ্টানসকলৰ অপৰাধ আৰু বিদ্বেষ এই কথাৰ পৰা স্পষ্ট হয় যে, সিহঁতক এই কোৰআনত সেইবোৰ কথাৰ আদেশ দিয়া হৈছে যিবোৰৰ আদেশ সিহঁতৰ উভয় কিতাপত দিয়া হৈছিল। যেনে- কেৱল এক আল্লাহৰ ইবাদত কৰা, শ্বিৰ্কৰ পৰা বিৰত থকা, ছালাত আদায় কৰা আৰু যাকাত প্ৰদান কৰা। সেয়েহে সিহঁতক যি আদেশ দিয়া হৈছিল, সেয়া প্ৰত্যক্ষ ধৰ্মৰ অংশ। যাৰ ভিতৰত কোনো বক্ৰতা নাই।

Beyyine 98:6

নিশ্চয় ( ইহুদী, খৃষ্টান আৰু মুশ্বৰিকসকলৰ পৰা) যিসকলে অস্বীকাৰ কৰিছে, সিহঁতে ক্বিয়ামতৰ দিনা জাহান্নামত প্ৰৱেশ কৰিব তাৰ ভিতৰত স্থায়ীভাৱে অৱস্থান কৰিব। কিয়নো সিহঁতে আল্লাহ আৰু তাৰ ৰাছুলক অস্বীকাৰ কৰিছে।

Beyyine 98:7

যিসকলে আল্লাহৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে, তেওঁলোকেই উত্তম সৃষ্টি।

Beyyine 98:8

তেওঁলোকৰ প্ৰতিদান তেওঁলোকৰ পৱিত্ৰ আৰু উচ্চ প্ৰতিপালকৰ ওচৰত আছে, এনেকুৱা জান্নাত যাৰ অট্টালিকা আৰু গছবোৰৰ তলত নদীসমূহ প্ৰবাহিত হব। তেওঁলোকে তাত চিৰকাল থাকিব। তেওঁলোকৰ ঈমান আৰু ইবাদতৰ কাৰণে আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট হব আৰু তেওঁলোকে আল্লাহৰ অসীম কৃপাৰ কাৰণে তাৰ প্ৰতি সন্তুষ্ট হব। যিয়ে তাৰ প্ৰতিপালকক ভয় কৰে আৰু তেওঁৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষিদ্ধ কথাৰ পৰা বিৰত থাকে।

Zilzal 99:1

যেতিয়া ক্বিয়ামতৰ দিনা পৃথৱীক অতি প্ৰবল ভাৱে কপোৱা হব।

Zilzal 99:2

আৰু যেতিয়া পৃথিৱীয়ে তাৰ ভিতৰত মজুত থকা মৃতসমূহ আৰু আন আন বস্তুবোৰক বাহিৰলৈ উলিয়াই দিব।

Zilzal 99:3

আৰু যেতিয়া মানুহে ক্লান্ত হৈ কব যে, পৃথিৱীৰনো কি হৈছে এনেদৰে যোৰে যোৰে কঁপি আছে কিয়?

Zilzal 99:4

সেই ভীষণ দিনত পৃথিৱীয়ে কৈ দিব যে, তাৰ ওপৰত কি কি ভাল- বেয়া কৰা হৈছে।

Zilzal 99:5

কিয়নো আল্লাহ তাআলাই ইয়াক ভালকৈ জানে আৰু তেৱেঁই ইয়াক আদেশ দিব।

Zilzal 99:6

সেই ভীষণ দিনত যেতিয়া পৃথিৱীক যোৰে যোৰে কপোৱা হব। মানুহ হিচাপ- নিকাচৰ স্থানৰ পৰা দলবদ্ধভাৱে ওলাব। যাতে পৃথিৱীত কৰা নিজ নিজ কৰ্মক দেখিব পাৰে।

Zilzal 99:7

গতিকে যিয়ে এটা সৰু পৰুৱা এটাৰ ওজনৰ সমান ভাল কৰ্ম কৰিছে, সেয়া সি নিজৰ সন্মুখত দেখিবলৈ পাব।

Zilzal 99:8

আনহাতে যিয়ে এটা পৰুৱাৰ ওজনৰ সমানো কু-কৰ্ম কৰিছে, সেইটোও সি নিজৰ সন্মুখত দেখিবলৈ পাব।

Adiyat 100:1

আল্লাহ তাআলাই সেই ঘোঁৰাৰ শপত কৰিছে, যাৰ তীব্ৰ দৌৰৰ কাৰণে তাৰ উশাহৰ শব্দ শুনা যায়।

Adiyat 100:2

আৰু সেই ঘোঁৰাৰ শপত কৰিছে, যি ঘোঁৰাই শিলৰ ওপৰত দৌৰাৰ ফলত তাৰ ক্ষুৰৰ আঘাতত ফিৰিঙতি ওলায়।

Adiyat 100:3

আৰু সেইবোৰ ঘোঁৰাৰ শপত কৰিছে, যিবোৰে প্ৰভাতকালত শত্ৰুৰ ওপৰত আক্ৰমণ কৰে।

Adiyat 100:4

আকৌ যিয়ে নিজ দৌৰৰ জৰিয়তে ধূলি উৰুৱাই।

Adiyat 100:5

আকৌ যিয়ে নিজ আৰোহীৰ সৈতে শত্ৰু দলৰ অভ্যন্তৰত সোমাই যায়।

Adiyat 100:6

বাস্তৱত মানুহে সেই পূণ্য কৰ্মৰ পৰা বহু দূৰত অৱস্থান কৰে যিটো তাৰ প্ৰতিপালকে তাৰ পৰা বিচাৰে।

Adiyat 100:7

আৰু সি পূণ্যৰ কামৰ পৰা পিছুৱাই থকাৰ বাবে সি নিজেই তাৰ সাক্ষী। আৰু এয়া ইমান স্পষ্ট কথা যে ইয়াৰ অস্বীকাৰ কৰিব নোৱাৰি।

Adiyat 100:8

আৰু সি ধনৰ প্ৰবল লোভত পৰিছে, এই বিষয়ে সি কৃপণালিও কৰে।

Adiyat 100:9

পাৰ্থিৱ জীৱনৰ প্ৰৱঞ্চনাত পৰা ব্যক্তিয়ে নাজানে নেকি, যেতিয়া আল্লাহে কবৰত থকা মৃত সকলক জীৱিত কৰিব আৰু তেওঁলোকক হিচাপ- নিকাচ আৰু পৰিণামৰ বাবে ভূমিৰ পৰা উত্থিত কৰিব। ঘটনা তেনে নহয় যিদৰে সিহঁতে ভাবিছে?

Adiyat 100:10

আৰু অন্তৰৰ মাজত যি নিয়ত আৰু আস্থা আছে তাক প্ৰকাশ কৰা হব,

Adiyat 100:11

নিশ্চয় সিহঁতৰ প্ৰতিপালক সিদিনাখন সম্পূৰ্ণ খবৰ ৰাখিব। আল্লাহৰ পৰা বান্দাৰ কোনো কথা লোকাই নাথাকিব আৰু আল্লাহে সিহঁতক তাৰ পৰিণাম দিব।

Karia 101:1

সেই ভয়াৱহ সময়, যিয়ে মানুহৰ অন্তৰক কম্পিত কৰিব।

Karia 101:2

মানুহৰ অন্তৰ কপোৱা সেই ভয়াৱহ সময়টোনো কি?

Karia 101:3

হে ৰাছুল আপোনাক কিহে জনাব যে অন্তৰ কপোৱা সেই সময় কি? নিশ্চিতৰূপে সেয়া হৈছে ক্বিয়ামতৰ সময়।

Karia 101:4

যিদিনাখন অন্তৰবোৰ ভীতিপ্ৰদ হব সেইদিনা মানুহ বিক্ষিপ্ত কীট- পতঙ্গৰ দৰে হব।

Karia 101:5

আৰু পৰ্বতবোৰ ধূনা ঊণৰ দৰে পাতল আৰু তীব্ৰ গতিত চলিবলৈ ধৰিব।

Karia 101:6

এতেকে যাৰ ভাল কৰ্ম, বেয়া কৰ্মতকৈ অধিক হব।

Karia 101:7

তেওঁ জান্নাতত মনে বিচৰা দৰে আনন্দ লাভ কৰিব।

Karia 101:8

আৰু যাৰ বেয়া কৰ্ম, ভাল কৰ্মতকৈ অধিক হব।

Karia 101:9

ফলত ক্বিয়ামতৰ দিনা তাৰ ঠিকনা আৰু স্থান হব জাহান্নাম।

Karia 101:10

হে ৰাছুল, আপুনি কি জানে সেইটো কি?

Karia 101:11

সেয়া হৈছে অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।

Tekâsür 102:1

হে মানৱ, তোমালোকৰ ধন, সন্তানৰ অহংকাৰে আল্লাহৰ ইবাদতৰ পৰা অমনোযোগী কৰি তুলিছে।

Tekâsür 102:2

যেতিয়ালৈকে তোমালোকৰ মৃত্যু নাহে আৰু কবৰত উপনীত নোহোৱা।

Tekâsür 102:3

ধন, সন্তানৰ গৌৰৱৰ কাৰণে আল্লাহৰ ইবাদতৰ পৰা তোমালোকে অমনোযোগী হব নালাগিছিল। তোমালোকে এই অমনোযোগীৰ পৰিণাম নিশ্চয় জানিবলৈ পাবা।

Tekâsür 102:4

তাৰ পিছত তুমি অতি সোনকালে ইয়াৰ পৰিণামৰ বিষয়ে অৱগত হবা।

Tekâsür 102:5

সত্য কথাটো হৈছে যদি তোমালোকে বিশ্বাস কৰিলাহেঁতেন যে, তোমালোকে পুনৰ জীৱিত হৈ আল্লাহৰ আগত থিয় হব লাগিব। আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ পৰিণাম দিব। তেন্তে ধন, সন্তানৰ গৌৰৱত তোমালোকে আল্লাহৰ প্ৰতি অমনোযোগী নহলাহেঁতেন।

Tekâsür 102:6

আল্লাহৰ শপত! তোমালোকে ক্বিয়ামতৰ দিনা জাহান্নাম অৱশ্যই দেখিবলৈ পাবা।

Tekâsür 102:7

আকৌ, তোমালোকে ইয়াক নিশ্চিতৰূপে দেখিবলৈ পাবা। ইয়াত কোনো সন্দেহ নাই।

Tekâsür 102:8

তাৰ পিছত সিদিনাখন আল্লাহে তোমালোকক স্বাস্থ্য আৰু ধন- সম্পত্তি আদি অনুগ্ৰহসমূহৰ বিষয়ে অৱশ্যই সোধ-পোচ কৰিব, যিবোৰ তেওঁ তোমালোকক দান কৰিছিল।

Asr 103:1

আল্লাহ তাআলাই আছৰৰ সময়ৰ শপত কৰিছে।

Asr 103:2

নিশ্চয় মানুহ ক্ষতি আৰু ধ্বংসৰ পথত লিপ্ত।

Asr 103:3

কিন্তু যিসকলে আল্লাহ আৰু ৰাছুলৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে আৰু এজনে আনজনক সত্যৰ উপদেশ দিয়ে আৰু পৰস্পৰক সত্য পথৰ প্ৰতি ধৈৰ্য ধাৰণ কৰিবলৈ উপদেশ দিয়ে। এতেকে এই বৈশিষ্ট্যৰ গৰাকীয়ে পৃথিৱী আৰু পৰকালৰ জীৱনত সফলতা লাভ কৰিব।

Hümezeh 104:1

বিনাশ আৰু কঠোৰ শাস্তি সেই সকল লোকৰ বাবে, যিসকলে মানুহৰ বহুত পৰিমাণে পৰচৰ্চা কৰে আৰু সিহঁতক গৰিহণা দি ফুৰে।

Hümezeh 104:2

যাৰ একমাত্ৰ উদ্দেশ্য হৈছে ধন জমা কৰা আৰু সেয়া বাৰে বাৰে গণনা কৰি ৰখা। ইয়াৰ বাহিৰে তাৰ আৰু আন কোনো উদ্দেশ্য নাই।

Hümezeh 104:3

সি ভাৱে যে, তাৰ ধন-সম্পদ, যিবোৰ সি জমা কৰিছে, সেইবোৰে তাক মৃত্যুৰ পৰা বচাব আৰু পৃথিৱীত অমৰ হৈ থাকিব।

Hümezeh 104:4

বিষয়টো তেনেকুৱা নহয় যিদৰে এই মূৰ্খই ভাবিছে। নিশ্চয় তাক জাহান্নামৰ জুইত নিক্ষেপ কৰা হব। যি জুয়ে তাৰ মাজত নিক্ষেপ কৰা সকলো বস্তুকে ধূলি কণা বনাই দিয়ে।

Hümezeh 104:5

হে ৰাছুল, আপোনাক কিহে জনাব যে সেই অগ্নি কি?

Hümezeh 104:6

সেয়া আল্লাহৰ অতি উত্তপ্ত অগ্নি।

Hümezeh 104:7

যিয়ে মানুহৰ শৰীৰ অতিক্ৰম কৰি তাৰ অন্তৰলৈ ঢুকি পাব।

Hümezeh 104:8

তাৰ ভিতৰত শাস্তি দিয়া ব্যক্তিসকলৰ কাৰণে সেইটো বন্ধ কৰি দিয়া হব।

Hümezeh 104:9

দীঘল দীঘল স্তম্ভৰ সৈতে, যাতে ওলাব নোৱাৰে।

Fil 105:1

হে ৰাছুল, আপুনি নাজানে নেকি আপোনাৰ প্ৰতিপালকে আবৰাহা আৰু তাৰ হাতী অধিপতি সৈন্যৰ সৈতে কি কৰিছিল, যেতিয়া সিহঁতে কাবা ঘৰ ভাঙিবলৈ সংকল্প কৰিছিল।

Fil 105:2

আল্লাহ তাআলাই সিহঁতৰ কাবা ধ্বংস কৰাৰ চক্ৰান্ত বিফল কৰি দিছিল। ফলত সিহঁতে মানুহক কাবাৰ পৰা বিমুখ কৰাৰ যি সংকল্প লৈছিল, তাত সিহঁতে সফলতা পোৱা নাছিল আৰু নিৰাশ হৈ উভতিছিল।

Fil 105:3

আৰু সিহঁতৰ প্ৰতি জাকে জাকে চৰাই পঠাইছিল।

Fil 105:4

যিবোৰে সিহঁতৰ ওপৰত টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল।

Fil 105:5

ফলত সিহঁতক সেই ভক্ষিত তৃণ সদৃশ কৰিছিল, যিবোৰ জন্তুয়ে খায় আৰু ভৰিৰে মোহাৰি চেপেটা কৰে।

Kureyş 106:1

কুৰাইশ্বৰ অভ্যাস আৰু নীতি বনাই লোৱাৰ কাৰণে।

Kureyş 106:2

শান্তিৰ সৈতে, শীতকালত ইয়ামানলৈ আৰু গ্ৰীষ্মকালত ছিৰিয়ালৈ ভ্ৰমণ।

Kureyş 106:3

সিহঁতে কেৱল সন্মানিত ঘৰৰ প্ৰতিপালক আল্লাহৰ ইবাদত কৰা উচিত। যিয়ে সিহঁতৰ বাবে এই ভ্ৰমণ দুটাক অতি সহজ কৰি দিছে, সিহঁতে তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন কৰিব নালাগে।

Kureyş 106:4

যিয়ে সিহঁতক ভোকৰ সময়ত খাদ্য খোওৱাইছে আৰু ভয়ৰ পৰা নিৰাপত্তা প্ৰদান কৰিছে। কিয়নো তেওঁ আৰববাসীৰ অন্তৰত কাবা ঘৰ আৰু তাৰ ওচৰে- পাজৰে থকা সকলক সন্মানিত কৰিছে।

Mâûn 107:1

আপুনি সেইজনক চিনি পায়নে, যিয়ে ক্বিয়ামতৰ দিনা ভাল- বেয়া পৰিণাম দিয়াক অস্বীকাৰ কৰে?

Mâûn 107:2

সি সেই ব্যক্তি যিয়ে প্ৰয়োজনৰ সময়ত উপস্থিত হোৱা অনাথক কঠোৰ ব্যৱহাৰ কৰি খেদি পঠিয়ায়।

Mâûn 107:3

আৰু ভিক্ষাৰীক খাদ্য খুৱাবলৈ নিজকে, আনকি বেলেগকো প্ৰেৰণা নিদিয়ে।

Mâûn 107:4

ধ্বংস আৰু শাস্তি সেইসকল নামাজীৰ বাবে, যিসকলে নিজৰ ছালাতত অমনোযোগী, অযথা মূল্যৱান সময় বিনষ্ট কৰে।

Mâûn 107:5

ধ্বংস আৰু শাস্তি সেইসকল নামাজীৰ বাবে, যিসকলে নিজৰ ছালাতত অমনোযোগী, অযথা মূল্যৱান সময় বিনষ্ট কৰে।

Mâûn 107:6

যিয়ে আনক দেখুৱাবলৈ ছালাত আদায় কৰে আৰু কৰ্ম কৰে। একনিষ্টভাৱে আল্লাহৰ বাবে কৰ্ম বা আমল নকৰে।

Mâûn 107:7

আৰু সেইবোৰ বস্তুৰ জৰিয়তে আনক সহযোগ কৰাত কুন্ঠাবোধ কৰে যাৰ দ্বাৰা সহযোগ কৰাত কোনো ক্ষতি নাই।

Kevser 108:1

হে ৰাছুল, আমি আপোনাক প্ৰচুৰ কল্যাণ প্ৰদান কৰিছো। তাৰ মাজৰ এটা অন্যতম হৈছে জান্নাতৰ নদী আল-কাউছাৰ।

Kevser 108:2

গতিকে এই অনুগ্ৰহ বা অৱদানৰ প্ৰতি আল্লাহৰ কৃতজ্ঞতা পালন কৰি কেৱল তাৰ বাবেই ছালাত আদায় কৰক আৰু কোৰবানী কৰক। যিহেতু সাধাৰণ মুশ্বৰিক সকলৰ অৱস্থা হৈছে সিহঁতৰ মূৰ্তিবোৰৰ বাবে কুৰবানী বা জন্তু বলিদান কৰি সিহঁতৰ নৈকট্য লাভ কৰাত উঠি পৰি লাগি থাকে।

Kevser 108:3

নিঃ সন্দেহে ৰাছুলৰ সৈতে বিদ্বেষ ৰখা ব্যক্তিয়েই সকলো প্ৰকাৰৰ কল্যাণৰ পৰা বঞ্চিত হব।

Kâfirun 109:1

হে ৰাছুল, কওক, হে আল্লাহক অস্বীকাৰকাৰী সকল!

Kâfirun 109:2

যিবোৰ মুৰ্ত্তিক তোমালোকে পূজা কৰা, সেইবোৰক মই বৰ্তমানো পূজা নকৰো আৰু ভৱিষ্যতেও নকৰো।

Kâfirun 109:3

আৰু তোমালোকেও তেওঁৰ ইবাদত নকৰা, যাৰ ইবাদত মই কৰো। আৰু সেইজন হৈছে একমাত্ৰ আল্লাহ।

Kâfirun 109:4

আৰু তোমালোকে যিবোৰ মূৰ্তিক পূজা কৰা, সেইবোৰৰ মই ইবাদতকাৰী নহয়।

Kâfirun 109:5

আৰু তোমালোকেও তেওঁৰ ইবাদত নকৰা, যাৰ ইবাদত মই কৰো। আৰু সেইজন হৈছে একমাত্ৰ আল্লাহ।

Kâfirun 109:6

তোমালোকৰ বাবে তোমালোকৰ ধৰ্ম, যিটো তোমালোকে মনগঢ়াভাৱে বনাই লৈছা আৰু মোৰ কাৰণে মোৰ ধৰ্ম, যিটো আল্লাহে মোৰ প্ৰতি অৱতীৰ্ণ কৰিছে।

Nasr 110:1

হে ৰাছুল! যেতিয়া আপোনাৰ দ্বীনৰ বাবে আল্লাহৰ সহায় আহি যাব, আৰু মক্কা বিজয় হৈ যাব।

Nasr 110:2

আৰু আপুনি মানুহক দলে দলে ইছলামত প্ৰৱেশ হোৱা দেখিব।

Nasr 110:3

তেন্তে আপুনি জানি লব যে এয়া সেই মিচনৰ সমাপ্তিৰ নিকটৱৰ্তীৰ ইংগিতহে। যাৰ সৈতে আপোনাক প্ৰেৰিত কৰা হৈছিল। আপুনি সহায় আৰু বিজয় প্ৰদানৰ প্ৰতি কৃতজ্ঞতা পালন স্বৰূপে আপোনাৰ প্ৰতিপালকৰ প্ৰসংশা আৰু পৱিত্ৰতা বৰ্ণনা কৰক। আৰু তাৰ পৰা ক্ষমা প্ৰৰ্থনা কৰক। নিশ্চয় তেওঁ তাওবা কবুলকাৰী আৰু ক্ষমাকাৰী।

Tebbet 111:1

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুড়া আবু লাহাব বিন আব্দুল মুত্তালিবৰ দুয়ো হাত ক্ষতিগ্ৰস্ত কাৰণ তাৰ আমল নিকৃষ্ট, আৰু তাৰ সকলো প্ৰচেষ্টা বিফল হৈছে। যেতিয়া সি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কষ্ট দিব বিচাৰিছিল।

Tebbet 111:2

ধন, সন্তান কোনো বস্তুই তাৰ কোনো উপকাৰত অহা নাই। আৰু শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাই। আৰু তাক দয়াৰ পাত্ৰও বনাব পৰা নাই।

Tebbet 111:3

সি অনতিপলমে ক্বিয়ামতৰ দিনা লেলিহান জুইত প্ৰৱেশ হব আৰু জ্বলি থাকিব।

Tebbet 111:4

আৰু তাৰ স্ত্ৰী উম্মে জামিলেও তাৰ ভিতৰত প্ৰৱেশ কৰিব। যিজনীয়ে আল্লাহৰ ৰাছুলক ৰাস্তাৰ মাজত কঁটা পাতি কষ্ট দিছিল।

Tebbet 111:5

তাইৰ ডিঙিত শক্তিশালী পকোৱা টান ৰছি থাকিব, যিটো তাইৰ ডিঙিত লগাই চোঁচৰাই অগ্নিৰ ফালে লৈ যোৱা হব।

İhlas 112:1

হে ৰাছুল, আপুনি কৈ দিয়ক, কেৱল একমাত্ৰ আল্লাহ তাআলাই ইবাদতৰ অধিকাৰী, তেওঁৰ বাহিৰে কোনো সত্য উপাস্য নাই।

İhlas 112:2

আল্লাহ হৈছে উচ্চ সত্ত্বা, পৰিপূৰ্ণ আৰু সৌন্দৰ্যৰ বিশেষণতাৰে বিশেষিত। যাৰ আগত সকলো সৃষ্টিয়ে নিজ নিজ প্ৰয়োজনবোৰ উত্থাপন কৰে।

İhlas 112:3

যিয়ে কাকো জন্ম দিয়া নাই আৰু তেৱোঁ কাৰো পৰা জন্ম লোৱা নাই। এতেকে সেই পৱিত্ৰ সত্ত্বা আল্লাহৰ কোনো সন্তান নাই আৰু পিতাও নাই।

İhlas 112:4

আৰু সৃষ্টিৰ মাজত তেওঁৰ সমপৰ্যায়ৰ কোনো নাই।

Felak 113:1

হে ৰাছুল , কৈ দিয়ক যে মই প্ৰভাতৰ প্ৰতিপালকক মজবুতকৈ ধৰোঁ আৰু তেওঁৰ আশ্ৰয় বিচাৰোঁ।

Felak 113:2

কষ্টদায়ক সৃষ্টিৰ অনিষ্টৰ পৰা।

Felak 113:3

আৰু মই আল্লাহৰ আশ্ৰয় বিচাৰো সেইবোৰ কষ্টদায়ক বস্তুৰ পৰা যিবোৰ ৰাতিত ওলায়। যেনে- কীট- পতংগ, চোৰ আদি।

Felak 113:4

আৰু আল্লাহৰ আশ্ৰয় বিচাৰিছো যাদুকৰ মহিলাৰ অনিষ্টৰ পৰা, যিসকলে গাঁঠিত ফুঁ দিয়ে।

Felak 113:5

আৰু আল্লাহৰ আশ্ৰয় বিচাৰো হিংসুকৰ অনিষ্টৰ পৰা যেতিয়া সি হিংসাৰ ভাৱনাৰে কোনো কাম কৰে।

Nas 114:1

হে ৰাছুল কৈ দিয়ক, মই মানুহৰ প্ৰতিপালকক মজবুতকৈ ধৰোঁ। আৰু তেওঁৰ আশ্ৰয় বিচাৰোঁ।

Nas 114:2

যিয়ে সকলো মানুহৰ অধিপতি। সিহঁতক যেনেকৈ বিচাৰে প্ৰয়োগ কৰে। তেওঁৰ বাহিৰে সিহঁতৰ কোনো অধিপতি নাই।

Nas 114:3

তেৱেঁই সিহঁতৰ সত্য উপাস্য। তেওঁৰ বাহিৰে সিহঁতৰ কোনো সত্য উপাস্য নাই।

Nas 114:4

চয়তানৰ অপৰাধৰ পৰা, যেতিয়াই মানুহে আল্লাহৰ যিকিৰৰ পৰা অমনোযোগী হয় তেতিয়াই সি মানুহৰ অন্তৰত কুমন্ত্ৰণা দিয়ে। আৰু যেতিয়াই আল্লাহৰ যিকিৰ কৰিবলৈ ধৰে তেতিয়া তেওঁৰ পৰা আঁতৰি যায়।

Nas 114:5

যিয়ে মানুহৰ অন্তৰত কুভাৱনা দিয়ে।

Nas 114:6

আৰু সি (চয়তান) মানুহ আৰু জীন জাতি উভয়ৰ পৰা হয়।